ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য | ইতিহাস | Chapter 5 | Class 10 Social Science Question and Answer | Assam Class 10 Social Science Solutions | SEBA Class 10 HSLC Social Science Chapter 5 Notes | SEBA Class 10 HSLC Social Science Chapter 5 Question and Answer | Questions and Answers for Class 10 Social Science Chapter 5 ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য | HSLC Social Science Questions and Answers Assam


ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য
(Cultural Heritage of India and North-East)

Very Short Type Questions and Answers (Marks : 1)

1. জিকিৰ আৰু জাৰি কোনে ৰচনা কৰিছিল?
উত্তৰঃ আজানপীৰ।

2. ‘চপছৰ কূট’ কোন ৰাজ্যৰ পৰম্পৰাগত উৎসৱ?
উত্তৰঃ মেঘালয়।

3. আজানপীৰ কোন?
উত্তৰঃ স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ অহা চুফী সাধক যিজনে জিকিৰ আৰু জাৰি ৰচনা কৰিছিল।

4. দ-পৰ্বতীয়াৰ শিলৰ তোৰণখন কেতিয়া নিৰ্মিত হৈছিল?
উত্তৰঃ খ্ৰীষ্টীয় ষষ্ঠ শতিকাত।

5. মিজো শব্দৰ অৰ্থ কি?
উত্তৰঃ ‘পাহাৰৰ বাসিন্দা’

6. চাংৰুং ফুকন কি দায়িত্বত ন্যস্ত আছিল?
উত্তৰঃ আহোম শাসন ব্যৱস্থাত মঠ-মন্দিৰ, ৰাস্তা-ঘাট, প্ৰাসাদ, ঘৰ-দুৱাৰ আদিৰ নিৰ্মান কাৰ্য জোখ-মাখ আদি চোৱা চিতা কৰিবলৈ।

7. অসমৰ প্ৰথম বাৰ্তালোচনীখনৰ নাম কি?
উত্তৰঃ অৰুণোদই।

8. নগালেণ্ডৰ ‘হৰ্ণবিল ‘ উৎসৱ কি জীৱৰ নামত উৎসৰ্গিত?
উত্তৰঃ ধনেশ পক্ষী।

9. উত্তৰ-পূৰ্বাঞ্চলৰ অষ্ট্ৰিক নৃ-গোষ্টীৰ অন্তৰ্ভূক্ত জনজাতিটো কি?
উত্তৰঃ মেঘালয়ৰ খাছীয়াসকল।

10. মণিপুৰী নৃত্য কি মূল বিষয়-বস্তুক আলম কৰি গঢ়ি উঠিছে?
উত্তৰঃ চৈতন্য মহাপ্ৰভুৰ শৈশৱ, কৃষ্ণলীলা আদিৰ আলম লৈ।

11. অসমৰ গদ্য সাহিত্যৰ সূচনা কোনে কৰিছিল?
উত্তৰঃ ভট্ৰদেৱে।

12. কি বড়োমূলীয় শব্দৰপৰা অসম নামটোৰ উৎপত্তি হোৱা বুলি অনুমান কৰা হয়?
উত্তৰঃ ‘ হা-চোম’।

13. সিন্ধু সভ্যতাৰ পূব সীমা গাংগেয় উপত্যকাৰ কোন ঠাইলৈ বিস্তৃত আছিল?
উত্তৰঃ মীৰাট পৰ্যন্ত।

14. ভাৰতৰ নাট্যশাস্ত্ৰত কিমানটা শ্লোক আছে?
উত্তৰঃ ৬০০০ টা শ্লোক আছে।

15. সিন্ধু সভ্যতাত নাগৰিক সংস্কৃতিৰ বিকাশ কেতিয়া হৈছিল?
উত্তৰঃ খ্ৰীষ্টপূৰ্ব চতুৰ্থ সহস্ৰাব্দত।

16. মাধৱ কন্দলিয়ে কাৰ পৃষ্ঠপোষতা লাভ কৰি সপ্তকাণ্ড ৰামায়ণ অনুবাদ কৰিছিল?
উত্তৰঃ বৰাহী ৰজা মহামাণিক্য আৰু আনকেইজন কমতা ৰাজ্যৰ ৰজাৰ।

17. ঋকবেদৰ আনুমানিক ৰচনা কাল কি?
উত্তৰঃ খ্ৰীষ্টপূৰ্ব ১৫০০ চন মানত।

18. চৰ্যাপদ মানে কি?
উত্তৰঃ খ্ৰীষ্টীয় দশম শতিকাৰ পৰা চতুৰ্দশ শতিকাৰ সময়ছোৱাৰ ভিতৰত অসমৰ যি লিখিত সাহিত্য আছে তাকে চৰ্যাপদ বোলে য’ত কেইটামান সহজযানপন্থীয় গীত আছে।

19. ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীকত থকা ‘সত্যমেৱ জয়তে’ এই বাক্যশাৰী মূলতঃ কোনখন গ্ৰন্থৰ পৰা লোৱা হৈছে?
উত্তৰঃ মুণ্ডক উপনিষদৰ পৰা।

20. উত্তৰ-পূৰ্বাঞ্চলৰ কোন ৰাজ্যত মাতৃতান্ত্ৰিক সমাজ ব্যৱস্থা প্ৰচলিত?
উত্তৰঃ মেঘালয়।

21. প্ৰাচীন ভাৰতত ৰচিত ৰাজনীতি বিজ্ঞান বিষয়ক বিখ্যাত গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ কৌটিল্যৰ অৰ্থশাস্ত্ৰ।

22. লোক সংগীতত আগবঢ়োৱা অৱদানৰ বাবে অসমৰ কোন শিল্পীক পদ্মশ্ৰী প্ৰদান কৰা হৈছিল?
উত্তৰঃ প্ৰতিমা পাণ্ডে বৰুৱা।

23. ‘বিবিধতাৰ মাজত একতা’ (Unity in Diversity) এই বাক্যাংশ কোনখন গ্ৰন্থৰ জৰিয়তে স্থায়িত্ব লাভ কৰিলে?
উত্তৰঃ জৱাহৰলাল নেহৰুৰ গ্ৰন্থ ‘ভাৰত সম্ভেদ’

24. আজানপীৰ কেতিয়া অসমলৈ আহিছিল?
উত্তৰঃ স্বৰ্গদেউ গদাধৰ সিংহৰ দিনত।

25. ভাৰতৰ ভাস্কৰ্য শিল্পকলাৰ কোনটো শৈলীত গ্ৰীক-ৰোমান কলা-কৌশলৰ প্ৰয়োগ হৈছিল?
উত্তৰঃ গান্ধাৰ শিল্পকলাত।

26. চৰ্যাপদ কেতিয়া ৰচিত হৈছিল?
উত্তৰঃ খ্ৰীষ্টীয় দশম শতিকাৰ পৰা চতুৰ্দশ শতিকাৰ সময়ছোৱাৰ ভিতৰত।

27. ভৰত মুনিৰ নাট্য শাস্ত্ৰ কেতিয়া ৰচিত হৈছিল?
উত্তৰঃ খ্ৰীষ্টপূৰ্ব ২০০ ৰ পৰা খ্ৰীষ্টীয় ২০০ মানৰ ভিতৰত।

28. অসমৰ প্ৰাচীন নাম কি আছিল?
উত্তৰঃ প্ৰাগজ্যোতিষ আৰু কামৰূপ।

29. হেৰাকা আন্দোলন কি?
উত্তৰঃ স্বাধীনতা সংগ্ৰামী ৰাণী গাইডালুৱে নগালেণ্ডৰ পৰম্পৰাগত ধৰ্মবিশ্বাস তথা সংস্কৃতি সংৰক্ষণ তথা পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্য ‘হেৰকা’ নামৰ এক আন্দোলন গঢ়ি তুলিছিল।

30. ৰচয়িতা/লিখক সকলৰ নাম লিখা।
উত্তৰঃ

গ্ৰন্থ /নাটকৰচয়িতা/লিখক
অৰ্থশাস্ত্ৰকৌটিল্য
হস্তিবিদ্যাৰ্ণৱসুকুমাৰ বৰকাইথে
কীৰ্ত্তন ঘোষাশ্ৰীমন্ত শংকৰদেৱ
নাম ঘোষামাধৱদেৱ
চোৰধৰা পিম্পৰা গুচোৱামাধৱদেৱ
কালিয় দমনশ্ৰীমন্ত শংকৰদেৱ
ৰামবিজয়শ্ৰীমন্ত শংকৰদেৱ
কথাগীতমাধৱদেৱ
ৰাজতৰংগিনীকলহন
ভাৰত সম্ভেদজৱাহৰলাল নেহৰু

Short Type Questions and Answers (Marks : 2/3)

1. জেং বিহু মানে কি?
উত্তৰঃ উজনি অসমৰ মহিলাসকলে নিৰ্জন স্থানত পুৰুষ মানুহে নেদেখাকৈ জেং বিহু পাতে, তেনে বিহুক জেং বিহু বোলে।

2. চিত্ৰকলাৰ প্ৰতি পৃষ্ঠপোষকতা আগবঢ়োৱা দুগৰাকী মোগল বাদছাহৰ নাম লিখা।
উত্তৰঃ জাহাংগীৰ আৰু ছাহজাহান।

3. ওজাপালিৰ দুটা ভাগৰ নাম লিখা।
উত্তৰঃ ব্যাসৰ ওজা আৰু সুকনান্নী ওজা।

4. ভাৰতৰ প্ৰাচীন যুগৰ দুগৰাকী বিজ্ঞানীৰ নাম লিখা।
উত্তৰঃ আৰ্যভট্ৰ আৰু বৰাহ মিহিৰ।

5. প্ৰাচীন ভাৰতবৰ্ষৰ দুগৰাকী দাৰ্শনিকৰ নাম লিখা।
উত্তৰঃ গৌতম আৰু কণাদ।

6. ৰঙালি বিহুৰ সাতদিনক কি কি নামেৰে জনা যায়?
উত্তৰঃ গৰু বিহু, মানুহ বিহু, গোসাই বিহু, কুটুম বিহু, চেনেহী বিহু, মেলা বিহু আৰু চেৰা বিহু।

7. আহোম ৰাজত্ব কালত ৰচিত দুখন বুৰঞ্জীৰ নাম লিখা।
উত্তৰঃ কছাৰী বুৰঞ্জী আৰু পদ্য বুৰঞ্জী।

8. প্ৰাচীন ভাৰতৰ দুখন চিকিৎসা -শাস্ত্ৰৰ নাম লিখা।
উত্তৰঃ চৰক সংহিতা আৰু সুশ্ৰত সংহিতা।

9. বিহুৰ সমধৰ্মী হিচাপে নামনি অসমত উদযাপিত হোৱা দুটা স্থানীয় উৎসৱ উল্লেখ কৰা।
উত্তৰঃ দৰং জিলাৰ দেউল আৰু পুৰণি কামৰূপৰ ভঠেলি।

10. হস্তিবিদ্যাৰ্ণৱ গ্ৰন্থখনৰ চিত্ৰকৰ দুগৰাকীৰ নাম লিখা।
উত্তৰঃ দিলবৰ আৰু দোচাই।

11. দৰঙৰ দুবিধ লোকনৃত্যৰ নাম উল্লেখ কৰা।
উত্তৰঃ ঢেপাঢুলীয়া আৰু বৰঢুলীয়া।

12. বেদৰ চাৰিখন সংহিতাৰ নাম লিখা।
উত্তৰঃ ঋক, যজুঃ, সাম আৰু অৰ্থব।

13. ঝুম খেতি মানে কি বুজা?
উত্তৰঃ পাহাৰত গছ-গছনি, হাবি বননি কাটি ঠাই সলনি কৰি কৰা খেতিক ঝুম খেতি বোলে।

14. ভাৰতত থকা মূল নৃ-গোষ্ঠী কেইটা কি কি?
উত্তৰঃ দ্ৰাবিড়, নৰ্ডিক আৰ্য, নিগ্ৰো,প্ৰ’ট অষ্ট্ৰলয়ড বা অষ্ট্ৰিক, মংগোলীয় আৰু প্ৰশস্ত মস্তিকী।

15. UNESCO ৰ দ্বাৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে তালিকাভূক্ত হোৱা ভাৰতৰ তিনিটা স্থাপত্য উল্লেখ কৰা।
উত্তৰঃ সাঁচীৰ স্তূপ, অজন্তাৰ গুহাসমূহ আৰু তাজমহল।

16. সিন্ধু উপত্যকাত আবিস্কৃত হোৱা ধৰ্মীয় উদ্দেশ্যত ব্যৱহূত হোৱা দুটা মূৰ্তিৰ নাম লিখা।
উত্তৰঃ শিৱলিংগ আৰ্হিৰ পোৰা মাটিৰ সামগ্ৰী আৰু মাতৃদেৱীৰ মূৰ্তি।

17. ক্ষুদ্ৰাকাৰ চিত্ৰযুক্ত অসমৰ দুখন সাঁচিপতীয় পুথিৰ নাম লিখা।
উত্তৰঃ আনন্দলহৰি আৰু গীত গোবিন্দ।

18. অষ্ট্ৰিকসকলে ভাৰতীয় সংস্কৃতিলৈ আগবঢ়োৱা দুটা অৱদান উল্লেখ কৰা।
উত্তৰঃ (ক) ধান খেতিৰ কৌশল
(খ) কুঁহিয়াৰৰ পৰা গুৰ তৈয়াৰ কৰাৰ কৌশল।

19. অশোকৰ দ্বাদশ শিলা-লিপিত ধৰ্মীয় উদাৰতাৰ বিষয়ে কি কথা লিখা আছে?
উত্তৰঃ কোনেও একমাত্ৰ নিজৰ ধৰ্মটোক মাত্ৰ প্ৰশংসা আৰু আনৰ ধৰ্মক হীন বুলিব নালাগে। বৰং সকলো ধৰ্মৰ সাৰ গ্ৰহণ কৰি সমন্বয়ৰ বাট অনুসৰণ কৰিব লাগে।

20. অসমৰ প্ৰাচীন নাম কামৰূপ আৰু প্ৰাগজ্যোতিষৰ উল্লেখ থকা তিনিখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ ৰামায়ণ, মহাভাৰত আৰু বিষ্ণুপুৰাণ।

21. ভাৰতৰ ভাস্কৰ্য শিল্প-কলাৰ তিনিটা প্ৰধান শৈলী কি কি?
উত্তৰঃ গান্ধাৰ, মথুৰা আৰু অমৰাৱতী।

22. সাংস্কৃতিক বহুত্ববাদ মানে কি?
উত্তৰঃ ভাৰতীয় বহুত্ববাদে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়।

23. দেৱাল চিত্ৰৰ নিদৰ্শন থকা ভাৰতৰ তিনিখন ঠাইৰ নাম উল্লেখ কৰা।
উত্তৰঃ অজন্তা ( মহাৰাষ্ট্ৰ), বাঘ (মধ্যপ্ৰদেশ ), চিত্তনাৱাচল ( তামিলনাডু)

24. খ্ৰীষ্টিয় ষষ্ঠ শতিকাৰ পিছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ নাম লিখা।
উত্তৰঃ গ্ৰীক আৰু ফৰাছী।

25. মোগল যুগৰ ক্ষুদ্ৰাকাৰ চিত্ৰ সম্বলিত তিনিখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ পাদছাহনামা, তুতিনামা, জাহাংগীৰনামা।

26. কামৰূপী লোক গীত আৰু গোৱালপৰীয়া লোকগীতৰ মূল বিষয়বস্তু কি?
উত্তৰঃ জীৱনৰ সুখ-দুখ, দেহৰ ক্ষণভংগুৰতা, জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব আৰু দেৱ-দে্বীৰ প্ৰশস্তি।

27. ভাৰতীয় সংস্কৃতিত অনৈক্যৰ মাজত একতা সৃষ্টিকাৰী তিনিটা কাৰক উল্লেখ কৰা।
উত্তৰঃ (ক) হিন্দুধৰ্মৰ স্বকীয় বহুত্ববাদিতা তথা উদাৰতা
(খ) বিভিন্ন সময়ত গঢ়ি উঠা সাম্ৰাজ্যসমূহে সৃষ্টি কৰা ৰাজনৈতিক একতাৰ ইতিহাস
(গ) বিভিন্ন যুগৰ শাসকসকলৰ ধৰ্মীয় তথা সাংস্কৃতিক উদাৰতা।

28. ভাৰতীয় চিত্ৰকলাক কি কি ভাগত ভগাব পাৰি?
উত্তৰঃ ভাৰতীয় চিত্ৰকলাক দুটা ভাগত ভগাব পাৰি—
(ক) বৃহদাকাৰ দেৱাল চিত্ৰ
(খ) ক্ষুদ্ৰাকাৰ দেৱাল চিত্ৰ।

29. প্ৰাচীন ভাৰতৰ স্থাপত্য নিদৰ্শন সমূহক ঘাইকৈ কি কি ভাগত ভগোৱা হৈছে?
উত্তৰঃ চাৰিটা ভাগত ভগাব পাৰি—
(ক) মছজিদ
(খ) মহল
(গ) মাকোৱাৰা
(ঘ) মিনাৰ।

30. ভাৰতৰ ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰত কি কি মূৰ্তি নিৰ্মাণ কৰা হৈছিল?
উত্তৰঃ ভাৰতৰ ভাস্কৰ্য শিল্পৰ ক্ষেত্ৰত একেবাৰে সহজ সৰল, পোন, অসমানুপাতিক মূৰ্তিৰপাৰা আৰম্ভ কৰি দ্বিভংগ, ত্ৰিভংগ, চৰ্তুভংগ আৰ্হিৰ, সমানুপাতিক, পোচাক-অলংকাৰেৰে, নিখুত অলংকৰণেৰে সু-সজ্জিত মূৰ্তি দেখা যায়।

31. ভাৰতীয় সংস্কৃতিত বৰ্ণাঢ্যতা সৃষ্টিৰ ক্ষেত্ৰত ভৌগোলিক পৰিস্থিতিয়ে কি দৰে ভূমিকা গ্ৰহণ কৰিছে?
উত্তৰঃ বৰ্ণাঢ্য ভাৰতীয় সংস্কৃতিৰ উৎপত্তি তথা সংৰক্ষণ কৰাৰ ক্ষেত্ৰত দেশখনৰ বিশালতা আৰু বিভিন্ন ভৌগোলিক পৰিস্থিতিয়ে ভূমিকা গ্ৰহণ কৰি আহিছে। কৃষি উপযোগী ্সাৰুৱা ভূমি, যাতায়ত-যোগাযোগৰ বাবে সুচলতা আৰু প্ৰাকৃতিক সম্পদৰ গুণত কোনোবাটো অঞ্চল হয়তো আৰ্থিকভাৱে অধিকতৰ স্বচ্ছল আৰু অন্য সংস্কৃতিৰ সৈতে সঘনাই হৈছে আকৌ অন্য কোনোবাটো অঞ্চল হয়তো এই সুবিধাবোৰৰ অভাৱত বিচ্ছিন্ন, কষ্টসাধ্য জীৱন-যাপন কৰিবলগীয়া হৈছে।

READ MORE  অৰ্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদ | Chapter 6 | Class 10 Social Science - SEBA

32. ভাৰতৰ যোগবিদ্যাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ যোগবিদ্যা ভাৰতৰ এক গৌৰৱময় সাংস্কৃতিক ঐতিহ্য আৰু সমগ্ৰ মানৱ সমাজলৈ ই অনবদ্য অৱদান। সিন্ধু সভ্যতাৰ সময়তো ভাৰয়তীসকল যৌগিক জ্ঞানৰ অধিকাৰী আছিল বুলি অনুমান কৰিব পাৰি। বৈদিক যুগত এই বিদ্যাৰ বহুল চৰ্চা হৈছিল। আনুমানিক খ্ৰীষ্টীয় দ্বিতীয় শতিকাত মহৰ্ষি পতঞ্জলিয়ে যোগসূত্ৰ নামৰ গ্ৰন্থ সংকলন কৰি এই বিদ্যাক এক সু-সংহত ৰূপ দিয়ে। তেওঁ এই বিদ্যাক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ এক সক্ৰিয় পদ্ধতি হিচাপে আৰু জীৱন-যাপনৰ সম্পূৰ্ণ প্ৰণালী হিচাপে এক দৰ্শনৰ ৰূপত গঢ় দিছিল।

33. ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ ভাৰতৰ স্থাপত্য কলাৰ তিনিটা বৈশিষ্ট্য—
(ক) ভাৰতৰ স্থাপত্য কলাক ঘাইকৈ উত্তৰ ভাৰতীয় নগৰ, দক্ষিণ ভাৰতীয় দৃাবিড় আৰু বিন্ধ্য নদীৰ মাজভাগত দেখিবলৈ দেখিবলৈ পোৱা ৱেচৰ শৈলী – এই তিনিভাগত ভাগ কৰিব পাৰি।

(খ) উত্তৰ ভাৰতৰ মন্দিৰ সমূহৰ ওপৰ অংশ (শিখৰ) অৰ্ধবৃত্তাকাৰ আৰু দক্ষিণ ভাৰতীয় মন্দিৰ সমূহৰ ওপৰ অংশ (বিমান) আয়তাকাৰ।

34. চিত্ৰকলাৰ ষড়াংগ মানে কি বুজা?
উত্তৰঃ খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাতে চিত্ৰ অংকনৰ বাবে প্ৰয়োজনীয় নিয়ম—
(ক) আকৃতি

(খ) জোখ-মাখ
(গ) আবেগ অনূভূতি প্ৰকাশক কৌশল
(ঘ) কলাত্মক উপস্থাপন
(ঙ) সাদৃশ্য জ্ঞান আৰু
(চ) তুলিকা ব্যৱহাৰ।
এই ৬ টা নিয়মকে ষড়াংগ বোলা হয়।

Long Type Questions and Answers (Marks : 4/5/6)

1. অসমৰ ধৰ্মীয় সংহতি। —চমুটোকা লিখা।
উত্তৰঃ অসমত অধিকাংশ লোক হিন্দু ধৰ্মাৱলম্বী। ইয়াৰ পিছত আছে ইছলাম, খ্ৰীষ্ট্ৰিয়ান, জৈন, বৌদ্ধ, শিখ আৰু জনজাতীয় ধৰ্মপন্থাৱলম্বী লোক। হিন্দু ধৰ্মৰ ভিতৰতে ঘাইকৈ শাক্ত, শৈৱ, বৈষ্ণৱ আৰু সৌৰপন্থী লোক দেখা যায়। অসমৰ বিভিন্ন ঠাইত প্ৰবল প্ৰভাৱী শক্তিপীঠ আছে, এইবোৰৰ ভিতৰত কামাখ্যা মন্দিৰ পৃথিৱী বিখ্যাত। নৱ বৈষ্ণৱ আন্দোলনে অসমৰ বৃহৎ সংখ্যক লোকক বৈষ্ণৱী ভক্তিমাৰ্গত অনুগামী কৰিছিল। খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ প্ৰথমভাগত অসমত ইছলাম ধৰ্মৰ আগমন ঘটাৰ তথ্য পোৱা যায়।

হাজোৰ পোৱামক্কা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এখন পৱিত্ৰ তীৰ্থস্থান। শ্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ অহা চুফী সাধক আজানপীৰ নামে খ্যাত চাহ মিলনে ৰচনা কৰা জিকিৰ আৰু জাৰি সমূহ অসমত প্ৰচলিত এবিধ জনপ্ৰিয় ধৰ্মীয় সংগীত। অসমৰ পূৱ অংশত বাস কৰা টাই ফাকে, তুৰুং, আইতান, খামটি, খাময়াং, নৰা (শ্যাম) সকল বৌদ্ধ ধৰ্মাৱলম্বী।

2. ভাৰতীয় চিত্ৰকলা। —চমুটোকা লিখা।
উত্তৰঃ প্ৰাচীন ভাৰতীয় চিত্ৰকলাৰ ঐতিহ্যসমূহক দুটা প্ৰধান ভাগত বিভক্ত কৰিব পাৰি – বৃহদাকাৰ দেৱাল চিত্ৰ আৰু ক্ষুদ্ৰাকাৰ চিত্ৰ। ক্ষুদ্ৰাকাৰ চিত্ৰসমূহ গ্ৰন্থসমূহ অলংকৃত কৰিবলৈ আৰু সচিত্ৰ বিৱৰণ দিবলৈ অংকন কৰা হৈছিল। দুয়োটা চিত্ৰশৈল্য ভাৰতৰ বিভিন্ন স্থানত বৌদ্ধ, জৈন, হিন্দু ধৰ্মৰ বিষয়বস্তুক আলম কৰি অজন্তা (মহাৰাষ্ট্ৰ), বাঘ ( মধ্যপ্ৰদেশ ), চিত্তনাৱাচল (তামিলনাডু), আৰমামলাই ( তামিলনাডু) আদিৰ গুহাৰ দেৱাল সমূহত অঁকা হৈছিল। এইবোৰৰ ভিতৰত অজন্তাৰ দেৱালৰ চিত্ৰসমূহ পৃথিৱী বিখ্যাত। দশম শতিকা মানৰ পৰা অসম, ৰাজস্থান, উৰিষ্যা, মহীশূৰ, তাঞ্জোৰ আদি ঠাইত তালপাত, সাঁচিপাত, পাট কাপোৰ আদিত ক্ষুদ্ৰাকৃতিৰ চিত্ৰ অঁকা হৈছিল, মূলতঃ সংশ্লিষ্ট গ্ৰন্থসমূহৰ বিসয়বস্তুৰ সচিত্ৰ বিৱৰণ দিয়াৰ উদ্দেশ্যে।

খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাতে চিত্ৰ অংকনৰ বাবে প্ৰয়োজনীয়—
(ক) আকৃতি (খ) জোখ-মাখ
(গ) আবেগ অনুভূতি প্ৰকাশক কৌশল
(ঘ) কলাত্মক উপস্থাপন
(ঙ) সাদৃশ্য জ্ঞান আৰু
(চ) তুলিকা ব্যৱহাৰৰ নিয়ম এই ষড়াংগৰ চৰ্চা হৈছিল।
দেৱাল চিত্ৰত এইবোৰৰ প্ৰয়োগ হৈছিল আৰু পিছলৈ ক্ষুদ্ৰাকাৰ চিত্ৰটো এইবোৰৰ প্ৰয়োগ হৈছিল।

3. অসমৰ বুৰঞ্জী সাহিত্য। —চমুটোকা লিখা।
উত্তৰঃ মধ্যযুগৰ আহোম ৰজা, ডা-ডাঙৰীয়াসকলৰ পৃষ্ঠপোষকতাত ৰচিত বুৰঞ্জী সাহিত্যসমূহে অসমৰ সাহিত্য ভাণ্ডাৰলৈ এক গুৰুত্বপূৰ্ণ সংযোজন আছিল। ৰাজকীয় ঘটনাৱলী সন্নিৱষ্টি এই ৰচনাসমূহ প্ৰথম অৱস্থাত আহোম সকলৰ নিজা ভাষাতে ৰচিত হৈছিল। ষোড়ক শতিকাৰপৰা অসমীয়া ভাষাতো লিখিবলৈ লোৱা হয়। ব্ৰিটিছ শাসন কালত এনে বহুত বুৰঞ্জী উদ্ধাৰ, সংৰক্ষণ আৰু ছপা কৰি প্ৰকাশ কৰিবলৈ লোৱা হয়। এনে কেতবোৰ বুৰঞ্জী হ’ল দেওধাই বুৰঞ্জী, তুংখুংগীয়া বুৰঞ্জী, কছাৰি বুৰঞ্জী, জয়ন্তীয়া বুৰঞ্জী, ত্ৰিপুৰা বুৰঞ্জী, পদ্য বুৰঞ্জী, পাদশ্যাহ বুৰঞ্জী আদি। আমেৰিকান ব্যাপ্তিষ্ট মিছনেৰি সকলে ১৮৪৬ খ্ৰীষ্টাব্দত প্ৰকাশ কৰা অসমৰ প্ৰথম বাৰ্তালোচনী ‘ অৰুণোদয়’ৰ জৰিয়তে অসমীয়া ভাষাৰ আধুনিক ৰূপটোৰ সৃষ্টি হয় আৰু ক্ৰমে ইউৰোপীয়া সাহিত্যৰ বিভিন্ন ৰূপ আৰু সাহিত্যক বৈশিষ্ট্যৰ অসমীয়া সাহিত্যত প্ৰৱেশ ঘটে।

4. ভাৰতৰ সংগীত আৰু নৃত্যকলাৰ ঐতিহ্য। —চমুটোকা লিখা।
উত্তৰঃ সংগীতৰ ক্ষেত্ৰত ভাৰতৰ এক সমৃদ্ধশালী ঐতিহ্য আছে। সামবেদৰ স্তোত্ৰসমূহ যজ্ঞত দেৱতাৰ সন্তষ্টিৰ অৰ্থে উদ্গাতা নামৰ পুৰোহিত সকলে গীত আকাৰে পাঠ কৰিছিল। পৰৱৰ্তী সময়ত উদ্গাতাসকলৰ সুৰ, তালৰ পৰিৱৰ্তন ঘটি বিভিন্ন শাখা প্ৰশাখাত বিভক্ত হৈ পৰে। ভাৰতৰ ধ্ৰুপদী সংগীতৰ পৰম্পৰা গুৰু শিষ্য অনুক্ৰমে বৰ্তমান সময়লৈ সবল ৰূপত বৰ্তি আছে। মোগলসকলৰ দিনত ইয়াৰ বিশেষ উৎকৰ্ষ সাধন হৈছিল। সংগীতৰ লগতে বিভিন্ন প্ৰকাৰৰ বাঁহী,পেঁপা, চেহনাই, ঢোল, তবলা, বিভিন্ন ধৰণৰ তাল, নাগাৰা মৃদংগ, খোল, চাৰংগী, চন্ত্তৰ, জলতৰংগ, নুপুৰ, চেতাৰ, চাৰিন্দা, দোতাৰ, বিভিন্ন প্ৰকাৰৰ বীণা আদি বাদ্যযন্ত্ৰ ধ্ৰুপদী সংগীত আৰু লোকসংগীতৰ লগত সংগত কৰিবলৈ উদ্ভাৱন কৰা হৈছিল আৰু বৰ্তমানো সেই বাদ্যযন্ত্ৰসমূহৰ বহুলভাৱে প্ৰচলন হৈ আছে।

সংগীতৰ দৰে নৃত্যৰ ক্ষেত্ৰতো ভাৰতবৰ্ষৰ সমৃদ্ধিশালী পৰম্পৰা আছে। দেশৰ চুকে -কোণে থকা অজস্ৰ লোকনৃত্যৰ উপৰি চৰকাৰী স্বীকৃতিপ্ৰাপ্ত আঠবিধ ধ্ৰুপদী নৃত্য আছে। সেই আঠবিধ নৃত্য হ’ল – কথাকলি ( মালায়ালম, কেৰালা), মোহিনী আট্ৰম (কেৰালা), ভাৰতনাট্যম (তামিলনাডু), কুচিপুড়ী ( অন্ধ্ৰপ্ৰদেশ), অ’ডিছি (ওড়িশা), কথক ( উত্তৰ ভাৰত ), সত্ৰীয় ( অসম) আৰু মণিপুৰী (মণিপুৰ )।

5. অসমৰ বৈষ্ণৱী সাহিত্য। —চমুটোকা লিখা।
উত্তৰঃ শংকৰদেৱ আৰু মাধৱদেৱৰ নেতৃত্বত পঞ্চদশ শতিকাত আৰম্ভ হোৱা নৱবৈষ্ণৱ আন্দোলনে অসমীয়া সমাজ জীৱনৰ সকলো ক্ষেত্ৰকে গভীৰভাৱে প্ৰভাৱিত কৰিছিল। এই ধৰ্মীয় আন্দোলনৰ প্ৰভাৱত অসমীয়া সাহিত্যতো এক জোৱাৰৰ সৃষ্টি হয় আৰু বহু সংখ্যক কাব্য, নাট, গীত, চৰিত পুথি, গদ্য সাহিত্য ৰচিত হয়। সাহিত্যসমূহৰ মূল বিষয়বস্তু আছিল ৰামায়ণ, মহাভাৰত, পুৰাণ, হিন্দু ধৰ্মৰ তত্ত্বকথা আদি। শংকৰদেৱ আৰু মাধৱদেৱ নিজেই বহু সংখ্যক সাহিত্য ৰচনা কৰিছিল। এইবোৰৰ ভিতৰত শংকৰদেৱৰ ‘ কীৰ্তন ‘ আৰু মাধৱদেৱৰ ‘নামঘোষা’ আৰু গুৰুজনাৰ বৰগীতসমূহ সৰ্বাধিক জনপ্ৰিয়। শংকৰদেৱে ৰচনা কৰা অংকীয় নাট পত্নীপ্ৰসাদ, কালিয়দমন, কেলিগোপাল, ৰক্মিণীহৰণ, পাৰিজাত হৰণ, ৰামবিজয়, মাধৱদেৱৰ দধি মথন, তেওঁৰ ঝুমুৰা ‘চোৰধৰা’ আৰু ‘পিম্পৰা গুচোৱা’ আদি জনসমাগমৰ উপস্থিতিত নামঘৰ, সত্ৰ আদি ঠাইত প্ৰদৰ্শন কৰা হয়।

শংকৰদেৱৰ প্ৰথম নাট চিহ্নযাত্ৰা শ্বেইক্সস্পিয়েৰৰ নাট্য সৃষ্টিৰো আগৰ সৃষ্টি আছিল। এই নাটত ব্যৱহৃত বৃন্দাৱনী বস্ত্ৰ অসমৰ বয়নশিল্পীৰ চমৎকাৰ সৃষ্টি আছিল। এই বস্ত্ৰভাগি বৰ্তমান ব্ৰিটিছ মিউজিয়ামৰ উপৰি আন কেইবাটাও বিখ্যাত সংগ্ৰহালয়ত সংৰক্ষিত হৈ আছে। শংকৰদেৱ মাধৱদেৱৰ পিছত ভট্ৰদেৱ, অনন্ত কন্দলি, ৰাম -সৰস্বতী আদি সাহিত্যিকে এই সাহিত্য চৰ্চা অব্যাহত ৰাখে। ইয়াৰ ভিতৰত ভট্ৰদেৱে ‘কথাগীতা’, ‘ ভাগৱত কথা’ আৰু ‘ৰত্মাৱলী কথা’ ৰচান কৰি অসমীয়া সাহিত্যত গদ্য সাহিত্য ৰচনা কৰিছিল।

6. অসমৰ ভাস্কৰ্য শিল্প। —চমুটোকা লিখা।
উত্তৰঃ অসমৰ বিভিন্ন ঠাইত মন্দিৰৰ দেৱালত খোদিত কৰি দ্বি-মাত্ৰিক অথবা পূৰ্ণাংগ ৰূপত নিৰ্মিত ত্ৰিমাত্ৰিক মূৰ্তি আৱিষ্কৃত হৈছে। শিলৰ বাহিৰে হাতী দাঁত, সোণ, ৰূপ,তাম, কাঠ আদিৰেও মূৰ্তি নিৰ্মাণ কৰা হৈছিল। এই মূৰ্তিসমূহৰ ভিতৰত দেৱী মূৰ্তি, শিৱ, বিষ্ণু, গণেশ, সূৰ্য। মগৰ, ঘোঁৰা, হাতী, সিংহ আদি। ভাস্কৰ্য শিল্পৰ নিদৰ্শন আৱিষ্কৃত হোৱা ঠাই কিছুমান হ’ল – তেজপুৰৰ দ-পৰ্বতীয়া, বামুণী পাহাৰ, মদনকামদেৱ, আমবাৰী, ডবকা, গোৱালপাৰাৰ পাগলাটেক, সূৰ্য পাহাৰ, বৰগংগা, নুমলীগড়, দেওপানী, হোজাই, ডিব্ৰুগড়, শুক্ৰেশ্বৰ, মংগলদৈ আদি।

কলা নিপুণতাৰ দিশৰপৰা দ-পৰ্বতীয়া শিলৰ তোৰণৰ নিম্নাংশত থকা গংগা যমুনাৰ মূৰ্তি দুটা আকাৰত সৰু যদিও দেহাৱয়ৱ আনুপাতিক, দ্বিভংগ ভংগিমাত লয়-লাস পূৰ্ণ ৰূপত নিৰ্মাণ কৰা হৈছে। এই ভাস্কৰ্য গুপ্ত যুগৰ প্ৰভাৱত খ্ৰীষ্টীয় ষষ্ঠ শতিকাত নিৰ্মিত হৈছিল বুলি ঠাৱৰ কৰা হৈছে। মদন কামদেৱ মন্দিৰত দেখিবলৈ পোৱা মৈথুন মূৰ্তিবোৰ কোনো তান্ত্ৰিক উদ্দেশ্যত নিৰ্মিত হৈছিল বুলি কিছুমান পণ্ডিতে মত পোষণ কৰিছে। নৃত্যৰতা আৰু প্ৰেম প্ৰকাশক ভংগিমাৰ পুৰুষ -নাৰী, বিভিন্ন জীৱ-জন্তু আৰু ভৈৰৱ, সূৰ্য, বিষ্ণুৰ মূৰ্তি আদি ইয়াত দেখিবলৈ পোৱা যায়।

7. অসমৰ লোক সংগীত। —চমুটোকা লিখা।
উত্তৰঃ অসমত ভিন ভিন পৰিৱেশ তথা ভিন ভিন প্ৰয়োজনত গোৱা বিভিন্ন ধৰণৰ লোক সংগীতৰ প্ৰচলন আছে। কিছুমান লোক সংগীত প্ৰায় বিলুপ্তিৰ দিশে আগবাঢ়িছে, আন কিছুমান এতিয়াও প্ৰবলভাৱে প্ৰচলিত হৈ আছে। কেঁচুৱা টোপনি নিওঁৱা নিচুকণি গীত, বিয়ানাম, আইনাম, ধাইনাম, কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত, টোকাৰী গীত, দৰঙৰ চিয়াগীত, নাঙেলী নামৰ গৰখীয়া গীত আৰু চেৰা ঢেক আদি সময়ত াসমত প্ৰচলিত কিছুমান লোকগীতৰ উদাহৰণ। এইবোৰৰ ভিতৰত বিয়া-নাম। কামৰূপী লোকগীত আৰু গোৱালপৰীয়া লোকগীতৰ বিশেষ জনপ্ৰিয়তা আছে।

বিয়ানামবোৰ দৰা-কইনা নোৱাবৰ বাবে, দৰা আদৰাৰ বাবে,দৰাঘৰীয়া আৰু কইনাঘৰীয়া পৰস্পৰে জোকাবলৈ আৰু কইনা বিদায়ৰ সময়ত বেলেগ বেলেগ ধৰণৰ গীতৰ কথা আৰু পৃথকে সুৰৰে গোৱা হয়। কামৰূপী লোকগীত, গোৱালপৰীয়া লোকগীত আৰু টোকাৰিগীতসমূহ ঘাইকৈ জীৱনৰ সুখ-দুখ, দেহৰ ক্ষণভংহুৰতা, জীৱনত ঈশ্বৰ চিন্তাৰ গুৰুত্ব, দেৱ-দেৱীৰ প্ৰশস্তি আদি প্ৰকাশমূলক গীত। এইবোৰৰ উপৰি গোৱালপৰীয়া লোকগীত স্থানীয় কিম্বদন্তি তথা হাতীধৰা আৰু পোহ মনোৱা বিষয়ক লৈয়ো ৰচিত।

8. অসমৰ স্থাপত্য শিল্প। —চমুটোকা লিখা।
উত্তৰঃ অসমত বৰ্তমান স্থাপত্য শিল্পৰ যিবোৰ নিদৰ্শন দেখিবলৈ পোৱা যায় সেইবোৰৰ প্ৰায় আটাইবোৰেই মধ্যযুগৰ আৰু আহোম ৰাজবংশৰ অথবা কোচ ৰজাসকলৰ পৃষ্ঠপোষকতাত নিৰ্মিত হৈছিল। শিৱসাগৰ জিলাত আহোম ৰাজত্ব কালৰ ৰাজকীয় অট্ৰালিকা তিনিটা ক্ৰমে ৰংপুৰৰ ৰংঘৰ, কাৰেংঘৰ আৰু গড়গাঁৱৰ তলাতল ঘৰ আৰু ভালেমান মন্দিৰ এতিয়াও বৰ্তি আছে। এই সময়ত নিৰ্মিত প্ৰাচীন মন্দিৰবোৰ হ’ল কামাখ্যা মন্দিৰ,উগ্ৰতাৰা মন্দিৰ, উমানন্দ মন্দিৰ, নৱগ্ৰহ মন্দিৰ, শিৱদ’ল, জয়দ’ল, দেৱীদ’ল, ফাকুৱাদ’ল, নেঘেৰিটিঙৰ শিৱদ’ল, হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ, শুক্লেশ্বৰ মন্দিৰ দেৱালয়, দেৰগাঁও আৰু বিশ্বনাথৰ শিৱমন্দিৰ আদি। মন্দিৰবোৰ সাধাৰণতে নাগৰ শৈলীৰ অথবা ৱেচৰ শৈলীৰ বৈশিষ্ট্যযুক্ত। মন্দিৰবোৰত সাধাৰণতে দুটা অংশ দেখা যায় – গৰ্ভগৃহ আৰু মণ্ডপ। মন্দিৰৰ শিখৰবোৰ কিছুমান অৰ্ধবৃত্তাকাৰ কিছুমান কৰ্দৈশিৰিয়াকৈ দীঘলীয়া।
শিৱসাগৰৰ শিৱদ’ল, বিষ্ণুদ’লত এনে শিখৰ দেখিবলৈ পোৱা যায়।

READ MORE  স্বাধীনতা আন্দোলন আৰু অসমত জাতীয় জাগৰণ | Chapter 4 | Class 10 Social Science - SEBA

এই সময়ত স্থাপত্যবোৰ ইটাৰে সজা অথবা শিলৰে নিৰ্মাণ কৰা। তলাতল ঘৰটো নিৰ্মাণ আৰম্ভ কৰিছিল স্বৰ্গদেৱ ৰুদ্ৰসিংহই। কেইবা মহলীয়া এই প্ৰসাদটোৰ ৰাজেশ্বৰ সিংহ আৰু তেওঁলোকৰ উত্তৰাধিকাৰী সকলে নিৰ্মাণ কাৰ্য সমাপ্ত কৰিছিল। ৰংঘৰটো নিৰ্মাণ কৰা হৈছিল দুমহলীয়াকৈ সমুখৰ বাকৰিত বিহু উৎসৱ চাবলৈ। ৰংঘৰটোৰ ছালখন এখন খেলনাৱৰ আৰ্হিত নিৰ্মাণ কৰা হৈছিল। আহোম ৰাজত্ব কালত ভালেমান শিলৰ দলং নিৰ্মাণ কৰা হৈছিল। এইবোৰৰ ভিতৰত নামদাঙ, দৰিকা আৰু দিনজয়ৰ শিলৰ সাঁকো এতিয়াও ব্যৱহৃত হৈ আছে। ইটা আদি গাঁঠিবলৈ অসমত নিজা পদ্ধতিৰে বৰালি মাছ, কণী, বৰা চাউল আদিৰে ‘কৰাল’ তৈয়াৰ কৰা হৈছিল। আহোম শাসন ব্যৱস্থাত মঠ-মন্দিৰ, ৰাস্তা-ঘাট, প্ৰাসাদ, ঘৰ-দুৱাৰ আদিৰে নিৰ্মাণ কাৰ্য জোখ-মাখ আদি চোৱা-চিতা কৰিবলৈ চাংৰুং ফুকন নামৰ এগৰাকী বিষয়া আছিল। চাংৰুং ফুকনৰ কাৰ্যাৱলী লিপিবদ্ধ থকা বুৰঞ্জীসমূহক চাংৰুং বুলি কোৱা হয়।

9. প্ৰাচীন ভাৰতৰ ভাস্কৰ্য শিল্প। —চমুটোকা লিখা।
উত্তৰঃ ভাৰতৰ ভাস্কৰ্য শিল্পৰ উৎকৰ্ষৰ এক পৰিপক্ক পৰ্যায় প্ৰাচীন যুগতেই সৃষ্টি হৈছিল। সিন্ধু সভ্যতাৰ সময়ৰপৰাই ভাৰতৰ ভাস্কৰ্য শিল্পৰ নিদৰ্শন দেখিবলৈ পোৱা যায়। পৰৱৰ্তী সময়ত পোৰা মাটি, শিল,ব্ৰঞ্জ, তাম, ৰূপ, সোণ আদিৰে নিৰ্মাণ কৰা শৈলীত ভাৰতীয়সকলে নিজে বিকশিত কৰা স্থানীয় কলা-কৌশলৰ লগতে বিভিন্ন সময়ত বিদেশী বৈশিষ্ট্যৰ সংযোজন ঘটোৱা হৈছিল। এই মূৰ্তিসমূহৰ মাজত একেবাৰে সহজ সৰল, পোন অসমানুপাতিক মূৰ্তিৰপৰা আৰম্ভ কৰি দ্বিভংগ, ত্ৰিভংগ, চৰ্তুভংগ আৰ্হিৰ সমানুপাতিক, পোছাক-অলংকাৰেৰে, নিখুত অলংকৰণেৰে সু-সুজ্জিত মূৰ্তি দেখা যায়। প্ৰাচীন ভাৰতৰ ভাস্কৰ্য শিল্পকলাক গান্ধাৰ (উত্তৰ-পশ্চিম পাকিস্তান তথা পূৱ আফগানিস্তান অঞ্চলত বিকশিত) শিল্পকলা, মথুৰা শিল্পকলা, অমৰাৱতী শিল্পকলা নামেৰে তিনিটা ভাগত ভগাব পাৰি।

খ্ৰীষ্টপূৰ্ব প্ৰথম শতিকাৰ পৰা খ্ৰীষ্টীয় সপ্তম শতিকা পৰ্যন্ত জীৱন্ত হৈ থকা গান্ধাৰ শিল্পকলাত গ্ৰীক -ৰোমান ভাস্কৰ্য শিল্প কৌশলৰ প্ৰয়োগ কৰি বহু বুদ্ধ মূৰ্তি নিৰ্মাণ কৰা হৈছিল। মথুৰা শিল্পকলা আৰম্ভণিতে স্বকীয়ভাৱে বিকশিত হৈছিল যদিও পিছলৈ গান্ধাৰ শিল্পকলাৰ দ্বাৰা প্ৰভাৱিত হৈছিল। এই শিল্পকলাই গুপ্তযুগত চৰম উৎকৰ্ষ লাভ কৰিছিল। অমৰাৱতী শিল্পকলা খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাৰ পৰা প্ৰায় ছশ বছৰ জুৰি প্ৰচলিত হৈ আছিল। ঘাইকৈ সাতবাহন সকলে এই শিল্পকলাই পৃষ্ঠপোষকতা কৰিছিল। মধ্যযুগত ভাৰতীয় ভাস্কৰ্য শিল্পৰ অৱনতি ঘটে।

10. বিহু উৎসৱ। —চমুটোকা লিখা।
উত্তৰঃ বিহু অসমৰ জাতীয় উৎসৱ। বছৰৰ তিনটা সময়ত সময় অনুসৰি এই বিহু পালন কৰা হয়। বিহু তিনিটা—
(ক) বহাগ বিহু বা ৰঙালী বিহু
(গ) কাতি বিহু বা কঙালী বিহু আৰু
(ঘ) মাঘ বিহু বা ভোগালী বিহু।

ৰঙালী বিহু চ’ত মাহৰ শেষ দিনটোৰ পৰা আৰম্ভ কৰি ব’হাগৰ প্ৰথম ছদিনলৈ পালন কৰা হয়। চ’ত মাহৰ শেষৰ দিনটোক ‘দোমাহী’ বুলি কোৱা হয়। সেই দিনটো গৰু বিহু হিচাপে পালন কৰা হয়। বিভিন্ন ৰীতি নীতিৰে সেইদিনাখন গৰু-গাইৰ প্ৰতি মৰম, শ্ৰদ্ধা আৰু কৃতজ্ঞতা প্ৰকাশ কৰা হয়। উদাহৰণস্বৰূপে সেইদিনা ৰাতিপুৱাই খাল-দোং, নদী আদিলৈ গৰু গাইবোৰ নি তেল হালধি সানি গা-ধুউৱা হয়; নতুন পঘা দিয়া হয়, গোহালিঘৰ পৰিস্কাৰ পৰিচ্ছন্ন কৰি ধূপ-ধূনা, জাগ আদি দিয়া হয়। বহাগৰ প্ৰথম দিনটোক মানুহ বিহু বোলা হয়। সেইদিনা সকলোৱে নতুন কাপোৰ পৰিধান কৰে। পিতৃ-মাতৃৰ আৰু পৰিয়ালৰ বয়সস্থ লোকসকলৰ চৰণ চুই কনিষ্ঠ সকলে শ্ৰদ্ধা নিবেদন কৰে।

ৰাজহুৱা স্থানত খেল-ধেমালি গীত মাতৰ আয়োজন কৰা হয়। এই কেইদিনৰ ভিতৰতে বয়সস্থ লোকৰ হুঁচৰি দল সমূহে মানুহৰ ঘৰে ঘৰে গৈ হুঁচৰি নৃত্য -গীত কৰি গৃহস্থক আৰ্শীৰ্বাদ দিয়ে। উজনি অসমৰ মহিলাসকলে নিৰ্জন স্থানত পুৰুষ মানুহে নেদেখাকৈ জেং বিহু পাতে। পথাৰৰ মাজৰ গছৰ তলত ডেকা-গাভৰুৱে প্ৰেম আৰু যৌৱনৰ অনুভূতি প্ৰকাশক গীত আৰু নৃত্যৰে মুকলি বিহুত ভাগ লয়।

আহিন মাহৰ শেষ দিনটোত কাতি বিহু পালন কৰা হয়। এই বিহু আধ্যাত্মিক পবিত্ৰতাৰে বিভিন্ন ৰীতি নীতিৰে পালন কৰা হয়। দিনটো ব্ৰত উপবাস আদিৰে পাৰ কৰি সন্ধিয়া তুলসী তলত আৰু পথাৰত চাকি বন্তি জ্বলোৱা হয়। বড়োসকলে পৱিত্ৰ ভাবেৰে সিজু গছৰ তলত চাকি জ্বলায়। কোনো কোনোৱে মাহ জুৰি আকাশ বন্তি জ্বলায়। এই ৰীতি নীতিবোৰৰ সৈতে কিছুমান ধৰ্মীয় বিশ্বাস জড়িত হৈ আছে।

মাঘবিহু বা ভোগালী বিহু পুহ মাহৰ শেষদিনা উদযাপন কৰা হয়। তাৰ আগৰ দিনটোক উৰুকা বুলি কোৱা হয়। গ্ৰামাঞ্চলৰ ডেকাল’ৰাহঁতে অথবা ৰাইজে দল বান্ধি পথাৰত খেৰ, নৰা আদিৰে ইতিমধ্যে ভেলাঘৰ সাজে আৰু ভেলাঘৰৰ কাষত ওখকৈ কেঁচাবাঁহ, খৰি, নৰা, খেৰ আদিৰে ‘মেজি’ সাজে। ৰাজহুৱা ভোজত অংশগ্ৰহণ নকৰা সকলে ঘৰুৱাকৈ ভোজৰ আয়োজন কৰে। সেইদিনাখন ৰাতি চুঙাপিঠা, তিলপিঠা, লাৰু আদি তৈয়াৰ কৰা হয়। বিহুৰ দিনাই ৰাতিপুৱাই গা ধুই ৰাইজে মেজিত জুই দিয়ে আৰু জুইৰ তাপ গাত লয়। মেজিৰ জুইত পিঠা লাৰু আদি দি অগ্নি দেৱতাক শ্ৰদ্ধা নিবেদন কৰা হয়। তাৰ পিছত আলহী অভ্যাগতসকলক দৈ,সান্দহ, চিৰা, পিঠা, জলপান আদিৰে আপ্যায়িত কৰা হয়। এই সময়ছোৱাত খাদ্য সামগ্ৰী উভৈনদী হৈ থাকে আৰু খোৱা-বোৱাৰ প্ৰাধান্য থকা বাবে মাঘ বিহুক ভোগালী বিহু বুলি কোৱা হয়।

11. অসমৰ চিত্ৰকলাৰ ঐতিহ্যৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ অসমৰ সপ্তদশ শতিকা মানৰপাৰ উত্তৰ ভাৰতীয় ক্ষুদ্ৰাকৃতিৰ পুথি -চিত্ৰ সমূহৰ ৰজাঘৰীয়া পৃষ্ঠপোষকতাত অথবা সত্ৰীয় সৃষ্টিৰে চিত্ৰকলাৰ এটা পৰম্পৰা আৰম্ভ হয়। এনে কেইখনমান সচিত্ৰ পুথি হ’ল আনন্দলহৰী, হস্তীবিদ্যাৰ্ণৱ, চিত্ৰ ভাগৱত, গীত গোবন্দি, কুমাৰ হৰণ, শংখচুড় বধ, লৱ-কুশৰ যুদ্ধ আদি সাঁচিপতীয়া পুথি। স্থানীয়ভাৱে আহৰণ কৰা সামগ্ৰীৰ পৰা প্ৰাকৃতিক ৰঙেৰে বহুৰঙীয়া এই চিত্ৰসমূহ অঁকা হৈছিল। প্ৰথমতে চিত্ৰৰ পটভুমিত একোটা নিৰ্দিষ্ট ৰং বোলাই লোৱা হয়। তাৰ ওপৰত চিত্ৰসমূহ অঁকা হৈছিল। চিত্ৰসমূহ ৰজা, ৰাজদৰবাৰ, দেৱীমূৰ্তি, যুদ্ধৰ চিত্ৰ, হাতী, জীৱ-জন্তু আদি সংশ্লিষ্ট পুথি।

12. ‘ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা-সংস্কৃতিৰ আত্মা নিহিত হৈ আছে বুলি ক’লে সম্ভৱতঃ অতিৰঞ্জিত কৰা নহ’ব’-বাক্যশাৰীৰ ভাবাৰ্ত আলোচনা কৰা।
উত্তৰঃ ভাৰতৰ প্ৰাচীন যুগত ৰচিত সংস্কৃত সাহিত্যৰাজিত ভাৰতীয় সভ্যতা সংস্কৃতিৰ আত্মা নিহিত হৈ আছে কিয়নাে কৌটিল্যৰ অৰ্থশাস্ত্ৰ, সুশ্ৰুত সংহিতা, কালিদাস, শূদ্ৰক, ভাস, বাণভট্ট আদি লিখকসকল হ’ল ভাৰতীয় সাহিত্যৰ উজ্জ্বল নিদৰ্শন। অন্যহাতে বুৰঞ্জীমূলক গ্ৰন্থ হিচাপে কলহনৰ ৰাজতৰংগিনী, আৰ্যভট্ট, বৰাহ মিহিৱ ব্ৰহ্মা গুপ্ত, মহৰ্ষি ভৰদ্বাজ আদি বিজ্ঞানীসকলৰ বিভিন্ন গ্ৰন্থ ইয়াৰ লগতে দক্ষিণ ভাৰতৰ সংগম সাহিত্য আদি গ্ৰন্থ সমূহৰ দ্বাৰা ভাৰতীয় লােকৰ মাজত সাহিত্যৰুচি আৰু জ্ঞান পিপাসাৰ পৰিচয় দাঙি ধৰিবৰ বাবে সক্ষম হৈছে। ভাৰতীয় সকলে প্ৰাচীন কালত আহৰণ কৰা জ্ঞান যেন ধৰ্ম বিশ্বাস, জীৱন-জগত সম্বন্ধে দৃষ্টিভংগী, বিজ্ঞান তথা কাৰিকৰী জ্ঞান, ৰাজনীতি, চিকিৎসা আদিয়ে জ্ঞানৰ স্তৰকে প্ৰতিফলিত কৰে বিস্তৃতভাৱে।

13. উত্তৰ-পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় কেনেকৈ সৃষ্টি হৈছে?
উত্তৰঃ উত্তৰ পূৰ্বাঞ্চলৰ এক উমৈহতীয়া সুকীয়া পৰিচয় দাঙি ধৰিবলৈ সক্ষম হৈছে আয়াৰ ভৌগােলিক পৰিস্থিতি। উত্তৰ-পূৰ্বাঞ্চলৰ সকলাে ৰাজাই হৈছে পাহাৰীয়া উত্তৰ-পূৰ্বাঞ্চলৰ উত্তৰ দিশত ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা সমতলভূমি অন্যহাতে দক্ষিণত আছে অন্যান্য ৰাজ্যকেইখন। আমাৰ “ব্ৰহ্মপুত্ৰ উপত্যকাই এক উন্নত সভ্যতাৰ গঢ় দিবলৈ সক্ষম হৈছে। উত্তৰ-পূৰ্বাঞ্চল শব্দটো ব্যৱহাৰ কৰিছিল ব্ৰিটিছ শাসকসকলে। অৰুণাচল প্ৰদেশ, নগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, মেঘালয় আৰু অসম এই। সাতখন ৰাজ্যকে একেলগে উত্তৰ-পূৰ্বাঞ্চল বুলি কোৱা হয়।

এই সাতখন ৰাজ্যক একেলগে সাতভনীৰ ঐক্য বুলিও কোৱা হয়। ১২২৮-১৮১৬ চনত আহােম ৰাজবংশৰ শাসনকাৰ্যৰ সময়ৰ লগতে ওচৰ-চুবুৰীয়া গােটেইকেইখন ৰাজ্যৰ মাজত ঘনিষ্ঠ সম্পৰ্কৰ কথাও বুৰঞ্জীসমূহত তথ্য আছে। ৰাজ্যসমূহে বেলেগ ৰাজ্যৰ বৈবাহিক সম্পৰ্ক স্থাপন কৰিছিল আৰু যদিহে কোনাে বিপদআপদ হৈছিল তেতিয়া সহায় কৰিছিল। ইয়াৰ লগতে পাহাৰ-ভৈয়ামত উৎপন্ন হােৱা সামগ্ৰীৰাে আদান-প্ৰদান হৈছিল। এই সাতােখন ৰাজ্যৰে নিজা নিজা কৃষ্টি-সংস্কৃতি ৰাজনৈতিক ইতিহাস আছে যদিও সমগ্ৰ অঞ্চলটোৰে কেতবােৰ উমৈহতীয়া সংস্কৃতিও আছিল।

14. ভাৰতৰ সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তি আৰু বিকাশৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ভাৰতীয় সংস্কৃতিৰ দুটা বিশেষ বৈশিষ্ট্য হ’ল – সাংস্কৃতিক বহুত্ববাদ আৰু বৈচিত্ৰ্যৰ মাজত একতা। সাংস্কৃতিক বহত্ববাদে কোনো এখন সমাজৰ সাংস্কৃতিক বিবিধতা আৰু ইয়াৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনোভাৱক বুজায়। ভাৰতৰ বিভিন্ন অঞ্চলত বিভিন্ন জাতি উপজাতিয়ে তেওঁলোকৰ পৃথক পৃথক স্বকীয় কৃষ্টি সংস্কৃতিৰ সংৰক্ষণ তথা সংবৰ্দ্ধন কৰিব বিচৰাৰ সময়তে আনৰ কৃষ্টি – সংস্কৃতিৰ সৈতে সহবৰ্তিতা আৰু সন্মানৰ ভাৱ পোষণ কৰা দেখা যায়।

ভাৰতৰ সাংস্কৃতি বহুত্ববাদ বুলিলে কোনাে এখন সমাজ সাংস্কৃতিক বিবিধতা আৰু বিবিধতাৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনােভাৱক বুজায়। ভাৰতত সাংস্কৃতিক বহুত্ববাদৰ উৎপত্তিৰ প্ৰধান কাৰণ হৈছে সমাজৰ মাজত থকা অনৈক্যৰ মাজত একতাৰ সৃষ্টি কৰা। ভাৰতত থকা ভাষিক, ভৌগােলিক সামাজিক, অৰ্থনৈতিক, ধাৰ্মিক আদিৰ ক্ষেত্ৰত থকা বিৰােধাভাষ আঁতৰ কৰিব বাবে বহুত্ববাদৰ উৎপত্তি হৈছিল। হিন্দুধৰ্মৰ স্বকীয় বহুত্ববাদীতা আৰু উদাৰতাৰ বাবে ভিন্ন সময়ত উৎপত্তি হােৱা সাম্ৰাজ্যসমূহে সৃষ্টি কৰা ৰাজনৈতিক একতা ইতিহাস। বহুত্ববাদৰ ফলত ভাৰতীয় সংস্কৃতিত এটা বিশেষ সাংস্কৃতিক যােগাযােগৰ দ্বাৰা দেশখনৰ প্ৰত্যেকটো গােট পৰস্পৰ বন্ধনযুক্ত হৈ থাকে বহুত্ববাদৰ জৰিয়তে কোনাে দুটা গােট যদি আঞ্চলিকভাৱে বিচ্ছিন্ন তেওঁলােককো ভাষিকভাৱে বা ধৰ্মীয়ভাৱে একতাৰ ভাৱ জগাই তােলে। সাংস্কৃতিক বহুত্ববাদে সামাজিক সংস্কৃতিৰ বিবিধতা আৰু বিবিধতাৰ প্ৰতি থকা শ্ৰদ্ধাৰ মনােভাৱক বুজোৱা হয়।

READ MORE  পৰিৱেশ আৰু পৰিৱেশৰ সমস্যা | Chapter 7 | Class 10 Social Science - SEBA

15. ভাৰতৰ ধৰ্মীয় ঐতিহ্যৰ বিষয়ে লিখা।
উত্তৰঃ সিন্ধু সভ্যতাৰ ধৰ্ম ব্যৱস্থাত উপাস্য দেৱতাৰ বিবিধতা দেখা যায়। বৈদিক ব্যৱস্থাতাে বহু দেৱ-দেৱীৰ লগতে একেশ্বৰৰ ধাৰণা বিদ্যমান আছিল। এইদৰে ভাৰতৰ প্ৰাচীনতম ধৰ্মীয় পৰম্পৰাই নতুন নতুন বিশ্বাস, ৰীতি-নীতিৰ ক্ষেত্ৰত সহবৰ্তিতা, সংযােজন আৰু সংমিশ্ৰণৰ ক্ষেত্ৰত এক উদাৰ নীতি গ্ৰহণ কৰিছিল। ইয়াৰ লগতে স্বকীয় নীতিৰ সংস্কাৰ, সংশােধন, নতুন ব্যাখ্যা আৰু বিৰােধৰ প্ৰতিও শ্ৰদ্ধাৰ ভাৱ ৰাখিছিল। এনে দৃষ্টিভংগীৰ বাবেই ভাৰতত কেবাটাও তত্ত্বগতভাৱে পৰম্পৰ বিৰােধী দৰ্শন সবলৰূপত বিকশিত হৈছিল আৰু বেদৰ কেতবােৰ মূল তত্ত্বৰ বিৰােধিতা কৰা সত্বেও খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত আত্মপ্ৰকাশ কৰা বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ সৈতে বৈদিক হিন্দুধৰ্মৰ সংঘৰ্ষ হােৱা নাছিল। একেটা কাৰণতে হিন্দুধৰ্মৰ ভিতৰতেই অনেক পন্থাৰ উদ্ভৱ হৈছিল। পৰৱৰ্তী কালৰ বিভিন্ন ৰাজবংশই ধৰ্মীয় উদাৰতাৰ নীতিটো অনুসৰণ তথা পৃষ্ঠপােষকতা কৰা দেখা যায়।

এই ক্ষেত্ৰত খ্ৰীষ্টপূৰ্ব তৃতীয় শতিকাতেই সম্ৰাট অশােকৰ গিৰ্ণাৰত থকা ১২নং ‘বৃহৎ শিলালেখখনত থকা কিছু কথা বিশেষ মনকৰিবলগীয়া। এই লিপিত কোৱা হৈছে যে কোনেও একমাত্ৰ নিজৰ ধৰ্মটোকে মাত্ৰ প্ৰমাস আৰু আনৰ ধৰ্মক হীন বুলিব নালাগে। বৰং সকলাে ধৰ্মৰ সাৰ গ্ৰহণ কৰি সমন্বয়ৰ বাট অনুসৰণ কৰিব লাগে- সম্ৰাট অশােকৰ এই গিৰ্ণাৰত যি শিলালেখন আছিল তাত ধৰ্মৰ বিষয়ে এক বিশেষ কিছু কথা শিলালিপি কৰা হৈছিল। পৰৱৰ্তী সময়ত বিশ্বৰবিভিন্ন প্ৰান্তত উদ্ভৱ হােৱা খ্ৰীষ্টিয়ান, ইছলাম, জোৰদ্ধাৰ, ইহুদী আদি ধৰ্মৰাে ভাৰতলৈ আগমন ঘটিছিল। শাস্ত্ৰ নিৰ্ভৰ ধৰ্মৰবাৰৰ উপৰি ভাৰতৰ চুকে কোণে বিভিন্ন বিশ্বাস তথা ৰীতি-নীতিৰে অনেক জনজাতীয় ধৰ্মপন্থা দেখা যায়।

16. উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন কিয় অধিকতৰ হৈছে?
উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন অধিকতৰ হৈছে। ব্ৰক্ষ্মপুত্ৰ উপত্যকা এক সাৰুৱা কৃষিভূমি আৰু প্ৰাকৃতিক সম্পদত চহকী অঞ্চল। চীন দেশৰপৰা ৰোমান সাম্ৰাজ্যলৈ যোৱা মহাৰেচমী পথৰ এটা শাখা অসম হৈ আগবাঢ়িছিল। তদুপৰি অসমৰ প্ৰাকৃতিক সৌন্দৰ্য তথা নিৰ্জনতা আদিৰ বাবে সুদূৰ অতীতৰপৰা বিভিন্ন নৃগোষ্টীৰ লোক স্বাভাৱিক প্ৰব্ৰজনকাৰী হিচাপে, আক্ৰমণকাৰী হিচাপে, ব্যৱসায় বাণিজ্য কৰিবলৈ আৰু তীৰ্থ ভ্ৰমণ, আধ্যাত্মিক সাধনা আদি বিভিন্ন উদ্দেশ্যত অসমলৈ আহিছিল আৰু অসমত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল। ভাৰতবৰ্ষত বসবাস কৰা প্ৰধান নৃ-গোষ্ঠী কেইটাৰ আটাইকেইটা অসমতো দেখা যায় আৰু সামগ্ৰীকভাৱে ভাৰতবৰ্ষত ঘটিত হোৱা নৃতাত্ত্বিক তথা সাংস্কৃতিক সংমিশ্ৰণৰ প্ৰক্ৰিয়াটো অসমতো ঘটিছিল। ফলস্বৰূপে অসমত আৰ্য-অনাৰ্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছে।

17. ‘অসমত আৰ্য-অনাৰ্য সকলোৰে সমন্বিতে অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰে উৎপত্তি হৈছে’ – প্ৰসংগটো চমুকৈ আলোচনা কৰা।
উত্তৰঃ উত্তৰ-পূৰ্বাঞ্চলৰ অন্য ৰাজ্যকেইখনৰ তুলনাত অসমত সাংস্কৃতিক বিবিধতা, সংমিশ্ৰণ আৰু বিৱৰ্তন অধিকতৰ হৈছে। ব্ৰক্ষ্মপুত্ৰ উপত্যকা এক সাৰুৱা কৃষিভূমি আৰু প্ৰাকৃতিক সম্পদত চহকী অঞ্চল। চীন দেশৰপৰা ৰোমান সাম্ৰাজ্যলৈ যোৱা মহাৰেচমী পথৰ এটা শাখা অসম হৈ আগবাঢ়িছিল। তদুপৰি অসমৰ প্ৰাকৃতিক সৌন্দৰ্য তথা নিৰ্জনতা আদিৰ বাবে সুদূৰ অতীতৰপৰা বিভিন্ন নৃগোষ্টীৰ লোক স্বাভাৱিক প্ৰব্ৰজনকাৰী হিচাপে, আক্ৰমণকাৰী হিচাপে, ব্যৱসায় বাণিজ্য কৰিবলৈ আৰু তীৰ্থ ভ্ৰমণ, আধ্যাত্মিক সাধনা আদি বিভিন্ন উদ্দেশ্যত অসমলৈ আহিছিল আৰু অসমত স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল।

ভাৰতবৰ্ষত বসবাস কৰা প্ৰধান নৃ-গোষ্ঠী কেইটাৰ আটাইকেইটা অসমতো দেখা যায় আৰু সামগ্ৰীকভাৱে ভাৰতবৰ্ষত ঘটিত হোৱা নৃতাত্ত্বিক তথা সাংস্কৃতিক সংমিশ্ৰণৰ প্ৰক্ৰিয়াটো অসমতো ঘটিছিল। ফলস্বৰূপে অসমত আৰ্য-অনাৰ্য সকলোৰে সমন্বিত অৱদানেৰে এক সংমিশ্ৰিত সংস্কৃতিৰ উৎপত্তি হৈছে।

18. অসমৰ ধৰ্মীয় বিবিধতা আৰু সংহতিৰ বিষয়ে লিখা।
উত্তৰঃ অসমত অধিকাংশ লোক হিন্দু ধৰ্মাৱলম্বী। ইয়াৰ পিছত আছে ইছলাম, খ্ৰীষ্ট্ৰিয়ান, জৈন, বৌদ্ধ, শিখ আৰু জনজাতীয় ধৰ্মপন্থাৱলম্বী লোক। হিন্দু ধৰ্মৰ ভিতৰতে ঘাইকৈ শাক্ত, শৈৱ, বৈষ্ণৱ আৰু সৌৰপন্থী লোক দেখা যায়। অসমৰ বিভিন্ন ঠাইত প্ৰবল প্ৰভাৱী শক্তিপীঠ আছে, এইবোৰৰ ভিতৰত কামাখ্যা মন্দিৰ পৃথিৱী বিখ্যাত। নৱ বৈষ্ণৱ আন্দোলনে অসমৰ বৃহৎ সংখ্যক লোকক বৈষ্ণৱী ভক্তিমাৰ্গত অনুগামী কৰিছিল। খ্ৰীষ্টীয় ত্ৰয়োদশ শতিকাৰ প্ৰথমভাগত অসমত ইছলাম ধৰ্মৰ আগমন ঘটাৰ তথ্য পোৱা যায়। হাজোৰ পোৱামক্কা ইছলাম ধৰ্মাৱলম্বী লোকসকলৰ এখন পৱিত্ৰ তীৰ্থস্থান।

শ্বৰ্গদেউ গদাধৰ সিংহৰ দিনত অসমলৈ অহা চুফী সাধক আজানপীৰ নামে খ্যাত চাহ মিলনে ৰচনা কৰা জিকিৰ আৰু জাৰি সমূহ অসমত প্ৰচলিত এবিধ জনপ্ৰিয় ধৰ্মীয় সংগীত। মানৰ আক্ৰমণৰ সময়ত ৰজা চন্দ্ৰকান্ত সিংহক সহায় কৰিবলৈ পঞ্জাৱৰ ৰঞ্জিত সিংহৰ নিৰ্দেশ ক্ৰমে অসমলৈ অহা শিখ সৈন্যদল এটিৰ কিছুমান লোক অসমত নিগাজীকৈ থাকি গৈছিল। তেওঁলোকৰ বংশধৰ সকল এতিয়া শিখ ধৰ্ম বৰ্তাই ৰাখিও অসমীয়া ভাষা, সংস্কৃতি গ্ৰহণ কৰি জাতীয় জীৱনৰ অংগীভূত হৈ পৰিছে। অসমৰ পূৱ অংশত বাস কৰা টাই ফাকে, তুৰুং, আইতান, খামটি, খাময়াং, নৰা (শ্যাম) সকল বৌদ্ধ ধৰ্মাৱলম্বী।

19. ‘লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰে’ – এই প্ৰসংগত তোমাৰ মন্তব্য আগবঢ়োৱা।
উত্তৰঃ ‘ লোক সংস্কৃতি অধ্যয়নৰ বাবে দৰাচলতে সমগ্ৰ সমাজখনেই এখন কিতাপৰ দৰে ‘ . দৈনন্দিন জীৱনত সৰ্বসাধাৰণ লোকে প্ৰতিটো মুহূৰ্ততে কৰি থকা কাম আৰু আচৰণবোৰ মনযোগেৰে পৰ্যবেক্ষণ কৰিলেই সমাজখনৰ লোকসংস্কৃতিৰ বিষয়ে বহু কথা জানিব পাৰি। লোক-সস্কৃতিৰ ভঁৰালটি মেটমৰা সম্ভাৰেৰে ভৰপূৰ। লোক-সংস্কৃতিৰ উমৈহতীয়া দিশসমূহৰ উপৰিও ভাৰতৰ বিভিন্ন ঠাইৰ ভিন ভিন অঞ্চল, সম্প্ৰদায়, জাতি-জনজাতিৰ মাজত প্ৰচলিত কথিত ভাষা, লোকসাহিত্য,গীত-মাত-নৃত্য-বাদ্য, পোছাক-পৰিচ্ছদ, আ-অলংকাৰ, খোৱা-বোৱা, গৃহ নিৰ্মাণ, কৃষি, পশুপালন, মাছ ধৰা, বিভিন্ন উৎসৱ, বাঁহ-বেত আদিৰ ব্যৱহাৰ, পাৰিবাৰিক, সামাজিক সম্পৰ্ক, ৰীতি-নীতি আদি বিষয়ক অনেক ক্ষেত্ৰত মনকৰিবলগীয়া অনেক দিশ সঁচৰতি হৈ আছে।

এটা জাতি অথবা সমাজ এখনৰ স্বাভাৱিক ৰূপ-ৰং, সুখ-দুখ, শ্ৰম -বিনোদন আদি লোক সংস্কৃতিৰ জৰিয়তে প্ৰতিফলিত হয়। এইবোৰ সকলোবোৰ সমাজতেই সংঘটিত হয়। সমাজ এখনৰ সদস্যসকলে সমাজখনৰ লোক সাংস্কৃতিক কথাবোৰ কোনো প্ৰশিক্ষণ নোহোৱাকৈ দেখি পৰম্পৰাগতভাৱে পুৰুষ অনুক্ৰমে আহৰণ কৰে, কিন্তু সেইবোৰৰ সৈতে অপৰিচিত লোক এজনে লোক-সংস্কৃতি বিষয়ক প্ৰতিটো কথাৰেই সূক্ষ্মাতিসূক্ষ্ম দিশবোৰ বিশেষ মনযোগেৰে কৰিলেহে বুজি পাব পাৰি। সম্প্ৰতি সমগ্ৰ বিশ্বতে সমাজ বিজ্ঞানীসকলৰ মাজত লোক সংস্কৃতিৰ বিষয়ে আগ্ৰহ দেখা গৈছে। সকলো সমাজৰ বিহু,লোকসংগীত আদিৰ বিষয়ে ভালকৈ জানিবলৈ আমাক বহু সময় লাগিব পাৰে কাৰণ ভাৰতত বিভিন্ন সামাজৰ মানুহে বসবাস কৰে অৰ্থাৎ গোটেই সমাজখনে এখন কিতাপৰ দৰে।

20. উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহৰ ধৰ্মীয় বাতাৱৰণৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ ঔপনিৱেশিক শাসন কালছোৱাত উত্তৰ-পূৰ্বাঞ্চলৰ আটাইকেইখন ৰাজ্যত পাহাৰীয়া লােকসকলৰ মাজত মিছনেৰিসকলে খ্ৰীষ্টিয়ান ধৰ্মৰ প্ৰসাৰ ঘটায়। উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্য কেইখনৰ ভিতৰত অসমত আৰ্যভাষা আৰু হিন্দুধৰ্মৰ প্ৰসাৰ অতি প্ৰাচীন কালতেই ঘটিছিল। অনুৰূপ ধৰণে মণিপুৰ আৰু ত্ৰিপুৰাতাে অতি প্ৰাচীন কালতেই হিন্দুধৰ্মৰ প্ৰসাৰ ঘটিছিল। অৱশ্যে মনকৰিবলগীয়া যে পাহাৰীয়া জনজাতিসকলৰ মাজত এতিয়াও প্ৰকৃতিপ্ৰাণবাদী (Animist) বিশ্বাস তথা ৰীতি-নীতি সমান্তৰালভাৱে চলি থকা দেখা যায়। উদাহৰণস্বৰূপে অৰুণাচলৰ বহুসংখ্যক লােক হিন্দু, খ্ৰীষ্টিয়ান আৰু বৌদ্ধ ধৰ্মাবলম্বী, একে সময়তে বিভিন্ন স্থানীয় দেৰ-দেৱীৰ লগতে ডনিপল অৰ্থাৎ চন্দ্ৰ-সূৰ্য তেওঁলােকৰ জনপ্ৰিয় দেৱতা।

নাগালেণ্ডৰ বিভিন্ন জনজাতীয় গােটৰ নৃত্য গীত, বাদ্য শিল্পকলা আদি প্ৰদৰ্শন কৰিব পৰাকৈ সম্প্ৰতি নাগালেণ্ড চৰকাৰে ডিচেম্বৰ মাহৰ প্ৰথম দহটা দিনত উদযাপিত কৰিবলৈ লােৱা হৰ্ণবিল’ উৎসৱত প্ৰায় সকলাে নগা গােষ্ঠীৰ লােকে অংশগ্ৰহণ কৰে। নগাসকলে ধনেশ পক্ষীক এক ত্ৰাণকৰ্তা পবিত্ৰ জীৱ হিচাপে বিবেচনা কৰে বাবেই এই পক্ষীৰ নামত এই উৎসৱটো উদ্যাপন কৰিব লােৱা হৈছে। উল্লেখযােগ্য যে স্বাধীনতা সংগ্ৰামী ৰাণী গাইডালুৱে নগালেণ্ডৰ পৰম্পৰাগত ধৰ্মবিশ্বাস তথা সংস্কৃতি সংৰক্ষণ তথা পুনৰ প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে ‘হেৰাকা নামৰ এক আন্দোলন গঢ়ি তুলিছিল। মণিপুৰৰ মেইটেই সম্প্ৰদায়টোৰ অধিকাংশ লােক চৈতন্যপন্থী বৈষ্ণৱ ধৰ্মাৱলম্বী। বৈষ্ণৱ ধৰ্মৰে প্ৰভাৱিত গীত বাদ্য, নৃত্য এওঁলােকৰ মাজত দেখা যায়। চৈতন্য মহাপ্ৰভু শৈশৱ, কৃষ্ণলীলা আদিৰ আলম কৰি গঢ়ি উঠা মণিপুৰী নৃত্য ভাৰতৰ সংগীত নাটক অকাদেমিৰ দ্বাৰা স্বীকৃতি প্ৰাপ্ত এটা ধ্ৰুপদী নৃত্য।

মণিপুৰী সকলৰ একাংশৰ মাজত এতিয়াও প্ৰকৃতি প্ৰাণবাদী ধৰ্মপন্থৰ প্ৰচলন আছে। ত্ৰিপুৰাৰ অধিকাংশ লােকেই হিন্দু ধৰ্মালম্বী আৰু বংগীয় সংস্কৃতিৰ দ্বাৰা প্ৰভাৱিত। বিভিন্ন জনগােষ্ঠীয় উপাদানেৰে ত্ৰিপুৰাত এক সংমিশ্ৰিত সংস্কৃতি দেখা যায়। মেঘালয়ৰ পূৰ্বৰ প্ৰকৃতি উপাসক খাছী, গাৰাে, জয়ন্তীয়া আদি লােকসকলে ১৮৩০ চনৰ পৰা ক্ৰমে খ্ৰীষ্টিয়ান ধৰ্মত দীক্ষিত হ’ব ধৰে আৰু বৰ্তমান সত্তৰ শতাংশতকৈ অধিক লােক খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বী। প্ৰায় আশী শতাংশ কৃষিজীৱি লােকৰ একাংশ এতিয়াও অন্য পাহাৰীয়া ৰাজ্য কেইখনৰ বাসিন্দা সকলৰ দৰে ঝুম খেতিত নিয়ােজিত। মেঘালয়ৰ সমাজ ব্যৱস্থা হ’ল মাতৃতান্ত্ৰিক। অৱশ্য মেঘালয়ৰ বিভিন্ন জনগোষ্ঠীয়ে তেওঁলােকৰ পৰম্পৰাগত নৃত্যগীত আদি কিছু হলেও সংৰক্ষণ কৰি ৰাখিবলৈ সক্ষম হৈছে। মিজোৰামৰ জন গাঁথনিও বিভিন্ন জনগােষ্ঠীৰে গঠিত। আটাইকে একেলগে মিজো বুলি কোৱা হয়।

মিজো শব্দৰ অৰ্থ হ’ল ‘পাহাৰৰ বাসিন্দা। এওঁলােকৰ গৰিষ্ঠ সংখ্যক খ্ৰীষ্টিয়ান ধৰ্মাৱলম্বীৰ লগতে কিছু সংখ্যক বৌদ্ধ আৰু হিন্দুধৰ্মাৱলম্বী লােকো আছে। খ্ৰীষ্টিয়ান ধৰ্ম গ্ৰহণ কৰাৰ পিছত তেওঁলােকৰ পৰম্পৰাগত উৎসৱ, গীত মাতবােৰ হ্ৰাস পাবলৈ লৈছিল। ১৯৭৩ চনৰপৰা মিজোসকলে তেওঁলােকৰ পৰম্পৰাগত ‘চপচৰ কূট’ পুনৰ উদ্যাপন কৰিবলৈ লৈছে। ইয়াৰ লগতে অন্য বহু পৰম্পৰাগত নৃত্য, সংগীত আদিৰাে পুনৰুদ্ধাৰ কৰিবলৈ মিজোসকল যত্নপৰ হৈছে।

Leave a Comment

error: Content is protected !!
Scroll to Top