মানৱ বন্দনা | Chapter 2 | Class 9 Assamese Chapter 2 মানৱ বন্দনা | Class 9 Assamese Question and Answer | Assam Class 9 Assamese Solutions | SEBA Class 9 Assamese Chapter 2 Notes | SEBA Class 9 Assamese Chapter 2 Question and Answer | Questions and Answers for Class 9 Assamese Chapter 2 মানৱ বন্দনা| Assam Class 9 Assamese Questions and Answers Assam | Class 9 মানৱ বন্দনা Assamese Question and Answer | Assam Board Class 9 Assamese Chapter 2 মানৱ বন্দনা
মানৱ বন্দনা
(চন্দ্ৰকুমাৰ আগৰৱালা)
অতি চমু প্রশ্নৰ উত্তৰ
1. মানৱ বন্দনা কবিতাটি কৰ পৰা অনা হৈছে?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘প্রতিমা’ কবিতা পুথিৰপৰা মানৱ বন্দনা কবিতাটি অনা হৈছে।
2. অসমীয়া কাব্যসাহিত্যত চন্দ্ৰকুমাৰ কি কবিৰূপে জনাজাত?
উত্তৰঃ অসমীয়া কাব্য-সাহিত্যত চন্দ্ৰকুমাৰ ৰোমাণ্টিক কবিৰূপে জনাজাত।
3. মানৱ বন্দনা কবিতাত কবিয়ে কাক শ্ৰেষ্ঠ বুলি কৈছে?
উত্তৰঃ মানৱ বন্দনা কবিতাত কবিয়ে মানুহক শ্ৰেষ্ঠ বুলি কৈছে।
4. শিক্ষা সমাপ্ত কৰি চন্দ্ৰকুমাৰে কি কৰিছিল?
উত্তৰঃ শিক্ষা সমাপ্ত কৰি চন্দ্ৰকুমাৰে ছপাশাল আৰু চাহ বাগিচা পৰিচালনাৰ কাম কৰিছিল।
5. মানব বন্দনা’কবিতাত কবিয়ে কাৰ জয় বুলি ঘোষণা কৰিছে?
উত্তৰঃ মানব বন্দনা কবিতাত কবিয়ে মানৱ-দেৱতাৰ জয় বুলি ঘোষণা কৰিছে৷
6. অসমীয়া সাহিত্যৰ প্ৰথম ৰোমান্টিক কবি কোন?
উত্তৰঃ কবি চন্দ্ৰকুমাৰ আগৰৱালা অসমীয়া সাহিত্যৰ প্ৰথম ৰোমাণ্টিক কবি।
7. মানৱ বন্দনা কবিতাত কবিয়ে ধৰম কত থকা বুলি কৈছে?
উত্তৰঃ মানৱ বন্দনা কবিতাত কবিয়ে মানুহে মানুহৰ মৰম বুজি পোৱাতে ধৰম থকা বুলি কৈছে।
8. কাক প্ৰতিমাৰ খনিকৰ বোলা হয়?
উত্তৰঃ কবি চন্দ্ৰকুমাৰ আগৰৱালাক প্ৰতিমাৰ খনিকৰ বোলা হয়।
9. মানৱ বন্দনা কবিতাটি কাৰ ৰচনা?
উত্তৰঃ মানৱ বন্দনা’ কবিতাটি কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ ৰচনা।
10. প্রতিমা’ কবিতা পুথিখনি পঢ়ি ৰসৰাজ বেজবৰুৱাই দিয়া মন্তব্য কি?
উত্তৰঃ প্রতিমা’ কবিতা পুথি পঢ়ি ৰসৰাজ বেজবৰুৱাই মন্তব্য কৰিছিল ‘প্ৰতিমাখনি সৰু কিন্তু নিভাজ সোণৰ।
11. চন্দ্ৰকুমাৰ গুৱাহাটীৰপৰা প্ৰকাশ কৰা কাকত কেইখন কি কি আছিল?
উত্তৰঃ চন্দ্ৰকুমাৰে গুৱাহাটীৰপৰা প্ৰকাশ কৰা কাকত দুখন আছিল “জোনাকী’ আৰু ‘সাদিনীয়া অসমীয়া।
12. চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম কেতিয়া আৰু কত হৈছিল?
উত্তৰঃ ১৮৬৭ চনত তেজপুৰৰ ব্ৰহ্মাজানত চন্দ্ৰকুমাৰ আগৰৱালাৰ জন্ম হৈছিল।
13. চন্দ্ৰকুমাৰ আগৰৱালাই কলকাতাৰ কোনখন কলেজত পঢ়িছিল?
উত্তৰঃ চন্দ্ৰকুমাৰ আগৰৱালাই কলকাতা প্ৰেছিডেন্সি কলেজত পঢ়িছিল।
14. চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰথম ৰোমান্টিক কবিতাটোৰ নাম কি?
উত্তৰঃ বনকুঁৱৰী নামৰ কবিতাটি চন্দ্ৰকুমাৰৰ প্ৰথম বৰামান্টিক কবিতা।
15. চন্দ্ৰকুমাৰে স্নাতক উপাধি লৈছিলনে?
উত্তৰঃ চন্দ্ৰকুমাৰে স্নাতক পঢ়িও উপাধি পৰীক্ষা দিয়া নাছিল।
16. চন্দ্ৰকুমাৰ আগৰৱালাৰ কবিতা পুথি দুখনৰ নাম লিখা।
উত্তৰঃ প্রতিমা আৰু বীণবৰাগী এই দুখন চন্দ্ৰকুমাৰৰ কবিতা পুথি।
চমু প্রশ্নৰ উত্তৰ
1. তোমাৰ পাঠৰ আধাৰত চন্দ্ৰকুমাৰ আগৰৱালাৰ কবি-প্ৰতিভাৰ পৰিচয় দিয়া।
উত্তৰঃ আমাৰ পাঠ্যপুথিত চন্দ্ৰকুমাৰ আগৰৱালাৰ মানৱ বন্দনা নামৰ কবিতাটি সন্নিবিষ্ট কৰা হৈছে। এই কবিতাটি কবি চন্দ্ৰকুমাৰ আগৰহ্বালাদেৱৰ ‘প্রতিমা’ নামৰ কবিতা – পুথিৰপৰা লোৱা হৈছে। চন্দ্ৰকুমাৰ আগৰৱালা অসমীয়া সাহিত্যলৈ ৰোমান্টিক ভাৱৰ সোঁত বোৱাওঁতা প্রথম কবি। প্রতিমা’ কবিতা পুথিত ৰোমান্টিক কবিতাৰ সকলো লক্ষণ প্রকাশ পাইছে। চন্দ্ৰকুমাৰৰ কবিতাৰ এই নিপুণ ৰচনাৰ বাবেই বেজবৰুৱাই মন্তব্য কৰিছিল যে, প্ৰতিমাখনি সৰু কিন্তু নিভাজ সোণৰ৷
“মানৱ বন্দনা” কবিতাটিত কবিৰ কল্পনাই ৰোমান্টিক ভাৱৰ প্ৰকাশ ঘটাইছে। পথিৱীত মানুহব জন্ম আৰু মৃত্যক বুজাবৰ বাবে কবিয়ে আহিছে মানহ গইছে মানুহ’কথাষাৰ ব্যৱহাৰ কৰিছে। মানুহকদেৱতা’ বুলি মানুহকে পূজা কৰিবলৈ কোৱা কল্পনাও ৰোমান্টিক ভাৱৰেই পৰিচায়ক। পৃথিৱীক সকলো মানুহৰ ঘৰ, পৃথিৱীখন স্বৰ্গতকৈ অধিক বা শ্রেষ্ঠ, মানুহেই শ্রেষ্ঠ দেৱতা, মানুহৰ মঙ্গলৰ বাবে দেৱতা-পূজাৰ সম্ভাৰ লৈ মানুহক পূজা কৰা আদি কল্পনা ৰোমান্টিক-ভাৱৰ কল্পনা। কল্পনা বিলাস, কল্পনাৰ আতিশয্য, সাধাৰণ বিষয়ত বিশেষত্ব আবোপ আদি ৰোমান্টিক ভাৱৰ লক্ষণ। চন্দ্ৰকুমাৰৰ মানৱ বন্দনা কবিতাত এই ৰোমান্টিক ভাৱবোৰৰ প্রকাশ ঘটিছে। এই এটা মাত্ৰ কবিতাৰ পৰাই ৰোমান্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ প্ৰতিভাৰ পৰিচয় পোৱা যায়।
2. মানুহেই পৰাৎপৰ বোলা কথাষাৰৰ অৰ্থ কি?
উত্তৰঃ কবিয়ে মানুহক শ্রেষ্ঠতকৈও শ্রেষ্ঠ বা বিশ্বনিয়ন্তা ভগৱানৰ সমান বুলি কোৱাৰ প্ৰয়াস কৰিছে। ভাৱৰ আতিশয্যই ৰোমান্টিক কবিক দার্শনিক ভাৱধাৰাৰ মাজলৈ লৈ গৈছে। ইয়াত কবিয়ে ক্ষুদ্ৰৰ মাজেৰে বিৰাটৰ সন্ধান কৰিছে। অর্থাৎ মানৱাত্মাৰ মাজেৰে পৰমাত্মাৰ সন্ধান কৰিছে। মানুহ পৰমাত্মাৰ ক্ষুদ্ৰ ক্ষুদ্র অংশ স্বৰূপ৷ গতিকে ক্ষুদ্রাত্মা মানুহক পূজা কৰিলে ভগৱানক পূজা কৰা হয়। সেই দৃষ্টিৰে চাই কবিয়ে মানুহক ‘পৰাৎপৰ’ অৰ্থাৎ সকলোতকৈ শ্ৰেষ্ঠ – বা ভগৱান ৰূপত কল্পনা কৰাৰ প্ৰয়াস কৰিছে।
3. পাদ্য-অৰ্ঘ্য লৈ মানুহক পূজা কৰাৰ অৰ্থ কি?
উত্তৰঃ “মানৱ বন্দনা” কবিতাত ৰোমাণ্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাই কল্পনা আৰু দার্শনিক দৃষ্টিৰে ক্ষুদ্ৰৰ মাজেৰে বিৰাটৰ সন্ধানৰ দৰে ক্ষুদ্ৰ মানৱাত্মাৰ মাজেৰে পৰমেশ্বৰ ভগৱানৰ সন্ধান কৰিছে। সেই দৃষ্টিৰে কৱিয়ে মানুহক ভগৱান ৰূপত দেখিছে, যিহেতু ক্ষুদ্রাত্মা মানুহ পমাত্মা ভগৱানৰ অংশ বিশেষ। সেই কাৰণে কবিয়ে দেৱতা পূজাৰ সম্ভাৰ পাদ্য অৰ্ঘ্য লৈ মানৱ-দেৱতাৰ পূজা কৰিবলৈ মানুহক উপদেশ দিছে। পাদ্য অৰ্ঘ্যেৰে পূজা কৰি মানুহে দেৱতাক সন্তুষ্ট কৰিব বিচাৰে। যিহেতু মানুহেই ভগৱান বা দেৱতা, সেই কাৰণে কবিয়ে মানুহক সন্তুষ্ট কৰিবৰ বাবে মানৱ- পূজা কৰাৰ পৰামৰ্শ দিছে। ইয়াত প্ৰকৃতাৰ্থত সজ ভাবনা, সজ আচৰণ, মিলা-প্ৰীতি আদিৰে এজনে আনজনক আচৰণ কৰাটোও পাদ্য অর্ঘ্য্য লৈ পূজা কৰাৰ দৰেই ফলপ্রসূ হব পাৰে।
4. “মানৱবন্দনা” কবিতাটিৰ অন্তৰ্নিহিত সামৰ্মৰ (মূলভাৱৰ) আভাস দিয়া।
উত্তৰঃ মানবাত্মা চিৰাচৰিত ভাৱেই মৃত্যুশীল। পৃথিৱীলৈ মানুহৰ অনন্তসোঁত প্ৰৱাহিত হৈ থাকিলেও মানুহৰ মৃত্যুশীলতাৰ বাবেই পৃথিৱীখনক মৰত’ বোলা হৈছে৷ মৃত্যুশীল জীৱনত মানুহে মানবোচিত কাৰ্য্য আচৰণৰ দ্বাৰা জীৱন অতিবাহিত কৰা উচিত। পৃথিৱীবাসী সকলো মানুহেই এক পৰমাত্মা ভগৱানৰ অংশসস্তৃত যেতিয়া মৰম- প্ৰীতিৰে বসবাস কৰি মানৱজাতিৰ উন্নতি সাধনৰ যত্ন কৰা কৰ্তব্য। তাকে কৰিবলৈ হ’লে দেৱ-দেৱীক পূজাৰ সলনি মানুহৰ সন্তুষ্টিৰ বাবে মানুহক দেৱতাৰ পূজাৰ সকলো সম্ভাৰেৰে পূজা কৰি মানৱ জাতিৰ জয় ঘোষণা কৰা উচিত।
5. মানুহক “ময়াপী জীৱ” বোলাৰ অৰ্থ কি?
উত্তৰঃ নিজৰ চেহেৰা বা অৱয়বৰ সলনি কৰিব পৰা গুণেই মায়া। এই | মায়াই, মোহ, ভ্ৰান্তি আদিৰ সৃষ্টি কৰিব পাৰে। পৃথিৱীখনত চামে চামে মানুহৰ জন্ম আৰু মৃত্যুৰ ঘটনাও মায়া বা ৰূপ পৰিবৰ্তনৰ দৰেই। মানুহৰ জন্ম-মৃত্যুৰ এই সংঘটনৰ বাবেই কবিয়ে মানুহক ময়াপী (মায়াবী) জীৱ বুলিছে।
6. “মানৱ বন্দনা” কবিতাটিৰ সাৰাংশ তোমাৰ নিজৰ কথাৰে বিৱৰি লিখা।
উত্তৰঃ পৃথিৱীত চামে চামে মানুহৰ জন্ম হৈছে আৰু মৃত্যুও ঘটিছে। পৃথিৱীলৈ বোৱা মানুহৰ জন্ম-মৃত্যুৰ সোঁত অবিৰত। তেনে ক্ষেত্ৰত কবিৰ মতে পৃথিৱীখনক ‘মৰত’ বোলাৰ কোনো যুক্তি নাই। কিন্তু পৃথিৱীত মানুহ জন্মিলে মৰিবও লাগে বাবে পৃথিৱীত মানুহে মানুহৰ উপযোগী কাম কৰি জীৱন কটোৱা উচিত। মানুহৰ প্ৰতি মানুহে মৰম-চেনেহ ভৰা আচৰণ কৰিলে শ্রেষ্ঠ ধর্ম পালন কৰা হয়। পৃথিৱীখনত মানুহেই মানুহৰ লগ-সঙ্গ আৰু শ্ৰেষ্ঠৰৰ শ্ৰেষ্ঠ দেৱতা। পৃথিৱীখনেই মানুহৰ ঘৰ। এইখন ঘৰত সকলোৱে একেলগে মিলা প্ৰীতিৰে থাকি দেৱতা পূজাৰ সকলো সম্ভাৰ লৈ মানুহ দেৱতাক পূজা কৰি মানুহৰ জয় ঘোষণা কৰিবলৈ কবিয়ে পৰামৰ্শ আগবঢ়াইছে।
7. এই যে পৃথিৱী স্বৰ্গতত অধিক
মানুহৰ নিজাপী ঘৰ৷
—কথাষাৰৰ অৰ্থ বুজাই লিখা।
উত্তৰঃমানৱ বন্দনা কবিতাত ৰোমাণ্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাদেৱে মানুহে মানুহক মৰম-আদৰ কৰাকে শ্রেষ্ঠ ধৰ্ম বুলি উল্লেখ কৰিছে। পৃথিৱীখনত মানুহেই মানুহৰ লগ-সংগ। মানুহ পৃথিৱীত সকলোতকৈ শ্রেষ্ঠ। সকলো মানুহেই পৃথিৱীত থাকে বাবে পৃথিৱীখনেই মানুহৰ নিজাতকৈও নিজৰ, আপোনতকৈও আপোন ঘৰ৷ ৷ এই কথাখিনি মানুহক বুজাই দিয়াৰ প্ৰসংগতে কবিয়ে উক্ত কথাষাৰ কৈছে।
উক্ত কথাষাৰৰ দ্বাৰা কবিয়ে পৃথিৱীবাসী মানুহক উপদেশ দিব খুজিছে যে পৃথিৱীত জীয়াই থকা সময় ছোৱাত মানুহে মানববাচিত কম আচৰণ কৰি জীৱন অতিবাহিত কৰা উচিত। পৃথিৱীত মানুহে ইজনে সিজনৰ প্ৰতি মৰম-আদৰ, সদ্ভাৱ- সম্প্ৰীতিৰে আপোনভাৱ অটুত ৰাখি জীয়াই থকা উচিত। নিজৰ অথবা মানৱ সমাজৰ মংগল সাধনৰ বাবে অইন দেৱী-দেৱতাক পূজা কৰাতকৈ মানুহে দেৱতা পূজাৰ সকলো সম্ভাৰ—পাদ্য, অৰ্ঘ্য লৈ মানৱ-দেৱতাকেই পূজা কৰা উচিত। তেতিয়াই অইন দেৱী দেৱতাক পূজা কৰি পোৱা ফল পোৱা যাব আৰু পৃথিৱীত মানৱ-দেবতাৰ জয় সৰ্বত্ৰ বিয়পি পৰিব। এই পৃথিৱীত মানুহ-দেৱতাৰ বাহিৰে অইন কোনো দেৱতা নাই আৰু মানুহেই পৃথিৱীৰ শ্ৰেষ্ঠ দেৱতা বুলি কবিয়ে মানুহক উপদেশ দিব বিচাৰিছে। কবিৰ এই কল্পনাত ক্ষুদ্ৰৰ মাজেৰে বিৰাটৰ সন্ধান আৰু মানুহৰ পূজাৰ মাজেৰে ভগৱানৰ পূজাৰ ভাৱ-অনুভূতিৰ প্রকাশ ঘটিছে।
8. মানুহেই দেৱ মানুহেই সেৱ
মানুহ বিনে নাই কেৱ,
কৰা কৰা পূজা পাদ্য অর্ঘ্য লই
জয় জয় জয় মানৱ দেৱ ৷
—তাৎপর্য ব্যাখ্যা কৰা।
উত্তৰঃ অসমীয় সাহিত্যৰ প্ৰথম ৰোমাণ্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘মানর বন্দনা’ নামৰ কবিতাটিৰপৰা উক্ত কবিতা দুশাৰী উদ্ধৃত কৰা হৈছে।
পৃথিৱীত জন্ম লাভ কৰা মানুহে মানুহৰ যোগ্য কাম কৰি জীৱন অতিবাহিত কৰা উচিত। মানুহৰ প্ৰতি মৰম আদৰ কৰাটো মানুহৰ শ্ৰেষ্ঠ ধর্ম। মানুহ সন্তুষ্ট হলেই ভগৱানো সন্তুষ্ট হয়; অর্থাৎ শ্রেষ্ঠ মানৱ সেৱাই শ্ৰেষ্ঠ ভগৱান সেৱা। মানুহৰ বাহিৰে অইন কোনো শ্রেষ্ঠ দেৱতা নাই। সেই কাৰণে করিয়ে শ্রেষ্ঠ দেৱতা হিচাপে দেৱতা পূজাৰ সম্ভাৰেৰে মানুহ-দেৱতাক পূজা কৰাৰ পৰামৰ্শ দিছে।
9. মানৱী জনম দিয়া উটুৱাই
মানৱী কম সোঁতে,
মানুহৰ মৰম বুজিবা মানুহে
ধৰ্ম ‘যে মৰমতে।
—তাৎপর্য ব্যাখ্যা কৰা।
উত্তৰঃ অসমীয় সাহিত্যৰ প্ৰথম ৰোমাণ্টিক কবি চন্দ্ৰকুমাৰ আগৰৱালাৰ ‘মানর বন্দনা’ নামৰ কবিতাটিৰপৰা উক্ত কবিতা দুশাৰী উদ্ধৃত কৰা হৈছে।
পৃথিৱীখনলৈ মানুহ অহা-যোৱাৰ অবিৰত সোঁত চলি আছে যদিও ওপজিলে মানুহক মৰিব লাগে বাবে পৃথিৱীখনক মৰত বোলা হৈছে। গতিকে মৃত্যুশীল এই পৃথিৱীখনত মানুহ যি কেইদিন জীয়াই থাকে সেই কেইদিন মানববাচিত আচৰণেৰে মানুহক দয়া, মৰম, প্ৰীতিৰে সন্তোষ দিয়া উচিত। মানুহৰ প্ৰতি মানুহে দেখুৱা মৰম- আদৰেই ধৰ্ম। মানুহক আদৰসাদৰ কৰিলে, মানুহক সেৱা পূজা কৰিলে দেৱতাক পূজা কৰা হয়। গতিকে ‘মৰমেই-ধৰম’ জানি মানুহে মানুহক মৰম-প্ৰীতিৰে আপোন কৰি ধৰ্ম সঞ্চয় কৰা উচিত।
ভাষা বিষয়ক
1. সমার্থক শব্দ লিখা। ―মানুহ, সংগ, পৃথিৱী, সোঁত, স্বৰ্গ, দেৱ।
উত্তৰঃ
শব্দ | সমার্থক শব্দ |
মানুহ | মানৱ, নৰ, মনুষ্য। |
সংগ | লগ, লগৰীয়া, সান্নিধ্য। |
পৃথিৱী | ধৰা, ধৰিত্ৰী, বসুমতী, অৱনী, বসুধা, ধৰাতল। |
সোঁত | প্রবাহ, স্রোত, বৈ যোৱা কাৰ্য। |
স্বৰ্গ | সৰগ, স্বৱগ। |
দেৱ | দেৱতা, ঈশ্বৰ, স্বৰ্গৰ অধিবাসী। |
2. সংস্কৃত কর্ম, ধৰ্ম আদি শব্দৰ পৰা কৰম, ধৰ্ম আদি শব্দৰ উৎপত্তি হৈছে। এনে কিছুমান শব্দ বাছি উলিয়াই এখন তালিকা প্রস্তুত কৰা।
উত্তৰঃ কৰ্ম, ধৰ্ম আদি শব্দৰপৰা উৎপত্তি হোৱা কৰম, ধৰম, আদি অর্ধ তৎসম শব্দ বোলা হয়। তলত এনে শব্দ কেতবোৰ উল্লেখ কৰ হ’ল—
ভক্তি ― ভকতি।
শক্তি ― শকতি।
মূর্তি ― মূৰতি।
শ্রী ― চিৰি।
মিত্র ― মিতিৰ।
হস্ত ― হাত।
দন্ত ― দাঁত।
সত্য ― সঁচা।
দর্শন ― দশন।
স্পর্শ ― পৰশ।