ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য | Chapter 9 | Class 9 Assamese (MIL) - SEBA

ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য | Chapter 9 | Class 9 Assamese – SEBA

ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য | Chapter 9 | Class 9 Assamese Chapter 9 ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য | Class 9 Assamese Question and Answer | Assam Class 9 Assamese Solutions | SEBA Class 9 Assamese Chapter 9 Notes | SEBA Class 9 Assamese Chapter 9 Question and Answer | Questions and Answers for Class 9 Assamese Chapter 9 ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য| Assam Class 9 Assamese Questions and Answers Assam | Class 9 ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য Assamese Question and Answer | Assam Board Class 9 Assamese Chapter 9 ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য


ভাৰতৰ বৈচিত্ৰ্যৰ মাজত ঐক্য

(ড° হেমন্ত কুমাৰ শৰ্মা)

অতি চমু প্ৰশ্নোত্তৰ

1. কি কি পাৰ্থক্য থকা সত্ত্বেও ভাৰতীয় লোকসকলৰ মাজত এটি সামূহিক মিল আছে?
উত্তৰঃ ভৌগোলিক অৱস্থানজনিত কাৰণত হোৱা জলবায়ুৰ পাৰ্থক্য, ভাষা, ধৰ্ম, সংস্কৃতি, খাদ্যাখাদ্য, সাজ-পাৰ আদিত পাৰ্থক্য থাকা সত্ত্বেও ভাৰতীয় লোকসকলৰ মাজত এটি সামূহিক মিল বা ঐক্য আছে।

2. কোনবোৰ লোক (ভাৰতত বাস কৰা) মংগোলীয় গোষ্ঠীৰ?
উত্তৰঃ ভাৰতবৰ্ষত থকা নগা, বড়ো, মিছিং, কাৰ্বি, গাৰো আদি লোকসকল মংগোলীয় গোষ্ঠী।

3. জৈন ধৰ্মৰ প্ৰৱৰ্তক কোন?
উত্তৰঃ মহাবীৰ বা বৰ্ধমান জৈন ধৰ্মৰ প্ৰৱৰ্তক।

4. কি কি গ্ৰন্থই প্ৰাচীন কালৰেপৰাই ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাৱ গঢ়াত সহায় কৰিছে?
উত্তৰঃ বেদ-উপনিষদ, গীতা-ভাগৱত, ৰামায়ণ-মহাভাৰত আদি গ্ৰন্থই প্ৰাচীন কালৰেপৰাই ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাৱ গঢ়াত সহায় কৰিছে।

5. উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে কেনে ধৰণৰ সাজ পাৰ (পোছাক) পৰিধান কৰে তাৰ এটি বৰ্ণনা দিয়া।
উত্তৰঃ উত্তৰ ভাৰতৰ তিৰোতাসকলে সাধাৰণতে চুড়িদাৰ, পায়জামা কামিজ আৰু শাৰী পৰিধান কৰে।

6. প্ৰাগৈতিহাসিক যুগত যিসকল ভাৰতীয় লোক পৰ্বতৰ গুহা বা গছৰ যোত বাস কৰিছিল তেওঁলোকক কি বোলা হৈছিল?
উত্তৰঃ প্ৰাগৈতিহাসিক যুগত পৰ্বতৰ গুহা বা গছৰ ধোত বাস কৰা ভাৰতীয় লোকসকলক ‘আদিম অধিবাসী’ বোলা হৈছিল।

7. বুদ্ধদেৱৰ আচল নাম কি?
উত্তৰঃ বুদ্ধদেৱৰ আচল নাম আছিল সিদ্ধাৰ্থ, গৌতম আৰু শাক্যসিংহ

8. মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা কোন?
উত্তৰঃ মহৰ্ষি ব্যাস মহাভাৰত আৰু অষ্টাদশ পুৰাণ প্ৰণেতা বুলি খ্যাত।

9. সুকুমাৰ কলা কোন বিলাক?
উত্তৰঃ সংগীত, চিত্ৰকলা, স্থাপত্য-ভাস্কৰ্য আদি সুকুমাৰ কলা।

10. কুশাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কি?
উত্তৰঃ কুশাণ বংশৰ শ্ৰেষ্ঠ ৰজাজনৰ নাম কণিষ্ক।

11. “মক্কা” সম্পৰ্কে ৫০টা শব্দৰ ভিতৰত বুজাই বা চিনাকি কৰি দিয়া।
উত্তৰঃ আৰব দেশৰ অন্তৰ্গত মক্কা ইচলাম ধৰ্মৰ পবিত্ৰ তীৰ্থক্ষেত্ৰ। এই মক্কানগৰতে ইচলাম ধৰ্ম প্ৰৱৰ্তক হজৰত মহম্মদৰ জন্ম হয়। মক্কাত ইচলামৰ পবিত্ৰ কাবা মছজিদ আছে। নানা ঠাইৰ পৰা মুছলমান লোক সকলে মক্কালৈ হজ কৰিবলৈ যায়। মক্কা-দৰ্শন কৰিলে সকলো দোষ নাশ হয়, পাপ ক্ষয় হয় বুলি ইচলাম ধৰ্মী লোকে বিশ্বাস কৰে।

12. “সুকুমাৰ কলা” সম্পৰ্কে ৫০টা শব্দৰ ভিতৰত বুজাই বা চিনাকি কৰি দিয়া।
উত্তৰঃ কবিতা, সংগীত, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য এই পাঁচটোক একেলগে সুকুমাৰ কলা বোলে। কবিতাৰে মনৰ আবেগ প্ৰকাশ কৰা হয় ৷ বাদ্যযন্ত্ৰৰ সমন্বয়ত বাজি উঠা সুৰেই সংগীত। সংগীতে মানুহক আনন্দ দান কৰে। চিত্ৰবিদ্যাৰ যোগেদি চিত্ৰকৰে নানা কথাক জীয়াই ৰাখিব পাৰে। মঠ মন্দিৰ স্থাপত্যৰ ফল। শিলত বা মঠ মন্দিৰৰ গাত খোদিত চিত্ৰই হৈছে ভাস্কৰ্য। সুকুমাৰ কলাহ সকলো সময়তো মানুহক শিক্ষা দান কৰে।

13. “কুশান” সম্পৰ্কে ৫০টা শব্দৰ ভিতৰত বুজাই বা চিনাকি কৰি দিয়া।
উত্তৰঃ কুশান ইউচি জাতিৰ এটা শাখা। আদিতে এওঁলোক অঘৰী জীৱন যাপন কৰিছিল। তাৰ পিছত আৰ্যসভ্যতাই তেওঁলোকৰ সেই অভ্যাস আঁতৰালে। এই জাতিটো পাঁচ ভাগত ভাগ হৈ তাৰেই কুশান শাখাটো ভাৰতলৈ আহে। কুশান বিলাকেই আছিল ইউচি-ৰ শ্ৰেষ্ঠ ঠাল। এই বংশই ভাৰতত বহুকাল ৰাজত্ব কৰিছিল।

14. “সংগীত” সম্পৰ্কে ৫০টা শব্দৰ ভিতৰত বুজাই বা চিনাকি কৰি দিয়া।
উত্তৰঃ সংগীতে মানুহক দুখ বেজাৰ পাহৰাই দিয়ে। কেইবাবিধো বাদ্যযন্ত্ৰ বজাই তোলা সুৰৰ সূচনাকেই সংগীত বোলে। সংগীতৰ সহায়ত গীত পৰিবেশন কৰে একোটা পৰিৱেশ সংগীতেই সৃষ্টি কৰে। সুৰৰ কাৰুণ্যতাৰে শ্ৰোতাক কন্দুৱাব পাৰি ৷

15. “জেৰুজালেম” সম্পৰ্কে ৫০টা শব্দৰ ভিতৰত বুজাই বা চিনাকি কৰি দিয়া।
উত্তৰঃ প্ৰাচীন পেলেষ্টাইনৰ ৰাজধানী আছিল জেৰুজালেম। পশ্চিম এচিয়াৰ এখন বিখ্যাত নগৰ। এই নগৰে খ্ৰীষ্টান ধৰ্ম প্ৰৱতৰ্ক যীশুখৃষ্টৰ জন্ম হয়।

16. “প্ৰাগৈতিহাসিক যুগ” সম্পৰ্কে ৫০টা শব্দৰ ভিতৰত বুজাই বা চিনাকি কৰি দিয়া।
উত্তৰঃ যি যুগৰ বিষয়ে ইতিহাসে সমল যোগাব নোৱাৰে অৰ্থাৎ ইতিহাস ৰচনা হোৱাৰ আগৰ কালক প্ৰাগৈতিহাসিক যুগ বোলা হয়। উদাহৰণ স্বৰূপে আমাৰ দেশত বা শোণিতপুৰত বাণ ৰজাই ৰাজত্ব কৰিছিল। কিন্তু কোন চনৰ পৰা কোন চনলৈ বা কেতিয়া ৰাজত্ব কৰিছিল তাৰ বিষয়ে বুৰঞ্জীয়ে নাজানে। আৰ্যসকল ভাৰতত প্ৰবেশ কৰাও প্ৰাগৈতিহাসিক ঘটনা।

17. ভাৰতবৰ্ষত থকা/বাস কৰা বিভিন্ন ধৰ্মাবলম্বী লোকসকলৰ নাম (বিভিন্ন ধৰ্মৰ নাম) পাঠটোৰ সহায়ত লিখা ৷
উত্তৰঃ ভাৰতবৰ্ষত বাসকৰা বিভিন্ন ধৰ্মাবলম্বী (ধৰ্ম) লোকসকলৰ নাম তলত উল্লেখ কৰা হ’ল—
হিন্দু, মুছলমান, খৃষ্টান, মোগল, পাঠান, জৈন, বৌদ্ধ, শিখ আদি বিভিন্ন ধৰ্ম লোক ভাৰতবৰ্ষত ঐক্যবদ্ধ ভাৱে এক মহাজাতি হিচাপে প্ৰাচীন কালৰেপৰা বসবাস কৰি আহিছে৷

18. ভাৰতৰ আদিমবাসীসকলৰ বিষয়ে কি জানা লিখা।
উত্তৰঃ ভাৰতৰ আদিম অধিবাসী লোকসকল আছিল অনাৰ্য। এই সকললোকে ঘৰ দুৱাৰ নিৰ্মাণ কৰিব নাজানিছিল। গছৰ ধোন্দ বা পৰ্বতৰ গুহাৰ ভিতৰত বাস কৰিছিল। কাপোৰৰ ব্যৱহাৰ নাজানি গছৰ বাকলি আদি পৰিধান কৰিছিল। জুইৰ ব্যৱহাৰ নজনা বাবে জন্তুৰ কেঁচা মঙহ খাইছিল। জন্তু চিকাৰ কৰা আৰু তাৰ মাংহ খোৱাই আছিল একমাত্ৰ বৃত্তি।

19. ভাৰতৰ ভৌগোলিক বৈচিত্ৰ্য কি?
উত্তৰঃ ভাৰতত পৰ্বত, পাহাৰ, সাগৰ, সমভূমি, মালভূমি, মৰুভূমি, দ্বীপ, হ্ৰদ, জলপ্ৰপাত আদি সকলো আছে। শীতৰ প্ৰকোপ যেনে গৰমৰ প্ৰচণ্ড উত্তাপো। তেনে অসহনীয়। মৌচুমীৰ প্ৰভাৱ এফালে পৰিলে আনফালে আকৌ শুকান। বতাহ বলে। এয়েই ভাৰতৰ ভৌগোলিক বৈচিত্ৰ্য।

20. ঋষি মুনি সকলে ভাৰতীয় ঐক্য সাধনত কেনেকৈ সহায় কৰিছে?
উত্তৰঃ প্ৰাচীন কালত ভাৰতবৰ্ষত বহুতো ঋষি মুনি আছিল। বহুতো ধৰ্ম প্ৰৱৰ্তক আৰু প্ৰচাৰকো আছিল। সেই সকলে ভাৰতবাসীৰ মাজত ত্যাগৰ মন্ত্ৰ, উদাৰতাৰ বাণী আৰু আধ্যাত্মিক আদৰ্শৰ প্ৰচাৰ কৰিছিল। সেই সকল লোকে নানা আদৰ্শমূলক, ধৰ্মমূলক গ্ৰন্থ ৰচনা কৰি সমগ্ৰ ভাৰতবাসীক অনুপ্ৰাণীত কৰিছিল। ইয়াৰ ফলতে ৰতীয় লোকে আঞ্চলিক ভাষা ধৰ্মক পাহৰি এক ভাৰতীয় হৈ পৰিল।

21. দ্ৰাবিড়বিলাক আদিতে কত আছিল? তেওঁলোক দক্ষিণ ভাৰতলৈ যাব লগা হ’ল কিয়?
উত্তৰঃ দ্ৰাবিড়বিলাক ভাৰতত প্ৰবেশ কৰি প্ৰথমে উত্তৰ ভাৰততে বসবাস কৰিছিল। পিছত যেতিয়া আৰ্যসকল ভাৰতলৈ আহিল তেতিয়া আৰ্যসকলে তেওঁলোকক দক্ষিণ ভাৰতলৈ খেদি পঠালে৷

22. ৰাজনৈতিক শক্তিলাভ আৰু ধৰ্মীয় কাৰণ হেত দুটা অঞ্চ লৰ লোক ভাৰতৰ পৰা ফাটি গৈ স্বাধীন ৰাষ্ট্ৰ হিচাবে থাকিল যদিও প্ৰাচীন ভাৰতৰ একতাউদাৰতাৰ সুৰ আজিও একেদৰেই ধ্বনিত হৈ আছে। ইয়াত কোন দুখন স্বাধীন ৰাষ্ট্ৰৰ কথা কোৱা হৈছে?
উত্তৰঃ ইয়াত পাকিস্তান আৰু বাংলাদেশৰ কথা কোৱা হৈছে। মুছলমান ধৰ্মৰ লোক বেছি হোৱা বাবে তেওঁলোকে ভাৰতৰ পৰা বেলেগহৈ দুটা ইচলামী ৰাষ্ট্ৰ গঠন কৰিছে।

READ MORE  প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক | Chapter 4 | Class 9 Assamese - SEBA

23. ভাৰতলৈ আৰ্যসকলৰ আগমন আৰু বসবাস সম্পৰ্কে কি জানা লিখা।
উত্তৰঃ খ্ৰীষ্টপূৰ্ব চাৰিহাজাৰ মান বছৰৰ আগতে আৰ্যসকল ভাৰতৰ উত্তৰ পশ্চিম ফালে দি সোমায়। তেওঁলোকে ৰণ কৰি দ্ৰাবিড় সকলক দক্ষিণ ভাৰতলৈ খেদি পঠায় আৰু প্ৰথমে পঞ্জাৱত বসবাস কৰে। তাৰ পাছত সমগ্ৰ উত্তৰ আৰু পূৱ ভাৰতত বিয়পি পৰে৷

24. আদিম অধিবাসীসকলৰ বংশধৰ কোন আৰু ক’ত আছে?
উত্তৰঃ কোল, মুণ্ডা, চাওতাল, ভীল আদি জাতিৰ লোক সকল ভাৰতৰ আদিম অধিবাসী সকলৰ বংশধৰ। ভাৰতৰ অন্যান্য ৰাজ্যতো তেওঁলোক আছে। কিন্তু জনসংখ্যা তেনেই তাকৰ।

25. পৰ্তুগীজ, ফৰাচী আৰু ইংৰাজ বিলাক ভাৰতলৈ কিয় আহিছিল?
উত্তৰঃ পৰ্তুগীজ, ফৰাচী আৰু ইংৰেজসকল ভাৰতলৈ আহে বেপাৰ কৰাৰ উদ্দেশ্যে। প্ৰথমে এই তিনিওটা জাতি কুঠি স্থাপন কৰি বেপাৰ কৰিছিল। তাৰ পিছত দুৰ্বল ৰাজ্যবোৰ জয় কৰি শাসন কৰিবলৈ ধৰিলে। এই তিনিওটা জাতিৰ ভিতৰতে ইংৰাজ বিলাক আছিল বেছি শক্তিশালী। তেওঁলোকে পৰ্তুগীজ আৰু ফৰাচী সকলক পৰাস্ত কৰি প্ৰায় দুশ বছৰ কাল ভাৰতত ৰাজত্ব কৰে।

26. ধৰ্মই ঐক্য স্থাপনত কেনেদৰে সহায় কৰিব পাৰে?
উত্তৰঃ ভাৰতীয় মানুহৰ মাজত আঞ্চ লিক আৰু ভাষাৰ পাৰ্থক্য থাকিলেও ধৰ্মৰ বান্ধোনে ঐক্য সাধন কৰে। উদাহৰণ স্বৰূপে উত্তৰ ভাৰতৰ হিন্দুৰ আচাৰ নীতি, ভাষা দক্ষিণ ভাৰতৰ হিন্দুৰ লগত নিমিলে। তথাপি একে হিন্দু ধৰ্ম বুলিয়েই পৰম্পৰৰ মাজত প্ৰীতিভাৱ গঢ়ি উঠিছে।

27. বেদ-উপনিষদ, গীতা ভাগৱত, ৰামায়ণ মহাভাৰতে ভাৰতীয় ঐক্য সাধনত কেনেদৰে সহায় কৰিছে?
উত্তৰঃ বেদ উপনিষদ, গীতা-ভাগৱত, ৰামায়ণ, মহাভাৰত আদি গ্ৰন্থসমূহ অতি উচ্চ চিন্তাধাৰা আৰু উচ্চ আদৰ্শৰে ভৰা। তাৰোপৰি এই গ্ৰন্থসমূহ আদিতে সংস্কৃত ভাষাত লিখা হোৱাত ভাৰতীয়ৰ ঐক্যসাধনত সহায় কৰিছে।

28. মক্কা। —চমু টোকা লিখা।
উত্তৰঃ মক্কাঃ আৰব দেশৰ প্ৰাচীন ৰাজধানী চহৰ আছিল। ইছলাম ধৰ্মগুৰু হজৰত মহম্মদৰ জন্মস্থান। মক্কাৰ মছজিদ পৃথিৱী বিখ্যাত। এখন প্ৰসিদ্ধ তীৰ্থস্থান। পৃথিৱীৰ বিভিন্ন দেশৰ ধৰ্মপ্ৰাণ ইছলাম সকল মক্কালৈ হজ কৰিবলৈ যায়।

29. সংগীত। —চমু টোকা লিখা।
উত্তৰঃ সংগীতঃ সুকুমাৰ কলাৰ পাঁচবিধৰ এবিধ হৈছে সংগীত বা গান। সংগীতে মানুহৰ মনৰ দুখ-বেদনা লাঘৱ কৰিব পাৰে। সেই কাৰণেই সংগীত বা। গানক সংসাৰ মৰুভূমিত সৰোবৰ’ বোলা হয়। সমাজত সংগীতৰ আদৰ সদায়। আছে। গীতবাদ্যনৃত্য এই তিনি বিধৰ সমলয়ক সংগীত বোলে। গীতম্ বাদ্যম নৃত্যম্ সংগীতম্ উচ্যতে’ বুলি সংস্কৃতত কোৱা হৈছে।

30. ব্যাস। —চমু টোকা লিখা।
উত্তৰঃ ব্যাসঃ হিন্দু শাস্ত্ৰৰ চাৰি বেদৰ বিভাগ কৰোতা এগৰাকী ঋষি। সেই কাৰণে ব্যাসক ‘বেদব্যাস’ নামে জনা যায়। ব্যাসদেৰ মহাভাৰত আৰু অষ্টাদশ। পুৰাণ প্ৰণেতা বুলি বিশ্বাস কৰা হয়৷

31. সুকুমাৰ কলা। —চমু টোকা লিখা।
উত্তৰঃসুকুমাৰ কলাঃ কবিতা, সংগীত, চিত্ৰবিদ্যা, স্থাপত্য আৰু ভাস্কৰ্য এই পাঁচবিধক সুকুমাৰ কলা বোলা হয়। এই কলাবিদ্যাসমূহে অনেক ক্ষেত্ৰত মানুহক ঐক্যবদ্ধ কৰি ৰাখে, মূল্যবোধৰ শিক্ষা দিয়ে। সুকুমাৰ কলাই মানুহৰ মনত বিমল আনন্দৰ সৃষ্টি কৰে।

32. বশিষ্ঠ। —চমু টোকা লিখা।
উত্তৰঃ বশিষ্ঠঃ ব্ৰহ্মৰ মানস পুত্ৰ আৰু মন্ত্ৰদ্ৰষ্টা ঋষি। শ্ৰীৰামচন্দ্ৰ প্ৰমুখ্যে সূৰ্যবংশী ৰজাসকলৰ কুল পুৰোহিত। গুৱাহাটী মহানগৰীৰ ৭ মাইল দক্ষিণে সন্ধ্যাচল পৰ্বতৰ কাষত অবস্থিত এখন তীৰ্থস্থান। ইয়াত বশিষ্ঠই আশ্ৰম পাতি আছিল। সেইবাবে এই ঠাই বশিষ্ঠাশ্ৰম’ নামে জনাজাত।

33. কুশান। —চমু টোকা লিখা।
উত্তৰঃ কুশানঃ শৰ্ক নামৰ যাযাবৰ জাতি এটাই প্ৰথমে অক্ষু নামৰ নদীৰ পাৰত বাস কৰিছিল। এই শক বা ইউচি জাতিয়ে পিছত যাযাবৰী অভ্যাস এৰি গৃহস্থী জীৱন বৃত্তি গ্ৰহণ কৰে। জাতিটো পিছলৈ পাঁচটা ভাগত বিভক্ত হৈ পৰে আৰু তাৰ ভিতৰত কশান ফৈদ শক্তিশালী হৈ উঠে আৰু ৰাজপাট দখল কৰে। কণিষ্ক এই বংশৰ শ্ৰেষ্ঠ ৰজা আছিল।

চমু প্ৰশ্নোত্তৰ

1. অষ্টিক আৰু মংগোলীয় গোষ্ঠীৰ বংশধৰ সকল কোন কোন?
উত্তৰঃ দ্ৰাবিড় সকলক অষ্ট্ৰিক গোষ্ঠীৰ বংশধৰ বুলি কোৱা হয়। ভাৰতত বাস কৰা পৰ্বতীয়া জাতি উপজাতি আৰু কোল, চাওঁতাল ভীল আদিকো অষ্টিক গোষ্ঠীৰেই বংশধৰ বোলে। উত্তৰ ভাৰতৰ পৰ্বতীয়া মানুহবোৰ মংগোলীয় গোষ্ঠীৰ লোক। এওঁলোকৰ গাৰ বৰণ পীত, দাড়ি, গোঁফ কম, চকু চুটি, নাক বহল নহয়।

2. আৰ্যসকল ভাৰতলৈ অহাৰ পাছততা পৃথিৱীৰ বিভিন্ন ঠাইৰ পৰা। ইয়ালৈ অহা মানুহৰ সোঁতৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।
উত্তৰঃ ভাৰতৰ আদিম অধিবাসীসকলৰ মাজলৈ অতি প্ৰাচীন কালত আহিছিল দ্ৰাবিড় সকল৷ উত্তৰ ভাৰতত দ্ৰাবিড়সকলে বসবাস কৰি থকা সময়তে ভাৰতবৰ্ষত প্ৰবেশ কৰা আৰ্য সকলে দ্ৰাবিড়সকলক দক্ষিণ ভাৰতলৈ খেদি পঠাই উত্তৰ ভাৰতত বসবাস কৰিবলৈ লৈছিল। আৰ্যসকলৰ পিছতো ভাৰতবৰ্ষলৈ বহিৰাগতৰ সোঁত বন্ধ হোৱা নাছিল। পৃথিৱীৰ ভিন ভিন দেশৰ পৰা মানুহ ভাৰতবৰ্ষলৈ সময়ে সময়ে আহি ভাৰতবৰ্ষত স্থায়ীভাবে বসতি কৰিবলৈ লৈছিল। সেই সকলৰ ভিতৰত এছিয়া আৰু ইউৰোপৰপৰা অহা শক, কুশাণ, পাঠান, মোগল, পটুগীজ, ইংৰাজ, ফৰাচী আদি প্ৰধান। ভাৰতবৰ্ষ আক্ৰমণকাৰী হিচাপে অহা এই জাতিসমূহে ভাৰতবৰ্ষকে নিজৰ দেশ হিচাপে গ্ৰহণ কৰি ভাৰততেই ৰৈ গৈছিল। বৈচিত্ৰ্যপূৰ্ণ এই দেশখনৰ প্ৰতি বিদেশীৰ থিৰ চকু আজিও নোহোৱা নহয়। আজিও এইখন দেশলৈ বিদেশী বহিৰাগতৰ সোঁত বৈয়েই আছে।

3. কি কি বিষয়ত ভাৰতবৰ্ষৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি পাঠৰ সহায়ত লিখা।
উত্তৰঃ ভৌগোলিক অৱস্থিতি, মানুহৰ ধৰ্ম-ভাষা, কলা-সংস্কৃতি আদি বিষয়ত ভাৰতবৰ্ষৰ বিচিত্ৰতা লক্ষ্য কৰিব পাৰি। এফালে সুউচ্চ পৰ্বতমালা আনফালে সুগভীৰ সাগৰ – মহাসাগৰ, এফালে বিস্তীৰ্ণ সমতলভূমি আনফালে বিৰাট মালভূমি, এফালে দ্বীপমালা আনফালে হ্ৰদ-জলাশয়, এফালে গ্ৰীষ্মৰ তীব্ৰতা আনফালে শীতৰ কঠোৰতা, এফালে মৌচুমীৰ তাণ্ডৱনৃত্য আনফালে শুকান মৰুভূমি আদিয়ে ভাৰতবৰ্ষৰ ভৌগোলিক বৈচিত্ৰ্যপূৰ্ণ অৱস্থিতি সুচাইছে।

ভাৰতবৰ্ষৰ মানুহৰ গোষ্ঠী বা জাতিগত বৈশিষ্ট্যও মনকৰিবলগীয়া। ভাৰতবৰ্ষৰ আদিম অধিবাসীসকলৰ বংশধৰ, বৰ্ত্তমান মধ্যভাৰত, বিহাৰ, উড়িষ্যা আদিত বাস কৰা কোল-মুণ্ডা-চাওঁতাল আদি, অতি প্ৰাচীন কালত ভাৰতবৰ্ষলৈ অহা দ্ৰাবিড়সকল, যিসকলৰ বংশধৰ, বৰ্ত্তমান দক্ষিণ ভাৰতৰ তামিল, তেলেগু, কৰ্ণাড আদি, ভাৰতবৰ্ষৰ উত্তৰ-পূব চুকেৰে সোমাই অহা অষ্ট্ৰিক আৰু মংগোলীয় গোষ্ঠীৰ নগা, বড়ো, মিছিং, কাৰ্বি, গাৰো আদি উত্তৰ-পশ্চিম চুকেৰে সোমাই অহা আৰ্যসকলৰ বংশধৰ ব্ৰাহ্মণ- ক্ষত্ৰিয়, বৈশ্য-শূদ্ৰ আদি-লোকেৰে বিচিত্ৰ ভাৰতীয় সমাজ গঠিত হৈছে। এই সকলো জাতি-গোষ্ঠীৰ ধৰ্ম-ভাষা, সংস্কৃতি বেলেগ বেলেগ হৈয়ো আজিৰ ভাৰতীয় এক মহান জাতি।

আৰ্যসকলৰ পিছতো শক, কুশাণ, পাঠান, মোগল, পৰ্তুগীজ, ইংৰাজ, ফৰাচী আদি জাতিৰ লোক আহি বৃহৎ ভাৰতীয় সমাজৰ লগত চামিল হৈ ভাৰতীয় মহাজাতি গঠনত ইন্ধন যোগাইছে।

4. আৰ্যসকলৰ পাছত ভাৰতলৈ অহা দুটা বিদেশী জাতিৰ পৰিচয় দিয়া।
উত্তৰঃ আৰ্যসকল অহাৰ পাছত ভাৰতলৈ শক বিলাক আহে। শক-বিলাক এটা যাযাবৰী বা অঘৰী জাতি। আগতে তেওঁলোকৰ কোনো নিজস্ব দেশ বা ঠাই নাছিল। ভাৰতত প্ৰবেশ কৰি তেওঁলোকে আৰ্যসকলক অনুকৰণ কৰে। পোনতে অক্ষু নদীৰ পাৰত বসবাস কৰে। পাছত ইউচি জাতিৰ আক্ৰমণ প্ৰতিহত কৰিব। নোৱাৰি ভাৰতত প্ৰবেশ কৰে। তাৰ পাছত ইউচি জাতিৰ লোকসকলৰ এটা শাখা, কুষাণ জাতি নাম লৈ ভাৰতত প্ৰবেশ কৰে। আদিতে এওঁলোকেও যাযাবৰী জীৱন যাপন কৰিছিল। তাৰ পাছত সেই অভ্যাস এৰি ঘৰ গৃহস্থী কৰি বসবাস কৰে। এই জাতিটো। পাঁচটা শাখাত বিভক্ত হৈছিল। তাৰ ভিতৰত কুষাণ বংশটোৱেই আছিল শ্ৰেষ্ঠ। এওঁলোকে ভাৰতত আহি বহুকাল ৰাজত্ব কৰিছিল। কণিষ্ক আছিল এই বংশৰ সৰ্বশ্ৰেষ্ঠ ৰজা৷ তেওঁৰ এটি প্ৰতিমূৰ্তিও পোৱা গৈছে।

READ MORE  গীত আৰু ছবি | Chapter 3 | Class 9 Assamese - SEBA

5. আৰ্যসকলৰ পাছত ভাৰতবৰ্ষলৈ অহা দুটা বিদেশীজাতিৰ পৰিচয় দিয়া।
উত্তৰঃ আৰ্যসকল অহাৰ বহুদিনৰ পিছত এছিয়া আৰু ইউৰোপ মহদেশৰ পৰা ভাৰতবৰ্ষলৈ অহা জাতি বিলাকৰ ভিতৰত মোগল আৰু ইংৰাজসকলৰ কথা বিশেষভাবে উল্লেখ কৰিব পাৰি। ভাৰতবৰ্ষত হুমায়ুনে প্ৰতিষ্ঠা কৰা মোগল সাম্ৰাজ্য ছাহজাহান আৰু ঔৰঙ্গজেৱৰ ৰাজত্বকালত উন্নতিৰ চৰম সীমা পাইছিলগৈ। মোগলসকল অতি পৰাক্ৰমী জাতি আছিল। ঔৰঙ্গজেৱৰ পিছত মোগল সাম্ৰাজ্যৰ অৱনতি ঘটিব ধৰিলে আৰু শেষত এই সাম্ৰাজ্য অৱলুপ্ত হয়।

ইষ্ট ইণ্ডিয়া কোম্পানী নাম লৈ ব্যৱসায়ৰ বাবে ভাৰতবৰ্ষলে অহা ইংৰাজসকলে ভাৰতবৰ্ষৰ সেই সময়ৰ স্বাধীন ৰাজ্যবোৰ এখন এখনকৈ নিজৰ অধীনলৈ নি ভাৰতত নিগাজী সাম্ৰাজ্য গঠন কৰি ভাৰতীয় জাতিক পৰাধীন জাতিত পৰিণত, কৰিছিল। ইংৰাজসকলৰ শাসন-শোষণত এসময়ত ভাৰতীয়সকল অতিষ্ঠ হৈ পৰিছিল আৰু স্বাধীনতা লাভৰ বাবে ভাৰতীয় জনতাই দীৰ্ঘদিন ধৰি সংগ্ৰাম কৰিব লগীয়া হৈছিল। ভাৰতবৰ্ষ ১৯৪৭ চনত ইংৰাজৰ অধীনতাৰ পৰা স্বাধীনতা লাভ কৰিছিল।

6. ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান কি কাৰণে বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে লিখা।
উত্তৰঃ এখন দেশৰ চাৰিওফালে ভূভাগ, সাগৰ বা পৰ্বতৰ কোনো এটাই থাকিলে তাত বিচিত্ৰতা নাই। এফালে সাগৰ আনফালে ভূভাগ থাকিলেও বিশেষ বিচিত্ৰতা নাথাকে। ভাৰতবৰ্ষৰ চাৰিওফালে বেলেগ বেলেগ প্ৰকৃতিৰ সীমা আছে। দেশখনৰ উত্তৰ দিশত আছে পৃথিৱীৰ ভিতৰতে ওখ হিমালয় পৰ্বত আৰু ইয়াৰ ঠাল-ঠেঙুলি। দক্ষিণ দিশত আছে সুগভীৰ সাগৰ আৰু মহাসাগৰ। পশ্চিম দিশত আছে মালভূমি, মৰুভূমি আৰু পূবত আছে সাগৰীয় দ্বীপমালা। দেশখনৰ জলবায়ুৰ ক্ষেত্ৰতো আছে বিভিন্নতা। একেখন দেশৰে এফালে গৰমৰ তীব্ৰতা আনফালে শীতৰ কঠোৰতা। এফালে মৌচুমী বতাহে আনে প্ৰচুৰ বৃষ্টিধাৰা আৰু আনফালে পানীৰ অভাৱে কৰিছে মৰুভূমি। একেখন দেশৰ ক্ষেত্ৰত থকা এই বিভিন্নতাৰ বাবেই ভাৰতবৰ্ষৰ ভৌগোলিক অৱস্থান বৈচিত্ৰ্যপূৰ্ণ বুলি কোৱা হৈছে।

7. ভাৰতীয় ঐক্য সাধনত সংস্কৃত ভাষা আৰু সুকুমাৰ কলাই কিদৰে সমল যোগাইছে?
উত্তৰঃ ভাৰতত বিভিন্ন জাতিয়ে বাস কৰি আছে আৰু প্ৰতিটো জাতিৰে একোটা নিজস্ব ভাষা আছে। কিন্তু প্ৰাচীন কালত ভাৰতীয়ৰ উমৈহতীয়া ভাষা বা শিক্ষাৰ মাধ্যম ৰূপে সংস্কৃত ভাষাই হে প্ৰচলিত আছিল। গতিকে সেই সময়ত অৰ্থাৎ বৈদিক যুগত ৰচিত বেদ উপনিষদ, গীতা ভাগৱত, ৰামায়ণ, মহাভাৰত, আদি গ্ৰন্থবোৰো সংস্কৃত ভাষাতেই ৰচিত হোৱা। এই গ্ৰন্থবোৰে প্ৰাচীন কালৰে পৰা ভাৰতবাসীৰ চিন্তাধাৰা আৰু আদৰ্শৰ ক্ষেত্ৰত ঐক্যভাৱ গঢ়ি তোলাত সহায় কৰিছিল। উত্তৰ আৰু দক্ষিণ ভাৰতৰ মাজতো সংস্কৃত ভাষাৰে ৰচিত গ্ৰন্থসমূহে ঐক্য আৰু সম্প্ৰীতি ৰক্ষা কৰাত সহায় কৰিছে। ভাৰতত বাস কৰা প্ৰায় সকলো জাতিৰে ভাষাৰ মূল সংস্কৃত ভাষা হোৱা বাবে ভাৰতীয় জাতিৰ ঐক্য বেছি কটকটিয়া হৈছে। কিন্তু আচৰিত কথা সেই সংস্কৃত ভাষাক চৰকাৰে অলাগতীয়াল বুলি কৈছে।

ভাৰতীয় সংগীত, চিত্ৰকলা, ভাস্কৰ্য স্থাপত্যত ভাৰতৰ প্ৰতিচ্ছবি প্ৰস্ফুটিত হৈছে। প্ৰাচীন কালৰে পৰা এই সুকুমাৰ কলাৰ মাধ্যমেদি ভাৰতীয় জাতিটোৰ চিত্ৰ অংকিত কৰা সকলো লোকে আঞ্চলিক মনোভাৱক ত্যাগ কৰিব পাৰিছে। তাৰ ফলতেই আজি বৃহৎ ভাৰতীয় জাতি গঢ়ি উঠিছে।

8. “ভাৰতীয় সংস্কৃতি এক সমন্বয়ৰ বস্তু”–তাৎপৰ্য ব্যাখ্যা কৰা।
উত্তৰঃ অতি প্ৰাচীন কালৰেপৰা ভাৰতবৰ্ষলৈ বিদেশী বহিৰাগত বিভিন্ন জাতিৰ আগমন ঘটি আহিছে। সেই জ্ঞাতি-গোষ্ঠী সকলৰ কোনোবা জীৱিকাৰ সন্ধানত, কোনোবা বিজেতা অথবা তক্ৰমণকাৰীৰ ৰূপত, কোনো ব্যৱসায়ী ৰূপত আৰু, আন কোনোবা হয়তো ধ প্ৰচাৰকৰ ৰূপত ভাৰতবৰ্ষত সোমাইছে। বহিৰাগত এই সকলো জাতিৰে একো একোটা স্বকীয় ভাষা-সংস্কৃতি আছে। ভাৰতৰ থলুৱা সংস্কৃতিকো বহিৰাগত সকলে উলাই কৰা নাই বৰং থলুৱা সংস্কৃতিৰ লগত মিলি যাব বিচাৰিছে। আনহাতে প্ৰাচীন ভাৰতীয় সংস্কৃতিয়েই বহিৰাগত জাতিসমূহৰ সংস্কৃতি আহৰণ কৰিছে। সংস্কৃতিৰ এই আদান-প্ৰদানে ভাৰতীয় সংস্কৃতিক এক সমন্বয় বা সংমিশ্ৰিত সংস্কৃতিৰ ৰূপত সজাই তুলিছে। ফলত ভাষা-ধৰ্ম-অঞ্চ লগত পাৰ্থক্য অতিক্ৰম কৰি এক সামূহিক সংস্কৃতি গঢ়ি উঠিছে। সেই কাৰণেই যিকোনো ধৰ্মৰ এজন ভাৰতীয় পৃথিৱীৰ যি কোনো দেশত থাকিলেও তেওঁৰ প্ৰাথমিক পৰিচয় ভাৰতীয় বুলিহে হয়।

9. ভাৰতৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত থকা খাদ্য-প্ৰকৰণৰ বিষয়ে লিখা।
উত্তৰঃ ভাৰতবৰ্ষৰ বিভিন্ন অঞ্চলৰ মানুহৰ মাজত খাদ্যৰ বিভিন্নতা দেখা যায়। পুৱ আৰু দক্ষিণ ভাৰতৰ মানুহৰ প্ৰধান খাদ্য ভাত। আনহাতে উত্তৰ, মধ্য। আৰু পশ্চিম ভাৰতৰ মানুহৰ প্ৰধান খাদ্য ৰুটি। উত্তৰ, দক্ষিণ আৰু পশ্চিম ভাৰতৰ উচ্চ হিন্দু সকলে মাছ-মাংস নাখায়, তেওঁলোক নিৰামিষ ভোজী। ইয়াৰ বিপৰীতে পূব ভাৰতৰ প্ৰায় সকলো মানুহেই জাতি-বৰ্ণ নিৰ্বিশেষে মাছ মাংস। খায়। কিন্তু খাদ্যৰ বিভিন্নতা থাকিলেও সকলো ভাৰতীয় উচ্চ হিন্দু, নিম্ন হিন্দু, আন আন ধৰ্মৰ লোক ভাৰতবাসী হিচাপে এক মনৰ ৷

10. “ঐক্য স্থাপনৰ ক্ষেত্ৰত সুকুমাৰ কলা আৰু সংস্কৃতিৰ বৰঙণিও উলাই কৰিব নোৱাৰি” —এই কথাষাৰৰ যুক্তিযুক্ততা চমুকৈ বিশ্লেষণ কৰা।
উত্তৰঃ ভাষা-ধৰ্মৰ মিল একত্ৰিত হোৱাৰ কাৰণ হোৱাৰ দৰে সুকুমাৰ কলা সংস্কৃতিৰ মিলেও ঐক্য স্থাপনত সহায় কৰে। সংগীত, চিত্ৰকলা, স্থাপত্য-ভাস্কৰ্য আদিয়ে অতি প্ৰাচীন কালৰেপৰা ভাৰতবাসীসকলক একতাৰ ভোলেৰে বান্ধি ৰাখিছে। সংস্কৃতিৰেই অংশ উৎসৱ-পাৰ্বণ আদিৰ মিল ভাৰতবাসীসকলৰ ঐক্য – স্থাপনৰ আন এটি সহায়ক। দুৰ্গা, লক্ষ্মী, গণেশ আদি দেৱী-দেৱতাসকলৰ পূজা – পাৰ্বণ, শিৱৰাত্ৰি, হোলি, দেৱালী, জন্মাষ্টমী আদি উৎসৱে ভাৰতৰ বিভিন্ন ঠাইত বসবাস কৰা ভাৰতীয়সকলক ঐক্যবদ্ধতাৰ অনুভূতি-প্ৰেৰণা যোগাই আহিছে। সেই কাৰণেই প্ৰৱন্ধকাৰে ঐক্য স্থাপনত সুকুমাৰ কলা-সংস্কৃতিৰ ভূমিকা গুৰুত্বপূৰ্ণ বুলি উনুকিয়াইছে।

11. ভাৰতৰ বিভিন্ন ঠাইৰ মানুহৰ সাজ-পাৰৰ বিষয়ে পাঠত উল্লেখ থকাৰ দৰে চমুকৈ বৰ্ণনা কৰা।
উত্তৰঃ ভাষা, ধৰ্ম, খাদ্যৰ বিভিন্নতা থকাৰ দৰে বিভিন্ন ঠাইৰ ভাৰতীয় মানুহৰ মাজত সাজ-পাৰৰো বিভিন্নতা আছে। পূব ভাৰতৰ মতা মানুহে পোন্ধ মাৰি চুৰিয়া বা ধুতি পিন্ধে, কিন্তু দক্ষিণ ভাৰতৰ মতা মানুহে পোন্ধ নমৰাকৈ লুঙিৰ দৰে চুৰিয়া বা ধুতি পিন্ধে। প্ৰথমে উত্তৰ ভাৰতৰ মতা মানুহে পায়জামাক আদৰ কৰি পিন্ধিছিল যদিও আজিকালি লং পেন্টৰো প্ৰচলন হৈছে। শিক্ষিত লোকসকলে লং পেন্ট পিন্ধিবলৈ লৈছে৷ ভাৰতীয় মহিলাসকলৰ প্ৰধান সাজ শাৰী যদিও অসমীয়া মহিলা সকলে মেখেলা-চাদৰ আৰু উত্তৰ ভাৰতৰ মহিলাসকলে চুড়িদাৰ, পায়জামা, কামিজ আদি পৰিধান কৰে। মুচলমান মহিলা সকলে বোৰখা পিন্ধে ৷

12. ভাৰতবৰ্ষ এখন অতি পুৰণি, সুসভ্য, ঐতিহ্যপূৰ্ণ দেশ’ কথাষাৰ বহলাই লিখা।
উত্তৰঃ ভাৰতবৰ্ষৰ সভ্যতা অতি পুৰণি। হাজাৰ হাজাৰ বছৰ আগৰে পৰাই ‘ভাৰতবৰ্ষত দৰ্শন, বিজ্ঞান, সাহিত্য, সুকুমাৰ কলা আদি উচ্চ স্তৰীয় জ্ঞান চৰ্চা হৈছিল। ভাৰতবৰ্ষত যেতিয়া এই উচ্চস্তৰৰ জ্ঞানৰ চৰ্চা আৰু বিকাশ ঘটিছিল তেতিয়া পৃথিৱীৰ বহুতো জাতি অজ্ঞান অন্ধকাৰতে আছিল। তেওঁলোকৰ মাজত কোনো জ্ঞান চৰ্চা বা বিকাশ হোৱা নাছিল। আনকি বৰ্তমান পৃথিৱীৰ ভিতৰত সভ্য আৰু উন্নত বুলি খ্যাত ইংৰাজ জাতিও ১৯০০ বছৰৰ পূৰ্বে অসভ্য বৰ্বৰ আছিল। কিন্তু ভাৰতবৰ্ষ তেতিয়াই এখন সুসভ্য সাহিত্য, দৰ্শন, বিজ্ঞান, সুকুমাৰ কলা আদি বিষয়ত উন্নত দেশ আছিল। পুৰণি কালৰেপৰা ভাৰতত বিভিন্ন ধৰ্ম ভাষা জাতিৰ মানুহ ঐক্যবদ্ধ ভাৰে বাস কৰিছিল। সেইবাবেই ভাৰতবৰ্ষ এখন বৈচিত্ৰ্যপূৰ্ণ দেশ। সেই কথাকেই উক্ত বাক্যটিত প্ৰকাশ কৰা হৈছে।

READ MORE  হনুমন্তৰ লঙ্কাদৰ্শন | Chapter 13 | Class 9 Assamese - SEBA

13. যিবোৰে বিভিন্ন দিশত ভাৰতৰ বৈচিত্ৰ্য আনিছে সেইবোৰেই আকৌ স্থান বিশেষে ঐক্যৰ সেতু নিৰ্মাণ কৰি দিছে’—এই কথাষাৰৰ মাজেদি কি বুজাবলৈ চেষ্টা কৰা হৈছে চমুকৈ লিখা।
উত্তৰঃ ভাৰতৰ বিভিন্ন অঞ্চ লৰ মানুহৰ মাজত ধৰ্ম, ভাষা, সংস্কৃতিৰ পাৰ্থক্য বা অমিল আছে। কিন্তু বিচিত্ৰতা এয়ে যে পাৰ্থক্য সূচোৱা এই হেতুবোৰেই কোনো কোনো ক্ষেত্ৰত আকৌ নিবিড় ঐক্যতাও আনি দিছে। অসম এই ক্ষেত্ৰত এটা ভাল উদাহৰণ ৷ অসমৰ মানুহৰ ধৰ্মসংস্কৃতি বিভিন্ন হলেও সকলোৰে উমৈহতীয়া ভাষা অসমীয়া। এই ভাষাই সকলো জাতি-ধৰ্ম – সংস্কৃতিৰ অসমীয়া সকলক একত্ৰিত কৰি ৰাখিছে। সেইদৰে যেতিয়া অসমীয়া মানুহে ভাষা-সংস্কৃতিৰ ভিন্নতা থাকিলেও ভাৰতৰ আন ঠাইৰ মানুহৰ সৈতে ধৰ্মৰ মিল দেখে তেতিয়াই ভাৰতীয় অনুভুতিত একত্ৰিত হৈ পৰে। আন আন ধৰ্ম-সংস্কৃতিৰ মানুহৰ ক্ষেত্ৰতো সেই একেই পৰিস্থিতি হোৱাৰ বাবেই সকলো ভাৰতবাসী হিচাপে একত্ৰিত হৈছে। উক্ত কথাষাৰৰ মাজেৰে এই সত্যটোকে বুজোৱাৰ চেষ্টা কৰা হৈছে।

14. ভাৰতীয় ঐক্য সাধনত সাংস্কৃতিক সাদৃশ্যৰ বৰঙনি কি?
উত্তৰঃ ভাৰতীয় সমাজত নানা জাতি উপজাতি আছে। এই সকলো জাতি, উপজাতিৰে একোটা নিজস্ব ভাষা, ধৰ্ম, সংস্কৃতি আছে। আচাৰ নীতিতে বহুতো পাৰ্থক্য আছে। কিন্তু কোনেও একেবাৰে নিজস্বতাক ধৰি ৰাখিব পৰা নাই। প্ৰাচীন কালৰে পৰা পুৰুষানুক্ৰমে চলি থকা ভাৰতীয় সাংস্কৃতিক প্ৰবাহত সকলো লোক ভাৰতীয় হৈ পৰিছে। বৰ্তমানতো ভাষাগত, ধৰ্মগত বা অঞ্চ লগত পাৰ্থক্য আছে। তথাপি ভাৰতীয়ৰ মাজত সামূহিক ভাবে সাংস্কৃতিক মিল আছে। সেই কাৰণে সি ভাৰতীয় খ্ৰীষ্টানেই হওক বা মুছলমানেই হওক অথবা হিন্দুৱেই হওক বিদেশলৈ গ’লে তেওঁৰ প্ৰথম পৰিচয় হ’ব ভাৰতীয়। তাৰ পিছত, হে আঞ্চলিকতাৰ পৰিচয় হয়। গতিকে এই সাংস্কৃতিক মিলটোৱে ভাৰতীয়ৰ ঐক্য সাধনত বৰঙনি যোগাই আহিছে।

15. তোমাৰ দৈনন্দিন খাদ্য সম্ভাৰত বাহিৰৰ কোন কোন মানব জাতিৰ খাদ্যাভ্যাস পোৱা যায় চমুকৈ লিখা।
উত্তৰঃ মোৰ’ মানে মোৰ দেশ ‘অসমৰ খাদ্য সম্ভাৰত আমাৰ ভাৰত ৰাষ্ট্ৰৰ ভিন ভিন্‌ অঞ্চ লৰ খাদ্যাভাসৰ আভাষ পোৱা যায়। ভাতীয় জাতি সমূহৰ খাদ্যাভ্যাসৰ বাহিৰেও ভাৰতৰ বাহিৰৰ বিশেষকৈ পশ্চিমীয়া দেশ ইংলণ্ড, আমেৰিকা আদি দেশৰ খাদ্যাভ্যাসো সম্প্ৰতি আমাৰ খাদ্য সম্ভাৰত সোমোৱা দেখা যায়। পৃথিৱীৰ জাতি সমূহৰ মাজত হোৱা সুলভ যাতায়াত আৰু আদান-প্ৰদানৰ ফলতেই খাদ্য-সম্ভাৰত বিদেশী খাদ্য-সম্ভাবৰ সমাবেশ ঘটা বুলি কব লাগিব। আমাৰ খাদ্যাভাসত মোগল, উপসাৰীয় আৰু চীন অদি দেশৰ খাদ্যাভাস চামিল হৈ গৈছে।

16. ভাৰতৰ অধিবাসীসকলক কোন কোন্ ভাগত ভগাব পাৰি?
উত্তৰঃ ভৌগোলিক অৱস্থানৰ জৰিয়তে ভাৰতীয় লোকক কেবাটাও ভাগত ভগাব পাৰি ৷ তাৰ ভিতৰত প্ৰথমে উত্তৰ ভাৰতৰ বাসীন্দা সকলক উত্তৰ ভাৰতীয় আৰু দক্ষিণ ভাৰতৰ বাসীন্দাক দক্ষিণ ভাৰতীয় বোলা হয়। আনহাতে পাৰ্বত্য অঞ্চ লত বাস কৰা সকলক পৰ্বতীয়া জাতি বোলা হয়। এই বাসীন্দা সকলৰ আকৃতি, প্ৰকৃতি সকলোতে একোটা পাৰ্থক্য আছে। সেইদৰে পোছাক পাতি, আচাৰ নীতি, আৰু খোৱা বোৱা আদিতো পাৰ্থক্য আছে। সাহিত্য সংস্কৃতিতে ইয়াৰ পাৰ্থক্য ধৰা পৰে।

ধৰ্মীয় দৃষ্টিৰে ভাৰতৰ অধিবাসী সকলক হিন্দু, মুছলমান, খ্ৰীষ্টান, বৌদ্ধ, শিখ, জৈন আদি ভাগত ভগাব পাৰি। ধৰ্মৰ ক্ষেত্ৰত প্ৰতিটো ধৰ্মৰেই নিয়ম নীতি পালনত পাৰ্থক্য আছে। ধৰ্মীয় অনুষ্ঠান বোৰতো পাৰ্থক্য আছে। পোছাক পাতি বা খাদ্য খানাতো ধৰ্মীয় প্ৰভাৱ আছে।

আদিম অধিবাসী সকলক বিচাৰ কৰিলে আমি ভাৰতীয় লোকক তিনিটা ভাগত ভগাব পাৰোঁ। সেয়া হৈছে আৰ্য, দ্ৰাবিড় আৰু অনাৰ্য। উত্তৰ ভাৰত আৰু সমগ্ৰ ভাৰততে বাস কৰা ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য, শূদ্ৰ আদি আৰ্যসকলৰ বংশধৰ। আনহাতে দক্ষিণ ভাৰতত বাস কৰা তামিল, তেলেগু, কন্নাড় আদি লোকসকল প্ৰাচীন দ্ৰাবিড় জাতিৰ বংশধৰ। মধ্য ভাৰত, বিহাৰ আৰু উড়িষ্যাত বাস কৰা কোল, মুণ্ডা, চাওঁতাল আদি লোকসকল প্ৰাচীন অনাৰ্য জাতিৰ বংশধৰ। এই সকলোবোৰ জাতি প্ৰাচীন ৰীতি নীতিৰ প্ৰভাবৰ পৰা একেবাৰে মুক্ত নহয়। ভাৰতীয় লোকৰ এনে বৈচিত্ৰ্যতাৰ বাবে ভিনকৈ ভিনকৈ ভাগ নকৰি কেৱল উত্তৰ ভাৰতীয় আৰু দক্ষিণ ভাৰতীয় বুলি দুটা ভাগে ভাগোৱাই ভাল।

17. ভাৰতৰ বৈচিত্ৰ্যলৈ আঞ্চলিক, ভাষিক ধৰ্মীয় আৰু সাংস্কৃতিক পাৰ্থক্যই কেনে অবদান যোগাইছে দুশ শব্দৰ ভিতৰত লিখা।
উত্তৰঃ ভাৰতত কেইবাখনো ৰাজ্য আছে। এই ৰাজ্যবোৰত বাস কৰা প্ৰতিজন লোকৰে আঞ্চলিক ভাষা সংস্কৃতিৰ পাৰ্থক্য আছে। উদাহৰণ স্বৰূপে এজন অসমীয়া আৰু এজন বিহাৰীৰ মাজত অথবা এজন মহাৰাষ্ট্ৰীয় আৰু এজন কেৰেলাৰ মানুহৰ মাজত যথেষ্ট পাৰ্থক্য আছে। অসমীয়া জনৰ আহাৰ নীতিৰ লগত বিহাৰীজন আৰু মহাৰাষ্ট্ৰীয় জনৰ লগত কেৰেলাৰ মানুহৰ আচাৰ-নীতি নিমিলে। প্ৰত্যেকৰে একোটা আঞ্চলিক নিজস্বতা আছে। তথাপি তেওঁলোকে নিজকে ভাৰতীয় বুলিহে পৰিচয় দিয়ে। ইয়াৰ কাৰণ তেওঁলোকৰ গাত ভাৰতীয় সংস্কৃতিৰ ছাপ আছে। ভাষাৰ ক্ষেত্ৰতো ভাৰতীয় মানুহৰ পাৰ্থক্য আছে। অসমীয়াই অসমীয়া, বঙালীয়ে বঙালী আদি ভাষাত হে কথা কয়। ভাৰতত বৰ্তমানে স্বীকৃত পোন্ধৰটা ভাষা আৰু এশৰো অধিক উপভাষা আছে। নিজৰ নিজৰ ঠাইত সকলোৱে নিজ নিজ ভাষাকেই কয় বা শিকে। তেলেগু ভাষাত কোৱা কথা অসমীয়াই নুবুজে। সেইদৰে বঙালী ভাষাৰ কথাও তামিল সকলে নুবুজে। তথাপি আমি ভাৰতীয়। কাৰণ প্ৰাচীন সংস্কৃত সাহিত্য বা সংস্কৃত ভাষাই আমাক একেলগ কৰি ৰাখিছে। দুখৰ কথা এই ভাষাটোক চৰকাৰে আওহেলা কৰিছে৷

ধৰ্ম ক্ষেত্ৰতো আমাৰ অমিল আছে। ভাৰতত হিন্দ, ইছলাম, বৌদ্ধ, শিখ, খ্ৰীষ্টান আদি নানা ধৰ্মৰ লোকে বাস কৰে। প্ৰতিটো ধৰ্মৰ নীতি-নিয়মৰ পাৰ্থক্য। আছে৷ তথাপি আমি সকলোৱে নিজকে ভাৰতীয় বুলিয়েই পৰিচয় দিও। কাৰণ আমি প্ৰাচীন কালত মহাপুৰুষ সকলৰ ত্যাগৰ মন্ত্ৰ, উদাৰতাৰ বাণী আৰু আধ্যাত্মিকতাৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ ধৰ্মৰ সংকীৰ্ণতা বাদক পাহৰি পেলাওঁ।

আঞ্চলিক, ভাষিক, ধৰ্মীয় আৰু সাংস্কৃতিক সংমিশ্ৰণত ভাৰতীয় সংস্কৃতি গঢ়ি উঠিছে। নানা বিধ সাহিত, সংগীত, চিত্ৰকলা, স্থাপত্য, ভাস্কৰ্য সকলোতে ভাৰতীয় সংমিশ্ৰিত সাংস্কৃতিক প্ৰকাশ কৰা হৈছে। ইয়াৰ ফলত প্ৰাচীন কালৰে পৰা ভাৰতবাসীক একতাৰ দোলেৰে বান্ধি ৰাখিছে। যুগে যুগে স্বকীয় সংস্কৃতি লগত লৈ অহা সকলো লোকেই নিজক পাহৰি আঞ্চ লিকতাক পাহৰি ভাৰতীয় হৈ পৰিছে।

ভাষা বিষয়ক

1. তলৰ শব্দবোৰৰ সন্ধি ভাঙা।
(ক) অনুষ্ঠান, (খ) জনাকীৰ্ণ, (গ) স্বাধীন, (ঘ) জন্মাষ্টমী।

উত্তৰঃ

শব্দসন্ধি বিচ্ছেদ
(ক) অনুষ্ঠানঅনুঃ + থান।
(খ) জনাকীৰ্ণজন + আকীৰ্ণ।
(গ) স্বাধীনস্ব + অধীন।
(ঘ) জন্মাষ্টমীজন্ম + অষ্টমী।

2. তলৰ শব্দবোৰৰ প্ৰত্যয় নিৰ্ণয় কৰা।
(ক) শাৰীৰিক, (খ) সামাজিক, (গ) সুকীয়া, (ঘ) ভৌগোলিক, (ঙ) ফুলনি, (চ) ভাৰতীয়, (ছ) ফুলাম, (জ) অবিনাশী, (ঝ) বাল্মীকি।
উত্তৰঃ

শব্দপ্ৰত্যয়
(ক) শাৰীৰিকশৰীৰ + ফিক্।
(খ) সামাজিকসমাজ + ফিকা সুক
(গ) সুকীয়াসুক + ঈয়া।
(ঘ) ভৌগোলিকভূগোল + ফিক্।
(ঙ) ফুলনিফুল + অনি।
(চ) ভাৰতীয়।ভাৰত + ঈয়।
(ছ) ফুলাম।ফুল + আম।
(জ) অবিনাশীঅবিনাশ + ঈ।
(ঝ) বাল্মীকিবাল্মিক + ফিক।

3. প্ৰত্যেকৰে এটা বা দুটাকৈ সমাৰ্থক শব্দ লিখা।
(ক) হেতু, (খ) পৃথিৱী, (গ) গ্ৰন্থ, (ঘ) মাতা।
উত্তৰঃ

শব্দসমাৰ্থক শব্দ
(ক) হেতুকাৰণ, নিমিত্ত।
(খ) পৃথিৱীঅৱনী, ধৰিত্ৰী।
(গ) গ্ৰন্থপুথি, কিতাপ।
(ঘ) মাতামাতৃ, জননী, আই।

4. বিপৰীত শব্দ লিখা।
(ক) পাৰ্থক্য, (খ) ত্যাগ, (গ) বৈচিত্ৰ্য, (ঘ) প্ৰাচীন।
উত্তৰঃ

শব্দবিপৰীত শব্দ
(ক) পাৰ্থক্যসাদৃশ্য, মিল।
(খ) ত্যাগভোগ, সম্ভোগ।
(গ) বৈচিত্ৰ্যবৈচিত্ৰ্যহীনতা।
(ঘ) প্ৰাচীন।নবীন, অৰ্বাচীন।

Leave a Comment

error: Content is protected !!
Scroll to Top