লোকসংস্কৃতি | Chapter 12 | Class 9 Assamese (MIL) - SEBA

লোক সংস্কৃতি | Chapter 12 | Class 9 Assamese – SEBA

লোকসংস্কৃতি | Chapter 12 | Class 9 Assamese Chapter 12 লোকসংস্কৃতি | Class 9 Assamese Question and Answer | Assam Class 9 Assamese Solutions | SEBA Class 9 Assamese Chapter 12 Notes | SEBA Class 9 Assamese Chapter 12 Question and Answer | Questions and Answers for Class 9 Assamese Chapter 12 লোকসংস্কৃতি| Assam Class 9 Assamese Questions and Answers Assam | Class 9 লোকসংস্কৃতি Assamese Question and Answer | Assam Board Class 9 Assamese Chapter 12 লোকসংস্কৃতি


লোক সংস্কৃতি

(নবীন চন্দ্ৰ শৰ্মা)

অতি চমু প্রশ্নোত্তৰ

1. লোক সংস্কৃতি কাক বোলে?
উত্তৰঃ জনসাধাৰণৰ বা লোক সাধাৰণৰ আচৰণৰ সমষ্টিয়েই হ’ল লোক সংস্কৃতি।

2. প্ৰদত্ত প্ৰৱন্ধটোত লোক জীৱনক কেইটাভাগত ভগোৱা হৈছে আৰু কি কি?
উত্তৰঃ লোক জীৱনক তিনিটা ভাগত ভগোৱা হৈছে। যেনেসামাজিক আচাৰ অনুষ্ঠান, ভৌতিক বা বস্তু সংস্কৃতি, আৰু লোক পৰিবেশ্য কলা।

3. লোক সমাজত কোন সময়ৰ কথাৰ অধিক সমাদৰ?
উত্তৰঃ লোক সমাজত পুৰণি দিনৰ কথাৰ অধিক সমাদৰ।

4. ডঃ নবীন চন্দ্ৰ শৰ্মাৰ জন্ম কেতিয়া হৈছিল?
উত্তৰঃ ১৯৩৮ চনত ডঃ নবীন চন্দ্ৰ শৰ্মাৰ জন্ম হৈছিল।

5. লোস্কৃষ্টিৰ সাধাৰণ উত্তৰণক কি বোলা হয়?
উত্তৰঃ লোককৃষ্টিৰ সাধাৰণ উত্তৰণক লোকসংস্কৃতি বোলে।

6. ডঃ শৰ্মাই আমেৰিকাৰ কোন চহৰত লোক সাহিত্যৰ সন্ধানত গৈছিল?
উত্তৰঃ আমেৰিকাৰ কালিফোর্নিয়া চহৰলৈ তেওঁ লোকসাহিত্যৰ সন্ধানত গৈছিল।

7. লোককৃষ্টি কাক বোলা হয়?
উত্তৰঃ গঞা বা গাৱলীয়া সমাজে প্রয়োজনবোধে সম্পাদন কৰা কৰ্মৰ মাজতে উৎসৱ, গীত-নাচ, অভিনয় আদিৰ সমষ্টিকে লোককৃষ্টি বোলা হয়।

8. লোক সাহিত্য আৰু পুৰণি সাহিত্য বিষয়ক ধৰি তেওঁ কিমানখন পুথি ৰচনা কৰিছিল।
উত্তৰঃ তেওঁ প্ৰায় ৯৭ খন পুথি ৰচনা কৰিছিল।

9. লোক সংস্কৃতিৰ দশ্যমান দিশক কি বোলা হয়?
উত্তৰঃ লোক সংস্কৃতিৰ দৃশ্যমান দিশক পৰিৱেশ্য কলা বোলা হয়।

10. লেখকে লোক সংস্কৃতিৰ বিষয়বস্তুক ঘাইকৈ কেই ভাগত ভাগ কৰিছে আৰু কি কি?
উত্তৰঃ দুভাগত ভাগ কৰিছে। লোক সাহিত্য বা বাচিক কলা আৰু লোক জীৱন।

11. লক্ষ্মীনাথ বেজবৰুৱাই সম্পাদন কৰা সাধুকথাৰ পুথিখনৰ নাম কি?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰব্ৰাই সম্পাদন কৰা সাধুকথাৰ পুথিখনৰ নাম “বুঢ়ী আইৰ সাধু”।

12. ধর্মীয় গীত কাক বোলে?
উত্তৰঃ সাধাৰণত ধৰ্ম বিষয়ে গগোৱা গীতবোৰেই হ’ল ধৰ্মীয় গীত।

READ MORE  যুঁজ | Chapter 11 | Class 9 Assamese - SEBA

চমু প্রশ্নোত্তৰ

1. ভৌতিক বা বস্তু সংস্কৃতিৰ অধ্যয়ন সামগ্ৰী কি? ইয়াৰ উপ বিভাগ কি কি?
উত্তৰঃ জীৱন ধাৰণৰ বাবে প্রয়োজনীয় সমল-সা-সামগ্রী নির্মাণ, খোৱা লোৱা বস্তু সামগ্ৰী আদিৰ ৰন্ধা-বঢ়া, প্রস্তুতি আদিয়েই ভৌতিক বা বস্তুসংস্কৃতিৰ সামগ্ৰী। ইয়াৰ উপ-বিভাগ কেইটা হৈছে— লোককলা, লোক শিল্প, লোক স্থপতিকলা, লোক আভৰণ আৰু লোকৰন্ধন প্ৰণালী।

2. লোকসমাজ সম্পর্কে কিছুমান লোকতত্ত্ববিদে দিয়া কি ধাৰণা গ্ৰহণ কৰিব নোৱাৰি বুলি লিখকে কৈছে? এই ধাৰণা গ্ৰহণ কৰিব নোৱাৰাৰ কাৰণ কি?
উত্তৰঃ লোকসমাজক বিশেষকৈ গাৱলীয়া লোক সমাজক কোনো কোনো লোকতত্ত্ববিদে সমাজৰ নিম্নস্তুৰ বুলি কব খোজে। কিন্তু এই ধাৰণা লেখকে গ্রহণযোগ্য নহয় বুলি উল্লেখ কৰিছে। গাৱে ভূঞে থাকিলেও লোকসমাজ নিম্নস্তৰৰ নহয়, কাৰণ বহুতো শিক্ষিত লোক গাৱঁত থাকে। আনহাতে কেৱল আঢ্যৱন্ত লোকেই নগৰত নাথাকে। বনুৱা কামিলা আদিও নগৰত বাস কৰে। নগৰত বাস কৰিলেও বনুৱা বা কামিলা শ্ৰেণীৰ লোকক লেখক উন্নত বুলি স্বীকাৰ কৰা নাই।

3. “অ’ মাই যশোৱা হে, মাই হে যশোৱা”. গীতটি কোনে লিখিত ৰূপ দিয়ে?
উত্তৰঃ “অ’ মাই যশোৱা হে, মাই হে যশোৱা” গীতটি বিশ্ববৰেণ্য কণ্ঠশিল্পী ডঃ ভূপেন হাজৰিকাদেৱে লিখিত ৰূপ দিয়ে।

4. জিকিৰ। —চমুটোকা লিখা।
উত্তৰঃ মুছলমান সমাজৰ এবিধ ধর্মমূলক গীত। আজান পীৰে জিকিৰ গীতবোৰ ৰচনা কৰিছিল।

5. নিচুকনী গীত। —চমুটোকা লিখা।
উত্তৰঃ কেঁচুৱা ল’ৰা-ছোৱালীক টোপনি নিয়াবৰ বাবে গোৱা গীতবোৰক নিচুকনী গীত বোলা হয়।

6. জনশ্রুতি। —চমুটোকা লিখা।
উত্তৰঃ মানুহৰ মুখে মুখে চলি অহা কিছুমান কাহিনীৰ বিশ্বাসক জনশ্ৰুতি বোলা হয়। সমাজত প্ৰচলিত ভালেমান ৰীতি-নীতি, উৎসৱ পাৰ্বণ আদি জনশ্রুতি অনুসৰি অনুষ্ঠিত হৈ অহা দেখা যায়।

7. দেহ বিচাৰৰ গীত। —চমুটোকা লিখা।
উত্তৰঃ এবিধ ভকতীয়া গীত। কেৱলীয়া ভকতসকলে টোকাৰী গীতৰ দৰে এই গীত পৰিবেশন কৰে।

8. সাঁথৰ। —চমুটোকা লিখা।
উত্তৰঃ বুদ্ধি পৰীক্ষাৰ এবিধ মৌখিক খেলক সাঁথৰ বুলিব পাৰি। অসমীয়া গাৱঁলীয়া সমাজত সাঁথৰৰ জনপ্ৰিয়তা আছে। সাঁথৰবোৰ গদ্য বা পদ্য দুয়ো ধৰণে পোৱা যায়।

9. হুচৰি গীত। —চমুটোকা লিখা।
উত্তৰঃ বহাগ বিহুৰ বতৰত চ’ত মাহত, ডেকাসকলে গৃহস্থৰ ঘৰে ঘৰে গৈ হুচৰি গীত পৰিবেশন কৰে। হুচৰি গোৱা ডেকাসকলক গৃহস্থই টকা পইচা দি সেৱা সন্মান জনায়। ডেকাসকলে গৃহস্থক আশীৰ্বাদ দিয়ে।

READ MORE  সুখ | Chapter 14 | Class 9 Assamese - SEBA

10. মালিতা বা কাহিনী গীত। —চমুটোকা লিখা।
উত্তৰঃ অসমীয়া আখ্যানমূলক গীতবোৰক মালিতা বা কাহিনীমূলক গীত বোলে। আখ্যানমূলক গীত বা বেলাড (Ballads) বুলিও এই গীতবোৰ জনা যায়। বৰফুকনৰ গীত, মণিৰাম দেৱানৰ গীত, জয়মতী কুঁৱৰীৰ গীত আদি মালিতা বা কাহিনী গীত।

11. “লোকজীৱন তিনিটা ভাগত বিভক্ত”–লোকজীৱন কি কি তিনিটা ভাগত বিভক্ত? প্রত্যেকটি ভাগৰে চমু আভাস দিয়া।
উত্তৰঃ লোকজীৱনৰ ভাগ তিনিটা হৈছে—
(ক) সামাজিক আচাৰ অনুষ্ঠান।
(খ) ভৌতিক বা বস্তু সংস্কৃতি। আৰু
(গ) লোক পৰিৱেশ্য কলা।

12. সামাজিক আচাৰ অনুষ্ঠান। —বহলাই লিখা।
উত্তৰঃ পৰম্পৰাগত জীৱন হ’ল মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজত সংযোগসূত্ৰ। পৰম্পৰাগত জীৱন মৌখিক সাহিত্য আৰু ভৌতিক সংস্কৃতিৰ মাজত সংযোগ সেতু। সমাজ আৰু পৰিয়ালৰ। মাজত অনুষ্ঠিত খেতি-বাতি, জন্ম-মৃত্যু, বিবাহ আদি বিষয়ক ৰীতি-নীতি, আচাৰ ব্যৱস্থা-
অনুষ্ঠান। আদিয়েই সামাজিক আচাৰ-অনুষ্ঠান, সামাজিক আচাৰ-অনুষ্ঠান চাৰিটা ভাগত বিভক্ত।
যেনে – উৎসৱ অনুষ্ঠান, অৱসৰ বিনোদন আৰু খেল-ধেমালি, লোক ঔষধ আৰু লোক ধৰ্ম।

13. ভৌতিক বা বস্তু সংস্কৃতি। —বহলাই লিখা।
উত্তৰঃ লোক সংস্কৃতিৰ দৃশ্যমান দিশটোৱেই ভৌতিক বা বস্তু সংস্কৃতি। জীৱন যাপনৰ বাবে প্ৰয়োজনীয় সা-সামগ্রী তৈয়াৰ, খোৱা-লোৱা বয়- বস্তু আদিৰ ৰন্ধাবঢ়া আদিয়েই ভৌতিক সংস্কৃতি বা বস্তু সংস্কৃতিৰ অধ্যয়ন সামগ্ৰী। ভৌতিক সংস্কৃতিৰ উপ-বিভাগ কেইটা হৈছে ক্ৰমে—লোককলা, লোকশিল্প, লোকস্থপতি কলা, লোক আভৰণ আৰু লোকৰন্ধন প্ৰণালী।

14. লোক পৰিৱেশ্য কলা। —বহলাই লিখা।
উত্তৰঃ লোক পৰিবেশ্য কলা পৰম্পৰাগত ভাবে সমাজত চলি অহা সঙ্গীত, নৃত্য, নাট আদিয়েই লোক পৰিবেশ্য কলা। কোনো এটা সাধুকথা কোৱা বা লোক গীত এটা গোরাকে পাৰিবেশন কৰা বুলি কোৱা হয়। এই পদ্ধতি এজন বা কেইবাজনো লোকে লোকবাদ্যযন্ত্ৰ, নৃত্যৰ সাজ পাৰ আৰু, দৃশ্য বিৱৰণীৰ সৈতে ৰূপায়ণ কৰা পদ্ধতিতকৈ আকস্মিক ধৰণৰ। লোকনাট গীত, নৃত্য আৰু নৃত্যৰ সমষ্টি। সংলাপতকৈ গীত-নৃত্যৰ গুৰুত্ব লোকনাটত অধিক।

15. লোকসাহিত্যক কেইটা আৰু কি কি উপভাগত ভগাব পাৰি? ভাগবোৰৰ নাম লিখা ।
উত্তৰঃ লোক সাহিত্যক পাঁচটা উপভাগত ভগাব পাৰি। সেই ভাগবোৰ হৈছে—
(ক) লোক বা মৌখিক কবিতা বা বাচিক কবিতা বা লোকগীত।
(খ) গদ্যধর্মী সাধুকথা বা লোককথা।
(গ) প্রবচন, বচন, লোকোক্তি, যোজনা, পটন্তৰ।
(ঘ) সাঁথৰ, দৃষ্টান্ত।
(ঙ) লোকভাষা।

READ MORE  গীত আৰু ছবি | Chapter 3 | Class 9 Assamese - SEBA

16. লোকনাট কিহৰ সমষ্টি বুলি লেখকে কৈছে? এই শ্ৰেণীৰ নাটত সংলাপৰ ওপৰত গুৰুত্ব দিয়া হয়নে? তোমাৰ নিজৰ কথাৰে লিখা।
উত্তৰঃ লোকনাট গীত আৰু নৃত্যৰ সমষ্টি বুলি লেখকে কৈছে। লোকনাটত সংলাপৰ ওপৰত গুৰুত্ব দিয়া নহয়। সংলাপতকৈ গীত আৰু নৃত্যৰ ওপৰতহে গুৰুত্ব দিয়া হয়।

লোক নাট হৈছে লোক পৰিবেশ্য কলা। পৰম্পৰাগত সংগীত, নৃত্য-নাচ। আৰু নাট আদিয়েই লোক পৰিবেশ্য কলাৰ উপাদান। পৰিবেশ্য কলাৰ পৰিসৰে গীত, নৃত্য, বাদ্যযন্ত্র আদিক সামৰে।

17. লোক সংস্কৃতি পুৰণি হৈও নতুন, নতুন হৈও পুৰণি। —তাৎপর্য ব্যাখ্যা কৰা।
উত্তৰঃ লোক সংস্কৃতিৰ উপাদান গীত-নাচ-সাধুকথা—পটন্তৰ আদি মানুহৰ মুখে মুখে পৰম্পৰাগত ভাবে চলি আহে। শিক্ষিত লোকৰ হাতত পৰিলে উপাদান সমূহে লিখিত ৰূপ লাভ কৰে। অৰ্থাৎ লোকসংস্কৃতিয়ে আধুনিক ৰূপ লাভ কৰে। কিন্তু অধুনিক ৰূপ লাভ কৰিলেও লোক সংস্কৃতিয়ে নিজৰ স্বৰূপ নেহেৰুৱায়। সেইকাৰণেই লেখকে লোক সংস্কৃতি পুৰণি হৈও নতুন নতুন হৈও পুৰণি বুলি কৈছে।

18. সমাজৰ পৰিবৰ্তনৰ লগে লগে লোক সংস্কৃতিৰ পৰিবৰ্ত্তন ঘটে। —তাৎপর্য ব্যাখ্যা কৰা।
উত্তৰঃ পৰম্পৰাগতভাবে মানুহে জীৱন ধাৰণৰ প্ৰয়োজনত তৈয়াৰ কৰি লোৱা সা- সঁজুলি, বছৰ, মাহ, পষেক আদিত পালন কৰা লোকবিশ্বাস জনিত উৎসৱ পাৰ্বণ, মানুজৰ সাজ সজ্জা, খোৱা-লোৱা বস্তু-বেহানি, খোৱা বস্তু ৰন্ধাৰ পদ্ধতি, উৎসৱ সমূহত পৰিবেশন কৰা গীত-নাট এই সকলো বিলাকেই লোক সংস্কৃতিৰ অন্তৰ্গত।

সময় গতিশীল আৰু পৰিবৰ্ত্তনশীল। পৰিবৰ্তনশীল সময়ে সকলোকে পৰিবৰ্ত্তন কৰে। সময়ে লোকসংস্কৃতিকো পৰিবৰ্ত্তন কৰে। সময়ৰ পৰিবৰ্তনত মানুহৰ সমাজৰ নিয়ম নীতিৰ কিছু পৰিবৰ্ত্তন ঘটে। অর্থাৎ মানুহৰ নিয়ম-নীতিৰ পৰিবৰ্ত্তনে লোক সংস্কৃতিৰ পৰিবৰ্ত্তন ঘটায়। ওপৰৰ বাক্যটিত এই কথাকে প্রকাশ কৰা হৈছে।

ভাষা বিষয়ক

1. তলৰ শব্দকেইটাত মূর্ধণ্য ‘ণ আৰু ষ’ হোৱাৰ কাৰণ দৰ্শাৱা।
—কৃষি, অনুষ্ঠান, ধাৰণ, আহৰণ।
উত্তৰঃ কৃষি = স্বভাৱতে মূর্ধণ্য ‘ষ’ হৈছে।

অনুষ্ঠান = অনু শব্দৰ পিছত থকা ‘স্থা’ বৰ্ণৰ দন্ত্য ‘স’ মূর্ধণ্য ‘য’ হয়।

ধাৰণ = ‘ৰ’ পিছৰ দন্ত্য ন মূর্ধণ্য ‘ণ হয়।

আহৰণ = ‘ৰ’ ৰ পিছৰ ‘ণ’ মূর্ধণ্য হৈছে।

2. বিপৰীত অৰ্থ বুজোৱা শব্দ লিখা। —বিশ্বাস, মৌখিক সংযোগ, প্রয়োজনীয়, জন্ম, উচিত।
উত্তৰঃ

শব্দবিপৰীতার্থক শব্দ
বিশ্বাসঅবিশ্বাস
মৌখিকলিখিত
সংযোগবিয়োগ
প্রয়োজনীয়অপ্রয়োজনীয়
জন্মমৃত্যু
উচিতঅনুচিত

3. সমার্থক শব্দ লিখা। —পিতা, বেমাৰ, চহৰ, লোক।
উত্তৰঃ

শব্দসমার্থক শব্দ
পিতাদেউতা, পিতৃদেব, বোপাই।
বেমাৰৰোগ, অসুখ।
চহৰনগৰ, জনপদ।
লোকজন, মানুহ, মানৱ ।

Leave a Comment

error: Content is protected !!
Scroll to Top