প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক | Chapter 4 | Class 9 Assamese Chapter 4 প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক | Class 9 Assamese Question and Answer | Assam Class 9 Assamese Solutions | SEBA Class 9 Assamese Chapter 4 Notes | SEBA Class 9 Assamese Chapter 4 Question and Answer | Questions and Answers for Class 9 Assamese Chapter 4 প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক| Assam Class 9 Assamese Questions and Answers Assam | Class 9 প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক Assamese Question and Answer | Assam Board Class 9 Assamese Chapter 4 প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক
প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক
(ড° ভূপেন হাজৰিকা)
অতি চমু প্ৰশ্নোত্তৰ
1. কোনে অকণি আকাশ মাগিছিল?
উত্তৰঃ জনৈক গীতিকাৰে আকাশক ‘অকণি আকাশ’ মাগিছিল।
2. ‘যিমানে বিলাই দিবা, সিমানে মহান হ’বা কথাষাৰৰ প্ৰকৃত অৰ্থ৷ কি?
উত্তৰঃ যিমানে বিলাই দিবা, সিমানে মহান হ’বা কথাষাৰৰ প্ৰকৃত অৰ্থ সঁচা। উদাৰতা৷
3. কবিয়ে কাৰ ওচৰত পূর্ণ বিশালতা বিচাৰিছিল?
উত্তৰঃ কবিয়ে আকাশৰ ওচৰত আকাশৰ পূৰ্ণ বিশালতা বিচাৰিছিল।
4. মহাকাশে কবিক কি দিছিল?
উত্তৰঃ মহাকাশে কবিক বিশাল দৃষ্টি দিছিল।
5. কবিয়ে কাৰ পৰা সাহসৰ যুক্তি বিচাৰি পাইছিল?
উত্তৰঃ কবিয়ে বজ্ৰৰ পৰা সাহসৰ যুক্তি বিচাৰি পাইছিল।
6. কবিয়ে কি কি শক্তিৰে গীত গাই দিগন্ত পাব বিচাৰিছে?
উত্তৰঃ কবিয়ে বজৰ উদাত্ত কণ্ঠেৰে আৰু ধুমুহাৰ প্ৰচণ্ড শক্তিৰে গীত গাই দিগন্ত কঁপাব বিচাৰিছে।
7. কোন চনত ড° ভূপেন হাজৰিকা স্বগী হৈছিল?
উত্তৰঃ ২০১১ চনৰ ৫ নৱেম্বৰত।
8. কোনে কবিক তোমাৰ প্ৰাপ্য কি কোৱা বুলি প্ৰশ্ন সুধিছিল?
উত্তৰঃ প্রচণ্ড ধুমুহাই কবিক তোমাৰ প্ৰাপ্য কি কোৱা বুলি প্ৰশ্ন সুধিছিল।
9. ধুমুহাৰ পৰা কবিয়ে কি বিচাৰিছিল?
উত্তৰঃ ধুমুহাৰ পৰা কবিয়ে ধুমুহাৰ শক্তিখিনি বিচাৰিছিল।
10. কবি ড° ভূপেন হাজৰিকাৰ ক’ত জন্ম হৈছিল?
উত্তৰঃ ড° ভূপেন হাজৰিকাৰ শদিয়াত জন্ম হৈছিল।
11. ড° ভূপেন হাজৰিকা ৰচিত গীতৰ পুথি এখনৰ নাম কোৱা।
উত্তৰঃ সংগ্রাম লগ্নে আজি।
12. কোন চনত ড° ভূপেন হাজৰিকাৰ জন্ম হৈছিল?
উত্তৰঃ ১৯২৬ চনত৷
13. ড° ভূপেন হাজৰিকা পৰিচালিত এখন কথাছবিৰ নাম কোৱা?
উত্তৰঃ এৰাবাটৰ সুৰ।
14. মুমূর্ষু মানৱ বুলি কবিয়ে কোন শ্ৰেণীৰ লোকক বুজাব খুজিছে?
উত্তৰঃ মুর্ষু মানৱ বুলি কবিয়ে সমাজৰ শোষিত-বঞ্চিত, নিপীড়িত তথা নির্যাতিত দুর্বল- দুখীয়া শ্ৰেণীৰ লোকক বুজাব বিচাৰিছে।
15. জীৱনৰ বিদ্যুৎ’ শব্দাংশৰে কবিয়ে কি বুজাব বিচাৰিছে?
উত্তৰঃ জীৱনৰ বিদ্যুৎ’ শব্দাংশৰে কবিয়ে মুমূর্য জনৰ হৃদয়ত প্ৰাণৰ সঞ্চাৰ কৰিব বিচৰাৰ কথা বুজাব বিচাৰিছে।
16. কবিয়ে কাক সংকীর্ণতা এৰি দি পূর্ণ বিশালতা দিবলৈ আহ্বান জনাইছে?
উত্তৰঃ কবিয়ে আকাশক সংকীর্ণতা এৰি দি পূৰ্ণ বিশালতা দিবলৈ আহ্বান জনাইছে৷
17. কবিৰ প্ৰাপ্য কি তাক সুধি কোনে প্ৰশ্ন কৰিছিল?
উত্তৰঃ কবিৰ প্ৰাপ্য কি বুলি সুধি প্রচণ্ড ধুমুহাই কবিক প্ৰশ্ন কৰিছিল।
18. কবিক বিশাল দৃষ্টি কোনে দিলে?
উত্তৰঃ মহাকাশে কবিক বিশাল দৃষ্টি দিছিল।
19. মুমূৰ্ষ মানৱক জীৱনৰ বিদ্যুৎ কিঞ্চিততা যদি দিব পাৰোঁ ইয়াত ‘বিদ্যুৎ’ শব্দই কি বুজাইছে?
উত্তৰঃ ইয়াত বিদ্যুৎ শব্দই মুমূষু অর্থাৎ সংসাৰৰ জ্বালা-যন্ত্ৰণাত মৃতপ্ৰায় হোৱা জনৰ অন্তৰত প্ৰাণশক্তি যোগাই তোলাৰ কথা বুজোৱা হৈছে।
20. প্রচণ্ড ধুমুহাই কবিক কি প্ৰশ্ন কৰিছিল?
উত্তৰঃ প্ৰচণ্ড ধুমুহাই কবিৰ প্ৰাপ্য কি তাকে সুধি প্ৰশ্ন কৰিছিল।
21. বজ্ৰই কবিক কি কি দিলে?
উত্তৰঃ বজ্ৰই কবিক উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি দিলে।
চমু প্ৰশ্নোত্তৰ
1.কবিয়ে সঁচা, উদাৰতা’ কথাষাৰেৰে কি বুজাব খুজিছে?
উত্তৰঃ যিমানে বিলাই দিবা, সিমানে মহান হ’বা’–আদৰ্শৰ ভেঁটিত থিয় দি। পুৱাৰ আকাশত দেখা দিয়া বেলিৰ পোহৰে যিদৰে উচ্চ-নীচ, ধনী-দুখীয়াৰ বাচ বিচাৰ নকৰি সকলোকে সমানে পোহৰ বিলাই দিয়ে ঠিক তেনেদৰে কবিয়ে নিজক ব্যক্তিকেন্দ্ৰিকতাৰ উদ্ধত ৰাখি সমাজৰ শোষিত-বঞ্চিত-নিপীড়িত জনৰ সহায়ৰ বাবে নিস্বার্থভারে কাম কৰি যোৱাটোকে সঁচা উদাৰতা’ বুলি বুজাব খুজিছে।
2. কবিয়ে কলিজাৰ সঁচা সুৰেৰে সিক্ত কৰি কাৰ সমাজত কি গীত গাবলৈ সাজু হৈছে?
উত্তৰঃ মানৱ সমাজত দানৱ সদৃশ লোকৰো অভাৱ নাই। প্রকৃত মানৱ সৃষ্টিশীল। তেওঁলোকে সৃজন প্রতিভাৰে সমাজ গঢ়ে। কিন্তু দানৱ ধ্বংসকামী। দানৱ নিজৰ বৰ্বৰোচিত অবিবেচনাৰে কৰা ধ্বংসকামী কাৰ্যৰ দ্বাৰা সমাজৰ নিয়ম-শৃংখলা ভংগ কৰি সমাজক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়ে। সেয়ে কবিয়ে কলিজাক সঁচা সুৰেৰে সিক্ত কৰি দানৱৰ সমাজত মানৱৰ গীত গাবলৈ সাজু হৈছে যাতে কবিৰ অন্তৰৰ পৰা ওলোৱা হৃদয়স্পর্শী নিভাজ সুৰেৰে প্ৰকৃত মানৱ সমাজ গঢ়ি তুলিবলৈ সক্ষম হ’ব পাৰে।
3. কবিয়ে কিহৰ দ্বাৰা দিগন্ত কঁপাবলৈ মন মেলিছে চমুকৈ বুজাই। লিখা।
উত্তৰঃ ধুমুহাৰ গতি আৰু বজ্র নিনাদ সমানে শক্তিশালী। ধুমুহাৰ গতি আৰু বজ্ৰ নিনাদে বৰ শক্তিমন্ত তথা সাহসী জনৰ অন্তৰো কঁপাই তোলে। এই দুই মহাশক্তিক ভয় নকৰা লোক বিৰল। সেয়ে এই দুই মহাশক্তিৰ পৰা বজৰ নিনাদৰ দৰে কণ্ঠ আৰু ধুমুহাৰ নিচিনা শক্তি কবিয়ে নিজৰ মাজত পাবলৈ বিচাৰিছে যাতে কবিয়ে বজ্ৰৰ কণ্ঠেৰে আৰু ধুমুহাৰ শক্তিবে সমাজৰ শোষিত, বঞ্চিত-নিপীড়িত জনৰ মুক্তিৰ বাবে গীত গাই দিগন্ত কঁপাবলৈ সক্ষম হয় ৷
4. কবিতাটোৰ মূলভাৱ লিখা।
উত্তৰঃ মানৱ সমাজখনতে থকা বৃহসংখ্যক শোষিত-বঞ্চিত-নিপীড়িত মানুহৰ জীৱন- জীৱিকাৰ তাড়নাই মানৱদৰদী কবিৰ হৃদয় ব্যথাতুৰ কৰি তুলিছে। কবিয়ে এই সকলৰ দুখ-যন্ত্ৰণাৰ অৱসান বিচাৰে, যদিও কবিয়ে নিজৰ সীমিত শক্তিৰ কথা জানে। তেওঁৰ নিজৰ মাজত থকা শক্তিৰে নিঃস্ব লোকসমাজৰ দুখ মোচন কৰাটো সম্ভৱ নহয়। সেয়ে এই সকল মানুহৰ দুখ মোচনৰ বাবে কবিয়ে প্রকৃতি জগতৰ মহাশক্তিধৰ আকাশ, ধুমুহা আৰু বজ্ৰৰ পৰা মহাশক্তি আহৰণ কৰাৰ কথা ভাবি এইসকলক নিজৰ নিজৰ শক্তি কবিক প্ৰদান কৰিবলৈ অনুৰোধ জনাইছে। সেইমতে কবিৰ অনুৰোধৰ প্ৰতি পূৰ্ণ সঁহাৰি জনাই প্রকৃতি জগতৰ মহাশক্তিসমূহ অর্থাৎ আকাশ, ধুমুহা আৰু বৰ্জৰ পৰা কবিয়ে বিশাল দৃষ্টি, প্রচণ্ড শক্তি, উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি লাভ কৰি মুমূৰ্ষ লোকসমাজৰ দুখ-যন্ত্ৰণাৰ অৱসান ঘটাব পাৰিব বুলি আশা প্ৰকাশ কৰিছে আৰু এই তিনিও মহাশক্তিলৈ কবিয়ে হৃদয় ভৰা প্ৰণিপাত জনাইছে।
5. কবিতাটোৰ সাৰাংশ লিখা।
উত্তৰঃ মানুহৰ ভাৱানুভূতিৰ খোৰাক যোগায় প্রকৃতিয়ে। প্রকৃতি জগতখনত বিচৰণ কৰিয়ে নানা ভাৱানুভূতিৰে মানুহৰ হৃদয় পৰিপূৰ্ণ হৈ উঠে। কবিয়েও প্রকৃতি জগতখনক আশ্রয় কৰিয়েই মানুহৰ বাবে কিবা কৰাৰ সপোন দেখিছে৷ কবিৰ এই সপোন জগতৰ মুর্ষু মানৱৰ হৃদয়ত নতুন আশা-আকাংক্ষাৰে প্ৰাণৰ সঞ্চাৰ কৰা তথা তেওঁলোকৰ দুখ-বেদনাৰ অৱসান ঘটোৱা। ইয়াৰ বাবে কবি। প্রয়োজন মহাশক্তি আহৰণ কৰা। সেয়ে কবিয়ে প্রকৃতিজগতকে মহাশক্তিৰ আধাৰ হিচাপে গণ্য কৰি প্ৰকৃতিৰ মহাশক্তিসমূহ অর্থাৎ আকাশ, ধুমুহা, বজ্ৰৰ শক্তিৰে নিজক শক্তিমান কৰি তুলিবলৈ বিচাৰিছে, যাতে তেওঁ বিচৰা মতে নিঃস্ব তথা আৰ্তজনৰ দুখমোচন কৰিব পাৰে। সেয়ে কবিয়ে ধুমুহাৰ পৰা প্ৰচণ্ড শক্তি, বজ্ৰৰ পৰা উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি আৰু আকাশৰ পৰা পূৰ্ণ বিশালতা পাবলৈ বিচাৰিছে। কবিয়ে বিচৰা মতেই মহাকাশে কবিক দিলে বিশাল দৃষ্টি, ধুমুহাই দিলে প্রচণ্ড শক্তি আৰু বজ্ৰই দিলে উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি। এনেদেৰে কবিয়ে প্রকৃতি জগতৰ পৰা আহৰণ কৰা শক্তিৰে শক্তিশালী হৈ দানৱৰ সমাজখনত মানৱৰ গীত গাই দিগন্ত কঁপাই সমাজখনক শোষণ, বঞ্চনা, নিপীড়নৰ পৰা মুক্ত কৰিব বিচাৰিছে কবিয়ে পুৱাৰ পোহৰে ধনী-দুখীয়া, উচ্চ নীচ সকলোকে সমানে পোহৰ বিলোৱাৰ দৰে মানৱ সমাজখনতো সকলোলোকে যাতে সমান সা-সুবিধা লাভ কৰি এখন শান্তিপূর্ণ, সুশৃংখল সমাজ গঢ়িব পাৰে তাকেই আন্তৰিকতাৰে কামনা কৰিছে।
6. আকাশ, ধুমুহা আৰু বজ্ৰক কবিয়ে কি কাৰণে প্ৰণিপাত জনাইছে বহলাই লিখা।
উত্তৰঃ কবিৰ হৃদয় অতি আলসুৱা আৰু কোমল। তেওঁৰ হৃদয় সমাজৰ। শোষিত বঞ্চিত-নিপীড়িত, নিঃকিন জনৰ বাবে চিৰ ব্যাকুল। তেওঁ সমাজৰ এই মুমূর্ষু সকলৰ মনত প্ৰাণশক্তি যোগাই তোলাৰ চেষ্টাত অহৰহ কৰ্মৰত। তেওঁৰ এই কৰ্মত তেওঁৰ নিজৰ কৰ্মশক্তিৰ লগতে প্রকৃতি জগতৰ সহায়য়া বৰ প্ৰয়োজনীয় বুলি কবিয়ে অনুভৱ কৰিছে৷ সেয়ে সমাজৰ অগণন মুমূর্য মানুহৰ হৃদয়ত প্ৰাণশক্তি যোগাই তুলিবলৈ প্রকৃতি জগতৰ আকাশ, ধুমুহা আৰু বজ্ৰক তেওঁলোকৰ শক্তি কবিক প্ৰদান কৰিবলৈ কবিয়ে আকুল কণ্ঠে আহ্বান জনাইছে। কবিয়ে আকাশৰ পৰা বিশালতা আৰু উদাৰতা, বজ্ৰৰ পৰা উদাত্ত কণ্ঠ আৰু অপৰিমেয় সাহস আৰু ধুমুহাৰ পৰা প্ৰচণ্ড শক্তি পাবলৈ বাঞ্ছা কৰিছে, তাৰ বাবে আকাশ, বজ্ৰ আৰু ধুমুহাক কবিয়ে শতবাৰ প্ৰণিপাত জনাইছে।
7. মুমূর্ষু মানৱক জীৱনৰ বিদ্যুৎ
কিঞ্চিতো যদি দিব পাৰো
আকাশ, ধুমুহা আৰু বজ্ৰক
তাৰ বাবে শতবাৰ প্ৰণিপাত কৰোঁ। —ব্যাখ্যা কৰা।
উত্তৰঃ মানৱ সমাজখন শোষিত-বঞ্চিত-নিপীড়িত মানুহৰে ভৰা। এইসকল লোকৰ প্ৰতি কবি সহানুভূতিশীল। এই সকল মানুহৰ জীৱন জীৱিকাৰ তাড়নাই মানৱদৰদী কবিৰ হৃদয় ব্যথাতুৰ কৰি তোলে। সেয়েহে এই সকলৰ দুখ-যাতনা লাঘৱ কৰিবলৈ মানৱপ্ৰেমী কশি উদ্বাউল হৈ উঠিছে। এই মুমূর্ষ অর্থাৎ মৃতপ্রায়। লোকসকলৰ প্ৰাণ নতুন আশা-আকাংক্ষাৰে উজ্জীৱিত কৰি তুলিবলৈ সেয়ে কবিয়ে প্রকৃতি জগতখনৰ পৰা শক্তি আহৰণ কৰিবলৈ ইচ্ছা প্রকাশ কৰি আকাশক উদাৰতা, ধুমুহাক প্রচণ্ড শক্তি আৰু বজ্ৰক উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি দিবলৈ অনুৰোধ জনাইছে। প্রকৃতি জগতৰ এই মহাশক্তিসমূহ অর্থাৎ আকাশ, ধুমুহা। আৰু বজ্ৰৰ পৰা কবিয়ে উপযুক্ত সঁহাৰি লাভ কৰিছে। কবিৰ ধাৰণা, প্রকৃতি জগতৰ আকাশ, ধুমুহা আৰু বজ্ৰৰ পৰা পোৱা শক্তিৰ বলত কবিও এতিয়া মহাশক্তিশালী হৈ উঠিছে আৰু তেওঁ এই মহাশক্তিৰে মৃতপ্ৰায় সমাজৰ দুখ মমাচন কৰিব পাৰিব বুলি। ইয়াকে কবিয়ে মুমূর্ষু মানৱক জীৱনৰ বিদ্যুৎ দিয়া বুলি অভিহিত কৰি আকাশ, ধুমুহা আৰু বই প্ৰদান কৰা শক্তিৰ বাবে কবিয়ে আকাশ, ধুমুহা আৰু বজ্ৰক তাৰ বাবে শতবাৰ প্ৰণিপাত জনাইছে।
8. সেয়েহে আকাশ তুমি দিব যদি খুজিছাই
সংকীর্ণতা এৰি দিয়া
অৱদানৰূপে তোমাৰ পূৰ্ণ বিশালতা
দিয়া যদি আজিয়েই দিয়া। —ব্যাখ্যা কৰা।
উত্তৰঃ আকাশ হ’ল উদাৰতা আৰু বিশালতাৰ প্ৰতীক। উদাৰ আৰু বিশাল হৃদয়ৰ লোকেহে ব্যক্তিস্বার্থ বিসর্জন দি সমাজ কল্যাণৰ হকে নিজক নিয়োজিত কৰিব পাৰে। উদাৰ আৰু বিশাল হৃদয়ৰ অধিকাৰী হৈ উঠিব নোৱাৰা লোকে সমাজৰ হিতার্থে প্রকৃত কর্মত নিজক নিয়োজিত কৰিব নোৱাৰে। এনে কাৰণতে সমাজৰ শোষিত-বঞ্চিত- নিপীড়িত জনৰ কল্যাণৰ বাবে কাম কৰিবলৈ ইচ্ছুক কবিয়ে আকাশৰ পৰা উদাৰতা আৰু বিশালতা পাবলৈ বাঞ্ছা কৰিছে। নিজকে আনৰ বাবে বিলাই দিব পৰাটোৱে হ’ল সঁচা উদাৰতা। ৰাতিপুৱাৰ বেলিটোৱে। ধনী-দুখীয়া, উচ্চ-নীচ সকলোকে সমানে পোহৰ বিলাই দিয়ে। এয়ে আকাশ আৰু বেলিৰ বিশালতা আৰু উদাৰতা। এবাৰ জনৈক কবিয়ে আকাশক ‘অকণি আকাশ’ বিচাৰিছিল, যদিও ইয়াত কবিয়ে সর্বাকাশ অর্থাৎ পূৰ্ণ আকাশৰ সত্তাই বিচাৰিছে যাতে তেওঁ তাৰে মানুহৰ দুখমোচন কৰিব পাৰে। কবি যিহেতু মুমূৰ্ষ সকলৰ কল্যাণৰ বাবে কাম কৰিবলৈ অতিশয় ইচ্ছুক হৈ পৰিছে সেয়ে আকাশক তেওঁৰ পূর্ণ বিশালতা পলম নকৰি আজিয়েই কবিক দিবলৈ অনুৰোধ জনাইছে।
9. বজ্ৰৰ গৰ্জনে বক্ষ উজাৰি ক’লে,
তোমাৰ কাম্য কি কোৱা?
মই ক’লোঁ, বজ্ৰ তোমাৰ
শক্তিশালী উদাত্ত কণ্ঠটি দিয়া। —ব্যাখ্যা কৰা।
উত্তৰঃ কবিৰ কোমল হৃদয় সমাজৰ শোষিত বঞ্চিত-নিপীড়িত মানুহৰ দুখমোচনৰ বাবে সদায় ব্যাকুল। সমাজৰ এই যন্ত্রণাকাতৰ মুমূর্য লোকসকলৰ মনত প্ৰাণশক্তি যোগাই তুলিবলৈ কবি উদগ্রীর হৈ পৰিছে। কবিৰ নিজৰ যি শক্তি আছ তাৰে এই কৰ্ম সমাধা কৰাটো সম্ভৱ নহয় বুলি কবিয়ে অনুভৱ কৰিছে। সেয়ে তেওঁ এই দুঃসাধ্য কাম সমাধা কৰিবলৈ প্ৰকৃতি জগতৰ পৰাও শক্তি আহৰণ কৰিবলৈ বিচাৰিছে। বজ্ৰ হ’ল উদাত্ত কণ্ঠৰ অধিকাৰী। বজ্র নিনাদ মহা-শক্তিশালীও। এই শক্তিলৈ ভয় নকৰা লোক নাই। সেয়ে নিঃকিন লোক সকলৰ মুমূৰ্ষ জীৱনত প্ৰাণশক্তি যোগাই তুলিবলৈ কবিক বজ্ৰৰ উদাত্ত কণ্ঠৰ আৱশ্যক। সেয়ে বজ্ৰই কবিক তেওঁৰ কাম্য কি বুলি সুধিলত কবিয়ে নিভকি চিত্তে বজ্ৰক তেওঁৰ উদাত্ত কণ্ঠটি কবিক দিবৰ বাবে অনুৰোধ জনাইছে আৰু তাৰ বাবে বজ্ৰক শতবাৰ প্ৰণিপাত জনাইছে৷
10. মহাকাশে দিলে মোক বিশাল দৃষ্টি
আৰু ধুমুহাই প্ৰচণ্ড শক্তি।
বজ্ৰই দিলে মোক উদাত্ত কণ্ঠ
আৰু দিলে সাহসৰ যুক্তি। —ব্যাখ্যা কৰা।
উত্তৰঃ শোষিত-বঞ্চিত-নিপীড়িত জনৰ প্ৰতি দয়াশীল কবি এগৰাকী স্বভাৱগতভাৱে মানৱপ্রেমী। তেওঁৰ এই মানৱপ্ৰেম বিশ্বজনীন। তেওঁ বিশ্বৰ সমগ্ৰ মুমূৰ্খ লোকৰ প্ৰাণ নতুন আশা-আকাংক্ষাৰে উজ্জীৱিত কৰিবলৈ বিচাৰি এই উদ্দেশ্য পূৰণৰ বাবে প্ৰকৃতি জগতৰ মহান শক্তি সমূহৰ পৰা সিবিলাকৰ শ্ৰেষ্ঠ শক্তিশালী সম্পদসমূহ বিচাৰিছে৷ মানৱদৰদী কবিৰ এই আকাংক্ষাৰ প্ৰতি সঁহাৰি জনাই মহাকাশে কবিক প্ৰদান কৰিলে দৃষ্টিৰ বিশালতা, ধুমুহাই দিলে প্রচণ্ড শক্তি আৰু বত্ৰই দান কৰিলে উদাত্ত কণ্ঠ আৰু সাহসৰ যুক্তি। কবিয়ে এইসকল প্রকৃতি প্রদত্ত সমলেৰে নিঃস্বজনৰ প্ৰাণ নতুন আশা- আকাংক্ষাৰে উজ্জীৱিত কৰিবলৈ সক্ষম হ’ব বুলি মনে-প্রাণে বিশ্বাস কৰিছে।
11. এদিন আকাশে ক’লে, জনৈক গীতিকাৰে
‘অকণি আকাশ’ দেখোঁ মাগে
তুমি কিয় আজি বাৰু কম্পিত কণ্ঠেৰে
মাগিছা সর্বাকাশ সত্তা? —তাৎপর্য ব্যাখ্যা কৰা।
উত্তৰঃ এদিনাখন আকাশে কবিক সুধিলে, জনৈক গীতিকাৰে ‘অকণি আকাশ’ মাগাৰ বিপৰীতে কঁপা কঁপা কণ্ঠেৰে তুমি বাৰু কিয় সৰ্বাকাশ সত্তা বিচাৰিছা? আকাশৰ এই প্ৰশ্নত মানৱতাপ্রেমী কবিয়ে প্ৰত্যুত্তৰত ক’লে যে, আকাশৰ পুৱাৰ পোহৰে ধনী-দুখীয়া, উচ্চ নীচৰ ভেদাভেদ নাৰাখি সকলোকে সমানে পোহৰ বিলাই দিয়াৰ দৰে এই জগতত থকা হেজাৰ-হেজাৰ শোষিত-বঞ্চিত-নিপীড়িত মানুহৰ জীৱন পুনৰ আশা-আকাংক্ষাৰে উজ্জীৱিত কৰি তুলিবলৈ কবিক সম্পূর্ণ আকাশৰ পূৰ্ণ বিশালতাৰ প্ৰয়োজন হ’ব বাবেই তেওঁ আকাশৰ ওচৰত সৰ্বাকাশ সত্তা বিচাৰিব লগা হৈছে। কাৰণ কবিয়ে সমাজৰ এই বৃহৎ সংখ্যক মুমূর্য লোকৰ মান-প্রাণ, আশা-আকাংক্ষাৰে উজ্জীৱিত কৰি তেওঁলোকক নতুন জীৱনৰ সন্ধান দিবলৈ বিচাৰিছে।
ভাষা বিষয়ক
1. তলত দিয়া শব্দবোৰৰ সমার্থক শব্দ লিখা। —ধুমুহা, বুকু, কাম্য, সংকীর্ণতা, বিশাল, দানৱ, প্ৰণিপাত, সিক্ত।
উত্তৰঃ
শব্দ | সমার্থক শব্দ |
ধুমুহা | বৰ বতাহ |
বুকু | হৃদয় |
কাম্য | বাঞ্ছিত, আকাংক্ষিত |
সংকীর্ণতা | ঠেক মনোবৃত্তি |
বিশাল | বহল |
দানৱ | দৈত্য |
প্ৰণিপাত | সেৱা |
সিক্ত | তিতা, ভিজা |
2. তলত দিয়া শব্দ কেইটাত কি কাৰণে ‘ণ’ হৈছে লিখা।
—কণ্ঠ, পূর্ণ, প্রচণ্ড, সংকীর্ণতা, প্রণিপাত।
উত্তৰঃ কণ্ঠ — ‘ট’ বৰ্গৰ লগত যুক্ত হোৱা দন্ত্য ন’ মূর্ধণ্য ‘ণ’ হয়৷
পূৰ্ণ — ‘ৰ’ ৰ পাছত থকা দন্ত্য ন’ মূর্ধণ্য ‘ণত হয়।
প্রচণ্ড —‘ট’ বৰ্গৰ লগত যুক্ত হোৱা দন্ত্য ‘ন’ মূর্ধণ্য ‘ণ’ হয়৷
সংকীর্ণতা — ‘ৰ’ ৰ পাছত থকা দন্ত্য ‘ন’ মূর্ধণ্য ‘ণ হয়।’
প্ৰণিপাত — ‘প্র’ উপসৰ্গৰ পাছত থকা দন্ত্য ‘ন’ মূর্ধণ্য ‘ণ হয়।
3. তলত দিয়া শব্দকেইটাত কি কাৰণে ‘য’ হৈছে লিখা। মুমূর্য, দৃষ্টি।
উত্তৰঃ মুমূর্য — অ, আ-ৰ বাহিৰে অন্য স্বৰবৰ্ণ বা ‘ৰৰ পাছত থকা প্ৰত্যয়ৰ দন্ত্য স’ মূর্ধণ্য ‘ষ’ হয়।
দৃষ্টি — ট’ বৰ্গৰ লগত যুক্ত হোৱা দন্ত্য ‘স’ মূর্ধণ্য য’ হয়৷ ৷
4. সন্ধি ভাঙ। —দিগন্ত, সর্বাকাশ, সংকীর্ণ।
উত্তৰঃ দিগন্ত = দিক্ + অন্ত।
সর্বাকাশ = সর্ব + আকাশ।
সংকীর্ণ = সম + কীৰ্ণ।