সময় | Chapter 7 | Class 9 Assamese (MIL) - SEBA

সময় | Chapter 7 | Class 9 Assamese – SEBA

সময় | Chapter 7 | Class 9 Assamese Chapter 7 সময় | Class 9 Assamese Question and Answer | Assam Class 9 Assamese Solutions | SEBA Class 9 Assamese Chapter 7 Notes | SEBA Class 9 Assamese Chapter 7 Question and Answer | Questions and Answers for Class 9 Assamese Chapter 7 সময়| Assam Class 9 Assamese Questions and Answers Assam | Class 9 সময় Assamese Question and Answer | Assam Board Class 9 Assamese Chapter 7 সময়


সময়

নীলমণি ফুকন (জ্যেষ্ঠ)

অতি চমু প্রশ্নৰ উত্তৰ

1. সময়ৰ বৈ যোৱা সোঁত আমি চকুৰে দেখোনে?
উত্তৰঃ সময়ৰ বৈ যোৱা সোঁত আমি চকুৰে নেদেখো।

2. সময়ৰ দণ্ড, পল, অনুপলক কি বোলা হয়?
উত্তৰঃ দণ্ড, পল, অনুপলক সময়ৰ মজলীয়া ভাগৰ ভগ্নাংশ বোলা হয়।

3. সময় কেনেকৈ ভাগ কৰা হয়?
উত্তৰঃ কাৰ্যক্ৰম অনুসৰি সময় ভাগ কৰা হয়।

4. সময় কি গতিত ঘূৰে?
উত্তৰঃ সময় বৃত্তাকাৰ গতিত ঘূৰে।

5. হিন্দু শাস্ত্ৰত কেইটা যুগৰ নিৰ্ণয় আছে।
উত্তৰঃ হিন্দু শাস্ত্ৰত চাৰিটা যুগৰ নিৰ্ণয় আছে।

6. বেলি ফুলক কি বুলি জনা যায়?
উত্তৰঃ বেলি ফুলক বেলি ঘড়ীও বোলে।

7. সময় বৈ যোৱাৰ উমান আমি কত পাওঁ?
উত্তৰঃ সময় বৈ যোৱাৰ উমান আমি কার্যক্ষেত্ৰতহে পাওঁ।

8. পাৰই ৰুণ দি কি জনায়?
উত্তৰঃ পাৰই ৰুণ দি জনায় যে পোহৰ হবলৈ বেছি সময় নাই।

9. সময়ক কিহৰ লগত তুলনা কৰিব পাৰি?
উত্তৰঃ সময়ক নৈৰ সোঁতৰ লগত তুলনা কৰিব পাৰি।

10. সময়ৰ প্ৰকৃত যন্ত্রপাতি কি বুলি কৈছে?
উত্তৰঃ সময়ৰ প্ৰকৃত যন্ত্ৰপাতি হৈছে কৰ্ম।

11. কিহৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়?
উত্তৰঃ কাৰ্যক্ৰমৰ ওপৰত ভিত্তি কৰি সময় ভাগ কৰা হয়।

12. সময়ৰ গতি কেনেকৈ ধৰিব পাৰি?
উত্তৰঃ কামৰ মাজেদি সময়ৰ গত ধৰিব পাৰি।

13. সময়ৰ ডাঙৰ ভাগবোৰ কি কি?
উত্তৰঃ যুগ, কল্প, শতাব্দী আদি সময়ৰ ডাঙৰ ভাগ।

14. মানুহৰ এবছৰত দেৱতাৰ কিমান দিন হয়?
উত্তৰঃ মানুহৰ এবছৰত দেৱতাৰ এদিন হয়।

15. সময় কি গতিত ঘূৰে বুলি কোৱা হৈছে?
উত্তৰঃ সময় বৃত্তাকাৰ গতিত ঘূৰে বুলি কোৱা হৈছে।

16. মানুহৰ এক কল্প বা এহেজাৰ যুগত ব্ৰহ্মৰ কিমান দিন হয়?
উত্তৰঃ মানুহৰ এক কল্প বা এহেজাৰ যুগত ব্ৰহ্মৰ এদিন-এৰাতি হয়।

17. নীলমনি ফুকনৰ জন্ম কেতিয়া আৰু ক’ত হৈছিল?
উত্তৰঃ ১৮৮০ চনত ডিব্ৰুগড় জিলাত নীলমণি ফুকনৰ জন্ম হৈছিল।

18. নীলমনি ফুকনে কি কাম কৰিছিল?
উত্তৰঃ নীলমনি ফুকনে বি.এ. পাছ কৰাৰ পাছত জর্জ ইনষ্টিটিউট হাইস্কুলত প্রধান শিক্ষকৰ চাকৰিত সোমাইছিল যদিও পিছলৈ চাহ বাগিচাৰ ব্যৱসায়ত লাগিছিল।

19. সময়’ প্ৰৱন্ধটি কাৰ ৰচনা?
উত্তৰঃ সময়’ প্ৰৱন্ধটি নীলমণি ফুকনৰ ৰচনা।

20. দ্বিগ্বিজয়ী বীৰ নেপোলিয়ন কোনখন যুদ্ধত কিয় পৰাজিত হৈছিল?
উত্তৰঃ সহায়কাৰী সৈন্যদল গৈ পোৱাত মাত্ৰ পাচঁ মিনিট পলম হোৱাৰ বাবে বাটালু যুঁজত দিগ্বিজয়ী বীৰ নেপোলিয়ন শোচনীয়ভাবে পৰাজিত হৈছিল।

21. নীলমনি ফুকনক আমি সচৰাচৰ কি কি আখ্যায়িত নামেৰে জানো?
উত্তৰঃ নীলমণি ফুকন দেৱক আমি ‘ককা নীলমণি ফুকন আৰু ‘বাগ্মীবৰ নীলমণি ফুকন এই দুই আখ্যায়িত নামেৰে জানো।

22. মানুহৰ টিকনি আৰু সময়ৰ টিকনিৰ পাৰ্থক্য কি?
উত্তৰঃ প্ৰৱন্ধকাৰৰ মতে মানুহৰ টিকনি আৰু সময়ৰ টিকনিৰ পাৰ্থক্য হৈছে এয়ে যে মানুহৰ টিকনি মূৰৰ পাছফালে আৰু সময়ৰ টিকনি আগফালে থাকে।

চমু প্রশ্নৰ উত্তৰ

1. “সময়” পাঠটিৰ লিখকৰ সাহিত্যৰাজিৰ পৰিচয় দিয়া।
উত্তৰঃ বাগ্মীবৰ নীলমণি ফুকন (ককা) সময়’ প্ৰৱন্ধটিৰ লিখক। তেখেতৰ ৰচিত সাহিত্যৰাজি ক্ৰমে সাহিত্য কলা, চিন্তামণি, জ্যোতিকণা, মানসী, সন্ধানী আদি। ইয়াৰ বাহিৰেও তেখেত ‘আলোচনী’ আৰ ন-জোন’ কাকতৰ সম্পাদক আৰু অসম সাহিত্য সভাৰ শিৱসাগৰ অধিবেশনৰ সভাপতি আছিল।

2. বিজ্ঞানৰ আবিষ্কাৰৰ আগতে মানুহে কিহৰ ওপৰত ভিত্তি কৰি সময় সম্পৰ্কে অৱগত হৈছিল? —চাৰিটা-পাঁচোটা বাক্যত উত্তৰ লিখা।
উত্তৰঃ বিজ্ঞানৰ আবিষ্কাৰৰ আগতে মানুহে প্ৰাকৃতিক জগতৰ পৰিবৰ্ত্তন লক্ষ্য কৰি সময় সম্পৰ্কে অৱগত হৈছিল। কাম কৰাৰ ক্ষেত্ৰত একোটা সাধাৰণ কথাক ভিত্তি কৰি সময় নিৰূপণ কৰিছিল। যেনে—এখনমান তামোল খোৱাৰ সময়, ৰিংটোৰে শুনা দূৰত্ব, বেলিৰ গতিৰ লগত সংগতি ৰাখি নিজৰ ছা-টো দীঘল-চটি হোৱা আদি লক্ষ্য কৰি সময় নিৰূপণ কৰিছিল। জীৱ-জন্তুৰ আচৰণলৈ লক্ষ্য কৰি সময় সলনি হোৱা বা ঋতু পৰিবৰ্ত্তন হোৱাৰ সম্ভেদ লৈছিল।

3. প্রাকৃতিক জগত বুলিলে কাক বুজায়? —চাৰিটা-পাঁচোটা বাক্যত উত্তৰ লিখা।
উত্তৰঃ প্রাকৃতিক জগত বুলিলে সাল-সলনি হোৱা ঋতু, কুঁহিপাত মেলা বা ফুল-ফল ধৰা গছ-গছনি, সূর্য উদয়-অত্ত, ফল-ফুল ধৰা, শস্য পকা, | কেকোৰা, শামুক, বালিমাহী আদি চৰাই বা প্ৰাণীবোৰ ওলোৱা, ভেকুলীয়ে টোটোৰোৱা আদি সামৰি যি জাগতিক কার্যকলাপ তাকে প্রকৃতি বোলে। প্ৰকৃতিৰ গতিবিধি, আচৰণ বা পৰিবৰ্তন আদিলৈ লক্ষ্য কৰি সময়, ঋতু বা কাল নিৰূপণ কৰা হয়।

4. লক্ষণাক্রান্ত মানে কি? —চাৰিটা-পাঁচোটা বাক্যত উত্তৰ লিখা।
উত্তৰঃ লক্ষণাক্রান্ত মানে লক্ষণযুক্ত বা লক্ষণ থকা। সময়ৰ ভাগবোৰৰ ক্ষেত্ৰত কিছুমান বিশেষ লক্ষণ স্পষ্ট হয়। গ্রীষ্ম, শীত, হেমন্ত, বর্ষা আদি সময়ৰ ভাগ বুজোৱা ঋতু সমূহ বিশেষ লক্ষণৰ ওপৰত ভিত্তি কৰিয়েই চিহ্নিত হৈছে। যুগ বিভাজনো এনে লক্ষণৰ ওপৰতে কৰা হয় ; যেনেকলি যুগৰ অন্ত হলে কল্কি অৱতাৰ হব। কল্কিৰ পিছত সত্য যুগ প্ৰৱৰ্তন হব। সেইদৰে যীশুৰ আবির্ভাব, ইমাম মেহদি’ৰ আগমন আদি একো একোটা যুগৰ লক্ষণ।

5. কোনো ঘটনাৰ ওপৰত ভিত্তি কৰি কিদৰে সময় ভাগ কৰিব পাৰি? —চাৰিটা-পাঁচোটা বাক্যত উত্তৰ লিখা।
উত্তৰঃ উল্লেখযোগ্য একোটা বিশেষ ঘটনা বা মানুহৰ কাৰ্যকলাপৰ ওপৰত ভিত্তি কৰিও সময়ৰ একোটা ভাগ নিৰূপণ কৰিব পাৰি। ধৰ্ম, কলা, সাহিত্য, বুৰঞ্জী, কিংবদন্তি, যুদ্ধ-বিগ্রহ, কোনো ৰাজবংশৰ ৰ’ জত্ব, ঐতিহাসিক কোনো লোকৰ জন্ম বা মৃত্যু আদিয়ে সময়ৰ একো-একোটা চাপৰ সীমা নিৰূপণ কৰে। এনে একোটা ৰেখাপাত কৰা ঘটনাক কেন্দ্ৰ কৰিয়েই সংবৎ, শকাব্দ, হিজৰি, শংকৰাব্দ আদি সময়ৰ বিভাগবোৰৰ সৃষ্টি হৈছে।

6. এলেহুৱাৰ দিন নাযায় নুপুৱায়। —তাৎপর্য ব্যাখ্যা কৰা।
উত্তৰঃ সময়ৰ হিচাব কামৰ দ্বাৰাহে হয়। কৰ্মী মানুহৰ সময় কেতিয়া পাৰ হৈ যায় উমানকে নাপায়। কৰ্মী মানুহৰ দিনটো চকুৰ পচাৰতে শেষ হোৱা যেন লাগে। কিন্তু কাম নথকা বা কাম থাকিও কাম নকৰা এলেহুৱা মানুহৰ বাবে দিনটো বৰ দীঘলীয়া। তেওঁৰ বাবে দিনটো শেষ হৈ নাহে। কামত ব্যস্ত থাকিলে। সময় কেতিয়া অতিবাহিত হয় ধৰিব নোৱাৰি। কিন্তু সেই ছোৱা সময়ত সম্পন্ন কৰা কামে সময়ৰ জোখ নিৰূপণ কৰে। এই কাৰণতে মানুহৰ বাবে যেতিয়া এক কল্প বা এহেজাৰ যুগ হয় তেতিয়া ব্ৰহ্মাণ্ড সৃষ্টি কৰ্ত্তা ব্ৰহ্মৰ বাবে মাত্ৰ এদিন এৰাতিহে হয়। অর্থাৎ ব্যক্তজনৰ মতে সময় চুটি আৰু এলেহুৱা বা কৰ্মহীন জনৰ বাবে সময় শেষ নোহোৱাকৈ দীঘলীয়া।

READ MORE  অন্যৰ প্ৰতি ব্যৱহাৰ | Chapter 6 | Class 9 Assamese - SEBA

7. কৰ্মৰ মাজেদি সময়ৰ গতি ধৰিব পাৰি। —তাৎপর্য ব্যাখ্যা কৰা।
উত্তৰঃ কামত ব্যস্ত নাথাকিলে সময় অতিবাহিত নোহোৱা যেন লাগে। অলসভাবে কটোৱা সময় দীঘলীয়া যেন লাগে। ৰেলগাড়ীখন সময়মতে এৰিব বুলি দৌৰা- দৌৰিকৈ ৰেলষ্টেছন পাই এঘণ্টা দেৰিকৈ গাড়ী এৰিব বুলি জানিলে অসন্তোষ লাগে। সেই এঘণ্টা সময় কোনোমতে শেষ হৈ নাহে। কাৰণ তেতিয়া সময় খিনি অবাবত, কাম নোহোৱাকৈ কটাব লগা হয়। কামত ব্যস্ত থাকিলে সময় কিমান সোনকালে অতিবাহিত হয় তাৰ উমান পোৱা যায়। নির্দিষ্ট এটা সময়ত কৰি শেষ কৰা কামৰ দ্বাৰা, অতিবাহিত সময় উপলব্ধি কৰিব পৰা যায়। দিনটোত সম্পন্ন কৰিব লগা কামৰ নিৰিখ যি সকলৰ থাকে সেই সকলৰ বাবে সময় খৰ গতিত অতিবাহিত হোৱা যেন লাগে। কামত ব্যস্ত থাকোতে দিনটো কেতিয়া পাৰ হৈ যায় তাক ধৰিব নোৱাৰি কিন্তু পাৰ হৈ যোৱা সময়ৰ হিচাপ দিয়ে সেই ছোৱা সময়ত সম্পন্ন কৰা কামে।

8. মানুহৰ এক কল্পই ব্ৰহ্মাৰ এদিন। —তাৎপর্য ব্যাখ্যা কৰা।
উত্তৰঃ কাম নকৰা বা কাম নথকাজনৰ বাবে সময় বহুত দীঘলীয়া। কিন্তু কাম থকাজনৰ বাবে সময় তাকৰীয়া। এলেহুৱা মানুহৰ বাবে দিনটো কোনোমতে শেষ নহয়। কিন্তু এটাৰ পিছত এটাকৈ কামত আহৰি নোপোৱাজনৰ বাবে দিনটো পলকতে শেষ হয়। ব্যস্ত হলেও মানুহৰ বাবে যি সময়ৰ জোখ ব্ৰহ্মাৰ বাবে সেই জোখ নহয়। বিশ্বব্ৰহ্মাণ্ডখন বৰ্তাই ৰখাৰ বাবে ব্ৰহ্ম অতিশয় ব্যস্ত হৈ থাকিব লাগে। কম সময়ে তেওঁক নাটে। মানুহ কর্মব্যস্ত হলেও ব্ৰহ্মৰ সমান। কাম মানুহৰ নাই। মানুহৰ কাম কম হোৱা বাবে সময়ৰ ভাগো কম হয়। সেই ভাগ অনুসৰি মানুহৰ যেতিয়া এক কল্প বা এহেজাৰ যুগ অতিবাহিত হয় তেতিয়া ব্ৰহ্মৰ এদিন এৰাতিহে হয়। অর্থাৎ মানুহৰ বাবে যি সময় দীঘলীয়া ব্ৰহ্মৰ বাবে সেই সময় তাকৰীয়া। যেনেকৈ এলেহুৱাৰ বাবে দীঘলীয়া সময় কর্মীলোকৰ বাবে তাকৰীয়া হয় সেইদৰে, ক্ষুদ্ৰ পৰিসৰত কৰ্ম ব্যস্ত মানুহৰ বাবে দীঘলীয়া সময় বৃহৎ পৰিসৰত কৰ্ম ব্যস্ত ব্ৰহ্মৰ বাবে তাকৰীয়া বা কম হয়।

9. সময় অমূল্য ধন বোলা কথাষাৰ সঁচা। —অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা।
উত্তৰঃ কম সময়ৰ ভিতৰত কিমান বেছি মূল্যৰ কাম কৰিব পাৰি তাৰ ওপৰতে সময়ৰ অমূল্য গুণৰ নিৰ্ণয় কৰিব পাৰি। কোনো ধনকুবেৰে নিমিষতে লাখ লাখ টকা উপাৰ্জন কৰে আৰু কোনোৱে গোটেই জীৱনতো এক লাখ টাকা। উপাৰ্জন কৰিব নোৱাৰে। এই ক্ষেত্ৰত সমুদায় জীৱনতে এক লাখ টকা উপাৰ্জন কৰিব নোৱাৰা মানুহজনৰ সময়কৈ নিমিষতে লাখ লাখ টাক উপাৰ্জন কৰিব পৰা মানুহ জনৰ সময়ৰ মূল্য অধিক। সেইদৰে ঘণ্টাত ৬০ কি.মি. অতিক্ৰম কৰা ট্রাক এখনৰ মূল্য ঘণ্টাত ২ কি.মি. অতিক্ৰম কৰা গৰু গাড়ী এখনতকৈ বহুত বেছি। ঘনাই মাকো মাৰি দিনটোত তিনিখন গামোচা বব পৰা শিপিনীজনীৰ কামৰ মূল্য তিনিবাৰ টোৱাই মাকো মাৰি দিনটোত এখন গামোচা বব পৰা শিপিনীজনীৰ সময়ৰ মূল্যতকৈ বহু গুণে বেছি। অবাবত সময় নষ্ট নকৰি, অতিবাহিত সময় খিনিত কিমান মূল্যবান কাম কৰিব পাৰি তাৰেহে যত্ন কৰিব লাগে। উপাৰ্জনমুখী কামৰ মাজেৰে কটোৱা সময় অমূল্য হৈ পৰে। সেই কাৰণেই সময়ক অমূল্য ধন বোলে।

10. সময়ৰ টিকনিভাল হেনো আগফালে। —অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা।
উত্তৰঃ প্রবাদ বাক্যৰ দৰে প্ৰচলিত হোৱা উক্ত বাক্যটি প্ৰৱন্ধকাৰ বাগ্মীবৰ নীলমণি ফুকন ককাৰ সময়’ নামৰ প্ৰৱন্ধটিৰ পৰা উদ্ধৃত কৰা হৈছে।

সময়ক বোৱতী নদী আৰু পাখি লগোৱা কাডৰ লগত তুলনা কৰা হয়। বোৱতী নদীৰ পাৰ হৈ যোৱা পানীৰ সোঁত আৰু ধনুৰ পৰা এৰি দিয়া কাড় আৰু কেতিয়াও ওভতি নাহে। তাতে পাখি লগোৱা কাঁড় হলে সি আৰু তীব্ৰ গতিত আগৰ পিনে গতি কৰে। বোৱতী সূতি আৰু পাখি লগোৱা কুঁড়ৰ দৰে দ্রুত গতি সম্পন্ন সময়ক ধৰি ৰাখিব লাগিলে নিৰ্দিষ্ট সময়ৰ আগতে সাজু হব লাগিব। আমাৰ কোনো কোনো মানুহে মূৰৰ চুলিৰ মাজত পিছফালে একোছা চুলি দীঘলকৈ ৰাখে। এই চুলি কোছাক টিকনি বোলে। টিকনি থকা মানুহক ধৰি ৰাখিব খুজিলে পিচ পিনৰ পৰা গৈয়ো টিকনিডালত ধৰি ৰাখিব পাৰি। প্ৰৱন্ধকাৰে বিশেষ অর্থসূচক ভাবে সময়ৰ টিকনি আগফালে থকা বুলিছে। গতিকে আগফালে টিকনি থকা সময়ক ধৰি ৰাখিব খুজিলে আগফালৰপৰাহে ধৰিব লাগিব। ইয়াৰদ্বাৰা প্ৰৱন্ধকাৰে সম্পন্ন কৰিবলগীয়া কোনো কামৰ বাবে নিৰ্দিষ্ট সময়তকৈ আগেয়ে প্রস্তুত থকাৰ বাবে সকিয়াই দিছে।

11. সময়ৰ এই ভাগবিলাক বিশেষ বিশেষ লক্ষণাক্রান্ত। —অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা।
উত্তৰঃ কোনো এটা নির্দিষ্ট সময়ত প্রধানভাবে দেখা দিয়া সমস্যা, কোনো ডাঙৰ ঘটনা বা সমাজৰ মানুহৰ আচৰণ আদিৰ প্ৰতি লক্ষ্য কৰি সময়ৰ ভাগ কৰা হয়। হিন্দু শাস্ত্ৰত এই লক্ষণ বা বৈশিষ্ট্যৰ প্ৰতি লক্ষ্য ৰাখি চাৰি যুগৰ বিভাজন কৰা হৈছে। সেই অনুসৰি কলি কালৰ অন্তত সত্য যুগৰ প্ৰৱৰ্তন হব। কল্কি অৱতাৰ হলেই কলি যুগৰ অন্ত পৰিব। খৃষ্টান সকলৰ মতে হাজাৰ বছৰলৈ যীশুৰ ৰাজত্ব বা খৃষ্টৰ প্ৰভাৱ থাকিব। সেইদৰে ইচলাম সকলৰ ধর্ম বিশ্বাস মতে শেষ ইমাম হিচাপে মেহদি’ৰ আগমন ঘটিব। এই বিশেষ ঘটনা বিলাকক, কেন্দ্ৰ কৰিয়েই হয় একোটা যুগৰ সৃষ্টি। যুগৰ পৰিবৰ্তনেই কল্পান্তৰ।

12. সময়ৰ জোখ কামতহে, ঘড়ীৰ কাঁইটকেইডালত নাই। —অন্তৰ্নিহিত ভাৱ বিশ্লেষণ কৰা।
উত্তৰঃ ঘড়ীৰ কাইটকেইডালে সময় অতিবাহিত হৈ যোৱাৰ ইংগিত দিয়ে। কিন্তু ঘড়ীৰ কাইট কেইডালৰ পিনে চাই অতিবাহিত কৰা সময়ৰ একো জোখ বা মূল্য নাই। কাম নকৰাকৈ এনেয়ে পাৰ কৰা সময়ৰ জোখৰ কোনো মূল্য বা অর্থ নাই। সময় অতিবাহিত হৈ থকাৰ সমান্তৰালভাৱে কিবা এটা কাম কৰি থব। পাৰিলে পাৰ হৈ যোৱা সময়খিনিৰ জোখ আমাৰ হাতত ৰৈ যায়; যেনে তিনি ঘণ্টা সময় পৰিশ্ৰম কৰি এখন ভাল চিত্র আঁকা হ’ল। আঁকি লোৱা সেই চিত্ৰখনে পাৰ হৈ যোৱা সময় খিনিৰ জোখ বা মূল্য নিৰূপণ কৰি ৰাখিলে। ছাত্র এজনে তিনি ঘণ্টা সময় পৰীক্ষা লিখি পৰীক্ষা এটা পাছ কৰিলে ছাত্ৰজনৰ চিৰ জীৱনৰ বাবে সেই তিনি ঘণ্টা সময়ৰ জোখ বা মূল্য তেওঁৰ হাতত অমূল্য সময় হিচাপে থাকি গ’ল। কামৰদ্বাৰা সময়ক এইদৰে ধৰি ৰাখিব পাৰি বা তাৰ মূল্য বা জোখ নিৰূপণ কৰিব পাৰি বাবেই সময়ৰ জোখ কামতহে বুলি কোৱা হৈছে।

READ MORE  সন্মান | Chapter 16 | Class 9 Assamese - SEBA

13. “নিয়মানুবর্তিতা আৰু সময়ৰ সদ ব্যৱহাৰ” —ইয়াকে বিষয় হিচাপে লৈ এটি টোকা যুগুত কৰা।
উত্তৰঃ প্রকৃতি জগতত কিছুমান চিৰাচৰিত নিয়ম আছে। সেই নিয়মবোৰৰ ব্যতিক্রম নহয়। শীত কালত গছৰ ডালত পাত-ফুল নথকা, বসন্ত কালত গছৰ ডালত কুঁহিপাত ওলোৱা, ফুল ফুলা, বাৰিষা কালত ভেকুলীয়ে মাতা আদি প্ৰাকৃতিক চিৰাচৰিত কাম। এইবোৰ কামৰ সাধাৰণতে ব্যতিক্ৰম নহয়। এই নিয়মবোৰৰ ব্যতিক্রম হলে অঘটন ঘটিব, দুর্দিন হব, আনকি প্রলয়ো হব পাৰে। প্ৰকৃতিয়ে মানি চলা এই নিয়মবোৰ নিয়মানুবর্তিতা। প্ৰকৃতিৰ দৰে মানুহৰ সমাজতো কিছুমান নিয়ম আছে। সকলো মানুহে সেই নিয়মবোৰ মানি চলিলে কোনোকামত আউল নালাগে। যেনে ছাত্ৰৰ কাম অধ্যয়ন। তেঁও পুৱা-গধূলি সময় অপব্যয় নকৰি নিয়মমতে পঢ়া শুনা বা অধ্যয়ন কৰিব লাগিব। নিতৌ সময়মতে (নির্দিষ্ট সময়ত) স্কুললৈ যাব লাগিব। সেইদৰে শিক্ষক সকলো সময়মতে স্কুলত উপস্থিত হৈ পাঠদানত ব্ৰতী হব লাগিব। শিক্ষক ছাত্ৰ স্কুলত নিয়মমতে উপস্থিত হব নোৱাৰিলে স্কুলৰ পাঠদানত আউল লাগিব। নিজৰ কৰ্ত্তব্যটো নিয়ম বা সময়মতে কৰাই নিয়মানুবর্তিতা বা সময়ানুবর্তিতা।

সময়ৰ কাম সময়মতে কৰিলে সময়ৰ সদব্যৱহাৰ কৰা হয়। এলাহত বা অবাবত সময় নকটাই কিবা নহয় কিবা কামত সময় কটালে অতিবাহিত হোৱা। সময়ৰ মূল্য ৰৈ যায়। ছাত্ৰ সকলে অধ্যয়ন নকৰি কটোৱা সময়ৰ কোনো মূল্য নাই। অৱশ্যে অধ্যয়ন নকৰা সময়ত যদি কোনোবাই খেল-ধেমালি, চিত্রাঙ্কন আদিত সময় খটায় তেনেহলে সেই সময়ৰ মূল্য নিরূপিত হয়। নিয়মানুবর্তিতা, সময়ানুবর্তিতা আৰু সময়ৰ সদ্ ব্যৱহাৰ অংগাংগী নিয়ম অনুসৰি সময়ৰ কাম সময়ত কৰি নিয়মানুবর্তী বা সময়ানুবর্তী হব পাৰি। আকৌ সময়ৰ কাম সময়। মতে কৰি সময়ৰ মূল্য আৰোপিত কৰিব পাৰি। গতিকে সময়ৰ কাম সময়ত কৰাৰ অভ্যাস গঠন কৰা সকলোৰে বাবে হিতকাৰী। সময়ৰ কাম সময়ত কৰোতেই সময়ৰ সদ্ ব্যৱহাৰ কৰা হয়।

14. “প্রাকৃতিক জগতৰ গতি-বিধি লক্ষ্য কৰিও সময় নিৰূপণ কৰা হয়” —প্রাকৃতিক জগতৰ গতি-বিধিবোৰ কি কি? কেনেকৈ এই গতি-বিধিৰ দ্বাৰা সময় নিৰূপণ (নিৰ্ণয়) কৰিব পাৰি পাঠভিত্তিক আলোচনা কৰা।
উত্তৰঃ শীত, বসন্ত আদি ঋতু, সূর্য উদয়-অস্তুত পদুম ফুল ফুলা আৰু জাপ খোৱা, সূৰ্যৰ ঘূৰণৰ সৈতে সংগতি ৰাখি বেলি ফুল ঘূৰা, কঠালে মুচি পেলোৱা, আম মলিওৱা, ধান পকা, বাঁহৰ গাজ ওলোৱা, কেক্কেী ফুলি গোন্ধ বিলোৱা, কেকোৰা গাতত সোমোৱা, শামুক পথাৰত ওলোৱা, বালিমাহী, কেতেকী আদি চৰায়ে মতা, মাছে কণী পৰা, চৰায়ে কুটা কঢ়িওৱা, ভেকুলীয়ে টোটোৰোৱা, গৰু গধূলি ঘৰলৈ অহা, শিয়ালে হোৱা দিয়া, পাৰইৰণ দিয়া আদি প্ৰাকৃতিক জগতৰ গতিবিধি।

এই প্রাকৃতিক গতি-বিধিবোৰৰ প্ৰতি লক্ষ্য কৰি সময় নিৰূপণ বা নিৰ্ণয় কৰা হয়। পাত-ফুল সৰি লঠৰা হোৱা গছৰ ডাল দেখিলে শীতকালৰ আগমন, গছৰ ডালত কুঁহিপাত ওলালে বসন্ত ঋতুৰ আগমন, পদুম ফুল ফুলা আৰু জাপ খোৱা কাৰ্যত সূৰ্য উদয় আৰু অস্তৰ প্ৰভাৱ, কঠালৰ মুচি আৰু বাহগাজ ওলোৱা আদি প্ৰাকৃতিক কাৰ্য দেখিলে একোটা ঋতুৰ সম্ভেদ পোৱা যায়। চৰাই-চিৰিকতি আৰু জীৱ-জন্তুৰ আচৰণেও ঋতু বা সময় সলনি হোৱাৰ ইংগিত বহন কৰে। আধুনিক চিন্তা-চৰ্চা আৰু যন্ত্রপাতি আবিষ্কাৰ হোৱাৰ পূৰ্বে মানুহে প্রাকৃতিক জগতৰ এই গতি-বিধি বা পৰিবৰ্ত্তনবোৰ লক্ষ্য কৰিয়েই সময় নিৰূপণ কৰিছিল আৰু তদনুসৰি নিজৰ কাম পৰিচালনা কৰিছিল। পাৰই ৰুণ দিলে ৰাতি পোহৰ হোৱাৰ সংকেত পাইছিল। পদুম ফুল জাপ খালে, সূর্য নেদেখা বতৰত গধূলি হোৱাৰ উমান পাইছিল। গছত কুঁহিপাত ওলাই বসন্ত কাল অহাৰ ইংগিত দিলে মানুহে কৃষি কৰ্মৰ সময় সমুপস্থিত বুলি বুজিছিল।

15. সময়ৰ সদ্ব্যৱহাৰ কৰা কথাৰ ওপৰতে তাৰ যথাৰ্থ মূল্য স্থিৰ কৰিব পাৰি।
উত্তৰঃ এই বাক্যটি ককা নীলমণি ফুকনৰ সময়’ নামৰ প্ৰৱন্ধটিৰ পৰা লোৱা হৈছে। সময়ৰ ব্যৱহাৰৰ ওপৰতহে সময়ৰ মূল্য নির্ণয় কৰিব পৰা সন্দৰ্ভত প্ৰৱন্ধকাৰে বাক্যটি প্রয়োগ কৰিছে।

কোনো এজন মানুহে নিজৰ কৰিবলগীয়া কামখিনি শৃঙ্খলা লগাই কৰিলেই সেই সময়খিনিৰ সদ্ব্যৱহাৰ হোৱা বুলি কব পাৰি। শৃঙ্খলা লগাই ৰেল, মটৰ, উৰাজাহাজ আদিৰ সময় তালিকা নিৰূপণ কৰি লোৱাৰ বাবেই মানুহে গছে গছে বগাই ফুৰা কেৰ্কেটুৱাৰ দৰে এখন যানবাহন এৰি অইন এখনত উঠি ভিন্‌ ভিন্‌ ঠাই ভ্ৰমণ কৰি ফুৰিব পাৰিছে। ঘৰখনত থকা মানুহে আয়াসতে বৰ ঘৰ এৰি মাৰল ঘৰত সোমাব পৰাৰ দৰেই শৃঙ্খলিত সময়ৰ ৰেল-মটৰত উঠি মানুহে সহজে দেশ-বিদেশ ভ্রমণ কৰিব পাৰিছে। ব্যক্তিগত জীৱনৰ কাম-কাজ, ঘৰুৱা কাম বা দেশৰ কাম চম্ভালিবৰ বাবে সময়-তালিকা নিৰূপণ কৰি ন’ললে আউল লগাৰ আশঙ্কা থাকে। শৃঙ্খলিত সময়-তালিকা নাথাকিলে দেশ নালাগে নিজৰ ঘৰখনো ঘৰ গুচি বাঁহতল অর্থাৎ অশান্তি আবৰ্জনাৰ ঠাই হয় বুলি প্ৰৱন্ধকাৰে মন্তব্য কৰিছে। নিরূপিত সময় তালিকা অবিহনে দেশ পৰিচালনা কৰা অসম্ভৱ। শৃঙ্খলাবদ্ধ ভাবে সময়ৰ কাম সময়মতে কৰিব নোৱাবিলে দেশ অৰাজক হৈ পৰে। শৃঙ্খলা লগাই কৰিবলগা কাম কৰিব পাৰিলেই সময়ৰ সজ ব্যৱহাৰ কৰা হয়। সময়ৰ এনে সদ্ব্যৱহাৰৰ ওপৰতেই সময়ৰ মূল্যও নিরূপিত হয়।

16. সময় সদায় বৃত্তাকাৰ গতিত ঘূৰিবই লাগিছে।
উত্তৰঃ এই বাক্যটি ককা নীলমণি ফুকনৰ সময়’ নামৰ প্ৰৱন্ধটিৰপৰা উদ্ধৃত কৰা হৈছে।

বিশেষ কেতবোৰ লক্ষণ অনুসৰি সময়ৰ বৃহৎ ভাগবোৰ নিৰ্ণয় কৰা হয়। হিন্দু সকলৰ মতে কলি যুগৰ শেষত কল্কিৰ অৱতাৰ হব আৰু তাৰ পিচত পুনৰ সত্য যুগৰ প্ৰৱৰ্তন ২। খৃষ্টান সকলৰ মতে এহেজাৰ বছৰ যীশু খৃষ্টৰ ৰাজত্ব হব। বা এক মিলেনিয়াম হব। ইছলামসকলৰ মতে ইমাম মেহদিৰ আগমন হব। এটা যুগৰ পিচত অইন এটা যুগ আৰম্ভ হোৱাকে কল্পান্তৰ অথবা চাইক্লিক অর্থাৎ বৃত্তাকাৰ বোলা হয়। সময়ৰ মজলীয়া ভাগবোৰো সেইদৰে এটাৰ পিচত অইন এটা যেনে বছৰৰ পিচত বছৰ আৰম্ভ হয়। সৰু ভাগ দিনৰ পিচত ৰাতি বৃত্তাকাৰ গতিত হয়। সময়ৰ এই বৈশিষ্ট্যৰ প্ৰতি লক্ষ কৰিয়েই প্ৰৱন্ধকাৰে সময়ৰ গতি বৃত্তাকাৰ আৰু অবিৰাম বুলিছে। কেতিয়াবা, কোনো ক্ষেত্ৰত এই গতিৰ পৰিধি বাঢ়ি গৈছে, কেতিয়াবা আকৌ কমি গৈছে। যুগ বা কল্পান্তৰৰ ক্ষেত্ৰত সময়ৰ গতিৰ পৰিধি স্থল বা বৃহৎ’; কিন্তু বছৰ, ঋতু, মাহ, দিন, ৰাতি আদিৰ বৃত্তাকাৰ গতিৰ ক্ষেত্ৰত পৰিধি কম হয়। বছৰ, ঋতু, মাহ, দিন ৰাতি আদি নিয়মিত ভাবে এক বৃত্তাকাৰ গতিত সংঘটিত হয় বাবে প্ৰৱন্ধকাৰে সময়ক অবিৰাম বৃত্তাকাৰ গতিত ঘূৰি থকাৰ ব্যাখ্যা দাঙি ধৰিছে।

READ MORE  অন্ধবিশ্বাস আৰু কু-সংস্কাৰ | Chapter 8 | Class 9 Assamese - SEBA

ভাষা বিষয়ক

1. আহৰৰ বাৰ্তা গংগাৰো যাত্ৰা। —ভাব সম্প্ৰসাৰণ কৰা।
উত্তৰঃ ‘আই, জন্মদাত্রী, সকলো সন্তানৰ অতি মৰমৰ। কিবা কাৰণত মাকৰপৰা দূৰত থকা সন্তান সকলে মাকৰ বা-বাতৰি পোৱাৰ আগ্ৰহত থাকে। সেইদৰে গংগা পৱিত্ৰ তীর্থস্থান। ধর্মপ্রাণসকলে গংগা স্নানৰ বাবে গংগাৰ তীৰৰ। কোনো তীর্থলৈ যায়। মাকৰ বাতৰি লোৱাৰ বাবে আগ্ৰহী হৈ থকাজনে দুয়োটা কামকে একেটা যাত্ৰাতে কৰাৰ যত্ন কৰে। গংগা যাত্ৰাৰ লগতে মাকৰ খবৰো লব পাৰে। এটা কাম কৰাৰ লগতে প্রয়োজনীয় অইন এটা কাম কৰাৰ সুবিধা লোৱাৰ ক্ষেত্ৰত অসমীয়া ভাষাত এই প্ৰৱচনটিৰ প্ৰচলন আছে।

2. সময়ৰ শৰ মাৰিব নাজানিলে শৰ পহুৰ মঙহ খাবলৈ আশা কৰা মিছা। —ভাব সম্প্ৰসাৰণ কৰা।
উত্তৰঃ সময় খৰ গতিত অতিবাহিত হয়। সময়ত শৰ মৰা কথাই সময়ৰ কাম সময়মতে কৰাক বুজাইছে। শৰ পহু এবিধ বেগী পঙ্গু। মানুহে ইয়াৰ মঙহ খায়। ইয়াৰ মঙহ সোৱাদ লগা। কিন্তু এই সোৱাদ লগা মঙহ খাব খুজিলে তীব্ৰবেগী শৰ পহুলৈ সময়মতে বাণ নিক্ষেপ কৰি তাক মাৰিব লাগিব। তৎপৰ হৈ পহুৰ গালৈ কাড় বা শৰ মাৰিব নোৱাৰিলে শৰ পৰ মঙহ খোৱাৰ আশা নাথাকে। মানুহৰ জীৱনত কৰিবলগীয়া কিছুমান কাম থাকে। সেই কামবোৰ সময়মতে কৰিব নোৱাৰিলে সময় অতিবাহিত হোৱাৰ পৰবৰ্তী কালত সুফল ভোগ কৰাৰ সুবিধা পোৱা নাযায় ; যেনে- ছাত্ৰসকলে ছাত্ৰজীৱনত ‘সময়ৰ কাম অধ্যয়ন কৰি জ্ঞান উপাৰ্জন কৰি ন’ললে পিছৰ জীৱনত বিদ্যাৰ সুফল ভোগ কৰিব নোৱাৰে। আনহাতে ছাত্ৰজীৱনৰ সময় অতিবাহিত হোৱাৰ পিছত শিকাৰো সময় নাথাকে। সময়ৰ কাম সময়মতে কৰি তাৰ সুফল ভবিষ্যতৰ দিনত ভোগ কৰাৰ কথা কবৰ বাবেই উক্ত প্ৰৱচনটি ব্যৱহাৰ কৰা হয়।

3. ৰাইজে নখ জোকাৰিলে নৈ বয়। —ভাব সম্প্ৰসাৰণ কৰা।
উত্তৰঃ হাত ধুই উঠি কাপোৰেৰে মচাৰ আগতে হাত দুখনত লাগি থকা পানীখিনি আঁতৰাই পেলোৱাৰ বাবে হাত দুখন জোকাৰি পেলোৱা প্ৰায়ভাগ মানুহৰে অভ্যাস। এনে জোকাৰত হাতত লাগি থকা সামান্য পানী চিটিকি পৰে। কিন্তু এই পানীৰ টোপাল বা কণিকাবোৰৰ কোনো মহৎ শক্তি নাই। এজনৰ হাত জোকাৰি পেলোৱা পানী জমা হব নোৱাৰে বা নৈৰ দৰে বৈ যাবও নোৱাৰে। কিন্তু এখন ৰাইজে বা বহুত মানুহে হাত জোকাৰিলে নখৰ আগেৰে চিটিকি পৰা পানীৰ কণিকা জমা হৈ বহুত পৰিমাণৰ পানী হব পাৰে। নৈৰ দৰে হৈ যাব পাৰে। কিন্তু উদ্‌ধৃত প্ৰৱচনটোত সেই কথা কোৱা নাই। ইয়াত একতাৰ শক্তিৰ কথাহে প্ৰকাশ কৰা হৈছে। এজনৰ শক্তিৰে কৰিব নোৱাৰা কাম হাজাৰজনৰ একত্ৰিত শক্তিৰে কৰিব পাৰি। ঘৰ-দুৱাৰ, মঠ- মন্দিৰ, আলি-পদুলি, স্কুল কলেজ, নৈ-নলা আদি বন্ধা বা নিৰ্মাণ কৰা কাম বহু জনৰ শ্রমদান অথবা ধন দানেৰে কৰিব পাৰি।

4. সময়ৰ সদ্ব্যৱহাৰ কৰি তুমি কেনেদৰে উপকৃত হৈছা ইয়াকে জনাই তুমি তোমাৰ আইতাৰালৈ এখন চিঠি লিখা।
উত্তৰঃ পৰম পূজনীয়া আইতা, প্ৰথমে তুমি আৰু দেউতা মোৰ সেৱা আৰু মৰম গ্ৰহণ কৰিবা। মই তোমালোকৰ আশীৰ্বাদ আৰু ভগৱানৰ কৃপাত বর্তমান ভালে আছে। আশাকৰো ভাইটিৰে সৈতে তোমালোক আটায়ে কুশলে আছা। মই হ’ষ্টেলত থাকি নিয়ম মতে পঢ়া-শুনা কৰি আছো। আমাৰ বছৰেকীয়া, পৰীক্ষা শেষ হোৱাৰ পিছতহে মই ঘৰলৈ যাম বুলি ভাবি আছো।

পূজাৰ বন্ধত মই ঘৰলৈ যাও বুলি ভাবিও নগ’লো। ঘৰলৈ গলে বন্ধৰ কেইদিনত একো পঢ়া-শুনা কৰিব নোৱাৰিলোহেঁতেন। সেই সময়খিনি ইয়াতে থকাতে আমাৰ বৰ উপকাৰ হ’ল। বন্ধত হ’ষ্টেলত থকা ছাত্ৰসকলে আমাৰ গণিত, বিজ্ঞান আৰু ইংৰাজীৰ শিক্ষকসকলক কেইটামান হৈ যোৱা কঠিন পাঠ শিকাই দিয়াৰ বাবে অনুৰোধ জনাইছিল। ছাত্ৰসকলৰ উৎসাহ-আগ্রহ দেখি তিনি গৰাকী শিক্ষকে বিনামূলীয়াকৈ সেই কঠিন পাঠ কেইটা খৰচি মাৰি পুনৰালোচনা কৰি দিছিল। সেইকেইটা পাঠত মোৰো খোকোজা আছিল। ঘৰলৈ নোযোৱাত মোৰ ভালেই হ’ল। সময় খিনিৰো সদ্ব্যৱহাৰ হ’ল আৰু মোৰো অসুবিধা আঁতৰিল।
পুনৰ সেৱা জনাই আজিলৈ সামৰিলো। ভাইটিক মোৰ মৰম জনাবা।

ইতি—
তোমালোকৰ মৰমৰ
অনির্বাণ

5. সন্ধি ভাঙা।
শকাব্দ, খ্রীষ্টাব্দ, শংকৰাব্দ, চৈতন্যাব্দ, লক্ষণাক্রান্ত, কল্পান্তৰ, কৰায়ত্ত, মনস্তাপ।
উত্তৰঃ তলত প্রদত্ত শব্দবোৰৰ সন্ধি ভাঙি দেখুৱা হ’ল—
শকাব্দ = শ + অব্দ।
খ্রীষ্টাব্দ = খৃষ্ট + অব্দ।
শংকৰাব্দ = শংকৰ + অব্দ।
লক্ষণাক্রান্ত = লক্ষণ + আক্রান্ত।
কৰায়ত্ত = ক + আয়ত্ত।
চৈতন্যাব্দ = চৈতন্য + অব্দ।
কল্লান্তৰ =. কল্প + অন্তৰ।
মনস্তাপ = মনঃ + তাপ।

6. “সময়” নামৰ পাঠটিতে থকা কেইটামান যুৰীয়া শব্দ ব্যৱহাৰ কৰি বাক্য ৰচনা কৰা।
উত্তৰঃ সময়’ নামৰ পাঠৰ পৰা কেইটামান যুৰীয়া শব্দ বাছি তলত উল্লেখ কৰা হ’ল। গতি-বিধি, বেলি-ঘড়ী, কুলি-কেতেকী, ঢাৰি-পাটী, দীঘল-চুটি, চন্দ্র-সূর্য, যন্ত্র পাতি, দিন ৰাতি, দেশ-বিদেশ, বৰঘৰ-মালঘৰ, দুই-চাৰি, যুদ্ধ-বিগ্রহ, লৰী মটৰ, গৰু-গাড়ী, মাছে- মঙহে, নাযায়-নুপুৱায়। ওপৰত দিয়া যুৰীয়া শব্দবোৰেৰে তলত বাক্য ৰচনা কৰি-দেখুৱা হ’ল

গতি-বিধি = আগৰ দিনত প্ৰাকৃতিক কাৰ্যসমূহৰ গতিবিধি লক্ষ্য কৰি সময়ৰ ভাগ কৰা হৈছিল।

বেলি-ঘড়ী = বেলি ফুল সূর্য যি ফালে ঘূৰে সেই ফালেই ঘূৰে বাবে ইয়াক বেলি- ঘড়ীও বোলে।

কুলি-কেতেকী = কুলি-কেতেকী আদিৰ আবিৰ্ভাৱেও একোটা সময়ৰ ভাগৰ বা ঋতুৰ সম্ভে দিয়ে।

ঢাৰি-পাটী = পাৰই ৰুণ দিলে বা কুকুৰাই ডাক দিলে ৰাতি পুৱাল বুজি মানুহে ঢাৰি-পাটী এৰে।

দীঘল-চুটি = সময় নির্ণায়ক যন্ত্র আবিষ্কাৰৰ আগেয়ে মানুহে নিজৰ ছাঁটো দীঘল চুটি লক্ষ্য কৰি সময়ৰ অনুমান কৰিছিল।

চন্দ্ৰ-সূৰ্য = চন্দ্ৰ সূৰ্যৰ গতিলৈ লক্ষ্য কৰি দিন-মাহ আদি সময়ৰ ভাগবোৰৰ নিৰ্ণয় হৈছিল।

যন্ত্র-পাতি = ঘড়ীৰ দৰে সময়ৰ জোখ লোৱা যন্ত্র আবিষ্কাৰ হলেও সময়ৰ জোখ লোৱা প্ৰকৃত যন্ত্ৰপাতি হৈছে অতিবাহিত হোৱা সময়ছোৱাত কৰি তোলা কাম।

দিন-ৰাতি = মানুহৰ এক কল্প বা এহেজাৰ যুগত ব্ৰহ্মৰ এটা দিন ৰাতি হয়। দেশ-বিদেশ—বিজ্ঞানে আবিষ্কাৰ কৰা যান-বাহনৰ দ্বাৰা মানুহে দেশ-বিদেশ ভ্ৰমণ কৰিব পৰা হ’ল।

বৰঘৰ-মালঘৰ = বিজ্ঞানে দিয়া সুবিধাৰে মানুহে দেশ-বিদেশকো বৰঘৰ মালঘৰৰ দৰে বগাই ফুৰিছে।

দুই-চাৰি = নিৰ্দিষ্ট কাম সুচাৰুৰূপে কৰাৰ বাবে নিৰ্ধাৰিত সময়তকৈ দুই চাৰি মিনিট হলেও আগতে উপস্থিত হব লাগে।

যুদ্ধ-বিগ্রহ = যুদ্ধ-বিগ্ৰহৰ সময়ত সময়ৰ মূল্য অতিকৈ বেছি হৈ উঠে।

লৰী-মটৰ = ঘণ্টাত দুই মাইল অতিক্রম কৰা গৰু-গাড়ীতকৈ ঘণ্টাত ৪০-৬০ মাইল অতিক্ৰম কৰিব পৰা লৰী-মটৰৰ মূল্য অধিক।

গৰু-গাড়ী = মন্থৰ গতিৰ গৰু-গাড়ী দীঘলীয়া বাট ভ্ৰমণৰ উপযোগী বাহন নহয়।

মাছে-মঙহে = ভেক গুচাৰ পিছত মাছে-মঙহে এগাল খালেও ৰুচিবোধ নহয়।

নাযায়-নুপুৱায় = এলেহুৱা লোকৰ বাবে দিনটোৰ সময় কোনোমতে নাযায় নুপুৱায়।

Leave a Comment

error: Content is protected !!
Scroll to Top