নাৰী শিক্ষা আৰু ইয়াৰ প্ৰয়োজনীয়তা ৰচনা | Women's Education and Its Needs Essay in Assamese

নাৰী শিক্ষা আৰু ইয়াৰ প্ৰয়োজনীয়তা ৰচনা | Women’s Education and Its Needs Essay in Assamese

নাৰী শিক্ষা আৰু ইয়াৰ প্ৰয়োজনীয়তা ৰচনা | নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা ৰচনা  Nari Shiksha Aru Iyar Proyojoniyta | Nari Shikhar Proyojoniyta Axomiya Rosona | Women’s Education and Its Needs Essay in Assamese | Importance of Women’s Education Essay in Assamese


নাৰী শিক্ষা আৰু ইয়াৰ প্ৰয়োজনীয়তা ৰচনা

আৰম্ভণি

শিক্ষাই মনৰ অজ্ঞতা দূৰ কৰি বৌদ্ধিক দিগন্ত মুকলি কৰে। জগতৰ সৰ্বতো প্ৰকাৰৰ মংগলৰ বাবে নিজকে যোগ্যবান কৰি তোলাৰ একমাত্ৰ মাধ্যম হ’ল শিক্ষা। সু-শিক্ষাই মানুহক পশুত্বৰ পৰা দেৱত্বৰ শাৰীলৈ উন্নীত কৰে। গতিকে পুৰুষ-নাৰী নিৰ্বিশেষে সকলোৰে বাবে শিক্ষা অতি আবশ্যকীয়।

নাৰী শিক্ষাৰ ইতিহাস

নাৰী শিক্ষাৰ ইতিহাসলৈ মন কৰিলে দেখা যায় প্ৰাচীন ভাৰতীয় সমাজত নাৰী শিক্ষাৰ অধিক সমাদৰ আছিল। ঋক্ বৈদিক যুগত নাৰীৰ শিক্ষা আৰু স্বাধীনতা পুৰুষৰ সমপৰ্যায়ৰ আছিল। বৌদ্ধ ধৰ্মৰ অভ্যুদয়ৰ সময়তো নাৰীৰ স্বাধীনতা আৰু শিক্ষাৰ প্ৰসাৰতাৰ উমান পোৱা যায়। কিন্তু ক্ৰমান্বয়ে নাৰীসকলৰ সেই স্থিতি বা মৰ্যাদা হেৰাই যাবলৈ ধৰিল। মধ্য যুগত ভাৰতবৰ্ষত সঘনাই হোৱা বিদেশীৰ আক্ৰমণে নাৰীক চাৰিবেৰৰ মাজত আৱদ্ধ কৰিবলৈ বাধ্য কৰালে। বাল্যবিবাহ প্ৰথা প্ৰচলিত হ’ল। সৃষ্টি হ’ল পুৰুষ প্ৰধান সমাজৰ। নাৰী শিক্ষা গৌণ হৈ পৰিল। পুৰুষ প্ৰধান সমাজত নাৰী হৈ পৰিল পণ্য সামগ্ৰী। নাৰীৰ ওপৰত বিভিন্ন অত্যাচাৰ উৎপীড়ন আৰম্ভ হ’ল।

নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা

নাৰীসকলে ভোগ কৰি অহা নেতিবাচক দিশবোৰৰ বিপক্ষে থিয় হ’বলৈ প্ৰতিগৰাকী নাৰী হ’ব লাগিব উপযুক্ত শিক্ষাৰে শিক্ষিতা। আজিৰ কন্যা কাইলৈ দেশৰ ভবিষ্যৎ প্ৰজন্মৰ জননী। সেয়ে এজনী ছোৱালীক শিক্ষা দিয়া মানে এটা পৰিয়ালক শিক্ষিত কৰি তোলা। অন্ধ-বিশ্বাস, আওপুৰণি কু-সংস্কাৰৰ পৰা পৰিয়ালৰ সকলো সদস্যক মুক্ত কৰা, পৰিবেশ সচেতনতা বৃদ্ধি কৰা, বেমাৰ-আজাৰ আদিৰ আগতীয়া প্ৰতিৰোধৰ ব্যৱস্থা লোৱা, সাক্ষৰতা অভিযান আদি নানা ইতিবাচক দিশবোৰ পৰিচালনা কৰিবৰ বাবে নাৰী গৰাকী শিক্ষিত হোৱাটো নিতান্তই প্ৰয়োজন। অৰ্থনৈতিক দিশৰ পৰাও কেৱল পুৰুষৰ ওপৰতে নিৰ্ভৰ নকৰি স্ব-উপাৰ্জন কৰি নিজৰ লগতে পৰিয়ালটোক টনকিয়াল কৰিবৰ বাবে এগৰাকী নাৰী শিক্ষিত হোৱাটো দৰকাৰ। মুঠতে গণতান্ত্ৰিক সমাজ এখনত নাৰীৰ মৰ্যদা বৃদ্ধি কৰি, নিজকে প্ৰতিষ্ঠিত কৰিবৰ বাবে নাৰী সকল শিক্ষিত ইবই লাগিব। সমাজত চলি থকা নানা ধৰণৰ কু-সংস্কাৰ, নাৰী নিৰ্যাতন, শোষণ, বঞ্চনা আদিৰ মূলতে হ’ল নাৰীৰ নিৰক্ষৰতা। প্ৰকৃততে শিক্ষিত নাৰী আৰু পুৰুষৰ উমৈহতীয়া প্ৰচেষ্টাতহে একোটি সুস্থ পৰিয়াল, পৰিয়ালৰ পৰা সমাজ আৰু সমাজৰ পৰা দেশ গঠন হোৱাটো সম্ভৱ।

READ MORE  মে-ডাম-মে-ফি ৰচনা | Me-Dam-Me-Phi Essay in Assamese

ঊনবিংশ শতিকাৰ শেষৰফালে আমাৰ দেশত নাৰী শিক্ষাৰ বাবে বহুতো পদক্ষেপ লোৱা হয়। বিংশ শতিকাৰ আৰম্ভণিৰ লগে লগে নাৰী শিক্ষাৰ ক্ষেত্ৰত এক নৱজাগৰণ পৰিলক্ষিত হয়। পুৰুষৰ লগতে নাৰীয়েও কলা, বিজ্ঞান, বাণিজ্য, সুকুমাৰ কলা, অভিনয়, খেলা-ধূলা, ৰাজনীতি, ব্যৱসায়-বাণিজ্য আদি সকলো দিশতে বিশেষ পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছে। তথাপিও বৰ্তমান সময়তো ভাৰতবৰ্ষ তথা অসমৰ গ্ৰামাঞ্চল আৰু পিছপৰা অঞ্চল সমূহত নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা আৰু গুৰুত্ব সিমান উপলব্ধ হোৱা নাই। বৰ্তমান সমগ্ৰ দেশত শিক্ষিতৰ হাৰ ৭৪.০৪ শতাংশ। তাৰে পুৰুষৰ শিক্ষিতৰ হাৰ ৮২.১৪ শতাংশ আৰু মহিলাৰ ৬৫.৪৬ শতাংশ। এই তথ্যৰ পৰা ক’ব পাৰি যে পুৰুষ-নাৰীৰ শিক্ষিতৰ হাৰৰ মাজত থকা বিৰাট ব্যৱধানৰ এতিয়াও অন্ত পৰা নাই। পুৰুষ আৰু নাৰীৰ মাজত থকা এই ব্যৱধান আঁতৰোৱাৰ একমাত্ৰ উপায় হ’ল সমাজৰ সকলো নাৰীকে প্ৰকৃতাৰ্থত শিক্ষিত কৰি তোলা।

সামৰণি

নাৰী শিক্ষাৰ প্ৰয়োজনীয়তা সম্পৰ্কে দেশৰ গাঁবে-ভূঁয়ে, চুকে কোণে প্ৰচাৰ মাধ্যমৰ জৰিয়তে সজাগতা বৃদ্ধি কৰি জনজাগৰণৰ সৃষ্টি কৰিব লাগিব। চৰকাৰ তথা উৰ্দ্ধতন কৰ্তৃপক্ষ আৰু সমাজৰ অগ্ৰণী লোক সকলে এই ক্ষেত্ৰত বিশেষ পদক্ষেপ লোৱা দৰকাৰ। কিয়নো নাৰী শিক্ষাৰ প্ৰসাৰৰ দ্বাৰাহে সমাজলৈ পৰিবৰ্তন আনিব পৰা হ’ব। পুৰুষৰ লগতে নাৰী সকলো উপযুক্ত শিক্ষাৰে শিক্ষিত হ’লেহে সমাজ, দেশ আৰু জাতিৰ সৰ্বতো প্ৰকাৰ উত্তৰণ সম্ভব হ’ব।

Leave a Comment

error: Content is protected !!
Scroll to Top