উলুৰ লগত বগৰী পোৰা | ফকৰা যোজনা

উলুৰ লগত বগৰী পোৰা যোৱাঃ উলুৱনিৰ মাজত বগৰী গছ প্রায়ে দেখা যায়। বগৰীৰ ফল হয় ; ইয়াক জীৱ-জন্তু, মানুহে খায়; ই জীৱৰ উপকাৰী। কিন্তু উলুৰ পৰা মানুহৰ তেনে উপকাৰ নহয়। খেতিৰ বাবে মাটি মুকলি কৰিবৰ সময়ত উলুৱনিত জুই দি পুৰি পেলোৱা হয়, সেয়ে এই জুইয়ে জীৱ-জন্তুৰ উপকাৰী বগৰীকো পুৰি নাশ কৰে। আনৰ সংগত থকা বাবেই, আনৰ দোষতে বগৰীও পোৰা যায়।

ইয়াৰ দ্বাৰা ইয়াকে বুজাইছে যে সংগদোষ মানুহৰ বৰ অপকাৰী। অসৎ সংগত থাকিলে সজ লোকো অনেক সময়ত বিপদত পৰিব লগা হয়। সেইবাবে মংগল কামনা কৰা লোকসকলে অসৎ সংগৰ পৰা সদায় আঁতৰত থকা উচিত।

READ MORE  আপোনাৰ নাক কাটি সতিনীৰ যাত্ৰা ভংগ কৰা | ফকৰা যোজনা

Leave a Comment

error: Content is protected !!
Scroll to Top