এনেই বুঢ়ী নাচনী তাতে নাতিনীয়েকৰ বিয়া | ফকৰা যোজনা

এনেই বুঢ়ী নাচনী তাতে নাতিনীয়েকৰ বিয়াঃ নাতিনীসকল বুঢ়ীমাকসকলৰ বৰ হেঁপাহৰ আৰু বৰ আদৰৰ। নাতিনীসকলৰ বিয়া বুঢ়ীমাকসকলৰ বাবে তাতকৈ আনন্দৰ কথা। তাতে যদি বুঢ়ীমাক নাচনী হয় বা ধেমেলীয়া হয়, তেনেহ’লে আনন্দৰ আৰু সীমা নোহোৱা হয়, বুঢ়ীমাকসকল আনন্দত অতিশয় আত্মহাৰা হৈ পৰে। বুঢ়ীৰ নাচোনৰ পাকে সকলোকে আনন্দ ময় কৰি তোলে।

ইয়াৰ দ্বাৰা এইটো বুজা যায় যে আনন্দৰ মাজতে যদি আৰু আনন্দৰ কাৰণ উদ্ভব হয়, তেনেহলে সানুহৰ আনন্দই পাৰ নধৰা হয়, অসীম আনন্দই মানুহক আত্মহাৰা কৰি তোলে।

READ MORE  এশ গৰু মাৰিলে বাঘৰো মৰণ | ফকৰা যোজনা

Leave a Comment

error: Content is protected !!
Scroll to Top