হলা গছত আটায়ে বাগি কুঠাৰ মাৰে | ফকৰা যোজনা

হলা গছত আটায়ে বাগি কুঠাৰ মাৰেঃ গছ সাধাৰণতে থিয় হৈ থাকে। এই থিয় হৈ থকা গছ কটা টান আৰু সময়ো বেছি লাগে। কিন্তু বতাহ বা আন কাৰণত হালি থকা গছ থিয়কৈ থকা গছৰ তুলনাত কম কষ্ট আৰু কম সময়তে কাটি বগৰাই পেলাব পাৰি। সেয়ে থিয়কৈ থকা গছ কটা মানুহ পাবলৈ টান যদিও হলা গছ কটা মানুহৰ অভাৱ নহয়।

ইয়াৰ প্ৰকৃত অৰ্থ হ’ল এয়ে যে, দুর্বল বা দুখীয়া লোকৰ ওপৰত বৰ মতা দেখুওৱা সহজ কিন্তু সম্পদশালী বা ক্ষমতাবান মানুহৰ ওপৰত বৰ মতা দেখুওৱা সহজ নহয়। ইয়াৰ তাৎপৰ্য হ’ল কেতিয়াও দুৰ্বল লোকৰ দুৰ্বলতাৰ সুযোগ গ্ৰহণ কৰা অনুচিত।

READ MORE  অভ্যাসৰ নৰ কৰ্ণপথে কৰে শৰ | ফকৰা যোজনা

Leave a Comment

error: Content is protected !!
Scroll to Top