ধনৰ ব্যৱহাৰ

ধনৰ ব্যৱহাৰ | Chapter 1 | Class 11 Assamese (MIL) – AHSEC

ধনৰ ব্যৱহাৰ | Chapter 1 | Class 11 Assamese (MIL) Question and Answer | Assam Class 11 Assamese (MIL) Solutions | AHSEC Class 11 HS Assamese (MIL) Chapter 1 Notes | AHSEC Class 11 HS Assamese (MIL) Chapter 1 Question and Answer | Questions and Answers for Class 11 Assamese (MIL) Chapter 1 ধনৰ ব্যৱহাৰ| HS 1st Year Assamese (MIL) Questions and Answers Assam


ধনৰ ব্যৱহাৰ
(সত্যনাথ বৰা)

অতি চমু প্রশ্ন: (মূল্যাংক: ১)

1. মানুহৰ ঋণ কেতিয়া হয়?
উত্তৰঃ আৰ্জনতকৈ সৰহ খৰচ কৰিলে মানুহৰ ঋণ হয়।

2. কৃপন লোকৰ দুই ধৰ্ম কি কি?
উত্তৰঃ কৃপন লোকৰ দুই ধৰ্ম হ’ল – লাজ ঢকা আৰু প্ৰাণ প্ৰৱৰ্তোৱা।

3. দৰিদ্ৰ হোৱাৰ চিন কেনেকুৱা?
উত্তৰঃ আয় অলপ, খৰচ সৰহ – সেয়াই হ’ল দৰিদ্ৰ হোৱা চিন।

4. কি খৰচ গুপ্ত শত্ৰুৰ নিচিনা?
উত্তৰঃ খুচুৰীয়া খৰচ গুপ্ত শত্ৰুৰ নিচিনা।

5. অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ কি?
উত্তৰ: অৰ্থ ব্যৱহাৰৰ মূল মন্ত্ৰ হ’ল – আয় অনুসৰি খৰচ কৰা।

চমু প্রশ্ন : ( মূল্যাংক: ২/৩)

1. কৃপন আৰু ধোঁৱাখুলীয়াৰ মাজত থকা পাৰ্থক্য দুটা লিখা।
উত্তৰঃ কৃপন আৰু ধোঁৱাথুলীয়াৰ মাজত থকা পাৰ্থক্য দুটা হ’ল—
(ক) কৃপন সকলে খৰচ কৰিবলৈ টান পায় আকৌ ধোঁৱাখুলীয়া সকলে জমা ৰাখিবলৈ টান পায় ৷
(খ) ভোগ-উপভোগ কৃপনসকলৰ নীতি বহির্ভূত কাম আকৌ ধোঁৱাখুলীয়াসকলে ভোগ-উপভোগ কৰিয়েই সৰ্বস্বান্ত হয়।

2. লেখকৰ মতে কি দুটা বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে?
উত্তৰঃ লেখকৰ মতে সজ আৰু অসজ বৃত্তি ফলিওৱাৰ বাবে অলপ ধন লাগে। কোনোৱে যদি দয়া বৃত্তি লৈ কোনো ক্ষেত্ৰত ভাল কৰিব বিচাৰে, তেতিয়াও ধনৰ আৱশ্যক হয়। আকৌ অহংকাৰ বা লোভ দেখুৱাবলৈও ধনৰ প্ৰয়োজন হয়।

3. ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ কি কি?
উত্তৰঃ ধনৰ দুই প্ৰকাৰৰ ব্যৱহাৰ হ’ব পাৰে – প্ৰথমতে, ধনেৰে মানুহে সুখ – সম্পদৰ আহিলা পাতি গোটাই ল’ব পাৰে। ভোজনৰ বাবে ভাল বস্তু, পিন্ধনৰ বাবে ভাল কাপোৰ, বসবাস কৰিবলৈ ভাল ঘৰৰ লগতে হাতী-ঘোঁৰা, গাড়ী-দোলা, বন্দী-বেটী আদি কৰি সাংসাৰিক সুখৰ আহিলাবোৰ ধন হ’লে গোটাই আনি উপভোগ কৰিব পাৰি। দ্বিতীয়তে, ধনেৰে আনৰ উপকাৰ সাধিব পাৰি ; ভাত নোহোৱাৰ ভাত, কাপোৰ নোহোৱাৰ কাপোৰৰ অভাৱ ধনেৰে পূৰাব পাৰি ৷ মানুহ বিপদত পৰিলে ধনেৰে উদ্ধাৰ কৰিব পাৰি। তাৰোপৰি বিদ্যালয়, চিকিৎসালয় আদি স্থাপন কৰি জনসাধাৰণৰ কল্যাণ সাধন কৰিব পাৰি।

READ MORE  ধনবৰ আৰু ৰতনী | Chapter 12 | Class 11 Assamese (MIL) - AHSEC

4. কি দুটা কাৰণত মানুহে কৃপণালী কৰে?
উত্তৰঃ কৃপন মানুহে সাধাৰণতে দুটা কাৰণত কৃপণালী কৰা দেখা যায়—
(ক) ধন এটা চামে উভৈনদী কৰি পৃথিৱীত এটা খ্যাতি ৰাখিবৰ মনেৰে কৃপণালী কৰে ৷
(খ) কিছুমানে সন্তান-সন্ততিলৈ ধনৰ এটা অক্ষয় ভাণ্ডাৰ বান্ধি থ’বৰ মনেৰে কৃপণালী কৰে।

5. কৃপন লোকে আন মানুহে ধন খৰচ কৰিলে কিয় সহিব নোৱাৰে?
উত্তৰঃ কৃপনসকলৰ বিবেচনাত ধনৰ মূল্য সৰহ, কামৰ মূল্য অলস, গতিকে এওঁলোকে সৰহ কামৰ বিনিময় কাম অতিত পৰিমাণৰ ধন যাচে বা একেবাৰে ধন নিদিবলৈ ফাঁকি কথাৰ আশ্ৰয় লয়। সেয়েহে, তেওঁলোকে আনলোকে ধন খৰচ কৰিলেও সহ্য কৰিব নোৱাৰে। কোনো মানুহে ডাঙৰ সকাম পাতি সৰহকৈ ধন ভাঙিবলৈ ওলালে কৃপন লোকসকলে তেনে কামত বিধি-পথালি কৰে আৰু অনেক আসোঁৱাহ দেখুৱায়। এইবিলাক উপায় অৱলম্বন কৰি কামত বাধা দিব নোৱাৰিলে মিছা কথাৰে কুৎসা ৰটনা কৰে।

দীঘল প্রশ্ন : ( মূল্যাংক: ৪/৫)

1. ‘ধন সুখ ভোগৰ উপায় নহয়, স্বয়ং ধনেই সুখ ‘- ব্যাখ্যা কৰা ৷
উত্তৰঃ উদ্ধৃতি দিয়া শাৰীটো আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত সত্যনাথ বৰাদেৱৰ ৰচিত ‘ধনৰ ব্যৱহাৰ’ নামৰ পাঠটিৰ। ইয়াত কৃপণৰ এটা শ্ৰেণীৰ বিষয়ে কবলৈ গৈ বৰদেৱে উক্ত কথাষাৰি কৈছে। তেখেতৰ মত, এই শ্ৰেণী কৃপণে কেৱল ধনৰ নিমিত্তেই ধন গোটাই। এই লোকসকলৰ অন্য কোনো অভিপ্ৰায় নাথাকে। ধনেৰে নিজ জীৱনটো যে সুখ স্বাচ্ছন্দ্যৰে ভৰাই তুলিব পাৰি সেইবিলাক কথালৈ এইলোকসকলে অকণো চিন্তা নকৰে। আনৰ উপকাৰ সাধন কৰাটোৱো এই লোকসকলৰ উদ্দেশ্য নহয়। ধনৰ পৰিমাণ বৃদ্ধি কৰিব পাৰিলেই সিহঁতৰ আনন্দৰ পৰিমাণো বাঢ়ি যায়। স্বয়ং ধনেই তেওঁলোকৰ সুখ ধনৰ নামত সিহঁত উদ্ধাউল হয়, ধনৰ আন ব্যৱহাৰ সিহঁতে নাজানে, ধন চকুৰে চাই থাকিয়ে তেওঁলোক পৰম সুখ লাভ কৰে।

2. মানুহে ঋণক পাপৰ লগত কিয় তুলনা কৰে লিখা।
উত্তৰঃ মানুহে ঋণক পাপৰ লগত তুলনা কৰে, আনকি ঋণ লোৱা কামটোৱে পাপ বুলি কোৱা হয়। পাপী মানুহে তেওঁলোকৰ কৰ্মৰ বাবে সকলোৰে পৰা যেনেকৈ লাঞ্ছনা গঞ্জনা ভুগিব লগা হয়, তেনেকৈ ঋণ মানুহেও সমাজত নানা জনৰ পৰা গৰিহণা পায়, আত্ম মান-মর্যদা হেৰুৱায়। তেওঁলোকৰ মনৰ পৰা সুখ শান্তি আঁতৰি যায়। ঋণক ব্যাধিৰ লগতো তুলনা কৰিব পাৰি কাৰণ ব্যাধিৰ লগত ঋণৰ বহুখিনি সামঞ্জস্য দেখিবলৈ পোৱা যায়। ব্যাধিয়ে যেনেকৈ মানুহৰ তেজ মাংস ক্ষয় কৰে, ঋণে তেনেকৈ অৱস্থা ক্ষয় কৰে অৰ্থাৎ অনুক্ৰমে অৱস্থাহীন কৰি নিয়ে। ব্যাধি এবাৰ হ’লে গুচাবলৈ টান, ঋণো এবাৰ হ’লে গুচাবলৈ টান। ব্যাধি অনুক্রমে বাঢ়ি যায়, ঋণো অনুক্রমে বাঢ়ি যায়। ব্যাধি থাকিলে শৰীৰৰ উদ্ধতি নহয়, ঋণ থাকিলে অৱস্থাৰ উন্নতি নহয়। গতিকে মানুহে পৰা পক্ষত ব্যাধি সদৃশ্য এই ঋণ নোলোৱাই ভাল। যাৰ বাবে পাপী লোকৰ দৰে ব্যৱহাৰ সহ্য কৰিব লগা হয়। ঋণৰ বাবেই জীৱনৰ সকলো সুখ শান্তি হেৰুৱাই অথাই সাগৰত ককবকাই ফুৰিব লগা হয়।

READ MORE  ৰাজপথ | Chapter 15 | Class 11 Assamese (MIL) - AHSEC

3. অশিক্ষিত মানুহে ধন খৰচ কৰাৰ কৌশল সম্পৰ্কে কেনে ধাৰণা কৰে লিখা।
উত্তৰঃ অশিক্ষিত মানুহে বাহ্যিক জাক-জমকতাত সহজে ভোল যায়। কোনো লোকক ধুমধামকৈ খৰচ কৰা দেখিলে তেওঁলোকে বিস্ময় মানে আৰু তেনেকৈ খৰচ কৰা মানুহক ‘বৰলোক’ বুলি ভাবি লয়। খৰচ কৰা মানুহৰ যোগ্যতা, সামর্থ আদি বিষয়ত অশিক্ষিত মানুহে বিবেচনা কৰিব নোৱাৰে। আনকি চুৰেও চুৰ কৰা ধন খৰচ কৰি এই লোকসকলৰ চকুত চমক লগাব পাৰে। অতি সাধাৰণ অশিক্ষিত এই লোকসকলৰ মনত ধন খৰচ কৰাটোৱে এটা মহতালিৰ কৰ্ম। সিহঁতে ধনীক ঈশ্বৰ সদৃশ দেখে। অশিক্ষিত সকলৰ দৃষ্টিত ধনীৰ অত্যাচাৰবোৰ হ’ল প্ৰতাপ, কুকামবোৰ হ’ল ধেমালি আৰু মাৰ কিলবোৰ হ’ল আদৰ। সিহঁতৰ ভাল -বেয়া বোধ নাই, মান – অপমানৰ জ্ঞান নাই। ধনীসকলৰ আদেশমতেই নিৰক্ষৰ লোকসকলে উঠা বহা কৰাও দেখা যায় ৷

4. লেখকৰ দৃষ্টিত ধৰা পৰা কৃপণ লোকৰ সংজ্ঞা সম্বন্ধে আলোচনা কৰা।
উত্তৰ: পাঠতিৰ আৰম্ভনিতে লেখকে কৃপণ লোকৰ সংজ্ঞা এনেদৰে দিছে- ‘পৃথিৱীত এনেকুৱা বহুত মানুহ আছে যি ধনৱন্ত হৈও অষ্টম দৰিদ্ৰৰ নিকাৰ ভুঞে। এইবিলাক মানুহক সাধাৰণ কথাত কৰাইচ, কটকিনা বা কৃপণ বোলে। ” তেখেতৰ মতে কৃপণলোকসকলক নিধনী বুলিও কব পাৰি। কাৰণ চকুৰে দৰ্শন নকৰিলে, ভৰি থাকিও খোজ কঢ়া কাৰ্যটো নকৰিলে যিদৰে সিহঁতৰ সেই দুই ইন্দ্ৰীয় নাই বুলি ধৰিব পাৰি, তেনেকৈ ধন থাকিও ধনৰ সৎ ব্যৱহাৰ নকৰিলে, তেনে লোকক নিধনী বুলাটো যুক্তিৰ দোষ নিশ্চয় নহ’ব। তেখেতৰ মতে কৃপণৰ ধন, ধন নহয়, ল’ৰাই ওমলা খোলা কাটি। এঠাইত আকৌ তেখেতে কৈছে যে খৰচত হাত টান হ’লে মানুহক কটকিনা বা কৃপণ বোলে।

5. অসজ বৃত্তিধাৰী কৃপণলোকৰ জীৱন প্ৰণালী কেনেকুৱা হয় আলোচনা কৰা ৷
উত্তৰঃ অসজ বৃত্তিধাৰী কৃপণ লোকসকলে অন্য মানুহৰ ওপৰত সুবিধা ভোগৰ সুযোগ বিচাৰি থাকে। এই লোকসকলে তেওঁলোকৰ অসজ বৃত্তিবোৰ আনৰ খৰচত সন্তুষ্ট কৰিবলৈ সদায় যত্ন কৰে। ভালবস্তু খাবলৈ সিহঁতৰ বৰ অভিলাষ, কিন্তু নিজৰ ধন খৰচ কৰি ভালবস্তু কেতিয়াও নাখায়। নিজৰ ঘৰত সিহঁতৰ সদায় শাক ভাতৰ ব্যৱস্থা, কিন্তু লোকৰ ঘৰত উপদেয় বস্তু নহ’লে ভোজনে নকৰে। নিজৰ ঘৰত সদায় ভাতৰ লগত এখন আঞ্জাৰে পেট পুৰায় অথচ আনৰ ঘৰত পাঁচখন আঞ্জা বিচাৰে। নিজৰ কামৰ বাবে এদিন বাট খোজ কাঢ়ি যাব পাৰে, লোকৰ কামত বাহন নহ’লে এখোজোঁ নোলোৰে। আন মানুহৰ ওপৰত পালে সিহঁতে ভালৰো ভাল খায়, ভালৰো ভাল পিন্ধে, কিন্ত নিজৰ খৰচত চলিব লাগিলে মোটা চাউলৰ ভাত খায় আৰু চৰিয়া সূতাৰ কাপুৰ পিন্ধি দিন কটায়।

READ MORE  বিয়াৰ প্ৰেজেন্ট | Chapter 9 | Class 11 Assamese (MIL) - AHSEC

খাৱন-পিন্ধন সম্বন্ধে এই শ্ৰেণীৰ কৃপণৰ মুখত সদায় ডাংকোপ মোৰ কথা। এই লোকসকলে নিজৰ ঘৰৰ আচল অৱস্থা কেতিয়াও পোহৰলৈ আনিব নিবিচাৰে কাৰণ তেনেহ’লে আনৰ ঘৰত ডাকোপ মাৰিবলৈ বা দম্ভালি কৰিবলৈ বাট নাথাকিব। এনে কৃপণে সামান্য বস্তুক-ভৰকীয়া বা ফুটনি মোৰ নাম দিয়ে, ভগা খাটক-পালেং, ভগা কাঁহীক মাইহাং আৰু ফটা – কথাক নিহালি বুলি বৰ্ণনা কৰে।

Leave a Comment

error: Content is protected !!
Scroll to Top