পুথিভঁৰাল ৰচনা | Puthibharal Assamese Essay

পুথিভঁৰাল ৰচনা | পুথি ভঁৰাল অসমীয়া ৰচনা | Puthibharal Assamese Essay | Puthibharal Essay | অসমীয়া ৰচনা | Puthibharal Axomiya Rosona | Puthibharal Essay in Assamese for Class 10 and 12 | Puthibharal Assamese Essay | Library Essay in Assamese


পুথিভঁৰাল ৰচনা

আৰম্ভণিঃ যিসকল মনীষীৰ দীপ্তকণ্ঠ চিৰদিনৰ বাবে অতীতৰ বুকুত হেৰাই গল; যাৰ প্রত্যক্ষ সান্নিধ্য লাভ কৰি অক্ষয় জ্ঞান-ভাণ্ডাৰৰপৰা সােণৰ সঁফুৰা বুটলি ল’বলৈ আমি কোনাে দিনেই আৰু সক্ষম নহওঁ, সেইসকলৰ অমৰ লিখনি নিঃসৃত মধুময় বাণী-জগতৰ লগত আমি পৰিচিত হ’ব পাৰোঁ গ্রন্থৰাজিৰ যােগেদি। এই গ্রন্থৰাজি যত সুশৃঙ্খল আৰু সুৰক্ষিতভাৱে ৰখা হয়, সেয়ে পুথি ভঁৰাল। পুথি ভঁৰাল অতীত, বর্তমান আৰু ভৱিষ্যতৰ যােগসূত্র। অতীতৰ মনীষীসকলৰ অফুৰন্ত ভাণ্ডাৰ বৰ্তমানৰ প্ৰতিভাৰ সংস্ৰৱলৈ আহে। পুৰণিৰ আলমত নতুনৰ সৃষ্টি হয়। নতুন প্রতিভাই নৱ নৱ সৃষ্টিৰে মানৱ মনৰ খােৰাক যােগায়; অনুসন্ধিৎসাক ইন্ধন যােগায়; পুৰণি হৃদয়ৰ অযুত ভাবৰাশিক নতুনৰ বােল সানি মনীষাই সঞ্চাৰিত কৰে নতুন হৃদয়লৈ; আৰু তাৰেইপৰাই  প্রতিফলিত হ’ব ভৱিষ্যতৰ বুকুত।

পুথি ভঁৰালে জ্ঞান-পিপাসুক নিত্য-নতুন জ্ঞানৰ সন্ধান দিয়ে; অনুসন্ধিৎসুক গৱেষণাৰ সমল যােগায়; চিন্তাবিদক চিন্তাৰ সমল, ভাবুকক ভাবৰ সমল যােগায়। মুঠ কথাত ল’ৰা, বুঢ়া, ডেকা, জীয়াৰী, বােৱাৰী আদি যিয়ে সাহিত্য, দর্শন, বিজ্ঞান, ধৰ্ম্ম, ৰাজনীতি, অর্থনীতি, বাণিজ্য, আমােদ আদিৰ যিহকে বিচাৰে তাৰেই সন্ধান দিয়ে পুথি ভঁৰালে। পুথি ভঁৰাল জ্ঞানৰ অফুৰন্ত ভাণ্ডাৰ। সেয়েহে পুথি ভঁৰাল  মানৱ জাতিৰ অতি আপুৰুগীয়া সম্পদ।

ইতিহাসঃ পুথি ভঁৰালৰ ইতিহাস অতি প্রাচীন। যিদিনাৰপৰাই মানুহে জ্ঞান-বৃক্ষৰ গুটি খাই জ্ঞান-লাভ, জ্ঞান বিকাশৰ প্রয়াস পাই আহিছে, সেইদিন ধৰি মানৱ সমাজত পুথি ভঁৰালৰ ব্যৱহাৰ চলি আহিছে। অৱশ্যে প্ৰকাৰ ভেদে। বর্ণমালা আৰু কাকত আৱিষ্কৃত হােৱাৰ আগতেই বেদৰ বাণী প্রচাৰিত আৰু সংৰক্ষিত হৈছিল; স্মৰণ শক্তিয়েই তেতিয়া জ্ঞান সংৰক্ষণৰ মাধ্যম আছিল। তেতিয়া জ্ঞান চর্চাৰ কাৰণে, আহৰণৰ উদ্দেশ্যে জ্ঞান পিপাসু পৰিব্ৰাজক, পর্যটক সকল দেশ -দেশান্তৰে।  ঘূৰি ফুৰিছিল। বর্ণমালা আৱিষ্কাৰৰ পাছত মানুহে ভূর্জপত্র, তালপাত, সাঁচিপাত, জন্তুৰ ছাল, শিল, তামৰ ফলি আদিত জ্ঞান-সম্ভাৰ লিপিৱদ্ধ কৰিবলৈ ধৰিলে। মিচৰ দেশত ‘পেপিৰাচ’ নামৰ গছৰ পাত আৰু ছালত বাণীবােৰ—লিপিবদ্ধ কৰা হৈছিল। তাৰপৰাই ইংৰাজী ‘পেপাৰ’ শব্দৰ উৎপত্তি হয়।

READ MORE  অসমৰ প্ৰাকৃতিক সম্পদ ৰচনা | Essay on Natural Resources of Assam

কাকত আৰু ছপাশাল আৱিষ্কাৰ হােৱাৰ পাছত পুথি ভঁৰালৰ উন্নয়ন আৰু ব্যৱহাৰ দ্রুত হৈ আহিবলৈ ধৰে। খৃষ্টীয় প্রথম শতিকাত ৰােম নগৰীত প্রথম পুথি ভঁৰাল প্রতিষ্ঠিত হােৱা বুলি ইতিহাসে সাক্ষ্য দিয়ে। তাৰ পাছত ভাৰত, চীন, মিচৰ, তিব্বত, আৰু বেবিলন নগৰত প্রাচীন পুথি ভঁৰালৰ নিদর্শন পােৱা যায়। প্রাচীন কালৰে পৰাই হিন্দুৰ দেৱমন্দিৰবােৰ আৰু বৌদ্ধমঠবােৰ জ্ঞান-চৰ্চাৰ কেন্দ্ৰ আছিল। নালন্দা আৰু বিক্রমশীলাত পৃথিৱী বিখ্যাত পুথি ভঁৰাল থকাৰ প্ৰমাণ পােৱা যায়। বাৰাণসীতাে এটি বিশাল গ্রন্থাগাৰ আছিল। শ্রীহর্ষৰাে তেনে এটা পুথি ভঁৰাল আছিল বুলি জনা যায়।

বর্তমান জগতত পুথি ভঁৰালৰ বিপুল ব্যৱহাৰ হৈছে আৰু লগে লগে তাৰ যােগেদি মানুহৰ জ্ঞানৰ পৰিসৰাে দ্রুতভাৱে বৃদ্ধি পাইছে। ভাৰতত কলিকতা, বােম্বাই, দিল্লী আদি নগৰীত জাতীয় পুথি ভঁৰাল প্রতিষ্ঠিত হৈছে আৰু ৰাজ্যসমূহতাে কেন্দ্রীয় পুথি ভঁৰাল গঢ়ি উঠাৰ উপৰিও জিলাই জিলাই পুথি ভঁৰালসমূহ গঢ়ি উঠিছে। তদুপৰি জ্ঞান-পিপাসু ৰাইজৰ উদ্যমতাে গাৱে-ভূঞে অসংখ্য পুথি ভঁৰাল প্রতিষ্ঠিত হৈ গাওঁ-ভূঁইৰ ৰাইজেও জ্ঞান-বৰ্ধনত  মনােনিবেশ কৰি উদাৰ ভাবধাৰাৰ সুদূৰপ্ৰসাৰী দৃষ্টিভঙ্গী সমাজত গঢ়ি তুলিবলৈ চেষ্টা কৰিছে।

পুথিভঁৰাল কেইবা শ্রেণীৰাে আছে। যেনে ৰাজহুৱা পুথি ভঁৰাল, ব্যক্তিগত পুথি ভঁৰাল। আৰু বিদ্যালয় আদি অনুষ্ঠানসমূহৰ পুথি ভঁৰাল। ৰাজহুৱা পুথি ভঁৰালাে আকৌ মালিকী স্বত্ব অনুযায়ী ৰজাঘৰীয়া বা চৰকাৰৰ দ্বাৰা প্রতিষ্ঠিত আৰু ৰাইজৰ দান-বৰঙণিৰ ওপৰত প্রতিষ্ঠিত—এই দুই শ্রেণীৰ হ’ব পাৰে। এই দুই বিধৰ পুথি ভঁৰাল সকলাে শ্রেণীৰ লােকে ব্যৱহাৰ কৰিব পাৰে।বহুতাে জ্ঞান-পিপাসু, অনুসন্ধিৎসু ব্যক্তিয়ে নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ কাৰণে আৰু গৱেষণা সুবিধাৰ কাৰণে নিজাকৈও পুথি ভঁৰাল প্রতিষ্ঠা কৰে।

বিদ্যালয়ৰ পুথি ভঁৰাল—বিদ্যালয়ৰ পুঁজিৰে প্রতিষ্ঠিত আৰু বিদ্যালয়ৰ দ্বাৰা পৰিচালিত হয়। শিক্ষক, ছাত্র-ছাত্রী উভয়ৰ উপযােগী গ্রন্থ, পাঠ্যপুথি আদি বিদ্যালয়ৰ পুথি ভঁৰালৰ সম্পদ। উন্নত আৰু ধনী দেশসমূহত শ্রেণী-পুথি ভঁৰালৰাে ব্যৱস্থা আছে। এনে পুথি ভঁৰালসমূহত কেৱল একোটা শ্রেণীৰ বাবে উপযােগী পাঠ্যপুথিসমূহ ৰখা হয়; বিদ্যালয়ৰ মূল পুথি ভঁৰালৰ উপৰিও শ্রেণী-পুথি ভঁৰালসমূহ থাকে।

READ MORE  দূৰদৰ্শন ৰচনা | Television Essay in Assamese

পৰিচালনাৰ নিয়মঃ পুথি ভঁৰাল পৰিচালনাৰ নির্দিষ্ট নিয়ম থাকে। সেই নিয়ম মানি নচলিলে নানা আহুকালৰ সৃষ্টি হয়। ৰাজহুৱা পুথি ভঁৰালত সদস্যসকলকহে গ্রন্থ পঢ়িবলৈ দিয়া হয়। একোখন গ্রন্থ পঢ়ুৱৈয়ে এসপ্তাহ বা অতি বেছি পােন্ধৰ দিন ৰখাৰ নিয়ম। তাৰ পাছত ঘূৰাই দি পুনৰ নতুন গ্রন্থ নিব পাৰে। গ্রন্থ হেৰুৱালে বা নষ্ট কৰিলে মূল্য আদায় দিব লাগে। কিছুমান দুষ্প্রাপ্য আৰু বহুমূলীয়া গ্রন্থ পঢ়ুৱৈক ঘৰলৈ নিবলৈ দিয়া নহয়। তেনে গ্রন্থ পুথি ভঁৰালৰ পঢ়াকোঠাত পঢ়ি বা আৱশ্যকীয় কথা টুকি লৈ ঘূৰাই দিব লাগে।

যি জাতি যিমান সভ্য আৰু উন্নত আৰু সাহিত্যও যিমানে চহকী হয়, সেই জাতিৰ পুথি ভঁৰালাে তেনেই চহকী হয়। পুথি ভঁৰালক সভ্যতাৰ প্রতীক বুলি ক’লেও বঢ়াই কোৱা নহয়। কাৰণ, এটা জাতিৰ জ্ঞান-বিজ্ঞান, ভাষা-সাহিত্য, সংস্কৃতি কিমান চহকী আৰু বুৰঞ্জী কিমান গৌৰৱ-গাঁথাৰে ভৰপূৰ, পুথি ভঁৰালত সন্নিবিষ্ট পুথিসমূহেই তাৰ পৰিচয় দাঙি ধৰে। পুথি ভঁৰালৰ দুৱাৰ জাতি, বর্ণ, ধৰ্ম্ম, সম্প্রদায় নির্বিশেষে সকলাে শ্রেণীৰ   লােকৰ বাবেই উন্মুক্ত। পুথি ভঁৰাল জ্ঞানপিপাসু লােকৰ জ্ঞানলাভৰ তৃষ্ণা নিবাৰণৰ একপৱিত্ৰ মন্দিৰ। সেইবাবে ইয়াক সাৰ্বজনীন পাঠশালা বুলি অভিহিত কৰিব পাৰি।

প্রত্যেক জ্ঞান-পিপাসু লােকে বা পঢ়ুৱৈয়ে নিজৰ ব্যক্তিগত পুঁজিৰে সকলাে প্ৰকাৰৰ গ্রন্থ, আলােচনী, বাতৰি কাকত আদি ক্ৰয় কৰি পঢ়া সম্ভৱ নহয়। মাউখে উটিলে গুৰি পৰুৱাৰাে মৰণ নাই; সেইদৰে ৰাইজে নখ জোকাৰিলেই নৈ বয়। তেনােক্ষেত্ৰত ৰাইজৰ সামান্য বৰঙণি সংগ্রহ কৰিও প্রতি বছৰে বা মাজে সময়ে কিছু কিছু গ্রন্থ সংগ্রহ কৰিলেও সময়ত একোটা বৃহৎ পুথি ভঁৰাল প্রতিষ্ঠা হৈ উঠা সম্ভৱ। লাগে কেৱল উদ্যম আৰু অনুপ্ৰেৰণা। উদ্যম আৰু অনুপ্ৰেৰণাৰ আগত কোনাে অভাৱেই তিষ্ঠি থাকিব নােৱাৰে। কিন্তু সেয়ে সাময়িক নহৈ স্থায়ী হ’ব লাগে। এই ক্ষেত্ৰত একতাৰ একান্ত প্রয়ােজন।

বর্তমান সময়ত মানুহৰ মাজত পুথি অধ্যয়নৰ স্পৃহা জগাই তুলি, মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰি, ৰাইজক সমাজ-সচেতন, আত্ম-সচেতন কৰি তুলিবৰ কাৰণে আৰু বিশ্বৰ ক্রমবর্ধমান  মৈত্রী আৰু ভ্রাতৃত্বৰ দৃষ্টিভঙ্গী গঢ়ি তুলিবৰ কাৰণে চৰকাৰৰ তৰফৰ পৰাও ভ্রাম্যমান বা চলন্ত পুথি ভঁৰালৰ ব্যৱস্থা কৰা হৈছে। এনে পুথি ভঁৰাল একোখন ঠাইত কিছুদিন ৰাখি পুনৰ অন্য ঠাইলৈ স্থানান্তৰিত কৰা হয়। এনে পুথি ভঁৰালৰ যােগেদিও অনেক পঢ়ুৱৈয়ে নানা মূল্যবান আৰু আপুৰুগীয়া গ্রন্থ অধ্যয়নৰ সুযােগ-সুবিধা লাভ কৰে।

READ MORE  অসমৰ কুটীৰ শিল্প ৰচনা | Essay of Cottage Art in Assam

পৰিচালকৰ দায়িত্বঃ পুথি ভঁৰালসমূহ সুস্থভাৱে পৰিচালনা কৰাও এটা দায়িত্বপূর্ণ কাম । এজন পুথি ভঁৰালীয়ে হাজাৰ-বিজাৰ পঢ়ুৱৈৰ উপযােগী, মনােৰঞ্জক আৰু ৰুচিপূর্ণ গ্রন্থ অপ্রয়াসে পঢ়ুৱৈৰ সন্মুখত দাঙি ধৰিব পৰাতেই তেওঁৰ দক্ষতাৰ পৰিচয়। পুথিবােৰ শ্রেণীৱদ্ধ আৰু প্ৰণালীৱদ্ধভাৱে সজাই থব পৰাটোও এক বিৰাট নৈপুণ্যৰ পৰিচায়ক। পঢ়ুৱৈৰ সমাজ বৃদ্ধি হ’ব পাৰে পৰিচালকৰ সুদক্ষ পৰিচালনাৰ যােগেদিও। পঢ়ুৱৈৰ অভিৰুচি অধ্যয়ন কৰিব পৰাটোও একপ্রকাৰ কলা (art)। অভিৰুচি মতে পুথি আগবঢ়াব পৰাটো তাতােকৈ ডাঙৰ কলা। তাৰ বাবে পৰিচালনকজনাে অধ্যয়নানুৰাগী আৰু অধ্যয়ন পুষ্ট হ’ব লাগিব। বর্তমান সময়ত পুথি ভঁৰাল পৰিচালনাকো বিজ্ঞানৰ এক অঙ্গ বুলি গণ্য কৰা হৈছে আৰু সেই অনুক্রমে পৰিচালকসকলক প্রশিক্ষণ দিয়াৰ ব্যৱস্থা বিশ্বৰ প্রায় সকলাে দেশতে হৈছে।

যি কি নহওক, পৰিচালকৰ দক্ষতা, পঢ়ুৱৈ সমাজৰ আন্তৰিকতা আৰু নিয়মানুৱৰ্তিতাৰ ওপৰতে পুথি ভঁৰালৰ সফলতা নির্ভৰ কৰে। অসম আর্থিকভাৱে যিদৰে পিছপৰা, শিক্ষা-দীক্ষাৰ ক্ষেত্ৰতাে সেই দৰে পিছপৰা। তাতােকৈ বেছি পিছপৰা, পুথি ভঁৰাল অধ্যয়নৰ ক্ষেত্ৰত। সমীক্ষাৰ যােগেদি পৰিসংখ্যা সংগ্রহৰ ব্যৱস্থা কৰিলে আমি এই তথ্য পাইও মুঠেই আচৰিত নহ’ম যে বহুতাে শিক্ষিত লােকে বিদ্যালয় বা মহাবিদ্যালয়সমূহত পাঠ্য হিচাপে অধ্যয়ন কৰা গ্ৰন্থৰ বাহিৰে এখনাে অন্যান্য গ্রন্থৰ মুখ জীৱনত দেখা নাই। অসমত পঢ়ুৱৈৰ সংখ্যা ইমানেই কম যে একোখন গ্ৰন্থৰ ছপা হােৱা এহাজাৰখন গ্রন্থ বিক্রী নােহোৱাকৈ বছৰৰ পাছত বছৰ ধৰি পুথি বিক্রেতাৰ দোকানত পৰি থাকে।

মন্তব্যঃ গতিকে ছাত্র-ছাত্রীসকলে এই ক্ষেত্ৰত বিশেষভাৱে দৃষ্টি নিক্ষেপ কৰা উচিত। সমাজত    যিমানেই পুথি অধ্যয়নৰ স্পৃহা বাঢ়িব, সিমানেই ভাষা, সাহিত্য, সংস্কৃতিৰ পৰিসৰ বৃদ্ধি হ’ব আৰু সাহিত্যৰ ভঁৰালাে সিমানেই চহকী হ’ব; জাতিটোও সিমানেই সভ্য, জ্ঞানী, মানী বুলি জগতত পৰিচিত হ’ব।

Leave a Comment

error: Content is protected !!
Scroll to Top