কাৰ্বন আৰু তাৰ যৌগ | Chapter 4 | Seba Class 10 General Science Questions and Answers | MCQs Questions and Answers | Class 10  General Science MCQs | Class 10 General Science Assamese Medium | HSLC General Science Questions and Answers Assamese Medium | Assam Class 10 General Science Solutions | Assamese Medium | Assam Seba Board | Assam Class 10 G. Science Answer | দশম শ্ৰেণীৰ বিজ্ঞানৰ প্ৰশ্নোত্তৰ | অসমীয়া মাধ্যম


কাৰ্বন আৰু তাৰ যৌগ

Multiple Choice Questions and Answers

1. ৰন্ধনৰ সময়ত ব্যৱহৃত বৰ্তনৰ তলফালে (বাহিৰত) ক’লা পৰে, কিয়নো—
(a) খাদ্য ভালদৰে নিসিজিল।
(b) ইন্ধন সম্পূৰ্ণৰূপে দহন নহয় ।
(c) ইন্ধনটো সিক্ত।
(d) ইন্ধনটো সম্পূৰ্ণকৈ দহন হয় ।
উত্তৰ : (b) ইন্ধন সম্পূৰ্ণৰূপে দহন নহয়।

2. সমগণীয় শ্রেণী এটাত আণৱিক ভৰৰ বৃদ্ধিৰ লগে লগে যৌগসমূহৰ গলনাংক আৰু উতলাংক ক্রমে –
(a) বৃদ্ধি পায়।
(b) হ্রাস পায়।
(c) একে থাকে।
(d) এটাও নহয়।
উত্তৰঃ (a) বৃদ্ধি পায়।

3. ইথেন (C2H6) অণু এটাত(a) 6 টা সহযোজী বান্ধনি আছে।
(b) 7 টা সহযোজী বান্ধনি আছে।
(c) ৪ টা সহযোজী বান্ধনি আছে।
(d) 9 টা সহযোজী বান্ধনি আছে।
উত্তৰ : (b) 7 টা সহযোজী বান্ধনি আছে।

4. বিউটেন (CH₁₀) ৰ গঠন সমযোজীৰ সংখ্যা—
(a) 2

(b) 3
(d) 1
(c) 0
উত্তৰঃ (a) 2

5. পেন্টেনৰ গঠন সমযোজীৰ সংখ্যা—
(a) 2

(b) 3
(c) 5
(d) 7
উত্তৰঃ (b) 3

6. এডাল হাইড্ৰ’কাৰ্বন শৃংখলত হাইড্ৰ’জেনৰ ঠাইত প্রতিস্থাপিত হোৱা অনাকার্বন মৌলটোক বোলা হয়—
(a) বিষম পৰমাণু।

(b) সমগণ।
(c) কাৰ্যকৰী মূলক।
(d) সমযোজী।
উত্তৰঃ (a) বিষম পৰমাণু।

7. নিকেল (Ni) নাই বা পেলেডিয়াম (Pd) ৰ উপস্থিতিত হাইড্ৰ’জেনৰ সৈতে তেলে বিক্রিয়া কৰি চৰ্বি উৎপন্ন কৰে। এই বিক্ৰিয়াৰ উদাহৰণ হৈছে—
(a) যোগাত্মক বিক্রিয়া
(b) প্রতিস্থাপন বিক্রিয়া
(c) অপসাৰণ বিক্রিয়া
(d) জাৰণ বিক্রিয়া
উত্তৰ: (a) যোগাত্মক বিক্রিয়া

8. এটা সমগণীয় শ্ৰেণীত দুটা ওচৰা-উচৰিকৈ থকা যৌগৰ মাজত আণৱিক ভৰৰ পাৰ্থক্য হ’ল—
(a) 12u

(b) 1u
(c) 14u
(d) 2u
উত্তৰঃ (c)14u

9. পর্যাপ্ত বায়ুৰ উপস্থিতিত দহন কৰিলে সংপৃক্ত হাইড্ৰ’কাৰ্বনে কেনে ৰঙৰ শিখা উৎপন্ন কৰে?
(a) নীলা।

(b) হালধীয়া।
(c) ধোঁৱাযুক্ত।
(d) ৰঙা।
উত্তৰঃ (a) নীলা।

10. ক্ষাৰকীয় পটাছিয়াম পাৰমাংগানেট বা আম্লিক পটাছিয়াম ডাইক্ৰ’মেটৰ লগত বিক্ৰিয়া কৰি এলকহ’ল কার্বক্সিলিক এচিডলৈ ৰূপান্তৰিত হোৱা বিক্ৰিয়াটো তলৰ কোন ধৰণৰ বিক্ৰিয়াৰ উদাহৰণ—
(a) প্রতিস্থাপন।

(b) যোগাত্মক।
(c) জাৰণ।
(d) বিজাৰণ।
উত্তৰঃ (c) জাৰণ।

11. নিকেল অনুঘটকৰ উপস্থিতিত উদ্ভিদজাত তেলৰ পৰা বনস্পতি ঘি উৎপন্ন কৰা বিক্ৰিয়াটো তলৰ কোনটো বিক্ৰিয়াৰ উদাহৰণ?
(a) এষ্টাৰিভৱন।

(b) চেপনিফিকেচন।
(c) প্রতিস্থাপন।
(d) হাইড্ৰ’জেনেচন।
উত্তৰঃ (d) হাইড্ৰ’জেনেচন।

12. ইথানলৰ লগত ছ’ডিয়াম ধাতুৰ বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা গেছটো হ’ল—
(a) CO₂

(b) H₂
(c) O₂
(d) C1₂
উত্তৰঃ (b) H₂

13. ইথানয়িক এছিড শীতকালত প্ৰায় গোট মাৰে। তেতিয়া ইয়াৰ নাম হয়গৈ—
(a) গ্লেচিয়েল এচেটিক এছিড

(b) এচেটিক এছিড
(c) হাইড্ৰ’ক্ল’ৰিক এছিড
(d) কার্বক্সিলিক এছিড
উত্তৰ : (a) গ্লেচিয়েল এচেটিক এছিড

14. ইথানলৰ পৰা অসংপৃক্ত হাইড্ৰ’কাৰ্বন ইথিন প্রস্তুত কৰিবলৈ তলৰ কোনটো নিৰুদক পদার্থ হিচাপে ব্যবহৃত হয়—
(a) লঘু HCl

(b) গাঢ় HCl
(c) গাঢ় H₂SO₄
(d) লঘু H₂SO₄
উত্তৰঃ (c) গাঢ় H₂SO₄

15. কার্বক্সিলিক এচিড আৰু এলক ‘হলৰ মাজত বিক্ৰিয়া ঘটিলে সাধাৰণতে উৎপন্ন হোৱা পদাৰ্থবিধ হ’ল—
(a) ছ’ডিয়াম ইথ’ক্সাইড।

(b) ছ’ডিয়াম ই থান’য়েট।
(c) এষ্টাৰ।
(d) ছডিয়াম কার্বনেট।
উত্তৰঃ (c) এষ্টাৰ।

16. কাৰ্বনৰ যৌগৰ বাবে তলৰ কোনটো উক্তি সত্য ?
(1) কাৰ্বন বিদ্যুতৰ সু-পৰিবাহী
(2) সিহঁতৰ অণুৰ মাজত শক্তিশালী আকর্ষণীয় বল নাথাকে
(3) বিদ্যুতৰ কু-পৰিবাহী
(4) সিহঁতৰ অণুৰ মাজত শক্তিশালী আকর্ষণ বল থাকে

(a) (1) আৰু (4)
(b) (3) আৰু (4)
(c) (1) আৰু (2)
(d) (2) আৰু (3)
উত্তৰ : (d) (2) আৰু (3)

17. তলৰ কোনটো অসংপৃক্ত যৌগ—
(1) প্রপেন
(2) প্রপিন
(3) প্রপাইন
(4) ক্ল’ৰ’যৌগ

(a) (1) আৰু (2)
(b) (2) আৰু (4)
(c) (3) আৰু (4)
(d) (2) আৰু (3)
উত্তৰ : (d) (2) আৰু (3)

18. তলৰ কোনটোক গ্লেচিয়েল এচেটিক এচিড বোলা হয়?
(a) C₂H₅OH

(b) CH₅COOH
(c) CH₃COOC₂H₅
(d) CH₃COONa
উত্তৰঃ (b) CH₅COOH

19. সাধাৰণ উষ্ণতাত ক্ল’ৰিনে কাৰ উপস্থিতিত সংপৃক্ত হাইড্ৰ’কাৰ্বনৰ সৈতে বিক্ৰিয়া কৰিব?
(a) পানীৰ উপস্থিতিত
(b) সূৰ্যৰ পোহৰৰ অনুপস্থিতিত
(c) সূৰ্যৰ পোহৰৰ উপস্থিতিত
(d) হাইড্ৰ’ক্ল’ৰিক এছিডৰ উপস্থিতিত
উত্তৰ : (c) সূৰ্যৰ পোহৰৰ উপস্থিতিত

20. কার্বনে আন কাৰ্বন পৰমাণুৰ লগত বান্ধনি সৃষ্টি কৰি দীঘল শৃংখলেৰে বৃহৎ আকাৰৰ অণু গঠন কৰিব পাৰে। এই ধৰ্মটোক কোৱা হয়—
(a) প্রতিস্থাপন।

(b) এষ্টাৰিভৱন।
(c) কেটিনেচন।
(d) চেপনিফিকেচন।
উত্তৰঃ (c) কেটিনেচন।

21. তলৰ কোনটো ইথেনৰ আণৱিক সংকেত—
(a) CH₄

(b) C₂H₆
(c) C₃H₈
(d) C₄H₁₀উত্তৰঃ (b) C₂H₆

22. চাবোনৰ অণুত আছে—
(a) জল স্নেহী মূৰ আৰু জলবিকর্ষি নেজ
(b) জলস্নেহী মূৰ আৰু জলস্নেহী নেজ
(c) জলবিকর্ষি মূৰ আৰু জলস্নেহী নেজ
(d) জলবিকৰ্ষি মূৰ আৰু জলবিকর্ষি নেজ
উত্তৰ : (a) জল স্নেহী মূৰ আৰু জলবিকর্ষি নেজ।

23. তলৰ কোনটো অসংপৃক্ত বলয়াকাৰ কাৰ্বন যৌগ–
(a) চাইক্ল’হেক্সেন।

(b) চাইক্ল’বিউটেন।
(c) চাইক্লপেন্টেন।
(d) বেনজিন।
উত্তৰঃ (d) বেনজিন।

24. গোটা ছ’ডিয়াম কার্বনেটত কেইটোপালমান ইথানয়িক এছিড ঢালি দিয়া হ’ল। পর্যবেক্ষণত পোৱা গ’ল যে—
(a) মুগা ধোঁৱা উৎপন্ন হ’ল
(b) নাক জনজনাই যোৱা গোন্ধৰ গেছ উৎপত্তি হ’ল
(c) গেছৰ শব্দৰ সৃষ্টি হ’ল
(d) গেছৰ বুৰবুৰণি সৃষ্টি হ’ল।
উত্তৰ : (d) গেছৰ বুৰবুৰণি সৃষ্টি হ’ল।

25. CH3-CH-CHO যোগটোৰ নাম হৈছে-
(a) প্ৰ’পেন
(b) ইথানেল
(c) প্ৰপানেল
(d) ইথানল
উত্তৰঃ (c) প্ৰপানেল

26. তলৰ কোনটো শ্ৰেণী সমগণীয় শ্ৰেণীৰ অন্তৰ্গত নহয় ?
(a) C4H8
(b) C2H6
(c) C3H8
(d) CH4
উত্তৰঃ (a) C4H8

27. চাৰিটা কাৰ্বনৰ যৌগ বিউটান নত থকা কাৰ্য্যকৰী মূলক হ’ল—
(a) কার্বক্সিলিক এছিড
(b) এলডিহাইড
(c) কিটন (d) এলকহল
উত্তৰঃ (c) কিট’ন

Short Questions and Answers

1. কাৰ্বনে গঠন কৰা সৰলতম যৌগ কি ?
উত্তৰঃ কাৰ্বনে গঠন কৰা সৰলতম যৌগ হ’ল— মিথেন ।

2. চাবোনৰ অণুবিলাকৰ কেইটা মেৰু থাকে আৰু কি কি?
উত্তৰঃ চাবোনৰ অণুবিলাকৰ দুটা মেৰু থাকে । তাৰে এটা হ’ল— জলাকৰ্ষী বা জলস্নেহী (Hydrophobic) আৰু এইটো পানীত দ্ৰৱনীয় আনহাতে আনটো হ’ল— জলঘৃণী বা জলবিকৰ্ষী (Hydrophobic) আৰু এইটো হাইড্ৰ’কাৰ্বনত দ্ৰৱণীয় ।

3. ইথানয়িক এছিড, কাৰ্বনেট আৰু হাইড্ৰ’জেন কাৰ্বনেটৰ লগত বিক্ৰিয়া ঘটিলে কিহৰ সৃষ্টি কৰে ?
অথবাঃ ছ’ডিয়াম এছিটেট নামৰ লৱণবিধৰ উৎপন্ন প্ৰক্ৰিয়াটো লিখা ।
উত্তৰঃ ইথানয়িক এছিডে কাৰ্বনেট আৰু হাইড্ৰ’জেন কাৰ্বনেটৰ লগত বিক্ৰিয়া কৰি লৱণ, কাৰ্বন ডাইক্সাইড আৰু পানীৰ সৃষ্টি কৰে । এই বিক্ৰিয়াৰ ফলত উৎপন্ন হোৱা লৱণবিধৰ সাধাৰণ নাম- ছ’ডিয়াম এছিটেট ।

4. ফুলেৰিন কি? প্ৰথমে চিনাক্ত কৰা ফুলেৰিন কি? ইয়াৰ গঠনক কিয় ফুলেৰিন নাম ৰখা হৈছে ?
অথবাঃ ফুলেৰিন নামাকৰণ কেনেদৰে কৰা হৈছে ?
উত্তৰঃ ফুলেৰিন হৈছে- কাৰ্বনৰ বহুৰূপতাৰ এক শ্ৰেণী । প্ৰথমে চিনাক্ত কৰা ফুলেৰিন হ’ল- C-60 । ইয়াৰ গঠনক ফুলেৰিন নাম ৰখা হৈছে কাৰণ আমেৰিকান স্থাপত্যবিদ বাকমিনষ্টাৰ ফুলাৰে (Buckminster Fuller) তৈয়াৰ কৰা গম্বুজ আকৃতিৰ (Geodesic Dome) সৈতে প্ৰায় একে ।

5. আয়নীয় যৌগবোৰৰ গলনাংক আৰু উতলাংকৰ প্ৰকৃতি কি? এই যৌগবোৰে কেনে অৱস্থাত বিদ্যুৎ পৰিবহন কৰে ?
উত্তৰঃ  আয়নীয় যৌগবোৰৰ উচ্চ গলনাংক আৰু উতলাংকৰ বিশিষ্ট । এই যৌগবোৰে গলিত বা দ্ৰবীভূত অৱস্থাত বিদ্যুৎ পৰিবহন কৰে ।

6. আজিলৈকে আৱিষ্কৃত পদাৰ্থবোৰৰ ভিতৰত আটাইতকৈ কঠিন পদাৰ্থ কি ?
উত্তৰঃ আজিলৈকে আৱিষ্কৃত পদাৰ্থবোৰৰ ভিতৰত আটাইতকৈ কঠিন পদাৰ্থ হ’ল— হীৰা ।

7. আয়নীয় যৌগৰ ধৰ্মবোৰ কি প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি ব্যাখ্যা কৰিব পাৰি ?
উত্তৰঃ আয়নীয় যৌগৰ ধৰ্মবোৰ ইলেক্ট্ৰ’যোজী বা আয়নীয় বান্ধনিৰ প্ৰকৃতিৰ ওপৰত ভিত্তি কৰি ব্যাখ্যা কৰিব পাৰি ।

8. কাৰ্বনৰ কোনটো দুটা ধৰ্ম আছে যিটো প্ৰায় আন কোনো মৌলৰ তাত নাই ?
উত্তৰঃ ‘কাৰ্বনৰ সহযোজী বান্ধনিৰ ধৰ্ম’ আৰু কেটিনেচন ধৰ্ম আছে যিটো প্ৰান আন কোনো মৌলৰ তাত নাই ।

9. কেটিনেচন বুলিলে কি বুজা ?
উত্তৰঃ কাৰ্বনে নিজৰ মাজতে বান্ধনিৰ সৃষ্টি কৰি বৃহৎ সংখ্যক অণু গঠন কৰিব পাৰে । ইয়াকে কেটিনেচন (Catenation) ধৰ্ম বোলা হয় ।

10. কিহৰ ফলস্বৰূপে কাৰ্বন পৰমাণুবোৰে ইটো সিটোৰ লগ লাগি অগণন যৌগ গঠন কৰে ?
উত্তৰঃ কাৰ্বন পৰমাণুৰ মাজত সৃষ্টি হোৱা বান্ধনি যাক ‘C-C’ বান্ধনি বোলা হয় । এই ‘C-C’ বান্ধনি অতি দৃঢ় আৰু সুস্থিৰ । ইয়াৰ ফলস্বৰূপে কাৰ্বন পৰমাণুবোৰে ইটো সিটোৰ লগ লাগি অগণন যৌগ গঠন কৰে ।

11. ৰসায়ন বিজ্ঞানীসকলৰ মতে এতিয়ালৈকে আৱিষ্কৃত বা সংকেত জনা কাৰ্বন যৌগৰ সংখ্যা কিমান ?
উত্তৰঃ ৰসায়ন বিজ্ঞানীসকলৰ মতে এতিয়ালৈকে আৱিষ্কৃত বা সংকেত জনা কাৰ্বন যৌগৰ সংখ্যা হ’ল- প্ৰায় তিনি নিযুত ।

12. কাৰ্বনৰ কোন দুটা বিশেষ গুণৰ বাবে অসংখ্য কাৰ্বন যৌগ উৎপন্ন কৰিব পাৰে ?
উত্তৰঃ কাৰ্বনৰ ‘চৰ্তুসহযোজ্যতা’ আৰু ‘কেটিনেচন’, এই দুটা বিশেষ গুণৰ বাবে অসংখ্য কাৰ্বন যৌগ উৎপন্ন কৰিব পাৰে ।

13. কিয় বৃহৎ সংখ্যক কাৰ্বন যৌগৰ তুওনাত আন আটাইবোৰ মৌলৰে সৃষ্ট যৌগৰ সংখ্যা তেনেই নগণ্য ?
উত্তৰঃ বৃহৎ সংখ্যক কাৰ্বন যৌগৰ তুওনাত আন আটাইবোৰ মৌলৰে সৃষ্ট যৌগৰ সংখ্যা তেনেই নগণ্য । কাৰণ, সহযোজী বান্ধনিৰ ধৰ্মৰ কাৰণে কাৰ্বন মৌলই অগণন যৌগ গঠন কৰিব পাৰে ।

14. বিষম পৰমাণু (Heteroatom) কাক বোলে ?
উত্তৰঃ হাইড্ৰ’জেন, ছালফাৰ, অক্সিজেন, ক্ল’ৰিন, নাইট্ৰ’জেন আদি মৌলৰ সৈতে কাৰ্বন লগ হৈ বহুতো যৌগ গঠন কৰে, যাৰ ধৰ্ম বিশেষকৈ এই অনাকাৰ্বন মৌলটোৰ ওপৰত নিৰ্ভৰ কৰে । ইয়াকে যৌগটোৰ বিষম পৰমাণু (Heteroatom) বোলা হয় ।

15. ইথেন কোন দুটা যৌগ মিলিত হৈ গঠিত হৈছে ?
উত্তৰঃ ইথেন কাৰ্বন আৰু হাইড্ৰ’জেন, এই দুটা যৌগ মিলিত হৈ গঠিত হৈছে ।

READ MORE  নিয়ন্ত্ৰণ আৰু সমন্বয় | Chapter 7 | Class 10 General Science - SEBA

16. ইথিনৰ আণৱিক সংকেত কি?
উত্তৰঃ ইথিনৰ আণৱিক সংকেত হ’ল- C2H4

17. C2H2 ৰ ৰাসায়নিক নাম কি?
উত্তৰঃ C2H2 ৰ ৰাসায়নিক নাম- ইথাইন (Ethyne) ।

18. প্ৰ’পেনৰ আণৱিক সংকেত কি?
উত্তৰঃ প্ৰ’পেনৰ আণৱিক সংকেত- C3H8

19. সংপৃক্ত/অসংপৃক্ত যৌগ বহুপৰিমাণে সক্ৰিয় । শুদ্ধটো বাছনি কৰা ।
উত্তৰঃ অসংপৃক্ত যৌগ বহুপৰিমাণে সক্ৰিয় ।

20. এক বলয়ী কাৰ্বন পৰমাণুৰ উদাহৰণ, সংকেত আৰু গঠন চিত্ৰ অংকন কৰা ।
উত্তৰঃ এক বলয়ী কাৰ্বন পৰমাণু হ’ল-চাইক্ল’হেক্সেন, যাৰ সংকেত হ’ল- C6H12

21. সমগণীয় শ্ৰেণী কাক বোলে? উদাহৰণ দিয়া ।
উত্তৰঃ যি শ্ৰেণীৰ যৌগত একে কাৰ্যকৰীমূলক উপস্থিত থাকে । সেই শ্ৰেণীটোক সমগণীয় শ্ৰেণী বোলে । উদাহৰণস্বৰূপে— মিথেন(CH4), ইথেন(C2H6), প্ৰ’পেন(C3H8), বিউটেন(C4H10), পেন্টেন(C5H12) আৰু হেক্সেন(C6H14), এই শ্ৰেণীটো এক সমগণীয় শ্ৰেণী ।

22. গঠন সমযোজী যৌগ (Structural Isomers) কাক বোলে ?
উত্তৰঃ যিবোৰ যৌগৰ আণৱিক সংকেট একে কিন্তু গঠন সংকেত বেলেগ বেলেগ । সেইবোৰ যৌগক গঠন সমযোজী যৌগ (Structural Isomers) বোলে ।

23. চাৰিবিধ সদৃশ ৰাসায়নিক ধৰ্ম যৌগৰ উদাহৰণ দিয়া ।
উত্তৰঃ চাৰিবিধ সদৃশ ৰাসায়নিক ধৰ্ম যৌগৰ উদাহৰণ হ’ল- CH3OH, C2H5OH, C3H7OH,  আৰু C4H9OH

24. কাৰ্বন দহন কৰিলে কি কি উৎপন্ন হয় ? এইক্ষেত্ৰত তাপৰ প্ৰকৃতি কেনে হয় ?
উত্তৰঃ কাৰ্বন দহন কৰিলে সাধাৰণতে কাৰ্বন ডাই অক্সাইড, তাপ আৰু পোহৰ উৎপন্ন হয় । এইক্ষেত্ৰত তাপৰ প্ৰকৃতি উচ্চ পৰিমাণৰ হয় ।

25. দহন বিক্ৰিয়াবোৰ জাৰণ/বিজাৰণ বিক্ৰিয়া ।
উত্তৰঃ জাৰণ ।

26. মিথেন (CH4) আৰু ইথেনৰ (C2H6) মূলকৰ পাৰ্থক্য কিমান ?
উত্তৰঃ মিথেন (CH4) আৰু ইথেনৰ (C2H6) মূলকৰ পাৰ্থক্য  হ’ল- -CH2

27. কাৰ্বন আৰু হাইড্ৰ’জেনৰ আণৱিক ভৰ কিমান ?
উত্তৰঃ কাৰ্বনৰ আণৱিক ভৰ হ’ল- 12u আৰু হাইড্ৰ’জেনৰ আণৱিক ভৰ হ’ল- 1u

28. এলান্ধু কি? এলান্ধু বা এলান্ধুযুক্ত শিখা কেনেদৰে উৎপন্ন হয় ?
উত্তৰঃ এলান্ধু হ’ল কাৰ্বনৰ দহনৰ গেছীয় অৱশিষ্ট অংশ । সাধাৰণতে, অসম্পূৰ্ণ দহনৰ ফলতে এলান্ধুৰ উৎপন্ন হয় । বায়ুৰ পৰিসীমিত যোগানৰ কাৰণে সংপৃক্ত হাইড্ৰ’কাৰ্বনবোৰ অসম্পূৰ্ণ দহন ঘটিলে ধোঁৱাময় শিখাই এলান্ধু বা এলান্ধুযুক্ত শিখা উৎপন্ন হয় ।

29. গেছ ষ্টভ বা কেৰাচিন ষ্ট’ভৰ পৰা সাধাৰণতে কিয় এলান্ধু বা এলান্ধুযুক্ত শিখাৰ উৎপন্ন নহয় ?
উত্তৰঃ গেছ ষ্টভ বা কেৰাচিন ষ্ট’ভৰ পৰা সাধাৰণতে এলান্ধু বা এলান্ধুযুক্ত শিখাৰ উৎপন্ন নহয় কাৰণ গেছ ষ্টভ বা কেৰাচিন ষ্ট’ভত বায়ু প্ৰবেশ কৰিব পৰাকৈ ৰন্ধ্ৰ থাকে আৰু ই পৰ্য্যাপ্ত বায়ু বা অক্সিজেন ইন্ধনৰ সৈতে মিহলৈ হৈ অমলিন নীলা শিখা উৎপন্ন হয় ।

30. সংপৃক্ত আৰু অসংপৃক্ত হাইড্ৰ’কাৰ্বনে কেনেকোৱা প্ৰকৃতিৰ শিখাৰ উৎপন্ন কৰে?
উত্তৰঃ সংপৃক্ত হাইড্ৰ’কাৰ্বনে সাধাৰণনে অমলিন নীলা শিখা আৰু অসংপৃক্ত হাইড্ৰ’কাৰ্বনে ক’লা ধোৱাযুক্ত হালধীয়া শিখা উৎপন্ন কৰে ।

31. কোনবোৰ পদাৰ্থৰ দহনত শিখা উৎপন্ন হয় ?
উত্তৰঃ গেছীয় পদাৰ্থৰ পৰমাণুবোৰ উত্তপ্ত কৰিলে আৰু দহন কৰিলে উজ্বল শিখাৰ উৎপন্ন হয় ।

32. কয়লা আৰু পেট্ৰ’লিয়াম ইন্ধনৰ দহনৰ ফলত উৎপন্ন হোৱা দুবিধ পৰিৱেশ প্ৰদূষক কাৰকৰ নাম লিখা ।
উত্তৰঃ কয়লা আৰু পেট্ৰ’লিয়াম ইন্ধনৰ দহনৰ ফলত উৎপন্ন হোৱা দুবিধ পৰিৱেশ প্ৰদূষক কাৰকৰ নাম হ’ল- ছালফাৰ আৰু নাইট্ৰ’জেন অক্সাইড ।

33. ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা পাত্ৰৰ তলিত এলান্ধু লগাৰ অৰ্থ কি?
উত্তৰঃ ৰন্ধন কাৰ্যত ব্যৱহাৰ কৰা পাত্ৰৰ তলিত এলান্ধু লগাৰ অৰ্থ হ’ল- ষ্ট’ভৰ বায়ুৰন্ধ্ৰবোৰ বন্ধ হৈ গৈছে ।

34. কয়লা পুৰিলে কিয় শিখা উৎপন্ন নোহোৱাকৈ তাপ বিকিৰণ কৰে ?
উত্তৰঃ কয়লা পুৰিলে শিখা উৎপন্ন নোহোৱাকৈ তাপ বিকিৰণ কৰে কাৰণ গেছীয় পদাৰ্থ পুৰিলেহে শিখা উৎপন্ন হয় আৰু কয়লা পুৰাৰ সময়ত তাত থকা উদ্বায়ী পদাৰ্থবোৰ বাষ্পীভূত হয় ।

35. এলক’হল জাৰিত হৈ কোনবিধ এছিডৰ উৎপত্তি হয়?
উত্তৰঃ  এলক’হল জাৰিত হৈ কাৰ্বক্সিলিক এছিডৰ উৎপত্তি হয় ।

36. জন্তুৰ চৰ্বিত কি এছিড থাকে ?
উত্তৰঃ জন্তুৰ চৰ্বিত সংপৃক্ত ফেটি এচিড ।

37. দুটা বাণিজ্যিক কাৰ্বন যৌগৰ নাম লিখা ।
উত্তৰঃ দুটা বাণিজ্যিক কাৰ্বন যৌগৰ নাম হ’ল- ইথালন আৰু ইথানয়িক এছিড ।

38. কাৰ্বন পৰমাণুৰ মাজত সৃষ্টি হোৱা বান্ধনিৰ নাম কি?
উত্তৰঃ কাৰ্বন পৰমাণুৰ মাজত সৃষ্টি হোৱা বান্ধনিৰ নাম হ’ল- ‘C-C’ বান্ধনি ।

39. সাধাৰণ উষ্ণতাত ইথানল কেনে প্ৰকৃতিৰ ?
উত্তৰঃ সাধাৰণ উষ্ণতাত ইথানল জুলীয়া প্ৰকৃতিৰ ।

40. জন্তুৰ চৰ্বি কিয় স্বাস্থ্য পক্ষে হানিকাৰক ?
উত্তৰঃ জন্তুৰ চৰ্বি স্বাস্থ্য পক্ষে হানিকাৰক, কাৰণ জন্তুৰ চৰ্বিত সংপৃক্ত ফেটি এচিড থাকে ।

41. কেনেকোৱা এছিড যুক্ত তেল ৰন্ধনৰ বাবে অধিক উপযোগী ?
উত্তৰঃ অসংপৃক্ত ফেটি এছিড থকা তেল ৰন্ধনৰ বাবে অধিক উপযোগী ।

42. ইথানলক সাধাৰণতে কি বুলি কোৱা হয় ?
উত্তৰঃ ইথানলক সাধাৰণতে এলক’হল বুলি কোৱা হয় ।

43. এলক’হলীয় পানীয়ৰ মুখ্য উপাদান কি?
উত্তৰঃ এলক’হলীয় পানীয়ৰ মুখ্য উপাদান- ইথানল ।

44. ইথানলে বা এলক’হলে ছ’ডিয়ামৰ (ধাতুৰ) সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে?
উত্তৰঃ  ইথানলে বা এলক’হলে ছ’ডিয়ামৰ ধাতুৰ সৈতে বিক্ৰিয়া কৰি হাইড্ৰ’জেন গেছৰ উৎপন্ন কৰে । ইথানলৰ লগত প্ৰস্তুত হোৱা আন এক পদাৰ্থ- ছডিয়াম ইথ’ক্সাইড ।

45. সূৰ্যৰ পোহৰ সহজে ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ কৰিব পৰা এবিধ উদ্ভিদৰ নাম লিখা ।
উত্তৰঃ সূৰ্যৰ পোহৰ সহজে ৰাসায়নিক শক্তিলৈ ৰূপান্তৰ কৰিব পৰা এবিধ উদ্ভিদৰ নাম- কুঁহিয়াৰ ।

46. ইথানয়িক এছিডৰ সদাব্যৱহৃত নাম কি? ই কোন এছিড শ্ৰেণীৰ অন্তৰ্ভুক্ত ?
উত্তৰঃ ইথানয়িক এছিডৰ সদাব্যৱহৃত নাম- এচেটিক এচিদ ।  ই কাৰ্ব’ক্সিলিক এছিড শ্ৰেণীৰ অন্তৰ্ভুক্ত ৷

47. ইন্ধন হিচাপে এলক’হল কেনেদৰে ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ কুঁহিয়াৰৰ ৰসৰ পৰা লালি (Molasse) প্ৰস্তুত কৰি কিণ্বন (Fermentation) ঘটাই এলক’হল (ইথানল) উৎপন্ন কৰা হয় । কিছুমান ৰাষ্ট্ৰত পেট্ৰ’লৰ সৈতে এলক’হল মিহলাই ইন্ধন হিচাপে ব্যৱহাৰ কৰা হয় ।

48. ভিনেগাৰ কাক বোলে ? ইয়াক বেছিকৈ কি কামত ব্যৱহাৰ কৰা হয়?/ইয়াৰ এটা ব্যৱহাৰ লিখা ।
উত্তৰঃ এচেটিক এছিডৰ 5-8% জলীয় দ্ৰৱণক ভিনেগাৰ বোলে । ইয়াক বিশেষকৈ আচাৰ সংৰক্ষণত বেছিকৈ ব্যৱহাৰ কৰা হয় ।

49. হাইড্ৰ’জেন পৰমাণুৰ নিকটতম সম্ভ্ৰান্ত গেছ কি ?
উত্তৰঃ হাইড্ৰ’জেন পৰমাণুৰ নিকটতম সম্ভ্ৰান্ত গেছ হ’ল- হিলিয়াম ।

50. চেপনিফিকেচন বা চাবোনীভৱন (Saponification) বিক্ৰিয়া কাক বোলে ? ইয়াক কি কামত ব্যৱহাৰ কৰা হয় ? সমীকৰণটো লিখা ।
উত্তৰঃ ছ’ডিয়াম হাইড্ৰ’ক্সাইডৰ (এটা ক্ষাৰ) লগত বিক্ৰিয়া ঘটিলে এষ্টাৰ পুনৰ এলকহল আৰু কাৰ্বক্সিলিক এছিডৰ ছ’ডিয়াম লৱনলৈ ৰূপান্তৰিত হয় । এই বিক্ৰিয়াটোক চেপনিফিকেচন বা চাবোনীভৱন (Saponification) বিক্ৰিয়া বোলে । এই বিক্ৰিয়াক চাবোন উৎপাদনত ব্যৱহাৰ কৰা হয় ।

51. হাইড্ৰ’জেন পৰমাণুৰ মাজত কেই বান্ধনি গঠন হয় ?
উত্তৰঃ ভাগ বতৰা কৰা ইলেক্টন দুটাই হাইড্ৰ’জেন পৰমাণুৰ মাজত এক বান্ধনিৰ গঠন কৰে ।

52. ইথানয়িক এছিডৰ গলনাংক কিমান? ই কিয় শীতকালত গোট মাৰে ? ইয়াক আন কি নাম দিয়া হৈছে ?
উত্তৰঃ ইথানয়িক এছিডৰ গলনাংক 290k । ইয়াৰ বাবে, ইথানয়িক এছিড শীতকালত গোট মাৰে । ইয়াক গ্লেছিয়েল এচেটিক এছিদ নাম দিয়া হয় ।

53. ইথানয়িক এছিডে ক্ষাৰৰ লগত বিক্ৰিয়াৰ ফলত কিহৰ উৎপন্ন হয় ?
অথবাঃ ইথানয়িক এছিডৰ সৈতে ক্ষাৰৰ বিক্ৰিয়া হ’লে কি হয় ?
উত্তৰঃ ইথানয়িক এছিডে ছ’ডিয়াম হাইড্ৰ’ক্সাইড আদি ক্ষাৰৰ সৈতে বিক্ৰিয়া কৰিলে লৱণ বিশেষকৈ ছ’ডিয়াম ইথান’য়েট বা ছ’ডিয়াম এছিটেট আৰু পানীৰ সৃষ্টিৰ কৰে ।

54. চাবোনৰ অণুবোৰ কি বা কিহেৰে গঠিত বা ইয়াত কি কি নিহিত থাকে?
উত্তৰঃ চাবোনৰ অণুবোৰ হ’ল- কিছুমান দীৰ্ঘ শৃংখলযুক্ত কাৰ্বক্সিলিক এছিডৰ ছ’ডিয়াম বা পটাছিয়াম লৱণ ।

55. কিয় কাৰ্বনক চতুৰ্সসহযোজী (Tetra covalent) বোলা হয় ?
উত্তৰঃ কাৰ্বন যোজ্যতা কক্ষত চাৰিটা ইলেক্ট্ৰন আছে । সেয়ে কাৰ্বন চতুৰ্সসহযোজী (Tetra covalent) বোলা হয় ।

56. আমাৰ বায়ুমণ্ডলত কিমান শতাংশ কাৰ্বন ডাই অক্সাইড আছে ?
উত্তৰঃ আমাৰ বায়ুমণ্ডলত ০.০৩ শতাংশ কাৰ্বন ডাই অক্সাইড আছে ।

57. কিয় সহযোজী বান্ধনিবোৰৰ গলনাংক আৰু উতলাংক নিম্ন ?
উত্তৰঃ দুটা পৰমাণুৰ মাজত ইলেক্টন ভাগ-বতৰা হৈ সহযোজী বান্ধনিবোৰ সৃষ্টি হয় । সহযোজী অণুৰ বান্ধনিবিলাক দৃঢ় কিন্তু অণুবিলাকৰ মাজত আন্তঃআণৱিক বল কম । সেয়েহে সহযোজী বান্ধনিবোৰৰ গলনাংক আৰু উতলাংক নিম্ন ।

58. পৃথিৱীৰ খোলাটোৰ কিমান শতাংশ কাৰ্বন আছে?
উত্তৰঃ পৃথিৱীৰ খোলাটোত খনিজ পদাৰ্থ হিচাপে, যেনে- কাৰ্বনেট, হাইড্ৰ’জেন কাৰ্বনেট, কয়লা, পেট্ৰ’লিয়াম আদি ০.০২ শতাংশ কাৰ্বন আছে ।

59. কিয় সহযোজী যৌগবোৰ বিদ্যুৎৰ অপৰিবাহী ?
উত্তৰঃ সহযোজী যৌগ বা বান্ধনিবোৰৰ মাজত ইলেক্ট্ৰনৰ ভাগ-বতৰাহে হয়, কিন্তু কোনো আহিত কণিকাৰ সৃষ্টি নহয় । সেয়েহে সহযোজী যৌগবোৰ বিদ্যুৎৰ অপৰিবাহী ।

60. বেছিভাগ কাৰ্বনযৌগ বিদ্যুৎৰ সুপৰিবাহী নে কুপৰিবাহী ?
উত্তৰঃ বেছিভাগ কাৰ্বনযৌগ বিদ্যুৎৰ কুপৰিবাহী ।

61. হাইড্ৰ’জেন পৰমাণুৰ ক্ৰমাংক কিমান ?
উত্তৰঃ হাইড্ৰ’জেন পৰমাণুৰ ক্ৰমাংক হ’ল- এক ।

62. কিয় কাৰ্বন যৌগবোৰৰ বান্ধনি গঠনৰ সময়ত কোনো আয়ন সৃষ্টি নহয় ?
উত্তৰঃ কাৰ্বন যৌগবোৰ মুখ্যতঃ বিদ্যুৎৰ কুপৰিবাহী, সেয়েহে কাৰ্বন যৌগবোৰৰ বান্ধনি গঠনৰ সময়ত কোনো আয়ন সৃষ্টি নহয় ।

63. কাৰ্বন পৰমাণুৰ বহিৰতম কক্ষত কেইটা ইলেকট্ৰন থাকে ?
উত্তৰঃ কাৰ্বন পৰমাণুৰ বহিৰতম কক্ষত চাৰিটা ইলেকট্ৰন থাকে ।

64. কোনো মৌলৰ সক্ৰিয়তা কিহৰ ওপৰত নিৰ্ভৰ কৰে?
উত্তৰঃ কোনো মৌলৰ সক্ৰিয়তা সিহঁতৰ বহিঃকক্ষৰ ইলেক্ট্ৰনসজ্জা সম্পূৰ্ণ কৰাৰ প্ৰৱনতাৰ ওপৰত নিৰ্ভৰ কৰে । অৰ্থাৎ সিহঁতে সম্ভ্ৰান্ত গেছৰ ইলেকট্ৰনীয় বিন্যাস পাবলৈ বিচাৰে ।

65. কাৰ্বনে ইলেক্ট্ৰন গ্ৰহণ বা ত্যাগ কৰাৰ সমস্যা কেনেদৰে সমাধান কৰে?
উত্তৰঃ কাৰ্বন পৰমাণুৱে তাৰ চাৰিওটা যোজক ইলেক্ট্ৰন আন কাৰ্বন পৰমাণু বা আন মৌলৰ পৰমাণুৰ লগত ভাগ-বতৰা কৰি অণু গঠন কৰি কাৰ্বনে ইলেক্ট্ৰন গ্ৰহণ বা ত্যাগ কৰাৰ সমস্যা সমাধান কৰে ।

66. গ্ৰেফাইট বিদ্যুৎৰ সুপৰিবাহী নে কুপৰিবাহী ?
উত্তৰঃ গ্ৰেফাইট বিদ্যুৎৰ সুপৰিবাহী ।

67. সম্ভ্ৰান্ত গেছৰ বিন্যাস পাবলৈ কাৰ্বনক কেইটা ইলেকট্ৰন গ্ৰহণ বা ত্যাগ কৰিব লাগিব?
উত্তৰঃ সম্ভ্ৰান্ত গেছৰ বিন্যাস পাবলৈ কাৰ্বনক চাৰিটা ইলেকট্ৰন গ্ৰহণ বা ত্যাগ কৰিব লাগিব ।

READ MORE  প্ৰাকৃতিক সম্পদৰ ব্যৱস্থাপনা | Chapter 16 | Class 10 General Science - SEBA

68. সাধাৰণতে অধাতুবোৰ বিদ্যুৎৰ সুপৰিবাহী নে কুপৰিবাহী ?
উত্তৰঃ সাধাৰণতে অধাতুবোৰ বিদ্যুৎৰ কুপৰিবাহী ।

69. ইলেক্ট্ৰন ভাগ বতৰাৰ ফলত গঠন হোৱা আটাইতকৈ সৰল অণু কি?
উত্তৰঃ ইলেক্ট্ৰন ভাগ বতৰাৰ ফলত গঠন হোৱা আটাইতকৈ সৰল অণু হ’ল- হাইড্ৰ’জেন ।

70. প্ৰকৃতপক্ষে প্ৰায় সকলোবোৰ বস্তু ____ যৌগৰ দ্বাৰা সৃষ্ট ।
উত্তৰঃ প্ৰকৃতপক্ষে প্ৰায় সকলোবোৰ বস্তু কাৰ্বন যৌগৰ দ্বাৰা সৃষ্ট ।

71. হাইড্ৰ’জেন অণু গঠন কৰিবলৈ কেইটা পৰমাণুৰ দৰকাৰ ?
উত্তৰঃ হাইড্ৰ’জেন অণু গঠন কৰিবলৈ দুটা পৰমাণুৰ দৰকাৰ । দুটা হাইড্ৰ’জেন পৰমাণুৱে ইলেকট্ৰন ভাগ-বতৰা কৰি হাইড্ৰ’জেন অণু (H2) গঠন কৰে ।

72. ক্ল’ৰিনৰ পৰমাণু ক্ৰমাংক কিমান?
উত্তৰঃ ক্ল’ৰিনৰ পৰমাণু ক্ৰমাংক 17

73. অক্সিজেনৰ ক্ষেত্ৰত কেইবান্ধনিৰ সৃষ্টি হয়?
উত্তৰঃ অক্সিজেনৰ ক্ষেত্ৰত দুটা অক্সিজেন পৰমাণুৰ মাজত দ্বি বান্ধনি দেখা যায় । কাৰণ, অক্সিজেন পৰমাণুৰ L কক্ষত ছয়টা ইলেক্ট্ৰন থাকে আৰু অষ্টক সম্পূৰ্ণ কৰিবলৈ ইয়াক দুটা ইলেক্ট্ৰনৰ প্ৰয়োজন ।

74. মৌলবোৰৰ যোজন ক্ষমতাৰ কিহৰ ওপৰত নিৰ্ভৰ কৰে ?
উত্তৰঃ মৌলবোৰৰ যোজন ক্ষমতা যোজক ইলেক্ট্ৰনৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰে ।

75. নাইট্ৰ’জেন পৰমাণুৰ ক্ৰমাংক কিমান? নাইট্ৰ’জনে কেই বান্ধনিৰ সৃষ্টি কৰে?
উত্তৰঃ নাইট্ৰ’জেন পৰমাণুৰ ক্ৰমাংক 7 । যোজ্যতা কক্ষত অষ্টক লাভ কৰিবলৈ গৈ দুটা নাইট্ৰ’জেন পৰমাণুৰ মাজত তিনি যোৰ ভাগ বতৰা কৰা ইলেক্টনৰ দ্বাৰা নাইট্ৰ’জেন অণু গঠন হয় । এইদৰে নাইট্ৰ’জনে দুটা পৰমাণুৰ মাজত ত্ৰিবান্ধনি গঠন কৰে ।

76. কাৰ্বনৰ পৰমাণু ক্ৰমাংক কিমান ?
উত্তৰঃ কাৰ্বনৰ পৰমাণু ক্ৰমাংক ৬ ।

78. এম’নিয়াৰ আনৱিক সংকেত কি?
উত্তৰঃ এম’নিয়াৰ আনৱিক সংকেত NH3

Long Questions and Answers

1. হীৰাৰ গঠন উল্লেখ কৰা ।
উত্তৰঃ হীৰা গঠন কাৰ্বন পৰমাণুৰ দ্বাৰা সংঘটিত হয় । ই কাৰ্বনৰ এক বহুৰূপতা । বিশুদ্ধ কাৰ্বনৰ ওপৰত উচ্চ চাপ আৰু তাপ প্ৰয়োগ কৰি হীৰা প্ৰস্তুত কৰা হয় । হীৰাৰ গঠন প্ৰক্ৰিয়াত প্ৰতিটো কাৰ্বন পৰমাণুৱে আন চাৰিটা কাৰ্বন পৰমাণুৰ সৈতে বান্ধনি গঠন কৰে আৰু দৃঢ় ত্ৰিমাত্ৰিক গঠন (Rigid Three dimensional structure) ৰ সৃষ্টি কৰে ।

2. কাৰ্বনে দৃঢ় বান্ধনি গঠন কৰাৰ এটা কাৰণ লিখা । সাধাৰণতে, ডাঙৰ মৌলবোৰে গঠন কৰা বান্ধনি কেনে প্ৰকৃতিৰ হয় ?
উত্তৰঃ কাৰ্বনে দৃঢ় বান্ধনি গঠন কৰাৰ এটা কাৰণ হ’ল- ইয়াৰ ক্ষুদ্ৰ আকাৰ । ইয়াৰ ফলতে, পৰমাণুগৰ্ভত মজুত থকা প্ৰ’টনবোৰে ভাগ বতৰা কৰা ইলেক্ট্ৰনযোৰ আকৰ্ষণ কৰি ৰাখিবলৈ সক্ষম হয় । সাধাৰণতে, ডাঙৰ মৌলবোৰে গঠন কৰা বান্ধনি দুৰ্বল হোৱা পৰিলক্ষিত হয় ।

3. মিথেন যৌগটো কেনেদৰে গঠন হয়?
উত্তৰঃ কাৰ্বনে গঠন কৰা সৰলতম যৌগ হ’ল- মিথেন, ইয়াৰ সংকেত হ’ল CH4  । হাইড্ৰ’জেনৰ যোজ্যতা এক আৰু কাৰ্বনৰ যোজ্যতা কক্ষত চাৰিটা ইলেক্টন আছে । সম্ভ্ৰান্ত গেছৰ গঠন লাভ কৰিবলৈ কাৰ্বনে তাৰ যোজ্যতা কক্ষত থকা ইলেক্ট্ৰন চাৰিটা হাইড্ৰ’জেন পৰমাণুৰ লগত ভাগ-বতৰা কৰি মিথেন যৌগটো গঠন কৰে ।

4. গ্ৰেফাইটৰ গঠন উল্লেখ কৰা ।
উত্তৰঃ গ্ৰেফাইটৰ গঠন কাৰ্বন পৰমাণুৰ দ্বাৰা সংঘটিত হয় । ই কাৰ্বনৰ এক বহুৰূপতা । গ্ৰেফাইটৰ গঠন প্ৰক্ৰিয়াত প্ৰতিটো কাৰ্বন পৰমাণুৱে আন তিনিটা কাৰ্বন পৰমাণুৰ সৈতে একে সমতলতে বান্ধনি গঠন কৰে আৰু ষড়ভূজী সজ্জা (Hexagonal Array) ৰ উৎপন্ন কৰে । গ্ৰেফাইটৰ গঠন প্ৰক্ৰিয়াত ষড়ভূজী সজ্জাবোৰ প্ৰতিটো তৰপত প্ৰথিত হয় আৰু এক দ্বিবান্ধনিৰ জৰিয়তে কাৰ্বনৰ যোজ্যতা পূৰণ কৰে ।

5. কাৰ্বনে ইলেক্ট্ৰন গ্ৰহণ বা ত্যাগ কৰাৰ চৰ্ত দুটা লিখা ।
উত্তৰঃ কাৰ্বনে ইলেক্ট্ৰন গ্ৰহণ বা ত্যাগ কৰিলেহেতেন—

(ক) চাৰিটা ইলেক্ট্ৰন গ্ৰহণ কৰি C4- এনায়ন গঠন কৰিব লাগিব । কিন্তু কাৰ্বনৰ নিউক্লিয়াছত থকা ছয়টা প্ৰ’টনে দহটা ইলেক্ট্ৰন ধৰি ৰখাটো সম্ভৱ নহয় ।

(খ) দ্বিতীয়তে, চাৰিটা ইলেকট্ৰন ত্যাগ কৰি C4+ কেটায়ন গঠন কৰিব লাগিব । চাৰিটা ইলেক্টন আঁতৰাবলৈ বহু পৰিমাণৰ শক্তিৰ প্ৰয়োজন হব । আনহাতে, কাৰ্বন পৰমাণুৰ পৰমাণুগৰ্ভত ছয়টা প্ৰ’টন থকাৰ বিপৰীতে মাত্ৰ দুটাহে ইলেক্ট্ৰন থাকিব ।

6. মিথেনৰ সংকেত কি ? মিথেনৰ দুটা কাম উল্লেখ কৰা ।
উত্তৰঃ মিথেনৰ সংকেত হ’ল— CH4
মিথেনৰ প্ৰধান দুটা কাম হ’ল—

(ক) মিথেন বহুলভাৱে ইন্ধন হিচাপে ব্যৱহাৰ হয় ।
(খ) মিথেন জৈৱ গেছ আৰু চাপ সংকুচিত প্ৰাকৃতিক গেছৰ একোটা উপদান হিচাপে ব্যৱহৃত হয় ।

7. হাইড্ৰ’কাৰ্বন কাক বোলে ? এলকেন, এলকিন আৰু এলকাইন বুলিলে কি বুজা ?
উত্তৰঃ যিবোৰ কাৰ্বনৰ যৌগত কেৱল মাত্ৰ কাৰ্বন আৰু হাইড্ৰ’জেন থাকে । তাকে হাইড্ৰ’কাৰ্বন বোলে । ইহঁতৰ মাজেৰে সংপৃক্ত হাইড্ৰ’কাৰ্বনক এলকেন (Alkane) বোলে । এডাল বা ততোধিক দ্বিবান্ধনি থকা অসংপৃক্ত যৌগক এলকিন (Alkene) বোলা হয় । লগতে, ত্ৰিবান্ধনিযুক্ত যৌগক এলকাইন (Alkyne) বোলে ।

8. বিষম পৰমাণু বুলিলে কি বুজা ? উদাহৰণ দিয়া ।
উত্তৰঃ নাইট্ৰ’জেন, ছালফাৰ, হেল’জেন আদি এনে কিছুমান মৌল আছে যিবোৰৰ সহায়ত একেডাল হাইড্ৰ’কাৰ্বন শৃংখলত এক বা ততোধিক হাইড্ৰ’জেন পৰমাণু প্ৰতিস্থাপিত কৰিব পৰা যায় । এনে কৰাৰ পাছতো কাৰ্বনৰ যোজ্যতা স্থিৰে অৰ্থাৎ চাৰি হৈয়েই থকা পৰিলক্ষিত হয় । এনেবোৰ যৌগত হাইড্ৰ’জেনৰ সলনি প্ৰতিস্থাপিত কৰা মৌলটোক বিষম পৰমাণু (Heteroatom) বোলে । উদাহৰণ- ক্ল’ৰিণ (Cl), ব্ৰ’মিণ (Br), অক্সিজেন (O) আদি ।

9. সহযোজী বান্ধনি কাক বোলে ? উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ দুটা পৰমাণুৰ মাজত ইলেক্টন ভাগ-বতৰা হৈ গঠন হোৱা বান্ধনিক সহযোজী বোলা হয় । উদাহৰণস্বৰূপে- মিথেন যৌগক ল’ব পাৰো ।

কাৰ্বনে গঠন কৰা সৰলতম যৌগ হ’ল- মিথেন, ইয়াৰ সংকেত হ’ল CH4  । হাইড্ৰ’জেনৰ যোজ্যতা এক আৰু কাৰ্বনৰ যোজ্যতা কক্ষত চাৰিটা ইলেক্টন আছে । সম্ভ্ৰান্ত গেছৰ গঠন লাভ কৰিবলৈ কাৰ্বনে তাৰ যোজ্যতা কক্ষত থকা ইলেক্ট্ৰন চাৰিটা হাইড্ৰ’জেন পৰমাণুৰ লগত ভাগ-বতৰা কৰি মিথেন যৌগটো গঠন কৰে । সেয়ে মিথেন সহযোজী বান্ধনিৰ মাধ্যমেৰে গঠন হয় ।

10. হীৰা আৰু গ্ৰেফাইটৰ মাজত থকা তিনিটা পাৰ্থক্য লিখা ।
উত্তৰঃ হীৰা আৰু গ্ৰেফাইটৰ মাজত থকা তিনিটা পাৰ্থক্য হ’ল—

(ক) হীৰা আৰু গ্ৰেফাইটৰ গঠনৰ পাৰ্থক্যৰ কাৰণে দুয়ুটাৰে ভৌতিক ধৰ্ম বেলেগ বেলেগ ।

(খ) হীৰা আটাইতকৈ কঠিন পদাৰ্থ আনহাতে গ্ৰেফাইট অতি নিমজ আৰু পিছল হোৱা পৰিলক্ষিত হয় ।

(গ) হীৰা বিদ্যুৎৰ কুপৰিবাহী আনহাতে গ্ৰেফাইট বিদ্যুতৰ সুপৰিবাহী ।

11. কাৰ্বনৰ দুটা প্ৰধান ধৰ্ম লিখা ।
অথবাঃ কাৰ্বনৰ বিশেষ গুণ দুটা কি কি?
উত্তৰঃ কাৰ্বনৰ দুটা প্ৰধান ধৰ্ম হ’ল—

(ক) কাৰ্বনে নিজৰ মাজতে বান্ধনিৰ সৃষ্টি কৰি বৃহৎ সংখ্যক অণু গঠন কৰিব পাৰে যাক ‘কেটিনেচন (Catenation) ধৰ্ম’ বোলা হয় ।

(খ) সাধাৰণতে কাৰ্বনৰ যোজ্যতা চাৰি, সেয়েহে কাৰ্বনে বেলেগ চাৰিটা কাৰ্বন অথবা অন্য একযোজী মৌলৰ পৰমাণুৰ সৈতে সহযোজী বান্ধনি গঠন কৰিব পাৰে, যাক ‘কাৰ্বনৰ সহযোজী বান্ধনিৰ ধৰ্ম’ বা ‘চৰ্তুসহযোজ্যতা’ বোলা হয় ।

12. সংপৃক্ত যৌগ আৰু অসংপৃক্ত যৌগ কাক বোলে ?
অথবাঃ সংপৃক্ত যৌগ আৰু অসংপৃক্ত যৌগৰ মাজত পাৰ্থক্য লিখা ।
উত্তৰঃ কাৰ্বন পৰমাণুবোৰে এক বান্ধনিৰ জৰিয়তে সংযুক্ত হৈ উৎপন্ন কৰা যৌগসমূহক সংপৃক্ত যৌগ (Saturated Compound) বোলে ।

আনহাতে, কাৰ্বন পৰমাণুবোৰে দ্বিবান্ধনি বা ত্ৰিবান্ধনিৰ জৰিয়তে সংযুক্ত হৈ উৎপন্ন কৰা যৌগসমূহক অসংপৃক্ত যৌগ (Unsaturated Compound) বোলে ।

13. কাৰ্বনৰ জৈৱ যৌগ বুলিলে কি বুজা ? কোনে কেতিয়া কাৰ্বন ‘প্ৰাণশক্তিৰ অপৰিহাৰ্য নহয়’ বুলি প্ৰমাণ কৰিছিল ?
উত্তৰঃ কাৰ্বনৰ যৌগবোৰ আৰম্ভণিতে প্ৰাকৃতিক উৎসৰ পৰা সংগ্ৰহ কৰা হৈছিল বুলি ভবা হৈছিল । লগতে, কাৰ্বনৰ যৌগবোৰ বা জৈৱ যৌগবৰ মাত্ৰ জীৱিত পদাৰ্থৰ পৰাহে পোৱা যায় বুলি অনুমান কৰা হৈছিল । অৰ্থাৎ কাৰ্বনৰ যৌগবোৰৰ উৎপত্তিৰ কাৰণে ‘প্ৰাণশক্তি’ (Vital Force) অপৰিহাৰ্য বুলি ভবা হৈছিল । ইয়াকে কাৰ্বনৰ জৈৱ যৌগ বুলি কোৱা হয় ।

1828 চনত ফ্ৰেড্ৰিক ইউলাৰে (Friedrich Wohler) এম’নিয়াম চায়ানেটৰ পৰা ইউৰিয়া পৰীক্ষাগাৰত প্ৰস্তুত কৰি কাৰ্বনৰ যৌগবোৰৰ উৎপত্তিৰ কাৰণে ‘প্ৰাণশক্তি’ (Vital Force) অপৰিহাৰ্য বুলি ভবা ধাৰণাটো ভুল বুলি প্ৰমাণ কৰিছিল ।

14. ইথেনৰ গঠন সম্পৰ্কে লিখা ।
উত্তৰঃ ইথেনৰ (C2H6) গঠনত কাৰ্বন পৰমাণুবোৰে একবান্ধনিৰে সংযোগ হয় । তাৰ পিছত, হাইড্ৰ’জেন পৰমাণুবোৰ ব্যৱহাৰৰ জৰিয়তে কাৰ্বনৰ বাকী হৈ থকা যোজ্যতাসমূহ পূৰ কৰা হয় । প্ৰথম অৱস্থাত ইথেনৰ গঠনত, প্ৰতিটো কাৰ্বনৰ তিনিটাকৈ যোজ্যতা পূৰ্ণ নোহোৱাকৈ ৰয় । সেয়েহে, প্ৰত্যেকৰ সৈতা পাছৰ পৰ্যায়ত তিনিটাকৈ হাইড্ৰ’জেন বান্ধনি যুক্ত হৈ ইথেনৰ গঠন হয় । 

পদক্ষেপ-১
C-C

পদক্ষেপ-২

H    H
I      I
H – C – C – H

I      I
H    H
ইথেন- C2H6

15. কিয় কেতিয়াবা চাবোনৰ ফেন সহজতে নুঠে আৰু পানীৰে ধোৱাৰ পিছতো অদ্ৰৱণীয় পদাৰ্থ (মলি) গাত থাকি যায় ? এই সমস্যাটো কেনেদৰে দূৰ কৰিব পাৰি ।
উত্তৰঃ কেতিয়াবা চাবোনৰ ফেন সহজতে নুঠে আৰু পানীৰে ধোৱাৰ পিছতো অদ্ৰৱণীয় পদাৰ্থ বা মলি গাত থাকি যায় । কাৰণ, কঠিন পানীত থকা কেলছিয়াম বা মেগনেছিয়াম লৱণৰ লগত চাবোৱনৰ ক্ৰিয়া হ’লে অদ্ৰৱণীয় পদাৰ্থ বা মলি সৃষ্টি হয় । সেয়েহে, এই অদ্ৰৱণীয় পদাৰ্থ বা মলিবোৰ আতৰাবলৈ অধিক পৰিমাণৰ চাবোন খৰচ হয় ।

এই সমস্যাটো অপমাৰ্জক শ্ৰেণীৰ নিকাৰক ব্যৱহাৰ কৰি দূৰ কৰিব পাৰি ।

16. অপমাৰ্জকবোৰ কি ? ইয়াক ক’ত ব্যৱহাৰ কৰা হয় ?
অথবাঃ কিয় চেম্পু বা কাপোৰ ধোৱা নিকাৰক প্ৰস্তুত কৰিবলৈ অপমাৰ্জক ব্যৱহাৰ কৰা হয় ?
উত্তৰঃ অপমাৰ্জকবোৰ হ’ল- প্ৰধানতঃ দীৰ্ঘ শৃংখলযুক্ত ছালফ’নিক এচিদৰ এম’নিয়াম লৱণ । অপমাৰ্জকৰ আৰ্হিত মেৰুবোৰ কঠিন পানীত থকা কেলছিয়াম আৰু মেগনেছিয়াম আয়নৰ লগত অদ্ৰৱণীয় অধঃক্ষেপ সৃষ্টি নকৰে । সেইকাৰণে, কঠিন পানীতো অপমাৰ্জকবোৰ কাৰ্যক্ষম হৈ থাকে । সেয়েহে, চেম্পু বা কাপোৰ ধোৱা নিকাৰক প্ৰস্তুত কৰিবলৈ অপমাৰ্জক ব্যৱহাৰ কৰা হয় ।

17. চাবোনৰ পানী কিয় ঘোলা ?
উত্তৰঃ চাবোনত থকা মাইছেলবিলাক অবদ্ৰৱ হিচাপে থাকে । এই মাইছেলিবিলাক আয়ন-আয়ন বিকৰ্ষণৰ বাবে অধঃক্ষিপ্ত নহয় । মাইছেলত ওপঙি থকা মলি সহজতে পানীৰে ধুই আঁতৰাব পাৰি । চাবোনৰ মাইছেলবোৰ যথেষ্ট ডাঙৰ আকৃতিৰ হোৱা বাবে ইহঁতে পোহৰ বিচ্ছুৰিত কৰিব পাৰে । সেইকাৰণে, চাবোনৰ পানী ঘোলা ।

READ MORE  পোহৰ-প্ৰতিফলন আৰু প্ৰতিসৰণ | Chapter 10 | Class 10 General Science - SEBA

18. কাৰ্যকৰী মূলক কাক বোলে ? ইহঁতৰ কাম কি? চাৰিটা কাৰ্যকৰী মূলকৰ উদাহৰণ দিয়া ।
উত্তৰঃ বিষম পৰমাণুবোৰ অকলশৰীয়াকৈ নাইবা একো একোটা থূপ বা মূলকৰ উপস্থিতিয়ে যৌগবোৰৰ ধৰ্ম নিৰ্ণয় কৰে । এই ধৰ্মবোৰ কাৰ্বন শৃংখলৰ দৈৰ্ঘ্য বা প্ৰকৃতিৰ ওপৰত বিশেষকৈ নিৰ্ভৰশীল নহয় । সেইকাৰণে, এই মৌলবোৰক কাৰ্যকৰী মূলক (Functional Group) বোলে ।

কাৰ্যকৰী মূলকবোৰৰ মুক্ত যোজ্যতা সমূহ (Free Valences) একেডাল ৰেখাৰ জৰিয়তে প্ৰকাশ কৰা হয় । কাৰ্বন শৃংখল সমূহত হাইড্ৰ’জেন পৰমাণু বা হাইড্ৰ’জেন পৰমাণু সমূহৰ ঠাইত এই কাৰ্যকৰীমূলক সমূহক প্ৰতিষ্ঠাপন কৰা হয় । কেইটামান কাৰ্যকৰীমূলকৰ উদাহৰণ হ’ল- কাৰ্বক্সিলিক এছিড, এলডিহাইড, এলক’হল, কিট’ন আদি ।

19. পেট্ৰ’লিয়াম, তেল, প্ৰাকৃতিক গেছ, খাৰুৱা তেল আদিৰ উৎপত্তি সম্পৰ্কে লিখা ।
উত্তৰঃ বহু বছৰ আগৰ সাগৰীয় প্ৰাণী, গছ-গছনি, জীৱ-জন্তু আদিৰ অংশাৱশেষেই হ’ল পেট্ৰ’লিয়াম, তেল, প্ৰাকৃতিক গেছ, খাৰুৱা তেল আদি । সেই উদ্ভিদ আৰু প্ৰাণীসমূহ/জীৱসমূহ মৃত্যু হো\u200Dৱাৰ পাছত সাগৰতলৰ বোকাবোৰত পোত খাই ৰয় । ইয়াৰ ওপৰত অনুজীৱৰ ক্ৰিয়া আৰু বিভিন্ন চাপৰ ফলস্বৰূপে প্ৰাকৃতিক গেছ, খাৰুৱা তেল, পেট্ৰ’লিয়াম, তেল, আদিলৈ ৰূপান্তৰ হয় । লগতে, বোকাৰ স্তৰ, শিলাখণ্ড আদিৰ ফাঁকত মাজত এইবোৰ মজুত/জমা হৈ ৰয় ।

20. এলকিন সমগণীয় শ্ৰেণীৰ প্ৰথম যৌগটোৰ নাম কি? ইয়াৰ আণৱিক সংকেত কি? ইয়াৰ পশ্চাদ্বৰ্ত্তী (Succeeding) সমগণবোৰৰ সংকেতবোৰ লিখা । ইহঁতৰ মাজৰ মূলকৰ পাৰ্থক্য কিমান ? এলকিন সাধাৰণ সংকেতটো কি?
উত্তৰঃ এলকিন সমগণীয় শ্ৰেণীৰ প্ৰথম যৌগটোৰ নাম ইথিন । ইয়াৰ আণৱিক সংকেত হ’ল-C22H4 । ইয়াৰ পশ্চাদ্বৰ্ত্তী (Succeeding) সমগণবোৰৰ সংকেতবোৰ হ’ল- C3H6, C4H8, C5H10  । ইহঁতৰ মাজৰ মূলকৰ পাৰ্থক্য হ’ল- -CH2 । এলকিনৰ সাধাৰণ সংকেট হ’ল- CnH2n য’ত n=2,3,4,………

21. দহন বিক্ৰিয়াবোৰ কি বিক্ৰিয়া? তিনিটা দহন বিক্ৰিয়াৰ উদাহৰণ দিয়া ।
উত্তৰঃ দহন বিক্ৰিয়াবোৰ জাৰণ বিক্ৰিয়া । দহন বিক্ৰিয়াৰ তিনিটা উদাহৰণ হ’ল—
(ক) C + O2 ⟶ CO2 + তাপ আৰু পোহৰ
(খ) CH4 + O2 ⟶ CO2 + H2O + তাপ + পোহৰ
(গ) CH2CH2OH + O2 ⟶ CO2 + H2O + তাপ আৰু পোহৰ

22. কয়লাৰ উৎপত্তি সম্পৰ্কে এটা টোকা লিখা ।
উত্তৰঃ বহু হাজাৰ বছৰ পূৰ্বে গছ-গছনি, জীৱ-জন্তু আদিবোৰ ভূমিকম্প নাইবা আগ্নেয়গিৰি উদগীৰণ আদিৰ প্ৰভাবত পৃথিৱীৰ খোলাটোৰ ভিতৰত সোমাই গৈছিল । এই অংশাৱশেষ পাছৰ পৰ্যায়ত শিলাখণ্ডৰ চাপৰ প্ৰভাবত ক্ৰমান্বয়ে জহি-খহি নাইবা পচি তৰপে তৰপে কয়লালৈ ৰূপান্তৰিত হয় ।  সাধাৰণতে, জৈৱ পদাৰ্থৰ ওপৰত জৈৱিক আৰু ভূতাত্বিক প্ৰভাৱতেই কয়লাৰ সৃষ্টি হয় ।

23. কিয় কয়লা আৰু পেট্ৰ’লিয়ামক জীৱাশ্ম ইন্ধন বোলা হয় ?
উত্তৰঃ কয়লা আৰু পেট্ৰ’লিয়াম সাধাৰণতে বহু বছৰ পূৰ্বে মৃত্যু হোৱা গছ-গছনি, জীৱ-জন্তু, প্ৰাণীৰ আদি দেহৰ ধ্বংসাৱসেহৰ বা অংশাৱশেষৰ পৰাই তাপ, চাপ, অনুজীৱৰ ক্ৰিয়া আদিৰ ফলত সৃষ্টি হয় । এই ইন্ধনবোৰ উৎপত্তিৰ বেলিকা জীৱবোৰ বিশেষকৈ জড়িত থকাৰ বাবে কয়লা আৰু পেট্ৰ’লিয়ামক জীৱাশ্ম ইন্ধন বোলা হয় ।

24. এলক’হলক এছিডলৈ জাৰিত কৰা দুবিধ জাৰক পদাৰ্থৰ নাম লিখা ।
উত্তৰঃ এলক’হলক এছিডলৈ জাৰিত কৰা দুবিধ জাৰক পদাৰ্থ হ’ল—
(ক) ক্ষাৰকীয় পটাছিয়াম পাৰমেঙ্গানেট
(খ) আম্লিক পটাছিয়াম ড্ৰাইক্ৰ’মেট ।

25. জীৱদেহত মিথানলে কেনেদৰে ক্ৰিয়া কৰিব পাৰে?
উত্তৰঃ সামান্য পৰিমাণৰ মিথানল সেৱন কৰিলে মানুহৰ মৃত্যু হব পাৰে । যকৃত অংশত মিথানল জাৰিত হৈ মিথানেলৰ সৃষ্টি কৰে যি দেহৰ কোষবোৰক বেয়াকৈ ক্ৰিয়া কৰে । ই প্ৰট’প্লাজমৰ চেকুৰা বন্ধায় আৰু চকুৰ স্নায়ু (Optic Nerve) নষ্ট কৰে যাৰ ফলত মানুহ অন্ধ হয় ।

26. দুবিধ জাৰক পদাৰ্থৰ নাম লিখা ।
উত্তৰঃ দুবিধ জাৰক পদাৰ্থ হ’ল—
(ক) ক্ষাৰকীয় পটাছিয়াম পাৰমেঙ্গানেট
(খ) আম্লিক পটাছিয়াম ড্ৰাইক্ৰ’মেট ।

27. প্ৰকৃতিদুষ্ট (Denatured) এলক’হল কাক বোলে ?
উত্তৰঃ ইথানল এক উত্তম দ্ৰাৱক । ইথানলক কাৰাখানাৰ কামত ব্যৱহাৰ কৰা হয় । ইথানলৰ অপ ব্যৱহাৰ ৰোধ কৰিবৰ বাবে মিথানলৰ দৰে বিষাক্ত দ্ৰৱ্য মিহলোৱা হয় আৰু খোৱাৰ অনুপযোগী কৰে । ইয়াক সহজে চিনাক্ত কৰাৰ বাবে ৰঙীন পদাৰ্থ যোগ কৰি নীল;আ ৰঙ প্ৰদান কৰা হয় । ইয়াকে প্ৰকৃতিদুষ্ট (Denatured) এলক’হল বোলে ।

28. অনুঘটক কাক বোলে? উদাহৰণসহ বুজাই লিখা ।
উত্তৰঃ অনুঘটক হ’ল এনে কিছুমান পদাৰ্থক সূচায় যিবোৰে নিজৰ ধৰ্মৰ কোনো পৰিৱৰ্তন নকৰাকৈ বিক্ৰিয়া এটাৰ গতিবেগ বঢ়োৱাত অৰিহণা যোগায় । উদাহৰণস্বৰূপে- নিকেল অনুঘটকৰ উপস্থিতিত উদ্ভিদৰ তেল হাইড্ৰ’জেন মুক্ত কৰি বনস্পতি ঘি তৈয়াৰ কৰাৰ ক্ষেত্ৰত যোগাত্মক বিক্ৰিয়া সংঘটিত কৰোৱা হয় । উদ্ভিদজাত তেল দ্বিবান্ধনি থকা বহু দীঘল কাৰ্বন শৃংখলাযুক্ত যৌগ আৰু জন্তুৰ চৰ্বি সংপৃক্ত দীঘল কাৰ্বনশৃংখল যৌগ ।

29. অসংপৃক্ত হাইড্ৰ’কাৰ্বন প্ৰস্তুত কৰা বিক্ৰিয়াটো লিখা ।
অথবাঃ ইথিন কেনেদৰে উৎপন্ন হয় ? গাঢ় ছালফিউৰিক এছিদক কি হিচাপে গণ্য কৰা হয় ?
উত্তৰঃ প্ৰায় 443K পৰিমাণৰ উষ্ণতাত গাঢ় ছালফিউৰিক এচিডৰ সৈতে ইথানল উত্তপ্ত কৰাৰ ফলত ইথানলৰ নিৰুদন (Dehydration) ঘটি ইথিনৰ উৎপন্ন কৰা হয় ।

গাঢ় ছলফিউৰিক এছিদক নিৰুদক দ্ৰৱ্য (Dehydrating Agent) হিচাপে গণ্য কৰা হয় আৰু ই ইথানলৰ পৰা পানী আতঁৰ কৰে ।

30. ইথানলৰ বা এলক’হলৰ দুটা ব্যৱহাৰ লিখা ।
উত্তৰঃ ইথানলৰ বা এলক’হলৰ দুটা ব্যৱহাৰ হ’ল—
(ক) ইথানল বা এলক’হলক বিভিন্ন ঐষধ বিশেষকৈ কফ চিৰাপ, টনিক, টিংচাৰ আয়’ডিন আদি প্ৰস্তুত কৰাত ব্যৱহাৰ কৰে ।
(খ) ইথানল বা এলক’হল পানীয়ৰ মূখ্য উপাদান হিচাপে আৰু নিচাজাতীয় দ্ৰৱ্যৰ উৎপাদনত ব্যৱহাৰ কৰা হয় ।

31. এলক’হলৰ দুটা অসুবিধা বা চাৰিটা দু-ব্যৱহাৰ লিখা ।
উত্তৰঃ এলক’হলৰ দুটা অসুবিধা বা চাৰিটা দু-ব্যৱহাৰ হ’ল—
(ক) কম পৰিমাণৰ পনীয়া এলক’হল সেৱনৰ ফলস্বৰূপে নিচাৰ সৃষ্টি হয় ।
(খ) বিশুদ্ধ এলক’হল (Absolute Alcohol) সামান্য পৰিমাণৰ সেৱন কৰাৰ ফলত মৃত্যুও সংঘটিত হ’ব পাৰে ।
(গ) মদ্যপান কৰিলে স্বাস্থ্যৰ অৱনতি হয় ।
(ঘ) এলক’হল সেৱন সমাজত নিন্দনীয় ।

32. এলক’হলে বা ইথানলে জীৱদেহত কেনেদৰে ক্ৰিয়া কৰে ?
উত্তৰঃ (ক) এলক’হলে বা ইথানলে জীৱদেহত বিপাকীয় প্ৰক্ৰিয়াবোৰৰ (Metabolic Processes) বেগ কমায় ।
(খ) ই কেন্দ্ৰীয় স্নায়ুতন্ত্ৰৰ কাৰ্য ক্ষমতা কম কৰে ।
(গ) ইয়াক সেৱন কৰাৰ ফলত, দেহৰ অংগবোৰৰ মাজত সমন্বয় প্ৰক্ৰিয়াত বাধাৰ সৃষ্টি কৰে ।
(ঘ) ই মানসিক বিবুদ্ধিত পেলায় আৰু টোপনিভাবৰ সৃষ্টি কৰে ।
(ঙ) ই জীৱদেহত অবদমন শক্তি কমায় আৰু চেতনহীন কৰে ।
(চ) ই ব্যক্তিজনক বিবেচনাহীন কৰে আৰু মাংসপেশীৰ সমন্বয় নাইকীয়া কৰে ।

33. কাৰাখানাত ইথানলৰ অপ-ব্যৱহাৰ নহ’বৰ বাবে কি কৰা হয়?
উত্তৰঃ ইথানল এক উত্তম দ্ৰাৱক । ইথানলক কাৰাখানাৰ কামত ব্যৱহাৰ কৰা হয় । ইথানলৰ অপ ব্যৱহাৰ ৰোধ কৰিবৰ বাবে মিথানলৰ দৰে বিষাক্ত দ্ৰৱ্য মিহলোৱা হয় আৰু খোৱাৰ অনুপযোগী কৰে । ইয়াক সহজে চিনাক্ত কৰাৰ বাবে ৰঙীন পদাৰ্থ যোগ কৰি নীল;আ ৰঙ প্ৰদান কৰা হয় । ইয়াকে প্ৰকৃতিদুষ্ট (Denatured) এলক’হল বোলে ।

34. এষ্টাৰিভৱন বিক্ৰিয়াটো ব্যাখ্যা কৰা ।
উত্তৰঃ এছিড আৰু এলক’হলৰ মাজত বিক্ৰিয়া ঘটায় এষ্টাৰ উৎপন্ন কৰা হয় । এছিড অনুঘটকৰ উপস্থিতিত ইথানয়িক এছিড আৰু নিৰ্ভেজাল এলকহলৰ (Absolute Alcohol) মাজত বিক্ৰিয়া ঘটি এষ্টাৰ উৎপন্ন হয় । এষ্টাৰ এবিধ সুগন্ধি দ্ৰৱ্য । ইয়াৰ দুবিধ ব্যৱহাৰ হ’ল—
(ক) ইয়াক সুগন্ধি দ্ৰৱ্য হিচাপে ব্যৱহাৰ কৰা হয় ।
(খ) এষ্টাৰক খাদ্য সুস্বাদুকাৰক হিচাপেও ব্যৱহৃত হয় ।

35. মাইছেল বা কৰ্ণাপুঞ্জ কাক বোলে ? ইহঁতৰ কাম কি?
অথবাঃ চাবোনৰ মলি পৰিষ্কাৰ কৰা কাৰ্যটো ব্যাখ্যা কৰা ।
উত্তৰঃ অধিকাংশক মলি (Dirt) তেলীয় গুণযুক্ত সেয়েহে এইবোৰ পানীত অদ্ৰৱণীয় । পানীত চাবোনৰ অণুবোৰে এক সমুচ্ছায় /সমষ্টি/একতা (aggregates) উৎপন্ন কৰে । এইবোৰকে মাইছেল বা কৰ্ণাপুঞ্জ বোলে । মাইছেল বা কৰ্ণাপুঞ্জত চাবোনৰ অণুবোৰৰ অনাধ্ৰুবীয় মেৰুটো তেলৰ টোপালৰ দিশে আৰু ধ্ৰুবীয় মেৰুটো বাহিৰৰ দিশে থাকে । পানীত মাইছেল বা কৰ্ণাপুঞ্জবোৰে অবদ্ৰৱ বা ইমালচন (Emulsion) ৰ উৎপন্ন কৰে । ইয়াৰ মাধ্যমেৰে চাবোনৰ ফেনবোৰে কাপোৰৰ মলি পানীত দ্ৰৱীভূত হোৱাত সহায় কৰে আৰু মলি পৰিষ্কাৰ কৰে ।

36. এষ্টাৰ কেনেদৰে উৎপন্ন কৰা হয় ? ইয়াৰ দুটা ব্যৱহাৰ লিখা ।
অথবাঃ ইথানয়িক এছিডে এষ্টাৰ উৎপন্ন আৰু এষ্টাৰভৱন বিক্ৰিয়াত সহায় কৰে ?
উত্তৰঃ এছিড আৰু এলক’হলৰ মাজত বিক্ৰিয়া ঘটায় এষ্টাৰ উৎপন্ন কৰা হয় । এছিড অনুঘটকৰ উপস্থিতিত ইথানয়িক এছিড আৰু নিৰ্ভেজাল এলকহলৰ (Absolute Alcohol) মাজত বিক্ৰিয়া ঘটি এষ্টাৰ উৎপন্ন হয় । এষ্টাৰ এবিধ সুগন্ধি দ্ৰৱ্য । ইয়াৰ দুবিধ ব্যৱহাৰ হ’ল—
(ক) ইয়াক সুগন্ধি দ্ৰৱ্য হিচাপে ব্যৱহাৰ কৰা হয় ।
(খ) এষ্টাৰক খাদ্য সুস্বাদুকাৰক হিচাপেও ব্যৱহৃত হয় ।

37. সমগণীয় শ্ৰেণীৰ চাৰিটা বৈশিষ্ট্য লিখা ।
উত্তৰঃ সমগণীয় শ্ৰেণীৰ চাৰিটা বৈশিষ্ট্য হ’ল—

(ক) সমগণীয় শ্ৰেণীৰ যৌগসমূহৰ আণৱিক ভৰ বৃদ্ধিৰ লগে লগে যৌগবোৰৰ ভৌতিক ধৰ্মৰো ক্ৰমিক পৰিৱৰ্তন হয় ।

(খ) সমগণীয় শ্ৰেণীৰ যৌগসমূহৰ আণৱিক ভৰ বৃদ্ধিৰ লগে লগে গলনাংক আৰু উতলাংকও বৃদ্ধি হয় ।

(গ) সমগণীয় শ্ৰেণীৰ যৌগসমূহৰ ভৌতিক ধৰ্ম বিশেষকৈ কোনো নিৰ্দিষ্ট দ্ৰাৱকত দ্ৰৱণীয় গুণৰো ক্ৰমিক পৰিৱৰ্তন হয় ।

(ঘ) কেৱলমাত্ৰ কাৰ্যকৰী মূলকৰ উপস্থিতিত সমগণবোৰৰ ৰাসায়নিক ধৰ্ম প্ৰায় একে হোৱা পৰিলক্ষিত হয় ।

38. কাৰ্বন যৌগৰ নামাকৰণৰ কৰা চাৰিটা নিয়ম বা পদ্ধতি উল্লেখ কৰা ।
উত্তৰঃ কাৰ্বন যৌগৰ নামাকৰণৰ কৰা চাৰিটা নিয়ম বা পদ্ধতি হ’ল—

(ক) যৌগটোত থকা কাৰ্বন পৰমাণুৰ সংখ্যা নিৰ্ধাৰণ কৰিব লাগে । যদি তিনিটা কাৰ্বন থকা যৌগ হয় তেনেহ’লে যৌগটোৰ নাম হ’ব- প্ৰ’পেন (Propane) ।
(খ) কাৰ্যকৰীমূলক থাকিলে নামৰ উপসৰ্গ (Prefix) বা অনুসৰ্গ (Suffix) ত উল্লেখ কৰিব লাগে ।

(গ) কাৰ্যকৰী মূলকৰ নামতো অনুসৰ্গত দিব লগা হ’লে কাৰ্বন শৃংখলৰ নামৰ শেষৰ ‘e’ আখৰটোৰ সলনি উপযুক্ত অনুসৰ্গ বা প্ৰত্যয় ব্যৱহাৰ কৰা হয় । উদাহৰণস্বৰূপে- কিট’ন মূলক থকা তিনিটা যৌগৰ নাম হ’ব- Propane – e = Propan + ‘one’ = Propanone

(ঘ) কাৰ্বন শৃংখল অসংপৃত্ত হ’লে ‘ane’ ৰ সলনি ‘ene’ বা ‘yne’ যোগ দিব লাগে । তিনিটা কাৰ্বন পৰমাণুৰে গঠিত দ্বিবান্ধনিযুক্ত যৌগটোক Propene আৰু ত্ৰিবান্ধনিযুক্ত যৌগক Propyne নাম ব্যৱহাৰ কৰা হয় ।

Leave a Comment

error: Content is protected !!
Scroll to Top