পৰিৱেশ ভূগোল | Chapter 2 | Class 10 Geography Question and Answer | Assam Class 10 Geography Elective Solutions Assamese Medium | Seba Class 10 HSLC Geography Chapter 2 Notes Assamese Medium | SEBA Class 10 Geography Chapter 2 Question and Answer Assamese Medium | Questions and Answers for Class 10 Geography Chapter 2 পৰিৱেশ ভূগোল | Questions and Answers Assam


পৰিৱেশ ভূগোল

Very Short Type Questions and Answers

1. সেউজগৃহ গেছ কেইটামানৰ নাম লিখা।
উত্তৰঃ কিছুমান মুখ্য সেউজগৃহ গেছ হৈছে কাৰ্বন ডাই-অক্সাইড (C0,), মিথেন (CH), নাইট্ৰাছ অক্সাইড (NO), ক্ল’ৰ’ৰ’কাৰ্বন (CFCs), জলীয় বাষ্প ইত্যাদি।

Short Type Questions and Answers

1. পৰিৱেশ ভূগােলৰ সংজ্ঞা দিয়া।
উত্তৰঃ ভূগােলৰ যিটো শাখাই পৃথিৱীৰ পৰিৱেশৰ স্বৰূপ পৰিৱৰ্তন আৰু সমস্যাৰ অধ্যয়নৰ লগতে সেইবােৰৰ সমাধানৰ উপায় উদ্ভাৱনৰ প্ৰয়াস কৰে, তাকে পৰিৱেশ ভূগােল বােলা হয়। অৰ্থাৎ পৰিৱেশ ভূগােল হৈছে পৃথিৱীৰ পৰিৱেশৰ ভৌগােলিক অধ্যয়ন।</p> <p>ভৌগােলিক অধ্যয়নৰ উপজীৱ হৈছে ভূ – পৃষ্ঠত বিৰাজ কৰা মানুহ আৰু পৰিৱেশৰ মাজত থকা বিৱৰ্তনশীল সম্পৰ্ক। ভৌগােলিক অধ্যয়নে মানুহ আৰু পৰিৱেশৰ মাজত থকা অঞ্চলভেদে পাৰ্থক্য আৰু অঞ্চলবােৰৰ মাজত থকা পাৰস্পৰিক নিৰ্ভৰশীলতা স্পষ্টকৈ দাঙি ধৰিবলৈ যত্ন কৰে।

2. পাৰিৱেশিক সমস্যা মানে কি ?
উত্তৰঃ প্ৰাকৃতিক পৰিৱেশ আৰু তাত থকা বিভিন্ন উপাদানৰ লগতে বাসিন্দাসকলে সন্মুখীন হােৱা সমস্যাবােৰেই পাৰিৱেশিক সমস্যা। পৰিৱেশৰ ভাৰসাম্য বিনষ্ট কৰা পৰিৱেশ সম্পৰ্কীয় সকলাে সমস্যাই পাৰিৱেশ সমস্যাৰ অন্তৰ্গত। বিভিন্ন প্ৰকাৰৰ পাৰিৱেশিক সমস্যা হৈচ্ছে — নিৰ্বনীকৰণ ( Deforestation ), জনসংখ্যা বৃদ্ধিৰ ফলত হোৱা বায়ু প্ৰদূষণ, পানী প্ৰদূষণ, মাটি প্ৰদূষণ ; গােলকীয় উত্তাপ বৃদ্ধি আদি। সাম্প্ৰতিক কালত জনসংখ্যাৰ দ্ৰুত বৃদ্ধি, ব্যাপক হাৰত সম্পদ আহৰণ, উৎপাদন ব্যৱস্থাত প্ৰযুক্তি ব্যাপক প্ৰয়ােগ, যানবাহনৰ পৰিমাণ বৃদ্ধি, নগৰ – মহানগৰৰ সম্প্ৰসাৰণ আদিৰ ফলত পৰিৱেশৰ ওপৰত গভীৰ হেঁচাৰ সৃষ্টি কৰিছে আৰু ইয়ে বিভিন্ন পাৰিৱেশিক সমস্যাৰ সৃষ্টি কৰিছে।

3. গংগা কাৰ্য পৰিকল্পনা (Ganga Action Plan) কি?
উত্তৰঃ গংগা নদীৰ পাৰত থকা নগৰ, মহানগৰ আৰু ঔদ্যোগিক গােটবােৰৰ পৰা ওলােৱা আৱৰ্জনাবােৰ ইয়াত পেলােৱাৰ ফলত ই পৃথিৱীৰ এক অন্যতম প্ৰদূষিত নদী হিচাপে পৰিগণিত হৈছে। গতিকে, চৰকাৰে এই নদীক প্ৰদূষণ মুক্ত কৰিবৰ বাবে গংগা কাৰ্য পৰিকল্পনা (Ganga Action Plan) নামেৰে এক কাৰ্যসূচী আৰম্ভ কৰিছে। কিন্তু বৰ্তমানলৈকে এই পৰিকল্পনাৰ ফলাফলবােৰ সন্তোষজনক নহয়।

4. পৰিৱেশৰ ভাৰসাম্য অবস্থা বুলিলে কি বুজা ?
উত্তৰঃ পৰিৱেশৰ ভাৰসাম্য মানে পৰিৱেশৰ এক স্থিতাৱস্থা বা সুস্থিৰ অৱস্থা। যি কাৰ্যকলাপে পৰিৱেশৰ ওপুৰত কোনাে বাধাৰ সৃষ্টি নকৰে বা পৰিৱেশক কোনাে ক্ষেত্ৰতে অসুবিধা নকৰে, তেনে এক সুস্থিৰ অৱস্থাকেই পৰিৱেশৰ ভাৰসাম্য অৱস্থা বুলি ক&#8217;ব পাৰি। কোনাে এখন ঠাইৰ বা অঞ্চলৰ মুঠ মাটিকালিৰ এক – তৃতীয়াংশ বা ৩৩ শতাংশ উদ্ভিদৰ আৱৰণ থাকিলে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা হয়। সেউজীয়া গছ – গছনিয়ে বায়ুমণ্ডলত অক্সিজেন গেছ যােগান ধৰাৰ লগতে কাৰ্বন ডাই – অক্সাইড গেছ শােষণ কৰি বায়ু নিৰ্মল কৰে আৰু প্ৰাণীসমূহৰ খাদ্যৰ উৎস হিচাপে কাম কৰে। পৰিৱেশৰ ভাৰসাম্য অটুত ৰাখিবলৈকে অধিক পৰিমাণৰ বৃক্ষৰােপণৰ প্ৰয়ােজন, কিয়নাে ই ভূমিকয়, ভূমিৰ অভাৱ, পানীৰ অভাৱ নােহােৱা কৰাৰ লগতে সকলাে ধৰণৰ সাম্ভাৱ পাৰিৱেশিক সমস্যা উদ্ভৱত বাধা দিয়ে।

Long Type Questions and Answers

1. ‘নিৰ্বনীকৰণ বহু সমস্যাৰ কাৰণ আৰু বহু উন্নয়নৰ ফল’— উক্তিটো যুক্তিৰে বিশ্লেষণ কৰা।
উত্তৰঃ নিৰ্বনীকৰণ ( Deforestation ) বা বননি ধ্বংস সম্প্ৰতি বহু সমস্যাৰ কাৰণৰূপে চিহ্নিত হৈছে। নিৰ্বনীকৰণৰ ফলত আজি বায়ুমণ্ডলত কাৰ্বন ডাই-অক্সাইড আৰু অন্যান্য সেউজ গৃহ গেছৰ পৰিমাণ বৃদ্ধি পাইছে আৰু ইয়ে গােলকীয় উত্তাপ বৃদ্ধি কৰিছে। গােলকীয় উত্তাপ বৃদ্ধি পােৱাৰ মুখ্য কাৰণ হৈছে সেউজীয়া গছ – গছনিৰ অভাৱ। নিৰ্বনীকৰণে বায়ুমণ্ডল দূষিত কৰাৰ লগতে জীৱ – জন্তু আৰু আন জীৱিত প্ৰাণীসমূহৰ অসুবিধাৰ সৃষ্টি কৰিছে। বননি ধ্বংসৰ ফলত ভূমিক্ষয় আৰু ভূমিস্খলনৰ পৰিমাণ বৃদ্ধি পাইছে। বৰষুণ, পানীৰ অভাৱ জাতীয় পাৰিৱেশিক সমস্যাৰ সৃষ্টি কৰিছে।

আনহাতে উদ্যোগিক বিকাশৰ লগতে মানুহৰ জীৱন প্ৰণালীৰ দ্ৰুত উন্নয়নেই হৈছে বননি ধ্বংসৰ মূল কাৰণ। দ্ৰুত উদ্যোগিক বিকাশৰ বাবে অপৰিকল্পিতভাৱে বননি ধ্বংস কৰা হৈছে আৰু বাসস্থানৰ লগতে উদ্যোগৰ পৰিসৰ বৃদ্ধিৰ বাবেও হাবি – বননি মুকলি কৰা হৈছে। অৰণ্যৰ পৰা বনজ সম্পদ ব্যৱহাৰ কৰি অৰ্থনৈতিক উন্নয়ন সম্ভৱ হৈছে, কিন্তু ই পৰিৱেশৰ ভাৰসাম্য বিনষ্ট কৰিছে আৰু ন ন’ পাৰিৱেশিক সমস্যাৰ জন্ম দিছে। সেয়ে কোৱা হয় নিৰ্বনীকৰণ বহুতো সমস্যাৰ কাৰণ আৰু বহু উন্নয়নৰ ফল।

2. পৃথিৱীৰ বায়ুমণ্ডল, স্থলমণ্ডল, জলমণ্ডল আৰু জীৱমণ্ডলৰ মাজৰ সম্পৰ্ক উদাহৰণ দি বুজোৱা।
উত্তৰঃ

স্থল, জল, জীৱ আৰু বায়ু— এই মণ্ডল কেইটাৰ পাৰস্পৰিক সম্পৰ্কৰ ফল পৃথিৱীৰ পৰিৱেশ ( পিটাৰ হেগেট, ১৯৮৩ ) পৃথিৱীৰ আটাইকেইখন মহাদেশ স্থলমণ্ডলৰ অন্তৰ্গত। স্থলমণ্ডলৰ ভিতৰত শিল, মাটি, বালি আদিকে ধৰি পৰ্বত – পাহাৰ, মালভূমি, সমভূমি, মৰুভূমি, নদী – উপত্যকা, উপকূল আদি প্ৰাকৃতিক অৱয়ববােৰ থাকে।

পৃথিৱাৰ সাগৰ – মহাসাগৰবােৰ জলমণ্ডলৰ অন্তৰ্গত। স্থলমণ্ডলত থকা নদ – নদী, খাল – বিল, হ্ৰদ আদি জলাশয়বােৰ জলমণ্ডলৰ ভিতৰত পৰে। জীৱমণ্ডলৰ ভিতৰত পৰে জীৱিত প্ৰাণী আৰু উদ্ভিদবােৰ, বায়ুমণ্ডলত চৰাই, কীটপতংগ তথা বিভিন্ন অণুজীৱসমূহ আৰু ভূ – পৃষ্ঠৰ পৰা ক্ৰমে ওপৰলৈ বিয়পি থকা গেছীয় পদাৰ্থৰ ডাঠ তৰপটো হৈছে বায়ুমণ্ডল। অক্সিজেন, নাইট্ৰজেন, হাইড্ৰজেন, কাৰ্বন ডাই – অক্সাইড আদি গেছৰ দ্বাৰা বায়ুমণ্ডল গঠিত। বায়ুমণ্ডলত থকা বিভিন্ন গেছবােৰৰ সৈতে জীৱমণ্ডলৰ প্ৰাণীসমূহৰ এক গভীৰ সম্পৰ্ক আছে।

3. বায়ু প্ৰদূষণে কেনে ধৰণৰ সমস্যাৰ সৃষ্টি কৰিব পাৰে লিখা।
উত্তৰঃ বায়ু প্ৰদূষণে জীৱ আৰু জড় উভয়ৰে ওপৰত বিৰূপ প্ৰভাৱ পেলায়। বায়ু প্ৰদূষণৰ ফলত নিম্নোক্ত সমস্যাৰ সৃষ্টি হ’ব পাৰে ?
(i) দীৰ্ঘসময় ধৰি বায়ু প্ৰদূষক (ছিগাৰেটৰ ধোঁৱাকে ধৰি)ৰ সংস্পৰ্শত থাকিলে বিভিন্ন ধৰণৰ ৰােগ যেনে হাওঁফাওঁৰ কৰ্কট ৰােগ, হাপানি, ক্ৰনিক ব্ৰংকাইটিছ আদি হ’ব পাৰে।

(ii) বায়ু প্ৰদূষকৰবাৰে পাতৰ পত্ৰৰন্ধেৰে প্ৰৱেশ কৰি পাতৰ কোষত থকা ক্ল’ৰ’ফিল নষ্ট কৰে যাৰ ফলত সালােক সংশ্লেষণ কাৰ্য ব্যাহত হয়।

(iii) প্ৰদূষিত বায়ুমণ্ডলৰ মাজেৰে যেতিয়া বৰষুণ নামি আহে তেতিয়া এছিড বৰষুণ হয়। এছিড বৰষুণৰ লগত ছালফিউৰিক এছিড আৰু নাইট্ৰিক এছিড মিহলি হৈ থাকে। ই উদ্ভিদ আৰু প্ৰাণীৰ কাৰণে ক্ষতিকাৰক। এছিড বৰষুণে মাৰ্বলেৰে তৈয়াৰী অট্টালিকাবােৰৰ ক্ষতিসাধন কৰে।

READ MORE  জাপানৰ আঞ্চলিক ভূগােল | Chapter 5 | Class 10 Geography (E) - SEBA

(iv) বায়ু প্ৰদূষকবােৰ বৰষুণৰ পানীৰ লগত মিহলি হােৱাৰ ফলত হ্ৰদ আৰু অন্যান্য জলাধাৰবােৰৰ বিশুদ্ধ পানী আম্লিক হৈ পৰে। ফলত মাছ আৰু পানীত থকা অন্যান্য জীৱৰ জীৱনৰ ওপৰত বিৰূপ প্ৰভাৱ পৰে।

(v) প্ৰদূষকবােৰে ক্ষয়ীভৱনৰ দ্বাৰা ঘৰৰ পকীবেৰ, ৰং আদি নষ্ট কৰে। বায়ুমণ্ডলত ছালফাৰ ডাই-অক্সাইড (SO,) আৰু জলীয় বাষ্পৰ উপস্থিতিয়ে পদাৰ্থৰ ওপৰত ক্ষয়ীভৱনৰ মাত্ৰা বঢ়ায়।

4. পৃথিৱীৰ সকলাে অঞ্চলৰ পৰিৱেশ কিয় এক নহয় চমুকৈ লিখা।
উত্তৰঃ পৃথিৱীৰ সকলো অঞ্চলৰ পৰিৱেশ একে নহয়। পৰিৱেশতন্ত্ৰণ অন্তৰ্গত কোনাে এটা অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশে আন অঞ্চলৰ পৰিৱেশক গভীৰভাৱে প্ৰভাবিত কৰে। পৃথিৱীৰ সকলাে অঞ্চলৰ পৰিৱেশ একে নােহােৱাৰ কাৰণসমূহ হৈছে — জলবায়ুৰ ভিন্নতা, জলচক্ৰ, বতাহ, সাগৰীয় সোঁত, প্ৰবাহিত নৈ আদিৰ বাবে। বেলেগ বেলেগ ঠাইৰ পৰিৱেশৰ সৈতে ইখনৰ মাজত আন খনৰ সম্পৰ্ক থকা দেখা যায়। বিভিন্ন ভৌগােলিক কাৰণতে প্ৰতিটো অঞ্চলৰ পৰিৱেশৰ কিছু কিছু সুকীয়া ধৰ্ম বা বৈশিষ্ট্য থাকে।

প্ৰাকৃতিক উপাদানবােৰৰ গুণাগুণৰ ভিন্নতা, মাটি, পানী, উত্তাপ, জীৱ আদিৰ ভিন্নতাৰ বাবে পৃথিৱীৰ সকলাে অঞ্চলৰ পৰিৱেশ একে নহয়। ভূ – পৃষ্ঠত ঠাইৰ অৱস্থান, ভূ – আকৃতি, সাগৰ – মহাসাগৰৰ পৰা দূৰত্ব, সাগৰ পৃষ্ঠৰপৰা উচ্চতা, জলবায়ু, উদ্ভিদ, বন্যপ্ৰাণী আদি বিভিন্ন কাৰকে কোনাে ঠাইৰ পৰিৱেশ নিৰূপণ কৰে। অঞ্চলভেদে এই কাৰকসমূহৰ পাৰ্থক্য পৰিলক্ষিত হয় আৰু ইয়ে ভূ – পৃষ্ঠত পৰিৱেশৰ আঞ্চলিক পাৰ্থক্য আনে।

5. পৰিৱেশ বুলিলে কি বুজা ? পৰিৱেশক কিয় এটা তন্ত্ৰ হিচাপে বিবেচনা কৰা হয় ?
উত্তৰঃ জীৱ বা জীব সম্প্ৰদায়ৰ চাৰিওফালৰ অৱস্থাকে পৰিৱেশ বুলি কোৱা হয়। অৰ্থাৎ যিবােৰ উপাদানৰ ওপৰত জীৱৰ স্থিতি আৰু বিকাশ নিৰ্ভৰ কৰে সেই উপাদানবােৰৰ পাৰম্পৰিক সম্পৰ্কৰ যােগেদি জীৱৰ বাবে প্ৰয়ােজনীয় পৰিৱেশ গঢ়ি তােলে। পৰিৱেশৰ অৰ্থ আৰু পৰিসৰ অতি ব্যাপক আৰু ই বহুতাে উপাদানৰ পাৰম্পৰিক সম্পৰ্কৰ ফল।

পৰিৱেশক এটা তন্ত্ৰ ( System ) হিচাপে বিবেচনা কৰা হয়। গােলকীয় পৰ্যায়ত পৰিৱেশে এটা অতি বিশাল আৰু জটিল তন্ত্ৰ হিচাপে কাৰ্য কৰি আছে। তন্ত্ৰ শব্দটোৱে কিছুমান পাৰস্পৰিক সম্পৰ্ক থকা উপাদানে সৃষ্টি কৰা এটা বিশেষ পৰিস্থিতিক সূচিত কৰে। পৃথিৱীৰ পৰিৱেশ তন্ত্ৰ বহুতো জীৱীয় আৰু অজীৱীয় উপাদানৰ আন্তঃক্ৰিয়াৰ ফলস্বৰূপে সৃষ্টি হৈছে। বিভিন্ন উপাদানৰ ক্ৰিয়াৰ ফলত পৰিৱেশ সৃষ্টি হােৱা বাবে পৰিৱেশক এটা তন্ত্ৰ বুলি কোৱা হয়।

6. পৰিৱেশ ভূগােলৰ উদ্দেশ্য আৰু অধ্যয়ন পৰিসৰৰ এটি আভাস দিয়া।
উত্তৰঃ পৰিৱেশ ভূগোল বিষয়টো অধ্যয়ন কৰাৰ মুখ্য উদ্দেশ্য হৈছে প্ৰাকৃতিক সম্পদৰ পৰিৱেশ – অনুকূল ব্যৱহাৰ তথা পৰিৱেশৰ ব্যৱহাৰ জৰিয়তে বহনক্ষম উন্নয়ন সম্ভৱপৰ কৰি তােলা। সাম্প্ৰতিক সময়ছোৱাত দ্ৰুতগতিত বৃদ্ধি পােৱা জনসংখ্যা, নগৰীকৰণ কৰু উদ্যোগীকৰণৰ প্ৰসাৰ আদিয়ে পৰিৱেশৰ ওপৰত এক হেঁচাৰ সৃষ্টি কৰিছে। যাতায়ত আৰু পৰিবহণৰ অভূতপূৰ্ব প্ৰসাৰ, অত্যাধিক সম্পদ আহৰণৰ প্ৰচেষ্টা, যানবাহনত মাত্ৰাধিক খনিজ ইন্ধনৰ ব্যৱহাৰে নানা ধৰণৰ পৰিৱেশিক সমস্যাৰ সৃষ্টি কৰিছে।

মানুহৰ এনে অপৰিকল্পিত কাৰ্যকলাপৰ ফলত হাবি – বননি ধ্বংস হৈছে, জৈৱ – বৈচিত্ৰৰ সংকোচন ঘটিছে, গােলকীয় উত্তাপ বৃদ্ধিৰ লগতে বিভিন্ন ধৰণৰ প্ৰদূষণৰ সমস্যাই গা কৰি উঠিছে। ভূগােলবিদসকলে পৰিৱেশ ভূগােল বিষয়টোৰ জৰিয়তে এই ধৰণৰ পাৰিৱেশিক সমস্যাবােৰৰ এক প্ৰণালীবদ্ধ বিজ্ঞানভিত্তিক অধ্যয়ন কৰি তাৰ সমাধানৰ উপায় উলিয়াবলৈ প্ৰয়াস কৰিছে।

পৰিৱেশ ভূগােলে মানুহ আৰু মানুহৰ কাম – কাজক কেন্দ্ৰ কৰি ঠাই ভেদে পৰিৱেশৰ স্থিতি স্বৰূপ আৰু পৰিৱৰ্তন অধ্যয়ন কৰে। পৰিৱেশ ভূগােলৰ উদ্দেশ্য হৈছে –পৰিৱেশৰ ঐতিহাসিক বিকাশ, জনসংখ্যা বৃদ্ধিৰ সৈতে পৰিৱেশৰ সম্বন্ধ, প্ৰাকৃতিক দুৰ্যোগৰ ব্যৱস্থাপনা, অৰ্থনীতি আৰু সংস্কৃতিৰ সৈতে পৰিৱেশৰ সম্বন্ধ আদি অধ্যয়ন কৰা আৰু এক সুস্থিৰ সিদ্ধান্তত উপনীত হােৱা।

7. গােলকীয় উত্তাপ বৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত মানুহৰ কৰ্তব্য সম্বন্ধে চমুকৈ লিখা।
উত্তৰঃ আমি বৰ্তমান সন্মুখীন হােৱা অন্যতম গুৰুত্বপূৰ্ণ পাৰিপাৰ্শ্বিক সমস্যা হৈছে গােলকীয় উষ্ণতাৰ সমস্যা। ইখৰাং পৰিস্থিতি, কৃষি হ্ৰাস, পাৰিপাৰ্শ্বিক ভাৰসাম্যহীনতা, বৰষুণৰ অভাৱ আদিৰ সৃষ্টি কৰে। গতিকে গােলকীয় উষ্ণতা বৃদ্ধিৰ পৰিসৰ হ্ৰাস কৰাৰ বাবে সকলাে পদক্ষেপ গ্ৰহণ কৰিব লাগিব। গােলকীয় উষ্ণতা বৃদ্ধিক নিয়ন্ত্ৰণ কৰিবৰ বাবে সাধাৰণ মানুহৰ কিছুমান কৰ্তব্য তলত দিয়া হৈছে—
(i) জধে-মধে গছ কটাটো বন্ধ কৰা।

(ii) য’তেই আৰু যেতিয়াই সম্ভৱ অধিক মাত্ৰাত বৃক্ষৰােপণ কৰিব লাগে।

(iii) পৰিৱেশ হিতৈষী আধুনিক গেজেট/আহিলাবােৰ ব্যৱহাৰ কৰা।

(iv) জনসংখ্যা বৃদ্ধিৰ উচচ হাৰক নিয়ন্ত্ৰণ কৰা।

(v) খনিজ তেল, প্ৰাকৃতিক গেছৰ দৰে জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰা।

(vi) সৌৰশক্তি, বতাহ শক্তি আৰু জৈৱিকশক্তিৰ দৰে অপৰম্পৰাগত শক্তিৰ উৎসবােৰৰ ব্যৱহাৰ বৃদ্ধি কৰা।

(vii) বৈদ্যুতিক বাল্ব, শীত/তাপ নিয়ন্ত্ৰক যন্ত্ৰ আদিৰ ব্যৱহাৰ হ্ৰাস কৰা।

(viii) মুকলি স্থানত প্লাষ্টিক আৰু নাইলনৰ সামগ্ৰী জ্বলােৱাটো প্ৰতিৰােধ কৰা।

(ix) ব্যক্তিগত যান-বাহনতকৈ ৰাজহুৱা পৰিবহণ ব্যৱস্থা অধিক মাত্ৰাত ব্যৱহাৰ কৰা।

(x) মৃত প্ৰাণী আৰু বৰ্জ্য পদাৰ্থক মুকলি স্থানত নিক্ষেপ কৰাৰ পৰা বিৰত থকা কিয়নাে এনে কৰিলে মিথেন উৎপন্ন হ’ব পাৰে।

8. তলত উল্লেখ কৰা উপাদানবােৰ জীৱীয় আৰু অজীৱীয়— এই দুই ভাগত বিভক্ত কৰি লগত দিয়া তালিকাখন পুৰােৱা–
উপাদানঃ বালি, মণিক, বেক্টেৰিয়া, উদ্ভিদ প্লৱক ( Phytoplankton), ঘাঁহ, বৰষুণ, আৰ্দ্ৰতা, মাটি, পানী, অৰণ্য, কীটপতংগ, ভাইৰাছ, কয়লা, খনিজ তেল, মেনগ্ৰভ, সৌৰ শক্তি।
উত্তৰঃ

উপাদান
জীৱীয়অজীৱীয়
বেক্টেৰিয়াবালি, মণিক
উদ্ভিদ প্লৱকবৰষুণ
ঘাঁহআৰ্দ্ৰতা
অৰণ্যমাটি
কীটপতংগপানী
ভাইৰাছকয়লা
মেনগ্ৰভখনিজ তেল,
সৌৰ শক্তি

9. পৃথিৱীৰ পাৰিৱেশিক সমস্যা ক্ৰমে বৃদ্ধি পাই অহাৰ কাৰণবােৰ উল্লেখ কৰা।
উত্তৰঃ পৃথিৱীৰ পাৰিৱেশিক সমস্যাসমূহ ক্ৰমে বৃদ্ধি পাই অহাৰ কাৰণসমূহ হৈছে — সভ্যতাৰ অগ্ৰগতি আৰু জনসংখ্যা বিস্ফোৰণৰ ফলস্বৰূপে মানুহে পৰিৱেশক নিজৰ ইচ্ছামতে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে। উদ্যোগীকৰণ, নগৰীকৰণ, শিল্প উদ্যোগৰ পৰিমাণ বৃদ্ধি আৰু বিভিন্ন ধৰণৰ আণৱিক পৰীক্ষাৰ ফলত পৰিৱেশ প্ৰদূষিত হৈছে। নগৰীকৰণ তথা নগৰীয়া জনসংখ্যা বৃদ্ধি পােৱাৰ ফলত প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰৰ পৰিমাণ বৃদ্ধি পাইছে, অত্যাধুনিক যন্ত্ৰপাতিৰ প্ৰয়ােগ বাঢ়িছে, যানবাহন, আচবাব, অনুষ্ঠান – প্ৰতিষ্ঠান বৃদ্ধিৰ লগতে বননি ধংস হৈছে আৰু পৰিৱেশৰ প্ৰতি ভাবুকিৰ সৃষ্টি হৈছে।

উদ্যোগ ক্ষেত্ৰৰ অভূতপূৰ্ব বিকাশে প্ৰাকৃতিক সম্পদৰ মাত্ৰাধিক বাৱহাৰ হৈছে আৰু উদ্যোগৰপৰা নিৰ্গত ধোঁৱা, ছাই আদিয়ে বিভিন্ন পাৰিৱেশিক সমস্যাৰ সৃষ্টি কৰিছে। অৰ্থাৎ সম্প্ৰতি পৃথিৱীৰ বৰ্দ্ধিত জনসংখ্যাৰ অতিৰিক্ত চাহিদা পূৰণ কৰিবলৈকে পৰিৱেশৰ ওপৰত এক হেঁচা পৰিছে আৰু ইয়ে নতুন নতুন পাৰিৱেশক সমস্যাৰ সৃষ্টি কৰিছে। বননি ধংসৰ ফলত বায়ুমণ্ডলত কাৰ্বন ডাই – অক্সাইড পৰিমাণ বৃদ্ধি পাইছে আৰু ইয়ে অন্যান্য সেউজ গৃহ – গেছবােৰৰ সৈতে মিলিত হৈ গােলকীয় উত্তাপ বৃদ্ধি কৰিছে।

READ MORE  অঞ্চল বা আঞ্চলিক ভূগােলৰ ধাৰণা | Chapter 3 | Class 10 Geography (E) - SEBA

10. ভূগােল বিষয়টোৰ এটা শাখা হিচাপে পৰিৱেশ ভূগোলৰ গুৰুত্ব আলােচনা কৰা।
উত্তৰঃ ভূগােল বিষয়টোৰ এটা শাখা হিচাপে পৰিৱেশ ভূগােলৰ গুৰুত্ব অধিক। পৃথিৱীৰ বিভিন্ন ঠাইৰ পাৰিৱেশিক সমস্যা বৃদ্ধি পাই অহাৰ লগে লগে পৰিৱেশ ভূগােলৰ প্ৰাসংগিকতা বৃদ্ধি পাইছে। পৰিৱেশ বিজ্ঞান বিজ্ঞানৰ প্ৰায় প্ৰতিটো শাখাই কম – বেছি পৰিমাণে জড়িত হৈ আছে বাবে ইয়াক বিজ্ঞানৰ এক সমন্বিত অধ্যয়ন বুলিও ক’ব পাৰি। পৰিৱেশ ভূগােলে মানুহ আৰু মানুহৰ কৰ্মৰাজিক কেন্দ্ৰ কৰি অঞ্চলভেদে পৰিৱেশৰ স্থিতি, স্বৰূপ আৰু পৰিৱৰ্তন অধ্যয়ন কৰে।

পৰিৱেশ ভূগােলত আলােচিত বিষয়সমূহ হৈছে — কোনাে এটা অঞ্চলত সংঘটিত বনাঞ্চল ধ্বংসৰ কাৰণ আৰু পৰিমাণ, বানপানী, গৰাখহনীয়া, ভূমিস্থলন আদি প্ৰাকৃতিক দুৰ্যোগ সংঘটিত হোৱা স্থান আৰু কাৰণ, প্ৰদূষণে কেনেদৰে পৰিৱেশ বিনষ্ট কৰে আদি সকলোবােৰ বিষয়। প্ৰাকৃতিক সম্পদৰ পৰিৱেশ – অনকূল ব্যৱহাৰ, পৰিৱেশৰ পৰিচালনা, বহনক্ষম উন্নয়ন আদি সকলােবােৰ পৰিৱেশ ভূগােল অধ্যয়নৰ বিষয়বস্তু।

পৰিৱেশ ভূগােলে বিশেষকৈ উন্নয়ন যে পৰিৱেশ, সমাজ আৰু আৰ্থিক বিকাশৰ অনুকূলে পৰিচালিত হ’ব লাগে সেই কথাৰ ওপৰত মনযােগ দিয়ে। পৰিৱেশ ভূগোল অধ্যয়নৰ প্ৰধান উদ্দেশ্য হৈছে পৰিৱেশৰ ঐতিহাসিক বিকাশ, জনসংখ্যা বৃদ্ধি আৰু পৰিৱেশৰ লগত ইয়াৰ সম্পৰ্ক, প্ৰাকৃতিক দুৰ্যোগ আৰু ইয়াৰ ব্যৱস্থাপনা, অৰ্থনীতি আৰু সংস্কৃতিৰ সৈতে পৰিৱেশৰ সম্পৰ্ক আদি। এনেবােৰ বিষয় অধ্যয়ন কৰাৰ বাবে সাম্প্ৰতিক কালত পৰিৱেশ ভূগােলৰ গুৰুত্ব অধিক।

11. গােলকীয় উত্তাপ বৃদ্ধি মানে কি ? ইয়াৰ প্ৰধান কাৰণবােৰ উল্লেখ কৰা।
উত্তৰঃ মানুহৰ প্ৰকতি – বিৰোধী কাৰ্যকলাপৰ ফলত বায়ুমণ্ডলৰ উত্তাপ বৃদ্ধি পােৱা পৰিঘটনাটোৱে হৈছে গােলকীয় উত্তাপ বৃদ্ধি।
গােলকীয় উত্তাপ বৃদ্ধিৰ কাৰণসমূহ হৈছে — বননিকৰণ ধ্বংস বা নিৰ্বনীকৰণ, বায়ুমণ্ডলত কাৰ্বন ডাই – অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি আদি। সেউজ গৃহ গেছবােৰে গােলকীয় উত্তাপ বৃদ্ধিত অৰিহণা যােগায়। তাৰােপৰি শিল্প – বিপ্লৱৰ ফলস্বৰূপে দ্ৰুত গতিত বৃদ্ধি পােৱা উদ্যোগক্ষেত্ৰত জীৱাশ্ম ইন্ধনৰ ব্যৱহাৰ বৃদ্ধি পাইছে আৰু সেউজীয়া অৰণ্যৰ আৱৰণ ধ্বংস হ’বলৈ লৈছে। শিল্প উদ্যোগ, যানবহন আদিত জীৱাশ্ম ইন্ধনৰ বহুল ব্যৱহাৰে বায়ুমণ্ডলত কাৰ্বন ডাই – অক্সাইড গেছৰ পৰিমাণ বৃদ্ধি কৰিছে।

ভূ-পৃষ্ঠত গছ গছনিৰ পৰিমাণ হ্ৰাস পাই অহাৰ ফলত বায়ুমণ্ডলত থকা কাৰ্বন ডাই – অক্সাইড গেছৰ শােষণ হ্ৰাস পাইছে। তাৰােপৰি আগ্নেয়গিৰি উদগিৰণৰ ফলতাে বায়ুমণ্ডলত সেউজ গৃহ গেছৰ পৰিমাণ বৃদ্ধি পাইছে। পৃথিৱীত মানুহৰ কাৰ্যকলাপ ক্ৰমাগতভাৱে বৃদ্ধি পাই থকাৰ ফলত বায়ুমণ্ডলত মিথেন, নাইট্ৰাছ অক্সাইড, ক্ল’ৰফ্লুৰ’ কাৰ্বন আদি সৌৰ শক্তি শােষণ কৰা সেইজ গৃহ গেছবােৰৰ পৰিমাণ বৃদ্ধি পাইছে। এনেবােৰ কাৰণতে প্ৰধানকৈ বননি ধ্বংসৰ ফলত বায়ুমণ্ডলত CO₂ গেছৰ পৰিমাণ বৃদ্ধি আৰু সেউজ গেছৰ পৰিমাণ বৃদ্ধিয়ে গােলকীয় উত্তাপ বৃদ্ধি কৰিছে।

12. পৰিৱেশৰ উপাদানবােৰৰ বৰ্ণনা দিয়া।
উত্তৰঃ পৰিৱেশ মুখ্যতঃ চাৰিটা উপাদানৰ দ্বাৰা গঠিত। এই উপাদানবােৰ হৈছে স্থলমণ্ডল, জলমণ্ডল, জীৱমণ্ডল আৰু বায়ুমণ্ডল।
(i) স্থলমণ্ডল ও স্থলমণ্ডলে পৃথিৱীৰ উপৰিভাগৰ ভূমি অংশক বুজায়। ইশিল, খনিজ পদাৰ্থ, মাটি, বালি ইত্যাদিৰ দ্বাৰা গঠিত আৰু পৃথিৱীৰ উপৰিভাগৰ প্ৰায় ২৯ শতাংশ আৱৰি আছে। বিভিন্ন প্ৰকাৰৰ উদ্ভিদ আৰু মানুহ প্ৰমুখ্যে বিভিন্ন প্ৰাণী স্থলমণ্ডলত বাস কৰে।

(ii) জলমণ্ডলঃ পৃথিৱীৰ জলভাগক জলমণ্ডল বুলি কোৱা হয়। ই সাগৰ, মহাসাগৰ, নদী, হ্ৰদ ইত্যাদিৰে গঠিত। জলমণ্ডলৰ দ্বাৰা পৃথিৱীৰ উপৰিভাগৰ প্ৰায় ৭০ শতাংশ আবৃত।

(iii) জীবমণ্ডল ও পৃথিৱী আৰু ইয়াৰ বায়ুমণ্ডলৰ জীৱবৰ্তি থকা ভাগক জীৱমণ্ডল বুলি কোৱা হয়। উদ্ভিদ, প্ৰাণী সমন্বিতে সকলাে প্ৰকাৰৰ জীৱ জীৱমণ্ডলত বাস কৰে।

(iv) বায়ুমণ্ডল ও পৃথিৱীৰ চৌদিশে থকা বায়ুৰ তৰপক বায়ুমণ্ডল হিচাপে জনা যায়। নাইট্ৰজেন, অক্সিজেন, কাৰ্বন ডাই-অক্সাইড, হাইড্ৰজেন আদি বিভিন্ন গেছৰ দ্বাৰা বায়ুমণ্ডল গঠিত। বায়ুমণ্ডলৰ উচ্চতা পৃথিৱীৰ উপৰিভাগৰ পৰা প্ৰায় ৪৮০ কিঃমিঃ লৈ বিস্তৃত হৈ থাকে।

13. গােলকীয় উত্তাপ বৃদ্ধিৰ ফলত উদ্ভৱ হ’ব পৰা সমস্যাবােৰৰ এটি আভাস দিয়া।
উত্তৰঃ গােলকীয় উষ্ণতাৰ প্ৰভাৱ বহুমুখী। ই জলবায়ুৰ প্ৰকৃতিত আমূল পৰিৱৰ্তন সূচনা কৰিব পাৰে, যি তাৰ পিছত মানুহক আৰু তেওঁৰ ক্ৰিয়াকলাপ বিঘ্নিত কৰে আৰু পৃথিৱীৰ সকলাে জীৱৰ ওপৰত প্ৰভাৱ পেলায়। গােলকীয় উষ্ণতাৰ ফলত সৃষ্টি হ’ব পৰা কিছুমান সমস্যা তলত দিয়া হৈছেঃ

(i) সমুদ্ৰপৃষ্ঠৰ উচ্চতা বৃদ্ধিঃ গােলকীয় উত্তাপনৰ এক অন্যতম প্ৰধান প্ৰভাৱ এয়ে যে ইয়াৰ ফলত মেৰু অঞ্চলৰ বৰফ গলি সমুদ্ৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি পাব। নিৰ্ধাৰণ কৰা হৈছে যে, মেৰু অঞ্চলত ২° ছেণ্টিগ্ৰেডৰ পৰা ৩° ছেন্টিগ্ৰেড পৰ্যন্ত উষ্ণতা বৃদ্ধিয়েও বৃহৎ মাত্ৰাত বৰফৰ গলন ঘটাই সমুদ্ৰপৃষ্ঠৰ উচ্চতা বৃদ্ধি কৰিব পাৰে। সমুদ্ৰপৃষ্ঠৰ উচ্চতা ১ মিটাৰ বৃদ্ধি হ’লেও উপকূলবৰ্তী অঞ্চলত ৫ নিযুত বৰ্গ কিল’মিটাৰ ভূ-খণ্ড জলমগ্ন হ’ব পাৰে। ইয়াৰ ফলত সামুদ্ৰিক দ্বীপ, প্ৰবাল দ্বীপ,বদ্বীপ অঞ্চল আদি যথেষ্ট প্ৰভাৱিত হ’ব।

(ii) বেছিভাগ অঞ্চল খৰাং প্ৰান্ত হ’বঃ গােলকীয় উষ্ণতাৰ এক অনিবাৰ্য ফল হৈছে, ই বেছিভাগ অঞ্চল খৰাং আৰু প্ৰায় মৰুভূমিৰ স্থিতি প্ৰদান কৰিব। উদ্ভিদ জগতৰ বেছিভাগ উদ্ভিদে উত্তাপ সহ্য কৰিবলৈ অক্ষম হ’ব আৰু মৃত্যু ঘটিব। অৰণ্য প্ৰান্তৰ বৃহৎ ভাগ তৃণভূমিত পৰিণত হ’ব আৰু পৰ্বতৰ হিমবাহ অঞ্চলবােৰ সংকুচিত হ’ব।

(iii) কৃষিৰ ক্ষেত্ৰত প্ৰভাৱঃ গােলকীয় উষ্ণতাৰ অন্যতম গুৰুত্বপূৰ্ণ ক্ষতি হৈছে ই কৃষি উৎপাদনৰ ওপৰত ক্ষতিকাৰক প্ৰভাৱ পেলাব। বৰ্তমানৰ বেছিভাগ খাদ্য শস্যই বৰ্ধিত উত্তাপক সহ্য কৰাত অসমৰ্থ হ’ব আৰু ফলত কৃষি উৎপাদন নিম্নগামী হ’ব। ইদুৰ্ভিক্ষ আৰু দৰিদ্ৰতাৰ সৃষ্টি কৰিব। কৃষি ৰপ্তানি হ্ৰাস হ’ব আৰু খাদ্য সামগ্ৰীৰ আন্তঃৰাষ্ট্ৰীয় বাণিজ্য নিম্নগামী হ’ব। কৃষি নিম্নগামী হােৱাৰ ফলত গ্ৰাম্য অঞ্চলৰ পৰা নগৰী কেন্দ্ৰলৈ বৃহৎ ৰূপে লােকৰ প্ৰৱজন হ’ব, যি বহু সংখ্যক সামাজিক-অৰ্থনৈতিক সমস্যাৰ সৃষ্টি হব।

(iv) পাৰিপাৰ্শ্বিক ভাৰসাম্যতাৰ ব্যাঘাতঃ প্ৰকৃতিত পাৰিপাৰ্শ্বিক ভাৰসাম্যতা বিৰাজ কৰে। নিৰ্বনানীকৰণ, গােলকীয় উত্তাপন, পানী প্ৰদূষণ আদি মানব সৃষ্ট কাৰকৰ দ্বাৰা এই পাৰিস্থিতিক ভাৰসাম্যতা বিঘ্নিত হলে প্ৰাকৃতিক দুৰ্যোগৰ সূচনা হ’ব পাৰে। উষ্ণতা বৃদ্ধিৰ ফলত বিভিন্ন শ্ৰেণীৰ অণুজীৱ ধ্বংস হ’ব। বৰ্ধিত তাপ সহ্য কৰিবলৈ কিছুমান উদ্ভিদ অক্ষম হ’ব। এই আটাইবােৰে পাৰিস্থিতিক ভাৰসাম্যতা বিঘ্নিত কৰাৰ ফলত গুৰুতৰ নেতিবাচক প্ৰভাৱ পৰিব।

READ MORE  ভূগোলৰ ব্যৱহাৰিক কাৰ্যাৱলী | Chapter 7 | Class 10 Geography (E) - SEBA

(v) অস্থিৰ জলবায়ু স্থিতিঃ গােলকীয় উষ্ণতাৰ অন্যতম গুৰুত্বপূৰ্ণ ফলাফল হৈছেইবৃষ্টিপাত হ্ৰাস কৰিব আৰু অস্থিৰ জলবায়ুৰ পৰিস্থিতি উৎপন্ন কৰিব। অৰণ্য আৰু সেউজ আৱৰণ বৃষ্টিপাতৰ বাবে অতি আৱশ্যক। বৰ্ধিত উষ্ণতাই সেউজ আৱৰণৰ বিস্তৃতি হ্ৰাস কৰিব, যাৰ ফলত বৃষ্টিপাত কমিব। কম বৃষ্টিপাতৰ নেতিবাচক প্ৰভাৱ এয়ে যে ইয়াৰ ফলত অধিক অঞ্চল শুষ্ক হ’ব। কৃষি উৎপাদন নিম্নগামী হ’ব, অলৱণাক্ত পানী কম পৰিমাণে উপলব্ধ হ’ব।

14. পানী প্ৰদূষণৰ নিয়ন্ত্ৰণৰ ওপৰত এটা টোকা লিখা।
উত্তৰঃ বৰ্তমান আমি সম্মুখীন হােৱা পাৰিপাৰ্শ্বিক সমস্যাৰ ভিতৰত জল প্ৰদূষণ এক অন্যতম সমস্যা। পানী প্ৰদূষণৰ কাৰণবােৰ হ’ল নগৰীয়া কেন্দ্ৰবােৰৰ প্ৰতি জল ঔদ্যোগিক আৱৰ্জনাৰ নিক্ষেপণ, কৃষি ভিত্তিক ৰাসায়নিক পদাৰ্থৰ ব্যৱহাৰ, সাংশ্লেষিক তাপমাজক, তৈল পদাৰ্থৰ সংযােজন ইত্যাদি। নিম্নোক্ত ব্যৱস্থাসমূহ গ্ৰহণ কৰি পানী প্ৰদূষণ নিয়ন্ত্ৰণ কৰিব পাৰি—
(i) মানুহৰ আৰু জন্তুৰ বিষ্ঠা আৰু আৱৰ্জনা পানীত পেলােৱাৰ পৰা সংশ্লিষ্ট লােকসকল বিৰত থাকিব লাগিব।

(ii) ঔদ্যোগিক আৱৰ্জনবােৰ পানীত পেলােৱাৰ আগতে পৰিশােধিত কৰিব লাগে।

(iii) চৰকাৰে জল প্ৰদূষণ নিয়ন্ত্ৰণ কাৰ্যসূচীৰ বাবে পৰ্যাপ্ত পুঁজিৰ যােগান ধৰিব লাগে।

(iv) চৰকাৰে জল প্ৰদূষণ কৰা সকলক কঠোৰ শাস্তি বিহিব লাগে।

(v) সঠিক পুনৰাৱৰ্তন প্ৰকল্পৰ অবিহনে ঔদ্যোগিক গােটসমূহক কাৰ্যসম্পাদনৰ অনুমতি প্ৰদান কৰিব নালাগে।

(vi) চৰকাৰে কাৰ্যত ঔদ্যোগিক গােটবােৰ আৱৰ্জনা শােধন প্ৰকল্প আৰম্ভ কৰাত সহায় কৰিব লাগে।

(vii) প্ৰদূষিত নদী আৰু জলাশয়বােৰৰ একত্ৰিত আৱৰ্জনা আধুনিক পদ্ধতিৰে পৰিষ্কাৰ কৰিব লাগে।

15. বায়ু প্ৰদূষণ বুলিলে কি বুজা? কি কি কাৰণত বায়ু প্ৰদূষিত হয় ?
উত্তৰঃ পৃথিৱীপৃষ্ঠৰ বায়ুমণ্ডলত বিভিন্ন প্ৰদূষণকাৰী পদাৰ্থ যােগ হােৱাৰ ফলত বায়ুৰ প্ৰদূষণ হয়। ই সম্পত্তি, উদ্ভিদ, প্ৰাণী তথা মানুহৰ ওপৰত বিৰূপ প্ৰভাৱ পেলায়। কাৰ্বন ডাই-অক্সাইড, কাৰ্বন মন’ক্সাইড, সীহ, নাইট্ৰজেন অক্সাইড, ধোঁৱা আৰু ছালফাৰ ডাই অক্সাইড আদি হ’ল বায়ু প্ৰদূষণকাৰী পদাৰ্থ। বায়ু প্ৰদূষণৰ উৎসবােৰ দুটা ভাগত ভগাব পাৰি—

(ক) প্ৰাকৃতিক উৎসঃবায়ু প্ৰদূষণৰ প্ৰাকৃতিক উৎসবােৰ হ’ল আগ্নেয়গিৰি উৰ্গীৰণ, জৈৱিক পচন, বনজুই আদি। পৃথিৱীপৃষ্ঠত থকা তেজস্ক্ৰিয় খনিজ পদাৰ্থবােৰ বায়ুমণ্ডলীয় তেজস্ক্ৰিয়তাৰ উৎস।

(খ) মানুহৰ দ্বাৰা সৃষ্ট উৎসঃ তাপ শক্তি প্ৰকল্প, ঔদ্যোগিক প্ৰতিষ্ঠান, যানবাহনৰ নিৰ্গমন, জীৱাশ্ম ইন্ধনৰ দহন আদি মানৱ সৃষ্ট প্ৰদূষণৰ উৎস। তাপশক্তি প্ৰকল্প, ঔদ্যোগিক প্ৰতিষ্ঠান আদিত কয়লা ব্যৱহাৰ হয় আৰু ইয়াৰ পৰা প্ৰদূষক, যেনেঃ বায়ুমণ্ডলীয় ছাই আৰু ছালফাৰ ডাই-অক্সাইড উৎপন্ন হয়। কাৰ্বন মন’ক্সাইড, নাইট্ৰজেন অক্সাইড আৰু হাইড্ৰকাৰ্বন যানবাহনৰ পৰা নিৰ্গত হয়।

16. পৰিৱেশৰ উপাদান বুলিলে কি বুজা ? জীৱীয় আৰু অজীৱীয় উপাদানৰ অৰ্থ লিখা।
উত্তৰঃ পৰিৱেশৰ উপাদান বুলিলে সেইবােৰ উপাদানকে ধৰা হয় যিবােৰে পাৰস্পৰিক সম্পৰ্কৰ যােগেদি জীৱৰ বাবে প্ৰয়ােজনীয় পৰিৱেশ গঢ়ি তােলে। যিবােৰ উপাদানৰ ওপৰত জীৱৰ স্থিতি আৰু বিকাশ নিৰ্ভৰ কৰে সেই সকলােবােৰেই পৰিৱেশৰ উপাদান। পৰিৱেশৰ উপাদানবােৰক প্ৰধানকৈ দুটা মৌলিক ভাগত ভাগ কৰা হয়। সেয়া হৈছে—
( ক ) জীৱীয় উপাদান ( Biotic Element ) আৰু

( খ ) অজীৱীয় উপাদান ( Abiotic Element )।

জীৱীয় উপাদানসমূহ জীৱমণ্ডলৰ অন্তৰ্গত। জীৱীয় উপাদানৰ ভিতৰত নানা প্ৰজাতিৰ উদ্ভিদ, অণুজীৱ আৰু বৃহৎ আকাৰৰ প্ৰাণীসমূহ পৰে। আনহাতে জীৱহীন বা প্ৰাণহীন সকলাে উপাদান অজীৱীয় উপাদানৰ অন্তৰ্গত। অৰ্থাৎ স্থলমণ্ডল, জলমণ্ডল, বায়ুমণ্ডল তথা জীবমণ্ডলৰ সকলাে প্ৰাণহীন বস্তুৱেই অজীৱীয় উপাদান।

17. পানী কিদৰে প্ৰদূষিত হয় ? পানী প্ৰদূষণৰ পৰা হ’ব পৰা ক্ষতিৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ পানীৰ ৰাসায়নিক, ভৌতিক আৰু জৈৱিক গুণবােৰ হ্ৰাস হােৱাকে জল প্ৰদূষণ বােলা হয়। বহুতাে কাৰণৰ বাবে পানী প্ৰদূষিত হয়। জল প্ৰদূষণৰ কেইটামান মুখ্য কাৰণ হৈছে—
(i) সতেজ জলৰ উৎসত নলা আৰু মাটিৰ তলৰ নলাৰ দ্বাৰা পানী পেলােৱা।

(ii) টক্সিক ৰসায়ন, এছিড, এলকালি, ধাতৱীয় লােণ, ফেন’ল, চাইনায়ড, এমনিয়াম ৰেডিঅ’ এক্টিভ সামগ্ৰীৰ দ্বাৰা গঠিত উদ্যোগিক আৱৰ্জনক পানীত পেলােৱা।

(iii) সাৰ আৰু কীটনাশকৰ দৰে কৃষি ৰাসায়নিকৰ ব্যৱহাৰ, যিবােৰ বৰষুণৰ পানীৰ দ্বাৰা বৈ গৈ পানীত পৰেগৈ।

(iv) ধােৱা আৰু পৰিষ্কাৰ কৰাত চিন্থেটিক ডিটাৰজেণ্টৰ ব্যৱহাৰ।

(v) খনন কাৰ্য আৰু জাহাজত মাল বােজাই কৰাৰ সময়ত তেল চিটিকি সমুদ্ৰ পানীত পৰে।

প্ৰদূষিত পানীয়ে বিভিন্ন প্ৰকাৰে ক্ষতিসাধন কৰিব পাৰে। জল প্ৰদূষণৰ কিছুমান প্ৰধান ক্ষতি হৈছে—
(i) জৈৱিক বস্তুবােৰ পানীত উপস্থিত থকা ক্ষুদ্ৰ জীৱ অনুজীৱৰ দ্বাৰা পানীত ক্ষয় যায়। ইপানীত মিশ্ৰিত থকা অক্সিজেন হ্ৰাস কৰে, অক্সিজেনৰ নিম্নমানৰ মিশ্ৰণ হােৱাটো জলজাত প্ৰাণী বিশেষকৈ মৎস্য জগতৰ বাবে ক্ষতিকাৰক।

(ii) কলেৰা, ডিচেণ্টি, টাইফয়ড, জণ্ডিচ ইত্যাদিৰ দৰে জল জনিত ৰােগবােৰ, আৱৰ্জনাৰ দ্বাৰা পানী প্ৰদূষিত হােৱাৰ ফলত প্ৰসাৰিত হয়।

(iii) জল প্ৰদূষণে ভূমিৰ উৎপাদনশীলতা হ্ৰাস কৰিব পাৰে।

(iv) গধুৰ ধাতু, কীটনাশক, চায়নাইড আৰু অন্যান্য জৈৱ আৰুঅজৈৱ যৌগৰ দৰে প্ৰদূষকবােৰ জলজ জীৱবােৰৰ বাবে ক্ষতিকাৰক।

(v) খােৱা পানীৰ যােগেদি কীটনাশক অৱশেষত মানুহৰ সংস্পৰ্শলৈ আহে আৰু বহুতাে স্বাস্থ্যজনিত সমস্যাৰ সৃষ্টি কৰে।

18. পাৰিৱেশিক সমস্যা সমাধানৰ কাৰণে মানুহে কেনে ধৰণৰ পদক্ষেপ ল’ব পাৰে বহলাই লিখা।
উত্তৰঃ বৰ্তমান পৃথিৱী নিৰ্বনানীকৰণ, গােলকীয় উত্তাপন, বায়ু প্ৰদূষণ, জল প্ৰদূষণ, ভূমি প্ৰদূষণ, শব্দ প্ৰদূষণ, পাৰিৱেশিক নিম্নীকৰণ আদি সমস্যাৰ সন্মুখীন হৈছে। এই সমস্যাবোেৰৰ প্ৰধান কাৰণবােৰ হৈছে জনসংখ্যা বৃদ্ধি, ঔদ্যোগিকৰণ, যানবাহনৰ বৰ্ধিত ব্যৱহাৰ, খনিজ পদাৰ্থৰ ব্যৱহাৰ, জীৱষ্ম ইন্ধনৰ দহন ইত্যাদি। এই পাৰিৱেশিক সমস্যাবােৰৰ সমাধানত মানুহে উল্লেখযােগ্য অৱদান আগবঢ়াব পাৰে। পাৰিৱেশিক সমস্যাৰ সমাধানত মানুহে গ্ৰহণ কৰিব পৰা কেইটামান পদক্ষেপ হৈছে—
(i) জনসংখ্যা বৃদ্ধিক নিয়ন্ত্ৰণ কৰা, যাতে বিভিন্ন সম্পদৰ চাহিদা নিয়ন্ত্ৰণত থাকে।

(ii) গছ কটা বন্ধ কৰাৰ বাবে কঠোৰ আইন প্ৰৱৰ্তন কৰা।

(iii) সেউজ আৱৰণী বা অৰণ্যৰ আৱৰণীৰ অধীনলৈ অধিক অঞ্চল অনাৰ বাবে পৰিকল্পিত প্ৰয়াস কৰা।

(iv) ৰাসায়নিক সাৰ আৰু কীটনাশকৰ ব্যৱহাৰ কম কৰা। জৈৱিক সাৰৰ ব্যৱহাৰ অনুপ্ৰাণিত কৰা।

(v) সৌৰ, বতাহ, আৰু জৈৱিক শক্তিৰ দৰে অপৰম্পৰাগত শক্তিৰ উৎসবােৰৰ ব্যৱহাৰ অধিক কৰা।

(vi) প্লাষ্টিক আৰু নাইলনৰ দৰে পচন নােহােৱা বস্তুবােৰৰ ব্যৱহাৰ নকৰা।

(vi) সকলাে আৱৰ্জনা বিশেষকৈ ঔদ্যোগিক আৰু নগৰীয়া আৱৰ্জনবােৰৰ পুনৰাৱৰ্তন কৰা।

(vi) অ’জন স্তৰক ধ্বংস কৰা ক্ল’ৰ’ফুৰ’কাৰ্বন উৎপাদনকাৰী সামগ্ৰীক ব্যৱহাৰ নকৰা।

(ix) জীৱাশ্ম ইন্ধন বিশেষকৈ কয়লা আৰু তেলৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস কৰা।

(x) প্ৰয়ােজন নােহােৱা সময়ত বৈদ্যুতিক আহিলাৰ ছুইছ বন্ধ কৰাৰ দ্বাৰা বিজুলী বচোৱা।

(xi) নবীকৰণযােগ্য শক্তিৰ উৎসৱােৰ জনপ্ৰিয় কৰা আৰু গ্ৰহণ কৰা।

(xii) উদ্যোগিক সৌচাগাৰৰ আৱৰ্জনা নদীত পেলােৱা কাৰ্য নিষিদ্ধ কৰা।

Leave a Comment

error: Content is protected !!
Scroll to Top