আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য | ৰাজনীতি বিজ্ঞান | Chapter 11 | Class 10 Social Science Question and Answer | Assam Class 10 Social Science Solutions | SEBA Class 10 HSLC Social Science Chapter 11 Notes | SEBA Class 10 HSLC Social Science Chapter 11 Question and Answer | Questions and Answers for Class 10 Social Science Chapter 11 আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য | HSLC Social Science Questions and Answers Assam


আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য
(International Organisations — World Peace and Human Rights)

Short Type Questions and Answers (Marks : 2)

১/ ৰাষ্ট্ৰসংঘ কিয় গঠন হৈছিল?
উত্তৰঃ ১৯১৪ চনৰ প্ৰথম বিশ্ব যুদ্ধৰ পাছত শান্তি স্থাপন আৰু যুদ্ধক চিৰদিনৰ বাবে বিদায় দিয়াৰ বাবে জাতিসংঘ নামৰ এটা আন্তজাতিক সংগঠন এটা গঠন হৈছিল। কিন্তু ১৯৩৯ চনত পুনৰ দ্বিতীয় বিশ্বযুদ্ধ সংঘটিত হ’ল।ইয়াৰ পিছত বিশ্বত ৰাষ্ট্ৰবোৰৰ মাজত পুনৰ শান্তি স্হাপনৰ প্ৰচেষ্টা চলে। তাৰে ফলশ্ৰুতিত ১৯৪৫ চনৰ ২৪ অক্টোবৰত ৰাষ্ট্ৰসংঘ গঠন কৰা হয়।

২/ ৰাষ্ট্ৰসংঘৰ দুটা উদ্দেশ্য উল্লেখ কৰা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ উল্লেখ কৰা দুটা উদ্দেশ্য হল—
(ক) আন্তৰ্জাতিক শান্তি আৰু নিৰাপত্তা বজাই ৰখা।
(খ) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা।

৩/ ৰাষ্ট্ৰসংঘৰ অংগকেইটাৰ নাম লিখা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ প্ৰধান অংগ ৬ টা। এই অংগ ৬ টা হৈছে-

⇒ সাধাৰণ পৰিষদ।
⇒ নিৰাপত্তা পৰিষদ।
⇒অৰ্থনৈতিক আৰু সামাজিক পৰিষদ।
⇒ ন্যাসৰক্ষী পৰিষদ।
⇒ আন্তৰ্জাতিক ন্যায়ালয়।
⇒ সচিবালয়।

৪/ ৰাষ্ট্ৰসংঘৰ লগত জড়িত থকা দুটা এজেন্সিৰ নাম লিখা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ লগত জড়িত দুটা এজেন্সি হৈছে—

(ক) আন্তৰ্জাতিক শ্ৰমিক সংস্থা।
(খ) আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি।

৫/ নিৰস্ত্ৰীকৰণৰ সম্পৰ্কত সম্পাদিত হোৱা দুখন চুক্তিৰ নাম লিখা।
উত্তৰঃ (ক) ১৯৬৮ চনত সম্পাদিত “পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি”।(Nuclear Non- Proliferation Treaty)

(খ) ১৯৯৬ চনত সম্পাদিত “পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধিকৰণ চুক্তি” (Comprehensive Test Ban Treaty /CTBT)

৬/ মানৱ অধিকাৰ বুলিলে কি বুজা?
উত্তৰঃ বিশ্বৰ প্ৰত্যেকজন ব্যক্তিৰে ব্যক্তিত্ব বিকাশ তথা মৰ্যদাপূৰ্ণ জীৱন-যাপনৰ বাবে কিছুমান অধিকাৰৰ প্ৰয়োজন হয়,এই অধিকাৰসমূহকে মানৱ অধিকাৰ বোলে।

READ MORE  পৃথিৱীৰ ভূগােল | Chapter 8 | Class 10 Social Science - SEBA

Long Type Questions and Answers (Marks : 4)

1. ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ওপৰত এটি টোকা লিখা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ অতি দৰকাৰী অংগ হ’ল নিৰাপত্তা পৰিষদ। আৰম্ভণিতে ৰাষ্ট্ৰসংঘ গঠন হোৱাৰ সময়ত নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য আছিল পাঁচজন আৰু অস্থায়ী সদস্য ছয়জন। ১৯৬৩ চনত ৰাষ্ট্ৰসংঘৰ চনদ সংশোধন কৰি অস্থায়ী সদস্য সংখ্যা দহ জনলৈ বৃদ্ধি কৰা হয়। নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্যসকলক সাধাৰণ সভাই নিৰ্বাচিত কৰে। স্থায়ী সদস্য ৰাষ্ট্ৰকেইখন হ’ল- আমেৰিকা, গ্ৰেট ব্ৰিটেইন, ফ্ৰান্স, ৰাছিয়া আৰু চীন। স্থায়ী সদস্যসকলৰ ‘ভেটো’ প্ৰয়োগ ক্ষমতা আছে। সেইবাবে কোনো বিষয়ত স্থায়ী সদস্যই ‘ভেটো ‘দিলে সিদ্ধান্ত গ্ৰহণ নহয়।

2. ৰাষ্ট্ৰসংঘ গঠনৰ উদ্দেশ্য আৰু ইয়াৰ নীতি কেইটা আলোচনা কৰা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ চনত মুঠ ১১১ টা অনুচ্ছেদ আছে। ইয়াৰ প্ৰথম অনুচ্ছেদতে ৰাষ্ট্ৰসংঘৰ চাৰিটা উদ্দেশ্য সন্নিবিষ্ট হৈছে। উদ্দেশ্যকেইটা হ’ল—
১) আন্তঃৰাষ্ট্ৰীয় শান্তি আৰু নিৰাপত্তা বজাই ৰখা।

২) সমান অধিকাৰ আৰু আত্মনিয়ন্ত্ৰণৰ ভিত্তিত দেশসমূহৰ মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক প্ৰতিষ্ঠা কৰা।

৩) আন্তঃৰাষ্ট্ৰীয় সহযোগিতাৰ ভিত্তিত অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক সমস্যাসমূহৰ সমাধান কৰা আৰু প্ৰত্যেকজন ব্যক্তিয়ে যাতে মানৱ অধিকাৰ আৰু মৌলিক অধিকাৰ উপভোগ কৰিব পাৰে তাৰ ব্যৱস্থা কৰা।

৪) উল্লেখিত উদ্দেশ্যসমূহ সাধনৰ বাবে বিভিন্ন দেশৰ মাজত সম্বন্ধ প্ৰতিষ্ঠাৰ কেন্দ্ৰ হিচাপে কাম কৰা।

ৰাষ্ট্ৰসংঘৰ নীতিকেইটা হ’ল—
১) সকলো সদস্য ৰাষ্ট্ৰৰ সমান সাৰ্বভৌম নীতিৰ ভিত্তিত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা হ’ব।

২) ৰাষ্ট্ৰসংঘৰ চনদত উল্লেখ কৰা নিয়মাৱলী মানি লৈ সকলো সদস্য ৰাষ্ট্ৰই নিজা দায়িত্ব পালন কৰিব লাগিব।

৩) আন্তঃৰাষ্ট্ৰীয় শান্তি, নিৰাপত্তা আৰু ন্যায়ত কোনা আঘাত নোহোৱাকৈ সকলো সদস্য ৰাষ্ট্ৰই সকলো ধৰণৰ বিবাদ শান্তিপূৰ্ণভাৱে মীমাংসা কৰিব লাগিব।

৪) আন্তৰ্জাতিক সম্পৰ্ক ৰক্ষা কৰাৰ স্বাৰ্থত কোনো সদস্য ৰাষ্ট্ৰই শক্তি প্ৰয়োগ কৰিব নোৱাৰিব।

৫) চনদত উল্লেখ কৰা মতে ৰাষ্ট্ৰসংঘই কোনো ব্যৱস্থা গ্ৰহণ কৰিলে সদস্য ৰাষ্ট্ৰসমূহে ৰাষ্ট্ৰসংঘক সহায কৰিব লাগিব আৰু ৰাষ্ট্ৰসংঘই শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা ৰাষ্ট্ৰক সহায় কৰিব নোৱাৰিব।

READ MORE  অৰ্থনৈতিক উন্নয়ন | Chapter 13 | Class 10 Social Science - SEBA

৬) ৰাষ্ট্ৰসংঘই সদস্য ৰাষ্ট্ৰসমূহৰ আভ্যন্তৰীণ বিষয়ত হস্তক্ষেপ নকৰিব।

3. মানৱ অধিকাৰ সম্পৰ্কত ৰাষ্ট্ৰসংঘত লোৱা পদক্ষেপ আলোচনা কৰা।
উত্তৰঃ ৰাষ্ট্ৰসংঘই বিশ্বত ৰাষ্ট্ৰসমূহৰ মাজত শান্তিপূৰ্ণ বাতাবৰণ প্ৰতিষ্ঠাৰ ক্ষেত্ৰত যিদৰে আগভাগ লৈছে,ঠিক তেনেদৰে বিশ্বত প্ৰতিজন মানুহে যাতে মৰ্যাদাপূৰ্ণ জীৱন-যাপন কৰিব পাৰে আৰু ইয়াৰ বাবে প্ৰয়োজন হোৱা কিছুমান অধিকাৰৰ সুৰক্ষা দিয়াৰ ব্যৱস্হাও কৰিছে। এই উদ্দেশ্য আগত ৰাখি ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই ১৯৪৮ চনৰ ১০ ডিচেম্বৰত ৪৮ খন সদস্য ৰাষ্ট্ৰৰ সমৰ্থনত ‘মানৱ অধিকাৰ ঘোষণা পত্ৰ’ গ্ৰহণ কৰে। এটা প্ৰস্তাৱনা আৰু ৩০ টা অনুচ্ছেদ সন্মিলিত হৈ এই ঘোষণা পত্ৰই মূলতঃ দুটা উদ্দেশ্য সাধন কৰিছে- প্ৰথমে, বিশ্বৰ জনগণৰ বাবে প্ৰয়োজনীয় অধিকাৰসমূহ এই ঘোষণা পত্ৰত সন্নিৱিষ্ট কৰা হৈছে। দ্বিতীয়তে,এই ঘোষণাপত্ৰত উল্লেখিত অধিকাৰসমূহ সদস্য ৰাষ্ট্ৰসমূহে স্বীকৃতি দিছে। এই ঘোষণাপত্ৰত উল্লেখ থকা অধিকাৰ সমূহে ৰাষ্ট্ৰসংঘৰ সদস্যৰাষ্ট্ৰৰ ক্ষমতা আৰু কাৰ্যাৱলীৰ ওপৰত সীমাবদ্ধতা আনিছে। নীতিগতভাৱে এই অধিকাৰসমূহক কোনেও আওকান কৰিব নোৱাৰে। দেশৰ নাগৰিকক এই অধিকাৰ বোৰৰ পৰা বঞ্চিত কৰি শান্তি আৰু নিৰাপত্তাৰ ৰক্ষা কৰাতো সম্ভৱ নহয় তাক ৰাষ্ট্ৰসংঘই এই ঘোষণাপত্ৰৰ যোগেদি স্পষ্ট কৰি দিছে।

4. ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ সম্পৰ্কত এটা টোকা লিখা।
উত্তৰঃ ১৯৯৩ চনৰ জুন মাহত ভিয়েনাত ৰাষ্ট্ৰসংঘ মানৱ অধিকাৰ সম্পৰ্কীয় এক বিশেষ অধিবেশনে ইয়াৰ অন্তৰ্গত প্ৰতিখন সদস্যৰাষ্ট্ৰতে মানৱ অধিকাৰ আয়োগ গঠন কৰিবলৈ পৰামৰ্শ আগবঢ়ায়। সেই মৰ্মে ১৯৯৩ চনৰ ১২ অক্টোবৰ তাৰিখে ভাৰতত ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়। ইয়াৰ ঠিক কিছুদিনৰ পিছতে মানৱ অধিকাৰ সম্পৰ্কীয় ৰাষ্ট্ৰীয় আইনখনত ১৯৯৪ চনৰ ৮জানুৱাৰী তাৰিখে ৰাষ্ট্ৰপতিৰ অনুমোদন জনায়। এই আইনখন মানৱ অধিকাৰ সুৰক্ষা আইন,১৯৯৩ নামে জনাজাত হয়। এই আইন মতে ৰাজ্যবোৰতো মানৱ অধিকাৰ আয়োগ গঠন কৰা হয়। আয়োগৰ সভাপতিজন উচ্চতম ন্যায়ালয়ৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ হব লাগে। ইয়াৰ অন্য সদস্য সকল হৈছে-

১) এজন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ বা প্ৰাক্তন ন্যায়াধীশ।

২) এজন কোনো উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ বা প্ৰাক্তন ন্যায়াধীশ।

READ MORE  মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম | Chapter 2 | Class 10 Social Science - SEBA

৩) দুজন সদস্য মানৱ অধিকাৰ সম্পৰ্কে জ্ঞান আৰু অভিজ্ঞতা থকা ব্যক্তি।

এইবোৰৰ উপৰিও সংখ্যালঘুৰ আয়োগৰ সভাপতি, অনুসূচীত জাতি আৰু জনজাতিৰ ৰাষ্ট্ৰীয় আয়োগৰ সভাপতি, ৰাষ্ট্ৰীয় মহিলা আয়োগৰ সভাপতি সদস্য হিচাপে থাকে। লকলো সদস্যৰে কাৰ্যকাল ৫ বছৰ। ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগে ভাৰতত মানৱ অধিকাৰ উলংঘনৰসকলো দিশ পৰ্যালোচনা কৰিতাৰ বিহিত ব্যৱস্হাৰ বাবে চৰকাৰৰ ওচৰত প্ৰতিবেদন দাখিল কৰে।

5. বিশ্বশান্তিৰ বাবে ৰাষ্ট্ৰসংঘই লোৱা পদক্ষেপসমূহ আলোচনা কৰা।
উত্তৰঃ জনগণৰ মনৰ পৰা যুদ্ধৰ বিভীষিকাৰ পৰা ৰক্ষা কৰি বিশ্বত শান্তি প্ৰতিষ্ঠাৰ বাবে ১৯৪৫ চনত ৰাষ্ট্ৰসংঘ নামৰ এটা আন্তঃজাতিক সংগঠন গঠন কৰা হৈছিল। এই সংগঠনটোৱে আজি প্ৰায় ৭০ বছৰত ভৰি দিলে। এই সময়ছোৱাত সমস্যা জৰ্জৰিত বিশ্বত শান্তিৰ বাতাবৰণ আনি সকলো সমস্যাক আলোচনা আৰু বুজাবুজিৰে সমাধান কৰাত ৰাষ্ট্ৰসংঘই উল্লেখ যোগ্য ভূমিকা গ্ৰহণ কৰি আহিছে।

যোৱা কেইটামান দশকত নিৰস্ত্ৰীকৰণৰ জৰিয়তে ৰাষ্ট্ৰসংঘই বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত যুদ্ধৰ পৰিবেশ নাইকিয়া কৰিবলৈ চেষ্টা চলাই আহিছে।১৯৫২ চনৰ জানুৱাৰী মাহত ৰাষ্ট্ৰসংঘই নিৰস্ত্ৰীকৰণ আয়োগ গঠন কৰে। তাৰ পিছৰে পৰা ৰাষ্ট্ৰসংঘৰ তৎপৰতাত তলত দিয়া চুক্তিসমূহ সম্পাদিত হৈছিল-

1) ১৯৬৩ চনত “আংশিকভাৱে আণৱিক অস্ত্ৰৰ বিস্ফোৰণ নিষিদ্ধ চুক্তি” (Partial Nuclear Test Ban Treaty)

২) ১৯৬৭ চনত “বহিঃ মহাকাশ চুক্তি” (Outer Space Treaty)

৩) ১৯৬৮ চনত “পাৰমাণৱিক অস্ত্ৰ সংকোচন চুক্তি” (Nuclear Non Proliferation Treaty)

৪) ১৯৭১ চনত “সমুদ্ৰতলি নিয়ন্ত্ৰণ চুক্তি” (Seabed Control Treaty)

৫) ১৯৭২ চনত “চল্ট-১”(SALT-1 or Strategic Arms Limitation Treaty)

৬) ১৯৭৯ চনত “চল্ট-২” (SALT-২)

৭) ১৯৯৩ “পাৰমাণৱিক অস্ত্ৰ নিয়ন্ত্ৰণ চুক্তি” (Nuclear Arms Control Treaty)

৮) ১৯৯১ আৰু ১৯৯৩ চনত START (Strategic Arms Reduction Treaty)-1 আৰু START-২

৯) ১৯৯৬ চনত ১৫৮ খন দেশৰ মাজত সম্পাদিত হোৱা “পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা নিষিদ্ধকৰণ চুক্তি” (CTBT or Comprehensive Test Ban Treaty)

উক্ত চুক্তিসমূহ সম্পাদনাৰ জৰিয়তে ৰাষ্ট্ৰসংঘই বিশ্বত শান্তি প্ৰতিষ্ঠাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছে। ৰাষ্ট্ৰসংঘৰ সু-ব্যৱস্হাৰ ফলশ্ৰুতিতে হয়তো আমি তৃতীয়খন বিশ্বযুদ্ধৰ পৰা বিৰত থাকিব পাৰিছো।

Leave a Comment

error: Content is protected !!
Scroll to Top