ভাৰতীয় গণতন্ত্ৰ | ৰাজনীতি বিজ্ঞান | Chapter 10 | Class 10 Social Science Question and Answer | Assam Class 10 Social Science Solutions | SEBA Class 10 HSLC Social Science Chapter 10 Notes | SEBA Class 10 HSLC Social Science Chapter 10 Question and Answer | Questions and Answers for Class 10 Social Science Chapter 10 ভাৰতীয় গণতন্ত্ৰ | HSLC Social Science Questions and Answers Assam


ভাৰতীয় গণতন্ত্ৰ
(Indian Democracy)

Very Short Type Questions and Answers (Marks : 1)

1. ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা আছে?
উত্তৰঃ ভাৰতবৰ্ষত দ্বৈত নাগৰিকত্বৰ ব্যৱস্থা নাই।

2. সমাজবাদীআৰু ধৰ্মনিৰপেক্ষশব্দ দুটা সংবিধানৰ কিমান সংশােধনী – মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল?
উত্তৰঃ সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ’ শব্দ দুটা ১৯৭৬ চনৰ ১৮ ডিচেম্বৰ তাৰিখে হােৱা সংবিধানৰ ৪২ তম সংশােধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছিল।

3. ১৯৪৫ চনত অনুমিত হাৰ নিৰ্বাচনত ইংলেণ্ডত কোনটো দল জয়ী হৈছিল?
উত্তৰঃ ১৯৪৫ চনত অনুষ্ঠিত হােৱা নিৰ্বাচনত ইংলেণ্ডত শ্ৰমিক দল জয়ী হৈছিল।

4. ইংৰাজ এration শব্দটো কোনটো লেটিন শব্দৰ পৰা আহিছে?
উত্তৰঃ ইংৰাজ Federation শব্দটো লেটিন শব্দ Foedus ৰ পৰা আহিছে।

5. কেবিনেট মি ন’ ভাৰতলৈ কেতিয়া আহি হল?
উত্তৰঃ ১৯৪৫ চনৰ মাৰ্চ মাহত কেবিনেট মি ন’ ভাৰতলৈ আহিছিল।

6. যুক্তৰাষ্ট্ৰৰ গৃহিভূমি বুলি কী কোৱা হয়?
উত্তৰঃ আমেৰিকাক ‘যুক্তৰাষ্ট্ৰৰ গৃহভূমি’বুলি কোৱা হয়।

7. সংবিধান সভাৰ প্ৰথম সভাপতি কোন আছিল?
উত্তৰঃ সংবিধানৰ সভাৰ প্ৰথম সভাপতি আছিল ড° সদ্ভিদানন্দ সিনহা।

8. ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দে ৰস বিধানৰ। পৰা অনুকৰণ কৰা হৈছে?
উত্তৰঃ ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো ইংলেণ্ডৰ সংবিধানৰ পৰা অনুকৰণ কৰা হৈছে।

9. খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম কি?
উত্তৰঃ খচৰা সমিতিৰ অধ্যক্ষজনৰ নাম হ’ল ডবি আৰ আম্বেদকাৰ।

Short Type Questions and Answers (Marks : 2)

1. কোন চনৰ কিমান সংবাকে সংশােধনী অনুসৰি সংবিধানৰ প্ৰস্তাৱনাত ‘সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ’ শব্দ দু। সনিৱিষ্ট কৰা হৈছে?
উত্তৰঃ সমাজবাদী আৰু ধৰ্মনিৰপেক্ষ’ শব্দ দুটা ১৯৭৬ চনৰ ১৮ ডিচেম্বৰ। তাৰিখে হােৱা সংবিধানৰ ৪২ তম সংশােধনী মতে প্ৰস্তাৱনাত সন্নিৱিষ্ট হৈছে।

2. ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯০ ৰ ২৬ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা কি আইনৰ ভিত্তিত চলিছিল আৰু আইবন কানে প্ৰস্তুত কৰিছিল?
উত্তৰঃ ১৯৪৭ চনৰ ১৫ আগষ্টৰ পৰা ১৯৫০ চনৰ ২৬ জানুৱাৰীলৈ ভাৰতবৰ্ষৰ শাসন ব্যৱস্থা ১৯৩৫ চনৰ ভাৰত আইনৰ ভিত্তিত চলিছিল।

3. অৰ্ধ যুক্তৰাষ্ট্ৰ কাক বােলে?
উত্তৰঃ যি যুক্তৰাষ্ট্ৰত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা থকাৰ উপৰি এককেন্দ্ৰীয় চৰকাৰৰ বৈশিষ্ট্যও দেখা যায় তাকে অৰ্ধ যুক্তৰাষ্ট্ৰ বুলি কোৱা হয়।

READ MORE  অসমৰ ভূগােল | Chapter 9 | Class 10 Social Science - SEBA

4. প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে’বুলি কিয় উল্লেখকৰা হৈছে?
উত্তৰঃ প্ৰস্তাৱনাত আমি ভাৰতীয় জনসাধাৰণে বুলি উল্লেখ কৰি সংবিধান প্ৰণেতাসকলে স্পষ্ট কৰিছে যে সংবিধানৰ ৰচক ভাৰতীয় জনগণ, সংবিধানখন ভাৰতীয় জনগণৰ আৰু ভাৰতীয় জনগণেই সংবিধানৰ আঁৰত থকা বৃহৎ শক্তি।

5. কোনকেইখন আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতি। প্ৰৱৰ্তন কৰিছিল?
উত্তৰঃ ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনে পৰাধীন ভাৰতবৰ্ষত সীমিত সংসদীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল।

6. সাৰ্বভেম মা কি বুজা?
উত্তৰঃ ‘সাৰ্বভােম’ মানে হল কোনাে বিদেশী শক্তিৰ তলতীয়া নােহােৱা আৰু আভ্যন্তৰীণভাৱেও কোনাে শক্তিৰ দ্বাৰা পৰিচালিত নােহােৱা।

7. ভাৰতীয় সংবিধান খচৰা কমিটীৰ সদস্যসকলৰ নাম উল্লেখ কৰা।
উত্তৰঃ ভাৰতীয় সংবিধান খচৰা কমিটীৰ সদস্যসকল আছিল- ড° বি.আৰ.আম্বেদকাৰ (সভাপতি), এন গােপাল আয়েংগাৰ, আলালি কৃস্বামী আয়াৰ, কে এম মুন্সি, চৈয়দ মহম্মদ চাদুল্লা, এন মাধৱ ৰাও আৰু ডি পি খৈতান।

8. ব্ৰিটিই বয়সে কেবিনেট মিছনক কিয় ভাৰতলৈ পঠাইছিল?
উত্তৰঃ ১৯৪৫ চনৰ জুলাই মাহত ইংলেণ্ডত শ্ৰমিক দল ক্ষমতালৈ অহাৰ পিছতে নতুন চৰকাৰে ভাৰতক স্বাধীনতা দিয়াৰ সিদ্ধান্ত ল’লে। সেই অনুসৰি নতুন গণতান্ত্ৰিক ৰাষ্ট্ৰখনৰ বাবে প্ৰয়ােজনীয় হৈ উঠা সংবিধান এখন ৰচনাৰ কথা প্ৰয়ােজনীয় পৰিৱেশ আৰু প্ৰস্তুতি চলাবৰ অৰ্থে ব্ৰিটিছ চৰকাৰে ১৯৪৬ চনৰ মাৰ্চ মাহত ‘কেবিনেট মিছন’ক ভাৰতবৰ্ষলৈ পঠালে।

Long Type Questions and Answers (Marks : 4)

1. ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাটো উলেখ কৰা।
উত্তৰঃ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱলাটো হ’ল—আমি ভাৰতৰ জনসাধাৰণে এখন সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক, গণৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰিম বুলি দৃঢ় সংকল্প কৰি আৰু ভাৰতবৰ্ষৰ সকলাে লােককে সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, চিন্তা, প্ৰকাশ্বিাস, ধৰ্ম আৰু উপাসনাৰ স্বাধীনতা, সম-মৰ্যাদা আৰু সুযােগ দিম বুলি আৰু তেওঁলােকৰ মাজত ব্যক্তিৰ মৰ্যাদা, জাতীয় ঐক্য আৰু সংহতি নিশ্চিতকাৰী ভাতৃত্বভাব বৃদ্ধি কৰিবলৈ আজি ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে আমাৰ সংবিধান নৃভাই গ্ৰহণ কৰা আৰু লিপিবদ্ধ কৰা এই সংবিধানখন আমি নিজকে অৰ্পণ কৰিলাে।

2. দলেৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ পাৰ্থক্যসমূহ দেখুওৱা।
উত্তৰঃ ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰৰ লগত ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ মূল পাৰ্থক্যকেইটা মন কৰিবলগীয়া।

(ক) ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰ প্ৰধানতঃ এখন গণৰাজ্য। কিন্তু ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰ গণৰাজ্য নহয়। ইংলেণ্ডৰ দৰে আমাৰ দেশৰ সংসদীয় গণতন্ত্ৰৰ ৰাষ্ট্ৰপ্ৰধানজন। পুৰুখানুক্ৰমে তােৰা ব্যক্তি নহয়। ইংলেণ্ডৰৰজা অথবা ৰাণীৰ বিপৰীতে আমাৰ ৰাষ্ট্ৰপ্ৰধানজন। (ৰাষ্ট্ৰপতি) জনগণৰ দ্বাৰা নিৰ্বাচিত হােৱা ব্যক্তি।

(খ) ভাৰতবৰ্ষৰ সংসদৰ উচ্চ সদন ৰাজ্যসভাৰ গঠন আৰু ক্ষমতা ইংলেণ্ডৰ উচ্চ – সদন হাউছ অব লৰ্ডছতকৈ বহু পৃথক।

(গ) ইংলেণ্ডৰ সংসদীয় গণতন্ত্ৰত সংসদখন অত্যন্ত শক্তিশালী। কিন্তু ভাৰতবৰ্ষৰ সংসদ ইমান শক্তিশালী নহয়।

3. ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাত সংবিধানৰ আদৰ্শ কেনেদৰে প্ৰকাশ পাইছে আলােচনা কৰা।
উত্তৰঃ কোনাে এখন গ্ৰন্থৰ পাতনিত যেনেকৈ গ্ৰন্থখনৰ বিষয়ে চমুকৈ সকলাে কথা। উল্লেখ থাকে, ঠিক একেদৰে ভাৰতবৰ্ষৰ সংবিধানৰ প্ৰস্তাৱনাতাে সংবিধানৰ মূল বিষয়বস্তু (আদৰ্শ আৰুলক্ষ্য) সম্পৰ্কে বিৱৰণ আছে। সেইবাবেই বহূতে প্ৰস্তাৱনাক ভাৰতৰ সংবিধানৰ আত্মা, বিবেক, দুৱাৰদলি আৰু চাবিকাঠি বুলি অভিহিত কৰে। প্ৰকৃতাৰ্থত প্ৰস্তাৱনাত সন্নিৱিষ্ট কথাখিনি জানিলেহে সংবিধানখনক জনাটো সম্ভৱ। কাৰণ প্ৰস্তাৱনাৰ প্ৰতিটো শব্দৰ মাজত লুকাই আছে সংবিধানখনৰ আদৰ্শ, দৰ্শন আৰু লক্ষ্য।

READ MORE  মুদ্ৰা আৰু বেংক ব্যৱস্থা | Chapter 12 | Class 10 Social Science - SEBA

আমি ভাৰতীয় জনসাধাৰণে বুলি আৰম্ভ হােৱা প্ৰস্তাৱনাত থকা প্ৰতিটো শব্দত নিহিত হৈ আছে নিৰ্দিষ্ট আদৰ্শ। উল্লেখযােগ্য যে সংবিধান প্ৰণেতাসকলে প্ৰস্তুতকালত প্ৰাচীন ভাৰতীয় সভ্যতা আৰু সংস্কৃতিৰ দিশটোৰ প্ৰতি গুৰুত্ব দিছিল আৰু তেনে আদৰ্শ সংবিধানৰ পাতত প্ৰসফুটিত হােৱাটো বিচাৰিছিল। প্ৰস্তাৱনাত থকা গুৰুত্বপূৰ্ণ শব্দকেইটা হ’ল— সাৰ্বভৌম, সমাজবাদী, ধৰ্মনিৰপেক্ষ, গণতান্ত্ৰিক আৰু প্ৰজাতন্ত্ৰ।

4. ভাৰতবৰ্ষৰ সংসদীয় পদ্ধতিৰ চৰকাৰৰ বৈশিষ্ট্যসমূহৰ ওপৰত ব্যাখ্যা আগবঢ়োৱা।
উত্তৰঃ সংসদীয় গণতন্ত্ৰ হল এৰ্বিৰ শাসন ব্যবস্থা যত জনপ্ৰতিনিধিৰ দ্বাৰা, গঠিত এটা সংস্থাৰ ওচৰত শাসনৰ সৰ্বোচ্চ ক্ষমতা অৰ্পণ ক হয়। জনপ্ৰতিনিধিৰে গঠিত এনে সংস্থাক আমেৰিকা যুক্তৰাষ্ট্ৰত কংগ্ৰেছ আৰু ভাৰতবৰ্ষ, ইংলেণ্ড আদি দেশত সংসদ বােলা হয়। ভাৰতবৰ্ষৰ সংসদ দুখন সদনেৰে গঠিত। লােকসভা আৰু ৰাজ্যসভা নামৰ – এই দুখন সদনৰ লগতে ভাৰতৰ ৰাষ্ট্ৰপতিজনাে ভাৰতৰ সংসদৰ অবিচ্ছেদ্য অংগ মুঠতে সংসদক প্ৰাধান্য দি পৰিচালিত হােৱা গণতান্ত্ৰিক ব্যৱস্থাকে সহজ অৰ্থত সংসদীয় গণতন্ত্ৰ বুলিব পাৰি।

সংবিধান অনুসৰি ভাৰতবৰ্ষত প্ৰচলিত হােৱা সংসদীয় গণতন্ত্ৰই জনসাধাৰণৰ ওচৰত বিশেষভাৰে দায়বদ্ধ এখন চৰকাৰ গঠন কৰিছে। সংবিধান প্ৰণেতাসকলে আমাৰ দেশৰ সংবিধানত সংসদীয় পদ্ধতিৰ চৰকাৰ প্ৰৱৰ্তন কৰাৰ ক্ষেত্ৰত ইংলেণ্ডৰ সংবিধানখন। বিশেষভাৱে অনুকৰণ কৰিছিল অৰশ্যে ১৯৩৫ চনৰ ভাৰত চৰকাৰ আইনখনেও সীমিত ৰূপত পৰাধীন ভাৰতবৰ্ষত সংসদীয় চৰকাৰৰ পদ্ধতি আৰম্ভ কৰিছিল। যদিও ইংলেণ্ডৰ সংসদীয় পদ্ধতিৰ প্ৰভাৱ আমাৰ সংবিধানত পৰিছে তথাপি সংবিধান প্ৰণেতাসকলে। অন্ধভাৱে ইংলেণ্ডৰ সংবিধানখন অনুকৰণ নকৰি ভাৰতবৰ্ষৰ ৰাজনৈতিক আৰু সামাজিক অৱস্থা তথা পৰিৱেশৰ প্ৰতি চকু দি সকলাে কথাকে ভাৰতীয়কৰণ কৰি সংবিধানৰ পাতত। যাই দিছিল। ফলস্বৰূপে ভাৰতৰ সংসদীয় পদ্ধতি কিছু ব্যতিক্ৰমধৰ্মী হৈছে।

5. ভাৰতবৰ্ষৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ বৈশিষ্ট্যসমূহ আলােচনা কৰা।
উত্তৰঃ যুক্তৰাষ্ট্ৰ হল পাৰম্পৰিক সন্ধি অথবা চুক্তিৰ দ্বাৰা সম্মিলিত হােৱা কিছুমান ৰাজ্যৰ গােট অথবা সমষ্টি। ইয়াত ৰাজ্যসমুহে এখন কেন্দ্ৰীয় চৰকাৰৰ সাৰ্বভৌম ক্ষমতাক স্বীকৃতি দিয়াৰ লগতে নিজ স্বতন্ত্ৰতা আৰু স্বকীয়তা অক্ষুন্ন ৰাখে। অৱশ্যে যুক্তৰাষ্ট্ৰীয় পদ্ধতিটোৱে ভিন্ন ৰাষ্ট্ৰত ভিন্ন ৰূপগ্ৰহণ কৰিছে। আমাৰ দেশত অংগৰাজ্যসমূহে সাৰ্বভৌম ক্ষমতা কেন্দ্ৰীয় চৰকাৰৰ ওচৰত অৰ্পণ কৰিছে।

ভাৰতবৰ্ষ স্বাধীন হােৱাৰ পূৰ্বে ইংলেণ্ডৰ সংসদে প্ৰণয়ন কৰা ১৯৩৫ চনৰ ভাৰত, চৰকাৰ আইনখনে আমাৰ দেশত যুক্তৰাষ্ট্ৰীয় পদ্ধতিৰ প্ৰৱৰ্তন কৰিছিল। দুখলীয়া চৰকাৰ (কেন্দ্ৰ আৰু ৰাজ্য), ক্ষমতাৰ ভাগ-বিতৰণ আদি নীতিৰ আলমত এই আইনে পৰাধীন ভাৰতবৰ্ষত যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাৰ প্ৰৱৰ্তন কৰিলে। সেইবাবেই আমাৰ দেশৰ নতুন সংবিধানে তাব কৰা যুক্তৰাষ্ট্ৰীয় পদ্ধতিটো ভাৰতৰ জনগণৰ বাবে সম্পূৰ্ণ অচিনাকি পদ্ধতিনাছিল।

READ MORE  অসমত ব্ৰিটিছ বিৰােধী জাগৰণ আৰু কৃষক বিদ্ৰোহ | Chapter 3 | Class 10 Social Science - SEBA

আমাৰ সংবিধান প্ৰণেতাসকলে বুজি পাইছিল যে নতুনকৈ জন্ম পােৱা ভাৰতবৰ্ষত যদি অংগৰাজ্যবিলাকক অধিক স্বতন্ত্ৰ প্ৰদান কৰা হয় আৰু আমেৰিকাৰ দৰে সুকীয়া সংবিধান আৰু দ্বৈত নাগৰিকৰ ব্যৱস্থা কৰা হয় তেন্তে জাতীয় সংহতি আৰু অখণ্ডতা শক্তিশালী কৰা সম্ভৱ নহ’ব। ভাৰতবৰ্ষত এক ব্যতিক্ৰমধৰ্মী যুক্তৰাষ্ট্ৰ।

6. সাৰ্বভৌম’, ‘সমাজবাদ, ধৰ্মনিৰপেক্ষ’, ‘গণতান্ত্ৰিক আৰু গণৰাজ্য বুলিলে কি বুজা বহলাই লিখা।
উত্তৰঃ সাৰ্বভৌম, সমাজবাদী’, ‘ধৰ্মনিৰপেক্ষ’, ‘গণতান্ত্ৰিক আৰু ও গণৰাজ্য— এই আটাইকেইটা শব্দৰ মাজত সংবিধানৰ আদৰ্শ প্ৰতিফলিত হৈছে।

সাৰ্বভৌমঃ ভাৰতবৰ্ষ এখন সাৰ্বভৌম ৰাষ্ট্ৰ। সাৰ্বভৌমত হৈছে ৰাষ্ট্ৰৰ সৰ্বোচ্চ ক্ষমতা। অৰ্থাৎবাহ্যিকভাৱে কোনাে বিদেশীশক্তিৰ তলতীয়া নহয় আৰু আভ্যন্তৰীণভাৱে ভাৰতবৰ্ষ। কোনাে শক্তিৰ দ্বাৰা পৰিচালিত নহয়।।

সমাজবাদীঃ ভাৰতবৰ্ষ এখন সমাজবাদী ৰাষ্ট্ৰ। সংবিধানৰ ৪২ নং সংশােধনী আইনৰ জৰিয়তে ১৯৭৬ চনত এই শব্দটো প্ৰস্তাৱনাত সংযােজন কৰা হৈছে। ভাৰতবৰ্ষত মানুহৰ আয়, মৰ্যাদা আৰু জীৱন ধাৰণৰ মানদণ্ডৰ বিষয়ত বৈষম্য অথবা অসমতা নাথাকিব। উৎপাদনৰ আহিলাসমূহ জাতীয়কৰণ হ’ব। জাতীয় আয়ৰ সমৰিতৰণৰ ব্যৱস্থাৰে আৰু মিশ্ৰ অৰ্থনীতিৰ জৰিয়তে সমাজবাদ প্ৰতিষ্ঠা হ’ব। দেশৰ অৰ্থনীতি জনসাধাৰণে নিৰ্ধাৰম কৰিব। কোনাে পুঁজিপতিৰ দ্বাৰা দেশৰ অৰ্থনীতি নিৰ্ধাৰণ নহ’ব।

ধৰ্মনিৰপেক্ষঃ ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ হ’ব। ইয়াত চৰকাৰী ধৰ্ম বুলি কোনাে ধৰ্ম নাথাকিব। চৰকাৰৰ দৃষ্টিত সকলাে ধৰ্ম সমান আৰু ধৰ্মৰ নামত কোনাে বৈষম্য নাথাকিব। লগতে চৰকাৰে কোনাে ধৰ্মৰ প্ৰতি অনুগ্ৰহ প্ৰদৰ্শন নকৰিব। উল্লেখ্য যে এই শব্দটো প্ৰস্তাৱত ৪২ নং সংশােধনী মতে সন্নিৱিষ্ট হৈছে।

গণতান্ত্ৰিকঃ ভাৰতবৰ্ষ এখন গণতান্ত্ৰিক ৰাষ্ট্ৰ। দেশৰ শাসন ব্যৱস্থা জনসাধাৰণৰ প্ৰতিনিধিৰ দ্বাৰা পৰিচালিত হব। জনসাধাৰণে দেশৰ শাসন নিজৰ বাবে নিজেই চলাব আৰু প্ৰশাসন জনসাধাৰণৰ দায়বদ্ধ হব।।

গণৰাজ্যঃ ভাবতবৰ্ষ এখন গণৰাজ্য। দেশখনৰ বাষ্ট্ৰপ্ৰধানজন (ৰাষ্ট্ৰপতি) জনসাধাৰণৰ দ্বাৰা নিৰ্বাচিত ব্যক্তি হ’ব। ৰাষ্ট্ৰপ্ৰধানৰ পদবীটো বংশানুক্ৰমিক নহব অথবা কোনােবাই বাচনি কলা ব্যক্তি নহ’ব।

7. হেৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱকেইটা আলােচনা কৰা।
উত্তৰঃ নেহৰুৰ উদ্দেশ্য সম্পৰ্কিত প্ৰস্তাৱৰ মূল বিষয়সমূহ আছিল তলত দিয়া ধৰণৰ—

(ক) গণ পৰিষদে ভাৰতবৰ্ষক স্বাধীন, সাৰ্বভৌম, প্ৰজাতন্ত্ৰ হিচাপে ঘােষণা কৰিবলৈ। দৃঢ়প্ৰতিজ্ঞ (পিছলৈ স্বাধীন শব্দটো বাদ দিয়া হয়)।

(খ) ব্ৰিটিছ শাসিত ভাৰতবৰ্ষৰ ভূখণ্ড আৰু ভাৰতৰ অন্তৰ্ভুক্ত হব বিচৰা দেশীয় ৰাজ্যবিলাকক লৈ ৰাজ্যসমূহৰ সংঘ গঠিত হ’ব।।

(গ) ভাৰতবৰ্ষৰ জনসাধাৰণৰ সামাজিক, অৰ্থনৈতিক আৰু ৰাজনৈতিক ন্যায়, সমতা, ধৰ্মীয় স্বাধীনতা ৰক্ষা, চিন্তা আৰু মতামত প্ৰকাশৰ স্বাধীনতাক স্বীকৃতি প্ৰদান কৰা হ’ব।

(ঘ) অনুসূচিত জাতি, জনজাতি, অনুন্নত সম্প্ৰদায় আৰু সংখ্যালঘু জনসাধাৰণৰ। সুৰক্ষাৰ ব্যৱস্থা থাকিব।

(ঙ) দেশৰ স্বাধীনতা, সাৰ্বভৌমত্ব আৰু অখণ্ডতা ৰক্ষা কৰাৰ ওপৰত গুৰুত্ব প্ৰদান ৰা হ’ব।

(চ) আন্তৰ্জাতিক সম্পৰ্ক, বিশ্বশান্তিৰক্ষা আৰুজনগণৰ কল্যাণৰ বাবে ভাৰবৰ্ষই সম্পূৰ্ণ সহযােগিতা আগবঢ়াব।।

(ছ) জনসাধাৰণেই হব সকলাে ক্ষমতাৰ উৎস। সাৰ্বভৌম দেশৰ চৰকাৰ আৰু সকলাে অংগই জনসাধাৰণৰ পৰা ক্ষমতা লাভ কৰিব।

(জ) সংঘত যােগ দিয়া সহযােগী দেশীয় ৰাজ্যসমূহে অবশিষ্ট ক্ষমতাৰ সৈতে স্বায়ত্ত শাসনৰ মাজেৰে অংগৰাজ্যৰ মৰ্যাদা লাভ কৰিব।

Leave a Comment

error: Content is protected !!
Scroll to Top