মুদ্ৰা আৰু বেংক ব্যৱস্থা | অৰ্থনৈতিক বিজ্ঞান | Chapter 12 | Class 10 Social Science Question and Answer | Assam Class 10 Social Science Solutions | SEBA Class 10 HSLC Social Science Chapter 12 Notes | SEBA Class 10 HSLC Social Science Chapter 12 Question and Answer | Questions and Answers for Class 10 Social Science Chapter 12 মুদ্ৰা আৰু বেংক ব্যৱস্থা | HSLC Social Science Questions and Answers Assam


মুদ্ৰা আৰু বেংক ব্যৱস্থা
(Money and Banking)

Very Short Type Questions and Answers (Marks : 1)

1. ভাৰতীয় ৰিজাৰ্ভ বেংক কোন চনত স্থাপিত হৈছিল?
উত্তৰঃ ১৯৩৫ চনত।

2. অবিহিত মুদ্ৰাৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ চেক বা ধনাদেশ।

3. মুদ্ৰা কি?
উত্তৰঃ ইংৰাজ অৰ্থনীতিবিদ জিয়ফ্ৰী ক্ৰাউথাৰৰ মতে বিনিময়ৰ মাধ্যম হিচাপে সাধাৰণ গ্ৰহনযোগ্যতা থকা আৰু লগতে সামগ্ৰীৰ মূল্যৰ মাপকাঠি আৰু মূল্যৰ ভাণ্ডাৰ হিচাপে কাৰ্য সম্পাদন কৰা যিকোনো সামগ্ৰীই হ’ল মুদ্ৰা।

4. বেংক কি?
উত্তৰঃ বেংক হ’ল এটা বিত্তীয় প্ৰতিষ্ঠান যিয়ে ঋণৰ ব্যৱসায় কৰে আৰু সঞ্চকাৰীৰপৰা সঞ্চয় সংগ্ৰহ কৰে।

5.মুদ্ৰাৰ এটা মুখ্য কাৰ্য উল্লেখ কৰা।
উত্তৰঃ ই বিনিময়ৰ মাধ্যম হিচাপে কাম কৰে।

6. বিনিময় প্ৰথা কি?
উত্তৰঃ সামগ্ৰীৰ বিপৰীতে সামগ্ৰীৰ প্ৰত্যক্ষ বিনিময়েই হ’ল বিনিময় প্ৰথা।

7. চলিত আমানত কি?
উত্তৰঃ চলিত আমানত হ’ল সেই আমানত য’ত সঞ্চয়কাৰীয়ে বা আমানতকাৰীয়ে নিজৰ সঞ্চয় যিকোনো সময়তে চেকৰ জৰিয়তে উলিয়াই আনিব পাৰে।

8. প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা কি?
উত্তৰঃ কাগজী মুদ্ৰাই ধাতুগত মুদ্ৰাৰ স্থান অধিকাৰ কৰি আছে। এই মুদ্ৰা সম মূল্যৰ সোণ বা ৰূপলৈ পৰিৱৰ্তিত হয়। এনে কাগজী মুদ্ৰাক প্ৰতিনিধিত্বমূলক কাগজী মুদ্ৰা বোলে।

Short Type Questions and Answers (Marks : 2/3)

1. মুদ্ৰা তাৰল্য গুণ কি?
উত্তৰঃ যিকোনো মুদ্ৰা সমমূল্যৰ সা-সামগ্ৰীলৈ তৎক্ষণাত আৰু প্ৰত্যজ্ঞভাৱে ৰূপান্তৰিত হোৱাকে মুদ্ৰাৰ তাৰল্য গুণ থকা বুলি কোৱা হয়।মুদ্ৰা সামগ্ৰীলৈ তৎকালীনভাৱে আৰু প্ৰত্যক্ষভাৱে ৰূপান্তৰিত হয়। বিনিময় প্ৰথাত সামগ্ৰীৰ তাৰল্য গুণ নাথাকে কাৰণ সামগ্ৰী তৎক্ষণাত আৰু প্ৰত্যক্ষভাৱে আন সমগ্ৰীলৈ ৰূপান্তৰ হ’লেও সমগ্ৰীবোৰ বেছিদিন সঞ্চয় কৰি ৰাখিব নোৱাৰি।

2. মুদ্ৰাৰ কোনটো বৈশিষ্ট্য সবাতোকৈ গুৰুত্বপৃৰ্ণ আৰু কিয়?
উত্তৰঃ মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্য থাকিব লাগিব ন’হলে মুদ্ৰা বিনিময়ৰ মাধ্যম হ’ব নোৱাৰে। মুদ্ৰাৰ বৈশিষ্টসমূহৰ ভিতৰত এইটোৱেই সবাতোকৈ গুৰুত্বপূৰ্ণ বৈশিষ্ট্য।বিনিময় মাধ্যম হিচাপে সাধাৰণ গ্ৰহণযোগ্য মুদ্ৰা এবিধ সামগ্ৰী যাৰ সহায়ত সকলো বস্তু আৰু সেৱাকাৰ্যৰ মূল্য প্ৰকাশ কৰা হয় আৰু যাৰ যোগেদি সঞ্চয়, ঋণ গ্ৰহণ আৰু ঋণ পৰিশোধ কাৰ্য সম্পাদন কৰা হয়।

3. অনা -বেংক প্ৰতিষ্ঠানসমূহে বেংকতকৈ কি অৰ্থত বেলেগ?
উত্তৰঃ (ক) বেংকৰ ক্ষেত্ৰত যিদৰে চেকৰ জৰিয়তে সংশয়কাৰীয়ে নিজৰ জমা ধন উলিয়াই আনিব পাৰে, নিজৰ জমা ধন উলিয়াই আনিব পাৰে, অনা-বেংক প্ৰতিষ্ঠানসমূহে চেকৰ যোগান নধৰে আৰু সেয়ে চেকৰ জৰিয়তে এনেবোৰ প্ৰতিষ্ঠানৰ পৰা সংশয়কাৰীয়ে নিজৰ জমা ধন উলিয়াই অনাৰ সুযোগ লাভ নকৰে।

(খ) বেংকৰ ক্ষেত্ৰত জমাকাৰীৰ সঞ্চয় বীমা আঁচনি থাকে কিন্তু আনা- বেংক প্ৰতিষ্ঠানসমূহত এনে বীমাকৰণৰ ব্যৱস্থা নাথাকে।

4. মূল্যৰ ভাণ্ডাৰ বুলিলে কি বুজা?
উত্তৰঃ মুদ্ৰাক সা-সামগ্ৰীৰ মূল্যৰ ভাণ্ডাৰ বুলি কোৱা হয়। কাৰণ সা- সামগ্ৰী বেছি দিনলৈ সঞ্চয় কৰি ৰাখিব নোৱাৰি। বিনিময় প্ৰথাত সঞ্চয়ৰ ভাণ্ডাৰ নাছিল। মুদ্ৰা ব্যৱস্থাত মুদ্ৰা সঞ্চয় কৰি ৰাখিব পাৰি। সামগ্ৰীৰ দৰে মুদ্ৰা নষ্ট হৈ নাযায়।ইয়াক বেংকত জমা ৰাখিব পাৰি আৰু প্ৰয়োজন সাপেক্ষে যিকোনো সময়ত উলিয়াই সা-সমগ্ৰী ক্ৰয় কৰিব পাৰি।সেয়ে মুদ্ৰা হ’ ল সা- সামগ্ৰীৰ মূল্যৰ ভাণ্ডাৰ।

READ MORE  ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক ঐতিহ্য | Chapter 5 | Class 10 Social Science - SEBA

5. আঞ্চলিক গ্ৰাম্য বেংকে কি কাৰ্য্য সমপাদন কৰে?
উত্তৰঃ(ক) বেপাৰী, মহাজনসকলৰ পৰা অত্যাধিক সুদ দি ঋণ লোৱা গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্ৰদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া।

খ) গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্য সেই সঞ্চয় ব্যয় কৰা।

6. ‘মুদ্ৰা সা -সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠী’- ব্যাখ্যা কৰা।
উত্তৰঃ মুদ্ৰা সা-সামগ্ৰীৰ মূল্যৰ উমৈহতীয়া মাপকাঠি। মুদ্ৰাই মূল্যৰ মাপকাঠি হিচাপে কাৰ্য সম্পাদন কৰে।সকলো আৰ্থিক সামগ্ৰীৰ মূল্য আছে। মুদ্ৰাৰ মাধ্যমেৰে সকলো সামগ্ৰী আৰু সেৱাকাৰ্যৰ মূল্য নিৰূপন কৰা হয়।কোনো এটা বস্তু ক্ৰয় কৰাৰ বাবে যি পৰিমাণৰ মুদ্ৰা প্ৰদান কৰিব লাগে তাকে বস্তুটোৰ দাম বুলি কোৱা হয়। সকলো বস্তুৰ উৎপাদন ব্যয় আৰু বিক্ৰী মূল্য মুদ্ৰাৰ মাধ্যমৰে প্ৰকাশ কৰা হয় আৰু সেই কাৰণে মুদ্ৰাই মূল্যৰ মাপকাঠি।

7. সংগতিবিহীন অভাৱে বিনিময় প্ৰথাত কিদৰে সমস্যাৰ সৃষ্টি কৰে?
উত্তৰঃ ধৰাহ’ল A ধানৰ প্ৰয়োজন হোৱা নাই আৰু B য়ে মুদ্ৰাহে বিচাৰিছে, তেনে অৱস্থাত A আৰু B ৰ মাজত বিনিময় হ’ব নোৱাৰে। A এ যি বিচাৰিছে সেয়া B ৰ ওচৰত থাকিব লাগিব আৰু লগতে B এ যি বিচাৰিছে সেয়া A ৰ ওচৰত থাকিব লাগিব তেতিয়াহে বিনিময় হ’ব। সংগতিবিহীন অভাৱে বিনিময় প্ৰথাত এনে সমস্যাৰ সৃষ্টি কৰে।

8. সসীম বিহিত আৰু অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য লিখা।
উত্তৰঃ সসীম বিহিত মুদ্ৰা অসীম বিহিত মুদ্ৰাৰ পাৰ্থক্য হ’ল—

ক) যি বিহিত মুদ্ৰাৰ সহায়ত সীমিত মূল্যৰ লেনদেনহে সম্পন্ন কৰিব পাৰি, সেই মুদ্ৰাকে সসীম মুদ্ৰা বোলে। আনহাতে, যি মুদ্ৰাৰ সহায়ত অধিক মূল্যৰ লেন-দেন সম্পাদন কৰিব পাৰি, সেই মুদ্ৰাকে অসীম বিহিত মুদ্ৰা বোলে।

খ) সসীম মুদ্ৰা নাথাকিলে কিছুমান লেন-দেনৰ ক্ষেত্ৰত আহুকালে দেখা দিব পাৰে। কিন্তু অসীম মুদ্ৰাৰ তেনেকুৱা কোনো অসুবিধা দেখা নাযায়।

গ) কম মূল্যৰ কাগজী বা ধাতু মুদ্ৰা সসীম মুদ্ৰাৰ ক্ষেত্ৰত প্ৰযোজ্য। কিন্তু, অধিক মূল্যৰ মুদ্ৰা যেনে চেক মুদ্ৰা অসীম মুদ্ৰা হ’ব পাৰে।

Long Type Questions and Answers (Marks : 4)

1. NABARD (কৃষি আৰু গ্ৰাম্য উন্নয়নৰ বেংক) কি কাৰ্য সম্পাদন কৰে চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ (ক) গাঁও অঞ্চলত যিমানবোৰ অনুষ্টান বিনিয়োগ আৰু উৎপাদনৰ সৈতে জড়িত হৈ আছে সেই আটাইবোৰ শীৰ্ষ বিত্ত যোগানকাৰী প্ৰতিষ্ঠান হ’ল নাবাৰ্ড।

(খ) ঋণ প্ৰদান প্ৰক্ৰিয়া, আঁচনিৰ পুনৰিক্ষণ আৰু পৰ্যালোচনা, প্ৰশিক্ষণ আদিৰ সুদৃঢ়কৰণকল্পে নাবাৰ্ডে ব্যৱস্থা গ্ৰহণ কৰে।

(গ) সকলোবোৰে বিত্তীয় প্ৰতিষ্ঠান, ভাৰত চৰকাৰ, ৰাজ্য চৰকাৰ, ৰিজাৰ্ভ বেংক ইত্যাদিৰ সৈতে নাবাৰ্ডে সমন্বয় ৰক্ষা কৰে।

2. RRB’s (আঞ্চলিক গ্ৰাম্য বেংক) কি কাৰ্য সম্পাদন কৰে চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ (ক) বেপাৰী, মহাজনসকলৰপৰা অত্যধিক সুদ দি ঋণ লোৱা গাঁওবাসীলৈ অতি কম সুদৰ হাৰত ঋণ প্ৰদান কৰি দুখীয়া গাঁওবাসীক সকাহ দিয়া।

(খ) গ্ৰাম্য সঞ্চয় সংগ্ৰহ কৰি বিভিন্ন উৎপাদনমূলক কাৰ্যত সেই সঞ্চয় ব্যয় কৰা।

3. SIDBI (ভাৰতীয় ক্ষুদ্ৰ উদ্যোগ উন্নয়ন বেংক) কি কাৰ্য সম্পাদন কৰে চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ (ক) ক্ষুদ্ৰ উদ্যোগসমূহৰ বাবে উন্নত প্ৰযুক্তিবিদ্যা আৰু আধুনিকীকৰণৰ ব্যৱস্থা কৰা।

(খ) ক্ষুদ্ৰ উদ্যোগ খণ্ডত উৎপাদিত সামগ্ৰীৰ বাবে বজাৰৰ সুবিধা কৰি দিয়া।

(গ) অৰ্ধ-নগৰ এলেকাত ক্ষুদ্ৰ উদ্যোগসমূহত অধিক নিয়োগৰ ব্যৱস্থা কৰি গাওঁ আৰু অৰ্ধ-নগৰ এলেকাৰ চহৰলৈ জনসংখ্যাৰ বহিৰ্গমণ ৰোধ কৰা।

READ MORE  পৃথিৱীৰ ভূগােল | Chapter 8 | Class 10 Social Science - SEBA

(ঘ) ৰাজ্যিক বিত্ত নিগম, ঔদ্যোগিক নিগম, ব্যৱসায়িক বেংক, সমবায় বেংক আৰু অাঞ্চলিক গ্ৰাম্য বেংকসমূহলৈ অৰ্থ সাহায্য আগবঢ়োৱা আৰু এই অনুষ্ঠানবোৰৰ যোগেদি ক্ষুদ্ৰ উদ্যোগলৈ ঋণ আগবঢ়োৱা।

4. IDBI (আই ডি বি আই) বেংকে কি কাৰ্য সম্পাদন কৰে চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ (ক) ঔদ্যোগিক প্ৰতিষ্ঠানসমূহলৈ বিত্তীয় সাহায্য প্ৰদান কৰা।

(খ) ঔদ্যোগিক উন্নয়নৰ সৈতে জড়িত প্ৰতিষ্ঠানসমূহৰ প্ৰসাৰতা বৃদ্ধিত সহায় কৰা।

(গ) অৰ্থনৈতিকভাৱে পিছপৰা অঞ্চলসমূহৰ উদ্যোগলৈ ৰেহাই সুদৰ হাৰত এই বেংকে ঋণ আগবঢ়ায়।

(ঘ) বেংকটোৱে প্ৰশিক্ষণৰ জৰিয়তে উদ্যোগবিহীন জিলাসমূহত ঔদ্যোগিক উদ্যম বৃদ্ধিৰ বাবে আগভাগ লয়।

5. চেক এখন মুদ্ৰা নে? তোমাৰ উত্তৰৰ সপক্ষে যুক্তি দৰ্শোৱা।
উত্তৰঃ চেক মুদ্ৰা নহয়। তলত উল্লেখ কৰা কাৰণসমূহৰ বাবে চেক মুদ্ৰা নহয় :

(ক) ইয়াৰ সাধাৰণ গ্ৰহণযোগ্যতা নাই

(খ) ইয়াক সৰু সৰু এককত ভাগ কৰিব নোৱাৰি

(গ) ই মুদ্ৰা পৰিশোধৰ আদেশহে মাথোন।

(ঘ) ইযাক তৎক্ষণাৎ মুদ্ৰালৈ পৰিৱৰ্তন কৰিব নোৱাৰি।

6. মুদ্ৰাই সৃষ্টি কৰিব পৰা চাৰিটা প্ৰধান অসুবিধা ব্যাখ্যা কৰা।
উত্তৰঃ (i) মুদ্ৰাৰ মূল্যৰ স্থিৰতা নাথাকিলে কেতবোৰ জটিল সমস্যাৰ সৃষ্টি হয়। মুদ্ৰাৰ মূল্য অবিৰামভাৱে হ্ৰাস হ’লে ৰাইজৰ অসুবিধা হয় কাৰণ একেখিনি সামগ্ৰী কিনিবলৈ ক্ৰমাৎ অধিক ব্যয় কৰিবলগীয়া হয়।

(ii) মুদ্ৰা অৰ্থনৈতিক সম্পদ আৰু আয় একত্ৰীকৰণৰ এবিধ আহিলা হ’ব পাৰে। মুদ্ৰা সৰ্বস্ব অৰ্থনীতিত মুদ্ৰা অৰ্থনৈতিক ক্ষমতা আহৰণৰ উপায় হৈ পৰে। ই সামাজিক বৈষম্য সৃষ্টি কৰে।

(iii) মুদ্ৰাৰ প্ৰতি দুৰ্বলতাই সামাজিক মূল্যবোধৰ অৱক্ষয়ৰ কাৰণ হ’ব পাৰে। দুৰ্নীতি, অনিয়ম, অবিচাৰৰ গুৰিতেই মুদ্ৰা বুলি ক’লে অত্যুক্তি কৰা নহ’ব

(iv) মুদ্ৰাৰপৰা ক’লা মুদ্ৰাৰ সৃষ্টি হয়। ক’লা মুদ্ৰা অৰ্থনৈতিক অপৰাধৰ সৈতে জড়িত। এনেবোৰ অপৰাধৰ ফলত চৰকাৰে ৰাজহ হেৰুৱাব লগা হয়।

7. মুদ্ৰাৰ যিকোনো চাৰিটা প্ৰধান বৈশিষ্ট্য ব্যাখ্যা কৰা।
উত্তৰঃ (ক) মুদ্ৰাৰ সাধাৰণ গ্ৰহণযোগ্যতা থাকিব লাগিব নহ’লে মুদ্ৰা বিনিময়ৰ মাধ্যম হ’ব নোৱাৰে।

(খ) মুদ্ৰাৰ চিনাক্তকৰণ সহজ হ’ব লাগিব। আন সকলোবোৰ সামগ্ৰীতকৈ ই বেলেগ হ’ব লাগিব। মুদ্ৰাৰ চিনাক্তকৰণ সহজ নহ’লে সামগ্ৰী বেচা – কিনাৰ সময়ত জটিলতাই দেখা দিব।

(গ) মুদ্ৰা সহজেই নষ্ট হৈ যোৱা সামগ্ৰী হ’ব নোৱাৰে। মাছ, কণী, গাখীৰ ইত্যাদিৰ কোনোটোৱেই মুদ্ৰা হ’ব নোৱাৰে। কাৰণ এইবোৰ সামগ্ৰী বেছিদিনলৈ নিটিকে। মুদ্ৰা সঞ্চয়ৰ ভাণ্ডাৰ হ’ব লাগিলে মুদ্ৰা বেছি দিনলৈ টিকিব লাগিব।

(ঘ)মুদ্ৰাৰ মূল্যৰ স্থিৰতা থাকিব লাগিব। মুদ্ৰাৰ মূল্য দ্ৰূতিত হ্ৰাস পালে মুদ্ৰাৰ গ্ৰহণযোগ্যতা লোপ পাব। সেইদৰে মুদ্ৰা সঞ্চয়ৰ ভাণ্ডাৰ হ’ব নোৱাৰিব।

8. কেন্দ্ৰীয় বেংকৰ চাৰিটা প্ৰধান কাৰ্য ব্যাখ্যা কৰা।
উত্তৰঃ (i) কেন্দ্ৰীয় বেংকে কাগজী মুদ্ৰা ছপা কৰে। কেন্দ্ৰীয় বেংকৰ এইটো একচেটীয়া অধিকাৰ। বাকী কোনো বেংকৰ এই অধিকাৰটো নাই।

((ii) কেন্দ্ৰীয় বেংকে আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে। এই মুদ্ৰা দেশৰ সৰ্বমুঠ মুদ্ৰাৰ এক বৃহৎ অংশ। বাণিজ্যিক বেংকসমূহৰ ঋণদান ক্ষমতাৰ ওপৰত আমানত মুদ্ৰা বা ঋণ মুদ্ৰাৰ পৰিমাণ নিৰ্ভৰ কৰে।

(iii) কেন্দ্ৰীয় বেংকে বেংকসমূহৰ বেংক হিচাপে কাৰ্য সম্পাদন কৰে। গোটেইবোৰ বেংকৰ হিচাপ-নিকাচ কেন্দ্ৰীয় বেংকে পৰীক্ষা কৰে। আৰ্থিক সংকটৰ সময়ত এই বেংকে বাকী বেংকসমূহক সহায় কৰে।

(iv) কেন্দ্ৰীয় বেংকে চৰকাৰৰ বিত্তৰ যোগান ধৰে। বাজেটত দেখুওৱা চৰকাৰী ব্যয়ৰ পৰিমাণতকৈ চৰকাৰী আয়ৰ পৰিমাণ কম হ’লে বাজেট ঘাটিয়ে দেখা দিয়ে। বাজেট ঘাটি দূৰ কৰিবলৈ আমাৰ দেশত কেন্দ্ৰীয় চৰকাৰে কেন্দ্ৰীয় বেংকৰ বিত্তীয় সাহায্য ল’ব পাৰে।

READ MORE  আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য | Chapter 11 | Class 10 Social Science - SEBA

9. মুদ্ৰাই সম্পাদন কৰা চাৰিটা প্ৰধান কাৰ্য ব্যাখ্যা কৰা।
উত্তৰঃ (ক) বিনিময়ৰ মাধ্যমঃ সকলো সামগ্ৰী আৰু সেৱাকাৰ্য্যৰ বিনিময়ৰ মাধ্যম হিচাপে মুদ্ৰাক ব্যৱহাৰ কৰা হয়। সেই কাৰণে মুদ্ৰাক বিনিময়ৰ মাধ্যম বুলিও কোৱা হয়।

(খ) মূল্যৰ মাপকাঠীঃ মুদ্ৰাই মুল্যৰ মাপকাঠী হিচাপে কাৰ্য কৰে। মুদ্ৰাৰ মাধ্যমেৰে সকলো সামগ্ৰী আৰু সেৱাকাৰ্য্যৰ মূল্যৰ নিৰূপন কৰা হয়। কোনো এটা বস্তু ক্ৰয় কৰাৰ বাবে যি পৰিমাণ মুদ্ৰা প্ৰদান কৰিব লাগে তাকে বস্তুটোৰ দাম বোলে।

(গ)মূল্যৰ ভাণ্ডাৰঃ মানুহে উপাৰ্জনৰ এটা অংশ সঞ্চয় কৰি ৰাখিব বিচাৰে। মুদ্ৰাৰ যোগেদি এই সঞ্চয় কাৰ্য সম্পাদন কৰা হয়। ইয়াৰ কাৰণ মুদ্ৰাৰ স্থায়িত্ব ণ্ডণ অধিক আৰু মুদ্ৰাক সঞ্চয় কৰি ৰখা সহজ। সঞ্চয়ৰ যোগেদি মুদ্ৰাক সামগ্ৰীলৈ ৰূপান্তৰ কৰিব পাৰি।

(ঘ) স্থগিত দেনা -পাওনাৰ মানদণ্ডঃ মুদ্ৰা কেৱল বিনিময়ৰ মাধ্যম, মূল্যৰ মাপকাঠী আৰু মূল্যৰ ভাণ্ডাৰেই নহয়, মুদ্ৰা স্থগিত দেনা -পাওনাৰো মানদণ্ড। মুদ্ৰাই ঋণ গ্ৰহণ, ঋণ প্ৰদান আদি সকলো লেন-দেনৰ মাধ্যম হিচাপে কাৰ্য কৰে।

10. বাণিজ্যিক বেংকে সম্পাদন কৰা দুটা কাৰ্য্য ব্যাখ্যা কৰা।
উত্তৰঃ (i) বাণিজ্যিক বেংকে সঞ্চয় সংগ্ৰহ কৰে। এই সঞ্চয় তিনি প্ৰকাৰৰঃ

(ক) চলিত আমানত।
(খ) স্থিৰ আমানত।
(গ) সঞ্চয় আমানত।

চলিত আমানতত সঞ্চয় কৰিলে বা জমা ৰাখিলে, সঞ্চয়কাৰীয়ে বা আমানতকাৰীয়ে নিজৰ সঞ্চয় যিকোনো সময়তে চেকৰ যোগেদি উলিয়াই আনিব পাৰে। স্থিৰ বা কাল আমানতৰ ক্ষেত্ৰত এনে কৰিব নোৱাৰি। এই আমানত উলিয়াই আনিবলৈ হ’লে আমানতকাৰীয়ে বেংকক আগতীয়াকৈ জনাব লাগিব। সঞ্চয় আমানতৰ ক্ষেত্ৰত জমাৰ এটা অংশ আমানতকাৰীয়ে প্ৰয়োজন অনুসৰি উলিয়াই আনিব পাৰিব কিন্তু আনটো অংশ উলিয়াবলৈ হ’লে বেংকৰ আগতীয়া অনুমতিৰ প্ৰয়োজন হ’ব।

(ii) বাণিজ্যক বেংকসমূহে ঋণৰ যোগান ধৰে। কৃষক, উদ্যোগপতি, কাৰিকৰ, ঠেলাচালক, ৰিক্সাচালককে ধৰি সমাজৰ বিভিন্ন শ্ৰেণীৰ বাণিজ্যিক বেংকৰপৰা ঋণ লাভ কৰে। ঋণৰ উচিত ব্যৱহাৰৰ ফলত ঋণ লওতাৰ আৰ্থিক স্থিতি কিছু সবল হয়।

11. বিনিময় প্ৰথাৰ চাৰিটা অসুবিধা ব্যাখ্যা কৰা।
বিনিময় প্ৰথাৰ চাৰিটা বৈশিষ্ট্য হ’ল—

(ক) অভাৱৰ পাৰস্পৰিক সংগতিহীনতাঃ বিনিময় প্ৰথা কাৰ্যকৰী হ’বলৈ দুজন ব্যক্তিৰ অভাৱ পৰস্পৰৰ পৰিপূৰক হ’ব লাগিব। যদি এজন ব্যক্তিয়ে কাপোৰৰ বিনিময়ত চাউল বিচাৰে আৰু আন এজন ব্যক্তিয়ে চাউলৰ বিনিময়ত কাপোৰ বিচাৰে। এই ক্ষেত্ৰত ব্যক্তি দুজন পৰস্পৰ নিৰ্ভৰশীল আৰু তেওঁলোকৰ অভাৱ পৰস্পৰৰ পৰিপূৰক। কিন্তু কাপোৰৰ গৰাকীজনে কাপোৰৰ পৰিৱৰ্তে চাউল নিবিচাৰি সৰিয়হৰ তেল বিচাৰিলে এই ব্যক্তি দুজনৰ অভাৱ সামঞ্জস্যহীন হ’ব আৰু এনে অৱস্থাত বিনিময় প্ৰথা কাৰ্যকৰী নহ’ব।

(খ) মূল্য নিৰ্ধাণৰ অসুবিধাঃ পণ্য বিনিময় প্ৰথাত দ্ৰব্যৰ মূল্যাংকনৰ ক্ষেত্ৰত সমস্যাৰ সৃষ্টি হয়। বিনিময়ৰ ক্ষেত্ৰত বিভিন্ন সামগ্ৰীৰ মূল্য নিৰ্ধাৰণৰ উমৈহতীয়া একক নাথাকে। এনে অৱস্থাত সকলো সামগ্ৰীক এটা সাধাৰণ মূল্যমানেৰে প্ৰকাশ কৰাটো অসম্ভৱ হৈ পৰে। দ্ৰব্যৰ মূল্য নিৰ্ধাৰণ সাধাৰণতে অভাৱৰ তীব্ৰতাৰ ওপৰতেই নিৰ্ভৰ কৰে।

(গ) বিভাজ্যতাৰ অসুবিধাঃ সামগ্ৰীসমূহৰ অবিভাজ্যতাই বিনিময় প্ৰথাৰ সমস্যাৰ সৃষ্টি কৰে। কিছুমান সামগ্ৰী অবিভাজনীয়। এইবোৰৰ লগত আন বস্তুৰ বিনিময় ্লাভজনক নহ’ব পাৰে। উদাহৰণস্বৰূপে হাতীৰ সলনি কিছু পৰিমাণ চাউলৰ বিনিময় লাভজনক নহয় কাৰণ চাউলৰ পৰিমাণ অনুযায়ী হাতীক ভাগ কৰিব নোৱাৰি। বিভাজনীয়তা গুণ নথকাৰ বাবে বিনিময় প্ৰথাত বিনিময় কাৰ্য কঠিন হৈ পৰিছিল।

(ঘ) সঞ্চয়ৰ অসুবিধাঃ সঞ্চয় আয়ৰ এটা অংশ। ভবিষ্যতাৰ নিৰাপত্তা, লে-দেন বা উপাৰ্জনৰ বাবে মানুহে সঞ্চয় কৰিব বিচাৰে। পণ্য বিনিময় প্ৰথাত সঞ্চয় বুলিলে উৎপাদিত বস্তুৰ সঞ্চয়ক বুজায়। কিনতু উৎপাদিত সামগ্ৰীবোৰ দীৰ্ঘদিন সঞ্চয় কৰি ৰখা সম্ভৱ নহয়। কিছুমান বস্তু আছে যিবিলাক অতি সহজে বিনষ্ট হ’ব পাৰে।

Leave a Comment

error: Content is protected !!
Scroll to Top