অৰ্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদ | ভূগােল | Chapter 6 | Class 10 Social Science Question and Answer | Assam Class 10 Social Science Solutions | SEBA Class 10 HSLC Social Science Chapter 6 Notes | SEBA Class 10 HSLC Social Science Chapter 6 Question and Answer | Questions and Answers for Class 10 Social Science Chapter 6 অৰ্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদ | HSLC Social Science Questions and Answers Assam


অৰ্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদ
(Economic Geography)

Very Short Type Questions and Answers (Marks : 1)

1. তলৰ কোনটো মানৱ -সৃষ্ট সম্পদ?
(i) Rivers (নদী)
(ii) Mineral oil (খনিজ তেল)
(iii) irrigation canal (জলসিঞ্চন নলা)
(iv) Forest ( অৰণ্য)
উত্তৰঃ (iii) irrigation canal (জলসিঞ্চন নলা)

2. তলৰ কোনটো অজীৱীয় সম্পদ—
(i) Air (বায়ু)
(ii) plants (গছ-গছনি)
(iii) animals (জীৱ-জন্তু)
(iv) fungus (ভেঁকুৰ)
উত্তৰঃ Air (বায়ু)

Long Type Questions and Answers (Marks : 4/5/6)

1. সম্পদ আৰু মানুহৰ মাজত থকা সম্পৰ্কৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ সম্পদ আৰু মানুহৰ মাজত এক ঘনিষ্ঠ সম্পৰ্ক আছে। মানুহৰ মৌলিক প্ৰয়ােজনসমূহ সম্পদে পূৰণ কৰে। প্ৰকৃতিত পােৱা সম্পদসমূহ‌ মানুহে উপভােক্তা হিচাপে ব্যৱহাৰ কৰে আৰু উৎপাদক হিচাপে কিছুমান নতুন নতুন সম্পদৰ সৃষ্টি কৰে। মানুহ সম্পদৰ সৈতে দুই প্ৰকাৰে জড়িত— সম্পদৰ উৎপাদক হিচাপে আৰু সম্পদৰ উপভােক্তা হিচাপে। প্ৰকৃতি পােৱা‌ অধিকাংশ সম্পদৰে ব্যৱহাৰিক দিশটো মানুহে নিজ প্ৰয়ােজনানুসাৰে দিয়ে লগতে প্ৰকৃতিত থকা সামগ্ৰীবােৰৰ কাৰ্যকাৰিতা আৰু উপকাৰীতা সম্পৰ্কীয় গুণবােৰ মানুহে নিজ জ্ঞানৰ জৰিয়তে উদঘাটন কৰে। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদ সৃষ্টি হৈছে। সম্পদৰ সুষ্টিকৰ্তা হিচাপে মানুহক মানৱ সম্পদ বুলি ধৰা হয়। এনেদৰে মানুহ আৰু সম্পদ ওতঃপ্ৰােতভাৱে জড়িত।

2. উদাহৰণসহ সম্পদৰ শ্ৰেণীবিভাজন সম্পৰ্কে লিখা।
উত্তৰঃ সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদক প্ৰধানকৈ তিনিটা শ্ৰেণীত বিভক্ত কৰা হয়। সেইবােৰ হৈছে– প্ৰাকৃতিক সম্পদ, মানৱ সৃষ্ট সম্পদ আৰু মানৱ সম্পদ। আকৌ, সম্পদসমূহক জৈৱিক সম্পদ আৰু অজৈৱিক সম্পদ; নৱীকৰণযােগ্য সম্পদ আৰু অনৱীকৰণযােগ্য সম্পদ আৰু ব্যক্তিগত, জাতীয় আৰু আন্তৰ্জাতিক সম্পদ হিচাপেও ভাগ কৰিব পাৰি। গঠন অনুসৰি সম্পদক জৈৱিক সম্পদ আৰু অজৈৱিক সম্পদ হিচাপে ভাগ কৰা হয়। উপলভ্যতা বা স্থায়ীত্ব অনুসৰি সম্পদক নৱীকৰণযােগ্য সম্পদ আৰু অনৱীকৰণযােগ্য সম্পদৰূপে ভাগ কৰা হয়। আকৌ মালিকীস্বত্বৰ ওপৰত ভিত্তি কৰি সম্পদক ব্যক্তিগত সম্পদ, জাতীয় সম্পদ আৰু আন্তৰ্জাতিক সম্পদ হিচাপে ভাগ কৰা হয়।

প্ৰকৃতিত পােৱা সম্পদসমূহ বিভিন্ন ভাগত বিভক্ত কৰা হয়। যদিও, কিছুমান সম্পদ বিভাজনৰ তালিকাত ওপৰা-উপৰিকৈ থাকে। উদাহৰণস্বৰূপে উদ্ভিদ এটা প্ৰাকৃতিক সম্পদ হােৱাৰ লগতে ই এটা জৈৱিক সম্পদ, নৱীকৰণযােগ্য সম্পদ আৰু লগতে এটা ব্যক্তিগত বা জাতীয় সম্পদ বুলিও ধৰিব পাৰি। এনেদৰে সৃষ্টি প্ৰক্ৰিয়া, গঠন, উপলভ্যতা আৰু মালিকীস্বত্ব অনুসৰি সম্পদ বিভিন্ন ভাগত ভাগ কৰিব পাৰি।

3. অৰ্থনেতিক ভূগোলৰ পৰিসৰ সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ ভূগােলৰ যি শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভােগ আৰু‌ বিনিময়ৰ লগত জড়িত মানুহৰ কাৰ্যকলাপ স্থান-কাল সাপেক্ষে অধ্যয়ন কৰা হয়, তাকে অৰ্থনৈতিক ভূগােল বােলা হয়। অৰ্থনৈতিক ভূগােলে মানুহৰ কাৰ্যকলাপৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়াসমূহ অধ্যয়ন কৰে যদিও মূলতঃ ইয়াৰ-অধ্যয়নৰ পৰিসৰ হ’ল অৰ্থনৈতিক কাৰ্যটো ক’ত‌ অৱস্থিত, অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্য কি কি, অৰ্থনৈতিক কাৰ্যটো আন কি কি পৰিঘটনাৰ লগত জড়িত, অৰ্থনৈতিক কাৰ্যটো য’ত আছে তাতে কিয়‌ হৈছে, অৰ্থনৈতিক কাৰ্যটো য’ত আছে তাতে নহৈ আন ঠাইত হােৱা হ’লে‌ বেছি ভাল হ’লহেঁতেন নেকি আদি।

আধুনিক অৰ্থনৈতিক ভূগােলৰ পিতৃস্বৰূপ জৰ্জ ছিজহ’মৰ মতে এখন ঠাইৰ অৰ্থনৈতিক উন্নয়নৰ গতি আৰু দিশ নিৰ্ণয় কৰাটোৱেই অৰ্থনৈতিক ভূগােল‌ মূল উদ্দেশ্য। আন দুজন অৰ্থনৈতিক ভূগােলবিদ জন্স আৰু ডাৰ্কেনৱাৰ মতে অৰ্থনৈতিক ভূগোলে বিশেষকৈ উৎপাদনক্ষম বৃত্তি বা কাৰ্যকলাপ‌ অধ্যয়নৰ লগত জড়িত আৰু লগতে কিছুমান অঞ্চল কিয় উৎপাদন আগবঢ়া‌ আৰু আন কিছুমান অঞ্চল কিয় আমদানি আৰু ব্যৱসায়-বাণিজ্যত আগবঢ়া এইবােৰৰ বিষয়ে অধ্যয়ন কৰে। অৰ্থনৈতিক ভূগােলে মূলতঃ মানুহৰ উৎপাদনক্ষম কাৰ্যবােৰ আৰু পাৰিৱেশিক অৱস্থাৰ লগত এইবােৰৰ সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰে।

4. সম্পদ পৰিৱৰ্তনশীল ‘-ব্যাখ্যা কৰা।
উত্তৰঃ সম্পদ পৰিৱৰ্তনশীল, অৰ্থাৎ সম্পদ সময়ে সময়ে পৰিৱৰ্তন হয় বা ভিন্ন ৰূপ লয়। বৰ্তমান কোনাে এটা সামগ্ৰী মানুহৰ বাবে অনুপযােগী বা অপ্ৰয়ােজন বুলি বিবেচিত হলে ভৱিষ্যতে সেই একেটা সামগ্ৰীয়েই মানৱ‌ কল্যাণত ব্যৱহৃত হ’ব পাৰে। উদাহৰণস্বৰূপে মানুহে শক্তি উৎপাদনৰ বাবে কয়লা আৰু খনিজ তেলৰ ব্যৱহাৰ যেতিয়ালৈকে জনা নাছিল তেতিয়া কয়লাক সম্পদ বুলি গণ্য কৰা নাছিল। পাছলৈকে মানুহৰ জ্ঞানৰ প্ৰসাৰ আৰু বিজ্ঞান প্ৰযুক্তিৰ উন্নয়নৰ ফলত পৃথিৱীত থকা বহুত নিৰপেক্ষ সামগ্ৰী মানুহৰ সুপ্ৰচেষ্টাত সম্পদলৈ ৰূপান্তৰিত হৈছে।

অৰ্থাৎ কোনাে নিষ্ক্ৰিয় সামগ্ৰী বা প্ৰতিৰােধকে সময়ৰ গতিত আৰু মানুহৰ জ্ঞান প্ৰয়ােগৰ ফলত সম্পদলৈ‌ ৰূপান্তৰিত হ’ব পাৰে। আকৌ সম্প্ৰতি উপকাৰী বুলি গণ্য হােৱা কোনাে এটা সামগ্ৰী (বা সম্পদ) সময়ৰ গতিত নিষ্ক্ৰিয় সামগ্ৰীলৈ পৰিৱৰ্তিত হব পাৰে। সেয়ে সম্পদক পৰিৱৰ্তনশীল বুলি কোৱা হৈছে।

5. অৰ্থনৈতিক ভূগোল কাক বোলে? ইয়াৰ মূল বিষয়বস্তু কি? অৰ্তনেতিক ভূগোলৰ প্ৰধান শাখাবোৰ উল্লেখ কৰা।
উত্তৰঃ ভূগােলৰ পৰিসৰ বিশাল। চমুকৈ ভূগােলক প্ৰাকৃতিক আৰু মানৱ ভূগােল বুলি দ্বিবিভক্ত কৰা হয়, যদিও ইয়াৰ প্ৰতিটোৰে কিছুমান উপভাগ আছে। মানৱ ভূগােলৰ অন্তৰ্গত বিভিন্ন ভাগবােৰৰ ভিতৰত মুখ্য স্থানত আছে অৰ্থনৈতিক ভূগােল। ভূগােলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভােগ আৰু বিনিময়ৰ সৈতে জড়িত মানুহৰ কাৰ্যকলাপ স্থান আৰু সময় সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগােল বােলা হয়।

অথনৈতিক ভূগােল প্ৰধান বিষয়বস্তু হৈছে— পৃথিৱীত থকা প্ৰাকৃতিক আৰু মানৱ সৃষ্ট উপাদানসমূহৰ বিষয়ে কৰা অধ্যয়ন, কোনাে এখন দেশৰ অৰ্থনৈতিক উন্নয়ন, দেশখনৰ সম্পদৰ মান আৰু প্ৰাচুৰ্য আদি বিভিন্ন অৰ্থপৰ্কীয় বিষয়।

অৰ্থনৈতিক ভূগােল প্ৰধান শাখাবােৰ হৈছে— কৃষি ভূগােল‌ ঔদ্যোগিক ভূগোল, সম্পদ ভূগােল, পৰিবহণ ভূগােল, বজাৰ ভূগােল,‌ পৰ্যটন ভূগােল। ইত্যাদি।

6. মানুহৰ অৰ্থনেতিক বৃত্তি বুলিলে কি বুজা? এনে অৰ্থনেতিক বৃত্তিবোৰ কি কি?
উত্তৰঃ মানুহৰ উৎপাদনক্ষম কাৰ্যবােৰৰ ব্যৱহাৰৰ দ্বাৰা আৰ্থিক ভাৱে লাভবান হােৱাকে অৰ্থনৈতিক বৃত্তি বােলা হয়। অৰ্থাৎ যি কামৰ দ্বাৰা মানুহে প্ৰকৃতিৰ পৰা সম্পদ আহৰণ কৰি অৰ্থ উপাৰ্জন কৰে সেয়েই অৰ্থনৈতিক বৃত্তি। মানুহৰ অৰ্থনৈতিক বৃত্তি চাৰি প্ৰকাৰৰ। সেইবােৰ হ’ল—
(ক) প্ৰাথমিক বৃত্তি
(খ) দ্বিতীয় বৃত্তি
(গ) তৃতীকয় বৃত্তি আৰু
(ঘ) চতুৰ্থক বৃত্তি।

(ক) প্ৰাথমিক বৃত্তিঃ যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰপৰা সম্পদ আহৰণ কৰে তাকে প্ৰাথমিক বৃত্তি বােলে। যেনে— কৃষি কাৰ্য, মাছ ধৰা কাৰ্য, বনজ সম্পদ আহৰণ, খনিজ সম্পদ আহৰণ ইত্যাদি।

(খ) দ্বিতীয় বৃত্তিঃ যি কাৰ্যৰ দ্বাৰা মানুহে প্ৰকৃতিৰপৰা আহৰণ কৰা বিভিন্ন দ্ৰব্য নানান প্ৰযুক্তিৰ জৰিয়তে মানুহৰ ব্যৱহাৰােপযােগী কৰি তােলা হয় তাকে দ্বিতীয় বৃত্তি বােলে। যেনে— শিল্পোৎপাদন প্ৰক্ৰিয়া, বিভিন্ন‌ নিৰ্মাণ তথা পুনৰ নিৰ্মাণ কাৰ্য ইত্যাদি।

(গ) তৃতীয় বৃত্তিঃ যি কাৰ্যৰ দ্বাৰা প্ৰাথমিক আৰু দ্বিতীয়ক বৃত্তিৰ যােগেদি উৎপাদিত সামগ্ৰীসমূহ উপভােক্তাৰ ওচৰ পায় তাকে তৃতীয়ক বৃত্তি বােলে। যেনে যাতায়াত, পৰিবহণ, বজাৰ, পাইকাৰী বা খুচুৰা বিক্ৰী, পৰ্যটন,‌ যােগাযােগ আদিৰ লগত জড়িত অৰ্থনৈতিক কাৰ্যসমূহ।

(ঘ) চতুৰ্থক বৃত্তিঃ যি কাৰ্যৰ দ্বাৰা দ্বিতীয়ক আৰু তৃতীয়ক বৃত্তিসমূহ অধিক সুচল তথা ফলপ্ৰসূ কৰি তােলাত সহায় কৰে তাকে চতুৰ্থক বৃত্তি বােলে। যেনে— বেংক বা অন্য বিত্তীয় প্ৰতিষ্ঠান, প্ৰচাৰ মাধ্যম, প্ৰশাসন, শিক্ষা-গৱেষণা আদিৰ লগত জড়িত কাৰ্যসমূহ।

7. সম্পদৰ প্ৰয়োজনীয়তা সম্পৰ্কে উদাহৰণসহ চমুকৈ লিখা।
উত্তৰঃ সম্পদ সকলাে জীৱকে প্ৰয়ােজন হয়। উদ্ভিদ সম্পদ হ’বলৈ ভাল জলবায়ু, সাৰুৱা মাটি, বৰষুণ, উত্তাপ আদিৰ যেনেকৈ প্ৰয়ােজন ঠিক তেনেকৈ জীৱ-জন্তু সম্পদৰ উন্নতি সাধিবলৈ প্ৰয়ােজন হয় উদ্ভিদ সম্পদ। মানুহক সম্পদ হিচাপে সৃষ্টিকৰ্তাই স্ৰজন কৰিছে যদিও তাৰ বৃদ্ধি আৰু উন্নতিৰ কাৰণে প্ৰাকৃতিক সম্পদবােৰৰ প্ৰয়ােজন হয়। সম্পদ সৃষ্টি আৰু ব্যৱহাৰ কৰে। মানুহেই বেছি। আন জীৱবােৰে নিজে সম্পদ সৃষ্টি কৰি জীয়াই থাকে। সেয়েহে প্ৰাকৃতিক সম্পদৰ পৰিৱৰ্তন ঘটিলে আন জীৱবােৰে সেই ঠাই পৰিত্যাগ কৰিব লাগিব নতুবা মৃত্যুবৰণ কৰিব লাগিব।

সম্পদৰ প্ৰয়ােজনীয়তা আটাইতকৈ বেছি মানুহৰ। সভ্যতাৰ অগ্ৰগতিৰ লগে লগে মানুহৰ অৰ্থনৈতিক প্ৰয়ােজনবোেৰ বাঢ়ি আহিছে। আদিম অৱস্থাত মানুহৰ প্ৰয়ােজন এটাই আছিল আৰু সেইটো হ’ল খাদ্য সংগ্ৰহ। মানুহৰ সংখ্যা ইমানেই কম আছিল যে অকল সংগ্ৰাহক বৃত্তিৰে মানুহে খাদ্যবস্তু গােটাব পাৰিছিল। সেই সময়ত মানুহে হয়তাে ঘৰ কেনেকৈ সাজিব লাগে বা কাপােৰ কেনেকৈ পিন্ধিব লাগে তাক নাজানিছিল।

সভ্যতাৰ অগ্ৰগতিৰ লগে লগে মানুহৰ প্ৰয়ােজন বাঢ়ি আহিবলৈ ধৰে। সময়ৰ সোঁতত মানুহে ঘৰ সাজি আশ্ৰয়স্থল বনাব পৰা হ’ল। গছৰ ছাল পৰিধানৰ সলনি কপাহৰ পৰা বস্ত্ৰ তৈয়াৰ কৰি ল’ব পৰা হ’ল। সংগ্ৰাহক বৃত্তি এৰি খেতি বৃত্তি কৰিব পৰা হ’ল। উদ্যোগৰ সহায়ত নানা ধৰণৰ বস্তু তৈয়াৰ কৰি ল’ব পৰা হ’ল। গতিকে দিনে দিনে মানুহৰ প্ৰয়ােজনীয় সম্পদৰ পৰিমাণ আৰু প্ৰকাৰৰ বৃদ্ধি হৈ আহিছে বিভিন্ন ক্ষেত্ৰত।

খাদ্য সম্পদ ও খাদ্য নহ’লে কোনাে জীৱই বৰ্তি থাকিব নােৱাৰে। সেইদৰে প্ৰাকৃতিক সম্পদ পানী, বায়ু, উত্তাপ, বৰষুণ, মাটি, উদ্ভিদ আদিৰ অবিহনে মানুহ থাকিব নােৱাৰে। গতিকে এইধৰণৰ সম্পদবােৰ মানুহৰ কাৰণে প্ৰয়ােজনীয়। মানুহে খাদ্য তৈয়াৰ কৰিব নােৱাৰে। মানুহৰ প্ৰয়ােজনীয় খাদ্য উদ্ভিদ আৰু প্ৰাণীয়েহে যােগান ধৰে। খাদ্যই মানুহক শক্তি দিয়ে। সেই শক্তি প্ৰয়ােগ কৰি মানুহে নানা ধৰণৰ কাম কৰে। কামৰ সহায়ত দেশৰ অৰ্থনৈতিক উন্নতি হয়।

8. সম্পদ আৰু বিজ্ঞান -প্ৰযুক্তিৰ মাজত থকা সম্পৰ্ক চমুকৈ আলোচনা কৰা।
উত্তৰঃ সম্পদ স্থায়ী আৰু চিৰকাল স্থিত, আনহাতে, বিজ্ঞান-প্ৰযুক্তি আধুনিক মানুহৰ সৃষ্টি। এই নতুন কলা-কৌশলবােৰ ম নুহৰ উদ্ভাৱনী শক্তিৰ পৰা সৃষ্টি হৈছে। বিজ্ঞান আৰু প্ৰযুক্তিয়ে সম্পদক অধিক প্ৰয়ােজনীয়, আকৰ্ষণীয়, উপযােগী কৰি তােলাত সহায় কৰিছে। বিজ্ঞান-প্ৰযুক্তিৰ প্ৰকৃততে এটাই কাম সেইটো হ’ল সম্পদক অধিক মূল্যৱান কৰি তােলা সকলাে ফালৰপৰা। লগে লগে মানুহক অধিক আৰামপ্ৰিয় কুৰি এলেঙ্ক কৰি তােলা, প্ৰযুক্তিৰ ওপৰত অধিক নিৰ্ভৰশীল হৈ পৰা কৰি তােলা হয়।

একোটা প্ৰযুক্তি উদ্ভাৱন কৰিবলৈ কেইজনমান মানুহে জীৱনজোৰা সাধনা কৰিবলগীয়া হয়। ইয়াৰ ফল কিন্তু উপভােগ কৰে শত-সহস্ৰ এলেহুৱাই। পৰিৱহণৰ ক্ষেত্ৰত ভাপ ইঞ্জিন আৱিষ্কাৰকজন বা আন আন আৱিষ্কাৰকসকল একো একোটা সম্পদ— মানৱ সম্পদ। এনে ধৰণৰ মানৱ সম্পদববাৰে উদ্ভাৱন কৰে নতুন নতুন প্ৰযুক্তি। নতুন প্ৰযুক্তিবােৰে সম্পদক মানুহৰ অধিক কামত অহা কৰি তােলে। খেতি নােহােৱা শুকান অঞ্চল এটাত নতুন প্ৰযুক্তি ব্যৱহাৰ কৰি পানী যােগান ব্যৱস্থাৰে শস্য-শ্যামলা কৰি তুলিব পাৰি। নতুন প্ৰযুক্তি সহায়ত অলপ ঠাইত মেঘৰ সৃষ্টি কৰি বৰষুণ দিয়াব পৰা ব্যৱস্থাও হ’ব ধৰিছে।

সােতৰওঠৰ শতিকাত ইউৰােপীয়সকল ভাৰতলৈ আহোঁতে সময় লাগিছিল ছমাহত প্ৰযুক্তি প্ৰয়ােগ কৰি ছুৱেজ খাল খন্দা হ’ল, ফলত সময়ৰ প্ৰয়ােজন ছমাহৰ ইত তিনিমাহ হ’ল। আজি আকাশীযানেৰে ভ্ৰমণ কৰিলে মাত্ৰ হয়তাে দহ ঘন্টাৰ প্ৰয়ােজন হ’ব। বৰ্তমান সময়ত প্ৰকাণ্ড ঘৰবােৰ বা অট্টালিকাবােৰ সাজিবলৈ অধিক সময় নালাগে।

এনে কাৰ্যত নতুন প্ৰযুক্তিবােৰ ব্যৱহাৰ কৰি খুব কম সময়তে খুব কম শাৰীৰিক শক্তি প্ৰয়ােগ কৰি সকলােবােৰ কাৰ্য নিয়াৰিকৈ কৰিব পাৰি। ৰাস্তা বনাওঁতে, দলং নিৰ্মাণ কৰোঁতে নতুন প্ৰযুক্তি কামত লগায়, কম সময়তে অধিক মজবুতকৈ কামবােৰ কৰিব পাৰি বা নতুন সম্পদ এবিধ তৈয়াৰ কৰি ল’ব পাৰি।

গতিকে বিজ্ঞান আৰু প্ৰযুক্তিয়ে সম্পদৰ ওপৰত অধিক প্ৰভাৱ বিস্তাৰ‌ কৰিছে। আনকি বহুত বস্তু যিবােৰ এটা সময়ত এনেয়ে অ’ত-ত’ত পৰি আছিল, নতুন প্ৰযুক্তি প্ৰয়ােগ হােৱাৰ ফলত সেইবােৰাে অতি পৰিছে। মানুহে বিজ্ঞান আৰু প্ৰযুক্তিৰ সহায়ত মহাসাগৰৰ তলি, মহাকাশ আদি। ভ্ৰমিব পৰা হৈছে। পৃথিৱীৰ উপগ্ৰহ চন্দ্ৰত অৱতৰণ কৰিব পাৰিছে, তাৰ শিল সংগ্ৰহ কৰি পৃথিৱীৰ শিলৰ লগত তুলনা কৰিব পৰা হৈছে। চন্দ্ৰপৃষ্ঠৰ পৰা হয়তাে অনতি পলমে মূল্যৱান খনিজ সম্পদো আহৰণ কৰিবলৈ সক্ষম হ’ব।

READ MORE  আন্তৰ্জাতিক সংস্থা ৰাষ্ট্ৰসংঘ আৰু অন্যান্য | Chapter 11 | Class 10 Social Science - SEBA

9. মানৱ-সৃষ্ট সম্পদ কি? উদাহৰণসহ ইয়াৰ ব্যৱহাৰ সম্পৰ্কে চমুকৈ আলোচনা কৰা।
উত্তৰঃ মানৱসৃষ্ট সম্পদ হৈছে মানুহৰ প্ৰচেষ্টাৰ ফলস্বৰূপে সৃষ্টি হােৱা সম্পদ। যিবােৰ সম্পদ মানুহে নিজ জ্ঞান, বুদ্ধি, কৌশল আদি প্ৰয়ােগ কৰি সৃষ্টি কৰে সেই সম্পদবােৰকেই মানৱসৃষ্ট সম্পদ বুলি ক’ব পাৰি। উদাহৰণস্বৰূপে প্ৰকৃতিত পােৱা বাঁহৰ পৰা মানুহৰ প্ৰচেষ্টাত কাগজলৈ‌ পৰিৱৰ্তিত হয়, একেদৰে কপাহৰ পৰা কাপােৰ তৈয়াৰী হয়, খনিজ তেলৰ পৰা নানা ধৰণৰ ৰং, নেপথা, কৃত্ৰিম কাপােৰ, ৰাসায়নিক সাৰ, কীটনাশক দ্ৰব্য, চাবােন, প্লাষ্টিক, কৃত্ৰিম ৰবৰ, মমবাতি আদি বিভিন্ন দ্ৰব্য তৈয়াৰ হয়। অৰ্থাৎ প্ৰকৃতিত পােৱা সম্পদসমূহ মানুহে নিজ প্ৰয়ােজন তথা চাহিদা অনুসৰি বিভিন্ন প্ৰযুক্তিৰ জৰিয়তে ৰূপান্তৰ কৰে আৰু মানুহৰ বিভিন্ন ব্যৱহাৰৰ উপযােগী কৰি তােলে।

বাঁহৰ পৰা তৈয়াৰ কৰা কাগজ বিভিন্ন লিখা-পঢ়া‌ কামৰ লগতে কিতাপ ছপপাৱা, বাতৰি কাকত ছপােৱা আদি কামত ব্যৱহাৰ কৰা হয়। একেদৰে কপাহৰ পৰা প্ৰস্তুত কৰা কাপােৰে মানুহৰ নানা প্ৰয়ােজন পূৰণ কৰে। খনিজ তেলৰ পৰা তৈয়াৰ কৰা সামগ্ৰীবােৰ প্ৰত্যেকৰে সুকীয়া সুকীয়া ব্যৱহাৰ আছে। প্ৰাকৃতিক সম্পদবােৰ মানুহৰ কাৰ্যদক্ষতা, শিক্ষা তথা জ্ঞান, প্ৰযুক্তি আৰু আগ্ৰহ তথা প্ৰচেষ্টাৰ ফলস্বৰূপে বিভিন্ন সম্পদলৈ পান্তৰিত হয় আৰু এই সম্পদবােৰ মানুহে প্ৰয়ােজন অনুসাৰে বিভিন্ন কামত‌ ব্যৱহাৰ কৰে। অৰ্থাৎ মানৱসৃষ্ট সম্পদবােৰ মানুহে নিজৰ প্ৰয়ােজন অনুসাৰে ব্যৱহাৰ কৰে আৰু সেই মতে সৃষ্টি কৰে।

10. সম্পদ সংৰক্ষণ বুলিলে কি বুজায়? ইয়াৰ প্ৰয়োজনীয়তা কি?
উত্তৰঃ সাধাৰণতে কোনাে ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নােহােৱাকৈ সম্পদৰ সম্ভাৱ্য পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য তথা ধাৰণাকে সম্পদ সংৰক্ষণ বােলা হয়। অৰ্থাৎ সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হ’ল আমি প্ৰকৃতিৰপৰা আমাৰ প্ৰয়ােজনীয় সম্পদবােৰ এনেদৰে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি সকলােৱে বহু সময় ধৰি উপকৃত হওঁ

সম্পদ সংৰক্ষণৰ প্ৰয়ােজনীয়তা কি এইটো এটা ডাঙৰ প্ৰশ্ন। সকলাে সম্পদৰ ক্ষেত্ৰত সংৰক্ষণৰ প্ৰশ্ন নাহে যেনে– বতাহ, সূৰ্যৰ তাপ আৰু পােহৰ। সেই কাৰণে এনে সম্পদক অফুৰন্ত সম্পদ বােলে। আন কিছুমান সম্পদ অতি দৰকাৰী কিন্তু তাৰ পৰিমাণ খুব কম। এইবােৰক মানুহৰ কাৰণে প্ৰকৃতিয়াে জমা কৰি থৈছে। কিন্তু এই জমা সীমিত। যেনে কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ, লােৰ আকৰ আদি এইবােৰৰ অবিহনে বৰ্তমান সভ্যতা কোঙা হৈ পৰিব। এনে সম্পদবােৰ যিহেতু এবাৰ ব্যৱহাৰ কৰিলে শেষ হৈ যায় আৰু আনফালে ব্যৱহাৰ নকৰিলেও নহয়, তেনে ক্ষেত্ৰত সংৰক্ষণৰ প্ৰয়ােজন হৈ পৰে। সংৰক্ষণৰ অৰ্থ হ’ল অলপাে পেলনী নােযােৱাকৈ পাৰ্যমানে সাচি ৰাখি খৰচ কৰা যাতে ইয়াক বহুদিনলৈ ব্যৱহাৰ কৰি থাকিব পাৰি।

জনসংখ্যা দ্ৰুত হাৰত বৃদ্ধি হােৱাটোৱে সম্পদৰ ওপৰত চাপৰ সৃষ্টি কৰিছে। বিশেষকৈ ভাৰতৰ দৰে দেশবােৰত। আনহাতে, উন্নতিৰ মান বৃদ্ধি পােৱাৰ ফলত ধনী দেশৰ মানুহে অধিক পৰিমাণে সম্পদ ব্যৱহাৰ কৰে। এই দুয়ােটাই সম্পদ সংৰক্ষণৰ পৰিপন্থী। এইবােৰ কাৰ্যই সম্পদ সংৰক্ষণক অতি প্ৰয়ােজনীয়। কৰি তুলিছে।

11. সম্পদ সংৰক্ষণ পদ্ধতি সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ সম্পদ সংৰক্ষণ অতি জৰুৰী হৈ পৰিছে বৰ্তমান সময়ত। কিন্তু সম্পদ সংৰক্ষণ কৰা যায় কেনেকৈ। তলত ইয়াৰ উপায়বােৰ দিয়া হ’ল—

(ক) প্ৰােনপ্ৰথমে কোনবােৰ সম্পদ সংৰক্ষণ কৰাটো জৰুৰী হৈ পৰিছে তাক চিনাক্ত কৰি উলিয়াব লাগে।

(খ) যিবােৰ সম্পদ সােনকালে শেষ হােৱাৰ পথত আগবাঢ়িছে সেইবােৰৰ বিকল্প ব্যৱস্থাৰ অনুসন্ধান শীঘ্ৰে আৰম্ভ কৰিব লাগে।

(গ) তেনে সম্পদবােৰৰ পেলনীয় অংশক পুনৰ ব্যৱহাৰৰ উপযােগী‌ কৰিবলৈ চেষ্টা কৰা যেনে পেলনীয়া লােৰ পৰা পুনৰ লাে তৈয়াৰ কৰা পেলনীয়া প্লাষ্টিকৰ পৰা পুনৰ নতুন প্লাষ্টিক তৈয়াৰ কৰিব পাৰি।

(ঘ) অভিযােজন বা নৱপ্ৰচলন বা নতুন কৌশল প্ৰয়ােগৰ ব্যৱস্থা কৰা। উদাহৰণস্বৰূপে মটৰ-গাড়ীৰ ইঞ্জিনবােৰৰ কাৰ্যদক্ষতা বৃদ্ধি। নতুন বান্ধবােৰ বিজুলী কমকৈ পৰে।

(ঙ) সম্পদ ব্যৱহাৰ কৰা মানুহবােৰৰ মিতব্যয়িতাৰ গুণ থকা দৰকাৰ। তেওঁলােক সম্পদ ব্যৱহাৰৰ ক্ষেত্ৰত সচেতন হােৱা দৰকাৰ। সেইকাৰণে নাগৰিকৰ সচেতনতা বৃদ্ধিৰ কাৰণে ব্যৱস্থা হাতত ল’ব লাগে।

(চ) সংৰক্ষণৰ ক্ষেত্ৰত আইন প্ৰস্তুত কৰি তাক সঠিকভাৱে প্ৰয়ােগ কৰিব লাগে। প্ৰয়ােগৰ দিশটো অধিক গুৰুত্বপূৰ্ণ।

(ছ) সম্পদসমূহৰ প্ৰকৃত তথ্য আগতীয়াকৈ জনা ভাল। যেনে খনিজ তেলৰ মুঠ ভঁৰালৰ পৰিমাণ, বছৰি হােৱা খৰচৰ পৰিমাণ কিমান বছৰ চলিব পৰা যাব ইত্যাদি কথাবােৰ জনা উচিত।

(জ) নাটনি হােৱা সম্পদবােৰৰ খৰচ যিমান পাৰি সিমান কমাব লাগে।‌ প্ৰয়ােজন হলে কোটা বা ৰেচনিং পদ্ধতি অৱলম্বন কৰিব লাগে।

12. সম্পদ বুলিলে কি বুজা? ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ লিখা।
উত্তৰঃ মানুহৰ জীৱন ধাৰণৰ বাবে লাগতিয়াল সকলােবােৰ বস্তুকেই সম্পদ বােলা হয়। উদাহৰণস্বৰূপে- পৃথিৱীত থকা বায়ু, পানী, সূৰ্যৰ ৰশ্মি মাটি, গছ-গছনি, খনিজ পদাৰ্থ আদি যিবােৰ মানুহৰ বাবে লাগতিয়াল সেইবােৰই সম্পদ।

সম্পদৰ ধাৰণাটো ঠাইভেদে, সময়ভেদে আৰু সংস্কৃতিভেদে বেলেগ বেলেগ। আকৌ একেটা বস্তুৱেই এটা সময়ত সম্পদ হিচাপে গুৰুত্বপূৰ্ণ যদিও আন এটা সময়ত ই মূল্যহীন হৈ পৰে। কৃষকৰ কাৰণে সাৰুৱা সমতল ভূমি মূল্যৱান সম্পদ। কিন্তু বণিক সম্প্ৰদায়ৰ বাবে ই তেনেই মূল্যহীন। পানী কোনাে কোনাে অঞ্চলৰ কাৰণে অতি মূল্যবান সম্পদ আকৌ আন কিছুমান অঞ্চলৰ কাৰণে ই অভিশাপ স্বৰূপ। বতাহক মানুহে সম্পদ বুলি ভাবিবলৈ টান পায় কাৰণে ইয়াৰ অভাৱ নাই, আকৌ ধুমুহাক মানুহে ভয় কৰে। ডাঙৰ শিল্প প্ৰধান পৌৰ বসতি অঞ্চলত পৰিষ্কাৰ বায়ু পাবলৈ টান।

তেনে ক্ষেত্ৰত পৰিষ্কাৰ বায়ু বিচাৰি যেতিয়া গাঁও অঞ্চললৈ যাব লগা হয়, তেতিয়া পৰিষ্কাৰ বায়ু হৈ পৰে সম্পদস্বৰূপ। গুৱাহাটীৰ দৰে ডাঙৰ নগৰতত পৰিষ্কাৰ পানীৰ যি অভাৱ ঘটিছে, ফলত পানী ইয়াত লাহে লাহে মূল্যৱান সম্পদ হিচাপে পৰিগণিত হ’ব ধৰিছে। বাৰিষা প্ৰচুৰ বৃষ্টিপাতে গুৱাহাটী নগৰৰ বহু ঠাই তাৎক্ষণিকভাৱে বুৰাই বানপানীৰ সৃষ্টি কৰে। তেতিয়া পানী সম্পদ নহৈ অপসম্পদ হিচাপে পৰিগণিত হয়। সম্পদৰ কিছুমান বৈশিষ্ট্য এনেধৰণৰ—

প্ৰাকৃতিকঃ সম্পদ প্ৰাকৃতিকভাৱে পৃথিৱীত সদায় বৰ্তমান। পৃথিৱীৰ সম্পদৰাজি পৃথিৱীতে পৰি আছে নিযুত নিযুত বছৰ ধৰি। মানুহ বােলা প্ৰাণীটো পৃথিৱীলৈ আহিছে সৌ সিদিনাহে।

মানৱীয়ঃ মানুহ এটা প্ৰাকৃতিক সম্পদ। কিন্তু ইয়াৰ ঈশ্বৰ প্ৰদত্ত বুদ্ধি ইমান বেছি যে ই নিজাববীয়াকৈও প্ৰাকৃতিক সম্পদৰ পৰা নানা ধৰণৰ নতুন সম্পদ সৃষ্টি কৰিব পাৰে।

উপকাৰিতাঃ সম্পদৰ উপকাৰ কৰিব পৰা গুণ থাকিব লাগে। যদি কোনো বস্তুৱে মানুহৰ অপকাৰ কৰে, তেতিয়া তাক সম্পদ বুলি গণ্য কৰা নহয়।

কাৰ্যকাৰিতাঃ কোনাে বস্তুৰ উপকাৰিতা থাকিলেই নহ’ব তাৰ কাৰ্যকাৰিতাও থাকিব লাগিব। সৌৰশক্তিৰ উপকাৰিতা অনেক কিন্তু মানুহে তাক এতিয়াও ভালদৰে কামত লগাব পৰা নাই। কাৰ্যকাৰিতাৰ অভাৱত ই অথলে গৈ আছে।

পৰিৱৰ্তনশীলতাঃ সম্পদক সলনি কৰি লৈ তাক অধিক ব্যৱহাৰৰ উপযােগী কৰি তুলিব পাৰি। খেতিৰ পৰা ধান। ই এবিধ সম্পদ। ধানৰ পৰা চাউল, চাউলৰ পৰা গুড়া, গুড়াৰ পৰা পিঠা। গতিকে ধান সম্পদৰ পৰিৱৰ্তনশীলতা গুণ আছে।

অভাৱঃ অভাৱহীন সম্পদ মূল্য নাথাকে আৰু সেইকাৰণে তাক সম্পদ যেনেই নালাগে। যেনে সূৰ্যৰ পােহৰ, বতাহ আদি।

13. নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য সম্পদৰ মাজৰ পাৰ্থক্য কি কি? উদাহৰণসহ চমুকৈ আলোচনা কৰা।
উত্তৰঃ যিবােৰ সম্পদ অনবৰত ব্যৱহাৰ কৰি থকাৰ পিছতো নৱীকৰণ বা পুনঃপূৰ্ণীকৃত প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ হৈ নােযােৱাকৈ ৰাখিব‌ পাৰি, তেনে সম্পদবােৰক নবীকৰণযােগ্য বা পুনঃপূৰ্ণীকৃত বা বােলা হয়। অৰ্থাৎ সূৰ্যৰ ৰশ্মি, বায়ু, পানী,‌ গছ-গছনি, জীৱ-জন্তু, মানুহ, শস্য আদি নবীকৰণযােগ্য সম্পদ। আনহাতে, যিবােৰ সম্পদ ব্যৱহাৰৰ পিছত নবীকৰণ বা পুনঃসৃষ্টি কৰিব নােৱাৰি আৰু একেবাৰে নিঃশেষ হৈ যায়, তেনে সম্পদবােৰক অনবীণযােগ্য বা ক্ষয়শীল ৰা পুনঃসৃষ্টিহীন সম্পদ বােলে। উদাহৰণস্বৰূপে, কয়লা, খনিজ তেল, খনিজ পদাৰ্থ (যেনে- তাম, সােণ, চুণশিল, লাে, ৰূপ আদি), প্ৰাকৃতিক গেছ আদি অনবীকৰণযােগ্য সম্পদ।

এনেকুৱা ধৰণৰ পৃথিৱীৰ বুকুত সঞ্চিত হৈ থকা এনেবােৰ সম্পদ এবাৰ খান্দি উলিয়াই ব্যৱহাৰ কৰিলে ই চিৰকাললৈ শেষ হৈ যাব। উদাহৰণ হিচাপে কয়লাৰ বিষয়ে আলােচনা কৰা হওক। এটা সময়ত মানুহে কয়লা ক’ত পায় তাকেই নাজানিছিল; কয়লাৰ ব্যৱহাৰতাে দূৰৰে কথা। কয়লা পৃথিৱীৰ গৰ্ভত পােৱা এবিধ খনিজ পদাৰ্থ। নিযুত নিযুত বছৰৰ পিছত, উদ্ভিদ পৰা কয়লাৰ সৃষ্টি হৈছে, ভূগৰ্ভৰ তলত। কয়লাবােৰ পৃথিৱীৰ বিভিন্ন বয়সত সৃষ্টি হােৱা। শেষ সময়ত সৃষ্টি হােৱা কয়লাবােৰক টাৰ্চিয়াৰি যুগৰ কয়লা বােলে। গুণৰ ফালৰ পৰা এইবােৰ নিকৃষ্ট মানৰ। ইউৰােপত উত্থান হােৱা শিল্প বিপ্লৱৰ সময়ৰ পৰা মানুহে কয়লাৰ ব্যৱহাৰ শিকিলে।

ভাপ ইঞ্জিন আৰু অন্যান্য যন্ত্ৰপাতিবােৰ আৱিষ্কাৰ হােৱাৰ লগে লগে সেইবােৰ চলাবলৈ প্ৰয়ােজন হৈ পৰিল শক্তিৰ। শক্তিৰ উৎস হ’ল কয়লা। পৰিবহনৰ ক্ষেত্ৰত অতি প্ৰয়ােজনীয় সম্পদ হৈ পৰিল কয়লা। উত্তাপ পাবলৈ আৰু ৰন্ধাবঢ়া কাৰ্যতাে কয়লা ব্যৱহাৰ হ’ব ধৰিলে। ভাপ ইঞ্জিনবােৰ কয়লাৰে চলােৱা হয়। উদ্যোগবােৰ কয়লাৰে চলিবলৈ ধৰিলে। কয়লাৰ পৰা বিজুলী উৎপাদন কৰিব পৰা হ’ল। গতিকে কয়লাৰ ব্যৱহাৰ আৰু মূল্য দিনে দিনে বাঢ়িবলৈ ধৰিলে।

এতিয়া কথা হ’ল কয়লাৰ ভঁৰাল সীমিত। যি পৰিমাণৰ কয়লা এই পৰ্যন্ত মানুহে খান্দি উলিয়াই ব্যৱহাৰ কৰিলে, সেইখিনি চিৰকাললৈ গুচি গ’ল। কয়লা আৰু কোনাে ঠাইত নতুনকৈ পৃথিৱীৰ বুকুত তৈয়াৰ হৈ থকা নাই। খৰচ হােৱা কয়লাখিনি পুনৰ পাব পৰাৰ কোনাে উপায় নাই। সেই কাৰণে এনে ধৰণৰ সম্পদবােৰ জধে-মধে খৰচ কৰিব নালাগে আৰু এনেকুৱা সম্পদকে অনবীকৰণযােগ্য সম্পদ বােলে।

14. প্ৰাকৃতিক সম্পদ বুলিলে কি বুজায়? উদাহৰণসহ চমুকৈ লিখা।
উত্তৰঃ মানৱসৃষ্ট সম্পদক বাদ দি পৃথিৱীত থকা আটাইবােৰ সম্পদেই প্ৰাকৃতিক সম্পদ বােলে। গতিকে যিবােৰ সম্পদ প্ৰাকৃতিকভাৱে সৃষ্ট সেইবােৰেই প্ৰাকৃতিক সম্পদ। ইয়াৰ ভিতৰত মানুহাে পৰ, কাৰণ মানুহকে প্ৰকৃতিয়ে সৃষ্টি কৰে। গতিকে প্ৰধান প্ৰাকৃতিক সম্পদবােৰ জৈৱিক বা অজৈৱিক ভাগত সােমাব। অজৈৱিক প্ৰাকৃতিক সম্পদবােৰ হ’ল- বায়ু, পানী, মাটি, উত্তাপ, বৰষুণ, নদ-নদী, পৰ্বতমালভূমি, হ্ৰদ, সাগৰ-মহাসাগৰ, ভূগৰ্ভত পােৱা বা থকা খনিজাত দ্ৰব্যবােৰ, সাগৰ-মহাসাগৰৰ তলিত থকা খনিজাত আৰু অখনিজাত (লােণ, মণি, মুকুতা) দ্ৰব্যবােৰ আদি।

এই ধৰণৰ প্ৰাকৃতিক সম্পদবােৰ নানা ৰূপত থাকে যেনে, গােটা, জুলীয়া, গেছীয় আদি। জৈৱিক প্ৰাকৃতিক সম্পদবােৰ হ’ল মানুহ অৰ্থাৎ মানুহৰ বুদ্ধিবৃত্তি, উদ্ভাবনী শক্তি আদি, সকলাে প্ৰকাৰৰ উদ্ভিদ আৰু সকলাে প্ৰকাৰৰ জীৱজন্তু আদি। অজৈৱিক প্ৰাকৃতিক সম্পদ জৈৱিক দেহ সৃষ্টিকাৰী অজৈৱিক সম্পদসমূহ হ’ল- মাটি, পানী, বায়ু, উত্তাপ আৰু আকাশ।

মাটিঃ মাটি শব্দটোৱে গােটেই স্থলমণ্ডলকে বুজায়। গতিকে ই সামৰি লয় সাৰুৱা সমতল ভূমি, মালভূমি, পৰ্বত-পাহাৰ, নদ-নদী আদি সকলাে। মাটি নহ’লে মানুহ থাকিব নােৱাৰে। কাৰণ মাটিৰ পৰা শস্য উৎপাদন কৰা হয়। শস্যৰ পৰা খাদ্য আৰু বৰ যােগান ধৰা। সৰু মহলে। চন্দ্ৰত পানী নথকাৰ কাৰণে তাত কোনাে জৱি নাই। আমাকে পা পানি। জীৱ-জন্তুৰ পৰা সংগ্ৰহ কৰা হয়। গছ-গছনি অৰ্থাৎ উদ্ভিদ অঞ্চলৰৰ সৃষ্টি নহয়। উদ্ভিদ বা অৰণ্য নাথাকিলে বনৰীয়া জীৱ-জন্তু, চৰাই-চিৰিকটি আদি জৈবিক সম্পদে থাকিব নােৱাৰিব।

পানীঃ পানী নহ’লে কোনাে জীবই বৰ্তি থাকিব নােৱাৰে। পৃথিৱীৰ উপগ্ৰহ নহ’ব ই পৰিষ্কাৰাে হ’ব লাগিব। কাৰণ মহাসাগৰৰ পানী গুণীয়া হােৱা কাৰণে ই মানুহ বা উদ্ভিদৰ কোনাে কামত নাহে। মহাসাগৰৰ পানী প্ৰথমে পৰিষ্কাৰ কৰি লৈহে তাক ব্যৱহাৰ কৰিব পাৰি। খােৱাত সহায় নকৰিলেও মহাসাগৰৰ জল পৰিবহনত যথেষ্ট সহায় কৰে।

বায়ুঃ পানীৰ নিচিনাকৈ বায়ু নাথাকিলেও কোনাে প্ৰাণী জীয়াই থাকিব নােৱাৰে। ইয়াে এবিধ অতি প্ৰয়ােজনীয় প্ৰাকৃতিক সম্পদ। ইয়াক পৰ্যাপ্ত পৰিমাণে পােৱা যায় যদিও বৰ্তমান সময়ত কোনাে কোনাে নগৰীয়া অঞ্চলত পৰিষ্কাৰ বায়ু পাবলৈ টান হৈ আহিছে। ইয়াৰ কাৰণ হ’ল প্ৰদূষণ।

উত্তপঃ উত্তাপ নাথাকিলে কোনাে জীৱ বৰ্তি থাকিব নােৱাৰে উত্তৰ মুখ্য উৎস হ’ল সূৰ্য বা সৌৰশক্তি। পৃথিৱীৰ পৰা যথেষ্ট দূৰত থাকিও সূৰ্যই পৃথিৱীত প্ৰয়ােজনীয় তাপ বিলাই জীৱজগত বৰ্তি থকাত সহায় কৰিছে সূৰ্য তাপ সম্পদ পৃথিৱীৰ সকলাে ঠাইতে সমান নহয়। এইবিধ সম্পদ পৃথিৱীৰ কোনাে ঠাইতে বেছিকৈ পৰে আৰু কোনাে ঠাইত একেবাৰে কমকৈ পৰে। ত সম্পদ ব্যৱহাৰ কৰি মানুহে ৰাতিও লাইট জ্বলাব পৰা হৈছে আনি ইয়াৰ সহায়ত মটৰ গাড়ীও চলাব পৰা হৈছে।

READ MORE  মহাত্মা গান্ধী আৰু ভাৰতৰ স্বাধীনতা সংগ্ৰাম | Chapter 2 | Class 10 Social Science - SEBA

জৈৱিক প্ৰাকৃতিক সম্পদঃ উদ্ভিদবােৰ আৰু প্ৰাণীবােৰ হ’ল জৈবিক প্ৰাকৃতিক সম্পদ। এই সম্পদৰবাৰাে প্ৰকৃতিয়ে মানুহতকৈ আগতে সৃষ্টি কৰিছে। ইয়াৰ কাৰণ হ’ল মানুহ। মানুহ নামৰ প্ৰাকৃতিক জীৱটো সম্পূৰ্ণৰূপে আনৰ ওপৰত নিৰ্ভৰশীল। মানুহ থাকিবলৈ হ’লে, উদ্ভিদ আৰু বাণী থাকিবই লাগিব। মানুহক প্ৰয়ােজনীয় প্ৰায়বােৰ সম্পদেই উদ্ভিদ।

15. সম্পদ সংৰক্ষণৰ লগত জড়িত সংস্থা আৰু সেইবোৰৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ সমগ্ৰ বিশ্বজুৰি দেখা দিয়া দ্ৰুত জনসংখ্যা বৃদ্ধি আৰু প্ৰাকৃতিক পৰিৱেশৰ সমস্যা তথা বহু প্ৰাকৃতিক সম্পদ নিঃশেষ হ’বলৈ ধৰা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সমগ্ৰ বিশ্বকে বিভিন্ন পৰ্যায়ত পৰিৱেশ সুৰক্ষা আৰু প্ৰাকৃতিক সম্পদ সংৰক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰি থকা হৈছে। এনে কাৰ্য সম্পাদনৰ বাবে আন্তঃৰাষ্ট্ৰীয়, ৰাষ্ট্ৰীয়, আঞ্চলিক তথা স্থানীয় পৰ্যায়ত বহু চৰকাৰী-বেচৰকাৰী সংস্থা আৰু সংগঠনৰ জন্ম হৈছে। এই ক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ অন্তত আন্তৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা (International Union for Conservation of Nature চমুকৈ IUCN) বিশেষভাৱে উল্লেখযােগ্য।

১৯৪৮ চনতে UNESCO অৰ্থাৎ ৰাষ্ট্ৰসংঘৰ শৈক্ষিক, বৈজ্ঞানিক আৰু সাংস্কৃতিক সংস্থাৰ প্ৰথম সঞ্চালকপ্ৰধান জুলিয়ান হাক্সলেৰ (ব্ৰিটিছ জীৱবিজ্ঞানী) প্ৰচেষ্টাত ফ্ৰান্সত IUCN প্ৰতিষ্ঠিত হৈছিল। এই সংস্থাটোৰ মূল উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ সম্পৰ্কে অধ্যয়ন, গৱেষণা আৰু প্ৰয়ােজনীয় ব্যৱস্থা গ্ৰহণ কৰা। IUCNৰ নেতৃত্বতে WWE for Nature (World Wide Fund for Nature) আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ (World Conservation Monitoring Centre) স্থাপিত হৈছে। এইদৰে বিশেষ জীৱজন্তু আৰু উদ্ভিদ শ্ৰেণী তথা সামগ্ৰিকভাৱে প্ৰাকৃতিক পৰিৱেশৰ সংৰক্ষণৰ বাবে আন্তঃৰাষ্ট্ৰীয় আৰু ৰাষ্ট্ৰীয় পৰ্যায়ত বহু সংস্থা-সংগঠনে কাম কৰি আছে।

ভাৰতবৰ্ষত এনে কাৰ্যৰ বাবে চৰকাৰীভাৱে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন নামেৰে এটি মন্ত্ৰণালয় (Ministry of Environment, Forests and Climate Change) গঠন কৰা হৈছে। এনে চৰকাৰী সংস্থাই প্ৰাকৃতিক সম্পদ সংৰক্ষণ আৰু পৰিৱেশ সুৰক্ষা সম্পৰ্কীয় আইনাে প্ৰণয়ন কৰে। এই মন্ত্ৰণালয়ৰ অন্তৰ্গত স্বতন্ত্ৰভাৱে ১৯৮৬ চনত ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা (Indian Council of Forestry Research and Education) গঠন কৰা হৈছে। ইয়াৰ উপৰি বেচৰকাৰীভাৱে বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ (Centre for Science and Environment), গ্ৰীণপিচ ইণ্ডিয়া (Greenpeace India), ৱাইল্ড লাইফ ট্ৰাষ্ট অব্ ইণ্ডিয়া (Wildlife Trust of India) আদিৰ দৰে বহু সংগঠনে পৰিৱেশ সুৰক্ষাৰ বাবে অজস্ৰ কাম কৰি আছে।

অসমতাে অসম বিজ্ঞান সমিতি, আৰণ্যকৰ দৰে কেইবাটাও বেচৰকাৰী সংগঠনে পৰিৱেশ সুৰক্ষা, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আদিৰ বাবে কাম কাজ কৰি আছে। ৰাষ্ট্ৰসংঘৰ আহ্বানত সাধাৰণ মানুহৰ মাজত পৰিৱেশ সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ বাবে সমগ্ৰ বিশ্বজুৰি প্ৰতি বছৰে ৫ জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়।

সম্পদ সংৰক্ষণৰ বাবে কিছুমান পদ্ধতি আছে। সেইবােৰ হ’ল— বিকল্প সম্পদৰ সন্ধান, পুনৰাৱৰ্তন, অভিযােজন বা নৱপ্ৰচলন, বৰ্জিত দ্ৰব্যৰ‌ পৰিমাণ হ্ৰাস, জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ, সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণ, সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন, সম্পদসমূহৰ ভৱিষ্যৎ প্ৰয়ােজন নিৰ্ধাৰণ আদি।

16. সম্পদ ভূগোলক কিয় অৰ্থনৈতিক ভূগোলৰ এটি গুৰুত্বপূৰ্ণ শাখা বোলা হয়?
উত্তৰঃ মানুহ জীৱন ধাৰণাৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। পৃথিৱীৰ বুকুত থকা বায়ু, পানী, সূৰ্য্যৰ ৰশ্মি, মাটি গছ-গছনি, ফল-মূল, খনিজ পদাৰ্থ আদি আটাইবোৰেই মানুহৰ বাবে লাগতিয়াল সেয়েহে এইবোৰ সম্পদ।এই সম্পদ সমূহ মানুহে প্ৰধানকৈ প্ৰকৃতিৰ বুকুৰপৰাই বিভিন্ন উপায়েৰে আহৰণ কৰে। প্ৰকৃতিৰপৰা লাভ কৰা এই সম্পদবােৰ মানুহে নিজৰ শক্তি, বিদ্যা-বুদ্ধি আৰু কৌশল প্ৰয়ােগ কৰি ব্যৱহাৰ প্ৰাকৃতিক কৰে। এই সম্পদসমূহৰ প্ৰাচুৰ্যৰ বাবেই মানুহৰ মৌলিক‌ প্ৰয়ােজন খাদ্য, আশ্ৰয় আৰু বস্ত্ৰকে ধৰি অন্যান্য বহু চাহিদা পূৰণৰ লগতে জীৱন ধাৰণৰ মানদণ্ডৰ উন্নয়ন সম্ভৱ হৈছে।

কিন্তু মন কৰিবলগীয়া যে পৃথিৱীত পােৱা যিকোনাে বস্তুয়েই সম্পদ নহয়। প্ৰখ্যাত অৰ্থনীতিবিদ জিম্মাৰমানৰ মতে, সম্পদ হ’বলৈ বস্তুটোৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ দুটা থাকিব লাগিব। এনে দুটা গুণৰ বাবেই সম্পদ ব্যৱহাৰৰ যােগেদি মানৰ কল্যাণ আৰু আৰ্থ-সামাজিক উৎকৰ্ষ সাধন সম্ভৱ হৈছে। সেয়ে সম্পদ আৰু ইয়াৰ ব্যৱহাৰ মানৱ সমাজৰ উন্নয়নৰ লগত ওতপ্ৰােতভাৱে জড়িত। উল্লেখযােগ্য যে প্ৰকৃতি, মানুহ আৰু সমাজ-সংস্কৃতি তথা বিজ্ঞানপ্ৰযুক্তিৰ আন্তঃক্ৰিয়াৰ ফলতেই একো একোটা সম্পদৰ সৃষ্টি হয়। মানুহ সম্পদৰ লগত দুই ধৰণে জড়িত- সম্পদৰ উৎপাদক হিচাপে আৰু সম্পদৰ উপভােক্তা হিচাপে।

মানুহৰ প্ৰয়ােজনীয় বহু সম্পদ যদিও প্ৰকৃতিয়ে যােগান ধৰে, ইয়াৰ বেছি ভাগেই মানুহে প্ৰয়ােজন অনুসৰি ব্যৱহাৰৰ উপযােগী কৰি লয়। তদুপৰি প্ৰকৃতিত থকা সামগ্ৰীবােৰৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা সম্পৰ্কীয় গুণবােৰ মানুহৰ জ্ঞানৰ জৰিয়তেহে উদঘাটন কৰা হয়। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰাে সৃষ্টি হৈছে আৰু ব্যৱহাৰ হৈছে। অৰ্থাৎ প্ৰাকৃতিকভাবে পােৱা সম্পদৰ উপৰি বহুবােৰ সম্পদ,‌ যেনে-প্ৰযুক্তি, ঘৰ-দুৱাৰ, ৰাস্তা-ঘাট, উদ্যোগ-কাৰখানা, স্কুল কাৰ্যালয়, কৃষিকাৰ্যৰ সঁজুলি, যানবাহন আদি মানুহে নিজে প্ৰস্তুত কৰে। সেয়েহে এনে সম্পদক মানৱ সৃষ্ট সম্পদ বােলা হয়। তদুপৰি সম্পদৰ উৎপাদক বা সৃষ্টিকৰ্তা হিচাপে মানুহাে এক প্ৰকাৰৰ সম্পদ‌ যাক মানৱ সম্পদ বুলি গণ্য কৰা হয়। মন কৰিবলগীয়া যে প্ৰাকৃতিক আৰু মানৱ সৃষ্ট সম্পদৰ ব্যৱহাৰৰ তাৰতম্য নিৰ্ভৰ কৰে মানুহৰ সম্পদবােৰ পৰিৱৰ্তনশীল।

পৰিৱৰ্তনবােৰ আকৌ অৰ্থনৈতিক কাৰ্যৰ দ্বাৰা সংঘটিত হয়। গতিকে সম্পদ ভূগােলক বাদ দি অৰ্থনৈতিক ভূগােলৰ স্থিতি নিৰ্ধাৰণ কৰা কঠিন। এটা উদাহৰণ দিলে কথাটো পৰিষ্কাৰ হ’ব। ধৰা হওক চাহৰ খেতি। অসমৰ মাটি আৰু জলবায়ু চাহ গছৰ কাৰণে উপযােগী। গতিকে অসমৰ মাটি, জলবায়ু আৰু চাহৰ গছৰ পুলি এই আটাইবােৰ সম্পদ। মানুহে নিজৰ বুদ্ধি আৰু কৌশল প্ৰয়ােগ কৰি কেঁচা চাহপাত উৎপাদন কৰিলে। ই এবিধ সম্পদ। এই সম্পদ কৃষিকাৰ্যৰ সহায়ত পােৱা হ’ল। কেঁচা চাহপাতাে মানুহে ব্যৱহাৰ কৰি উপভােগ কৰিব পাৰে। আনহাতে, কেঁচা চাহপাতৰ পাত ক’লা চাহপাতাে প্ৰস্তুত কৰিব পাৰে উদ্যোগিক অৰ্থনৈতিক কাৰ্যৰ সহায়ত।

গতিকে কেঁচা চাহপাত সম্পদক কলা চাহপাত সম্পদলৈ অৰ্থনৈতিক কাৰ্যৰ সহায়ত পৰিৱৰ্তন কৰা হ’ল। কলা চাহপাত বেছি উপভােগ্য হৈ পৰিল। ইয়াক আন দেশলৈ ৰপ্তানি কৰিবলৈও সহজ হৈ পৰিল। গতিকে দেখা গ’ল অৰ্থনৈতিক ভূগােলৰ আটাইবােৰ কাৰ্যক্ৰমণিকা সম্পদক লৈয়ে পৰিচালিত হৈছে। সেইকাৰণে সম্পদ ভূগােলক অৰ্থনৈতিক ভূগােল প্ৰধান শাখা বুলি কোৱা হয়। প্ৰকৃতাৰ্থত সম্পদ ভূগােল অবিহনে অৰ্থনৈতিক ভূগােলৰ গুৰুত্বও বিশেষ ভাৱে উপলব্ধ নহ’ব। যিহেতু সম্পদৰ ওপৰত ভিত্তি কৰিহে অৰ্থনৈতিক কাম কাজবোৰ পৰিচালিত হয়।

17. অৰ্থনেতিক ভূগোলৰ প্ৰধান শাখাসমূহৰ বিষয়বস্ত্ত সম্পৰ্কে চমুকে লিখা।
উত্তৰঃ অৰ্থনৈতিক ভূগােলে মূলতঃ মানুহৰ উৎপাদনক্ষম কাৰ্যবােৰ আৰু‌ পাৰিৱেশিক অৱস্থাৰ লগত এইবােৰৰ সম্পৰ্কৰ বিষয়ে অধ্যয়ন কৰে। উৎপাদনক্ষম কাৰ্যবােৰৰ অধ্যয়ন কৰিবলৈ যাওঁতে কিছুমন বিশেষ শাখাউপশাখাৰ অধ্যয়ন কৰা হয়। যিহেতু যিকোনাে অৰ্থনৈতিক কাৰ্য বা উন্নয়ন‌ প্ৰক্ৰিয়া পৰিৱেশৰ লগত ওতঃপ্ৰােতভাৱে জড়িত সেয়ে সম্প্ৰতি সকলােতে বহনক্ষম উন্নয়নৰ ওপৰত যথেষ্ট গুৰুত্ব আৰােপ কৰা হৈছে। অৰ্থনৈতিক ভূগােলৰ বিভিন্ন শাখাসমূহ হৈছে—
১। কৃষি ভূগােল
২। ঔদ্যোগিক ভূগােল
৩। সম্পদ ভূগােল
৪। পৰিবহণ ভূগােল
৫। ৰজাৰ ভূগােল
৬। পৰিকল্পনা আৰু উন্নয়ন ভূগােল আৰু
৭। পৰ্যটন ভূগােল

১। কৃষি ভূগােলঃ অৰ্থনৈতিক ভূগােলৰ এটি অন্যতম প্ৰধান শাখা। ইয়াত কৃষি কাৰ্যৰ লগত জড়িত কাৰকসমূহ, কৃষিৰ প্ৰকাৰ, কৃষি কাৰ্যৰ বিতৰণ আৰু পদ্ধতি, শস্যৰ উৎপাদন আৰু ইয়াৰ লগত জড়িত সুত্ৰ, কৃষি সামগ্ৰীৰ বজাৰ তথা আমদানি-ৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়।

২। ঔদ্যোগিক ভূগোেলঃ ইয়াত উদ্যোগ স্থাপনৰ লগত জড়িত অৰ্থনৈতিক তথা অন্যান্য কাৰকসমূহ, উদ্যোগৰ প্ৰকাৰ আৰু ভৌগােলিক বিতৰণ, ঔদ্যোগিক সামগ্ৰীৰ উৎপাদন, উদ্যোগ অৱস্থাত লগত জড়িত সূত্ৰ, ঔদ্যোগিক সামগ্ৰীৰ বজাৰ তথা আমদানিৰপ্তানি ইত্যাদি অধ্যয়ন কৰা হয়।

৩। সম্পদ ভূগােলঃ ইয়াত সম্পদৰ প্ৰকাৰ, আঞ্চলিক বিতৰণ, সম্পদ উদ্ঘাটন তথা উৎপাদনৰ লগত জড়িত কাৰকসমূহ, সম্পদ আৰু উন্নয়নৰ সম্পৰ্ক, সম্পদৰ সংৰক্ষণ আৰু ব্যৱস্থাপনা আদি অধ্যয়ন কৰা হয়।

৪। পৰিবহণ ভূগােলঃ ইয়াত পৰিবহণ ব্যৱস্থাৰ প্ৰকাৰ আৰু ইয়াৰ লগত জড়িত কাৰকসমূহ, সম্পদ বিতৰণত পৰিবহণৰ ভূমিকা, মানুহৰ যাতায়াত তথা অৰ্থনৈতিক কাৰ্যকলাপত পৰিবহণৰ ভূমিকা, অৰ্থনৈতিক উন্নয়ন যেনে— ঔদ্যোগিক উন্নয়ন, কৃষি ক্ষেত্ৰৰ উন্নয়নত পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ ভূমিকা ইত্যাদি অধ্যয়ন কৰা হয়।

৫। বজাৰ ভূগােলঃ ইয়াত বজাৰ স্থাপনৰ প্ৰয়ােজনীয়তা আৰু ইয়াৰ কাৰকসমূহ, বজাৰৰ প্ৰকাৰ আৰু বিতৰণ আৰু ইয়াৰ লগত জড়িত সূত্ৰসমূহ অধ্যয়ন কৰা হয়।

৬। পৰিকল্পনা আৰু উন্নয়ন ভূগােল ইয়াত অৰ্থনৈতিক উন্নয়নৰ লগত জড়িত কাৰকসমূহ, পৰিকল্পনা ব্যৱস্থা, বহনক্ষম উন্নয়ন, অঞ্চল তথা উপাদান ভিত্তিক উন্নয়ন প্ৰক্ৰিয়া আদি অধ্যয়ন কৰা হয়।

৭। পৰ্যটন ভূগােলঃ ইয়াত পৰ্যটন আৰু ইয়াৰ বিকাশৰ লগত জড়িত কাৰকসমূহ, পৰ্যটনৰ প্ৰকাৰ, পৰ্যটন ব্যৱস্থাৰ উন্নয়ন প্ৰক্ৰিয়া আৰু পৰিকল্পনা আদি অধ্যয়ন কৰা হয়।

18. ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ। —পাৰ্থক্য লিখা।
উত্তৰঃ (i) মালিকীস্বত্ব বা গৰাকীৰ ওপৰত ভিত্তি কৰি সম্পদবােৰক ব্যক্তিগত সম্পদ আৰু জাতীয় সম্পদ হিচাপে ভাগ কৰা হয়।

(ii) মানুহৰ নিজ নিজ দখল বা অধিকাৰত থকা সম্পদবােৰেই হৈছে ব্যক্তিগত সম্পদ। আনহাতে, এখন দেশৰ তত্ত্বাৱধানত সম্পদবােৰেই জাতীয় সম্পদ (National Resource)।

(iii) ব্যক্তিগত সম্পদৰ উদাহৰণ হৈছে মানুহৰ নিজ। খলত থকা মাটি, ঘৰদুৱাৰ, সা-সম্পত্তিৰ লগতে নিজা গুণ, যেনে- ভাল চৰিত্ৰ, শিক্ষা, কৰ্মদক্ষতা আদি। আনহাতে, জাতীয় সম্পদৰ উদাহৰণ হৈছে— বাট-পথ, নদ-নদী, দলং, অৰণ্য, গছ-গছনি, শিক্ষানুষ্ঠান, প্ৰশাসনিক ব্যৱস্থা আদি।

(iv) জাতীয় সম্পদ কেতিয়াও ব্যক্তিগত হ’ব নােৱাৰে। এখন দেশৰ জাতীয় সম্পদ বৃদ্ধি হলে জনসাধাৰণৰ কল্যাণ বৃদ্ধি পায় কিন্তু ব্যক্তিগত সম্পদ বৃদ্ধি হলে জনসাধাৰণৰ কল্যাণ নহ’বও পাৰে।

19. জৈৱিক আৰু অজৈৱিক সম্পদ। —পাৰ্থক্য লিখা।
উত্তৰঃ (i) প্ৰাকৃতিক গঠন অনুসৰি সম্পদসমূহক জৈৱিক আৰু জীৱীয় সম্পদ আৰু অজৈৱিক বা অজীৱীয় সম্পদৰূপে ভাগ কৰা হয়। জৈৱিক সম্পদবােৰ জীৱ থাকে। আনহাতে, অজৈৱিক সম্পদবােৰ
নিৰ্জীৱ।

(ii) জৈৱিক সম্পদবােৰৰ বৃদ্ধি আৰু বিকাশ হয়, কিন্তু অজৈৱিক সম্পদবােৰৰ বৃদ্ধি আৰু বিকাশ নহয়।

(iii) জৈৱিক সম্পদবােৰ নৱীকৰণযােগ্য সম্পদ, অৰ্থাৎ এই সম্পদবােৰ ব্যৱহাৰ কৰা পাছত একেবাৰে নিঃশেষ হৈ নাযায় আনহাতে, অজৈৱিক সম্পদবােৰ অনৱীকৰণযােগ্য সম্পদ। এই সম্পদবােৰ একেৰাহে ব্যহাৰ কৰি থাকিলে নিঃশেষ হৈ যােৱাৰ সম্ভাৱনা অধিক।

(iv) জৈৱিক সম্পদৰ উদাহৰণ হৈছে– উদ্ভিদ, প্ৰাণী, মাছ, গছ-গছনি আদি। আনহাতে, অজৈৱিক সম্পদৰ উদাহৰণ হৈছে- মাটি, শিল, পানী, বায়ু, খনিজ তেল আদি।

20. মানৱসৃষ্ট সম্পদ আৰু মানৱ সম্পদ। —পাৰ্থক্য লিখা।
উত্তৰঃ মানৱসৃষ্ট সম্পদ হৈছে মানুহৰ প্ৰচেষ্টাত উৎপাদিত বিভিন্ন সামগ্ৰী। প্ৰকৃতিত পােৱা সম্পদসমূহ মানুহে নিজ প্ৰয়ােজন সাপেক্ষে বিভিন্ন প্ৰযুক্তিৰ জৰিয়তে ৰূপান্তৰ কৰি ব্যৱহাৰােপযােগী কৰি তােলে।

আনহাতে, প্ৰাকৃতিক সম্পদবােৰ মানুহৰ ব্যৱহাৰৰ উপযােগী কৰি তুলিবলৈ মানুহৰ কাৰ্যদক্ষতা, শিক্ষা, প্ৰযুক্তি তথা আগ্ৰহ প্ৰয়ােজন হয়। মানুহৰ এই গুণবােৰ থাকে বাবে মানুহেই মানৱ সম্পদ। মানৱ সম্পদ হৈছে সম্পদৰ সৃষ্টিকৰ্তা। মানুহ বা মানৱ সম্পদৰ পৰাই মানৱ সৃষ্ট সম্পদসমূহ সৃষ্টি তথা ব্যৱহাৰৰ উপযােগী হয়। মানৱ সৃষ্ট সম্পদৰ উদাহৰণ হৈছে- বাঁহৰ পৰা তৈয়াৰী কাগজ, কপাহৰ পৰা তৈয়াৰী কাপােৰ, মৰাপাটৰ পৰা তৈয়াৰী ৰচী, খনিজ তেলৰ পৰা উৎপাদিত নেপথা, মমবাতি,‌ বিভিন্ন ৰং আদি। মানৱ সম্পদ নহ’লে মানৱ সৃষ্ট সম্পদৰ সৃষ্টি হয়। এখন। দেশ মানৱ সম্পদ উন্নত হ’ল দেশখন অৰ্থনৈতিকভাৱে শক্তিশালী হয়।

21. সম্পদৰ পুনৰাৱৰ্তন আৰু অভিযােজন়। —পাৰ্থক্য লিখা।
উত্তৰঃ সম্পদৰ পুনৰাৱৰ্তন আৰু অভিযােজন হৈছে সম্পদ সংৰক্ষণৰ বেলেগ বেলেগ পদ্ধতি। সীমিত পৰিমাণৰ কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈ পুনৰাৱৰ্তন পদ্ধতি ব্যৱহাৰ কৰি সম্পদ সংৰক্ষণ কৰা হয়। আনহাতে, অভিযােজন প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰকৃতিৰ পৰা আহৰণ কৰা সম্পদ ব্যৱহাৰােপযােগী অৱস্থালৈ ৰূপান্তৰিত কৰা হয়। পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ জৰিয়তে সংশ্লিষ্ট সম্পদৰ কেঁচা সামগ্ৰী কিছ পৰিমাণে সংৰক্ষণ কৰিব পাৰি।

READ MORE  অসমৰ ভূগােল | Chapter 9 | Class 10 Social Science - SEBA

অভিযােজন প্ৰক্ৰিয়াৰে প্ৰকৃতিত থকা সম্পদবােৰক মানুহৰ ব্যৱহাৰৰ উপযােগী অৱস্থালৈ পৰিৱৰ্তন কৰি সম্পদ সংৰক্ষণ কৰিব পাৰি। অভিযােজন প্ৰক্ৰিয়াৰ উদাহৰণ হৈছে— মাটিত প্ৰয়ােগ কৰা ৰাসায়নিক সাৰৰ পৰিৱৰ্তে জৈৱিক সাৰ প্ৰয়ােগ কৰা, পেট্ৰলজাত ৰন্ধনজাত গেছৰ, পৰিৱৰ্তে গােবৰ গেছ প্ৰয়ােগ কৰা ইত্যাদি।

আনহাতে, পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰ উদাহৰণ হৈছে- পুৰণি কাগজ, প্লাষ্টিক সামগ্ৰী আদি। নতুনকৈ কাৰখানাত ব্যৱহাৰ কৰি নতুন সামগ্ৰীৰ সৃষ্টি কৰা আদি।

22. সম্পদ আৰু সম্পত্তি। —পাৰ্থক্য লিখা।
উত্তৰঃ (i) সম্পদ আৰু সম্পত্তিৰ মাজত পাৰ্থক্য আছে। সম্পদৰ বিনিময় নাথাকে কিন্তু সম্পত্তিৰ বিনিময় মূল্য থাকে।

(ii) সম্পত্তিৰ যােগান তুলনামূলকভাৱে সীমিত আৰু ইয়াক মূল্যৰ জৰিয়তে ইজনৰপৰা সিজনলৈ হস্তান্তৰ কৰিব পাৰি। কিন্তু সম্পদৰ যােগান। তুলনামূলকভাৱে সীমিত নহয়। কিছুমান সম্পদৰ যােগান অপৰ্যাপ্ত, কিছুমান হস্তান্তৰ নহয় আৰু কিছুমানৰ বজাৰ মূল্য নাথাকে।সকলােবােৰ সম্পত্তিয়েই সম্পদ কিন্তু সকলােবােৰ সম্পদ সম্পত্তি নহ’বও পাৰে।

(iii) সম্পদৰ জৰিয়তে মানৱ জাতিৰ কল্যাণ সাধন হয় কিন্তু সম্পত্তিৰ দ্বাৰা। মানুহৰ উপকাৰ আৰু অপকাৰ দুয়ােটা হ’ব পাৰে। সম্পত্তিৰ উদাহৰণ হৈছে। ভূমি, ঘৰ-দুৱাৰ, যন্ত্ৰপাতি, টকা-পইছা কোম্পানিৰ অংশ আদি। আনহাতে সম্পদৰ উদাৰণ হৈছে– সূৰ্যৰ ৰশ্মি, বায়ু, পানী, শিক্ষানুষ্ঠান, সামাজিক অনুষ্ঠান, নদ-নদী, জনস্বাস্থ্য, চিকিৎসালয় আদি।

23. সম্পদ আৰু নিষ্ক্ৰিয় সামগ্ৰী। —পাৰ্থক্য লিখা।
উত্তৰঃ প্ৰকৃতি, মানুহ আৰু সমাজ-সংস্কৃতি তথা বিজ্ঞান প্ৰযুক্তিৰ আন্তঃক্ৰিয়াৰ ফলস্বৰূপে একো একোটা সম্পদৰ সৃষ্টি হয়। সম্পদে মানুহৰ উপকাৰ তথা কল্যাণসাধন কৰে।

আনহাতে, নিষ্ক্ৰিয় সামগ্ৰীয়ে মানুহৰ উপকাৰ তথা অপকাৰ সাধন নকৰে। নিষ্ক্ৰিয় সামগ্ৰীয়ে সদায় নিৰপেক্ষ ভূমিকা পালন কৰে। প্ৰকৃতিত পােৱা সম্পদসমূহৰ অধিকাংশই নিষ্ক্ৰিয় সামগ্ৰীৰ অন্তৰ্গত। এই সামগ্ৰীসমূহৰ মানুহৰ জ্ঞান পৰিসৰ বৃদ্ধি সৈতে সৃষ্টি হৈ সম্পদলৈ ৰূপান্তৰিত হয় আৰু মানুহ তথা সমাজ কল্যাণসাধন কৰে।

24. অৰ্থনৈতিক ভূগােল আৰু সম্পদ ভূগােল। —পাৰ্থক্য লিখা।
উত্তৰঃ অৰ্থনৈতিক ভূগােল হৈছে ভূগােলৰ এটি শাখা য’ত সম্পদৰ উৎপাদন, বিতৰণ, উপভােগ আৰু বিনিময়ৰ সৈতে জড়িত। মানুহৰ কাৰ্যকলাপ স্থান আৰু সময় সাপেক্ষে অধ্যয়ন কৰা হয়।

আনহাতে, সম্পদ ভূগােল হৈছে। অৰ্থনৈতিক ভূগােলৰ এটি উপশাখা। সম্পদ অৰ্থনৈতিক ভূগােলৰ অন্তৰ্গত এটি প্ৰধান শাখা আৰু অৰ্থনৈতিক। ভূগােলৰ আটাইবােৰ উপশাখাৰ সৈতে সম্পদ ওতঃপ্ৰােতভাৱে জড়িত। সম্পদ ভূগােলত সম্পদৰ অৰ্থ, গুৰুত্ব, প্ৰয়ােজনীয়তা তথা সম্পদৰ বিভিন্ন শ্ৰেণীবিভাগ আৰু সংক্ষণৰ বিষয়ে অধ্যয়ন কৰা হয়। সম্পদ অধ্যয়ন অবিহনে অৰ্থনৈতিক ভূগোল অৰ্থহীন।

25. নৱীকৰণযােগ্য আৰু অনবীকৰণযােগ্য সম্পদ। —পাৰ্থক্য লিখা।
উত্তৰঃ (i) নৱীকৰণযােগ্য সম্পদবােৰ ব্যৱহাৰৰ পাছত একেবাৰে নিঃশেষ হৈ নাযায় কিন্তু অনৱীকৰণযােগ্য সম্পদবােৰ ব্যৱহাৰৰ পাছত একেবাৰে নিঃশেষ হৈ যায়। নৱীকৰণযােগ্য সম্পদৰ উদাহৰণ হৈছে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, প্ৰাণী আদি।

আনহাতে, অনৱীকৰণযোগ্য সম্পদৰ উদাহৰণ হৈছে- খনিজ তেল, তাম, লাে, সােণ, চূণশিল আদি খনিজ পদাৰ্থবােৰ অনৱীকৰণযােগ্য সম্পদৰ যােগান সীমাবদ্ধ কিন্তু নৱীকৰণযােগ্য সম্পদৰ যােগান সীমিত নহয়।

26. নবীকৰণযোগ্য সম্পদ। —চমুটোকা লিখা।
উত্তৰঃ নবীকৰণযোগ্য সম্পদঃ নৱীকৰণযােগ্য সম্পদ ও যিবােৰ সম্পদ ব্যৱহাৰৰ পিছত নৱীকৰণ বা পুনঃপুৰ্ণীকৃত প্ৰক্ৰিয়াৰে কেতিয়াও একেবাৰে নিঃশেষ নােহােৱাকৈ ৰাখিব পাৰি, তেনে সম্পদবােৰক নৱীকৰণযােগ্য সম্পদ (Renewable Resource) বােলা হয়। উদাহৰণস্বৰূপে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, গছ-গছনি, জীৱ-জন্তু, মানুহ, চৰাই-চিৰিকটি আদি নৱীকৰণযােগ্য সম্পদ। এই সম্পদবােৰ একেৰাহে ব্যৱহাৰ কৰি থাকিলেও শেষ হৈ নাযায় আৰু ইয়াক পুনৰ উৎপাদন বা পুনৰাৱৰ্তন কৰিব পাৰি। নৱীকৰণযােগ্য সম্পদৰ যােগান সীমিত নােহােৱা বা পুনৰ উৎপাদন কৰিব পৰা যায় বাৰে এই সম্পদবােৰ ব্যৱহাৰ কৰাৰ ফলত‌ শেষ হৈ নাযায়। আনহাতে, খনিজ সম্পদসমূহ নবীকৰণযােগ্য সম্পদ নহয় আৰু ইয়াক একেৰাহে ব্যৱহাৰ কৰি থাকিলে নিঃশেষ হােৱাৰ সম্ভাৱনা অধিক।

27. সম্পদ সংৰক্ষণ। —চমুটোকা লিখা।
উত্তৰঃ সম্পদ সংৰক্ষণঃ সম্পদ সংৰক্ষণ (Conservation of Resources‌)হৈছে সম্পদৰ কোনাে ধৰণৰ নাশ নােহােৱাকৈ আৰু অপব্যৱহাৰ নােহােৱাকৈ পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্য বা এক ধাৰণা। সম্পদ সংৰক্ষণৰ মূল উদ্দেশ্য হৈছেআমি প্ৰকৃতিৰ পৰা আমাৰ প্ৰয়ােজনীয় সম্পদবােৰ এনেদৰে আহৰণ কৰি ব্যৱহাৰ কৰিব লাগে যাতে ইয়াৰ দ্বাৰা আমি বহু কাল ধৰি লাভৱান হওঁ। সম্পদ সংৰক্ষণ বুলিলে সম্পদৰ কোনাে ধৰণৰ অপচয় নােহােৱাকৈ মানৱকল্যাণত সঠিক ৰূপত বহুদিনৰ বাবে ব্যৱহাৰ কৰিব পৰা কাৰ্যক বুজোৱা হয়। সম্পদৰ অপব্যৱহাৰ ফলত ইয়াৰ অপচয় হয় আৰু পৰিমাণ কমি যােৱাৰ লগতে পৰিৱেশ বিনষ্ট কৰে। সেয়ে ভৱিষ্যৎ প্ৰজন্মৰ বাবে সম্পদৰ সঠিক ব্যৱহাৰৰ যােগেদি সংৰক্ষণ কৰাটো অতিকৈ প্ৰয়ােজনীয়।

28. সম্পত্তি। —চমুটোকা লিখা।
উত্তৰঃ সম্পত্তিঃ যিবােৰ বস্তুৰ বিনিময় মূল্প থাকে, তেনেবােৰ বস্তুক সম্পদ বােলা হয়। সম্পত্তিৰ অৰ্থ অৰ্থনৈতিক দ্ৰব্যৰ সৈতে একে। অৰ্থাৎ যিয়ে বস্তু দুষ্প্ৰাপ্য বা যােগান সীমিত আৰু যিবিলাক বস্তুৰ বজাৰ মূল্য থাকে। তেনেবােৰ বস্তুক সম্পত্তি বুলি গণ্য কৰা হয়। কোনাে বস্তু সম্পত্তি হব হলে বস্তুটো মানুহৰ ব্যৱহাৰৰ উপযােগী হােৱাৰ উপৰিও ইয়াৰ এজনৰ ঘৰ আন এজনলৈ মূল্যৰ জৰিয়তে হস্তান্তৰ কৰিব পৰা হ’ব লাগে। সকলােবােৰ সম্পত্তিয়েই হৈছে সম্পদ। সম্পত্তিৰ দ্বাৰা মানুহৰ উপকাৰ বা আপকাৰ দুয়ােটা হ’ব পাৰে। উদাহৰণস্বৰূপে বজাৰমূল্য থকা মাৰাত্মক বিষয়, ৰাসায়নিককীটনাশক দ্ৰব্য আদি সম্পত্তি, আৰু এইবােৰৰ জৰিয়তে মানুহৰ অপকাৰ সাধন হয়। কিন্তু এইবােৰৰ যােগান সীমিত আৰু ৰজাৰ মূল্য থকা বাবে এই সামগ্ৰীবােৰক সম্পত্তিৰ শ্ৰেণীত ধৰা হয়।

29. সম্পদৰ পুনৰাৱৰ্তন। —চমুটোকা লিখা।
উত্তৰঃ সম্পদৰ পুনৰাৱৰ্তনঃ সম্পদৰ পুনৰাৱৰ্তন হৈছে সম্পদ সংৰক্ষণৰ এটা পদ্ধতি। এই পদ্ধতিৰ জৰিয়তে সীমিত পৰিমাণত থকা কেঁচা সামগ্ৰীৰ ব্যৱহাৰ হ্ৰাস কৰি ব্যৱহাৰৰ উপযােগী বৰ্জিত পুনঃব্যৱহাৰ কৰিব পাৰি। অৰ্থাৎ কেঁচা সামগ্ৰীৰ ব্যৱহাৰৰ পৰিমাণ হ্ৰাস কৰিবলৈ হ’লে পুনৰাৱৰ্তন প্ৰক্ৰিয়াৰে বৰ্জিত পদাৰ্থসমূহ পুনৰ ব্যৱহাৰৰ উপযােগী সামগ্ৰীলৈ ৰূপান্তৰিত কৰিব পাৰি আৰু এনে কৰিলে সম্পদ কিছু পৰিমাণে সংৰক্ষিত হয়। উদাহৰণস্বৰূপেপুৰণি পলিথিন বেগ, প্লাষ্টিক বটল, কাগজ আদি পুনৰাৱৰ্তন কৰি সংশ্লিষ্ট সম্পদৰ কেঁচা সামগ্ৰী সংৰক্ষণ কৰা হয়।

30. সম্পদ। —চমুটোকা লিখা।
উত্তৰঃ সম্পদঃ মানুহৰ দৈনন্দিন জীৱন ধাৰণৰ বাবে প্ৰয়ােজনীয় হ’বলৈ হ’লে তাৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা গুণ দুটা থাকিব লাগে। সাধাৰণ অৰ্থত সম্পদৰ ধাৰণা হৈছে প্ৰাচুৰ্যতা অথবা প্ৰগতি। সম্পদৰ প্ৰাচুৰ্যতাৰ বাবে মানুহৰ মৌলিক প্ৰয়ােজন পূৰণৰ লগতে আন বহু চাহিদা‌ পূৰণ হৈছে আৰু জীৱন ধাৰণৰ মানদণ্ড উন্নত হৈছে। মানুহৰ লাগতিয়াল বস্তু যেনে—পৃথিৱীত থকা বায়ু, পানী, বতাহ, সূৰ্যৰ ৰশ্মি, গছ-গছনি, ফলমূল,‌ খনিজপদাৰ্থ আদি সম্পদ। অৰ্থবিজ্ঞানৰ মতে কোনাে এটা বস্তু সম্পদ হ’বলৈ হলে তাৰ উপযােগিতা, দুষ্প্ৰাপ্যতা আৰু স্থানান্তৰযােগ্যতা—এই গুণকেইটা থাকিব লাগে। অৰ্থাৎ সম্পদৰ প্ৰধান তিনিটা বৈশিষ্ট্য হৈছে— উপকাৰীতা কাৰ্যকাৰিতা আৰু পৰিৱৰ্তনশীল ধৰ্ম। সম্পদক প্ৰধানকৈ তিনিটা শ্ৰেণীত ভাগ কৰা হয়। সেয়া হৈছে প্ৰাকৃতিক সম্পদ, মানৱসৃষ্ট সম্পদ আৰু‌ মানৱ সম্পদ।

31. IUCN —চমুটোকা লিখা।
উত্তৰঃ IUCN: ১৯৪৮ চনত UNESCO-ৰ প্ৰথম সঞ্চালকপ্ৰধান ব্ৰিটিছ জীৱবিজ্ঞানী জুলিয়ান হাক্সলেৰ প্ৰচেষ্টাত ফ্ৰান্সত IUCN অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা (International Union for Conservation of Nature- IUNC) প্ৰতিষ্ঠিত হয়। এই সংস্থাটোৰ মূল‌ উদ্দেশ্য হৈছে সমগ্ৰ বিশ্বৰ প্ৰাকৃতিক পৰিৱেশ আৰু প্ৰাকৃতিক সম্পদৰ সংৰক্ষণ তথা জৈৱ বৈচিত্ৰ্য সম্পৰ্কে অধ্যয়ন, গৱেষণা আৰু প্ৰয়ােজনীয় ব্যৱস্থা গ্ৰহণ কৰা। এই সংস্থাটোৰ নেতৃত্বত WWF for Nature (World Wide Fund for Nature) আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ (World Conservation Monitoring Centre) স্থাপিত হৈছে। ভাৰতবৰ্ষত এনে কাৰ্যৰ বাবে চৰকাৰীভাৱে পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন নামেৰে এটি মন্ত্ৰণালয় (Indian Council for Forestry Research and Education) গঠিত হৈছে।

ইয়াৰ উপৰি বেচৰকাৰীভাৱে বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ (Centre for Science and Environment), গ্ৰীণপিচ ইণ্ডিয়া (Greenpeace India), ৱাইল্ড লাইফ ট্ৰাষ্ট অব্ ইণ্ডিয়া (Wildlife Trust of India) আদিৰ‌ দৰে বহু সংগঠনে পৰিৱেশ সুৰক্ষাৰ বাবে বিভিন্ন কাম কৰি আছে। অসমতাে অসম বিজ্ঞান সমিতি, আৰণ্যকৰ দৰে কেইবাটাও বেচৰকাৰী সংগঠনে পৰিৱেশ সুৰক্ষা, জৈৱ বৈচিত্ৰ্য সংৰক্ষণ আদিকাম কৰি আছে। সাধাৰণ মানুহৰ মাজত পৰিৱেশ সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ বাবে বিশ্বজুৰি প্ৰতি বছৰে ৫ জুন তাৰিখে ৰাষ্ট্ৰসংঘৰ আহ্বান মৰ্মে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়।

32. ব্যক্তিগত সম্পদ। —চমুটোকা লিখা।
উত্তৰঃ ব্যক্তিগত সম্পদঃ যিবােৰ সম্পদ কোনাে ব্যক্তি বা অনুষ্ঠানৰ (ৰাষ্ট্ৰ অধীনত থাকে তাকে ব্যক্তিগত সম্পদ বােলে। ব্যক্তিগত সম্পদক তিনিটা প্ৰধান ভাগত ভগাব পাৰি। যেনে একেবাৰে ব্যক্তিগত পৰিয়ালকেন্দ্ৰিক আৰু অনুষ্ঠান কেন্দ্ৰিক। এটা পৰিয়ালত কেইজনমান ব্যক্তি থাকে। প্ৰত্যেক ব্যক্তিকে কিছুমান সম্পদৰ প্ৰয়ােজন হয়। সেইবােৰ তেওঁৰ একেবাৰে নিজা যেনে পিন্ধা কাপােৰ, জোতা, ঘড়ী আদি। আকৌ কিছুমান সম্পদ পৰিয়ালটোৰ উমৈহতীয়া যেনে থকা ঘৰটো, পুখুৰী বা কুঁৱাটো, বহা কোঠাটো, পাকঘৰটো আদি।

কিছুমান সম্পদ আকৌ অত্যন্ত ব্যক্তিগতাে, পৰিয়ালকেন্দ্ৰিকো, যেনে‌ সৰু মটৰ গাড়ীখন। দেউতাকে অফিচলৈ লৈ যােৱা সময়ত সেইখন একেবাৰে ব্যক্তিগত। কিন্তু অন্য সময়ত পৰিয়ালৰ আন লােকেও ব্যৱহাৰ কৰিব পাৰে।‌ এখন ব্যক্তিগত স্কুল। এইটো এটা অনুষ্ঠান। ইয়াৰ সকলাে সম্পদ স্কুলখনৰ সম্পদ অৰ্থাৎ অনুষ্ঠানৰ সম্পদ। স্কুলখন যদি চৰকাৰী হয়, তেনে ক্ষেত্ৰতাে সম্পদবােৰ স্কুলখনৰ নিজা বা ব্যক্তিগত। কিন্তু চৰকাৰৰ অধিকাৰ সাব্যস্ত হ’ব।

33. জাতীয় সম্পদ। —চমুটোকা লিখা।
উত্তৰঃ জাতীয় সম্পদঃ এটা জাতিৰ উমৈহতীয়া সম্পদবােৰক জাতীয় সম্পদ বােলে। এনে সম্পদ জাতিৰ মংগলৰ কাৰণে ব্যৱহাৰ হয় আৰু তাক ৰক্ষণাবেক্ষণা দিয়াৰ দায়িত্বও গােটেই জাতীয় লােকৰ। বৰ্তমান সময়ত অৱশ্যে জাতীয় ধাৰণাতাে সলনি হৈ ৰাষ্ট্ৰীয় ধাৰণাটো অধিক শক্তিশালী হ’ব ধৰিছে। সেয়েহে এখন দেশৰ বা এটা জাতিৰ উমৈহতীয়া সম্পদবােৰকে জাতীয় সম্পদ বােলে। ভাৰতবৰ্ষত জাতিভিত্তিক প্ৰদেশবােৰ সৃষ্টি হৈছে। গতিকে প্ৰাদেশিক সম্পদবােৰক জাতীয় সম্পদ হিচাপে গণ্য কৰিব পাৰি। অসমত অসম চৰকাৰে সৃষ্টি কৰা সম্পদবােৰ অসমৰ জাতীয় সম্পদ। অসম চৰকাৰে‌ বন্ধা ৰাস্তা, দলং, খাল, পুখুৰী, ঐতিহাসিক সম্পদবােৰ, ৰাজধানী চৌহদ, স্কুল, কলেজ আন আন অনুষ্ঠানবােৰ জাতীয় সম্পদ অন্তৰ্গত।

34. মানৱ সম্পদ। —চমুটোকা লিখা।
উত্তৰঃ মানৱ সম্পদঃ মানুহ প্ৰকৃতিৰ দান। সেই কাৰণে মানুহকো প্ৰাকৃতিক‌ সম্পদৰ ভিতৰত ধৰা হয়। মানুহ সম্পদ সৃষ্টিকাৰীও আৰু উপভােক্তাও। সেইকাৰণে ইয়াক বেলেগ ভাগত ৰখা হৈছে। মানুহৰ কোনবােৰ কথা সম্পদ হিচাপে গণ্য কৰা হয়। সেইবােৰ হ’ল—
(ক) জনসংখ্যা
(খ) সুস্বাস্থ্য
(গ) বুদ্ধি
(ঘ) উদ্ভাৱনী শক্তি
(ঙ) শ্ৰম
(চ) শিক্ষা
(ছ) প্ৰযুক্তি বিদ্যা
(জ) যুক্তিতৰ্ক
(ঝ) ক্ষমা, দয়া, সত্যবাদিতা, সহিষ্ণুতা আদি গুণবােৰ।

গুণৱান মানুহ যেনেকৈ উত্তম সম্পদ হিচাপে বিবেচিত হয়, অগুণৱান বা অক্ষম মানুহবােৰ‌ দেশৰ বােজাস্বৰূপ হৈ পৰে। সৎগুণী মানুহে যেনেকৈ ৰাষ্ট্ৰৰ উন্নতিত সহায়‌ কৰে অসৎগুণী মানুহে তেনেকৈ ৰাষ্ট্ৰৰ উন্নতিত বাধাৰ সৃষ্টি কৰে। সেইকাৰণে অতি কমসংখ্যক জনসংখ্যা থকা দেশ আৰু অতিপাত জনসংখ্যাৰ দেশ দুয়ােটাই অৰ্থনৈতিক উন্নতিত বাধাৰ সৃষ্টি কৰে অৰ্থাৎ প্ৰতিৰােধ হিপে কৰে। বৰ্তমান সময়ত কোনাে দেশৰ অথনৈতিক উন্নতি, মানৱ সম্পদৰ ওপৰত অধিক নিৰ্ভৰশীল। তাৰ উদাহৰণ জাপান, কোৰিয়া আদি দেশ। ভাৰত আৰু চীনৰ অৰ্থনৈতিক উন্নতিত অত্যধিক জনসংখ্যাৰ হেঁচাই, প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিছে।

35. জৈৱিক সম্পদ। —চমুটোকা লিখা।
উত্তৰঃ জৈৱিক সম্পদঃ সম্পদৰ গঠন অনুসৰি দুভাগত ভাগ কৰা হয়— জীৱীয় আৰু অজীৱীয় সম্পদ। যিবিলাক সম্পদৰ গঠন অনুসৰি জীৱ থাকে সেইবােৰ সম্পদক জৈৱিক সম্পদ বােলা হয়। জৈৱিক সম্পদৰ উদাহৰণ হৈছে উদ্ভিদ, গছ-গছনি, প্ৰাণী মাছ ইত্যাদি। অৰ্থাৎ যিবিলাক সম্পদৰ জন্মৰ লগতে বৃদ্ধি আৰু বিকাশ। হয় তেনেবােৰ সম্পদক জৈৱিক সম্পদ বুলি কোৱা হয়। আকৌ উৎপত্তিৰ দিশৰ পৰা কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ অতি সম্পদবােৰ জৈৱিক মূলৰ কিন্তু অৱস্থানৰ দিশৰ পৰা এই সম্পদবোৰত জৈৱিক সম্পদ বুলি ধৰা নহয়।

Leave a Comment

error: Content is protected !!
Scroll to Top