অৰ্থনৈতিক উন্নয়ন | অৰ্থনৈতিক বিজ্ঞান | Chapter 13 | Class 10 Social Science Question and Answer | Assam Class 10 Social Science Solutions | SEBA Class 10 HSLC Social Science Chapter 13 Notes | SEBA Class 10 HSLC Social Science Chapter 13 Question and Answer | Questions and Answers for Class 10 Social Science Chapter 13 অৰ্থনৈতিক উন্নয়ন | HSLC Social Science Questions and Answers Assam


অৰ্থনৈতিক উন্নয়ন
(Economic Development)

Very Short Type Questions and Answers (Marks : ১)

1. গোলকীকৰণ বা বিশ্বায়ন। —বাখ্যা কৰা। (এটা বাক্যত)
উত্তৰঃ দেশ এখনৰ অৰ্থনীতিৰ সৈতে বিশ্বৰ অন্যান্য দেশৰ অৰ্থনীতিৰ সংহতি সাধন হোৱা প্ৰক্ৰিয়াটোৱেই হ’ল— গোলকীকৰণ বা বিশ্বায়ন।

2. মানৱ উন্নয়ন। —বাখ্যা কৰা। (এটা বাক্যত)
উত্তৰঃ মানৱ উন্নয়নৰ ধাৰণাই মানুহৰ সামূহিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক বিকাশৰ মাজেদি জীৱন যাপনৰ মান বৃদ্ধিত গুৰুত্ব দিয়ে।

3. উদাৰীকৰণ। —বাখ্যা কৰা। (এটা বাক্যত)
উত্তৰঃ দেশৰ আৰ্থিক ব্যৱস্হাৰ ওপৰত থকা ৰাষ্ট্ৰৰ নিয়ন্ত্ৰণ শিথিলকৰণেই হ’ল— উদাৰীকৰণ।

4. অৰ্থনৈতিক উন্নয়ন। —বাখ্যা কৰা। (এটা বাক্যত)
উত্তৰঃ এটা অৰ্থনৈতিক বিকাশ প্ৰক্ৰিয়া য’ত জাতীয় আয় বৃদ্ধিৰ লগতে আয় বিতৰণৰ ওপৰতো সমানে গুৰুত্ব দিয়া হয়।

5. অৰ্থনৈতিক পৰিকল্পনা। —বাখ্যা কৰা। (এটা বাক্যত)
উত্তৰঃ নিৰ্ধাৰিত এছোৱা সময়ৰ ভিতৰত কেতবোৰ সুনিৰ্দিষ্ট লক্ষ্যত উপনীত হবলৈ কেন্দ্ৰীয় কৰ্তৃপক্ষৰ দ্বাৰা দেশৰ অৰ্থনীতিৰ নিয়ন্ত্ৰণ আৰু দিগদৰ্শনেই হ’ল— অৰ্থনৈতিক পৰিকল্পনা।

6. অৰ্থনৈতিক বিকাশ। —বাখ্যা কৰা। (এটা বাক্যত)
উত্তৰঃ দেশ এখনৰ জাতীয় আৰু জনমূৰি আয় বৃদ্ধিয়ে হ’ল— অৰ্থনৈতিক বিকাশ।

7. ব্যক্তিগতকৰণ। —বাখ্যা কৰা। (এটা বাক্যত)
উত্তৰঃ চৰকাৰী নিয়ন্ত্ৰণ আৰু ব্যৱস্হাপনাৰ অধীনত থকা প্ৰতিষ্ঠানসমূহ বেচৰকাৰী খণ্ডলৈ মুকলি কৰি দিয়া নীতিটোৱেই হ’ল— ব্যক্তিগতকৰণ।

READ MORE  পৃথিৱীৰ ভূগােল | Chapter 8 | Class 10 Social Science - SEBA

8. গণতান্ত্ৰিক পৰিকল্পনা। —বাখ্যা কৰা। (এটা বাক্যত)
উত্তৰঃ যি পৰিকল্পনাৰ যুগুতকৰণৰ বিভিন্ন পৰ্যায়ত ৰাইজৰ অংশ গ্ৰহণ সুনিশ্চিত কৰা হয়, সেই পৰিকল্পনাই গণতান্ত্ৰিক পৰিকল্পনা।

Short Type Questions and Answers (Marks : 2/3)

1. মানৱ উন্নয়নৰ তিনিটা সূচক কি কি?
উত্তৰঃ মানৱ উন্নয়নৰ তিনিটা সূচক হ’ল ক্ৰমে-
(১) প্ৰত্যাশিত আয়ুস
(২) শিক্ষা
(৩) জীৱন যাত্ৰাৰ মান

2. সমষ্টিগত পছন্দৰ বিস্তাৰ সাধন হৈছে বুলিলে কি বুজিবা?
উত্তৰঃ বিভিন্ন ব্যক্তিৰ পছন্দ অপছন্দ বা ভাল-বেয়াৰ ওফৰত ভিত্তি কৰি সমষ্টিৰ সামূহিক পছন্দ নিৰ্ণয় কৰা হয়। সমষ্টিগত পছন্দই অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক পছন্দকো সামৰি লয়। সমষ্টিগত পছন্দৰ লগত মানৱ উন্নয়নৰ প্ৰসংঙ্গ জড়িত হৈ আছে। প্ৰকৃততে মানৱ উন্নয়নৰ ধাৰণাই মানুহৰ সামূহিক, অৰ্থনৈতিক, সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক বিকাশৰ মাজেদি জীৱন যাপনৰ মান বৃদ্ধিত গুৰুত্ব দিয়ে। এই মানৱ উন্নয়নে জনসাধাৰণৰ সামূহিক পছন্দৰ বিস্তাৰ হোৱাটো বুজায়।

3. NITI আয়োগৰ সদস্য সকল কোন কোন?
উত্তৰঃ NITI আয়োগৰ অধ্যক্ষ হল প্ৰধানমন্ত্ৰী। এই আয়োগৰ অন্য সদস্য সকল হৈছে- এজন উপাধ্যক্ষ, ৰাজ্যসমূহৰ মুখ্যমন্ত্ৰীসকল আৰু কেন্দ্ৰীয়শাসিত অঞ্চলৰ উপ-ৰাজ্যপালসকল, চাৰি গৰাকী কেন্দ্ৰীয় মন্ত্ৰী, মুখ্যকাৰ্যবাহী বিষয়া আৰু বিশেষজ্ঞসকল।

4. ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনা তিনিটা মূল লক্ষ্য উল্লেখ কৰা।
উত্তৰঃ ভাৰতবৰ্ষৰ পঞ্চবাৰ্ষিক পৰিকল্পনা তিনিটা মূল লক্ষ্য হৈছে—

(১) অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ষিপ্ৰতৰ কৰি তোলা।

(২) আৰ্থ সামাজিক বৈষম্য দুৰ কৰা।

(৩) দৰিদ্ৰতা নিৰ্মূল কৰা।

5. অৰ্থনৈতিক সংস্কাৰৰ তিনিটা সুফল উল্লেখ কৰা।
উত্তৰঃ অৰ্থনৈতিক সংস্কাৰৰ বাবে চৰকাৰে লোৱা পদক্ষেপ সমূহৰ সুফলসমূহ হৈছে—
১) অৰ্থনৈতিক উন্নয়নৰ হাৰ ক্ৰমান্বয়ে বৃদ্ধি হৈছে।

২) পাইকাৰী মূল্যসূচী পূৰ্বতকৈ হ্ৰাস পাইছে।

৩) ৰিজাৰ্ভ বেংকত জমা হোৱা বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ বৃদ্ধি হৈছে।

6. অৰ্থনৈতিক বিকাশ আৰু অৰ্থনৈতিক উন্নয়নৰ দুটা প্ৰধান পাথক্য উল্লেখ কৰা।
উত্তৰঃ অৰ্থনৈতিক বিকাশ অৰ্থনৈতিক উন্নয়ন দেশ এখনৰ জাতীয় আৰু জনমূৰি আয় বৃদ্ধিয়ে হ’ল— অৰ্থনৈতিক বিকাশ।

READ MORE  ভাৰতীয় গণতন্ত্ৰ | Chapter 10 | Class 10 Social Science - SEBA

অৰ্থনৈতিক বিকাশঃ
(i) দেশ এখনৰ জাতীয় আৰু জনমূৰি আয় বৃদ্ধিয়ে হ’ল—অৰ্থনৈতিক বিকাশ।

(ii) অৰ্থনৈতিক বিকাশৰ অৰ্থ সীমিত।

অৰ্থনৈতিক উন্নয়নঃ
(i) এটা অৰ্থনৈতিক বিকাশ প্ৰক্ৰিয়া য’ত জাতীয় আয় বৃদ্ধিৰ লগতে আয় বিতৰণৰ ওপৰতো সমানে গুৰুত্ব দিয়া হয়।

(ii) অৰ্থনৈতিক উন্নয়নৰ অৰ্থ বহল।

Long Type Questions and Answers (Marks : 4)

1. অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা চমুকৈ বাখ্যা কৰা।
উত্তৰঃ অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ ফলত সৃষ্টি হোৱা দুটা অসুবিধা হৈছে—
১) অৰ্থনীতিত প্ৰতিযোগিতাৰ প্ৰসাৰ আৰু তীব্ৰতা বৃদ্ধি কৰিছে। বজাৰলৈ বিভিন্ন ধৰণৰ ন ন সা-সামগ্ৰী আহিব ধৰিছে।লাভালাভত গুৰুত্ব দিয়া বজাৰ সম্পৰ্কীয় বেছিভাগ প্ৰতিযোগিতাত সুস্হ মানসিকতা নিহিত নাথাকে।

২) গোলকীকৰণৰ ফলত দেশখনে বা জনসাধাৰণে নিজৰ আত্মপৰিচয়ৰ বাবে সংগ্ৰাম কৰিবলগীয়া হৈছে। গোলকীকৰণৰ বাবে বৰ্তমান সময়ত নিজস্বতা ধৰি ৰখাটো অতিশয় দূৰূহ কাৰ্য হৈ পৰিছে। ইতিমধ্যে বহুতো ক্ষুদ্ৰ ক্ষুদ্ৰ জাতি আৰু জনগোষ্ঠীয়ে বাহিৰাগতৰ আগ্ৰাসনত নিজ সভ্যতা-সংস্কৃতি হেৰুৱাই বিলুপ্তিৰ দিশে আগবাঢ়িছে।

2. ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ তিনিটা মূল কাৰণ চমুকৈ বাখ্যা কৰা।
উত্তৰঃ ভাৰতবৰ্ষত অৰ্থনৈতিক সংস্কাৰ প্ৰৱৰ্তনৰ তিনিটা মূল কাৰণ হৈছে—
১) অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (১৯৫১-১৯৯১) সময়ত ৰাজহুৱা খণ্ডত গুৰুত্ব হৈছিল। কিন্তু ৰাজহুৱা খণ্ডৰ উদ্যোগসমূহত চৰকাৰী বিনিয়োগ হৈছিল যদিও ভালেমান উদ্যোগ লোকচানৰ সন্মুখীন হবলগীয়া হৈছিল। ১৯৯০ চনৰ মাৰ্চ মাহত ২৪৪ টা ৰাজহুৱা খণ্ডৰ উদ্যোগৰ ভিতৰত ৫৮টা ই ৰুগ্ন হৈ পৰিছিল।

২) অনাবৃষ্টি,ৰাজনৈতিক প্ৰেক্ষাপটৰ সঘন পৰিবৰ্তন ৰ ফলত এই সমছোৱাত অৰ্থনীতিৰ বিভিন্ন খণ্ডত সীমিত উৎপাদন হৈছিল। সীমিত উৎপাদনৰ বাবে সৃষ্টি হোৱা মুদ্ৰাস্ফীতিয়ে আৰ্থিক ভাৱে দুৰ্বল লোকসকলক জুৰুলা কৰিছিল।

৩) ১৯৯০-৯১ চনত ভাৰতৰ বৈদেশিক বাণিজ্যৰ অৱস্হা একেবাৰে লাওলোৱা হৈছিল। বিদেশৰ পৰা মূলধন অহাটো কমি গৈছিল। অৰ্থনীতিৰ পৰা মূলধনৰ বহিঃগমণ হৈছিল। এনেবোৰ সমস্যাৰ বাবে বিশ্ববেংকেও ভাৰতীয় অৰ্থনীতিৰ গাঁথনিমূলক পৰিবৰ্তনৰ বাবে পৰামৰ্শ দিছিল।

READ MORE  অৰ্থনৈতিক ভূগােল বিষয়বস্তু আৰু সম্পদ | Chapter 6 | Class 10 Social Science - SEBA

3. অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ছটা প্ৰধান লক্ষ্য উল্লেখ কৰা।
উত্তৰঃ অসমৰ চলিত পঞ্চবাৰ্ষিক পৰিকল্পনাৰ ছটা প্ৰধান লক্ষ্য হ’ল—
১) জৈৱ বৈচিত্ৰ ৰক্ষা কৰি জলবায়ু পৰিবৰ্তনৰ সমস্যাটোৰ মোকাবিলা কৰা।

২) কৃষি খণ্ডৰ বাৰ্ষিক উন্নয়নৰ হাৰ ৬ ৰ পৰা ৮ শতাংশলৈ বৃদ্ধি কৰা।

৩) দৰিদ্ৰতা আৰু অৰ্থনৈতিক বৈষম্য হ্ৰাস কৰাৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰা।

৪) শক্তি উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা অৰ্জন কৰা আৰু শক্তি পৰিবহন আৰু বিতৰণৰ ক্ষেত্ৰত আধুনিক প্ৰযুক্তিবিদ্যা প্ৰয়োগ কৰা।

৫) শেহতীয়া প্ৰযুক্তিবিদ্যা আৰু বিজ্ঞানসন্মত ব্যৱস্হাপনাৰ জৰিয়তে বানপানী আৰু গৰাখহনীয়া সমস্যাটোৰ সমাধান কৰা।

৬) অহা দুটা তিনিটা দশকৰ ভিতৰত অসমৰ উন্নয়নৰ হাৰ ১০ শতাংশৈ বৃদ্ধি কৰা।

4. ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (১৯৫১-১৯৯১) আৰু দ্বিতীয়ছোৱা (১৯৯১ ৰ পৰা বৰ্তমানলৈ)ৰ মাজত থকা এটা মূল পাৰ্থক্য বাখ্যা কৰা।
উত্তৰঃ ভাৰতবৰ্ষৰ পৰিকল্পিত অৰ্থনৈতিক উন্নয়নৰ প্ৰথমছোৱা (১৯৫১-১৯৯১) সময়ত ৰাজহুৱা খণ্ডই আধিপত্য বিস্তাৰ কৰিছিল। ব্যক্তিগত খণ্ডৰ ভূমিকা আছিল গৌণ। প্ৰায়বিলাক ঔদ্যোগীক নীতি সমাজবাদী আদৰ্শৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছিলV অৰ্থনৈতিক উন্নয়নত ৰাষ্ট্ৰৰ ভূমিকাই প্ৰধান্য লাভ কৰিছিল। ষাঠিৰ দশকৰ কৃষি খণ্ডত সংঘটিত সেউজ বিপ্লৱে উত্তৰ ভাৰতৰ কেইএইখনমান নিৰ্দিষ্ট ৰাজ্যৰ বাদে অন্যৰাজ্যক চুব পৰা নাছিল। দেখা গল, সময়ত দেশৰ অৰ্থনীতিৰ উন্নয়ন হাৰ আশানৰূপ নহল।

১৯৯১-৯২ ৰ পৰা বৰ্তমানলৈ ভাৰতবৰ্ষৰ অৰ্থনীতিত আমোল পৰিবৰ্তন আহিল। ৰাজহুৱা খণ্ডৰ গুৰুত্ব কমি আহিল। অৰ্থনীতিত ব্যক্তিগতকৰণ, উদ্যোগীকৰণ, গোলকীকৰণ বা বিশ্বায়নৰ গুৰুত্ব বৃদ্ধি পালে। সময় আগবঢ়াৰ লগে লগে ভাৰতবৰ্ষৰ অৰ্থনীতিত এই সংস্কাৰমূলক প্ৰদক্ষেপসমূহৰ সুফল দেখিবলৈ পোৱা গৈছে। দেশৰ অৰ্থনৈতিক উন্নয়নৰ হাৰ বৃদ্ধি পাইছে। পাইকাৰী মূল্যসূচী পূৰ্বৰ তুলনাত হ্ৰাস পাইছে। কেন্দ্ৰীয় বেংকত বৈদেশিক বিনিময়যোগ্য মুদ্ৰাৰ পৰিমাণ বৃদ্ধি পাইছে।

Leave a Comment

error: Content is protected !!
Scroll to Top