অসমৰ ভূগােল | ভূগােল | Chapter 9 | Class 10 Social Science Question and Answer | Assam Class 10 Social Science Solutions | SEBA Class 10 HSLC Social Science Chapter 9 Notes | SEBA Class 10 HSLC Social Science Chapter 9 Question and Answer | Questions and Answers for Class 10 Social Science Chapter 9 অসমৰ ভূগােল | HSLC Social Science Questions and Answers Assam
অসমৰ ভূগােল
(Geography of Assam)
Very Short Type Questions and Answers (Marks : 2/3)
1. অসমৰ প্ৰধান তৈলক্ষেত্ৰসমূহ উল্লেখ কৰা।
উত্তৰঃ অসমৰ প্ৰধান তৈলক্ষেত্ৰসমূহ হৈছে ডিগবৈ নাহৰকটীয়া মৰাণ-হুগ্ৰীজান, ৰুদ্ৰসাগৰ, লাকোৱা, গেলেকী, বৰহোলা, আৰু আমগুৰি।
2. অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগবােৰ কি কি?
উত্তৰঃ অসমৰ প্ৰধান কৃষিভিত্তিক উদ্যোগবােৰ হ’ল—বন পালন উদ্যোগ, চাহ উদ্যোগ, ৰেচম উদ্যোগ, ৰবৰ উদ্যোগ, খাদ্য প্ৰস্তুতকৰণ উদ্যোগ আৰু কাগজ উদ্যোগ।
3. অসমৰ পৰ্যটন উদ্যোগৰ সমস্যাবােৰ উল্লেখ কৰা।
উত্তৰঃ অসমত পৰ্যটন উদ্যোগৰ সম্ভাৱনা প্ৰচুৰ। কিন্তু অসমৰ বানপানীৰ সমস্যাই এই উদ্যোগসমূহৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰিছে। কিয়নাে গােটেই বাৰিষা কালটো অসমত বানপানীয়ে নানান সমস্যাৰ সৃষ্টি কৰে। দ্বিতীয়তে বানপানীৰ ফলত যাতায়াত ব্যৱস্থাও ব্যাহত হয়। ৰাস্তা-ঘাট পানীয়ে ভাঙি পেলায়।
4. ধান কিয় অসমৰ প্ৰধান শস্য হিচাপে পৰিগণিত হৈছে?
উত্তৰঃ ধান হৈছে অসমৰ প্ৰধান শস্য। গােটেইকেইটা বায়ৱীয় অঞ্চলতে ধান খেতি হয়। অসমত ২০১১-১২ চনৰ তালিকা অনুসৰি ২৫.৪৫ লাখ হেক্টৰ মাটিত ধান খেতি কৰা হয়। অসমৰ সকলাে ঠাইতে ধান খেতি প্ৰচুৰ পৰিমাণে হােৱা হেতুকে অসমৰ প্ৰধান শস্য হিচাপে পৰিগণিত হয়। অন্য শস্যতকৈ ধান খেতি বছৰটোৰ ধানৰ প্ৰকাৰ অনুযায়ী কৰিব পৰা যায়। সেয়ে ধান খেতি হৈছে অসমৰ প্ৰধান শস্য।
5. অসমৰ শিক্ষিতৰ হাৰ কিদৰে বৃদ্ধি হৈছে চমুকৈ উল্লেখ কৰা।
উত্তৰঃ ২০০১ চনৰ তথ্য অনুসৰি অসমৰ শিক্ষিতৰ হাৰ আছিল ৬৩.২৫ শতাংশ। ২০১১ চনৰ ভিতৰলৈ এই হাৰ বৃদ্ধি হৈ ৭২.১৯ শতাংশ হয়।
6. অসমত কি কি মাহজাতীয় শস্যৰ খেতি কৰা হয়?
উত্তৰঃ অসমত কৰা মাহজাতীয় শস্য সমূহৰ নাম তলত উল্লেখ কৰা হ’ল– মাটি মাহ, মগু মাহ, মচুৰ মাহ, মটৰ মাহ, ৰহৰ মাহ, বুট মাহ আদি।
7. ২০১১ চনৰ তথ্য মতে অসমত কেইখন প্ৰথম শ্ৰেণীৰ আৰু কেইখন দ্বিতীয় শ্ৰেণীৰ চহৰ আছে?
উত্তৰঃ ২০১১ চনৰ তথ্য অনুসৰি অসমত ৭ খন প্ৰথম শ্ৰেণীৰ আৰু দ্বিতীয় শ্ৰেণীৰ নগৰ ৬ খন আছে।
১ লাখ জনসংখ্যাতকৈ অধিক জনসংখ্যাৰ নগৰক প্ৰথম শ্ৰেণীৰ আৰু ৫০ হাজাৰৰ পৰা ১ লাখৰ তলৰ জনসংখ্যা থকা নগৰক দ্বিতীয় শ্ৰেণীৰ নগৰ বােলা হয়।
8. অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ কাৰণবােৰ কি কি?
উত্তৰঃ অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ অৱক্ষয়ৰ মূলতঃ কাৰণ হ’ল ইয়াৰ অপব্যৱহাৰ আৰু যধে-মধে এইবােৰ আহৰণ কৰাৰ বাবে অসমৰ প্ৰাকৃতিক সম্পদবােৰলৈ সংকট নামি আহিছে। উপযুক্ত সম্পদ পৰিকল্পনাৰ দ্বাৰা প্ৰাকৃতি আৰু মানৱ সম্পদসমূহ উচিতভাৱে ব্যৱহাৰ কৰিব পৰা নাই। অসমৰ প্ৰাকৃতিক সম্পদৰ অৱক্ষয়ৰ অন্য এটা প্ৰধান কাৰণ হ’ল দ্ৰুত জনসংখ্যা বৃদ্ধি আৰু বনাঞ্চলসমূহ ধ্বংস কৰাৰৰ ফলত বনজ সম্পদৰ যথেষ্ট অৱক্ষয় হৈছে।
9. অসমৰ ঔদ্যোগিক বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে তাৰ কাৰণসমূহ লিখা।
উত্তৰঃ অসমৰ ঔদ্যেগিক বিকাশ মন্থৰ হোৱাৰ প্ৰধান কাৰণ হ’ল সুসংহত পৰিকল্পনাৰ অভাৱ। সু-সংহত পৰিকল্পনাৰ জৰিয়তেহে উদ্যোগিক উন্নয়ন সম্ভৱ হয়। ইয়াৰলগতে অসমত উন্নত পৰিবহন আৰু যােগাযােগ ব্যৱস্থা সুচল নহয়। মূলধনৰ অভাৱাে হৈছে অসমৰ ঔদ্যোগিক বিকাশ মন্থৰ হােৱাৰ এক কাৰণ। যেতিয়া উপযুক্ত পৰিকল্পনা নাথাকে তেতিয়া স্হানীয়লােকৰ উদ্যোগৰ বাবে কোনাে স্পৃহা নাথাকে।
10. অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বােজা (সমস্যা) নে সম্পদ? আলােচনা কৰা।
উত্তৰঃ অসমৰ বৃহৎ জনসংখ্যা ৰাজ্যখনৰ বাবে এক বােজাৰ দৰে। কাৰণ বৃহৎ জনসংখ্যাৰ ফলত বহুতাে প্ৰাকৃতিক সম্পদৰ অৱক্ষয় হৈছে। বৃহৎ জনসংখ্যাৰ ফলত মানুহৰ মাজত সম্পদৰ নাটনি হয়। লগতে সম্পদ প্ৰদূষিত আৰু নষ্ট হয়। ইয়াৰ উপৰিও গুৰুতৰ পাৰিৱেশিক আৰু আৰ্থ-সামাজিক সমস্যাৰ উদ্ভৱ হয়। বৃহৎ জনসংখ্যাৰ বাবে জনবসতিৰ প্ৰসাৰ ঘটিছে আৰু খাদ্য শস্যৰ উৎপাদন বৃদ্ধি কৰিবলগীয়া হৈছে। বৃহৎ জনসংখ্যাৰ ফলত সাৰুৱা পলসুৱা কৃদ্ধৃিমি বসতিৰ বাবে ব্যৱহাৰ কৰিব লগা হয়। ভূমিক্ষয়, ভূমিৰ উৰ্বৰতা হ্ৰাস, মৃত্তিকা প্ৰদূষণ আদি সমস্যাই দেখা দিয়ে বৃহৎ জনসংখ্যাৰ ফলতেই।
11. অসমৰ জনসংখ্যা বিতৰণৰ ভিন্নতাৰ কাৰণবােৰ উদাহৰণসহ চমুকৈ আলােচনা কৰা।
উত্তৰঃ অসমৰ জনসংখ্যাৰ বিতৰণ লক্ষ্য কৰিলে দেখা যায় যে ৰাজ্যখনৰ সকলাে অঞ্চল বা ঠাইত জনবসতি আৰু জনসংখ্যাৰ বিতৰণ সমান নহয়। কোনাে অঞ্চলত জনসংখ্যা বেছি অৰ্থাৎ জনবসতি ঘন আৰু কোনাে অঞ্চলত জনসংখ্যা কম অৰ্থাৎ জনবসতি সেৰেঙা। স্বাভাৱিকতে কোনাে এটা অঞ্চলত জনবসতি আৰু জনসংখ্যা বেছি হ’লেই তাতজনসংখ্যা ঘনত্বও বাঢ়ি যায়। ঠিক সেইদৰে কোনাে অঞ্চলত জনবসতি আৰু জনসংখ্যা পাতল বা কম হলে তাত জনসংখ্যা ঘনত্বও কম হয়। ভাৰতৰ লােকপিয়লৰ তথ্যমতে কুৰি শতিকাৰ আৰম্ভণিতে ১৯০১ চনত অসমত জনসংখ্যা ঘনত্ব আছিল প্ৰতি বৰ্গ কিলােমিটাৰত মাত্ৰ ৪২ জন।
12. অসমত মানৱ সম্পদ গঢ়িবলৈ কেনে পদক্ষেপ গ্ৰহণ কৰিব লাগে?
উত্তৰঃ অসমত মানৱ সম্পদ গঢ়িবলৈ হ’লে প্ৰথমতে জনসংখ্যাৰ যি দ্ৰুত গতিত বাঢ়িব লাগিছে তাক ৰােধ কৰিব লাগিব। ইয়াৰ লগতে মানৱ সম্পদ গঢ়িবৰ বাবে প্ৰধান পদক্ষেপ হ’ল শিক্ষাগত জয় শিক্ষাৰ জৰিয়তেহে মানৱ সম্পদ গঢ়িব পৰা যাব। আনহাতে, সমাজৰ শ্ৰেণীৰ লােকসকল বিশেষকৈ দৰিদ্ৰ জনসাধাৰণ, পৃথকভাৱে অক্ষম লােকসকল আৰু মহিলাসকলৰ সৱলীকৰণৰ বাবে কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰিলেহে প্ৰকৃতাৰ্থত মানৱ সম্পদ উন্নয়ন হ’ব।
13. ২০১১ চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইতকৈ বেছি জনসংখ্যা আৰু জনসংখ্যাৰ ঘনত্ব থকা আৰু আটাইতকৈ কম জনসংখ্যা আৰু জনসংখ্যা ঘনত্ব থকা জিলাৰ নাম উল্লেখ কৰা।
উত্তৰঃ ২০১১ চনৰ তথ্য মতে অসমৰ জিলাসমূহৰ ভিতৰত আটাইকৈ বেছি জনসংখ্যা থকা জিলাখন হ’ল— কামৰূপ (মেট্ৰো) জিলা। আটাইকৈ কম জনসংখ্যা থকা জিলাখন হ’ল—– ডিমা হাছাও। ইয়াৰ জনসংখ্যা ২১৩,৫২৯ জন। আটাইকৈ বেছি জনসংখ্যা ঘনত্ব থকা জিলাখন হল— কামৰূপ (মেট্ৰো)। ইয়াৰ জনসংখ্যা ঘনত্ব প্ৰতি বৰ্গ কিঃমিঃত ২০১০ জন। আটাইকৈ কম জনসংখ্যা ঘনত্ব থকা জিলাখন হ’ল ডিমা হাছাও। ইয়াৰ জনসংখ্যা ঘনত্ব প্ৰতি বৰ্গ কিঃমিঃত ৪৪ জন।
14. অসমৰ আহােমসকলৰ জনগােষ্ঠীয় পৰিচয় দাঙি ধৰা।
উত্তৰঃ অসমৰ আহােমসকল আছিল মূলতঃ মংগােলীয় জনগােষ্ঠী লােক। তেওঁলােকে ১২২৮ খ্ৰীষ্টাব্দত চুকাফাৰ নেতৃত্বত পাটকাই পৰ্বত পাৰ হৈ উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা আহিছিল। আহােমসকলে প্ৰায় ছশ বছৰ অসমত ৰাজত্ব কৰিছিল। প্ৰথমতে তেওঁলােক উজনি অসমত থিতাপি লৈ ব্ৰহ্মপুত্ৰ উপত্যকা দখল কৰে। আহােমসকলে অসমত বসতি কৰা জিলাসমূহ হ’ল মৰিগাঁও, নগাঁও, ডিব্ৰুগড়, শিসাগৰ, তিনিচুকীয়া, ধেমাজি, যােৰহাট, গােলাঘাট, লখিমপুৰ ইত্যাদি।
15. অসমত কি কি ধানৰ খেতি কৰা হয়? এইকেইটাৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ অসমত তিনি প্ৰকাৰৰ ধানৰ খেতিকৰা হয়। সেইবােৰ হ’ল – আহু ধান, শালি ধান আৰু বড়াে ধান। আহু ধানৰ খেতি ৰােপণ আৰু সিচন দুই প্ৰকাৰে কৰা হয়। এই খেতি আৰম্ভ হয় ফেব্ৰুৱাৰী-মাৰ্চ মাহত আৰু চপােৱা হয় জুন-জুলাই মাহত। দুই খেতি সমভূমিৰ সাৰুৱা মাটিত কৰা হয়। শালি ধানৰ খেতি অসমত বৃহৎ পৰিমাণে কৰা হয়। এই খেতি ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা পলসুৱা মাটিত ভাল হয়। জুলাই-আগষ্ট মাহত আৰম্ভ হয় আৰু নৱেম্বৰ-ডিচেম্বৰ মাহত চপােৱা হয়। বড়াে ধানৰ খেতি সাধাৰণতে দ’ ঠাই বিলাকত হয়। এই খেতি শীতকালত আৰম্ভ কৰে আৰু বাৰিষা বানপানী অহাৰ আগতে চপােৱা হয়।
16. বৰ্ধিত জনসংখ্যাই প্ৰাকৃতিক সম্পদৰ ওপৰত কেনেদৰে প্ৰভাৱ পেলাইছে?
উত্তৰঃ জনসংখ্যা বৃদ্ধিৰ ফলত প্ৰাকৃতিক সম্পদৰ ওপৰত যথেষ্ট বেয়া প্ৰভাৱ পৰিছে। বৰ্ধিত জনসংখ্যাৰ ফলত হাবি জংঘলসমূহ বহু পৰিমাণে নষ্ট হৈ পৰিছে যাৰ বাবে জীৱ-জন্তুবোৰৰ থাকিবলগীয়া ঠাই নোহোৱা হৈ পৰিছে। বনাঞ্চলসমূহ কাটি সেই ঠাইত মানুহে বসতি কৰিবলৈ লৈছে। তাৰ ফলত বনাঞ্চলৰ যথেষ্ট ক্ষয়-ক্ষতি হৈছে। ইয়াৰ লগতে মানুহে মূল্যৱান গছসমূহ যেনে— নাহৰ, বনচোম, শিৰীষ, চাম, শিমলু আদি গছসমূহ কাটি প্ৰাকৃতিক সম্পদৰ বহু ক্ষতি সাধন কৰে। বৰ্ধিত জনসংখ্যাৰ ফলত প্ৰাকৃতিক সম্পদসমূহৰ বিস্তৰ ক্ষয়-ক্ষতি হােৱা দেখা যায়।
17. অসমৰ কৃষি উন্নয়নৰ সমস্যাবােৰ উল্লেখ কৰা।
উত্তৰঃ এতিয়াও পুৰণিকলীয়া পদ্ধতিয়েই অসমৰ অসমৰ সমভূমিঅঞ্চলৰ পৰম্পৰাগত কৃষি আৰু পাহাৰীয়া অঞ্চলত ঝুম খেতি প্ৰচলন হৈ আছে। ই হৈছে এক অসমৰ কৃষি উন্নয়নৰ সমস্যা। দ্বিতীয়তে, সৰু সৰু খণ্ডত অসমৰ খেতিয়কসকলে খেতি-মাটিবিলাকবিভক্ত কৰে। ইয়াৰ কাৰণে আধুনিক কৃষি সঁজুলি আৰু কৌশল প্ৰয়ােগৰবাবে অসুবিধা হয় আৰু ইও হৈছে এক সমস্যা। তৃতীয়তে, বানপানী আৰু গৰাখহনীয়াৰ সমস্যা অন্যতম। চতুৰ্থতে, অসমৰ কৃষি উন্নয়নৰ এক অন্য সমস্যা হৈছে খৰাং বতৰ। অসমত জলসিঞ্চন পদ্ধতি উন্নত নহয় আৰু জলসিঞ্চলৰ সুবিধা পৰ্যাপ্ত নহয়। বিকাশ এতিয়াও কিয় মন্থৰ হৈ আছে?
Long Type Questions and Answers (Marks : 4/6)
1. আসমৰ জলসম্পদৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ উত্তৰ-পূব ভাৰতৰ লগতে অসম জলসম্পদত চহকী। অসমত পৰ্যাপ্ত পৃষ্ঠা সম্পদ (Surface water resource) আৰু ভূ-তল জলসম্পদ (Underground was resource) আছে। প্ৰচুৰ বৰষুণ, গােটেই বছৰ ধৰি বৈ থকা (Perennial) নদ-নলজলপ্ৰবাহ, খাল, পিতনি, জলাহ, আদ্ৰভূমি (Wetlands) আদিৰ জলৰাশিয়ে অসমৰ জল সম্পদ সমৃদ্ধ কৰিছে। ৰাজ্যখনৰ দুই প্ৰধান নদী— ব্ৰহ্মপুত্ৰ আৰু বৰাক আৰু ইহঁতৰ অসংখ্য উপনৈবােৰে দেশৰ প্ৰায় এক তৃতীয়াংশ জলসম্পদ বহন কৰিছে। ৰাজ্যখনত অলেখ সৰু বৰ পিতনি আৰু জলাহৰ উপৰি প্ৰায় তিনি হেজাৰৰাে অধিক আৰ্দ্ৰভূমি আছে।
এইবােৰত প্ৰধানকৈ নানা প্ৰকাৰৰ মাছ আৰু ভিন্ন প্ৰজাতিৰ জলজ উদ্ভিদ পােৱা যায়। পৃষ্ঠ জলভাগ বিশেষকৈ বােৱতী নদ-নদীৰ জলৰাশি কৃষি কাৰ্যৰ লগতে ঘৰুৱা প্ৰয়ােজন। আৰু উদ্যোগ আৰু জল পৰিবহণ খণ্ডত ব্যৱহাৰ কৰা হৈছে। আনহাতে, সমগ্ৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাত ভূ-তল জলসম্পদ প্ৰচুৰ পৰিমাণে সঞ্চিত হৈ আছে। সমভূমি অঞ্চলত ভূপৃষ্ঠৰপৰা প্ৰায় ৫ মিটাৰ গভীৰতাৰ ভিতৰতে ভূ-তল জলস্তৰ পােৱা যায়। পৃষ্ঠ জলৰাশিৰ দৰে ভূ-তল জলৰাশি ৰাজ্যখনৰ কৃষিৰ উপৰি ঘৰুৱা আৰু ঔদ্যোগিক ক্ষেত্ৰত ব্যৱহাৰ কৰা হৈছে।
2. অসমৰ জলপৰিবহণৰ বিষয়ে এটি চমু টোকা লিখা।
উত্তৰঃ অসমৰ জল পৰিবহণ ব্যৱস্থা মূলতঃ আভ্যন্তৰীণ জল পৰিবহণ ব্যৱস্থা। অসম এখন নদী প্ৰধান ৰাজ্য। ভাৰতৰ মুঠ জলসম্পদৰ প্ৰায় ৩২ শতাংশ জলসম্পদৰ অধিকাৰী ব্ৰহ্মপুত্ৰ, বৰাক আৰু ইহঁতৰ অসংখ্য উপনৈ মিলি বিস্তৃত জলপথ সৃষ্টি কৰিছে। শদিয়াৰপৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ ৮৯১ কি.মি. নাব্য জলপথ আৰু বৰাকৰ ১২১ কি.মি. নাব্য জলপথ আছে। ব্ৰহ্মপুত্ৰৰ নাব্য জলপথটো (৮৯১ কি.মি.) ১৯৮৮ চনত দেশৰ দ্বিতীয়টো ৰাষ্ট্ৰীয় জলপথ হিচাপে ঘােষণা কৰা হৈছিল। এই জলপথটোৱে অসমৰ লগতে সমগ্ৰ উত্তৰপূব ভাৰতৰ অৰ্থনৈতিক উন্নয়নত অৰিহণা যােগাই আহিছে।
আনহাতে, ক নদীৰ লখিপুৰৰপৰা ভাংগালৈ মুঠ ১২১ কি.মি. নাব্য জলপথছােৱাক ভাৰত চৰকাৰে ২০১৩ চনত দেশৰ ষষ্ঠ ৰাষ্ট্ৰীয় জলপথ হিচাপে স্বীকৃতি দিছে। এই দুটা জলপথেৰে চলাচলা কৰা জাহাজৰ সহায়ত কম খৰচতে মাল-বস্তু পৰিবহণ কৰি সমগ্ৰ উত্তৰ-পূব ভাৰত বিশেষকৈ অসম, নাগালেণ্ড, মেঘালয়, মিজোৰাম, মণিপুৰ, ত্ৰিপুৰা আৰু অৰুণাচল প্ৰদেশৰ উন্নতি হ’ব বুলি আশা কৰা হৈছে। অসমত জলপৰিবহণ ব্যৱস্থাৰ উন্নতিৰ হকে দুটা চৰকাৰী সংস্থাই প্ৰচেষ্টা চলাই আছে। এই সংস্থা দুটা হৈছে কেন্দ্ৰীয় আভ্যন্তৰীণ জলপৰিবহণ নিগম আৰু আভ্যন্তৰীণ জল পৰিবহণ সঞ্চালকালয়। এই সংস্থা দুটাৰ প্ৰধান দায়িত্ব হৈছে— জলপৰিবহণৰ ক্ষেত্ৰত জলসম্পদৰ উপযুক্ত ব্যৱহাৰ কৰা, সস্তীয়া জলপৰিবহণৰ সহায়ত যাত্ৰী আৰু বয়বস্তু অনা-নিয়া কৰা, ব্যৱসায়িক ভিত্তিত অঞ্চলটোৰ জলপথসমূহ সঠিকভাৱে ব্যৱহাৰ কৰা আদি।
3. অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া পাঁচটা প্ৰধান কাৰণ উল্লেখ কৰা।
উত্তৰঃ অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নয়নৰ অন্তৰায় হিচাপে দেখা দিয়া পাঁচটা প্ৰধান কাৰণ তলত উল্লেখ কৰা হ’ল—
(ক) পাহাৰ, মালভূমি, সমভূমি, প্লাৱন ভূমি, জলাশয় আদিৰে বৈশিষ্ট্যপূৰ্ণ অসমৰ ভিন্ন ভূপ্ৰকৃতিৰ বাবে যাতায়াত ব্যৱস্থা সম্প্ৰসাৰণ কৰাৰ ক্ষেত্ৰত যথেষ্ট অসুবিধা হয়।
(খ) অসম ৰাজ্যখন ইয়াৰ পশ্চিমৰ ঠেক ভূখণ্ডৰ দ্বাৰা ভাৰতৰ সৈতে সংলগ্ন হৈছে। আৰু সেইবাবে পৰিবহণৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হৈছে।
(গ) বাট-পথ নিৰ্মাণ আৰু মেৰামতিৰ বাবে অসমৰ মাটিৰ গুণাগুণ ঠাই বিশেষে সিমান উপযুক্ত নহয়। তাৰােপৰি বাৰিষা কালত হােৱা প্ৰচুৰ বৰষুণৰ বাবে বাট-পথ সহজে নষ্ট হয়। আনহাতে, বাট-পথ নিৰ্মাণৰ ক্ষেত্ৰত উপযুক্ত আধুনিক প্ৰযুক্তি আৰু কৌশল প্ৰয়ােগ নকৰাৰ ফলত কম দিনৰ ভিতৰতে বাট-পথৰ অৱস্থা শােচনীয় হৈ পৰে।
(ঘ) উদ্যোগিক বিকাশৰ ক্ষেত্ৰত অসম ভাৰতৰ আন কিছুমান ৰাজ্যৰ তুলনাত এতিয়াও পিছ পৰি আছে। ইয়াৰ এটা প্ৰধান কাৰণ হৈছে অসমৰ অনুন্নত পৰিবহণ ব্যৱস্থা। আনহাতে, উদ্যোগিক বিকাশ হলে স্বাভাৱিকতে পৰিবহণ ব্যৱস্থাটোৱেও সমান্তৰালভাৱে উন্নতি লাভ কৰিব।
4. অসমৰ কৃষি জলবায়বীয় অঞ্চলকেইটা কি কি? এইকেইটাৰ বৈশিষ্ট্য চমুকৈ উল্লেখ কৰা।
উত্তৰঃ অসমক মুঠ ছয়টা কৃষি-জলবায়ৱীয় (Agro-climatic) অঞ্চলত ভাগ কৰা হৈছে, যেনে—
(১) নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল
(২) উত্তৰপাৰৰ সমভূমি। অঞ্চল
(৩) মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল
(৪) উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল
(৫) বৰাক উপত্যকা অঞ্চল
(৬) পাৰ্বত্য অঞ্চল।
নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলটোৰ অন্তৰ্গত কামৰূপকে ধৰি দহখন জিলাত মুঠ ৯.৩০ লাখ হেক্টৰ মাটিত খেতি কৰা হৈছে আৰু ইয়াৰে ৪.৬৯ লাখ হেক্টৰ (৫০.৪৩ শতাংশ) মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হৈছে। উত্তৰপাৰৰ সমভূমি অঞ্চলৰ অন্তৰ্গত দৰং জিলাকে ধৰি পাঁচখন জিলাত মুঠ ৫.৩৭ লাখ হেক্টৰ মাটিত খেতি কৰা হৈছে আৰু ইয়াৰে ৩.৩৬ লাখ হেক্টৰ (৬২.৫৭ শতাংশ) মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হৈছে। সেইদৰে মধ্য আৰু উজনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চল দুটাত ক্ৰমে ৩.২৮ লাখ হেক্টৰ আৰু ৬.২০ লাখ হেক্টৰ মাটিত খেতি কৰা হৈছে।
ইয়াৰ ভিতৰত মধ্য উপত্যকা অঞ্চলত ০.৮৬ লাখ হেক্টৰ (২৬.২১ শতাংশ) আৰু উজনি উপত্যকা অঞ্চলত ১.৯৪ লাখ হেক্টৰ (৩১.২৯ শতাংশ) মাটিত এটাতকৈ অধিক শস্যৰ খেতি কৰা হৈছে। কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দি জিলাক সামৰি লােৱা বৰাক উপত্যকা অঞ্চলটোত মুঠ ২.৪২ লাখ হেক্টৰ মাটিত খেতি কৰা হৈছে আৰু এটাতকৈ অধিক শস্যৰ খেতি কৰা হৈছে ১.০২ লাখ হেক্টৰ (৪২.১৫ শতাংশ) মাটিত। আনহাতে, কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাক সামৰি লােৱা পাৰ্বত্য অঞ্চলটোত মুঠ ১.৫৪ লাখ হেক্টৰ মাটিত খেতি কৰা হৈছে।
5. সম্পদ বুলিলে কি বুজায়? অসমৰ প্ৰধান প্ৰাকৃতিক সম্পদবােৰ কি কি?
উত্তৰঃ যিবিলাক দ্ৰব্য বা বস্তুৰ জৰিয়তে আৰ আমাৰ অভাৱ আৰু অভিলাষসমূহ পূৰণ কৰিব পাৰাে সেইবিলাক দ্ৰব্যকে সম্পদ বুলি কোৱা হয়।
সম্পদ প্ৰধানতঃ দুই প্ৰকাৰৰ—
(ক) প্ৰাকৃতিক সম্পদ
(খ) মানৱ আৰু মানৱসৃষ্ট সম্পদ।
প্ৰাকৃতিক সম্পদসমূহ প্ৰাকৃতিক কাৰকৰ দ্বাৰা প্ৰকৃতিৰ বুকুত সৃষ্টি হয়। প্ৰাকৃতিক সম্পদৰ কিছুমান। নৱীকৰণীয় আৰু আন কিছুমান অনৱীকৰণীয়। যিবিলাক সম্পদ ভৌতিক, ৰাসায়নিক আৰু যান্ত্ৰিক প্ৰক্ৰিয়াৰে নৱীকৰণ অথবা নতুনকৈ উৎপন্ন বা পুনঃ পূৰণ কৰিব পাৰি সেইবিলাকক নৱীকৰণীয় সম্পদ (Renewable resources) বােলে। সৌৰশক্তি আৰু বতাহৰ লগতে অসমৰ পানী, উদ্ভিদ, বন্যপ্ৰাণী আদি এই শ্ৰেণীৰ সম্পদ। আনহাতে, কিছুমান সম্পদ গঠন হৈ বহু বছৰ ধৰি প্ৰকৃতিৰ বুকুত জমা হৈ আছে।
কিন্তু এই সম্পদবােৰ ব্যৱহাৰ কৰি থাকিলে কালক্ৰমে সেইবােৰৰ পৰিমাণ হ্ৰাস হৈ এসময়ত সম্পদবােৰ নিঃশেষ হৈ যাব আৰু তেতিয়া সেইবােৰ পুনৰ পূৰণ কৰিব পৰা নাযাব। এনে সম্পদবােৰক অনৱীকৰণীয় সম্পদ (Non-renewable resources) বুলি কোৱা হয়। অসমত পােৱা খনিজ সম্পদ, যেনে— কয়লা, খনিজ তেল, প্ৰাকৃতিক গেছ আদি।
6. অসমৰ ঝুম খেতিৰ বিষয়ে চমুকৈ লিখা।
উত্তৰঃ অসমৰ কাৰ্বি আংলং আৰু ডিমা হাছাও পাৰ্বত্য জিলা ঝুম খেতিয়ে প্ৰাধান্য লাভ কৰিছে। পাহাৰৰ এঢলীয়া মাটিত ওখােৰামােখােৰা ঠাইত খেতিবাতি কৰাৰ সুবিধা নাই বুলিয়ে ক’ব পাৰি। তথাপি পাহাৰবাসী লােকে খেতিবাতি নকৰাকৈ নাথাকে। পাহাৰৰ এঢলীয়া মাটিতে খাপ কাটি কাটি ঠাই সলাই সলাই ঝুম পদ্ধতিৰে মানুহে কৃষি কৰি আছে। জনজাতিসকলৰ কৃষি পদ্ধতি আপুৰণি। পাহাৰৰ খেতিয়কসকলে কোৰেৰে মাটি চহাই জুম পদ্ধতিৰে খেতি কৰে। হাবি-জংঘল কাটি মুকলি কৰি, এঠাইত দুই-তিনি বছৰ খেতি কৰে।
পিছত সেই ঠাই সলাই আন ঠাইত খেতি কৰে। মাটি উৰ্ব শক্তি কম কাৰণে এইদৰে ঠাই সলাই খেতি কৰে। তেওঁলােকে ধান, মাকৈ, মিঠা আলু, আলু, কচু, আদা, জলকীয়া, তিল, সৰিয়হ আদিৰ খেতি কৰে। কাৰ্বি আংলং জিলাত প্ৰায় ৫৪৫২ বৰ্গ কিঃমিঃ তাৰু ডিমা হাছাও জিলাত প্ৰায় ২৫৯৭ বৰ্গ কিঃমিঃ মাটিত ঝুম পদ্ধতিৰে খেতি কৰা হয়।
7. পৰিবহণ ব্যৱস্থাই অসমৰ অৰ্থনৈতিক উন্নতিত কিদৰে সহায় কৰিছে চমুকৈ আলােচনা কৰা।
উত্তৰঃ পৰিবহণ বৰ্তমান সময়ৰ অৰ্থনৈতিক উন্নয়নৰ অপৰিহাৰ্য্য উপাদান। ভাল পৰিবহণ ব্যৱস্থাৰ যােগেদি বিভিন্ন অঞ্চলৰ মাজত সংযােগ স্থাপন হােৱাৰ উপৰিও সম্পদ, জ্ঞান আৰু সভ্যতা-সংস্কৃতিৰ আদান-প্ৰদান হয়। সুপৰিবহণ ব্যৱস্থাৰ ফলত এখন দেশৰ সৰ্বাংগীন উন্নতিৰ লগতে নিয়ােগৰ সৃষ্টি হয়। স্থলপথ, জলপথ আৰু আকাশীপথৰ ভাল যাতায়াত ব্যৱস্থাই হৈছে দেশ এখনৰ জীৱন ৰেখা। কৃষি, শিল্প, বাণিজ্য, যােগাযােগ আদি অৰ্থনৈতিক খণ্ডসমূহৰ বিকাশ নিৰ্ভৰ কৰে দক্ষ পৰিবহণ ব্যৱস্থাৰ ওপৰত। অৰ্থনৈতিক ক্ষেত্ৰৰ উপৰিদেশ এখনৰ সামাজিক, সাংস্কৃতিক আৰু ৰাজনৈতিক ক্ষেত্ৰৰ উন্নয়নত পৰিবহণ ব্যৱস্থাই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে।
উন্নত পৰিবহণ ব্যৱস্থাই দেশৰ বৈষম্য, ভিন্নতা আৰু বৈচিত্ৰ্যৰ মাজতে ৰাষ্ট্ৰীয় সংহতি আৰু ঐক্য স্থাপন কৰে। অসম উত্তৰ-পূব ভাৰতৰ দুৱাৰমুখ হোৱাৰ বাবে সমগ্ৰ ভাৰতবৰ্ষৰ লগত উত্তৰ-পূব ভাৰতৰ ৰাজ্যসমূহে সংযােগ স্থাপন কৰি আছে। সেয়েহে অসমৰ পৰিবহণ ব্যৱস্থাৰ উন্নতিৰ লগত উত্তৰ-পূৰ্বাঞ্চলৰ অৰ্থনৈতিক উন্নতি ওতঃপ্ৰােতভাৱে জড়িত হৈ আছে। আকৌ অসম ভাৰতৰ পৰা ভৌগােলিকভাবে দূৰত হােৱাৰ বাবে পৰিবহণ ব্যৱস্থা অসমৰ অৰ্থনৈতিক উন্নয়নৰ অন্যতম অপৰিহাৰ্য আহিলাৰূপে পৰিগণিত হৈছে। অসমৰ পৰিবহণ ব্যৱস্থাবােৰ হৈছে— পথ পৰিবহণ, ৰে’ল পৰিবহণ, জল পৰিবহণ, আৰু বিমান পৰিবহণ। উন্নত পৰিবহনে সময় বাহিকৰি দেশখন প্ৰগতিৰ পথত আগবঢ়াই নিয়াত সহায় কৰে।
8. সেৱা খণ্ডৰ উদ্যোগ বুলিলে কি বুজায়? উদাহৰণ দি বুজাই লিখা।
উত্তৰঃ ব্যৱসায়, বাণিজ্য যােগাযােগ আৰু পৰিবহণ আদিৰে যি উদ্যোগগঢ় লৈ উঠিছে তাকেই সেৱাখণ্ডৰ উদ্যোগ বুলি কোৱা হয়।
উদাহৰণ স্বৰূপে অসমৰ পৰ্যটন উদ্যোগ, বেংক আৰু বীমা উদ্যোগ, সকলাে ধৰণৰ ব্যৱসায় প্ৰতিষ্ঠান আদি। অসমৰ প্ৰাকৃতিক সৌন্দৰ্য চাবলৈ বাহিৰৰ পৰা অহা লােকৰ বাবে পৰ্যটন উদ্যোগ প্ৰতিষ্ঠা কৰা হৈছে। এই উদ্যোগে পৰ্যটকসকলক বিভিন্ন ধৰণে সহায় কৰে। সেইদৰে বিভিন্ন ধৰণৰ বীমা কোম্পানীৰ সহায়তাে জনসাধাৰণৰ সেৱা আগবঢ়োৱা হৈছে। তাৰােপৰি যােগাযােগ ব্যৱস্থা আৰু পৰিবহণৰ বাবে অসম ৰাজ্যিক পৰিবহন সন্থা নামৰ উদ্যোগটোৰ সহায়ত জনসাধাৰণৰ সেৱা আগবঢ়োৱাৰ লগতে দেশৰ অৰ্থনীতিৰ ক্ষেত্ৰত আমদানী হৈছে।
9. অসমৰ মীন উদ্যোগৰ বৰ্তমান অবস্থা কেনেকুৱা?
উত্তৰঃ বৰ্তমান সময়ত মীন উদ্যোগে অসমৰ অৰ্থনৈতিক খণ্ডত লাহে লাহে গুৰুত্ব পাবলৈ ধৰিছে। অসমত মীন উদ্যোগৰ যথেষ্ট থল আছে। অসম নদী-উপনদীৰে ভৰা এখন ৰাজ্য। ইয়াৰ অসংখ্য নদ-নদী, বিল-খাল, এৰা সুতি, পিতনি, জলাশয় আদিত মাছ পােৱা যায়। বিশেষকৈ ব্ৰহ্মপুত্ৰ আৰু বৰাক নদীৰ বিস্তৃত সমভূমি আৰু প্লাৱনভূমিত থকা বিল আৰু জলাশয়বােৰত প্ৰাকৃতিকভাৱেই বহুতাে মাছ পােৱা যায়। বৈজ্ঞানিক পদ্ধতি আৰু পৰিকল্পনাৰে এই বিল আৰু জলাশয়বােৰত মাছ পালন কৰি মাছৰ উৎপাদন বৃদ্ধি কৰিব পৰা যায়। অসমত মাছৰ প্ৰচুৰ চাহিদাৰ লগতে মাছ উৎপাদনৰ প্ৰচুৰ সম্ভাৱনা থকা সত্ত্বেও ৰাজ্যখনৰ বিল-জলাশয়বােৰ মাছ উৎপাদনৰ বাবে উপযুক্তভাৱেব্যৱহাৰ হােৱা নাই।
অসমত ২০১১-১২ চনৰ তথ্য মতে প্ৰায় মীন পালন ৬০ হেজাৰ হেক্টৰ মাটিকালি সামৰি ৪৩০খন চৰকাৰী পঞ্জীয়নভুক্ত বিল আছে। তথ্যৰপৰা দেখা যায় যে ২০১১-১২ বৰ্ষত বৰপেটা জিলাই সৰ্বাধিক সংখ্যক মাছৰ পােনা উৎপন্ন কৰিছে আৰু ইয়াৰ পিছতে দ্বিতীয় আৰু তৃতীয় স্থান লাভ কৰিছে ক্ৰমে কৰিমগঞ্জ আৰু নগাঁও জিলাই। সেইদৰে মাছ উৎপাদনত নগাঁও জিলা প্ৰথম স্থানত আৰু কাছাৰ আৰু ধুবুৰী জিলা যথাক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত আছে।
10. ১৯০১ চনৰপৰা ২০১১ চনলৈ অসমৰ জনসংখ্যা বৃদ্ধিৰ বিষয়ে আলােচনা কৰা।
উত্তৰঃ জনসংখ্যা পৰিৱৰ্তনশীল। জন্মৰ হাৰ, মৃত্যুৰ হাৰ আৰু প্ৰব্ৰজন— এই তিনি প্ৰকাৰে জনসংখ্যাৰ বৃদ্ধি আৰু পৰিৱৰ্তন হয়। পৃথিৱীৰ সকলাে দেশ আৰু ৰাজ্যত জনসংখ্যা বৃদ্ধি হৈছে। ভাৰতবৰ্ষৰ দৰে উন্নয়নশীল দেশসমূহত জনসংখ্যা বৃদ্ধিৰ হাৰ সাধাৰণতে বেছি। ভাৰতবৰ্ষৰ আন আন ৰাজ্যবিলাকৰ দৰে অসমতাে জনসংখ্যা বৃদ্ধি হৈছে। ১৯০১ চনৰ তথ্যমতে অসমৰ জনসংখ্যা আছিল ৩,২৮৯,৬৮০ আৰু এই জনসংখ্যা আছিল ভাৰতৰ মুঠ জনসংখ্যাৰ ১.৩৮ শতাংশ। ৰাজ্যখনত ১৯০১ চনৰপৰা প্ৰতি দশকতে জনসংখ্যা ক্ৰমাগতভাৱে বৃদ্ধি হৈ ১৯৪১ চনত মুঠ জনসংখ্যা হয়গৈ ৬,৬৯৪,৭৯০ জন।
১৯০১ চনৰ পৰা ১৯৪১ চনলৈ চাৰিটা দশকৰ ভিতৰত অসমৰ জনসংখ্যা দুগুণতকৈও অধিক বৃদ্ধি পাইছে। ১৯৪১ চনত ভাৰতৰ জনসংখ্যাৰ ২.১০ শতাংশ লােকে অসমত বসবাস কৰিছিল। জনসংখ্যাৰ দশকীয় বৃদ্ধি লক্ষ্য কৰিলে দেখা যায় যে অসমত ১৯০১-১১ দশকত জনসংখ্যা বৃদ্ধিৰ হাৰ আছিল ১৬.১১ শতাংশ। কিন্তু ইয়াৰ পিছৰ দশকত অৰ্থাৎ ১৯১১-২১ দশকত ২০.৪৮ শতাংশলৈ বৃদ্ধি হয়। পৰৱৰ্তী তিনিটা দশকত জনসংখ্যা বৃদ্ধিৰ হাৰ মােটামুটিভাৱে প্ৰায় একে থাকে, যেনে- ১৯২১৩১ দশকৃত ১৯.৯০ শতাংশ, ১৯৩১-৪১ দশকত ২০.৪০ শতাংশ আৰু ১৯৪১-৫১ দশকত ১৯.৯৩ শতাংশ। কিন্তু স্বাধীনােত্তৰ কালত অৰ্থাৎ ১৯৫১ চনৰপৰা অসমৰ জনসংখ্যা দ্ৰুত হাৰত বৃদ্ধি পােৱা দেখা গৈছে।
বিশেষকৈ ১৯৫১-৬১ আৰু ১৯৬১-৭১ দশক দুটাত ৰাজ্যখনৰ জনসংখ্যা পূৰ্বৰ ১৯ বা ২০ শতাংশ বৃদ্ধিৰ তুলনাত ক্ৰমে ৩৪.৯৮ শতাংশ আৰু ৩৪.৯৫ শতাংশলৈ বৃদ্ধি পাইছিল। অৱশ্যে ইয়াৰ পৰৱৰ্তী দশকবিলাকত জনসংখ্যা বৃদ্ধি ক্ৰমশঃ নিম্নগামী হৈছে। তালিকাখনত উল্লেখ কৰা মতে ১৯৭১-৮১, ১৯৮১-৯১, ১৯৯১-২০০১ আৰু ২০০১-১১ দশকৰ জনসংখ্যা বৃদ্ধিৰ তথ্য লক্ষ্য কৰিলেই এই কথা জানিব পাৰি। জনসংখ্যা বৃদ্ধিৰ এনে হ্ৰাসৰ কাৰণ হিচাপে ৰাজ্যখনত লাহে লাহে হ্ৰাস পােৱা জন্মৰ হাৰ আৰু লগতে জনসাধাৰণ আৰু চৰকাৰৰ সজাগতাৰ ফলত বাংলাদেশৰ পৰা হােৱা প্ৰব্ৰজন কিছু পৰিমাণে হ্ৰাস হােৱা বুলি ধৰিব পাৰি।
11. ২০১৪ চনৰ অসমৰ ঔদ্যোগিক আৰু বিনিয়ােগ নীতি প্ৰধান লক্ষ্যবােৰ কি কি?
উত্তৰঃ অসমৰ ঔদ্যোগিক উন্নয়নৰ বাবে অসম চৰকাৰে ২০০৮ চনত ঘােষণা কৰা উদ্যোগ নীতি পৰ্যালােচনা কৰি ২০১৪ চনত অসম ঔদ্যোগিক আৰু বিনিয়ােগ নীতি (Industrial and Investment Policy, Assam, 2014) ঘােষণা কৰে। সদ্য ঘােষিত এই উদ্যোগ আৰু বিনিয়ােগ নীতিৰ প্ৰধান লক্ষ্যবােৰ হৈছে।
(ক) ৰাজ্যখনত পণ্য উৎপাদনকাৰী খণ্ড আৰু সেৱা খণ্ডৰ লগতে বিভিন্ন অৰ্থনৈতিক কাৰ্যকলাপৰ বিকাশ ঘটাই ৰাজ্যৰ মুঠ ঘৰুৱা উৎপাদন বৃদ্ধি কৰা।
(খ) ৰাজ্যখনত বিশেষকৈ গ্ৰামাঞ্চলত জনমূৰি আয় আৰু নিয়ােগৰ সুবিধা বৃদ্ধি কৰা।
(গ) ৰাজ্যখনৰ অতি ক্ষুদ্ৰ (micro), ক্ষুদ্ৰ (small) আৰু মধ্যমীয়া (medium) উদ্যোগৰ বিকাশৰ বাবে বিনিয়ােগ বৃদ্ধি কৰা।
(ঘ) বৃহৎ সংখ্যক দক্ষ লােক (skilled personnel) সৃষ্টি কৰা। কৰিব পাৰি, যেনে- (১) খনি উদ্যোগ।
12. অসমৰ অথনৈতিক উন্নয়নৰ সম্ভাৱনাবােৰ কি কি?
উত্তৰঃ অসমৰ অৰ্থনৈতিক উন্নয়নৰ সম্ভাৱনাবােৰৰ ভিতৰত কৃষিভিত্তিক উদ্যোগসমূহ অন্যতম। ইয়াৰ ভিতৰতু চাহ উদ্যোগ অন্যতম। চাহ উদ্যোগ হৈছে অসমৰ বৃহৎ কৃষিভিত্তিক উদ্যোগ। কাৰণ চাহ উদ্যোগ হৈছে অসমৰ আটাইতকৈ বৃহৎ উদ্যোগ। দ্বিতীয়তে তেল উদ্যোগ হৈছে অসমৰ এক আপুৰুগীয়া সম্পদ। ভাৰতবৰ্ষত যি সময়ত পশ্চিমাঞ্চলৰ তৈলক্ষেত্ৰসমূহত তেল আৰম্ভ হােৱাই নাছিল সেই সময়ত ডিগবৈ তেল শােধনাগাৰেই ভাৰতৰ মুঠ উৎপাদনৰ তিনি-চতুৰ্থাংশ তেল উৎপাদন কৰিছিল। এইফালৰ পৰা অসমৰ অৰ্থনৈতিক উন্নয়নৰ সম্ভাৱনাৰ ক্ষেত্ৰত তেল উদ্যোগ অন্যতম। তৃতীয়তে অসমৰ ৰেচম উদ্যোগ হৈছে অন্য এক অৰ্থনৈতিক উন্নয়ন সম্ভাৱনাৰ মূল কাৰণ।
13. অসমৰ চাহ উদ্যোগৰ বিষয়ে। চমুকৈ লিখা।
উত্তৰঃ চাহ উদ্যোগ অসমৰ আটাইতকৈ বৃহৎ কৃষি ভিত্তিক উদ্যোগ। কেৱল ভাৰততে নহয় সমগ্ৰ পৃথিৱীতে অসমৰ চাহ উদ্যোগৰ এটা সুনাম আছে। অসমৰ অৰ্থনীতিত এই উদ্যোগে। এক উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। অসমে অকলেই ভাৰতৰ মুঠ চাহ উৎপাদনৰ আধাতকৈ বেছি উৎপাদন কৰে। চাহ খেতিৰ বাবে প্ৰয়ােজনীয় অনুকূল প্ৰাকৃতিক পৰিৱেশৰ বাবেই ৰাজ্যখনত চাহ উদ্যোগ গঢ়ি উঠিছে। অসমত ২০১২ চনৰ তথ্য মতে, বিশ্বনাথ চাৰিআলিৰ মােনাবাৰী চাহ বাগিচা মুঠ ৭৬৫খন চাহ বাগিচা আৰু ৭৮০৯১খন ক্ষুদ্ৰ (১০.১২ হেক্টৰতকৈ কম মাটিকালিৰ) চাহ বাগিচা আছে।
অসমত মুঠ ৩১৮ হেজাৰ হেক্টৰ মাটিত চাহ খেতি কৰা হয়। চাহ উৎপাদনৰ ক্ষেত্ৰত দেখা যায়। যে ২০০৯ চনত অসমে প্ৰায় ৫০০ হেজাৰ টন আৰু ২০১২ চনত প্ৰায় ৫৯০ হেজাৰ টন চাহ উৎপাদন কৰিছিল। চাহ উদ্যোগে এক বুজন সংখ্যক লােকক কৰ্মসংস্থাপন দিছে। অসমৰ চাহ উদ্যোগত গড়ে দৈনিক ৬.৮৬ লাখতকৈ অধিক লােক নিয়ােজিত হৈ আছে। ভাৰতৰ চাহ ব’ৰ্ডৰ অন্য এক তথ্য মতে, অসমৰ ক্ষুদ্ৰ চাহ খেতিয়কসকলে প্ৰায় ৮৮ হেজাৰ হেক্টৰ মাটিত চাহ খেতি কৰি প্ৰায় ১০৭ হেজাৰ টন চাহ উৎপাদন কৰিছে। চাহ উৎপাদনত দেশখনৰ ভিতৰতে অসমৰ যে এক সুকীয়া স্থান আছে সেই কথা তালিকা-১৩ৰ তথ্য প্ৰকাশ পাইছে। ভাৰতৰ মুঠ চাহ উৎপাদন ৫১ৰপৰা ৫৩ শতাংশ চাহ (২০০১ চনৰপৰা ২০১২ চনৰ ভিতৰত) অসমে অকলে উৎপাদন কৰি গৌৰৱ অৰ্জন কৰিছে।
14. অসমৰ জনসংখ্যা বৃদ্ধিৰ কাৰণবােৰ চমুকৈ আলােচনা কৰা।
উত্তৰঃ অসমৰ জনসংখ্যা দ্ৰুত গতিত বৃদ্ধি পাব লাগিছে। এই বৰ্দ্ধিত হাৰৰ জনসংখ্যা বৃদ্ধিৰ কাৰণ মূলতঃ দুটা। এটা হৈছে জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধি আৰু আনটো হৈছে অধিক মাত্ৰাত হােৱা জনপ্ৰব্ৰজন। প্ৰাকৃতিক বৃদ্ধি দৰাচলতে জন্ম আৰু মৃত্যুৰ হাৰৰ ওপৰত নিৰ্ভৰশীল। তাৰােপৰি নিৰক্ষৰতাও জনসংখ্যা বৃদ্ধিৰ আন এটা কাৰণ।
প্ৰাকৃতিক বৃদ্ধিঃ প্ৰাকৃতিক বৃদ্ধি জন্ম-মৃত্যুৰ হাৰৰ ওপৰত নিৰ্ভৰশীল। আজিকালি উন্নত চিকিৎসা পদ্ধতিৰ ফলত শিশু, প্ৰসূতি আদিৰ মৃত্যুৰ সংখ্যা কমি আহিছে। তাৰােপৰি বেমাৰ-আজাৰৰ পৰাও বহুতাে মানুহ মৃতুৰ পৰা ৰক্ষা পাইছে। আগতকৈ মানুহৰ মৃত্যুৰ সংখ্যা কমি আহিছে। গতিকে দেখা যায় যে জন্মৰ উচ্চ হাৰৰ বাবে জনসংখ্যা বৃদ্ধি পাইছে। অৱশ্যে অসমৰ জনসংখ্যাৰ প্ৰাকৃতিক বৃদ্ধিৰ ফলত ৰাজ্যখনত যি হাৰত জনসংখ্যা বাঢ়িহে সেই প্ৰায় একেই হাৰত ভাৰতবৰ্ষৰ জনসংখ্যাও বৃদ্ধি পাইছে।
জনপ্ৰব্ৰজনঃ জনপ্ৰব্ৰজন অসমৰ জনসংখ্যা বৃদ্ধিৰ এটা প্ৰধান কাৰণ। ১৮২৬ চনৰ পৰা অসমলৈ কম-বেছি পৰিমাণে জনপ্ৰব্ৰজন হৈয়ে আছে। ১৯৪৭ চনত দেশ বিভাজনৰ সময়ত বহু সংখ্যক হিন্দু শৰণাৰ্থী তেতিয়াৰ পূব পাকিস্তান (এতিয়াৰ বাংলাদেশ)ৰ পৰা অসমলৈ প্ৰব্ৰজন কৰে। আকৌ স্বাধীনতাৰ পৰৱৰ্তী কালছােৱাত (১৯৫১-২০০১) অসমৰ জনসংখ্যা জনপ্ৰব্ৰজনৰ কাৰণে ১৮৫ শতাংশ বৃদ্ধিৰ বিপৰীতে ২৩২ শতাংশ বৃদ্ধি হয়। এই অস্বাভাৱিক জনসংখ্যাৰ মূল কাৰণ হৈছে বাংলাদেশৰ পৰা অসমলৈ অবাধ গতিত হােৱা অনুপ্ৰৱেশ।
নিৰক্ষৰতাঃ নিৰক্ষৰতাও জনসংখ্যা বৃদ্ধিৰ এটা কাৰণ। স্বাধীনতাৰ আগৰ কালছােৱাত নাৰীসকলক বৰ হীন চকুৰে চোৱা হৈছিল। তেওঁলােকে কোনাে শিক্ষাৰ পােহৰ পােৱা নাছিল। ছােৱালীবিলাকক সৰুতে বিয়া দিয়া হৈছিল। ফলত ছােৱালীবােৰ অধিক সন্তানৰ মাতৃ হৈছিল। লিখা-পঢ়া নজনা বাবে তেওঁলােকে কোনাে ধৰণৰ পৰিয়াল পৰিকল্পনা আঁচনিৰ সহায় গ্ৰহণ কৰা নাছিল। এইবােৰ কাৰণতেই অসমৰ জনসংখ্যা দ্ৰুত গতিত বৃদ্ধি পাইছিল।
15. অসমৰ অৰ্থনীতিত কৃষিখণ্ডৰ ভূমিকা সম্পৰ্কে চমুকৈ আলােচনা কৰা।
উত্তৰঃ অসমৰ অৰ্থনৈতিক উন্নতিত কৃষিখণ্ডই গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে। অসমৰ মুঠ কৰ্ম-নিয়ােজিত লােকৰ (Working population) ভিতৰত ৫৩ শতাংশতকৈয়াে অধিক লােক কৃষি খণ্ডত প্ৰত্যক্ষ আৰু পৰােক্ষভাৱে নিয়ােজিত হৈ আছে। অসমৰ কৃষি জৰীপৰ তথ্য মতে ২০১০-১১ বৰ্ষত অসমত মুঠ ২৮.১১ লাখ হেক্টৰ মাটিত খেতি কৰা হৈছিল। অৰ্থাৎ অসমৰ মুঠ খেতি কৰিব পৰা মাটিৰ প্ৰায় ৮৮ শতাংশ মাটিত খেতি কৰা হৈছিল। ধান অসমৰ প্ৰধান শস্য। ৰাজ্যখনৰ আটাইকেইটা কৃষি-জলবায়ৱীয় অঞ্চলত অৰ্থাৎ সকলাে জিলাতে ধান খেতি কৰা হয়। তালিকা-১০ত দিয়া তথ্য মতে ২০১১-১২ চনত অসমত মুঠ ২৫.৪৫ লাখ হেক্টৰ মাটিত ধান খেতি কৰা হৈছিল আৰু প্ৰায় ৫০.৪৫ লাখ মেট্ৰিকটন ধান উৎপন্ন হৈছিল।
অসমত তিনি প্ৰকাৰৰ ধানৰ খেতি কৰা হয়, যেনে— আহু ধান (Autumn rice), শালি ধান (Winter rice) আৰু বড়াে ধান (Summer rice)। ইয়াৰ ভিতৰত শালি ধানৰ খেতি বিস্তৃতভাৱে কৰা হয়। অসমৰ মুঠ ধান খেতি কৰা মাটিৰ প্ৰায় ৭০ শতাংশ মাটিত শালি ধানৰ খেতি কৰা হয়। ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ সাৰুৱা পলসুৱা মাটিত শালি খেতি ভাল হয়। এই খেতি ৰােপণ পদ্ধতিৰে জুলাই-আগষ্ট মাহত আৰম্ভ কৰি নৱেম্বৰ-ডিচেম্বৰ মাহত চপােৱা হয়। আহু খেতি সমভূমিৰ সাৰুৱা মাটিত কৰা হয় আৰু বিশেষকৈ নামনি অসমত এই খেতি বিস্তৃতভাৱে কৰা হয়। আহু খেতি ৰােপণ আৰু সিঁচন দুই প্ৰকাৰে কৰা হয়।
ফেব্ৰুৱাৰী-মাৰ্চ মাহত আৰম্ভ কৰি জুন-জুলাই মাহত চপােৱা হয়। বড়াে ধানাে কম-বেছি পৰিমাণে অসমৰ আটাইকেইখন জিলাত উৎপাদন কৰা হয়। এই ধানৰ খেতি সাধাৰণতে দ ঠাই বিলাকত শীতকালত আৰম্ভ কৰি বাৰিষা জুন-জুলাই মাহত বানপানী অহাৰ আগে আগে চপােৱা হয়।
16. অসমলৈ প্ৰাচীন কালৰপৰা বৰ্তমান সময়লৈকে হােৱা জনপ্ৰব্ৰজনৰ সোঁতবােৰ একাদিক্ৰমে উল্লেখ কৰা।
উত্তৰঃ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসম ৰাজ্যখনৰ বিশেষ ভৌগােলিক অবস্থা বাবে ইয়াৰ উত্তৰ, পূৰ্ব, দক্ষিণ আৰু পশ্চিম দিশৰপৰা নানা জনগােষ্ঠী আৰু ভাষা-ভাষীৰ।লােকৰ প্ৰাচীন কালৰপৰা বৰ্তমান সময়লৈকে এই ৰাজ্যলৈ আগমন ঘটি আছে অসমলৈ নানা ঠাইৰপৰা বিভিন্ন সময়ত ঘটা জনপ্ৰব্ৰজনক একো-একোটা জনস্ৰোত (Human Stream) হিচাবে চিনাক্ত কৰিব পাৰি।
সমাজবিজ্ঞানীসকলে অনুমান কৰা মতে সম্ভৱতঃ অসমলৈ আগমন ঘটা প্ৰথমটো জনস্ৰোত আছিল অষ্টিক (Austric) জনগােষ্ঠীৰলােকসকল। এওঁলােক দক্ষিণ-পূৰ্ব এছিয়াৰ পৰা আহিছিল। অসমৰ চুবুৰীয়া ৰাজ মেঘালয়ত বিস্তৃতভাৱে বাস কৰা খাছিয়া আৰু জয়ন্তীয়াসকল এই অষ্টিক জনগােষ্ঠীৰ লােক।এই লােকসকলৰ কিছু সংখ্যক লােক মেঘালয়ৰ সীমামূৰীয়া অসমৰ কাৰ্বি আংলং আৰু ডিমা হাছাও জিলাত বসবাস কৰিছিল ।
অষ্ট্ৰিকসকলৰ পিছত মধ্য এছিয়াৰ পৰা তিবতীয় বৰ্মন ভাষা কোৱা মংগােলীয়সকল আহি অসমৰ বিভিন্ন ঠাইত বাস কৰিবলৈ লয়। বড়াে, মিছিং ৰাভা, তিৱা, দেউৰী, সােণােৱাল কছাৰী, মেছ, কাছাৰৰ বৰ্মন, কাৰ্বি, ডিমাছা কছাৰী, গাৰাে, কুকি, মাৰ, হাজং, ৰেংমা নাগা, আৰু জেমি নাগা এই জনগােষ্ঠীৰ লােক। মংগােলীয়সকলৰ পিছত ক’কেছীয় জনগােষ্ঠীৰ লােক গংগা সমভূমি অঞ্চলৰ পৰা অসমলৈ আহিছিল। অসমৰ সৰহ সংখ্যক অজনজাতীয় লােকেই এই গােষ্ঠীৰ অন্তৰ্গত। ত্ৰয়ােদশ শতিকাৰ আৰম্ভণিত সিন্ধু-আৰ্যমূলৰ ইছলাম ধৰ্মাৱলম্বী এদল লােক মহম্মদ বিন্ বতিয়াৰৰ নেততৃত্বত অসমলৈ আহিছিল। অসমৰ মুছলমান লােকসকল এওঁলােকৰে বংশধৰ। অসমলৈ আগমন ঘটা আন এটা গুৰুত্বপূৰ্ণ জনগােষ্ঠী হৈছে আহােমসকল।
১২২৮ খ্ৰীষ্টাব্দত চুকাফাৰ নেতৃত্বত উত্তৰ ম্যানমাৰৰ চান মালভূমিৰ পৰা পাটকাই পৰ্বত পাৰ হৈ আহােমসকল অসমত প্ৰৱেশ কৰিছিল। তাৰােপৰি ব্ৰিটিছসকলে অসম শাসন কৰাৰ পিছতে বেংগল, বিহাৰ, উত্তৰ প্ৰদেশ, ৰাজস্থান আদিৰ পৰা দক্ষ লােকক কামৰ বাবে আনিছিল। নেপালৰ পৰা কিছু নেপালী সম্প্ৰদায়ৰ লােককো পহৰাদাৰী হিচাপে আনিছিল। ব্ৰিটিছসকলে চাহ খেতি আৰম্ভ কৰাৰ লগে লগে চোটনাগপুৰ মালভূমিৰ পৰা জনজাতিসকলক চাহ বনুৱা হিচাপে অসমলৈ লৈ আহে। অসমলৈ প্ৰব্ৰজন ঘটা আন এটা উল্লেখযােগ্য জনস্ৰোত হৈছে তেতিয়াৰ পূৰ্ববংগ আৰু এতিয়াৰ বাংলাংদেশৰ পৰা অহা ভূমিহীন মুছলমান কৃষকসকল। এনেদৰেই প্ৰাচীন কালৰ পৰা বৰ্তমান সময়লৈকে নানা ঠাইৰ পৰা বিভিন্ন জনগােষ্ঠীয় লােকৰ অসমলৈ প্ৰব্ৰজন ঘটিছিল।
17. অসমৰ মাটিকালি, জনসংখ্যা আৰু জনসংখ্যা ঘনত্বৰ বিষয়ে তথ্যসহকাৰে চমুকৈ লিখা।
উত্তৰঃ অসমৰ মাটিকালিঃ ভাৰতৰ উত্তৰ-পূব কোণত অৱস্থিত অসম এখন ভাৰতৰ অন্যতম উল্লেখযােগ্য ৰাজ্য। ই ২৪°০৯ উত্তৰ অক্ষাংশৰ পৰা ২৭°৫৮/ উত্তৰ অক্ষাংশলৈ আৰু ৮৯°৪২/ পূৰ্ব দ্ৰাঘিমাংশৰ পৰা ১৬°০১ পূৰ্ব দ্ৰাঘিমাংশলৈ বিস্তৃত হৈ আছে। ই গােটেই ভাৰতবৰ্ষৰ মাটিকালিৰ প্ৰায় ২.৪ শতাংশ অৰ্থাৎ প্ৰায় ৭৮,৪৩৮ বৰ্গ কিঃমিঃ আগুৰি আছে। অৰ্থাৎ অসমৰ মাটিকালি প্ৰায় ৭৮,৪৩৮ বৰ্গ কিঃমিঃ।
অসমৰ জনসংখ্যাঃ ২০০১ চনৰ তথ্য মতে অসমৰ জনসংখ্যা ভাৰতৰ মুঠ জনসংখ্যাৰ ২.৬ শতাংশ। অৰ্থাৎ অসমৰ জনসংখ্যা প্ৰায় ৩১২.০৫ লাখ। ইয়াৰে ১৫৯.৩৯ লাখ পুৰুষ আৰু ১৫২.৬৬ লাখ মহিলা। ২০১১ চনৰ তথ্য মতে অসমৰ শিক্ষিতৰ হাৰ ৭২.১৯ শতাংশ আৰু লিংগ অনুপাত প্ৰতি ১০০০ পুৰুষৰ বিপৰীতে মহিলাৰ সংখ্যা ৯৫৮ গৰাকী।
অসমৰ জনসংখ্যা ঘনত্বঃ অসমৰ জিলাসমূহৰ জনবসতিৰ ঘনত্বৰ তাৰতম্য মন কৰিবলগীয়া। ২০০১ চনৰ তথ্য অনুসৰি প্ৰতি বৰ্গ কিঃমিঃত ৫৮৩ জন জনসংখ্যাৰে নগাঁও জিলা অসমৰ ভিতৰত অধিক জনসংখ্যাৰ জিলা। তাৰ বিপৰীতে প্ৰতি বৰ্গ কিঃমিঃত ৩৮ জন লােকে বাস কৰা ডিমাহাছাও আটাইতকৈ কম জনসংখ্যাৰ জিলা। কিন্তু ২১১ চনৰ তথ্য অনুসৰি প্ৰতি বৰ্গ কিঃমিঃত ২০১০ জন জনসংখ্যাৰে কামৰূপ (মেট্ৰো) আটাইতকৈ জন জনবসতিপূৰ্ণ জিলা হিচাপে পৰিগণিত হৈছে। ইয়াৰ বিপৰীতে প্ৰতি বৰ্গ কিমিঃত ৪৪ জন লােকে বাস কৰা ডিমা হাছাও আটাইতকৈ কম জনসংখ্যাৰ জিলা হিচাপে স্বীকৃত হৈছে।
আকৌ ২০১১ চনৰ তথ্য অনুসৰি ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনিৰ জিলাকেইখনৰ ভিতৰত লখিমপুৰ আৰু শিৱসাগৰ জিলাৰ জনসংখ্যা ঘনত্ব অসমৰ গড় ঘনত্ব (প্ৰতি বৰ্গ কিঃমিঃত ৩৯৮ জন) তুলনাত বেছি। মধ্য ব্ৰহ্মপুত্ৰ উপত্যকাৰ জিলাকেইখনৰ ভিতৰত মৰিগাঁও, নগাঁও, দৰং আৰু ওদালগুৰি জিলাৰ ঘনত্ব অসমৰ জনসংখ্যাৰ গড় ঘনত্বতকৈ বেছি। নামনি অসমৰ জিলাকেইখনৰ ভিতৰত চিৰাং আৰু কোকৰাঝাৰ জিলাক বাদ দি বাকী আটাইকেইখন জিলাতে (ধুবুৰী, বঙাইগাঁও, গােৱালপাৰা, বৰপেটা, নলবাৰী, বাক্সা, কামৰূপ আৰু কামৰূপ মেট্ৰো জিলা) জনসংখ্যা ঘনত্ব ৰাজ্যখনৰ গড় ঘনত্বতকৈ অধিক।
বৰাক উপত্যকাৰ কৰিমগঞ্জ, হাইলাকান্দি আৰু কাছাৰ জিলা তিনিওখনতে জনসংখ্যা ঘনত্ব অসমৰ গড় ঘনত্বতকৈ বেছি। অসমৰ পাৰ্বত্য জিলা দুখন কাৰ্বি আংলং আৰু ডিমা হাছাওত ২০০১ আৰু ২০১১ চনৰ তথ্য অনুসৰি অসমৰ আটাইকেইখন জিলাৰ ভিতৰত জনবসতি অতি সেৰেঙা।
18. ভৌগােলিক অঞ্চলভেদে উপযুক্ত মানচিত্ৰৰ সহায়ত অসমৰ জনসংখ্যাৰ বিতৰণ পৰ্যালােচনা কৰা।
উত্তৰঃ অসমৰ বিভিন্ন অঞ্চলৰ ভিন্ন প্ৰাকৃতিক পৰিৱেশ অনুসৰি ৰাজ্যখনৰ জনসংখ্যা সকলাে অঞ্চলতে সমান নহয়। সেয়ে অঞ্চলভেদে জনসংখ্যা ঘনত্বও একে নহয়। সাধাৰণতে যিবিলাক অঞ্চলৰ প্ৰাকৃতিক পৰিৱেশ অনুকূল নহয়, যাতায়াত আৰু অৰ্থনৈতিক অৱস্থা উন্নত নহয়, সেইবিলাক অঞ্চলত জনবসতি সেৰেঙা আৰু জনসংখ্যা কম হয়। ইয়াৰ বিপৰীতে, অনুকূল প্ৰাকৃতিক আৰু অৰ্থনৈতিক অৱস্থা বিৰাজ কৰা অঞ্চলবােৰত জনবসতি ঘন হয়। তালিকা-৪ নংত অসমৰ ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ লগতে পাৰ্বত্য অঞ্চলত ২০০১ আৰু ২০১১ চনৰ জনসংখ্যা আৰু জনসংখ্যা ঘনত্ব দেখুওৱা হৈছে।
ব্ৰহ্মপুত্ৰ উপত্যকাৰ সমতল ভূমি, সাৰুৱা মাটি, সুচল কৃষিকাৰ্য্য আৰু যাতায়াত ব্যৱস্থাৰ বাবে তাত জনবসতি ঘন। সেয়েহে ব্ৰহ্মপুত্ৰ উপত্যকাত অসমৰ মুঠ জনসংখ্যাৰ ৮৫ শতাংশ লােকে বসবাস কৰে। ইয়াত জনসংখ্যা ঘনত্ব ২০০১ চনত প্ৰতি বৰ্গ কিলােমিটাৰত ১২২০ জন আৰু ২০১১ চনত ১৫০২ জনলৈ বৃদ্ধি পাইছে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ ভিতৰতে আকৌ ইয়াৰ উজনি অংশত উপত্যকাটোৰ মুঠ জনসংখ্যা প্ৰায় ২১ শতাংশ লােকে বসবাস কৰে আৰু ২০১১ চনৰ তথ্যমতে জনসংখ্যা ঘনত্ব হৈছে। প্ৰতি বৰ্গ কিলােমিটাৰত ৩৭১ জন। আনহাতে, মধ্য ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত উপত্যকাটোৰ মুঠ জনসংখ্যা প্ৰায় ২৭ শতাংশ লােকে বাস কৰে আৰু ২০১১ চনতএই অঞ্চলত জনসংখ্যা ঘনত্ব হৈছে প্ৰতি বৰ্গ কি.মিটাৰত ৫০০ জন।
সেইদৰে নামনি ব্ৰহ্মপুত্ৰ উপত্যকা অঞ্চলত ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰায় ৩৬ শতাংশ লােকে বাস কৰে। ইয়াত জনসংখ্যা ঘনত্ব তুলনামূলকভাৱে কিছু বেছি অৰ্থাৎ প্ৰতি বৰ্গ কিলােমিটাৰত ৬৩১ জন। ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি, মধ্য আৰু নামনি অঞ্চলত জনসংখ্যা ঘনত্বৰ তাৰতম্য মন কৰিবলগীয়া। উজনি অঞ্চলতকৈ মধ্য অঞ্চলত আৰ, মধ্য অঞ্চলতকৈ নামনি অঞ্চলত জনসংখ্যা ঘনত্ব বেছি। আনহাতে, বৰাক উপত্যকাৰ সাৰুৱা সমভূমি অঞ্চলটো কৃষিকৰ্ম আৰু যাতায়াতৰ বাবে সুচল হােৱাৰ কাৰণে এই অঞ্চলতাে জনবসতি ঘন।
২০১১ চনৰ তথ্যমতে ইয়াত জনসংখ্যা ঘনত্ব হৈছে প্ৰতি বৰ্গ কিলােমিটাৰত ৫৪৫ জন আৰু অসমৰ মুঠ জনসংখ্যা প্ৰায় ১১ শতাংশ লােকে এই বৰাক উপত্যকাত বাস কৰে। ইয়াৰ বিপৰীতে, ব্ৰহ্মপুত্ৰ আৰু বৰাক উপত্যকাৰ মাজত অৱস্থিত কাৰ্বি আংলং আৰু ডিমা হাছাও পাৰ্বত্য জিলা দুখনক সামৰি লােৱা পাৰ্বত্য অঞ্চলটোৰ প্ৰতিকূল ভূপ্ৰাকৃতিক অৱস্থাৰ কাৰণে তাত জনবসতি পাতল আৰু জনসংখ্যাও কম। এই পাৰ্বত্য অঞ্চলটোত অসমৰ মুঠ জনসংখ্যা প্ৰায় ৩.৭৫ শতাংশ লােকে বাস কৰে। ইয়াত জনসংখ্যা ঘনত্ব অসমৰ আনকেইটা অঞ্চলৰ তুলনাত নিচেই কম। লােকপিয়ল ২০০১ চনৰ তথ্যমতে পাৰ্বত্য অঞ্চলটোত জনসংখ্যা ঘনত্ব আছিল প্ৰতি বৰ্গ কিলােমিটাৰত মাত্ৰ ৫৮ জন আৰু ২০১১ চনত সামান্যভাৱে ৬৮ জনলৈ বৃদ্ধি পাইছে।
জিলা ভিত্তিত অসমৰ জনসংখ্যাৰ বিতৰণ আৰু ঘনত্ব মন কৰিবলগীয়া। অসমৰ জিলাসমূহৰ জনসংখ্যাৰ তথ্য (২০০১ আৰু ২০১১ চনৰ) তালিকা-৫ত উল্লেখ কৰা হৈছে। চিৰাং, কামৰূপ (মেট্ৰো), বাক্স আৰু ওদালগুৰি জিলা চাৰিখন ২০০১ চনৰ পিছত গঠন হৈছিল বাবে সেই বছৰৰ জনসংখ্যা তালিকাখনত উল্লেখ কৰা নহ’ল। এই চাৰিখন জিলা গঠন হােৱাৰ কাৰণে মুঠ ছয়খন জিলা— কোকৰাঝাৰ, বঙাইগাঁও, বৰপেটা, নলবাৰী, কামৰূপ আৰু দৰং জিলাৰ মাটিকালি আৰু জনসংখ্যাৰ তথ্যৰ কিছু পৰিৱৰ্তন হৈছে।
অসমৰ জিলাসমূহৰ ভিতৰত ২০০১ চনৰ তথ্য অনুসৰি ২,৫২২,৩২৪ জন লােকে বাস কৰা কামৰূপ জিলাখন অধিক জনসংখ্যাৰ জিলা আৰু ১,৮৮,০৭৯ জন লােকে বাস কৰা পাৰ্বত্য অঞ্চলৰ ডিমা হাছাও জিলাখন আটাইতকৈ কম জনসংখ্যাৰ জিলা বুলিপৰিগণিত হৈছে। কিন্তু ২০১১ চনৰ তথ্যমতে ২,৮২৬,০০৬ জনসংখ্যাৰে নগাঁও জিলাখন অসমৰ ভিতৰত অধিক জনসংখ্যাৰ জিলা হিচাপে আৰু ২১৩,৫২৯ জনসংখ্যাৰে ডিমাহাছাও জিলাখন আটাইতকৈ কম জনসংখ্যাৰ জিলা হিচাপে স্বীকৃত হৈছে। জনসংখ্যাৰ ঘনত্বৰ ক্ষেত্ৰত (২০০১ চন) প্ৰতি বৰ্গ কিলােমিটাৰত ৫৮৩ জন লােকে বসবাস কৰা নগাঁও জিলাখন অসমৰ আটাইতকৈ ঘনবসতি জিলা আৰু প্ৰতি বৰ্গ কিলােমিটাৰত মাত্ৰ ৩৮ জন লােকে বাস কৰা ডিমা হাছাও জিলাখন আটাইতকৈ সেৰেঙা বসতিৰ জিলা বুলি পৰিগণিত হৈছে।
পিছে ২০১১ চনৰ তথ্যমতে অসমৰ ভিতৰতে কামৰূপ (মেট্ৰো ) জিলাখন সবাতােকৈ ঘন বসতিপূৰ্ণ জিলা বুলি বিবেচিত হৈছে, য’ত জনসংখ্যাৰ হৈছে প্ৰতি বৰ্গ কিলােমিটাৰত ২০১০ জন। অৱশ্যে এই ক্ষেত্ৰত ঘনবসতিপূৰ্ণ গুৱাহাট মহানগৰীৰ জনসংখ্যাই বিশেষভাৱে প্ৰভাৱ পেলাইছে। ইয়াৰ বিপৰীতে, প্ৰতি কিলােমিটাৰত মাত্ৰ ৪৪ জন লােকে বাস কৰা ডিমা হাছাও পাৰ্বত্য জিলাখন আটাইতকৈ সেৰেঙা বসতিৰ জিলা হিচাপে চিহ্নিত হৈছে। ব্ৰহ্মপুত্ৰ উপত্যকাৰ উজনি, মধ্য আৰু নামনি অঞ্চলত অৱস্থিত জিলাসমূহৰ জনবসতিৰ ক্ষেত্ৰত দেখা যায় যে, ২০১১ উজনি ব্ৰহ্মপুত্ৰ উপত্যকাৰ জিলাকেইখনৰ ভিতৰত কেৱল লখিমপুৰ আৰু শিৱসাগৰ জিলাৰ জনসংখ্যা ঘনত্ব অসমৰ গড় ঘনত্ব (প্ৰতি বৰ্গ কিলােমিটাৰত ৩৯৮ জন) তুলনাত বেছি।
আকৌ মধ্য ব্ৰহ্মপুত্ৰ উপত্যকাৰ জিলাকেইখনৰ ভিতৰত মৰিগাঁও, নগাঁও, দৰং আৰু ওদালগুৰি জিলাৰ ঘনত্ব অসমৰ জনসংখ্যাৰ গড় ঘনত্বতকৈ বেছি। আনহাতে, নামনি অসমৰ জিলা কেইখনৰ ভিতৰত চিৰাং আৰু কোকৰাঝাৰ জিলাক বাদ দি বাকী আটাইকেইখন জিলাতে (ধুবুৰী, বঙাইগাঁও, গােৱালপাৰা, বৰপেটা, নলবাৰী, বাক্সা কামৰূপ আৰু কামৰূপ মেট্ৰো জিলা) জনসংখ্যা ঘনত্ব ৰাজ্যখনৰ গড় ঘনত্বতকৈ অধিক। আকৌ, ব্ৰাক উপত্যকাৰ তিনিওখন জিলাত (কৰিমগঞ্জ, হাইলাকান্দি আৰু কাছাৰ জিলা) জনসংখ্যা ঘনত্ব অসমৰ গড় ঘনত্বতকৈ বেছি। অসমৰ পাৰ্বত্য জিলা দুখন (কাৰ্বি আংলং আৰু ডিমা হাছাও) ২০০১ আৰু ২০১১ চনৰ তথ্য অনুসৰি অসমৰ আটাইকেইখন জিলাৰ ভিতৰত সেৰেঙা জনবসতিৰ জিলা হিচাপে পৰিগণিত হৈছে।