বৰগীতঃ জয় জয় যাদৱ জলনিধিজা

বৰগীতঃ জয় জয় যাদৱ জলনিধিজা | Chapter 11 | Class 11 Assamese (MIL) – AHSEC

বৰগীতঃ জয় জয় যাদৱ জলনিধিজা | Chapter 11 | Class 11 Assamese (MIL) Question and Answer | Assam Class 11 Assamese (MIL) Solutions | AHSEC Class 11 HS Assamese (MIL) Chapter 11 Notes | AHSEC Class 11 HS Assamese (MIL) Chapter 11 Question and Answer | Questions and Answers for Class 11 Assamese (MIL) Chapter 11 বৰগীতঃ জয় জয় যাদৱ জলনিধিজা | HS 1st Year Assamese (MIL) Questions and Answers Assam


বৰগীতঃ জয় জয় যাদৱ জলনিধিজা
(শংকৰদেৱ)

অতি চমু প্রশ্ন (মূল্যাংক: ১)

1. বৰগীতবোৰ কি ভাষাত ৰচিত?
উত্তৰঃ ব্ৰজাৱলী ভাষাত।

2. শংকৰদেৱৰ প্ৰথম বৰগীত কোনটো?
উত্তৰঃ ‘মন মেৰি ৰাম চৰণহি লাগু’।

3. শংকৰদেৱে কেইখন নাট ৰচনা কৰিছিল?
উত্তৰঃ ছয়খন।

4. শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য কি?
উত্তৰঃ হৰিভক্তিয়েহে জীৱক উদ্ধাৰ কৰিব পাৰে। এয়েই শংকৰদেৱৰ বৰগীতৰ প্ৰধান বক্তব্য।

5. শংকৰদেৱে সংস্কৃত নাম কি?
উত্তৰ: ভক্তি ৰত্নাকৰ।

চমু প্রশ্ন (মূল্যাংক: ২/৩)

1. শ্ৰীকৃষ্ণই কোন অৱতাৰত কেনেদৰে বেদসমূহ উদ্ধাৰ কৰিছিল?
উত্তৰঃ শ্ৰীকৃষ্ণই বেদসমূহ মৎস অৱতাৰ লৈ উদ্ধাৰ কৰিছিল। তেওঁ প্রলয় জলত বেদসমূহ উদ্ধাৰ কৰিছিল।

2. বৰগীতটিত উল্লেখ কৰা দুজন অসুৰৰ নাম লিখা।
উত্তৰঃ মধুৰিপু আৰু মুৰনাশী।

3. বৰগীতটিত শ্ৰৱণ আৰু স্মৰণৰ মহিমা কবিয়ে কেনেদৰে প্ৰকাশ কৰিছে?
উত্তৰঃ শ্ৰৱণ মানে শুনা কাৰ্য আৰু স্মৰণ মানে অভিজ্ঞান বা মনত পেলোৱা কাৰ্য। ভক্তই যেতিয়া সঁচা অন্তৰেৰে ভগৱানৰ নাম স্মৰণ কৰে তেতিয়া ভগৱানে সকলো বিপদৰ পৰা ভক্তক উদ্ধাৰ কৰে। ভগৱান শ্ৰীকৃষ্ণৰ মহিমা অপাৰ। তেওঁৰ নাম শুনা বা স্মৰণ কৰাৰ লগে লগে জগতৰ সকলো বস্তুৱেই পবিত্ৰ হয় আৰু উদ্ধাৰ হয়। এইজন ভগৱানেই প্ৰলয় জলত বেদসমূহক উদ্ধাৰ কৰিছিল।

READ MORE  ধনৰ ব্যৱহাৰ | Chapter 1 | Class 11 Assamese (MIL) - AHSEC

4. ‘শ্ৰুত মাত্ৰাখিলত্ৰাতা’ শব্দটোৰ অৰ্থ কি? ইয়াৰ দ্ধাৰা কাৰ কথা কোৱা হৈছে?
উত্তৰঃ ‘শ্ৰুত মাত্ৰাখিলত্ৰাতা’ শব্দটোৰ অৰ্থ হ’ল শুনা বা শ্ৰৱণ কৰা মাত্ৰকে পৃথিৱীৰ সকলোকে উদ্ধাৰ কৰা। ইয়াৰ দ্ধাৰা শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে। তেওঁৰ নাম শ্ৰৱণ কৰা মাত্ৰকে জগতৰ সকলো বস্তুৱেই পবিত্ৰ হয়। এইজন ভগৱানেই প্রবল জলত বেদসমূহক উদ্ধাৰ কৰিছিল।

5. বৰগীতটিত ভগৱানৰ শ্ৰীকৃষ্ণক ‘মহদানন্দ কন্দ’ বুলি কোৱা হৈছে?
উত্তৰঃ ‘মহদানন্দ কন্দ’ মানে মহৎ বা পৰম আনন্দৰ যি মূল কাৰণ। শ্ৰীকৃষ্ণ জগতৰ সকলোৱে জীৱন শ্বৰূপ আৰু সকলোৰে দুখহর্তা। তেওঁ সকলোৰে আনন্দৰ মূল কাৰণ। সেই কাৰণে শ্ৰীকৃষ্ণক ‘মহদানন্দ কন্দ’ বুলি কোৱা হৈছে।

দীঘল প্রশ্ন (মূল্যাংক: ৪/৫)

1. বৰগীতটিৰ ভাৱ-ভাষাৰ সৌন্দৰ্য সম্পৰ্কে আলোচনা কৰা।
উত্তৰ: বিষয়বস্তুৰ মহত্ব, সুৰৰ গাম্ভীৰ্য আৰু ভক্তিভাবৰ আকুল প্ৰকাশেৰে বৰগীতসমূহ অসমীয়া সংস্কৃতিৰ আপুৰুগীয়া সম্পদ। কবিতা বা গীতৰ লগত নিবিড়ভাৱে জড়িত হৈ থকা এটি বিষয় হৈছে কাব্যিক সৌন্দর্য। ভাব, ভাষা, ছন্দ, অলংকাৰ ব্যঞ্জনা আদিৰ মাজেৰে কাব্যিক সৌন্দর্য প্রকাশিত হয়। বৰগীতটিত ‘জগত জনজীৱন অৰ্জন জনার্দন দনুজ দমন দুখহাৰী’ শাৰীটোত ‘জ’ আৰু ‘দ’ ব্যঞ্জন বর্ণ দুটা বাৰে বাৰে ব্যৱহাৰ কৰি কবিয়ে ধ্বনি মাধুৰ্যৰ সৃষ্টি কৰিছে। ঠিক তেনেদৰেই শৰতৰ জোনৰ লগত তুলনা কৰি শ্ৰীকৃষ্ণৰ সৌন্দৰ্য মাধুৰী অধিক সুন্দৰ ৰূপত তুলি ধৰিছে। গতিকে চাবলৈ গ’লে বৰগীতটি সাহিত্য সৌন্দৰ্যৰ ফালৰ পৰা এটি উৎকৃষ্ট সৃষ্টি।

2. বৰগীতটিৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ পৰম মঙ্গলময় ৰূপ কিদৰে প্ৰকাশ পাইছে বুজাই লিখা।
উত্তৰঃ বৰগীতটিৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ মহিমা, পৰম মঙ্গলময় ৰূপ আৰু ভক্তিৰ গম্ভীৰ ধাৰা প্ৰকাশিত হৈছে। ভগৱান শ্ৰীকৃষ্ণ এই জগতৰ ত্ৰাণকর্তা। তেওঁৰ নাম স্মৰণ কৰাৰ লগে লগে জগতৰ সকলো বস্তুৱেই পৱিত্ৰ হয় আৰু উদ্ধাৰ হয়। এইজন ভগৱানেই প্ৰলয় জলত মৎস্য অৱতাৰ লৈ বেদমূহক উদ্ধাৰ কৰিছিল। দীন-দুখীয়া আৰু অভাগাৰ প্ৰতি তেওঁৰ কৰুণা অপাৰ। শ্ৰীকৃষ্ণই ৰাক্ষসসকলক বিনাশ কৰি পৃথিৱীত শান্তি প্রতিষ্ঠা কৰাৰ লগতে কেশীমধু, মুৰ আদি অসুৰক বধি জগতৰ আন্ধাৰ হৰণ কৰিছিল বাবেই শ্ৰীকৃষ্ণক ‘জগতবন্ধুবিধু’ বুলি কোৱা হয়। চন্দ্ৰই যেনেদৰে জগতৰ অন্ধকাৰ হৰণ কৰে, তেনেদৰে ভগবানেও দৈস্যু দানৱসকলক বধ কৰি জগতৰ পাপ হৰণ কৰি সকলোৰে মঙ্গল সাধন কৰি আহিছে।

READ MORE  ৰাৱণক বিভীষণৰ সজ উপদেশ | Chapter 10 | Class 11 Assamese (MIL) - AHSEC

3. জগজনজীৱন এজন জনার্দন দনুজদমন দুখহাৰী।
মহদানন্দ কন্দ পৰমানন্দ নন্দনন্দন বনচাৰী।। —ব্যাখ্যা কৰা।
উত্তৰঃ উক্ত কবিতা দুইশাৰী আমাৰ পাঠ্যপুথি সাহিত্য সৌৰভৰ অন্তৰ্গত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ‘জয় জয় যাদৱ জলনিধিজা নামৰ বৰগীতটিৰ পৰা তুলি দিয়া হৈছে।

ইয়াত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে শ্ৰীকৃষ্ণ এই জগতৰ জীৱনস্বৰূপ আৰু তেৱেঁই যে সকলো আনন্দৰ মূল কাৰণ তাকেই কোৱা হৈছে।

শ্ৰীকৃষ্ণ এই জগতৰ সকলোৰে জীৱনস্বৰূপ। তেওঁৰ নাম শুনা মাত্ৰকে জগতৰ সকলো বস্তুৱেই পৱিত্ৰ হয়। এইজন ভগৱানেই প্রলয় জলত বেদসমূহ উদ্ধাৰ কৰিছিল। তেওঁ ৰাক্ষসসকলক বিনাশ কৰি পৃথিৱীত শান্তি প্ৰতিষ্ঠা কৰিছিল আৰু কেশীমধু, মুৰ আদি অসুৰক বধি জগতৰ আন্ধাৰ হৰণ কৰিছিল বাবেই শ্ৰীকৃষ্ণক ‘জগত বন্ধুবিধ’ বুলিও কোৱা হয়। ইয়াত শ্ৰীকৃষ্ণৰ অপাৰ মহিমাৰ কথা বৰ্ণনা কৰা হৈছে।

4. বৰগীতটিৰ জৰিয়তে শ্ৰীকৃষ্ণৰ অপৰূপ শাৰীৰিক অব্যয়বৰ বৰ্ণনা কিদৰে কৰিছে বুজাই লিখা।
উত্তৰঃ শ্ৰীমন্ত শংকৰদেৱে বৰগীতটিত শ্ৰীকৃষ্ণৰ মঙ্গলময় ৰূপৰ উপৰিও অনুপম শাৰীৰিক ৰূপৰ বৰ্ণনাও কৰিছে।

শ্ৰীকৃষ্ণ এই জগতৰ জীৱন স্বৰূপ। তেৱেঁই সত্য আৰু সনাতন মঙ্গলময়। শিৱৰূপে জগতত বিৰাজমান। সেইবাবেই তেওঁক সত্যম শিৱম সুন্দৰম বুলি কোৱা হয়। বৰগীতটোত শ্ৰীমন্ত শংকৰদেৱে পীতবসন পৰিধান কৰা শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্যই শৰৎকালৰ জোনৰ সৌন্দৰ্যকো চেৰ পেলাইছে বুলি উল্লেখ কৰিছে। অনন্ত নাগৰ ফণাত শয়ন কৰোঁতা শ্ৰীকৃষ্ণৰ অপৰূপ সৌন্দর্যই সকলোকে মোহিত কৰিছে।

5. শংকৰদেৱৰ ‘জয় জয় যাদৱ জলনিধিজা’ বৰগীতটিৰ মূলভাব লিখা।
উত্তৰঃ শংকৰদেৱৰ ‘জয় জয় যাদৱ জলনিধিজা’ বৰগীতটি ভগৱান শ্ৰীকৃষ্ণৰ জয় জয় ধ্বনিৰে আৰম্ভ হৈছে। বৰগীতটিৰ মাজেৰে ভগৱান শ্ৰীকৃষ্ণৰ নামৰ মহিমা, পৰম মঙ্গলময় ৰূপ আৰু ভক্তিৰ গম্ভীৰ ধাৰা প্ৰকাশিত হৈছে।

ভগৱান শ্ৰীকৃষ্ণৰ মহিমা অপাৰ। তেওঁৰ নাম শ্ৰৱণ কৰাৰ লগে লগে জগতৰ সকলো বস্তুৱেই পবিত্ৰ হয়। এইজন ভগৱানেই প্রলয় জলত বেদসমূহক উদ্ধাৰ কৰিছিল।

এই জগতৰ জীৱন স্বৰূপ শ্ৰীকৃষ্ণ চিৰন্তন, সত্য আৰু সনাতন মঙ্গলময় শিৱৰূপে বিৰাজমান। শ্ৰীকৃষ্ণই ৰাক্ষসকলক বধ কৰি পৃথিৱীত শান্তি প্রতিষ্ঠা কৰিছিল লগতে কেশীমধু, মুৰ আদি অসুৰক বধি জগতৰ আন্ধাৰ হৰণ কৰিছিল বাবে তেওঁক ‘জগতবন্ধুবিধ’ বুলি কোৱা হয়। বৰগীতটোত শংকৰদেৱে শ্ৰীকৃষ্ণৰ অনুপম শাৰীৰিক ৰূপৰ বৰ্ণনা ও কৰিছে। পিতবসন পৰিধান কৰা শ্ৰীকৃষ্ণৰ শাৰীৰিক সৌন্দৰ্যই শৰৎকালৰ জোনৰ সৌন্দৰ্যকো চেৰ পেলাইছে। শ্ৰীমন্ত শংকৰদেৱে বৰগীতটিত শ্ৰীকৃষ্ণৰ অপাৰ মহিমাৰ কথা বৰ্ণনা কৰিছে।

READ MORE  কেম্ব্ৰিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান | Chapter 6 | Class 11 Assamese (MIL) - AHSEC

Leave a Comment

error: Content is protected !!
Scroll to Top