ধনবৰ আৰু ৰতনী

ধনবৰ আৰু ৰতনী | Chapter 12 | Class 11 Assamese (MIL) – AHSEC

ধনবৰ আৰু ৰতনী | Chapter 12 | Class 11 Assamese (MIL) Question and Answer | Assam Class 11 Assamese (MIL) Solutions | AHSEC Class 11 HS Assamese (MIL) Chapter 12 Notes | AHSEC Class 11 HS Assamese (MIL) Chapter 12 Question and Answer | Questions and Answers for Class 11 Assamese (MIL) Chapter 12 ধনবৰ আৰু ৰতনী | HS 1st Year Assamese (MIL) Questions and Answers Assam


ধনবৰ আৰু ৰতনী
(লক্ষ্মীনাথ বেজবৰুৱা)

অতি চমু প্রশ্ন (মূল্যাংক: ১

1. লক্ষ্মীনাথ বেজবৰুৱাই ৰচনা কৰা চুটিগল্পৰ পুথি এখনৰ নাম লিখা?
উত্তৰঃ সাধুকথাৰ কুকি।

2. লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতা পুথি এখনৰ নাম লিখা।
উত্তৰঃ কদমকলি।

3. অসমীয়া সাহিত্যত চুটিগল্পৰ জনক বুলি কাক কোৱা হয়?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাক।

4. ‘বাঁহী’ আলোচনীখন কোনে সম্পাদনা কৰিছিল?
উত্তৰঃ লক্ষ্মীনাথ বেজবৰুৱাই।

5. লক্ষ্মীনাথ বেজবৰুৱাৰ আত্মজীৱনীখনৰ নাম লিখা।
উত্তৰঃ মোৰ জীৱন সোঁৱৰণ।

চমু প্রশ্ন (মূল্যাংক: ২/৩)

1. “পাৰতে কান্দিছে ধনবৰ দুখীয়া”- ধনবৰে কিয় কান্দিছে?
উত্তৰঃ ধনবৰ আছিল ভিকহুৰো ভিকহু। সেইবাবে ধনবৰৰ বাবে ৰতনীয়ে আছিল সৰ্বস্ব। যেতিয়া ৰতনীয়ে ধনবৰক এৰি গুচি গৈছিল তেতিয়া বিহৰত ধনবৰে লুইতৰ পাৰত বহি কান্দি আছিল।

2. ধনবৰ আৰু ৰতনী কোন?
উত্তৰ: ধনবৰ আৰু ৰতনী ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ কবিতাৰ দুটা কাল্পনিক চৰিত্ৰ। ধনবৰ আৰু ৰতনী উভয়ে প্রায় ১৬ বছৰীয়া আৰু দুয়ো প্রেমিক-প্রেমিকা।

3. মালিতা কি? ইংৰাজীত ইয়াক কি বুলি কোৱা হয়?
উত্তৰঃ মালিতা মানে কিছুমান আখ্যাণমূলক গীতক বুজোৱা হয়। ইংৰাজীত মালিতাক ‘বেলাড’ বুলি কোৱা হয়।

4. “বোপাই” মোৰ লুইঐ ! সামৰি লোৱা মোক”- বুলি কোনে কিয় কৈছিল।
উত্তৰঃ ধনবৰে কৈছে। ৰতনীৰ অনুপস্থিৰ বেজাৰ ধনবৰে সহিব পৰা নাছিল বাবে এনেকৈ কৈছে।

READ MORE  কিতাপৰ কথা | Chapter 4 | Class 11 Assamese (MIL) - AHSEC

5. “ৰতনীক তুলিলে মাকে বাপেকে
ধনাইৰ কাল শতৰু কৰি”
—ৰতনীক কিয় ধনাইৰ কাল শতৰু বুলি কোৱা হৈছে?
উত্তৰঃ ৰতনীয়ে ধনবৰ হৃদয় শূণ্য কৰি গুচি গ’ল। ৰতনী অবিহনে ধনবৰ জীয়াই থাকিবলৈ অপৰাগ। ৰতনীয়ে খন্তেকৰ বাবে আহি ধনবৰৰ মনত শোকৰ সৃষ্টি কৰি থৈ গ’ল। সেইবাবে ৰতনী যেন ধনাইৰ কাল শত্ৰু হৈ পৰিল।

দীঘল প্রশ্ন (মূল্যাংক: ৪/৫)

1. ৰতনীৰ প্ৰতি ধনবৰৰ প্ৰেমৰ প্ৰকাশ কিদৰে ঘটিছে বৰ্ণনা কৰা।
উত্তৰঃ ধনবৰ আৰু ৰতনী এহাল প্ৰেমিক-প্ৰেমিকা। ধনবৰৰ ঘৰ দিখৌমুখত আৰু ৰতনীৰ ধনশিৰিমুখত। মাক-বাপেকৰ সৈতে ৰতনী আহি কিছুদিন ধনবৰহতৰ ঘৰত আছিল। সেই সময়তে দুয়োৰে মাজত প্ৰেমৰ উন্মেষ ঘটে। ধনবৰে ৰতনীৰ নিজৰ হৃদয়ত নিগাজীকৈ ঠাই দিলে। এদিন মাক-বাপেকৰ সৈতে ৰতনী ঘৰলৈ উভতি গ’ল। ৰতনীৰ অনুপস্থিতিত ধনবৰে ব্ৰহ্মপুত্ৰৰ পাৰত বহি কান্দি কান্দি বিলাপ কৰিবলৈ ধৰিলে। ৰতনী যোৱাৰ পাছত ধনবৰৰ বুকু উদং হৈ পৰিল। ৰতনী অবিহনে তেওঁ জীয়াই থাকিবলৈ অপাৰগ হ’ল। সেইবাবে ধনবৰ লুইতৰ বুকুতেই জাহ গ’ল। ধনবৰৰ আত্মজাহে পৃথিবীত শোকৰ বিননি এৰি থৈ গ’ল।

2. ‘ধনবৰ আৰু ৰতনী’ কবিতাটোত ধনবৰে কেনেদৰে বিলাপ কৰিছে?
উত্তৰঃ ধনবৰ আৰু ৰতনী ৰসৰাজ সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাৰ দুটা কাল্পনিক চৰিত্ৰ। ধনবৰ আৰু ৰতনী উভয়ে প্ৰায় ১৬ বছৰীয়া। ধনবৰৰ ঘৰ দিখৌমুখত আৰু ৰতনীৰ ঘৰ ধনশিৰিমুখত। মাক-বাপেকৰ সৈতে ৰতনী ধনশিৰিমুখৰ ঘৰৰ পৰা উজাই আহি কিছুদিন ধনবৰহতৰ ঘৰত আছিল। সেই সময়তে ধনবৰ আৰু ৰতনীৰ মাজত প্ৰেমৰ উন্মেষ ঘটে। ৰতনীয়ে ধনবৰৰ হৃদয়ত নিগাজীকৈ ঠাই পাতি ল’লে। এদিন মাক-বাপেকৰ সৈতে ৰতনী ঘৰলৈ উভতি ভটিয়াই গ’ল। ৰতনীৰ অনুপস্থিতিত ধনবৰে ব্ৰহ্মপুত্ৰৰ পাৰত বহি কান্দি কান্দি বিলাপ কৰিবলৈ ধৰিলে। সমগ্ৰ কবিতাটোতে এনে বিলাপৰ বৰ্ণনা আছে। ৰতনীয়ে ক্ষন্তেকৰ বাবে আহি বুকুৰ মাধুৰি লৈ ধনবৰৰ হৃদয় শূণ্য কৰি মনত শোকৰ সৃষ্টি কৰি গুচি গ’ল। ধনবৰে বিলাপ কৰি কৈছে যে তেওঁ ভিকহুৰো ভিকহু। ৰতনীৰ বাবে অশেষ কষ্ট ত্যাগ কৰিবলৈও তেওঁ ভিকহুৰো ভিকহু ধনবৰ প্ৰস্তুত হৈছে। ৰতনী নোহোৱাত ধনবৰেক কান্দিছে। ৰতনীৰ বেজাৰ ধনবৰে সহিব পৰা নাই। সেয়েহে, বিলাপৰ মাজেৰে ধনবৰে নিজৰ সুপ্ত বেদনাৰ প্ৰকাশ কৰিছে।

READ MORE  অসমৰ পুৰণি খেল-ধেমালি | Chapter 7 | Class 11 Assamese (MIL) - AHSEC

3. গজাতে উৰিল ঐ গঙাৰে চিলনী,
বালিতে উৰিল ঐ ঘোঁৰা,
সেন্দুৰী টিঙতে বহি উটি গ’লে
ৰতনী ধনাইৰ পৰা। —প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ উদ্ধৃতকবিতাফাঁকি আমাৰ পাঠ্যক্ৰম ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত ‘ধনবৰ আৰু ৰতনী’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

কবিয়ে উদ্ধৃতিটোৰ মাজেৰে ধনাইৰ পৰা ৰতনীয়ে দূৰলৈ যোৱাৰ কথা ব্যক্ত কৰিছে।

ৰতনীৰ বিচ্ছেদ ধনাইয়ে সহ্য কৰিব পৰা নাই। ৰতনী নোহোৱাত ধনাইৰ জীৱন নোহোৱা যেন হৈ পৰিছে। ব্ৰহ্মপুত্ৰত কাক লৈ যাব ধনবৰে, সেয়া বিচাৰি উলিয়াব পৰা নাই। ৰতনীৰ পুৰণি স্মৃতিয়ে ধনবৰৰ মনত দোলা দি আছে। ধনবৰে ৰতনীক পাহৰিব পৰা নাই। ৰতনী ধনাইৰ পৰা বহু দূৰলৈ উটি গৈছে বুলি কবি বেজবৰুৱাই উল্লেখ কৰিছে।

4. ফুটুকাৰ তলতে যখিনি ছোৱালী
টুক্‌ টুক্‌ চাপৰি বায়,
ধনাইৰে ছাঁতে ৰতনী নাই ঐ,
কোনে তাৰ মুখলৈ চায়। —প্রসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
উত্তৰঃ উদ্ধৃত কবিতাফাকি আমাৰ পাঠ্যক্ৰম ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত ‘ধনবৰ আৰু ৰতনী’ নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে।

ৰতনী নোহোৱাত ধনবৰৰ মুখত ছাঁ সদৃশ সেতা পৰি যোৱাৰ বৰ্ণনা কবিয়ে দিছে। লুইতৰ শিহু পোৱালিৰ দৰে ৰতনী আকস্মিকভাৱে নোহোৱা হ’ল। ৰতনীৰ মাক-দেউতাকে তাইক লগত লৈ গ’ল। ব্ৰহ্মপুত্ৰৰ বালিচৰত বালিমাহী চৰাইৰ সৈতে ধনবৰে বিনাই আছে। ফুটুকাৰ ফেন স্থায়ী নহয়। ঠিক ফুটুকাৰ ফেনৰ দৰে হঠাতে জীৱনলৈ ৰতনী সোমাই আহি নোহোৱা হ’ল। ধনাইৰ লগত আজিৰ ৰতনী নাই। দুয়োয়ে ইটো-সিটোৰ ছাঁৰ দৰে আছিল। কিন্তু আজি ৰতনী নোহোৱাত ধনবৰৰ মুখত ৰতনীৰ ছাঁ নাই। ধনবৰৰ মুখমণ্ডলত ছাঁসদৃশ বিষাদে আৱৰি ৰাখিছে।

5. ‘ধনবৰ আৰু ৰতনী’ কবিতাটোৰ কাহিনীভাগ সংক্ষেপে বর্ণনা কৰা।
উত্তৰঃ ‘ধনবৰ আৰু ৰতনী’ আখ্যান প্রধান বা বৰ্ণনামূলক গীতৰ অন্তর্গত কাল্পনিক বা মালিতা শ্ৰেণীৰ গীতৰ অন্তৰ্গত। ‘ধনবৰ আৰু ৰতনী’ নামৰ কবিতাটোৰ বৰ্ণনা অনুসৰি ধনবৰ আৰু ৰতনী এহাল প্রেমিক-প্রেমিকা। মালিতাৰ লক্ষণসমৃদ্ধ কবিতাটোত কবিয়ে ধনবৰ অন্তৰৰ দুখ প্ৰকাশ কৰিছে। ইয়াৰ মাজেদি অবিচল প্ৰেমৰ কাৰুণ্য ফুটি উঠিছে। ৰতনী আৰু ধনবৰ উভয়ে প্রায় সমবয়সীয়া গাভৰু আৰু ডেকা। ধনবৰ ঘৰ দিখৌমুখত। মাক-বাপেকৰ সৈতে ৰতনী ধনশিৰি মুখৰ ঘৰৰ পৰা উজাই আহি কিছুদিন ধনবৰহতৰ ঘৰত আছিল। সেই সময়তে ধনবৰ আৰু ৰতনীৰ মাজত প্ৰেমৰ উন্মেষ ঘটে। ৰতনীয়ে ধনবৰৰ হৃদয়ত নিগাজীকৈ ঠাই পাতি ল’লে। এদিন মাক-বাপেকৰে সৈতে ৰতনী ঘৰলৈ উভতি ভটিয়াই গ’ল। ৰতনীৰ অনুপস্থিতিত ধনবৰে ব্ৰহ্মপুত্ৰৰ পাৰত বহি কান্দি কান্দি বিলাপ কৰিবলৈ ধৰিলে। বুকুৰ মাধুৰী লৈ অহা ৰতনীয়ে ধনবৰৰ হৃদয় শূণ্য কৰি গুচি গ’ল। ৰতনী অবিহনে ধনবৰ ধনবৰ জীয়াই থাকিবলৈ অপৰাগ। ৰতনীয়ে সিন্তেকৰ বাবে আহি ধনবৰৰ মনত শোকৰ সৃষ্টি কৰি থৈ গ’ল। ৰতনী যেন ধনবৰৰ কাল শতৰু হৈ পৰিল। ৰতনীৰ বেজাৰত লুইতৰ পাৰত ধনবৰ জহি যাবলৈ ধৰিলে। ধনবৰে অভিমান কৰি ৰতনীক আকৌ উভতি আহিবলৈ কৈছে। কাৰণ ধনবৰ ভিকহুৰো ভিকহু। ধনবৰৰ বাবে ৰতনীয়ে আছিল সৰ্বস্ব। সেয়ে ৰতনীক হেৰুৱাই ধনবৰে লুইতৰ বুকুত এফেৰি ঠাই বিচাৰি নৈত জাপ দিছে। ধনবৰ আত্মজাহে পৃথিৱীত শোকৰ বিননি এৰি থৈ গ’ল।

READ MORE  ধনৰ ব্যৱহাৰ | Chapter 1 | Class 11 Assamese (MIL) - AHSEC

Leave a Comment

error: Content is protected !!
Scroll to Top