বিয়াৰ প্ৰেজেন্ট

বিয়াৰ প্ৰেজেন্ট | Chapter 9 | Class 11 Assamese (MIL) – AHSEC

বিয়াৰ প্ৰেজেন্ট | Chapter 9 | Class 11 Assamese (MIL) Question and Answer | Assam Class 11 Assamese (MIL) Solutions | AHSEC Class 11 HS Assamese (MIL) Chapter 9 Notes | AHSEC Class 11 HS Assamese (MIL) Chapter 9 Question and Answer | Questions and Answers for Class 11 Assamese (MIL) Chapter 9 বিয়াৰ প্ৰেজেন্ট | HS 1st Year Assamese (MIL) Questions and Answers Assam


বিয়াৰ প্ৰেজেন্ট
(চৈয়দ আব্দুল মালিক)

অতি চমু প্রশ্ন (মূল্যাংক: ১)

1. ‘বিয়াৰ প্ৰেজেন্ট’ গল্পটোত থকা অসুখ হোৱা ছোৱালীজনীৰ নাম কি?
উত্তৰঃ বিনীতা।

2. চৈয়দ আব্দুল মালিকে ৰচনা কৰা এখন ভ্রমণ কাহিনী নাম লিখা।
উত্তৰঃ মাজত মাথোঁ হিমালয়।

3. চৈয়দ আব্দুল মালিকৰ প্ৰথম প্ৰকাশিত চুটিগল্পৰ পুথিখনৰ নাম কি?
উত্তৰ: পৰশমণি।

4. জ্যোতিপ্ৰসাদ আগৰৱালাৰ জীৱনক কেন্দ্ৰ কৰি চৈয়দ আব্দুল মালিকে ৰচনা কৰা উপন্যাসখনৰ নাম কি?
উত্তৰঃ ‘ৰূপতীৰ্থৰ যাত্ৰী।

5. কোনখন উপন্যাসৰ বাবে চৈয়দ আব্দুল মালিকে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল?
উত্তৰঃ ‘অঘৰী আত্মাৰ কাহিনী’ উপন্যাসখনৰ বাবে চৈয়দ আব্দুল মালিকে ১৯৭২ চনত সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল।

চমু প্রশ্ন (মূল্যাংক: ২/৩)

1. নাজিয়াই কাৰ বিয়া খাবলৈ গৈছিল?
উত্তৰঃ নাজিয়াই মোমায়েকৰ জীয়েকৰ বিয়া খাবলৈ গৈছিল।

2. “আমাৰ দুজন একেলগে বিয়ালৈ যোৱাটো উচিত নহ’ব’- ‘আমাৰ দুজন’ বুলি ইয়াত কাৰ কথা কোৱা হৈছে?
উত্তৰঃ ‘আমাৰ দুজন’ বুলি ইয়াত নাজিয়া আৰু তেওঁৰ স্বামীৰ কথা কোৱা হৈছে।

3. “তেৱেঁই আগবাঢ়ি আহিল আৰু মোৰ মুখলৈ চাই সুধিলে – ‘আমাৰ তাৰে নোহোৱানে’?” —কোনে, কাক কথাষাৰ সুধিছিল?
উত্তৰঃ এই কথাষাৰ বিনীতাৰ দেউতাক কনকেশ্বৰ ঠাকুৰে নাজিয়াক সুধিছিল।

4. কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ অপাৰেচন কৰাবলৈ ক’ৰ পৰা পইচা পালে?
উত্তৰঃ নাজিয়াই টাউনত থকা মোমায়েকৰ জীয়েকৰ বিয়ালৈ যাওঁতে বাছ ষ্টেচনত কনকেশ্বৰ ঠাকুৰক লগ পালে। তেওঁ সৰু ছোৱালীজনী বিনীতাৰ অসুখৰ বাবে চৰকাৰী হস্পিতালত আনিছিল যদিও হঠাৎ অপাৰেচন কৰিব লগা হোৱাত পইচা অলপ যোগাৰ কৰিবলৈ হতাশ মনেৰে গাঁৱলৈ যাবলৈ ওলাইছিল। কিন্তু নাজিয়াই কনকেশ্বৰ ঠাকুৰৰ বিপদৰ কথা শুনি বিয়ালৈ নগৈ টকা এশ দি অপাৰেচন কৰাবলৈ কৈছিল আৰু এনেকৈয়ে কনকেশ্বৰ ঠাকুৰে তেওঁৰ কন্যা বিনীতাৰ অপাৰেচন কৰাবলৈ পইচা পাইছিল।

READ MORE  ৰাজপথ | Chapter 15 | Class 11 Assamese (MIL) - AHSEC

5. নাজিয়াই কিয় হস্পিতাললৈ যাবলগীয়া হ’ল?
উত্তৰঃ নাজিয়াই টাউনত তাইৰ মোমায়েকৰ জীয়েকৰ বিয়ালৈ যাওঁতে বাছ ষ্টেচনত একে গাঁৱৰে কনকেশ্বৰ ঠাকুৰক লগ পাইছিল। তেওঁ সৰু ছোৱালী বিনীতাৰ অসুখ হোৱা বাবে হস্পিতাললৈ আনিছিল যদিও পইচাৰ টনা-টনি হোৱাত গাঁৱলৈ গৈ পইচা অলপ যোগাৰ কৰাৰ কথা ভাবিছিল। কিন্তু বাটতে নাজিয়াক লগ পোৱাত নাজিয়াই বিনীতাৰ অৱস্থাৰ কথা শুনি বিয়াখনলৈ নগৈ সেই পইচাখিনিৰে বিনীতাক সহায় কৰিবলৈ হস্পিতাললৈ গৈছিল।

দীঘল প্রশ্ন (মূল্যাংক: ৪/৫)

1. কি পৰিস্থিতিৰ বাবে নাজিয়াই বিয়ালৈ বুলি ওলাই বিয়ালৈ নগ’ল?
উত্তৰ: আৰ্থিক অনাটনৰ জুৰুলা নাজিয়াই মোমায়েকৰ ছোৱালীৰ বিয়াত যাবলৈ কিবাকৈ টকা অলপ যোগাৰ কৰিছিল যদিও টাউনলৈ গৈ বাছ ষ্টেচনত একে গাঁৱৰে কনকেশ্বৰ ঠাকুৰে জীয়েকৰ অসুখৰ বাবে টকা যোগাৰ কৰিব নোৱাৰি একপ্ৰকাৰ দিশহাৰা হৈ পৰিছিল। সেইকাৰণে নাজিয়াই তাইৰ হাতত থকা টকা অলপ দি সহায় কৰাৰ বাবে বিয়ালৈ যাব নোৱাৰিলে।

2. নাজিয়াই বিয়ালৈ কিয় অকলে গৈছিল?
উত্তৰঃ নাজিয়াৰ মোমায়েকৰ জীয়েকৰ বিয়ালৈ পতি-পত্নী দুয়োৰে যাবলৈ মন আছিল। আনহাতে চকুত লগা এটা উপহাৰ দিয়াৰো প্ৰৱল হেঁপাহ আছিল। কিন্তু নাজিয়াৰ পৰিয়ালটোৱে আৰ্থিক সীমাবদ্ধতাৰ বাবে প্ৰতিটো খুজতে অত্যাধিক হিচাপ-নিকাচৰ মাজেৰে চলিবলগীয়া হয়। সেইকাৰণে আৰ্থিক অনাটনৰ বাবে নাজিয়াই অকলে বিয়ালৈ গৈছিল।

3. বিনীতাৰ অপাৰেচন কেনেদৰে ততাতৈয়াকৈ হৈ গ’ল বৰ্ণনা কৰা।
উত্তৰঃ নাজিয়াই মোমায়েকৰ জীয়েকৰ বিয়ালৈ বুলি টাউনলৈ গৈ বাছ ষ্টেচনত একে গাঁৱৰে কনকেশ্বৰ ঠাকুৰক লগ পালে। কনকেশ্বৰ ঠাকুৰে সৰুজনী ছোৱালী বিনীতাৰ অসুখৰ বাবে হস্পিতালত ভৰ্তি কৰিছিল। ডাক্তৰে তাইক আজিয়েই অপাৰেচন কৰিবলৈ কৈছে আৰু দুৰ্বল হোৱা বাবে তেজো কেইবটলমান দিব লাগিব। কিন্তু আৰ্থিকভাৱে দুৰ্বল কনকেশ্বৰ ঠাকুৰে টকা-পইচাৰ যোগাৰ কৰিবলৈ গাঁৱলৈ যাব বুলি বাছ আস্থানলৈ যাওঁতে নাজিয়াক লগ পালে। নাজিয়াই কনকেশ্বৰ ঠাকুৰৰ মুখত সকলো কথা শুনি বিয়ালৈ নগৈ হস্পিতাললৈ গ’ল আৰু টকা এশ ঠাকুৰৰ হাতত দি অপাৰেচনৰ দিহা কৰিবলৈ দিলে। আৰু এনেদৰে নাজিয়াৰ সহায়ৰ বাবে বিনীতাৰ অপাৰেচন ততাতৈয়াকৈ হৈ গ’ল আৰু বিনীতাও সুস্থ হৈ উঠিল।

READ MORE  ধনবৰ আৰু ৰতনী | Chapter 12 | Class 11 Assamese (MIL) - AHSEC

4. কি পৰিস্থিতিত কনকেশ্বৰ ঠাকুৰে নাজিয়াক লগ পাইছিল?
উত্তৰঃ নাজিয়াই টাউনত থকা মোমায়েকৰ জীয়েকৰ বিয়ালৈ যাওঁতে বাছ ষ্টেচনত কনকেশ্বৰ ঠাকুৰক লগ পোৱাত কনকেশ্বৰ ঠাকুৰে নিজেই আহি নাজিয়াক মাত লগাইছিল। নাজিয়াইও একে গাঁৱৰে কনকেশ্বৰ ঠাকুৰক লগ পাই কি কাৰণত টাউনলৈ আহিলে সকলো কথা কনকেশ্বৰ ঠাকুৰৰ পৰা জানিব পাৰিলে। কনকেশ্বৰ ঠাকুৰে জীয়েকৰ অসুখৰ বাবে টকা যোগাৰ কৰিব নোৱাৰি হতাশ হোৱা পৰিস্থিতিতেই নাজিয়াই তেওঁলোকৰ পৰিয়াললৈ আশাৰ কিৰণ হৈ আহিছিল।

5. ‘বিয়াৰ প্ৰেজেন্ট’ গল্পটোত মানৱতাবোধৰ প্ৰকাশ কিদৰে ঘটিছে আলোচনা কৰা।
উত্তৰঃ চৈয়দ আব্দুল মালিকদেৱৰ ‘বিয়াৰ প্ৰেজেন্ট’ গল্পটোত নাজিয়া চৰিত্ৰটিৰ যোগেদি মানৱতাবোধ প্ৰকাশ পাইছে।

মানৱতাবোধ মানে আমি ইজনে সিজনক বিপদৰ সময়ত কৰা সহায়। মানৱতাবোধত কেতিয়াও প্রতিদান থাকিব নালাগে। বিনা প্রতিদানত সহায় আগবঢ়োৱাটোৱেই প্ৰকৃত মানৱতাবোধ।

নাজিয়াই আর্থিক অনাটনৰ বাবেই খুব কষ্টেৰে টকা কেইটামান যোগাৰ কৰি মোমায়েকৰ ছোৱালীৰ বিয়ালৈ যাব বুলি টাউনত গৈ উপস্থিত হৈছিল যদিও হঠাতে টাউনৰ বাছ ষ্টেচনত একে গাঁৱৰে কনকেশ্বৰ ঠাকুৰক লগ পালে। কনকেশ্বৰ ঠাকুৰে সৰু ছোৱালী বিনীতাৰ কঠিন নৰিয়া হেতুকে টাউনৰ চৰকাৰী হস্পিতালত থৈছিল। কিন্তু ডাক্তৰে লগে লগে অপাৰেচন কৰিবলৈ কোৱাত আৰ্থিক অনাটনত জুৰুলা কনকেশ্বৰ ঠাকুৰ একপ্ৰকাৰ জুৰুলা হৈ পৰিছিল। হঠাতে নাজিয়াক লগ পোৱাত নাজিয়াই কনকেশ্বৰ ঠাকুৰৰ মুখত সকলো কথা শুনি বিয়ালৈ নগৈ সেই পইচাখিনি বিনীতাৰ অপাৰেচনৰ খৰচ হিচাপে দি প্ৰকৃত মানৱতাবোধৰ পৰিচয় দিছিল। আৰু এই মানৱতাবোধেই হ’ল গল্পটোৰ মূল বার্তা।

Leave a Comment

error: Content is protected !!
Scroll to Top