অসমৰ পুৰণি খেল-ধেমালি

অসমৰ পুৰণি খেল-ধেমালি | Chapter 7 | Class 11 Assamese (MIL) – AHSEC

অসমৰ পুৰণি খেল-ধেমালি | Chapter 7 | Class 11 Assamese (MIL) Question and Answer | Assam Class 11 Assamese (MIL) Solutions | AHSEC Class 11 HS Assamese (MIL) Chapter 7 Notes | AHSEC Class 11 HS Assamese (MIL) Chapter 7 Question and Answer | Questions and Answers for Class 11 Assamese (MIL) Chapter 7 অসমৰ পুৰণি খেল-ধেমালি | HS 1st Year Assamese (MIL) Questions and Answers Assam


অসমৰ পুৰণি খেল-ধেমালি
(সুবোধ মল্ল বৰুৱা)

অতি চমু প্রশ্ন (মূল্যাংক: ১)

1. বিশ্বৰ সবাতোকৈ জনপ্ৰিয় ফুটবল খেলক চীনত তাহানি কি আখ্যা দিছিল?
উত্তৰঃ ছু-চু বুলি আখ্যা দিছিল।

2. ‘বিহু আকৌ আহিল’ গ্ৰন্থখন কোনে ৰচনা কৰিছিল?
উত্তৰঃ হেমবৰগোহাঞিয়ে ‘বিহু আকৌ আহিল’ নামৰ গ্ৰন্থখন ৰচনা কৰিছিল।

3. ক্রীড়া কি?
উত্তৰঃ ক্ৰীড়া হ’ল এক আনন্দ, শাৰীৰিক আৰু মানসিক সক্ষমতাৰ চূড়ান্ত প্রকাশ।

4. চীনত ছু-চু খেলৰ প্ৰচলন থকাৰ সময়ত অসমত কি কি খেলৰ প্রচলন আছিল?
উত্তৰঃ কণী যুঁজ, কড়ি যুজ ইত্যাদি।

5. প্রথম আহোম ৰজাজনৰ নাম কি আছিল?
উত্তৰঃ প্রথম আহোম ৰজাজনৰ নাম আছিল ‘চ্যুকাফা’।

চমু প্রশ্ন (মূল্যাংক: ২/৩)

1. ইণ্ডিজেনাছ গেমছ কোনে, ক’ত কেতিয়া অনুষ্ঠিত কৰিছিল?
উত্তৰঃ ইণ্ডিজেনাছ গেমছ ১৯৮৯ চনত ভাৰতীয় ক্রীড়া প্ৰাধিকৰণ অথবা ছাইৰ তৰফৰ পৰা শিৱসাগৰৰ ঐতিহ্যমণ্ডিত ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হৈছিল।

2. ৰংঘৰৰ বাকৰিত অনুষ্ঠিত হোৱা খেলসমুহৰ নাম লিখা।
উত্তৰঃ ম’হ যুজঁ, বাঘ-ভালুকৰ যুজঁ, হাতী যুজঁ, আদি ৰংঘৰৰ সন্মুখত অনুষ্ঠিত হৈছিল।

3. ‘ফুল-ফুলতী’ খেল কিদৰে খেলা হয়, পাঠৰ আধাৰত লিখা।
উত্তৰঃ ‘ফুল-ফুলতী খেল ছোৱালীৰ মাজত আৱদ্ধ আৰু সমাজ জীৱনত যথেষ্ট সমাদৃত। এই খেলত সৰু-সৰু বল বা গুটিৰে শাৰী সজোৱা হয়। প্ৰতিটো শাৰীত সমান গুটি ৰাখিব লাগে আৰু প্ৰতিটো গুটিৰ ব্যৱধানো সমান হ’ব লাগে। ইয়াৰ পিছতো প্ৰতিজন অংশ গ্ৰহণ কৰিয়ে গুটিৰ চাৰিওপিনে এটা বৃত্ত আঁকিব লাগিব। এনেদৰে বৃত্ত আকোঁতে কোনো প্রতিযোগিয়ে যদি গুটি স্পৰ্শ কৰে তেন্তে তেওঁক খেলৰ বাহিৰ হোৱা বুলি ধৰা হয়।

READ MORE  বিয়াৰ প্ৰেজেন্ট | Chapter 9 | Class 11 Assamese (MIL) - AHSEC

4. বৰপেটা অঞ্চলত প্ৰচলিত থলুৱা খেলসমূহ কি কি?
উত্তৰঃ বৰপেটা অঞ্চলৰ জনসাধাৰণৰ মাজত বহুবাৰ থলুৱা খেলৰ প্ৰচলন আছিল। এইসমূহৰ ভিতৰত গন্ধ হাউ, লালী, ফূর্তি বা গোল্লা, হাফলা, মিলা, ৰছী টনা, কুকুৰা যুঁজ, টাংগুটি, ভটা-গুটি, মুঠি ভটা, বামবোল, মংগল পাঠা, হাতবল, বৈঠাবল, তিনিঠেঙীয়া দৌৰ টেকেলি ভঙা, গছ কপটি, থাটি কপটি আদিৰ কথা বিশেষভাৱে উল্লেখযোগ্য।

5. ঢোপ খেলৰ প্ৰচলন ক’ত, কেনেকৈ হৈছিল বৰ্ণনা কৰা।
উত্তৰঃ ঢোপ খেলৰ জন্ম ক’ত, হৈছিল সেয়া কোনেও ক’ব নোৱাৰে। এইবিধ খেল যে আহোম যুগতো জনপ্রিয় আছিল তাৰ অলেখ উদাহৰণ পোৱা যায়। ব্ৰিটিছ ৰাজত্বৰ শেষছোঁৱাত তেজপুৰৰ পৰা আঠ কিলোমিটাৰ দূৰৰ মোদীৰ ঢেকেৰিপাৰ নামৰ বৃহৎ বাকৰি এখনত এইবিধ খেলৰ সমাৰোহ অনুষ্ঠিত হৈছিল। পিছত কোকৰাঝাৰৰ বিনোদ ব্ৰহ্ম নামৰ এগৰাকী খেলুৱৈয়ে এইবিধ খেল জনপ্ৰিয় কৰি তোমাৰ বাবে প্ৰয়াস কৰিলেও ই সফল নহ’ল। আমাৰ থলুৱা খেলবিলাক একত্ৰিত কৰি ইয়াক জনমানসত প্ৰতিষ্ঠিত কৰাৰ বাবে ভাৰত চৰকাৰৰ তৰফৰ পৰা ১৯৮৯ চনত ইণ্ডিজেনাছ গেমছ নাম দি ক্ৰীড়া সমাৰোহৰ আয়োজন কৰিছিল। ইণ্ডিজেনাছ গেমছৰ সৈতে সম্পৰ্ক ৰখা ঢোপ খেলৰ সৈতে বৰপেটা অঞ্চলৰ ঐতিহ্যমণ্ডিত ঢেমনা অনা খেলৰ অনেক মিল পোৱা যায়।

দীঘল প্রশ্ন (মূল্যাংক: ৪/৫)

1. পুৰণি কালত বিহুৰ সময়ত কেনে ধৰণৰ খেল অনুষ্ঠিত হৈছিল?
উত্তৰঃ পুৰণি কালত বিহুৰ সময়ত নৈ, পুখুৰী আদিত নাওখেল অনুষ্ঠিত হৈছিল। একেদৰে কিছুমান পাহোৱাল ডেকা ল’ৰাই মালযুঁজত ভাগ লৈছিল। এই মালযুক্ত বৰ্তমান ৰেষ্টলিং অথবা মল্লযুদ্ধৰ লেখীয়া আছিল।

2. অহোম যুগৰ আটাইতকৈ জনপ্ৰিয় খেলবিধ কি? এই খেল সম্পর্কে চমুকৈ লিখা।
উত্তৰঃ আহোম যুগৰ আটাইতকৈ জনপ্ৰিয় খেলবিধ হৈছে – শেন আৰু কনুৱাৰ খেল।
শেন আৰু কনুৱাৰ খেলৰ বাবে স্থাপন কৰা হৈছিল চৰাইচোং। ছয়-সাতখন মুকলি খেল পথাৰত লৈ চিহ্নিত কৰা হৈছিল চৰাইচোঙক। শেন মেলাত অংশ লোৱা শেন চৰাইক প্রশিক্ষসকলে দিয়া অভিনৱ প্ৰশিক্ষণ মন কৰিবলগীয়া আছিল। বিশেষকৈ খেলৰ মাজত শেন চৰাইটোৱে কনুৱাক বধ কৰি ঠোঁটেৰে কামুৰি আকাশলৈ গৈ অভিনৱ ছন্দেৰে খৰলুটি মাৰি তললৈ নামি অহাৰ দৃশ্য চাই থাকিবলগীয়া আছিল।

READ MORE  কিতাপৰ কথা | Chapter 4 | Class 11 Assamese (MIL) - AHSEC

3. আহোম যুগত কোন ৰজাৰ দিনত ক্ৰীড়াই সর্বাধিক পৃষ্ঠপোষকতা পাইছিল? তেওঁ খেলৰ প্ৰতি থকা মোহ কেনেদৰে প্ৰকাশ পাইছিল, তাৰ এটি চমু বর্ণনা দিয়া।
উত্তৰঃ আহোম যুগত ক্রীড়াই সর্বাধিক পৃষ্ঠপোষকতা পাইছিল স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনত। আহোম ৰাজ্যৰ বিভিন্ন অঞ্চলত পুখুৰী খান্দি জলক্রীড়াৰ প্ৰতি (সাঁতোৰ আদি) জনসাধাৰণক আকৃষ্ট কৰিছিল। অৱশ্যে তেওঁ পেভিলিয়ন সদৃশ মঞ্চ নিৰ্মান কৰিও খেলৰ প্ৰতি থকা তেওঁৰ মোহ প্ৰকাশ কৰিছিল। তেওঁ ১৫-১৬ হাতৰ শালকাঠৰ খুটাৰে এই পেভিলিয়ন সদৃশ মঞ্চ নিৰ্মান কৰিছিল।

4. ঢেমনা অনা খেল কোন অঞ্চলত প্ৰচলিত? খেলবিধৰ সম্পৰ্কে চমুকৈ লিখা।
উত্তৰঃ ঢেমনা অনা খেল বৰপেটাত অঞ্চলত প্ৰচলিত। ঢেমনা অনা খেল সাধাৰণতে শীতকালত অনুষ্ঠিত হৈছিল। বৰপেটা অঞ্চলত ঢেমনা অনাৰ অৰ্থ হ’ল কোনো বিপত্নীকে বাৰী তিৰোতাক পত্নী ৰূপে অনা। দুটা দলৰ মাজত অনুষ্ঠিত এইবিধ খেলত এটা দলত ৪ জনৰ পৰা ১০ জন বা ততোধিক খেলুৱৈ থাকে। বয়সৰ তাৰতম্য লৈও খেলুৱৈৰ সংখ্যা কম-বেছি কৰা হয়। খেলৰ সঁজুলি হিচাপে এটা বল ব্যৱহাৰ কৰা হয়। এই খেলত ব্যৱহাৰ কৰা বলটো দুয়োটা দলে দলিওৱাৰ পাছত যিটো দলে অধিক ঢেমনা আনিব, সেই দলটোৱেই বিজয়ী হ’ব।

Leave a Comment

error: Content is protected !!
Scroll to Top