গিবন

গিবন | Chapter 5 | Class 11 Assamese (MIL) – AHSEC

গিবন | Chapter 5 | Class 11 Assamese (MIL) Question and Answer | Assam Class 11 Assamese (MIL) Solutions | AHSEC Class 11 HS Assamese (MIL) Chapter 5 Notes | AHSEC Class 11 HS Assamese (MIL) Chapter 5 Question and Answer | Questions and Answers for Class 11 Assamese (MIL) Chapter 5 গিবন | HS 1st Year Assamese (MIL) Questions and Answers Assam


গিবন
(হোমেন বৰগোহাঞি)

অতি চমু প্রশ্ন (মূল্যাংক: ১)

1. ‘আলেকজেন্দ্ৰিয়ান কোৱাৰ্টেট’ নামৰ উপন্যাস মালাৰ লেখক কোন আছিল?
উত্তৰঃ ডাৰেল।

2. এডৱাৰ্ড গিবনে ৰচনা কৰা প্ৰখ্যাত গ্রন্থ এখনৰ নাম লিখা।
উত্তৰঃ “The History of the decline and Fall of the Roman Empire.”

3. এডৱাৰ্ড গিবন কোন আছিল?
উত্তৰঃ এডৱাৰ্ড গিবন বিশ্বৰ এগৰাকী ঐতিহাসিক আৰু লেখক আছিল।

4. শ্বপেনহাৱাৰ কোন আছিল?
উত্তৰঃ এগৰাকী বিখ্যাত জার্মান দার্শনিক।

5. এডৱাৰ্ড গিবনে অধ্যয়ন কৰা কলেজখনৰ নাম লিখা।
উত্তৰঃ অক্সফোর্ড মেগডালেন কলেজ।

চমু প্রশ্ন (মূল্যাংক: ২/৩)

1. যৌৱন কালত এডৱাৰ্ড গিবন কোনখন দেশৰ, কোনখন চহৰৰ বাসিন্দা আছিল?
উত্তৰঃ যৌৱন কালত এডৱাৰ্ড গিবন ছুইজাৰলেণ্ডৰ লুছাঁন চহৰৰ বাসিন্দা আছিল।

2. গিবনৰ সম্পূৰ্ণ নামটো কি আছিল?তেওঁ কোন শতিকাৰ লেখক আছিল?
উত্তৰঃ গিবনৰ সম্পূৰ্ণ নাম এডৱাৰ্ড গিবন। তেওঁ সপ্তদশ শতিকাৰ লেখক আছিল।

3. জন মিল্টন কোন শতিকাৰ কবি আছিল? তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম লিখা।
উত্তৰঃ জন মিল্টন সপ্তদশ শতিকাৰ কবি আছিল। তেওঁ ৰচনা কৰা বিখ্যাত মহাকাব্যখনৰ নাম ‘পেৰাডাইজ লষ্ট’।

4. ‘Age of Reason’ নামৰ গ্ৰন্থখন কোনে কেতিয়া ৰচনা কৰিছিল?
উত্তৰ: ‘Age of Reason’ নামৰ গ্ৰন্থখন অষ্টদশ শতিকাৰ থমাছ পেইনে ৰচনা কৰিছিল। এই গ্ৰন্থখন ১৭৯০ চনত প্ৰকাশিত হৈছিল।

READ MORE  অসমৰ পুৰণি খেল-ধেমালি | Chapter 7 | Class 11 Assamese (MIL) - AHSEC

5. দাৰ্শনিক ৰুছোৱে ৰচনা কৰা দুখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ ‘The Social contract’ আৰু Confessions’।

দীঘল প্রশ্ন : (মূল্যাংক – ৪/৫)

1. ভলতেয়াৰ। —চমু টোকা লিখা।
উত্তৰঃ ভলতেয়াৰ অষ্টাদশ শতিকাৰ ফ্ৰান্সৰ এগৰাকী বিখ্যাত লেখক দার্শনিক। তেওঁ মূলতঃ ব্যংগাত্মক ৰচনাৰ বাবে প্ৰসিদ্ধ। সমকালীন ফ্ৰান্সৰ বিভিন্ন দিশৰ ওপৰত তেওঁ আলোকপাত কৰি লিখা ব্যংগাত্মক লেখাসমূহ ফৰাছী সাহিত্যৰ অমূল্য সম্পদ। ‘কান্দিদ’ তেওঁৰ দ্ধাৰা ৰচিত ব্যংগাত্মক উপন্যাস। ভলতেয়াৰ ফৰাছী বিপ্লৱ আদৰ্শৰ অন্যতম অনুপ্ৰেৰণাকাৰি।

2. শ্বপেনহাৱাৰ। —চমু টোকা লিখা।
উত্তৰঃ এওঁ গৰাকী বিখ্যাত জার্মান দার্শনিক (১৭৮৮-১৮৬০)। তেওঁৰ নন্দনতাত্বিক, নৈতিক আৰু মনোবৈজ্ঞানিক লিখনিসমূহে উনবিংশ আৰু বিংশ শতিকাৰ চিন্তানায়ক আৰু শিল্পীসকলক বাৰুকৈয়ে প্ৰভাৱিত কৰিছিল। শ্বপেনহাৱাৰ বিশেষকৈ ‘নাস্তিক নিৰাশাবাদ’ দৰ্শনৰ বাবে প্ৰসিদ্ধ আছিল। ‘The World as Will and Representation’ তেওঁৰ বিখ্যাত ৰচনা।

3. এডৱাৰ্ড গিবনৰ চমু পৰিচয় দিয়া।
উত্তৰঃ এডৱাৰ্ড গিবনৰ ১৭৩৭ চনত ইংলেণ্ডত জন্ম হৈছিল। ছাত্র অৱস্থাত অসাধাৰণ প্ৰতিভাৰ বিশেষ পৰিচয় দিব নোৱাৰিলে ও পৰৱৰ্তীকালত বিশ্বৰ এগৰাকী ঐতিহাসিক আৰু লেখকৰূপে খ্যাতি লাভ কৰিছিল। এডৱাৰ্ড গিবন এগৰাকী প্ৰখ্যাত বুৰঞ্জীবিদ আৰু সাংসদ আছিল। তেওঁ ১৭৮১ চনৰ পৰা ১৭৮৪ চনলৈ ব্ৰিটিছ সংসদৰ সদস্য হিচাপে দায়িত্ব পালন কৰিছিল। গিবনৰ অমৰ কীৰ্তি হ’ল ‘The History of the Decline and Fall of the Roman Empire’ I শক্তিশালী আৰু ব্যতিক্ৰমী গদ্যশৈলীৰ বাবে গিবন আজিও বিখ্যাত।

4. এডৱাৰ্ড গিবনে ক’ত কিদৰে শিক্ষা গ্ৰহণ কৰিছিল, বুজাই লিখা।
উত্তৰঃ এডৱাৰ্ড গিবনে পোন্ধৰ বছৰ বয়সত এক্সফোর্ডৰ মেগডালেন কলেজত ভৰ্তি হৈছিল যদিও সেই সময়ত জগত বিখ্যাত অক্সফোর্ড বিশ্ববিদ্যালয়ৰ অতি শোচনীয় অৱস্থা আছিল। পঢ়া শুনা নাই বুলিয়েই ক’ব পাৰি। কিন্তু অধ্যাপকসকলৰ পৰা বিশেষ সহায় নাপালেও গিবনে নিজে প্ৰচুৰ কিতাপ পঢ়িছিল। গিবনে অক্সফোর্ডত থাকোতেই প্রটেষ্টান্ট ধর্মমত ত্যাগ কৰি ৰোমান কেথলিক ধর্মমত দীক্ষিত হ’বলৈ মন মেলাত তেওঁৰ মতি-গতি দেখি অভিভাৱকসকল আতংকিত হৈ তেওঁক কলেজৰ পৰা নাম কটাই জোৰকৈ ছুইজাৰলেণ্ডৰ লুছাঁন চহৰলৈ পঠাই দিছিল। লুছাঁনত থকা সৰ্বশ্ৰেষ্ঠ বছৰকেইটা গিবনে নোপোৱা হ’লে গিবন আজি গিবন হ’লহেঁতেন নে নাই সেই বিষয়ে সন্দেহ আছে।

READ MORE  কেম্ব্ৰিজৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষানুষ্ঠান | Chapter 6 | Class 11 Assamese (MIL) - AHSEC

5. এডৱাৰ্ড গিবনে ৰচনা কৰা ৰোমান সাম্ৰাজ্যৰ ইতিহাস বিষয়ক গ্ৰন্থখনৰ চমু পৰিচয় দাঙি ধৰা।
উত্তৰঃ এডৱাৰ্ড গিবনে ৰচনা কৰা ৰোমান সাম্ৰাজ্যৰ ইতিহাস বিষয়ক গ্ৰন্থখন সাতটা খণ্ডত সমাপ্ত। এই বিপুলায়তন ইতিহাস গ্রন্থই সম্রাট এণ্টনিনেছৰ ৰাজত্বকলৰ পৰা আৰম্ভ কৰি তুৰ্কীসকলৰ দ্বাৰা কনষ্টাণ্টিনপলৰ অধিকাৰৰ সময়লৈকে সুদীৰ্ঘ চৌধ্যটা শতাব্দী সামৰি লৈছে। ৰোমান সাম্ৰাজ্যৰ অৱক্ষয়ৰ সূচনা, খ্ৰীষ্টিয়ানিটিৰ উত্থান, ইছলামৰ বিজয় অভিজান, ইউৰোপত জাতীয় ৰাষ্ট্ৰ গঠনৰ আৰম্ভণি আদি পৃথিৱীৰ ইতিহাস তোলপাৰ লগোৱা অজস্ৰ যুগান্তকাৰী ঘটনা ঘটিছিল এই চৌধ্যটা শতাব্দীত। এনে এখন গ্ৰন্থৰ লেখক গিবনৰ ব্যক্তিত্বই কিদৰে গঢ় লৈছিল তাৰো বৰ্ণনা আছে প্ৰবন্ধটোত। ৰোমান সাম্ৰাজ্যৰ ইতিহাস গ্রন্থখনৰ ইংৰাজী মূল গ্ৰন্থখন হ’ল ‘The History of the Decline and Fall of the Roman Empire.’

6. প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
“যিসকল লেখকে সমগ্ৰ জীৱন ধৰি এখন মাত্ৰ মহৎ গ্ৰন্থ ৰচনাৰ সাধনাত ব্ৰতী হৈ থাকে, তেওঁলোকে সেই গ্ৰন্থ ৰচনাৰ সমাপ্তিৰ পিছত এক বিশেষ ধৰণৰ শূন্যতা অনুভৱ কৰে।”
উত্তৰঃ উক্ত কথাকেইশাৰী আমাৰ পাঠ্যপুথি ‘সাহিত্য সৌৰভ’ৰ অন্তৰ্গত হোমেন বৰগোহাঞি দেৱৰ ৰচিত ‘গিবন’ নামৰ পাঠটিৰ পৰা তুলি দিয়া হৈছে।

ইয়াত লেখক বিশিষ্ট সাহিত্যিক হোমেন বৰগোহাঞিদেৱে এডৱাৰ্ড গিবন নামৰ শ্ৰেষ্ঠ ইতিহাসবিদজনৰ জীৱনৰ মাজেৰে ; জীৱনত অৰ্থপূৰ্ণ সৃষ্টি কৰিবলৈ হ’ল যে অধ্যৱসায়, পৰিশ্ৰম আৰু সাধনাৰ প্ৰয়োজন সেই কথাটো ক’ব বিচাৰিছে।

এডৱাৰ্ড গিবনে তেওঁৰ জীৱনত শ্ৰেষ্ঠ কীর্তি ‘ডি ডিক্লাইন এণ্ড ফল অব ৰোমান এম্পায়াৰ’ নামৰ সাতটা খণ্ডৰ বোৰঞ্জীখন ৰচনা কৰিবলৈ যাওঁতে কেনে ধৰণৰ কষ্ট কৰিছিল তাৰ আভাস ইয়াত দিছে। এই গ্ৰন্থখনত তেওঁ চৈধ্যটা শতিকা জুৰি বিৰাজমান ৰোমান সাম্ৰাজ্যৰ বিশাল ইতিহাস ৰচনা কৰিছিল।

গ্ৰন্থখনত তেওঁ সম্রাট এণ্টনিঅ’ৰ ৰাজত্বকালৰ পৰা কনষ্টাণ্টিনপলৰ পটনলৈকে সুদীৰ্ঘ চৈধ্যশ বছৰীয়া কালছোৱাৰ ইতিহাস প্রণয়ন কৰিছে। সুদীৰ্ঘ সোতৰ বছৰ কঠিন শ্রম কৰি যেতিয়া তেওঁ গ্ৰন্থখন সমাপ্ত কৰিলে, তাৰ পিছত যেন তেওঁৰ মূৰৰ বোজা নাইকিয়া হ’ল সেই কাৰণে সুদীৰ্ঘ সোতৰ বছৰ কঠিন শ্ৰম কৰি গ্ৰন্থ ৰচনাৰ সমাপ্তিৰ পিছত গিবনে এক বিশেষ ধৰণৰ শূন্যতা অনুভৱ কৰিছিল।

READ MORE  লাচিত ফুকন | Chapter | Class 14 Assamese (MIL) - AHSEC

Leave a Comment

error: Content is protected !!
Scroll to Top