আমাৰ ছাৰ | Chapter 11 | Class 12 Advance Assamese Question and Answer | Assam Class 12 Advance Assamese Solutions | AHSEC Class 12 HS Advance Assamese Chapter 11 Notes | SEBA Class 12 HS Advance Assamese Chapter 11 Question and Answer | Questions and Answers for Class 12 Advance Assamese Chapter 11 আমাৰ ছাৰ | HS 2nd Year Advance Assamese Questions and Answers Assam


আমাৰ ছাৰ
(যোগেশ দাস)

Very Short Type Questions and Answers (Marks : 1/2)

1. ‘মই জানাে তহঁতক তাহানিখনৰ দৰেই দেখি থকা নাই।’ –কথাষাৰ কোনে কৈছিল?
উত্তৰঃ ছাৰে প্ৰাক্তব ছাত্ৰ কেইজনমানক কৈছিল।

2. স্কুলৰ চকীদাৰ জনৰ নাক কি?
উত্তৰঃ ধৰণী।

3. ‘মিনু-ৰ দৰাজনে কি কাম কৰিছিল?
উত্তৰঃ কলেজৰ লেকচাৰাৰ কাম কৰিছিল।

4. ছাৰৰ বয়স কিমান হােৱা বুলি কৈছিল?
উত্তৰঃ ৭৫ বছৰ ৷

5. নােমটেঙৰ বঙালী’ বুলি ফুৰ্তিতে কাক জোকাইছিল?
উত্তৰঃ মনােৰঞ্জন হাজক।

6. ডাৱৰ আৰু নাই গ্ৰন্থখন কাৰ ৰচনা?
উত্তৰঃ যােগেশ দাসৰ ৰচনা।

7. ‘আমাৰ ছাৰ’ গল্পটিৰ লেখক কোন?
উত্তৰঃ যােগেশ দাস।

8. বিথন চাই যাবলৈ ছাৰক প্ৰথমে কোনে প্ৰস্তাৱ দিছিল।
উত্তৰঃ হেমন্তই।

9. কইনাজনীৰ নাম কি আছিল?
উত্তৰঃ মিনু।

10. ‘পৃথিৱীৰ অসুখ’ কোন শ্ৰেণীৰ গ্ৰন্থ?
উত্তৰঃ গল্প সংকলন শ্ৰেণীৰ।

11. ছাৰে কইনা জনীক কি উপহাৰ দিছিল?
উত্তৰঃ এটি সােণৰ আঙুঠি।

12. যােগেশ দাসৰ এখন উপন্যাসৰ নাম লিখা।
উত্তৰঃ ‘ডাৱৰ আৰু নাই’।

13. যােগেশ দাসৰ এখন গল্প পুথিৰ নাম লিখা।
উত্তৰঃ ‘পৃথিৱীৰ অসুখ।

14. ‘আগতে পাওঁতে শিলৰ মাজতে লুকাই তকা সােণৰ ভেঁকুৰা অচিক।’ বুলি ছাৰে কাৰ কথা কৈছে?
উত্তৰঃ তেওঁৰ প্ৰাক্তন ছাত্ৰ হেমন্তৰ কথা।

15. যােগেশ দাস কি কি কামত আলােচনীৰ কেনেদৰে সম্পাদনাৰ কামত জড়িত আছিল?
উত্তৰঃ ‘নতুন অসমীয়া’ কাকতৰ উপসম্পাদক, ‘দৈনিক অসম’ কাকতৰ সহকাৰী প্ৰধান সম্পাদক, ‘প্ৰহৰী’ আৰু ‘অধিনায়ক’। আলােচনীৰ সম্পাদক হিচাপে জড়িত আছিল।

16. ‘চাঞ্চটো ললোঁ, বেয়া নাপাবি।’ –সংলাপ ফাঁকিৰ বক্তা কোন? তেওঁ কি ‘চাঞ্চ’ লােৱাৰ কথা কৈছে?
উত্তৰঃ বক্তাজন হ’ল মনােৰঞ্জন হাজৰা। বিয়াঘৰত উপস্থিত হােৱা ছাৰক কাৰেণ্ট নথকাৰ কাৰণে হাজৰাই বিচনীৰে বিচি তেওঁক ভাল লগােৱাৰ ‘চাঞ্চ’ লােৱা বুলি কৈছে?”

17. যােগেশ দাসে কোন চনত কি গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল?
উত্তৰঃ ১৯৮০ চনত তেওঁৰ গল্প সংকলন ‘পৃথিৱীৰ অসুখ’ গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল।

18. ছাৰৰ চাইকেলখন ছাৰে কব নােৱাৰাকৈ ঘৰত নি কোনে থৈ আহিছিলগৈ?
উত্তৰঃ মনােৰঞ্জন হাজৰা বােলা প্ৰাক্তক ছাত্ৰজনে।

19. যােগেশ দাসে কোন চনত অসম সাহিত্য সভাৰ কোন অধিবেশনত সভাপতিত্ব কৰিছিল।
উত্তৰঃ ১৯৮৫ চনত বিহুপুৰীয়াত অনুষ্ঠিত একপঞ্চাশতম অধিৱেশনত সভাপতিত্ব কৰিছিল।

20. ‘পাতেই যদি নেখালি, তেন্তে কিহৰ তামােল খালি?’ –কথাষাৰ কোনে কৈছিল?
উত্তৰঃ ছাৰে কৈছিল।

21. ‘আমাৰ ছাৰ’জনৰ আচল নাম কি?
উত্তৰঃ ধৰণীধৰ বৰুৱা।

Long Type Questions and Answers (Marks : 4/5/6)

1. ‘আমি একো নকৈ মাত্ৰ সেই অপূৰ্ব দৃশ্যটো চাই থাকিলোঁ।’ –সেই অপূৰ্ব দৃশ্যটো কি আছিল?
উত্তৰঃ পদ্মেশ্বৰ জীয়ৰী মিনুক উলিয়াই দিয়াৰ বেদনাত ছাৰক সাবটি ধৰি উচুপি উচুপি যেতিয়া কবলৈ ধৰিলে – ‘তাই বৰ সৰু ছােৱালী ছাৰ। তাই একোকে নাজানে। তেতিয়া ছাৰেও ৰব নােৱাৰি ওঁঠ দুটা কামুৰি ধৰিলে। পদ্মেশ্বৰৰ পিঠিত হাত বুলাই বুলাই ছাৰে থােকাথুকি মতেৰে কলে ‘মই এজনী এজনীকৈ চাৰিজনী ছােৱালী উলিয়াই দিছোঁ পদ্মেশ্বৰ! এবাৰ মােৰ কথা ভাবি চা। তােৰ মিনু আজিৰ পৰা ডাঙৰ হ’ল।’ এই অতি কৰুণ আৰু অপূৰ্ব দৃশ্যটোকেই লেখক আৰু আন সকলে চাই আছিল।

2. ‘তােৰ মিনু আজিৰ পৰা ডাঙৰ হ’ল।’ – কথাষাৰ কি বুজাইছে?
উত্তৰঃ লৰা ছােৱালী পিতৃ মাতৃৰ মনত সদায় সৰু হৈয়ে থাকে, কিয়নাে বিয়া বাৰু নােহােৱা পৰ্যন্ত ঘৰুৱা কাম বন বা অন্যান্য কামৰ প্ৰতি সিহঁতৰ দায়িত্ববােধ কম হৈ থাকে। সিহঁতৰ দায় দায়িত্ব প্ৰায়ে পিতৃ মাতৃয়েই মূৰ পাতি ল্য কাৰণে সিহঁতে দায়িত্ববােধ কমকৈ অনুভৱ কৰে আৰু হৈ থকা যেন পায়। কিন্তু বিয়াৰ পিছত সংসাৰৰ দায়িত্ব বাঢ়ে আৰু ডাঙৰৰ দৰে সকলাে কামতে আগভাগ লবলগীয়া হয়।

মিনুও বিয়া নােহােৱা পৰ্যন্ত দেউতাক পদ্মেশ্বৰৰ মনত নিচেই সৰু ছােৱালী আৰু একো নজনা হৈ আছিল। বিয়াৰ দিনাৰ পৰা যে তাই সংসাৰৰ দায়িত্ব লবলগীয়া হ’ল আৰু ডাঙৰৰ দৰে ঘৰ সংসাৰ চম্ভালিবলগীয়া হ’ল – এই কথাকে ‘তােৰ মিনু আজিৰ পৰা ডাঙৰ হ’ল’ – কথাষাৰে বুজাইছে।

3. ‘সেইবােৰ কৰিবিতাে তহঁতক মই – মই ঠিক কৰি দিম।’ –কোনে এনেদৰে কৈছিল? তেওঁ এনেদৰে কোৱাৰ কাৰণ কি?
উত্তৰঃ আমাৰ ছাৰে এনেদৰে কৈছিল। বিয়া ঘৰত থােৱা ঠাইত আমাৰ ছাৰৰ চাইকেলখন নেদেখি কোনােবা চোৰে চাইকেলখন যদি নিয়ে তাৰ।
জান মাৰি দিব বুলি হেমন্তই যেতিয়া দম্ভ মাৰি কলে তেতিয়া সেইবােৰ কৰিলে চোৰে সিহঁতক ঠিক কৰি দিব বুলি ধমকনি দি তেনে কাম নকৰিবলৈ সাৱধান কৰি দিলে।

READ MORE  উপন্যাস সাহিত্য | Chapter 16 | Part-1 | Class 12 Advance Assamese - AHSEC

4. ‘আমাৰ ছাৰ’ গল্পটিত উল্লেখ কৰা বিযাথন কাৰ আছিল? ছাৰ। বিঘৰত উপস্থিত হওঁতে কোনে, কেনেদৰে তেওঁক আদৰণি জনাইছিল বুজাই লিখা।
উত্তৰঃ ‘আমাৰ ছাৰ’ গল্পটিত উল্লেখ কৰা বিয়াখন আছিল পদ্মেশ্বৰ ডাঙৰ ছােৱালী মিনুৰ। পদ্মেশ্বৰৰ ঘৰৰ সন্মুখত পতা ৰভাতলিত পদ্মেশ্বৰ আৰু লেখককে ধৰি অন্যান্য সকলৰ মাজত ছাৰ যেতিয়া উপস্থিত হ’লহি, তেতিয়া লেখকে, তেওঁৰ সংগীসকলৰ সৈতে কেউটাই উৰি যােৱাদি গৈ তেখেতক আগবঢ়াই আনিলেগৈ। লেখকে চাইকেলখন ধৰি একাষে থলে। হেমন্ত বােলাজনে হাত দুখন মােহাৰি মােহাৰি বহা ঠাইলৈ আগবঢ়াই নিলে। নগেন বােলা জনে লৰ মাৰি গৈ ডাঙৰ কাঠৰ চকী এখন হাতেৰে। মােহাৰি মােহাৰি চিঞৰিলে ‘আহক ছাৰ’, ইয়ালৈ ছাৰ।’ ছাৰেও। তেওঁলােকৰ সম্ভাষণ অকাতৰে গ্ৰহণ কৰি ‘ৰ’ৰ, বৰ বেছি গােলমাল। নকৰিবি’ বুলি কৈ কৈ নগেনে নিৰ্দিষ্ট কৰি দিয়া চকীখনত গাটো পেলাই দিলে।

আনহাতে মনােৰঞ্জন হাজৰা নামৰ টেঙৰ প্ৰাক্তন ছাত্ৰ এজনে কৰবাৰ পৰা বিচনী এখন বিচাৰি আনি পাছফালৰ পৰা ছাৰক বিচিবলৈ। ধৰিলে। ছাৰৰ গৰম লাগি আছিল। মনােৰঞ্জন হাজৰাৰ এই কাৰ্যত ছাৰে বৰ সন্তোষ প্ৰকাশ কৰি তেওঁক শলাগিলে।
এনেকৈয়ে ছাৰক তেখেতৰ প্ৰাক্তন ছাত্ৰকেইজনে বিযা ঘৰত আদৰণি জনাইছিল।

5. ‘মাক বাপেকৰ মানত লৰা ছােৱালী সদায়েই সৰু হৈ থাকে অ’। মই জানাে তহঁতক তাহানিখনৰ দৰেই দেখি থকা নাই?’—কোনে, কি। প্ৰসংগত এই কথাখিনি কৈছিল, আতি গুৰি মাৰি বুজাই লিখা।
উত্তৰঃ পদ্মেশ্বৰৰ জীয়েক মিনুৱে কইনা সাজেৰে আহি দেউতাকৰ কথা মতে ছাৰক সেৱা কৰাত পদ্মেশ্বৰে যেতিয়া কলে – ‘তাই একো নাজানে ছাৰ। নিচেই সৰু হৈ আছে।’ – তেতিয়া ছাৰে মিনুক তুলি ধৰি এই তাৎপৰ্যপূৰ্ণ কথাখিনি কৈছিল। পদ্মেশ্বৰৰ নিমন্ত্ৰণক্ৰমে তেওঁৰ এসময়ৰ ছাৰ অৱসৰপ্ৰাপ্ত শিক্ষক ধৰণীধৰ বৰুৱা পদ্মেশ্বৰৰ জীয়াৰী মিনুৰ বিযাত উপস্থিত হৈছিল।

তেওঁৰ প্ৰাক্তন ছাত্ৰ আৰু পমেশ্বৰৰ বন্ধু কেইজনমান তাত উপস্থিত আছিল আৰু তেওঁলােকেই ছাৰক আন্তৰিকতাৰে আদৰণি জনাই জা। জলপান আদি খুৱাই বুৱাই নানান বতৰাৰে কপ্যায়ন কৰিলে। পদ্মেশ্বৰেও আহি তেওঁৰ এসময়ৰ ছাৰক পাই ভৰিত চুই সেৱা কৰিলে আৰু নিজৰ কইনা সাঁজত থকা জীয়াৰী মিনুৰ লগত সাক্ষাৎ কৰিলে। মিনুৱে দেউতাকৰ কথা মতে ছাৰক সেৱা কৰিলে। ছাৰেও মিনুক তুলি ধৰিলে। তেতিয়া পমেশ্বৰে অতি বিনয়েৰে কলে – ‘তাই একো নাজানে ছাৰ। নিচেই সৰু হৈ আছে।’
ছাৰে হঠাতে জেপৰ পৰা নতুন সােণৰ আঙঠি এটা উলিয়াই মিনুক পিন্ধাই কলে – মাক – বাপেকৰ মানত লৰা ছােৱালী সদায়ে সৰু হৈ থাকে অ’। মই জানাে তহঁতক তাহানিখনৰ দৰেই দেখি থকা নাই?’

নিজৰ সন্তানৰ যিমান বয়সেই বা অভিজ্ঞতাই নহওক কিয় মাক বাপেকে সদায় সৰু হৈ থকা আৰু একো নজনা বুলিয়েই ভাবি থাকে। আনহাতে। শিক্ষকসকলৰ মনতাে নিজৰ প্ৰাক্তন ছাত্ৰসকল যিমানেই ডাঙৰ চাকৰিাল অথবা বয়সৰ নহওক কিয় সদায় স্কুলত লগ পােৱা ছাত্ৰ যেনেই অনুভৱ কৰে। সন্তানৰ লগত পিতৃ মাতৃৰ আৰু ছাত্ৰ ছাত্ৰীৰ লগত শিক্ষকৰ আন্তৰিক মৰম – চেনেহৰ সম্পৰ্কৰ কাৰণেই এনে মনােভাৱৰ উদয় হয়।

6. পদ্মেশ্বৰৰ দুষ্টালি আৰু গুণৰ কথা ‘আমাৰ ছাৰ’ গল্পটিত কেনেদৰে বৰ্ণনা কৰিছে, বুজাই লিখা।
উত্তৰঃ ছাত্ৰৱস্থাত পদ্মেশ্বৰ আছিল অতি উৎপতিয়া লৰা। তেওঁৰ নেতৃত্বতেই লেখককে আদি কৰি লগৰীয়াসকলে স্কুলত বহুত উৎপাতেই কৰিছিল। এবাৰ মেটিনি চাবলৈ স্কুলৰ পৰা লেইজাৰত পলাই গৈ পদ্মেশ্বৰৰ প্ৰস্তাৱ মতেই তেওঁলােক চিনেমা হ’ল পালেগৈ। পমেশ্বৰ আৰু বাকীকেইজন একেলগে একেখন বেঞ্চতে বহে।বেঞ্চথন যাতে থালি হৈ। নাথাকে তাৰ কাৰণে পদ্মেশ্বৰে আন কেইজনমান লৰাক সেইখন বেঞ্চত বহিবলৈ কৈ আহিছিল। কিন্তু তেওঁলােকৰ ছাৰৰ চকুত তেওঁলােক যে। উপস্থিত নাই এই কথা ধৰা পৰিল। পিছদিনা প্ৰথম ঘণ্টাতে ডাক। পৰিল।

ছাৰে প্ৰত্যেককেই হাতত ছটাকৈ পূৰ্ণহতীয়া কোব সােধালে। তাৰ পিছত গােটেই দিনটো বেঞ্চৰ ওপৰত থিয় কৰাই থােৱালে। তদুপৰি। ঘৰলৈকে ৰিপৰ্ট অহাত গধূলি আকৌ গালি। বেজাৰতে দুদিনমান স্কুললৈ যােৱাটো দেখুৱাই আন কৰবাত থাকি স্কুলত অনুপস্থিত থাকিল। পিছত স্কুললৈ যােৱাত তেওঁলােকক ডিটেইন ৰাখি ছাৰে শাস্তিৰ সলনি ট্ৰেন্সলেচন শিকাইছিল।

আন এবাৰ বছৰেকীয়া পৰীক্ষাত পমেশ্বৰে হ’লৰ ভিতৰতে বিকট শব্দ কৰা ফটকা এটা ফুটাই দি হুলস্থূলৰ সৃষ্টি কৰিলে। পৰীক্ষা পিছুৱাই দিবলৈ পদ্মেশ্বৰৰ নেতৃত্বত আন্দোলন কৰিছিল। ছাৰে বেত লৈ আটাইকে গৰু খেদা দিলে। ইতিমধ্যে প্ৰশ্ন কাকত বিতৰণ হােৱাত এবেলাৰ পৰীক্ষা বাতিল কৰিবলগীয়া হ’ল। পদ্মেশ্বৰে যে ফটকাটো ফুটাইছিল কোনাে ছাত্ৰ বা শিক্ষকেই জানিব নােৱাৰিলে। গতিকে পমেশ্বৰে শাস্তিও খাব লগা। নহ’ল।

READ MORE  উপন্যাস | Chapter 14 | Class 12 Advance Assamese - AHSEC

পদ্মেশ্বৰৰ এনেকুৱা উৎপাদ আৰু দুষ্টালিৰ উদাহৰণ বহুত আছে। ছাৰে ডিছিল্লীন ৰক্ষা কৰিবলৈ যিমানেই কঠোৰ ব্যৱস্থা অৱলম্বন কৰে। সিমানেই পমেশ্বৰে চেষ্টা কৰে সেইবােৰ ভংগ কৰিবলৈ। কতবাৰ ছাৰে তেওঁক স্কুলৰ পৰা বাহিৰ কৰি দিম বুলিও ছাৰে তেনে কঠোৰ শাস্তি শেষত দিব নােৱাৰিছিল। কাৰণ দুষ্টালিৰ লগে লগে পমেশ্বৰৰ বহুতাে গুণাে আছিল। তেওঁ আছিল স্কুল টিমৰ বেষ্ট ফুটবলাৰ, টুৰ্ণামেন্টতাে দুই এটা পুৰস্কাৰ তেওঁ আনিবলৈ ৷ এইবাৰ এজন নতুন অভিভাৱকে পুতেকক বেতােৱা বাবে ছাৰক বৰ অপমান কৰিলে। ছাৰে মানুহজনক বাহিৰ কৰি দিলে, কিন্তু ‘আমাৰ ছাৰ’ক এনেকুৱা কৰে বুলি পমেশ্বৰে ভদ্ৰলােকৰ জীৱন এনেধৰনে দুৰ্বহ কৰি তুলিলে যে শেষত ছাৰে গৈ। তেওঁক বিৰত কৰিব লগা হ’লগৈ। আনহাতে পাছ কৰিব পৰাকৈ যথেষ্ট বুদ্ধি বৃত্তি থকা বাবেও পমেশ্বৰক শিক্ষকসকলে মৰম কৰিছিল।

7. ‘আমাৰ ছাৰ’ গল্পটোত ছাত্ৰ আৰু শিক্ষকৰ সম্পৰ্কটো লেখক কেনেদৰে দাঙি ধৰিছে, লিখা।
উত্তৰঃ ‘আমাৰ ছাৰ’ নামৰ গল্পটিত লেখক যােগেশ দাসে তেওঁ আৰু তেওঁৰ লগৰ অন্যান্য কেইজনমান ছাত্ৰ তেওঁলােকৰ ছাৰ ধৰণীধৰ বৰুৱাৰ লগত কেনে সম্পৰ্ক আছিল তাৰ এটি সুন্দৰ চিত্ৰ দাঙি ধৰিছে। লেখকে তেওঁলােক ছাত্ৰৱস্থাৰ থাকোঁতে তেতিয়াও শিক্ষকতা কৰি থকা ছাৰ জনৰ লগত থকা সম্পৰ্ক আৰু বৰ্তমান তেওঁলােক ঘৰ শংসাৰী হৈ নিজৰ চাকৰি ব্যৱসায় আদিত ব্যস্ত হৈ থাকিও অৱসৰপ্ৰাপ্ত সেইজন শিক্ষকৰ লগত ৰক্ষিত সম্পৰ্কৰ কথাও সবিস্তাৰে প্ৰকাশ কৰিছে।

ছাত্ৰৱস্থাত থাকোতে এইজন শিক্ষকক তেওঁলােকে অতি ভয কৰিছিল। কাৰণ শিক্ষকজন অতি থঙাল বুলি তেওঁলােকে জানিছিল। শিক্ষকজন স্কুলৰ বাহিৰে ভিতৰে সকলাে সময়তে শিক্ষকেই আছিল। ছাত্ৰৰ লগত তেওঁৰ সম্পৰ্ক এজন আদৰ্শ আৰু প্ৰকৃত শিক্ষক হিচাপে। ছাত্ৰযাে তেওঁক অতি ভয় কৰিছিল যদিও, ছাত্ৰৰ দুষ্টমী আৰু ঠিকমতে পঢ়া – শুনা নকৰাৰ কাৰণে, ঘৰত কৰি আনিব দিয়া ঠিক মতে ননাৰ কাৰণে, বিদ্যালয়ত অনাহকত অনুপস্থিত থকা, বিদ্যালয়ৰ পৰা পলাই যােৱা আদি কাৰ্যত শিক্ষকজনে কঠোৰ শাস্তি দিছিল যদিও তেওঁ ছাত্ৰক। প্ৰয়ােজনীয় শিক্ষাদানত অকণাে কাৰ্পণ্য কৰা নাছিল, আনকি ছাত্ৰৰ ঘৰলৈ প্ৰায়ে গৈ অংক আৰু ইংৰাজী শিক্ষাই সহায় কৰি দিছিল। ছাত্ৰসকলেও শাস্তিৰ কাৰণে শিক্ষকজনক মনে মনে বৰ বেয়া পাইছিল যদিও শিক্ষকজনক কোনােবাই বোকৈ কলে বা অপমান কৰিব খুজিলে ছাত্ৰসকলে তাৰ প্ৰতিবাদ কৰিবলৈ ওলাই আহিছিল। শিক্ষকজনে।

ছাত্ৰসকলক নিজৰ সন্তানৰ দৰে ‘তই’ সম্বােধন কৰিছিল আৰু সতেত। ছাত্ৰসকলৰ লগত জড়িত হৈ তেওঁলােকক সৎ মানুহ হিচাপে গঢ়াৰ চেষ্টা অব্যাহত ৰাখিছিল। ছাত্ৰসকলে শিক্ষকজন অতি খঙাল, তেওঁ কঠোৰ শাস্তি দিয়ে এই কথা জানিও তেওঁক থং তােলাবলৈকেই তেওঁলােকে। অনেক অকথাও কৰিছিল। এ কেৱল শিক্ষক ছাত্ৰৰ মধুৰ সম্পৰ্কৰ কাৰণেহে সম্ভৱ হৈছিল।

আনহাতে সেই ছাত্ৰসকল বৰ্তমান ঘৰ সংসাৰী হৈ চাকৰি বাকৰি, লৰা ছােৱালী, তিৰােতা আদিত ব্যস্ত থাকিলেও আৰু সেই শিক্ষকজন বৰ্তমানে অৱসৰ পালেও তেওঁলােকৰ মাজত আগৰ সেই শিক্ষক ছাত্ৰৰ সম্পৰ্কই অটুত আছে। ছাত্ৰসকলে আগৰ দৰে শিক্ষকজনক ভ্য নকৰিলেও ভয় কৰা যেন দেখুৱায়, প্ৰকৃত ভ্যতকৈ প্ৰকৃত শ্ৰদ্ধা ভক্তি কৰে, একান্ত বাধ্য ছাত্ৰৰ দৰে তেওঁৰ কথা আখৰে আখৰে মানিবলৈ। চেষ্টা কৰে, প্ৰকৃত গুৰুৰ প্ৰতি কৰিব লগা সন্মান আৰু পৰিচৰ্যা, সহায় আদি কৰে।

শিক্ষকজনেও তেওঁলােকক তাহানিৰ ছাত্ৰৰ দৰে দেখে। শিক্ষক জনে নিজেই কৈছে – ‘মই জানাে তহঁতক তাহানিখনৰ দৰেই দেখি থকা নাই।?’ শিক্ষক ছাত্ৰৰ কি এক মধুৰ সম্পৰ্ক! বিয়াঘৰত আটায়ে আগুৰি ধৰি ‘ছাৰ’ক লৈয়েই ব্যস্ত, কত কথা, কত খােচামমতি, আপডাল?

আনহাতে ছাৰেও তেওঁলােকৰ কথাত, আপডালৰ আতিশ্যত অতিষ্ঠ হােৱা যেন দেখুৱাই কত দাবি ধমকনি! এনে মধুৰ আৰু আন্তৰিক। সম্পৰ্ক খুব কম শিক্ষক ছাত্ৰৰ মাজতহে দেখা যায়।

এই সম্পৰ্কত শিক্ষকৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা তথা ঋণী মনােভাব। সুন্দৰভাৱে প্ৰকট হৈ পৰিছে। ছাত্ৰ এজনৰ ছােৱালীৰ ঘৰত তদাৰক কৰা, ছােৱালীজনীক সােণৰ আঙুঠি পিন্ধাই দিয়াৰ উপৰিও দৰালৈ কন্যাৰ হাততেই এটি কাপােৰৰ টোপােলা দিয়া, নিশা বিয়া কাৰ্যত। উপস্থিত থাকি কন্যাৰ দেউতাক তেওঁৰ সময়ৰ ছাত্ৰজনক আঁকোৱালি ধৰি শান্তনা দিয়া আদি কাৰ্যই ছাত্ৰ – শিক্ষকৰ মাজত থকা মধুৰ সম্পৰ্ককেই সূচাইছে। এনে আন্তৰিক সম্পৰ্ক সকলাে শিক্ষক ছাত্ৰৰ মাজতে থকাটো উচিত।

8. বিয়া ঘৰত ছাৰ তদাৰকী আৰু কইনা উলিয়াই দিয়াৰ সময়ত পদ্মেশ্বৰক ছাৰে দিয়া সান্তনাৰ বিষয়ে চমুকৈ বৰ্ণনা কৰা।
উত্তৰঃ আটায়ে কোৱাত আৰু কইনা পিতৃ পদ্মেশ্বৰেও অনুৰােধ কৰাত ছাৰে একেবাৰে বিয়াখন চাই যাবলৈকেই থাকি গল।

বিয়াৰ কাম ইতিমধ্যে লাহে লাহে আগুৱাবলৈ ধৰিলে। মাজে মাজে আহি বহি থকা ঠাইত আটায়ে ছাৰৰ আ খবৰ লৈ থাকিব। পদ্মেশ্বৰৰ ঘৈণীয়েকে নানা কামৰ মাজতাে আহি ছাৰক ‘চাহ একাপ খাব নেকি’ সুধি গল। ইতিমধ্যে দৰাও আহি পালে। চাৰিওফালে দৰা আদৰাৰ লৰা ঢপৰা আৰম্ভ হ’ল। এইবাৰ ছাৰে উঠি গৈ নিজৰ অজ্ঞাতেই কাম পৰিচালনা কৰিব ধৰিলে। চেমনীয়া লৰাহতক ডবিয়াই কলে ‘অ’ই চকুত চাউল নামাৰিবি, গাত মাৰ।’ বাকীবােৰক ভিতৰৰ ৰভাত। মানুহ বহাবলৈ কলে। পানী তুলিবলৈ যােৱা আইসকলক মানুহ ঠেলি ঠেলি নিজে বাট উলিয়াই দিলে। নগেন আৰু হাজৰা বােলা তেওঁৰ প্ৰাক্তন ছাত্ৰ দুজনক দৰাঘৰীয়া মানুহৰ ভাত পানী ৰন্ধাৰ তদাৰক কৰিবলৈ দিলে।

READ MORE  ই যে অগ্নিবীণাৰ তান | Chapter 3 | Class 12 Advance Assamese - AHSEC

বিয়াৰ আনুষ্ঠানিক কাম আৰম্ভ হােৱাত পমেশ্বৰৰ অনুৰােধ মৰ্মে ছাৰ হােমৰ গুৰিত পদ্মেশ্বৰৰ ওচৰতে বহি থাকিল। কিন্তু তাৰ পৰাও তেওঁ প্ৰাক্তন ছাত্ৰকেইজনক আঙুলি, চকুৰ ঠাৰ আদিৰে ইংগিত কৰি কৰি দৰাঘৰীয়াসকলক জলপান খুৱাবলৈ নিৰ্দেশ দি থাকিল। আনকি জলপান খাই আহি কোনে তামােল পােৱা নাই তাৰ প্ৰতিও ছাৰে চকু ৰাখিলে। এই কঠোৰ নিয়মানুৱৰ্তী শিক্ষক তলৰ নিৰ্ভুল, নিখুঁত তদাৰকতা দেখি সকলােৱে অবাক হৈছিল। অৱশেষত এটা সময়ত বিয়াৰ কাম শেষ হ’ল। হােমৰ গুৰিৰ পৰা উঠি আহোঁতে হঠাৎ পদ্মেশ্বৰৰ চকুত পানী দেখি আটাইৰে মনবােৰ সেমেকি উঠিছিল। পমেশ্বৰে ‘ছাৰ’ বুলি ফেঁকুৰি উঠিল।

ছাৰে পদ্মেশ্বৰক গাত ধৰি ভিতৰলৈ নিলে। একেবাৰে ভিতৰলৈ নগৈ কাষৰে এটা কোঠালিত ৰৈ পদ্মেশ্বৰে হুকহুকাই কান্দিবলৈ ধৰিলে। ছাৰে দুহাতেৰে ধৰি পদ্মেশ্বৰক ধমকৰ সুৰত কবলৈ ধৰিলে ‘অই পদ্মেশ্বৰ! তােৰ হৈছে কি? তই কেলেই কান্দিছ?’ পমেশ্বৰে উচুপি উচুপি কবলৈ ধৰিলে ‘তাই বৰ সৰু ছােৱালী ছাৰ। তাই একো নাজানে।’

ছাৰেও ওঁঠ দুটা কামুৰি ধৰিলে। পদ্মেশ্বৰৰ পিঠিত তেওঁ হাত বুলাই সান্তনাৰ সুৰত কলে – ‘মই এজনী এজনীকৈ চাৰিজনী ছােৱালী উলিয়াই দিছোঁ পমেশ্বৰ। এবাৰ মােৰ কথা ভাবি চা। তােৰ মিনু আজিৰ পৰা ডাঙৰ হ’ল।’ এইদৰেই ছাৰে বেয়া ঘৰত থাকি তদাৰকী কৰাৰ উপৰি কান্দোনৰত কইনাৰ পিতৃ পমেশ্বৰক সান্তনা দিবলৈ চেষ্টা কৰিছিল।

9. ‘আমাৰ ছাৰ’ৰ প্ৰকৃত নাম কি? তেওঁৰ চৰিত্ৰ বিশ্লেষণ কৰি দেখুওৱা।।
উত্তৰঃ ‘আমাৰ ছাৰ’ গল্পটিত উল্লেখ কৰা আমাৰ ছাৰৰ নাম ধৰণীধৰ বৰুৱা। এই আচল নামটো ছাত্ৰসকলৰ মাজত ব্যৱহাৰ নহয়েই। সেই অঞ্চলৰ প্ৰায় সকলােখিনি শিক্ষিত লােকৰে ছাৰ কাৰণে সকলােৱে। ‘আমাৰ ছাৰ’ বুলিয়েই ক্য আৰু যিকোনাে লােকে ‘আমাৰ ছাৰ’ বুলি কলে তেওঁকেই বুজিছিল। তেওঁ হৈ পৰিছিল ‘সাৰ্বজনীন ছাৰ’।

এই ‘সাৰ্বজনীন ছাৰ’ তথা ‘আমাৰ ছাৰ’ বৰ খঙাল মাষ্টৰ আছিল। ডেকা ব্যসত এছিষ্টেন্ট হেডমাষ্টাৰ হৈ থাকোতেই তেওঁ ডিচিল্লীন ৰক্ষা কৰিবৰ কাৰণে স্কুলত অনেক নিয়ম কানুনৰ সৃষ্টি কৰিছিল, ইয়াৰ হেৰফেৰ হ’লেই কঠোৰ শাস্তি দিছিল, অনেকক ডিটেইন ৰাখিছিল। এইক্ষেত্ৰত তেওঁ হেডমাষ্টাৰৰাে হাক বচন প্ৰায়ে নুশুনিছিল। হেডমাষ্টাৰ হােৱাৰ পিছত তেওঁ স্কুলখনৰ কাৰণে আতংকস্বৰূপ হৈ পৰিছিল।

তেওঁৰ ভয়ত কোনাে লৰা বাৰণ্ডাত থিয় দি থাকিব নােৱাৰে। পলমকৈ আহিলে ছাত্ৰ শিক্ষক কোনেও স্কুলত সােমাব নােৱাৰে। ফাইনেল বেল পৰাৰ লগে লগে ছুটিৰ ঘণ্টা নপৰালৈকে চকীদাৰৰ হতুৱাই প্ৰকাণ্ড তলাটো গেটত লগাই থ্য। ছাত্ৰই মলিন কাপােৰ পিন্ধি আহিলে, হােমৱৰ্ক কৰি নানিলে, কাৰােবাৰ গাত অজ্ঞাতে চিঞাহী পেলালে, লগৰ লৰাৰ লগত কাজ্যিা কৰিলে, পৰীক্ষাত চুৰ কৰিলে, অফিচলৈ মতাই নি একোজনলৈ বেতৰ কোব দিছিল।

এনে কঠোৰ চৰিত্ৰৰ লােক হােৱা সত্ত্বেও মানুহ আৰু শিক্ষক হিচাপে ছাত্ৰসকলে তেওঁক বেয়া পােৱা নাছিল। আনকি কোনােজনে অভিভাৱকেই শিক্ষকজনৰ তেনে কামবােৰত এবাৰলৈকো আপত্তি বা প্ৰতিবাদ কৰা নাছিল। পঢ়া নােৱাৰিলে গালি পাৰিছিল বা কান চেপ দিছিল যদিও তেওঁ কিন্তু ছাত্ৰসকলক অতি মৰম আৰু সহানুভূতিৰে ছাত্ৰসকলে নােৱাৰা কথাবােৰ বাৰে বাৰে বুজাই দিবলৈ কেতিয়াও বেয়া নাপাইছিল। আনকি ছাত্ৰসকলক প্ৰায়ে দেওবাৰে তেওঁৰ ঘৰলৈ মাতি নি অংক আৰু ইংৰাজী শিকাইছিল। ইয়াৰ উপৰি তেওঁ ছাত্ৰৰ ঘৰলৈ গৈযাে তেওঁলােকৰ পঢ়া শুনাৰ খা খবৰ লৈছিল আৰু নােৱাৰা অংক বা ইংৰাজী শিকাই দিছিল।

অৱসৰৰ পিছতাে তেওঁ তেওঁৰ ছাত্ৰসকলৰ লগত আগৰ দৰেই সম্পৰ্ক। ৰক্ষা কৰিছিল। পূৰনি ছাত্ৰসকলক লগ পালে সেই তাহানিৰ ছাত্ৰ বুলিয়েই তেওঁ গণ্য কৰিছিল আৰু আন্তৰিক তাপূৰ্ণ কথা বতৰা পতাৰ লগতে দাবি ধমকনিও দিছিল। মুখত কঠোৰ হ’লেও তেওঁৰ অন্তৰখন আছিল অতি কোমল আৰু সহানুভূতিৰে পৰিপূৰ্ণ প্যসত্তৰ বছৰ সময়তাে তেওঁৰ ছাত্ৰ এজনৰ জীয়েকৰ বিয়ালৈ আহি কন্যাক সােণৰ আঙঠি আৰু দৰালৈ বুলি কন্যাৰ হাততে কাপােৰৰ এটি টোপােলা যাচি তেওঁৰ আন্তৰিকতা আৰু উদাৰতাৰ পৰচয় দিছে। আনকি জীয়েকক উলিয়াই দিয়াৰ বেদনাত কান্দিবলৈ ধৰা তেওঁৰ ছাত্ৰ পদ্মেশ্বৰক আঁকোৱালি ধৰি নিজেও চকু সেমেকাই শান্তনা দিযা দৃশ্যই সকলােৰে অন্তৰ গলাই তুলিছে।

এই বৈচিত্ৰ্যপূৰ্ণ চৰিত্ৰৰ ব্যক্তি এইজনা আমাৰ ছাৰ, যি আছিল সকলাে কামতে পৰিপাটি শৃংখলাবদ্ধ, নিজ কৰ্তব্যত কঠোৰ অথচ এক উদাৰ, কোমল অন্তৰৰ, ৰসিক, সহানুভূতিশীল ব্যক্তি। এনে চৰিত্ৰৰ লােক খুব কমেইহে পােৱা যায়।

Leave a Comment

error: Content is protected !!
Scroll to Top