কপিলীপৰীয়া সাধু | Chapter 10 | Class 12 Advance Assamese Question and Answer | Assam Class 12 Advance Assamese Solutions | AHSEC Class 12 HS Advance Assamese Chapter 10 Notes | SEBA Class 12 HS Advance Assamese Chapter 10 Question and Answer | Questions and Answers for Class 12 Advance Assamese Chapter 10 কপিলীপৰীয়া সাধু | HS 2nd Year Advance Assamese Questions and Answers Assam
কপিলীপৰীয়া সাধু
(নৱকান্ত বৰুৱা)
Very Short Type Questions and Answers (Marks : 1)
1. ৰূপায়ে শেষত কি কৰিলে?
উত্তৰঃ সােণপাহীৰ আত্মহত্যাৰ অনুশােচনাত দগ্ধ হৈ ঘৰ সংসাৰ পাতিবলৈ মন মেলিলে।
2. ৰূপায়ে কি ভলণ্টিাৰৰ দলত যােগদান কৰিছিল?
উত্তৰঃ বাবুৱনীয়ে ছােৱালীজনীৰ আগতে চৰ মৰাৰ কাৰণে আৰু হাৰিয়াৰ হাততাে শাস্তি খােৱাৰ দুখত।
3. বেথাৰাম কোন? তেওঁৰ আচল ঘৰ কত আছিল?
উত্তৰঃ পণ্ডিত। তেওঁৰ আচল ঘৰ জাগীত।
4. ৰূপাইৰ বাপেক আৰু মাকৰ নাম কি?
উত্তৰঃ ধীৰচিঙ আৰু ৰঙিলী।
5. সােণপাহীৰ শেষত কি হ’ল?
উত্তৰঃ ৰূপাইৰ দ্বাৰা অন্ত:- সত্বা হােৱাত আৰু ৰূপাইৰ পৰা পাবলগীয়া প্ৰযােজনীয় সঁহাৰি নােপােৱাৰ দুখত কপিলীত বুৰী মৃত্যু হ’ল।
6. ৰূপাইহঁতক লগত লৈ কোন চাহাবে বানপানীৰ সাহায্য আৰু উদ্ধাৰৰ কাম কৰিছিল?
উত্তৰঃ মি: পিল্লাই নামৰ চাহাবজনে।
7. জেলত ৰূপায়ে লগ পােৱা গােসাঁইজনৰ নাম কি?
উত্তৰঃ তিলক গোঁসাই।
8. গুৱাহাটী জেলত ৰূপায়ে কাক লগ পাইছিল?
উত্তৰঃ চুধংচু বাবুল।
9. ৰূপায় কাৰ প্ৰেমত পৰিছিল?
উত্তৰঃ সােণপাহীৰ প্ৰেমত।
10. ৰূপায়ে জেলৰ পৰা আহি স্কুল পুনৰনিৰ্মান কৰি কাক শিক্ষক হিচাপে আনিছিল?
উত্তৰঃ তিলক গােসাঁইৰ ভতিজা বসু গােসাঁইক।
11. ‘লােকে হাতৰ, কাণৰ বেচি বেচিও লৰা চৰা পড়ায়। ঈশ্বৰৰ কৃপাত তােমাৰ তামােল টেঙাৰ বাৰীখনেই দুই ডেৰকুৰি টকা দিয়ে – তুমিনাে নােৱাৰিবা কি?’ – কোনে, কাক এনেদৰে কৈছিল?
উত্তৰঃ ভাঙোৰী ভকতে ধীৰচিঙক এনেদৰে কৈছিল।
12. পৰীক্ষা দি আহোঁতে উকীলৰ ছােৱালীজনীলৈ ৰূপায়ে কি কিনি আনিছিল?
উত্তৰঃ নকুলদানা।
13. ৰূপাইহঁতৰ গাঁৱৰ দোকানীননৰ নাম কি আছিল?
উত্তৰঃ মিনাৰাম।
14. জেলত ৰূপায়ে লগ পােৱা গােসাঁইজনৰ নাম কি?
উত্তৰঃ তিলক গোঁসাই।
15. ৰূপায়ে ‘চুধংচু বাবুক প্ৰথম কত লগ পাইছিল?
উত্তৰঃ গুৱাহাটীৰ জেলত।
16. ৰূপাইক বিচাৰি যাবলৈ কাৰ পৰা লেমটো আনিছিল?
উত্তৰঃ মিনাৰাম দোকানীৰ পৰা।
17. ‘কপিলীয়েই আমাক চিনাকি কৰিলে –কেতিয়াবা কপিলীয়েই আঁতৰাই লৈ যাব।’ –কোনে, কাক এনেদৰে কৈছিল?
উত্তৰঃ সােণপাহীয়ে ৰূপাইক কৈছিল।
18. কমলা কুঁৱৰী জলকুঁৱৰী হােৱা ঘুলিটোৰ নাম কি?
উত্তৰঃ গায়ন – বায়নৰ গুছলি।
19. সুলভ দোকানীৰ বিষয়ে চামগুৰীয়াই কি কথা কৈছিল? চমুকৈ লিখা।
উত্তৰঃ সুলভ দোকানীৰ বিষয়ে চামগুৰীয়াই এই বুলি কৈছিল যে সি বৰ সাংঘাতিক মানুহ। সি নানান ঠগ বাজি কৰি দোকান দিছিল। গোঁসাই। জেললৈ যাওঁতে সিয়েই পুলিচক লগাই গােসাঁইৰ দোকানখন ভঙালে। বাৰী মানুহ এজনৰ মাটিও সি বাকীত মাৰি নিজৰ কৰি লৈছিল।
20. কপিলীয়ে কাক সপােন দেখুৱাইছিল?
উত্তৰঃ ভকতধূতি বৈৰাগীক।
21. মহাত্মা গান্ধীয়ে সাগৰৰ পাৰলৈ লােণ আনিবলৈ কোন চনত গৈছিল?
উত্তৰঃ ১৯৩০ চনত।
22. ‘মই শিচ ভজাবলৈ এৰিলাে নহয়, এজনৰ শিচহে।’ কোনে, কাক এনেদৰে কৈছিল?
উত্তৰঃ তিলক গােসাঁইয়ে ৰূপাইক এনেদৰে কৈছে।
23. ৰূপায়ে বৃত্তি পৰীক্ষা দিবলৈ জিলালৈ গৈ কাৰ ঘৰত আছিল?
উত্তৰঃ দিনবন্ধু উকীলৰ ঘৰত।
24. “মই তেওঁত শৰণ লব খােজা নাই নহয় পিতাই, তেওঁতহে শৰণ। লম।” – ইয়াত কোনে, কাৰ ওচৰত শৰণ লােৱাৰ কথা কৈছে?
উত্তৰঃ ৰূপায়ে তিলক গােসাঁইৰ ওচৰত শৰণ লােৱাৰ কথা কৈছে।
25. ‘কপিলীসৰিয়া সাধু’ৰ ৰচক কোন?
উত্তৰঃ নৱকান্ত বৰুৱা।
26. ৰূপাইহঁতৰ প্ৰাথমিক স্কুলত কোন পণ্ডিতে পটুৱাইছিল?
উত্তৰঃ বেথাৰাম পণ্ডিতে।
27. দিনবন্ধু উকীলৰ ৰান্ধনিজনৰ নাম কি?
উত্তৰঃ হাৰিয়া।
28. ‘কপিলীপৰিয়া সাধু’ কোন শ্ৰেণীৰ সাহিত্য? ইয়াৰ লেখক কোন?
উত্তৰঃ উপন্যাস শ্ৰেণীৰ সাহিত্য। লেখক– নৱকান্ত বৰুৱা।
29. ৰূপায়ে কাৰ ওচৰত শৰণ লব বিচাৰিছিল?
উত্তৰঃ তিলক গােসাঁইৰ ওচৰত।
30. ‘সন্তোষ বঙালৰ টোলৰ বিষয়ে ‘কপিলীপৰিা সাধু’ত কি কথা পােৱা যায়, লিখা।
উত্তৰঃ কপিলীৰ পাৰতে ঢাপ মৰা বাৰী এডােখৰ আছে, এতিয়া চৰণীয়া পথাৰ। সেয়েই ‘সন্তোষ বঙালৰ টোল’ বুলি উল্লেখ আছে।
31. ৰূপায়ে পিতা ধীৰচিঙৰ পিশু কিয় দিব নােৱাৰিলে?
উত্তৰঃ ধীৰচিঙৰ প্ৰকৃত সন্তান নহয় কাৰণে।
32. ৰূপাইহঁতৰ গাঁৱৰ দোকানী জনৰ নাম কি? ‘কপিলীপৰি সাধু উপন্যাসত উকীলনীক দিয়া বজাৰৰ হিচাপ মতে কাৱৈ মাছ একুৰিৰ মূল্য কিমান?
উত্তৰঃ মিনাৰাম। ২ আনা ৬ পাই।
33. তিলক গােসাঁইৰ খেতিবাতিৰ কাম কোনে কৰিছিল?
উত্তৰঃ চামগুৰীয়াই।
34. ৰূপায়ে কিয় ভলন্টিয়াৰৰ দলত যােগদান কৰিছিল?
উত্তৰঃ বাবুৱনীয়ে ছােৱালীজনীৰ আগতে মৰাৰ কাৰণে আৰু হাৰিয়াৰ হাততাে শাস্তি খােৱাৰ দুখত।
35. তিলক গােসাঁয়ে ৰূপাইক পঢ়িবলৈ কি পুথি দিছিল?
উত্তৰঃ শ্ৰীৰত্নকান্ত বৰকাকতিয়ে ভাঙনি কৰা ‘হিন্দু স্বৰাজ’ নামৰ পুথিখন।
36. জলকোঁৱৰে গােৱালপৰীয়াক নামাৰি কিয় এৰি দিছিল?
উত্তৰঃ গােৱালপৰীয়া ধুনীয়া আছিল কাৰণে।
37. তিলক গােসাঁইৰ ঘৰ কত আছিল?
উত্তৰঃ গেলা পােতনি গাঁৱত।
38. ৰূপাই অচেতন হৈ নৈৰ বালিত পৰি থাকোতে প্ৰথমে কোণত দেখিছিল?
উত্তৰঃ সােণপাহী নামৰ ছােৱালী এজনীয়ে।
39. বেথাৰাম পণ্ডিতৰ কত কেনেকৈ মৃত্যু হৈছিল?
উত্তৰঃ স্বাধীনতা আন্দোলনত জেলত থাকোঁতে জেলতে মৃত্যু হৈছিল।
40. ‘পৰভু, জানেই আমি দাঁতিলীয়া মানুহ। শৰণ নললে জাতত নােই।’ –কোনে, কাক এই কথাষাৰ কৈছিল?
উত্তৰঃ ৰূপায়ে তিলক গােসাঁইক কৈছিল।
Long Type Questions and Answers (Marks : 4/5/6)
1. ভকতধূলি বৈৰাগীক কপিলীয়ে কি সপােন দেখুৱাইছিল?
উত্তৰঃ কপিলী পাৰৰ গাওঁবােৰ বছৰি পানীত তল যায়। তথাপি গাওঁবােৰ তাৰ পৰা উঠি নাযায়। ‘ৰজা পােৱালী’ মনচিং এবাৰ উঠি। যাব খুজিছিল ক্ষেত্ৰীয় পিনে। কপিলীয়ে সেইবােৰ তেওঁৰ হালৰ বলদহাল লৈ গল। ৰাতি ভকতধূলি বৈৰাগীক কপিলীয়ে সপােন দেখুৱালে – ৰজা পােৱালী ঘৰৰ লৰা যদি কপিলীৰ পাৰৰ পৰা উঠি যায়, ময়াে পিছে পিছে যাম। চুলি মেলা, আউলী বাউলী চকু দুটা জোৰ দুটাৰ দৰে। জ্বলিছে, – মাতটো ঢেৰেকণীৰ দৰে। এই সপােনৰ কথা শুনি গাই মনচিফ হাক দিলে। মনচিঙেও ভয় থালে। ৰাইজে কপিলীয়ে নিয়া বলদহালৰ কাৰণে বৰঙণি তুলি দিলে। ফুলগুৰিৰ হাটৰ পৰা পুতেক বিৰচিঙৰ লগত গৈ মনচিঙে তিনি দাঁতিয়া বলদ এহাল কিনি আনিলেগৈ।
2. ৰূপাই কোন? ৰূপাইক বেথাৰাম পণ্ডিতে কিয় আৰু কেনে ধৰণৰ শাস্তি দিছিল?
উত্তৰঃ ৰূপাই ‘ৰজা পােৱালী’ মনচিং ৰজাৰ নাতি আৰু ধীৰচিং ৰজাৰ পুতেক বুলি সকলােৱে জানে যদিও সি ধীৰচিংৰ তােলনীয়া পুতেকহে।
ৰূপাই পঢ়া ‘পাতচেলা স্কুলৰ পণ্ডিত আছিল বেথাৰাম পণ্ডিত। তেওঁৰ আচল ঘৰ আছিল জাগীত, — বনুৱাবৰাৰ সৰু ঠালৰ। লৰাবােৰে গৰু ৰাখিব আৰু হাট বাট কৰিব লাগে কাৰণেই স্কুল বহে ৰাতিপুৱা। ৰূপায়ে তিনি দিনৰ মূৰত স্কুললৈ আহিছে। সেইবাবেই সি অনুপস্থিত থকা দিনকেইটাত বেথাৰাম পণ্ডিতে ছাত্ৰসকলক শিকোৱা মিশ্ৰ বিযােগ অংক ৰূপায়ে নােৱাৰাত শাস্তি হিচাপে তাক এচুকত এঠেঙীয়া বগলী হৈ থিয় দি থাকিবলৈ দিছিল। স্কুললৈ সেইকেইদিন কি অহা নাছিল বুলি ধমক দি। বেথাৰাম পণ্ডিতে ৰূপাইক সােধাত পেট চলা বুলি সি আসৈ মতাত আৰু তাৰ লগৰে নােমলে সি কপিলীত মাছ মৰা চাবলৈ গৈছিল বুলি কোৱাত বেথাৰাম পণ্ডিতে তাৰ শাস্তিটো বঢ়াই দি তাক দলি চপৰা এটা লৈ লাৰুৱা গােপাল হৈ থাকিবলৈ দিছিল।
3. ‘পুখুৰীটোৰ বিষয়ে এটা কাহিনী বুঢ় – মেথাই কয়, – বহুত পুৰণি কথা।’ – এই পুখুৰীটোৰ নাম কি? পুখুৰীটোৰ কি কাহিনীনাে বুঢ়া – মেথাই কয়?
অথবাঃ পৰীয়া সাধুত বৰ্ণিত গোঁসাই পুখুৰী এটি বৰ্ণনা দিয়া।
উত্তৰঃ পুখুৰীটোৰ নাম গোঁসাই পুখুৰী। বহুদিনীয়া পুখুৰী। কিমান দিনৰ পৰা আছে কোনেও নাজানে। ঠাইডােখৰ গাঁৱৰ বাহিৰত। কপিলীৰ পাৰৰ পৰা বেছি দূৰত নহয়। পুখুৰীৰ আৰু বাঁহ। ৰবাব টেঙা পকি সৰে, তাতেই গজে ; — গৰখীয়া লৰাযাে নােবােটলে। তালৈ দিনতাে মানুহ নাযায়, – বৰ জাল। পুখুৰীটোৰ কাছবােৰৰ পিঠিত হেনাে শেলুৱৈ গজিছে। মাছে গােটেইটো ঠাই থাই আছে, – কোনেও নামাৰে।
এই পুখুৰীটোৰ বিষয়েই এটা কাহিনী বুঢ় – মেথাই কয়। কাহিনীটো এনে ধৰণৰ, — এবাৰ কালীয় দমন নাটক হৈছিল। গােসাঁইৰ ভাও। গােসাঁইৰ লৰাইহে লয়। তাতে কালীয় দমন নাটক ভাও ভয়ে ভয়ে। থাকে। ৰাইজে ঢােল খােল লৈ তামােল পানেৰে যি ঘৰত গােসাঁইৰ ভাও লবলৈ লৰা বিচাৰিব দিবই লাগিব। নিদিলে বৰ ডাঙৰ জগৰ। কি হয় ঠিক নাই। আনহাতে লৰা দিয়াও টান। কেনিবাদি কিবা ছিদ্ৰ ওলালে ভাওনাৰ দিনা গোঁসাই থিত লয়। কুঁহিলা তুলাপাতেৰে সজা কালীনাগ জীৱন্ত হৈ উঠে। হােলােকা হােলােকে তেজ বতিযায়। গােটেইথন তালফাল লাগে। কৃষ্ণই ফনাত উঠি মচা ঠাইডােখৰত এটা পুখুৰী হয়, লাহে লাহে চাপটোৱে সৈতে ভাও লােৱা লৰাজন পানীৰ তললৈ সােমাই যায়। গোঁসাই পুখুৰীটো তেনেকৈয়ে হােৱা। সেইবাবে জযায়। তাত এতিয়াও শনিবাৰ মঙলবাৰে থােল তাল বাজে। নাগ পত্নীসকলৰ বিলাপৰ সুৰ শুনা যায়।
4. ৰূপায়ে তিলক গােসাঁইৰ ঘৰলৈ যাওঁতে বাটত লগ পােৱা মানুহজনৰ বিষয়ে চামগুৰীয়াই কি কৈছিল?
উত্তৰঃ ৰূপায়ে তিলক গােসাঁইৰ ঘৰলৈ যাওঁতে বাটতে এজন মানুহ লগ। পাই তিলক গােসাঁইৰ ঘৰটো কোনফালে বুলি সুধােতে মানুহজনে খং কৰি তিলক গােসাঁইৰ ওপৰত বৰ বেয়াকৈ মন্তব্য কৰি কিবা কিবি কৈছিল। তিলক গােসাঁইৰ দৰে মানুহ এজনৰ ওপৰত তেনেদৰে মন্তব্য কৰাত ৰূপাইৰ বৰ দুখ লাগিছিল আৰু মানুহজনৰ ওপৰত থঙো উঠিছিল। ৰূপায়ে সেই মানুহজনৰ কথা তিলক গােসাঁইৰ ঘৰত চামগুৰীয়াক কৈছিল।
চামগুৰী হ’ল তিলক গােসাঁইৰ ঘৰত থাকি হাল থেতি কৰা মানুহ। চামগুৰীয়াই ৰূপাইৰ কথাৰ পৰা সেই মানুহজন কোন ধৰিব পাৰিলে। চামগুৰীয়াই কলে সেইজন এজন সাংঘাতিক মানুহ। নাম সুলভ। দোকানী। বসু গােসাঁইৰ দোকান থাকোতে তাৰ কাৰবাৰ বেয়া হৈছিল। তাৰ ঠগবাজিবােৰ ধৰা পৰাত তাৰ বৰ খং। গোঁসাই জেললৈ যাওঁতে সিয়েই পুলিচক কিবা কথা লগাই বসু গােসাঁইৰ দোকানখন ভঙালে। তাক ৰাইজে এঘৰীয়াকৈ থৈছিল। পিছে বসু গােসাঁয়ে দোকান থন তুলি দিলত তাৰ দোকানৰ পৰা বস্তু নিকিনিলে নচলা হ’ল। সেই বাবে সি জানিবা ৰক্ষা পালে। কিন্তু তিলক গােসাঁইৰ ওপৰত তাৰ ভ্যানক। অজুহ। তেঁওজবেলি সি বাৰী মানুহ এজনীৰ পৰা মাটি এচমকা। দোকানৰ বাকীত মাৰি থৈছিলেই ; — গোঁসায়ে বিধি পথালি দিয়াত যেনিবা নােৱাৰিলে। ৰাইজেও তাক ভাল নাপায়; কিন্তু তাৰ দোকানৰ পৰা কালীয়নে নানিলে নচলে।
5. ‘গোঁসাই পুখুৰী’ সম্বন্ধে ‘কপিলী পৰীয়া আধু’ত কি কথাৰ উল্লেখ আছে, – লিখা।
অথবাঃ ‘গোঁসাই পুখুৰী’ সৃষ্টিৰ নেপথত থকা কিম্বদন্তিটো লিখা।
উত্তৰঃ ‘গোঁসাই পুখুৰী’টো বহুদিনীয়া পুখুৰী, কিমান দিনৰ পৰা আছে কোনােৱে নাজানে। এই পুখুৰীটো হােৱাৰ এটা জনশ্ৰুতিমূলক কাহিনী আছে। কাহিনীটো এনে ধৰণৰ—
এবাৰ সেই ঠাইত কালি দমন নাট হৈছিল। গােসাঁইৰ ভাও গােসাঁইৰ লৰাইহে লয়। গাঁৱত কালি দমন নাট মেলিলে ওচৰে পাজৰে গোঁসাই। কেইঘৰ বৰ ভয়ে ভয়ে থাকে। ৰাইজে ঢােল খােল লৈ তামােল পানেৰে যি ঘৰত গোঁসাই ভাও লবলৈ লৰা বিচাৰিব দিবই লাগিব। নিদিলে বৰ। জগৰ লাগে। কি হয় ঠিক নাই। আনহাতে লৰা দিয়াও টান। কিনিবাদি কৰবাত ‘ছিদ্ৰ’ ওলালে ভাওনাৰ দিনাই গোঁসাই থিত লয়। কুঁহিলা – তুলাপাতেৰে সজা কালীনাথ জীৱন্ত হৈ উঠে, -হােলাকা হােলােকে তেজ বতিয়ায়। গােটেইখন তালফাল লাগে, কৃষ্ণই ফনাত উঠি নচা। ঠাইডােখৰত এটা পুখুৰী হয়, লাহে লাহে চাপটোৱে সৈতে ভাওলােৱা লৰাজন পানীৰ তললৈ সােমাই যায়।
এনেকৈয়ে এই পুখুৰীটো হােৱা বুলি মানুহে বিশ্বাস কৰে। বৰ্তমানেও গোঁসাই পুখুৰীটোৰ পৰা চাৰিটা বৰ ওথ বাহিৰৰ পৰা পানী নােসােমায়। পাৰত হাবি, তামােল আৰু বাঁহ, ৰবাব টেঙা পৰি সৰে, তাতে গায়ে। গৰখীয়া লৰাযাে নােবােটলে। তালৈ দিনটো মানুহ হিচাপে কাল পুখুৰীটোৰ কাছবােৰৰ পিঠিত হেনাে শেলুৱৈ গজিছে। মাছ গােটেইটো পুখুৰীত খাই আছে, কোনেও মাৰিবলৈ সাহস নিকৰে।
6. গান – বায়নৰ ঘুলিটোৰ লগত জড়িত কাহিনীটো বৰ্ণনা কৰা।
উত্তৰঃ বৰপানী কপিলীৰে লগলগা ঠাইডােখৰৰ পাকটোৰ ওচৰতে গায়ন বায়নৰ ঘুলিটো। এই আগ নবঢ়োৱাকৈ নাও নেমাৰে। কাহিনী তথা জনশ্ৰুতি মতে তাত হেনাে জলকোঁৱৰৰ তলাতল ঘৰ আছে তাতে কমলা কুঁৱৰী জলকোঁৱৰী হৈ আছে। কমলা কুঁৱৰী আগেয়ে মানুহ। আছিল। দেশৰ মংগলৰ কাৰণে জলকোঁৱৰক বৰিলে। মানুহৰ জীয়ৰী হােৱাৰ কাৰণেই কমলা কুঁৱৰীয়ে ছবিৰ মানুহৰ মুখ চাবলৈ বিয়াকুল হৈ পৰে। সেই কাৰণেই জলকোঁৱৰে কপিলীৰ পৰা পাৰৰ শইচবােৰে সেউজীয়াৰ পৰা সােণালী ৰূপ লবলৈ ধৰে ৷ ঘূণীয়া মানুহক কিন্তু কেতিয়াবা ধৰি নিলেও জলকোঁৱৰে এৰি দিয়ে, নামাৰে। অৱশ্যে ঘুলিটোৰ নাম গায়ন বাযন কিয হ’ল – এই সম্পৰ্কে একো জনা নাযায়। আজো ককাৰ দিনৰে পৰা মানুহৰ মুখে মুখে এই নামেৰেই চলি আহিছে।
7. ৰূপাই বৃত্তি পৰীক্ষা দিবলৈ গৈ কাৰ ঘৰত আছিল? তেওঁ ৰূপাইক পৰীক্ষা সম্পৰ্কে কি কি সুধিছিল? প্ৰথমদিনা পৰীক্ষা দি আহোঁতে সি কাৰ কাৰণে যি আনিছিল, –তাৰ এটি বিৱৰণ দিয়া।
অথবাঃ উকিলৰ ঘৰত থকা কালচোঁৱাত ৰূপাই কি কি ঘটনাৰ সন্মুখীন হৈছিল, এটি চমু বিৱৰণ দিয়া।
উত্তৰঃ ৰূপাই বৃত্তি পৰীক্ষা দিবলৈ গৈ নগৰত দিনবন্ধু উকিলৰ ঘৰত আছিল। দিনবন্ধু উকিলে সি বৃত্তি পাবলৈ বুলি সোঁধাত ‘পাম আইগা’ বুলি কৈছিল। তাৰ পিছত তাৰ পঢ়া – শুনাৰ পৰীক্ষা কৰিবলৈকে তাক ‘চাতক’ কিহৰ বাবে বিখ্যাত, যােজক কাক বােলে আদি প্ৰশ্ন সােধাত। ৰূপায়ে যথাযথ শুদ্ধ উত্তৰ দিাত দিনবন্ধু উকীল সন্তুষ্ট হৈছিল।
পৰীক্ষাৰ প্ৰথম দিনা সি আধা ঘণ্টাৰ ছুটিতে ফুলৰী খালে। আবেলি উভতি আহোঁতে বাটত মিঠাইৱালাৰ দোকানত সােমাই দুপইচাৰ নকুলদানা কিনিলে। দুপইচাত দোকানীয়ে তাক বহুতখিনি নকুলদানা দিলে – ত্ৰিছ পঞ্চাছ – এশ ছকুৰি মানেই হব কিজানি! সি তাৰ আধাৰখিনি বেলেগাই কাগজেৰে বান্ধি জেপত ভৰাই ললে উকিলৰ কীয়েকক দিবলৈ বুলি।
সি পদূলিমুখ পাওঁতেই উকিলৰ জীয়েকে তাক দেখিয়েই মাত দিলে — ‘কি পৰীক্ষা কেনে দিলি?’ কথাৰ ধৰণটো হুটা যদিও মাতটো সি বৰ মিঠা পালে। সি কি কব ভাবি নাপালে। তাৰ কান দুখন ৰঙা পৰি। উঠিল। জেপত হাত ভৰাই সি নকুলদানাৰ টোপােলাটো চিকুটিবলৈ। ধৰিলে। কাগজ ফুটি নকুলদানাবােৰ ওলাই তাৰ জেপ ভৰি গল। সি একো উত্তৰ নিদিয়াকৈ তাৰে এমুঠি উলিয়াই তাইলৈ আগবঢ়াই দিলে। ছােৱালীজনীয়ে চালে। কোনাে আগ্ৰহ নেদেখুৱাই কলে — ‘ছি: আমি এইবােৰ নাখাও, কলেৰা হব।’ কলেৰা বা হাইজা। সি স্বাস্থ্য সমাচাৰত পঢ়িছে। ভেদবমি হয়। শিৰামুৰী ধৰে। গেলা মাখি পৰা বা বাহি বস্তু থালে কলেৰা হয়। ৰূপায়ে বৰ লাজ পালে।
8. জেলৰ পৰা ওলাই আহি ৰূপায়ে গাঁৱত কি দেখিছিল? গাঁওখনৰ বাবে ৰূপায়ে কি কাম কৰিবলৈ ললে, – বুজাই লিখা।
উত্তৰঃ জেলৰ পৰা ওলাই আহি ৰূপায়ে গাঁৱত কি দেখিলে আন্দোলনে সিহঁতৰ গাওঁখনাে বাৰুকৈয়ে চুই গৈছে ৷ সিহঁতৰ গাঁৱৰ বহুতাে লৰাই। পুলিচৰ মাৰ খালে, – জেলতাে পৰিল। জেলৰ পৰা উভতি অহা বহুত কামিলা লৰা ধিতিঙা হ’ল। সি কেনেকৈ কি কৰিব কিছুদিন ভাবিলে।
ৰূপাইৰ কথাবােৰত ৰাইজে সিমান মন কাণ নিদিলে। আনকি পাতচেলা স্কুলখনাে আজি ভালেমান দিন বন্ধ। বেথাৰাম পণ্ডিত জেলত পৰিল। আৰু জেলতে মৰিল। পাতচেলা স্কুলখনাে উঠি যােৱাদি গল। সি স্কুলখন আকৌ খােলাৰ বিষয়ে গঞাক কোৱাত গঞাই তাকেই পণ্ডিত হৈ স্কুলখন। চলাবলৈ কলে।
সকলােৰে গা এৰা দিয়াৰ ভাব। সি গৈ ভাঙোৰী ভকতৰ ওচৰত গৈ গাঁও আৰু স্কুলখনৰ দুৰৱস্থাৰ কথা আলােচনা কৰিলে। তাৰ পিছত। ভাঙোৰী ভকতৰ ওপৰতে ভৰসা কৰি ৰূপায়ে কৰ্মপন্থা ঠিক কৰি ললে। অসমীয়া গাঁৱৰ নিয়ম অনুসৰি গাঁৱৰ আটাইতকৈ জৰাজীৰ্ণ ঘৰটোৱেই সিহঁতৰ পাঠশালা। বহুত দিন ব্যৱহাৰ নােহােৱাত ঘৰটো একেবাৰে জহি খহি গৈছিল ৷ সি নিজে হাবিৰ পৰা সােনাৰু খুটা আনি বাৰীৰ বাঁহ। কাটি ঘৰৰ কাম অকলেই বহুত আগবঢ়ালে। ইফালে ভাঙোৰী ভকতেও ৰূপাইক সহায় কৰিবলৈ ধৰিলে। ই্যাকে
দেখি গাঁৱৰ মানুহেও ঘৰে পতি তিনিডালকৈ বাঁহ আনি স্কুলৰ চোতালত পেলালে। তাৰ পিছত থেৰ আহিল আৰু মানুহবােৰেও আহি কামত লাগিল। দেশত স্কুলঘৰ সজা হ’ল। গাই তাক পণ্ডিত হবলৈ কলে যদিও লৰা পঢ়বৰ জোখাৰে তাৰ যে বিদ্যা নাছিল এই কথা সি বুজিছিল। সি গঞাক এই কথা বুজাই কলে যে খেতিয়কৰ লৰা সি থেতিকে কৰিব।
বােৰ্ডে সহায নকৰালৈকে পণ্ডিতজনৰ থাই খৰচ দি থাকিবলৈকো ৰাইজৰ সন্মত হ’ল। তেতিয়া ৰূপায়ে তিলক গােসাঁইলৈ এখন চিঠি লিখি সিহঁতৰ গাঁৱৰ স্কুলখনলৈ এজন জনা বুজা পণ্ডিত পঠিয়াই দিবলৈ অনুৰােধ কৰিলে। লগতে লিখিলে যে লােকেল বােৰ্ডে সাহায্য। নকৰালৈকে গঞাই পইচা তুলি মহিলা ১২ থকাকৈ দিব।
ৰূপাইৰ চিঠি পাই তিলক গোঁসায়ে এসপ্তাহমানৰ ভিতৰতে ভতিজাক বসুক পঠালে। বসু মেট্ৰিক পাছ বুলি জানি ৰাইজে বৰ ভাল পালে। এইদৰে গাঁৱৰ পাঠশালা স্কুলখন পুনৰ থানথিত লগাই ৰূপায়ে থেতি – বাতিত মন দিলে।
9. গােৱালপৰীয়াৰ এৰাবাৰী আৰু সন্তোষ বঙালৰ বিষয়ে এটি টোকা লিখা।
উত্তৰঃ গায়ন বায়নৰ ঘুলিটোত জলকুঁৱৰী কমলা কুঁৱৰীৰ সন্তুষ্টিৰ কাৰণেই ছবিৰ দুখনকৈ নাও ডুব যায়। নাৱত যােৱা মানুহ দুনুহ পানীত তল গৈ মৃত্যুমুখত পৰে। সেই কাৰণেই বেপাৰী নাওবােৰে পানীত জলকোঁৱৰলৈ সৰক্তিৰে পাণ – তাপােল আগবঢ়াইহে নাও মেলে। জলকোঁৱৰৰ দেশলৈ যি এৰাব যায় সি আৰু উভতি নাহে।
কিন্তু জলকোঁৱৰৰ দেশৰ পৰা উভতি অহা মানুহাে আছে। তেওঁলােকক গােৱালপৰীয়াৰ ঘৰ বুলি কয়। গােৱালপাৰাৰ নাও এখন কাজলিয়েদি। উজাই আহিছিল বৈঠালাংচুৰ পৰা লা আৰু কপাহ বিনলৈ। জলকুঁৱৰীৰ অশান্ত মন শান্ত কৰিবলৈ জলকোঁৱৰে নাৱে সৈতে গােৱালপৰীয়াক টানি। লৈ গল। লগৰ মানুহ দুনুহ সকলাে মৰিল। কিন্তু গােৱালপৰীয়াক হেনাে ঘূনিযা বুলি এৰি দিলে। তাৰ সোঁ চকুটো ফুলপৰা। গােৱালপৰীয়া। কপিলীৰ বালিতে পৰি আছিল। গৰখীয়া লৰাই পাই সন্তোষ বঙালৰ। থেৰণিতে থৈছিলহি।
সন্তোষ বঙাল কেতিয়াৰ মানুহ গঞাই নাজানে। সি হেনাে পাণ্ডুৱাৰ। বেপাৰী আছিল। শেষত দিমৰুৱাৰ ৰজাই বৰুৱা পাতি থৈছিল। পিছত। সিহঁতৰ সতী – সন্ততি কলৈ গল কোনােৱে কব নােৱাৰে। ঢাপ মৰা বাৰী এডােখৰ আছে, – এত্যি চৰণীয়া পথাৰ। সেয়াই সন্তোষ বঙালৰ টোল।
গােৱালপৰীয়া ভাল হ’ল, কিন্তু কমলা কুঁৱৰীৰ খবৰ মানুহক কয়হি বুলি জলকোঁৱৰে হেনাে তাক বলি কৰি ৰাখিলে। গােৱালপৰীয়া। গােৱালপাৰা লৈ উভতি নগল। তাতেই আৰ – তাৰ বন কৰি থাকিল। কিছুদিনৰ পিছত ফুটুকিবাইৰ কালৰী নাতিনিয়েক সােণতৰাৰ লগত লেঠা হ’ল। গাঁৱৰ লৰবােৰে ধৰি এজাউৰী দিলে। দেশত সােণতৰালৈকে সি চাপিল। সেইবােৰ বহুদিনীয়া কথা।
গােৱালপৰীয়াৰ এৰাবাৰীখন এতিয়াও আছে। গৰখীয়া লৰাই পৰা আমলখি বিচাৰি যায়। গােৱালপৰীয়াৰ ঘৰ ইংৰাজ ‘জাৰমন’ৰ ধেৱাই পিছত হােৱা ইফালে জ্বৰ মৰকত ভেটি উচন হ’ল। ঠাইডােখৰ চুৱা হ’ল। সেই কাৰণে গােৱালপৰীয়াৰ এৰাবাৰীখন কপিলীয়ে নােচোৱে। সন্তোষ। বঙালৰ বাৰীৰ ঢাপকেইটা মাথাউৰিৰ দৰে ওখ। তাতাে কপিলীৰ পানী নােসােমায়।
10. ৰূপায়ে পিতাক ধীৰচিঙৰ পিণ্ড কি দিব নােৱাৰিলে? ৰূপায়ে তাৰ পিছত কি কৰিলে?
উত্তৰঃ বানপানীৰ পৰাই ৰূপাইৰ পিতাক ধীৰচিঙৰ অসুখ হ’ল আৰু অসুখী গাৰেই বানপানীত নষ্ট হােৱা ঘৰ দুৱাৰবােৰ ঠিক কৰিলে। অতিপাত কষ্ট কৰাৰ কাৰণে তেওঁৰ অসুখ বেছি হ’ল আৰু কপিলী পাৰৰ হাজাৰ হাজাৰ মানুহৰ দৰে ধীৰচিঙো এদিন মৰিল। ৰূপায়ে লঘােন দিলে। সিহঁতৰ গাঁওখন এঘাৰদিনীয়া। যথাৰীতি সি পিতাকৰ কাম কৰিবলৈ আৰু পিণ্ড দিবলৈ সাজু হ’ল।
কিন্তু সি মন কৰিলে গাঁৱৰ বুঢ় – মেথাবােৰে আহি ৰঙিলী আৰু বুঢ়ী মাকক ফুচফুচাই কিবা কিবিবােৰ কলে। দহাৰ আগদিনা দূৰৰ গাঁৱৰ পৰা ধীৰচিঙৰ ভতিজাক এজন ওলালহি। সি বিডি খায়, – দাঁতবােৰ কলা। দেখিলেই ৰূপাইৰ বেয়া লাগিল। সি কিয় ওলালহি ৰূপায়ে কব পৰা নাছিল।
সাঁতােলা আহি তাক যিষাৰ কথা কলে – সি গৰ্জি উঠিল। সি শৰণ লােৱা মানুহ। সি কিয় পিতাকৰ কাম নধৰিব, পিণ্ড নিদিব। তেতিয়া তাক আচল কথাষাৰ কলে। সি হেনাে আচলতে ধীৰচিঙ – ৰঙিলীৰ জন্মদিয়া পুতেক নহয়।
ধীৰচিঙৰ লৰা ছােৱালী নাছিল। গাঁৱৰ বহুতে, মাকে, আনকি। ঘৈণীয়েক ৰঙিলীয়েও ধীৰচিঙক সন্তানৰ কাৰণে পুনৰ বিয়া কৰাবলৈ জোৰ দিছিল। ধীৰচিঙে কপালকে ধীয়াই মান্তি নহ’ল।
এবাৰ কপিলীৰ বৰ ধল আহিল। গাঁও ভূঁই তল গল। ৰেলৰ আলি দুঠাইত চিঙিল। ধীৰচিঙহতৰাে চোতালত পানী উঠে উঠোঁ।
এদিন নাও এখন লৈ গাঁৱৰ কেইজনমানৰে ধীৰচিঙ ভিন গাঁৱৰ মানুহ আনিবলৈ গৈছিল। পথাৰ নৈৰ ছেদ ভেদ নাই। গাঁৱৰাে চিন মােকাম নাই। অলপ দূৰ যাওঁতেই তেওঁলােকে এটা ক্ষীণ কান্দোনৰ শব্দ শুনি সেইফালে গল। উঠি অহা কলাকৈ ঘৰৰ চাল এখনৰ ওপৰত এটা লৰা। শগুন দুটাই সেইটো ধৰিবলৈ পােনাইছিল। ধীৰচিঙহতে নাওখন চপাই থাপমাৰী কেঁচুৱাটো চালৰ ওপৰৰ পৰা তুলি আনিলে। কৰ লৰা কোনেও নাজানে। আ খবৰ কৰিও একো শুংসূত্ৰ উলিয়াব নােৱাৰিলে। অৱশেষত লৰাটো আনি মাকৰ আগত থৈ ধীৰচিঙে কলে নবৌ, তােৰ নাতি।’ সেই লৰাটিয়েই ৰূপাই। ধীৰচিঙৰ নিজৰ সন্তান নােহােৱাৰ কাৰণেই ৰূপায়ে ধীৰচিঙৰ কাম ধৰিব আৰু পিণ্ড দিয়াৰ পৰা বিৰত থাকিবলগীয়া হ’ল।
মনৰ দুখত ৰূপায়ে নিশা সাৰ পাই ঘৰৰ পৰা ওলাই কপিলীৰ পাৰলৈ গল। কপিলীৰ লৰা সি, সি কপিলী লৈয়ে যাব বুলি বৈত জাঁপ দিলে। সি মৰিব নােৱাৰিলে। সাঁতুৰিব জনা মানুহে পানীত আপােনঘাতী হব নােৱাৰে। সি উটি গৈ কেতিয়া পাৰত লাগিল কব নােৱাৰে।
সােণপাহীহঁতে পানী আনিবলৈ গৈ নৈৰ ঘাটত তাক পৰি থকা দেখি পিতাকক খবৰ দিয়াত তাক ঘৰলৈ নি শুশ্ৰুষা কৰিলে। তেওঁলােক। ৰূপাইক চিনি পালে। সিয়েই তেওঁলােকক বানপানীত উদ্ধাৰ কৰিছিল। সুস্থ হােৱাত সকলাে কথা জানি সােণপাহীৰ পিতাকে বুজাই – বঢ়াই তাক ঘৰলৈ পঠিয়াই দিলে।
11. ৰূপাই নিশা বিছনাৰ পৰা নােহােৱা হােৱা আৰু দাদায়েকৰ মৃত্যু সম্পৰ্কীয় কথা থিনি চমুকৈ লিখা।
উত্তৰঃ ৰাতি বুটীমাকে সাৰ পাই উঠি দুৱাৰ খেপিয়াই ৰূপাইক বিছনাত নাপাই সৰু পুতেক অৰ্থাৎ ৰূপাইৰ দদায়েকক ৰূপাই বিছনাত নােহােৱাৰ কথাটো কলে। দদায়েকে জাপ মাৰি উঠি আহি ‘হেৰৌ ৰূপাই’ বুলি চিঞৰি মাতিলে, কিন্তু ৰূপাইৰ কোনাে শুংসূত্ৰ নাপালে। ৰূপাইৰ মাক কটাথন নকৰিবলৈ কৈ ভাঙোৰী ভকতৰ লগত দীঘলদৰীলৈ ভাওনা চশবলৈ হয়তাে ৰূপাই গৈছে বুলি সান্তনা দিবলৈ আৰু নিজেও সান্তনা লভিবলৈ চেষ্টা কৰিলে।
ইতিমধ্যে ৰূপাই দেউতাক ধীৰচিঙে দুই – এটা মানুহ লগত লৈ আৰু মিনাৰাম দোকানীৰ পৰা লেমটো লৈ ৰূপাইক বিচাৰি গল। দুদায়েকেও ইতিমধ্যে অকলেই কপিলী নৈৰ পাৰলৈ ৰূপাইক বিচাৰি গল।
ৰূপাইৰ পুস্তক ধীৰচিঙে পােনে পােনেই ভাঙুৰী ভকতৰ তালৈ গৈ দেখিলে ভাঙোৰী ভকত শুই আছে। তেওঁক জগাই ৰূপাই নােহােৱা হােৱাৰ কথাটো কোৱাত ভকতাে তেওঁলােকৰ লগতে কপিলীৰ পাৰত ৰূপাইক বিচাৰি গল।
কপিলী পাৰত উই হাফলু এটাৰ ওপৰত ৰূপাইক অকলে বহি থকা দেখি মানুহবােৰে দেও ভূত বুলি প্ৰথমে ভয়েই খাইছিল। সেই কাৰণেই জোনৰ পােহৰত ৰূপাইৰ ছাঁ মাৰিত পৰিছে নে নাই চাই ললে। কাৰণ। তেওঁলােকৰ বিশ্বাস, দেও ভূতৰ ছাঁ নাথাকে। তদুপৰি ভাঙুলী ভকতে ৰূপাইক ‘ৰাম’ বুলিবলৈও কলে। দেও ভূতে হেনাে ‘ৰাম’ বুলিব। নােৱাৰে। ৰূপাইৰ ছাঁ দেখি আৰু ৰূপায়ে ‘ৰাম’ বুলি কোৱাটো সি যে সঁচাকৈয়ে ৰূপাই এই কথা মানি লৈ পিতা ধীৰচিঙে এই ৰাতি থন কিয় কপিলীৰ পাৰলৈ আহিছিল বুলি ধমক দিলে। কিয় তেনেকৈ কপিলীৰ পাৰলৈ আহিল পায়ে হেনাে নিজেই কব নােৱাৰে।
তেনেতে দদায়েক তিতি বুৰী সেইখিনি পালেহি। দদায়েকে নৈত কিবা এটা উটি যােৱা দেখি সন্দেহ কৰি সাঁতুৰী ধৰিবলৈ গৈছিল, পিছে কাঠ এটাহে। তাৰ পৰা লেমন পােহৰ দেখি তেওঁ এৰাবাৰীৰ মাজৰ বাটটোৰে এইখিনি ওলালহি। দদায়েক তেনেকৈ তিতি বুৰী অহাত ভূতে চুতে ধৰা বুলিহে মানুহবিলাকে ভাবিছিল।
পিছদিনাৰ পৰাই দাদায়েকৰ জ্বৰ। তেওঁৰ উদফাইৰ দোষ টোও চৰি আহিল। ভূতে চুতে ধৰা বুলি জাৰিলে, ফুকিলে, জলকীয়া পুৰি ধােৱা দিলে। ভূত গল। ভূত যােৱাৰ চিন হিচাপে বাৰীৰ চুকৰ ৰবাব। টেঙাজোপাৰ ডাল এটা ভঙা অৱস্থাত ৰাইজে দেখিলে। ৰূপাইৰ কিন্তু সন্দেহ হ’ল। ডালটো কটাহে, – ভঙা নহয়। তথাপি দদায়েক নাবাচিল। তিনি ‘পাত’ পুহৰক লগাই দদায়েক মৰিল।
12. কপিলী নদী আৰু কপিলীপৰিা মানুহৰ জীৱন সম্পৰ্কে এটি আভাস দিয়া।
অথবাঃ ‘কপিলীপৰিা সাধু’ উপন্যাসত প্ৰকৃতিৰ সৈতে মানৱ জীৱনৰ নিবিড় সম্পৰ্ক কেনেদৰে প্ৰকাশ পাইছে, আলােচনা কৰা৷
অথবাঃ ‘কপিলীপৰিযা সাধু’ত বৰ্ণিত বানপানীৰ দৃশ্য তােমাৰ ভাষাৰে বিৱৰি লিখা।
অথবাঃ “কপিলী দুখৰাে চকুলাে – আনন্দৰাে চকুলাে” – এই উক্তিৰ আধাৰত ‘কপিলীপৰি সাধু’ উপন্যাসৰ এটি আলােচনা আগবঢ়োৱা।
উত্তৰঃ পশ্চিম নগাঁৱৰ মাজেৰে বৈ যােৱা কপিলী এখনি জীয়া নৈ। থাচিয়া, জয়ন্তীয়া আৰু মিকিৰ পাহাৰৰ পৰা বিভিন্ন জান – জুৰিয়ে। শিলদল ভাঙি বৈ অহা প্ৰচুৰ পানীৰে পৰিপুষ্ট হয় এই নৈখনি। বাৰিষা তিনিওখন পাহাৰে যােগােৱা পানীৰে কপিলী উপচি পৰে। কপিলীৰ পৰা বাগৰে। পথাৰ বুৰ যায়। একাঠু, এককাল, তামােল – টেঙাৰ বাৰীত এবুকু পানী হয়। পানীয়ে চোতাল চোৱে, – চোতালত ঢােসাপে কিলকিলায়। মজিয়াত উজাই অহা কাৱৈ মাছৰ লানি। ৰাতিপুৱা চোতালত একাঠু, আবেলিলৈ এবুকু, – ৱেৰৰ মাৰি পানীত চপচপৰে খহে। গধূলি পানী বাঢ়ি গৈ পানীয়ে ৰুৱা – মাৰলী চোৱেগৈ। পশ্চিম নগাঁও এখন অথাই সমুদ্ৰ হয়। মাজে মাজে ওলাই থাকে মাত্ৰ কেইখনমান গাঁও। গৰু গাই উটি যায়। মানুহে আশ্ৰয় ল্য দ্বীপ হৈ পৰা ওথ ঠাইবােৰত। মানুহ আৰু আন আন জীৱ জন্ত মৰে – পানীত, মাটিত, – বেমাৰত আৰু অনাহাৰত।
ৰিলিফৰ নাও আহি মানুহবােৰৰ মাজত দিনে আধাপােৱা চাউল, দুৰ্দিনত এক ছটাক দাইল, সপ্তাহটোত আধা ছটাক তেল, কিছু কাপােৰ কানি, – দুগজ মাৰ্কিন, এফাল কম্বল আদি বিলায়। বেমাৰ ভাল কৰিবলৈ ডাক্তৰ আহে, কুইনাইন আদি সামান্য ঔষধ পাতি দিয়েছি।
আকৌ কপিলী শুকায়। কপিলীয়ে পলস পেলােৱা সাৰুৱা মাটিত প্ৰচুৰ। শালি ধান হয়। ছেদেলি ভেদেলি হােৱা গাওঁবােৰ লাহে লাহে পুনৰ ঠন ধৰিবলৈ ধৰে। মানুহে দুখৰ কথা পাহৰি যায়।
বাতৰিকাকতে লিখা মতে কপিলী নগাঁৱৰ চকুলাে। কপিলীপৰিয়া মানুহে জানে তেওঁলােকৰ কপিলীৰ পানীয়েই তেওঁলােকৰ মাটিত পলস পেলাই সাৰুৱা কৰে, জীপ দিয়ে। কপিলীৰ নিৰ্মল পানীয়েই তেওঁলােকৰ পিয়াহ। গুচা। কপিলীৰ বুকুৱেদিয়েই তেওঁলােকৰ বেহা – বেপাৰ চলে ৰজাদিনৰে পৰা। গােভা, নেলী, ডিমৰুৱাত ৰজা, গােৱালীবােৰৰ ৰাজ্য বােৰ কপিলী পাৰৰে। আহােম – জয়ন্তীৰ বিবাদৰ কেইবাখনাে যুদ্ধৰ থলী কপিলীৰ পাৰ। জয়ন্তীয়াৰ ধেমেলীয়া কটকী কপিলীয়ে দি। আহি জাগীৰ চকীত পত্ৰ সন্দেশ দিছিল। এনেদৰে কপিলীয়েই কপিলীপৰিা মানুহৰ জীৱন।
13. ৰূপাইহঁতে বানপানীৰ সময়ত কেনেকৈ গছৰ আগডালত আশ্ৰয় লৈ থকা এজন মানুহ আৰু এজনী ছােৱালীক উদ্ধাৰ কৰিছিল। -বৰ্ণনা কৰা।
উত্তৰঃ কপিলীত সেইবাৰ ভয়ানক বান। চনটো আছিল ১৯৩৪ চনত। বানে গােটেই অঞ্চলটোৰ অনেক গাঁও – ভূই – চিন – মােকাম নােহােৱা কৰি পেলাইছিল। ওখ ওখ ঠাইত, ৰাজআলি আদিত মানুহ গৰু আদিয়ে আশ্ৰয় লৈছিল। বিভিন্ন উদ্ধাৰ আৰু সহায্যকাৰী দল আহি কামত লাগিছিল।
ৰূপাই আৰু ভাঙোৰী ভকতেও এজন চাহাবৰ লগত উদ্ধাৰ আৰু সহায্যৰ উদ্দেশ্যেই বিশাল সমুদ্ৰসদৃশ থৰস্ৰোতা পানীত নাও মেলি দিছিল। ভকতে গুৰি ধৰে, ৰূপায়ে বঠা মাৰে। চাহাবে জেপৰ পৰা বহী এখন উল্যিাই কিবাকিবি বােৰ লিখে।
প্ৰৱল সোঁতৰ মাজেৰে নাও আগবঢ়াই নিওঁতে সিহঁতে দেখিলে কিছু গছৰ আগত উঠি থকা মানুহ এটাই হাত জোকাৰি সিহঁতক মাতিছে। কপিলী পাৰ হ’ল। চাহাবে ঘড়ী চাই দেখিলে চাৰে চাৰি বাজিছে। গছডালৰ ওপৰলৈ বৰ কষ্ট কৰি নাওখন নি দেখিলে গছজোপাৰ একেবাৰে। আগডালত দুটা মানুহ, – নাওথন আৰু আগবাঢ়ে। এজনী ছােৱালীও। এটা আদহী মানুহে কোনােমতে গছডালত ধৰি আছে, – ঘনাই ঈশ্বৰৰ নাম লৈছে। ওচৰতে ছােৱালীজনী, গাভৰু, গাত একো নাই অজ্ঞান, তাইৰ গাৰ চাদৰখনেৰে গছজোপাত বান্ধি থৈছে। নাওখন ওচৰ চপাত মানুহজনে জাপ মাৰি নাৱত উঠি ভগৱানৰ নাম ললে। নাৱত উঠিয়েই মানুজন অজ্ঞান হৈ পৰিল। চাহাবে মানুজনক পতি কৰিলে। পানীৰ সোঁত আছে, নাওখন বাৰে বাৰে আঁতৰি যায়।
ভকতে আকৌ চপাই আনে। ৰূপায়ে নাৱৰ পৰা হাত মেলি ছােৱালীজনীৰ চাদৰৰ গাঁঠিটো। খুলিবলৈ চেষ্টা কৰে, পৰা নাই। অৱশেষত গছৰ ডালটো হাতেৰে ধৰি দাঁতেৰে কামুৰি সি কোনােমতে গাঁঠিটো থােলে। গবামাৰি ধৰি নাঙঠ। ছােৱালীজনী সি নাৱত তুলিলে। তাইৰ উদং দেহাটোৱে তাৰ শৰীৰটো চোৱে। সি লৰালৰিকৈ ছােৱালীজনী নাৱত শুৱাই দি তাইৰ চাদৰখনেৰেই ঢাকি দিলে। চাহাবে শাড়ী এখন উলিয়াই – তিতা কাপােৰখন গুচাই শৰীৰে ছােৱালীজনীৰ গাটো ঢাকি দিলে।
ইয়াৰ পিছত বৰ বিপদসংকুল অৱস্থাৰে নাও ধৰমতুললৈ লৈ আহি তাত থকা আশ্ৰয় শিবিৰত মানুজন আৰু ছােৱালীজনীক ৰাখি চিকিৎসা। কৰালে। দুদিনমান পিছতে দুয়ো সুস্থ হৈ উঠিল। মানুহজনৰ মুখত শুনিছিল ছােৱালীজনীৰ নাম সােণপাহী।
14. ৰূপায়ে কপিলীত জাঁপ মাৰি কিয় আপােনঘাতী হব বিচাৰিছিল – বুজাই লিখা।
উত্তৰঃ ৰূপায়ে সৰুৰে পৰাই জানিছিল ধীৰচিঙ তাৰবাপেক আৰু ৰঙিলীতাৰ মাক। তেওঁলােকৰ বুকুৰ উম লৈয়েই সি ডাঙৰ দীঘল হৈছিল। বানপানীৰ পিছত বাপেক ধীৰচিঙৰ অসুখ হ’ল। অসুখীয়া গাৰেই তেওঁ বানপানীত ভাঙি চিঙি যােৱা ঘৰ দুৱাৰখিনি ঠিক ঠাক কৰিলে। তেওঁৰ অসুক বেছি হ’ল আৰু কপিলী পাৰৰ হাজাৰ হাজাৰ মানুহৰ দৰে ধীৰচিঙো এদিন মৰি থাকিল। বাপেক ধীৰচিঙৰ মৃত্যুত সি লঘােন দিলে। কিন্তু তেতিয়া দহাৰ আগদিনা দূৰ গাঁৱৰ পৰা দাঁত কলা,- বিডি হােপা এজন মানুহ আহি ধীৰচিঙৰ কাম ধৰা আৰু পিণ্ড দি কাম কৰিবলৈ ওলাল ৰূপাই গৰ্জি উঠিল।
মানুহজন হেনাে ধীৰচিঙৰ ভতিজাক। ধীৰচিঙৰ পুতেক হৈ ৰূপাইয়েহে এই কাম কৰিব লাগে বুলি ৰূপায়ে তৰ্জন গৰ্জন কৰিব ধৰিলে। তেত্যি গাঁৱৰ সাতােলা আৰু বুঢ়া – মেথাই তাক বুজাই কলে সি যে আচলতে ধীৰচিঙৰ পুতেক নহয়। ধীৰচিঙৰ কোনাে লৰা ছােৱালী নাছিল। এবাৰ প্ৰবল বানত ভিন গাঁৱৰ মানুহক উদ্ধাৰ কৰিবলৈ কেইজনমানৰ লগত নাও লৈ যাওঁতে প্ৰবল সোঁতত উঠি অহা পকণীত পাক থাই ঘূৰি থকা চালৰ ওপৰত এটি কান্দি থকা লৰা সন্তান পাই ধীৰচিঙহতে লৈ আনিছিল। কৰ লৰা কোনেও নাজানে। আ খবৰ কৰিও শুংসূত্ৰ উলিয়াব নােৱাৰিলে। ধীৰচিঙেই লৰাটো আনি নিজৰ পুতেক হিচাপে তুলি তালি ডাঙৰ দীঘল কৰিলে। সেয়েই ৰূপাই। গতিকে ৰূপাই ধীৰচিঙৰ আচল সন্তান নহয় কাৰণে সকলােৱে তাক পিণ্ড দিত বাধা প্ৰদান কৰিলে।
ৰূপায়ে এই সকলাে কথা জানি ধীৰচিঙৰ পিণ্ড দিব নােৱাৰাৰ দুখত নিশা সাৰ পাই কপিলী পাৰলৈ গৈ পাৰে পাৰে সি দৌৰিবলৈ ধৰিলে। সি উই। হালুটো পালে। সি তেতিযা কাৰাে সন্তান নহয়, – সি কপিলীৰে লৰা। কপিলীয়েই তাক মাতিছে। কপিলীয়েই সামৰি লওক, কপিলীৰ বুকুতেই সি ঠাই পাব, – এই ভাবি সি কপিলীৰ বুকুলৈকে জাঁপ দিলে — আত্মহত্যা কৰা ভাৱেৰে।
কিন্তু সি মৰিব নােৱাৰিলে। সি সাঁতুৰিব জানে। সাঁতুৰিব জনা মানুহে পানীত পৰি আপােনঘাতী হব নােৱাৰে। উঠি গৈ নৈৰ পাৰত পৰি থাকিল। সােণপাহীহঁতে পানী আনিবলৈ গৈ তাক পৰি থকা দেখি সােণপাহীয়ে দৌৰি আহি পিতাকক খবৰ দিলে। পিতাকে গৈ তাক দাঙি আনি শুশ্ৰুষা কৰাত তাৰ জ্ঞান আহিল। সােণপাহী আৰু পিক তাক চিনি পালে, – সিয়েই বানপানীৰ সময়ত তেওঁলােকক নিশ্চিত মৃত্যুৰ পৰা ৰক্ষা কৰিছিল। তাৰ মুখৰ পৰা আপােনঘাতী হব খােজাৰ সকলাে। কথা শুনি সােণপাহীৰ পিতাকে তাক বুজাই বঢ়াই ঘৰলৈ পঠিয়াই দিলে।
15. কলং পাৰৰ সন্ন্যাসী আৰু সেই সন্ন্যাসীজনৰ ওচৰলৈ ৰূপাই যােৱাৰ কাহিনীটো চমুকৈ লিখা।
উত্তৰঃ বৃত্তি পৰীক্ষা শেষ হােৱাৰ পিছত আজৰি পাই ৰূপায়ে চহৰৰ। ইফালে সিফালে এনেয়ে ঘূৰি চাই চিতি কেছাৰীঘাটৰ দলংখন পাৰ হৈ হয়বৰ গাঁৱৰ পিনে আহিব খুজিছিল। দলং পাৰ হৈ যাব খুজোঁতেই দলং পাৰ হােৱা লােকৰ পৰা পইচা লােৱা মানুহ এজনে তাক পইচা খুজিলে। পঢ়া লৰাৰ পৰা পইচা নলয় বুলি সি উকিলৰ ৰান্ধনী হৰিাৰ পৰা জানিছিল। কিন্তু সি তাৰে পঢ়া লৰা নহয়, আৰু বৃত্তি পৰীক্ষা দিবলৈহে সি তালৈ আহিছে বুলি জানি মানুহজনে তাক পইচাৰ পৰা ৰেহাই। নিদিলে। সি মানুজনক পইচা এটা দি দলংখন পাৰ হ’ল।
দলংখন পাৰ হৈ আগবাঢ়ি যাওঁতেই সি দেখিলে এজোপা আহত গছৰ তলত বৰ ডাঙৰ ধুনি এটা জ্বলাই এজন সন্ন্যাসী বহি আছে। চাৰিওফালে বহুতাে মানুহ, – মতা, তিৰােতা। মাজতে এখন তামৰ থাল তাত সিকি, দুৱানী, চৰতিয়া পইচা। আধলিও দুই এটা আছে। গছজোপাৰ গাত টিঙৰ পাত এচলা মৰা আছে, তাত লেখা আছে ‘ডাক্তৰ বেনাৰ্জীৰ ফিবাৰিন। জ্বৰেৰ যম। সৰ্বত্ৰ পাওয়া যায়।’
ৰূপায়ে মানুহ জুমৰ ওচৰলৈ গৈ দেখিলে সন্ন্যাসীজনে ধুনিৰ ছাইৰে মানুহবােৰৰ কপালত ফোঁট দি পিঠিত চপৰিয়াই কৈছে – ‘চব ঠিক হাে যায়গা বাবা কেদাৰবীকো ধ্যান কৰাে। ৰূপায়ে ওচৰৰ মানুহবােৰৰ পৰা সন্ন্যাসীৰ বিষয়ে কিছু তথ্য সংগ্ৰহ কৰিলে। বাবা বােলে বদ্ৰীকাশ্ৰমৰ পৰা আহিছে। সকলােৰে ভুত। ভৱিষ্যত সকলাে কথা কব পাৰে, আনকি পূৰ্বজন্মৰ কথাও। তেওঁৰ বয়স হেনাে এশ, — কোনােৱে কয় দুশ, কোনােৱে এহাজাৰ বুলিও। ক্য। তেওঁ পিঠিত ঢাকা এটা মাৰিলে বােলে সকলাে বেমাৰ ভাল হয়।
সি বৃত্তি পাবনে নাপায় তাৰ জানিবৰ মন গল। মানুহৰ ভিৰ হাতেৰে ঠেলি যি বাবৰ সন্মুখত গৈ পইচা এটা জনকংম কৰে থালত পেলাই দি বহি সি সুধিলে ‘বাবা, মই বৃত্তি পামনে?
আন মানুহক দিয়াৰ দৰে বাবাই তাৰ কপালতাে ফোঁট দি পিঠিত চপৰিাই কলে, ‘চব ঠিক হাে যাযগা’ ৰূপায়ে ভাবিলে বাবাই তাৰ। কথা বুজি পােৱা নাই। সি আকৌ বা বাবাক সি বৃত্তি পাবনে নাপায় এই কথা সােধাত বাবাই ৰঙা চকু দুটাৰ তালৈ চালে, ভাবটো এই যে এক পইচাত ইমান খবৰ বিচবাৰিবলৈ তই কোন? সি ভয় খাই তাৰ পৰা আঁতৰি আহিল।
16. ৰূপাই আৰু সােণপাহী কত কেনেকৈ লগালগি হৈছিল? সােণপাহীৰ শেষত কি হ’ল আৰু ৰূপায়ে কি কৰিলে – চমুকৈ লিখা।
উত্তৰঃ কপিলীৰ বানত এবাৰ গাঁও ভূঁইবােৰ তল যােৱাত এজন চাহাবৰ নাৱত ৰূপাই আৰু ভাঙোৰী ভকতে উদ্ধাৰ আৰু সাহায্যৰ কামত যাওঁতে পানীৰ সোঁতৰ মাজতে গছৰ আগডাল এটাত মানুহ এজন আৰু ছােৱালী এজনী আশ্ৰয় লৈ থকা দেখিছিল। মানুহজনে অজ্ঞান ছােৱালীজনীক তাইৰ গাৰ চাদৰখনেৰেই গছৰ ডালটোত বান্ধি কোনােৰকম পৰি নােযােৱাকৈ ৰাখিছিল। ছােৱালীজনীৰ গাত অন্য কাপােৰ নাই, একেবাৰে নঙঠা। মানুহজন ৰূপাইহঁতৰ নাওখন ওচৰ চপাত জাঁপ মাৰি উঠিল।
ৰূপায়ে ডালটোত ধৰি চাদৰৰ গাঁঠিটো দাঁতেৰে কামুৰি খহাই ছােৱালীটোক আকোলা মাৰি ধৰি আনি নাৱত শুৱাই দি ধৰমতুলত। থকা আশ্ৰয় আৰু চিকিৎসা শিবিৰলৈ নি চিকিৎসা কৰাই সুস্থ। কৰাইছিল। গছৰ ডালটোৰ পৰা নঙঠা ছােৱালীজনী নমাই আনােতে তাইৰ গােটেই নঙঠা দেহাটো ৰূপাইৰ গাত লগাত তাৰ গাৰ শিৰশিৰণী উঠিছিল। এই ছােৱালীজনী আছিল সােণপাহী। এয়াই আছিল সােণপাহী আৰু ৰূপাইৰ প্ৰথম লগালগি। তাৰ পিছত সােণপাহীৰ লগত তাৰ কোনাে যােগসূত্ৰ নাছিল।
ইয়াৰ বহু দিন পিছত। বাপেক ধীৰচিঙৰ মৃত্যুত জন্মগত পুতেক নােহােৱাৰ বাবে ৰূপাইক বাপেকৰ পিণ্ড দিয়াত বাধা দিলে। সি আছিল বানপানীত ঘৰৰ চাল এখনৰ ওপৰত উঠি অহা কাৰােবাৰ সন্তান। সন্তান হীন ধীৰচিঙে পাই উদ্ধাৰ কৰি আনি নিজৰ সন্তান কৰি ৰাখিলে। এইবােৰ কথা ধীৰচিঙৰ দহাৰ আগদিনা জানি আৰু বাপেক ধীৰচিঙৰ পিণ্ড দিব নােৱাৰাৰ দুখত কপিলীৰ লৰা কপিলীয়েই লওক বুলি নিশা গৈ কপিলীতে জাঁপ দিলে। সি সাঁতুৰিব জানে। সাঁতুৰিব জনা মানুহে পানীত আত্মঘাতী হব নােৱাৰে। সিত্ত নমৰিল সি সোঁতত উঠি গৈ অচেতন অৱস্থাত নৈৰ বালিচৰত পৰি থাকিল।
ওচৰৰ গাঁৱৰে সােণপাহীহঁতে নৈৰ ঘাটলৈ পানী নিবলৈ আহি মানুহ এটা তেনেকৈ বালিচৰত পৰি থকা দেখি সােণপাহীয়ে পিতাকক খবৰ দিয়াত পিতাকে আহি তাক তাৰ পৰা ঘৰলৈ উঠাই নি শুশ্ৰুষা কৰাত সি ভাল হৈ উঠিল। সােণপাহী আৰু পিতাকে তাক চিনি পালে। সিযাে চিনি পালে। সােণপাহীয়ে গাখীৰ এগিলাচ খাবলৈ দিওঁতে তাৰ হাতখন তাইৰ হাতত লাগিছিল। সি তাইৰ ফালে এক বুজাব নােৱাৰা চাৱনিৰে একেথৰে চাই থাকিল। তাযাে যেন তাৰ মনৰ, অন্তৰৰ বহুত কথা বুলি পালে।। এনেকৈয়ে সােণপাহীৰ লগত তাৰ দ্বিতীয়বাৰৰ কাৰণে লগালগি হ’ল আৰু এই লগা লগিয়েই তাইৰ প্ৰতি তাৰ এক এৰাব নােৱাৰা মােহ জাগি উঠিল।
সােণপাহী পিতাকৰ বুজনিত ৰূপাই ঘৰলৈ ঘূৰি আহি ধীৰচিঙৰ শ্ৰাদ্ধত সহযােগ কৰাৰ উপৰি খেতি বাতিত মন দিলে যদিও সােণপাহীক সি এটা মুহূৰ্তও পাহৰিব নােৱাৰিলে। সি এদিন নিশা ভৰ বাৰিষা নাও বাই সােণপাহীহঁতৰ গাঁও পালেগৈ।
সােণপাহীক সি চোতালতে লগ পালে। তাযাে যেন তাইলৈকে অপেক্ষা কৰি আছিল। তাই তাৰ কাষ চাপি আহিল আৰু কলে – ‘মই জানিছিলোঁ তুমি আহিবা বুলি। শেষ নিশাৰ চেঁচা বতাহজাকে সােণপাহীৰ চুলিখিনি উৰুৱাই আনি তাৰ গালত পেলাই তাক পিৰপিৰাই দিলে। সােণপাহীৰ কথা মতে পিছদিনা নিশা গোঁসাই পুখুৰীৰ এক জ্যাল ঠাইত লগালগি হ’ল। সেইদৰে এদিন দুদিনকৈ কেইবাদিনাে তাতেই সিহঁত লগ লাগিল। দুয়ো দুয়োকে যেন কাকো এৰিব নােৱাৰে।
শেষত ৰূপায়ে মনবান্ধি সােণপাহীহঁতৰ গাঁৱলৈ যােৱা বাদ দিলেও সি। প্ৰায়ে অন্যমনস্ক হৈ থাকিবলৈ ধৰিলে। মাক ৰঙিলী আৰু বুঢ়ী মাকে। তাৰ মনৰ অৱস্থাটো লক্ষ্য কৰি বসু পণ্ডিতৰ হতুৱাই তাৰ বিয়াৰ কথা উলিয়ালে। সি সােনপাহীক মনে প্ৰাণে ভাল পালেও পত্নী হিচাপে গ্ৰহণ। কৰিবলৈ যেন সি অকণাে সাজু নহয়। বিয়াৰ কথা, ছােৱালীৰ কথা উলিয়ালেও সি মনে মনে থকা হ’ল।
এদিন সি নানা কথা চিন্তা কৰি কপিলী পাৰত সি যে বহা উই হালুটোৰ ওপৰতে বহি আছিল। হঠাতে তাৰ কাষত নাও এখন ৰলহি নাৱত সােণপাহী। ৰূপাই সােণপাহীক দেখি চকথাই উঠিল। তাই আহি তাৰ কান্ধত হাত এখন থলে। তাইৰ গােটেই শৰীৰটো কপিছে। ৰূপায়ে আচৰিত হােৱাদি। সুধিলে – তুমি কিয় আহিলা সােণপাহী?
ৰূপাইৰ প্ৰশ্নত কিছু কঠোৰতাৰ আভাস। তাই কৰে – ‘এনেয়ে, আজি জানিবা ময়েই আহিলোঁ। তাই হাতখনেৰে তাৰ ডিঙিটো সাৱটি ধৰিলে। ৰূপায়ে উচাট মাৰি তাইৰ হাতখন এৰুৱাই দিলে। তাৰ ব্যৱহাৰত তাই বৰ আঘাত পালে। ইয়াৰ পিছত দুয়ােৰে মাজত বহুত কথাৰ কটাকটি হ’ল। তাৰ পিছত বাৰিষা সি সােণপাহীৰ ওচৰলৈ আকৌ যাব বুলি কৈ। তাইক যাবলৈ কলে।
সােণপাহী থ্যি হ’ল আৰু কলে – এটা কথা কবলৈ আহিছিলোঁ ৰূপাই। দাঁতেৰে তল ওঁঠটো ধৰি নিজক কোনােৰকম সংযত কৰি সােণপাহীয়ে কলে – ‘মােৰ গাত তিনি মাহ ………। কথাষাৰ কৈয়েই সােণপাহী নাৱত উঠিল। – ‘মই যাওঁ ৰূপাই …… তােমাৰ পৰা আৰু মই একো নিবিচাৰোঁ ……..। মুহুৰ্তৰ বাবে তাৰ মন বহুতাে ভাবৰ বিজুলী খেলি গল। তাৰ সন্তান! তাৰ মানে সি সােণপাহীক বিয়া কৰাব লাগিব। কপিলী তই তাকেই বিচাৰিছ! সেয়ে হওক।’
কিন্তু ইতিমধ্যে সােণপাহী নাও লৈ অদৃশ্য হৈ পৰিছিল। ৰূপায়ে সােণপাহীক আতুৰভাৱে বিচাৰিলে। কুঁৱলীৰ মাজেৰে সি চাই পঠিয়ালে। কিন্তু কতাে দেখা নাপালে। কিছুদূৰ গৈ সি দেখিলে নদীৰ বুকুত সােণপাহীৰ খালি নাওখন। সি ভাবিলে তাৰ মানে কপিলীতে সােণপাহী বুৰিল। সি মনৰ দুখেৰে ঘৰলৈ আহি তাৰ বিয়া ঠিক কৰিবলৈ বসু গােসাঁইক কলে। হঠাতে তাৰ কথা শুনি সকলাে আচৰিত হ’ল।
17. মি: পিল্লায়ে ঘৈণীয়েকলৈ লিখা চিঠিত এচাম অসমীয়া মানুহৰ চৰিত্ৰৰ কথা কেনেদৰে উল্লেখ কৰিছে?
উত্তৰঃ মি: পিল্লাই হ’ল জিলাৰ বৰ চাহাব। কপিলীৰ বানত ৰিলিফৰ কামত তেওঁ বৰ ব্যস্ত। গাঁৱে গাঁৱে ঘূৰি সাদিনমানৰ মূৰত চহৰলৈ। আহে। সাদিনৰ ডাক জমা হৈ আছে – চৰকাৰী, নিজা। ত্ৰিবান্দ্ৰমৰ পৰা তেওঁৰ ঘৈণীয়েকৰ পৰাও এখন চিঠি আহিছে – অসমৰ বানপানী, মহামাৰী আদিৰ কথা কাকতে পত্ৰই পাই গিৰিয়েকৰ খা খবৰ সুধি চিঠিখন লিখিছে। ঘৈণীয়েকৰ চিঠিৰ উত্তৰত মি: পিল্লায়ে বানপানীত হােৱা মানুহৰ দুখ দুৰ্গতি আৰু নিজে কিমান বিপদজনকভাৱে কাম কৰিবলগীয়া হৈছে।
ইয়াৰ মাজতে তেওঁৰ কেনেদৰে দুবাৰ কোনােৰকমে প্ৰাণ ৰা পৰিছে, ইয়াত কাম কৰি তেওঁ কেনে আনন্দ লভিছে এই সমূহ বৰ্ণনা কৰি লিখাৰ উপৰি ইয়াৰ মানুহৰ চৰিত্ৰ সম্পৰ্কেও লিখিলে। তেওঁ লিখিছে – ইয়াৰ মানুহবােৰ সৰল। খেতিৰ বাবে সদায় প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিব লাগে বাবে কিছু অদৃষ্টবাদী। মানুহবােৰ অত্যন্ত সাহসী, –এই সাহস তেওঁ ভৰ বাৰিষা বানৰ সময়ত দেখি বিস্মিত হৈছে।
কিন্তু আচৰিত কথা কাম কৰিব পৰা মানুহ ইত কম। স্কুলীয়া ছাত্ৰকেইজনমান আৰু গাঁৱলীয়া ডেকাকেইজন মানেহে নিয়াৰিকৈ কামবােৰ কৰি আছে। ইয়াত বহুতাে ঠগ প্ৰবস্থক আৰু হৃদয়হীন লােকো আছে। পঞ্জাৱৰ পৰা প্ৰচুৰ পৰিমাণৰ সাহায্য পঠিয়াইছে যদিও পাবলগীয়াবােৰে এতিয়া পােৱা নাই। কাকো বিশ্বাস কৰিব নােৱাৰি। পঞ্জাৱৰ পৰা পঠোৱা শাৰী বােৰ বানপানীত কষ্ট পােৱা মানুহবােৰে পােৱা নাই। সিদিনা জেলখানাৰ ঠিকাদাৰে দিয়া কম্বলবােৰৰ মাজত ৰিলিফৰ কম্বলাে ওলাইছে। এইবােৰেই মানুহ। মানুহ যে ইমান হৃদ্যহীন হব পাৰে,আচৰিত লাগে। নিজে থাকি চাই চিতি বস্তু বাহিনী নিদিলে বস্তুবােৰে কেইজনমান উকিলক চহকী কৰিব।
সিদিনা এজন অফিচাৰৰ ঘৰৰ পৰ্দাবােৰ যে অফিচৰ পৰ্দাৰ লগত একে এই কথাও তেওঁ ধৰিব পাৰিলে। আন এজন বিশিষ্ট ভদ্ৰলােকৰ কথাও তেওঁ উল্লেখ কৰিলে। সেই ভদ্ৰলােকজনে ৰিলিফৰ সুন্দৰ বক্তৃতা দিয়ে। যিদিনা কপিলীত প্ৰথম বান আহিছে সেইদিনাৰ পৰাই তেওঁৰ কামৰ হিচাপ দেখুৱাইছে। অথচ এওঁলােকৰ প্ৰথম নাওখন ৪৮ ঘণ্টা পিছতহে পঠিয়াব পাৰিছে। এইবােৰেই মানুহ, – ঘিণ কৰিবলৈকেও ঘিণ লাগে। ইহঁতৰে কিছুমান মানুহ মাৰিছে – আৰু ইহঁত? সংসাৰৰ আন্ধাৰ ফালটোৰ কথা আৰু নজনাও বুলি মি: পিল্লায়ে চিঠি সামৰিলে।
18. ৰূপায়ে কি ভলন্টিয়াল দলত সােমাইছিল, –এই বিষয়ে বহ’লাই বুলাই লিখা।
উত্তৰঃ আৰ্থিক দুৰৱস্থাৰ কাৰণে ধীৰচিঙে পুতেক ৰূপাইক বৃত্তি পৰীক্ষা দিয়াৰ পিছত পঢ়বলৈ ইচ্ছা কৰা নাছিল যদিও ভাঙোৰী ভকতৰ উপদেশ মতে নগৰত দিনবন্ধু উকিলৰ ঘৰতে ৰাখি পঢ়ুৱাৰ ব্যৱস্থা কৰিলে। উকিলেউ ধীৰচিঙক কৈছিল তেওঁৰ ঘৰতে ৰূপাই থাকি পঢ়ক। থকা থােৱা বােৱা, মাচুল আদি তেৱেঁই বহন কৰিব। সি মাথোঁ আজৰি পৰত তেওঁৰ দুই এটা কাম বন কৰি দিব।
ৰূপাইক বাপেকে জিলাত (নগৰত ) উকিলৰ ঘৰত থৈ অহা কেইবাবছৰাে হ’ল। সি প্ৰথমে কৰ পথাৰৰ মাজত থকা দচন ইচকুলতে পৰিছিল। পিছে উকিলৰ ঘৰত সকলাে সময়তে কাম বন কৰি থাকিবলগীয়া হােৱাত সি অকণাে পঢ়িবকে সময় নাপায়। সেয়ে সি ফেল কৰিলে। উকিলেও মাচুল নিদিয়া হ’ল। তাত তাৰ নাম কটা গল।
বঙলা স্কুলত মাচুল কম কাৰণে এইবাৰ তাক সেই স্কুলত নাম লগাই। দিলে। তাত পঢ়া সময়তাে বজাৰ কৰা, খৰি ফলা আদি সকলাে কাম কৰােতে গােটেই বছৰটোতে সি কিতাপ আগত লবলৈ সময়কে নাপায়।
এদিন উকিলৰ ৰান্ধনি হৰিয়ে বজাৰৰ পইচাৰে বিডি আনিবলৈ কলে। সি ঘৰৰ অন্যান্য বজাৰ কৰাৰ লগতে হৰিৰ কাৰণে বিড়িও আনিলে। বজাৰ কৰা হিচাবৰ কাগজখন উকিলনীক দিব লাগে। ৰূপায়ে কাগজ দিয়াত বিড়ি কিনাৰ কথা দেখি বাবুৱনীয়ে তাক ঠাঁচ কৰে চৰ এটা মাৰি কলে – ‘চোৱাৰ বাচ্চা, ইচকুলেৰ ছেলে হয়ে তুই বিড়ি খাচ, তাৰ উপৰি আবাৰ বজাৰেৰ পইচা চুৰি কৰে? সি থােতা মােজাকৈ কলে – মই বিড়ি নাথাও মাই, – হৰি কাকায়ে আনিবলৈ দিছিল, – তেওঁৰ কাৰণেহে আনিছিলোঁ।’
তেতিযা বাবুৱনীয়ে হৰিক মাতি আনি বৰ ধমক দিলে। হৰিয়ে বৰ লাজ আৰু অপমান পাই গধূলি তাৰ কাণ দুখনত ধৰি মূৰটো ঘটালি দি। কলে – ‘তােক বিড়ি আনবাহে কৈছিলোঁ, – হিচাপত লিখিব কুনি কৈছিল?’
অথনি বাবুৱনীয়ে তাক ছােৱালীটিৰ আগতে চৰ মাৰিলে। এতিয়া হৰিয়াইও কাণত ধৰিলে। ইতিমধ্যে মহাত্মা গান্ধীয়ে চলােৱা ‘চৰাজ’ আন্দোলনে চাৰিওফালে গা কৰি উঠিছে। ৰাস্তাই ৰাস্তাই। আন্দোলনকাৰীৰ শুভাযাত্ৰা সি বহুত বাৰ দেথিছে। মনৰ দুখত পলাই গৈ ৰূপায়ে পূৰ্ণ উকিলৰ ভলন্টিয়াৰ দলত সােমাইছিল। গান্ধী টুপী পিন্ধি মদৰ দোকানৰ আগত পিকেটিং কৰােতে তাক মাতাল মেতৰ এটাই নাল লগােৱা বাঢ়নিডালেৰেই খােচা এটা মাৰিলে। তাৰাে খং উঠিছিল – একেপাত চৰতে কৰ মাতাল কলৈ যায় ঠিক নাই। পিছে তাক লীলা মাষ্টৰৰ পুতেকে হাক দিয়াত জানিবা নামাৰিলে। গান্ধী মহাৰাজে হেনাে মাৰ খাবলৈহে কৈছে, – মাৰিবলৈ কোৱা নাই।
19. সামাজিক উপন্যাস হিচাপে ‘কপিলীপৰি সাধু’ উপন্যাস খনিৰ এটি আলােচনা দাঙি ধৰা।
উত্তৰঃ সুসাহিত্যিক, কবি, গীতিকাৰ নৱকান্ত বৰুৱাৰ ‘কপিলীপৰিয়া সাধু’ এখনি সফল সামাজিক উপন্যাস। কপিলী নৈৰ উৎস আৰু কপিলীপৰিয়া মানুহৰ সংগ্ৰামী জীৱনৰ কথাৰে উপন্যাস খনিৰ আৰম্ভণি কৰিছে। প্ৰায় প্ৰতি বছৰে হােৱা কপিলীৰ প্ৰবল বানে অঞ্চলৰ গাঁও ভূঁই। তল নিই মানুহৰ গৰু আৰু অন্যান্য জীৱ জন্তুৰ আলাই অথানি কৰা, বানপানী আৰু বানপানীৰ পিছত হােৱা মহামাৰীয়ে হাজাৰ হাজাৰ মানুহৰ মৃত্যু ঘটোৱা আদিৰ বৰ্ণনা উপন্যাসখনিত পােৱা যায়।
সমাজ জীৱনৰ বিভিন্ন প্ৰতিচ্ছবিৰে সমৃদ্ধ উপন্যাসখনিত কপিলীপৰিয়া ৰাইজ তথা সেই অঞ্চলৰ সহজ সৰল মানুহৰ দুখ কষ্টেৰে ভৰা সংগ্ৰামী। জীৱনৰ কথা এনেদৰে দাঙি ধৰিছে, প্ৰতি বছৰেই কপিলীৰ বানে গাঁও ভূঁই তল নিযায়। মানুহে সংগ্ৰাম কৰে জীয়াই থকাৰ। বানৰ অন্তত। মানুহে ঘৰ দুৱাৰ, গাঁও ভূঁই পুনৰ থিত লগা, থেতি বাতি কৰি জীয়াই থাকিবলৈ চেষ্টা কৰে।
গাঁৱত ‘পাতচেলা’ স্কুলত বেথাৰাম পণ্ডিতে ৰূপাইহঁতৰ দৰে ছাত্ৰক গঢ়ায। পঢ়া নােৱাৰিলে পণ্ডিতে ছাত্ৰক শাস্তি দিয়ে। গাঁৱৰ ছাত্ৰ, উৰুঙা মন। পঢ়া শুনাতকৈ ৰূপাইৰ দৰে কোনাে কোনাে ছাত্ৰৰ গৰু চৰােৱা, বজাৰলৈ যােৱা, কপিলীত মাছমৰীয়াই মাছ মৰা চোৱা – এইবােৰতেই বেছি ৰাপ। তেনে লৰাক অভিভাৱক, বুটীমাকহতেওঁ শাসন কৰিবলৈ চায়।
গাঁৱলীয়া হােজা সমাজত বহুত বস্তুৰেই অভাৱ। সেই খন সমাজতাে অভাৱৰ সীমা নাই। আনকি ৰূপাই ৰাতি বিছনাৰ পৰা নােহােৱা হওঁতে ৰাতি বিচাৰি যাবলৈ গাঁৱৰ একমাত্ৰ লেমটো আনিবলগীয়া হৈছিল মিনাৰাম দোকানীৰ পৰা।
সামাজিক জীৱনত লােক বিশ্বাসৰ প্ৰভাৱ এৰাব নােৱাৰা ধৰণৰ এই লােক বিশ্বাস কপিলী নৈখনৰ ওপৰতাে। নৈখনিৰ গায়ন বায়নৰ গুলিত নাও তল যােৱা, কমলা কুঁৱৰী জলকোঁৱৰী হােৱা, মানচিং ৰাজা কপিলী পৰা এৰি যাব নােৱাৰা, ভকতধূলি বৈৰাগীক কপিলীয়ে সপােন দেখুওৱা, গােৱালপৰীয়া আৰু সন্তোষ বঙাকৰ কাহিনী, গােৱালপৰীয়া এৰাবাৰীত যখিনি থকা, ৰূপাইক কপিলী পাৰত বিচাৰি পাই ৰূপাই ভূত নে সঁচাকৈয়ে মানুহ তাৰ প্ৰমানৰূপে জোনৰ পােহৰত তাৰ ছাঁ নিৰীক্ষণ কৰা, ‘ৰাম’ বুলিবলৈ দিয়া, ৰূপাইৰ দদায়েকে ৰূপাইক বিচাৰি গৈ তিতি বুৰী অহাত ভূতে চুতে, বাকে চাকে, ধৰিছিল নেকি বুলি সােধা, ৰূপাইৰ দাদায়েকৰ জ্বৰত ভূতে ধৰা বুলি বৈদ্যৰ হতুৱাই জৰা ফুকা কৰােৱা, – ভূতে এৰা দিয়াৰ চিন হিচাপে বাৰীৰ ৰবাব টেঙাৰ ডাল ভঙা, তিনিপাত পুহকৰ লগাই ৰূপাইৰ দাদায়েকৰ মৃত্যু হােৱা।
ৰূপায়ে সন্যাসীক হাত দেখুৱাই বৃত্তি পাব নে নাপায় তাক জানিব বিচৰা, বানপানীত নিশা নাৱেৰে আহি এৰাবাৰীখন বিচাৰি উলিয়াব নােৱাৰি, পৰুৱাই পালে নেকি ৰূপাই – বুলি ভকতে সােধা কথা, ৰাতিৰ জুই দেখি ‘উল্কামূৰী’ বুলি ভাবি ঈশ্বৰৰ নাম লবলৈ কোৱা, ধীৰচিঙ ৰঙিলীৰ সা – সন্তান নােহােৱাত মাদলী লৈ, তাবিজ ধোঁৱা পানী খাই সন্তান লাভৰ ব্যৱস্থা কৰা, আৰু কলিকতীয়া কোম্পানীৰ পৰা দেৱাই আনি সন্তান লাভৰ বাবে ৰঙিলীৰ খুওৱা, গোঁসাই পুখুৰী সৃষ্টি হােৱা অলৌকিক কাহিনী – আদি সমাজ জীৱনত থকা এশ এবুৰি লােক কাহিনী, লােক বিশ্বাসৰ কথাই সামাজিক উপন্যাস হিচাপে কপিলীপৰি সাধুক এক বিশেষত্ব দান কৰিছে। তদুপৰি চহা জীৱনৰ চহা ভাষা, যেনে ইনফেলে জ্বৰ (ইনফ্লুয়েঞ্জা ), পাতচেলা (পাঠশালা), কংৰেজী (কংগ্ৰেছি) আদি শব্দ প্ৰয়ােগ কৰিও সামাজিক উপন্যাস হিচাপে সােণত সুৱগা চৰাইছে।
সমাজ জীৱনত থকা সাংসাৰিক জীৱনৰ কথা, খেতি বাতিৰ কথা আদি বৰ্ণনা থকাৰ উপৰি সামাজিক পৰম্পৰা ৰীতি নীতিৰ কথাও উপন্যাসখনিত উল্লেখ কৰিছে। নিজৰ সন্তান নােহােৱা কাৰণে তােলনীয়া সন্তান ৰূপায়ে ধীৰচিঙৰ পিণ্ড দিব নােৱাৰা, এঘাৰদিনীয়া সকাম হােৱা আৰু মৃতকৰ উদ্দেশ্যে পালিবলগীয়া সামাজিক ৰীতি নীতি উল্লেখ কৰি গাঁৱলীয়া তথা সমাজ জীৱনৰ চৰিত্ৰ দাঙি ধৰিছে। ৰূপাই আৰু সােণপাহীৰ মাজত গঢ়ি উঠা প্ৰেম – পিৰীতিয়ে দৈহিক প্ৰেমৰ পৰিণতি লাভ কৰিছিল যদিও সিহঁতৰ কৰুণ বিচ্ছেদে সমাজৰ এক কৰুণ ছবি ভাঙি ধৰিছে।
ভাৰতৰ স্বাধীনতা আন্দোলনত সমাজৰ সাধাৰণ লােকেও অংশগ্ৰহণ কৰি কিদৰে জীয়াতু ভুগিবলগীয়া হৈছিল, সমাজ আৰু গাওঁবােৰৰ। অৱস্থা কিদৰে থানবান হৈছিল তাৰ চিত্ৰও আমি এই উপন্যাসখনিত পাব পাৰাে। প্ৰকৃতপক্ষে উপন্যাসখনিৰ মূল নায়ক ৰূপাইৰ শিক্ষা দীক্ষা, ঘৰ সংসাৰ, থেতি বাতি, প্ৰেম প্ৰীতি, কপিলীৰ লগত সম্পৰ্ক, স্বাধীনতা। আন্দোলনত অংশগ্ৰহণ, শৰণ ভজনৰ চিন্তা, বানপানীৰ সময়ত কৰা। কাম আৰু নেতাসকলৰ দুৰ্নীতিত অন্তৰত পােৱা নানান দুখ বেদনা আৰু শেষত বিয়া বাৰু কৰাই ঘৰ সংসাৰত মন দিবলৈ কৰা ইচ্ছা – আদিৰ বৰ্ণনাৰে উপন্যাসখনিত কপিলীপৰি সমাজ জীৱনৰেই এটি হুবহু চিত্ৰ অংকন কৰিছে ঐপন্যাসিকে।
20. ৰূপায়ে কাৰ ওচৰত শৰণ লবলৈ গৈছিল? তেওঁ ৰূপাইক শৰণ কিয নিদিলে, –বুজাই লিখা।
উত্তৰঃ জেলত থাকোতে ৰূপায়ে তিলক গােসাঁইৰ কথা – বতৰা আৰু চাল – চলনত ইমানেই মােহিত হৈছিল যে তাতেই সি থিৰাং কৰিছিল কেতিয়াবা যদি শৰণ লবলগীয়া হয় সি তিলক গােসাঁইতে শৰণ লব। জেলৰ পৰা ওলাই আহি খেতি বাতিত ধৰোঁতে তাৰ এই কথা মনত পৰি বাপেকক কথাটো কলে। বাপেকে নানা যুক্তি দেখুৱাই তাৰ কথাত আপত্তি কৰিছিল যদিও ভাঙোৰী ভকতৰ কথাত বাপেকে মনে মনে থাকিল। ৰূপায়ে তিলক গােসাঁইতে শৰণ লােৱাটো ঠিক কৰিলে।
এদিন পুৱাতে গা ধুই ৰেলেৰে গৈ জিলাত এখন্তেকো নৰৈ আক তাক সুধি পােতনি গাঁও পালেগৈ। তিলক গােসাঁইৰ ঘৰটো কোনফালে এই কথা ভাবি আগবাঢ়ি গৈ থাকিল। তেতিয়া সন্ধিয়া সময় – গৰু গাইবােৰ। চাপৰিৰ পৰা ঘৰলৈ উভতিছে।
বাটত এজন মানুহক তিলক গােসাঁইৰ ঘৰটোৰ কথা সােধাত সেই নুহজনে তিলক গােসাঁইৰ বিষয়ে যা – তা কোৱাত খং উঠিছিল। অলপ দূৰ আহিয়েই সি বকুল দুজোপাৰ মাজেৰে এটা বাটচৰা দেখিলে। তাত লেখা আছে ‘ওঁ নমাে ভগৱতে বাসুদেৱায়।’ বসু গােসাঁয়ে দিয়া। বৰ্ণনা মতে হুবহু মিলে। বাটচৰাতে সেৱা এটা জনাই সি আগবাঢ়িল। সি শুনিলে কোনােৱাই প্ৰসংগ কৰিলে। মাতটো সি চিনি পালে। সি আগবাঢ়ি গৈ পৰালিতে বহিল। সি দেখিলে ঘিউৰ চাকিটোৰ পােহৰত তিলক গােসাঁইৰ মূৰ্তিটো একোবাৰ জিলিকিছে, একোবাৰ ছাঁ পৰি। আন্ধাৰ হৈছে। ধূপৰ গােন্ধে, বকুলৰ গােন্ধে ঠাইখিনি মনােৰম কৰি তুলিছিল।
প্ৰসংগ আৰু পাঠৰ অন্তত তিলক গোঁসাই ওলাই অহাত ৰূপাই বহাৰ পৰা থ্যি হ’ল। তিলক গোঁসায়ে কোন, কোন বুলি সুধাত সি ‘মইহে ঈশ্বৰ’। বুলি সমিধান দিলে। গোঁসায়ে ওচৰলৈ আহি তাক চিনি পালে তাক।
এলােটা পানী আনি তাক হাত মুখ ধুবলৈ দিলে। গােসাঁইৰ জীয়েকে তালৈ পানী অনা দেখি সি আচৰিত হ’ল। সি ভাবিলে ‘তিলক গোঁসাই দেৱতা। নেকি?
‘পিতাদেৱে হাত মুখ ধুবলৈ কৈছে’, – ছােৱালীটিয়ে কলে – ‘এ
আপুনিচোন মাটিতে বহিছে’, – এই বুলি কঠখন আগুৱাই দিলে।
ৰূপায়ে হাত মুখ ধুলে। তিলক গোঁসাই সােমাই আহিল লগতে মানুহ এটাৰ হাতত এটা ডাঙৰ বাতিত কোমল চাউল আৰু দৈ গাখীৰ, অলপ গুৰ, দুটা চেনিচম্পা কল। ইয়াৰ পিছত দুয়োৰে মাজত কলে – ‘জেলখানাত থাকোতেই পাঙি থৈছিলোঁ আপােনাতে শৰণ লম বুলি, – সেই কামফেৰা কৰি থওঁ বুলিয়েই – T’
গোঁসায়ে মিচিকিয়া হাঁহি এটা মাৰি কলে যে তেওঁ শিচ ভজাবলৈ এৰিলে। তাকে শুনি ৰূপাই বৰ হতাশ হ’ল। গোঁসায়ে কলে – ‘দুখীয়া শিচে লৰা ছােৱালীৰ মাচুলৰ ধনেৰে সঁচা – বৰঙণি পঠাব, লৰা ছােৱালীক লঘােন দিয়াই চোৱাচোন বাৰু? মই সেইবােৰ এৰিলোঁ।’ ইয়াৰ পিছত তেওঁ। কলে যে তেওঁ হালত ধৰি খেতি বাতিত লাগিব খুজিছিল। মাকে বাধা দিয়াত মানুহ এজন ৰাথি সেইবােৰ কৰােৱায়। তেওঁ বাৰীখন চোৱা চিতা কৰে। তেওঁ এখন ৰাতিৰ স্কুলাে পাতিছে। তেওঁ ৰূপাইক কলে যে শুদ্ধচিত্তে কাম কৰি গলে ঘৰ সংসাৰ, দেশ সকলােৰে বাট নিজেই। ওলায়, – বাট বাহিৰৰ নহয় অন্তৰৰ।
তিলক গােসাঁইৰ কথাবােৰ শুনি ৰূপাইৰ ভাল লাগিছিল যদিও তেওঁ শৰণ নিদিয়ে বুলি জানি বৰ দুখ লাগিল। তিলক গোঁসাই শৰণ নললে যেন তাৰ কোনােমতেই নচলিব। ‘মােক শৰণ দি উদ্ধাৰ কৰক মােৰ ঈশ্বৰ’ বুলি তিলক গােসাঁইক বাৰে বাৰে খাটনি ধৰিলে। তিলক গোঁসায়ে তাক বুজালে – দুয়ো হৰিভক্তক, একেজনতে শৰণ লৈছে – মহাত্মা গান্ধীৰ। এতিয়া নিজ নিজ কৰ্ম কৰি গলেই হ’ল। গােসাঁয়ে আহিবৰ পৰত ৰূপাইক পুথি এখন দি কলে ‘পঢ়িবা।’ ৰূপায়ে পুথিখনৰ নাম পঢ়িলে ‘হিন্দু স্বৰাজ’, – ভাঙোতা শ্ৰীৰত্নকান্ত বৰকাকতি। সি পুথিখনকে লৈ গােসাঁইক প্ৰণাম কৰি গাঁৱলৈ উভতি আহিল।
21. ৰূপাইৰ জেল জীৱনৰ কথা চমুকৈ বৰ্ণনা কৰা।
অথবাঃ জেলত থকা সময়চোৱাত ৰূপায়ে লাভ কৰা অভিজ্ঞতা সমূহ চমুকৈ বৰ্ণনা কৰা।।
উত্তৰঃ ৰূপায়ে পূৰ্ণ উকিলৰ ভলন্টিয়াৰ দলত সােমাই আন আন ভলন্টিয়াৰৰ লগত ‘পছেছন’ কৰোঁতে এদিন চিপাহীয়ে সিহঁতক ধৰি লৈ গৈ জেলত ভৰালে। জেলত সােমাই বুজিলে বন্দী মানুহৰ মাজতাে। উকীল, মহৰী, খেতিয়ক, বনুৱাৰ ভাগ আছে। হােৱা বােৱাও বেলেগ বেলেগ।
এটা মস্ত ঘৰত চোৰ, ডকাইত সকলাে ৰকমৰ কয়েদিৰ লগত সিহঁতক থাকিবলৈ দিয়া হৈছিল। অন্যান্য ক্যদিবােৰে অপৰাধৰ বৰ্ণনা বােৰ সিহঁতে বৰ গৌৰৱেৰে কৈছিল। সিহঁতক প্ৰত্যেককে বিভিন্ন কামত। খটুৱায়। তাত আনাৰসৰ খেতি আছে। বনপাত গুচাই ৰখাৰ ভাৰ সিহঁতৰ ওপৰত। এদিন তাৰ লগত কয়েদি এটাই তাৰ ভাগত পৰা আনাৰস এজোপাৰ শিপা কটাত গছজোপা মৰি থাকিল। মেতৰটোৱে ধৰি তাক চৰ কেইটামান মাৰিলে। মেতৰটোও এটা খুনী কয়েদিয়েই। সেই মেতৰটোৱে আন কয়দীক বৰ অত্যাচাৰ কৰিছিল।
আবেলি পাঁচ বজাতেই সিহঁতক ঘৰৰ ভিতৰত সুমুৱাই থৈছিল কাৰণে সি বৰ আমনি পাইছিল। সি ওৱাৰ্ডাৰক চালাম দি আপত্তি কৰিছিল যদিও কোনাে ফল নধৰিলে। ওৱাৰ্ডাৰে তাক হাঁহি মাৰি উপলুঙা কৰি কৈছিল— ‘কয়েদিৰ বাচ্চা কয়েদি, – চচুৰ বাৰীৰ আৰাম চাওঁ?’
ৰূপাইৰ আৰু একো কবলৈ সাহক নহ’ল। সি মনে মনে গৈ কম্বলৰ তলত শুই থাকে। ৰাতিপুৱা শুই উঠাত দেৰি হ’লে ওৱাৰ্ডাৰে ‘বেটা নবাব’ বুলি বুটৰ গােৰেৰেহে সিহঁতক জগায়। সি ধৰমৰকৈ উঠি লপচী খাই কামত ধৰেগৈ।
এদিন মেতৰটোৱে ৰূপাইৰ লগত ভলন্টিয়াৰ কেইটামানক গুৰিালে। চালা খুনী আচামীৰ ইমান সাহ। গান্ধী মহাৰাজৰ সত্যাগ্ৰহীৰ গাত হাত তােলে। তাৰ সেইদিনা খং উঠি মেতৰটোক দুটামান লপা থপাও দিলে। আগৰে পৰা মেতৰটোক বেয়া পায় থকা মৈমনশিঙিযা এটাই মেতৰটোক বগৰাই তাৰ বুকুৰ ওপৰত বহি নেলু চেপি ধৰিলে। ৰূপাইহঁতে তাক। এৰুৱাই দিবলৈ যাওঁতে পুলিচ চপাহী আহি সিহঁতক যধেমধে কোবাবকৈ ধৰিলে ৷ কাৰাে কাৰােবাৰ হাত ভৰি মূৰ আদি ভাঙিল। কাৰােবাক। চঙীত তুলি লৈ গল। ডাক্তৰ আহি পটি বান্ধি দিলে। তাৰ বেছি জখম হােৱা নাছিল – মূৰত অলপ দুখ পাইছিল।
পিছদিনা এই মাৰ পিটৰ শাস্তি হিচাপে তাক অকণমান কোঠা এটাত সুমুৱাই লৈ হাত দুখন ওপৰলৈ তুলি বান্ধি থলে, – গােটেই দিনটো। ভৰিৰ আগটোৰে কোনােমতেহে মজিয়াখন চুই থাকিব পাৰিছিল। সি অসহয় যন্ত্ৰণা পালে। পিছত আগৰ থকা ঠাইলৈকে তাক লৈ আহিল।
কিছুদিন জেল চাবলৈ অহা এচাম চাহাবক লীলা মাষ্টৰৰ পুতেকে আৰু। বাৰপুজিয়াৰ ভলন্টিয়াৰে ইংৰাজীতে কিবা কোৱাত সত্যাগ্ৰহীবােৰক বেলেগে একেলগে থাকিবলৈ দিলে। তাতেই বৰভগীয়াৰ তুলাৰাম গায়ন আৰু গেলা পােতনিৰ তিলক গােসাঁইৰ লগত তাৰ চিনাকি হ’ল। তিলক গোঁসায়ে গান্ধীজীৰ আদৰ্শৰ কথা, অহিংসাৰ কথাবােৰ সিহঁতক বৰ। সুন্দৰকৈ বুজায় কলে। মহাত্মা গান্ধীয়েও হেনাে আফ্ৰিকাৰ পুলিচৰ গােৰ খাইছিল। বন্দুকৰ কুন্দাত তেওঁৰ আগদাঁত ভাঙি গৈছিল। তথাপি তেওঁ সিহঁতক টান কথা কোৱা নাছিল। তেওঁহে আচল সত্যাগ্ৰহী। সাঁচৰ কাৰণে প্ৰাণ দিব, কিন্তু কেতিয়াও অন্যায় কৰোঁতাক হিংসা নকৰে। সত্যৰ প্ৰতি যাৰ আগ্ৰহ তেওঁহে সত্যাগ্ৰহী। মহাত্মা গান্ধীৰ সম্পৰ্কে তিলক গোঁসায়ে আৰু বহুত কথা কৈছিল। ৰূপায়ে তিলক গােসাঁইৰ কথাবােৰ শুনি তেওঁৰ প্ৰতি ভক্তিত গদগদ হৈ পৰিছিল। মেতৰটোক মৰাৰ কাৰণে সি বৰ লাজ পালে।
বিলাতী কাপােৰ কিয় পিন্ধিব নালাগে এই সম্পৰ্কেও তিলক গোঁসায়ে বুজাই কলে। কেনেকৈ আমাৰ দেশৰ কপাহবােৰ বিলাতলৈ যায়, কেনেকৈ তাৰ পৰা কাপােৰ হৈ আহে, সেই সকলাে পইচা কেনেকৈ বিলাতলৈ যায় সেই কাৰণেই আমাৰ দেশখন ইমান দুখীয়া, বিলাতী কাপােৰ নিপিন্ধিলে দেশৰ ধন দেশতে ৰব, দেশ নদনবদন হব, – এইবােৰ কথা গোঁসায়ে সুন্দৰকৈ আটাইকে বুজালে। ৰূপায়ে ইমানদিনে ইমানবােৰ কথা কেতিয়াও বুজা নাছিল। সি ভাবিলে, জেলৰ পৰা ওলাই গৈ সিও গাঁৱৰ মানুহবােৰক, এই কথাবােৰ বুজাই কব।
এদিন ৰেলেৰে তাক আন এজনৰ লগত গুৱাহাটী জেললৈ চালান দিলে। বহু দিনৰ মূৰত বাহিৰৰ মুকলি বতাহ আৰু কপিলীখন দেখা পােৱাৰ আশাত তাৰ মনটো বৰ ভাল লাগিছিল। তিলক গোঁসাইৰ দৰে। ঈশ্বৰতুল্য লােকজনক এৰি আহিবলগীয়া হােৱাত অৱশ্যে তাৰ বৰ বেয়াও লাগিছিল।
গুৱাহাটী জেলত সি চুধংচু বাবুৱেও মহাত্মা গান্ধীৰ অহিংসা নীতিৰ বিষয়ে বিৱৰি কৈছিল। তদুপৰি তেওঁ ‘সাতাৱান চাল’ৰ কথা, হিন্দু মুছলমানৰ মিলৰ কথা, তান্তিয়া টুপী, নানা চাহাব আদিৰ কথা মনটো কিবা ফৰকাল হৈ যােৱা যেন লাগিল। তাৰ কাৰণে জেলকানাথন তীৰ্থক্ষেত্ৰ যেন লাগিল। হঠাৎ কিবা এটা হ’ল। গান্ধী আৰু বৰলাটে হেনাে কিবা মকামিলা কৰাত সিহঁত আটাইকে মুকলি কৰি দিলে। জেলৰ দুৱাৰমুখত আহি লৰা ছােৱালী কিছুমানে সিহঁতক মালা পিন্ধালে। পিছত ফটোও তুলিলে।
22. ৰূপাইৰ জীৱন বৃত্তান্ত চমুকৈ বৰ্ণনা কৰা।
অথবাঃ উকিলৰ ঘৰত থকা কালছােৱাত ৰূপাই কি কি ঘটনাৰ সন্মুখীন হৈছিল, –তাৰ এটি চমু বিৱৰণ দিয়া।
উত্তৰঃ ‘কপিলীপৰি সাধু’ উপন্যাসখনিৰ মূল চৰিত্ৰ তথা মূল নায়ক হ’ল ৰূপাই। উপন্যাসখনিত ধীৰচিঙ, ৰঙিলী, মি: পিল্লাই চাহাব, ভাঙোৰী ভকত, বেথাৰাম পণ্ডিত, ৰূপাই দদায়েক, মিনাৰাম। দোকানী, দিনবন্ধু উকীল, হাৰীয়া ৰান্ধনি, চুধংচু বাবু, তিলক গোঁসাই, তুলাৰাম গান, বসু গোঁসাই, সােণপাহী আদি ভালেমান। চৰিত্ৰৰ সমাবেশ ঘটিছে যতিও সেইবােৰক পাৰ্শ্ব চৰিত্ৰ বুলি কব পাৰি। অৱশ্যে ৰূপাইৰ চৰিত্ৰত আৰু উপন্যাসখনিৰ কাহিনীভাগ গতিশীল হােৱাত ঘাইকৈ তিলক গোঁসাই আৰু সােণপাহীৰ চৰিত্ৰই বিশেষভাবে প্ৰভাৱ বিস্তাৰ কৰিছে।
ৰূপাই, ধীৰচিঙ আৰু ৰঙিলীৰ বুকুৰ উম লৈয়েই ডাঙৰ দীঘল হ’লেও তেওঁলােক দুয়োকে বাপেক মাক হিচাপে জানি আহিলেও প্ৰকৃতপক্ষে সি তেওঁলােকৰ জন্মগত পুত্ৰ নহয়। ধীৰচিঙ ৰঙিলী নিঃসন্তান আছিল। দৈৱক্ৰমে বানপানীৰ সময়ত প্ৰৱল সোঁতত উঠি অহা চাল এখনৰ। ওপৰত কান্দি থকা লৰা সন্তান এটা পাই ধীৰচিঙ – ৰঙিলীয়ে নিজৰ সন্তান হিচাপে তুলি তালি ডাঙৰ দীঘল কৰে। কাৰ লৰা বহুত বিচাৰ খােচাৰ কৰিও কোনাে শুংসূত্ৰ নাপালে। সিয়েই ৰূপাই। ৰূপায়ে কিন্তু বাপেক ধীৰচিঙৰ মৃত্যুৰ সময়লৈকে এই কথা জনা নাছিল।
সৰুতে গাঁৱৰে স্কুলত বেথাৰাম পণ্ডিতৰ তলত পঢ়িছিল যদিও তাৰ পঢ়া শুনাত অকণাে মন নাছিল – কপিলীৰ মাছ ধৰা চাইহে সি ভাল পাইছিল। পঢ়া – শুনা নােৱাৰাৰ কাৰণে আৰু স্কুল খতি কৰাৰ কাৰণে সি যে বেথাৰাম পণ্ডিতৰ হাতত শাস্তি খাব লাগিছিল।
চহৰৰ দিনবন্ধু উকিলৰ ঘৰত থাকি বৃত্তি পৰীক্ষা দিছিল। বৃত্তি নাপালে। আৰ্থিক অৱস্থাৰ কাৰণে বাপেক ধীৰচিঙে পঢ়াব খােজা নাছিল। যদিও দিনবন্ধু উকিলৰ কথাত আৰু গাঁৱৰ দুই চাৰি লােকৰ কথাত উকিলৰ ঘৰতে ৰাখি তাক পঢ়ুৱাইছিল। চহৰত থকা তাৰ কেইবা বছৰাে হ’ল যদিও উকিলৰ ঘৰত সকলাে সময়তে কাম কৰিবলগীয়া হােৱাত সি কিতাপ আগত লবলৈকে সম্য নাপালে। ফলত সি বাৰে বাৰে ফেইল কৰিলে। প্ৰথমে সি দচন হাইস্কুলত আৰু তাৰ পিছত বঙাল স্কুলত পৰিছিল।
এদিন উকিলৰ ৰান্ধনি হৰিৰ কাৰণে বিড়ি কিনি আনােতে উকিলনীয়ে তেওঁৰ ছােৱালীটিৰ আগতে ৰূপাইৰ এচৰ মাৰিলে। হৰিাই আনিব। দিয়া বুলি উকিলনিক কৈ দিয়াৰ কাৰণে হাৰীয়াযাে তাৰ কান মুচৰিলে। মনৰ দুখত সি মহাত্মা গান্ধীৰ স্বাধীনতা আন্দোলনৰ ভলন্টিয়াৰত যােগদান কৰিলে। তাৰ পিছত ‘পচেছন’ কৰাৰ কাৰণে সিহঁতক চিপাহীয়ে জেলত ভৰালে।
জেলতাে অনেক নিৰ্যাতন, শাস্তি, মাৰ পিট খালে। জেলতে তিলক গােসাঁইক সি লগ পালে। তিলক গােসাঁয়ে বন্দী সত্যাগ্ৰহীসকলক মহাত্মা গান্ধীৰ সত্যাগ্ৰহ আৰু অহিংস আন্দোলনৰ বিষয়ে সুন্দৰভাৱে বুজাই। কলে। দক্ষিণ আফ্ৰিকাত পুলিচত গুৰ খাযাে মহাত্মা গান্ধীয়ে থং। নকৰিলে, মাৰ থালেও মাৰিব নালাগে, কোনােবাই হিংসা কৰিলেও। তাক কেনেকৈ ক্ষমা কৰিব লাগে – ইত্যাদি কথাবােৰ ৰূপায়ে শুনি তিলক গােসাঁইৰ প্ৰতি তাৰ অসীম শ্ৰদ্ধা উপজিল আৰু মনে মনে তেওঁতে শৰণ। লব বুলি থলে।
এটা সময়ত সিহঁতে জেলৰ পৰা মুক্তি পালে। জেলতে পাঙি থকা মতে। এদিন গৈ তিলক গােসাঁইৰ শৰণ লব বিচাৰিছিল যদিও একেজন মহাত্মা গান্ধীৰে দুয়ো শৰণ লৈ থৈছে যেতিয়া আৰু শৰণ লােৱাৰ প্ৰয়ােজন নাই। বুলি অনেক তাত্ত্বিক কথাৰে বুজনি দি তিলক গোঁসায়ে তাক ঘূৰাই। পঠিয়ালে। জেলৰ পৰা ওলাই আহি গাঁৱৰ ভাঙি যােৱা স্কুলখনি একক প্ৰচেষ্টাৰে গাঁৱৰ মানুহৰ সহযােগত নতুনকৈ বান্ধিলে। তাত কাম কৰা বেথাৰাম পণ্ডিতেও জেল খাটিছিল আৰু জেলতে মৰিল। তিলক। গােসাঁইলৈ চিঠি লিখি সি তেওঁৰ ভতিজাক বসু গােসাঁইক আনি তাত পণ্ডিত কৰি ৰাখিলে।
সেই অঞ্চলত হােৱা কপিলীৰ বানপানীৰ সময়তাে ৰূপায়ে চাহাবৰ লগত আৰু অন্যান্য মানুহৰ লগত নাৱেৰে গৈ উদ্ধাৰ আৰু সহায্যৰ কামত লাগিছিল। এবাৰ তেনে বানপানীতে চাহাবৰ নাৱত গৈ গছৰ ডাল এটাৰ পৰা পানীৰ সোঁতত মুমূৰ্ষ অৱস্থাত সােণপাহী নামৰ গাভৰু ছােৱালী এজনী আৰু তাইৰ দেউতাকক উদ্ধাৰ কৰি ধৰমতুল আশ্ৰয় শিবিৰত ৰাথি চিকিৎসা কৰাইছিল।
এদিন ৰূপাইৰ বাপেক ধীৰচিঙৰ মৃত্যু হ’ল। ধীৰচিঙৰ পুতেক হিচাপে সি লঘােন দিলে, কিন্তু দুহাৰ আগদিনাহে সি জানিলে যে সি ধীৰচিঙৰ। প্ৰকৃত পুত্ৰ নহয়, ধীৰচিঙৰ পিণ্ড সি দিব নােৱাৰে। তাৰ জীৱন বৃত্তান্ত জানি, বাপেকৰ পিণ্ড দিয়াৰ পৰা বঞ্চিত হৈ মনৰ দুখতে নিশা সি। আত্মঘাতী হবলৈ কপিলীত আহি জাঁপ দিলে। সি মৰিব নােৱাৰিলে। সি। উঠি গৈ অচেতন অৱস্থাত বালিচৰত লাগি ৰল। তাই পানী নিবলৈ আহি তেনেদৰে মানুহ এটা নৈৰ বালিচৰত পৰি থকাত পিতাকক খবৰ দিলে। পিতাকে তাক ভাঙি নি ঘৰত শুশ্ৰুষা কৰি সুস্থ কৰিলে। তেওঁলােকে ৰূপাইক আৰু ৰূপায়েও তেওঁলােকক চিনি পালে। সােণপাহীক দেখি ৰূপাইৰ এক এৰাব নােৱাৰা মােহ উপজিল। সােণপাহীৰ পিতাকৰ। বুজনিত ঘৰলৈ ঘূৰি আহি কাম বনত লাগিল যদিও সি সােণপাহীক এক মুহূৰ্তও পাহৰিব নােৱাৰিলে। সােণপাহীয়েও।
তাৰ পিছত এদিন ৰূপাই নাও বাই সােণপাহীৰ ওচৰলৈ গল। সােণপাহীৰ কথামতেই পিছদিনাৰ পৰা কেইবা নিশাও সিহঁত গোঁসাই পুখুৰীৰ জাল পাৰত লগালগি হ’ল। কিছুদিন পিছত ৰূপায়ে সােণপাহীৰ কোনাে খা খবৰ নকৰাত এদিন সােণপাহীয়েই তাৰ ওচৰলৈ নাও বাই আহিছিল, কিন্তু ৰূপাইৰ পৰা তাই ভাল ব্যৱহাৰ নাপাই তাই তিনিমহীয়া অন্ত : সত্বা এই খবৰটো দিলে। সােণপাহীৰ পেটৰ সন্তান তাৰেই সন্তান, এতিয়া সােণপাহীক সি বি নকৰিলে কোনাে গত্যন্তৰ নাই – এই কথা চিন্তা কৰি সি শিযৰি উঠিল – ভয় খালে। ইতিমধ্যে সােণপাহী তাৰ ওচৰৰ। পৰা আঁতৰি গৈ কপিলীৰ বুকুত জাঁহ গল। ৰূপাইৰ চৰিত্ৰত ই একপ্ৰকাৰ নিৰ্মমতা, প্ৰতাৰমা আৰু ভীৰুতাৰ চিন। শেষত সি বি বাৰু কৰাই ঘৰ সংসাৰত মন কাণ দিবলৈ আগবাঢ়িল যদিও সােণপাহীৰ শেষ পৰিণতিয়ে তাৰ চৰিত্ৰত বাৰুকৈয়ে কলংক সানিলে।