চুটি গল্প | Chapter 13 | Class 12 Advance Assamese Question and Answer | Assam Class 12 Advance Assamese Solutions | AHSEC Class 12 HS Advance Assamese Chapter 13 Notes | SEBA Class 12 HS Advance Assamese Chapter 13 Question and Answer | Questions and Answers for Class 12 Advance Assamese Chapter 13 চুটি গল্প | HS 2nd Year Advance Assamese Questions and Answers Assam


চুটি গল্প

Long Type Questions and Answers (Marks : 4/5/6)

1. চুটিগল্পত মনস্তত্ব বিশ্লেষণ সম্পৰ্কে এটি টোকা লিখা।
উত্তৰঃ যিবােৰ গল্পৰ মাজেৰে মানৱ চৰিত্ৰৰ অন্তৰ্নিহিত ক্ৰিয়া প্ৰক্ৰিয়া ৰূপায়িত হৈ উঠে, সেইবােৰ গল্পকে মনস্তত্বমূলক গল্প বােলে। মানসিক ক্ৰিয়া প্ৰক্ৰিয়া, মনােদ্বন্দ্ব, দৈৱিক কামনা বাসনা আৰু আশা আকাংক্ষা আদি এনেবােৰ গল্পৰ মাজেৰে প্ৰকট হৈ উঠে। অসমীয়া গল্পকাৰ প্ৰাযসকলৰ গল্পতেই এনে বিশ্লেষণ পােৱা যায়। এইক্ষেত্ৰত চেকভ, মুপাঁছা, ফ্ৰয়েড, এডলাৰ আদি মনােবিজ্ঞানীৰ মনস্তত্ব বিশ্লেষণৰ প্ৰভাৱ এইসকল গল্পকাৰৰ ওপৰত পৰা যেন লাগে।

আৱাহন যুগৰ গল্পকাৰ ৰমা দাস, হ’লিৰাম ডেকা, লক্ষীধৰ শৰ্মা, ৰাধিকা মােহন গােস্বামী, বীণা বৰুৱা, ত্ৰৈলােক্য নাথ গােস্বামী, চৈয়দ আব্দুল মালিক, কৃষ্ণ ভূঞা আদিকে ধৰি বৰ্তমানৰ অনেক গল্পকাৰৰ গল্পৰ এই মনস্তত্বৰ বিশ্লেষণ পােৱা যায়।

2. ৰচনা ৰীতি অনুসৰি চুটিগল্পৰ বিভাজন দেখুওৱা।
উত্তৰঃ ৰচনা ৰীতি অনুসৰি চুটিগল্পক এনেদৰে বিভাজন কৰিব পাৰি, কাহিনীপ্ৰধান, চৰিত্ৰ প্ৰধান আৰু পৰিবেশ প্ৰধান গল্প। চুটিগল্পৰ এই তিনিটা ৰচনাৰীতি অনুসৰি কেতিয়াবা প্ৰথমে এটা কাহিনী লৈ তাক ৰূপায়িত কৰাৰ কাৰণে প্ৰযােজনীয় চৰিত্ৰৰ সংযােজন কৰা হয়, কেতিয়াবা চৰিত্ৰ এটাৰ কল্পনা প্ৰথমে কৰি, তাৰ বিকাশৰ কাৰণে ঘটনা আৰু অৱস্থাৰ সৃষ্টি কৰা হয়, কেতিয়াবা আকৌ কোনাে এটা পৰিৱেশ আগতে কল্পনা কৰি, ঘটনা আৰু চৰিত্ৰৰ জৰিয়তে তাক ফুটাই তােলা হয়। ৰচনাৰ এই ভংগীৰ পৰা চুটিগল্পত সেয়ে তিনি ভাগত। ভগাব পৰা যায় – কাহিনীপ্ৰধান গল্প, চৰিত্ৰপ্ৰধান গল্প আৰু পৰিবেশ প্ৰধান গল্প।

কাহিনীপ্ৰধান গল্পত কাহিনী প্ৰকাশেই লেখকৰ মুখ্য উদ্দেশ্য, চৰিত্ৰৰ প্ৰতি গল্প লেখক বিশেষ উদাসীন হােৱা লক্ষ্য কৰা যায়। কাহিনী প্ৰধান গল্প বিপৰিতধৰ্মী গল্প হ’ল চৰিত্ৰপ্ৰধান গল্প। কাহিনী প্ৰধান গল্পত লেখকে চৰিত্ৰৰ চাৰিত্ৰপতি প্ৰতি যি উদাসীনতা অৱলম্বন কৰে, চৰিত্ৰপ্ৰধান গল্পত কাহিনীৰ প্ৰতি সেই উদাসীনতা অৱলম্বন কৰা হয়। পৰিবেশেপ্ৰধান গল্পত আকৌ কাহিনী আৰু চৰিত্ৰত কোনােটোৱেই মুখ্য স্থান লাভ নকৰি, কোনাে অৱস্থা প্ৰধান হৈ উঠে।

3. চুটিগল্পত গল্পৰ ঐক্যৰ বিষয়ে চমু টোকা লিখা।
উত্তৰঃ চুটিগল্পৰ ঐক্যও চুটিগল্পৰ আন এটা উল্লেখযােগ্য উপাদান। পিছে নাটকীয় ঐক্য আৰু চুটিগল্পৰ ঐক্য সমাৰ্থক নহয়। চুটিগল্পৰ ঐক্যই উদ্দেশ্যৰ ঐক্য, ঘটনাৰ ঐক্য আৰু ধাৰণাৰ ঐক্যকে নিৰ্ণয় কৰে। অৰ্থাৎ ইয়াৰ প্ৰতিপাদ্য ভাৱাদৰ্শ মাত্ৰ এটা হব লাগিব আৰু একেটা লক্ষ্য সন্মুখত ৰাখি প্ৰত্যক্ষ পদ্ধতিৰে সি বৰ্ণিত হব লাগিব ৷ ইংৰাজী। সাহিত্যৰ প্ৰসিদ্ধ সমালােচক সাহিত্যক হাড়চনে এই সম্পৰ্কত এনেদৰে মন্তব্য আগবঢ়াইছে – ‘Singleness of aim and singleness of effect are the two great canous by which we have to try the value of a short story as a piece of art.’

4. সাধুকথা আৰু চুটিগল্পৰ মাজত কিবা পাৰ্থক্য আছেনে বুজাই লিখা।
উত্তৰঃ গল্প কোৱা বা শুনাৰ মানুহৰ আদিম প্ৰবৃত্তিয়েই সাধুকথা আৰু চুটিগল্পক জন্ম দিছে যদিও দুয়ােৰে মাজত যথেষ্ট পাৰ্থক্য আছে। সাধুকথাসমূহত কিছুমান নীতিমূলক, উপদেশমূলক কথা থাকে। বাস্তৱ অবাস্তৱ, লৌকিক অলৌকিক সকলাে কথাই সাধুকথাত স্থান পায়। কিন্তু চুটিগল্প সদায় বাস্তৱতাৰ ওপৰত প্ৰতিষ্ঠিত। বৰ্তমানৰ জটিল।

জীৱন চিত্ৰ চুটিগল্পত প্ৰকাশিত হয়। অলৌকিকতা সাধুকথাৰ অন্যতম উপাদান। কিন্তু চুটিগল্পৰ বৰ্ণনা সীমাবদ্ধ বিষয়বস্তু, চৰিত্ৰ, প্ৰকাশভংগী সকলােতে এই সীমাবদ্ধতাৰ চিন। তদুপৰি অলৌকিকতা বা অবাস্তৱতাৰ কোনাে স্থান চুটিগল্পত নাই।।

সাধুকথাবােৰ বৰ্ণনাত্মক। সাধুকথাৰ ঘটনা পৰম্পৰাৰ সংযােগ শিথিল। ইবােৰৰ উদ্দেশ্য একোটা নৈতিক শিক্ষা দিয়া। কিন্তু গল্প ঘটনা পৰম্পৰা শিথিল নহয় আৰু গল্পৰ জৰিয়তে কোনাে নীতিশিক্ষা দিয়া নহয়। সাধুকথাত মানুহৰ উপৰি বিভিন্ন জীৱ জন্ত, জড় চেতন সকলাে পদাৰ্থই অংশগ্ৰহণ কৰে। চুটিগল্পত এনেবােৰ অবাস্তৱ কথা নাথাকে। চুটিগল্পৰ চৰিত্ৰ সদায় মানুহ। মানুহৰ জীৱনৰ আশা – নিৰাশা, প্ৰেম – প্ৰীতি, হাঁহি – কান্দোনেই চুটিগল্পৰ বিষয়বস্তু। চুটিগল্পত জীৱনৰ বিশ্লেষণ কৰা হয়, লেখকৰ জীৱন জিজ্ঞাসা থাকে। সাধুকথাত এইবােৰ অনুপস্থিত। সাধুকথা নিৰক্ষৰ জনসাধাৰণৰ ৰুচিৰ প্ৰতি লক্ষ্য কৰি ৰচিত। কিন্তু চুটিগল্প আধুনিক যুগৰ সৃষ্টি আধুনিক যুগৰ যুক্তিপ্ৰৱল মানুহৰ মনৰ খােৰাক যােগাব পৰাতেই চুটিগল্প সাৰ্থকতা।

5. চুটিগল্প আৰু উপন্যাসৰ তুলনামূলক আলােচনা কৰা।
অথবাঃ উপন্যাস আৰু চুটিগল্পৰ মাজত কি কি প্ৰভেদ পৰিলক্ষিত হয়, আলােচনা কৰা।
অথবাঃ চুটিগল্প আৰু উপন্যাসৰ মাজত থকা সাদৃশ্য আৰু বৈসা দৃশ্যসমূহ আলােচনা কৰা।
উত্তৰঃ চুটিগল্প আৰু উপন্যাস আকৃতি আৰু প্ৰকৃতিত একে যেন লাগিলেও আৰু দুয়ােটাৰে বিষয়বস্তু একে যেন হ’লেও সাহিত্যিক মাধ্যম হিচাপে ইহঁত দুয়ােটাৰে মাজত যথেষ্ট পাৰ্থক্য আছে। একোখন উপন্যাসত একোজন ব্যক্তিৰ জীৱনৰ সমস্ত ঘটনা ৰূপায়ন কৰাৰ অৱকাশ থাকে, কিন্তু চুটিগল্পত গুৰুত্ব লাভ কৰে জীৱনৰ খণ্ডাঙশইহে, চুটিগল্প আৰু উপন্যাসৰ পাৰ্থক্য কেৱল আকৃতিগত নহয় প্ৰকৃতিগত।

একোখন উপন্যাসৰ কাহিনীভাগ পল্লৱীত হৈ উঠে বিস্তৃত পটভূমিত। পল্লৱীত কথাবস্তুৰ গতি ধীৰ আৰু মন্থৰ। ইয়াত জীৱনৰ ব্যাখ্যাও কৰা হয় আৰু তাৰ সমাধানাে থাকে। কিন্তু চুটিগল্পত কাহিনী অতি চমু। ইত এজন ব্যক্তিৰ জীৱনৰ এটা মুহূৰ্তৰ ঘটনাইহে মাথােন গুৰুত্ব লাভ কৰে।

উপন্যাসত মূল বা প্ৰধান কাহিনীৰ লগে লগে প্ৰাসংগিক কাহিনী আৰােপ কৰাৰ সুবিধা থাকে, কিন্তু চুটিগল্পত তেনে ধৰণে প্ৰাসংগিক কাহিনীৰ অৱকাশ নাথাকে।

চুটিগল্পত এটা মাথােন কেন্দ্ৰীয় ভাব থাকে, গল্পৰ চৰিত্ৰ পৰিস্থিতি সকলাে সেই কেন্দ্ৰাভিমুখী হৈ থাকে। ইয়াত বিক্ষিপ্ততাৰ কোনাে অৱকাশ নাই। কিন্তু উপন্যাসৰ কাহিনীভাগ বিক্ষিপ্ত হব পাৰে।

চুটিগল্প আৰু উপন্যাসৰ পাৰ্থক্য প্ৰদৰ্শন কৰিবলৈ সমালােচক বেৰিপেইনে কৈছে উপন্যাস এক তৃপ্তি, চুটিগল্প এক প্ৰেৰণা। উপন্যাসে সকলাে কথা পাঠকক বুজাই দিয়ে কিন্তু চুটিগল্পই পাঠকক বুজি লবলৈ অৱকাশ দিয়ে। ব্যঞ্জনাৰ অতৃপ্তিতেই চুটিগল্পৰ প্ৰধান আনন্দ।

READ MORE  উপন্যাস | Chapter 14 | Class 12 Advance Assamese - AHSEC

6. চুটি গল্পৰ চৰিত্ৰৰ বিষয়ে চমুকৈ লিখা।
অথবাঃ চুটিগল্পৰ উপাদান বিষয়ে চমুকৈ লিখা।
উত্তৰঃ চুটিগল্পৰ ঘাই উপজীৱ হৈছে ইয়াৰ চাৰিত্ৰসমূহ। কেইটিমান চৰিত্ৰৰ কাৰ্যকলাপৰ জৰিয়তে চুটিগল্পৰ কাহিনীভাগে বিকাশ লাভ কৰে। চৰিত্ৰৰ সহায়ত মানুহৰ মনস্তাত্ত্বিক সংঘাত পৰিস্ফুট কৰা হয়। এই চৰিত্ৰবােৰ আমি বাস্তৱ জীৱনত লগ পােৱা বিভিন্ন ধৰণৰ আদৰ্শ আৰু ৰুচিসম্পন্ন লােকৰ প্ৰতিনিধিস্বৰূপ। এইবােৰ জীৱনৰ ভুল ত্ৰুটিৰ মাজেৰে ডাঙৰ দীঘল হােৱা আৰু গল্পকাৰৰ জীৱন জিজ্ঞাসাৰ মাজেদি উপস্থাপিত হােৱা ব্যক্তি চৰিত্ৰ। জৈৱিক আশা আকাংক্ষাৰ পৰা এইবােৰ আঁতৰি গলে পাঠকৰ মনৰ বিশ্বাস অপহৃত হয়। চৰিত্ৰবােৰ বিশ্বাসযােগ্য কৰিব খুজিলে যি সংঘাতৰ মাজেদি চৰিত্ৰবােৰ সৃষ্টি হয় সেই সংঘাতাে বিশ্বাসযােগ্য হব লাগে।

সৰহভাগ গল্পতে এটা কেন্দ্ৰীয় চৰিত্ৰ থাকে। কেন্দ্ৰীয় চৰিত্ৰৰ কাৰ্যকলাপক কেন্দ্ৰ কৰি গল্পৰ আখ্যান ভাগ গঢ়ি উঠে। কেন্দ্ৰীয় চৰিত্ৰৰ লগত আন কিছুমান তলতিয়া চৰিত্ৰ থাকে। গল্পকাৰৰ বৰ্ণনা আৰু তলতিয়া চৰিত্ৰবােৰৰ ঘাই চৰিত্ৰৰ লগত ঘটা সংস্পৰ্শৰ পৰা পাঠকে ঘাই চৰিত্ৰ সম্পৰ্কে নিজ নিজ ধাৰণা পােষণ কৰে। সকলাে গল্পতে চৰিত্ৰবােৰ সুস্পষ্ট হৈ নাথাকে। গল্পকাৰে কম কথা আৰু কম সময়ৰ ভিতৰত গল্প। সৃষ্টি কৰিব লাগে। গতিকে চৰিত্ৰৰ কোনাে এক মুহূৰ্তত সমুজ্জ্বল হৈ উঠা কোনাে এটি দিশৰ প্ৰতিহে সাধাৰণতে গল্প লেখকৰ লক্ষ্য থাকে।

7. চুটিগল্পৰ জনপ্ৰিযতাৰ কাৰণ কি বুজাই লিখা।
উত্তৰঃ বৰ্তমানৰ সকলােবােৰ সাহিত্যিক মাধ্যমৰ ভিতৰত চুটিগল্পৰ জনপ্ৰিয়তাই সৰ্বাধিক। চুটিগল্পৰ এনে জনপ্ৰিয়তালৈ লক্ষ্য কৰি কোনাে কোনাে সমালােচকে মত প্ৰকাশ কৰে যে এদিন হয়তাে চুটিগল্পই উপন্যাসৰ জনপ্ৰিয়তা হ্ৰাস কৰি পেলাব। কিন্তু এনে ধাৰণা ভ্ৰমাত্মক। কাৰণ, একাংকিকাই যেনেদৰে পূৰ্ণাৱ্যব নাটকক স্থানচ্যুত কৰিব নােৱাৰে সেই একেদৰে চুটিগল্পত্যে উপন্যাসক স্থানচ্যুত কৰিব নােৱাৰে। চুটিগল্পৰ জনপ্ৰিয়তাৰ প্ৰধান কাৰণ এইটোৱেই যে ইয়াক কম সময়তে আৰু কম আসতে অধ্যয়ন কৰি আনন্দ লাভ কৰিব পাৰি।

পিছে ইয়েই চুটিগল্পৰ জনপ্ৰিয়তাৰ একমাত্ৰ কাৰণ বুলি কব নােৱাৰি। এনে গল্প কোৱা বা শুনাৰ আগ্ৰহ মানুহৰ এক আদিম প্ৰবৃত্তি। এই প্ৰবৃত্তিৰ বাবেই মানুহে গল্প কবলৈ বা শুনিবলৈ ভাল পায়। এইটোৱেই চুটিগল্পৰ প্ৰতি মানুহৰ আকৰ্ষণৰ প্ৰধান কাৰণ। এনে গল্প কোৱা বা শুনাৰ প্ৰবৃত্তিয়েই অতি প্ৰাচীনকালতে মানুহৰ সমাজত সাধুকথা বা আখ্যান উপাখ্যানবােৰৰ জন্ম দিছিল।

চুটিগল্পৰ জনপ্ৰিয়তাৰ আন এক প্ৰধান কাৰণ হৈছে কম সময় আৰু কম আসতে পঢ়িব পৰা ইযৰ ক্ষুদ্ৰাৱয়বৰ ৰূপটো। আধুনিক সভ্যতাত সমাজৰ প্ৰতিজন মানুহেই পােৱাৰ পৰা ৰাতিলৈকে অসম্ভৱ ব্যস্ত। এনে ব্যস্ততাৰ মাজত সময় উলিয়াই দীৰ্ঘ কাহিনীযুক্ত এথনি উপখ্যান পঢ়িবলৈ মানুহৰ অৱসৰ নাথাকে। সেয়ে কম সময় আৰু কম আসতে পঢ়ি আনন্দ লাভ কৰিব পৰা চুটিগল্পৰ প্ৰতি মানুহৰ আদৰ বেছি। তদুপৰি চুটিগল্পৰ জীৱনৰ পূৰ্ণৱয়ব ৰূপৰ চিত্ৰ নাথাকে, একোজন ব্যক্তিৰ জীৱনৰ একোটা মুহুৰ্তৰ ঘটনাহে ইয়াত ৰূপায়িত হয়। সেয়ে উপন্যাসৰ বিস্তৃত ৰূপটো চুটিগল্পৰ সংহত ৰূপত প্ৰকাশিত হয়। উপন্যাসত পৰিতৃপ্ত থাকে, কিন্তু চুটিগল্পত ব্যঞ্জনাৰ অতৃপ্তি। এনে ব্যঞ্জনাৰ অতৃপ্তিৰ বাবে চুটিগল্পৰ প্ৰতি মানুহৰ সমাদৰ অধিক।

8. চুটিগল্পৰ ৰচনা কৌশলৰ বিষয়ে মন্তব্য দি এটি আলচ যুগুত কৰা।
অথবাঃ চুটিগল্পৰ কলা কৌশল সম্পৰ্কে চমুটোকা লিখা।
উত্তৰঃ চুটিগল্প হৈছে এটি সুসংগঠিত কলা বা আৰ্ট। ইয়াৰ যােগেদি কোনাে এটি কেন্দ্ৰীভূত ভাব প্ৰকাশ কৰা হয়। বিক্ষিপ্ত বা বিস্তৃত ভাব প্ৰকাশৰ ঠাই চুটিগল্পত নাই। কোনাে এটি বিশেষ মুহূৰ্তৰ ওপৰত।

আলােকপাত কৰি তাক ৰমনীয় কৰি দাঙি ধৰাই ইয়াৰ উদ্দেশ্য। ইয়াৰ কাৰণে গল্পকাৰে নিজস্ব অথচ নিপুণ কৌশল প্ৰয়োগ কৰে, যি কৌশলৰ সহায়ত তেওঁৰ কথাবস্তুৱে পাঠকৰ মন প্ৰাণ ছুই যাব পাৰে। কেতিয়াবা নাটকীয় ভঙ্গীৰে আৰম্ভণি কৰে আৰু নাটকীয় ভংগীৰেই তাক শেষাে কৰে। কেতিয়াবা আকৌ সৰল ভাষাৰ মাধ্যমেৰে গল্পকাৰে বৰ্ণনাত্মক ৰীতি প্ৰয়োগ কৰে। নাটকীয় বা বৰ্ণনাত্মক যি ৰীতিকেই প্ৰয়োগ নকৰক কি গল্পকাৰৰ কলা কৌশলৰ নিপুনতাৰ ওপৰতেই গল্পৰ সাৰ্থকতা নিৰ্ভৰ কৰে। গল্পত দুৰ্বল আৰম্ভণি আৰু দুৰ্বল সামৰণীয়ে একোটা সুন্দৰ বিষ্যবস্তুকো দুৰ্বল আৰু অনাকৰ্ষণীয় কৰি তােলে। গল্পত ভাব ভাষা। সংযত, অৰ্থব্যঞ্জক আৰু ইংগিতপূৰ্ণ হব লাগে।

চুটিগল্পৰ আৰম্ভণি আকস্মিক আৰু সমাপ্তিও আকস্মিক। আকস্মিক তথা নাটকীয় সমাপ্তিয়ে “শেষ হৈযাে শেষ নহ’ল” এনেভাব পাঠকৰ মনলৈ আনি বিশেষ চিন্তাৰ উদ্ৰেক কৰে।
চুটি গল্প ক্ষুদ্ৰায়তন। গতিকে ইয়াত মানৱ জীৱনৰ অথবা বিচিত্ৰ সংসাৰৰ কোনাে এটা মুহূৰ্তৰ কথাহে চিত্ৰিত হয়। কম কথাতে বহু কথা। প্ৰকাশ হব পৰা ভাষা ইয়াত ব্যৱহাৰ হয়। সেয়ে কোৱা হৈছে ইযাৰ। ভাষা সংযত, অৰ্থব্যঞ্জক আৰু ইংগিতপূৰ্ণ। চুটিগল্পত বাহুল্যৰ ঠাই নাই। চুটিগল্পত অলৌকিকতা, অৰ্থাৎ অবাস্তৱতাৰ নাম গােন্ধ থাকিব নােৱাৰে। বাস্তৱতাৰ ওপৰতহে ই্যাৰ বিষয়বস্তু নিৰ্ধাৰিত হয়। চুটি গল্পত লেখকৰাে জীৱনৰ অভিজ্ঞতা আৰু ব্যক্তিত্ব প্ৰকাশ পায়। জীৱনৰ মৰ্মান্তশাহী নিগুড় সত্য সাৰ্থক চুটিগল্পৰ মাজেদিহে প্ৰকাশ পায়। এনেবােৰ কলা কৌশলপূৰ্ণ, বিশেষ লক্ষণযুক্ত চুটিগল্পইহে সাৰ্থক চুটিগল্প হিচাপে স্বীকৃতি পায়। সেই কাৰণেই চুটিগল্প প্ৰকৃততে এক বিশেষ ধৰণৰ কলা বা আৰ্ট।

9. বিষয় অনুসৰি চুটিগল্পক কি কি ভাগত ভাগব পাৰি উদাহৰণ স্বৰূপে আলােচনা কৰাব।
অথবাঃ চুটিগল্পৰ শ্ৰেণী বিভাজন সম্পৰ্কে চমুকৈ আলােচনা কৰা।
উত্তৰঃ বিষয়বস্তু ৰূপায়ন অনুসৰি চুটিগল্পক প্ৰধানকৈ এইকেইটা ভাগত বিভক্ত কৰিব পাৰি – প্ৰেমমূলক, সামাজিক, প্ৰকৃতি বিষয়ক, অতি। প্ৰাকৃতিক, হাস্যৰসাত্মক, পাৰিবাৰিক মনস্তত্বমূলক আৰু ডিটেকটিভ।

প্ৰেমমূলক:- মানৱীয় প্ৰেমৰ কিবা এটা পৰিণতি গল্পৰ মাজেৰে ৰূপায়িত হৈ উঠে সেইবােৰকে প্ৰেমমূলক গল্প বােলে। বেজবৰুৱাৰ ‘ভদৰী’, ‘ৰতন মুণ্ডা’, ৰমা দাসৰ ‘অচল টকা’ আৰু চৈয়দ আব্দুল মালিকৰ ভালেমান গল্প এই শ্ৰেণীৰ।

সামাজিক:- এনে ধৰণৰ গল্পত কোনাে এটা সামাজিক নাইবা অৱস্থাই বিশেষ প্ৰাধান্য লাভ কৰে। এই শ্ৰেণীৰ গল্পত লেখকৰ সংস্কাৰকামী মনৰ বিদ্যুৎ বিকাশ পৰিদৃষ্ট হয়। সেই কাৰণে এই শ্ৰেণীৰ গল্পক উদ্দেশ্যধৰ্মী গল্পও বুলিব পাৰি। বেজবৰুৱাৰ ‘যেনে চোৰ তেনে টাঙোন’, শৰৎচন্দ্ৰ গােস্বামীৰ ‘ৰক্ত বীজ’ আদি এই শ্ৰেণীৰ।

প্ৰকৃতি বিষয়ক:- যিবােৰ গল্পত প্ৰাকৃতিক পটভূমিত মানৱ জীৱনৰ চিত্ৰ অংকন কৰা হয়, নাইবা মানুহৰ সুখ দুখৰ পটভূমিস্বৰূপে প্ৰকৃতি ব্যৱহৃত হয়, সেইবােৰকে প্ৰকৃতি বিষয়ক গল্প বােলে ৷ যেনে – বেজবৰুৱাৰ ‘জল কুঁৱৰী’ আৰু ‘কন্যা’ এই শ্ৰেণীৰ।
অতি প্ৰাকৃতিক:- এই শ্ৰেণীৰ গল্পত অতি প্ৰাকৃতিকতাৰ মধুৰ আচ্ছাদনে বক্তব্য বিষয়ক ৰহস্যপূৰ্ণ বা ভয়াবহ কান্তি দান কৰে। ৰবীন্দ্ৰনাথ ঠাকুৰৰ ‘ক্ষুধিত পাষান’, বেজবৰুৱাৰ ‘স্বৰ্গৰােহন’ এই শ্ৰেণীৰ গল্প।

READ MORE  ব'হাগ বিহুৰ পৰম্পৰা | Chapter 9 | Class 12 Advance Assamese - AHSEC

হাস্যৰসাত্মক:- যিবােৰ গল্পত আখ্যান বা চৰিত্ৰতকৈ হাস্যৰসে অধিক প্ৰাধান্য লাভ কৰে নাইবা হাস্যৰস সৃষ্টিয়েই গল্পৰ প্ৰধান উদ্দেশ্য হয় সেইবােৰক হাস্যৰসাত্মক গল্প বােলা হয়। এই শ্ৰেণীৰ কিছুমান গল্পত। হাঁহিৰ অন্তৰালত কাৰুণ্যৰ ফাল্গুধাৰ প্ৰবাহিত হয়। বেজবৰুৱাৰ ‘ধোঁৱা খােৱা’, ‘ভেমপুৰীয়া মৌজাদাৰ’ আদি এই শ্ৰেণীৰ গল্প।
পাৰিবাৰিক:- এই শ্ৰেণীৰ গল্পত পাৰিবাৰিক বা গাৰ্হস্থ্য জীৱনৰ কথাই প্ৰধান হৈ উঠে। বেজবৰুৱাৰ ‘ভদৰী’, ‘লক্ষীনাথ ফুকনৰ ‘মহিমাময়ী’ আদি এনে গল্পৰ নিদৰ্শন।
মনস্তত্বমূলক:- যিবােৰ গল্পৰ মাজেৰে মানৱ চৰিত্ৰৰ অন্তৰ্নিহিত ক্ৰিয়া প্ৰতিক্ৰিয়া ৰূপায়িত হৈ উঠে সেইবােৰকে মনস্তত্বমূলক গল্প বােলা হয়। আধুনিক যুগৰ গল্পকাৰ সকলৰ অধিকাংশ গল্প এই শ্ৰেণীৰ।

ডিটেকটিভ:- এই শ্ৰেণীৰ গল্পত কাৰােবাৰ অপৰাধৰ মাজেৰে পুলিচ বিভাগীয় কৰ্মচাৰীৰ বুদ্ধি চাতুৰ্য আৰু কৰ্মতৎপৰতা দেখুওৱা। এই দিশৰ পৰা এই শ্ৰেণীৰ গল্পক অপৰাধমূলক গল্প ( crime story) বুলিও অভিহিত কৰিব পাৰি। বুদ্ধিনিষ্ঠতা এই শ্ৰেণীৰ গল্পৰ মূল বস্তু। অসমীয়া সাহিত্যত ড° ভবেন্দ্ৰনাথ শইকীয়া, ৰ হাজৰিকা আদিয়ে এই শ্ৰেণীৰ গল্প ৰচনা কৰিছে। ইয়াক ৰহস্য গল্পও বােলা হয়।

10. চুটি গল্প কাক বােলে? চুটিগল্পৰ এটি সংজ্ঞা দি ইয়াৰ জন্ম আৰু বিকাশ সম্পৰ্কে এটি আলােচনা কৰা।
অথবাঃ “চুটিগল্প আকৌ সাধুকথাও নহয়, আখ্যানাে নহয়। সাধু আৰু আখ্যানৰ মাজত থকা ই এবিধ স্বতঃসম্পূৰ্ণ সাহিত্য।” –এই উক্তিৰ আলমত চুটিগল্প সম্পৰ্কে এটি চমু আলােচনা আগবঢ়াৱা।
অথবাঃ ‘চুটিগল্প কেনেকৈ লিখিব লাগে নাইবা ই কিমান দীঘল হােৱা উচিত ইত্যাদি বিষয়ে একো ধৰা বন্ধা নিয়ম নাই।’ –এই উক্তিৰ আলমত চুটিগল্পৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ চুটিগল্প আধুনিক কথা সাহিত্যৰ এক বিশিষ্ট অংগ জীৱনৰ এটা মাথােন মুহূৰ্তৰ ঘটনাৰ কেন্দ্ৰ কৰি পল্লৱীত হৈ উঠা এই সাহিত্যিক। ৰূপটো সাধাৰণভাৱে চুটি কাহিনী বুলি অভিহিত কৰিব পাৰি। চুটিগল্পই আধুনিক সাহিত্যত বিশেষ স্থান লাভ কৰাৰ গুৰিতে হৈছে ই্যাৰ বৈশিষ্ট্য প্ৰসাৰতা আৰু বিশিষ্ট শিক্ষাৰীতি। ঊনবিংশ শতিকাৰ পৰাই আধুনিক চুটিগল্পৰ নিজস্ব আংগিক আৰু শ্ৰেণী স্বাতন্ত্ৰ গঢ়ি উঠিছে।

গল্প কোৱা বা শুনা মানুহৰ স্বাভাৱিক আৰু আদিম প্ৰবৃত্তিয়েই মানুহৰ মাজত সাধুকথা, উপাখ্যান আখ্যান কাহিনী আদিৰ ৰূপ লৈছে। পিছে গল্প কোৱাৰ প্ৰাচীন বা মধ্যযুগীয়া শিল্পৰীতিয়ে লগত আধুনিক। চিটিগল্পৰ পাৰ্থক্য আছে। পৌৰাণিক আখ্যান উপাখ্যান আদিৰ ৰূপ আছিল সহজ সৰল, সিবােৰত মনস্তাত্বিক দ্বন্দ্ব আৰু ঘাত প্ৰতিঘাতৰ সম্ভাৱনা আছিল যদিও স্পষ্টৰূপে ব্যঞ্জিত হােৱা নাছিল। প্ৰাচীন। কাহিনীবােৰৰ উদ্দেশ্য আছিল প্ৰধানতঃ নীতি শিক্ষা দিয়া। প্ৰাচীন মানৱৰ গল্প কোৱা বা শুনাৰ ৰীতিতেই আধুনিক চুটিগল্পৰ বীজ নিহিত আছে। অৱশ্যে বিষয় বস্তু, ৰচনা কৌশল, উদ্দেশ্য আদিত প্ৰাচীন কাহিনীৰ লগত আধুনিক চুটিগল্পৰ পাৰ্থক্য স্পষ্ট। ইযােদশ শতিকাত। ইটালীত চমু গদ্যত ৰচিত গদ্য ৰচনাক Novelliro বুলি কোৱা হৈছিল। ইয়াৰ পৰাই Novella শব্দৰ উৎপত্তি আৰু শেষলৈ Novella শব্দৰ পৰাই Short Story ৰ ইতিহাস আৰম্ভ হৈছে।

বিভিন্ন লেখক আৰু সাহিত্য সমালােচকে চুটিগল্পৰ বিভিন্ন সংজ্ঞা। আগবঢ়াইছে। এজ্ঞাৰ এলেন পােৱে চুটিগল্পৰ সংজ্ঞা নিৰূপণ কৰি +(9:- “In the whole composition there should be no word written of which the tendency, direct or indirect, is not to the pre established design.” চুটিগল্পৰ আৰম্ভণিৰ পৰাই এটা নিৰ্দিষ্ট লক্ষ্য থাকিব লাগিব, ঘটনা, চৰিত্ৰৰ আনকি সামান্য এটি কথাও সেই লক্ষ্যৰ অভিমুখী হব লাগিব। চুটিগল্পৰ এই একমুখীতাই। ইয়াৰ প্ৰবাহক অনিবাৰ্য কৰি তুলিছে। এই লক্ষ্যভেদী সংঘত আৰু সংহত অনিবাৰ্য গতিয়েই চুটিগল্পৰ ধৰ্ম।

ইংৰাজী সাহিত্যৰ বিখ্যাত সমালােচক হাডছনে চুটিগল্পৰ এই লক্ষ্যভেদী। আৰু একমুখী প্ৰকৃতিৰ বিষয়ে মন্তব্য দি কৈছে : “Singleness of aim and singleness of effect are, therefore the two great canons by which we have to try the value of short story as a piece of art .” লক্ষ্যৰ এই একমুখীতা আৰু ফলশ্ৰুতিৰ। একমুখীতাই চুটিগল্পৰ প্ৰধান বিশেষত্ব।

ব্ৰেণ্ডাৰ মেথিউজ নামৰ আন এজন সমালােচকে চুটিগল্পৰ প্ৰকৃতি বিশ্লেষণ কৰি কৈছে যে ই হ’ল Unity of impression অৰ্থ্যাৎ ধাৰণাৰ সমগ্ৰতাই চুটিগল্পৰ প্ৰাণ। ছমাৰছেট মমে চুটিগল্পৰ বিষয়ে কবলৈ গৈ $ (5:-“। show the short story as a narrative of single event, material of spiritual to which by the elimination of everything that 019 not essential to its elucidation a dramatic unity could be gain .” অৰ্থাৎ চুটিগল্পত অপ্ৰয়ােজনীয় অংশ নিষ্ঠুৰভাৱে বৰ্জন কৰি কাহিনীভাগ এটি স্থিৰ নাটকীয় ঐক্যসূত্ৰত গঁথা হয়।

আন এজন সমালােচক আৰ . জে. ৰেচম মতে – “It does not have solution to offer, in just states the human situation.” অৰ্থ্যাৎ চুটিগল্পই কোনাে সমস্যাৰ মীমাংসা দিব নালাগে, মাথােন মানুহৰ অৱস্থাহে দাঙি ধৰিব লাগে। তেওঁ চুটিগল্পৰ আংগিক, প্ৰকাশৰীতি, ভাব আৰু বিষয়, প্ৰেৰণা আৰু লক্ষ্য, প্ৰতীতি আৰু ফলশ্ৰুতিৰ আৱশ্যকতাৰ ওপৰত গুৰুত্ব দিছে।

চুটিগল্পৰ সম্পৰ্কত এনেদৰে বিভিন্ন সংজ্ঞা লক্ষ্য কৰা যাব যদিও সকলাে সমালােচকেই এই কথাত একমত যে লক্ষ্য (aim), প্ৰতীতি ( impression) আৰু ফলশ্ৰুতি – এই তিনিটাই ‘চুটিগল্প’ প্ৰধান বিশেষত্ব। সমালােচক বেৰী পেইনে কৈছে : ‘উপন্যাস হৈছে এটা তৃপ্তি আৰু চুটিগল্প হৈছে এটা প্ৰেৰণা।’ কাৰণ চুটিগল্পত সামগ্ৰিকতা বা বিশালতা নাই। ৰবীন্দ্ৰনাথ ঠাকুৰে অৱশ্যে কাব্য়িক ভাৱেই চুটিগল্পৰ গুণাগুণ নিৰ্ণয় কৰিছে : ‘শেষ হয়ে হইল না শেষ।’ – ইয়েই চুটিগল্পৰ চিত্তাকৰ্ষক উপাদান।

চুটিগল্প উনবিংশ শতিকাৰ সৃষ্টি। উনবিংশ শতিকাৰ প্ৰথমাৰ্ধৰ পৰাই ই এক বিশিষ্ট সাহিত্য – কৰ্মৰূপে স্বীকৃতি লাভ কৰে আৰু শেষত ঊনবিংশ শতিকাত পূৰ্ণ প্ৰতিষ্ঠা লাভ কৰিবলৈ সমৰ্থ হয়। আধুনিক চুটিগল্পৰ পথিকৃতসকলৰ ভিতৰত প্ৰথমেই উল্লেখযােগ্য ‘ৰিপ ভান উইকল’ গল্পৰ লেখক ৱাছিংটন আৰভি। এওঁৰ পিছতে আন উল্লেখযােগ্য আমেৰিকান গল্পকাৰ সকল হ’ল নাথানিয়েল হৰ্ণন, এডগাৰ এলেন পাে, হেনৰি জেমছ আৰু অ’ হেনৰি। বহুতাে সমালােচকে আধুনিক চুটিগল্পৰ বাটকটীয়া হিচাপে ফ্ৰান্সৰ বালজাকৰ নাম লােৱাটো উচিত বুলি ভাবে।

READ MORE  মােৰ গাঁও | Chapter 4 | Class 12 Advance Assamese - AHSEC

বালজাকৰ পিছতে আন উল্লেখযােগ্য ফৰাচী গল্পকাৰ সকল হ’ল ভিক্টৰ হিউগ, প্ৰেছমাৰ মেৰিমি, ফ্লবোৰ, মােপাঁচা, আলফা দোতে ইত্যাদি। ফ্ৰান্সৰ পিছতে চুটিগল্পৰ ক্ষেত্ৰত উল্লেখযােগ্য দেশখন হ’ল ৰাছ্যিা পুছকিন, গগল, এণ্টন ছেকভ ৰাছিযান চুটিগল্পৰ ইতিহাসত স্মৰণীয় নাম। জাৰ্মান সাহিত্যত গেট, হফমেন, স্কীলাৰ, হেইন, ৰেখ হাইনে আদি বিখ্যাত চুটিগল্প লেখক। ষ্টিফেন জোৱাইগ আৰু ইমাছ মেনৰ হাতত আধুনিক চুটিগল্পই বিকাশ লাভ কৰিলে। ইংৰাজী সাহিত্যৰ বিখ্যাত গল্পকাৰসকল হ’ল আৰ এল ষ্টিভেনছন, লৰেন্স, মেন্সফিল্ড, ছিটৱেল, গ্ৰাহাম গ্ৰীণ ফষ্টাৰ ইত্যাদি।

11. চুটিগল্পৰ প্ৰধান বৈশিষ্ট্য বা উপাদান সমুহ কি কি – বুজাই লিখা।
অথবাঃ ‘চুটিগল্প আধুনিক সাহিত্যৰ এটি বিশিষ্ট অংগ।’ – এই উক্তিৰ আলমত চুটিগল্পৰ বৈশিষ্ট্য সম্পৰ্কে এটি আলচ যুগুত কৰা।
উত্তৰঃ প্ৰতিটো সাহিত্যিক ৰূপৰে কিছুমান নিৰ্দিষ্ট উপাদান থকাৰ দৰে চুটিগল্পৰাে কিছুমান বিশিষ্ট উপাদান আছে। চুটিগল্পৰ উপাদানসমূহ হ’ল— বিষয়বস্তু, ঐক্য, কাহিনী, চৰিত্ৰ, সংলাপ বা কথােপকথন, পৰিৱেশ সৃষ্টি, লেখকৰ জীৱন জিজ্ঞাসা আৰু ৰচনা ৰীতি। উপাদানসমূহৰ সম্যক আলােচনা তলত দাঙি ধৰা হ’ল—

বিষয়বস্তু:- চুটিগল্পৰ বিষয়বস্তু এনে হব লাগে নিৰ্দিষ্ট পৰিধিৰ মাজত যাৰ বিকাশ সম্ভৱপৰ হয়। সেইবুলি চুটিগল্প যে একোটা ঘটনা বা। একোটা মুহূৰ্ততে সীমাবদ্ধ থাকিব, তাৰাে কোনাে অৰ্থ নাই। কাৰণ চুটিগল্প একোটা ঘটনাৰ প্ৰকাশকো হব পাৰে, নাইবা বিক্ষিপ্ত জটিল ঘটনাৰাে বাহক হব পাৰে। আনহাতে ই উপন্যাসতকৈ বহ’ল পটভূমিত সুদীৰ্ঘকাললৈ খেলা কৰিব পাৰে। উদাহৰণ স্বৰূপে ৱাছিংটন আৰভিঙৰ ‘ৰিপ ভান উইংকল’ গল্পৰ কাল সুদীৰ্ঘ, ৰিপ ভানৰ সমগ্ৰ জীৱনৰ পূৰ্ণ চিত্ৰ, তথাপি সি গল্প। কাৰণ কাহিনীৰ কাল দীৰ্ঘম্যাদী হ’লেও তাত। কাৰ্যৰ ঐক্য আৰু কাৰণৰ ঐকান্তিকতা বিৰাজ কৰিছে। সেই কাৰণে সি চুটিগল্পত নকৰে, নিৰ্ভৰ কৰে ইয়াৰ প্ৰয়োগৰ ওপৰতহে।

বিষ্যবস্তুৰ ফালৰ পৰা চুটিগল্পকো কবিতাৰ দৰে দুটা ভাগত ভগাব পাৰি – ব্যক্তিনিষ্ট বা আত্মবিবৃতিমূলক ( Subjective) আৰু বস্তুনিষ্ঠ বা বৰ্ণনামূলক (Objective)। যি গল্পৰ বিষয়বস্তু লেখকৰ ব্যক্তিগত জীৱন সম্পৰ্কীয় হয়, তাকে ব্যক্তিনিষ্ঠ বুলিব পাৰি। এইবােৰ গল্পত লেখকে নিজ চৰিত্ৰৰ ভূমিকা লৈ সকলাে কথা প্ৰথম পুৰুষত ব্যক্ত কৰি যায়। আধুনিক যুগৰ বেছিভাগ গল্প এই শ্ৰেণীৰ। বস্তুনিষ্ঠ গল্পত লেখকে নিজৰ কথা নকৈ আনৰ কথা বৰ্ণনা কৰে এই বােৰ গল্প তৃতীয় পুৰুষত লেখা হয়।

ঐক্য:- ঐক্য চুটিগল্পৰ আন এক উল্লেখযােগ্য উপাদান। পিছে নাটকীয় ঐক্য চুটিগল্পৰ ঐক্য সমাৰ্থক নহয়। চুটিগল্পৰ ঐক্যই উদ্দেশ্যৰ ঐক্য, ঘটনাৰ ঐক্য আৰু ধাৰণাৰ ঐক্যকে নিৰ্ণয় কৰে। অৰ্থাৎ ইয়াৰ প্ৰতিপাদ্য ভাবাদৰ্শ এটা হব লাগিব।

কাহিনী:- চুটিগল্পৰ আন এক উল্লেখযােগ্য উপাদান হ’ল কাহিনী। অৱশ্যে নাটক বা উপন্যাসৰ কাহিনীৰ দৰে ইয়াৰ কাহিনী শক্তিশালী আৰু বিচিত্ৰধৰ্মী নহয়। চুটিগল্পৰ কাহিনী বিশেষ সহজ সৰল আৰু পােনপটীয়া হােৱা বাঞ্ছনীয়। কিছুমান চুটিগল্পত কাহিনীৰ প্ৰয়ােজন নাই বুলিয়েই কব খােজে। তেওঁলােকৰ মতে চুটিগল্পৰ উদ্দেশ্য একোটা সসংবদ্ধ কাহিনী প্ৰতিপাদন কৰা নহয়, কাহিনীৰ স্বীকৃতি দান কৰাহে তাৰ উদ্দেশ্য।

তথাপি ইয়াত কাহিনীৰ আৱশ্যকতা একেবাৰে ওলাই কৰিব নােৱাৰি। অৱশ্যে চুটিগল্পৰ কাহিনী নাটক বা উপন্যাসৰ কাহিনীতকৈ দুৰ্বল হব পাৰে। কিন্তু দুৰ্বলেই হওক বা সবলেই হওক গল্পৰ মাজেদি বৈ থকা কাহিনীয়ে ধ্বনিত কৰে জীৱনৰ কোনাে এক মুহুৰ্তৰ ঘনীভূত ইতিহাস। পিছে সেই বুলি ঘটনা এটাৰ এফালৰ পৰা কৰা বৰ্ণনাই গল্প হব নােৱাৰে। গল্প হব লাগিলে সি শিল্পসংগত ভাবে প্ৰকাশিত হব লাগিব। কাহিনী আৰু প্ৰকাশভংগীৰ মণিকাঞ্চন সংযােগেহে উৎকৃষ্ট গল্প সৃষ্টি কৰিব পাৰে। কাহিনীৰ প্ৰকাশভংগীৰ কৌশলেই চুটিগল্পৰ মাধুৰ্য বঢ়ায়। কাহিনীৰ চুটি অথচ আৰম্ভণি আকস্মিক আৰু সামৰণি নাটকীয় হব লাগে।

চৰিত্ৰ:- চৰিত্ৰও চুটিগল্পৰ অন্যতম উপাদান। চৰিত্ৰই চুটিগল্পৰ কাহিনী বা ঘটনা বিকাশত সহায় কৰে। চৰিত্ৰৰ কাৰ্যকলাপ আৰু মনস্তাত্বিক। বিশ্লেষণৰ দ্বাৰাহে কাহিনী বা চুটিগল্পৰ সৌন্দৰ্য প্ৰকাশ পােৱাৰ লগতে উদ্দেশ্যও সাধিত হয়। একোটা চৰিত্ৰই সমাজৰ বিভিন্ন লােকৰ প্ৰতিনিধিত্ব কৰি তাৰ প্ৰকৃত স্বৰূপ আৰু বক্তব্য বিষয় উপস্থাপন কৰে। আনকি চৰিত্ৰৰ জৰিয়তে লেখক আৰু পাঠকৰ মাজত সম্পৰ্কও স্থাপিত কৰে। সংলাপ বা কথােপকথন : কথা বতৰাৰ জৰিয়তে যিদৰে মানুহৰ মাজত সংহৃদ্যতা বাড়ে সেইদৰে চুটিগল্পত ব্যৱহৃত সংলাপ বা। কথােপকথনেও লেখক, চৰিত্ৰ আৰু পাঠকৰ অন্তৰত সহৃদয়তা আনি দিয়ে।

আনহাতে চৰিত্ৰৰ বিকাশ সাধনত, আৰু গুণাগুণ প্ৰকাশত সংলাপে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। চুটিগল্পৰ সংলাপ চুটি আৰু। ইংতিতপূৰ্ণ হব লাগে। এষাৰ বাক্যত, এটা শব্দত বহু কথা প্ৰকাশ পাব লাগিব। দীঘলীয়া সংলাপ বা সংলাপৰ জৰিয়তে দীঘলীয়া বৰ্ণনাই। চুটিগল্পৰ ৰস, উৎসুক্য আৰু সৌন্দৰ্য নাইকিয়া কৰে।

পৰিবেশ সৃষ্টি:- পৰিৱেশ সৃষ্টি চুটিগল্পৰ আন এটা উল্লেখযােগ্য উপাদান। চুটিগল্পত বৰ্ণিত কাহিনী বা ঘটনাৰ গুৰুত্ব বঢ়াবলৈ উপযুক্ত পৰিবেশ সৃষ্টি কৰিব নােৱাৰিলে পটুৱৈৰ অন্তৰত সেই গল্পই একেবাৰেই ৰেখাপাত কৰিব নােৱাৰে। পৰিৱেশে পটুৱৈৰ মনত এনে এটা ভাবৰ সৃষ্টি কৰিব পাৰিব লাগিব যেন তেওঁ সেই ঘটনা বা কাহিনী নিজ চকুৰেহে প্ৰত্যক্ষ কৰিছে। অৱশ্যে পৰিবেশৰ দীঘলীয়া বৰ্ণনা সম্পূৰ্ণভাৱে বৰ্জনীয়।

লেখকৰ জীৱন জিজ্ঞাসা:- চুটিগল্পত লেখকৰ জীৱন জিজ্ঞাসাৰ অতি প্ৰযােজন। সমাজ বা মানুহৰ জীৱনৰ যিকোনাে মুহূৰ্তৰ ঘটনাকেই লেখকে চুটিগল্পত ৰূপায়িত কৰিব বিচাৰিলে সেই সম্পৰ্কত লেখকৰ সম্পূৰ্ণ অভিজ্ঞতা, পুংখানুপুংখ জ্ঞান আৰু সূক্ষ দৃষ্টি থাকিব লাগিব। তেতিয়াহে লেথকে ইয়াক সঁচা আৰু জীৱন্ত ৰূপত প্ৰকাশ কৰিব পাৰে।
ৰচনা ৰীতি:- চুটিগল্পৰ ৰচনাভংগীৰাে কোনাে নিৰ্দিষ্ট ৰীতি নাই। গল্প একোটা সম্পূৰ্ণ বৰ্ণনামূলক নাইবা বিশুদ্ধ কথােপকথন মূলক অথবা বৰ্ণনা আৰু কথােপকথনৰ সমন্বয়ত ৰচিত হব পাৰে। এই তিনিটা ৰীতিৰ ভিতৰত সচৰাচৰ শেষটোৱেই ব্যৱহৃত হােৱা দেখা যায়। কাৰণ, গল্প কেৱল বৰ্ণনামূলক হ’লে সি যেনেকৈ গতানুগতিক, বৈচিত্ৰ্যবৰ্জিত, অনাটকীয় হােৱাৰ সম্ভাৱনা তেনেকৈ বিশুদ্ধ। কথােপকথন মূলক হ’লেও প্ৰতিপাদ্য আটাইবােৰ কথা ব্যক্ত কৰা জটিল হৈ পৰে। সেই কাৰণে আৰু কথােপকথনৰ মিশ্ৰ ৰীতিটো সচৰাচৰ গ্ৰহনীয়।

Leave a Comment

error: Content is protected !!
Scroll to Top