উপন্যাস | Chapter 14 | Class 12 Advance Assamese Question and Answer | Assam Class 12 Advance Assamese Solutions | AHSEC Class 12 HS Advance Assamese Chapter 14 Notes | SEBA Class 12 HS Advance Assamese Chapter 14 Question and Answer | Questions and Answers for Class 12 Advance Assamese Chapter 14 উপন্যাস | HS 2nd Year Advance Assamese Questions and Answers Assam


উপন্যাস

Long Type Questions and Answers (Marks : 3/4)

1. চৰিত্ৰপ্ৰধান উপন্যাস : চমু টোকা লিখা।
চৰিত্ৰপ্ৰধান উপন্যাস :- একোখন উপন্যাসত কাহিনী আৰু চৰিত্ৰৰ সম্পৰ্ক অতি ঘনিষ্ঠ। এটাৰ অবিহনে আনটোৰ অস্তিত্ব কল্পনা কৰিব নােৱাৰি। কাহিনী অবিহনে যেনেদৰে চৰিত্ৰৰ বিকাশ অসম্ভৱ, তেনেকৈ চৰিত্ৰৰ অবিহনে কাহিনীয়েও পূৰ্ণতা লাভ কৰিব নােৱাৰে। পিছে কিছুমান উপন্যাসত কাহিনীতকৈ চৰিত্ৰই অধিক প্ৰাধান্য লাভ কৰে। এনে ধৰণৰ উপন্যাসত ঐপন্যাসিকৰ উদ্দেশ্য কিছু চৰিত্ৰ সৃষ্টি কৰা। কাহিনী এনেবােৰ উপন্যাসত গৌণ, চৰিত্ৰহে মুখ্য। এনে ধৰণৰ। উপন্যাসকে কোৱা হয় চৰিত্ৰপ্ৰধান উপন্যাস। এনেবােৰ উপন্যাসৰ সকলাে কথা, সকলাে ঘটনা চৰিত্ৰৰ বিকাশৰ কাৰণে প্ৰয়ােগ কৰা হয়। অসমীয়া সাহিত্যত চৈয়দ আব্দুল মালিকৰ কেইবাখনাে উপন্যাস এই শ্ৰেণীৰ।

2. সামাজিক উপন্যাস : চমু টোকা লিখা।
সামাজিক উপন্যাস:- যিবােৰ উপন্যাসত সমসাময়িক সমাজৰ কোনাে ৰাজনৈতিক – অৰ্থনৈতিক কথাৰ অৱতাৰণা কৰা হয়, সেইবােৰক কোৱা হয় সামাজিক উপন্যাস। সামাজিক ঐপন্যাসিকৰ দৃষ্টি বৰ্তমানতে আৱদ্ধ থাকে। সমাজৰ দোষ – ক্ৰটি, অনাচাৰ – অবিচাৰ উঘাটিত কৰি লিখা উপন্যাসবােৰ সাধাৰণতে বক্ৰোক্তিপূৰ্ণ হয়। কেতিয়াবা কোনাে সামাজিক উপন্যাসত আকৌ সমাজৰ কোনাে সমস্যা বা উদ্দেশ্য উপন্যাসৰ মাজেৰে ৰূপায়িত হয়। অসমীয়া সাহিত্যত সামাজিক উপন্যাস বিশেষভাৱে সমৃদ্ধ। চৈয়দ আব্দুল মালিক, বীণা বৰুৱা, যােগেশ দাস আদিৰ নাম এইক্ষেত্ৰত উল্লেখযােগ্য।

3. ডিটেকটিভ উপন্যাস : চমু টোকা লিখা।
ডিটেকটিভ উপন্যাস:- যিবােৰ উপন্যাসৰ মাজেদি গুপ্ত হত্যা, খুন – জখম, অনুসন্ধান, খানাতালাচ আদিৰ ৰােমাঞ্চকৰভাৱে বৰ্ণনা কৰা হয়, সেইবােৰক ডিটেকটিভ উপন্যাস বােলে। এই শ্ৰেণীৰ উপন্যাসৰ আখ্যানভাগ বৰ জটিল আৰু ৰহস্যপূৰ্ণ। অভাৱনীয় ঘটনা বিন্যাস, একস্মিকতাৰ প্ৰয়োগ আৰু লােমহৰ্ষক সংঘাত সৃষ্টি আদি এই শ্ৰেণীৰ উপন্যাসৰ মুখ্য উপজীৱ। ইংৰাজী সাহিত্যত কনান ডায়েল, আগাঁথা ক্ৰিষ্টি, জেমছ হেডলী চেজ আদি বিখ্যাত ডিটেকটিভ উপন্যাস ৰচয়িতা। অসমীয়া সাহিত্যত কুমুদেশ্বৰ বৰঠাকুৰৰ গােলাই ছিৰিজ, প্ৰেমনাৰায়ণ দত্তৰ পা – ফু ছিৰিজ আদি এই শ্ৰেণীৰ উপন্যাসৰ নিদৰ্শন।

4. মনস্তত্ব বিশ্লেষণমূলক উপন্যাস : চমু টোকা লিখা।
মনস্তত্ব বিশ্লেষণমূলক উপন্যাস:- যিবােৰ উপন্যাসত আখ্যানভাগৰ সুসংবদ্ধ বিকাশৰ ওপৰত গুৰুত্ব নিদি চিত্ৰণ আৰু চৰিত্ৰ বিশ্লেষণৰ ওপৰত গুৰুত্ব দ্যা হয় সেইবােৰক বােলা হয় মনস্তত্ব বিশ্লেষণমূলক উপন্যাস। এই শ্ৰেণীৰ উপন্যাস আজিকালি চেতনাপ্ৰবাহ উপন্যাস নামেও পৰিচিত। এনেবােৰ উপন্যাসত চৰিত্ৰৰ চিন্তা এনেধৰণে উপস্থাপিত হয় যে সিবােৰৰ কোনাে বিশেষ লক্ষ্য নাই বা সেইবােৰ দেখাত যুক্তিসিদ্ধও নহয়। ইংৰাজী সাহিত্যত ভাৰ্জিনিয়া উলফ, উলিলিয়াম, ফকনাৰ, ফৰাচী সাহিত্যত আলবেয়াৰ কামু আদি এনে ধৰণৰ ঐপন্যাসিক। অসমীয়া সাহিত্যত চৈয়দ আব্দুল মালিকৰ দুই এখন উপন্যাস এনে পৰ্যায়ৰ।

5. আঞ্চলিক উপন্যাস : চমু টোকা লিখা।
আঞ্চলিক উপন্যাস:- যেতিয়া কোনাে এটা বিশেষ অঞ্চলৰ মানুহৰ জীৱন, তেওঁলােকৰ সমস্যা – সংঘাতেৰে একোখন উপন্যাস ৰচিত হয় তেনে উপন্যাসকে আঞ্চলিক উপন্যাস বােলে। কিন্তু নিৰ্দিষ্ট অঞ্চল বা এটা গৌণ উপজাতিৰ তথ্য বৰ্ণিত হ’লেও তাত সাৰ্বজনীনতা থাকিব লাগিব, তেত্যিহে সি জাতি – বৰ্ণ নিৰ্বিশেষে সকলােৰে গ্ৰহণযােগ্য হৈ। উঠিব। ইংৰাজী সাহিত্যত টমাছ হাৰ্ডিৰ ৱেছে’ উপন্যাসৰাজি আঞ্চলিক উপন্যাসৰ সাৰ্থক নিদৰ্শন। অসমীয়া সাহিত্যত প্ৰথম আঞ্চলিক উপন্যাস ৰজনীকান্ত ৰদলৈদেৱৰ ‘মিৰিজীয়ৰী’।

6. বুৰঞ্জীমূলক উপন্যাস : চমু টোকা লিখা।
বুৰঞ্জীমূলক উপন্যাস:- যিবােৰ উপন্যাস বুৰঞ্জীৰ কাহিনীৰ ওপৰত নিৰ্ভৰ কৰি লিখা হয় তেনে উপন্যাসক বুৰঞ্জীমূলক উপন্যাস বােলে। এই শ্ৰেণীৰ উপন্যাসত লেখকৰ দৃষ্টি অতীতমুখী হয় আৰু বুৰঞ্জীৰ পৰা আহৰণ কৰা নিৰস সমল কিছুমানকে ৰসােত্তীৰ্ন সাহিত্যত পৰিণত কৰে।

বুৰঞ্জীমূলক উপন্যাসৰ প্ৰধান উদ্দেশ্য হ’ল অতীতৰ কোনাে যুগৰ জীৱনধাৰা আৰু নৰনাৰীৰ বিচিত্ৰ লীলা ঐতিহাসিক ঘটনাৰ মাধ্যমেদি সজীৱ আৰু আবেদনশীল কৰি তােলা। বুৰঞ্জীমূলক উপন্যাসৰ যােগেদি ইতিহাসৰ তথ্য আৰু বিৱৰণ পৰিবেশন কৰা লেখকৰ উদ্দেশ্য নহয়। সহজ কথাত কবলৈ গলে বুৰঞ্জী পুৰামাত্ৰাই তথ্যসৰ্বস্ব, কিন্তু বুৰঞ্জীমূলক উপন্যাস আংশিকভাৱে তথ্য নিৰ্ভৰ হ’লেও প্ৰধানতঃ কল্পনানিষ্ঠ।

বুৰঞ্জীমূলক উপন্যাসৰ অন্যতম উদ্দেশ্য অতীত যুগৰ সৌন্দৰ্য সন্ধান। সেই কাৰণেই বুৰঞ্জীমূলক উপন্যাস ৰােমান্টিক উপন্যাস। ইয়াৰ পৰিবেশ ৰােমাঞ্চকৰ পৰিৱেশ। ৰােমাঞ্চৰ বৰ্ণ বৈচিত্ৰ্যই সমকালীন। বাস্তৱ জগতৰ পৰা এখন নতুন অৰ্ধ – পৰিচিত ঘটনাবহুল জগতলৈ পাঠকক লৈ যায়।

সাধাৰণতে সমকালীন উপন্যাসত বাস্তৱৰ ঘটনাৰ প্ৰতিচ্ছবি থাকে, চৰিত্ৰবােৰাে বাস্তৱানুগ হয়। সেয়ে এনে উপন্যাস বুজাত বা উপলব্ধি কৰাত পাঠকৰ অসুবিধা নহয়। কিন্তু ঐতিহাসিক জগতৰ ঘটনা, চৰিত্ৰ, পৰিবেশ সম্পূৰ্ণ বেলেগ। সেয়ে ঐপন্যাসিকে ইতিহাসৰ আঁৰত লুকাই থকা প্ৰাত্যহিক জীৱনৰ সুখ দুখ, প্ৰাত্যহিক জীৱনৰ চিত্ৰ কল্পনাৰে পুৰা কৰিবলগা হয়।

বুৰঞ্জীমূলক উপন্যাস ৰচনাৰ প্ৰধান সুবিধা এয়ে যে ইয়াত এটা পূৰ্ব প্ৰস্তুত কাহিনী পায়। তদুপৰি এনেবােৰ উপন্যাসত বহি:সংঘাত দেখুওৱাৰ সুবিধা বেছি। প্ৰধান ঘটনাৰ আঁৰে আঁৰে লেখকে অপ্ৰধান কাহিনী কল্পনাৰে সৃষ্টি কৰি বুৰঞ্জীৰ পৰিবেশত স্থাপন কৰিব পাৰে। পিছে মূল ঘটনা আৰু কাল্পনিক ঘটনাৰ সমন্বয় ঘটাব নােৱাৰিলে উপন্যাসৰ ৰসভংগ হােৱাৰ সম্ভাৱনা থাকে। বুৰঞ্জীয়ে মানুহৰ মানুহৰ ব্যক্তিগত জীৱনৰ কথা বৰ্ণনা নকৰে, চৰিত্ৰবােৰ সেয়ে বুৰঞ্জীত অসম্পূৰ্ণ হৈ থাকে। ঐপন্যাসিকে সেই সকলােবােৰ স্পষ্ট আৰু বহুভাৱে বৰ্ণনা কৰিব পাৰে, কেৱল ঐতিহাসিক সত্যতা অক্ষুন্ন ৰাখিব লাগিব।

Long Type Questions and Answers (Marks : 4/5/6)

1. উপন্যাসৰ জনপ্ৰিয়তাৰ কাৰণ কি, বুজাই লিখা।
উত্তৰঃ সাহিত্যৰ বিভিন্ন অংগৰ ভিতৰত অন্যতম উল্লেখযােগ্য অংগ হ’ল উপন্যাস সাহিত্য। সাম্প্ৰতিক কালত এই উপন্যাস সাহিত্যই। বিশেষভাৱে জনপ্ৰিয়তা লাভ কৰিছে। উপন্যাস সাহিত্যৰ এই জনপ্ৰিয়তাৰ কাৰণ হ’ল উপন্যাসত মানুহৰ জীৱনৰ কথা, দৈনন্দিন সুখ দুখ, হাঁহি কান্দোন, উচ্চ আধ্যাত্মিক বা ৰাজনৈতিক কথা আদি অতি সহজ সৰল ভাষাত বৰ্ণনা কৰা থাকে। তদুপৰি উপন্যাসে মানুহৰ। গােপন জীৱনকো দৃশ্যমান কৰি তােলে। প্ৰতিজন পাঠকে উপন্যাসৰ কাহিনী, ঘটনাৱলী আৰু চৰিত্ৰত নিজৰ জীৱনৰ ভালেখিনি মিল দেখা পায়। সেই কাৰণেই ই নিজৰ জীৱনৰ সঁচা কাহিনী বুলি পাঠকৰ মনত। ধাৰণা হয়। এই কাৰণেই এই কাহিনী অৰ্থাৎ উপন্যাস পঢ়ি পাঠকে কিবা এক অপূৰ্ব ৰােমাঞ্চ, তৃপ্তি আৰু আনন্দ অনুভৱ কৰে। এই কাৰণতেই উপন্যাসে আজি সমগ্ৰ বিশ্বতে অতি জনপ্ৰিয়তা অৰ্জন কৰিছে।

2. বুৰঞ্জী আৰু বুৰঞ্জীমূলক উপন্যাসৰ মাজত পাৰ্থক্য কি জুকীয়াই লিখা।
উত্তৰঃ বুৰঞ্জী হ’ল অতীতৰ ৰজা মহাৰজা, শাসক, ৰাজনৈতিক, সামাজিক আৰু আৰ্থিক অৱস্থা আদিৰ তথ্যসৰ্বস্ব বিৱৰণ আৰু বুৰঞ্জীমূলক উপন্যাস ৰচিত হয় সেই বুৰঞ্জীৰ কাহিনীক অৱলম্বন কৰিয়েই। গতিকে দেখাত বুৰঞ্জী আৰু বুৰঞ্জীমূলক উপন্যাস একে যেন লাগিলেও ইয়াৰ মাজত পাৰ্থক্য আছে। পাৰ্থক্যসমূহ এনে ধৰণৰ—

বুৰঞ্জী সম্পূৰ্ণ তথ্যসম্বলিত ; বুৰঞ্জীমূলক উপন্যাস আংশিকভাৱে তথ্যনিৰ্ভৰ হ’লেও প্ৰধানকৈ কল্পনানিষ্ঠ। বুৰঞ্জীমূলক উপন্যাসত। ঐপন্যাসিকে অতীতৰ কোনাে যুগৰ জীৱনধাৰা আৰু নৰ – নাৰীৰ বিচিত্ৰলীলা বুৰঞ্জীমূলক ঘটনাৰ মাজেদি সজীৱ আৰু আবেদনশীল কৰিবলৈ প্ৰয়াস কৰে। সেই কাৰণেই এনে উপন্যাসত বুৰঞ্জীৰ কাহিনী বিকৃত নােহােৱাকৈ ঐপন্যাসিকৰ কল্পনাৰ নানা উপ কাহিনী আৰু উপ চৰিত্ৰও উপস্থাপিত হয় তাক অধিক গতিশীল আৰু ৰমনীয় কৰিবলৈ। কিন্তু বুৰঞ্জীত কল্পনাৰ কোনাে স্থান নাই। তাত প্ৰকৃত চৰিত্ৰ আৰু। সংঘটিত ঘটনাহে অবিকলভাৱে বৰ্ণিত হয়।

READ MORE  ই যে অগ্নিবীণাৰ তান | Chapter 3 | Class 12 Advance Assamese - AHSEC

বুৰঞ্জীয়ে মানুহৰ ব্যক্তিগত জীৱনৰ কথা বৰ্ণনা নকৰে। চৰিত্ৰবােৰ সেয়ে বুৰঞ্জীত অসম্পূৰ্ণ আৰু অস্পষ্ট হৈ থাকে। বুৰঞ্জীমূলক উপন্যাসত ঐপন্যাসিকে ঐতিহাসিক সত্যতা অক্ষুন্ন ৰাখি সেইবােৰ চৰিত্ৰৰ স্পষ্ট আৰু বহুলভাৱে বৰ্ণনা কৰিব পাৰে।

বুৰঞ্জীমূলক উপন্যাস ৰচনাৰ এক বিশেষ সুবিধা এয়ে যে ইয়াত এটা। পূৰ্বপ্ৰস্তুত কাহিনী পােৱা যায়। কিন্তু বুৰঞ্জীৰ পৰা এই পূৰ্বপ্ৰস্তুত কাহিনী লৈ বুৰঞ্জীমূলক উপন্যাস লিখিলেও ই বুৰঞ্জী নহয়।

ইয়াৰ পৰা দেখা যায় – বুৰঞ্জী আৰু বুৰঞ্জীমূলক উপন্যাসৰ পাৰ্থক্য বিষযগত নহয় প্ৰকাশভংগীতহে। এজন বুৰঞ্জী লেখকৰ মূলতঃ সম্পৰ্ক বুৰঞ্জীমূলক সত্যৰ লগত, কিন্তু বুৰঞ্জীমূলক উপন্যাসৰ লেখকৰ সম্পৰ্ক ৰস সৃষ্টিৰ লগতহে।

3. উপন্যাসৰ শ্ৰেষ্ঠত্ব আৰু আনুষংগিক উপাদান কি?
উত্তৰঃ ঔপন্যাসিকৰ কাৰ্যক্ষেত্ৰ আদি সুবিস্তৃত, অৰ্থাৎ ঐপন্যাসিকে দীঘলীয়া জীৱনত এই সংসাৰত যিকোনাে পৰিস্থিতিতে যিকোনাে ঠাই আৰু সময়ত লাভ কৰা অভিজ্ঞতাক অৱলম্বন কৰি উপন্যাস ৰচনা। কৰিব পাৰে। পিছে, এই ৰচনাত বাহয়িক ৰূপৰেখা অংকন কৰাতকৈ মানৱ জীৱনৰ সুগভীৰ অনুভূতিৰ স্বৰূপ চিত্ৰণ কৰিব পৰাতহে উপন্যাসৰ শ্ৰেষ্ঠত্ব নিৰ্ভৰ কৰে। তদুপৰি উপন্যাসৰ শ্ৰেষ্ঠত্ব নিৰ্ভৰ কৰে এইকেইটা আনুষংগিক উপাদানৰ ওপৰত। সেয়া হ’ল—
১। উৎকৃষ্ট কথা বস্তু বা বিষয়বস্তু।

২। লেখকৰ ৰচনানৈপুণ্য।

৩। কাৰিকৰিক চাতুৰ্য।

৪। লেখকৰ জীৱনৰ বিচিত্ৰ আৰু বাস্তব অভিজ্ঞতা। লেখকৰ এই অভিজ্ঞতাক আকৌ দুই ভাগত ভগাব পাৰি—
ক) প্ৰত্যক্ষ অভিজ্ঞতা।
খ) পৰােক্ষ অভিজ্ঞতা।
লেখকে নিজ চকুৰে বা নিজে লাভ কৰা অভিজ্ঞতাক প্ৰত্যক্ষ অভিজ্ঞতা আৰু কিতাপ আদি পঢ়ি, আনৰ মুখে শুনি লাভ কৰা অভিজ্ঞতাক পৰােক্ষ অভিজ্ঞতা বােলে।

4. বুৰঞ্জীমূলক উপন্যাস বুলিলে কি বুজা? চমুকৈ আলােচনা কৰা।
উত্তৰঃ যিবােৰ উপন্যাস বুৰঞ্জীৰ কাহিনীৰ ওপৰত নিৰ্ভৰ কৰি লিখা হয় তেনে উপন্যাসক বুৰঞ্জীমূলক উপন্যাস বােলে। এই শ্ৰেণীৰ উপন্যাসত লেখকৰ দৃষ্টি অতীতমুখী হয় আৰু বুৰঞ্জীৰ পৰা আহৰণ কৰা নিৰস সমল কিছুমানকে ৰসােত্তীৰ্ন সাহিত্যত পৰিণত কৰে।

বুৰঞ্জীমূলক উপন্যাসৰ প্ৰধান উদ্দেশ্য হ’ল অতীতৰ কোনাে যুগৰ জীৱনধাৰা আৰু নৰনাৰীৰ বিচিত্ৰ লীলা ঐতিহাসিক ঘটনাৰ মাধ্যমেদি সজীৱ আৰু আবেদনশীল কৰি তােলা। বুৰঞ্জীমূলক উপন্যাসৰ যােগেদি ইতিহাসৰ তথ্য আৰু বিৱৰণ পৰিবেশন কৰা লেখকৰ উদ্দেশ্য নহয়। সহজ কথাত কবলৈ গলে বুৰঞ্জী পুৰামাত্ৰাই তথ্যসৰ্বস্ব, কিন্তু বুৰঞ্জীমূলক উপন্যাস আংশিকভাৱে তথ্য নিৰ্ভৰ হ’লেও প্ৰধানতঃ কল্পনানিষ্ঠ।

বুৰঞ্জীমূলক উপন্যাসৰ অন্যতম উদ্দেশ্য অতীত যুগৰ সৌন্দৰ্য সন্ধান। সেই কাৰণেই বুৰঞ্জীমূলক উপন্যাস ৰােমান্টিক উপন্যাস। ইয়াৰ পৰিবেশ ৰােমাঞ্চকৰ পৰিৱেশ। ৰােমাঞ্চৰ বৰ্ণ বৈচিত্ৰ্যই সমকালীন বাস্তৱ জগতৰ পৰা এখন নতুন অৰ্ধ – পৰিচিত ঘটনাবহুল জগতলৈ পাঠকক লৈ যায়।

সাধাৰণতে সমকালীন উপন্যাসত বাস্তৱৰ ঘটনাৰ প্ৰতিচ্ছবি থাকে, চৰিত্ৰবােৰাে বাস্তৱানুগ হয়। সেয়ে এনে উপন্যাস বুজাত বা উপলব্ধি কৰাত পাঠকৰ অসুবিধা নহয়। কিন্তু ঐতিহাসিক জগতৰ ঘটনা, চৰিত্ৰ, পৰিবেশ সম্পূৰ্ণ বেলেগ। সেয়ে ঐপন্যাসিকে ইতিহাসৰ আঁৰত লুকাই থকা প্ৰাত্যহিক জীৱনৰ সুখ দুখ, প্ৰাত্যহিক জীৱনৰ চিত্ৰ কল্পনাৰে পুৰা কৰিবলগা হয়।

বুৰঞ্জীমূলক উপন্যাস ৰচনাৰ প্ৰধান সুবিধা এয়ে যে ইয়াত এটা পূৰ্ব প্ৰস্তুত কাহিনী পায়। তদুপৰি এনেবােৰ উপন্যাসত বহি:সংঘাত। দেখুওৱাৰ সুবিধা বেছি প্ৰধান ঘটনাৰ আঁৰে আঁৰে লেখকে অপ্ৰধান কাহিনী কল্পনাৰে সৃষ্টি কৰি বুৰঞ্জীৰ পৰিবেশত স্থাপন কৰিব পাৰে। পিছে মূল ঘটনা আৰু কাল্পনিক ঘটনাৰ সমন্বয় ঘটাব নােৱাৰিলে উপন্যাসৰ ৰসভংগ হােৱাৰ সম্ভাৱনা থাকে। বুৰঞ্জীয়ে মানুহৰ মানুহৰ ব্যক্তিগত জীৱনৰ কথা বৰ্ণনা নকৰে, চৰিত্ৰবােৰ সেয়ে বুৰঞ্জীত। অসম্পূৰ্ণ হৈ থাকে। ঐপন্যাসিকে সেই সকলােবােৰ স্পষ্ট আৰু বহুভাৱে বৰ্ণনা কৰিব পাৰে, কেৱল ঐতিহাসিক সত্যতা অক্ষুন্ন ৰাখিব লাগিব।

5. উপন্যাসক প্ৰধানকৈ কেইভাগত ভগাব পাৰি? প্ৰতিটো ভাগৰে উদাহৰণ দি আলােচনা কৰাব।
অথবাঃ বিষয়বস্তু অনুসৰি উপন্যাসৰ শ্ৰেণী বিভাজন সম্পৰ্কে চমুকৈ উল্লেখ কৰা।।
উত্তৰঃ বিষয়বস্তু, কাহিনী আৰু চৰিত্ৰ ৰূপায়ণ অনুযায়ী। সমালােচকসকলে উপন্যাসক বিভিন্ন ভাগত বিভক্ত কৰিছে। বিষয়বস্তু অনুসৰি উপন্যাসক প্ৰধানকৈ তিনিটা ভাগত নিভক্ত কৰিব পাৰি – বুৰঞ্জীমূলক উপন্যাস, সামাজিক উপন্যাস আৰু ডিটেকটিভ উপন্যাস।

যিবােৰ উপন্যাসৰ কাহিনী বুৰঞ্জীৰ ওপৰত নিৰ্ভৰ কৰি ৰচিত হয় সেইবােৰ উপন্যাসক বুৰঞ্জীমূলক উপন্যাস বােলে। এই শ্ৰেণীৰ উপন্যাসত লেখকৰ দৃষ্টি অতিতমুখী হয় আৰু বুৰঞ্জীৰ পৰা আহৰণ কৰা নিৰস সমল কিছুমানকে ৰসােত্তীৰ্ন সাহিত্যত পৰিণত কৰে। যিবােৰ উপন্যাসত কোনাে ৰাজনৈতিক, অৰ্থনৈতিক বা ধৰ্মমূলক কথাৰ অৱতাৰণা কৰা হয়, সেইবােৰক বােলা হয় সামাজিক উপন্যাস। সামাজিক উপন্যাসত লেখকৰ দৃষ্টি বৰ্তমানত নিবন্ধ থাকে। সমাজিক উপন্যাস বিভিন্ন প্ৰকাৰৰ হব পাৰে যেতিয়া কোনাে সমস্যা বা উদ্দেশ্য উপন্যাসৰ মাজেৰে উপস্থাপিত হয় তেতিয়া তাক কোৱা হয়। উদ্দেশ্যমূলক উপন্যাস। কেতিয়াবা আকৌ ঐপন্যাসিকে আখ্যান ভাগৰ সুসংবাদ বিকাশৰ ওপৰত গুৰুত্ব নিদি চৰিত্ৰ চিত্ৰণৰ আৰু চৰিত্ৰ বিশ্লেষণৰ ওপৰত গুৰুত্ব নিদি চৰিত্ৰ চিত্ৰণৰ আৰু চৰিত্ৰ বিশ্লেষণৰ ওপৰত গুৰুত্ব দিয়ে তেতিয়া তেনে উপন্যাসক কোৱা হয় মনস্তত্বমূলক উপন্যাস।

যেতিয়া আকৌ কোনাে অঞ্চল বিশেষ কোনাে সম্প্ৰদায়ৰ জীৱনক কেন্দ্ৰ কৰি উপন্যাস ৰচিত হয় তেতিয়া তাক কোৱা হয় আঞ্চলিক উপন্যাস। যিবােৰ উপন্যাসৰ মাজেদি হত্যা, ৰহস্য, অনুসন্ধান, পুলিচ – ডিটেকটিভৰ ৰােমাঞ্চকৰ কাৰ্য বৰ্ণিত হয় তেনে উপন্যাসক কোৱা হয় ডিটেকটিভ উপন্যাস। এই শ্ৰেণীৰ উপন্যাসত আখ্যানভাগ জটিল আৰু ৰহস্যপূৰ্ণ হৈ পৰে। অভাৱনীয় ঘটনা বিন্যাস, আকস্মিকতাৰ প্ৰয়োগ আৰু লােমহৰ্ষক সংঘাত সৃষ্টি আদি এই শ্ৰেণীৰ উপন্যাসৰ মুখ্য উপজীৱ।

কাহিনীৰ দিশৰ পৰা, উপন্যাসক দুটা ভাগত ভগাব পাৰি – এক। কাহিনীযুক্ত বা সৰল কাহিনীৰ উপন্যাস আৰু একাধিক কাহিনী বা যৌগিক কাহিনীযুক্ত উপন্যাস। এক কাহিনীযুক্ত উপন্যাসত কেৱল এটা কাহিনীয়ে উপন্যাসৰ আৰম্ভৰ পৰা শেষলৈ বৰ্ণিত হয়। কিন্তু যৌগিক কাহিনীযুক্ত উপন্যাসত একাধিক কাহিনীয়ে স্থান লাভ কৰে। সেই কাহিনীবােৰৰ এটা হয় মূল বা আধিকাৰীক কাহিনী আৰু বাকীবােৰ হয় প্ৰাসংগিক বা উপকাহিনী।

কাহিনী উপস্থাপনৰ ফালৰ পৰা উপন্যাসক আকৌ দুটা ভাগত ভাগ কৰিব পাৰি – শিথিলবন্ধী আৰু কঠোৰবন্ধী উপন্যাস। যিবােৰ। উপন্যাসত কিছুমান বিক্ষিপ্ত ঘটনা অসংলগ্নভাৱে সংলগ্ন কৰা হয় সেইবােৰক কোৱা হয় শিথিলবন্ধী উপন্যাস। এই শ্ৰেণীৰ উপন্যাসত কাহিনীৰ সুসংবন্ধ বিকাশ পৰিলক্ষিত নহয়। যিবােৰ উপন্যাসত। কাহিনীৰ বিভিন্ন অংগবােৰ বিশ্লিষ্টৰূপে বৰ্ণনা নকৰি সংশ্লিষ্টৰূপে বা সামগ্ৰিকভাৱে বৰ্ণনা কৰা হয়, সেইবােৰক কোৱা হয় কঠোৰবন্ধী উপন্যাস। ইয়াৰ প্ৰতিটো কথা, প্ৰতিটো ঘটনা কাহিনীৰ অবিচ্ছেদ্য অংগ।

উপন্যাসৰ কাহিনী আৰু চৰিত্ৰ ৰূপায়ণৰ দিশৰ পৰা উপন্যাসক দুটা ভাগত ভগােৱা হয় – চৰিত্ৰপ্ৰধান উপন্যাস আৰু কাহিনীপ্ৰধান। উপন্যাস। অৱশ্যে এই শ্ৰেণীবিভাগ নিকপকপীয়া বা পানী নসৰকা। নহয়। কিয়নাে বহুক্ষেত্ৰত এটাৰ সীমাৰেখাই আনটো সীমাৰেখাক স্পৰ্শ কৰে নাইবা দুয়ােটা একেলগে মিলি থাকে। তথাপি কিছুমান উপন্যাসত চৰিত্ৰ সৃষ্টি আৰু চৰিত্ৰ বিকাশৰ ওপৰত অধিক গুৰুত্ব আৰােপ কৰা দেখা পাওঁ। এই শ্ৰেণীৰ উপন্যাসক আমি চৰিত্ৰপ্ৰধান উপন্যাস বুলি অভিহিত কৰিব পাৰাে। এই শ্ৰেণীৰ উপন্যাসৰ লক্ষ্য হ’ল বিভিন্ন পৰিবেশ আৰু পৰিস্থিতিত বৈচিত্ৰ্যপূৰ্ণ মানৱ চৰিত্ৰৰ প্ৰকাশ। ঘটনা বা পৰিস্থিতি। কেৱল চৰিত্ৰক আগবঢ়াই নিয়াৰ মাধ্যমহে। গতিকে এনে উপন্যাসত ঘটনা বা পৰিস্থিতি গৌণ, চৰিত্ৰ সৃষ্টিহে প্ৰধান।

কাহিনীপ্ৰধান উপন্যাসৰ প্ৰধান লক্ষ্য চৰিত্ৰ সৃষ্টি নহয়, ঘটনাৱলী আৰু পৰিস্থিতিৰ যােগেদি এটি আৰামদায়ক কাহিনী সৃষ্টি কৰাহে। কিন্তু এনে উপন্যাসত কাহিনীৰ চমৎকাৰিত্বৰ ওপৰত অধিক দৃষ্টি নিক্ষেপ কৰিবলৈ যাওঁতে বহু ক্ষেত্ৰত চাৰিত্ৰসমূহ কেৱল পুতলাস্বৰূপে ব্যৱহাৰ কৰা হয় আৰু। সংগতিহীনভাৱে সিহঁতৰ চাৰিত্ৰিক অভিব্যক্তি দেখুওৱা হয়। সেয়ে এই দুই শ্ৰেণীৰ চৰিত্ৰপ্ৰধান উপন্যাসেহে শ্ৰেষ্ঠত্বৰ দাবী ৰাখে উপন্যাসৰ আৰু দুটা গৌণ বিভাগ আছে, প্ৰতীকধৰ্মী উপন্যাস আৰু ৰূপকধৰ্মী উপন্যাস। যেতিয়া উপন্যাসৰ আখ্যানভাগ তাকৰ হয় আৰু উপন্যাসৰ বিষয়বস্তুৱে বিষযাতীত ভাব – কল্পনা ব্যক্ত কৰে তেতিয়া তাক প্ৰতীকধৰ্মী উপন্যাস বােলা হয়। আকৌ যিবােৰ উপন্যাসৰ কাহিনীৰ সমান্তৰালভাৱে দুটা অৰ্থ উলিয়াব পাৰে সেইবােৰক ৰূপকধৰ্মী উপন্যাস বােলে।

READ MORE  অন্বেষণ | Chapter 6 | Class 12 Advance Assamese - AHSEC

6. উপন্যাসৰ বিশিষ্ট উপাদানসমূহ কি কি, –আলােচনা কৰা।
অথবাঃ কি কি মূল উপাদানৰ ওপৰত ভিত্তি কৰি এখন উপন্যাস ৰচনা কৰা হয়? সেই উপদানসমূহৰ চমু বিৱৰণ দিয়া।।
উত্তৰঃ উপন্যাসৰ বিশিষ্ট উপাদানসমূহ হ’ল, – কাহিনী, চৰিত্ৰ, সংলাপ বা কথােপকথন, পৰিবেশ সৃষ্টি আৰু লেখকৰ জীৱন দৰ্শন। তলত এই উপদানসমূহৰ সম্যক আলােচনা কৰা হ’ল—

কাহিনী:- উপন্যাস হ’ল সঁচা জীৱনৰ সজা কাহিনী বা গল্প। কাহিনী উপন্যাসৰ অপৰিহাৰ্য অংগ বা উপাদান। এই কাহিনী সৰল, উৎকৃষ্ট আৰু আকৰ্ষণীয় হব লাগিব ৷ যিমানেই ভাল কাহিনী হয় উপন্যাসাে সিমানেই ভাল আৰু আকৰ্ষণীয় হয়। অৱশ্যে ইয়াৰ প্ৰকাশ ভংগীয়ে পটুৱৈৰ মনত এক কৌতুহ’ল সৃষ্টি কৰিব পাৰিব লাগিব। তেতিয়াহে উপন্যাস আকৰ্ষণীয় হৈ পৰে। ইয়াৰ বাবে লেখকৰ ৰচনা আৰু বৰ্ণনা নৈপুণ্যৰ অতি প্ৰযােজন। লেখকৰ বৰ্ণনা নৈপুণ্যৰ অভাৱত ভাল কাহিনীযুক্ত উপন্যাসাে কেতিয়াবা নিৰস অনাকৰ্ষণীয় হৈ পৰে। উপন্যাসৰ কাহিনী পৰিবেশনৰ ৰীতি তিনিটা, – প্ৰত্যক্ষ বা। কাব্য়িক, আত্মভাষনমূলক আৰু পত্ৰমূলক।

প্ৰত্যক্ষ বা কাব্য়িক ৰীতিত ঐপন্যাসিকে বাহিৰত থাকি সকলাে কথা খৰচী মাৰি বৰ্ণনা কৰে। আত্মভাষন ৰীতিত ঐপন্যাসিকে নিজেই। উপন্যাসৰ মূল চৰিত্ৰ হিচাপে থাকি সকলাে কথা প্ৰথম পুৰুষত বৰ্ণনা কৰে। ‘ৰবিন্সন ক্ৰু’, ৰজনীকান্ত বৰদলৈৰ ‘নিৰ্মল ভকত’, হােমেন বৰগােহাঞিৰ ‘আত্মানুসন্ধান’, নিৰুপমা বৰগােহাঞিৰ ‘বিশ্বাস আৰু সংশ্যৰ মাজেদি’ আদি এই ৰীতিৰ উপন্যাস। পত্ৰমূলক উপন্যাসত। চিঠিৰ আকাৰত সকলাে কথা বৰ্ণনা কৰা হয়। হ’লিৰাম ডেকাৰ। ‘অলকালৈ চিঠি’ ডঃ ললিত বৰুৱাৰ ‘ইলা ভনীতিলৈ চিঠি’ আদি এই শ্ৰেণীৰ উপন্যাস।

চৰিত্ৰ:- চৰিত্ৰ উপন্যাসৰ এটি গুৰুত্বপূৰ্ণ উপাদান। নামমাত্ৰ এটা কাহিনী লৈ চৰিত্ৰৰ ওপৰত অধিক গুৰুত্ব দি লিখা উপন্যাসেও পাঠকক আকৰ্ষণ কৰিব পাৰে। এনে বাস্তৱ আৰু জীৱন্ত চৰিত্ৰ সৃষ্টিৰ কাৰণে। ঐপন্যাসিকৰ গভীৰ চিন্তা শক্তি, সূক্ষ দৃষ্টি, বাস্তৱধৰ্মী অনুভূতি আৰু সৃষ্টি শীল প্ৰতিভাৰ প্ৰযােজন।

উপন্যাসৰ চৰিত্ৰ সৃষ্টিৰ প্ৰণালী দুটা, প্ৰত্যক্ষ বা বিশ্লেষণাত্মক আৰু পৰােক্ষ বা নাটকীয়। প্ৰথম প্ৰণালীত ঐপন্যাসিকে চৰিত্ৰবােৰ নিজৰ নিয়ন্ত্ৰণত ৰাখি অংকন কৰে। দ্বিতীয় প্ৰণালীত ঐপন্যাসিকে চৰিত্ৰবােৰ নিজৰ নিয়ন্ত্ৰণৰ পৰা এৰি দি আপােনা আপুনি প্ৰস্ফুটিত হবলৈ দিয়ে।

উপন্যাসৰ চৰিত্ৰসমূহক দুটা ভাগত ভগাব পাৰি, – টাইপ চৰিত্ৰ আৰু মুক্তক চৰিত্ৰ। টাইপ চৰিত্ৰবােৰ গতানুগতিক, বৈচিত্ৰ্যহীন। মুক্তক চৰিত্ৰবােৰ বৈচিত্ৰ্যপূৰ্ণ, একক আৰু অনন্যসাধাৰণ। এই চৰিত্ৰসমূহে পঢ়ুৱৈৰ মনত অসীম কৌতুহ’ল আৰু গভীৰ উৎসুক্যৰ উদ্ৰেক কৰে।

সংলাপ বা কথােপকথন:- উপন্যাসৰ অন্যতম উল্লেখযােগ্য উপাদান হ’ল সংলাপ বা কথােপকথন। সুন্দৰ কথা বতৰাৰ মাজেদি মানুহৰ মাজত যিদৰে সহৃদ্যতাৰ সৃষ্টি হয়, সেইদৰে সুপৰিবেশিত কথােপকথনৰ। মাজেৰে উপন্যাস আকৰ্ষণীয় হােৱাৰ উপৰি লেখক, পাঠক আৰু চৰিত্ৰৰ মাজত ঘনিষ্ঠ সম্পৰ্কৰ সৃষ্টি হয়। সুপৰিবেশিত কথােপকথনৰ মাজেৰে চৰিত্ৰৰ গুণাগুণ, কাহিনীৰ বৈশিষ্ট্য স্পষ্ট ৰূপত প্ৰকাশ পায়। আনহাতে ইয়াৰ দ্বাৰা উপন্যাস নাটকীয় গুণসমৃদ্ধ হৈ পৰে।

কথােপকথন কাহিনী আৰু চৰিত্ৰৰ লগত সম্পূৰ্ণ সম্পৰ্ক নথকা হব। লাগে। কাহিনী আৰু চৰিত্ৰৰ লগত সম্পৰ্ক নথকা বাহুল্য ধৰণৰ। কথােপকথন উপন্যাসত বৰ্জনীয়। কথােপকথন সততে যথাৰ্থধৰ্মী, যথােপযােগী আৰু নাটকীয় গুনধৰ্মী হব লাগে, অৰ্থাৎ বক্তাৰ ব্যক্তিত্ব সাপেক্ষেহে প্ৰতিষাৰ কথা ৰচিত হব লাগে।

পৰিবেশ সৃষ্টি:- পৰিবেশ সৃষ্টি উপন্যাসৰ অন্যতম উপাদান। উপন্যাসৰ পৰিবেশ সৃষ্টি সহজ নহয়। উপন্যাসত বৰ্ণনাৰ মাজেৰে একোটা প্ৰযােজনীয় পৰিবেশ সৃষ্টি কৰিব লাগে অথচ সেই বৰ্ণনা ৰচনাধৰ্মী আৰু আমনিদায়ক কেতিয়াও হব নালাগিব। চৰিত্ৰৰ আচাৰ ব্যৱহাৰ, ৰীতি নীতি, জীৱন ধাৰণ প্ৰণালী, আখ্যানৰ পটভূমি, পাৰিপাৰ্শ্বিক অৱস্থা আদি সকলাে কথা পৰিবেশৰ অন্তৰ্গত।

উপন্যাসৰ এই পৰিবেশ দুই ধৰণৰ হব পাৰে, সামাজিক ( Social ) আৰু বাস্তৱিক (Material) পৰিবেশ। সমাজৰ বিভিন্ন পৰিৱেশৰ কথা বিচিত্ৰ কৰিলে সামাজিক পৰিবেশ আৰু বস্তুগত অৰ্থাৎ প্ৰকৃতিৰ বিভিন্ন বস্তুৰ বৰ্ণনাৰে প্ৰাকৃতিক পৰিবেশৰ চিত্ৰ বিচিত্ৰ কৰিলে বাস্তৱিক পৰিবেশৰ সৃষ্টি হয়।

লেখকৰ জীৱন দৰ্শন:- উপন্যাসত মানৱ জীৱনৰ চিত্ৰ বিচিত্ৰ হয়। মানৱ জীৱনৰ চিত্ৰ বিচিত্ৰ কৰিব লাগিলে জীৱন সম্পৰ্কে লেখক তথা ঐপন্যাসিকৰ ব্যক্তিগত ধাৰণা শুদ্ধ, সুন্দৰ আৰু নিৰপেক্ষ হব লাগিব। কিয়নাে তেওঁৰ লিখনিত মানৱ জীৱন সম্পৰ্কে তেওঁৰ ব্যক্তিগত ধাৰণাই প্ৰতিফলিত হয়। এই ধাৰণাত ঐপন্যাসিকৰ সততা আৰু নৈতিকতা দুটো কথাই নিহিত হৈ থাকে। মানৱ জীৱনৰ সত্য কথা প্ৰকাশ কৰাৰ লগতে জীৱনৰ নৈতিক আদৰ্শ একোটাও ঐপন্যাসিকে উপন্যাসত প্ৰতিফলিত কৰে। আদৰ্শবিহীন উপন্যাস কেতিয়াও ভাল উপন্যাস হব নােৱাৰে।

7. উপন্যাস কাক বােলে? বুজাই লিখা।
অথবাঃ উপন্যাসৰ সংজ্ঞা এটি দিয়া। বাস্তৱ আৰু কল্পনাৰ সংমিশ্ৰণত উপন্যাসে কেনেকৈ গঢ় লৈ উঠে, তাৰ চমু বিৱৰণ দিয়া।
অথবাঃ উপন্যাস কাক বােলে? উপন্যাসৰ উৎপত্তি সম্পৰ্কে এটি চমু বিৱৰণ দিয়া।
অথবাঃ উপন্যাসৰ এটি নিৰ্ভৰযােগ্য সূত্ৰ দি এইবিধ সাহিত্য সমলৰ উৎপত্তি সম্পৰ্কে এটি চমু আলচ কৰা।
উত্তৰঃ মানৱ জীৱনৰ বাস্তৱ ঘটনা গদ্য ভাষাৰ মাধ্যমত শৈল্পিক ৰীতিৰ ৰূপায়িত হ’লে তেনে ৰচনাক সাধাৰণভাৱে উপন্যাস বুলিব পাৰি৷ ইংৰাজী Novel শব্দৰ প্ৰতিশব্দৰূপে অসমীয়াত উপন্যাস শব্দটো ব্যৱহৃত হয়। ইংৰাজী Novel শব্দটো আহিছে ৰােমান শব্দৰ পৰা। অৱশ্যে আধুনিক উপন্যাসৰ স্বাভাৱিক বিকাশ বুলি কব নােৱাৰি।

উপন্যাসৰ এটা নিৰ্দিষ্ট সংজ্ঞা দিয়া টান। সমালােচকসকলে উপন্যাসৰ সংজ্ঞা বিভিন্ন ধৰণে দিছে। Percy Lubbock নামৰ এজন সমালােচকে কৈছে : উপন্যাস হৈছে এটি চিত্ৰ। কিন্তু আমি পাহৰিব নালাগে যে, ‘সদৃশ’ বা ‘নিচিনা’ আদি শব্দগত ভাব কথাতকৈ চিত্ৰিত অধিক অৰ্থ নিহিত থাকে। আনবােৰ শিল্পকৰ্মৰ দৰে উপন্যাসতাে ৰূপ, নক্সা, ৰচনা কৌশল ইত্যাদিৰ সম্যক উপন্যাসেই উৎকৃষ্ট মাধ্যম।

এনেল প্ৰাইচ জন্স নামৰ এজন সমালােচকে কৈছে : “Novel gets written not because some writer has no tele to tell, but because he is plunged by the clusive nature of truth.” সুপ্ৰসিদ্ধ ইংৰাজ ঐপন্যাসিক আৰু সমালােচক ই .এম. ফষ্টাৰ – এ কৈছে:- ‘সাহিত্য জগতৰ আৰ্দ্ৰ অঞ্চলৰ সবাতােকৈ স্পষ্ট বিষয়টো হৈছে উপন্যাস।’ আকৌ Clara Reeve নামৰ এগৰাকী সমালােচকে কৈছে : ‘The novel is a picture of real life and manners and of times in which it is written ‘ হেনৰি জেমছ নামৰ এজন সমালােচকে কৈছে : The only reason for the existence of a novel is that is does attempt to represent life .

তেওঁ উপন্যাসক জীৱনৰ ব্যক্তিগত ৰচনা বুলিহে অভিহিত কৰে। ড° আৰ্ণল্ড কোটলে উপন্যাসৰ এটি তথ্যপূৰ্ণ আৰু চিন্তাশীল সংজ্ঞা দিছে। তেওঁৰ মতে ‘উপন্যাস হৈছে আৱশ্যকীয় দৈৰ্য্যৰ স্বয়:সম্পূৰ্ন বাস্তৱধৰ্মী গদ্য কাহিনী।’ এনেদৰে উপন্যাস কলাৰ পৰিচয়জ্ঞাপক ভালেমান সংজ্ঞা সাহিত্য সমালােচকসকলে আগবঢ়াইছে। এই সংজ্ঞাবােৰৰ কোনাে এটাকে শেষ সিদ্ধান্ত বুলি গ্ৰহণ কৰিব নােৱাৰি যদিও এনেবােৰ সংজ্ঞাৰ জৰিয়তে উপন্যাস কলাৰ বিষয়ে সম্যক জ্ঞান লাভ কৰিব পাৰি। সামগ্ৰিকভাৱে মানৱ জীৱন আৰু সমাজৰ প্ৰতিফলন হােৱা ৰচনাকে উপন্যাসৰূপে অভিহিত কৰিব পাৰি। ৰালফ ফক্স নামৰ এজন বিখ্যাত সমালােচকে সেয়েহে কৈছে : “It is the prose of man’s life, the first art to attempt, to take the whole man and give him expression.”

READ MORE  আমাৰ ছাৰ | Chapter 11 | Class 12 Advance Assamese - AHSEC

উপন্যাসৰ কেইটামান নিৰ্দিষ্ট উপাদান আছে। সেইকেইটা হৈছে – কাহিনী, চৰিত্ৰ, সংলাপ, পৰিবেশ আৰু ঐপন্যাসিকৰ জীৱন দৰ্শন। এইকেইটা উপাদানৰ লগতে উপন্যাস সৃষ্টিৰ বাবে সমালােচক ফিল্ডিং – এ ঐপন্যাসিকৰ আৰু চাৰিটা গুণৰ কথা উল্লেখ কৰিছে। সেইকেইটা হ’ল প্ৰতিভা, জ্ঞান, জীৱনৰ অভিজ্ঞতা আৰু অন্ত:কৰণ।

উপন্যাসৰ প্ৰধান উপাদান কাহিনী। কাহিনী নিৰ্বাচনত লেখকৰ বিচাৰ শক্তিৰ প্ৰযােজন। মেথিল আৰ্নল্ড – এ কৈছে : উপন্যাসৰ সাৰ্থকতা। নিৰ্ভৰ কৰে বিষয়বস্তুৰ ওপৰত। কাহিনীৰ ঠিক পিছতে উপন্যাস। প্ৰধান উপাদান চৰিত্ৰ। উপন্যাসত কাহিনীৰ স্থান মুখ্য আৰু চৰিত্ৰৰ স্থান গৌণ বুলি কোনােৱে কব খােজে যদিও প্ৰকৃততে কাহিনী আৰু। চৰিত্ৰৰ পৰস্পৰে পৰস্পৰৰ সম্পৰ্কান্বিত। ইটোৰ পৰা সিটো পৃথক কৰা টান। চৰিত্ৰসমূহে নিজৰ চাৰিওফালে মকৰাৰ দৰে ঘটনাৰ জাল নিৰ্মান কৰি ঘটনা প্ৰবাহৰ সৃষ্টি কৰে আকৌ এই ঘটনা প্ৰবাহেই চৰিত্ৰ সৃষ্টিত। সহায়তা কৰে।

উপন্যাসৰ তৃতীয় উপাদান সংলাপ। কাহিনীত উপস্থাপন কৰা চৰিত্ৰসমূহৰ বিকাশৰ বাবে সংলাপ অপৰিহাৰ্য। উপন্যাসৰ সংলাপ সদায় সাৱলীল, সহজ সৰল আৰু স্বাভাৱিক হােৱা উচিত। উপন্যাসৰ চতুৰ্থ উপাদান পৰিৱেশ সৃষ্টি। যি দেশ কাল সময়ক লৈ উপন্যাস ৰচনা কৰা হয়, সেই দেশ কাল আৰু সমাজৰ ৰুচি, আচাৰ ব্যৱহাৰ, ৰীতি নীতি অনুযায়ী পটভূমি নিৰ্বাচন আৰু যুগ চিত্ৰ অংকনৰ প্ৰচেষ্টা। উপন্যাসত থকা উচিত। উপন্যাসৰ শেষৰ উপাদানটো হৈছে লেখকৰ জীৱন দৰ্শন। কাহিনীৰ মাজত লেখকৰ কবলগীয়া কথাখিনি লুকাই। থাকে। তদুপৰি উপন্যাসত যিহেতু মানৱ জীৱনৰ ছবিকেই অংকন কৰা হয়, গতিকে তাত মানৱ জীৱন সম্পৰ্কিত লেখকৰ দৃষ্টিভংগী ওলাই। পৰে। অৱশ্যে লেখকে ইচ্ছাকৃতভাৱে জীৱনাদৰ্শ প্ৰচাৰ কৰিলে উপন্যাসৰ সৌন্দৰ্য হানি হয়।

উপন্যাসৰ প্ৰকৃতি অনুযায়ী ইয়াক বিভিন্ন ভাগত ভগাব পাৰি। যেনে – ঘটনাপ্ৰধান উপন্যাস, চৰিত্ৰ আৰু কাৰ্যপ্ৰধান উপন্যাস, পৰিবেশপ্ৰধান উপন্যাস ইত্যাদি। বিষয়বস্তু আৰু ৰূপায়নকলা অনুসৰি উপন্যাসক এনেদৰেও ভগােৱা হয়– সামাজিক, বুৰঞ্জীমূলক, আঞ্চলিক, আত্মজীৱনী মূলক, পত্ৰ উপন্যাস, ডিটেকটিভ উপন্যাস আদি।

8. উপন্যাসৰ কাহিনী আৰু চৰিত্ৰ কেনে হােৱা উচিত? কাহিনী আৰু চৰিত্ৰৰ মাজত সম্পৰ্ক বিচাৰ কৰা।
উত্তৰঃ উপন্যাস মূলতঃ এটা গল্প। উপন্যাসৰ গল্পৰ ক্ষেত্ৰত দুটা কথা। মন কৰিবলগীয়া – প্ৰথম, গল্পটো সৰল আৰু আকৰ্ষণীয় হব লাগে আৰু দ্বিতীয়তে ইয়াৰ প্ৰকাশ ভংগীয়ে পঢ়ুৱৈৰ মনত যিমানে কৌতুহ’লৰ সৃষ্টি কৰিব পাৰে, সিমানে আকৰ্ষণীয় হৈ উঠে। এই আকৰ্ষণ সৃষ্টিৰ বাবে। লেখকৰ ৰচনাৰ নৈপুণ্যৰ বিশেষ প্ৰযােজন।

উপন্যাসৰ কাহিনী:- উপন্যাসৰ কাহিনী পৰিবেশ ৰীতি তিনিটা – প্ৰত্যক্ষ বা কাব্য়িক (Direct Epic), আয়ুভাষণমূলক (Autobiographical ) আৰু পত্ৰমূলক (Documentary)। প্ৰত্যক্ষ প্ৰণালীত ঐপন্যাসিকে বুৰঞ্জী লেখকৰ দৰে বাহিৰত থাকি সকলাে কথা খৰচি মাৰি বৰ্ণনা কৰে। দ্বিতীয় কথা প্ৰথম পুৰুষত বৰ্ণনা কৰি যায়। তৃতীয় প্ৰণালীত চিঠিৰ আকাৰত সকলাে কথা বৰ্ণনা কৰা হয়।

কাহিনীৰ দিশৰ পৰা উপন্যাস দুটা ভাগত বিভক্ত – এক কাহিনীযুক্ত বা সৰল কাহিনীৰ উপন্যাস আৰু একাধিক কাহিনী বা যৌগিক কাহিনীযুক্ত। উপন্যাস। এক কাহিনীযুক্ত উপন্যাসত কেৱল এটা কাহিনীয়ে উপন্যাসৰ আৰম্ভৰ পৰা শেষলৈ বৰ্ণিত হয়। কিন্তু যৌগিক কাহিনীযুক্ত উপন্যাসত একাধিক কাহিনীয়ে স্থান লাভ কৰে। তাৰ এটা হয় মূল বা আধিকাৰিক কাহিনী আৰু বাকীবােৰ হয়উপকাহিনী। কিন্তু একাধিক কাহিনী থাকিলেও সেই কাহিনীবােৰ পৰস্পৰে সম্বন্ধযুক্ত হব লাগে।

কাহিনী উপস্থাপনৰ দিশৰ পৰা উপন্যাস দুই ভাগত বিভক্ত – শিথিলবন্ধী উপন্যাস আৰু কঠোৰবন্ধী উপন্যাস। যিবােৰ উপন্যাসত কিছুমান বিক্ষিপ্ত ঘটনা অসংলগ্ন ভাবে সংলগ্ন কৰা হয় সেইবােৰক কোৱা হয় শিথিলবন্ধী উপন্যাস। এই শ্ৰেণীৰ উপন্যাসত কাহিনীৰ বিভিন্ন অংগবােৰ বিশ্লিষ্টৰূপে বৰ্ণনা নকৰি সংশ্লীষ্টৰূপে বৰ্ণনা কৰা হয় সেইবােৰক কোৱা হয় কঠোৰবন্ধী উপন্যাস। এনে উপন্যাসৰ দুটা। প্ৰধান অন্তৰায় আছে। ইয়াৰ ঘটনা বিন্যাস গতানুগতিকহৈ যােৱাৰ সম্ভাৱনা। আনহাতে বহ’ল বৰ্ণনাৰ সুবিধা নথকাৰ কাৰণে ইয়াৰ বহুকথা আকস্মিক ধৰণৰ হৈ পৰিব পাৰে। তেতিয়া উপন্যাসৰ বিষয়বস্তু আৰু চৰিত্ৰ অপৰিচিত হৈ পৰাৰ সম্ভাৱনা থাকে।

উপন্যাসত কাহিনীতকৈও চৰিত্ৰৰ গুৰুত্ব অধিক। বহুতাে ঐপন্যাসিকে নামমাত্ৰ কাহিনীৰ আলম লৈ কেৱল চৰিত্ৰ সৃষ্টিতে মনােনিবেশ কৰে। কাৰণ উপন্যাসৰ শ্ৰেষ্ঠত্ব নিৰ্ভৰ কৰে চৰিত্ৰৰ ওপৰতহে, কাহিনী। ওপৰত নহয়। উপন্যাসৰ চৰিত্ৰবােৰ বাস্তৱ, জীৱন্ত আৰু স্বতঃসম্পূৰ্ণ হােৱা বাঞ্ছনীয়। জীৱন্ত চৰিত্ৰ সৃষ্টিৰ কাৰণে ঐপন্যাসিকৰ গভীৰ চিন্তাশক্তি, বাস্তৱধৰ্মী ভাৱপ্ৰৱণতা আৰু সৃষ্টিশীলতা প্ৰতিভাৰ প্ৰযােজন।

উপন্যাসৰ চৰিত্ৰ:- উপন্যাসৰ চৰিত্ৰ সৃষ্টিৰ প্ৰণালী দুটা প্ৰত্যক্ষ বা। বিশ্লেষণাত্মক ( Direct or Analytical ) আৰু পৰােক্ষ বা নাটকীয় ( Indirect or Dramatical )। প্ৰথম প্ৰণালীত ঐপন্যাসিকে বাহিৰৰ পৰা চৰিত্ৰবােৰ অংকন কৰে, সেইবােৰৰ অংগ অনুভূতি, চিন্তা ভাৱনাৰ বিশ্লেষণ কৰে আৰু সেইবােৰৰ সমালােচনা কৰি তাৰ ওপৰত মতামত দিয়ে। দ্বিতীয় প্ৰণালীত ঐপন্যাসিকে চৰিত্ৰবােৰক আপােনা আপুনি প্ৰস্ফুটিত হৈ উঠিবলৈ নিজৰ নিয়ন্ত্ৰণৰ পৰা এৰি দিয়ে।। চৰিত্ৰবােৰৰ কথােপকথন, আলাপ আলােচনা আৰু ইটোৱে সিটোৰ ওপৰত কৰা মন্তব্যৰ পৰা চাৰিত্ৰিক বৈশিষ্ট্য ফুটাই তােলা হয়।

উপন্যাসৰ চৰিত্ৰ দুই প্ৰকাৰৰ – টাইপ চৰিত্ৰ আৰু মুক্তক চৰিত্ৰ। যিবােৰ চৰিত্ৰ প্ৰসিদ্ধিৰ দৰে গতানুগতিক, বৈচিত্ৰ্য বৰ্জিত সেইবােৰক টাইপ চৰিত্ৰ বােলা হয়। এইবােৰ চৰিত্ৰৰ মাজেৰে জীৱনৰ পূৰ্ণবৃত্তি চিত্ৰিত হৈ নুঠা বাবে এইবােৰক আংশিক চৰিত্ৰ বােলা হয়। কিন্তু যিবােৰ চৰিত্ৰ বৈশিষ্ট্য পূৰ্ণ একক আৰু অনন্যসাধাৰণ সেইবােৰক বােলা হয় মুক্তক চৰিত্ৰ। এই শ্ৰেণীৰ চৰিত্ৰৰ মাজেৰে জীৱনৰ সম্পূৰ্ণ ৰূপ প্ৰতিভাত হৈ উঠে কাৰণে এই চৰিত্ৰক পূৰ্ণবৃত্ত চৰিত্ৰও বােলা হয়।

উপন্যাসত কাহিনী আৰু চৰিত্ৰৰ সম্পৰ্ক অতি ঘনিষ্ঠ। এটাৰ অভিহনে আনটোৰ অস্তিত্ব কল্পনা কৰিব নােৱাৰি। কাহিনী অবিহনে যেনেদৰে চৰিত্ৰৰ বিকাশ সম্ভৱপৰ নহয়, তেনেকৈ চৰিত্ৰৰ অভিহনে কাহিনীয়েও পূৰ্ণ পৰিণতি লাভ কৰিব নােৱাৰে। গতিকে উপন্যাসত কাহিনী আৰু চৰিত্ৰৰ যােগসূত্ৰ ৰক্ষা কৰা এটা বিশেষ গুৰুত্বপূৰ্ণ কথা। এই দিশৰ পৰা উপন্যাসক দুটা ভাগত ভাগ কৰিব পাৰি – কাহিনীপ্ৰধান আৰু চৰিত্ৰপ্ৰধান। যিবােৰ উপন্যাসত লেখকৰ উদ্দেশ্য এটা বিশেষ কাহিনী দাঙি ধৰা, সেইবােৰক কাহিনীপ্ৰধান উপন্যাস বােলে। এই শ্ৰেণীৰ উপন্যাসত চৰিত্ৰৰ নিজস্ব মূল্য একো নাথাকে, কেৱল কাহিনীটো।

প্ৰকাশৰ বাবে চৰিত্ৰ অৱলম্বন স্বৰূপে লােৱা হয়। আনহাতে যিবােৰ উপন্যাসৰ মুখ্য উদ্দেশ্য চৰিত্ৰ সৃষ্টি কৰা সেইবােৰক বােলা হয়চৰিত্ৰ প্ৰধান উপন্যাস। এই শ্ৰেণীৰ উপন্যাসত চৰিত্ৰ মুখ্য, কাহিনী গৌণ। এনে উপন্যাসত উপন্যাসৰ সকলাে কথা, সকলাে ঘটনা চৰিত্ৰৰ প্ৰকাশৰ কাৰণে প্ৰয়ােগ কৰা হয়। এই দুয়ো শ্ৰেণীৰ উপন্যাসৰ ভিতৰত চৰিত্ৰপ্ৰধান উপন্যাসৰ মূল্যই অধিক।

উপন্যাসত কাহিনী আৰু চৰিত্ৰৰ সমানুপাত ৰক্ষা কৰা বেছি জটিল কাম। কাহিনীৰ ওপৰত অধিক গুৰুত্ব দিবলৈ গলে চৰিত্ৰৰ গুৰুত্ব কমি যােৱাৰ সম্ভাৱনা আৰু চৰিত্ৰৰ ওপৰত গুৰুত্ব দিবলৈ গলে কাহিনীৰ গতিত আউল লগাৰ সম্ভাৱনা। তথাপি কাহিনীপ্ৰধান উপন্যাসতকৈ চৰিত্ৰ প্ৰধান উপন্যাসেহে শ্ৰেষ্ঠতাৰ বিশেষ দাবী কৰা দেখা যায়।

Leave a Comment

error: Content is protected !!
Scroll to Top