কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী | Chapter 5 | Class 12 Advance Assamese Question and Answer | Assam Class 12 Advance Assamese Solutions | AHSEC Class 12 HS Advance Assamese Chapter 5 Notes | SEBA Class 12 HS Advance Assamese Chapter 5 Question and Answer | Questions and Answers for Class 12 Advance Assamese Chapter 5 কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী | HS 2nd Year Advance Assamese Questions and Answers Assam


কাঞ্চনজঙ্ঘাৰ বুৰঞ্জী
(জ্যোতিপ্রসাদ আগৰৱালা)

Long Type Questions and Answers (Marks : 3/4)

1. মানুহক ‘প্ৰকৃতিৰ অভিনয় পুতলা’ বুলি কিয় কৈছে?
উত্তৰঃ মানুহক ‘প্ৰকৃতি অভিনয মানপী পুতলা’ বুলি এই কাৰণেই কোৱা হৈছে যে ‘প্ৰকৃতিৰ বুকুত মানুহে নানা ৰূপত অভিনয়ত ভাও লােৱাৰ দৰে বিচিত্ৰ মেলা পাতি হাঁহি আৰু কান্দোনৰ নৱ নৱ খেলা খেলি আছে। প্ৰকৃতিৰ বুকুত অৰ্থাৎ কাঞ্চনজংঘাৰ উপৰলৈ মানুহ পুতলাৰ দৰে উঠিছে আৰু নামিছে। ৰূপান্তৰেদি আহি মানুহে বৰণ সলাই ভাৰতৰ মঞ্চত হাঁহিছে, নাচিছে, নিজৰ কৰ্তব্য পথত কাম কৰি আছে। নতুন নতুন সভ্যতা – সংস্কৃতিৰ পােছাক পিন্ধি যুগৰ, কালৰ সুৰধনীৰে সৰুযৰ কিৰণ পৰি সােণালী হৈ পৰা ধূলিৰ মাজেৰেই পুৰণিক ভাঙি নতুনক গঢ়িব লাগিছে। এনেদৰেই প্ৰকৃতিৰ বুকুত মানুহে যুগে যুগে সুৰধনী গঙ্গাৰ দৰে অহৰহ সভ্যতাৰ ভঙা – গঢ়াৰ অভিনয় কৰাৰ কাৰণেই মানুহক প্ৰকৃতিৰ অভিনয মানপী পুতলা বুলি কৈছে।

2. মহাদেৱৰ গুণ আৰু কাৰ্য কাঞ্চনজঙ্ঘাত কিয় আৰােপ কৰা হৈছে?
অথবাঃ ‘মই কাঞ্চন জঙ্ঘা
তুষাৰ শুভ্ৰ শিৰ।
ময়ে অভ্ৰভেদী বীৰ’
—ইয়াত কাঞ্চনজংঘাত কাৰ গুণ আৰােপ কৰা হৈছে আৰু কিয় আৰােপ কৰা হৈছে?

উত্তৰঃ মহাদেৱৰ গুণ আৰু কাৰ্য কাঞ্চনজংঘাত কবিয়ে আৰােপ। কৰিছে। মহাদেৱৰ সৰ্বশৰীৰ ভস্মৰে ধুসৰিত। সেইদৰে কাঞ্চনজংঘাৰ দেহাও বৰফাবৃত প্ৰায় ধূসৰিত। ধ্যানস্থ মহাদেৱ শত বিপৰ্যয়, প্ৰাকৃতিক দুৰ্যোগ আদিতাে অলৰ – অচৰ থকাৰ দৰে কাঞ্চনজংঘাৰ ওপৰেদি তেনে কত শত বিপৰ্যয় – ধুমুহা আদি বাগৰি গলেও চিৰদিন থিৰ, অলৰ – অচৰ। মহাযােগী মহাদেৱৰ শিৰ উঁটাৰে আবৃত আৰু সেই সঁটাৰ পৰা পুতল নিৰ্গত হৈ গংগা নামে অবিৰল কলকল ধ্বনিৰে বৈ আছে। কাঞ্চনজংঘাৰাে আঁটা স্বৰূপ তুষাৰাবৃত শুভ্ৰ শিৰৰ পৰা ‘ঝৰি নিজৰ নিজৰি’ অহৰহভাৱে সুৰক্মনি গংগা বৈ আছে।
এনেদৰেই কবিয়ে মহাদেৱৰ গুণ আৰু কাৰ্যৰ লগত মিল থকা কাৰণেই মহাদেৱৰ সেই গুণ আৰু কাৰ্যক কাঞ্চনজংঘাত আৰােপ কৰিছে।

READ MORE  অন্বেষণ | Chapter 6 | Class 12 Advance Assamese - AHSEC

3. প্ৰাচীন আৰু নতুন ভাৰতৰ ছবি কবিয়ে কেনেদৰে কবিতাটিত দাঙি ধৰিছে?
অথবাঃ ‘ভাৰতবৰ্ষ দেখি – শুনি জাগে মােৰ
বিষাদতে হৰ্ষ।’
–কবিতাফাকিৰ তাৎপৰ্য ফঁহিয়াই দেখুওৱা।
উত্তৰঃ প্ৰাচীন ভাৰতবৰ্ষত মানুহে প্ৰকৃতিৰ বুকুত নানা বচিত্ৰ মেলা পাতি, হাঁহি – কান্দোনৰ নৱ নৱ খেলা’ থেলি জীৱন কটাইছিল। জুহালত বহি অতীতৰ কত বুৰঞ্জী, সাধুকথা কৈছিল, শুনিছিল। চাৰিওফালৰ প্ৰকৃতিৰ মনােমােহা সৌন্দৰ্যই সকলােকে মুহিছিল।

নতুন ভাৰতবৰ্ষৰ সভ্যতাই নতুন ৰূপ পৰিগ্ৰহন কৰিলে। পুৰণি সভ্যতা- সংস্কৃতিক নতুনৰ সােণােৱালী ধূলাই ঢাকি ধৰিলে, নতুনে পুৰণিক ভাঙি তাতেই গঢ়ি তুলিলে নৱযুগৰ নৱ সভ্যতাৰ অংগ। ৰূপান্তৰৰ মাজেদি নতুনৰ পিনে, উদিত সূৰ্যৰ পিনে ভাৰত আজি ধাবিত। ই্যাকে দেখি কবিয়ে বিষাদৰে আনন্দ লাভ কৰে।

4. কাঞ্চনজংঘাক ভাৰতবৰ্ষৰ অতীত বৰ্তমানৰ সাক্ষী কি কৰা হৈছে?
উত্তৰঃ ভাৰতবৰ্ষৰ শিৰৰ মুকুট হিচাপে জিলিকি থাকি ভাৰতবৰ্ষৰ অতীত বৰ্তমানৰ সাক্ষীৰূপে কাঞ্চনজংঘা অতীতৰে পৰা বৰ্তমানলৈ আৰু বৰ্তমানৰ পৰা ভৱিষ্যতলৈ উত্তৰ দিশত থিয় দি আছে। ভাৰতবৰ্ষত অতীতৰে পৰা বৰ্তমানলৈ ঘটিছে, কি কি হৈছে, সভ্যতাৰ পৰিবৰ্তন কেনেদৰে ঘটিছে – এই সকলৰ সাক্ষী কাঞ্চনজংঘা। এই সুদীৰ্ঘ সময়ছােৱাত আন বহুতৰে লয় আৰু পৰিবৰ্তন হ’লেও কাঞ্চনজংঘাৰ লয় হােৱা নাই, পৰিবৰ্তন হােৱা নাই, ই এনেদৰেই থিৰ হৈ আছে। সেই কাৰণেই কাঞ্চনজংঘাই ভাৰতবৰ্ষৰ সকলাে কথাৰে প্ৰত্যক্ষদৰ্শী আৰু সকলাে কথাৰে সাক্ষী হৈ ৰৈ আছে, ভাৰতৰ সভ্যতা সংস্কৃতি কি আছিল আৰু বৰ্তমান ইযাৰ কেনেদৰে পৰিবৰ্তন ঘটিছে, ভাৰতীয় মানুহে ইয়াত কেনেদৰে হাঁহি আৰু কান্দোনৰ নৱ নৱ খেলাৰ ‘বিচিত্ৰ মেলা’ পাতিব লাগিছে – এই সকলােৰে সাক্ষী কাঞ্চনজংঘা।

কাঞ্চনজংঘা এইদৰেই ভাৰতবৰ্ষৰ অতীত বৰ্তমানৰ সাক্ষী হৈ আছে আৰু ভৱিষ্যত লৈও থাকিব। যুগৰ পৰিৱৰ্তনে ভাৰতবৰ্ষৰ স্বৰূপ সলনি কৰিলেও, সভ্যতাৰ পথত ধাৱমান হ’লেও অতীত বৰ্তমান আৰু হতাে ভৱিষ্যতেও সুৰধনী গঙ্গাৰ দৰে কাঞ্চনজংঘাও ৰৈ আছে আৰু ৰৈ থাকিব।

READ MORE  ই যে অগ্নিবীণাৰ তান | Chapter 3 | Class 12 Advance Assamese - AHSEC

Leave a Comment

error: Content is protected !!
Scroll to Top