মােৰ গাঁও | Chapter 4 | Class 12 Advance Assamese Question and Answer | Assam Class 12 Advance Assamese Solutions | AHSEC Class 12 HS Advance Assamese Chapter 4 Notes | SEBA Class 12 HS Advance Assamese Chapter 4 Question and Answer | Questions and Answers for Class 12 Advance Assamese Chapter 4 মােৰ গাঁও | HS 2nd Year Advance Assamese Questions and Answers Assam


মােৰ গাঁও
(ডিম্বেশ্বৰ নেওগ)

পদ্যাংশ

‘মােৰ গাঁও’ কবিতাটিত প্ৰকাশ পােৱা কবিৰ অতীত ৰােমন্থনৰ এটি বিৱৰণ দিয়া।
উত্তৰঃ অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰনেতা আৰু কবি হিচাপে খ্যাত ডিম্বেশ্বৰ নেওগে ‘মােৰ গাঁও’ কবিতাটিৰ জৰিয়তে তেওঁৰ শৈশৱ কালৰ স্মৃতি ৰােমন্থন কৰি বৰ্তমান সেই গাঁৱৰ আমূল পৰিৱৰ্তনৰ কথা বৰ্ণনা কৰিছে। শৈশৱ কালৰ কথা মনলৈ অহাৰ লগে লগে কবিৰ মনত সেই। সমৰ গাঁওখনৰ ছবিয়ে ছয়া – মহাকৈ লুকাভাকু খেলিবলৈ আৰম্ভ কৰেহি। ‘ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ’ স্বৰূপ তেওঁৰ সৰু গাঁওখনৰ নাম। কমাৰফদিয়া। এই সৰু গাঁওখনতেই তেওঁ জন্মগ্ৰহণ কৰি শৈশৱ কাল অতিবাহিত কৰি যৌৱনত ভৰি দিছিলহি।

ইয়াতেই আপােন আই বাই ভনীৰ মৰম চেমেহৰ মাজত ডাঙৰ – দীঘল হৈ কত লগৰ লগৰীৰ সৈতে হিয়া দিয়া – দিই কৰিছিল, ডিঙিত সাৱটি ধৰি চেনেহেৰে কথা পাতিছিল, পােহৰ জাৰত গাৰ কঠীয়াখন মেজি খৰি গােটাই, পথাৰে পথাৰে গৰু – যুজঁ চাই কত আনন্দ লাভ কৰিছিল। সেই গাঁৱতেই ডেকা লৰা সকলােটি মিলি বাটত আনন্দেৰে। জুমা – জুমে ফুৰিছিল — গাঁৱত ভাওনা সবাহ পাতি গাঁওখন উৎসৱ মুখৰ কৰি তুলিছিল, ডেকা গাভৰুহঁতে বিহুৰ সময়ত ঢােলৰ মাতত মতলীয়া হৈ নাছিল। জাতীয় উৎসৱ আদিত মানুহবােৰৰ মিলা প্ৰীতি, একতাৰ ভাব দেখি হ্ৰদ্য নাচি উঠিছিল। সৰু গাঁওখনক জন্ম জন্মান্তৰে শতবাৰ ভালপােৱা কবিৰ অন্তৰ শৈশৱৰ সেই স্মৃতিয়ে আজিও উতলা। কৰি তােলে।

Very Short Type Questions and Answers (Marks : 1)

1. ‘ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ’ বুলি কবিয়ে কাৰ কথা কৈছে?
উত্তৰঃ নিজৰ সৰু গাঁওখনৰ কথা কৈছে।

2. ‘মােৰ গাঁও’ কবিতাটিৰ কবিজনৰ নাম কি?
উত্তৰঃ ডিম্বেশ্বৰ নেওগ।

3. ‘কমাৰফদিয়া গাঁও অসমৰ কোনখন নদীৰ পাৰত অৱস্থিত?
উত্তৰঃ দিখৌ নদীৰ পাৰত অৱস্থিত।

4. ডিম্বেশ্বৰ নেওগে কোন চনত অসম সাহিত্য সভাৰ অধিবেশনত সভাপতিত্ব কৰিছিল?
উত্তৰঃ ১৯৬৬ চনত নলবাৰী অধিবেশনত।

5. ডিম্বেশ্বৰ নেওগৰ ৰচিত অসমীয়া সাহিত্যৰ বুৰঞ্জী এখনৰ নাম লিখা।
উত্তৰঃ ‘আধুনিক অসমীয়া সাহিত্যৰ বুৰঞ্জী’।

6. ‘ব্ৰহ্মাণ্ডত চালি – জাৰি কতাে হ’লে পােৱা নাই’ –বুলি কবিয়ে কি নােপােৱাৰ কথা কৈছে?
উত্তৰঃ নিজৰ গাঁৱত পােৱা সৰলতা।

7. ডিম্বেশ্বৰ নেওগৰ গীতিকবিতা পুথিখনৰ নাম কি?
উত্তৰঃ ‘সঁফুৰা’।

8. পুহৰ জাৰত কবিয়ে গাৰ ছকটঠিয়াখন থৈ কি গােটাইছিল?
উত্তৰঃ মেজি – খৰি।

9. ডিম্বেশ্বৰ নেওগে কি কি পত্ৰিকা সম্পাদনা কৰিছিল?
উত্তৰঃ ছাত্ৰ সন্মিলনীৰ মুখপত্ৰ ‘মিলন’ আৰু ‘সাহিত্য – সভা পত্ৰিকা।

10. ডিম্বেশ্বৰ নেওগৰ পিতৃৰ নাম কি আছিল?
উত্তৰঃ মাণিক চন্দ্ৰ নেওগ।

11. ডিম্বেশ্বৰ নেওগৰ কবিতা পুথি এখনৰ নাম লিখা।
উত্তৰঃ ‘ইন্দ্ৰ ধনু।

12. ইন্দ্ৰধনুৰ কবি বুলি কাক কোৱা হয়?
উত্তৰঃ ডিম্বেশ্বৰ নেওগক।

13. পথাৰে পথাৰে ঘূৰি কবিয়ে কি চাই ফুৰিছিল?
উত্তৰঃ গৰু- যু।

READ MORE  উপন্যাস | Chapter 14 | Class 12 Advance Assamese - AHSEC

14. ডিম্বেশ্বৰ নেওগক কিহৰ কবি বােলা যায়?
উত্তৰঃ ‘ইন্দ্ৰধনু’ৰ কবি।

15. তেওঁৰ গাঁওখনৰ ওচৰেৰে বৈ যােৱা নৈখনৰ নাম কি?
উত্তৰঃ দিখৌ নৈ।

16. ডিম্বেশ্বৰ নেওগৰ জন্ম গাঁওখনৰ নাম কি?
উত্তৰঃ কমাৰফদিয়া।

17. ‘বিশ্বৰ সৌন্দৰ্য খনি!’ বুলি কবিয়ে কিহক কৈছে?
উত্তৰঃ নিজ গাঁওখনক।

18. ডিম্বেশ্বৰ নেওগৰ ছনেট কবিতা পুথিখনৰ নাম কি?
উত্তৰঃ ‘মুকুতা’।

Long Type Questions and Answers (Marks : 3/4)

1. প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা—
ব্ৰহ্মাণ্ডত চালি – জাৰি কতাে হ’লে পােৱা নাই,
এদিনৰ কাৰণেও।
সৰলতা আজি তেনেকুৱা।’
উত্তৰঃ সংগতিঃ উদ্ধৃত কবিতাফাকি অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰনেতা, গৱেষক, কবি ডিম্বেশ্বৰ নেওগ ৰচিত ‘মােৰ গাঁও’ কবিতাটিৰ অন্তৰ্গত।

প্ৰসংগঃ কবিৰ নিজ জন্ম গাঁওখনৰ প্ৰতি থকা অসীম ভালপােৱাৰ কথাকেই কবিতাফাকিৰ মাজেৰে প্ৰকাশ পাইছে।

ব্যাখ্যাঃ কবিয়ে নিজ জন্মগাঁও কমাৰফদিযা ‘ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ’ বুলি অভিহিত কৰিছে। সেই গাঁওখনতে জন্ম লাভ কৰি যৌৱনপ্ৰাপ্ত হােৱা সমযলৈকে লগৰ লগৰীৰ সৈতে খেলা – ধূলা কৰি, জাৰৰ মেজি খৰি বিচাৰি, পথাৰে পথাৰে গৰু যুজঁ চাই, ইটিয়ে সিটিয়ে মৰম – চেনেহ দিয়া – দিই কৰি আই বাই ভনীৰ মৰম – চেনেহৰ মাজত সেই কালছােৱা অতিবাহিত কৰিছিল। আজিও সেই শৈশৱ কালৰ স্মৃতিৰ ৰােমন্থনে কবিক ব্যাকুল কৰি তােলে। মানুহৰ মাজত কি মধুৰ সম্পৰ্ক – কি সৰলতা। তেওঁৰ গাঁওখনৰ সেই আন্তৰিকতা, সৰলতা বিশ্ব ব্ৰহ্মাণ্ডৰ কতাে তেওঁ বিচাৰি নাপায়। কবিয়ে ব্ৰহ্মাণ্ডত চালি – জাৰি চাই এদিনৰ কাৰণেও কতাে তেনে সৰলতা বিচাৰি পােৱা নাই। ভালপােৱা বস্তুত সৰলতা, মধুৰতা আৰু অসীম সৌন্দৰ্য অনুভৱ হয়। কবিয়েও নিজ গাঁওখন অতিকে ভাল পাই কাৰণেই ব্ৰহ্মাণ্ডত নােপােৱা সৰলতা তাত বিচাৰি পাইছে।

2. প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা—
‘বিশ্বৰ সৌন্দৰ্য যিনি
জনমভূমি তই মাথোঁ।
এচমকা ব্ৰহ্মাণ্ডৰ হিয়া।
উত্তৰঃ সংগতিঃ উদ্ধৃত কবিতাফাকি কবি ডিম্বেশ্বৰ নেওগে ৰচিত ‘মােৰ গাঁও’ কবিতাটিৰ অন্তৰ্গত।

প্ৰসংগঃ নিজ জন্মঠাই সৰু গাঁওখন কবিৰ কিমান মৰমৰ এই কথাকে কবিতাফাকিত প্ৰকাশ পাইছে।

ব্যাখ্যাঃ কবিৰ জন্মগাঁও কমাৰফদিযা কবিৰ কাৰণে অতি মৰমৰ, হিয়াৰ আমঠু স্বৰূপ। কমাৰফদিয়া গাঁওখনক কবিয়ে ‘ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ’ বুলি অভিহিত কৰি এই গাঁওখনত কটোৱা শৈশৱ কালৰ কথা ৰােমন্থন কৰিছে। গাঁওখনৰ অপৰূপ প্ৰাকৃতিক সৌন্দৰ্য কবিক আত্মহাৰা কৰি তােলে। তেওঁ অনুভৱ কৰে বিশ্বৰ আটাইবােৰ সৌন্দৰ্যৰ খনি যেন এই গাঁওখন। জন্মভূমি গাঁওখন বিশ্ব ব্ৰহ্মাণ্ডৰ যেন এচমকা হিয়া, যত থুপখাই আছে মনােমােহা সৌন্দৰ্যৰ আকৰ। অন্তৰেৰে ভালপােৱা বস্তুৰ অনিন্দ্যি সৌন্দৰ্য অনুভৱ কৰা যায়। কবিয়ে নিজ জন্মভূমি এই ক্ষুদ্ৰ গাঁওখনত এনে সৌন্দৰ্য অনুভৱ কৰাৰ অৰ্থই হৈছে তেওঁৰ কাৰণে তেওঁৰ গাঁওখন অতি মৰমৰ, অতি চেনেহৰ।

3. প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা—
‘সেই গাঁও, সেই দিন গ’ল আজি সকলােটি
একেলগে সকলাে হেৰাল,
আগৰ সকলাে আছে তথাপিও কিবা যেন
কাহ পৰি জীন যােৱা।
সকলােটি নিমাত নিতাল!
উত্তৰঃ সংগতিঃ উদ্ধৃত কবিতাফাকি অসমীয়া সাহিত্যৰ বুৰঞ্জী প্ৰণেতা, গৱেষক, কবি ডিম্বেশ্বৰ নেওগ ৰচিত ‘মােৰ গাঁও’ কবিতাটিৰ অন্তৰ্গত।

প্ৰসংগঃ কবিয়ে ইয়াত শৈশৱ কালত কটাই অহা নিজৰ গাঁওখনৰ বৰ্তমান অভূতপূৰ্ব পৰিৱৰ্তনৰ কথা উল্লেখ কৰিছে।

ব্যাখ্যাঃ কবিয়ে ‘ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ’ বুলি ভবা নিজ গাঁওখনতে জন্ম লাভ কৰি যৌৱনপ্ৰাপ্ত হােৱা সময়লৈকে লগৰ লগৰীৰ সৈতে খেলা – ধূলা। কৰি, জাৰৰ মেজিৰ বাবে খৰি বিচাৰি, পথাৰে পথাৰে গৰু যু চাই, ইটিয়ে সিটিক মৰম – চেনেহ দিয়া দিই কৰি, আই বাই ভনীৰ মৰম চেনেহৰ মাজত সেই কালছােৱা অতিবাহিত কৰিছিল। সেইবােৰ শৈশৱ কালৰ স্মৃতিয়ে কবিক সততে ব্যাকুল কৰি তােলে। কিন্তু আজি ‘ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ’ কবিৰ গাঁওখনৰ আগৰ সেই সৌন্দৰ্য নাইকিয়া হৈ আহিছে। গঞাৰাইজৰ মাজত আগৰ সেই সমাজ বান্ধোনাে নাই, মানুহৰ মাজত মিলা প্ৰীতি একতাৰ কেৱল কাটোহে আছেগৈ। জাতীয় উৎসৱ আদিত ৰং – ধেমালিত কোনাে আন্তৰিকতা নাই, কোনাে প্ৰাণ নাই।

READ MORE  অলংকাৰ | Chapter 15 | Class 12 Advance Assamese - AHSEC

মানুহে মানুহৰ মৰম নিচিনা হ’ল, কেৱল ধনকহে চীনা হ’ল, মানুহ। কেৱল ধনৰ পিছে পিছে দৌৰা হ’ল। ইয়াৰ লগে লগে অনেকক দাৰিদ্ৰই বেয়াকৈ পীড়িব ধৰিলে, বছৰ জোৰাই খাবলৈ নাটনি হ’ল। সেই কাৰণে গাঁৱৰ মানুহে খাদ্যৰ কাৰণে গাঁও এৰি অনাই – বনাই ফুৰিছেগৈ, হয়তাে এটা সময়ত গাঁও গুচি ‘নতুন পাতনি’ হবগৈ। গাঁওখনৰ এনে পৰিবৰ্তনে কবিৰ মনত দাৰুণভাৱে আঘাত দিছে।

4. ‘তেতিযা, তেতিয়া মােৰ এই গাঁও, এই স্বপ্ন
হব নেকি সচাঁকৈয়ে
সকলােটি এথানি – এবানি!
–কবিৰ মনত এনে সংশ্য উপজাৰ কাৰণ কি – বুজাই লিখা।
উত্তৰঃ কবিয়ে শৈশৱ কালত লগ পােৱা গাঁওখনৰ বৰ্তমান অভূতপূৰ্ব পৰিবৰ্তন দেখিবলৈ পাইছে। আগৰ দৰে গঞা সমাজত একতা নাই, মিলা – প্ৰীতি নাই। ডেকা লৰবােৰে ভাৱনা – সবাহ নাপাতে, বিহু ঢােলৰ মাত শুনি ডেকা – গাভৰুসকল আনন্দত উত্ৰাৱল নহয়। মানুহৰ মাজত মৰম, চেনেহৰ সলনি ধনকহে চিনি পােৱা হ’ল। এচাম মানুহ দিনে দিনে গঢ়িব হৈ খাদ্যৰ কাৰণে গাঁও এৰি অনাই – বনাই ফুৰিছে। এনেকৈ তেওঁৰ মৰমৰ গসুখন থান বান হ’ল। এই অৱস্থাৰ যদি আৰু অৱনতি হয় তেতিয়া তেওঁৰ মৰমৰ, স্বপ্নৰ গাঁওখনৰ চিন – চাবেই নাথাকিব নেকি বুলি কবিৰ মনত সংশ্য উপজিছে।

5. ‘কমাৰফদিয়া! এই সৰু গাওঁখনি মােৰ।
ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ।
–কবিয়ে নিজ গাওঁথনিক ‘ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ’ বুলি কি কৈছে, বুজাই লিখা।
উত্তৰঃ সৰু সৰু চুবুৰি লগ লাগি একোখন গাঁও – বহুতাে গাঁও লগ লাগি একোখন জিলা, কেইবাখনাে জিলা লগ লাগি একোখন ৰাজ্য, তাৰ পিছত দেশ, মহাদেশ আৰু মহাদেশ – মহাসাগৰ আদি লগ লাগি ব্ৰহ্মাণ্ডৰ সৃষ্টি। ব্ৰহ্মাণ্ডৰ ভিতৰত সেয়ে একোখন গাঁও নিচেই ক্ষুদ্ৰ একোখনি ঠাই মাত্ৰ। ‘ব্ৰহ্মাণ্ডৰ তুলনাত গাওঁবিলাক ক্ষুদ্ৰ তকৈ ক্ষুদ্ৰ। সেয়ে কবিয়ে নিজৰ সৰু গাঁও কমাৰফদিক ‘ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ’ বুলি কৈছে।

6. ‘ধনকে মাথােন চিনি মৰম নিচিনা হ’ল।
ধনেই কেৱল হ’ল।
দ্যা স্নেহ মূলতে সবাৰ।’
—কবিয়ে এনেদৰে আক্ষেপ কৰাৰ কাৰণ কি? বুজাই লিখা।
উত্তৰঃ কবিয়ে শৈশৱ কালত লগ পােৱা নিজৰ গাঁওখনৰ বৰ্তমান। অভূতপূৰ্ব পৰিবৰ্তন দেখিবলৈ পাইছে। আগৰ দৰে গাঁওখনৰ মানুহৰ মাজত মৰম স্নেহ নােহােৱা হ’ল। মানুহে কেৱল ধনকেহে সকলােৰে মূল বুলি ভাবি ধনৰ চিন্তা আৰু উপাৰ্জনত ব্যস্ত থাকি মানুহৰ প্ৰতি মানুহৰ মৰম স্নেহ পাহৰি গল। কাৰাে প্ৰতি কাৰাে দ্যা প্ৰীতি নাইকিয়া হ’ল। সেই কাৰণেই কবিয়ে এনেদৰে আক্ষেপ কৰিছে।

7. ‘নতুন সি জোন – বেলি নতুন সি গছ – লতা।
সেই সকলােকে লই —
ন মােৰ শৈশৱ আকউ।’
—কবিয়ে এনেকৈ অনুভৱ কৰাৰ কাৰণ কি?
উত্তৰঃ কবিয়ে শৈশৱ কালৰ নিজ জনস্থান সৰু গাঁওখনৰ স্মৃতি ৰােমন্থন কৰিছে। শৈশৱ কালত নিজ গাঁওখনত জোন – বেলি, গছ – লতাৰ। সৌন্দৰ্য চাই, লগ – লগৰীৰ সৈতে খেলা – ধূলা কৰি, জাৰৰ মেজি – খৰি বিচাৰি, পথাৰে পথাৰে গৰু যুজঁ চাই আনন্দত মতলীয়া হৈ। ফুৰিছিল। আজি এই পৌৰ অৱস্থাত কবিৰ মনলৈ সেই অতীত স্মৃতি আহি পৰাত সেই জোন – বেলি, গছ – লতা সকলােকে কবিয়ে নতুন ৰূপত দেখিবলৈ পাইছে — তেওঁ নতুনকৈ শৈশৱ কাল পােৱা যেন অনুভৱ কৰিছে।

READ MORE  মাধৱদেৱ | Chapter 8 | Class 12 Advance Assamese - AHSEC

8. কবি ডিম্বেশ্বৰ নেওগে কোনখন গাঁৱক কিয় ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ বুলি কৈছে?
উত্তৰঃ কমাৰফদিয়া গাঁওখনক কবিয়ে ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ বুলি কৈছে।
সৰু সৰু চুবুৰী লগ লাগি একোখন গাঁও – বহুতাে গাঁও লগ লাগি একোখন জিলা, কেইবাখনাে জিলা লগ লাগি একোখন ৰাজ্য, তাৰ। পিছত দেশ, মহাদেশ আৰু মহাদেশ – মহাসাগৰ আদি লগ লাগি ব্ৰহ্মাণ্ডৰ সৃষ্টি। ব্ৰহ্মাণ্ডৰ ভিতৰত সেয়ে একোখন গাঁও নিচেই ক্ষুদ্ৰ একোখনি ঠাই মাত্ৰ। ব্ৰহ্মাণ্ডৰ তুলনাত গাওঁবিলাক ক্ষুদ্ৰতকৈও ক্ষুদ্ৰ। সেয়ে কবিয়ে নিজৰ সৰু গাঁও কমাৰফদিয়া ‘ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ’ বুলি কৈছে।

9. ‘মােৰ আই, বাই, ভনী
সকলােটি কেনে হেঁপাহৰ’
–বুলি কবিয়ে কি প্ৰসংগত কৈছে, বুজাই লিখা।
উত্তৰঃ কবিয়ে জন্ম লাভ কৰা নিজ গাঁওখনৰ শৈশৱ কালৰ স্মৃতি ৰােমন্থন কৰিছে। সেই গাঁওখনত জন্ম লাভ কৰি আপােন আই, বাই, ভনীৰ মৰম চেনেহৰ মাজত ডাঙৰ দীঘল হৈছিল, লগ লগৰীৰ সৈতে খেলা ধূলা কৰি ‘হিয়া দিয়া দিই’ কৰিছিল, ডিঙিত ধৰি আনন্দেৰে। মনৰ কথা পাতিছিল। শৈশৱৰ এইবােৰ কথা মনত পৰাৰ লগতে আই, বাই, ভনীৰে প্ৰৱেষ্টিত মৰমৰ, হেঁপাহৰ ঘৰখনলৈ কৰিব মনত পৰিছে।

10. কবিয়ে ‘মােৰ গাঁও’ কবিতাটিত কামৰফদিয়া গাঁৱৰ কেনে ধৰণৰ পৰিৱৰ্তন হােৱাৰ কথা উল্লেখ কৰিছে লিখা।
উত্তৰঃ ‘মােৰ গাঁও’ কবিতাটিত কবি ডিম্বেশ্বৰ নেওগে তেওঁৰ জন্মস্থান কমাৰফদিয়া গাঁওখনত কটোৱা শৈশৱ কালৰ কথা ৰােমন্থন কৰাৰ। লগতে বৰ্তমান ইযাৰ অস্বাভাৱিক পৰিৱৰ্তনত মনত দুখ অনুভৱ কৰিছে।

শৈশৱত লগপােৱা তেওঁ সেই সৰু গাঁওখন বৰ্তমান ভাবিব নােৱাৰাকৈ পৰিবৰ্তন হ’ল। গহীন দিখৌ নৈখন গাঁওখনৰ মাজেৰে আজিও আগৰদৰে বৈ আছে যদিও তেওঁ সেই শৈশৱৰ লগ – লগৰীসকল তাৰ পাৰত মেজি খৰি গােটাই, গৰু যুজঁ চাই আনন্দ কৰিবলৈ অহা নাই। তাৰ পৰিৱৰ্তে তেওঁৰ লগৰ অনেকৰেই তাৰ পাৰত ইতিমধ্যে চিতা জুই জ্বলিছে। বৰ্তমানৰ ডেকাসকলেও তেওঁলােকে শৈশৱত গাৰ ছকঠীয়াখন কৈ মেজি খৰি গােটাই, গৰু যুজঁ চাবলৈ ডেকাসকলে আজি সকলােটি মিলি আনন্দেৰে সুমা – জুমে বাটত নুফুৰে, ভাওনা – সবাহ পাতি গাঁওখন আনন্দমুখৰ নকৰে, বিহুৰ কাষ চাপিলেও আগৰদৰে ডেকা – গাভৰুসকলৰ দৰে আজি ডেকা – গাভৰুৰ মন ঢােলৰ মাতত মতলীয়া হৈ নাচি নুঠে। ‘ব্ৰহ্মাণ্ডৰ ক্ষুদ্ৰ তাঙৰণ’ তেওঁৰ গাঁওখনৰ আগৰ সেই সৌন্দৰ্য নাইকিয়া হােৱা দেখি কৰিব দুচকুৰে পানী বৈ আহিছে ৷ তেওঁ লক্ষ্য কৰিছে।

গাৰাইজৰ মাজত আগৰ সেই সমাজ বান্ধোনাে নাই, মানুহৰ মাজত মিলা প্ৰীতি একতাৰ কেৱল উঁকাটোহে আছেগৈ। জাতীয় উৎসৱ আদিত ৰং – ধেমালিত কোনাে আন্তৰিকতা নাই, কোনাে প্ৰাণ নাই। মানুহে মানুহৰ মৰম নিচিনা হ’ল, কেৱল ধনকহে চিনা হ’ল, মানুহ কেৱল ধনৰ পিছে পিছে দৌৰি হ’ল। ইয়াৰ লগে লগে অনেকক দাৰিদ্ৰই বেয়াকৈ পীডিব ধৰিলে, বছৰ জোঁৱাই থাবলৈ নাটনি হ’ল। সেই কাৰণে গাঁৱৰ মানুহে খাদ্যৰ কাৰণে গাঁও এৰি অনাই – বনাই ফুৰিছেগৈ, হয়তাে এটা সময়ত গাঁও গুচি ‘নতুন পাতনি’ হবলৈ। গাঁওখনৰ এনে পৰিৱৰ্তনে কবিৰ মনত দৰুণভাৱে আঘাত দিছে।

Leave a Comment

error: Content is protected !!
Scroll to Top