অন্বেষণ | Chapter 6 | Class 12 Advance Assamese Question and Answer | Assam Class 12 Advance Assamese Solutions | AHSEC Class 12 HS Advance Assamese Chapter 6 Notes | SEBA Class 12 HS Advance Assamese Chapter 6 Question and Answer | Questions and Answers for Class 12 Advance Assamese Chapter 6 অন্বেষণ | HS 2nd Year Advance Assamese Questions and Answers Assam


অন্বেষণ
(সীতানাথ ব্ৰহ্মচৌধুৰী)

পদ্যাংশ

কবি পৰিচয় সহ ‘অন্বেষণ’ কবিতাটিৰ সাৰাংশ লিখা।
উত্তৰঃ কবি পৰিচয়:- ‘অন্বেষণ’ কবিতাটিৰ কবি সীতানাথ ব্ৰহ্মচৌধুৰী। অসমীয়া ৰােমান্টিক কবিসকলৰ অন্যতম। ৰােমান্টিক ভাৱাদৰ্শ, প্ৰেম আৰু সৌন্দৰ্যৰ প্ৰকাশ ঘটিছে তেওঁৰ কবিতাসমূহত। কবিতাৰ ভাষা সহজ সৰল আৰু অতি পৰিপাটি। তেওঁৰ ৰচিত কাব্য গ্ৰন্থসমূহ হ’ল ‘কমল কলি’, ‘আবেগ’, ‘চকুলাে’ আৰু ‘ফুলেশ্বৰী দৈমাৰী’। ‘গাঁও সংগঠন’ তেওঁৰ আন এখন পদ্য ৰচনা। অসম সাহিত্য সভাৰ ৪৮ তম তিনিচুকীয়া আৰু ৪৯ তম ডিফু অধিৱেশনত তেওঁ সভাপতিৰ আসনত অধিষ্ঠিত হৈছিল।

সাৰাংশ:- কবিয়ে আগৰ জনমত লগ পােৱা কোনােবা প্ৰেয়সীক বিচাৰি ব্যাকুল হৈ পৰিছে। সিন্মত যৌৱনৰ প্ৰথম লহৰীতে কবিয়ে তেওঁৰ। প্ৰেমৰ ৰাণী, নিৰুপমা, সৌন্দৰ্য প্ৰতিমাত লগ পাইছিল। সেই প্ৰেম। ৰাণীৰ লৱনু দেহত সহস্ৰ বসন্তই লুকভাকু খেলি, তেওঁক প্ৰেমভাৰ চুমা আৰু আলিংগন দি তেওঁৰ উন্মও যৌৱনক আকুল অধীৰ কৰি তুলিছিল। পূৰ্বজন্মৰ জীৱনৰ সন্ধিয়া পৰত কবিৰ সতে ইঠাতে প্ৰেয়সীৰ এৰাএৰি হ’ল যদিও এই জনমতাে কবিয়ে তেওঁক পাহৰিব পৰা নাই। বিৰহ – কাতৰত, বিৰহ – বেদনাত কবি যদিও এই জনমতাে কবিয়ে তেওঁক পাহৰিব পৰা নাই। বিৰহ – কাতৰত, বিৰহ – বেদনাত কবি দেহ পুৰি মৰিব লাগিছে। সেয়ে কবিয়ে তেওঁৰ সেই প্ৰাণ প্ৰিয়াৰ কত জনম ললে, কত কেনেকৈ আছে তাকে জানিবৰ বাবে প্ৰাণ প্ৰিয়াক বিচাৰি সমস্ত জগত ঘূৰি ফুৰিছে।

READ MORE  চুটি গল্প | Chapter 13 | Class 12 Advance Assamese - AHSEC

Very Short Type Questions and Answers (Marks : 1)

1. ‘অন্বেষণ’ কবিতাটি কোন শ্ৰেণীৰ কবিতা?
উত্তৰঃ ‘ছনেট’ শ্ৰেণীৰ কবিতা।

2. ‘অন্বেষণ’ কবিতাটিৰ কবি কোন?
উত্তৰঃ সীতানাথ ব্ৰহ্মচৌধুৰী।

3. ‘সমস্ত জগত ঘূৰি নিজ মনে ফুৰিছোঁ বিচাৰি’ – কবিয়ে কাক বিচাৰি ফুৰিছে?
উত্তৰঃ তেওঁৰ ‘প্ৰেমৰ ৰাণী’ প্ৰেয়সীক বিচাৰি ফুৰিছে।

4. ‘অন্বেষণ’ কবিতাটি ভাবৰ কবিতা?
উত্তৰঃ প্ৰেম ভাবৰ কবিতা।

5. প্ৰথম আধুনিক কবিতাটোৰ নাম কি? ইত্যাৰ ৰচক কোন?
উত্তৰঃ ‘অন্বেষণ’। ৰচক – সীতানাথ ব্ৰহ্মচৌধুৰী।

6. সীতানাথ ব্ৰহ্মচৌধুৰীয়ে অসম সাহিত্য সভাৰ কোন কোন অধিৱেশনত সভাপতিত্ব কৰিছিল?
উত্তৰঃ ১৯৮২ চনত ৪৮ তম তিনিচুকীয়া অধিৱেশন আৰু ১৯৮৩ চনত ৪৯ তম ডিফু অধিৱেশনত।

7. ছনেট কবিতাত কেইটা শাৰী আৰু প্ৰতিটো শাৰীত কিমান আখৰ থাকে?
উত্তৰঃ ছনেট কবিতাত চৈধ্যটা শাৰী থাকে প্ৰতিটো শাৰীত চৈধ্য টা আখৰ থাকে।

8. সীতানাথ ব্ৰহ্মচৌধুৰীৰ ৰচিত তিনিখন কাব্য পুথিৰ নাম লিখা।
উত্তৰঃ কমল কলি, আৱেগ আৰু চকুলাে।

9. ‘অন্বেষণ’ কবিতাটি ‘ছনেট’ কবিতা বুলিব পাৰিনে?
উত্তৰঃ ‘ছনেট’ কবিতা চৈধ্যটা শাৰীত পূৰ হয়। সেই ফালৰ পৰা ‘অন্বেষণ’ কবিতাটি ‘ছনেট কবিতা বুলিব পাৰি, কিন্তু একোটা শাৰীত চৈধ্যটা থাকিব লগা ‘ছনেট’ ৰ এই বৈশিষ্ট্য বা লক্ষণটো ইয়াত ৰক্ষিত। হােৱা নাই। সেইফালৰ পৰা ইয়াক ‘ছনেট’ কবিতা বুলি কোৱাত কিছু অসুবিধা আছে।

Long Type Questions and Answers (Marks : 3/4)

১। কবিৰ বিৰহৰ কাৰণ কবিতাটিৰ মাজেৰে কেনেদৰে প্ৰকাশ পাইছে লিখা।
অথবাঃ ‘বিৰহ কাতৰ মই বিৰহত মৰাে দেই পুৰি ‘
–কবিতাটোত উল্লেখ কৰা মতে কবিৰ বিৰহৰ কাৰণ কি?

উত্তৰঃ ‘অন্বেষণ’ কবিতাটিৰ মাজেৰে কবিৰ বিৰহৰ কাৰণ আৰু তাৰ কাৰণে কবিৰ ‘মানসিক অৱস্থা সুন্দৰভাৱে প্ৰকাশ পাইছে এৰি অহা জীৱনৰ যৌৱনৰ প্ৰথম লহৰীতে কবিয়ে লগ পাইছিল তেওঁৰ ‘প্ৰেমৰ ৰাণী, নিৰুপমা, সৌন্দৰ্য প্ৰতিমা’ প্ৰাণপ্ৰিয়াক। প্ৰাণপ্ৰিয়াৰ লৱণু দেহত নাচি থকা সহস্ৰ বসন্তই, প্ৰেমভাৰ এটি চুমা আৰু আলিংগনে কবিৰ উন্মও যৌৱনক কৰি তুলিছিল অধীৰ আকুল। সেই জনমৰে সন্ধিয়া পৰত হঠাতেই দুয়োৰে এৰা এৰি হৈছিল, কিন্তু হ’লেও এই জনমতাে। কবিয়ে পূৰ্ব জনমতে তেওঁৰ প্ৰাণ উতলা কৰা প্ৰাণ প্ৰিয়াৰ এৰাৰাে পাহৰিব পৰা নাই। এই জনমত তেওঁ কত জনম ললে, কত কেনেকৈ আছে এই কথা কবিয়ে নাজানে। এই কবিৰ বিৰহৰ কাৰণ। এই বিৰহ – বেদনাই কবিক অতিষ্ঠ কৰি তুলিছে। সেয়ে কবিয়ে তেওঁৰ প্ৰাণ প্ৰিয়াৰ সন্ধান বিচাৰি সমস্ত জগত ঘূৰি ফুৰিছে।

READ MORE  অলংকাৰ | Chapter 15 | Class 12 Advance Assamese - AHSEC

২। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
‘ক’তা সি লাহৰী মােৰ, যাৰ সেই লৱণু দেহাত
সহস্ৰ বসন্ত নাচে, হালি – জলি ফুলে যত ফুল,
প্ৰেমভৰা এটি চুমা, এটি মাত্ৰ আলিংগনে যাৰ
উন্মত্ত যৌৱন আনি কৰি দিয়ে অধীৰ আকুল।’
উত্তৰঃ সংগতিঃ উদ্ধৃত কবিতাফাকি ৰােমান্টিক কবি সীতানাথ ব্ৰহ্মচৌধুৰী ৰচিত ‘অন্বেষণ’ নামৰ কবিতাটিৰ অন্তৰ্গত।

প্ৰসংগঃ কবিতাফাকিৰ মাজেৰে কবিৰ পূৰ্বজনমৰ প্ৰাণ প্ৰিযাৰ এটি ছবি দাঙি ধৰিছে আৰু তাৰ লগে প্ৰাণ প্ৰিযাৰ প্ৰতি থকা তেওঁৰ প্ৰাণৰ তাৰনা। প্ৰকাশ পাইছে।

ব্যাখ্যাঃ পূৰ্বজনমত লগ পােৱা কবিৰ প্ৰেয়সীৰ কথা চিন্তা কৰি কবি অধীৰ আকুল। প্ৰেয়সীৰ মােহনীয় ৰূপ – লাৱন্যই কবিক এতিয়াও উন্মত্ত কৰি তােলে। প্ৰেয়সীৰ লৱণু দেহাত সহস্ৰ বসন্তই নাচিছিল, তেওঁৰ প্ৰেম ভৰা এটি মাথােন চুমাই, এটি মাথােন আলিংগনে তেওঁৰ উন্মত্ত যৌৱনত আনি দিছিল সৰগীয় মুখ – সম্ভোগ। পূৰ্বজনমত লগ পােৱা তেনে এজনী প্ৰাণ প্ৰিযাৰ লগত সিজনমতে এৰা এৰি হ’লেও এই জনমতাে কবিয়ে তেওঁক এটা মুহুৰ্তৰ বাবেও পাহৰিব পৰা নাই। এই জনমতাে সেই প্ৰেয়সীক বিচাৰি কবি সমস্ত জগত হাবাথুৰি খাই ঘূৰি ফুৰিছে।

৩। প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
‘বিৰহ কাতৰ মই, বিৰহত মৰাে দেই – পুৰি,
অ’ মােৰ প্ৰাণৰ প্ৰিযা, কত যাম তােমাক বিচাৰি।’
উত্তৰঃ সংগতিঃ উদ্ধৃত কবিতাফাকি ৰােমান্টিক কবি সীতানাথ ব্ৰহ্মচৌধুৰী ৰচিত ‘অন্বেষণ’ কবিতাটিৰ অন্তৰ্গত।

প্ৰসংগঃ পূৰ্ব জনমত লগ পােৱা কবিৰ প্ৰাণধিক প্ৰেয়সীক এই জনমতাে বিচাৰি কিদৰে হাবাথুৰি খাইছে তাকেই এই কবিতাফাঁকিৰ জৰিয়তে প্ৰকাশ পাইছে।

ব্যাখ্যাঃ কবিৰ পূৰ্ব জনমতে তেওঁৰ ‘প্ৰেমৰ ৰাণী, নিৰুপমা, সৌন্দৰ্য – প্ৰতিমা স্বৰূপ প্ৰেয়সীৰ লগত মিলন ঘটিছিল। প্ৰেয়সীৰ লৱণু দেহাত শত সহস্ৰ বসন্তই নাচিছিল। তেওঁক প্ৰেমভৰা চুমা আৰু আলিংগনেৰে প্ৰেয়সীয়ে তেওঁৰ জীৱনলৈ উন্মত্ত যৌৱন আনি তেওঁক অধীৰ আকুল ৰি তুলিছিল। পূৰ্ব জনমত তেওঁৰ এই প্ৰাণ প্ৰিয়া এই জনমত কত জন্মিছে, কত কেনেকৈ আছে, এই কথা চিন্তা কৰি তেওঁক বিচাৰি সমস্ত জগত ঘূৰি ফুৰিছে। কবিয়ে প্ৰাণ প্ৰিয়া বিচাৰি নাপাই ‘বিৰহ – কাতৰত নিজেই দেই – পুৰি মৰিব লাগিছে, তেওঁক কলৈ বিচাৰি যাব, তাৰ উৱাদিহ কবিয়ে পােৱা নাই।

READ MORE  আমাৰ ছাৰ | Chapter 11 | Class 12 Advance Assamese - AHSEC

৪। ‘ছনেট’ কবিতা কাক বােলে? ই্যাৰ সাধাৰণ লক্ষণসমূহ উল্লেখ কৰা।
উত্তৰঃ ছনেট কবিতাক চতুৰ্দশ পদী কবিতাও বােলে। একেটা মাত্ৰ ভাব- কল্পনা বা অনুভূতিক যেতিয়া চৈধ্যশৰীয়া কবিতাৰ মাজেৰে প্ৰকাশ হয়, তেতিয়া তাক ছনেট কবিতা বােলা হয়।
ছনেটক সাধাৰণতে দুটা ভাগত ভগােৱা হয় – প্ৰথম আঠ শাৰীক। অষ্টক (octave) আৰু পিছৰ ছ্যশাৰীক ষষ্ঠক ( sestet) বােলা হয়। অষ্টক আকৌ দুই ভাগত বিভক্ত – প্ৰতিটো ভাগক চতুস্ক ( Quatrain) বােলে। ষষ্ঠককো দুই ভাগত ভগােৱা হয় আৰু তাৰ প্ৰতিটো ভাগক ত্ৰিপাদিকা (Tercet) বােলে। ছনেট কবিতাৰ সাধাৰণ লক্ষণসমূহ হ’ল—
ক) ই সাধাৰণতে চৈধ্য আখৰযুক্ত চৈধ্য শাৰীৰ কবিতা।

খ) ইয়াত এটা মাত্ৰ ভাবৰ বিকাশ থাকে।

গ) অষ্টক আৰু ষষ্ঠকৰ বিভাগ ৰক্ষা কৰা সনাতন ৰীতি যদিও বহুতাে এই ৰীতি মানি চলা নাই।

ঘ) ছনেটৰ ভাবত গাম্ভীৰ্য আৰু ভাষাত সৰলতা থাকিব লাগিব।

উল্লেখযােগ্য যে, অসমীয়া সাহিত্যত হেমচন্দ্ৰ গােস্বামী প্ৰথম ছনেট লেখক। আনহাতে হিতেশ্বৰ বৰবৰুৱাৰ ‘মালচ আৰু চকলােৱেই প্ৰথম অসমীয়া ছনেটৰ পুথি।

Leave a Comment

error: Content is protected !!
Scroll to Top