মাধৱদেৱ | Chapter 8 | Class 12 Advance Assamese Question and Answer | Assam Class 12 Advance Assamese Solutions | AHSEC Class 12 HS Advance Assamese Chapter 8 Notes | SEBA Class 12 HS Advance Assamese Chapter 8 Question and Answer | Questions and Answers for Class 12 Advance Assamese Chapter 8 মাধৱদেৱ | HS 2nd Year Advance Assamese Questions and Answers Assam

মাধৱদেৱ
(লক্ষ্মীধৰ শৰ্মা)

Very Short Type Questions and Answers (Marks : 1)

1. লক্ষীধৰ শৰ্মাৰ নাটকথনৰ নাম লিখা।
উত্তৰঃ ‘নিৰ্মলা’।

2. ‘ব্যৰ্থতাৰ দান’ গল্প পুথিৰ ৰচক কোন?
উত্তৰঃ লক্ষীধৰ শৰ্মা।

3. লক্ষীধৰ শৰ্মাৰ আত্মজীৱনী মূলক গ্ৰন্থখনৰ নাম কি?
উত্তৰঃ ‘জীৱন স্মৃতি’।

4. মহাপুৰুষ শংকৰ মাধৱৰ শিক্ষাৰ সাৰমৰ্ম কি?
উত্তৰঃ সত্য গ্ৰহণ।

5. লক্ষীধৰ শৰ্মা কি আখ্যাৰে জনা যায়?
উত্তৰঃ ‘দেশ প্ৰাণ’ আখ্যাৰে।

6. মহাপুৰুষ শংকৰদেৱৰ জীৱনৰ আদৰ্শ কি আছিল?
উত্তৰঃ মানৱ আৰু মানৱ সমাজৰ সৰ্বাংগীন উন্নতি সাধন কৰা।

7. লক্ষীধৰ শৰ্মাই প্ৰৱেশিকা পৰীক্ষাত কি স্থান লাভ কৰিছিল?
উত্তৰঃ অসমৰ ভিতৰত তৃতীয় স্থান লাভ কৰিছিল।

8. ‘তুমি তােমাৰ গৰ্ভত শংকৰ আৰু মাধৱৰ দৰে মহাপুৰুষক ধাৰণ কৰিছিলা’ – বুলি কাক কৈছে?
উত্তৰঃ অসম মাতৃক।

9. মহাপুৰুষ মাধৱদেৱৰ জীৱনৰ আদৰ্শ কি আছিল?
উত্তৰঃ গৃহ – সংসাৰ ত্যাগ কৰি যি সত্য – বস্তু, যাৰ সহায়েৰে আত্মাক মুক্তি দিব পাৰি সেই সাৰ বস্তুৰ একানপতি সেৱা।

10. ‘মাধৱদেৱ’ পাঠটিৰ লেখক কোন?
উত্তৰঃ লক্ষীধৰ শৰ্মা।

11. কাৰ জ্ঞান আৰু উদ্যমে তান্ত্ৰিক অসমক বৈষ্ণৱ অসম কৰি গল বুলি কৈছে?
উত্তৰঃ মাধৱদেৱৰ।

12. এম এ পৰীক্ষাত লক্ষীধৰ শৰ্মাই কি স্থান লাভ কৰি উত্তীৰ্ণ হৈছিল?
উত্তৰঃ ভাৰতীয় ভাষা আৰু সাহিত্য বিষযত প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান।

13. লক্ষীধৰ শৰ্মাৰ এখন গল্পৰ কিতাপৰ নাম লিখা।
উত্তৰঃ ‘ব্যৰ্থতাৰ দান’।

Long Type Questions and Answers (Marks : 4/5)

1. গীতাত ভগৱানে কিহক ‘সৃজাম্যহম’ বুলিছে?
উত্তৰঃ সমাজত যেতিয়া ধৰ্মগ্লানি হয়, সমাজত ব্যভিচাৰে চানি ধৰে। মানুহৰ দুৰ্দশাৰ সীমা নােহােৱা হয়, তেতিয়া সমাজক, মানুহক এই দুৰ্দশাৰ পৰা ৰক্ষা কৰিবলৈ একো একোজন মহাপুৰুষৰ আগমন হয়। তেওঁ এই দুৰ্দশাৰ অন্ত পেলাই সমাজক আকৌ সত্য, সনাতন পথত আগ্ৰহৰ হবলৈ শিকায়। ইযাকে গীতাত ভগৱানে ‘সৃজাম্যহম’ বুলিছে।

2. ভাৰতৰ অন্যান্য বৈষ্ণৱ প্ৰচাৰক আৰু অসমৰ বৈষ্ণৱ প্ৰচাৰক শংকৰদেৱৰ ভিতৰত কি পাৰ্থক্য দেখা যায়? –বুজাই লিখা।
উত্তৰঃ ভাৰতৰ অন্যান্য বৈষ্ণৱ প্ৰচাৰক আৰু অসমৰ বৈষ্ণৱ প্ৰচাৰক শংকৰদেৱৰ ভিতৰত কিছু পাৰ্থক্য দেখা যায়। শংকৰদেৱৰ ধৰ্মৰ প্ৰতি দৃষ্টি প্ৰধানৰূপে থাকিলেও তেওঁ মানৱ জীৱনৰ প্ৰচাৰক আৰু সকলােবােৰ কথাতে এক নতুন সোঁত বােৱাইছিল। সাহিত্য, সমাজ সকলােতে তেওঁৰ প্ৰভাৱ সম্পূৰ্ণৰূপে পৰিছিল।

কিন্তু ভাৰতৰ অন্যান্য প্ৰায় সকলােবােৰ বৈষ্ণৱ প্ৰচাৰকৰ উদ্দেশ্য আৰু দৃষ্টি মূলতে ধৰ্মৰাজ্যৰ মানৱাত্মাৰ মুক্তিৰ কাৰণতে সততে আবদ্ধ আছিল। যদিও জীৱনৰ অন্যান্য ঘটনাত এই ভাবৰ ছাঁ পৰিছিল, তথাপি জীৱনৰ পূৰ্ণতাৰ প্ৰতি এইসকল বৈষ্ণৱ প্ৰচাৰকৰ দৃষ্টি কম আছিল।

3. গীতাত কোন অৱস্থাক ধৰ্মগ্লানি বােল হৈছে?
উত্তৰঃ ব্যক্তিগত আৰু জাতীয় জীৱনৰ একো একোটা অৱস্থা আছে, যেতিয়া মানুহে নিজৰ ব্যক্তিগত স্বাৰ্থ আৰু উন্নতিৰ কাৰণে কিছুমান। ৰীতি নীতি প্ৰস্তুত কৰি তাতেই দৃঢ়ভাৱে খামােচ মাৰি ধৰি থাকে আৰু সেই আওকলীয়া ৰীতি নীতি, ভাবত থাকি উন্নতিৰ পথত আগুৱাবলৈ অকণাে ইচ্ছা নকৰে। আধুনিক উন্নতিৰ অৱস্থাক সেইসকলে ব্যভিচাৰ বুলি গণ্য কৰে আৰু তেনে উন্নতিৰ পথত কঠোৰ ভাৱে বাধা প্ৰদান কৰিবলৈ চেষ্টা কৰে। এনে অৱস্থাকেই গীতাত ধৰ্মগ্লানি বােলা হৈছে।

READ MORE  ই যে অগ্নিবীণাৰ তান | Chapter 3 | Class 12 Advance Assamese - AHSEC

4. ‘ধৰ্মগ্লানি’ মানে কি?
উত্তৰঃ ব্যক্তিগত আৰু জাতীয় জীৱনৰ একো একোটা এনে অৱস্থা আহি পৰে, যেতিযা মানুহে নিজে উন্নতিৰ কাৰণে প্ৰস্তুত কৰা কিছুমান ৰীতি নীতিৰে নিজক বান্ধি ৰাখে আৰু সত্য সনাতন পথত, অৰ্থাৎ সামাজিক উন্নতিৰ পথত আগুৱাবলৈ ইচ্ছা নকৰে। ইযাক এক প্ৰকাৰ সামাজিক মৃত্যু বুলিব পাৰি। এই অৱস্থাকে গীতাত ‘ধৰ্ম গ্লানি’ বােলা হৈছে। ‘ধৰ্ম কথাটিৰ প্ৰকৃত অৰ্থলৈ চালেও গীতাৰ এই ব্যাখ্যাৰ ভুল নহয। ধৰ্মগ্লানি মানেই মানুহৰ দুৰ্দশাৰে দিন। এই ধৰ্মগ্লানি অৰ্থাৎ সামাজিক দুৰ্দশাৰ সময়তেই – একো একোজন মহাপুৰুষৰ আগমন হয় যি এই অস্বাভাৱিক অৱস্থা দূৰ কৰি মানুহক আকৌ সত্য সনাতন পথত অগ্ৰসৰ হবলৈ। শিকায়। অসমতাে শংকৰদেৱৰ আৱিৰ্ভাৱৰ আগতে এনে এক ধৰ্মগ্লানি তথা সামাজিক মৃত্যুৰ অৱস্থা আহিছিল আৰু তেতিয়াই অসমত। শংকৰদেৱৰ দৰে মহাপুৰুষৰ আবিৰ্ভাৱ হৈছিল।

5. ‘এয়ে দুয়োৰে ভিতৰত পাৰ্থক্য।’ – কাৰ কথা কোৱা হৈছে? তেওঁলােক দুয়োৰে ভিতৰত কিনাে পাৰ্থক্য, বুজাই লিখা।
উত্তৰঃ ইয়াত শংকৰদেৱ আৰু মাধৱদেৱৰ কথা কোৱা হৈছে। এই দুয়োজনা মহাপুৰুষ একেলগে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু সামাজিক সংসাৰৰ কাৰ্যত ব্ৰতী আছিল যদিও দুয়োৰে জীৱনৰ বিষয়ে মতৰ ভিন্নতা আছিল। মুক্তি অৱশ্যে দুয়োৰে বিচাৰে – কিন্তু শঙ্কৰে সেই মুক্তিৰ যাত্ৰাত জীৱনৰ অন্যান্য আনুষংগিক কাৰ্যবিলাকক বাদ নগৈছিল, সমাজৰ উন্নতি যাতে সকলাে বিষ্যতে হয়, সিও তেওঁৰ চেষ্টা আছিল। তেওঁৰ আদৰ্শ মানৱ আৰু মানৱ সমাজৰ সৰ্বাংগীন উন্নতি। কিন্তু মাধৱদেৱৰ আদৰ্শ আছিল গৃহ – সংসাৰ ত্যাগ কৰি যি প্ৰকৃত সত্য বস্তু, যাৰ সহায্যৰে আত্মাক মুক্তি দিব পাৰি, সেইসাৰ পদাৰ্থৰ একানপতি সেৱা। শংকৰ উদাৰ আৰু মাধৱ গভীৰ – এয়ে দুয়োৰে ভিতৰত পাৰ্থক্য।

6. প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
‘অসমীয়া বৈষ্ণৱ জগতত শংকৰ আৰু মাধৱৰ মিলন এক অপূৰ্ব বস্তু।’
উত্তৰঃ সংগতিঃ উদ্ধৃত কথাফাকি দেশ প্ৰাণ লক্ষীধৰ শৰ্মা ৰচিত ‘মাধৱদেৱ’ নামৰ পাঠটিৰ অন্তৰ্গত।

প্ৰসংগঃ অসমীয়া বৈষ্ণৱ জগতত মাধৱদেৱৰ অৱদান সম্পৰ্কে আলােচনা কৰিবলৈ গৈ শংকৰদেৱৰ সৈতে হােৱা মিলনে মাধৱদেৱক এই কামত কেনেদৰে সহায় কৰিছিল, কথাফাকিৰে তাকেই প্ৰকাশ কৰা হৈছে।

ব্যাখ্যাঃ অসমত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক আৰু প্ৰচাৰক মহাপুৰুষ শংকৰদেৱে অসমীয়া জাতিক অকল ধৰ্মীয় দিশতেই নহয় সমাজৰ সকলাে দিশত সংস্কাৰ সাধী উন্নতিৰ দিশত আগুৱাই লৈ গৈছিল। শংকৰদেৱৰ এই কাৰ্যত সােহাত স্বৰূপ আছিল মহাপুৰুষ মাধৱদেৱ। শংকৰদেৱৰ গুৰুভাৰ তেওঁ কান্ধপাতি নােলােৱাহেঁতেন শংকৰদেৱৰ চিন্তা আৰু কাৰ্য অপূৰ্ব বস্তু’ বুলি। শংকৰদেৱৰ পৰামৰ্শ আৰু প্ৰেৰণাতেই মাধৱদেৱে। ঐকান্তিকভাবে মন প্ৰাণ ঢালি দি অসমীয়া সমাজত, ধৰ্মত এক নৱ জীৱনীশক্তি প্ৰদান কৰিছিল।

7. প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
‘জগতৰ ইতিহাস মানৱ জাতিৰ ক্ৰমােন্নতিৰ এক অপূৰ্ব কাহিনী।’
উত্তৰঃ সংগতিঃ উদ্ধৃত কথাফাকি দেশপ্ৰাণ লক্ষীধৰ শৰ্মা ৰচিত ‘মাধৱদেৱ নামৰ প্ৰবন্ধটিৰ অন্তৰ্গত।

প্ৰসংগঃ অসমীয়া জাতিৰ প্ৰতি মাধৱদেৱৰ অৱদান সম্পৰ্কে আলােচনা কৰিবলৈ গৈ প্ৰবন্ধটিৰ আৰম্ভণিতে লেখকে এনেদৰে অৱতাৰণা কৰিছে।

READ MORE  হাতী | Chapter 12 | Class 12 Advance Assamese - AHSEC

ব্যাখ্যাঃ মানৱ জাতিৰ কেনেদৰে ক্ৰমােন্নতি ঘটিছে তাৰ বিবৰণেই হৈছে জগতৰ ইতিহাস। আদিম অৱস্থাত মানুহে পৰ্বতৰ গুহাত ফল মূল আৰু কেঁচা মঙহ থাই পশুৰ দৰে জীৱন ধাৰণ কৰা মানুহে আজি জ্ঞান বিজ্ঞানেৰে মণ্ডিত হৈ এই অৱস্থা পাইছে। ভাবত, ভাষাত, শিক্ষাত মানুহৰ অতি আচৰিত ভাৱে উন্নতি হ’ল। মানৱ মনৰ এই ক্ৰমবিকাশ ক্ষুদ্ৰৰ পৰা বৃহত্তৰলৈ, অজ্ঞানৰ পৰা জ্ঞানলৈ। এয়াই হৈছে জগতৰ ইতিহাস,জগতৰ পৰিৱৰ্তনৰ কাহিনী। এই পৰিৱৰ্তনত সময়ে সময়ে একো একোজন মহাপুৰুষৰ মহৎ অৱদানে অপৰিসীম সহায় কৰে। সেইসকল মহাপুৰুষৰ অন্যতম শংকৰ মাধৱ। এই কাৰণেই এই মহাপুৰুষৰ মহৎ অৱদানৰ কথা কবলৈ যাওঁতে এনেদৰে লেখকে মানৱ জাতিৰ ক্ৰমােন্নতিৰাে কথা উল্লেখ কৰিছে।

8. প্ৰসংগ সংগতি দৰ্শাই ব্যাখ্যা কৰা।
‘মাধৱদেৱৰ ঋণ অসমীয়া জাতিয়ে কেতিয়াও পৰিশােধ কৰিব নােৱাৰে।’
উত্তৰঃ সংগতিঃ উদ্ধৃত কথাফাকি দেশ প্ৰাণ লক্ষীধৰ শৰ্মা ৰচিত ‘মাধৱদেৱ’ নামৰ পাঠটিৰ অন্তৰ্গত।

প্ৰসংগঃ অসমীয়া জাতিলৈ মহাপুৰুষ মাধৱদেৱৰ অৱদান সম্পৰ্কে আলােচনা কৰিবলৈ যাওতে লেখকে এনেদৰে উল্লেখ কৰিছে।

ব্যাখ্যাঃ অসমীয়া জাতিৰ প্ৰাণ স্বৰূপ মহাপুৰুষ শংকৰদেৱে অসমত নৱ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তন কৰি অকল ধৰ্মৰ দিশতে নহয় সমাজ জীৱনতাে তেওঁ। অসমীয়া জাতিটোক থানথিত লগাই থৈ গল। তেওঁৰ এই মহৎ কামৰ সােহাত স্বৰূপ আছিল মহাপুৰুষ মাধৱদেৱ। মাধৱদেৱেই শংকৰৰ গুৰুভাৰ কান্ধপাতি নােলােৱাহেঁতেন তেওঁৰ সকলাে কামেই অপূৰ্ব হৈ ৰলহেঁতেন। মাধৱদেৱে অকল ধৰ্মৰ দিশতে নহয়, জাতিটোৰ প্ৰিযতকৈ প্ৰিয় বস্তু অসমীয়া ভাষাক আধুনিক অসমীয়া ভাষাৰ কাষ চপাই এক সবল, সতেজ, দিপ্তীপূৰ্ণ ভাষা হিচাপে থাকি গল। তেওঁৰ ৰচিত ‘নামঘােষা’কে আদি কৰি বিভিন্ন চৰণাৱলীয়ে তাৰেই প্ৰমাণ কৰে। তেওঁৰ এই প্ৰচেষ্টাৰ কাৰণেই অসমীয়া ভাষা এক স্বকীয় বৈশিষ্টপূৰ্ণ ভাষা হিচাপে আজিও চিনাকি দিব পৰিছে। এই কাৰণেই মাধৱদেৱৰ এই ঋণ। অসমীয়া জাতিয়ে কেতিয়াও পৰিশােধ কৰিব নােৱাৰে বুলি লেখকে মন্তব্য কৰিছে।

9. শংকৰদেৱ আৰু মাধৱদেৱৰ জীৱন দৰ্শনত কেনে ধৰণৰ পাৰ্থক্য থকা বুলি লক্ষীধৰ শৰ্মাই উল্লেখ কৰিছে –বুজাই লিখা।
অথবাঃ ‘শংকৰ উদাৰ আৰু মাধৱ গভীৰ’ – এই মন্তব্যৰ আধাৰত দুয়োজনা মহাপুৰুষৰ জীৱন দৰ্শন সম্পৰ্কে চমুকৈ লিখা।

উত্তৰঃ অসমীয়া বৈষ্ণৱ জগতৰ শংকৰ আৰু মাধৱৰ মিলন এক অপূৰ্ব। বস্তু। দুয়োজনা মহাপুৰুষেই বৈষ্ণৱ জগতৰ উজ্জল ৰত্নৰূপে চিৰকাল। বিৰাজ কৰি আছে। বীৰ, শান্ত শংকৰৰ কাৰ্য অপূৰ্ণ থাকিলহেঁতেন যদি এই কৰ্মবীৰ তপস্বী যুৱক মাধৱ আহি তেওঁৰ পৱিত্ৰ মতৰ ভাৰখন নিজক কান্ধত তুলি নললেহেঁতেন। মাধৱদেৱ আছিল শংকৰদেৱৰ অতি বিশ্বস্ত আৰু প্ৰিয় শিষ্য। তাৎসত্ত্বেও এই দুগৰাকী মহাপুৰুষৰ জীৱন দৰ্শনত কেতবােৰ পাৰ্থক্য আছিল। সেইবােৰ হ’ল শংকৰদেৱ আৰু মাধৱদেৱ দুয়োৱে মুক্তি বিচাৰে – কিন্তু শংকৰদেৱে সেই মুক্তিৰ যাত্ৰাত জীৱনৰ অন্যান্য আনুষংগিক কাৰ্যবিলাকক বাদ দি নগৈছিল, সমাজৰ উন্নতি যাতে সকলাে বিষ্যতে হয় তাত তেওঁৰ চেষ্টা আছিল। তেওঁৰ আদৰ্শ মানৱ আৰু মানৱ সমাজৰ সৰ্বাংগীন উন্নতি সাধন কৰা।

কিন্তু মাধৱদেৱৰ আদৰ্শ আছিল গৃহ সংসাৰ সকলাে ত্যাগ কৰি যি প্ৰকৃত সত্য বস্তু, যাৰ সাহায্যৰে আত্মাক মুক্তি দিব পাৰি সেই সাৰ পদাৰ্থৰ। একানপতি সেৱা। শংকৰদেৱ আছিল উদাৰ আৰু মাধৱদেৱ আছিল গভীৰ। এয়াই আছিল তেওঁলােকৰ জীৱন দৰ্শনৰ পাৰ্থক্য। মাধৱদেৱৰ প্ৰত্যেক কাৰ্যতে তেওঁৰ হৃদ্যৰ অদম্য উচ্ছাস প্ৰকাশ হৈ পৰিছিল, তেওঁ যি সত্যক উপলব্ধি কৰিছিল, তাকে তেওঁ সম্পূৰ্ণভাৱে জীৱনত প্ৰতিফলিত কৰিবলৈ চেষ্টা কৰিছিল।

READ MORE  উপন্যাস | Chapter 14 | Class 12 Advance Assamese - AHSEC

10. ‘ইউৰােপীয় নৱযুগ আৰু ভাৰতীয় নৱযুগৰ ভিতৰত এটা বিশেষ পাৰ্থক্য আছে।’ –কথাষাৰ বুজাই লিখা।
অথবাঃ ইউৰােপীয় নৱযুগ আৰু ভাৰতীয় নৱযুগৰ ভিতৰত কি বিশেষ পাৰ্থক্য আছে, বুজাই। লিখা।
উত্তৰঃ অসমীয়া বৈষ্ণৱ ধৰ্ম সমস্ত ভাৰতব্যাপী নৱজীৱনৰ সূচনাৰ এটা অংশ মাত্ৰ। ইউৰােপফালে চকু দিলেও দেখা যায় যে তাতাে এক নতুন উদ্দীপনাত নতুন ভাবত এই একে সময়তে মানৱায়া জাগি উঠিছিল। তাতাে মধ্য যুগৰ সুপ্তিৰ পিছত এই নতুন যুগৰ আগমন।

কিন্তু হ’লেও ইউৰােপীয় নৱযুগ আৰু ভাৰতীয় নৱযুগৰ ভিতৰত এটা বিশেষ পাৰ্থক্য আছে। ইউৰােপত কেৱল ধৰ্মৰ পথত এই স্বাধীনতা আৰু প্ৰাণৰ সােত বােৱা নাছিল, জীৱনৰ সকলাে কথাকে কেন্দ্ৰ কৰি এক বিৰাট ভাবৰ জাগৰণ, জীৱনৰ পূৰ্ণতাৰ প্ৰতি মনৰ হাবিলাস, এয়ে ইউৰােপীয় নৱযুগ। কিন্তু ভাৰতৰ নৱযুগ বা বৈষ্ণৱ ধৰ্মৰ অভ্যুত্থান মুলকৈ ধৰ্ম ৰাজ্যৰ মানৱাৰ মুক্তিৰ কাৰণে সততে প্ৰায় আবদ্ধ আছিল। যদিও জীৱনৰ অন্যান্য ঘটনাত এই ভাবৰ ছাঁ পৰিছিল, তথাপি জীৱনৰ পূৰ্ণতাৰ প্ৰতি ধাৰ্মিক ভাৰতৰ দৃষ্টি কম নাছিল। তাৰ কাৰণ ৰাজনৈতিক প্ৰভৃতি যি কাৰণেই নাথাকক, এইটো স্বীকাৰ কৰিবই লাগিব যে ইউৰােপৰ নৱযুগৰ মাহাত্ম্য ভাৰতীয় নৱযুগৰ মাহাত্ম্যতকৈ অধিক।

11. মাধৱদেৱৰ ঋণ অসমীয়া, জাতিয়ে কেতিয়াও পৰিশােধ কৰিব নােৱাৰে।’ –কাষাষাৰৰ তাৎপৰ্য বিশ্লেষণ কৰা।
অথবাঃ মাধৱদেৱে। অসমীয়া জাতীয় জীৱনলৈ কেনে ধৰণৰ বৰঙণি আগবঢ়াইছিল, পাঠৰ আধাৰত চমুকৈ লিখা।

উত্তৰঃ অসমত সামাজিক, ধাৰ্মিক আৰু সাহিত্য়িক অৱনতি ঘটি অন্ধকাত অৱস্থা হবলৈ ধৰাৰ সময়তেই অসমীয়া জাতিটোৰ উদ্ধাৰ কৰিবলৈকে মহাপুৰুষ শংকৰদেৱৰ আবিৰ্ভাৱ হয়। তেৱেঁই অসমীয়া জাতিটোৰ থানথিত লগাৰ সত্য পথত আগুৱাই নিয়াৰ অহােপুৰুষাৰ্থ। কৰিলে। মহাপুৰুষজনাৰ এই কামত সােহাতস্বৰূপ আছিল তেওঁৰ অতি বিশ্বস্ত আৰু প্ৰিয়তম শিষ্য মাধৱদেৱ। অসমীয়া বৈষ্ণৱ জগতত তথা জনজীৱনত শংকৰ আৰু মাধৱৰ মিলন এক অপূৰ্ব বস্তু। বীৰ, শান্ত শংকৰৰ কাৰ্য অপূৰ্ব থাকিলহেঁতেন যদি এই কৰ্মবীৰ তপস্বী যুৱক। মাধৱদেৱ আহি তেওঁৰ পবিত্ৰ মতৰ ভাৰখন নিজৰ কান্ধত তুলি নললেহেঁতেন। মাধৱৰ একাগ্ৰতা, ধী – শক্তি, জ্ঞান আৰু উদ্যমেই তান্ত্ৰিক অসমক বৈষ্ণৱ অসমলৈ ৰূপান্তৰিত কৰি সুস্থিৰ আৰু সুসংহত অসমীয়া জাতিৰূপে থাপিত কৰিলে।

মাধৱদেৱৰ ঋণ অসমীয়া জাতিয়ে কেতিয়াও পৰিশােধ কৰিব নােৱাৰে। জাতিৰ প্ৰিযতকৈ প্ৰিয় বস্তু ভাষা, তাকে সবল, সতেজ, দিপ্তীপূৰ্ণ কৰি গল মাধৱদেৱেই। আধুনিক অসমীয়াৰ প্ৰায় সম্পূৰ্ণ ওচৰ চপাকৈ তেওঁৰ জীৱনৰ কীৰ্তিচিন স্বৰূপ ‘নামঘােষা’ আৰু ভটিমা, বৰগীত, নাট ঝুমুৰা আৰু বিভিন্ন পদপুথি ৰচনা আৰু বিষ্ণুপুৰী সন্ন্যাসীৰ মূল ‘ভক্তি – ৰত্নাৱলী’ সৰল অসমীয়া পিদলৈ অনুবাদে অসমীয়া ভাষাক সবল স্থিতি। দি থৈ গল। বঙ্গদেশ আৰু ভাৰতৰ অন্যান্য প্ৰদেশৰ দৰে আজি অসমীয়া ভাষাৰ গৌৰৱ সাহিত্য। এই সাহিত্যত মাধৱদেৱৰাে অৱদান। অতুলনীয়। এই সাহিত্য আমাৰ নথকা হ’লে অসমৰ এই দুৰ্দিনত অসমীয়া ভাষা বুলি এটা পৃথক ভাষা নাথাকিলেহেঁতেন। অসমীয়া সাহিত্য। স্বয়ংসম্পূৰ্ন সাহিত্য। কত গভীৰ ভাৱপূৰ্ণ কত অসংখ্য ৰত্নৰাজিৰে এই ভঁৰাল ভৰপূৰ হৈ আছে।

আনহাতে, সমাজত, ধৰ্মত শংকৰদেৱৰ দৰেই এই তপপূৰ্ণ মহাপুৰুষ মাধৱদেৱেও অতি ঐকান্তিকতাৰে এক নৱ শক্তি প্ৰদান কৰি গল। সেই কাৰণেই শংকৰদেৱৰ লগতে এইজনা মহাপুৰুষৰাে ঋণ অসমীয়া জাতিয়ে কেতিয়াও পৰিশােধ কৰিব নােৱাৰে।

Leave a Comment

error: Content is protected !!
Scroll to Top