আঞ্চলিক প্ৰত্যাশা | Chapter 14 | Class 12 Political Science Question and Answer | Assam Class 12 Political Science Solutions | AHSEC Class 12 HS Political Science Chapter 14 Notes | SEBA Class 12 HS Political Science Chapter 14 Question and Answer | Questions and Answers for Class 12 Political Science Chapter 14 আঞ্চলিক প্ৰত্যাশা | HS 2nd Year Political Science Questions and Answers Assam


আঞ্চলিক প্ৰত্যাশা
(Regional Aspirations)

Very Short Type Questions and Answers (Marks : 1)

1. ছিকিম ভাৰতৰ_____ৰাজ্য হৈছিল।
উত্তৰঃ ২২ তম ৰাজ্য।

2. উত্তৰ – পূৰ্বাঞ্চলৰ পুনৰ গঠন সম্পূৰ্ণ হৈছিল_____চনত।
উত্তৰঃ ১৯৭২ চনত।

3. অনুচ্ছেদ_____এ জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা দিছে।
উত্তৰঃ ৩৭০ নং অনুচ্ছেদ।

4. MG ৰ পূৰ্ণ ৰূপটো কি?
উত্তৰঃ Maharastrabadi Gomontak Party.

5. AGP কোন ৰাজ্যৰ?
উত্তৰঃ অসমৰ।

6. আঞ্চলিকতাবাদৰ সৃষ্টি কৰা যিকোনাে এটা কাৰক উল্লেখ কৰা।
উত্তৰঃ (ক) কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যবিলাকলৈ গ্ৰহণ কৰা বৈষম্যমূলক নীতি।

7. প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীক কেতিয়া হত্যা কৰা হৈছিল?
উত্তৰঃ ১৯৮৪ চনত।

8. তাৰা সিং কোন আছিল?
উত্তৰঃ পঞ্জাবৰ এজন শিখ ধৰ্মীয় বাজনৈতিক নেতা।

9. আনন্দপুৰ চাহিব প্ৰস্তাৱ কেতিয়া গৃহীত হৈছিল?
উত্তৰঃ ১৯৭৩ চনত।

10. ছিকিমত প্ৰথম বিধানসভা নিৰ্বাচন কেতিয়া হৈছিল?
উত্তৰঃ ১৯৭৪ চনত।

11. পঞ্জাবত আকালি দল কোন চনত গঠন কৰা হৈছিল?
উত্তৰঃ ১৯২০ চনত।

12. AASU পূৰ্ণ ৰূপটো লিখা।
উত্তৰঃ All Assam Student Union.

13. ভাৰত আৰু পাকিস্তানৰ মাজৰ কোনটো বিষয়ক সদায় প্ৰধান বিষয় হিচাপে বােধ হয়?
উত্তৰঃ জম্মু আৰু কাশ্মীৰৰ বিষয়টো।

14. কোন চনত, গােৱ ভাৰতৰ এখন ৰাজ্য হিচাপে চামিল হৈছিল?
উত্তৰঃ ১৯৪৭ চনত।

15. হৰি সিং কোন আছিল?
উত্তৰঃ হৰি সিং আছিল দেশ বিভাজনৰ সময়ত কাশ্মীৰৰ মহাৰজা।

16. তেলুগু দেশমৰ প্ৰতিষ্ঠাপক সভাপতি কোন আছিল?
উত্তৰঃ এন, টি, ৰামাৰাও।

17. ছিকিম কেতিয়া ভাৰতৰ সৈতে চামিল হৈছিল?
উত্তৰঃ ১৯৭৫ চনত।

18. নগা নেচনেল কাউন্সিলৰ নায়ক কোন আছিল?
উত্তৰঃ এ. জে. ফিজো।

19. কোনটো বছৰত নগালেণ্ড ৰাজ্য গঠন কৰা হৈছিল?
উত্তৰঃ ১৯৬৩ চনত।

20. ভাৰতীয় সংবিধানৰ কোনটো অনুচ্ছেদে জম্মু আৰু কাশ্মীৰক বিস্তৰ স্বায়ত্ততা প্ৰদান কৰে।
উত্তৰঃ ৩৭০ নং অনুচ্ছেদে।

21. কোনখন ৰাজ্যত অসম গণ পৰিষদ সক্ৰিয়?
উত্তৰঃ অসমত।

22. সাতভনী বুলিলে কি বুজা?
উত্তৰঃ ভাৰতবৰ্ষৰ উত্তৰ – পূৰ্বাঞ্চলৰ সাতথন ৰাজ্যক একেলগে সাতনী বুলি কোৱা হয়।

23. MNF ৰ পূৰ্ণ ৰূপটো লিখা।
উত্তৰঃ Mizo National Front.

24. ভাৰত চৰকাৰে কেত্যি অপাৰেচন ক্ল ষ্টাৰ চলাইছিল?
উত্তৰঃ ১৯৮৪ চনত।

25. বিদেশী বিষয়ক লৈ অসমত আন্দোলন কেতিয়া আৰম্ভ হৈছিল?
উত্তৰঃ ১৯৭৯ চনত।

26. নেচনেল কনফাৰেন্স কেতিয়া গঠিত হৈছিল?
উত্তৰঃ ১৯৩৯ চনত।

27. লালডেংগা কোন আছিল?
উত্তৰঃ লালডেংগা আছিল মিজো ৰাষ্ট্ৰীয়তাবাদী ফ্ৰন্টৰ নেতা।

Short Type Questions and Answers (Marks : 2)

1. সীমান্ত – অতিক্ৰমি সন্ত্ৰাসবাদ কি?
উত্তৰঃ যেতিয়া এখন দেশৰ সন্ত্ৰাসবাদীযে আন এখন দেশৰ সীমা পাৰ হৈ গৈ অপৰাধ কাৰ্যকৰী কৰে তাকে সীমান্ত অতিক্ৰমি সন্ত্ৰাসবাদ বােলে।

2. ভাৰতত আঞ্চলিকতাবাদৰ গুৰুত্ব আৰু উৎপত্তিৰ দুটা কাৰণ লিখা।
উত্তৰঃ (১) কেন্দ্ৰীয় চৰকাৰৰ বৈষম্যমূলকনীতিৰ বাবে।
(২) অনুন্নত পিচপৰা অঞ্চলক চৰকাৰে গুৰুত্ব নিদিব বাবে।

3. হৰি সিং কোন আছিল?
উত্তৰঃ হৰি সিং জম্মু – কাশ্মীৰৰ ৰজা আছিল। তেওঁ মুছলিম প্ৰধান জম্মু – কাশ্মীৰ ৰাজ্যখনৰ হিন্দু ৰজা। বংশানুক্ৰমে হিন্দু। ৰাজপৰিয়ালটোৱে ৰাজ্যখন শাসন কৰি আহিছে। তেওঁ ভাৰত বা পাকিস্তান কোনাে এখন ৰাজ্যতে অন্তৰ্ভুক্ত নহৈ স্বাধীন ৰাজ্য হিচাপে। চলিব খুজিছিল। কিন্তু পাকিস্তানে আক্ৰমণ কৰাত তেওঁ ভাৰতৰ সহায় বিচাৰি ভাৰতত অন্তৰ্ভুক্তি চুক্তি স্বাক্ষৰ কৰিছিল।

4. লালডেংগা কোন?
উত্তৰঃ লালডেংগা আছিল মিজোৰাম ৰাষ্ট্ৰীয় ফ্ৰণ্টৰ প্ৰতিষ্ঠাপক নেতা। ১৯৫৭ চনত এজন বিপ্লবী নেতা হিচাপে পৰিগণিত হয়। তেওঁ প্ৰায় দুটা দশক ভাৰত চৰকাৰৰ লগত সংঘৰ্ষত লিপ্ত থাকে। পিছত প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ লগত চুক্তি কৰি মিজোৰাম ৰাজ্য গঠন হােৱাত তেওঁ মিজোৰামৰ মুখ্যমন্ত্ৰী হৈছিল। তেওঁৰ ১৯৯০ চনত মৃত্যু হৈছে।

5. স্বাধীনতাৰ পূৰ্বে মুছলীম লীগে দ্বি – জাতি তত্বৰ পােষকতা কৰিছিল। এই তত্বত অন্তৰ্ভুক্ত কৰা ৰাষ্ট্ৰ দুখন কি আছিল?
উত্তৰঃ (১) পাকিস্তান। আৰু
(২) ভাৰতবৰ্ষ ( হিন্দুস্তান)।

READ MORE  ভাৰতৰ বৈদেশিক সম্পৰ্ক | Chapter 11 | Class 12 Political Science - AHSEC

6. অপাৰেচন ক্ল ষ্টাৰ কি?
উত্তৰঃ পঞ্জাৱৰ আকালি দলৰ কিছুমান সন্ত্ৰাসবাদীযে বিচ্ছিন্নতাবাদী মনােভাৱেৰে সুকীয়া ৰাজ্যৰ দাবী কৰি অমৃতসৰৰ স্বৰ্ণ মন্দিৰ দখল। কৰি লৈ তাকে মুখ্য কাৰ্যালয় কৰি সংঘৰ্য আৰম্ভ কৰিছিল। তেত্যি ভাৰত চৰকাৰে ১৯৮৪ চনত এই সন্ত্ৰাসবাদী দলটোৰ বিৰুদ্ধে সামৰিক অভিযান এটা চলাব লগা হৈছিল। এই অভিযানকে অপাৰেচনৰু ষ্টাৰ বােলে। এই অভিযানে। সন্ত্ৰাসবাদীসকলক মন্দিৰৰ পৰা বিতাৰিত কৰি ইযাক মুক্ত কৰে।

7. জম্মু কাশ্মীৰৰ বিশেষ সম্মানৰ যিকোনাে দুটা ব্যবস্থা উল্লেখ কৰা।
উত্তৰঃ জম্মু – কাশ্মীৰক প্ৰদান কৰা বিশেষ সংবিধানিক মৰ্যাদাটি হ’ল—
(১) সংবিধানৰ ৩৭০ অনুচ্ছেদ মতে ৰাজ্যখনৰ নিজা সংবিধান থাকিব
(২) ভাৰতৰ আন সংযুক্ত ৰাজ্যৰ শাৰীত নাথাকে। ই ভাৰতৰ একত্ৰিত ৰাজ্য নহয়।

8. আঞ্চলিকতাবাদ বুলিলে কি বুজা?
উত্তৰঃ আঞ্চলিকতাবাদ হ’ল কোনাে এটা নিৰ্দিষ্ট অঞ্চলত বসবাস কৰা জনসাধাৰণৰ মনােভাৱ যিটোৱে তেওঁলােকক অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক ক্ষমতা বৃদ্ধিৰ বাবে উৎসাহিত কৰে। এই উৎসাহ আৰু উদ্দীপনা জাগৰিত কৰে অঞ্চলটোৰ ভৌগােলিক পৰিবেশ, সামাজিক আৰু অৰ্থনৈতিক কাৰকতাই।

9. আঞ্চলিকতাবাদ গঢ়ি উঠাৰ তিনিটা উপাদান (কাৰক) উল্লেখ কৰা।
উত্তৰঃ উপাদান তিনিটা –
(ক) ভৌগােলিক নিৰৱচ্ছিন্নতা।
(খ) উমৈহতীয়া সংস্কৃতি।
(গ) উমৈহতীয়া ভাষা।

10. ভাৰতৰ চাৰিটা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা।
উত্তৰঃ ১। আকালি দল।
২। তেলেগু দেশম।
৩। অসম গণ পৰিষদ।
৪। ডি, এম, কে।

11. উত্তৰ – পূৰ্বৰ সাতখন ৰাজ্যৰ নাম লিখা।
উত্তৰঃ ১। অসম।
২। মেঘাল্য।
৩। অৰুণাচল প্ৰদেশ।
৪। নগালেণ্ড।
৫। মণিপুৰ।
৬। মিজোৰাম।
৭। ত্ৰিপুৰা।

12. আঞ্চলিকতাবাদী আন্দোলন নিৰাময় কৰাৰ বাবে তিনিটা পৰামৰ্শ দিয়া।
উত্তৰঃ আঞ্চলিকতাবাদী আন্দোলন ভাৰতৰ সংহতিৰ বাবে এক সাংঘাতিক সমস্যা। ইযাক নিৰাময় কৰাৰ বাবে তলত দুটা পৰামৰ্শ আগবঢ়োৱা হ’ল—
১। সকলাে অঞ্চলতে সমভাবে অৰ্থনৈতিক উন্নতি কৰা উচিত।
২। ভাষা আৰু সংস্কৃতিৰ সকলাে সমস্যাত অধিক গুৰুত্ব দিব লাগে। ইয়াক কাৰৰ ওপৰত জাপি দিব নালাগে।
৩। সকলাে সমস্যা আলােচনাৰ মাধ্যমেৰে মীমাংসা কৰিব লাগে। এৰাধৰা সমস্যা সমাধানৰ মূল উপায়।

Long Type Questions and Answers (Marks : 4/6)

1. কি কাৰণত আনন্দপুৰ চাহিব প্ৰস্তাৱ বিতৰ্কিত আছিল?
উত্তৰঃ ১৯৬৬ চনত, পঞ্জাৱ ৰাজ্যখন পুনৰ সংগঠন হােৱাৰ পিছত, আকালি দল ১৯৬৭ চনত শাসন ক্ষমতালৈ আহে। আকালিসকলে আৱিষ্কাৰ কৰিলে যে পঞ্জাৱৰ সীমা পুনৰ নিৰ্ধাৰণ কৰাৰ পিছত তেওঁলােকৰ স্থান বেছি সংকটাপন্নহে হৈছে। সেই কাৰণে ১৯৭০ চনত আকালিসকলৰ এটা শ্ৰেণীযে অঞ্চলটোৰ বাবে স্বায়ত্ত শাসনৰ দাবী উত্থাপন কৰিবলৈ আৰম্ভ কৰে। এই কথা তেওঁলােকে ১৯৭৩-ত। আনন্দপুৰ চাহিবত গ্ৰহণ কৰা প্ৰস্তাৱ এটাত প্ৰতিফলিত হৈছিল। এই প্ৰস্তাৱ যােগে আঞ্চলিক স্বায়ত্তশাসন দাবী কৰাৰ লগতে কেন্দ্ৰ ৰাজ্য সম্পৰ্ক পুনৰ নিৰ্ধাৰণ কৰিব বিচাৰে। এই কথাই শিথসকলৰ আকাংষ্কাৰ কথাক বুজায় আৰু শিখসকলৰ আধিপত্য বিস্তাৰৰ লক্ষ্যত উপনীত হােৱা ইচ্ছাক বুজায়। এই প্ৰস্তাৱেৰে ‘ যুক্তৰাষ্ট্ৰীয়বাদক। শক্তিশালী কৰিব বিচৰা হৈছিল আৰু লগতে পৃথক শিথ ৰাজ্য বিচৰাৰ ভাও কৰিছিল।

এইপ্ৰস্তাৱৰ দ্বাৰা শিথসকলে বিচ্ছিন্নতাবাদী মনােভাবেৰে কাম আৰম্ভ কৰি এখন সুকীয়া শিখ ৰাজ্য সৃষ্টিৰ দিহা কৰিছিল আৰু খালিস্তান নাম দিছিল। এইবাবেই আনন্দপুৰ চাহিব প্ৰস্তাৱ এক বিতৰ্কিত প্ৰস্তাৱ আছিল।

2. পাঞ্জাৱ চুক্তিৰ মূল বিধানবােৰ কি আছিল? পাঞ্জাৱ আৰু ই্যাৰ ওচৰ চুবুৰীয়া ৰাজ্যসমূহৰ মাজত পুনৰ বিবাদ সৃষ্টিৰ ক্ষেত্ৰত ই কিদৰে এটা ভিত্তি হ’ব পাৰে?
উত্তৰঃ ১৯৮৫ চনৰ ২৪ জুলাইত ৰাজীৱ গান্ধী আৰ আকালি দলৰ। সভাপতি হৰছাক সিং লংগােৱালৰ মাজত এখন চুক্তি স্বাক্ষৰিত হয়। ইয়াকে পাঞ্জাৱ চুক্তি বােলে। এই চুক্তিৰ প্ৰধান বিষয়বােৰ আছিল—
(ক) চণ্ডীগড় পাঞ্জাবলৈ হস্তান্তৰিত কৰা হ’ব।

(খ) পাঞ্জাৱ আৰু হাৰিয়াণাৰ মাজত সীমা বিবাদ নিষ্পত্তি কৰিবলৈ এখন আযােগ গঠন কৰা হ’ব।

(গ) ৰবি – বিয়াছ নদীৰ পানী ভগােৱাৰ বাবে এখনি ট্ৰিবিউনেল গঠন কৰা হ’ব।

(ঘ) পাঞ্জাৱৰ পৰা সামৰিক বাহিনীৰ বিশেষ ক্ষমতা আইন বাতিল কৰা।

(ঙ) সন্ত্ৰাসবাদীৰ দ্বাৰা ক্ষতিগ্ৰস্তসকলক উন্নত সুবিধা প্ৰদান কৰা হ’ব। অৱশ্যে এই চুক্তিযে পাঞ্জাৱত শান্তিৰ বাট মুকলি কৰিছিল যদিও চুবুৰীয়া ৰাজ্যবােৰৰ সৈতে থকা মতানৈক্য দূৰীকৰণ কৰিবলৈ সফল হােৱা নাই। ববি বিয়াছ নদীৰ পানী ভাগ কত পাঞ্জাব, হাৰিয়াণা আৰু ৰাজস্থান এতিয়াও একমত হ’ব পৰা নাই।

READ MORE  জাতি গঠনৰ প্ৰত্যাহ্বান | Chapter 8 | Class 12 Political Science - AHSEC

3. উত্তৰ – পূব ভাৰতৰ বিচ্ছিন্নতাবাদী আন্দোলনসমূহৰ বিষযে চমুকৈ আলােচনা কৰা।
উত্তৰঃ আমি জানিব পাৰিছাে যে সকলাে আঞ্চলিক আন্দোলনে বিচ্ছিন্নতাবাদী দাবী উত্থাপন নকৰে। ১৯৬৬ চনত মিজো জাতীয়তাবাদী ফ্ৰন্টে স্বাধীনতাৰ বাবে সশস্ত্ৰ সংগ্ৰাম আৰম্ভ কৰিছিল। এই সংঘৰ্ষ মিজো উগ্ৰবাদীসকলৰ লগত ভাৰতীয় সৈন্যৰ বহুদিন চলিল। মিজোসকলে গৰিলা কৰিলে পাকিস্তান (বাংলাদেশৰ) সহায় ল’লে, বাংলাদেশত আশ্ৰয় লৈও থাকিলে। ভাৰতীয় সৈন্যই তেওঁলােকক দমন কৰিবলৈ বিমান বাহিনীও ব্যৱহাৰ কৰিছিল। এই ব্যৱস্থাই উগ্ৰবাদীসকলক বেছি খঙাল আৰু বিচ্ছিন্নতাবাদীহে কৰি তােলে।

যেতিয়া এই উগ্ৰবাদিতা আৰু বিচ্ছিন্নতাবাদে কোনাে ফল নিদিলে, উগ্ৰবাদী নেতা লালডেংগাই পাকিস্তানৰ পৰা দেশান্তৰী হৈ আহি ভাৰত চৰকাৰৰ লগত এক বুজাবুজিত উপনীত হয়। অৱশেষত এখন শান্তি। চুক্তিত ১৯৮৬ চনত স্বাক্ষৰ কৰিবলৈ সন্মত হয। ভাৰতৰ প্ৰধানমন্ত্ৰী ৰাজীব গান্ধী আৰু লালডেংগাৰ মাজত এই চুক্তি হৈছিল। এই চুক্তি মতে, ১৯৮৬ চনৰ মিজোৰামক সম্পূৰ্ণ ৰাজ্য হিচাপে স্বীকৃতি দিয়া হয়। কিছুমান বিশেষ ক্ষমতা সহিতে আৰু মিজোসকলেও ভাৰত যুক্তৰাষ্ট্ৰৰ পৰা বিচিছন্ন হােৱা আন্দোলন পৰিহাৰ কৰে।

ঠিক সেইদৰে নগালেণ্ডৰ কাহিনীও প্ৰায় একে বুলি ক’ব পাৰি। বহুত দীঘলীয়া উগ্ৰবাদী সংগ্ৰাম চলাই অৱশেষত, নাগাসকলেও ভাৰত। চৰকাৰৰ লগত এখন সন্মতি চুক্তি স্বাক্ষৰ কৰি আন্দোলন পৰিহাৰ কৰে। যদিও এটা শ্ৰেণীযে এতিয়াও এই চুক্তি মানি লােৱা নাই।

4. অসমৰ আন্দোলন আছিল সাংস্কৃতিক গৌৰৱ আৰু পিছপৰা অৰ্থনীতিৰ সংমিশ্ৰণ ব্যাখ্যা কৰা।
উত্তৰঃ উত্তৰ – পূব ভাৰতৰ ঐতিহয়পূৰ্ণ অসমত আশীৰ দশকত হােৱা অসম আন্দোলন প্ৰকৃতাৰ্থতে সাংস্কৃতিক গৌৰৱ আৰু পিছপৰা অৰ্থনৈতিক অৱস্থাৰ বাবেই হােৱা বুলি ক’ব পাৰি। এই আন্দোলনে দাবী কৰিছিল যে ১৯৫১চনৰে পৰা অসমলৈ প্ৰব্ৰজন হােৱা বিদেশী নাগৰিকৰ সােত বন্ধ কৰি, সকলাে বিদেশীক অসমৰ পৰা বিতাৰিত কৰিব লাগে। ইয়াৰ উপৰি, ইৰ লগত বহুতাে ভ্যানক আৰু দুখজনক ঘটনা জীৱন আৰু সম্পত্তিৰ ক্ষতিৰ কথাও জড়িত। হৈ আছে আন্দোলনৰ সময়ত। বাহিৰৰ শােধনাগাৰলৈ তেল পৰিবহণ বন্ধ কৰাৰ দাবী কৰা হৈছে।

অসমীয়াসকলে ভাবে যে বহিৰাগত বিদেশীৰ সোঁত বন্ধ কৰি বিদেশীক। চিনাক্ত নকৰিলে অসমত স্থায়ী বাসিন্দাসকল সংখ্যালঘিষ্ঠত পৰিণত হ’ব অসমত প্ৰাকৃতিক সম্পদ যেনে— চাহ, তেল আৰু কলা আদি থকা সত্ত্বেও, অসমৰ সকলাে অঞ্চলতে দৰিদ্ৰতা, নিবনুৱাৰ সংখ্যা তুলনাহীন। হৈ পৰিছে।

সেযে ১৯৭৯ চনত অসমৰ ছাত্ৰ সংস্থাই বিদেশী বিতাৰণৰ বাবে এক দীঘলীয়া আন্দোলন গঢ়ি তুলিছিল। অৱশেষত ছয় বছৰ সংগ্ৰাম কৰাৰ পিছত ভাৰতৰ ৰাজীৱ গান্ধী চৰকাৰে আন্দোলনৰ নেতাসকলৰ লগত। এখন চুক্তি স্বাক্ষৰ কৰে ১৯৮৫ চনত। এই চুক্তি মতে, এইটো সিদ্ধান্ত হৈছিল যে বাংলাদেশ যুদ্ধৰ সময়ৰে পৰা যিসকল লােক অসমলৈ প্ৰব্ৰজন হৈছিল তেওঁলােকক চিনাক্ত কৰি, ঘূৰাই পঠোৱা হ’ব। বিদেশী খেদা। আন্দোলন সফলভাৱে অন্ত পৰাত, অসম ছাত্ৰ সংস্থাৰ নেতাসকলে নিজে অসম গণপৰিষদ নামে এটা আঞ্চলিক দল গঠন কৰে। ১৯৮৫ চনৰ নিৰ্বাচনত এই দলে অসম চৰকাৰ গঠন কৰি শাসনৰ গাদী দখল কৰে। তেওঁলােকে বিদেশী নাগৰিকৰ বিষয়টো সমাধান কৰিম বুলি প্ৰতিজ্ঞাবদ্ধ হৈছিল।

যদিও অসম চুক্তিৰ দ্বাৰা শান্তি আৰু অসমৰ ৰাজনীতিৰ এটা পৰিৱৰ্তন আনিছিল, তথাপি এই চৰকাৰে এবাৰ নহয় দুবাৰ শাসনৰ গাদী দখল কৰিও অবৈধ প্ৰব্ৰজন বন্ধ কৰি নাইবা অসমৰ পৰা বাংলাদেশী। নাগৰিকক ঘূৰাই পঠাব পৰা নাই বৰং বিদেশী নাগৰিকৰে অসম ভৰি পৰাৰ উপক্ৰমহে হৈছে। বৰ্তমান বহিৰাগত নাগৰিকৰ বিষয়টো অসমৰ এটা মূল আৰু গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে।

5. জম্মু আৰু কাশ্মীৰৰ এটা চমু বৰ্ণনা দিয়া।
উত্তৰঃ বাহয়িক আৰু আভ্যন্তৰীণ ক্ষেত্ৰত জম্মু আৰু কাশ্মীৰৰ ৰাজনীতি সদায়ে বিতৰ্ক হৈয়ে থাকে। বাহয়িকভাৱে পাকিস্তানে সদাযে দাবী কৰে। যে কাশ্মীৰ উপত্যকা পাকিস্তানৰ এটা অংশ হােৱা উচিত। আভ্যন্তৰীণভাৱে ভাৰতীয় যুক্তৰাষ্ট্ৰত কাশ্মীৰৰ প্ৰস্থিতিক লৈ এটা বিবাদ আছে। ভাৰতীয় সংবিধানৰ ৩৭০ নং অনুচ্ছেদ মূতে কাশ্মীৰক এটা বিশেষ প্ৰস্থিতি দিয়া হৈছে। ভাৰতীয় যুক্তৰাষ্ট্ৰৰ আন ৰাজ্যৰ তুলনাত জম্মু আৰু কাশ্মীৰক বেছি স্বায়ত্ব শাসনৰ অধিকাৰ দিয়া হৈছে। ৰাজ্যখনৰ নিজা সংবিধান আছে। সংবিধানখনৰ সকলাে ব্যৱস্থা। ৰাজ্যখনত কাৰ্যকৰীনহয়, যিবােৰ সংসদে প্ৰণয়ন কৰে, কাৰ্যকৰী কৰিব পাৰি যদিহে জম্মু আৰু কাশ্মীৰে তাক বিচাৰে।

কাশ্মীৰত একশ্ৰেণীৰ লােক আছে যিসকলে ভাবে যে যি বিশেষ প্ৰস্থিতি জম্মু আৰু কাশ্মীৰক ৩৭০ অনুচ্ছেদৰ দ্বাৰা দিছে, তাৰ দ্বাৰা ভাৰতৰ আন ৰাজ্যৰ লগত সম্পূৰ্ণ সংহতিৰ অনুমতি নাই। গতিকে এই অনুচ্ছেদুটো নাইকি কৰি কাশ্মীৰক আন ৰাজ্যৰ দৰে কৰা উচিত।

READ MORE  আন্তৰ্জাতিক সংগঠন | Chapter 4 | Class 12 Political Science - AHSEC

আন এটা শাখাই, যাৰ প্ৰায় ভাগেই বিশ্বাস কৰে, যে ৩৭০ অনুচ্ছেদৰ দ্বাৰা দিযা স্বায়ত্ত শাসন যথেষ্ট নহয়। কাশ্মীৰিকসকলৰ আন এটা। শাখাই অনুভৱ কৰে যে ভাৰতে কাশ্মীৰক চামিলকৰণৰ সময়ত দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰা হােৱা নাই। দ্বিতীয়তে, এইটো যুক্তি দিয়া হয়। যে ৩৭০ অনুচ্ছেদৰ দ্বাৰা ৰাজ্যখনক দিয়া বিশেষ প্ৰস্থিতি বাস্তৱ ক্ষেত্ৰত নাইকিয়া হৈ যাব ধৰিছে। এই কাৰণতে আৰু বেছি স্বায়ত্বশাসনৰ দাবী উথাপন হৈ থাকে। তৃতীয়তে, এইটোও অনুভৱ হয় যে যি গণতন্ত্ৰ। ভাৰতৰ আন ঠাইত ব্যৱহাৰ হৈ আছে ঠিক তেনেদৰে জম্মু আৰু কাশ্মীৰত আনুষ্ঠানিকতা কৰা হােৱা নাই।

6. জম্মু আৰু কাশ্মীৰ ৰাজ্যৰ আভ্যন্তৰীণ বিভাগ কেইটা ব্যাখ্যা কৰা আৰু বৰ্ণনা দিয়া, কিদৰে ৰাজ্যখনত বহু আঞ্চলিক আকাংক্ষাক পথ দেখুৱাইছে।
উত্তৰঃ ভাৰতৰ অঙ্গ ৰাজ্য জম্মু আৰু কাশ্মীৰে তিনিটা সামাজিক আৰু ৰাজনৈতিক অঞ্চল আগুৰি আছে। এই তিনিটা অঞ্চল হল—
১। জম্মু, ২।
কাশ্মীৰ আৰু
৩। লাডাখ।

১। কাশ্মীৰ :- অঞ্চলৰ মূল কেন্দ্ৰভূমি হল কাশ্মীৰ উপত্যকা ; ইয়াৰ জনসাধাৰণে কাশ্মীৰি ভাষা ক্য; আৰু প্ৰায় ভাগ লােক ইছলাম। ধৰ্মাৱলম্বী। ইয়াত কিছুসংখ্যক কাশ্মীৰি ভাষা কোৱা হিন্দু ধৰ্মাৱলম্বী লােকো আছে। তেওঁলােক সংখ্যালঘিষ্ট।

২। জম্মু :- জম্মু অঞ্চলটো পাহাৰৰ নামনি আৰু সমভূমি দুয়ােটাৰে সংমিশ্ৰিত অঞ্চল। এই অঞ্চলত হিন্দু, মুছলিম, শিখ আদি জাতিৰ লােক বসবাস কৰে। এওঁলােক বিভিন্ন ভাষা – ভাষী লােক।

৩। লাডাখ :- এইটো পাৰ্বত্য অঞ্চল, ইয়াৰ জনসংখ্যা কম। এই লােকসকলৰ আধা বৌদ্ধ ধৰ্মীয় আৰু বাকী আধাসংখ্যক মুছলমান ধৰ্মীয় লােক। ভাৰতৰ কাশ্মীৰ সমস্যা, ভাৰত – পাকিস্তানৰ মাজৰ কেৱল বিবাদেই নহয়, ইয়াৰ এটা আভ্যন্তৰীণ আৰু বাহয়িক গুৰুত্বও আছে। ই কাশ্মীৰি পৰিচযৰ অস্তিত্ব ৰক্ষা কৰি আছে। ই্যাক কাশ্মীৰিাচ বুলি জনা যায় ; আৰু তেওঁলােকৰ অৰ্থাৎ জম্মু – কাশ্মীৰৰ লােকসকলৰ ৰাজনৈতিক স্বায়ত্ব শাসনৰ বাবে আকাংষ্কাও আছে।

7. ভাৰতৰ বিভিন্ন ঠাইৰ পৰা অহা আঞ্চলিকতাৰ দাবীয়ে বিচিত্ৰতাৰ মাজৰ ঐক্যতা নীতিৰ উদাহৰণকে দাঙি ধৰে তুমি ই্যাত। সন্মত নে? যুক্তি দিয়া।
নাইবাঃ ভাৰতৰ আঞ্চলিক ৰাজনৈতিক ভাবধাৰাৰ ক্ৰমবৰ্ধমান গুৰুত্বৰ দুটা কাৰক লিখা।
উত্তৰঃ ভাৰতবৰ্ষই স্বাধীনত পােৱা প্ৰায় ছযটা দশক হ’লহি তথাপিও ভাৰতীয় ৰাষ্ট্ৰীয় সংহতিৰ কিছুমান সমস্যা এতিয়াও সমাধান হােৱা নাই। ইয়াৰ উপৰি দেশখনৰ চাৰিওফালৰ পৰা বেছিকৈহে সুকীয়া ৰাজ্যৰ দাবী, অৰ্থনৈতিক উন্নয়নৰ দাবী আৰু অসামঞ্জস্যতা আদিৰ দাবী। আহিয়ে আছে। এইবােৰৰ পৰা আমি তলত উল্লেখ কৰা শিকনিবােৰ পাওঁ।

১। আঞ্চলিক আকাংক্ষাবােৰ গণতান্ত্ৰিক ৰাজনীতিৰ একোটা অংশ : সমাজৰ বিভিন্ন শ্ৰেণীৰ, বিভিন্ন দাবী, আপত্তি – বিপত্তিৰ পৰা আমি শিকিব লাগিব যে আঞ্চলিক আকাংক্ষাবােৰ গণতান্ত্ৰিক ৰাজনীতিৰ এটা এৰাব নােৱাৰা অংশ। এনেকি ইংলেণ্ড, শ্ৰীলংকা আদি দেশেও এই বিচ্ছিন্নতাবাদী আন্দোলনৰ সন্মুখীন হৈছে।

২। গণতান্ত্ৰিক আলােচনাৰ জৰিয়তে সমস্যাৰ সমাধানঃ দ্বিতীয় শিক্ষণ হ’ল আঞ্চলিক আকাংক্ষাৰ প্ৰত্যুত্তৰ গণতান্ত্ৰিক আলােচনাৰ জৰিযতে দিব লাগে দমনমূলক নীতিৰে নহয়।
১৯৮০ চনৰ সময়ছােৱাত ভাৰতে বহুতাে সমস্যাৰ সন্মুখীন হৈছে – যেনে, পঞ্জাৱৰ সন্ত্ৰাসবাদী কাৰ্য, উত্তৰ – পূব ভাৰত সমস্যা, অসমৰ ছাত্ৰ আন্দোলন, জম্মু – কাশ্মীৰৰ সন্ত্ৰাসবাদ। ভাৰত চৰকাৰে এই সমস্যাবােৰ কিছুমান আলােচনা বুজাবুজিৰ মাজেৰে সমাধান কৰিছে।

৩। ক্ষমতাৰ ভাগ বটৰা:- তৃতীয় পাঠ হ’ল — ক্ষমতাৰ ভাগ – বাটোৱাৰাত গুৰুত্ব। জাতিৰ অদৃষ্টৰ সিদ্ধান্ত লােৱাত অঞ্চলবােৰক ক্ষমতাৰ ভাগ দিব লাগিব যদি দিয়া নহয অৱজ্ঞা কৰা ভাব, এফলীয়া কৰা, অন্যায় কৰা ভাব আহিব পাৰে।

৪। আৰ্থিক উন্নয়নত আঞ্চলিক অসমতা :- পৰৱৰ্তী পাঠ হ’ল অৰ্থনৈতিক উন্নয়নত আঞ্চলিক অসমতাই আঞ্চলিক বৈষম্যতাৰ ভাব আনি দিয়ে। যদি কোনাে অঞ্চল দুখীয়া, অনুন্নত হৈ থাকে সেই অঞ্চলৰ জনসাধাৰণে নিজকে বঞ্চিত হােৱা বুলি ভাবে আৰু বিচ্ছিন্নতাবাদৰ আকাংক্ষা বৃদ্ধি। পায়।

৫। ভাৰতীয় যুক্তৰাষ্ট্ৰীয় ব্যবস্থা :- ভাৰতৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থা এক নমনীয় ব্যৱস্থা, ইত্যাৰ দ্বাৰা জটিল আৰু বৈচিত্ৰ্যময় প্ৰশ্ন সমাধান কৰা বৰ উপযােগী। ভাৰতৰ সকলাে ৰাজ্য সমান যদিও জম্মু কাশ্মীৰ আৰু উত্তৰ – পূব ভাৰতৰ ব্যৱস্থা বিশেষ ধৰণৰ। উত্তৰ – পূবৰ পাহাৰী। ৰাজ্যবােৰক স্বায়ত্ত শাসনৰ ব্যৱস্থা দিয়া হৈছে, সুকীয়া ৰাজ্য দিয়া হৈছে। পঞ্জাৱ, তামিলনাডুৰ জটিল সমস্যা বুজাবুজিৰ আলােচনাৰে সমাধান। কৰা হৈছে।

এইদৰে ভাৰতবৰ্ষত সাংবিধানিক ব্যৱস্থা নমনীয় আৰু সুবিধাজনক হােৱা বাবেই আঞ্চলিক আকাংক্ষাই বিচ্ছিন্নতাবাদৰ ৰূপ পােৱা নাই। বৰং ভাৰতৰ ৰাজনীতিত আঞ্চলিকতাবাদ গ্ৰহণ কৰাত সফল হৈছে। কাৰণ ই গণতন্ত্ৰৰ এটা অপৰিহাৰ্য অংশ।

[wpdatatable id=2 table_view=regular]

Leave a Comment

error: Content is protected !!
Scroll to Top