পাৰিপাৰ্শ্বিকতা আৰু প্ৰাকৃতিক সম্পদ | Chapter 6 | Class 12 Political Science Question and Answer | Assam Class 12 Political Science Solutions | AHSEC Class 12 HS Political Science Chapter 6 Notes | SEBA Class 12 HS Political Science Chapter 6 Question and Answer | Questions and Answers for Class 12 Political Science Chapter 6 পাৰিপাৰ্শ্বিকতা আৰু প্ৰাকৃতিক সম্পদ | HS 2nd Year Political Science Questions and Answers Assam


পাৰিপাৰ্শ্বিকতা আৰু প্ৰাকৃতিক সম্পদ
(Environment and Natural Resources)

Very Short Type Questions and Answers (Marks : 1)

1. বিশ্বৰ সামূহিক সম্পদ দুটাৰ উদাহৰণ দিয়া।
উত্তৰঃ বিশ্বৰ সামূহিক সম্পদ দুটা হ’ল—
(১) নদী। আৰু
(২) পৃথিৱীৰ জলবায়ু।

2. সেউজ গৃহৰ গেছ নিৰ্গমণে কি সূচায়?
উত্তৰঃ পৃথিৱীযে এৰি দিয়া গেছসমূহ বাহিৰলৈ যাব নােৱাৰি বায়ুমণ্ডলত থাকি যায়। এই গেছকে সেউজ গৃহ গেছ বােলে।

3. গােলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী বুলি ভবা দুবিধ গেছৰ নাম লিখা।
উত্তৰঃ গােলকীয় উষ্ণতা বৃদ্ধি কৰা গেছ দুবিধ হৈছে-
(১) কাৰ্বন -ডাই – অক্সাইড। আৰু
(২) হাইড্ৰোক্লৰাইড।

4. খিলঞ্জীয়া লােকৰ বিশ্ব পৰিষদ কোন চনত গঠিত হৈছিল?
উত্তৰঃ ১৯৭৫ চনত।

5. ধৰিত্ৰী শীৰ্ষ সন্মিলন কি?
উত্তৰঃ ধৰিত্ৰী শীৰ্ষ সন্মিলন হ’ল ১৯৯২ চনৰ জুনত ব্ৰাজিলৰ ৰিঅ’ ডি জেনেৰিঅ’ত ৰাষ্ট্ৰসংঘই অনুষ্ঠিত কৰা পৰিৱেশ আৰু উন্নয়ন সম্পৰ্কীয় সন্মিলন।

6. পৰিৱেশ সচেতনতা দিৱস কোন দিনা উদ্যাপন কৰা হয় ?
উত্তৰঃ ৫ জুন।

7. UNEP ৰ পূৰ্ণ ৰূপটো লিখা।
উত্তৰঃ United Nations Environment Programme .

8. এজেণ্ডা -২১ কি?
উত্তৰঃ ১৯৯২ চনত অনুষ্ঠিত ৰিঅ’ শীৰ্য সন্মিলনৰ অধিৱেশনত বিশেষকৈ আলােচনা কৰা হৈছিল জলবাযুৰ পৰিৱৰ্তন, জৈৱ বিভিন্নতা, বনাঞ্চল আৰু উন্নয়নৰ অনুশীলনৰ বাবে এখন তালিকা অনুমােদিত কৰা হৈছিল। এই তালিকাখনকে এজেণ্ডা – ২১’বুলি জনা যায়।

9. হয় নে নহয় লিখা।
‘ৰিঅ’ সন্মিলনে এজেণ্ডা -২১ ‘ নামৰ উন্নয়নমূলক প্ৰকৰণৰ এক তালিকাত অনুমােদন জনহিছিল।
উত্তৰঃ হয়।

10. পৰিৱেশ সম্পৰ্কীয় আইন প্ৰণয়নৰ প্ৰয়ােজনীয়তা কি?
উত্তৰঃ পৰিৱেশ সংৰক্ষণৰ স্বাৰ্থত।

11. প্ৰথম বিশ্বক সাধাৰণতে_____হিচাপে সূচোৱা হয়।
উত্তৰঃ প্ৰথম বিশ্বক সাধাৰণতে উত্তৰ বিশ্বায়ন হিচাপে সূচোৱা হয়।

12. কি কাৰণে ভাৰতবৰ্ষক আৱশ্যকীয়তাসমূহ পূৰণ কৰাৰ পৰা ৰেহাই দিয়া হৈছিল?
উত্তৰঃ উন্নয়নশীল ৰাষ্ট্ৰ হােৱা বাবে ভাৰতক ৰেহাই দিয়া হৈছিল।

13. UNFCCC ৰ সম্পূৰ্ণ ৰূপটো কি?
উত্তৰঃ United Nations Framework Comention on Climate Change .

14. কিটপ্ৰটকলত ভাৰতে কেতিয়া স্বাক্ষৰ আৰু সমৰ্থন কৰিছিল?
উত্তৰঃ ২০০২ চনত।

Short Type Questions and Answers (Marks : 2/3)

1. এজেন্দা ২১’ কি?
উত্তৰঃ ১৯৯২ চনত অনুষ্ঠিত ৰিঅ’ শীৰ্ষ সন্মিলনৰ অধিৱেশনত জলবায়ুৰ পৰিবৰ্তন, জৈৱ বিভিন্নতা, বনাঞ্চল আৰু উন্নয়নৰ অনুশীলনৰ বাবে এখন তালিকা অনুমােদিত কৰা হৈছিল। এই তালিকা খনকে এজেন্দা ২১’বুলি জনা যায়। কিন্তু সমালােচকসকলে আঙুলিয়াইছে যে এই এজেন্দাখন আৰ্থিক বৃদ্ধিৰ ক্ষেত্ৰত একপক্ষীয় পৰিৱেশ ভাৰসাম্যতাৰ বিৰােধী।

2. গােলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী বুলি বিবেচিত গেছ দুটাৰ নাম লিখা।
উত্তৰঃ কাৰ্বন – ডাই অক্সাইড (CO,) আৰু মিথেন।

3. গােলকীয় জনসাধাৰণৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ (ক) উত্তৰ গােলাৰ্ধ গােলকীয় জনসাধাৰণ। আৰু
(খ) দক্ষিণ গােলাৰ্ধৰ গােলকীয় জনসাধাৰণ।

4. কিট’প্ৰট’কলৰ বাধ্যবাধকতাৰ পৰা ভাৰতক কিয় ৰেহাই দিয়া হৈছিল?
উত্তৰঃ ভাৰত, চীনৰ দৰে অন্যান্য উন্নয়নশীল ৰাষ্ট্ৰসমূহক উদ্যোগীকৰণৰ সময়ছােৱাত নিৰ্গত কৰা সেউজ গৃহ গেছৰ পৰিমাণ নগণ্য হােৱাৰ বাবে কিযট ‘ চুক্তিৰ বাধ্যবাধকতা সমূহ পূৰণৰ পৰা ৰেহাই দিয়া হৈছিল।

READ MORE  জাতি গঠনৰ প্ৰত্যাহ্বান | Chapter 8 | Class 12 Political Science - AHSEC

5. উমৈহতীয়া সম্পদৰ ওপৰত সহযােগিতা সহজ নহয় বুলি ভাবানে কি?
উত্তৰঃ কিয়নাে প্ৰত্যেক ৰাষ্ট্ৰই উমৈহতীয়া সম্পদসমুহ ৰক্ষণাবেক্ষণৰ বাবে সমভাৱে দায়ৱদ্ধতা অনুভৱ নকৰে।

6. সাগৰীয় আৰু উপকূলীয় অৱনতি কি?
উত্তৰঃ সাগৰীয় আৰু উপকূলীয় অৱনতি হ’ল — সাগৰ – মহাসাগৰৰ। উপকূলীয় অঞ্চলত প্ৰদূষণ বৃদ্ধি পাইছে। উপকূলীয় অঞ্চলৰ জনবসতিযে এই অঞ্চলবােৰ প্ৰদূষিত কৰিছে আৰু অৱনতিও হৈছে। নিয়ন্ত্ৰণ নকৰিলে আৰু বেছি দূষিত হ’ব।

7. খিলঞ্জীয়া অধিবাসী ( indigenous ) জনগােষ্ঠীৰ সংজ্ঞা দিয়া।
উত্তৰঃ ৰাষ্ট্ৰসংঘই খিলঞ্জীয়া অধিবাসী জনগােষ্ঠীৰ সংজ্ঞা দি কৈছে যে ই জনসাধাৰণৰ বংশধৰসকলৰ সমষ্টি যিযে বৰ্তমানৰ ৰাষ্ট্ৰ এখনৰ এটা অঞ্চলত বসবাস কৰি থকাৰ সময়তে পৃথিৱীৰ আনদেশৰ বেলেগ সংস্কৃতিৰ বা জনগােষ্ঠীৰ লােকে তেওঁলােকক বশ কৰি শাসন কৰে। এনেদৰে বশ হৈ থকা লােকসকলেই হ’ল থলুৱা বাসিন্দা।

8. খ্ৰীন হাউছ গেছ কি? ইয়াৰ ফলাফল কি?
উত্তৰঃ কিছুমান গেছ যেনে— কাৰ্বন -ডাই – অক্সাইড, মিথেন, হাইড্ৰোক্ল’ৰাইড, কাৰ্বন, আদিক গ্ৰীন হাউচ গেছ বােলা হয়। এই গেছবােৰ আংশিকভাবে হলেও গােলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী বুলি বিবেচনা না হয়। গােলকীয় উষ্ণতাই পৃথিৱীৰ তাপমাত্ৰা বৃদ্ধি কৰে, যিযে পৃথিৱীৰ জীৱ জগতত এক অনিষ্টকাৰী পৰিণামৰ সৃষ্টি কৰে।

9. গােলকীয় ৰাজনীতিৰ পৰিমণ্ডলৰ ভিতৰত পাৰিপাৰ্শ্বিক বিষয়সমূহ একগােট কৰাত UNO ৰ ভূমিকা আলােচনা কৰা।
উত্তৰঃ বিশ্বত এক সুস্থ আৰু স্বাস্থ্যসম্মত পাৰিপাৰ্শ্বিক পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ৰাষ্ট্ৰসংঘই আৰম্ভণিৰে পৰাই এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন। কৰি আহিছে। ৰাষ্ট্ৰসংঘই মানৱ জাতিৰ ভবিষ্যত সুৰক্ষিত কৰাৰ বাবে এক সেউজ পৰিৱেশৰ প্ৰয়ােজনীয়তা সম্পৰ্কে ৰাষ্ট্ৰসমূহৰ মাজত সজাগতা সৃষ্টি আৰু সহযােগিতা স্থাপনৰ ওপৰত প্ৰচেষ্টা চলাই আহিছে। এইক্ষেত্ৰত ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় কাঠামাে চুক্তি প্ৰশ্নৰ কথা উল্লেখযােগ্য।

10. খিলঞ্জীয়া লােক সম্পৰ্কে ৰাষ্ট্ৰসংঘৰ সূত্ৰটো লিখা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ সংজ্ঞা অনুসৰি পৃথিৱীৰ বিভিন্ন অঞ্চলৰ বিভিন্ন সংস্কৃতি তথা নৃগােষ্ঠীয় মূলৰ লােকসকলৰ প্ৰব্ৰজন ঘটাৰ সময়ত কোনাে এক অঞ্চলত বসতি স্থাপন কৰি থকা জনগােষ্ঠীৰ উত্তৰপুৰুষসকলক সেই অঞ্চলৰ থলুৱা অধিবাসী বুলি জনা যায়।

11. কিটো প্ৰটকলৰ পৰা ভাৰত আৰু চীনদেশক কিয় আঁতৰত ৰখা হৈছিল ?
উত্তৰঃ ভাৰত আৰু চীন আদি উন্নয়নশীল ৰাষ্ট্ৰসমূহে জনমূৰি নিৰ্গমন কৰা সেউজ গৃহ গেছৰ পৰিমাণ উন্নত দেশৰ জনমূৰি নিৰ্গমনৰ তুলনাতকৈ যথেষ্ট কম সেইবাবে উক্ত দুয়ােখন ৰাষ্ট্ৰকে আঁতৰাই ৰখা হৈছিল।

12. উমৈহতীয়া সম্পদৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ উমৈহতীয়া সম্পদৰ দুটা উদাহৰণ হ’ল— পৃথিৱীৰ বায়ুমণ্ডল, সাগৰপৃষ্ঠ আৰু মহাকাশ।

13. পাৰিপাৰ্শ্বিক অবনতিৰ সৈতে সম্পৰ্কিত দুটা বিষয় লিখা।
উত্তৰঃ পাৰিপাৰ্শ্বিকতা অৱনতিৰ কাৰণত বিশেষকৈ –
(ক) পানীৰ নাটনিযে পাৰিপাৰ্শ্বিকতা বা অৱনতি ঘটায়।
(খ) দ্বিতীয়তে অৰণ্য ভূমিৰ ক্ৰমান্বয়ে বিলুপ্তি সাধন হােৱা বাবেও পাৰিপাৰ্শ্বিকতাৰ অৱনতি হৈ আছে।

Short Type Questions and Answers (Marks : 4/5/6)

1. পৰিৱেশ কেতিয়াৰ পৰা বিশ্বৰাজনীতিৰ লগত জড়িত হ’ল?
উত্তৰঃ পৰিৱেশ পৰিণামৰ সচেতনতাই ৰাজনৈতিক বৈশিষ্ট্য আহৰণ। কৰে প্ৰায় কুৰি শতিকাৰ যাঠিৰ দশকৰ পৰাই পৰিৱেশ ৰক্ষণাবেক্ষণৰ বিষয়ে প্ৰথম অধিৱেশন (summit) বহিছিল ১৯৭২ চনত চুইদেনৰ ষ্টকহ’লমত। কিন্তু দ্বিতীয় গুৰুত্বপূৰ্ণ অধিৱেশনখন বহিছিল, ১৯৯২ চনত ব্ৰাজিলৰ ৰিঅ – ডি – জেনেৰিঅত। এইখন অধিৱেশনকে পৃথিৱীৰ অধিৱেশন (Earth Summit ) বুলিও কোৱা হয়। সেই একে বছৰতে ৰাষ্ট্ৰ সংঘৰ সংগঠনিক কাৰ্যৰ অধিৱেশন জলবায়ু পৰিবৰ্তনৰ ( UNFCCC) ওপৰত অনুষ্ঠিত হৈছিল। ৰাষ্ট্ৰসংঘৰ এই পাৰিৱেশিক আঁচনি (UNEP) ৰ মতে পাৰিৱেশিক সমস্যাবােৰ সমাধানৰ বাবে আন্তঃৰাষ্ট্ৰীয় অধিৱেশনবােৰ অনুষ্ঠিত কৰিবলৈ আৰম্ভ কৰে। তেতিয়াৰে পৰা পৰিৱেশ এটা অতি গুৰুত্বপূৰ্ণ বিষয় হিচাপে গােলকীয় ৰাজনীতিত উদ্ভৱ হৈছে।

2. কিয়ােটো প্ৰটকল কি? কি কাৰণত ভাৰতক কিটো প্ৰটোকলৰ আচৰণ বিধিৰ পৰা ৰেহাই দিয়া হৈছে?
উত্তৰঃ অধিৱেশনৰ অংশিদাৰীসকলে সন্মতি প্ৰকাশ কৰে যে আটাইতকৈ ডাঙৰ ঐতিহাসিক ভাগটো আৰু বৰ্তমানৰ গােলকীয় কলা ধােৱা নিৰ্গমনৰ উৎপত্তি হৈছিল উন্নয়নশীল দেশবােৰত। আকৌ এই ক্ষেত্ৰতাে সন্মতি প্ৰকাশ কৰিছিল যে ভাৰত আৰু চীনদেশৰ নিচিনা উন্নয়নশীল। দেশবােৰত জনমূৰী নিৰ্গমনৰ পৰিমাণ বৰ নিম্ন। সেইবাবে ভাৰত, চীন আৰু আন উন্নয়নশীল দেশবােৰক জাপানৰ কিয়ােটো প্ৰটোকল ( Kyoto Protocol ) আৱশ্যকতাৰ পৰা ৰেহাই দিয়া হৈছে।

READ MORE  ভাৰতীয় ৰাজনীতিত সাম্প্ৰতিক বিকাশ | Chapter 15 | Class 12 Political Science - AHSEC

কিয়ােটো প্ৰটোকল (Kyoto Protocol) হ’ল এখন আন্তৰ্জাতিক চুক্তি, যাৰ দ্বাৰা ঔদ্যোগিক দেশবােৰ ক’লা ধােৱাৰ গেছ নিৰ্গত নকৰাৰ বাবে এটা লষ্ক্য থিৰ কৰি দিয়া হয়। কাৰ্বন – ডাই- অক্সাইড, মিথেইন আদি গেছক গােলকীয় উষ্ণতা বৃদ্ধিৰ ক্ষেত্ৰত দায়ী বুলি বিবেচনা কৰা হৈছে। গােলকীয় উষ্ণতা বৃদ্ধি পৃথিৱীৰ জীৱ – জগতৰ বাবে সাংঘাতিক পৰিমাণে দেখা দিয়াৰ সম্ভাৱনাই দেখা দিছে।

3. গােলকীয় সামূহিক মানে কি? এইবােৰ কিদৰে আহৰণ আৰু প্ৰদূষিত কৰা হয়।
উত্তৰঃ পৃথিৱীত এনে কিছুমান এলেকা নাইবা অঞ্চল আছে যিবােৰ কোনাে ৰাষ্ট্ৰৰ সাৰ্বভৌমত্ব থকা এলেকাৰ ভিতৰত নপৰে, অৰ্থাৎ বাহিৰত অৱস্থিত, গতিকে এইবােৰক আন্তৰ্জাতিক সম্প্ৰদায়ৰ সাধাৰণ প্ৰশাসন আৱশ্যক হয় আৰু এনে সাধাৰণ প্ৰশাসনৰ এলেকা বা অঞ্চলকে “ গােলকীয় সামূহিক ” বুলি জনা যায়।

দ্ৰুত উদ্যোগীকৰণ আৰু নতুন বিজ্ঞান আৰু প্ৰযুক্তিযে গােলকীয় সাধাৰণ ‘ আহৰণ আৰু প্ৰদূষণ কৰাত যথেষ্ট অৰিহণা যােগাইছে। এইটো কোৱা হয় যে বৃহৎ উদ্যোগ আৰু কল-কাৰখানাৰ ক’লা ধোঁৱা আৰু গেছ আৰু ৰাসায়নিক পেলনীয়া সামগ্ৰীযে সমগ্ৰ বায়ুমণ্ডল প্ৰদূষিত কৰিছে। ঠিক সেইদৰে বিশাল সমুদ্ৰপৃষ্ঠকো প্ৰদূষিত কৰিছে। মানুহৰ ভূমি সংলগ্নিত কাৰ্যৱলীযে সমুদ্ৰ তীৰৰ পৰিৱেশ অতি দূষিত কৰি তুলিছে। এইবােৰেই হ’ল আহৰণ আৰু প্ৰদূষণৰ ফলশ্ৰুতি।

4. বিশ্বৰ সামূহিক (Global Common) সম্পদ বুলিলে কি বুজা?
নাইবাঃ উমৈহতীয়া অথচ পৃথকীকৃত দায়বদ্ধতা মানে কি? চমুকৈ লিখা।
উত্তৰঃ সামূহিক বা ৰাজহুৱা সম্পদ বুলিলে সেই সমূহ সম্পদক বুজোৱা হয় যিবােৰ কোনাে ব্যক্তিৰ বাবে নহয়, বৰং এটা সম্প্ৰদাযে ভােগ কৰে।। এখন নদী, এখন উদ্যান, এটা সামূহিক কেন্দ্ৰ আদি সামূহিক বা। ৰাজহুৱা সম্পদৰ ভিতৰত পৰে। বিশ্বত এনে বহুত অঞ্চল আছে যিবােৰ কোনাে সাৰ্বভৌম ৰাষ্ট্ৰৰ চাৰিসীমাৰ ভিতৰত অৱস্থিত নহয় আৰু সেয়েহে বিশ্ব সমুদাযে সামূহিকভাৱে এনে অঞ্চলবােৰ শাসন কৰা প্ৰযােজন। এনে সম্পদবােক বিশ্বৰ সামূহিক সম্পদ বুলিব পৰা যায়। বিশ্বৰ এনে সামূহিক সম্পদসমূহৰ ভিতৰত পৃথিৱীৰ জলবায়ু, এন্টাৰ্কটিকা মহাদেশ, বৰফাবৃত অঞ্চল আৰু মহাকাশ অন্যতম।

বিশ্বৰ সামূহিক সম্পদৰাজিৰ ক্ষেত্ৰত ৰাষ্ট্ৰসমূহৰ মাজত সহযােগিতাৰ সৃষ্টি হােৱাটো বৰ সহজ নহয়। অৱশ্যে ১৯৫৯ চনৰ এন্টাৰ্কটিকা সন্ধি, ১৯৪৭ চনৰ মণ্টীলে আচৰণ বিধি আৰু ১৯৯১ চনৰ এন্টাৰ্কটিকা। পাৰিপাৰ্শ্বিকতা আচৰণ বিধিৰ দৰে উল্লেখযােগ্য সহযােগিতাত সৃষ্টি হােৱা দেখা গৈছে। ইয়াতে উল্লেখ কৰিব পৰা যায় যে এনে সামূহিক সম্পদসমূহক বিশেষকৈ আগবঢ়া দেশসমূহৰ দ্বাৰা দুযােগ কৰাৰ বাবে বৰ্তমান প্ৰজন্মকে নহয় ভৱিষ্যত প্ৰজন্মকো ক্ষতিগ্ৰস্ত কৰাৰ সম্ভাৱনা আছে।

5. ভাৰত চৰকাৰে গােলকীয় উষ্ণতা উপশমৰ বাবে লােৱা পন্থাবােৰৰ কেইটামান উল্লেখ কৰা।
উত্তৰঃ কিছু সংখ্যক আঁচনিৰে ভাৰত চৰকাৰে উষ্ণতা উপশমৰ গােলকীয় প্ৰচেষ্টাত অংশ গ্ৰহণ কৰিছে।
(১) ভাৰতৰ ৰাষ্ট্ৰীয় যান-বাহন, ইন্ধন নীতি ‘ হ’ল ভাৰত যান-বাহন ইন্ধনৰ পৰিষ্কাৰ কৰা ব্যৱস্থা।

(২) শক্তি ৰক্ষণাবেক্ষণ আইন প্ৰণয়ন ২০০১ যে শক্তি উন্নয়নৰ সক্ষমতা বৃদ্ধিৰ প্ৰচেষ্টাৰ কথাকে বুজায়।।

(৩) ২০০৩ চনৰ বৈদ্যুতিক আইনে শক্তি পুনৰ নতুন কৰা ব্যৱস্থাক উৎসাহিত কৰে।

(৪) উন্নত প্ৰাকৃতিক গেছৰ সদ্যকালীন ধাৰা আৰু উৎসাহজনক পৰিষ্কাৰ কয়লা কাৰিকৰী নীতি অৱলম্বনৈ দেখুৱাইছে যে ভাৰত চৰকাৰে এটা প্ৰকৃত প্ৰচেষ্টাই হাতত লৈছে।

READ MORE  দ্বি ৰাষ্ট্ৰবাদৰ অৱসান | Chapter 1 | Class 12 Political Science - AHSEC

(৫) প্ৰায় ১১ নিযুত হেক্টৰ ভূমি ব্যৱহাৰ কৰি ভাৰত চৰকাৰে ২০১১-১২ চনৰ ভিতৰত এটা জৈৱ – ডিজেল উৎপাদন কেন্দ্ৰ গঢ়ি তুলিবলৈ এটা ৰাষ্ট্ৰীয় মিছনৰ প্ৰচেষ্টা হাতত লবলৈ বৰ ইচ্ছা প্ৰকাশ কৰিছে।

(৬) পৃথিৱীত এটা সৰ্ববৃহৎ শক্তি পুনৰ্বিকীৰণৰ আঁচনি ভাৰত চৰকাৰে হাতত ল’বলৈ প্ৰচেষ্টাও লৈছে।

6. সম্পদ ভূ-ৰাজনীতি কি?
নাইবাঃ বিশ্ব ৰাজনীতিত প্ৰাসংগিকতা থকা দুবিধ সম্পদৰ উল্লেখ কৰা।
উত্তৰঃ বৰ্তমান বিশ্ব ৰাজনীতিৰ এক গুৰুত্বপূৰ্ণ দিশ হ’ল সম্পদকেন্দ্ৰিক ভূ বাজনীতি। বৰ্তমান বিশ্ব সম্পদ কেন্দ্ৰিক ভূ – ৰাজনীতিটো এক অন্যতম বিষ্যত পৰিণত হৈছে। সম্পদকেন্দ্ৰিক ভূ – ৰাজনীতিৰ অৰ্থ হ’ল বিশ্বৰ পৰিবেশৰ বা প্ৰাকৃতিক সম্পদসমূহ কোনে, কিমান, ক’ত আৰু কেনেকৈ লাভ কৰিব সেই ক্ষেত্ৰত বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত দেখা দিয়া বিবাদ, সংঘাতৰ প্ৰতিফলন। এইদৰে বিশ্বৰ প্ৰাকৃতিক পৰিবেশ আৰু সম্পদসমূহ কোনে কিমানে ক’ত আৰু কেনেকৈ লাভ কৰিব বা। ভােগ কৰিব অথাৎ সম্পদৰ উদঘাটন আৰু ব্যৱহাৰক কেন্দ্ৰ কৰিযেই বিশ্বৰ ৰাষ্ট্ৰসমূহৰ মাজত সৃষ্টি হােৱা প্ৰতিযােগিতা, বিৰােধ, বিবাদবােৰকেই সম্পদকেন্দ্ৰিক ভূ ৰাজনীতি বােলা হয়।

সম্পাদক কেন্দ্ৰ কৰি প্ৰাকৃতিক সম্পদত চহকী বিশ্বৰ বিভিন্ন দেশত বিশেষকৈ তৃতীয় বিশ্বত গঢ়ি উঠা সংঘাত আৰু ইয়াৰ বিশ্বজোৰা ব্যাপ্তিকে সম্পদকেন্দ্ৰিক ভৌগােলিক ভূ ৰাজনীতি বুলি কোৱা হয়। গােলকীয় ৰাজনীতিৰ বাবে প্ৰাসংগিক দুটা সম্পদৰ নাম হ’ল—
(ক) খাৰুৱা তেল। আৰু
(খ) জল সম্পদ।

7. ৰিঅ’ শীৰ্য সন্মিলনৰ ওপৰত এটি টোকা লিখা।
নাইবাঃ বিঅ ‘ শীৰ্ষ সন্মিলনৰ ফলাফল কি আছিল?
উত্তৰঃ বিশ্বৰ পাৰিৱেশিক বিষয়ত, গােলকীয় ৰাজনীতিৰ ক্ষেত্ৰত বৰ্ধিত গুৰুত্ব সুপ্ৰতিষ্ঠিত কৰিছিল ১৯৯২ চনৰ জুনত, ব্ৰাজিলৰ ৰিঅ’ – ডি – জেনেইৰােত বহা ৰাষ্ট্ৰসংঘৰ পাৰিৱেশিক আৰু উন্নয়নৰ শীৰ্য সন্মিলনখনে। এই সন্মিলনখনক পৃথিৱীৰ সন্মিলন (Earth Summit ) বুলিও কোৱা হয়। এই সন্মিলনত ২৭০ খন ৰাষ্ট্ৰই যােগদান কৰিছিল।

ইয়াত হেজাৰ হেজাৰ। বে – চৰকাৰী সংগঠনে (N.G.O) আৰু বহুতাে বহুজাতিক সংগঠনেও যােগদান কৰিছিল। এই সন্মিলনত বিশেষকৈ আলােচনা কৰা হৈছিল, জলবায়ুৰ পৰিবৰ্তন, জৈৱবিভিন্নতা, বনাঞ্চল। আদি বিষ্যত। লগতে এইবিলাকৰ উন্নয়নৰ অনুশীলনৰ বাৱে এখন তালিকা প্ৰস্তুত কৰা হৈছিল যাক “ Agenda ২১ ” বুলি কোৱা হয়।

এই প্ৰচেষ্টাত যদিও বহুতাে পাৰ্থক্য আৰু কষ্ট অমীমাংসিত হৈযে থাকিল তথাপি আৰ্থিক উন্নয়নৰ লগত পৰিৱেশিক ভাৰসাম্যতাৰ দায়বদ্ধৃতাৰ মিলন ঘটোৱাৰ ক্ষেত্ৰত সকলােৱে একমত হৈছিল। এই দৃষ্টিভংগীটোকে বৰ্তি থাকিব পৰা উন্নয়ন বুলি জনা যায়। ৰাষ্ট্ৰসংঘৰ এই সন্মিলনখনৰ পৰা বিশ্বৰাজনীতিত পাৰিৱেশিক বিষবােৰ গুৰুত্বপূৰ্ণ হৈ পৰে।

8. ১৯৯০ চনৰ পৰা কিয় “গােলকীয় পাৰিৱেশিক ৰক্ষণাবেক্ষণ ” সম্পৰ্কীয় বিষয়টো ৰাষ্ট্ৰবােৰৰ অগ্ৰাধিকাৰ সম্পৰ্কীয় বিষয় হৈ পৰিছে ?
উত্তৰঃ পাৰিবেশিক সংকটৰ বিষযে সচেতনতা আৰু ইয়াক পৰিষ্কাৰ কৰি ৰখাটো আজিকালি এক গােলকীয় বিষয় হৈ পৰিছে। তলত উল্লেখ কৰা কাৰকবােৰ ইয়াৰ লগত জড়িত থকা দেখা যায়—
(১) সমগ্ৰ পৃথিৱীতে কৃষিযােগ্য তাঞ্চল সামান্যভাৱেহে বৃদ্ধি পাইছে, আৰু কৃষিৰ প্ৰচলিত ভূমিৰ অনেক অঞ্চল উৰ্বৰতা বিহীন হৈ পৰিছে।

(২) উন্নত দেশবােৰত বহু নিযুত জনসাধাৰণে বিপদমুক্ত নিৰ্মল পানী আৰু পৰিষ্কাৰ পৰিচ্ছন্ন পৰিৱেশ নােপােৱাৰ ফলত প্ৰতি বছৰ তিনি। নিযুতকৈও বেছি ল’ৰা – ছােৱালীৰ মৃত্যু হৈ আছে।

(৩) প্ৰাকৃতিক বনাঞ্চল যিযে জলবায়ু স্থায়ীকৰণত সহায় কৰে, মধ্যমীয়া বৃষ্টিপাতৰ যােগান ধৰে, যিযে বেছি ভাগ উদ্ভিদৰ। জৈৱবিভিন্নতা প্ৰতিষ্ঠা কৰে এই সকলােবােৰ কাটি ধ্বংস কৰে আৰু মানুহক স্থানান্তৰ কৰে।

(৪) দ্ৰুতপতন হয় অজন ল্যেৰৰ পৃথিৱীৰ বায়ুমণ্ডলৰ ষ্ট্ৰেটোস্ফোৰত এনে কাইপাৰিৱেশিক ভাৰসাম্যতাত এক সাংঘাটিক পৰিণামৰ সৃষ্টি কৰে আৰু মানৱ স্বাস্থ্যৰ ক্ষতি সাধন কৰে।

(৫) সমুদ্ৰ প্ৰদূষণ গােলকীয়ভাৱে বৃদ্ধি পাই আছে। যদিও বা মুক্ত সমুদ্ৰ যথেষ্ট পৰিষ্কাৰ, ভূমি সংলগ্নিত পানী যথেষ্টভাৱে প্ৰদূষিত বিশেষকৈ মানুহৰ তীৰ্তি কাৰ্যকলাপৰ বাবে।

[wpdatatable id=2 table_view=regular]

Leave a Comment

error: Content is protected !!
Scroll to Top