সামাজিক আন্দোলন | Chapter 15 | Class 12 Sociology - AHSEC

সামাজিক আন্দোলন | Chapter 15 | Class 12 Sociology – AHSEC

সামাজিক আন্দোলন | Chapter 15 | Class 12 Sociology Chapter 15 সামাজিক আন্দোলন | Class 12 Sociology Question and Answer | Assam Class 12 Sociology Solutions | AHSEC Class 12 HS Sociology Chapter 15 Notes | AHSEC Class 12 HS Sociology Chapter 15 Question and Answer | Questions and Answers for Class 12 Sociology Chapter 15 সামাজিক আন্দোলন | HS Sociology Questions and Answers Assam | HS 2nd Year সামাজিক আন্দোলন Sociology Question and Answer | Assam Board Class 12 Sociology Chapter 15 সামাজিক আন্দোলন


সামাজিক আন্দোলন

দ্বিতীয় খণ্ড: পাঠ: ৮

পাঠ্যপুথি অনুশীলনীৰ প্ৰশ্নোত্তৰ

1. ভাৰতবৰ্ষত পুৰণি সামাজিক আন্দোলন আৰু নতুন সামাজিক আন্দোলনৰ মাজত পাৰ্থক্য নির্ণয় কৰাটো যথেষ্ট কঠিন কাম। এই বিষয়ে আলোচনা কৰা।
নাইবাঃ সামাজিক আন্দোলনৰ প্ৰকাৰবোৰ আলোচনা কৰা।

উত্তৰঃ ভাৰতবৰ্ষত বহুতো সামাজিক আন্দোলন গঢ়ি উঠিছে— কৃষক, নাৰী, শ্রমিক, আদিবাসী, দলিত আৰু অন্যান্য বৃহুতো সামাজিক আন্দোলন সকলো শাসকৰ বিৰুদ্ধে চলি আছে। এতিয়া আমি এই সামাজিক আন্দোলনবোৰক নতুন সামাজিক আন্দোলন বুলি কব পাৰিনে? এই আন্দোলন সংক্রান্তত গেইল অভেড় (Gail Omved) নামৰ এগৰাকী মহিলাই লেখা গ্রন্থ এখনত (Reinventing Revolution) লিখিছে যে সামাজিক অসমতা আৰু সম্পদৰ অসমান বিতৰণ ব্যৱস্থাৰ বাবেই এই সামাজিক আন্দোলনবোৰ হয়। এই ক্ষেত্ৰত –

১। কৃষক আন্দোলনবোৰ হয়— কৃষিৰ উৎপাদিত সামগ্ৰীৰ উচিত মূল্যৰ পৰা বঞ্ছিত হোৱা বাবে।

২। আনহাতে দলিতসকলে আন্দোলন কৰে উচ্চজাতৰ ভূস্বামীৰ অন্যায় অত্যাচাৰৰ বাবে, ধন ধাৰলৈ দিয়া সুদখোৰৰ অত্যাচাৰ শোষণৰ পৰা মুক্তি পাবলৈ আন্দোলন কৰে ৷

৩। নাৰীসকলে আন্দোলন কৰে আদিম অৱস্থাৰে পৰা পাই অহা পুৰুষৰ অত্যাচাৰ, উৎপীৰণ, সম অধিকাৰৰ পৰা পুৰুযে, সমাজে কৰি অহা হীন, নিম্ন বুলি কৰা ব্যৱহাৰৰ পৰা মুক্তি পাবলৈ। সমাজৰ সম্পত্তি, পুৰুষৰ লগত সমান ব্যৱহাৰৰ অধিকাৰ পোৱাৰ বাবে সংগঠিত হৈ ওলাই অহাৰ অধিকাৰৰ বাবে, মুক্তি পোৱাৰ বাবে নাৰীক প্রভেদ বুলি জ্ঞান কৰা অন্যায় ৷

এই একে সময়তে এই নতুন সামাজিক আন্দোলনবোৰ কেৱল অৰ্থনৈতিক অসমতাৰ দৰে পুৰণি কিছুমান কাৰণৰ বাবেই সৃষ্টি হোৱা নাছিল নাইবা সামাজিক শ্রেণী বিভাজনৰ বাবেও হোৱা নাছিল। এই নতুন সামাজিক আন্দোলন সৃষ্টিত আজি যুগৰ ৰাজনীতি, সাংস্কৃতিক উদ্দেগ আশা – আকাংক্ষাবোৰও জড়িত হৈ থাকে। এই আন্দোলনবোৰত কোনো ধৰণৰ শ্ৰেণী ভিত্তিক অসমতা বিচাৰি পোৱা নাজায়। কাৰণ এনে আন্দোলন সকলো শ্ৰেণীৰে লোক জড়িত হৈ থাকে। উদাহৰণস্বৰূপে নগৰৰ নাৰী আন্দোলনত উচ্চ, , ধনী বা মধ্যবিত্ত বুলি কোনো শ্রেণী বিভাজন নাথাকে দৰিদ্ৰ, শ্রমজীবি, কৃষি জীৱি সকলোলোক থাকে। আনহাতে পৃথক ৰাজ্যৰ বাবেক আন্দোলনতো কোনো বিশেষ শ্রেণীবা জাতিৰ আন্দোলনহয়, এই আন্দোলনো সকলোৰে আন্দোলন। এই সামাজিক আন্দোলনত কোনো সামাজিক বৈষম্য নাথাকে।

2. সামাজিক আন্দোলন মানে কি?
উত্তৰঃ যেতিয়া কোনো এখন সমাজৰ জনসাধাৰণ, সমাজৰ প্ৰচলিত সামাজিক পৰিস্থিতিত অসন্তুষ্ট হয় আৰু তেওঁলোকে ইয়াৰ এটা পৰিবৰ্তন আনিব বিচাৰে, তেতিয়াই সামাজিক আন্দোলন আহি পৰে। সামাজিক আন্দোলন সদায়ে এটা আদৰ্শৰ ওপৰত আৰম্ভ হয়। কেতিয়াবা সামাজিক আন্দোলন উদ্ভব হয় কোনে পৰিবৰ্তনৰ বিৰোধীতাৰ বাবে। আগৰ কালত সমাজ শাস্ত্রবিদসকলে ভাবিছিল যে সামাজিক আন্দোলন এনে এক প্রচেষ্টা যাৰ দ্বাৰা সমাজত এক পৰিবৰ্তন আনিব বিচৰা হয় ; কিন্তু আধুনিক সমাজতত্ত্ববিদসকলে ভাবে যে আন্দোলনে হয়, সামাজিক পৰিবৰ্তন আনে নাইবা পৰিবৰ্তন বন্ধ কৰে।

সেই ফাৰণে বিভিন্ন চিন্তাবিদৰ অভিমত। ওপৰত নিৰ্ভৰ কৰি, আমি কব পাৰো যে সামাজিক আন্দোলন হ’ল সমাজৰ সদস্য সকলৰ এক সমূহীয়া আচৰণ, যাৰ উদ্দেশ্য হল— হয় প্রচলিত সংস্কৃতি আৰু সামাজিক সংগঠনৰ পৰিবৰ্তন নাইবা তাৰ বিৰোধীতা কৰা। সেইকাৰণে সামাজিক আন্দোলনক এক সামূহিক প্রচেষ্টা বা সামাজিক প্রতিক্রিয়া বুলিয়ে কব পাৰি।

3. প্ৰায়বোৰ পাৰিপাৰ্শ্বিক আন্দোলনেই বেছিভাগ সময়তে অর্থনৈতিক দিশ আৰু পৰিচয় বিষয়ক দিশ সাঙুৰি লয়। এই সম্পর্কে আলোচনা কৰা।
নাইবাঃ পৰিৱেশ তান্ত্রিক আন্দোলন বুলিলে কি বুজা? নাইবা পৰিৱেশ তান্ত্রিক আন্দোলনৰ অৰ্থ লিখা।

উত্তৰঃ আধুনিক যুগত আটাইতকৈ বেছি গুৰুত্ব প্ৰদান কৰা বিষয়টো হ’ল উন্নয়ন। আজি বহু দশকৰ আগৰে পৰা জনসাধাৰণে লক্ষ্য কৰি আহিছে যে মানুহে প্রাকৃতিক সম্পদসমূহ অনিয়ন্ত্রিত ভাবে ব্যৱহাৰ কৰি আহিছে। আৰু উন্নয়নৰ নমুনাই নতুন নতুন প্রয়োজনৰ সৃষ্টিহে কৰিছে। মুঠতে প্রাকৃতিক সম্পদসমূহৰ অত্যাধিক ভাবে ব্যৱহাৰ কৰি দেশত উন্নয়ন কৰিব বিচৰা হৈছে। যাৰ বাবে বহু প্রাকৃতিক সম্পদ ধ্বংসৰ দিশলৈ আগহে বাঢ়ি গৈ আছে আৰু পৰিবেশৰ অৱনতি সাধন কৰিছে। আৰু পৰিবেশৰ অৱনতিৰ লগতে সামাজিক দিশতো বিৰূপ প্ৰভাব পেলাইছে। যেনে বৃহৎ নদী বান্ধৰ পৰা যিদৰে বিদ্যুৎ উৎপাদনে উদ্যোগিক উন্নয়ন কৰিছে সেইদৰে হাজাৰ হাজাৰ লোকক ভূমিহীন কৰি দুখীয়া দৰিদ্ৰত পৰিণত কৰিছে। বানপানীত বছৰে বছৰে ক্ষতি সাধন কৰিছে। বহু লোকক স্থানান্তৰ কৰিব লগা হৈছে। জীৱন নিৰ্বাহৰ পথ হেৰুৱাব লগা হৈছে। উদ্যোগবোৰৰ পৰা প্ৰাকৃতিক পৰিবেশ বিঘ্নিত হৈছে, প্ৰদূষণৰ সৃষ্টি হৈছে। এনেবোৰ উন্নয়নমূলক কাৰ্যহ পৰিবেশ নষ্ট কৰি, প্ৰদূষণ সাধন কৰি, সমাজ জীৱনত বিৰূপ ৷ প্ৰভাব পেলাই সমাজত এক অশান্তিৰ পৰিবেশ সৃষ্টি কৰিছে। তাৰ ফলত সমাজত বিভিন্ন সমাজিক আন্দোলন গঢ়ি উঠিছে।

পাৰিপাৰ্শ্বিক পৰিবেশ বিনষ্ট কৰাৰ বাবে যিবোৰ আন্দোলন গঢ়লৈ উঠে তাক পাৰিপার্শ্বিক আন্দোলন বোলে। এই আন্দোলনৰ লক্ষ্য হ’ল পৰিবেশত সৃষ্টি হোৱা বিভিন্ন সমস্যাৰোধ কৰা। এই খিনিতে আমি এটা পাৰিপাৰ্শ্বিক আন্দোলন উদাহৰণ দিব লাগিব ৷ হিমালয়ৰ পাদ দেশৰ গ্ৰাম্যাঅঞ্চলত বসবাস কৰা লোকে পাদদেশত থকা মূল্যবান অ ‘ আৰু ৰ’দ’দ্ৰেণড্রন নামৰ গছ দুবিধক ৰক্ষা কৰিবলৈ এক আন্দোলন কৰিছিল। কিয়নো এই অৰণ্যখনৰ ওপৰতে সেই অঞ্চলৰ গাঁওবোৰে জীৱন ধাৰণ কৰিছিল। কিন্তু চৰকাৰৰ বনবিভাগে এই গছবোৰ কাটিবলৈ ঠিকাদাৰ সকল ঠিকা দিছিল তাৰ ফলত অৰণ্যভূমি লাহে লাহে মুকলি হৈ পৰিছিল। গ্ৰাম্য অঞ্চলৰ ৰাইজৰ প্ৰয়োজনীয় সামগ্ৰীৰ অভাব ঘটিল, লাহে লাহে মানুহৰ জীৱন বিপন্ন হৈ পৰিল। চৰকাৰ আৰু ৰাইজৰ মাজত এক সংঘাত সৃষ্টি হ’ল। এফালে জীৱন ধাৰণ অৰ্থনীতি ৰক্ষাৰ বিৰুদ্ধে চৰকাৰৰ মুনাফা আহৰণৰ অর্থনীতি। কিন্তু অৱশেষত বহু সংখ্যক মহিলাকে ধৰি গাঁৱৰ ৰাইজ আগবাঢ়ি আহি গছবোৰ ৰক্ষা কৰিবলৈ গছবোৰ প্ৰত্যেকেই সাৱটি ধৰি ৰাখিছিল। এইদৰে চিপকো আন্দোলনে চৰকাৰৰ গছকটা আঁচনি বিফল কৰি পৰিৱেশ ৰক্ষা কৰিছিল।

4. নাৰী আন্দোলন । চমুটোকা লিখা।
উত্তৰঃ (ক) নাৰী আন্দোলন :- প্রাচীন কালৰে পৰা ভাৰতীয় সমাজত নাৰী সম্পৰ্কীয় বহুতো কুপ্রথা প্ৰচলিত হৈ আহিছে। এনে কিছুমান কাৰণতে ভাৰতত কুৰিশতিকাৰ আৰম্ভণীৰে পৰা ৰাষ্ট্ৰীয় আৰু আঞ্চলিক পৰ্যায়ত বহুতো নাৰী সংগঠন গঢ়লৈ উঠিছে।

READ MORE  ভাৰতীয় সমাজ | Chapter 1 | Class 12 Sociology - AHSEC

সেইবোৰৰ ভিতৰত ভাৰতীয় নাৰী সংস্থা ১৯১৭ চনত সদৌ ভাৰত নাৰী অধিবেশন ১৯২৬ চনত ভাৰতৰ বাষ্ট্ৰীয় নাৰী পৰিষদ ১৯২৫ চনত গঢ়ি উঠিছিল। কিছুমান সংস্থা সংকীৰ্ণ উদ্দেশ্যেৰে গঠন হ’লেও পাচলৈ তেওঁলোকৰ দৃষ্টিভংগীৰ পৰিবৰ্তন হৈছিল। ভাৰতীয় নাৰীসকলে যদিও সীমিত উদ্দেশ্য লৈ গঠিত হৈছিল পাছলৈ প্ৰায়বোৰ নাৰী সংস্থাই পুৰুষৰ লগতে স্বাধীনতা সংগ্রামতো অৰিহণা যোগাইছিল।

সাধাৰণ ভাবে ধৰিলোৱা হয় যে মধ্যবিত্ত শ্ৰেণীৰ শিক্ষিত মহিলাসকলেহে সামাজিক আন্দোলনত জড়িত হয়। কিন্তু আমি মন কৰিব লাগিব যে মহিলাসকলেও স্বাধীনতা সংগ্ৰামত অংশগ্ৰহণ কৰিছে। তেওঁলোকে পুৰুষৰ লগতে জনজাতীয় আন্দোলনতো যোগদান কৰিছিল। আমি উদাহৰণ স্বৰূপে কব পাৰো যে বংগদেশৰ তেভাগা আন্দোলন, তেলেংগানা সশস্ত্র সংগ্ৰাম, সেই সময়ৰ নিজামৰ শাসনত, মহাৰাষ্ট্ৰৰ ওৱালি জনজাতিৰ বিপ্লৱ আদি বিশেষ ভাবে উল্লেখনীয়। সাধাৰণতে ১৯৪৭ চনৰ আগতে নাৰী আন্দোলনবোৰ কোনো নিৰ্দিষ্ট বিষয়ৰ ওপৰতহৈ গঢ়ি উঠিছিল আৰু প্ৰায়বোৰ স্বাধীনতা সংগ্ৰামৰ লগত জড়িত আছিল।

কিন্তু ১৯৪৭ চনৰ পাছত নাৰীবাদী আন্দোলনবোৰ জাতীয়তা ৰাষ্ট্ৰীয় গঠনৰ লগত জড়িত আছিল। ১৯৭০ দশকৰ পাছত ভাৰতত নাৰী আন্দোলন পুনৰ আৰম্ভ হৈছিল। বহুতে এই আন্দোলনকনাৰী আন্দোলন দ্বিতীয় পর্যায় বুলি কব খোজে। ভাৰতৰ স্বাধীনতাৰ পাচত, স্বাৱলম্বী নাৰী আন্দোলনৰ বিকাশ ঘটে। আৰু ৰাজনৈতিক দলৰ পৰা স্বতন্ত্র ভাবে পৰিচালনা হয়। এইটো অনুভব কৰিছিল যে ৰাজনৈতিক দলে নাৱীক সদায়ে এফলীয়া কৰি ৰাখে।

সাংগঠনিক পৰিবৰ্তনৰ আৰু প্ৰকৃতৰ পৰিবৰ্তনৰ বাহিৰে নতুন বিষয়বোৰ আলোকিত হৈছিল নতুন আন্দোলনবোৰত যেনে নাৰীৰ বিৰুদ্ধে অত্যাচাৰ, বলাৎকাৰ, বহুতো সমদল, আৰম্ভ কৰা হৈছিল তাৰ পূৰৱৰ্তি কালত এই কুপ্রথাবোৰৰ বিৰুদ্ধে। এনেবোৰ কাৰণতে বৰ্তমান সন্তানৰ নামৰ লগত বাপেকৰ নামৰ লগতে স্ত্ৰীৰ (মাকৰ) নামে লিখা হয়। ইয়াৰ উপৰিও আন গুৰুত্বপূৰ্ণ বৈধ পৰিবৰ্তন কৰা হৈছে একমাত্ৰ নাৰীৰ আন্দোলনৰ বাবেই। নিয়োগ → ভূমিৰ অধিকাৰ, লগতে যৌতুক আৰু যৌন অত্যাচাৰৰ বিৰুদ্ধেও সংগ্রাম চলাই আহিছে।

5. কৃষক আন্দোলন আৰু নব্য কৃষক আন্দোলনৰ মাজৰ পাৰ্থক্য বিচাৰ কৰা।
উত্তৰঃ সামাজিক আন্দোলনৰ ভিতৰত কৃষক আন্দোলনবোৰ অন্যতম ৷ এই আন্দোলনবোৰ প্ৰাক – ঔপনিবেশ কালৰ পৰাই আৰম্ভ হৈছিল। এই আন্দোলনবোৰৰ কাৰণ বা উদ্দেশ্য একে নাছিল— কিছুমান নিৰ্দিষ্ট অভিযোগৰ বাবে, নীল খেতিৰ বিৰুদ্ধে, কৰ মুক্ত কৰা, বন নীতিৰ বিপক্ষে, অর্থনৈতিক শোষণৰ পৰা মুক্ত কৰা।

স্বাধীনতাৰ সময়ৰ টেভাগা আন্দোলন (১৯৪৬) আৰু টেলেংগানা আন্দোলন (১৯৫১)। দেশ স্বাধীনতাৰ পাচৰ গুৰুত্বপূৰ্ণ আন্দোলন দুটা হ’ল— নক্সাল সংগ্ৰাম (১৯৬৭) আৰু নব্য কৃষক আন্দোলন। কৃষকসকলৰ মুখ্য সমস্যাটো হ’ল ভূমি সমস্যা। কৃষকৰ বেছিভাগ আন্দোলন ভূমি বিষয়ক এই সমস্যাবোৰ আছিল।

এনেধৰণৰ জমিদাবী উচ্ছেদ আন্দোলন ; ভূমি সংস্কাৰ আন্দোলন কৃষকৰ শোষণ মুক্ত কৰা আন্দোলন ; মাটিৰ ৰাজহ বৃদ্ধি ৰোধ আন্দোলন ; মাটি পৰিমাণৰ সীমা নিৰ্দ্ধাৰণ আইন আন্দোলন। এই প্রায় সকলোবোৰ আন্দোলন আছিল, ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আগতে হোৱা আন্দোলন।

কিন্তু ভাৰতৰ নতুন কৃষক আন্দোলন আৰম্ভ হৈছিল ভাৰতৰ স্বাধীনতা আন্দোলনৰ পাচত। এই আন্দোলনৰ মূল বিষয় বা উদ্দেশ্য আছিল অলপ বেলেগ – কৃষি কার্যত দিয়া চাবছিদিবোৰ আতৰ নকৰা ; কৃষকৰ কল্যাণ সাধন কৰা, তেওঁলোকে ঋণবোৰৰ পৰা ৰেহাই দিয়া ; কৃষিৰ উৎপাদিত সামগ্ৰীত অধিক মূল্য দিয়া। সামগ্ৰীবোৰৰ বজাৰ দৰ বেছি কৰা। এইদৰেই পুৰণা কৃষক আন্দোলন আৰু নতুন কৃষক আন্দোলনৰ কিছুমান পার্থক্য বিচাৰি পোৱা যায়।

6. দলিত জনজাতীয় আন্দোলন। চমুটোকা লিখা।
উত্তৰঃ দলিত জনজাতীয় আন্দোলন :- বিভিন্ন জনজাতীয় গোটবোৰে উমৈহতীয়া কিছুমান বিষয়ক লৈ সমগ্ৰ দেশতে বিয়পি পৰিছে। কিন্তু তেওঁলোক প্রত্যেকেই প্রত্যেকৰ পৰা পৃথক পৃথক। কিছুমান জনজাতীয় আন্দোলন মধ্য ভাৰতৰ কিছুমান জনজাতীয় অঞ্চলত গঢ়ি উঠিছিল। তাৰ ভিতৰত চানথাল, ওঁৰাণ্ড, হো, মুণ্ডা আদি প্ৰধান আছিল। ঝাৰখণ্ডৰ জনজাতীয় অঞ্চলৰ বাৰে প্ৰধান অঞ্চল আছিল।

২০০০ চনত দক্ষিণ বিহাৰৰ পৰা ঝাৰখণ্ড ৰাজ্যখন সৃষ্টি কৰা হৈছিল। এই ৰাজ্যখন গঠন কৰিবলৈ এই অঞ্চলৰ জনজাতিবোৰে প্রায় একশ বছৰ যুজিব আন্দোলন কৰিব লগা হৈছিল।

ত্যাগী জননেতা বিছামুণ্ডাৰ নেতৃত্বত সেই অঞ্চলৰ জনজাতীয় জাতিবোৰ ঐক্যবদ্ধ আৰুসজাগ হৈ প্ৰথমে এই আন্দোলন ব্ৰিটিছৰ বিৰুদ্ধে আৰু পাচলৈ স্বাধীন চৰকাৰৰ লগত সংঘাট হৈছিল। বিছা এই আন্দোলন কেন্দ্ৰবিন্দু আছিল। তেওঁৰ মৃত্যুৰ পাছত তেওঁক লৈ বহুতো গীত – মাত, গল্প – কাহিনী ঝাৰখণ্ডত প্ৰচলিত হৈছিল। ঝাৰখণ্ডত বিছাৰ স্মৃতিত এতিয়াও বহুতো লিখনী প্ৰচলন হৈ আছে ৷

সেই অঞ্চলত খ্ৰীষ্টান মিছাৰীসকলৰ শিক্ষা – দীক্ষাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা আছে। দক্ষিণ বিহাৰৰ শিক্ষিত জনজাতীয় লোক সকলে বিছাৰ মুক্তিকামী সংগ্ৰামৰ বিষয়ে নানা গৱেষণা, কাহিনী, গল্প লিখি উলিয়াইছে। তেওঁলোকে সেই অঞ্চলৰ জনজাতীয় প্রচলিত প্রথা, নীতি নিয়ম, সংস্কৃতি সম্পর্কে বহুতো লিখিত সাহিত্য, গল্প প্ৰবন্ধ চৰ্চা কৰিছে। এনে কাৰণতে এক ঐক্যবদ্ধ জনগোষ্ঠীয় সচেতনতাৰ সৃষ্টি কৰি নিজকে ঝাৰখণ্ডী বুলি পৰিচয় প্ৰতিপন্ন কৰিব পাৰিছে।

ঝাৰখণ্ডত শিক্ষিত আদিবাসীসকলে বর্তমান চৰকাৰী চাকৰী – বাকৰিত নিযুক্তি পাইছে। আৰু মধ্যবিত্ত শ্ৰেণীৰ জনজাতীয় বুদ্ধিজীবিসকলৰ মাজত বৰ্তমান নিজকে নেতৃত্ব দিবপৰা লোক ওলাই আহিছে। এই লোকসকলেই তেওঁলোকৰ বাবে যে এখন সুকীয়া ৰাজ্য লাগে তাক দাবী আকাৰে প্ৰতিষ্ঠিত কৰিবলৈ সক্ষম হৈছিল। তাকে তেওঁলোকে ভাৰত চৰকাৰৰ ওচৰত এনেকি বিদেশতো লবিকৰি তাক কাৰ্যকৰি কৰিছিল। দক্ষিণ বিহাৰ অঞ্চলৰ জনজাতীয় লোকসকলৰ সেই অঞ্চলত থকা দিক্ষু সকলৰ বিৰুদ্ধে এক উমৈহতীয়া ঘৃণা আছে।

কাৰণ এই দিক্ষুসকলেই (বহিৰাগত বেপাৰী, টকা ধাৰ দিয়া সূতখোৰ জাতি) তেওঁলোকক শোষণ কৰি সকলো সা – সম্পদ কাঢ়িলৈ স্থানীয় লোকসকলক সৰ্বশ্ৰান্ত কৰিছে। এই খনিজ প্ৰধান অঞ্চলটোত, উদ্যোগিক উন্নয়নৰ সকলো মুনাফা এই দিসকলে হস্তগত কৰিছে। এনেকি বহুতো অধিবাসীক সেই অঞ্চলৰ পৰা উচ্ছেদ কৰি তেওঁলোকৰ সকলো সা – সম্পদ এই দি শ্ৰেণীটোৱে আত্মসাৎ কৰিছিল।

মুঠতে জনজাতিসকলে বহু দিনীয়া অভিজ্ঞতাৰ পৰা বুজিব পাৰিছিল যে তেওঁলোক বঞ্ছিত হৈছে, অন্যায় ভাবে তেওঁলোক শোষিত হৈ আহিছে এই ভাবধাৰাই ঐক্যবদ্ধ সংগ্রাম পথ বিচাৰি লৈছিল। তেওঁলোকৰ ঐক্যবদ্ধ, দৃঢ়তা আৰু প্ৰতিজ্ঞা অৱশেষত ঝাৰখণ্ড ৰাজ্যৰ প্ৰতিষ্ঠাই এটা নতুন পৰিচয় দিছে ৷

অতি চমু প্রশ্নোত্তৰ

1. নক্সালবাদী আন্দোলন প্রথমে ক’ত হৈছিল?
উত্তৰঃ বংগদেশৰ নক্সালবাৰীত ১৯৬৭ চনত।

2. ঝাৰখণ্ডৰ সামাজিক নেতা কোন আছিল?
উত্তৰঃ বিছা মুণ্ডা।

3. স্বাধীনতাৰ আগতে কৃষক আন্দোলন কিয় হৈছিল?
উত্তৰঃ ভাৰতৰ কৃষক আন্দোলনৰ প্ৰকৃতি বেলেগ বেলেগ হ’লেও ভাৰতৰ সকলো কৃষক আন্দোলনৰ প্ৰধান কাৰণ আছিল – কৃষকৰ অর্থনৈতিক শোষণ আঁতৰোৱাৰ দাবী।

4. সামাজিক সংস্কাৰ আন্দোলন কি?
উত্তৰঃ যেতিয়া কোনো এটা আন্দোলন সমাজৰ প্ৰচলিত কুসংস্কাৰ আৰু কুপ্রথা আঁতৰ কৰাৰ উদ্দেশ্যেৰে আৰম্ভ হয় তাকে সামাজিক সংস্কাৰ আন্দোলন বোলে।

READ MORE  ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ | Chapter 12 | Class 12 Sociology - AHSEC

5. ৰাজনৈতিক আন্দোলন কি?
উত্তৰঃ ৰাজনৈতিক পৰিৱৰ্তন বা শাসন সম্পৰ্কীয় পৰিবৰ্তনৰ বাবে চৰকাৰৰ বিৰুদ্ধে কৰা আন্দোলনকে ৰাজনৈতিক আন্দোলন বোলে।

6. ঝাৰখণ্ডৰ সামাজিক আন্দোলনৰ নেতা কোন আছিল?
উত্তৰঃ জননেতা বিছা মুণ্ডা।

7. সমাজ কল্যাণ কি?
উত্তৰঃ সকলো সংগঠিত সামাজিক প্রচেষ্টাকে সমাজ কল্যাণৰ ভিতৰত ধৰিব পাৰি যাৰ সহায়ত সমাজৰ সকলো সদস্য উপকৃত হয়।

8. দলিত কোন?
উত্তৰঃ ভাৰতৰ দলিতসকল সমাজৰ আটাইতকৈ নিম্নস্তৰৰ লোক। তেওঁলোক প্ৰাচীন কালৰে পৰা শোষণৰ বিৰুদ্ধে থকা অধিকাৰৰ পৰা বঞ্চিত হৈ আহিছে তেওঁলোকৰ জীৱন দুখ – কষ্ট, অসন্মান, অবজ্ঞা আৰু দৰিদ্ৰতাৰে ভৰপূৰ ৷

9. সাংস্কৃতিক আন্দোলন কি?
উত্তৰঃ যি আন্দোলনে নিজৰ সংস্কৃতিক ৰক্ষণাবেক্ষণ দিবলৈ প্ৰচেষ্টা কৰে আৰু তাকেই মূল লক্ষ্য বুলি গণ্য কৰে তাকে সাংস্কৃতিক আন্দোলন বোলে।

10. দলিত শব্দৰ উদ্ভাৱক ড° আম্বেদকাৰ। (হয় নে নহয় লিখা)
উত্তৰঃ হয় ৷

11. সমাজ সংস্কাৰ কি?
উত্তৰঃ যেতিয়া সমাজৰ কোনো বুদ্ধিজীৱী লোকে সমাজত প্ৰচলিত হৈ থকা কু – সংস্কাৰ বা কু – প্ৰথাৰ বিৰুদ্ধে কোনো আন্দোলন আৰম্ভ কৰে আৰু তাক আঁতৰাব বিচাৰে তাকে সমাজ সংস্কাৰ বোলে।

12. ভাৰতৰ স্বাধীনতাৰ আগতে হোৱা দুটা কৃষক আন্দোলন উল্লেখ কৰা।
উত্তৰঃ আন্দোলন দুটা হ’ল—
১। নীল বা বংগ বিপ্লৱ (১৮৫৯ এ . ০০)।
২। চম্পাবন আন্দোলন (১৯১৭-১৮ এ.০০)।

13. সামাজিক সংস্কাৰ আন্দোলন কি?
উত্তৰঃ যেতিয়া সমাজত প্ৰচলিত হৈ থকা কুসংস্কাৰ আৰু কুপ্রথাবোৰ আঁতৰোৱাৰ বাবে আন্দোলন আৰম্ভ হয় তাকে সামাজ সংস্কাৰ আন্দোলন বোলে। যেনে – কৃষক আন্দোলন।

14. ভাৰতৰ জনজাতীয় আন্দোলন কিয় আৰম্ভ হৈছিল?
উত্তৰঃ জনজাতীয় গোষ্ঠীৰ সংস্কৃতি ৰক্ষণাবেক্ষণৰ বাবে জনজাতীয় আন্দোলন আৰম্ভ হৈছিল যাতে তেওঁলোকৰ সংস্কৃতি আন সংস্কৃতিৰ লগত মিশ্ৰিত নহয় ৷

15. দলিত সকলে কিয় আন্দোলন কৰে?
উত্তৰঃ দলিতসকলে নিজকে বঞ্চিত লাঞ্ছিত, উৎপীড়িত বুলি গণ্য কৰে। একে মানৱ জাতিৰ সন্মান পাবলৈ বা স্বীকৃতি পাবলৈ আন্দোলন কৰে। অস্পৃশ্যতা নিষিদ্ধ কৰিবলৈ নাগৰিকৰ মৰ্যাদা পাবলৈ আন্দোলন কৰে।

16. দুটা নাৰী সংগঠনৰ নাম লিখা।
উত্তৰঃ দুটা নাৰী সংগঠনৰ নাম—
(ক) “The Women’s India Association ” (১৯২৬)
(খ) “National Council For Women’s in India” (১৯২৫)

17. কেতিয়া কত হৈছিল লিখা।
(ক) চিপকো আন্দোলন
(খ) উলগুলান আন্দোলন।
উত্তৰঃ (ক) চিপকো আন্দোলন উত্তৰাখণ্ডত ১৯৭০ চনত হৈছিল। ই এক পাৰিপাৰ্শ্বিক আন্দোলন আছিল।

(খ) বৰ্তমান ঝাৰখণ্ডৰ জনজাতীয় আন্দোলন এই আন্দোলন ব্ৰিটিছৰ দিনৰ পৰা আৰম্ভ হৈ ২০০০ চনত শেষ হৈ সুকীয়া ৰাজ্য গঠন হয় ৷

18. কি কাৰণত পৰিবেশ আন্দোলন গঢ়ি উঠে?
উত্তৰঃ সমাজত উন্নয়নৰ নামত মানুহে প্ৰাকৃতিক পৰিৱেশৰ অত্যাধিক অনিষ্ট সাধন কৰি আহিছে। যেনে – বনাঞ্চল ধ্বংস, গছ – গছনি কাটি বনাঞ্চল মুকলি কৰা, পাহাৰ – পৰ্বত কাটি বিদ্যুৎ প্রকল্প নিৰ্মাণ, ঘৰ – দুৱাৰ নিৰ্মাণ কৰি পৰিৱেশ বিনষ্ট কৰিছে। এনে পৰিৱেশ ধ্বংসকাৰী কৰ্মৰ বিৰুদ্ধে গঢ়ি উঠা আন্দোলনকে পৰিৱেশ আন্দোলন বোলে। ওপৰত উল্লেখ কৰা কাৰণতে পৰিৱেশ আন্দোলন গঢ়ি উঠে।

19. ভাৰতত দুজন সমাজ সংস্কাৰকৰ নাম লিখা।
উত্তৰঃ বিখ্যাত সমাজ সংস্কাৰক দুজন হ’ল—
১। ৰাজা ৰামমোহন ৰায় (১৭৭৪-১৮৩৩ খ্ৰীঃ পূঃ)। আৰু
২। জ্যোতি ৰাও গোবিন্দ ৰাও ফুলে। (১৮২৭-১৮৯০ খ্রীঃ পূঃ)।

20. তলত দিয়াবোৰ প্ৰত্যেকৰে একোটা উদাহৰণ দিয়া।
(ক) কৃষক আন্দোলন
(খ) জনজাতীয় আন্দোলন
(গ) নাৰী আন্দোলন
(ঘ) ৰাজনৈতিক আন্দোলন
(ঙ) পৰিৱেশ আন্দোলন।

উত্তৰঃ (ক) কৃষক আন্দোলন— বংগদেশৰ নীল আন্দোলন।
(খ) জনজাতীয় আন্দোলন— চিপকো আন্দোলন।
(গ) নাৰী আন্দোলন—যৌতুক বিৰোধী আন্দোলন।
(ঘ) ৰাজনৈতিক আন্দোলন— ফৰাচী বিপ্লব।
(ঙ) পৰিৱেশ আন্দোলন –চিপকো আন্দোলন।

21. সামাজিক আন্দোলনৰ দুটা বৈশিষ্ট্য লিখ।
উত্তৰঃ সামাজিক আন্দোলনৰ দুটা বৈশিষ্ট্য—
১। সামাজিক আন্দোলনৰ কাৰণ আর্থিক সমস্যাৰ লগত জড়িত
২। ভূমি অধিকাৰ সম্পৰ্কৰ লগত জড়িত থাকে।
৩। জীৱিকা বা কৰ্ম সংস্থাপনৰ লগত সম্পর্কিত হয়।

22. তলত উল্লেখ কৰা আন্দোলন দুটাৰ কোনটো কি আন্দোলন উল্লেখ কৰা ৷
(ক) টেলেংগানা সংগ্রাম
(খ) টেভাগা আন্দোলন।
(গ) চিপকো আন্দোলন
(ঘ) নক্সাল আন্দোলন ৷

উত্তৰঃ (ক) সুকীয়া ৰাজ্যৰ দাবী আন্দোলন।
(খ) কৃষক আন্দোলন।
(গ) পৰিৱেশ আন্দোলন।
(ঘ) বিপ্লৱী আন্দোলন।

চমুপ্রশ্নোত্তৰ

1. বৈপ্লবিক আন্দোলনৰ বৈশিষ্ট্যবোৰ কি?
উত্তৰঃ বৈপ্লৱিক আন্দোলনৰ কিছুমান বৈশিষ্ট্য থাকে। তলত কেইটিমান বৈশিষ্ট্য উল্লেখ কৰা হ’ল—
১। বিপ্লৱী আন্দোলনে সদায়ে নতুন পদ্ধতি এট্য প্রতিষ্ঠা কৰিব বিচাৰে।
২। বিপ্লৱী আন্দোলনত উগ্র – আতংকমূলক, দমনমূলক নীতি অৱলম্বন কৰা হয়।
৩। এই আন্দোলনে স্বেচ্ছাচাৰী শাসকৰ শাসন উচ্ছেদ কৰিব বিচাৰে ৷
৪। বিপ্লৱী আন্দোলন হঠাৎ উৎপত্তি হয় আৰু ইয়াৰ গতি অতি তীব্ৰতৰ হয় ৷

2. কি কাৰণত ভাৰতত সমাজ সংস্কাৰ আন্দোলন আৰম্ভ হৈছিল?
উত্তৰঃ তলত উল্লেখ কৰা কাৰণতে ভাৰতত সমাজ – সংস্কাৰ আন্দোলন আৰম্ভ হৈছিল—
১। ভাৰতীয় সমাজৰ কু – সংস্কাৰবোৰ ধৰ্মৰ লগত জড়িত আছিল।

২। ভাৰতীয় সমাজখন জাতিৰ ভিত্তিত বিভক্ত হৈছে আৰু জাতিৰ সৃষ্টি হৈছে ধর্মভিত্তিত। জাতি নীতি ভংগ কৰাক পাপ বুলি গণ্য কৰ্য হয়।

৩। সমাজত নাৰীৰ প্ৰস্থিতি অতি নিম্ন, যাৰ বাবে সমাজত তেওঁলোকৰ কোনো গুৰুত্ব নাছিল।

৪। ভাৰতীয় সমাজখন নিৰক্ষৰ লোকৰ দ্বাৰা পৰিপূৰ্ণ।

৫। ভাৰতীয় সমাজত বহুতো সামাজিক কু – সংস্কাৰ আৰু কু – প্রথা আছে। যেনে— জাতি ভেদ প্রথা, সতীদাহ প্রথা, বাল্য বিবাহ প্রথা, কন্যা শিশুবধ প্রথা, বিধবা বিবাহ নিষিদ্ধ আদি। এনেবোৰ কাৰণতে সমাজ সংস্কাৰকসকলে ভাৰতীয় সমাজত সংস্কাৰ অনাৰ বাবে সিদ্ধান্ত গ্রহণ কৰিছিল আৰু সংস্কাৰ আন্দোলন গঢ়ি তুলিছিল।

3. সামাজিক সংস্কাৰ আন্দোলনৰ জৰিয়তে কি ধৰণৰ পৰিৱৰ্তন আনিব পৰা যায়?
উত্তৰঃ ভাৰতবৰ্ষ এখন কল্যাণকামী ৰাষ্ট্ৰ, য’ত প্ৰতিজন ঝক্তিয়ে সমান সুবিধা পায়। কল্যাণকামী ৰাষ্ট্ৰ এখন প্ৰধান উদ্দেশ্য হ’ল জনসাধাৰণৰ জীৱনটো সুখী কৰা। কিন্তু এইটো সম্ভৱ হ’ব যদিহে সমাজৰ সকলো প্ৰচলিত বেয়া বিশ্বাস আৰু কু – প্ৰথা আঁতৰ কৰিব পৰা যায়। কেৱল সামাজিক সংস্কাৰ আন্দোলনেহে সেইবোৰ আঁতৰ কৰিব পাৰিব। আইন আদি প্ৰণয়ন কৰি তাক কৰিব নোৱাৰি।

এইকাৰণতে সমাজত সংস্কাৰৰ প্ৰয়োজন। উদাহৰণ স্বৰূপে বাল্য বিবাহ, যৌতুক প্রথা আৰু শিশু শ্রমিক আদিৰ বাবে আইন – কানুন আছে। কিন্তু কু – সংস্কাৰ, কু – প্ৰথা আমাৰ সমাজত উমৈহতীয়াভাৱে চলিছে। এই সকলোবোৰ আমাৰ সমাজত বাধাৰ স্বৰূপ। যদি আমি আমাৰ সমাজত উন্নতি বিচাৰে তেতিয়া হ’লে সমাজ সংস্কাৰ আন্দোলন অতি প্রয়োজনীয়। সেই কাৰণতে এনে সমাজ সংস্কাৰ আন্দোলনেহে সমাজত পৰিৱৰ্তন আনিব পাৰে।

READ MORE  সামাজিক সংস্থা হিচাপে বজাৰ | Chapter 4 | Class 12 Sociology - AHSEC

4. সামাজিক আন্দোলনৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ সামাজিক আন্দোলনৰ চাৰিটা বৈশিষ্ট্য–
১। সামাজিক আন্দোলন সদায়ে সমাজ বিৰোধী।

২। সামাজিক আন্দোলনবোৰে পৰিকল্পিত আৰু ইচ্ছাকৃতভাবে কৰা।

৩। তেওঁলোকৰ প্ৰধান উদ্দেশ্য হ’ল সমাজ সংস্কাৰ সাধন কৰা ৷

৪। এই আন্দোলনত সমূহীয়া প্ৰচেষ্টা অতি আবশ্যক কাৰণ এজন লোকে গাইগুটিয়াভাৱে সমাজত কোনো পৰিৱৰ্তন আনিব নোৱাৰে ৷

5. পৰিবেশতান্ত্রিক (environmental) আন্দোলন বুলিলে কি বুজা? উদাহৰণসহ আলোচনা কৰা।
উত্তৰঃ যোৱা দুটা দশকত ভাৰতবৰ্ষত অনিয়ন্ত্রিতভাৱে প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ বৃদ্ধি পাইছে। নতুন নতুন প্রয়োজনত পূৰ্বৰে পৰা কমি অহা প্রাকৃতিক সম্পদৰ ওপৰত মানুহৰ প্ৰয়োজন বহুতো বৃদ্ধি পাইছে। আনহাতে উন্নয়নৰ উদ্দেশ্যে চৰকাৰ আৰু জনসাধাৰণে প্ৰকৃতিৰ পৰা সম্পদ আহৰণত উঠি পৰি লাগিছে। এনেবোৰ কাৰণতে মাটি, পানী, অৰণ্য ভূমি আদি আহৰণৰ বাবে জনসাধাৰণৰ মাজত এক সামাজিক আন্দোলনৰ সৃষ্টি হৈছে। এনে পাৰিবেশিক আন্দোলনকে পৰিৱেশ (ecological) আন্দোলন বোলে।

আমাৰ ভাৰতৰ এনে বহুতো পৰিবেশ আন্দোলনৰ উদাহৰণ দিব পাৰি। যেনে— হিমালয়ৰ পাদদেশৰ চিপকো আন্দোলন, নির্মদা বাচাও আন্দোলন ৷

6. নতুন সামাজিক আন্দোলন আৰু পুৰণি সামাজিক আন্দোলনৰ পাৰ্থক্য দেখুওৱা।
উত্তৰঃ পার্থক্যবোৰ হ’ল–
১। সাধাৰণতে পুৰণা সামাজিক আন্দোলনবোৰ ৰাজনৈতিক দলৰ নেতৃত্বত কার্যাবলী পৰিচালনা কৰে। কিন্তু নতুন সামাজিক আন্দোলনবোৰে সমাজত ক্ষমতাৰ বিতৰণ ব্যৱস্থাৰ পৰিবৰ্তন বিচৰটো লক্ষ্য নহয় কাৰণ তেওঁলোক এটা পৰিষ্কাৰ পৰিবেশত কাম কৰিব বিচাৰে।

২। পুৰণা সামাজিক আন্দোলনবোৰে সমাজৰ পৰা কু – সংস্কাৰবোৰ আঁতৰাব বিচাৰে আৰু সমাজৰ পৰা শোষণ নির্মূল কৰিব খোজে। কিন্তু নতুন সামাজিক আন্দোলনে এখন উন্নত মানব সমাজ গঢ়ি উন্নত জীৱন ধাৰণৰ মান প্রতিষ্ঠা কৰিব বিচাৰে।

৩। পুৰণি সামাজিক আন্দোলনত ৰাজনৈতিক দলৰ ভূমিকা আন্দোলন কেন্দ্রবিন্দু, সকলো। কাম ৰাজনৈতিক দলে পৰিচালনা কৰে, কিন্তু আধুনিক বা নতুন সামাজিক আন্দোলনবোৰ সাধাৰণতে ৰাজনৈতিক দলৰ পৰা আঁতৰি থাকে। তেওঁলোকে বাহিৰত থাকি চৰকাৰৰ ওপৰত চাপৰ সৃষ্টি কৰে ৷

7. জনজাতীয় আন্দোলন কিয় গঢ় লৈ উঠিছিল?
উত্তৰঃ সমগ্ৰ ভাৰতত প্ৰায় একশতকৈও বেছি জনজাতীয় গোষ্ঠীয়ে বসবাস কৰে। এই জনজাতিবোৰৰ প্ৰত্যেকৰে নিজস্ব সুকীয়া জীৱন শৈলী আছে। আন জাতিৰ তুলনাত এই জনগোষ্ঠীবোৰৰ জীৱন যাত্ৰাৰ প্ৰয়োজন সামগ্রী সীমিত বুলি কোৱা হয়। এই গোষ্ঠীটো তেওঁলোকৰ সংস্কৃতি আৰু জনজাতীয় পৰিচয় ৰক্ষণাবেক্ষণ দিয়াৰ বাবে বৰ সচেতন। যদি এই জনজাতীয় লোকসকলে তেওঁলোকৰ সংস্কৃতিত আনে হস্তক্ষেপ কৰে আৰু তেওঁলোকৰ দাবী আওকাণ কৰা হয়, বা তেওঁলোকৰ পৰিচয় সংকটাপন্ন হয় তেওঁলোকে সাধাৰণতে আন্দোলনৰ পথ লয়।

জনজাতীয় লোকসকলে কোনো নিৰ্দিষ্ট পৰিৱৰ্তনৰ বাবেও সততে আন্দোলনৰ পথ লোৱাৰ পোষকতা কৰে। সাধাৰণতে বিভিন্ন সম্প্রদায়, ধৰ্ম আৰু শ্ৰেণী ৰক্ষণশীলতা প্ৰভাৱৰ বাবেও তেনে হোৱা দেখা যায়। উদাহৰণস্বৰূপে জনজাতীয় আন্দোলন গঢ়ি উঠে, সুকীয়া ৰাজ্য গঠনৰ দাবীত ৰাজ্যখণ্ডৰ জনজাতিৰ বাবে। বিছা মুণ্ডাৰ নেতৃত্বতে মুণ্ডা জাতি এই জনজাতীয় আন্দোলন গঢ়ি উঠিছিল। মুণ্ডা জনগোষ্ঠীটোত ‘ বিছাক’ভগবান জ্ঞান কৰিছিল। তেওঁৰ প্ৰচেষ্টাতে খ্ৰীষ্টান জাতিলৈ ধৰ্মান্তৰিত হোৱা বহুতো মুণ্ডা জনজাতীয় লোকক পুনৰ হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত কৰিছিল। তেওঁলোক অতি গোড়া হিন্দু আছিল।

8. দলিত আন্দোলনৰ বিষয়ে চমুকৈ ব্যাখ্যা কৰা।
উত্তৰঃ ‘দলিত’ এই শব্দটো সাধাৰণতে হিন্দী, মাৰাঠা বা গুজৰাটী আদি ভাষাত ব্যৱহাৰ কৰা হয়। এই শব্দটোৰ দ্বাৰা দৰিদ্ৰ ; নিষ্পেষিত লোকসকলক বুজোৱা হয়। দলিতসকল সমাজৰ আটাইতকৈ নিম্নস্তৰৰ লোক বুলি গণ্য কৰা হয়। এই সকল লোক প্রাচীন কালৰে পৰা বিভিন্ন। ধৰণে শোষণৰ বলি হোৱাৰ উপৰি অন্যান্য অধিকাৰৰ পৰাওঁ বঞ্চিত হৈ আহিছে। তেওঁলোকৰ জীবন দুখ – কষ্ট, অসন্মান, অৱজ্ঞা আৰু দৰিদ্ৰতাৰে ভৰপূৰ। ভাৰতত আদিতে এই শ্ৰেণীৰ লোকক উচ্চ শ্ৰেণীৰ লোকে ইচ্ছাকৃতভাৱে দমনমূলক আৰু অবহেলাৰ দৃষ্টিৰে চাইছিল। দলিত আন্দোলন হ’ল মানুহ হিচাপে স্বীকৃতি পোৱাৰ আন্দোলন।

আত্মবিশ্বাস আৰু স্বনিয়ন্ত্রণ প্রতিষ্ঠা আন্দোলন। দলিতসকলৰ এই সংগ্রাম হ’ল অস্পৃশ্যতাৰ দাগ মোচনৰ সংগ্ৰাম আৰু নিজকেস্পৃশ্য কৰাৰ সংগ্ৰামহে। এই আন্দোলনৰ উমৈহতীয়া প্রত্যাশাবোৰ হ’ল – সম অধিকাৰ, সম মর্যাদা আৰু আত্মসম্মান প্রতিষ্ঠা লাভৰ আন্দোলন। এই আন্দোলনৰ উদ্দেশ্য হল উচ্চ জাতিয়ে তেওঁলোকৰ প্ৰতি থকা দেখুওৱা অস্পৃশ্যতাৰ মনোভাৱ, দমনমূলক, অৱজ্ঞাৰ ভাব নোহোৱা কৰা। এই আন্দোলন ভাৰতৰ কিছুমান নগৰ – চহৰত চলি থকা দেখা যায়। এওঁলোকৰ শিক্ষিত আৰু সচেতন লোকসকল ঐক্যবদ্ধ হৈ নিজ অধিকাৰ সাব্যস্ত কৰিবলৈ ৰাজনৈতিক আৰু সামাজিকভাৱে মুক্তিকামী আন্দোলন কৰিবলৈ আগবাঢ়ি আহিছে।

9. চিপকো (Chipko) আন্দোলনৰ বিষয়ে এটি আভাস দিয়া।
নাইবাঃ এটা পৰিবেশতান্ত্রিক আন্দোলনৰ বিষয়ে চমুকৈ লিখা।

উত্তৰঃ চিপকো আন্দোলন ১৯৭০ চনত, উত্তৰা খণ্ডৰ পাৰ্বত্য অঞ্চলত আৰম্ভ হৈছিল। সেই অঞ্চলত বনাঞ্চল হ’ল অঞ্চলটোৰ অধিবাসীসকলৰ জীৱিকাৰ একমাত্ৰ উপায়। জনসাধাৰণে বনাঞ্চলৰ পৰাই বিভিন্ন বস্তু সংগ্ৰহ কৰি জীৱন নিৰ্বাহ কৰে। চৰকাৰে সেই বনাঞ্চলখন ঠিকাদাৰক ঠিকা ভিত্তিত তাৰ গছকটা ঠিকা দিয়ে ৰাজহ আদায়ৰ বাবে। ঠিকা লোৱা বাবে, গ্ৰামাঞ্চলৰ কোনো লোকক বনাঞ্চলখনত খৰি – খেৰ আৰু আন সামগ্ৰী সংগ্ৰহ কৰা বন্ধ কৰে। এই কথাত চাৰিওফালৰ গাঁওবাসী জাগ্রত হৈ সংগ্ৰাম আৰম্ভ কৰে। যেতিয়া ঠিকাদাৰৰ মানুহ গছ কটাৰ বাবে বনাঞ্চলত সোমাই চাৰিওফালৰ হাজাৰ হাজাৰ গাঁওবাসী পুৰুষ – মহিলা, ল’ৰা – ছোৱালী আহি কৰ্মস্থলীত গছবোৰ সাবটি ধৰি ৰাখি গছ কটা বন্ধ কৰে।

নাৰীসকল, ল’ৰা – ছোৱালী সকলোৱে সমানে এই আন্দোলনত যোগদান কৰিছিল। বিখ্যাত পৰিবেশবিদ সুন্দলাল বহুগুণাও এই আন্দোলনত যোগ দিছিল। এই আন্দোলনত সমগ্ৰ গাঁওবাসীয়ে গছৰোৰ সাৱটি ধৰি ৰক্ষা কৰিছিল সেই কাৰণে এই আন্দোলনক চিপকো (সাৱটি ধবা) আন্দোলন বোলে। এই আন্দোলন ফলৱতী হৈছিল কাৰণ অৱশেষত চৰকাৰে এই আঁচনি বন্ধ কৰি দিছিল।

10. ভাৰতৰ স্বাধীনতাৰ পূৰ্বে আৰম্ভ কৰা সামাজিক আন্দোলনবোৰ প্ৰধান বৈশিষ্ট্যবোৰ কি কি?
উত্তৰঃ ভাৰতৰ স্বাধীনতাৰ আগতে হোৱা সামাজিক আন্দোলনবোৰৰ প্রধান বৈশিষ্ট্যবোৰ—
১। প্ৰথম আৰু প্ৰধান বৈশিষ্ট্য হ’ল হিন্দু ধৰ্মক জাতিৰ বাবে পুনৰ প্রতিষ্ঠা কৰা, কাৰণ হিন্দুসকলে মুছলমান আৰু ব্ৰিটিছ শাসকসকলৰ পৰা এটা সাংঘাটিক প্রতিদ্বন্দ্বিতাৰ সন্মুখীন হৈছিল।

২। মহিলাসকলক, হৰিজনসকলক আৰু শোষিত জাতিবোৰক উন্নত কৰা যাতে তেওঁলোকৰ এটা আন জাতিৰ দৰে এটা ভাল জীৱন যাপন কৰিব পাৰে।

৩। এই আন্দোলনে আগৰ পৰম্পৰাগত আদৰ্শ আঁতৰাব বিচাৰে আৰু নতুন পদ্ধতি প্রতিষ্ঠা কৰিব বিচাৰে।

৪। এই আন্দোলনে আগৰ জাতিভেদ প্রথাৰ বান্ধোন চিঙি পেলাব
বিচাৰে আৰু সমতাৰ মনোভাব প্রতিষ্ঠা কৰি সমাজত এটা ভ্ৰাতৃত্বভাবৰ পৰিৱেশ গঢ়ি তুলিব বিচাৰে।

৫। এই আন্দোলনে ভাৰতবাসীৰ মাজত সহানুভূতি ভাব, সহনশীলতা, ভ্রাতৃত্বভাব আদি গঢ়ি তুলিব বিচাৰে।

Leave a Comment

error: Content is protected !!
Scroll to Top