বিশ্বায়ন আৰু সামাজিক পৰিবৰ্তন | Chapter 13 | Class 12 Sociology - AHSEC

বিশ্বায়ন আৰু সামাজিক পৰিবৰ্তন | Chapter 13 | Class 12 Sociology – AHSEC

বিশ্বায়ন আৰু সামাজিক পৰিবৰ্তন | Chapter 13 | Class 12 Sociology Chapter 13 বিশ্বায়ন আৰু সামাজিক পৰিবৰ্তন | Class 12 Sociology Question and Answer | Assam Class 12 Sociology Solutions | AHSEC Class 12 HS Sociology Chapter 13 Notes | AHSEC Class 12 HS Sociology Chapter 13 Question and Answer | Questions and Answers for Class 12 Sociology Chapter 13 বিশ্বায়ন আৰু সামাজিক পৰিবৰ্তন | HS Sociology Questions and Answers Assam | HS 2nd Year বিশ্বায়ন আৰু সামাজিক পৰিবৰ্তন Sociology Question and Answer | Assam Board Class 12 Sociology Chapter 13 বিশ্বায়ন আৰু সামাজিক পৰিবৰ্তন


বিশ্বায়ন আৰু সামাজিক পৰিবৰ্তন

দ্বিতীয় খণ্ড: পাঠ: ৬

অনুশীলনীৰ প্রশ্নোত্তৰ

1. গোলকীয় অৰ্থনীতিৰ নিৰ্দিষ্ট বৈশিষ্ট্যৰোৰ কি? আলোচনা কৰা।
উত্তৰঃ গোলকীকৰণ এনে এক পদ্ধতি যাৰ দ্বাৰা এখন দেশৰ অৰ্থনীতি আন এখন দেশৰ অৰ্থনীতিৰ লগত সংলগ্নিত হয়। আন কথাত কবলৈ হ’লে এখন দেশৰ সামগ্ৰী, সেৱা, মূলধন, আৰু শ্ৰম আন এখন দেশৰ লগত অবাধ বিনিময় হোৱাকে গোলকীকৰণ বুলি জনা যায়। বিভিন্ন দেশৰ অৰ্থনীতিবোৰে পৰম্পৰৰ লগত এইদৰে সম্পর্কলৈ আহে। এই ব্যৱস্থাৰে দেশবোৰৰ মাজত মুক্ত বাণিজ্যিক বিনিময় ব্যৱস্থা গঢ়লৈ উঠে। এইদৰে বিভিন্ন অর্থনীতি ঐক্যবদ্ধ হোৱা পদ্ধতিকে গোলকীকৰণ বোলে। এইদৰে গোলকীকৰণৰ দ্বাৰা গোটেই পৃথিৱীখন এখন গাঁৱত পৰিণত হৈ পৰিছে।

গোলকীকৰণ অৰ্থনীতিৰ বৈশিষ্ট্যসমূহ :-
১। গোলকীকৰণ অর্থনীতি মুক্ত বাণিজ্যিক অৰ্থনৈতিক তত্ত্বৰ ওপৰত নিৰ্ভৰশীল। মুক্ত বাণিজ্যই প্রতিদ্বন্দিতা আৰু সক্ষমতাক উৎসাহ প্ৰদান কৰে। নিয়ন্ত্ৰিত অৰ্থনীতিত এই ব্যৱস্থাবোৰ নাথাকে। বেছি কাম কৰাৰ সক্ষমতাই সেৱা সমতা বৃদ্ধি কৰাত সহায় কৰে।
২। গোলকীকৰণ অৰ্থনীতিৰ যিকোনো দেশ অর্থনৈতিক ব্যৱস্থাতে বেছি বৈদেশিক বিনিয়োগ হোৱা দেখা যায়।

৩। অনিয়ন্ত্রীত বৈদেশিক মূলধন আৰু সামগ্ৰীৰ গতিৰ বাবে মুক্ত বাণিজ্যিক নীতি ব্যৱহাৰ কৰা হয়। ইয়াত এইটো চিন্তা কৰা হয় যে এই ব্যৱস্থায় তৃতীয় বিশ্ব অর্থনীতিক সহায় কৰিব।

৪। গোলকীকৰণে সাধাৰণতে দেশসমূহত দেখা দিয়া সাংঘাটিক নিবনুৱা সমস্যাৰ বা দৰিদ্ৰতাৰ সমস্যাৰ সমাধান কৰাত সহায় কৰে। গোলকীকৰণে সংস্থাপনৰ বা নিযুক্তিৰ সা সুবিধা বৃদ্ধি কৰাত সহায় কৰে। এইদৰে দেশৰ অৰ্থনৈতিক উন্নয়নত সহায় কৰে।

৫। গোলকীকৰণে বিভিন্ন দেশৰ অৰ্থনীতিৰ ঐক্য স্থাপনত সহায় কৰে আৰু সামাজিক ন্যায় প্ৰতিষ্ঠাৰ সমস্যা সমাধানত সহায় কৰে। কিছুমান মানুহে ভাবে যে অৰ্থনীতিৰ উদাৰীৰণে বঞ্চিত গোটক বহুতে সা – সুবিধা দিব পাৰে।

৬। বিভিন্ন দেশৰ মাজত বিনিময় বৃদ্ধি পায় গোলকীকৰণ অৰ্থনীতিতহে আৰু ইয়ে বিশ্বশান্তি স্থাপনত সহায় কৰে।

2. সংস্কৃতিত গোলকীকৰণৰ প্ৰভাৱৰ বিষয়ে চমকৈ আলোচনা কৰা। নাইবাঃ আমাৰ স্থানীয় সংস্কৃতিৰ ওপৰত গোলকীকৰণৰ প্ৰভাৱ কেনে ধৰণে পৰিছে আভাস দিয়া।
উত্তৰঃ গোলকীকৰণৰ দ্বাৰা বিভিন্ন প্ৰকাৰে আমাৰ সংস্কৃতি বিঘ্নিত হৈছে। যুগ যুগ ধৰি ভাৰতবৰ্ষই, সাংস্কৃতিক প্ৰভাৱৰ প্ৰতি এক মুক্ত দৃষ্টিভংগী লৈ আহিছে। এই কাৰণতে ভাৰতীয় সংস্কৃতিয়ে আজি সমৃদ্ধিশালী হৈ উঠিব পাৰিছে। যোৱা দশকবোৰত আমি সংস্কৃতিত কিছুমান গুৰুত্বপূৰ্ণ পৰিবৰ্তন দেখিবলৈ পাই আমাৰ ভয় হৈছে, যে আমাৰ স্থানীয় সংস্কৃতিবোৰক গোলকীকৰণ সংস্কৃতিয়ে গ্ৰাস কৰি পেলাব নেকি? আমি আগৰে পৰা সকলোৱে জানো যে নাদৰ ভেকুলীৰ দৰে আমি চাৰিবেৰৰ মাজত থাকি থাকি বাহ্যিক জগতখনলৈ আমাৰ প্ৰায়ে সন্দেহ ওপজে। অৱশ্যে সৌভাগ্যবশতঃ আমি আগৰে পৰা এটা পৰম্পৰাগত মুকলি মন লৈ আছে যাৰ বাবে আমাৰ মাজত উত্তপ্ত বিতৰ্ক আৰু আলোচনা বিভিন্ন বিষয়ত হয় কিৰাজনীতি, অর্থনীতি বা সামাজিক পৰিবৰ্তন ফেচন, সাজ – পাৰ পিন্ধন – উৰণ, চলচিত্র, কথাচবি, গীত মাত, ভাষা, দৈহিক ভঙ্গীম আদি বিষয়ে সজোৰে যুক্তি আগবঢ়োৱা হয়। বহুতো সমাজ সংস্কাৰকে, আগৰ ১৯ শতিকাৰ জাতীয়তাবাদীসকলে সংস্কৃতি আৰু পৰম্পৰাৰ বিষয়ে নানা বিতুৰ্কত লিপ্ত হৈছিল। এই বিষয়বোৰ আজিৰ যুগতো কিছুমান একে আৰু কিছুমান বেলেগ। এই বেলেগ খিনিয়ে হৈছে পৰিবৰ্তন মাপ – কাঠী আৰু পৰিবৰ্তনৰ গভীৰতা।

3. তোমালোক ভাললগা যিকোনো এটা বিষয় বাছি লোৱা আৰু সেই বিষয়ত গোলকীকৰণৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰা। বোলছবি, চাকৰি, বিয়া বাৰু বা তেনে কোনো বিষয় ল’ব পাৰা।
নাইবাঃ গোলকীকৰণ আৰু নিৱনুৱা সমস্যা বা কৰ্ম সংস্থাপনৰ সম্পর্ক কি আলোচনা কৰা।
নাইবাঃ সামাজিক পৰিবৰ্তনত গোলকীকৰণৰ প্ৰভাৱৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ গোলকীকৰণ প্ৰক্ৰিয়াই আমাৰ ভাৰতীয় নগৰিকৰ সমাজ জীৱনৰ সকলো দিশ চুই গৈছে। বৰ্তমান আমাৰ ভাৰতত সমাজ জীৱনত আটাইতকৈ প্ৰভাৱশালী সমস্যা হৈছে নিবনুৱা সমস্যা। সেই কাৰণে মই নিবনুৱা বা চাকৰিৰ ক্ষেত্ৰত গোলকীকৰণ প্রভাব কি তাক আলোচনা কৰিম।

READ MORE  ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি | Chapter 2 | Class 12 Sociology - AHSEC

নিৱনুৱা আৰু গোলকীকৰণ :- গোলকীকৰণৰ লগত নিৱনুৱা সমস্যা বা সংস্থাপন অতপ্রতোভাৱে জড়িত হৈ থকা দেখা যায়। গোলকীকৰণৰ যদিও বহুতো অন্যায়কাৰী দোষ আছে কিছুমান উপকাৰী গুণও আছে। গোলকীকৰণে নিৱনুৱা সমাজত জৰ্জৰিত বহুতো দেশক উদ্ধাৰ কৰা দেখা যায়। গোলকীকৰণৰ ফলত আমাৰ ভাৰতলৈ বহুতো বিদেশী বিনিয়োগকাৰীৰ আগমন হৈছে। এই পূজিপতিসকলে ভাৰতত বহুতো বৃহত্তম কল – কাৰখানা প্রতিষ্ঠা কৰি ভাৰতত অর্থনৈতিক উন্নয়নৰ পথ মুকলি কৰিছে। প্রযুক্তি আৰু কাৰীকৰি বিজ্ঞানে আজি ভাৰতৰ হাজাৰ হাজাৰ শিক্ষীত যুবক – যুবতীক বিভিন্ন চাকৰি বাকৰিত সংস্থাপন দিবলৈ সক্ষম হৈছে। কমপিউটাৰ, ইণ্টাৰনেট আদি কাৰীকৰি বিজ্ঞানৰ বিভিন্ন ইলেক্ট্রনিক মাধ্যমৰ বাবে। ভাৰতত বহুতো যুবক – যুবতীয়ে বিভিন্ন কাম কাযত নিয়োজিত হ’বলৈ সুবিধা পাইছে। গোলকীকৰণে কৃষিৰ ক্ষেত্ৰতো আধুনিক প্রযুক্তিবিদ্যাৰ যোগেদি কৃষি উৎপাদন যথেষ্ট বৃদ্ধি কৰিছে। গ্ৰাম্যাঞ্চলতো বর্তমান নিবনুৱাৰ সংখ্যা কমি আহিছে। বর্তমানে এই গোলকীকৰণৰ বাবেই মানুহৰ খাদ্যাভ্যাসৰ পৰিবৰ্তন হৈছে। হোটেল ৰেষ্টুৰেণ্টৰ সংখ্যা বাঢ়িছে, কম শিক্ষীত যুৱক – যুৱতী এনে কামত সংস্থাপন পাবলৈ সহজ হৈ পৰিছে। মুঠতে গোলকীকৰণৰ দ্বাৰা আমাৰ ভাৰতত কর্মসংস্থানৰ বাবে আমাৰ নিবনুৱা সমস্যাৰ কিছু পৰিমাণে হ’লেও লাঘৱ হৈছে বুলি কব পাৰি।

4. গোলকীকৰণ কি? বহুজাতিক কোম্পানীবোৰে প্ৰচলন কৰা ই কেৱল বজাৰ আঁচনি নেকি?
অথবাঃ ই সংস্কৃতিৰ প্ৰকৃত সংশ্লেষণ (synthesis) নেকি? আলোচনা কৰা।

উত্তৰঃ গোলকীকৰণ পদ্ধতিয়ে গোলকীয় স্থানীয়ৰ লগত মিশ্ৰিত কৰা কথাক বুজায়। ই সম্পূৰ্ণ ধাৰাবাহিকো নহয়। নাইবা ই সম্পূৰ্ণৰূপে গোলকীকৰণৰ বাণিজ্যিক স্বাৰ্থৰ পৰা সম্পূর্ণ বিচ্ছিন্নও নহয়। গোলকীকৰণ প্ৰকৃততে বহুজাতিক কোম্পানীবোৰে বলবৎ কৰা এক বজাৰ কৌশল বুলিয়ে ক’ব পাৰি।

(ক) গোলকীকৰণ শব্দটোৱে স্পষ্টকৈ উল্লেখ কৰিছে যে ইয়াৰ পৰিসৰ সীমিত এটা অঞ্চলৰ বা এলেকাৰ ভিতৰত।

(খ) গোলকীকৰণ সাধাৰণতে এক বজাৰ কৌশল, যিটো বহুৰাষ্ট্ৰীয় কোম্পানীবোৰে স্থানীয় বংশধৰ সকলৰ লগত বলবৎ কৰে।

(গ) যিটো আমি আমাৰ দেশত দেখিবলৈ পাইছো – সকলোবোৰ টেলিভিচন (দূৰদৰ্শণৰ) চেনেলে যেনে— Cartoon Network আদিয়ে ভাৰতীয় ভাষা ব্যৱহাৰ কৰে।

(ঘ) মেকডোনাল্ড কোম্পানীয়ে ভাৰতত কেৱল নিৰামিষ আৰু কুকুৰাৰ সামগ্রী বিক্ৰি কৰে কিন্তু তেওঁলোকৰ গোমাংস সামগ্রী বিক্ৰি নকৰে। আনহাতে নবত্ৰি উৎসৱত কোম্পানীটোৱে নিৰামিয় চলায়। এই কাৰ্যবোৰ বজাৰ কৌশলত বাহিৰে আন একো নহয়।

গোলকীকৰণৰ আৰু সাংস্কৃতিৰ মাজত অন্য এটা দিশ ক্রমান্বয়ে স্পষ্ট হৈ পৰিছে সেইটো হৈছে পৰম্পৰাগত থলুৱা শিল্প, কলা কৌশল, সাহিত্য সম্ভাৰ তথা স্থানীয় জ্ঞানভাণ্ডাৰৰ ওপৰত গোলকীকৰণৰ আওপকীয়া প্ৰভাৱ।

গোলকীকৰণৰ আগতেই বিদেশী শাসনে আমাৰ সমাজত পৰিবৰ্তন আনিছে। সেইবোৰেও আমাৰ পৰম্পৰাগত সংস্কৃতিত আৰু বৃত্তিত আঘাত হানিছিল। মুম্বাই বস্ত্ৰ কলৰ বহু শ্ৰমিকে কর্ম সংস্থান হেৰুৱাইছিল। বিদ্যুৎচালিত তাঁত শালৰ লগত ফেৰ মাৰিব নোৱাৰি চিৰচিল্লা আৰু মেডক গাঁওৰ বহুতো শিপিনীয়ে আত্মহত্যা কৰিছিল।

মুঠতে আওপকীয় ভাবে গোলকীকৰণে, বহু – ৰাষ্ট্ৰীয় কোম্পানীবোৰৰ দ্বাৰা পৰম্পৰাগত ভাবে যুগ যুগ ধৰি গঢ়ি তোলা, সংস্ক তি · প্ৰযুক্তি, থলুৱা জ্ঞান আদিৰ ওপৰত আওপকীয়া ভাবে হলেও আঘাত হানিছে। মুঠতে গোলকীকৰণে আমাৰ জীৱনত কিদৰে বিচিত্ৰ আৰু জটিল ৰূপত প্রভাব বিস্তাৰ কৰিছে সেয়া এই সংক্ষিপ্ত আলোচনাৰে সম্যকৰূপে দিয়াতো সম্ভব নহয়।

অতি চমু প্রশ্নোত্তৰ

1. ‘ASEAN’ ৰ সম্পূৰ্ণ নাম কি?
উত্তৰঃ ‘ASEAN’ সম্পূর্ণ নাম হ’ল— “The Association of South East Asian Nations’- দক্ষিণ পূৰ্ব–এছিয়াৰ ৰাষ্ট্ৰসমূহৰ সংস্থা।

2. দুটা বৈদেশিক চেনেলৰ নাম লিখা যি দুটাই ভাৰতত সম্প্ৰচাৰ চলায়।
উত্তৰঃ M.T.V. আৰু Star TV.

3. গোলকীকৰণৰ দুটা সামাজিক প্রভাব উল্লেখ কৰা।
উত্তৰঃ প্রভাব দুটা হ’ল—
১। পিন্ধন উৰণ আৰু সাজপাৰৰ ফেশ্বনৰ ওপৰত পৰা প্রভাব।
২। মানুহৰ খাওঁন – সাওনৰ খাদ্যাভ্যাসৰ পৰিবৰ্তন।

4. বিশ্ব বাণিজ্যিক সংস্থা (WTO) কি?
উত্তৰঃ বিশ্ব বাণিজ্যিক সংস্থা (World Trade Organisation) এটা আন্তর্জাতিক সংস্থা, যিটো ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰবোৰে ১৯৫৫ চনত প্ৰতিষ্ঠা কৰিছিল। এই সংস্থাই ইয়াৰ বিভিন্ন নীতি নিয়মৰ মাজেৰে আন্তৰাষ্ট্ৰীয় বাণিজ্য আৰু সেৱা নিয়ন্ত্ৰণ কৰে।

5. নিগম সংস্কৃতি কি?
উত্তৰঃ নিগম সংস্কৃতি হ’ল পৰিচালনা তত্ত্বৰ এটা শাখা। যিয়ে ইয়াৰ উৎপাদন আৰু প্ৰতিদ্বন্দীতা বৃদ্ধি কৰিব বিচাৰে উৎকৃষ্ট সাংগঠকিন সংস্কৃতিৰ মাজেৰে।

6. গোলকীকৰণ গাঁও বুলিলে কি বুজা?
উত্তৰঃ আজিকালি আন্তর্জাতিক কোম্পানীবোৰে পৃথিৱীৰ সকলো দেশতে কোম্পানী প্ৰতিষ্ঠা কৰিছে। তেওঁলোকৰ বাণিজ্যিক বিকাশ আৰু সম্পৰ্ক গঢ়ি তোলাৰ বাবে। গতিকে গোলকীকৰণে পৃথিৱীখনক এখন গাঁওৰ দৰে সৰু কৰি পেলাইছে। ইয়াক গোলকীকৰণ গাঁও বোলে।

READ MORE  ভাৰতীয় সমাজ | Chapter 1 | Class 12 Sociology - AHSEC

7. উদাৰীকৰণ কি?
উত্তৰঃ নিয়ন্ত্ৰীত অৰ্থনীতিৰ অপ্ৰয়োজনীয় বাধা – নিষেধবোৰ আতৰ কৰাকে উদাৰীকৰণ বোলে। উদ্যোগ আৰু বাণিজ্য চৰকাৰে কিছুমান বাধা – নিষেধ আৰোপ কৰে। এই বাধা নিষেধ আতোৰোৱাকে উদাৰীকৰণ বোলে।

8. কোন দুটা কাৰণত ভাৰত চৰকাৰে নতুন অর্থনৈতিক নীতি গ্ৰহণ কৰিবলৈ বাধ্য হৈছিল?
উত্তৰঃ কাৰণ দুটা হ’ল–
১। ভাৰতত উদ্যোগিক উৎপাদনৰ হাৰ হ্ৰাস হোৱা বাবে।
২। দূর্নীতি, অদক্ষতা, অকাৰ্যকৰী পৰিচালনা বিশেষকৈ ৰাজহুৱা খণ্ডৰ উদ্যোগত।

9. ৰাষ্ট্ৰজোৰা (Transnational) কোম্পানী মানে কি?
উত্তৰঃ ৰাষ্ট্ৰজোৰা কোম্পানী মানে যিবোৰ কোম্পানীয়ে এখনতকৈ বেছি দেশত সামগ্রী উৎপাদন কৰে আৰু বজাৰিকৰণ কৰে বা বেচা – কিনা কৰে তাকে ৰাষ্ট্ৰজোৰা কোম্পানী বোলে। এইবোৰ কিছুমান সৰু সুৰা কোম্পানী এওঁলোকৰ এটা বা দুটা ফেক্টোৰী থাকে। এইবোৰ কোম্পানীয়ে বিশ্বজোৰা বাণিজ্যও কৰে।

10. কোন বছৰৰ পৰা চৰকাৰে উদাৰীকৰণ নীতি আৰু গোলকীকৰণৰ নীতি গ্ৰহণ কৰিছিল?
উত্তৰঃ ১৯৯১ চনৰ পৰা।

11. গোলকীকৰণে অনা দুটা সুবিধা উল্লেখ কৰা।
উত্তৰঃ গোলকীকৰণৰ সুবিধা দুটা হ’ল—
১। যোগাযোগৰ দিশত যথেষ্ট সুবিধা লাভ কৰা হৈছে। যেনে- টেলিফোনৰ যথেষ্ট সুবিধা হৈছে। আৰু
২। বহুতো নতুন নতুন খাদ্যৰ আমদানি হৈছে। মানুহৰ খাদ্যভ্যাসৰ পৰিবৰ্তন হৈছে।

চমু প্রশ্নোত্তৰ

1. সাংগঠনিক সংস্কৃতি (Corporate Culture) কি?
উত্তৰঃ সাংগঠনিক সংস্কৃতি হ’ল প্ৰশাসনিক তত্ত্বৰ এটা বিভাগ, যিটোৱে উৎপাদন বৃদ্ধি আৰু প্ৰতিদ্বন্দ্বিতা বৃদ্ধি কৰি অনুষ্ঠানৰ এক অদ্বিতীয় সাংগঠনিক সংস্কৃতি সকলো সদস্যক দেখুৱাব বিচাৰে। অনুষ্ঠানৰ সকলো কর্মীয়ে দলবদ্ধ আনুগত্যতাৰে পৰস্পৰাগত ভাৱে নীতি নিয়ম পালনত ঐক্যবদ্ধ আনুগত্যতা প্রকাশ কৰে।

2. ভাবশূন্য (Weightless) অর্থনীতি মানে কি?
উত্তৰঃআগৰ যুগৰ ব্যতিক্ৰমত বিশ্ব অর্থনীতি কেৱল কৃষিভিত্তিক বা উদ্যোগ ভিত্তিক হৈ থকা নাই। বৰ্তমান ভাৰশূন্য অৰ্থনীতি (Weightless Economy) হ’ল এনে এক সামগ্ৰীৰ ওপৰত প্রতিষ্ঠিত যি কেৱল খা – খবৰৰ (information) ওপৰত ভিত্তি কৰি যেনে – কম্পিউটাৰ, চফটওয়েৰ, মাধ্যম আৰু আপ্যায়ন সামগ্ৰী আৰু ইনটাৰনেটৰ ওপৰতে নিৰ্ভৰশীল হৈ চলে। এনে অর্থনীতিকে, ভাৰশূন্য অর্থনীতি বোলে। ইয়াকে জ্ঞান অর্থনীতি বুলিও কোৱা হয়।

3. গোলকীকৰণৰ পদ্ধতি ব্যাখ্যা কৰা। নাইবাঃ পৃথিৱীখনক গোলকীকৰণে এখন গাওঁত পৰিণত কৰিছে ব্যাখ্যা কৰা।
উত্তৰঃ গোলকীকৰণ এনে এক পদ্ধতি যত এখন দেশৰ অৰ্থনীতি আন এখন দেশৰ অৰ্থনীতিৰ লগত সংলগ্নিত হয়। ই এইটোকে বুজায় যে ই হ’ল বিভিন্ন দেশৰ মাজত অবাধ গতিৰে হোৱা কিছুমান সামগ্ৰী, সেৱা, মূলধন আৰু শ্ৰমৰ বিনিময়, ইয়াকে গোলকীকৰণ বুলি জনা যায়। মুঠতে পৃথিৱীৰ দেশবোৰৰ মাজত বেপাৰ বাণিজ্যৰ মাজৰে হোৱা বিনিময় ব্যৱস্থা বা পদ্ধতিটোকে গোলকীকৰণ বোলে। ইয়াত খোলাখুলি আৰু মুক্তভাবে বিভিন্ন দেশৰ মাজত বাণিজ্যিক বিনিময় হয়। এইদৰে পৃথিৱীৰ অর্থনীতি ঐক্যবদ্ধতা হোৱাকে গোলকীকৰণ বুলি কোৱা হয়। গোলকীকৰণে পৃথিৱীখনক এখন গাঁৱত পৰিণত কৰিছে।

4. গোলকীকৰণৰ মূল নীতিবোৰ কি কি উল্লেখ কৰা।
উত্তৰঃ মূল নীতিবোৰ তলত উল্লেখ কৰা হ’ল—
১। গোলকীকৰণৰ প্ৰথম আৰু অতি প্ৰয়োজনীয় নীতি হ’ল বিশ্ববাণিজ্য। পৃথিৱীৰ দেশবোৰৰ মাজত বাণিজ্যিক ব্যবস্থা গঢ় দিয়া।

২। গোলকীকৰণে পৃথিৱীত এক নতুন অর্থনীতি প্রতিষ্ঠা কৰে।

৩। গোলকীকৰণে পৃথিৱীৰ বিভিন্ন দেশত নতুন নতুন বজাৰৰ সৃষ্টি কৰে।

৪। গোলকীকৰণে শ্রম বিভাজনত উৎসাহ প্ৰদান কৰে।

৫। গোলকীকৰণে পৃথিৱীৰ দেশবোৰত শ্ৰমিক প্ৰব্ৰজনৰ সৃষ্টি কৰে।

৬। এই ব্যৱস্থাই পৃথিৱীত এক বিশ্ব অর্থনীতিৰ সৃষ্টি কৰে।

5. উদাৰীকৰণ বুলিলে কি বুজা? নাইবাঃ উদাৰীকৰণ আৰু ভাৰতীয় অর্থনীতি সম্পর্কে এটি টোকা লিখা।
উত্তৰঃ উদাৰীকৰণ হ’ল নিয়ন্ত্ৰীত অৰ্থনীতিৰ ওপৰত থকা অপ্রয়োজনীয় বাধানিষেধবোৰ উঠাই দিয়া। যেতিয়া বাণিজ্য আৰু উদ্যোগৰ ওপৰত থকা অপ্রয়োজনীয় বাধা – নিষেধবোৰ উঠাই দিয়া হয়, তেতিয়া অর্থনীতি বেছি প্ৰতিদ্বন্দী আৰু প্ৰগতিশীল হয় বা মুক্ত হয় আৰু তাকে উদাৰীকৰণ বোলে। এইটো এনে এটা পদ্ধতি যত পৃথিৱীৰ বিভিন্ন দেশসমূহক এনেকুৱা কিছুমান সুবিধা দিব খোজা হয় য’ত তেওঁলোকে মুক্ত বাণিজ্যিক উন্নয়ন গঢ়ি তুলিব পাৰে। ইয়াৰ প্ৰধান উদ্দেশ্যবোৰৰ এটা হ’ল বেছি ভাল আন্তৰাষ্ট্ৰীয় অর্থনৈতিক সম্পর্ক গঢ়ি তোলাটো। এই নীতিয়ে অর্থনীতিয়ে কাম কৰিব পৰা ক্ষমতা বৃদ্ধি কৰে আৰু ব্যক্তিগত কোম্পানীবোৰে বেছি ভাল ফল দেখুৱাবলৈ সক্ষম হয়।

READ MORE  সংৰচনাত্মক পৰিৱৰ্তন | Chapter 8 | Class 12 Sociology - AHSEC

6. ৰাষ্ট্ৰজোৰা কোম্পানী (Transnational Corporations) মানে কি?
উত্তৰঃ গোলকীকৰণ পৰিচালনাৰ বহুতো অর্থনৈতিক উপাদানৰ ভিতৰত ট্ৰেন্সনেচনেল কৰ্পোৰেচনৰ ভূমিকা বিশেষভাৱে গুৰুত্বপূৰ্ণ। TNC (Transnational Corporation) হ’ল এটা কোম্পানী যিয়ে এখনতকৈ বেছি দেশত কিছুমান সামগ্রী বা সেৱা উৎপাদন কৰি বজাৰকৃত কৰে।

7. বিশ্ব বাণিজ্যিক সংস্থা কি?
উত্তৰঃ ১৯৯৫ চনৰ ১ জানুৱাৰীৰ দিনা বিশ্ব বাণিজ্যিক সংস্থা প্রতিষ্ঠা কৰা হৈছিল। ইয়াৰ প্ৰধান কাম হৈছে আন্তর্জাতিক বাণিজ্য। এই কাম আগতে কৰিছিল GATT (General Agreement on Tariffs and Trade) নামৰ সংস্থাটোৱে। ইয়াত মুঠতে ১২৮ খন সদস্য ৰাষ্ট্ৰ আছিল। ইয়াৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভা চহৰত।

8. বৈদ্যুতিক অৰ্থনীতিয়ে কিদৰে অৰ্থনৈতিক গোলকীকৰণক সহায় সমর্থন আগবঢ়ায়?
উত্তৰঃ বৈদ্যুতিক অর্থনীতি এটা প্রধান উপাদান যিটোৱে গোলকীকৰণ অর্থনীতি সহায় সহযোগ দিয়ে। বেংক, নিগম, নিধি পৰিচালক (Fund Manager), ব্যক্তিগত বিনিয়োগকাৰী আদিয়ে কেৱল মাত্র কম্পিউটাৰৰ মাউচ (mouse) টোত মাথোন টিপ (click) এটা মাৰিয়ে জমা ধন আন্তৰাষ্ট্ৰীয় ভাবে ইহাত – সিহাত কৰিব পাৰে। এনেকি পৃথিৱীৰ বিভিন্ন প্ৰান্তলৈ যোগাযোগ কৰি বাণিজ্যিক লেন – দেন কৰিব পাৰে। তথাপি এই তীব্ৰ গতিৰ বৈদ্যুতিক ধন দেনত কিছুমান বিপদ সংকেত নথকাও নহয়। ভাৰততো এইবোৰ আলোচনা কৰা হৈছে বিশেষকৈ চেয়াৰ (Share) বজাৰৰ দাম উঠা নমা কৰা প্ৰসংগত কাৰণ বৈদেশিক বিনিয়োগ কাৰীসকলে হুন্দি (Hundi) ষ্টক কিনে আৰু লাভ কৰি, আকৌ বিক্ৰী কৰি দিয়ে। এই ধৰণৰ তীব্ৰ গতিৰ আদান প্ৰদান সম্ভব হব পাৰিছে কেবল মাত্র যোগাযোগ বিপ্লৱৰ বাবেহে।

9. ভোগৰ সংস্কৃতি (Culture of Consumption) মানে কি?
উত্তৰঃ সংস্কৃতি বুলিলে আমি সাধাৰণতে সাজ – পোছাক, গীত মাত, নৃ ত্য খাদ্য – খোৱা বোৱা আদিকে বুজাওঁ। যি হওক সংস্কৃতি বুলিলে আমি গোটেই জীৱন ধাৰণ ব্যৱস্থাটোকে বুজাওঁ। সংস্কৃতিৰ দুই প্ৰকাৰ ব্যৱহাৰ আছে – এটা ভোগৰ সংস্কৃতি আৰু আনটো হ’ল সাংস্কৃতিক সমূহ বা গোট। আধুনিক যুগৰ গোলকীকৰণ পদ্ধতি প্রচলনত ভোগ সংস্কৃতিয়ে কেনে ভূমিকা পালন কৰিছে তাক নতুনকৈ বিকাশ লাভ কৰা নগৰ চহৰবোৰত দেখা যায়। ১৯৭০ দশকলৈ নগৰ – চহৰবোৰ বিকাশ ঘটিছিল।বৰ্তমান এই নগৰ – চহৰত ভোগ সংস্কৃতিয়ে কলা, কৃষ্টি, খাদ্য খানা, ফেচন, সাজপাৰ, গীত – মাত, পৰ্যটন আদিৰ পয়োভৰ দেখা যায়। গতিকে এনেধৰণৰ সংস্কৃতিকে ভোগ সংস্কৃতি বুলি কব পাৰি।

10. গোলকীয় অর্থনীতি স্পষ্ট বৈশিষ্ট্যবোৰ কি কি?
উত্তৰঃ গোলকীয় অৰ্থনীতিৰ স্পষ্ট বৈশিষ্ট্যবোৰ তলত উল্লেখ কৰা হ’ল—
১। গোলকীকৰণে সামাজিক আৰু অৰ্থনৈতিক সম্পর্কক একে লেঠাৰিয়ে গোটেই পৃথিবীতে জড়িত কৰি ৰাখে।

২। লেঠাৰি নিচিগা এই পদ্ধতিক কিছুমান অর্থনৈতিক নীতিয়ে ঠেলি দি থাকে।

৩। যদিও অর্থনৈতিক শক্তি গোলকীকৰণৰ এটা অবিচ্ছেদ্য অংগ তথাপি, এইটো কোৱা শুদ্ধ নহব যে তেওঁলোকে (অর্থনীতিয়ে) অকলে ইয়াক উৎপাদন কৰিছে।

৪। আন্তৰাষ্ট্ৰীয় মুদ্ৰাৰ সংস্থাবোৰৰ যেনে— IMF আৰু WTO আদিৰ যথেষ্ট বৰঙণি আছে। বৈদ্যুতিক অর্থনীতিয়েও অর্থনৈতিক গোলকীকৰণক সমর্থন জনাই আহিছে।

11. গোলকীকৰণৰ লগত নিয়োগৰ সম্পৰ্ক কি?
উত্তৰঃ গোলকীকৰণৰ লগত জড়ি হৈ থকা আন এটা প্ৰক্ৰিয়া হ’ল নিয়োগ ব্যৱস্থা। এই দুয়োটাৰে এটা সম্পৰ্ক আছে। গোলকীকৰণৰ ফলত কিছুমান অনিষ্টকাৰী ফলাফলহে দেখা যায় যদিও বহুতো ভাল ফলাফলে দেখা দিয়ে এই ক্ষেত্ৰত গোলকীকৰণে বিভিন্ন দিশত সংস্থাপনৰ ব্যৱস্থা সৃষ্টি কৰা দেখা যায়। নগৰীয়া মধ্যবিত্ত যুৱক- যুৱতী সকলৰ বাবে গোলকীকৰণ আৰু তথ্যপ্ৰযুক্তিৰ বিপ্লবে তেওঁলোকৰ জীৱনলৈ বৃত্তি লাভৰ নতুন পথ মুকলি কৰিছে। গোলকীকৰণৰ বাবেই আমাৰ উঠি অহা প্ৰজন্মই সাধাৰণ শিক্ষাৰ ডিগ্ৰীধাৰী হোৱাতকৈ নতুন তথ্যপ্রযুক্তি প্রশিক্ষণ লৈ গোলকীকৰণে প্রতিষ্ঠা কৰা কম্পিউটাৰ, ইণ্টাৰনেট অলেখ চাকৰি বাকৰি সংস্থাপন লাভ কৰিবলৈ সক্ষম হৈছে। শপিংমল, ৰেষ্টোৰেণ্ট হোটেল, মোবাইল ফোন কোম্পানী, B.PO (Business Process Outsourcing) বোৰত যথেষ্ট সংখ্যক সংস্থাপন ব্যৱস্থাৰ সৃষ্টি হোৱা দেখা যায়। গতিকে গোলকীকৰণ আৰু নিয়োগ ব্যৱস্থাৰ সম্পৰ্ক যথেষ্ট বেছি।

12. ভাৰতৰ অৰ্থনীতিত গোলকীকৰণৰ চাৰিটা প্রভাব উল্লেখ কৰা।
উত্তৰঃ ভাৰতীয় অৰ্থনীতিৰ ওপৰত গোলকীকৰণৰ প্ৰভাবসমূহ—
১। পৃথিৱীৰ ৰপ্তানী বজাৰত ভাৰতৰ ৰপ্তানীৰ পৰিমাণ বৃদ্ধি। ১৯৯০-২০০০ দশকত ভাৰতৰ ৰপ্তানীৰ পৰিমাণ ১২৫% বৃদ্ধি পাইছিল।

২। গোলকীকৰণৰ ফলত ভাৰতত বৈদেশিক প্রত্যক্ষ বিনিয়োগ যথেষ্ট বৃদ্ধি পাইছে। ২০০১ চনৰ পৰা বছৰী ৫০০ crores কৈ বৃদ্ধি পাই আছে।

৩। ঘৰুৱা সামগ্ৰীৰ মুঠ উৎপাদন বৃদ্ধি। ১৯৮০-৯০ ভি তৰত ৫.৬৩% পৰা ৫.৮০% বৃদ্ধি পাইছিল।

৪। নিবনুৱাৰ সংখ্যা বৃদ্ধি। ভাৰততো ক্ৰমান্বয়ে নিবনুৱা সংখ্যা ক্রমান্বয়ে বৃদ্ধি পাই আছে।

Leave a Comment

error: Content is protected !!
Scroll to Top