ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ | Chapter 12 | Class 12 Sociology - AHSEC

ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ | Chapter 12 | Class 12 Sociology – AHSEC

ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ | Chapter 12 | Class 12 Sociology Chapter 12 ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ | Class 12 Sociology Question and Answer | Assam Class 12 Sociology Solutions | AHSEC Class 12 HS Sociology Chapter 12 Notes | AHSEC Class 12 HS Sociology Chapter 12 Question and Answer | Questions and Answers for Class 12 Sociology Chapter 12 ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ | HS Sociology Questions and Answers Assam | HS 2nd Year ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ Sociology Question and Answer | Assam Board Class 12 Sociology Chapter 12 ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ


ঔদ্যোগিক সমাজৰ পৰিৱৰ্তন আৰু বিকাশ

দ্বিতীয় খণ্ড: পাঠ: ৫

অতি চমু প্রশ্নোত্তৰ

1. বহিঃউৎসৰ সেৱা (Outsourcing) মানে কি?
উত্তৰঃ বহিঃ উৎসৰ সেৱা মানে কোনো কাম নিজৰ কোম্পানীত বা ফেক্টৰীত নকৰি কম খৰচত বাহিৰত সৰু কোম্পানীৰ দ্বাৰা কৰিবলৈ দিয়া পদ্ধতিক বুজায়।

2. শ্রমিক সংগঠন (Trade Union) কি?
উত্তৰঃ শ্রমিক সংগঠন সংগঠিত খণ্ডৰ এটা বিশেষ বৈশিষ্ট্য। শ্রমিক স্বার্থ ৰক্ষাৰ্থে ইয়াক সংগঠিত কৰা হয়।

3. ‘তলাবন্ধ’ আৰু ধৰ্মঘটৰ মাজৰ পাৰ্থক্য নিৰূপণ কৰা।
উত্তৰঃ ধৰ্মঘটত কৰ্মচাৰীসকলে কৰ্মস্থলীলৈ নাযায়, কিন্তু তলা বন্ধত পৰিচালকসকলে (Management) কৰ্মস্থানৰ গেট বন্ধ কৰি কৰ্মচাৰীসকলক বাধা প্ৰদান কৰে।

4. কৰ্পৰেট সংস্কৃতিয়ে কি বুজায়?
উত্তৰঃ কৰ্পৰেট সংস্কৃতি হ’ল পৰিচালনা (Management) তত্ত্বৰ এটা শাখা যিটোৱে নিজৰ পামখন (firm) সকলো সদস্যকে জড়িত কৰি এটা অদ্বিতীয় সাংগঠনিক সংস্কৃতি সৃষ্টি কৰি উৎপাদন বৃদ্ধি আৰু প্ৰতিদ্বন্দ্বিতা গঢ়ি তুলিব পাৰে।

5. ক্ষুদ্র উদ্যোগবোৰক চৰকাৰে কিদৰে উৎসাহিত কৰিছে?
উত্তৰঃ ক্ষুদ্র উদ্যোগবোৰক চৰকাৰে সহায় – সহযোগিতা আগবঢ়াই উৎসাহিত কৰে। সৰু উদ্যোগবোৰত কেঁচামাল কিনাৰ বাবে গৰাকীক সাময়িকভাৱে স্বকালীন আৰু দীৰ্ঘকালীন ঋণ দিয়াৰ সুবিধা কৰি দিয়ে। ক্ষুদ্ৰ উদ্যোগসমূহক সৰু সৰু যন্ত্রপাতি বা কল কাৰখানাৰ মেচিন আদি কিনি ‘ চাবচিদি বা ৰেহাই মূল্যত কিনাৰ বাবে চৰকাৰী সাহায্য দিয়াৰ নীতি – নিয়ম আছে। এই উদ্যোগবোৰত উৎপাদিত সামগ্ৰী বজাৰত বিক্ৰীৰ বাবে বেচা – কিনা বজাৰৰ সুবিধা কৰি দিয়াৰো ব্যৱস্থা কৰে।

চমু প্রশ্নোত্তৰ

1. শ্ৰমিকৰ ওপৰত ঔদ্যোগীকৰণৰ নেতিবাচক প্রভাব কি?
উত্তৰঃ ঔদ্যোগিক সমাজত সাধাৰণতে নেতিবাচক প্ৰভাৱ পৰাটো স্বাভাৱিক কথা আছিল। বৃটিছৰ শাসন কালৰে পৰা ফেক্টৰি, উদ্যোগৰ শ্রমিক শোষণ কৰা হৈছিল। খুব কম মজুৰিত হাড় ভগা শ্রমদান কৰিবলগা হৈছিল। ঠিকাদাৰসকলেহে শ্ৰমিকক কামত খটুৱাইছিল। শ্ৰমিকসকল কোনো অঞ্চল বা ৰাজ্যৰ পৰা কোনো বিশেষ সম্প্ৰদায়ৰ পৰাহে আহিছিল। বৰ্তমান পৰিচালনা ব্যৱস্থা (Management) নাইবা ইউনিয়ন আদিয়েহে তেওঁলোকৰ নিজৰ দল বা সম্প্ৰদায়ৰ শ্ৰমিকক নিযুক্ত কৰে।

নির্মাণ কার্য বা ইটাভাটাৰ শ্ৰমিকসকলক ঠিকাদাৰসকলে কোনো ৰাজ্যৰ কোনো অঞ্চলত গাঁৱত গৈ কামৰ ধ্বৰ দি, কাম বিচৰাসকলক ধন ঋণ হিচাপে আগতীয়াকৈ পৰিবহণৰ বাবে অগ্রীম দিব লাগে। এই ঋণ শেষ নোহোৱালৈ চুক্তি হিচাপে কাম কৰিব লাগে। মুঠতে অগ্রীম হিচাপে দিয়া টকাৰ বাবে কাম কৰি শেষ কৰি দিব লাগে অর্থাৎ বন্ধা খাটিব লাগে। বহুতো ক্ষেত্ৰত শ্ৰমিকসকলৰ কাম কৰাৰ পৰিৱেশৰ প্ৰতি মালিকসকলে বেছি সুবিধা দিয়া দেখা নাযায় ৷

2. ভাৰতৰ স্বাধীনতাৰ প্ৰথম বছৰবোৰত ঔদ্যোগিকৰণৰ অৱস্থাৰ এটি আভাস দিয়া।
উত্তৰঃ ভাৰত স্বাধীন হোৱাৰ সময়ত ভাৰতৰ আধুনিক উদ্যোগ আছিল কপাহ, মৰাপাট, কয়লাখনি আৰু ৰেলগাড়ীৰ উদ্যোগ। সেই সময়ত প্ৰতিক্ষা, পৰিবহণ, যোগাযোগ, বিদ্যুৎশক্তি, খনিজ সম্পদৰ ব্যক্তিগত খণ্ডৰ। স্বাধীনতাব পাচতে মিশ্রিত অৰ্থনীতিৰ দ্বাৰা কেইটিমান উদ্যোগ কেন্দ্ৰীয় চৰকাৰৰ হাতত আৰু কিছুমান উদ্যোগ ব্যক্তিগত খণ্ডত ৰখা হৈছিল। চৰকাৰে উদ্যোগ প্ৰতিস্থাৰ বাবে অনুজ্ঞাপত্ৰ দিয়াৰ ব্যৱস্থা কৰিছিল। তেনে উদ্যোগবোৰ ভাৰতৰ সকলো ঠাইতে বিয়পি পৰিছিল।

স্বাধীনতাৰ পূৰ্বে উদ্যোগবোৰ সাধাৰণতে বন্দৰ নগৰীবোৰতহে প্ৰতিষ্ঠা কৰিছিল। যেনে— মাদ্রাজ, বোম্বাই, কলিকতা আদিত। অৱশ্যে পাচতদা, কইম্বাটোৰ, বাঙ্গালোৰ, পুনে, ফৰিদাবাদ, ৰাজকোট আদিতো প্রতিষ্ঠা হৈছে। পাছত চৰকাৰে ক্ষুদ্ৰ উদ্যোগৰ ক্ষেত্ৰতো কিছু উদ্যোগ লৈছিল আৰু উৎসাহ উদ্দীপনা যোগাইছিল। এই ক্ষেত্ৰত বনজ সামগ্ৰী, ষ্টেচনাৰীসামগ্ৰী, গ্লাছ, কেৰামিক আদি উৎপাদন কৰিছিল। অৱশ্যে ১৯৯১ চনৰ পৰা ২৪ শতাংশ কর্মশক্তি বৃহৎ উদ্যোগত আৰু ৭২ শতাংশ ক্ষুদ্র উদ্যোগত খটুৱা হৈছিল।

3. খনি শ্রমিকসকলে সন্মুখীন হোৱা বিপদ আৰু বিপদাশংকাবোৰ কি কি?
উত্তৰঃ মাটিৰ তলৰ বিভিন্ন খনিজ সম্পদৰ উদঘাটনৰ বাবে চৰকাৰে কাম – কাজ নিয়ন্ত্রণ বহুতো আইন – কানুন কৰিছে যদিও কয়লা খনিত কাম কৰা প্ৰায় ৫.৫ লাখ শ্রমিকে বৰ বিপদশংকুল অৱস্থাত বহু ঘণ্টা ধৰি মাটিৰ তলত কাম কৰিব লাগে। বহু ক্ষেত্ৰত খনিৰ ভিতৰত বহু ঘণ্টা ধৰি কাম কৰিবলগীয়া হয়। অনেক সময়ত সৰু কোম্পানীবোৰে খনি নীতি – নিয়ম অমান্য কৰি শ্ৰমিকৰ ন্যায্য দাবী পূৰণ নকৰে। উপকণ্টাক্টৰসকলে বহুতো ক্ষেত্ৰত আকস্মিক দুৰ্ঘটনাৰ ভাট্টা বা সহায়ক অনুদান দিবলৈ অস্বীকাৰ কৰে। খনি শ্রমিকসকলে ভূগৰ্ভৰ তলত সাংঘাটিক বিপদসংকুল অৱস্থাত কাম কৰিব লাগে। কেতিয়াবা বানপানী, ভূকম্পন, অগ্নিকাণ্ড, ওপৰৰ ভূঋলন, গেছ নির্গমন, ভেন্টিলেচন বিফল হোৱা, বহুতো শ্ৰমিকৰ মৃত্যু পর্যন্ত হোৱা দেখা যায়। মাটিৰ তলৰ শ্ৰমিকৰ উপৰি ওপৰত কাম কৰা শ্ৰমিকৰ বহুতো কষ্ট আৰু বিপদৰ আশংকা বহুত বেছি দেখা যায়। ভাৰতৰ খনি দুর্ঘটনা শতকৰা হিচাপ আন দেশৰ তুলনাত বেছি।

4. কি দৰে ঔদ্যোগীকৰণে সমাজত বেছি সমতা আনে?
উত্তৰঃ (১) ঔদ্যোগীকৰণ পদ্ধতিয়ে কোনো ধৰণে ৰেলগাড়ী, বাছগাড়ী নাইবা চাইবাৰ কাফে আদিত জাতি ভেদ পাৰ্থক্য গণ্য নকৰে, সকলোকে সমান বুলি গণ্য কৰে।

(২) নতুনকৈ গঢ় লৈ উঠা ফেক্টৰী নাইবা কৰ্মসংস্থানবোৰত সামাজিক সমতাবোৰ যথেষ্ট পৰিমাণে কমি আহিছে। জাত – পাত, উচ্চ – নীচ প্ৰকট হৈ উঠা দেখা নাযায় ৷

5. ‘গৃহ ভিত্তিক কর্ম’ (Home Based) অৰ্থনীতিৰ এক গুৰুত্বপূৰ্ণ অংশ। বিড়ি উদ্যোগৰ উদাহৰণ দি ব্যাখ্যা কৰা।
উত্তৰঃ অৰ্থনীতিৰ গুৰুত্বপূৰ্ণ অংশ হিচাপে গৃহভিত্তিক কৰ্মই লাখতকৈ বেছি উৎপাদক, ঘৰবোৰত দেখা যায় – যেনে,জাৰী, কাঠমিস্ত্রি, কুমাৰ, বিড়ি, ধুমপান আদি। উদাহৰণ স্বৰূপে – বিডি ফেক্টৰীৰ উল্লেখ কৰিব পাৰি ৷

(১) অৰণ্য প্ৰতিৱেশী গাঁওবোৰত বিড়ি ফেক্টৰী গঢ়লৈ উঠে। অৰণ্যৰ কাষৰ গাঁওবোৰৰ বাসিন্দাসকলে ‘ টেন্দুৰ ‘ (tendu) পাত (leaves) বুটলি আনি বন বিভাগক নাইবা ব্যক্তিগত ঠিকাদাৰসকলক বিক্ৰী কৰে ৷

(২) একোজন লোকে প্রতি দিনে ১০০ বান্দুল (৫০ পাতৰ) বুটলিব পাৰে। এই টেদ্ৰপাত চৰকাৰে বিড়ি ফেক্টৰীৰ মালিকক ডাকত বিক্ৰী কৰে।

(৩) ঠিকাদাৰসকলে গৃহভিত্তিক কর্মীসকলক ‘ টামাখা ‘ বা চাধা আৰু টেন্দুৰ পাত যোগান ধৰে কৰ্মীসকলে বিশেষকৈ মহিলা কৰ্মীসকলে বিড়িবোৰ ঘৰতে হাতেৰে পকায়। ঠিকাদাৰসকলে এই বিড়ি সংগ্ৰহ কৰি উৎপাদকসকলক বিক্ৰী কৰে। উৎপাদকসকলে বিড়িবোৰ পেকেট কৰি বাদুল কৰি নিজৰ লেবেল লগাই বজাৰত বিক্ৰী কৰি লাভবান হয়। বিতৰকসকলে বিভিন্ন বেপাৰীক বিক্ৰী কৰে।

6. গোলকীকৰণ আৰু ঔদ্যোগীকৰণৰ ফলত ভাৰতৰ উদ্যোগসমূহ’লৈ অহা পৰিবৰ্তনবোৰ কি কি?
উত্তৰঃ গোলকীকৰণ আৰু ঔদ্যোগীকৰণৰ ফলত ভাৰতৰ উদ্যোগসমূহ’লৈ অহা পৰিবৰ্তনবোৰ হ’ল—
(১) ভাৰত চৰকাৰে ১৯৯০ চনৰ পৰা উদাৰীকৰণ নীতি গ্ৰহণ কৰে। সেই কাৰণে ব্যক্তিগত খণ্ড কোম্পানীবোৰ আৰু বিদেশী অনুষ্ঠানবোৰক চৰকাৰৰ কাৰণে বিনিয়োগ কৰিবলৈ উৎসাহিত কৰিছিল।

(২) উদাৰীকৰণৰ কাৰণেই অধিগ্ৰহণ কৰা হয়। ইয়াৰ উপৰি বহুতো ভাবতীয় কোম্পানী বহুজাতিক কোম্পানীলৈ পৰিৱৰ্তন কৰা হৈছিল।

(৩) চৰকাৰে অধিবিনিয়োগ পদ্ধতিৰে চৰকাৰী খণ্ডৰ বহুতো বিত্ত অংশ (Share money) বিক্ৰী কৰাৰ চেষ্টা কৰে। তেনে কোম্পানীৰ শ্ৰমিকসকলে নিজৰ চাকৰিবোৰ হেৰুৱাৰ ভয়ত এনে কাৰ্যৰ বিৰোধিতা কৰে। প্ৰথম ৫ বছৰত মডার্ণ ফুড কোম্পানীয়ে ৬০ শতাংশ চাকৰি ব্যক্তিগতকৰণ কৰিছিল।

(৪) পৃথিৱীজোৰা উদাৰীকৰণ পদ্ধতিৰে বহুতো কোম্পানীয়ে ক্রমে বহুতো স্থায়ী চাকৰিয়ালক বাধ্যতামূলক অৱসৰ দি, বহিঃ উৎসৰ পৰা সেৱা কিনাৰ ব্যৱস্থা কৰে। ইয়াৰ ফলতে ডাঙৰ কোম্পানীবোৰত চাকৰিৰ নিৰাপত্তা কমিবলৈ ধৰে।

ৰচনাধৰ্মী প্রশ্নোত্তৰ

1. নগৰীকৰণত অৰিহণা যোগোৱা প্ৰধান উপাদানসমূহ কি কি আলোচনা কৰা। নাইবা ভাৰতীয় সমাজৰ পৰিৱৰ্তন প্ৰক্ৰিয়াত নগৰীকৰণৰ ভূমিকা আলোচনা কৰা ৷
উত্তৰঃ সামাজিক জীৱনত নগৰ – চহৰবোৰে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। সাধাৰণতে সামাজিক উন্নয়ন আৰু প্ৰগতিৰ মাপকাঠি হিচাপে ব্যৱহাৰ কৰা হয় নগৰ – চহৰৰ প্ৰগতিকহে সমাজ এখনত মানুহৰ সামাজিক আৰু সাংস্কৃতিক কাৰ্যাৱলীৰ কেন্দ্ৰ হ’ল নগৰবোৰ। নগৰ আৰু গাঁওৰ মাজৰ সীমাৰেখা নিৰ্ধাৰণ কৰা অতি কঠিন কাম যদিও জনসংখ্যাৰ ওপৰত নিৰ্ভৰ কৰিয়ে গাঁও আৰু নগৰক চিনাক্ত কৰা হয়। সাধাৰণতে ভাৰতত নগৰৰ নিম্নতম জনসংখ্যাৰ সীমা হ’ল দহ হাজাৰ। সভ্যতা বা সংস্কৃতিৰ তেনে কোনো স্পষ্ট সীমাৰেখা নাই। সাধাৰণতে কোনো এখন ঠাইত যথেষ্ট সংখ্যক জনসংখ্যাৰে উন্নত সামাজিক অবস্থা এটাৰ জনসমষ্টিকে নগৰ বুলি ক’ব পাৰি। প্ৰাচীন কালত নদী উপত্যকাবোৰত গঢ়ি উঠা সভ্যতাবোৰকে নগৰ – চহৰ আখ্যা দিয়া হৈছিল। গতিকে সভ্যতাকে নগৰ বা চহৰ বুলি ক’বও পাৰি। উদাহৰণস্বৰূপে মেছোপটেমিয়া, ইজিপ্ত, গ্রীক, সিন্ধু সভ্যতা আদি নগৰীকৰণৰে আন এটা ৰূপ। এই নগৰ চহৰবোৰ গঢ়ি উঠাৰ মূলতে আছিল কিছুমান উপাদানৰ অৰিহণা। এই উপাদানবোৰ তলত আলোচনা কৰা হ’ল–

READ MORE  প্রকল্প আঁচনিৰ বাবে পৰামৰ্শ | Chapter 7 | Class 12 Sociology - AHSEC

১। অতিৰিক্ত সম্পদৰাজি :- প্রাচীন কালত প্ৰাকৃতিক সম্পদৰাজি মানুহে উদ্ভাৱন কৰিব পৰা নাছিল। মানুহে প্ৰকৃতি ৰাজ্যতে বাস কৰি জীৱন নিৰ্বাহ কৰিছিল। মানুহৰ আৱশ্যকীয় বস্তু সীমিত আছিল। কিন্তু মানুহে যেতিয়া জুই, চকা, কৃষিৰ আৱিষ্কাৰ কৰি নানা আহিলা, যন্ত্রপাতি আৱিষ্কাৰ কৰিলে মানুহৰ আৱশ্যকীয় সম্পদ, অতিৰিক্তভাৱে বৃদ্ধি পাবলৈ ধৰে আৰু তাৰ ফলতে জনসংখ্যাৰ প্ৰব্ৰজন সেই ঠাইলৈ আৰম্ভ হৈনগৰ – চহৰ গঢ়ি উঠে।

২। অনুকূল ভৌগোলিক অৱস্থা :- আদিম মানৱ প্ৰাকৃতিক জীৱ। পৃথিৱীৰ যিবোৰ ঠাইৰ জলবায়ু মানুহৰ বাসোপযোগী, মাটি সাৰুৱা আৰু বেপাৰবাণিজ্য বা আদান – প্ৰদানৰ সুবিধাজনক তেনে ঠাইতে মানুহে একেলগে বাস কৰিবলৈ লৈছিল ফলত নগৰ – চহৰবোৰ গঢ়ি উঠিছিল। উদাহৰণস্বৰূপে এই কাৰণতে প্ৰাচীন নগৰ – চহৰবোৰ নদী উপত্যকাবোৰতহে গঢ়ি উঠিছিল।

৩। জনসংখ্যা বৃদ্ধি :- নগৰীকৰণৰ আন এটা উল্লেখযোগ্য উপাদান হ’ল জনসংখ্যা। যেতিয়ালৈকে কোনো এখন ঠাইৰ জনসংখ্যা সীমিত আৰু জীৱন নিৰ্বাহৰ বাবে বৃত্তি আদি সীমিত হৈ থাকে ই গাঁও হৈয়ে থাকে। কিন্তু জনসংখ্যা বৃদ্ধি হৈ সমস্যা বাঢ়ি অহাৰ লগে লগে মানুহে জীৱননিৰ্বাহৰ সংস্থান বাসস্থান বিচাৰি আন সুবিধাজনক ঠাইলৈ প্ৰত্ৰজিত হ’বলৈ আৰম্ভ কৰে। এই প্ৰব্ৰজনে নগৰ – চহৰৰ সৃষ্টি কৰে ৷

৪। উদ্যোগীকৰণ :- যেতিয়া মানুহে বৈজ্ঞানিক চিন্তা – চৰ্চাৰে নানা যন্ত্ৰপাতি আৱিষ্কাৰ আৰু উদ্ভাৱন কৰিবলৈ ধৰিলে তেতিয়াই আৰম্ভ হ’ল উদ্যোগীকৰণৰ। পৃথিৱীৰ বিভিন্ন দেশত মানুহে কম শ্ৰমেৰে, কম সময়তে অপর্যাপ্ত সামগ্রী উৎপাদন কৰাৰ উদ্দেশ্যে বৃহৎ উদ্যোগ প্রতিষ্ঠা কৰিবলৈ ধৰিলে। এইবোৰত যথেষ্ট সংখ্যক শ্রমিক প্রয়োজন হ’ল গাঁওৰ পৰা নগৰলৈ শ্ৰমিক প্ৰব্ৰজিত ফলত হ’বলৈ ধৰিলে। ঔদ্যোগিক স্থানলৈ কেঁচা সামগ্ৰী আনিবলৈ আৰু উৎপাদিত সামগ্রী নিবলৈ ৰাস্তা – ঘাটৰ প্ৰয়োজন হ’ল। এইদৰে গঢ়ি উঠিবলৈ ধৰিলে পৃথিৱীৰ বিশেষকৈ ইউৰোপৰ নানা ঠাইত নগৰ – চহৰবোৰ ৷

৫। বেপাৰ বাণিজ্য :- উদ্যোগীকৰণৰ আন এটা দিশ হ’ল বেপাৰ বাণিজ্যৰ প্ৰসাৰণ। উদ্যোগ প্ৰতিষ্ঠা হোৱা ঠাইবোৰৰ গুৰুত্ব বিভিন্ন প্ৰকাৰে বৃদ্ধি পাবলৈ ধৰে। উদ্যোগ প্রয়োজনীয় কেঁচা সামগ্ৰী আমদানি কৰিবলৈ আৰু উদ্যোগত উৎপাদিত সামগ্ৰী ৰপ্তানী কৰিবলৈ সেই ঠাইবোৰতে বাণিজ্যিক কেন্দ্র গঢ়ি, বিভিন্ন কামৰ বাবে শ্ৰমিকৰ আৱশ্যক হয়, মানুহে কৰ্মসংস্থান বিচাৰি সেই ঠাইলৈ প্ৰব্ৰজিত হ’বলৈ ধৰে, জনসংখ্যা বৃদ্ধি হয়। ইয়াৰে ফলত গঢ়ি উঠে নগৰ চহৰ

৬। যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ উন্নতি :- ৰাস্তা – ঘাট যান-বাহন নাথাকিলে মানুহে অহা – যোৱা বা বস্তু বাহানি অনা – নিয়া কৰা নানা অসুবিধা হয়। মানুহৰ প্ৰয়োজনৰ বাবে, উদ্যোগ আদি প্ৰতিষ্ঠাৰ লগে লগে, ৰাস্তা – ঘাট, যান – বাহনৰ উন্নতিয়ে মানুহ প্ৰব্ৰজীত হোৱা আৰু সামগ্ৰী আমদানি ৰপ্তানী কৰাত সুবিধা হয়। এই সুবিধাই নগৰ – চহৰবোৰ গঢ়ি উঠাত যথেষ্ট অৰিহণা যোগায়।

৭। আর্থিক আকর্ষণ :- কোনো এখন ঠাইৰ ঔদ্যোগিক উন্নয়নে বিভিন্ন ক্ষুদ্র উদ্যোগৰ সুবিধা বৃদ্ধি কৰাৰ লগতে বেপাৰ বাণিজ্যৰ নানা সা – সুবিধা সৃষ্টি কৰে, নানা প্ৰকাৰৰ কৰ্মসংস্থান সৃষ্টি কৰে, নিজা ববীয়াকৈ আত্মসংস্থানৰ সা – সুবিধা ওলায়, নগৰৰ লাহ – বিলাহৰ জীৱননিৰ্বাহ আদিয়ে গাঁও অঞ্চলৰ মানুহক, যি ঠাইত এইবোৰৰ অভাৱ সাধাৰণতে আকৰ্ষণ কৰে আৰু ইয়াৰ ফলতেই গাঁওবোৰৰ পৰা নগৰ – চহৰলৈ মানুহ প্ৰব্ৰজিত হৈ নগৰ – চহৰবোৰ সম্প্ৰসাৰিত কৰি মহানগৰত পৰিণত কৰে। নগৰবোৰক এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ উন্নত কৰায় ৷

৮। শিক্ষা – দীক্ষা কেন্দ্ৰস্থান :- নগৰৰ বৰ্ধিত জনসংখ্যাৰ বাবে বিভিন্ন স্কুল – কলেজ, বিশ্ববিদ্যালয়, নানা প্রশিক্ষণ কেন্দ্র কাৰিকৰী প্ৰযুক্তি বিদ্যাৰ কেন্দ্ৰ গঢ়ি উঠে। এইবোৰৰ শিক্ষা দীক্ষা লোৱাৰ বাবে নগৰীয়া লোকৰ উপৰি নগৰৰ বাহিৰৰ গাঁও অঞ্চলৰ লোক আহিবলগীয়া হয় আৰু স্থায়ীভাৱে থাকিবলৈ লয়। এইদৰেই নগৰ – চহৰবোৰ বৃদ্ধি পায় আৰু গঢ়ি উঠাত সহায়ক হয়। এইবোৰেই হ’ল নগৰ এখন গঢ়ি উঠাৰ প্ৰধান উপাদান।

2. ঔদ্যোগীকৰণ আৰু নগৰীকৰণে ভাৰতীয় সমাজত সৃষ্টি কৰা সামাজিক সমস্যাৱলী আলোচনা কৰা।
নাইবাঃ নগৰীকৰণ আৰু ঔদ্যোগীকৰণৰ মাজৰ সম্বন্ধ দেখুওৱা।

উত্তৰঃ ছাত্র-ছাত্রীয়ে নিজেই কৰা ৷

3. ঔদ্যোগীকৰণ প্ৰক্ৰিয়াই ভাৰতীয় সমাজত কেনে ধৰণৰ পৰিৱৰ্তন সাধন কৰিছে। উদাহৰণসহ আলোচনা কৰা।
উত্তৰঃ ভাৰতৰ পৰিয়াল পদ্ধতিৰ পৰিৱৰ্তনৰ প্ৰধান কাৰণসমূহৰ বিষয়ে আলোচনা কৰিবলৈ হ’লে আমি আধুনিক যুগত পাশ্চাত্য সভ্যতাৰ প্ৰভাৱত আৰম্ভ হোৱা পৰিৱৰ্তনৰ ওপৰতহে বেছি গুৰুত্ব আৰোপ কৰিব লাগিব। ইংৰাজসকল ভাৰতলৈ অহাৰ পাছৰে পৰা পশ্চিমীয়া শিক্ষা সংস্কৃতিয়ে আৰু ঔদ্যোগীকৰণে সামাজিক ব্যৱস্থাত বিশেষকৈ পৰিয়াল পদ্ধতিত আমূল পৰিৱৰ্তনৰ সূচনাকৰে। তলত কাৰণসমূহ আলোচনা কৰা হ’ল –

সামাজিক পৰিৱৰ্তন ঔদ্যোগীকৰণৰ প্ৰভাৱ :- ঔদ্যোগীকৰণ ব্যবস্থাই মধ্য যুগৰ সামাজিক স্থবিতা হাস কৰাত সহায় কৰে। উদ্যোগীকৰণ ব্যৱস্থাই বহুতো ব্যৱসায় বৃত্তিৰ সা – সুবিধা আনেন ৷ মানুহে এনে সুবিধা গ্ৰহণৰ বাবে নিজৰ ঠাই এৰি আন ঠাইলৈ যাব লগা হয়। ঔদ্যোগীকৰণৰ প্ৰভাৱ পৰিলক্ষিত হৈছে বিশেষকৈ তলত দিয়া পৰিৱৰ্তনবোৰৰ ক্ষেত্ৰত—

১। নতুন বৃত্তিৰ উদ্ভৱ :- ঔদ্যোগীকৰণৰ ফলত ভাৰতত বিভিন্ন বিভাগত অসংখ্য নতুন বৃত্তিৰ সৃষ্টি হয়। মানুহে জীৱিকা অৰ্জনৰ কাৰণে নিজ পৰিয়ালৰ পৰা আঁতৰি গৈ বেলেগ বৃত্তি লৈ জীৱন নিৰ্বাহ কৰিবলৈ আৰম্ভ কৰে। নগৰ – চহৰত মানুহে কম পৰিশ্ৰমত সহজে ধন ঘটাৰ বাবে নিজৰ পৰিয়াল বা গাঁও এৰি নগৰলৈ যাব লগা হয়। ইয়াৰ ফলত পৰিয়ালত পৰিৱৰ্তনে দেখা দিয়ে ৷

২। কুটীৰ – শিল্পৰ অৱনতি :- নতুন ঔদ্যোগবোৰত উৎপাদিত সামগ্ৰীৰ লগত গাঁৱলীয়া কুটীৰ – শিল্পৰ সামগ্ৰীয়ে ফেৰ মাৰিব নোৱাৰা হ’ল ফলত কুটীৰ – শিল্পৰ অৱনতি হ’বলৈ ধৰে। মানুহে
কুটীৰ – শিল্প এৰি বৃহৎ উদ্যোগবোৰত কাম – কাজৰ অনুসন্ধান কৰিবলৈ ধৰে।

৩। নগৰীয়া বাতাবৰণ :- উদ্যোগ কেন্দ্ৰবিলাক গঢ়ি উঠাৰ লগে লগে সেই ঠাইবোৰত নগৰবো সৃষ্টি হ’বলৈ আৰম্ভ কৰে। নগৰ – চহৰবোৰত জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট বাঢ়িবলৈ ধৰে। নগৰ – – শিক্ষা – দীক্ষা আদিৰ সা – সুবিধা বৃদ্ধি হ’বলৈ ধৰে। নগৰৰ আধুনিক সা – সুবিধাই গাওৰ শিক্ষিত মানুহক আকৰ্ষণ কৰিবলৈ ধৰে। গাঁওৰ পৰা নগৰলৈ এটা প্ৰব্ৰজনৰ সোঁত ব’বলৈ ধৰে ৷

৪। নগদ ধনৰ প্ৰচলন :- ঔদ্যোগীকৰণৰ লগে লগে শ্ৰমিকৰ মজুৰি নগদ ধনেৰে দিয়াৰ নিয়ম প্ৰচলন হ’ল। নগদ টকাৰে কাৰ্য্যৰ পৰিমাণ স্থিৰ কৰাৰ নিয়ম প্রচলন হ’ল। ফলত ব্যক্তিবাদী চিন্তাধাৰাই গা কৰি উঠাত যুটীয়া পৰিয়ালৰ ৰক্ষণশীল বান্ধোনত সংঘাতে দেখা দিলে। যুটীয়া আয় – ব্যয়ৰ কথা এৰি মানুহে ব্যক্তিগত চিন্তা কৰিবলৈ ল’লে ৷

৫। বাসস্থানৰ সমস্যা :- ব্যৱসায়, চাকৰি, শিক্ষা আদিৰ সুবিধা গ্ৰহণৰ বাবে নগৰত বাস কৰিবলগীয়া হোৱাত নগৰবোৰত বাসস্থানৰ সমস্যাই দেখা দিয়ে। গতিকে পৰিয়ালবোৰ সৰু সৰু হ’বলৈ ধৰে আৰু যুটীয়া পৰিয়াল লোপ পাবলৈ আৰম্ভ কৰে।

৬। নাৰীৰ কৰ্মসংস্থানৰ ব্যৱস্থা :- ঔদ্যোগীকৰণে কেৱল পুৰুষকেই যে সুবিধা প্রদান। কৰিছে তেনে নহয়, শিক্ষিত নাৰীসকলকো পুৰুষৰ সমানেই কৰ্মসংস্থানৰ সা – সুবিধা আগবঢ়াইছে। নাৰীয়ে পুৰুষৰ সমানে ধন উপাৰ্জন কৰিব পৰা হোৱাত পুৰুষৰ ওপৰত থকা নিৰ্ভৰশীলতা লাহে লাহে হ্ৰাস পাবলৈ ধৰে। নাৰীৰ সমান অধিকাৰ আৰু মৰ্য্যাদাৰ দাবীয়ে সংৰক্ষণশীল পৰিয়ালৰ ভেটি ল’ৰাই দিয়ে। নাৰীৰ স্বাধীনতা আৰু মুক্তিৰ হাবিয়াসে পৰিয়ালৰ এটা আমূল পৰিৱৰ্তন আনে ৷

৭। যাতায়তৰ উন্নতি :- ব্ৰিটিছ শাসনৰ শেষ ফালে আৰু ভাৰতৰ স্বাধীনতাৰ পাছৰ পৰা যাতায়ত আৰু পৰিবহণৰ লগত যোগাযোগ ব্যৱস্থাৰ যথেষ্ট পৰিৱৰ্তন হয়। এইবোৰে বাণিজ্য ব্যৱসায়ৰ পৰিসৰ বৃদ্ধিৰ লগতে মানুহে এঠাইৰ পৰা আন ঠাইলৈ যোৱাত যথেষ্ট সুবিধা হয়।

৮। পৰিয়ালৰ কাম – কাজৰ পৰিৱৰ্তন :- কৃষিজীৱী পৰিয়ালত সামূহিক বা সন্মিলিত শ্ৰমৰ আৱশ্যক। পুৰুষ – মহিলাৰ মাজত শ্রম বিভাজন আছিল। কিন্তু ঔদ্যোগীকৰণে পাৰি বাৰিক কাম কাজৰ মৌলিক পৰিৱৰ্তা ঘটোৱাত, পৰিয়ালত সন্মিলিত শ্ৰম :
আৱশ্যক নোহোৱা হ’ল।

৯। ধৰ্ম আৰু ব্যক্তি যোগ্যতাৰ ওপৰত গুৰুত্ব :- ঔদ্যোগিক সমাজত ধন – সম্পদৰ মাধ্যমতহে সামাজিক প্রস্থিতি, মর্যাদা প্রতিষ্ঠা আদি নিৰ্ণয় কৰা হ’বলৈ ধৰে। এই সমাজত সম্পদ আহৰণৰ বাবে ব্যক্তিগত যোগ্যতাৰ একান্ত প্রয়োজন হ’বলৈ ধৰে। ৰক্ষণশীল যুটীয়া পৰিয়ালৰ বান্ধোনত মানুহে ব্যক্তিগত যোগ্যতাৰ উন্নতি সাধন কৰিব নোৱাৰা হ’ল। গতিকে মানুহে সেই বান্ধোন ভাঙি দিবলৈ ধৰে ৷

১০। জনসংখ্যা বৃদ্ধি আৰু আৰ্থিক ব্যৱস্থা :- যুটীয়া পৰিয়ালত জনসংখ্যা বৃদ্ধি পাবলৈ ধৰাত সীমিত আয় বা পৰিসৰত সীমিত পৰিমাণৰ মাটিয়ে পৰিয়ালবোৰক আৰ্থিক নাটনিৰ সন্মুখীন কৰে ফলত অচল হৈ পৰে। এই পৰিয়ালবোৰ যুটীয়া পৰিয়ালবোৰ বোজা স্বৰূপ নিবনুৱা ডেকা – গাভৰু সকল আত্মনিৰ্ভৰশীল হৈ ওলাই আহিবলৈ ধৰে ৷

১১। আধুনিক শিক্ষা :- আধুনিক শিক্ষাই প্ৰসাৰতা লাভ কৰাৰ লগে লগে মানুহৰ মনত ব্যক্তিবাদ, সমতা, স্বতন্ত্রতা আদি চিন্তাধাৰাই গা কৰি উঠে। বিশেষকৈ ইংৰাজী শিক্ষা আৰু পশ্চিমীয়া সংস্কৃতিয়ে সমগ্ৰ ভাৰতীয় সমাজ ব্যৱস্থাত এটা আমূল পৰিৱৰ্তনৰ সূচনা কৰে। শিক্ষাই মানুহৰ সংকীৰ্ণতা আঁতৰাই উদাৰ দৃষ্টিভংগীৰ সৃষ্টি কৰে। শিক্ষাই মানুহৰ সহনশীলতা, বুজাপৰা, যুক্তি আৰু শুদ্ধভাৱে চিন্তা কৰাৰ পথ প্ৰশস্ত কৰে। শিক্ষাই মানুহৰ মানসিক উৎকৰ্ষতা বৃদ্ধি কৰে। গতিকে শিক্ষা আধুনিকীকৰণৰ এক গুৰুত্বপূৰ্ণ কাৰক। আগৰ যুটীয়া পৰিয়ালৰ পৰিৱৰ্তে একক পৰিয়ালৰ প্ৰতি ভাৰতীয়সকল বেছি আকৰ্ষিত হয়। ব্যক্তিগত পৰিয়ালত যিমান স্বাধীনতা স্বতন্ত্ৰতা আৰু আন সা – সুবিধা পাব পাৰি যুটীয়া পৰিয়ালত তেনে সা – সুবিধা পোৱাকৈ সম্ভৱ নহয়।

READ MORE  সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান | Chapter 6 | Class 12 Sociology - AHSEC

১২। আইনৰ প্ৰভাৱ :- স্বাধীনোত্তৰ কালৰ বিবাহ আৰু উত্তৰাধিকাৰ সম্পৰ্কীয় আইনবোৰৰ প্ৰভাৱ বিশেষ তাৎপৰ্যপূৰ্ণ। আন্তর্জাতিক বিবাহ অনুমোদনৰ ফলত ৰক্ষণশীলতাৰ কেন্দ্ৰস্বৰূপ যুটীয়া পৰিয়ালৰ বান্ধোন সোলক – ঢোলক হৈ পৰিছে। নাৰীক পুৰুষৰ সমানে সম্পত্তিৰ অধিকাৰ দিয়াত নাৰীয়ে পুৰুষৰ সমানে সমানে ফেৰ মাৰিব পৰা হ’ল। বিবাহক আগতে যিদৰে ধৰ্মীয় সংস্কাৰ বুলি ধৰা হৈছিল, বিবাহ সম্পৰ্কীয় নতুন আইনে সেই ধাৰণাৰ সলনি কৰিছে। ওপৰত আলোচনা কৰা বিভিন্ন কাৰণত সামগ্ৰিকভাৱে পৰিয়াল সংৰচনা পদ্ধতিৰ সঘন পৰিৱৰ্তন পৰিলক্ষিত হৈছে। অৱশ্যে এই পৰিৱৰ্তসমূহৰ নানা – সুফলৰ লগতে অনেক কুফলো নোহোৱা নহয় ৷

4. নগৰীকৰণ মানে কি বুজা? ভাৰতবৰ্ষত নগৰীকৰণ প্ৰক্ৰিয়াৰ বিষয়ে এটি বিৱৰণ দিয়া।
নাইবাঃ নগৰীকৰণ প্ৰক্ৰিয়াৰ বিষয়ে এটি টোকা লিখা।
নাইবাঃ স্বাধীন ভাৰতত নৰীকৰণৰ বিষয়ে বৰ্ণনা কৰা।

উত্তৰঃ ১। পৰিচয় :- সকলো সমাজতে নগৰীকৰণৰ দিশত এটা গতি প্ৰচলিত হৈ আহিছে। মানুহ গাঁওৰ পৰা নগৰলৈ প্ৰব্ৰজন কৰে আৰু স্থায়ীভাবে বসবাস কৰিবলৈ লয়। কিছুমান সমাজত নগৰীকৰণৰ গতি খৰতকীয়া আৰু আন কিছুমানত ইয়াৰ গতি লেহেম। বিশেষভাৱে ক’বলৈ হ’লে পাশ্চাত্য দেশবোৰত কাৰিকৰী উন্নয়ন বেছি হোৱা বাবে তুলনামূলকভাৱে নগৰীকৰণৰ গতি অতি খৰ আৰু প্ৰাচ্যৰ দেশসমূহত কাৰিকৰী উন্নয়ন কয়, হোৱা বাবে নগৰীকৰণৰ গতি লেহেম ৷

২। নগৰীকৰণ কি :- নগৰীকৰণ এনে এক সামাজিক প্ৰক্ৰিয়া যাৰ লগত সমাজখনৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক দিশৰ সম্পর্ক আছে। নগৰীকৰণ হ’ল নগৰ এখনত প্ৰব্ৰজনৰ বাবে জনসংখ্যা একত্রিত হোৱাৰ আৰু এই জনসংখ্যাৰ পৰিসৰ আৰু ঘনত্ব ক্ৰমে বৃদ্ধি হোৱাৰ এটা প্ৰক্ৰিয়া। মিটচেলৰ মতে, নগৰ গঠনৰ প্ৰক্ৰিয়া . নগৰলৈ গতিশীলতা কৃষি ক্ষেত্ৰৰ পৰা নগৰৰ বিভিন্ন ক্ষেত্ৰলৈ ৰূপান্তৰ আৰু আচাৰ ব্যৱহাৰৰ পৰিৱৰ্তনে হৈছে নগৰীকৰণ ৷

নগৰীণৰ ক্ষেত্ৰত জনসংখ্যা এটা উল্লেখযোগ্য বৈশিষ্ট্য কাৰণ জনসংখ্যাৰ বসতিৰ ঘনত্ব বৃত্তি, সামাজিক জীৱনধাৰণ প্ৰণালী আদিক ভিত্তি কৰিহে একোটা অঞ্চলক নগৰ বা গাঁও, বুলি চিনাক্ত কৰা হয়। ভাৰতত নগৰ এখনৰ জনসংখ্যা কমেও দহ হাজাৰ হ’ব লাগে। সেয়েহে ভাৰতীয় দৃষ্টিভঙ্গীৰে জাতি ব্যৱস্থাৰ শ্ৰেণী ব্যৱস্থালৈ ৰূপান্তৰ, যৌথ পৰিয়ালৰ পৰা একক পৰিয়াললৈ ৰূপান্তৰ, কৃষি ভিত্তিক বৃত্তিৰ পৰা বিভিন্ন ঔদ্যোগিক বৃত্তিলৈ ৰূপান্তৰ আৰু গ্ৰামাঞ্চলৰ পৰা নগৰীয়া অঞ্চললৈ জনসাধাৰণৰ প্ৰব্ৰজন, পৰম্পৰাগত আচাৰ – ব্যৱহাৰৰ পৰিৱৰ্তন আদিৰ সামগ্রিক প্রক্রিয়াকে মুঠতে নগৰীকৰণ বুলি ক’ব পাৰি ৷

৩। ভাৰতৰ নগৰীকৰণ :- ভাৰত এখন গ্রাম্য প্রধান দেশ হ’লেও নগৰীকৰণৰ ক্ষেত্ৰত অতি পিছ পৰা দেশ নহয়। সিন্ধু সভ্যতাৰ যুগৰে পৰা আৰম্ভ কৰি মোগল যুগলৈ বিভিন্ন নগৰ চহৰৰ ইতিহাস পোৱা যায়। বৃটিছ যুগৰ আৰম্ভণিৰে পৰা ভাৰতৰ নগৰীকৰণৰ প্রক্রিয়া তুলনামূলকভাৱে বৃদ্ধি পাই আহিছে। ইংৰাজৰ শাসনে ভাৰতত পাশ্চাত্য শিক্ষাৰ প্ৰসাৰণ, উদ্যোগীকৰণ নানা ব্যবসায় বাণিজ্য, পৰিবহণ, যোগাযোগ আদিৰ উন্নতি সাধন কৰে। ইংৰাজ শাসনে প্ৰৱৰ্তন কৰা এই উন্নয়নৰ ফলতে ভাৰতত নগৰীকৰণ গতি তুলনামূলকভাৱে বৃদ্ধি পায়, ভাৰতত জনসংখ্যা বৃদ্ধি আৰু নগৰীকৰণৰ গতি অধ্যয়ন কৰিলে দেখা যায়—
(১) ১৯ শতিকাৰ পৰা নগৰত বাসক জনসংখ্যাৰ পৰিমাণ ক্ৰমে বৃদ্ধি পাইছে আভ্যন্তৰীণ জনসংখ্যাৰ বৃদ্ধি আৰু প্ৰব্ৰজনৰ বাবে।

(২) ১৯ শতিকাৰ তুলনাত কুৰি শতিকাত নগৰীকৰণ প্ৰক্ৰিয়াৰ গতি খৰতকীয়া হৈছে ৷

(৩) নগৰ আৰু মহানগৰবোৰৰ জনসংখ্যা ভাৰতৰ সকলো ঠাইতে ক্রমে বৃদ্ধি পাই আহিছে। নগৰবোৰত নগৰীকৰণৰ গতি উর্ধমুখী।

(৪) গ্ৰামাঞ্চল আৰু নগৰীয়া অঞ্চলৰ এনে কিছুমান অন্তর্নিহিত কাৰণ আছে। যিবোৰৰ বাবে নগৰীকৰণৰ গতি খৰতকীয়া হৈছে। নগৰ অঞ্চলত এইবোৰ হ’ল—
(ক) কর্মসংস্থান।
(খ) শিক্ষা – দীক্ষা।
(গ) পৌৰ সা – সুবিধা।
(ঘ) স্বাস্থ্যৰক্ষাৰ ব্যৱস্থা।
(ঙ) সামাজিক কল্যাণৰ ব্যৱস্থা।
(চ) যাতায়াত আৰু যোগাযোগৰ ব্যৱস্থা আদিয়ে গ্ৰামাঞ্চলৰ লোকক নগৰ অঞ্চললৈ আকৰ্ষণ। কৰে। আনহাতে গ্রামাঞ্চলত উক্ত সা – সুবিধাবোৰৰ অভাৱৰ উপৰি –
(১) প্রাকৃতিক দুর্যোগ।
(২) আওপুৰণি কৃষি ব্যবস্থা।
(৩) লেহেম আধুনিকীকৰণৰ গতি।
(৪) ৰাস্তা – ঘাটৰ দুৰৱস্থা।
(৫) গাওবোৰত জনসংখ্যা বৃদ্ধিৰ বাবে উৎকট নিবনুৱা সমস্যাৰ সৃষ্টি আদিৰ বাবে গ্ৰামাঞ্চলৰ পৰা মানুহনগৰ অঞ্চললৈ আহিবলৈ বাধ্য হয়।

স্বাধীন ভাৰতত নগৰীকৰণ প্ৰক্ৰিয়াৰ গতি যথেষ্ট দ্রুতগামী হৈছে। ভাৰত চৰকাৰে বিভিন্ন দিশত বিশেষকৈ উদ্যোগীকৰণ, যাতায়াত, যোগাযোগ পৰিবহণ ব্যৱস্থা, শিক্ষা সম্প্ৰসাৰণৰ ব্যৱস্থা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি সাধনৰ দ্বাৰা পুৰণা নগৰ – চহৰৰ সম্প্ৰসাৰণ আৰু নতুন নগৰ – চহৰৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে ৷

বিভিন্ন দিশৰ উদ্যোগীকৰণে যথেষ্ট সংখ্যক কৰ্মসংস্থানৰ ব্যৱস্থা কৰিছে। এই কৰ্মসংস্থানবোৰৰ বাবে যথেষ্ট সংখ্যক লোক গাঁও অঞ্চলৰ পৰা নগৰ অঞ্চললৈ প্ৰব্ৰজিত হৈছে। সেইদৰে যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ উন্নতিয়ে গাঁও আৰু নগৰ – চহৰৰ মাজৰ যোগাযোগ ব্যৱস্থাৰ যথেষ্ট উন্নতি সাধন কৰি, গাঁওৰ পৰা নগৰলৈ অহা – যোৱা সুবিধাজনক কৰি তুলিছে। নগৰবোৰত বিভিন্ন শিক্ষানুষ্ঠান গঢ়ি উঠাৰ বাবে, সকলো ঠাইৰ পৰা বিশেষকৈ গাঁওবোৰৰ পৰা ছাত্র – ছাত্রী পঢ়িবলৈ আহি নগৰৰ জনসংখ্যা বৃদ্ধি কৰে। নগৰীকৰণৰ ফলত সমাজত আন কিছুমান প্রতিক্রিয়াই দেখা দিছে।

(১) নগৰীকৰণৰ ফলতে একেখন পৰিয়ালৰ লোকৰ মাজত থকা পৰম্পৰাগত সমতাৰ পাৰ্থক্য সৃষ্টি হৈছে। নগৰত বাস কৰা সকলৰ জীৱন নিৰ্বাহৰ মানদণ্ড গাঁওত বাস কৰা সকলৰ পৰা সম্পূর্ণ বেলেগ হৈছে।

(২) নগৰৰ বৰ্ধিত জনসংখ্যাৰ হেঁচাত – নগৰত, বাসস্থানৰ নাটনি যানবাহনত ভীৰ, পৌৰ সা – সুবিধাৰ নাটনি, উপকণ্ঠ অঞ্চলত লেতেৰা বস্তিৰ সৃষ্টি অপৰাধী, অসামাজিক কাৰ্যৰ বৃদ্ধি আদি গঢ়ি উঠা দেখা যায়।

জনসংখ্যা বৃদ্ধিৰ হেঁচাত ডাঙৰ নগৰ – চহৰত, বিশেষকৈ মহানগৰবোৰ উন্নয়ন নিগমৰ জৰিয়তে নানা উন্নয়ন আঁচনি কৰি কিছুমান সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰা হৈছে।

5. নগৰবোৰত জনসংখ্যা বৃদ্ধি পোৱাৰ কাৰণবোৰ কি কি আলোচনা কৰা ৷
উত্তৰঃ ছাত্র-ছাত্রীয়ে নিজেই কৰিবা।

6. নগৰীয়া সমাজৰ সাধাৰণ চৰিত্ৰবোৰ কি কি? ভাৰতৰ নগৰীকৰণৰ প্ৰক্ৰিয়া সম্বন্ধে এটি চমু আলোচনা আগবঢ়োৱা।
নাইবাঃ নগৰীকৰণৰ পৰা কি কি সমস্যা উদ্ভৱ হয়?

উত্তৰঃ আমাৰ সামাজিক জীৱনত নগৰবোৰে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে। ই আমাৰ সামাজিক আৰু সাংস্কৃতিক কাৰ্যাৱলীৰ কেন্দ্ৰ। নগৰ এখন জীৱন আৰু সমাজ গাঁওৰ সমাজ আৰু জীৱনৰ পৰা সম্পূৰ্ণ পৃথক। নগৰৰ কিছুমান নিজৰ বৈশিষ্ট্য আছে।

১। নগৰীয়া সমাজ প্রাথমিক সমূহনহয় :- নগৰৰ জনসমষ্টিত প্রাথমিকসমূহৰ কোনো চৰিত্ৰ নাথাকে। ইয়াৰ জনসমষ্টিৰ মাজত আত্মীয়তা, বন্ধুত্ব, চুবুৰীয়া ভাবৰ, সহানুভূতিৰ বান্ধোন নাই। পৰস্পৰৰ মাজৰ যোগাযোগ নাই। ইয়াৰ মানুহৰ মাজত দল, খেল চাত আদি নাথাকে। নগৰীয়া সম্প্রদায় এক নাম বিহীন সম্প্রদায়। ইয়াৰ পৰিয়ালবোৰ আনৰ ওপৰত নিৰ্ভৰশীল নহয়।

২। সামাজিক জটিলতা :- নগৰীয়া সমাজৰ সামাজিক সংৰচনা অতি জটিল আৰু সমস্যা বহুল। নগৰৰ আন্তক্ৰিয়া পদ্ধতিত অসংখ্য জনতাৰ অংশগ্রহণ, বিভিন্ন প্ৰকাৰৰ বৃত্তি, বিভিন্ন সংস্কৃতিৰ সংমিশ্ৰণৰ সমাৱেশে এই জটিলতাৰ সৃষ্টি কৰিছে।

৩। বাসস্থানৰ নাটনি :- নগৰীয়া সমাজৰ আন এটা বিশেষ বৈশিষ্ট্য হ’ল বাসস্থানৰ অভাৱ, গাওৰ তুলনাত নগৰৰ বাসস্থানৰ সমস্যা বৰ প্ৰকট হোৱা দেখা যায়। ঘৰ – ভাড়াৰ সমস্যা আৰু ভাড়াৰ পৰিমাণ অতি বেছি হোৱা দেখা যায়। সাধাৰণ শ্ৰেণীৰ মানুহৰ বাসস্থানৰ সমস্যা অতি জটিল। দৰিদ্ৰ সীমাৰেখাৰ তলৰ হাজাৰ হাজাৰ লোকে ডাঙৰ নগৰ – চহৰত পদপথতে জীবন কটাবলগীয়া হয়।

৪। সামাজিক সহনশীলতা :- নগৰীয়া সমাজত ব্যক্তিসকলে পৰস্পৰে পৰস্পৰক নাজানে। সেইবাবে সমিল মিল জীৱন – যাপনৰ বাবে এই সহনশীলতা অতি আৱশ্যক। যিহেতু নগৰীয়া লোকৰ মাজত মুক্ত যোগাযোগ আৰু ব্যক্তিগত মিলামিচা নাথাকে
সহনশীলতা থকাটো স্বাভাৱিক। সেইবাবেই সকলো ক্ষেত্ৰতে এক সহনশীল সামাজিক পৰিৱেশ এটা গঢ়ি উঠে।

৫। শ্রেণীব্যবস্থা অত্যন্ত ভাল – বেয়াৰ সংমিশ্ৰণ :- নগৰীয়া সমাজৰ শ্ৰেণীব্যৱস্থা অতিশয় ভাল আৰু বেয়াৰ এক সংমিশ্ৰণ ৷ নগৰত অতি ধনী মানুহ যেনে কম পৰিমাণৰ থাকে ঠিক তেনেদৰে অতি দুখীয়া মানুহৰ সংখ্যা অতি বেছি, সেইদৰে শিক্ষিত – অশিক্ষিতৰো, সৎ – অসৎ, সৰল স্বভাৱৰ আৰু ধূৰ্ত প্ৰকৃতিৰ মানুহ থাকে। মুঠতে অত্যন্ত ভাল – বেয়া প্ৰকৃতিৰ লোক নগৰত থাকে।

৬। সামাজিক গতিশীলতা :- নগৰীয়া সমাজত সামাজিক গতিশীলতা দ্রুতগামী হয়। নগৰৰ লোকৰ মাজত শ্রমবিভাজন, প্রতিযোগিতা, প্রতিদ্বন্দ্বিতা অতি বেছি। নগৰৰ মানুহে ব্যক্তিগত প্ৰচেষ্টাৰে নিজৰ প্ৰস্থিতি উন্নত কৰে নগৰত অসমতা অতি বেছি, আনহাতে সামাজিক স্তৰীকৰণৰ জাতিপ্ৰথাৰ কঠোৰতা অতি কম।

৭। সামাজিক বিভিন্নতা :- নগৰীয়া সমাজত সামাজিক বিভিন্নতা থাকে। নগৰীয়া লোকৰ মাজত বিভিন্ন ঠাইৰ বিভিন্ন জাতি – উপজাতি, ভাষা – ভাষী, ধৰ্ম সংস্কৃতিৰ লোক একেলগে বসবাস কৰে। এই লোকসকলৰ মাজত তেজৰ সম্পৰ্ক বা ব্যক্তিগত সম্পর্ক নাই।

৮। স্বেচ্ছাসেৱক সন্থা :- নগৰীয়া সমাজত এজন ব্যক্তিৰ গাইগুটিয়া সামাজিক মূল্য বৰ কম। সেইবাবে কোনো কামৰ বাবে প্রত্যেকে কোনো স্বেচ্ছাসেৱক সন্থাৰ জৰিয়তেহে নিজক প্রতিনিধিত্ব কৰে। সেইবাবে নগৰত স্বেচ্ছাসেৱক অনুষ্ঠানবোৰৰ গুৰুত্ব অতি বেছি।

৯। দ্রুতগামী জীৱন :- নগৰীয়া সমাজৰ জীৱন অতি দ্রুতগামী থমকি ৰবৰ সময় নাই। মেচিন আৰু মানুহৰ কোনো পার্থক্য নাই। নগৰৰ মানুহে বিভিন্ন কামত অংশগ্ৰহণ কৰে। দিনে ৰাতিয়ে কাম কৰে। জিৰণীৰ আহৰি নাই। প্ৰতিজন ব্যক্তি এফালে গ্রাহক আনহাতে উৎপাদক নগৰীয়া জীৱন অতি ব্যস্ত জীবন।

READ MORE  সামাজিক সংস্থা হিচাপে বজাৰ | Chapter 4 | Class 12 Sociology - AHSEC

১০। ব্যক্তিবাদী জীৱন :- নগৰৰ মানুহ ব্যক্তিবাদী। প্রত্যেকে নিজৰ কথাহে চিন্তা কৰে আনৰ কথা চিন্তা কৰিবলৈ আহৰি নাই। প্রত্যেক ব্যক্তিয়ে প্রতিটো কামতে প্রতিযোগিতাৰ সন্মুখীন হ’ব লাগে। প্রত্যেক ব্যক্তিয়ে সকলো সিদ্ধান্ত নিজেই লয়।

১১। একক পৰিয়াল পদ্ধতি :- নগৰীয়া সমাজত পৰিয়াল ব্যৱস্থা একক পৰিয়ালৰ। পতি পত্নী আৰু নিজৰ ল’ৰা – ছোৱালীক লৈয়ে একোটা পৰিয়াল গঠিত হয়। অৱশ্যে ভাৰতত খুব কম সংখ্যক সংযুক্ত পৰিয়ালো দেখা যায়।

১২। শিক্ষাৰ মানদণ্ড :- নগৰীয়া সমাজ তুলনামূলকভাবে গ্ৰাম্য সমাজতকৈ বেছি শিক্ষিত। নগৰীয়া মানুহে শিক্ষাৰ সকলো সুবিধা পায়।শিক্ষাৰ মানদণ্ড গাঁৱলীয়া সমাজতকৈ সকলো ক্ষেত্ৰতে বেছি দেখা যায়।

১৩। নাৰী – পুৰুষ প্ৰস্থিতি :- নগৰত নাৰী – পুৰুষৰ প্ৰস্থিতি সমান। নগৰত নাৰীৰ প্ৰস্থিতি যথেষ্ট উন্নত হোৱা দেখা যায় ৷ নগৰৰ নাৰী গাঁওৰ নাৰীৰ তুলনাত যথেষ্ট মুক্ত আৰু পুৰুষৰ সমানে অধিকাৰ উপভোগ কৰে ৷

১৪। ধৰ্মৰ প্ৰভাৱ :- নগৰীয়া সমাজত ধৰ্মৰ প্ৰভাৱ গাঁওৰ তুলনাত যথেষ্ট কম দেখা যায়। গাওৰ মানুহ ধৰ্মভীৰু পুজা – পাতল, নাম– প্রসঙ্গ নিয়মীয়াকৈ কৰাৰ উপৰি ধৰ্মীয় নিয়ম মানি চলে কিন্তু নগৰত ধৰ্মৰ প্ৰভাৱ বৰ কম। ধৰ্মীয় নীতি – নিয়ম পালন কমকৈ কৰে ৷

১৫। গণমাধ্যমৰ প্ৰভাৱ :- নগৰীয়া সমাজৰ মানুহ গাঁওৰ মানুহৰ তুলনাত খা – খবৰৰ প্ৰতি যথেষ্ট বেছি সজাগ – সচেতন। নগৰৰ মানুহে নিয়মীয়াকৈ ৰেডিঅ’, টেলিভিশন, বাতৰি কাকত, আলোচনী, চিনেমা আৰু বিভিন্ন যোগাযোগ মাধ্যমৰ জৰিয়তে পৃথিৱীৰ সকলো দেশৰ খা খবৰ সহজে পাব পাৰে। এইবোৰেই হ’ল নগৰীয়া সমাজৰ প্ৰধান বৈশিষ্ট্য।

7. ঔদ্যোগীকৰণ বুলিলে কি বুজা? সমাজত দেখা দিয়া ঔদ্যোগীকৰণৰ ফলাফলৰ এটি বিৱৰণ দিয়া।
উত্তৰঃ ঔদ্যোগীকৰণ কি? :- ১৮ শতিকাৰ মাজ ভাগৰ পৰা পৃথিৱীৰ সকলো প্রগতিবাদী সমাজৰে বিশেষভাৱে ইপ্সিত লক্ষ্য আৰু উদ্দেশ্য হ’ল— ঔদ্যোগীকৰণ। ক্ৰমে বর্ধিত সমাজখনৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে আওপুৰণি পৰম্পৰাগত উৎপাদন ব্যৱস্থা অপাৰগ হোৱাৰ পিছত মানুহৰ বৈজ্ঞানিক চিন্তা – চৰ্চাৰ ফলত নানা যন্ত্রপাতি, কলা – কৌশলৰ আৱিষ্কাৰ হয়। ইউৰোপত হোৱা এলানি আৱিষ্কাৰে ইংলণ্ডত শিল্প বিপ্লৱৰ সৃষ্টি কৰে। এই বিপ্লৱে আৱিষ্কাৰ কৰা নতুন নতুন যন্ত্রপাতি, বাষ্পচালিত ইঞ্জিন আদি উৎপাদন ব্যৱস্থাত ব্যৱহাৰ কৰি সমাজত এক আমূল পৰিৱৰ্তনৰ সূচনা কৰে। উৎপাদন ব্যৱস্থাত মানুহৰ কায়িক বা শাৰীৰিক শ্ৰমৰ পৰিবৰ্তে যন্ত্রপাতি, নানা ইঞ্জিন – মেচিন আদিৰ ব্যৱহাৰ কৰা প্রক্রিয়াটোকে ঔদ্যোগীকৰণ বুলি ক’ব পাৰি ৷

আধুনিক যুগত বর্ধিত জংসংখ্যাৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে পৃথিৱীৰ সকলো দেশেই উৎপাদন ব্যৱস্থাৰ এক আমূল পৰিৱৰ্তন সাধন কৰি উৎপাদন বৃদ্ধি কৰা উদ্দেশ্যে বৃহৎ উদ্যোগ স্থাপন কৰি নানা যন্ত্রপাতি · ইঞ্জিন কল – কাৰখানা স্থাপন কৰি অপৰ্যাপ্ত পৰিমাণে বিভিন্ন সামগ্ৰীৰ উৎপাদন কৰিবলৈ সক্ষম হয়। এইদৰে উদ্যোগৰ জৰিয়তে উৎপাদন ব্যৱস্থাৰ আমূল পৰিৱৰ্তন অনা প্রক্রিয়াটোকে ঔদ্যোগীকৰণ বোলে।

ঔদ্যোগীকৰণৰ ফলত বিভিন্ন সামগ্ৰীৰ উৎপাদন ব্যৱস্থা আমূল পৰিৱৰ্তন দেখা দিলে— বস্ত্র উদ্যোগ, যাতায়ত – পৰিবহণ ব্যবস্থা, বাস্তা – ঘাটৰ উন্নতি · কৃষি কাৰ্যৰ উন্নতি আদি নানা দিশত প্ৰভাৱ পেলাবলৈ সক্ষম হয় ৷

পৃথিৱীৰ সকলো দেশতে ঔদ্যোগীকৰণৰ প্ৰভাৱে এক আমূল পৰিবৰ্তন আনিবলৈ সক্ষম হয়। ঔদ্যোগীকৰণৰ ফলত সকলো দেশেই প্রাকৃতিক সম্পদৰাজিউদ্ভাৱন কৰি বিভিন্ন অত্যাধুনিক সামগ্রী উৎপাদন কৰিবলৈ সক্ষম হয়।

ঔদ্যোগীকৰণৰ আৰু নগৰীকৰণৰ ফলাফল বা প্ৰভাৱ :-
(ক) সুফলবোৰঃ
১।ঔদ্যোগীকৰণ বিকাশৰ লগে লগে আৰ্থিক জীৱনৰ কেন্দ্ৰ গ্ৰামাঞ্চলৰ পৰা নগৰ অঞ্চললৈ স্থানান্তৰিত হয়। ঔদ্যোগীকৰণে নগৰীকৰণ সৃষ্টি কৰে ফলত নতুন নতুন নগৰ্ব – চহৰ সৃষ্টি হ’বলৈ ধৰিলে। হাজাৰ হাজাৰ লোকৰ গাঁওৰ পৰা নগৰলৈ কৰ্মসংস্থানৰ বাবে প্ৰব্ৰজন হ’বলৈ আৰম্ভ কৰে।

২। বৃহৎ ঔদ্যোগিক দেশবোত উদ্যোগৰ পৰা লাভ কৰা আৱৰ পৰিমাণ, কৃষিৰ পৰা হোৱা আয়তকৈ বহু গুণে বেছি হৈছিল। ফলত সেইবোৰ দেশ জাতীয় আয় যথেষ্ট বৃদ্ধি পাইছিল।

৩। বৃহৎ ঔদ্যোগবোৰলৈ কেঁচা সামগ্ৰী আমদানি আৰু উৎপাদিত সামগ্ৰী ৰপ্তানি কৰাৰ বাবে যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ যথেষ্ট উন্নতি হয়। ৰাস্তা – ঘাটৰ যথেষ্ট উন্নতি সাধন হয়। ইয়াৰ ফলত যোগাযোগ ব্যৱস্থা উন্নত হয় ৷

৪। ঔদ্যোগীকৰণৰ ফলত নগৰ – চহৰবোৰত বৃদ্ধি পোৱা জনসংখ্যাই আন কিছুমান সমস্যাৰ সৃষ্টি কৰিছিল। জনসংখ্যা বৃদ্ধিয়ে নগৰবোৰত বাসস্থানৰ সমস্যা, স্বাস্থ্য ৰক্ষাৰ সমস্যা, পবিষ্কাৰ পৰিচ্ছন্নত্যৰ সমস্যাই দেখা দিয়ে। গাওৰ পৰা নগৰলৈ যোৱা মানুহৰ অৱস্থা অতি শোচনীয় হ’বলৈ আৰম্ভ কৰে। জীৱন – ধাৰণৰ মানদণ্ড অতি নিম্ন স্তৰৰ হয়। নগৰত ঔদ্যোগবোৰৰ পৰা অহা ধোৱা – ছাই আদিয়ে বায়ুমণ্ডলত প্ৰদূষণৰ সৃষ্টি কৰে ৷

৫। ঔদ্যোগীকৰণে সমাজখনক দুটা শ্ৰেণীত ভাগ কৰে। উৎপাদনৰ আহিলাবোৰ মালিকসকল আৰু আনহাতে উদ্যোগবোৰত কাম কৰা শ্ৰমিকসকল অৰ্থাৎ পুঁজিপতি আৰু শ্রমিক। ইয়াৰ ফলতে ঔদ্যোগিক সমাজত শ্রেণী – সংগ্রাম সৃষ্টি হয় – কাৰণ উদ্যোগপতিসকলে সদায় মুনাফা বৃদ্ধিৰ চেষ্টা কৰে আৰু আনহাতে শ্ৰমিকে সদায়া মজুরি বৃদ্ধিৰ বাবে চেষ্টা কৰে ৷ ফলত এই দুই বিপৰীত স্বাৰ্থ সংঘৰ্ষ হৈ শ্ৰেণীসংগ্ৰাম আৰম্ভ হয়।

৬। ঔদ্যোগীকৰণৰ ফলত বৃহৎ উদ্যোগবোৰত অপর্যাপ্ত সামগ্ৰী উৎপাদিত হয়। এই উৎপাদিত বস্তু বিক্ৰীৰ বাবে ঔদ্যোগিক দেশৰ বাৱে পৃথিৱীৰ আন আন দেশত বজাৰ বিচাৰি উপনিবেশ স্থাপন কৰি নানা বেপাৰ – বাণিজ্য সম্প্ৰসাৰণ কৰিবলৈ আৰম্ভ কৰে ৷ ইয়াৰ ফলতে উপনিবেশবাদৰ সৃষ্টি হয় লগতে বাণিজ্যিক উন্নতি হয়। এই উপনিবেশ বাদেই ক্রমে সাম্ৰাজ্য বাদলৈ ৰূপান্তৰিত হয়।

৭। ঔদ্যোগীকৰণৰ ফলত জনসংখ্যা বৃদ্ধি পাবলৈ আৰম্ভ কৰে ৷ কিন্তু ঔদ্যোগীকৰণৰ উচ্চ পর্যায় পোৱা দেশবোৰত জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ ক্ৰমে কমি জনসংখ্যা বৃদ্ধিৰ হাৰ এটা স্থিৰ পৰ্যায়লৈ আহে। ইয়াৰ ফলত দেশত জনমূৰি আয় বৃদ্ধি পাবলৈ আৰম্ভ কৰে লগে লগে সামগ্ৰীৰ চাহিদাও বৃদ্ধি পায় আৰু ক্ৰমে জনসাধাৰণৰ জীৱন নিৰ্বাহৰ মানদণ্ড উন্নত হয়।

৮। উদ্যোগীকৰণে ক্ৰমে আধুনিক শিক্ষা – দীক্ষা, কাৰিকৰী প্ৰশিক্ষণ আৰু প্ৰযুক্তিবিদ্যাৰ সুবিধা প্ৰদানৰ দ্বাৰা শ্ৰমিকসকলৰ দক্ষতা বৃদ্ধি কৰে।

৯। ঔদ্যোগীকৰণে ঔদ্যোগিক সংগঠনৰো পৰিৱৰ্তন আনে ৷ ক্ৰমে উদ্যোগ প্ৰতিষ্ঠানৰ কার্যাবলী বৃদ্ধি হোৱাৰ ফলত এজনীয়া মালিকী ব্যৱস্থাৰ পৰিৱৰ্তে সংযুক্ত মালিকী ব্যৱস্থাৰ প্ৰবৰ্তন হ’বলৈ ধৰে ফলত কোম্পানী, সংযুক্ত কোম্পানীৰ সৃষ্টি হয়।

১০। ঔদ্যোগীকৰণে পৃথিৱীৰ দেশবোৰক দুটা ভাগত ভাগ কৰিছে—
(ক) ঔদ্যোগিক আৰু
(খ) অনুদ্যোগিক।

ঔদ্যোগিক দেশবোৰে বৃহৎ উদ্যোগবোৰত কেৱল উৎপাদন কৰে। অনুদ্যোগিক দেশবোৰে ঔদ্যোগিক দেশবোৰক কেঁচা সামগ্ৰীৰ যোগান ধৰাৰ উপৰি উৎপাদিত সামগ্ৰীৰ বজাৰ হিচাপেও কাম কৰে।

১১। ঔদ্যোগীকৰণে শ্রমিককলৰ মাজত ঐক্যবদ্ধতাৰ ভাব সৃষ্টি কৰে। শ্ৰমিকসকলে নিজৰ অধিকাৰ সাব্যস্ত আৰু আদায় কৰাৰ বাবে শ্রমিক সংগঠনবোৰ গঢ়ি তোলে। ইয়াৰ ফলত সৃষ্টি হয় সমাজবাদী ভাৱধাৰাৰ

১২। ঔদ্যোগীকৰণ আৰু নগৰীকৰণৰ ফলত সমাজত নিবনুৱা সমস্যাৰ সৃষ্টি হয়। মানুহৰ কায়িক শ্ৰমৰ ঠাইত যন্ত্রপাতি কল – কাৰখানাত উৎপাদন হোৱা ব্যৱস্থাই মানুহৰ শাৰীৰিক শ্ৰমৰ আৱশ্যকতা কমাই আনে। বহু – মানুহৰ শ্ৰমৰ পৰিৱৰ্তে এটা মেচিন বা ইঞ্জিন আৰু যন্ত্রপাতি ব্যৱহাৰ কৰিয়ে উৎপাদন কার্য চলাব পৰা হ’ল, ফলত মানুহৰ শ্ৰমৰ আৱশ্যকতা কমি আহে ৷ এই ব্যবস্থাই ঔদ্যোগিক দেশবোৰত উৎকট নিবনুৱা সমস্যাৰ সৃষ্টি কৰে ৷

(ক) কু – ফলবোৰ :-
১।ঔদ্যোগীকৰণে জনসংখ্যা বৃদ্ধি কৰি বিপুল জনসমাগমৰ পৰিৱেশ সৃষ্টি কৰাৰ ফলত নগৰীয়া অঞ্চলত বাসস্থানৰ অভাৱ গঢ়ি তোলে। খুউব কম ঠাইতে ঘন – ঘনকৈ বসবাস কৰিব লগা হয় সাধাৰণ মানুহ নগৰত বাসস্থানহীন হৈ পৰে। নগৰৰ চাৰিওফালে বস্তি ক্ষেত্ৰ গঢ়লৈ উঠে। এক অপৰিষ্কাৰ, লেতেৰা পৰিৱেশ গঢ়ি উঠে আৰু অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি হয়। বৃহৎ নগৰ-চহৰবোৰত অসংখ্য লোক পদ পথতে ৰাতি কটোৱা। এটা সাধাৰণ ব্যবস্থা গঢ়ি উঠে।

২। ঔদ্যোগীকৰণৰ ফলতে বৃহৎ উদ্যোগবোৰৰ ধোঁৱা – ছাই আৰু পৰিত্যক্ত নানা ৰাসায়নিক বস্তুই নগৰৰ জলবায়ু বিষাক্ত কৰি তোলে। এই ধোৱা আৰু ৰাসায়নিক বস্তুই নানা বেমাৰ – আজাৰৰ সৃষ্টি কৰে। যানবাহনৰ ধোঁৱা – ধূলি, শব্দ আদিয়ে নগৰৰ পৰিৱেশ কদৰ্য কৰি তোলে।

৩। ঔদ্যোগীকৰণে সমাজখনক দুটা বিৰোধী শ্ৰেণীত বিভক্ত কৰি তোলে। উদ্যোগবোৰৰ মালিক শ্ৰেণী আৰু উদ্যোগবোৰত কাম কৰা শ্রমিক শ্ৰেণী। এই দুয়োটা শ্ৰেণীৰ স্বাৰ্থ বিপৰীতমুখী। মালিকসকলে সদায় তেওঁলোকৰ মুনাফা বৃদ্ধিৰ বাবে চেষ্টা কৰে আনহাতে শ্রমিকবোৰে সদায় তেওঁলোকৰ মজুৰি বৃদ্ধিৰ চেষ্টা কৰে। ইয়াৰ ফলত দুয়োটা শ্ৰেণীৰ সংঘৰ্ষত দুটা শ্ৰেণী সংগ্রামে গঢ় লৈ উঠে।

৪। ঔদ্যেগীকৰণে সমাজত মানুহক কর্মব্যস্ত কৰি তোলে। প্ৰায়বোৰ মানুহ একোটা যন্ত্ৰত পৰিণত হ’বলৈ আৰম্ভ কৰে। কাম আৰু স্বাৰ্থৰ বাহিৰে আন একো চিন্তা নকৰে। আত্মকেন্দ্ৰিক হৈ সমূহীয়া কামত অনিহা আহে। আন মানুহৰ লগত সম্পর্কহীনতা গঢ়ি উঠে। পৰম্পৰ মাজত সম্পৰ্ক নাইকিয়া হয়। ওচৰ-চুবুৰীয়াৰ লগত সম্পৰ্ক নাথাকে। নিজৰ পৰিয়ালকলৈয়ে ব্যস্ত থাকে।

এইদৰে ঔদ্যোগীকৰণে পৃথিৱীৰ প্ৰায়বোৰ দেশবে সামাজিক আৰু আৰ্থিক দিশত এক আমূল পৰিৱৰ্তন আনি দিছে। এই পৰিৱৰ্তনৰ ফলত ওপৰত উল্লেখ কৰা নানা সুফল আৰু কুফল দেখা দিছে।

Leave a Comment

error: Content is protected !!
Scroll to Top