সামাজিক সংস্থা হিচাপে বজাৰ | Chapter 4 | Class 12 Sociology Chapter 4 সামাজিক সংস্থা হিচাপে বজাৰ | Class 12 Sociology Question and Answer | Assam Class 12 Sociology Solutions | AHSEC Class 12 HS Sociology Chapter 4 Notes | AHSEC Class 12 HS Sociology Chapter 4 Question and Answer | Questions and Answers for Class 12 Sociology Chapter 4 সামাজিক সংস্থা হিচাপে বজাৰ | HS Sociology Questions and Answers Assam | HS 2nd Year সামাজিক সংস্থা হিচাপে বজাৰ Sociology Question and Answer | Assam Board Class 12 Sociology Chapter 4 সামাজিক সংস্থা হিচাপে বজাৰ
সামাজিক সংস্থা হিচাপে বজাৰ
প্রথম খণ্ড পাঠ: ৪
অতি চমু প্রশ্নোত্তৰ
1. যজমানী পদ্ধতি মানে কি?
উত্তৰঃ জজমানী পদ্ধতি গ্ৰামাঞ্চলত প্ৰচলিত পদ্ধতি . যি পদ্ধতিৰে নেকি বিভিন্ন জাতিৰ লোকে উচ্চ শ্ৰেণীৰ লোকক সেৱা আগবঢ়ায়। তেওঁলোকৰ সেৱাৰ পৰিবৰ্তে, উচ্চ শ্ৰেণীৰ লোকে সেৱাৰ বিনিময়ত কৃষিৰ উৎপাদিত সামগ্রী বা তেনে বস্তু প্ৰদান কৰে।
2. মুক্ত বজাৰ (Free Market) মানে কি?
উত্তৰঃ অর্থনীতিবিদ এডাম স্মিথে মুক্ত বজাৰ নীতিৰ ভাবধাৰাক সমর্থন কৰে। যি বজাৰ, সকলো বাধা – নিষেধ নীতিৰ পৰা, ৰাষ্ট্ৰ বা আন কোনো কৰ্তৃপক্ষৰ পৰা সম্পূৰ্ণ মুক্ত থাকে তাকে মুক্ত বজাৰ নীতি বোলে। যি বজাৰত বাধা – নিষেধ থাকে তেনে বজাৰত কোনো বাণিজ্যিক প্ৰভাৱ নাথাকে।
3. বিনিময় (Exchange) বুলিলে কি বুজা?
উত্তৰঃ সাধাৰণভাৱে ক’বলৈ গলে বিনিময় হ’ল দুটা পক্ষৰ মাজত কোনো সামগ্ৰী বা সেৱাৰ ক্লেন – দেন হোৱাকে বিনিময় বোলে। অর্থনীতিত বিনিময় হ’ল বৈধ, বিকল্প আৰু পৰস্পৰ মাজত হোৱা টকা – পইচা আৰু সামগ্ৰীৰ লেন দেন ৷
4. সামগ্ৰী কৰণ (Commoditisation) মানে কি?
উত্তৰঃ সামগ্ৰীকৰণ ঘটে, যেতিয়া কোনো সামগ্ৰী আগেয়ে বজাৰত কিনা – বেচা নহৈছিল তেনে সামগ্ৰীৰহে সামগ্ৰীকৰণ হয়। উদাহৰণ স্বৰূপে মানুহৰ শ্ৰম বা কৌশল যেতিয়া বজাৰত কিনা – বেচা হয় তাকে সামগ্ৰীকৰণ বুলি কব পাৰি ৷
5. হুণ্ডী (Hundi) মানে কি?
উত্তৰঃ হুণ্ডী এক প্ৰকাৰৰ “বিনিময় বিধেয়ক” ঋণ পত্ৰৰ দৰে, যিবোৰ দূৰদূৰণিৰ লগত বাণিজ্যিক লেনদেন কৰাৰ সজুলি হিচাপে সদাগৰ সকলে ব্যৱহাৰ কৰে। কোনো দেশৰ এটা অংশৰ সদাগৰ এজনে আন এটা অংশৰ সদাগৰক দিয়া হুণ্ডিৰ পৰস্পৰে পৰম্পৰক সমানে সন্মান কৰে আৰু সেইমতে বাণিজ্য চলাই থাকে।
6. কোন বছৰত প্ৰথম পঞ্জীয়ন হোৱা ট্রেডইউনিয়ন ভাৰতত গঠিত হৈছিল?
উত্তৰঃ ১৯২৬ চনত গঠিত হৈছিল।
7. বজাৰ অৰ্থনীতি মানে কি বুজা?
উত্তৰঃ বিখ্যাত অর্থনীতিবিদ এডাম স্মিথৰ মতে এলানি ব্যক্তিৰ জৰিয়তে হোৱা বিনিময় বা আদান – প্ৰদানৰ দ্বাৰাহে বজাৰ অৰ্থনীতিৰ সৃষ্টি হ’ব পাৰে, যাৰ দ্বাৰা স্বয়ংক্রিয় ভাৱে কাৰ্যকলাপ আৰু সুশৃংখল পদ্ধতি এটাৰ সৃষ্টি হয়। এইবোৰ ঘটি থাকে যদিও কোনো ব্যক্তিয়ে এই হাজাৰ কোটিৰ আদান – প্ৰদানত জড়িত হৈ পৰি এটা পদ্ধতি সৃষ্টি কৰিব নোখোজে।
8. ‘মুক্ত বজাৰ’ বা ‘লাইছেছ ফেয়াৰ’ (Laissez faire) নীতি কি?
উত্তৰঃ এই ফৰাচী খণ্ড বাক্য “ লাইছেছ ফেয়াৰ” (Laissez faire) – ৰ অৰ্থ হ’ল অকলে থাকিবলৈ দিয়া নাইবা মুক্ত হৈ থাকিবলৈ দিয়া। মুক্ত বজাৰৰ ভাবধাৰা, অর্থাৎ সকলো বাধা নিষেধমুক্ত এখন বজাৰ ৰাষ্ট্ৰ বা আন কোনো কৰ্তৃপক্ষৰ পৰা ৷
9. সাপ্তাহিক ৰজাৰ মানে কি?
উত্তৰঃ সাপ্তাহিক বজাৰ বহে সাধাৰণতে জনজাতীয় অঞ্চলত যি বজাৰে চাৰিও ফালৰ গাঁওবোৰৰ মানুহক একত্ৰিত কৰে। যি সকলে তেওঁলোকৰ নিজৰ খেতিৰ উৎপাদিত বস্তু বা আন সামগ্রী বজাৰ বিক্ৰী কৰি আন কল – কাৰখানত উৎপাদিত বস্তু . কাপোৰ কানি আদি ক্ৰয় কৰে যিবোৰ সাধাৰণতে গ্ৰাম্যাঞ্চলত পোৱা নাযায়। গাঁৱলীয়া অঞ্চলত প্ৰতি সপ্তাহৰ মূৰে মূৰে হোৱা বজাৰকে সাপ্তাহিক বজাৰ বোলে ৷
10. উদাৰীকৰণ (Liberalization) বুলিলে কি বুজা?
উত্তৰঃ নিয়ন্ত্ৰিত অৰ্থনীতিৰ ওপৰত থকা অনর্থক বা অদকাৰী বাধা নিষেধবোৰ উঠাই দিয়াকে উদাৰীকৰণ বুলি কোৱা হয়। সেই কাৰণে উদ্যোগ বা কোনো ব্যৱসায় বাণিজ্যৰ ওপৰত থকা অদৰ্কাৰী বাধা – নিষেধবোৰ উঠাই দিলে অৰ্থনীতিৰ ব্যৱসায় – বাণিজ্য বা উদ্যোগবোৰ বেছি মুক্ত আৰু প্ৰতিযোগিতামুখী প্রগতিশীল হ’ব পাৰে ইয়াকে উদাৰীকৰণ বোলে। ই এক অর্থনৈতিক পদ্ধতি, আৰু সমাজত এক আর্থিক পৰিৱৰ্তনৰ পদ্ধতি।
11. বিশ্বায়ন বা গোলকীকৰণ (Globalisation) বুলিলে কি বুজা?
উত্তৰঃ বিশ্বায়ন এবিধ পদ্ধতি, যাৰ জড়িয়তে এখন দেশৰ অৰ্থনীতি আন এখন দেশৰ অৰ্থনীতিৰ লগত সংযোগ হয়। ইয়াৰ আন এক অৰ্থ হ’ল— এখন দেশৰ সামগ্ৰী, সেৱা, মূলধন আৰু শ্ৰম বাধাহীনভাৱে আন এখন দেশৰ লগত বিনিময় হোৱাকে গোলকীকৰণ বা বিশ্বায়ন বুলি কোৱা হয়। গোলকীকৰণত পৃথিৱীৰ বিভিন্ন দেশৰ মাজত মুক্ত আৰু অবাধ বাণিজ্যিক বিনিময় হয় ৷
12. ব্যক্তিগতকৰণ কি?
উত্তৰঃ সাধাৰণতে গণতান্ত্রিক সমাজবাদী দেশবোৰে কিছু বছৰৰ আগলৈকে মিশ্ৰ অৰ্থনীতিৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰি আর্থিক নীতি প্রচলিত কৰিছিল। এই অৰ্থনীতিত বহুতো ৰাজহুৱা খণ্ডৰ উদ্যোগবোৰ প্ৰতিযোগিতামূলক বজাৰৰ উৎপাদনত অনেক সময়ত বিফল হোৱা দেখা যায়। তেনে পৰিস্থিতিত চৰকাৰে কিছুমান ঔদ্যোগিক অনুষ্ঠান ব্যক্তিগত কৰণ কৰে ৷ ব্যক্তিগতকৰণত সকলো চৰকাৰী বাধানিষেধ উঠাই দি . কৰ – কাটল, আৰু শিথিল নীতি অৱলম্বন কৰা হয় যাতে তেনে উদ্যোগে মুক্ত বাণিজ্যিক নীতি অনুসৰণ কৰি বেছি লাভ কৰি উপভোক্তাৰ কল্যাণ সাধন কৰিব পাৰে। এইদৰে ৰাজহুৱা খণ্ডৰ উদ্যোগ বা অনুষ্ঠান ব্যক্তিগতকৰণ পদ্ধতিকে ব্যক্তিগতকৰণ কৰা বুলি জনা যায়।
13. উদাৰীকৰণৰ দুটা কাৰণ উল্লেখ কৰা।
উত্তৰঃ উদাৰীকৰণৰ কাৰণ দুটা—
১। দেশত কর্মসংস্থান বৃদ্ধি কৰিবলৈ যাতে বেছি নিযুক্তি প্রদান কৰিব পৰা যায় আৰু নিবনুৱা সমস্যা কিছু নিৰাময় হয়।
২। দেশৰ উদ্যোগবোৰৰ মাজত বেছি প্ৰতিদ্বন্দ্বিতা সৃষ্টি কৰাৰ বাবে, যাতে উপভোক্তাসকলে বেছি বেছি মুনাফা লাভ কৰিব পাৰে।
14. আদাম স্মিথে অদৃশ্য হাত বুলি কি বুজাবলৈ চেষ্টা কৰিছিল?
উত্তৰঃ বজাৰ অৰ্থনীতিত সমাজৰ ব্যক্তিসকলে টকা – পইচাৰ বিনিময় বা আদান – প্রদান যোগেদি কেৱল নিজৰ লাভৰ কথাহে চিন্তা কৰে। কিন্তু প্ৰত্যেকৰে নিজৰ লাভৰ চিন্তাই সামগ্ৰিকভাৱে সমাজৰেই লাভ হয় বুলি ক’ব পাৰি। সেইবাবে এই পদ্ধতিটোত এক অদৃশ্যমান শক্তিয়ে কাম কৰে, যাৰ দ্বাৰা ব্যক্তিসকলে লাভান্বিত হোৱাৰ লগতে লাহে লাহে সমাজখন লাভান্বিত হ’বলৈ ধৰে ৷ এই অদৃশ্য শক্তিকে আদাম স্মিথে ‘ অদৃশ্য হাত (invisible hand) বুলি আখ্যা দিছে।
15. ‘মুক্ত বজাৰ’ মানে কি?
উত্তৰঃ মুক্ত বজাৰ মানে হ’ল চৰকাৰ বা আন সকলো দিশৰ সকলো ধৰণৰ নীতি – নিয়মৰ পৰা মুক্ত হৈ থকা এক ধৰণৰ বজাৰ। এই ধৰণৰ বজাৰত উৎপাদন, বিতৰণ বা বিনিময় ক্ষেত্ৰতো কোনো ধৰণৰ হস্তক্ষেপ নাথাকে। এই ধৰণৰ বজাৰকে ফৰাচী ভাষাতে ‘ লাইছেজ ফেয়াৰ’ (Laissez Faire) বুলি কোৱা হয়। ইয়াৰ অৰ্থ হ’ল ‘অকলে এৰি দিয়া’ (leave alone)।
16. সামাজিক অনুষ্ঠান হিচাপে বজাৰৰ বিষয়ে ব্যাখ্যা কৰা।
অথবাঃ বজাৰক এক, সামাজিক সংস্থা হিচাপে বিশ্লেষণ কৰা।
উত্তৰঃ আদাম স্মিথৰ নিচিনা বিখ্যাত অর্থনীতিবিদজনে অর্থনীতিক সমাজৰ এটা পৃথক ভাগ হিচাপে অধ্যয়ন কৰিব পাৰিব বুলি মত পোষণ কৰিছিল। সেইবাবে সমাজতত্ত্ববিদ সকলে অর্থনৈতিক সংস্থাসমূহক অধ্যয়ন কৰাৰ এক বিকল্প পথ বিচাৰি উলিয়ালে। য’ত তেওঁলোকে অর্থনৈতিক সংস্থাসমূহক বিশাল সামাজিক পৰিসৰৰ ভিতৰতে ৰাখি অধ্যয়ন কৰিব পাৰে।
সমাজতত্ত্ববিদসকলৰ মতে সমাজৰ সংস্কৃতিৰ বিশেষ কিছুমান দিশৰ যোগেদি বজাৰ গঠন হয়। যেনে— কেতিয়াবা কোনো কোনো বজাৰ কোনো বিশেষ সামাজিক সংস্থাসমূহৰ বা শ্ৰেণীৰ যোগেদি আৰম্ভণি আৰু নিয়ন্ত্রিত হয়। ইয়াৰ উপৰিও আন সংস্থা, সামাজিক প্রক্রিয়া আৰু সামাজিক সংৰচনাৰ সৈতে বজাৰ সম্পর্কত বিশেষ কিছুমান যোগাযোগ থাকে। সেই কাৰণে সমাজতত্ত্ববিদসকলে ক’ব খোজে যে অৰ্থনীতিৰ লগত সমাজ দৃঢ়ভাৱে সংলগ্ন।
17. নাদাক (NASDAQ) কি?
উত্তৰঃ নাচুদাক (NASDAQ) হ’ল আমেৰিকাৰ নিউয়র্কত থকা এখন বজাৰ। এই বজাৰখন ইনফ’চিছৰ অধ্যক্ষ K.R. Narayana Murty য়ে মহীশূৰত উদ্বোধন কৰিছিল। এই বজাৰখন বিশেষকৈ শ্বেয়াৰ আৰু বিত্তীয় বজাৰহে।
18. বজাৰ বুলিলে কি বুজা?
নাইবাঃ বজাৰ শব্দটো ব্যাখ্যা কৰা।
উত্তৰঃ ১। বজাৰ হ’ল বস্তু বা সামগ্রী বেচা – কিনা কৰা এখন ঠাই য’ত মানুহৰ সমাগম হয় ৷
২। বজাৰ মানে হ’ল বেপাৰ – বাণিজ্যৰ এখন স্থান।
৩। বজাৰ হ’ল অৰ্থনৈতিক ক্ৰিয়াৰ স্থলী।
৪। বজাৰ এটা সামাজিক সংস্থা বা অনুষ্ঠান।
19. ভাৰতৰ অৰ্থনীতি বিশ্বায়নৰ চাৰিটা উল্লেখনীয় প্রভাৱ বা সুফল উল্লেখ কৰা।
উত্তৰঃ ভাৰতৰ অৰ্থনীতি বিশ্বায়নৰ চাৰিটা উল্লেখনীয় প্রভাৱ বা সুফল প্ৰভাৱসমূহ—
১। বিশ্ব ৰপ্তানীৰ বজাৰত ভাৰতৰ বিনিয়োগৰ অংশ বৃদ্ধি। ১৯৯০ চনৰ ০.৫৫ % ৰ পৰা ১৯৯৯ চনত ০.৭৫ % লৈ বৃদ্ধি সামগ্ৰী আৰু সেৱাৰ ৰপ্তানীত।
২। ভাৰতৰ বৈদেশিক বিনিয়োগ বৃদ্ধি ১৯৯৫- ৯৬ চনৰ পৰা ২০০০ – ০১ চনলৈ মুঠ বৃদ্ধি হৈছিল ৫৩%। মুঠতে এই সময়ছোৱাত প্ৰতি বছৰে ভাৰতত বিনিয়োগ, হৈছিল ৫০০ কৌটি কৈ ৷
৩। ব্যক্তিগত কৰণৰ ক্ষেত্ৰত ভাৰতৰ অৰ্থনীতি যথেষ্ট আগবাঢ়িছে। বহুতো ৰাজহুৱা খণ্ডৰ উদ্যোগ বৰ্তমান ব্যক্তিগতকৰণ কৰা হৈছে। ইয়াৰ ফলত ব্যক্তিগত খণ্ডৰ উদ্যোগবোৰে যথেষ্ট মুনাফা লাভ কৰিবলৈ সক্ষম হৈছে।
৪। সৰ্বমুঠ ঘৰুৱা সামগ্ৰীৰ বৃদ্ধি :- গোলকীকৰণৰ ফলত সৰ্বমুঠ ঘৰুৱা সামগ্ৰীৰ উৎপাদন বৃদ্ধি পাইছে। ১৯৮০ চনৰ ই আছিল ৫.৬৩%, ১৯৯৯ চনত ই বৃদ্ধি পাইছিল ৫.৮০% লৈকে।
20. বজাৰকৰণ নীতিবোৰ কি কি? নাইবা, উদাৰীকৰণ নীতিবোৰ কি কি? নাইবা, কি কি নীতিৰ বাবে ভাৰতৰ অৰ্থনীতিয়ে গোলকীকৰণ অৰ্থনীতিৰ অৱস্থা পাবলৈ সক্ষম হ’ব পাৰিব?
উত্তৰঃ অৰ্থনীতিৰ উদাৰীকৰণ নীতিবোৰ হ’ল—
১। ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানবোৰ ব্যক্তিগত খণ্ডলৈ ৰূপান্তৰ কৰা
২। মূলধন, শ্রম তথা ব্যৱসায় – বাণিজ্যৰ ওপৰত থকা চৰকাৰী আইনবোৰ শিথিল কৰা ৷
৩। তালিকাকৃত মালবস্তুৰ দাম আৰু আমদানিকৃত বস্তুৰ ওপৰত থকা শুল্ক হ্ৰাস কৰা যাতে বিদেশী সা – সামগ্রী সহজতে আমদানি কৰিব পৰা যায় ৷
৪। বিদেশী কোম্পানীবোৰক ভাৰতৰ উদ্যোগ প্রতিষ্ঠান স্থাপনৰ বাবে সহজে বাট মুকলি কৰি দিয়া।
21. বিশ্বায়নৰ চাৰিটা মূল বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ ৰাষ্ট্ৰসংঘৰ উন্নয়ন আঁচনিয়ে বিশ্বায়নৰ চাৰিটা বৈশিষ্ট্যৰ কথা উল্লেখ কৰিছে—
১। বিশ্বায়নৰ জৰিয়তে বিশ্বৰ জনসাধাৰণৰ বাবে কিছুমান নতুন সজুলি আৰু সামগ্ৰী আহিছে কাৰণ পৃথিৱীৰ বৃহৎ কোম্পানীবোৰ সকলো দেশলৈয়ে যাব ৷
২। কোম্পানীবোৰৰ বাবে নতুন বজাৰ খোলা হৈছে কাৰণ বিশ্বায়নত কোম্পানীবোৰে সকলো দেশতে মুক্ত বাণিজ্য কৰিব পাৰে।
৩। নতুন সংগঠনৰ বাবে বিশ্বায়নৰ কাম কৰিবলৈ আগবাঢ়ি আহিছে, তাৰ ভিতৰত, ৰেড়ছ, বিশ্ব বাণিজ্য সংস্থা আদি।
৪। নতুন আইন – কানুন বিশ্বায়নৰ বাবে আগবাঢ়ি আহিছে – যেনে ঠিকাৰ ভিত্তিত নিযুক্তি, অৱশ্যে স্থায়ী কামৰ পৰিৱৰ্তে ৷
22. উদাৰীকৰণৰ মূল উদ্দেশ্যবোৰ কি কি?
উত্তৰঃ উদাৰীকৰণৰ মূল উদ্দেশ্যবোৰ হ’ল—
১। কৰ্মসংস্থানৰ সুবিধা বৃদ্ধিৰ দ্বাৰা নিযুক্তি বৃদ্ধি কৰা।
২। বৈদেশিক বিনিয়োগ বৃদ্ধি কৰি, কৰ্ম সংস্থানৰ দিহা কৰা।
৩। ব্যক্তিগত খণ্ডক বেছিতে বেছি সুবিধা প্ৰদান কৰা।
৪। ভাৰতৰ কোম্পানীবোৰক ভাৰতত বেছি প্ৰতিদ্বন্দ্বি কৰি তোলা
৫। দেশখনৰ উৎপাদন ক্ষমতা বৃদ্ধি কৰা।
23. উদাৰীকৰণ নীতিৰ বৈশিষ্ট্য চাৰিটা লিখা।
উত্তৰঃ উদাৰীকৰণ নীতিৰ বৈশিষ্ট্য চাৰিটা—
১। অনুজ্ঞা পত্ৰ দিয়া ব্যৱস্থাৰ উচ্ছেদ।
২। ৰাজহুৱা উদ্যোগবোৰ ব্যক্তিগত কৰণ কৰা।
৩। ৰাজহুৱা খণ্ডৰ উদ্যোগ বৰ কম কৰা হ’ব।
৪। বৈদেশিক কোম্পানীৰ প্ৰত্যক্ষ বিনিয়োগৰ সীমা বৃদ্ধি কৰা ৷