সংৰচনাত্মক পৰিৱৰ্তন | Chapter 8 | Class 12 Sociology - AHSEC

সংৰচনাত্মক পৰিৱৰ্তন | Chapter 8 | Class 12 Sociology – AHSEC

সংৰচনাত্মক পৰিৱৰ্তন | Chapter 8 | Class 12 Sociology Chapter 8 সংৰচনাত্মক পৰিৱৰ্তন | Class 12 Sociology Question and Answer | Assam Class 12 Sociology Solutions | AHSEC Class 12 HS Sociology Chapter 8 Notes | AHSEC Class 12 HS Sociology Chapter 8 Question and Answer | Questions and Answers for Class 12 Sociology Chapter 8 সংৰচনাত্মক পৰিৱৰ্তন | HS Sociology Questions and Answers Assam | HS 2nd Year সংৰচনাত্মক পৰিৱৰ্তন Sociology Question and Answer | Assam Board Class 12 Sociology Chapter 8 সংৰচনাত্মক পৰিৱৰ্তন


সংৰচনাত্মক পৰিৱৰ্তন

দ্বিতীয় খণ্ড: পাঠ: ১

চমু প্রশ্নোত্তৰ

1. ঔদ্যোগীকৰণ বুলিলে কি বুজা?
উত্তৰঃ যেতিয়া কোনো এখন সমাজত উদ্যোগৰ প্ৰভাৱত পৰি সামাজিক পৰিৱৰ্তন হোৱা দেখা যায় – তাকে ঔদ্যোগীকৰণৰ বাবে হোৱা পৰিৱৰ্তন বুলি কোৱা হয়। সাধাৰণতে, যন্ত্ৰপাতিৰ ব্যৱহাৰ আৰু উদ্যোগৰ (Industry) সম্প্ৰসাৰণকে উদ্যোগীকৰণ হিচাপে জনা যায়। ঔদ্যোগীকৰণৰ ফলত গাঁৱৰ পৰা নগৰলৈ প্ৰব্ৰজন, বৃহৎ উদ্যোগ স্থাপিত কেন্দ্ৰবোৰত জনসংখ্যা কেন্দ্ৰীভূত হোৱা পৰিলক্ষিত হয়। ফলস্বৰূপে, বনুৱা – শ্ৰমিকৰ সৃষ্টি, পৃথকীকৰণ শ্রমবিভাজন, নতুন বৃত্তি বা জীৱিকা নিৰ্বাহৰ পদ্ধতিৰ উদ্ভাৱন ইত্যাদি বৈশিষ্ট্যবোৰ সমাজত আবিৰ্ভাৱ হয়।

2. নগৰীকৰণ বুলিলে কি বুজা? বা, আধুনিকীকৰণ কি?
উত্তৰঃ নগৰীকৰণ এনে এটি সামাজিক প্রক্ৰিয়া যাৰ লগত সমাজখনৰ অর্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক দিশৰ সম্পৰ্ক আছে। মিটচেলৰ মতে, নগৰ গঠন প্ৰক্ৰিয়া . চহৰলৈ গতিশীলতা, কৃষি ক্ষেত্ৰৰ পৰা নগৰৰ আন আন ক্ষেত্ৰলৈ ৰূপান্তৰ আৰু আচাৰ – ব্যৱহাৰৰ পৰিৱৰ্তনেই হৈছে নগৰীকৰণ ৷

নগৰীকৰণৰ ক্ষেত্ৰত জনসংখ্যা এটি উল্লেখযোগ্য বৈশিষ্ট্য। কাৰণ জনসংখ্যাৰ বসতিৰ ঘনত্ব, বৃত্তি, সামাজিক জীৱন ধাৰণ প্ৰণালী দিক ভিত্তি কৰিহে একোটা অঞ্চলক নগৰ বা গাঁও বুলি চিনাক্ত কৰা হয়। সেয়েহে ভাৰতীয় দৃষ্টিভংগীৰে জাতি ব্যৱস্থাৰ শ্ৰেণী ব্যৱস্থালৈ ৰূপান্তৰ, যৌথ পৰিয়ালৰ একক পৰিয়াললৈ ৰূপান্তৰ, কৃষি ভিত্তিক বৃত্তিৰ পৰা বিভিন্ন নগৰীয়া বৃত্তিলৈ ৰূপান্তৰ আৰু গ্ৰামাঞ্চলৰ পৰা নগৰীয়া অঞ্চললৈ জনসাধাৰণৰ প্ৰব্ৰজন, পৰম্পৰাগত আচাৰ – ব্যৱহাৰৰ পৰিৱৰ্তন আদিকে নগৰীকৰণৰ প্ৰভাৱ বোলা হয় ৷

3. উপনিবেশবাদে আমাৰ জীৱনক কিদৰে প্ৰভাৱিত কৰিছে?
উত্তৰঃ ১। ভাৰতত প্ৰতিষ্ঠিত ব্ৰিটিছ উপনিবেশবাদৰ মূল ভিত্তি হৈছে পুঁজিবাদী ব্যবস্থা। ব্ৰিটিছ পুঁজিবাদী ব্যৱস্থাৰ সৰ্বোচ্চ মুনাফা আদায় কৰা আৰু উপকৃত কৰাই হ’ল ইয়াৰ মূল উদেশ্য।

২। ব্ৰিটিছ উপনিবেশবাদে ভাৰতৰ সমস্ত আইন – কানুনৰ পৰিৱৰ্তন আনে। এই ব্যৱস্থা ভাৰতৰ সমস্ত কৃষি ভিত্তিক পটভূমিকে পৰিৱৰ্তন কৰিছে। ভূমি মালিকীস্বত্ব আইনৰ পৰিৱৰ্তন আনিছে। কি মাটিত কৃষকে কি খেতি কৰিব লাগে তাকে ব্ৰিটিছ চৰকাৰে নিৰ্ধাৰণ কৰি দিছিল।

৩। ঔপনিবেশিক শাসকসকলে বন নীতিৰৰ বহুতো পৰিৱৰ্তন কৰিছিল যাৰ বাবে পশুপালকসকলে তেওঁলোকৰ জীৱন ধাৰণ পদ্ধতিকে পৰি এৰ্তন কৰিব লগা হৈছিল।

৪। ঔপনিবেশিক শাসনে জনসাধাৰণৰ মাজত আন্দোলনৰ মনোভাব গঢ়ি তুলিছিল। মাটিৰ খাজানা বা কৰ বৃদ্ধি কৰি সাধাৰণ প্ৰজাৰ মাজত এক প্রতিবাদী মনোভাব গঢ়ি উঠে আৰু ঠায়ে ঠায়ে কৃষক বিদ্রোহে দেখা দিছিল। অৱশেষত ভাৰতবাসীৰ মাজত জাতীয়তাবাদী মনোভাবে গঢ়লৈ উঠে আৰু উপনিবেশবাদ বিৰোধী মনোভাব গঢ়লৈ উঠে।

4. সংস্কৃতকৰণ মানে কি বুজা?
উত্তৰঃ সমাজতাত্ত্বিক শ্ৰীনিবাসৰ মতে সংস্কৃতকৰণ’ভাৰতীয় সমাজৰ আধুনিকীকৰণৰ এটা প্ৰক্ৰিয়া। নিম্ন জাতিৰ মানুহে উচ্চ জাতিৰ সামাজিক আচাৰ – ব্যৱহাৰ, ৰীতি – নীতি, ধর্ম আদি গ্রহণ কৰি নিজৰ সামাজিক স্থান উন্নত কৰিবলৈ চলোৱা প্ৰচেষ্টাই শ্ৰীনিবাসৰ মতে সংস্কৃতকৰণ। তেওঁৰ মতে সংস্কৃতকৰণ আৰু পাশ্চাত্যকৰণ দুয়োটা প্ৰক্ৰিয়াই ভাৰতৰ জাতিপ্ৰথাৰ পৰিৱৰ্তন আনিছে। সংস্কৃতকৰণে ভাৰতীয় জাতি কাঠামোৰ ভিতৰত পৰিৱৰ্তন সাধে। অর্থাৎ সংস্কৃতকৰণৰ ফলত জাতিপ্ৰথাৰ ভিতৰত থকা ৰীতি – নীতিহে উচ্চ জাতিৰ পৰা নিম্ন জাতিয়ে গ্ৰহণ কৰে।

5. উপনিবেশবাদ বুলিলে কি বুজা?
উত্তৰঃ উপনিবেশবাদ পদ্ধতিটো ইউৰোপত শিল্প বিপ্লৱ আৰম্ভ হোৱাৰ সময়তে ১৮ শতিকাত যেতিয়া পাশ্চাত্যৰ দেশবোৰত উৎপাদিত সম্পদ আৰু সামগ্ৰী অপর্যাপ্ত হৈ পৰিছিল, তেতিয়াই আৰম্ভ হৈছিল। পাশ্চাত্যৰ দেশবোৰে যেতিয়া এছিয়া আৰু আফ্ৰিকাৰ দেশবোৰ ক্ৰমান্বয়ে জয়লাভ কৰি, নিগাজীকৈ নিজৰ দেশৰ শাসন প্রতিষ্ঠা কৰি লৈছিল এই পদ্ধতিটোকে উপনিবেশবাদ বুলি জনা যায়। ইউৰোপৰ সাম্ৰাজ্যবাদী দেশবোৰে আফ্ৰিকা আৰু এছিয়াৰ দেশবোৰত ঔপনিবেশিক শাসন চলাইছিল। এই ঔপনিবেশিক শাসন ১৮ শতিকাৰ পৰা ২০ শতিকালৈকে চলিছিল। এই দেশবোৰৰ ভিতৰত আছিল ইংলেণ্ড, ফ্রান্স, স্পেইন, পর্তুগাল, জার্মানী, ইটালী, জাপান, বাছীয়া, আমেৰিকা আদি ৷

6. পাশ্চাত্যকৰণ মানে কি?
উত্তৰঃ ভাৰতীয় সমাজৰ পৰিৱৰ্তনৰ এটি প্রক্রিয়া হিচাপে পাশ্চাত্যকৰণক সমাজতাত্ত্বিক শ্রীনিবাসে উল্লেখ কৰিছে। শ্রীনিবাসৰ মতে ভাৰতীয় সমাজত থকা জাতিপ্ৰথাৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত সংস্কৃতকৰণ আৰু পাশ্চাত্যকৰণ প্ৰক্ৰিয়া জড়িত। তেওঁৰ মতে যেতিয়া উচ্চ জাতিৰ ব্যক্তিয়ে পশ্চিমীয়া জীৱন প্ৰণালী অনুকৰণ কৰি পশ্চিমীয়া সমাজৰ দৰে জীৱন যাপন কৰিবলৈ চেষ্টা চলায় তাকে পাশ্চাত্যকৰণ বোলে। অৱশ্যে পাশ্চাত্যকৰণ নিম্ন জাতিৰ ক্ষেত্ৰতো দেখা যায়। শ্রীনিবাসৰ ধাৰণামতে পাশ্চাত্যকৰণে ভাৰতীয় জাতি কাঠামোৰ বাহিৰত পৰিৱৰ্তন সাধে। অর্থাৎ পাশ্চাত্যকৰণৰ ফলত জাতিসমূহৰ আচৰণ প্ৰণালীত যিবোৰ ৰীতি – নীতি অন্তনিহিত হয় সেইবোৰ জাতিপ্ৰথাৰ অন্তৰ্গত বা ভাৰতীয় ৰীতি – নীতি নহয় ৷

7. উপনিবেশবাদ মানে কি? উপনিবেশিকতাকৰণ কি?
নাইবাঃ উপনিবেশতাৰ সাংস্কৃতিক আৰু ৰাজনৈতিক প্ৰভাৱ ভাৰতত কিদৰে পৰিছে? এটি আভাস দিয়া।
নাইবাঃ ঔপনিবেশিকতাবাদৰ পৰিণতি বোৰ কি কি?

উত্তৰঃ উপনিবেশবাদৰ সৰল অৰ্থ হ’ল এখন দেশে ‘ আন এখন দেশৰ ওপৰত শাসন প্রতিষ্ঠা কৰাক বুজায়। পাশ্চাত্যৰ সাম্ৰাজ্যবাদী দেশবোৰে ভাৰতত বেহাবেপাৰ কৰিবলৈ আহি দেশখনত নিগাজীকৈ শাসন কৰিছিল প্রায় দুশ বছৰৰো অধিক কাল। ভাৰতত ঔপনিবেশিক শাসনৰ প্ৰভাৱ সুদূৰপ্ৰসাৰী, এই শাসনে ভাৰতত কিছুমান সুদূৰপ্ৰসাৰী পৰিৱৰ্তন আনিছে। এই নিগাজী সামাজিক – সাংস্কৃতিক পৰিৱৰ্তনকে ঔপনিবেশীকৰণ বুলিও ক’ব পাৰি।

ৰাজনীতি আৰু সংস্কৃতিৰ ওপৰত উপনিবেশবাদৰ প্ৰভাৱ :- আধুনিক যুগত ৰাজনীতিৰ ক্ষেত্ৰত দেখা যায় যে আমাৰ দেশৰ শাসন ব্যৱস্থাত সংসদীয় বা পার্সিয়ামেণ্টৰী শাসন ব্যৱস্থা প্ৰবৰ্তন কৰা হৈছে। আইনৰ বৈধ ব্যবস্থা নাইবা পুলিচৰ প্ৰশাসনিক ব্যৱস্থা এনেকি শৈক্ষিক ব্যৱস্থাত ইংৰাজসকলৰ ব্যৱস্থাৰ অনুকৰণতে প্ৰবৰ্তন কৰা হৈছে। আমাৰ সংস্কৃতিৰ ক্ষেত্ৰতো আমি বহুতো কথা বা অভ্যাস ব্ৰিটিছৰ লগত মিলপোৱা যায়। যেনে – ৰাস্তাৰ বাওফালে খোজ কঢ়া বা গাড়ী চলোৱা, ইংৰাজসকলে ব্যৱহাৰ কৰা ব্রিটনীয়া বিস্কুট ব্যৱহাৰ কৰা, আমাৰ স্কুলৰ ল’ৰা – ছোৱালীক সাজ – পোছাকৰ লগত নেক্টাই ব্যৱহাৰ কৰা। কেনটিনত ব্ৰেড – অমলেট খোৱা, টেবুলত ভাত – খোৱা আদি অভ্যাস ঔপনিবেশিক প্রভাৱ বুলিয়ে কোৱা হয়।

ভাৰতীয় সমাজত আন এটা স্পষ্ট আৰু চকুত পৰা কথা হ’ল – বৰ্তমান ইংৰাজী ভাষাই আমাৰ ভাৰতীয় প্ৰশাসনীয়, শৈক্ষিক আৰু বাণিজ্যিক ক্ষেত্ৰৰ সকলো কাম কাজ ইংৰাজীতে চলে। ইংৰাজী নজনা মানুহে ভাৰতৰ ৰাজবোৰ কথোপকথনত বহুত অসুবিধা পাব লগা হয়। কাৰণ ভাৰতৰ বিভিন্ন ঠাইৰ ভাষা বিভিন্ন ৷

উচ্চশিক্ষাৰ ক্ষেত্ৰতে ইংৰাজী ভাষাৰ প্ৰাধান্য বেছি। ইংৰাজী নাজানিলে বর্তমান চাকৰি বাকৰি পোৱাও টান। গতিকে ঔপনিবেশিক প্রভাৱে আমাৰ ভাৰতীয় সমাজখনক সকেলা ফালৰ পৰাই প্রভাবিত কৰিছে ৷

8. ধৰ্মনিৰপেক্ষতাৰ ওপৰত এটি টোকা লিখা।
(i) ৰীতি – নীতি আৰু ধৰ্মনিৰপেক্ষতা।
(ii) জাতি আৰু ধৰ্মনিৰপেক্ষতা।

উত্তৰঃ (i) আধুনিক যুগত ধৰ্মনিৰপেক্ষতাই সাধাৰণতে সমাজত কিছুমান ক্ষেত্ৰত ধৰ্মীয় প্ৰভাৱৰ পতন হৈ অহা এটা পদ্ধতিক বুজায়। আধুনিক সমাজখন ক্রমান্বয়ে ধৰ্মনিৰপেক্ষ হৈ আহিছে। সাম্প্রতিক কালত আমি দেখিবলৈ পাইছো যে ধর্মীয় সজাগতাৰ এক প্ৰখৰ বিকাশ ঘটিছে আৰু লগতে এক সংঘৰ্ষৰ সৃষ্টি হৈছে সমগ্র পৃথিবীতে। বর্তমান আমাৰ দেশত এক উল্লেখনীয় সংখ্যাৰ ৰীতি – নীতি ধৰ্মনিৰপেক্ষতাৰ লগত এক প্রত্যক্ষ সম্পৰ্কত জড়িত হৈছে।

(ii) আমি সকলোৱে জানো যে আমাৰ পৰম্পৰাগত ভাৰতত জাতি ব্যৱস্থাটো ধৰ্মীয় সংগাঠনিক গণ্ডিৰ ভিতৰত প্ৰচলিত। পবিত্ৰতা আৰু প্ৰদূষণ এই বিশ্বাস ব্যৱস্থাই হ’ল জাতি ব্যৱস্থাৰ কেন্দ্রীয় ভাবাদর্শন। বৰ্তমান ভাৰতত আমাৰ জাতীয় সংস্থা গঠন হৈছে জাতীয় ৰাজনৈতিক দল গঠন হৈছে। জাতিৰ এনেকুৱা ধৰণৰ পৰিবৰ্তিত ভূমিকাক জাতিৰ ধৰ্মনিৰপেক্ষকৰণ বুলি কোৱা
হয়।

9. ঔদ্যোগীকৰণ আৰু নগৰীকৰণ এক সংলগ্নিত পদ্ধতি আলোচনা কৰা ৷
নাইবাঃ ঔপনিবেশিকতাবাদে সাধন কৰা যিকোনো দুটা গাঁথনিগত পৰিবৰ্তন উল্লেখ কৰা।

উত্তৰঃ ১। ঔদ্যোগীকৰণ পদ্ধতিয়ে কল কাৰখানাত যান্ত্ৰিকভাৱে বৈদ্যুতিক আৰু ভাপ ইঞ্জিন শক্তিৰ দ্বাৰা উৎপাদিত সামগ্ৰী আদিৰ উদ্ভাৱন আদিকে বুজায়।

২। ব্ৰিটিছৰ শাসন কালত ঔদ্যোগীকৰণে কিছুমান ঠাইৰ উদ্যোগীকৰণ ধ্বংসহে কৰিছিল। গ্ৰামাঞ্চলৰ কুটীৰ শিল্পৰ উদ্যোগবোৰ পতন হৈছিল।

৩। ব্ৰিটিছৰ শাসন কালৰ উদ্যোগীকৰণৰ প্ৰভাৱ নেতিবাচক আছিল। ঔপনিবেশিক উদ্যোগীকৰণে বহুতো লোকক কৃষি কার্যত জড়িত হ’বলৈহে উৎসাহিত কৰিছিল।

৪। ঔপনিবেশিক শাসন কালত নগৰীকৰণ পদ্ধতিয়ে আগৰ কালৰ শিল্পকলা বা শৈক্ষিক কেন্দ্ৰৰ কিছুমান নগৰ – চহৰ অধঃপতনহে আনিছিল আৰু আনহাতে নতুন ঔপনিবেশিক নগৰ চহৰহে গঢ়ি তুলিছিল। এটা সময়ৰ নালন্দা, উজ্জয়িনি নগৰ ধ্বংস হোৱাৰ সময়ত, কলিকতা, বোম্বে, মাদ্রাজ গঢ়ি উঠিছিল।

৫। স্বাধীনোত্তৰ কালত ভাৰত চৰকাৰে এক সক্রিয় ভূমিকা গ্রহণ কৰিছিল বিশেষকৈ দ্বিতীয় পৰিকল্পনাই বহুতো বৃহৎ উদ্যোগ গঢ়ি তুলিছিল।

৬। ভাৰত চৰকাৰৰ সাম্প্রতিক নীতিয়ে উদাৰীকৰণ আৰু বিশ্বায়ন পদ্ধতিয়ে নগৰ চহৰৰ ক্ষিপ্ৰ সম্প্ৰসাৰণ আৰু পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে ৷

10. পাশ্চাত্যকৰণৰ তিনিটা প্ৰধান বৈশিষ্ট্য লিখা।
উত্তৰঃ পাশ্চাত্যকৰণৰ তিনিটা প্রধান বৈশিষ্ট্য—
১। পশ্চিমীয়া শিক্ষা – দীক্ষাৰ সম্প্ৰসাৰণ, ভাষা শিক্ষাৰ জৰিয়তে জ্ঞান – বিজ্ঞানৰ দৃষ্টিভংগীৰ পৰিৱৰ্ত হয়।

২। উচ্চ জাতৰ লোকসকলে খোৱা-লোৱা, পিন্ধন – উৰণ, বিভিন্ন আচাৰ – ব্যৱহাৰ অনুকৰণ কৰি নিজকে উচ্চ, জাতৰ বুলি পৰিগণিত কৰিব বিচাৰে।

৩। নিম্ন জাতিয়ে উচ্চ জাতিৰ আচাৰ – ব্যৱহাৰ, শিক্ষা – দীক্ষাৰ জৰিয়তে উচ্চ আৰু . নিম্ন জাতিৰ ব্যৱধান কমাই আনি এক শ্ৰেণীৰ হীন সমাজৰ সৃষ্টি কৰিব পাৰে।

11. নগৰীয়া সমাজৰ তিনিটা চৰিত্ৰ লিখা।
উত্তৰঃ ১। নগৰৰ মানুহৰ ঘনত্ব, গাঁৱৰ মানুহৰ ঘনত্বতকৈ বেছি। গাঁৱৰ পৰা নগৰলৈ জনসংখ্যাৰ প্ৰব্ৰাৰ্জন হয়।

২। নগৰীয়া মানুহৰ জীৱিকাৰ পথ হ’ল চাকৰি। বেছিভাগ মানুহে অফিচ – কাছাৰী, স্কুল কলেজ, কল – কাৰখানাত বেপাৰ – বাণিজ্যৰ লগত জড়িত।

৩। নগৰৰ মানুহ প্রায় ভাগে শিক্ষিত, আর্থিকভাবে সচ্ছল। ৪। নগৰীয়া মানুহৰ পৰিয়াল প্ৰায়ভাগেই একক পৰিয়াল। ৫। নগৰৰ মানুহৰ জীৱনৰ মানদণ্ড গাৱৰ মানুহতকৈ যথেষ্ট উন্নত।

READ MORE  সামাজিক সংস্থা হিচাপে বজাৰ | Chapter 4 | Class 12 Sociology - AHSEC

12. ধৰ্মনিৰপেক্ষতা বুলিলে কি বুজা?
উত্তৰঃ ধৰ্মনিৰপেক্ষতাৰ ‘ অৰ্থ হ’ল যে আগৰ দিনত যিবোৰ ধৰ্মীয় বুলি গণ্য কৰা হৈছিল বর্তমান কালত সেইবোৰ ধৰ্মীয় নহয় বুলি জ্ঞান কৰা হয়। বৰ্তমান সকলো ধৰ্ম সমান। কোনো ধর্ম শ্রেষ্ঠ নহয় বা নিকৃষ্টও নহয়। ধর্ম বৰ্তমান বিজ্ঞান আৰু বিবেকেৰে ধাৰণা কৰি পৰম্পৰা, ধৰ্মীয় আদিক ধর্মীয় নিৰপেক্ষতাৰে বুলিয়ে গণ্য কৰা হয়। ধৰ্মীয় নিৰপেক্ষতা ধৰ্মীয় প্ৰভাৱ মানুহৰ জীৱনত কমি আহিছে আৰু তাৰ ঠাইত বিবেক আৰু বিজ্ঞানৰ প্ৰভাৱ বৃদ্ধি পাইছে।

ৰচনাধর্মী প্রশ্নোত্তৰ

1. ঔদ্যোগীকৰণ প্ৰক্ৰিয়াই ভাৰতীয় সমাজত কেনে ধৰণৰ পৰিৱৰ্তন সাধন কৰিছে। উদাহৰণসহ আলোচনা কৰা।
উত্তৰঃ ভাৰতৰ পৰিয়াল পদ্ধতিৰ পৰিৱৰ্তনৰ প্ৰধান কাৰণসমূহৰ বিষয়ে আলোচনা কৰিবলৈ হ’লে আমি আধুনিক যুগত পাশ্চাত্য সভ্যতাৰ প্ৰভাৱত আৰম্ভ হোৱা পৰিৱৰ্তনৰ ওপৰতহে বেছি গুৰুত্ব আৰোপ কৰিব লাগিব। ইংৰাজসকল ভাৰতলৈ অহাৰ পাছৰে পৰা পশ্চিমীয়া শিক্ষা – সংস্কৃতিয়ে আৰু ঔদ্যোগীকৰণে সামাজিক ব্যৱস্থাত বিশেষকৈ পৰিয়াল পদ্ধতিত আমূল পৰিৱৰ্তনৰ সূচনা কৰে। তলত কাৰণসমূহ আলোচনা কৰা হ’ল—

সামাজিক পৰিৱৰ্তন ঔদ্যোগীকৰণৰ প্ৰভাৱঃ ঔদ্যোগীকৰণ ব্যৱস্থাই মধ্য যুগৰ সামাজিক স্থবিৰতা হ্ৰাস কৰাত সহায় কৰে ৷ ঔদ্যোগীকৰণ ব্যৱস্থাই বহুতো ব্যৱসায় বৃত্তিৰ সা – সুবিধা আনে ৷ মানুহে এনে সুবিধা গ্ৰহণৰ বাবে নিজৰ ঠাই এৰি আন ঠাইলৈ যাব লগা হয়। ঔদ্যোগীকৰণৰ প্ৰভাৱ পৰিলক্ষিত হৈছে বিশেষকৈ তলত দিয়া পৰিৱৰ্তনবোৰৰ ক্ষেত্ৰত—

১। নতুন বৃত্তিৰ উদ্ভৱ :- ঔদ্যোগীকৰণৰ ফলত ভাৰতত বিভিন্ন বিভাগত অসংখ্য নতুন বৃত্তিৰ সৃষ্টি হয়। মানুহে জীৱিকা অৰ্জনৰ কাৰণে নিজ পৰিয়ালৰ পৰা আঁতৰি গৈ বেলেগ বৃত্তি লৈ জীৱন নিৰ্বাহ কৰিবলৈ আৰম্ভ কৰে। নগৰ – চহৰত মানুহে কম পৰিশ্ৰমত সহজে ধন ঘটাৰ বাবে নিজৰ পৰিয়াল বা গাঁও এৰি নগৰলৈ যাব লগা হয়। ইয়াৰ ফলত পৰিয়ালত পৰিৱৰ্তনে দেখা দিয়ে।

২। কুটীৰ – শিল্পৰ অৱনতি :- নতুন উদ্যোগবোৰত উৎপাদিত সামগ্ৰীৰ লগত গাঁৱলীয়া কুটীৰ – শিল্পৰ সামগ্ৰীয়ে ফেৰ মাৰিব নোৱাৰা হ’ল ফলত কুটীৰ – শিল্পৰ অৱনতি হ’বলৈ ধৰে। মানুহে কুটীৰ – শিল্প এৰি বৃহৎ উদ্যোগবোৰত কাম – কাজৰ অনুসন্ধান কৰিবলৈ ধৰে।

৩। নগৰীয়া বাতাবৰণ :- উদ্যোগ কেন্দ্ৰবিলাক গঢ়ি উঠাৰ লগে লগে সেই ঠাইবোৰত নগৰৰ সৃষ্টি হ’বলৈ আৰম্ভ কৰে। নগৰ – চহৰবোৰত জনসংখ্যা বৃদ্ধিৰ হাৰ যথেষ্ট বাঢ়িবলৈ ধৰে। নগৰ – শিক্ষা – দীক্ষা আদিৰ সা – সুবিধা বৃদ্ধি হ’বলৈ ধৰে। নগৰৰ আধুনিক সা – সুবিধাই গাঁওৰ শিক্ষিত মানুহক আকৰ্ষণ কৰিবলৈ ধৰে। গাঁওৰ পৰা নগৰলৈ এটা প্ৰব্ৰজনৰ সোঁত ৰবলৈ ধৰে।

৪। নগদ ধনৰ প্ৰচলন :- ঔদ্যোগীকৰণৰ লগে লগে শ্ৰমিকৰ মজুৰি নগদ ধনেৰে দিয়াৰ নিয়ম প্ৰচলন হ’ল। নগদ টকাৰে কাৰ্য্যৰ পৰিমাণ স্থিৰ কৰাৰ নিয়ম প্ৰচলন হ’ল। ফলত ব্যক্তিবাদী চিন্তাধাৰাই গা কৰি উঠাত যুটীয়া পৰিয়ালৰ ৰক্ষণশীল বান্ধোনত সংঘাতে দেখা দিলে। যুটীয়া আয় – ব্যয়ৰ কথা এৰি মানুহে ব্যক্তিগত চিন্তা কৰিবলৈ ল’লে।

৫। বাসস্থানৰ সমস্যা :- ব্যৱসায়, চাকৰি, শিক্ষা আদিৰ সুবিধা গ্ৰহণৰ বাবে নগৰত বাস কৰিবলগীয়া হোৱাত নগৰবোৰত বাসস্থানৰ সমস্যাই দেখা দিয়ে। গতিকে পৰিয়ালবোৰ সৰু সৰু হ’বলৈ ধৰে আৰু যুটীয়া পৰিয়াল লোপ পাবলৈ আৰম্ভ কৰে।

৬। নাৰীৰ কৰ্মসংস্থান ব্যবস্থা :- ঔদ্যোগীকৰণে কেৱল পুৰুষকেই যে সুবিধা প্ৰদান কৰিছে তেনে নহয়, শিক্ষিত নাৰীসকলকো পুৰুষৰ সমানেই কৰ্মসংস্থানৰ সা – সুবিধা আগবঢ়াইছে। নাৰীয়ে পুৰুষৰ সমানে ধন উপাৰ্জন কৰিব পৰা হোৱাত পুৰুষৰ ওপৰত থকা নিৰ্ভৰশীলতা লাহে লাহে হ্ৰাস পাবলৈ ধৰে। নাৰীৰ সমান অধিকাৰ আৰু মৰ্য্যাদাৰ দাবীয়ে সংৰক্ষণশীল পৰিয়ালৰ ভেটি ল’বাই দিয়ে। নাৰীৰ স্বাধীনতা আৰু মুক্তিৰ হাবিয়াসে পৰিয়ালৰ এটা আমূল পৰিৱৰ্তন আনে ৷

৭। যাতায়তৰ উন্নতি :- ব্ৰিটিছ শাসনৰ শেষ ফালে আৰু ভাৰতৰ স্বাধীনতাৰ পাছৰ পৰা যাতায়ত আৰু পৰিবহণৰ লগত যোগাযোগ ব্যৱস্থাৰ যথেষ্ট পৰিৱৰ্তন হয়। এইবোৰে বাণিজ্য ব্যৱসায়ৰ পৰিসৰ বৃদ্ধিৰ লগতে মানুহে এঠাইৰ পৰা আন ঠাইলৈ যোৱাত যথেষ্ট সুবিধা হয়।

৮। পৰিয়ালৰ কাম – কাজৰ পৰিৱৰ্তন :- কৃষিজীৱী পৰিয়ালত সামূহিক বা সন্মিলিত শ্ৰমৰ আৱশ্যক। পুৰুষ – মহিলাৰ মাজত শ্ৰমৰ বিভাজন আছিল। কিন্তু ঔদ্যোগীকৰণে পাৰিবাৰিক কাম – কাজৰ মৌলিক পৰিৱৰ্তন ঘটোৱাত, পৰিয়ালত সন্মিলিত শ্ৰমৰ আৱশ্যক নোহোৱা হ’ল।

৯। ধৰ্ম আৰু ব্যক্তিৰ যোগ্যতাৰ ওপৰত গুৰুত্ব :- ঔদ্যোগিক সমাজত ধন – সম্পদৰ মাধ্যমতহে সামাজিক প্রস্থিতি, মর্যাদা প্রতিষ্ঠা আদি নিৰ্ণয় কৰা হ’বলৈ ধৰে। এই সমাজত সম্পদ আহৰণৰ বাবে ব্যক্তিগত যোগ্যতাৰ একান্ত প্রয়োজন হ’বলৈ ধৰে। ৰক্ষণশীল যুটীয়া পৰিয়ালৰ বান্ধোনত মানুহে ব্যক্তিগত যোগ্যতাৰ উন্নতি সাধন কৰিব নোৱাৰা হ’ল। গতিকে মানুহে সেই বান্ধোন ভাঙি দিবলৈ ধৰে ৷

১০। জনসংখ্যা বৃদ্ধি আৰু আৰ্থিক ব্যৱস্থা :- যুটীয়া পৰিয়ালত জনসংখ্যা বৃদ্ধি পাবলৈ ধৰাত সীমিত আয় বা পৰিসৰত সীমিত পৰিমাণৰ মাটিয়ে পৰিয়ালবোৰক আৰ্থিক নাটনি সন্মুখীন কৰে ফলত অচল হৈ পৰে। এই পৰিয়ালবোৰ যুটীয়া পৰিয়ালবোৰ বোজা স্বৰুপ নিবনুৱা ডেকা – গাভৰুসকল আত্মনিৰ্ভৰশীল হৈ ওলাই আহিবলৈ ধৰে ৷

১১। আধুনিক শিক্ষা :- আধুনিক শিক্ষাই প্ৰসাৰতা লাভ কৰাৰ লগে লগে মানুহৰ মনত ব্যক্তিবাদ, সমতা, স্বতন্ত্ৰতা আদি চিন্তাধাৰাই গা কৰি উঠে। বিশেষকৈ ইংৰাজী শিক্ষা আৰু পশ্চিমীয়া সংস্কৃতিয়ে সমগ্ৰ ভাৰতীয় সমাজ ব্যৱস্থাত এটা আমূল পৰিবৰ্তনৰ সূচনা কৰে। শিক্ষাই মানুহৰ সংকীৰ্ণতা আঁতৰাই উদাৰ দৃষ্টিভংগীৰ সৃষ্টি কৰে। শিক্ষাই মানুহৰ সহনশীলতা, বুজাপৰা · যুক্তি আৰু শুদ্ধভাৱে চিন্তা কৰাৰ পথ প্ৰশস্ত কৰে। শিক্ষাই মানুহৰ মানসিক উৎকৰ্ষতা বৃদ্ধি কৰে। গতিকে শিক্ষা আধুনিকীকৰণৰ এক গুৰুত্বপূৰ্ণ কাৰক। আগৰ যুটীয়া পৰিয়ালৰ পৰিৱৰ্তে একক পৰিয়ালৰ প্ৰতি ভাৰতীয়সকল বেছি আকৰ্ষিত হয়। ব্যক্তিগত পৰিয়ালত যিমান স্বাধীনতা স্বতন্ত্ৰতা আৰু আন সা – সুবিধা পাব পাৰি যুটীয়া পৰিয়ালত তেনে সা – সুবিধা পোৱাকৈ সম্ভৱ নহয়।

১২। আইনৰ প্ৰভাৱ :- স্বাধীনোত্তৰ কালৰ বিবাহ আৰু উত্তৰাধিকাৰ সম্পৰ্কীয় আইনবোৰৰ প্রভাৱ বিশেষ তাৎপর্যপূর্ণ। আন্তর্জাতিক বিবাহ অনুমোদনৰ ফলত ৰক্ষণশীলতাৰ কেন্দ্ৰস্বৰূপ যুটীয়া পৰিয়ালৰ বান্ধোন সোলক – ঢোলক হৈ পৰিছে। নাৰীক পুৰুষৰ সমানে সম্পত্তিৰ অধিকাৰ দিয়াত নাৰীয়ে পুৰুষৰ সমানে সমানে ফেৰ মাৰিব পৰা হ’ল। বিবাহক আগতে যিদৰে ধৰ্মীয় সংস্কাৰ বুলি ধৰা হৈছিল, বিবাহ সম্পৰ্কীয় নতুন আইনে সেই ধাৰণাৰ সলনি কৰিছে ৷

ওপৰত আলোচনা কৰা বিভিন্ন কাৰণত সামগ্ৰিকভাৱে পৰিয়াল সংৰচনা পদ্ধতিৰ সঘন পৰিৱৰ্তন পৰিলক্ষিত হৈছে। অৱশ্যে এই পৰিৱৰ্তসমূহৰ নানা সুফলৰ লগতে অনেক কুফলো নোহোৱা নহয় ৷

2. ‘ঔদ্যোগীকৰণ’ আৰু নগৰীকৰণে ভাৰতীয় সমাজত সৃষ্টি কৰা সামাজিক সমস্যাৱলী আলোচনা কৰা।
নাইবাঃ নগৰীকৰণ আৰু ঔদ্যোগীকৰণৰ মাজৰ সম্বন্ধ দেখুওৱা ৷

উত্তৰঃ ছাত্র-ছাত্রীয়ে নিজেই কৰা ৷

3. নগৰীকৰণ মানে কি বুজা? ভাৰতবৰ্ষত নগৰীকৰণ প্ৰক্ৰিয়াৰ বিষয়ে এটি বিৱৰণ দিয়া।
নাইবাঃ নগৰীকৰণ প্ৰক্ৰিয়াৰ বিষয়ে এটি টোকা লিখা।
উত্তৰঃ ১। পৰিচয় :- সকলো সমাজতে নগৰীকৰণৰ দিশত এটা গতি প্ৰচলিত হৈ আহিছে। মানুহ গাঁওৰ পৰা নগৰলৈ প্ৰব্ৰজন কৰে আৰু স্থায়ীভাৱে বসবাস কৰিবলৈ লয়। কিছুমান সমাজত নগৰীকৰণৰ গতি খৰতকীয়া আৰু আন কিছুমানত ইয়াৰ গতি লেহেম। বিশেষভাৱে ক’বলৈ হ’লে পাশ্চাত্যৰ দেশবোৰত কাৰিকৰী উন্নয়ন বেছি হোৱা বাবে তুলনামূলকভাৱে নগৰীকৰণৰ গতি অতি খৰ আৰু প্ৰাচ্যৰ দেশসমূহত কাৰিকৰী উন্নয়ন কম হোৱা বাবে নগৰীকৰণৰ গতি লেহেম।

২। নগৰীকৰণ কি :- নগৰীকৰণ এনে এক সামাজিক প্রক্রিয়া যাৰ লগত সমাজখনৰ অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক দিশৰ সম্পর্ক আছে। নগৰীকৰণ হ’ল নগৰ এখনত প্ৰব্ৰজনৰ বাবে জনসংখ্যা একত্রিত হোৱাৰ আৰু এই জনসংখ্যাৰ পৰিসৰ আৰু ঘনত্ব ক্ৰমে বৃদ্ধি হোৱাৰ এটা প্ৰক্ৰিয়া। মিটলেৰ মতে, নগৰ গঠনৰ প্ৰক্ৰিয়া, নগৰলৈ গতিশীলতা, কৃষি ক্ষেত্ৰৰ পৰা নগৰৰ বিভিন্ন ক্ষেত্ৰলৈ ৰূপান্তৰ আৰু আচাৰ – ব্যৱহাৰৰ পৰিৱৰ্তনে হৈছে নগৰীকৰণ।

নগৰীকৰণৰ ক্ষেত্ৰত জনসংখ্যা এটা উল্লেখযোগ্য বৈশিষ্ট্য কাৰণ জনসংখ্যাৰ বসতিৰ ঘনত্ব, বৃত্তি, সামাজিক জীৱনধাৰণ প্ৰণালী আদিক ভিত্তি কৰিহে একোটা অঞ্চলক নগৰ বা গাঁও বুলি চিনাক্তকৰা হয়। ভাৰতত নগৰ এখনৰ জনসংখ্যা কমেও দহ হাজাৰ হবলাগে। সেয়েহে ভাৰতীয় দৃষ্টিভঙ্গীৰে জাতি ব্যৱস্থাৰ শ্ৰেণী ব্যৱস্থালৈ ৰূপান্তৰ, যৌথ পৰিয়ালৰ পৰা একক পৰিয়াললৈ ৰূপান্তৰ, কৃষি ভিত্তিক বৃত্তিৰ পৰা বিভিন্ন ঔদ্যোগিক বৃত্তিলৈ ৰূপান্তৰ আৰু গ্ৰামাঞ্চলৰ পৰা নগৰীয়া অঞ্চললৈ জনসাধাৰণৰ প্ৰব্ৰজন, পৰম্পৰাগত আচাৰ – ব্যৱহাৰৰ পৰিৱৰ্তন আদিৰ সামগ্রিক প্রক্রিয়াকে মুঠতে নগৰীকৰণ বুলি ক’ব পাৰি ৷

৩। ভাৰতৰ নগৰীকৰণ :- ভাৰত এখন গ্রাম্য প্রধান দেশ হলেও নগৰীকৰণৰ ক্ষেত্ৰত অতি পিছ পৰা দেশ নহয়। সিন্ধু সভ্যতাৰ যুগৰে পৰা আৰম্ভ কৰি মোগল যুগলৈ বিভিন্ন নগৰ চহৰৰ ইতিহাস পোৱা যায়। বৃটিছ যুগৰ আৰম্ভণিৰে পৰা ভাৰতৰ নগৰীকৰণৰ প্রক্রিয়া তুলনামূলকভাবে বৃদ্ধি পাই আহিছে। ইংৰাজৰ শাসনে ভাৰতত পাশ্চাত্য শিক্ষাৰ প্ৰসাৰণ, উদ্যোগীকৰণ নানা ব্যৱসায়- বাণিজ্য, পৰিবহণ, যোগাযোগ আদিৰ উন্নতিসাধন কৰে ৷ ইংৰাজ শাসনে প্ৰৱৰ্তন কৰা এই উন্নয়নৰ ফলতে ভাৰতত নগৰীকৰণ গতি তুলনামূলকভাৱে বৃদ্ধি পায়, ভাৰতত জনসংখ্যা বৃদ্ধি আৰু নগৰীকৰণৰ গতি অধ্যয়ন কৰিলে দেখা যায়—

১। ১৯ শতিকাৰ পৰা নগৰত বাস কৰা জনসংখ্যাৰ পৰিমাণ ক্ৰমে বৃদ্ধি পাইছে আভ্যন্তৰীণ জনসংখ্যাৰ বৃদ্ধি আৰু প্ৰব্ৰজনৰ বাবে।

২। ১৯ শতিকাৰ তুলনাত কুৰি শতিকাত নগৰীকৰণ প্ৰক্ৰিয়াৰ গতি খৰতকীয়া হৈছে।

৩। নগৰ আৰু মহানগৰবোৰৰ জনসংখ্যা ভাৰতৰ সকলো ঠাইতে ক্রমে বৃদ্ধি পাই আহিছে। নগৰবোৰত নগৰীকৰণৰ গতি উর্ধমুখী।

৪। গ্ৰামাঞ্চল আৰু নগৰীয়া অঞ্চলৰ এনে কিছু অন্তৰ্নিহিত কাৰণ আছে। যিবোৰৰ বাবে নগৰীকৰণৰ গতি খৰতকীয়া হৈছে। নগৰ অঞ্চলত এইবোৰ হ’ল—
(ক) কর্মসংস্থান।
(খ) শিক্ষা – দীক্ষা।
(গ) পৌৰ সা – সুবিধা।
(ঘ) স্বাস্থ্যৰক্ষাৰ ব্যৱস্থা।
(ঙ) সামাজিক কল্যাণৰ ব্যৱস্থা।
(চ) যাতায়াত আৰু যোগাযোগৰ ব্যৱস্থা আদিয়ে গ্ৰামাঞ্চলৰ লোকক নগৰ অঞ্চললৈ আকৰ্ষণ কৰে।

আনহাতে গ্রামাঞ্চলত উক্ত সা – সুবিধাবোৰৰ অভাৱৰ উপৰি –
১। প্রাকৃতিক দুর্যোগ।
২। আওপুৰণি কৃষি ব্যৱস্থা
৩। লেহেম আধুনিকীকৰণৰ গতি।
৪। ৰাস্তা – ঘাটৰ দুৰৱস্থা।
৫। গাঁওবোৰত জনসংখ্যা বৃদ্ধিৰ বাবে উকট নিবনুৱা সমস্যাৰ সৃষ্টি আদিৰ বাবে গ্ৰামাঞ্চলৰ পৰা মানুহ নগৰ অঞ্চললৈ আহিবলৈ বাধ্য হয়।

READ MORE  প্রকল্প আঁচনিৰ বাবে পৰামৰ্শ | Chapter 7 | Class 12 Sociology - AHSEC

স্বাধীন ভাৰতত নগৰীকৰণ প্ৰক্ৰিয়াৰ গতি যথেষ্ট দ্রুতগামী হৈছে। ভাৰত চৰকাৰে বিভিন্ন দিশত বিশেষকৈ উদ্যোগীকৰণ, যাতায়াত যোগাযোগ পৰিবহণ ব্যৱস্থা, শিক্ষা সম্প্ৰসাৰণৰ ব্যৱস্থা, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ উন্নতি সাধনৰ দ্বাৰা পুৰণা নগৰ – চহৰৰ সম্প্ৰসাৰণ আৰু নতুন নগৰ – চহৰৰ প্ৰতিষ্ঠা কৰিবলৈ সক্ষম হৈছে। বিভিন্ন দিশৰ উদ্যোগীকৰণে যথেষ্ট সংখ্যক কর্মসংস্থানৰ ব্যৱস্থা কৰিছে।

এই কর্মসংস্থানবোৰৰ বাবে যথেষ্ট সংখ্যক লোক গাঁও অঞ্চলৰ পৰা নগৰ অঞ্চললৈ প্ৰব্ৰজিত হৈছে। সেইদৰে যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ উন্নতিয়ে গাঁও আৰু নগৰ – চহৰৰ মাজৰ যোগাযোগ ব্যৱস্থাৰ যথেষ্ট উন্নতি সাধন কৰি, গাঁওৰ পৰা নগৰলৈ অহা – যোৱা সুবিধাজনক কৰি তুলিছে। নগৰবোৰত বিভিন্ন শিক্ষানুষ্ঠান গঢ়ি উঠা বাবে, সকলো ঠাইৰ পৰা বিশেষকৈ গাঁওবোৰৰ পৰা ছাত্ৰ ছাত্ৰী পঢ়িবলৈ আহি নগৰৰ জনসংখ্যা বৃদ্ধি কৰে। নগৰীকৰণৰ ফলত সমাজত আন কিছুমান প্রতিক্রিয়াই দেখা দিছে।

১। নগৰীকৰণৰ ফলতে একেখন পৰিয়ালৰ লোকৰ মাজত থকা পৰম্পৰাগত সমতাৰ পাৰ্থক্য সৃষ্টি হৈছে। নগৰত বাসকৰা সকলৰ জীৱন নিৰ্বাহৰ মানদণ্ড গাঁওত বাস কৰাসকলৰ পৰা সম্পূৰ্ণ বেলেগ হৈছে।

২। নগৰৰ বৰ্ধিত জনসংখ্যাৰ হেঁচাত – নগৰত, বাসস্থানৰ নাটনি যান – বাহনত ভীৰ, পৌৰ সা – সুবিধাৰ নাটনি, উপকণ্ঠ অঞ্চলত লেতেৰা বস্তিৰ সৃষ্টি অপৰাধী, অসামাজিক কাৰ্যৰ বৃদ্ধি আদি গঢ়ি উঠা দেখা যায়। জনসংখ্যা বৃদ্ধিৰ হেঁচাত ডাঙৰ নগৰ – চহৰত, বিশেষকৈ মহানগৰবোৰ উন্নয়ন নিগমৰ জৰিয়তে নানা উন্নয়ন আঁচনি কৰি কিছুমান সমস্যাৰ সমাধান কৰিবলৈ চেষ্টা কৰা হৈছে ৷

4. নগৰবোৰত জনসংখ্যা বৃদ্ধি পোৱাৰ কাৰণবোৰ কি কি আলোচনা কৰা।
উত্তৰঃ ছাত্র-ছাত্রীয়ে নিজেই কৰা ৷

5. ঔপনিবেশবাদ প্ৰচলনৰ সময়ত দৃষ্টিগোচৰ হোৱা সংৰচনাত্মক পৰিৱৰ্তনৰ ব্যাখ্যা কৰা।
উত্তৰঃ ১। ভাৰতত উপনিবেশবাদে সৃষ্টি কৰা সংৰচনাত্মক পৰিৱৰ্তনৰ বিশালতা আৰু গভীৰতা সঠিকভাৱে বুজিব পৰা যাব যদিহে আমি পুঁজিবাদৰ কিছুমান মূল বৈশিষ্ট্য অনুভৱ কৰোঁ।

২। পুঁজিবাদী ব্যৱস্থাৰ ওপৰত প্ৰতিষ্ঠিত ব্ৰিটিছ উপনিবেশবাদে ব্ৰিটিছ পুঁজিবাদৰ বাবে অত্যধিক মুনাফা আৰু উপকাৰ নিশ্চিত কৰাৰ বাবে প্ৰত্যক্ষভাৱে হস্তক্ষেপ কৰিছিল।

৩। উপনিবেশবাদৰ সময়ত ব্ৰিটিছ পুঁজিবাদক শক্তিশালী আৰু বিকশিত কৰিবলৈ প্ৰত্যেকটো নীতিকে নিৰ্দ্ধাৰণ কৰিছিল। তেওঁলোকে দেশখনৰ আইন কানুনকে পৰিবৰ্তন কৰিছিল।

৪। উপনিবেশিক শাসনে মাটিৰ মালিকীস্বত্ব পৰিৱৰ্তন কৰাই নহয় কৃষকে কি মাটিত কি খেতি কৰিব বা কি খেতি নকৰিব তাকো নিৰ্দ্ধাৰণ কৰিছিল।

৫। ব্ৰিটিছ উপনিবেশিক শাসনে, প্রায় সকলো দিশতে বহুলভাৱে পৰিবৰ্তন ব্যৱস্থা কৰিছিল কি বিধি – বিধান, সাংস্কৃতিক, বা কাৰিকৰী দিশেই হ’ল ৷

৬। এনেকি বননীতিৰ ফৰেষ্ট আইন পৰিৱৰ্তন কৰি পশুপালক সকলকো অৰণ্যত প্ৰবেশ কৰাত বন্ধ কৰি দিছিল।

6. নগৰীকৰণত অৰিহণা যোগোৱা প্ৰধান উপাদানসমূহ কি কি আলোচনা কৰা ৷
নাইবাঃ ভাৰতীয় সমাজৰ পৰিৱৰ্তন প্ৰক্ৰিয়াত নগৰীকৰণৰ ভূমিকা আলোচনা কৰা।

উত্তৰঃ সামাজিক জীৱনত নগৰ – চহৰবোৰে এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আহিছে। সাধাৰণতে সামাজিক উন্নয়ন আৰু প্ৰগতিৰ মাপকাঠি হিচাপে ব্যৱহাৰ কৰা হয় নগৰ – চহৰৰ প্ৰগতিকহে ৷ সমাজ এখনত মানুহৰ সামাজিক আৰু সাংস্কৃতিক কাৰ্যাৱলীৰ কেন্দ্ৰ হ’ল নগৰবোৰ। নগৰ আৰু গাঁওৰ মাজৰ সীমাৰেখা নিৰ্ধাৰণ কৰা অতি কঠিন কাম যদিও জনসংখ্যাৰ ওপৰত নিৰ্ভৰ কৰিয়ে গাঁও আৰু নগৰক চিনাক্ত কৰা হয়। সাধাৰণতে ভাৰতত নগৰৰ নিম্নতম জনসংখ্যাৰ সীমা হ’ল দহ হাজাৰ। সভ্যতা বা সংস্কৃতিৰ তেনে কোনো স্পষ্ট সীমাৰেখা নাই। সাধাৰণতে কোনো এখন ঠাইত যথেষ্ট সংখ্যক জনসংখ্যানে উন্নত সামাজিক অবস্থা এটাৰ জনসমষ্টিকেনগৰ বুলি ক’ব পাৰি। প্ৰাচীন কালতনদী উপত্যকাবোৰত গঢ়িউঠা সভ্যতাবোৰকে নগৰ – চহৰ আখ্যা দিয়া হৈছিল।গতিকে সভ্যতাকে নগৰ বা চহৰ বুলি ক’ব পাৰি। উদাহৰণস্বৰূপে মেছোপটেমিয়া, ইজিপ্ত, গ্রীক, সিন্ধু সভ্যতা আদি নগৰীকৰণৰে আন এটা ৰূপ। এই নগৰ চহৰবোৰ গঢ়ি উঠাৰ মূলতে আছিল কিছুমান উপাদানৰ অৰিহণা। এই উপাদানবোৰ তলত আলোচনা কৰা হ’ল।

১। অতিৰিক্ত সম্পদৰাজি :- প্রাচীন কালত প্ৰাকৃতিক সম্পদৰাজি মানুহে উদ্ভাৱন কৰিব পৰা নাছিল। মানুহে প্ৰকৃতি ৰাজ্যতে বাস কৰি জীৱন নিৰ্বাহ কৰিছিল। মানুহৰ আৱশ্যকীয় বস্তু সীমিত আছিল। কিন্তু মানুহে যেতিয়া জুই, চকা, কৃষিৰ আৱিষ্কাৰ কৰি নানা আহিলা, যন্ত্রপাতি আৱিষ্কাৰ কৰিলে মানুহৰ আৱশ্যকীয় সম্পদ, অতিৰিক্তভাৱে বৃদ্ধি পাবলৈ ধৰে আৰু তাৰ ফলতে জনসংখ্যাৰ প্ৰব্ৰজন সেই ঠাইলৈ আৰম্ভ হৈ নগৰ – চহৰ গঢ়ি উঠে।

২। অনুকূল ভৌগোলিক অৱস্থা :- আদিম মানৱ প্ৰাকৃতিক জীৱ। পৃথিৱীৰ যিবোৰ ঠাইৰ জলবায়ু মানুহৰ বাসোপযোগী, মাটি সাৰুৱা আৰু বেপাৰ – বাণিজ্য বা আদান – প্ৰদানৰ সুবিধাজনক তেনে ঠাইতে মানুহে একেলগে বাস কৰিবলৈ লৈছিল ফলত নগৰ – চহৰবোৰ গঢ়ি উঠিছিল। উদাহৰণস্বৰূপে এই কাৰণতে প্ৰাচীন নগৰ – চহৰবোৰ নদী উপত্যকাবোৰতহে গঢ়ি উঠিছিল।

৩। জনসংখ্যা বৃদ্ধি :- নগৰীকৰণৰ আন এটা উল্লেখযোগ্য উপাদান হ’ল জনসংখ্যা। যেতিয়ালৈকে কোনো এখন ঠাইৰ জনসংখ্যা সীমিত আৰু জীৱননিৰ্বাহৰ বাবে বৃত্তি আদি সীমিত হৈ থাকে ই গাঁও হৈয়ে থাকে। কিন্তু জনসংখ্যা বৃদ্ধি হৈ সমস্যা বাঢ়ি অহাৰ লগে লগে মানুহে জীৱননিৰ্বাহৰ সংস্থান বাসস্থান বিচাৰি আন সুবিধাজনক ঠাইলৈ প্ৰব্ৰজিত হ’বলৈ আৰম্ভ কৰে। এই প্ৰজনে নগৰ – চহৰৰ সৃষ্টি কৰে ৷

৪। উদ্যোগীকৰণ :- যেতিয়া মানুহে বৈজ্ঞানিক চিন্তা – চৰ্চাৰে নানা যন্ত্ৰপাতি আৱিষ্কাৰ আৰু . উদ্ভাৱন কৰিবলৈ ধৰিলে তেতিয়াই আৰম্ভ হ’ল উদ্যোগীকৰণৰ। পৃথিৱীৰ বিভিন্ন দেশত মানুহে কম শ্ৰমেৰে, কম সময়তে অপর্যাপ্ত সামগ্রী উৎপাদন কৰাৰ উদ্দেশ্যে বৃহৎ উদ্যোগ প্ৰতিষ্ঠা কৰিবলৈ ধৰিলে। এইবোৰত যথেষ্ট সংখ্যক শ্রমিক প্রয়োজন হ’ল গাঁওৰ পৰা নগৰলৈ শ্ৰমিক প্রব্রজিত ফলত হ’বলৈ ধৰিলে। ঔদ্যোগিক স্থানলৈ কেঁচা সামগ্ৰী আনিবলৈ আৰু উৎপাদিত সামগ্ৰী নিবলৈ ৰাস্তা – ঘাটৰ প্ৰয়োজন হ’ল ৷ এইদৰে গঢ়ি উঠিবলৈ ধৰিলে পৃথিৱীৰ বিশেষকৈ ইউৰোপৰ নানা ঠাইত নগৰ – চহৰবোৰ ৷

৫। বেপাৰবাণিজ্য :- উদ্যোগীকৰণৰ আন এটা দিশ হ’ল বেপাৰ বাণিজ্যৰ প্ৰসাৰণ। উদ্যোগ প্ৰতিষ্ঠা হোৱা ঠাইবোৰৰ গুৰুত্ব বিভিন্ন প্ৰকাৰে বৃদ্ধি পাবলৈ ধৰে। উদ্যোগৰ প্ৰয়োজনীয় কেঁচা সামগ্রী আমদানি কৰিবলৈ আৰু উদ্যোগত উৎপাদিত সামগ্ৰী ৰপ্তানী কৰিবলৈ সেই ঠাইবোৰতে বাণিজ্যিক কেন্দ্র গঢ়ি , বিভিন্ন কামৰ বাবে শ্ৰমিকৰ আৱশ্যক হয়, মানুহে কর্মসংস্থান বিচাৰি সেই ঠাইলৈ প্ৰব্ৰজিত হ’বলৈ ধৰে, জনসংখ্যা বৃদ্ধি হয়। ইয়াৰে ফলত গঢ়ি উঠেনগৰ – চহৰ ৷

৬। যাতায়াত আৰু পৰিবহণ ব্যবস্থা উন্নতি :- ৰাস্তা – ঘাট, যানবাহন নাথাকিলে মানুহে অহা – যোৱা বা বস্তু বাহানি অনা নিয়া কৰা নানা অসুবিধা হয়। মানুহৰ প্ৰয়োজনৰ বাবে, উদ্যোগ আদি প্ৰতিষ্ঠাৰ লগে লগে, ৰাস্তা – ঘাট, যানবাহনৰ উন্নতিয়ে মানুহ প্ৰব্ৰজীত হোৱা আৰু সামগ্ৰী আমদানি ৰপ্তানী কৰাত সুবিধা হয়। এই সুবিধাই নগৰ – চহৰবোৰ গঢ়ি উঠাত যথেষ্ট অৰিহণা যোগায়।

৭। আর্থিক আকর্ষণ :- কোনো এখন ঠাইৰ ঔদ্যোগিক উন্নয়নে বিভিন্ন ক্ষুদ্র উদ্যোগৰ সুবিধা বৃদ্ধি কৰাৰ লগতে বেপাৰ বাণিজ্যৰ নানা সা – সুবিধা সৃষ্টি কৰে, নানা প্ৰকাৰৰ কৰ্মসংস্থানৰ সৃষ্টি কৰে নিজাববীয়াকৈ আত্মসংস্থানৰ সা – সুবিধা ওলায়, নগৰৰ লাহ – বিলাহৰ জীৱননিৰ্বাহ আদিয়ে গাঁও অঞ্চলৰ মানুহক, যি ঠাইত এইবোৰৰ অভাৱ সাধাৰণতে আকৰ্ষণ কৰে আৰু ইয়াৰ ফলতেই গাঁওবোৰৰ পৰা নগৰ – চহৰলৈ মানুহ প্ৰব্ৰজিত হৈ নগৰ – চহৰবোৰ সম্প্ৰসাৰিত কৰি মহানগৰত পৰিণত কৰে। নগৰবোৰক এটা শ্ৰেণীৰ পৰা আন এটা শ্ৰেণীলৈ উন্নত কৰায় ৷

৮। শিক্ষা – দীক্ষা কেন্দ্ৰস্থান :- নগৰৰ বৰ্ধিত জনসংখ্যাৰ বাবে বিভিন্ন স্কুল – কলেজ, বিশ্ববিদ্যালয়, নানা প্রশিক্ষণ কেন্দ্র, কাৰিকৰী প্ৰযুক্তি বিদ্যাৰ কেন্দ্ৰ গঢ়ি উঠে। এইবোৰৰ শিক্ষা দীক্ষা লোৱাৰ বাবে নগৰীয়া লোকৰ উপৰি , নগৰৰ বাহিৰৰ গাঁও অঞ্চলৰ লোক আহিবলগীয়া হয় আৰু স্থায়ীভাৱে থাকিবলৈ লয়। এইদৰেই নগৰ – চহৰবোৰ বৃদ্ধি পায় আৰু গঢ়ি উঠাত সহায়ক হয়। এইবোৰেই হ’ল নগৰ এখন গঢ়ি উঠাৰ প্ৰধান উপাদান।

7. নগৰীয়া সমাজৰ সাধাৰণ চৰিত্ৰবোৰ কি কি? ভাৰতৰ নগৰীকৰণৰ প্ৰক্ৰিয়া সম্বন্ধে এটি চমু আলোচনা আগবঢ়োৱা।
উত্তৰঃ আমাৰ সামাজিক জীৱনত নগৰবোৰ এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰি আছে। ই আমাৰ সামাজিক আৰু সাংস্কৃতিক কাৰ্যাৱলীৰ কেন্দ্ৰ। নগৰ এখন জীৱন আৰু সমাজ গাঁওৰ সমাজ আৰু জীৱনৰ পৰা সম্পূৰ্ণ পৃথক। নগৰৰ কিছুমান নিজৰ বৈশিষ্ট্য আছে—

১। নগৰীয়া সমাজ প্রাথমিক সমূহ নহয় :- নগৰৰ জনসমষ্টিত প্রাথমিকসমূহৰ কোনো চৰিত্ৰ নাথাকে। ইয়াৰ জনসমষ্টিৰ মাজত আত্মীয়তা, বন্ধুত্ব, চুবুৰীয়া ভাবৰ, সহানুভূতিৰ বান্ধোন নাই। পৰস্পৰৰ মাজৰ যোগাযোগ নাই। ইয়াৰ মানুহৰ মাজত দল, খেল , চাত আদি নাথাকে। নগৰীয়া সম্প্রদায় এক নামবিহীন সম্প্রদায়। ইয়াৰ পৰিয়ালবোৰ আনৰ ওপৰত নিৰ্ভৰশীল নহয়।

২। সামাজিক জটিলতা :- নগৰীয়া সমাজৰ সামাজিক সংৰচনা অতি জটিল আৰু সমস্যাবহুল। নগৰৰ আন্তক্ৰিয়া পদ্ধতিত অসংখ্য জনতাৰ অংশগ্রহণ, বিভিন্ন প্ৰকাৰৰ বৃত্তি, বিভিন্ন সংস্কৃতিৰ সংমিশ্ৰণৰ সমাৱেশে এই জটিলতাৰ সৃষ্টি কৰিছে।

৩। বাসস্থানৰ নাটনি :- নগৰীয়া সমাজৰ আন এটা বিশেষ বৈশিষ্ট্য হ’ল বাসস্থানৰ অভাৱ। গাওৰ তুলনাত নগৰৰ বাসস্থানৰ সমস্যা বৰ প্ৰকট হোৱা দেখা যায়। ঘৰ – ভাড়াৰ সমস্যা আৰু ভাড়াৰ পৰিমাণ অতি বেছি হোৱা দেখা যায়। সাধাৰণ শ্ৰেণীৰ মানুহৰ বাসস্থানৰ সমস্যা অতি জটিল। দৰিদ্ৰ সীমাৰেখাৰ তলৰ হাজাৰ হাজাৰ লোকে ডাঙৰ নগৰ – চহৰত পদপথতে জীৱন কটাবলগীয়া হয়।

৪। সামাজিক সহনশীলতা :- নগৰীয়া সমাজত ব্যক্তিসকলে পৰম্পৰে পৰস্পৰক নাজানে। সেইবাবে সমিল মিল জীৱন – যাপনৰ বাবে এই সহনশীলতা অতি আৱশ্যক। যিহেতু নগৰীয়া লোকৰ মাজত মুক্ত যোগাযোগ আৰু ব্যক্তিগত মিলামিচা নাথাকে সহনশীলতা থকাটো স্বাভাৱিক। সেইবাবেই সকলো ক্ষেত্ৰতে এক সহনশীল সামাজিক পৰিৱেশ এটা গঢ়ি উঠে।

৫। শ্রেণীব্যৱস্থা অত্যন্ত ভাল – বেয়াৰ সংমিশ্ৰণ :- নগৰীয়া সমাজৰ শ্ৰেণীব্যৱস্থা অতিশয় ভাল আৰু বেয়াৰ এক সংমিশ্ৰণ ৷ নগৰত অতি ধনী মানুহ যেনে কম পৰিমাণৰ থাকে ঠিক তেনেদৰে অতি দুখীয়া মানুহৰ সংখ্যা অতি বেছি, সেইদৰে শিক্ষিত – অশিক্ষিতৰো · সৎ – অসৎ, সৰল স্বভাৱৰ আৰু ধূৰ্ত প্ৰকৃতিৰ মানুহ থাকে। মুঠতে অত্যন্ত ভাল – বেয়া প্ৰকৃতিৰ লোক নগৰত থাকে।

READ MORE  ভাৰতীয় সমাজৰ জনসংখ্যাৰ গাঁথনি | Chapter 2 | Class 12 Sociology - AHSEC

৬। সামাজিক গতিশীলতা :- নগৰীয়া সমাজত সামাজিক গতিশীলতা দ্রুতগামী হয়। নগৰৰ লোকৰ মাজত শ্রমবিভাজন, প্রতিযোগিতা, প্রতিদ্বন্দ্বিতা অতি বেছি। নগৰৰ মানুহে ব্যক্তিগত প্ৰচেষ্টাৰে নিজৰ প্ৰস্থিতি উন্নত কৰোনগৰত অসমতা অতি বেছি, আনহাতে সামাজিক স্তৰীকৰণৰ জাতিপ্ৰথাৰ কঠোৰতা অতি কম।

৭। সামাজিক বিভিন্নতা নগৰীয়া সমাজত সামাজিক বিভিন্নতা থাকে। নগৰীয়া লোকৰ মাজত বিভিন্ন ঠাইৰ বিভিন্ন জাতি – উপজাতি, ভাষা – ভাষী, ধৰ্ম – সংস্কৃতিৰ লোক একেলগে বসবাস কৰে। এই লোকসকলৰ মাজত তেজৰ সম্পৰ্ক বা ব্যক্তিগত সম্পর্ক নাই।

৮। স্বেচ্ছাসেৱক সন্থা :- নগৰীয়া সমাজত এজন ব্যক্তি গাইগুটিয়া সামাজিক মূল্য বৰ কম। সেইবাবে কোনো কামৰ বাবে প্রত্যেকে কোনো স্বেচ্ছাসেৱক সন্থাৰ জৰিয়তেহে নিজক প্রতিনিধিত্ব কৰে। সেইবাবে নগৰত স্বেচ্ছাসেৱক অনুষ্ঠানবোৰৰ গুৰুত্ব অতি বেছি।

৯। দ্রুতগামী জীৱন :- নগৰীয়া সমাজৰ জীৱন অতি দ্রুতগামী থমকি ৰবৰ সময় নাই। মেচিন আৰু মানুহৰ কোনো পার্থক্য নাই। নগৰৰ মানুহে বিভিন্ন কামত অংশগ্ৰহণ কৰে। দিনে ৰাতিয়ে কাম কৰে। জিৰণীৰ আহৰি নাই। প্ৰতিজন ব্যক্তি এফালে গ্রাহক আনহাতে উৎপাদক। নগৰীয়া জীৱন অতি ব্যস্ত জীৱন।

১০। ব্যক্তিবাদী জীৱন :- নগৰৰ মানুহ ব্যক্তিবাদী। প্রত্যেকে নিজৰ কথাহে চিন্তা কৰে আনৰ কথা চিন্তা কৰিবলৈ আহৰি নাই। প্রত্যেক ব্যক্তিয়ে প্রতিটো কামতে প্রতিযোগিতাৰ সন্মুখীন হ’ব লাগে। প্রত্যেক ব্যক্তিয়ে সকলো সিদ্ধান্ত নিজেই লয়।

১১। একক পৰিয়াল পদ্ধতি :- নগৰীয়া সমাজত পৰিয়াল ব্যবস্থা একক পৰিয়ালৰ। পতি পত্নী আৰু নিজৰ ল’ৰা – ছোৱালীক লৈয়ে একোটা পৰিয়াল গঠিত হয়। অৱশ্যে ভাৰতত খুব কম সংখ্যক সংযুক্ত পৰিয়ালো দেখা যায় ৷

১২। শিক্ষাৰ মানদণ্ড :- নগৰীয়া সমাজ তুলনামূলকভাৱে গ্ৰাম্য সমাজতকৈ বেছি শিক্ষিত। নগৰীয়া মানুহে শিক্ষাৰ সকলো সুবিধা পায়। শিক্ষাৰ মানদণ্ড গাঁৱলীয়া সমাজতকৈ সকলো ক্ষেত্ৰতে বেছি দেখা যায়।

১৩। নাৰী – পুৰুষ প্ৰস্থিতি :- নগৰত নাৰী – পুৰুষৰ প্ৰস্থিতি সমান। নগৰত নাৰীৰ প্ৰস্থিতি যথেষ্ট উন্নত হোৱা দেখা যায়। নগৰৰ নাৰী গাঁওৰ নাৰীৰ তুলনাত যথেষ্ট মুক্ত আৰু পুৰুষৰ সমানে অধিকাৰ উপভোগ কৰে ৷

১৪। ধৰ্মৰ প্ৰভাৱ :- নগৰীয়া সমাজত ধৰ্মৰ প্ৰভাৱ গাঁওৰ তুলনাত যথেষ্ট কম দেখা যায়। গাঁওৰ মানুহ ধৰ্মভীৰু, পুজা – পাতল, নাম – প্রসঙ্গ নিয়মীয়াকৈ কৰাৰ উপৰি ধৰ্মীয় নিয়ম মানি চলে ; কিন্তু নগৰত ধৰ্মৰ প্ৰভাৱ বৰ কম। ধৰ্মীয় নীতি – নিয়ম পালন কমকৈ কৰে।

১৫। গণমাধ্যমৰ প্ৰভাৱ :- নগৰীয়া সমাজৰ মানুহ গাঁওৰ মানুহৰ তুলনাত খা – খবৰৰ প্ৰতি যথেষ্ট বেছি সজাগ – সচেতন ৷ নগৰৰ মানুহে নিয়মীয়াকৈ ৰেডিঅ’, টেলিভিশন, বাতৰি কাকত, আলোচনী, চিনেমা আৰু বিভিন্ন যোগাযোগ মাধ্যমৰ জৰিয়তে পৃথিৱীৰ সকলো দেশৰ খা খবৰ সহজে পাব পাৰে। এইবোৰেই হ’ল নগৰীয়া সমাজৰ প্ৰধান বৈশিষ্ট্য।

8. ঔদ্যোগীকৰণ বুলিলে কি বুজা? সমাজত দেখা দিয়া ঔদ্যোগীকৰণৰ ফলাফল এটি বিৱৰণ দিয়া।
উত্তৰঃ ঔদ্যোগীকৰণ কি? :- ১৮ শতিকাৰ মাজ ভাগৰ পৰা পৃথিৱীৰ সকলো প্রগতিবাদী সমাজৰে বিশেষভাৱে ইঙ্গিত লক্ষ্য আৰু উদ্দেশ্য হ’ল — ঔদ্যোগীকৰণ। ক্রমে বর্ধিত সমাজখনৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে আওপুৰণি পৰম্পৰাগত উৎপাদন ব্যৱস্থা অপাৰগ হোৱাৰ পিছত মানুহৰ বৈজ্ঞানিক চিন্তা – চৰ্চাৰ ফলত নানা যন্ত্রপাতি, কলা – কৌশলৰ আৱিষ্কাৰ হয়। ইউৰোপত হোৱা এলানি আৱিষ্কাৰে ইংলণ্ডত শিল্প বিপ্লৱৰ সৃষ্টি কৰে। এই বিপ্লরে আবিষ্কাৰ কৰা নতুন নতুন যন্ত্রপাতি, বাষ্পচালিত ইঞ্জিন আদি উৎপাদন ব্যৱস্থাত ব্যৱহাৰ কৰি সমাজত এক আমূল পৰিৱৰ্তনৰ সূচনা কৰে। উৎপাদন ব্যবস্থাত মানুহৰ কায়িক বা শাৰীৰিক শ্ৰমৰ পৰিৱৰ্তে যন্ত্রপাতি, নানা ইঞ্জিন – মেচিন আদিৰ ব্যৱহাৰ কৰা প্রক্রিয়াটোকে উদ্যোগীকৰণ বুলি ক’ব পাৰি ৷

আধুনিক যুগত বৰ্ধিত জংসংখ্যাৰ বৰ্ধিত চাহিদা পূৰণৰ বাবে, পৃথিৱীৰ সকলো দেশেই উৎপাদন ব্যৱস্থাৰ এক আমূল পৰিৱৰ্তন সাধন কৰি উৎপাদন বৃদ্ধি কৰা উদ্দেশ্যে বৃহৎ উদ্যোগ স্থাপন কৰি নানা যন্ত্রপাতি, ইঙিন কল – কাৰখানা স্থাপন কৰি অপৰ্যাপ্ত পৰিমাণে বিভিন্ন সামগ্ৰীৰ উৎপাদন কৰিবলৈ সক্ষম হয় ৷ এইদৰে উদ্যোগৰ জৰিয়তে উৎপাদন ব্যৱস্থাৰ আমূল পৰিৱৰ্তন অনা প্রক্রিয়াটোকে ঔদ্যোগীকৰণ বোলে।

ঔদ্যোগীকৰণৰ ফলত বিভিন্ন সামগ্ৰীৰ উৎপাদন ব্যবস্থা আমূল পৰিৱৰ্তন দেখা দিলে বস্ত্র উদ্যোগ, যাতায়ত – পৰিবহণ ব্যৱস্থা, ৰাস্তা – ঘাটৰ উন্নতি, কৃষি কাৰ্যৰ উন্নতি আদি নানা দিশত প্ৰভাৱ পেলাবলৈ সক্ষম হয় ৷

পৃথিৱীৰ সকলো দেশতে ঔদ্যোগীকৰণৰ প্ৰভাৱে এক আমূল পৰিৱৰ্তন আনিবলৈ সক্ষম হয়। ঔদ্যোগীকৰণৰ ফলত সকলো দেশেই প্রাকৃতিক সম্পদজি উদ্ভাৱন কৰি বিভিন্ন অত্যাধু সামগ্ৰী উৎপাদন কৰিবলৈ সক্ষম হয়।

ঔদ্যোগীকৰণৰ ফলাফল বা প্রভাব :
(ক) কুফলবোৰঃ
১। ঔদ্যোগীকৰণ বিকাশৰ লগে লগে আৰ্থিক জীৱনৰ কেন্দ্ৰ গ্ৰামাঞ্চলৰ পৰা নগৰ অঞ্চললৈ স্থানান্তৰিত হয়। ঔদ্যোগীকৰণে নগৰীকৰণ সৃষ্টি কৰে ফলত নতুন নতুন নগৰ – চহৰ সৃষ্টি হ’বলৈ ধৰিলে। হাজাৰ হাজাৰ লোকৰ গাঁওৰ পৰা নগৰলৈ কৰ্মসংস্থানৰ বাবে প্ৰব্ৰজন হ’বলৈ আৰম্ভ কৰে।

২। বৃহৎ ঔদ্যোগিক দেশবোৰত উদ্যোগৰ পৰা লাভ কৰা আয়ৰ পৰিমাণ, কৃষিৰ পৰা হোৱা আয়তকৈ বহু গুণে বেছি হৈছিল। ফলত সেইবোৰ দেশৰ জাতীয় আয় যথেষ্ট বৃদ্ধি পাইছিল।

৩। বৃহৎ ঔদ্যোগবোৰলৈ কেঁচা সামগ্ৰী আমদানি আৰু উৎপাদিত সামগ্ৰী ৰপ্তানি কৰাৰ বাৱে যাতায়াত আৰু পৰিবহণ ব্যৱস্থাৰ যথেষ্ট উন্নতি হয়। ৰাস্তা – ঘাটৰ যথেষ্ট উন্নতি সাধন হয়। ইয়াৰ ফলত যোগাযোগ ব্যৱস্থা উন্নত হয়।

৪। ঔদ্যোগীকৰণৰ ফলত নগৰ – চহৰবোৰত বৃদ্ধি পোৱা জনসংখ্যাই আন কিছুমান সমস্যাৰ সৃষ্টি কৰিছিল। জনসংখ্যা বৃদ্ধিয়ে নগৰবোৰত বাসস্থানৰ সমস্যা, স্বাস্থ্য ৰক্ষাৰ সমস্যা, পৰিষ্কাৰ পৰিচ্ছন্নতাৰ সমস্যাই দেখা দিয়ে। গাঁওৰ পৰা নগৰলৈ যোৱা মানুহৰ অৱস্থা অতি শোচনীয় হ’বলৈ আৰম্ভ কৰে। জীৱন – ধাৰণৰ মানদণ্ড অতি নিম্ন স্তৰৰ হয়। নগৰত ঔদ্যোগবোৰৰ পৰা অহা ধোঁৱা – ছাই আদিয়ে বায়ুমণ্ডলত প্ৰদূষণৰ সৃষ্টি কৰে ৷

৫। ঔদ্যোগীকৰণে সমাজখনক দুটা শ্ৰেণীত ভাগ কৰে। উৎপাদনৰ আহিলাবোৰ মালিকসকল আৰু আনহাতে ঔদ্যোগবোৰত কাম কৰা শ্ৰমিকসকল। অৰ্থাৎ পুঁজিপতি আৰু শ্রমিক।ইয়াৰ ফলতে ঔদ্যোগিক সমাজত শ্ৰেণী – সংগ্রাম সৃষ্টি হয় – কাৰণ উদ্যোগপতিসকলে সদায় মুনাফাৰ বৃদ্ধিৰ চেষ্টা কৰে আৰু আনহাতে শ্রমিকে সদায় মজুৰি বৃদ্ধিৰ বাবে চেষ্টা কৰে ফলত এই দুই বিপৰীত স্বাৰ্থৰ সংঘৰ্য হৈ শ্ৰেণীসংগ্ৰাম আৰম্ভ হয়

৬। ঔদ্যোগীকৰণৰ ফলত বৃহৎ উদ্যোগবোৰত অপর্যাপ্ত সামগ্রী উৎপাদিত হয়। এই উৎপাদিত বস্তু বিক্ৰীৰ বাবে ঔদ্যোগিক দেশবোৰে পৃথিৱীৰ আন আন দেশত বজাৰ বিচাৰি উপনিবেশ স্থাপন কৰি নানা বেপাৰ – বাণিজ্য সম্প্ৰসাৰণ কৰিবলৈ আৰম্ভ কৰে। ইয়াৰ ফলতে উপনিবেশবাদৰ সৃষ্টি হয় লগতে বাণিজ্যিক উন্নতি হয়। এই উপনিবেশবাদেই ক্রমে সাম্ৰাজ্যবাদলৈ ৰূপান্তৰিত
হয়।

৭। ঔদ্যোগীকৰণৰ ফলত জনসংখ্যা বৃদ্ধি পাবলৈ আৰম্ভ কৰে ৷ কিন্তু ঔদ্যোগীকৰণৰ উচ্চ পর্যায় পোৱা দেশবোৰত জন্মৰ হাৰ আৰু মৃত্যুৰ হাৰ ক্ৰমে কমি জনসংখ্যা বৃদ্ধিৰ হাৰ এটা স্থিৰ পৰ্যায়লৈ আহে। ইয়াৰ ফলত দেশত জনমূৰি আয় বৃদ্ধি পাবলৈ আৰম্ভ কৰে লগে লগে সামগ্ৰীৰ চাহিদাও বৃদ্ধি পায় আৰু ক্ৰমে জনসাধাৰণৰ জীৱন নিৰ্বাহৰ মানদণ্ড উন্নত হয় ৷

৮। ঔদ্যোগীকৰণে ক্ৰমে আধুনিক শিক্ষা – দীক্ষা, কাৰিকৰী প্ৰশিক্ষণ আৰু প্ৰযুক্তিবিদ্যাৰ সুবিধা প্ৰদানৰ দ্বাৰা শ্ৰমিকসকলৰ দক্ষতা বৃদ্ধি কৰে।

৯। ঔদ্যোগীকৰণে ঔদ্যোগিক সংগঠনৰো পৰিৱৰ্তন আনে ৷ ক্ৰমে উদ্যোগ প্রতিষ্ঠান কার্যাবলী বৃদ্ধি হোৱাৰ ফলত এজনীয়া মালিকী ব্যৱস্থাৰ পৰিৱৰ্তে সংযুক্ত মালিকী ব্যৱস্থাৰ প্ৰবৰ্তন হ’বলৈ ধৰে ফলত কোম্পানী, সংযুক্ত কোম্পানীৰ সৃষ্টি হয়।

১০। ঔদ্যোগীকৰণে পৃথিৱীৰ দেশবোৰক দুটা ভাগত ভাগ কৰিছে—
(ক) ঔদ্যোগিক। আৰু
(খ) অনুদ্যোগিক।

ঔদ্যোগিক দেশবোধে বৃহৎ উদ্যোগবোৰত কেৱল উৎপাদন কৰে। অনুদ্যোগিক দেশবোৰে ঔদ্যোগিক দেশবোৰক কেঁচা সামগ্ৰীৰ যোগান ধৰাৰ উপৰি উৎপাদিত সামগ্ৰীৰ বজাৰ হিচাপেও কাম কৰে।

১১। ঔদ্যোগীকৰণে শ্ৰমিকসকলৰ মাজত ঐক্যবদ্ধতাৰ ভাব সৃষ্টি কৰে। শ্ৰমিকসকলে নিজৰ অধিকাৰ সাব্যস্ত আৰু আদায় কৰাৰ বাবে শ্রমিক সংগঠনবোৰ গঢ়ি তোলে। ইয়াৰ ফলত সৃষ্টি হয় সমাজবাদী ভাৱধাৰাৰ।

১২। ঔদ্যোগীকৰণ আৰু নগৰীকৰণৰ ফলত সমাজত নিবনুৱা সমস্যা সৃষ্টি হয়। মানুহৰ কায়িক শ্ৰমৰ ঠাইত যন্ত্রপাতি কল – কাৰখানাত উৎপাদন হোৱা ব্যৱস্থাই মানুহৰ শাৰীৰিক শ্ৰমৰ আৱশ্যকতা কমাই আনে। বহু – মানুহৰ শ্ৰমৰ পৰিৱৰ্তে এটা মেচিন বা ইঞ্জিন আৰু যন্ত্রপাতি ব্যৱহাৰ কৰিয়ে উৎপাদন কার্য চলাব পৰা হ’ল, ফলত মানুহৰ শ্ৰমৰ আৱশ্যকতা কমি আহে। এই ব্যৱস্থাই ঔদ্যোগিক দেশবোৰত উৎকট নিবনুৱা সমস্যাৰ সৃষ্টি
কৰে।

(ক) কুফলবোৰঃ
১। ঔদ্যোগীকৰণে জনসংখ্যা বৃদ্ধি কৰি বিপুল জনসমাগমৰ পৰিৱেশ সৃষ্টি কৰাৰ ফলত নগৰীয়া অঞ্চলত বাসস্থানৰ অভাৱ গঢ়ি তোলে। খুউব কম ঠাইতে ঘন ঘনকৈ বসবাস কৰিব লগা হয়। সাধাৰণ মানুহনগৰত বাসস্থানহীন হৈ পৰে। নগৰৰ চাৰিওফালে বস্তি ক্ষেত্ৰ গঢ়লৈ উঠে এক অপৰিষ্কাৰ, লেতেৰা পৰিৱেশ গঢ়ি উঠে আৰু অস্বাস্থ্যকৰ পৰিৱেশ সৃষ্টি হয়। বৃহৎনগৰ – চহৰবোৰত অসংখ্য লোক পদ পথতে ৰাতি কটোৱা এটা সাধাৰণ ব্যৱস্থা গঢ়ি উঠে।

২। ঔদ্যোগীকৰণৰ ফলতে বৃহৎ উদ্যোগবোৰৰ ধোঁৱা – ছাই আৰু পৰিত্যক্ত নানা ৰাসায়নিক বস্তুই নগৰৰ জলবায়ু বিষাক্ত কৰি তোলে। এই ধোঁৱা আৰু ৰাসায়নিক বস্তুই নানা বেমাৰ আজাৰৰ সৃষ্টি কৰে। যান – বাহনৰ ধোঁৱা – ধূলি, শব্দ আদিয়ে নগৰৰ পৰিৱেশ কদৰ্য কৰি তোলে।

৩। ঔদ্যোগীকৰণে সমাজখনক দুটা বিৰোধী শ্ৰেণীত বিভক্ত কৰি তোলে। উদ্যোগবোৰৰ মালিক শ্ৰেণী আৰু উদ্যোগবোৰত কাম কৰা শ্রমিক শ্ৰেণী এই দুয়োটা শ্ৰেণীৰ স্বাৰ্থ বিপৰীতমুখী। মালিকসকলে সদায় তেওঁলোকৰ মুনাফা বৃদ্ধিৰ বাবে চেষ্টা কৰে আনহাতে শ্রমিকবোৰে সদায় তেওঁলোকৰ মজুৰি বৃদ্ধিৰ চেষ্টা কৰে। ইয়াৰ ফলত দুয়োটা শ্ৰেণীৰ সংঘৰ্ষত দুটা শ্রেণী সংগ্রামে গঢ় লৈ উঠে।

৪। ঔদ্যেগীকৰণে সমাজত মানুহক কর্মব্যস্ত কৰি তোলে। প্ৰায়বোৰ মানুহ একোটা যন্ত্ৰ পৰিণত হ’বলৈ আৰম্ভ কৰে। কাম আৰু স্বাৰ্থৰ বাহিৰে আন একো চিন্তা নকৰে। আত্মকেন্দ্ৰিক হৈ পৰে সমূহীয়া কামত অনিহা আহে। আন মানুহৰ লগত সম্পর্কহীনতা গঢ়ি উঠে। পৰস্পৰ মাজত সম্পর্ক নাইকিয়া হয়। ওচৰ – চুবুৰীয়াৰ লগত সম্পর্ক নাথাকে।

নিজৰ পৰিয়ালকলৈয়ে ব্যস্ত থাকে। এইদৰে ঔদ্যোগীকৰণে পৃথিৱীৰ প্ৰায়বোৰ দেশৰে সামাজিক আৰু আৰ্থিক দিশত এক কুফল দেখা দিছে। আমুল পৰিৱৰ্তন আনি দিছে ৷

1 thought on “সংৰচনাত্মক পৰিৱৰ্তন | Chapter 8 | Class 12 Sociology – AHSEC”

Leave a Comment

error: Content is protected !!
Scroll to Top