সাংস্কৃতিক পৰিবৰ্তন | Chapter 9 | Class 12 Sociology Chapter 9 সাংস্কৃতিক পৰিবৰ্তন | Class 12 Sociology Question and Answer | Assam Class 12 Sociology Solutions | AHSEC Class 12 HS Sociology Chapter 9 Notes | AHSEC Class 12 HS Sociology Chapter 9 Question and Answer | Questions and Answers for Class 12 Sociology Chapter 9 সাংস্কৃতিক পৰিবৰ্তন | HS Sociology Questions and Answers Assam | HS 2nd Year সাংস্কৃতিক পৰিবৰ্তন Sociology Question and Answer | Assam Board Class 12 Sociology Chapter 9 সাংস্কৃতিক পৰিবৰ্তন
সাংস্কৃতিক পৰিবৰ্তন
দ্বিতীয় খণ্ড: পাঠ: ২
অতি চমু প্রশ্নোত্তৰ
1. জ্যোতিবা ফুলে কোন আছিল?
উত্তৰঃ জ্যোতিবা ফুলে (১৮২৭- ৯০ AD) মহাৰাষ্ট্ৰৰ এজন চিৰনমস্য সমাজ সংস্কাৰক আছিল। তেওঁ দলিতসকলৰ বাবে কল্যাণমূলক কাম কৰিছিল। তেওঁ এজন ভাল লেখক আছিল। তেওঁ কেবাখনো স্কুল স্থাপন কৰিছিল।
2. ৰামকৃষ্ণ মিছন কোনে প্রতিষ্ঠা কৰিছিল?
উত্তৰঃ ৰামকৃষ্ণ পৰমহংসৰ প্ৰধান শিষ্য স্বামী বিবেকানন্দই ৰামকৃষ্ণ মিছ প্ৰতিষ্ঠা কৰিছিল।
3. আর্যসমাজ কোনে প্রতিষ্ঠা কৰিছিল?
উত্তৰঃ স্বামী দয়ানন্দ সৰস্বতীয়ে।
4. ব্রাহ্ম সমাজৰ প্ৰতিষ্ঠাতা কোন?
উত্তৰঃ ৰাজা ৰামমোহন ৰায়ে ১৮২৮ চনত প্ৰতিষ্ঠা কৰিছিল।
5. কোনে কেতিয়া প্রার্থনা সমাজ স্থাপন কৰিছিল?
উত্তৰঃ মহাৰাষ্ট্ৰৰ মহাদেৱ গোবিন্দ ৰাণাডে, ১৮৬৭ চনত প্ৰাৰ্থনা সমাজ স্থাপন কৰিছিল।
6. ভাৰতত থিঅ’ছফিকেল ছ’চাইটিৰ শাখা কোনে মুকলি কৰিছিল?
উত্তৰঃ ১৮২৮ চনত মেডাম ব্লাভাস্কিয়ে (Blavatsky), মাদ্ৰাজৰ ওচৰত আদিয়াত আৰম্ভ কৰিছিল। ১৮৮৬ চনত এনি বেচান্তে ইয়াৰ গুৰি দৰিছিল।
7. ‘পাশ্চাত্যকৰণ’ অৱধাৰণাটো কোনে আগবঢ়াইছে?
উত্তৰঃ এম এন শ্রীনিবাসে।
8. ভাৰতত প্ৰকাশ হোৱা প্ৰথম বাতৰি কাকতখনৰ নাম লিখা।
উত্তৰঃ বেংগল গেজেট।
9. কোনটো প্ৰধান ধৰ্ম ভাৰতত আছে?
উত্তৰঃ ভাৰতত থকা প্ৰধান ধৰ্ম হ’ল হিন্দু ধৰ্ম।
10. ৰাজা ৰামমোহন ৰায়ৰ কেইটিমান বৰঙণি উল্লেখ কৰা।
উত্তৰঃ ৰাজা ৰামমোহন ৰায়ক আধুনিক ভাৰতৰ পিতৃ বুলি জ্ঞান কৰা হয়। তেওঁৱেই ভাৰতত পোন প্ৰথমে সামাজিক সংস্কাৰ আন্দোলন আৰম্ভ কৰিছিল।
(১) ৰাজা ৰামমোহন ৰায়ৰ প্ৰচেষ্টাতে প্রথমে ব্ৰিটিছ চৰকাৰে আটাইতকৈ সাংঘাটিক সামাজিক কুসংস্কাৰ ‘সতীদাহ প্রথা’ ভাৰতত নিষিদ্ধ কৰি ১৮২৯ চনত আইন প্রণয়ন কৰিছিল।
(২) তেওঁৱেই ১৮২৮ চনত ভাৰতৰ পৰা বিভিন্ন কুসংস্কাৰ নিবাৰণ কৰিবলৈ ব্ৰহ্ম সমাজ প্রতিষ্ঠা কৰিছিল।
(৩) ৰাজা ৰামমোহন ৰায়ৰ চেষ্টাতে ভাৰতত পাশ্চাত্যৰ শিক্ষাৰ প্ৰবৰ্তন কৰা হৈছিল। তেওঁৰ উদ্যোগতে কলিকতাত বহুতো ভাৰতীয়ই ইংৰাজীতে শিক্ষা – দীক্ষা লৈছিল।
(৪) তেওঁৱেই প্ৰথমে হিন্দু জাতি ভেদ প্ৰথাৰ বিৰুদ্ধে মাত মাতিছিল। তেওঁ হিন্দুসকলৰ মাজত থকা বাল্য বিবাহ, সতীদাহ প্ৰথাৰ বিৰোধিতা কৰিছিল আৰু বিধবা বিবাহ প্রচলন পৃষ্ঠপষকতা কৰিছিল ৷
11. তিনি জন সংস্কাৰকৰ নাম লিখা।
উত্তৰঃ তিনি জন সংস্কাৰকৰ নাম—
(১) ৰাজা ৰামমোহন ৰায়।
(২) স্বামী দয়ানন্দ সৰস্বতী।
(৩) মহাদেৱ গোবিন্দ বানাড়ে।
12. ধৰ্ম নিৰপেক্ষ দেশ / ৰাষ্ট্ৰ বুলিলে কি বুজা?
উত্তৰঃ যি দেশে সকলো ধর্মকে সমান জ্ঞান কৰে আৰু সমানে সম্মান কৰে আৰু যি দেশৰ নিজা কোনো ৰাষ্ট্ৰীয় ধর্ম নাথাকে তাকে ধর্ম নিৰপেক্ষ দেশ বোলে। এনে ৰাষ্ট্ৰৰ মানত সকলো ধৰ্ম সমান।
13. আর্য সমাজৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ আর্য সমাজৰ বৈশিষ্ট্য দুটা—
(১) স্বামী দয়ানন্দ সৰস্বতীয়ে হিন্দু ধৰ্মৰ বেদ শাস্ত্ৰৰ ভিত্তিৰে হিন্দু সমাজৰ কু – প্রথাবোৰ দূৰ কৰিবলৈ যত্ন কৰিছিল আৰ্য সমাজ প্ৰতিষ্ঠা কৰি।
(২) তেওঁ স্ত্রী শিক্ষা, বিধবা – বিবাহ আৰু শুদ্ধি আন্দোলনৰ দ্বাৰা আন ধৰ্মৰ মানুহকো আকৃষ্ট কৰিছিল।
14. মহিলাৰ বাবে জটিবা ফুলে ক’ত প্ৰথমে স্কুল প্রতিষ্ঠা কৰিছিল?
উত্তৰঃ জটিবা ফুলে প্রথমে ১৮৫১ চনত, পুনেত এখন ছোৱালী স্কুল প্রতিষ্ঠা কৰিছিল।
15. দলিত সকল কোন?
উত্তৰঃ দলিতসকল ভাৰতীয় সমাজৰ একেবাৰে নিম্ন প্ৰস্থিতিৰ এটা শ্ৰেণী। তেওঁলোক যুগ যুগ ধৰি শোষিত হৈ অহা এটা শ্ৰেণী। তেওঁলোকৰ জীৱন অতি অসন্মানিত, দুখ – কষ্টৰে ভৰা জীৱন, এক নিৰ্যাতিত আৰু অৱহেলিত জীৱন ৷
16. কাৰ নেতৃত্বত, ক’ত ভাৰতৰ নৱজাগৰণ আৰম্ভ হৈছিল?
উত্তৰঃ বংগদেশত, প্রখ্যাত মনীষী ৰাজা ৰামমোহন ৰায়ৰ নেতৃত্বত নৱজাগৰণ আৰম্ভ হৈছিল।
17. ভিভিয়ান ডিৰ জিঅ ‘ কোন?
উত্তৰঃ ভিভিয়ান ডিৰ জিঅ হিন্দু কলেজৰ এজন – ডেকা অধ্যাপক আছিল। তেওঁ বংগদেশত ইয়ং বেংগল নামৰ এটা প্ৰগতিবাদী আন্দোলন গঢ়ি তুলিছিল।
18. সংস্কৃতিকৰণ অৱধাৰণাটো এম, এন, শ্রীনিবাসে কেতিয়া আগবঢ়ায়?
উত্তৰঃ ১৯ শতিকাত উপনিবেশতাৰ সংস্কাৰ আন্দোলনৰ সময়ত।
19. কেতিয়া RTI আইনখন গৃহীত আৰু বলবৎ হৈছিল?
উত্তৰঃ RTI আইনখন ২০০২ চনতে গৃহীত হৈছিল যদিও ২০০৫ চনতহে বলবৎ হৈছিল।
20. কি উদ্দেশ্যক সাৰোগত কৰি ১৮২৮ চনত ব্রাহ্মসমাজ প্রতিষ্ঠা কৰা হৈছিল?
উত্তৰঃ আধুনিক ভাৰতৰ পিতৃস্বৰূপ, বংগদেশৰ মনীষী ৰাজা ৰামমোহন ৰায়ে হিন্দু ধৰ্ম সংস্কামুক্ত কৰি বেদ আৰু উপনিষদৰ ভিত্তিত জাতি বর্ণ নির্বিশেষে এক ঈশ্বৰক বিশ্বাস কৰিবলৈ আৰু লগতে ৰাজনীতি আৰু সমাজ সংস্কাৰ কৰাৰ উদ্দেশ্য সাৰোগত কৰি ১৮২৮ চনত ব্ৰাহ্মসভা প্রতিষ্ঠা কৰিছিল পাছত এই সভা ব্ৰাহ্ম সমাজ নামেৰে জনাজাত হৈছিল।
21. কি উদ্দেশ্য সাৰোগত কৰি, কেতিয়া, কোনে ব্ৰাহ্ম সভা ‘ বা ‘ ব্রাহ্ম সমাজ প্রতিষ্ঠা কৰিছিল? নাইবা, ব্রাহ্ম সমাজৰ তিনিটা লক্ষ্য ৰা আদৰ্শ (নীতি) লিখা।
উত্তৰঃ (ক) ব্রাহ্ম সমাজ প্ৰতিষ্ঠাৰ উদ্দেশ্য আছিল—
(১) হিন্দু ধৰ্মক সংস্কাৰ কৰা।
(২) এক জাতি এক ধৰ্ম প্ৰতিষ্ঠা কৰা।
(৩) বেদ উপনিষদৰ ভিত্তিত জাতি – বর্ণ – নির্বিশেষে এক ঈশ্বৰক বিশ্বাস কৰা ৷
(৪) ১৮২৮ চনত, বংগদেশৰ মনীষী ৰাজা ৰামমোহন ৰায়ে এই সভা প্রতিষ্ঠা কৰিছিল।
22. ৰাজা ৰামমোহন ৰায়ৰ মৃত্যুৰ পিছত ব্ৰাহ্ম সমাজৰ দায়িত্বভাৰ গ্ৰহণ কৰা ব্যক্তি দুজনৰ নাম লিখা।
উত্তৰঃ ব্যক্তি দুজন হ’ল—
(১) মহর্ষি দেবেন্দ্র নাথ ঠাকুৰ। আৰু
(২) কেশৱ চন্দ্ৰ সেন ৷
23. ৰাজা ৰামমোহন ৰায়ৰ দুটা অৱদান লিখা।
উত্তৰঃ অৱদান দুটা হ’ল—
(১) ভাৰতত ইংৰাজী শিক্ষা প্ৰৱৰ্তনত আগভাগ লৈছিল।
(২) সমাজ আৰু ধৰ্মীয় সংস্কাৰৰ বাবে ১৮২৮ চনত ব্ৰাহ্ম সমাজ প্ৰতিষ্ঠা কৰে ৷
24. ৰাজা ৰামমোহন ৰায়ক আধুনিক ভাৰতৰ পিতৃস্বৰূপ আখ্যা দিয়াৰ কাৰণ উল্লেখ কৰা।
উত্তৰঃ পিতৃস্বৰূপ বুলি আখ্যা দিয়াৰ কাৰণকেইটা হৈছে—
(ক) ৰাজা ৰামমোহন ৰায়ৰ নেতৃত্বত ভাৰতত নৱজাগৰণৰ সূচনা হয়।
(খ) তেওঁ ভাৰতবৰ্ষত ইংৰাজী শিক্ষা প্ৰৱৰ্তন কৰাত আগভাগ লৈছিল।
(গ) ৰাজনৈতিক, সামাজিক আৰু ধৰ্মীয় সংস্কাৰৰ ক্ষেত্ৰতো তেওঁ আগভাগ লৈছিল।
(ঘ) তেওঁ হিন্দু ধর্ম সংস্কামুক্ত কৰি বেদ আৰু উপনিষদৰ ভিত্তিত জাতি বর্ণ – নির্বিশেষে এক ঈশ্বৰক বিশ্বাস কৰিবলৈ প্ৰচাৰ কৰাৰ উদ্দেশ্যে ব্রাহ্ম সমাজ প্রতিষ্ঠা কৰিছিল।
25. সমাজ সংস্কাৰ আন্দোলনৰ চাৰিটা বৈশিষ্ট্য উল্লেখ কৰা।
উত্তৰঃ সমাজ সংস্কাৰ আন্দোলনৰ চাৰিটা বৈশিষ্ট্যসমূহ—
(১) সামাজিক আন্দোলন প্রায় সকলো সময়তে সমাজ বিৰোধী হয় ৷
(২) সমাজ সংস্কাৰ আন্দোলন সদায়ে পৰিকল্পিত আৰু ইচ্ছাকৃত আন্দোলন।
(৩) ইয়াৰ মূল উদ্দেশ্য হ’ল সমাজ সংস্কাৰ সাধন কৰা।
(৪) এই আন্দোলত এক উমৈহতীয়া প্ৰচেষ্টাৰ আৱশ্যক হয়।
26. ভাৰতৰ কেইটিমান সমাজ সংস্কাৰ সংগঠনৰ নাম লিখা।
উত্তৰঃ ভাৰতৰ কেইটিমান সমাজ সংস্কাৰ সংগঠনৰ নাম হ’ল—
(i) আর্য সমাজ।
(ii) ব্রাহ্ম সমাজ।
(iii) প্রার্থনা সমাজ।
(iv) হৰিজন সেৱক সমাজ।
(v) ৰামকৃষ্ণ মিছন।
(vi) ভাৰত সেৱক সমাজ।
27. ৰাজা ৰামমোহন ৰায়ৰ অৱদানৰ এটি চমু আভাস দিয়া।
উত্তৰঃ বংগদেশৰ খ্যাতনামা মনীষী ৰাজা ৰামমোহন ৰায় আধুনিক ভাৰতৰ পিতৃস্বৰূপ। তেওঁৰ নেতৃত্বতে ভাৰতত আধুনিক যুগৰ সূচনা হয়, নৱজাগৰণ আৰম্ভ হয়। তেওঁৰ চেষ্টাতে ভাৰতত পাশ্চাত্যৰ আধুনিক জ্ঞান – বিজ্ঞানৰ শিক্ষা প্ৰৱৰ্তন হৈছিল। ৰাজনীতি, সমাজ আৰু ধৰ্মীয় সংস্কাৰৰ ক্ষেত্ৰতো তেওঁ অগ্ৰণী আছিল। তেওঁ হিন্দু ধৰ্ম আৰু সমাজৰ কু – সংস্কাৰবোৰ আঁতৰাবৰ বাবে ব্রাহ্ম সমাজ প্রতিষ্ঠা কৰি বেদ – উপনিষদৰ ভিত্তিত জাতি – বর্ণ নির্বিশেষে এক ঈশ্বৰক বিশ্বাস কৰিবলৈ প্ৰচাৰ কাৰ্য চলাইছিল। তেওঁ হিন্দু ধৰ্মৰ অন্ধবিশ্বাস, কুসংস্কাৰবোৰ আঁতৰাবৰ বাবে চৰকাৰী পক্ষৰ সহায় লৈছিল। সমাজত ইংৰাজী ভাষা – সাহিত্য আৰু আধুনিক বিজ্ঞানৰ প্ৰৱৰ্তনত আগভাগ লৈছিল।
28. সংস্কৃতি কি?
উত্তৰঃ বিখ্যাত সমাজশাস্ত্রবিদ টাইলাৰৰ মতে— “সংস্কৃতি” হ’ল এটা জটিল সংমিশ্রণ যিটোৱে মানুহে সমাজৰ সদস্য হিচাপে আহৰণ কৰা জ্ঞান, বিজ্ঞান, কলা, নৈতিকতা, আইন, সামাজিক প্রথা আৰু অন্যান্য সামর্থ্য আৰু অভ্যাস আদি সামৰি লয়।” সংস্কৃতি অমূর্ত, মানুহৰ জাতি, ধর্ম, বিশ্বাস, সামাজিক প্রথা, ৰীতি – নীতি, নৈতিকতা আচাৰ – ব্যৱহাৰ আদিৰে যি সংস্কৃতি প্রকাশ পায় ই দৃশ্যমান নহয়। বিভিন্ন যুগত মানৱ জাতিয়ে সৃষ্টি কৰা সামগ্ৰীয়ে সংস্কৃতিৰ পৰিচয় দিয়ে যদিও সামগ্ৰীবোৰ সংস্কৃতি নহয় ইয়াৰ যোগেদি প্ৰকাশ পোৱা কলা – কৌশলহে সংস্কৃতি।
29. অসমীয়া ল’ৰাৰ মিত্ৰ পুথিখন কোনে লিখিছিল?
উত্তৰঃআনন্দৰাম ঢেকিয়াল ফুকনে ৷
30. কোনে কলিকতাত চিকিৎসা মহাবিদ্যালয় স্থাপন কৰিছিল?
উত্তৰঃ লর্ড উইলিয়াম বেন্টিংকে।
31. ভাৰতত কৃষক আন্দোলনৰ দুটা উদাহৰণ দিয়া।
উত্তৰঃ ভাৰতত কৃষক আন্দোলনৰ দুটা উদাহৰণ—
(১) দৰঙৰ পথৰু ঘাটৰ কৃষক বিদ্ৰোহ বা আন্দোলন। আৰু
(২) নীলখেতিৰ বাবে হোৱা কৃষক বিদ্ৰোহ।
ৰচনাধৰ্মী প্রশ্নোত্তৰ
1. আধুনিকীকৰণ (modernisation) বুলিলে কি বুজা?
উত্তৰঃ আধুনিকীকৰণ সামাজিক পৰিৱৰ্তনৰ এটা পদ্ধতি ৷ আধুনিকীকৰণ এই শব্দটো প্ৰথম অৱস্থাত এটা ধাৰণাহে আছিল পদ্ধতি হোৱা নাছিল। ইয়াৰ অৰ্থ আৰু ব্যাখ্যাৰ ক্ষেত্ৰত সমাজ বিজ্ঞানীসকল একমত নহয়। দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ দশকত, ইংলেণ্ড, আমেৰিকা আদি পুঁজিবাদী উদ্যোগিক দেশৰ বাৰে বিশ্বাস কৰিছিল যে— আধুনিকীকৰণেই হ’ল তৃতীয় বিশ্বৰ দেশসমূহৰ অৰ্থনৈতিক উন্নয়নৰ একমাত্ৰ চাবিকাঠি। গতিকে আধুনিকৰণৰ ধাৰণাটোক, কিদৰে এই সমাজবোৰক পুঁজিবাদৰ জৰিয়তে উন্নত কৰিব পাৰি তাৰেই ব্যাখ্যা বুলি ক’ব পাৰি। পাশ্চাত্যৰ বিশেষজ্ঞসকলে ভাৰতৰ নিচিনা উন্নয়নশীল দেশবোৰক এনেকুৱা ব্যাখ্যাৰে পতিয়ন নিয়াব খোজে যে পুঁজিবাদী নীতিৰে অৰ্থনৈতিক উন্নয়ন হোৱাটো সম্ভৱপৰ। এই দৃষ্টিভংগীৰে চাবলৈ গ’লে ‘ আধুনিকীকৰণ নিৰ্ভৰ কৰে কাৰিকৰী ব্যৱস্থা আৰু ইয়াক ব্যৱহাৰ কৰা জ্ঞান ব্যৱহাৰৰ ওপৰত। ইয়াৰ উপৰি আধুনিকীকৰণ ‘ সম্ভৱপৰ কৰি তুলিবলৈ হ’লে কেইটামান আগতীয়াকৈ পূৰণ কৰিবলগীয়া সামাজিক আৰু ৰাজনৈতিক উপাদান (কাৰক) ৰ চিনাক্ত কৰা হৈছে। এই কাৰবোৰ তলত উল্লেখ কৰা হ’ল—
(১) শিক্ষাৰ সম্প্ৰসাৰণ।
(২) গণমাধ্যমৰ উন্নয়ন ৷
(৩) সকলোৱে ব্যৱহাৰ কৰিব পৰা পৰিবহণ আৰু যোগাযোগ ব্যৱস্থা।
(৪) গণতান্ত্ৰিক ৰাজনৈতিক সংস্থা।
(৫) বৰ্ধিত সংখ্যক নগৰীয়া আৰু গতিশীল জনসাধাৰণ ৷
(৬) যৌথ বৃহৎ পৰিয়ালৰ পৰিৱৰ্তে একক পবিয়াল বৃদ্ধি হোৱা আৱশ্যক।
(৭) জটিল শ্রম বিভাজন।
(৮) ধৰ্মৰ ৰাজহোৱা প্ৰভাৱ হ্ৰাসকৰণ।
(৯) জনসাধাৰণৰ মাজত আৱশ্যকীয় বস্তু আৰু সেৱা বিনিময় কৰাৰ বাবে উন্নত বজাৰৰ আৱশ্যক। সামাজিক ব্যৱস্থাত আগতীয়াকৈ আৱশ্যক হোৱা এই উপাদানবোৰৰ উপস্থিতিৰ ফলতে আধুনিকীকৰণৰ সৃষ্টি হয় বুলি ক’ব পাৰি। এই ক্ষেত্ৰত আধুনিকীকৰণ শব্দটো এটা বহল অৰ্থত ব্যৱহাৰ কৰা হৈছে। কিছুমান সমাজতত্ত্ববিদে আধুনিকীকৰণ ‘ কেৱল সংৰচনাত্মক (Structural) দিশতে সীমিত থাকে বুলি ভাবে। আৰু আন কিছুমানে ইয়াৰ সাংস্কৃতিক দিশৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰে। অৱশ্যে আধুনিকীকৰণৰ ধাৰণাটো সামাজিক পৰিবৰ্তনৰ পদ্ধতি হিচাপে Learner’s Writing- তহে পোৱা যায়।
Daniel Thorner- ৰ আধুনিকীকৰণৰ ৰচনাত ইয়াৰ ব্যাখ্যা এইদৰে দিছে- “Modernisation is the current term for an old process the process of social change where by less developed societies acquired characteristics common to more developed societies.” (আধুনিকীকৰণ হ’ল এটা পুৰণি পদ্ধতিৰে নতুন প্রচলিত নামই এনে এটা সামাজিক পৰিৱৰ্তন পদ্ধতি যাৰ দ্বাৰা কম উন্নত সমাজবোৰে বেছি উন্নত সমাজৰ লগত মিল থকা বৈশিষ্ট্যবোৰ আহৰণ কৰে। গতিকে আমি ইয়াৰ দ্বাৰা ইয়াকে ক’ব পাৰোঁ যে আধুনিকীকৰণ এটা পৰিৱৰ্তন পদ্ধতি যিটোৱে এখন দেশক উন্নয়নৰ গতিশীল অৱস্থাৰ পৰা উন্নত দেশত পৰিণত কৰে। ই সমাজত অর্থনৈতিক উন্নয়ন এটা বাতাবৰণৰ সৃষ্টি কৰে। দেশখনৰ উদ্যোগীকৰণ আৰু নগৰীকৰণ, জাতীয় আয় আৰু জনমূৰি আয় বৃদ্ধিয়ে উন্নয়ন বৃদ্ধি হোৱাটোক নিশ্চিত কৰে।
2. যিকেইটা পৰিৱৰ্তন প্ৰক্ৰিয়াৰ আধাৰত ভাৰতীয় সমাজৰ পৰিৱৰ্তনৰ বিষয়ে বুজিব পাৰি সেইকেইটা উল্লেখ কৰা। যিকোনো এটা পৰিৱৰ্তন প্ৰক্ৰিয়াৰ ওপৰত এটা টোকা লিখা।
উত্তৰঃ ছাত্ৰ-ছাত্ৰীয়ে নিজেই কৰা।
3. ভাৰতৰ নৱ – চেতনাৰ যুগত প্ৰাৰ্থনা সমাজ আৰু আর্য সমাজৰ ভূমিকা সম্বন্ধে এটি সমীক্ষা আগবঢ়োৱা।
নাইবাঃ সামাজিক সংস্কাৰ প্ৰৱৰ্তন কৰি সংস্থা দুটাৰ চমু বিৱৰণ দিয়া।
উত্তৰঃ নৱ – চেতনাৰ যুগঃ মোগল যুগত আৰু ইংৰাজ কোম্পানীৰ শাসনৰ আদি ছোৱাত হিন্দু ধৰ্ম সংকীৰ্ণ, কু – সংস্কাপন্ন, আৰু গোড়ামিৰ মাজত ডুব গৈ আছিল। বংগদেশৰ সমাজ সংস্কাৰক ৰাজা ৰামমোহন ৰায়ে সৰ্বপ্ৰথমে হিন্দু ধৰ্মক সংস্কামুক্ত কৰাৰ কথা চিন্তা কৰে। ৰাজা ৰামমোহন ৰায়ৰ ধৰ্ম সংস্কাৰ আন্দোলনক তিনিটা ভাগত ভগাব পাৰি—
(১) পাশ্চাত্য যুক্তিবাদী ধর্ম।
(২) প্ৰাচীন ভাৰতীয় ঐতিহ্যগত মূল ধৰ্ম। আৰু
(৩) দুয়োধাৰাব মধ্যপন্থী সমন্বয়বাদী ধর্ম আন্দোলন।
হিন্দু ধৰ্মৰ কিছুমান সংকীৰ্ণ আৰু কু – সংস্কাৰাপন্ন প্ৰথা পাশ্চাত্য শিক্ষাবে শিক্ষিত লোকে ভাল নাপাইছিল। সেইবোৰ কাৰণতে ৰাজা ৰামমোহন ৰায়ে ১৮২৮ খ্ৰীঃত ব্ৰাহ্মসভা প্রতিষ্ঠা কৰে। এই অনুষ্ঠানৰ দ্বাৰা তেওঁলোকে মূর্তি পূজাৰ প্ৰতিবাদ কবি একেশ্বৰবাদব প্ৰচাৰ আৰম্ভ কৰে। ব্ৰাহ্মসভাৰ সভ্যভুক্তিৰ দুৱাৰ সকলো ধৰ্মৰ মানুহৰ বাবে ভোলা আছিল। ইয়াৰ কিছুদিন পাছত মহর্ষি দেবেন্দ্রনাথ ঠাকুৰৰ পৌৰোহিত্যত এই সভাক ব্রাহ্মসমাজ নাম দিয়া হয়। পাছত ব্ৰাহ্মসমাজত কেশবচন্দ্র সেনেও যোগদান কৰে। তেওঁৰ নেতৃত্বত ব্রাহ্মসমাজ নাম দিয়া হয়। পাছত ব্রাহ্মসমাজত কেশবচন্দ্র সেনেও যোগদান কৰে। তেওঁৰ নেতৃত্বত ব্রাহ্মসমাজে জাতিভেদ প্রথা, বাল্যবিবাহ, বহু বিবাহ পর্দাপ্রথা আদি কু – সংস্কাৰৰ বিৰুদ্ধে প্রস্তাব গ্ৰহণ কৰে ৷
প্রার্থনা সমাজ :- প্ৰাৰ্থনা সমাজৰ ধৰ্মীয় সংস্কাৰ আন্দোলনৰ ঢৌৱে মহাৰাষ্ট্ৰলৈকে প্ৰসাৰতা লাভ কৰে। তাত মহাদেৱ গোবিন্দ ৰাণাডে ব্ৰাহ্ম সমাজৰ অনুকৰণত প্ৰাৰ্থনা সমাজ প্ৰতিষ্ঠা কৰে আৰু ধৰ্মীয় কুসংস্কাৰবোৰৰ বিৰুদ্ধে যুঁজিবলৈ স্থিৰ কৰে। ওপৰত আলোচনা কৰা দুয়োখন সমাজেই পাশ্চাত্য যুক্তিবাদৰ ওপৰত প্ৰতিষ্ঠিত আছিল। জাতিভেদ প্ৰতিৰোধ, অস্পৃশ্যতা বর্জন, অসবর্ণ – বিবাহ, বিধৱা – বিবাহ, বিভিন্ন সম্প্ৰদায়ৰ মাজত খোৱা – লোৱা, নিম্নখাপৰ মানুহৰ উন্নয়ন আদি কাৰ্যত এই সমাজে জোৰ দিছিল। আর্য সমাজ :- কিন্তু গুজৰাটৰ পণ্ডিত দয়ানন্দ সৰস্বতীয়ে কেৱল হিন্দু প্রাচীন শাস্ত্র ভিত্তিৰে হিন্দু সমাজৰ কু – প্রথাবোৰ দূৰ কৰিবলৈ যত্ন কৰি আৰ্য সমাজ প্রতিষ্ঠা কৰে। তেওঁৰ মতে আধুনিক যুগৰ জ্ঞান – বিজ্ঞানৰ সকলো কথা বেদৰ ভিতৰতে পোৱা যায়। তেওঁৰ মতে আধুনিক যুগৰ জ্ঞান – বিজ্ঞানৰ সকলো কথা বেদৰ ভিতৰতে পোৱা যায়। তেওঁ বেদৰ ব্যাখ্যা দাঙি ধৰি জনসাধাৰণক অভিভূত কৰি তুলিছিল। তেওঁ স্ত্রী – শিক্ষা, বিধৱা বিবাহ আৰু শুদ্ধি আন্দোলনৰ দ্বাৰা আন ধৰ্মৰ লোকক হিন্দু ধৰ্মলৈ ধৰ্মান্তৰিত কৰাৰ ব্যৱস্থা কৰি হিন্দু ধৰ্মক এক নতুন জীৱন দান কৰে। ইয়াৰ পাছতে ১৯ শতিকাৰ ধৰ্ম আন্দোলনত অপৰিসীম অৱদান। যোগায় ৰামকৃষ্ণ পৰমহংসদেৱে। তেওঁ যত মত তত পথ’ নীতি প্ৰচাৰ কৰি সকলো প্ৰকাৰ ধৰ্ম মতৰ সমন্বয় ঘটায়।
তেওঁ আচাৰ – অনুষ্ঠান আৰু সংকীর্ণতা পৰিহাৰ কৰি মানৱতাক সর্বোচ্চ স্থান দিয়ে। তেওঁৰ শিষ্য স্বামী বিবেকানন্দই হিন্দু ধৰ্মৰ বেদ – বেদান্ত আৰু দৰ্শনৰ মূল তত্ত্ব কথা বিশ্ববাসীক অৱগত কৰাবলৈ সক্ষম হৈছিল। তেওঁৰেই হিন্দু ধৰ্মত সমাজ সেৱাৰ আদৰ্শ সঞ্চাৰ কৰে। দৰিদ্ৰ, অৱহেলিত মানৱৰ সেৱাই তেওঁৰ মতে প্রকৃত ধর্ম। তেওঁ প্ৰাচীন ভাৰতীয় সভ্যতাৰ গৌৰৱৰ কথা ভাৰতবাসীক স্মৰণ কৰাই দিয়ে।
4. সংস্কৃতকৰণ আৰু পাশ্চাত্যকৰণ মানে কি বুজা? জাতি ব্যৱস্থাৰ ওপৰত পাশ্চাত্যকৰণৰ প্ৰভাৱ সম্পৰ্কে আলোচনা কৰা।
উত্তৰঃ জাতি ব্যৱস্থা ভাৰতৰ হিন্দু সমাজৰ সাংগঠনিক ভেটি। ভাৰতীয় সমাজত জাতি ব্যৱস্থা এক সুপ্রতিষ্ঠিত প্রথা, ইয়াত প্ৰতিটো জাতিৰ প্ৰস্থিতি স্থায়ী বুলি গণ্য কৰা হয়। ব্যক্তিৰ জীৱনৰ গতিশীলতা এই জাতিৰ ভিতৰতে হয়। কোনো এটা উচ্চ জাতিৰ প্ৰথা, ৰীতি – নীতি আৰু বিশ্বাস অনুসৰণ কৰি নীচ জাতিৰ লোকসকলেও উচ্চ পর্যায়লৈ উন্নীত হ’ব পাৰে। আনহাতে কোনো এটা উচ্চ জাতিৰ উচ্চ পর্যায় এটা পাশ্চাত্যৰ ৰীতি – নীতি, আচৰণ আৰু বিশ্বাস আদি অনুসৰণ কৰা বাবে একেটা স্থানতে স্থিৰ হৈয়ে ৰব পাৰে। বৰ্তমানৰ জাতিপ্ৰথাৰ এই দুটা মনোভাব বুজিবৰ বাবে সংস্কৃতকৰণ আৰু পাশ্চাত্যকৰণৰ বিষয়ে তলত আলোচনা কৰা হ’ল—
অর্থ :- সংস্কৃতকৰণ পদ্ধতিয়ে জাতি কাঠামোৰ ভিতৰৰ গতিশীলতাক বুজায়। আনহাতে পাশ্চাত্যকৰণে জাতি কাঠামোৰ বাহিৰৰ গতিশীলতাক বুজায়।
১। সংস্কৃতকৰণ :- সমাজতাত্ত্বিক এম, এন, শ্রীনিবাস মতে সংস্কৃতকৰণ ভাৰতীয় সমাজৰ আধুনিকীকৰণৰ এটা প্ৰক্ৰিয়া। বৰ্তমান সমাজ ব্যৱস্থাত এটা লক্ষণীয় মনোভাব হ’ল– নিম্ন শ্ৰেণী বা জাতৰ লোকসকলে উচ্চ বা সম্রান্ত লোকৰ আচাৰ – ব্যৱহাৰ, ৰীতি – নীতি, আচৰণ, বিশ্বাস আদি গ্ৰহণ কৰি নিজৰ সামাজিক স্থান উন্নত কৰিবলৈ এক প্রচেষ্টা চলা। এনে প্ৰচেষ্টাৰ ফলতে নিম্ন জাতৰ লোকসকলেও নিজৰ জাতিৰ ভিতৰতে নিম্ন স্থানৰ পৰা উচ্চ স্থানলৈ গতি কৰে। এই সামাজিক গতিশীলতাকে সংস্কৃতকৰণ বোলে। উদাহৰণস্বৰূপে ভাৰতৰ কিছুমান নিম্ন জাতিৰ লৈাকে উচ্চ জাতিবোৰৰ পিন্ধন – উৰণ, খাৱন – দাৱন, চলন – ফুৰণ, আচাৰ – ব্যৱহাৰ, ধৰ্মীয় বিশ্বাস, আদি অনুসৰণ কৰি তেওঁলোকৰ মাজত প্ৰচলিত কুসংস্কাৰ, কুপ্রথা, অন্ধবিশ্বাস এৰি, শিক্ষা – দীক্ষা লৈ নিজৰ সামাজিক স্থান যথেষ্ট উন্নত কৰিছে যাৰ ফলত বাহ্যিক দৃষ্টিত নিম্ন আৰু উচ্চ জাতিৰ পাৰ্থক্য নাইকিয়া হৈ পৰিছে। ইয়াৰ দ্বাৰা সমাজত এটা পৰিৱৰ্তনৰ সূচনা হৈছে।
২। পাশ্চাত্যকৰণ :- পাশ্চাত্যকৰণ সমাজ পৰিৱৰ্তনৰ আন এটা প্রক্রিয়া, অধ্যাপক এম, এন, শ্রীনিবাস মতে ই ভাৰতৰ জাতিপ্ৰথাৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত এক উল্লেখযোগ্য ভূমিকা গ্রহণ কৰিছে। যেতিয়া উচ্চ জাতৰ লোকসকলে পাশ্চাত্যৰ মনোভাৱত উদ্বুদ্ধ হৈ পশ্চিমীয়া সাজ – পাৰ, খানা – পিনা, আচাৰ – ব্যৱহাৰ, কথা – বতৰা, আচৰণ আদি অনুসৰণ কৰে আৰু জাতিৰ নিৰপেক্ষ মনোভাব লয় তাকে পাশ্চাত্যকৰণ বোলে ৷ অধ্যাপক শ্ৰীনিবাসৰ মতে সংস্কৃতকৰণ জাতি – কাঠামোৰ ভিতৰত হোৱা গতিশীলতা আৰু পাশ্চাত্যকৰণ জাতি কাঠামোৰ বাহিৰত হোৱা গতিশীলতা। পাশ্চাত্যকৰণ যে উচ্চ জাতিৰ মাজতে দেখা যায় তেনে নহয়। নিম্ন জাতৰ লোকেও পাশ্চাত্যৰ আচাৰ – ব্যৱহাৰ, ৰীতি – নীতি অনুকৰণ কৰি নিজৰ পৰ্যায়ৰ পৰিৱৰ্তন আনিব পাৰে। মুঠতে পাশ্চাত্যৰ প্ৰভাৱত পৰি জাতি ব্যৱস্থাৰ উন্নত স্থান নিৰ্ণয় কৰা ই এক প্ৰক্ৰিয়া বুলিয়ে ক’ব পাৰি। সমাজতাত্ত্বিক শ্রীনিবাসে বিশেষকৈ ইউৰোপীয় লোকৰ আহিত ভাৰতীয় লোকসকলে খোৱা – বোৱা, চাল – চলন, কথা – বতৰা, থকা – মেলা আদি প্ৰথাবোৰ অনুকৰণ কৰি বিশেষ ধৰণৰ জীৱন প্রণালী গঢ় দিয়াকে পাশ্চাত্যকৰণ আখ্যা দিছে। মুঠতে, প্রাচীন ভাৰতৰ জাতি ব্যৱস্থাৰ যি ৰক্ষণশীল ব্যৱস্থা প্ৰচলিত হৈ আছিল তাৰ বিপৰীতে পাশ্চাত্যকৰণৰ জৰিয়তে উচ্চ বৰ্ণৰ হিন্দুৱে পশ্চিমীয়া জীৱন প্ৰণালীক অনুকৰণ কৰে আৰু নিম্ন বৰ্ণ হিন্দুসকলে ব্রাহ্মণ আদি উচ্চ জাতিসমূহৰ সামাজিক ব্যবস্থা অনুকৰণ কৰি সংস্কৃতকৰণৰ জৰিয়তে নিজৰ প্ৰস্থিতি উন্নীত কৰে। অৱশ্যে নিম্নজাত ভাৰতীয়সকলৰ মাজতো পিছলৈ পাশ্চাত্যকৰণ পৰিলক্ষিত হয়।
অধ্যাপক এম, এন, শ্রীনিবাসৰ মতে সংস্কৃতকৰণ আৰু পাশ্চাত্যকৰণ দুয়োটা প্ৰক্ৰিয়াই ভাৰতীয় সমাজৰ জাতিপ্ৰথাত ভালেমান পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে। সংস্কৃতকৰণে জাতি কাঠামোৰ ভিতৰত আৰু পাশ্চাত্যকৰণে জাতি কাঠামোৰ বাহিৰত সামাজিক গতিশীলতাৰ সৃষ্টি কৰে। সেয়েহে দেখা যায় পাশ্চাত্যকৰণৰ ফলত ভাৰতীয় মানুহে যিবোৰ সামাজিক আচাৰ – ব্যৱহাৰৰীতি – নীতি আয়ত্ত কৰিছে সেইবোৰ ভাৰতীয় জাতিপ্ৰথাৰ অন্তর্গত নহয়। আনহাতে, সংস্কৃতকৰণৰ দ্বাৰা জাতিপ্ৰথাৰ ভিতৰত থকা ৰীতি – নীতি, আচাৰ – ব্যৱহাৰহে নিম্ন জাতিবোৰে উচ্চ জাতিৰ পৰা গ্ৰহণ কৰে সেই কাৰণে কোৱা হয় পাশ্চাত্যকৰণ জাতি ব্যৱস্থাৰ বাহিৰব আৰু সংস্কৃতকৰণ জাতি ব্যৱস্থাৰ ভিতৰৰ গতিশীলতা।
উক্ত আলোচনাৰ পৰা দেখা যায় যে ভাৰতীয় সমাজ পৰিৱৰ্তনত বিশেষকৈ জাতিপ্ৰথাৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত সংস্কৃতকৰণ আৰু পাশ্চাত্যণে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে ৷
5. ভাৰতীয় সমাজ পৰিৱৰ্তনত সংস্কৃতকৰণ (Sanskritization) আৰু পাশ্চাত্যকৰণ (Westernisation) প্ৰক্ৰিয়াৰ ভূমিকা সম্পর্কে আলোচনা কৰা।
নাইবাঃ ভাৰতীয় সামাজিক পৰিৱৰ্তনৰ ক্ষেত্ৰত সংস্কৃতকৰণৰ গুৰুত্বৰ বিষয়ে আলোচনা কৰা।
নাইবাঃ সংস্কৃতকৰণৰ ফলত ভাৰতীয় সমাজত হোৱা পৰিৱৰ্তনবোৰ আলোচনা কৰা।
উত্তৰঃ ভাৰতীয় সমাজ ব্যৱস্থাৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত সংস্কৃতকৰণ আৰু পাশ্চাত্যকৰণৰ যথেষ্ট প্ৰভাৱ আছে বুলি বিখ্যাত ভাৰতীয় সমাজতত্ত্ববিদ শ্রীনিবাসে মত পোষণ কৰিছে। তেওঁৰ মতে ভাৰতীয় সমাজৰ আধুনিকীকৰণত দুয়োটা প্ৰক্ৰিয়াৰ যথেষ্ট গুৰুত্ব আছে।
শ্রীনিবাসৰ মতে ভাৰতবৰ্ষৰ মূল সামাজিক গাঁথনি জাতি ব্যৱস্থাৰ এই দুয়োটা প্ৰক্ৰিয়াৰ প্ৰভাৱত আমূল পৰিৱৰ্তন ঘটিছে। যেতিয়া নীচ জাতিৰ ব্যক্তিয়ে উচ্চ জাতিৰ ব্যক্তিসকলে মানি চলা ৰীতি – নীতি, আচাৰ – ব্যৱহাৰ, ধৰ্ম, আচৰণ ইত্যাদি গ্ৰহণ কৰিবলৈ প্রচেষ্টা চলাই নিজকে উচ্চ জাতিৰ বুলি পৰিগণিত কৰাব বিচাৰে তাকে সংস্কৃতকৰণ বোলা হয়।
ভাৰতবৰ্ষত বসবাস কৰা নিম্ন জাতিৰ লোকসকলে সদায়ে তেওঁলোকৰ সামাজিক প্ৰস্থিতি উন্নত কৰিবলৈ যত্নপৰ। প্ৰাক্ – স্বাধীনতা কালৰ সামাজিক ব্যৱস্থাত ভাৰতীয় সমাজৰ নিম্ন জাত ব্যক্তিসকলে সামাজিকভাৱে বাধাপ্ৰাপ্ত হৈ তেওলো নিজস্ব প্ৰস্থিতিৰ পৰা উধাব পৰা সম্ভৱ হোৱা নাছিল। কিন্তু স্বৰাজোত্তৰ কালছোৱাত এই নিম্ন জাতিৰ ব্যক্তিসকলক সামাজিক, আর্থিক, ধৰ্মীয় দিশত টনকিয়াল হ’বলৈ যথেষ্ট সুবিধা দিয়া হয়। ফলস্বৰূপে এই নিম্ন জাতিৰ লোকসকলে উচ্চবৰ্ণ হিন্দুৰ সামাজিক ৰীতি – নীতি, আচাৰ – ব্যৱহাৰ তথা জীৱন প্ৰণালী আয়ত্ত কৰাৰ সুবিধা পায়। উচ্চ সামাজিক ব্যৱস্থাসমূহ আয়ত্ত কৰি উচ্চ জাতিৰ পৰ্যায়লৈ উন্নীত হোৱা। এই প্ৰক্ৰিয়াকে সংস্কৃতকৰণ বোলা হয়। আকৌ আনহাতে নিম্ন জাতিৰ লোকসকলৰ লেখিয়াকৈ উচ্চবৰ্ণৰ লোকসকলেও পশ্চিমীয়া উন্নত সমাজসমূহৰ জীৱন প্ৰণালী অনুকৰণ কৰি নিজৰ প্ৰস্থিতি অধিক উন্নত কৰাৰ প্ৰচেষ্টা চলায়। এইদৰে পশ্চিমীয়া উন্নত সমাজৰ আচাৰ – ব্যৱহাৰ, ৰীতি – নীতি আদব – কায়দা আয়ত্ত কৰিবলৈ চলোৱা প্ৰচেষ্টাকে পাশ্চাত্যকৰণ বোলা হয়।
সমাজতান্ত্রিক শ্রীনিবাসে বিশেষকৈ ইউৰোপীয় লোকৰ আৰ্হিত ভাৰতীয় লোকসকলে খোৱা – বোৱা, চাল – চলন, কথা বতৰা, থকা — মেলা আদি প্ৰথাবোৰ অনুকৰণ কৰি বিশেষ ধৰণৰ জীবন প্রণালী গঢ় দিয়াকে পাশ্চাত্যকৰণ আখ্যা দিছে। মুঠতে, প্রাচীন ভাৰতবৰ্ষত জাতি ব্যৱস্থাৰ যি ৰক্ষণশীল ব্যৱস্থা প্ৰচলিত আছিল তাৰ বিপৰীতে পাশ্চাত্যকৰণৰ জৰিয়তে উচ্চবৰ্ণৰ হিন্দুৰে পশ্চিমীয়া জীৱন প্ৰণালীক অনুকৰণ কৰে আৰু নিম্নবৰ্ণ হিন্দুসকলে ব্রাহ্মণ আদি উচ্চ জাতিসমূহৰ সামাজিক ব্যৱস্থা অনুকৰণ কৰি সংস্কৃতকৰণৰ জৰিয়তে নিজৰ প্ৰস্থিতি উন্নীত কৰে। অৱশ্যে নিম্ন জাতিৰ ভাৰতীয়সকলৰ মাজতো কালক্ৰমত পাশ্চাত্যকৰণ পৰিলক্ষিত হয়।
শ্রীনিবাসৰ মতে সংস্কৃতকৰণ আৰু পাশ্চাত্যকৰণ দুয়োটা প্ৰক্ৰিয়াই ভাৰতীয় সমাজত পৰিৱৰ্তন আনিছে। সংস্কৃতকৰণে জাতি কাঠামোৰ ভিতৰত আৰু পাশ্চাত্যকৰণে জাতিকাঠামোৰ বাহিৰত সামাজিক গতিশীলতাৰ সৃষ্টি কৰিছে। সেয়েহে দেখা যায় পাশ্চাত্যকৰণৰ ফলত ভাৰতীয় মানুহে যিবোৰ সামাজিক, আচাৰ – ব্যৱহাৰ, ৰীতিনীতি আয়ত্ব কৰিছে সেইবোৰ ভাৰতীয় জাতিপ্ৰথাৰ অন্তৰ্গত নহয়, আনহাতে সংস্কৃতকৰণৰ দ্বাৰা জাতি প্রথাৰ ভিতৰত থকা ৰীতি নীতি, আচাৰ – ব্যৱহাৰহে নিম্ন জাতিসমূহে উচ্চ জাতিৰ পৰা গ্ৰহণ কৰে ৷
উক্ত আলোচনাৰ পৰা বুজা যায় যে ভাৰতীয় সমাজ পৰিৱৰ্তনত বিশেষকৈ জাতিপ্ৰথাৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত সংস্কৃতকৰণ আৰু পাশ্চাত্যকৰণে যথেষ্ট গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে।
6. সংস্কৃতনিৰাকৰণ বুলিলে কি বুজা? ভাৰতীয় সমাজত ইয়াৰ ভূমিকা কি?
উত্তৰঃ সংস্কৃতনিৰাকৰণে সংস্কৃতকৰণৰ ওলোটা অৰ্থ কৰে। এই প্ৰক্ৰিয়াৰ জড়িয়তে সংস্কৃতকৰণ আন এটা দিশত নিৰাময় হয় বুলি ক’ব পাৰি। কাৰণ উচ্চ ‘ জাতৰ লোকসকলে যদি ‘ আগৰ ভাবধাৰা আৰু জীৱনধাৰণ পদ্ধতিৰে চলি থাকে আনহাতে নিম্ন জাতৰ লোকসকলেও সংস্কৃতকৰণৰ ফলত নিজৰ প্ৰস্থিতিৰ পৰিৱৰ্তন সাধন কৰে তেতিয়া বিভিন্ন জাতি ব্যৱস্থাৰ মাজত দূৰত্ব ক্রমে কমি আহিবলৈ ধৰে। এইদৰে জাতি ব্যৱস্থাত জাতিবোৰৰ মাজৰ দূৰত্ব কমি অহা প্ৰক্ৰিয়াটোক সংস্কৃতনিৰাকৰণ প্ৰক্ৰিয়া বুলি কোৱা হয়। ড° মজুমদাৰৰ মতে উচ্চ জাতৰ লোকসকলে পাশ্চাত্যকৰণৰ প্ৰভাৱত নিম্ন জাতৰ ওচৰ চাপি অহা বুলি মত পোষণ কৰে কিন্তু ” নিম্নজাতে উচ্চ জাতৰ ওচৰ চপা কথাটো তেওঁ মানি ল’ব নোখোজে ৷
সামাজিক চিন্তাবিদ সমাজে পাশ্চাত্য সংস্কৃতি আৰু সভ্যতাৰ প্ৰভাৱতে এই সংস্কৃতনিৰাকৰণ প্ৰক্ৰিয়া আৰম্ভ হোৱা বুলি ভাবে। পাশ্চাত্য শিক্ষা – দীক্ষা আৰু জীৱনধাৰণ পদ্ধতিৰ প্ৰভাবত উচ্চ জাতৰ লোকসকলে নিজৰ জীৱনধাৰণ পদ্ধতি এৰি জাতিবোৰৰ মাজৰ ব্যৱধান সংকীৰ্ণ কৰি আনিছে আৰু পাশ্চাত্যৰ পদ্ধতিত শ্রেণীহীন সমাজ গঢ়াৰ পথত আগবাঢ়িছে।
ভাৰতীয় জাতি ব্যৱস্থাত পাশ্চাত্যকৰণ আৰু সংস্কৃতকৰণৰ প্ৰভাৱ :- ভাৰতৰ জাতি ব্যৱস্থাৰ পৰিৱৰ্তনৰ ক্ষেত্ৰত সংস্কৃতকৰণ আৰু পাশ্চাত্যকৰণৰ যথেষ্ট প্ৰভাৱ আছে বুলি বিখ্যাত ভাৰতীয় সমাজশাস্ত্রবিদ শ্রীনিবাসে মত পোষণ কৰিছে। তেওঁৰ মতে ভাৰতীয় সমাজৰ আধুনিকীকৰণত দুয়োটা প্ৰক্ৰিয়াৰ যথেষ্ট গুৰুত্ব আছে।
শ্ৰীনিবাসৰ মতে ভাৰতবৰ্ষৰ মূল সামাজিক গাঠনি জাতি ব্যৱস্থাৰ এই দুয়ো প্ৰক্ৰিয়াৰ প্ৰভাৱত আমূল পৰিৱৰ্তন ঘটিছে। যেতিয়া নীচ জাতিৰ ব্যক্তিয়ে উচ্চ জাতিৰ ব্যক্তিসকলে মানি চলা ৰীতি – নীতি, আচাৰ – ব্যৱহাৰ, ধৰ্ম, আচৰণ ইত্যাদি গ্ৰহণ কৰিবলৈ প্ৰচেষ্টা চলাই নিজকে উচ্চ জাতিৰ বুলি পৰিগণিত কৰাব বিচাৰে তাকে সংস্কৃতকৰণ বোলা হয়।
ভাৰতবৰ্ষত বসবাস কৰা নিম্ন জাতিৰ লোকসকলে সদায় তেওঁলোকৰ সামাজিক প্ৰস্থিতি উন্নত কৰিবলৈ যত্নপৰ। প্ৰাক – স্বাধীনতা কালত সামাজিক ব্যৱস্থাত ভাৰতীয় সমাজৰ নিম্ন জাতিৰ ব্যক্তিসকলে সামাজিকভাৱে বাধাপ্ৰাপ্ত হৈ তেওঁলোকৰ নিজস্ব প্ৰস্থিতিৰ পৰা উধাব পৰা সম্ভৱ হোৱা নাছিল। কিন্তু স্বাধীনোত্তৰ কালছোৱাত এই নিম্ন জাতিৰ ব্যক্তিসকলক সামাজিক, আর্থিক, আৰু ধৰ্মীয় দিশত টনকিয়াল হ’বলৈ যথেষ্ট সুবিধা দিয়া হয়। ফলস্বৰূপে, এই নিম্ন জাতিৰ লোকসকলে উচ্চবৰ্ণ হিন্দুৰ সামাজিক ৰীতি – নীতি, আচাৰ – ব্যৱহাৰ তথা জীৱন প্ৰণালী আয়ত্ত কৰাৰ সুবিধা পায়। উচ্চ সামাজিক ব্যবস্থাসমূহ আয়ত্ত কৰি উচ্চ জাতিৰ পৰ্যায়লৈ উন্নীত হোৱা এই প্ৰক্ৰিয়াকে সংস্কৃতকৰণ বোলা হয়।
আনহাতে, নিম্ন জাতিৰ লোকসকলৰ লেখিয়াকৈ উচ্চ বৰ্ণৰ লোকসকলেও পশ্চিমীয়া উন্নত সমাজসমূহৰ জীৱন প্ৰণালী অনুকৰণ কৰি নিজৰ প্ৰস্থিতি অধিক উন্নত কৰাৰ প্ৰচেষ্টা চলায়। এইদৰে পশ্চিমীয়া উন্নত সমাজৰ আচাৰ – ব্যৱহাৰ, ৰীতি – নীতি আদব – কায়দা আয়ত্ত কৰিবলৈ চলোৱা প্ৰচেষ্টাকে পাশ্চাত্যকৰণ বোলা হয়।
সংস্কৃতকৰণ প্ৰক্ৰিয়াৰ দ্বাৰা নিম্নশ্রেণীৰ লোকসকলে উচ্চশ্ৰেণীৰ লোকৰ জীৱনধাৰণৰ পদ্ধতি অনুসৰণ কৰি নিজকে উন্নত পর্যায়লৈ নিয়ে আনহাতে, উচ্চশ্রেণীৰ লোকে সংস্কৃতনিৰাকৰণৰ দ্বাৰা নিম্নশ্রেণীৰ ওচৰ চাপে। এই দুই বিপৰীতমুখী গতিশীলতাই সমাজত জাতি ব্যৱস্থাৰ কটকটীয়া বান্ধোন কিছু শিথিল কৰিবলৈ সক্ষম হৈছে। ড° মজুমদাৰে পাশ্চাত্য শিক্ষা – দীক্ষাৰ প্ৰভাৱতে এই উদাৰতা আৰু সহনশীলতাৰ ভাব উচ্চজাতৰ লোকৰ মাজত ঠাই পোৱা বুলি ভাবে। এই সংস্কৃতনিৰাকৰণ প্ৰক্ৰিয়াই ভাৰতীয় সমাজ ব্যৱস্থাত বিশেষকৈ জাতি ব্যৱস্থাত এক গুৰুত্বপূৰ্ণ পৰিৱৰ্তন আনিবলৈ সক্ষম হৈছে।
7. যি কেইটা পৰিৱৰ্তন প্ৰক্ৰিয়াৰ আধাৰত ভাৰতীয় সমাজৰ পৰিবৰ্তনৰ বিষয়ে বুজিব পাৰি সেইকেইটা উল্লেখ কৰা। যি কোনো এটা পৰিৱৰ্তন প্ৰক্ৰিয়াৰ ওপৰত এটি টোকা লিখা।
উত্তৰঃ (ক) বৰ্তমান ভাৰতীয় সমাজ ব্যৱস্থাৰ সাধাৰণতে চাৰিটা প্ৰক্ৰিয়াৰে পৰিৱৰ্তন হোৱা দেখা যায়। এই প্ৰক্ৰিয়া চাৰিটা হ’ল—
(১) সংস্কৃতকৰণ (Sanskritisation)
(২) পাশ্চাত্যকৰণ (Westernisation)
(৩) উদ্যোগীকৰণ (Industrialisation)
(৪) নগৰীকৰণ (Urbanisation)
8. আধুনিক ভাৰতৰ সমাজ পৰিবৰ্তনৰ দুটা গুৰুত্বপূৰ্ণ প্ৰক্ৰিয়া বৰ্ণনা কৰা।
নাইবাঃ আধুনিক শিক্ষাক ভাৰতৰ আধুনিকীকৰণৰ এক কাৰক হিচাপে আলোচনা কৰা।
উত্তৰঃ ছাত্র-ছাত্রীয়ে নিজেই কৰা ৷