সামাজিক সংস্থাবোৰৰ ধাৰাবাহিকতা আৰু পৰিবৰ্তন | Chapter 3 | Class 12 Sociology - AHSEC

সামাজিক সংস্থাবোৰৰ ধাৰাবাহিকতা আৰু পৰিবৰ্তন | Chapter 3 | Class 12 Sociology – AHSEC

সামাজিক সংস্থাবোৰৰ ধাৰাবাহিকতা আৰু পৰিবৰ্তন | Chapter 3 | Class 12 Sociology Chapter 3 সামাজিক সংস্থাবোৰৰ ধাৰাবাহিকতা আৰু পৰিবৰ্তন | Class 12 Sociology Question and Answer | Assam Class 12 Sociology Solutions | AHSEC Class 12 HS Sociology Chapter 3 Notes | AHSEC Class 12 HS Sociology Chapter 3 Question and Answer | Questions and Answers for Class 12 Sociology Chapter 3 সামাজিক সংস্থাবোৰৰ ধাৰাবাহিকতা আৰু পৰিবৰ্তন | HS Sociology Questions and Answers Assam | HS 2nd Year সামাজিক সংস্থাবোৰৰ ধাৰাবাহিকতা আৰু পৰিবৰ্তন Sociology Question and Answer | Assam Board Class 12 Sociology Chapter 3 সামাজিক সংস্থাবোৰৰ ধাৰাবাহিকতা আৰু পৰিবৰ্তন


সামাজিক সংস্থাবোৰৰ ধাৰাবাহিকতা আৰু পৰিবৰ্তন
(Social Institutions: Continuity and Change)

প্রথম খণ্ড পাঠ: ৩

অতি চমু প্রশ্নোত্তৰ

1. ‘সত্য সন্ধানী সমাজ ‘ কোনে প্রতিষ্ঠা কৰিছিল?
উত্তৰঃ জ্যোতিৰাও গোবিন্দাও ফুলে।

2. বিবাহ কি?
উত্তৰঃ দুজন প্রাপ্তবয়স্ক পুৰুষ – মহিলাৰ মাজত সামাজিকভাৱে। স্বীকৃতিপ্রাপ্ত যৌন মিলন কার্য। বিবাহপাশত আবদ্ধ হোৱাৰ পাছত তেওঁলোক এজন আনজনৰ স্বজন হৈ পৰে।

3. বন্ধস্তৰীকৰণৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ ভাৰতৰ জাতি ব্যবস্থা। 

4. সংস্কৃতিকৰণ অবধাৰণাটো প্ৰথমে কোনে আগবঢ়াইছিল?
উত্তৰঃ এম, এন শ্রীনিবাচনে। (M, N. Sr।n।vas) 

5. দলিতসকলৰ এজন নেতাৰ নাম লিখা।
উত্তৰঃ আয়ান কালি (১৮৬৩-১৯১৪)। তেওঁ নিম্ন জাতি আৰু দলিতসকলৰ নেতা আছিল। তেওঁৰ জন্ম হৈছিল কেৰেলাত। তেওঁৰ প্ৰচেষ্টাতে দলিতসকলে ৰাজহুৱা পথত চলা ফুৰা কৰাৰ স্বাধীনতা পাইছিল আৰু দলিতসকলৰ শিশুসকলে পঢ়াশালিলৈ যোৱাৰ অনুমতি পাইছিল। 

6. সাবিত্রী বাই ফুলে কোন আছিল?
উত্তৰঃ সাবিত্রী বাই ফুলে আছিল পুনেত অৱস্থিত দেশৰ ভিতৰতে প্ৰথমখন ছোৱালী বিদ্যালয়ৰ প্ৰথম গৰাকী প্ৰথম শিক্ষয়িত্ৰী। তেওঁ কৃষক – শ্ৰমিকসকলৰ বাবে এখন নৈশ বিদ্যালয় পাতিছিল। তেওঁ শূদ্ৰসকলক শিক্ষা দিয়া কামত নিজকে ব্ৰতী কৰিছিল।

7. নাৰায়ণ গুৰু কোন আছিল?
উত্তৰঃ শ্ৰীনাৰায়ণ গুৰু (১৫৫৬-১৯১৮) কেৰেলাত জন্মগ্ৰহণ কৰিছিল। তেওঁ জাতি প্ৰথা আৰু তাৰ কুপ্ৰভাৱৰ বিৰুদ্ধে যুঁজ দিছিল। তেওঁ এক জাতি, এক ধর্ম, সকলোৰে বাবে এক ঈশ্বৰত বিশ্বাসী আছিল। 

8. যজমানী ব্যবস্থা কি?
উত্তৰঃ যজমানী ব্যৱস্থা জাতি ব্যৱস্থাৰে এক গতানুগতিক সামাজিক বিনিময় প্রথা। উত্তৰ ভাৰতত প্ৰচলিত প্ৰথা। এই ব্যৱস্থাত উৎপাদিত বয় – বস্তু আৰু সেৱা আদিৰ মাজত বিনিময় কৰা হয়। এই প্রথাত টকা – পইচাৰ লেন – দেন নাথাকে। ই বজাৰ ব্যৱস্থাৰ বাহিৰত ধৰা হয়। মুঠতে মধ্যবিত্ত উচ্চ জাতৰ, আঢ্যবস্ত লোকৰ ঘৰত নিম্ন জাতৰ লোকে নিয়মীয়াকৈ বয় বস্তুৰ বিনিময়ত বছৰি সেৱা আগবঢ়োৱা প্ৰথা। যেনে- চুলি কটা, দা কটাৰী তৈয়াৰ কৰি দিয়া, মাটিপাত্র সাজি দিয়া, সৰু – সৰু কাম কৰি দিয়া আদি। 

9. সৰ্বভাৰতীয় অনুসূচীত জাতি পৰিষদ কোনে গঠন কৰিছিল?
উত্তৰঃ ১৯৩৫ চনত ভাৰত চৰকাৰৰ অধিনিয়ম মতে গঠন কৰা হৈছিল। 

10. পৰিয়ালক কোনটো সমূহৰ ভিতৰত ধৰা হয়?
উত্তৰঃ প্রাথমিক সমূহত ধৰা হয়।

11. এম এন শ্রীনিবাস কোন?
উত্তৰঃ এম এন শ্রীনিবাস হ’ল সংস্কৃতিকৰণ অৱধাৰণাটোৰ প্ৰবক্তা।

12. “Marriage and family in India” নামৰ কিতাপখনৰ লিখক কোন?
উত্তৰঃ কে. এম. কাপাদিয়া (K. M. Kappad।a)। 

13. যুটীয়া পৰিয়ালৰ মুখ্য দুটা কাৰ্য উল্লেখ কৰা।
উত্তৰঃ মুখ্য দুটা কার্য হ’ল—
১। ব্যয় সংকোচন কাৰ্যঃ যুটীয়া পৰিয়ালৰ উপাৰ্জন সাধাৰণতে এটা পুঁজিতে জমাৰখা হয়। কম খৰছতে অধিক সংখ্যক লোকৰ ভৰণ – পোষণ চলাবলৈ যত্ন কৰা হয়। 

২। যুটীয়া পৰিয়ালৰ লোকে সা – সম্পদৰ অধিকাৰ কোনো ব্যক্তিৰ হাততে নাথাকে। সদস্যসকলে সম্পদ অধিকাৰ সমভাৱে উপভোগ কৰে। 

৩। যুটীয়া পৰিয়ালৰ কৃষিক্ষেত্ৰ অবিভক্ত হৈ থকা বাবে সকলো সদস্য উমৈহতীয়াকৈ শ্ৰম কৰি শস্য উৎপাদন কৰে আৰু তাৰ ফল ভোগ কৰে।

14. উত্তৰ – পূব ভাৰতৰ এটা জনজাতিৰ নাম উল্লেখ কৰা।
উত্তৰঃ বড়ো জনজাতি।

15. সামাজিক সংস্থা বুলিলে কি বুজা? নাইবা, সামাজিক সংস্থাৰ সংজ্ঞা দিয়া।
উত্তৰঃ সামাজিক সংস্থা সম্পর্কে বিভিন্ন চিন্তাবিদে বিভিন্ন ধাৰণা আগবঢ়াইছে। মে আইভাৰ আৰু পেজৰ মতে, “ সংস্থা পদ্ধতিৰ সংস্থাপিত ৰূপ। ই এবিধ প্রচলিত সামাজিক faszti faffi (The established forms or conditions of procedure characteristic of Group activities.)।

আনহাতে কিংছলি ডেভিচৰ মতে, কোনো এটা বা তাতকৈ বেছি সামাজিক কার্যকলাপ সমাপন কৰিবৰ বাবে যি এলানি দেশাচাৰ জনৰীতি আৰু নীতি – নিয়মৰ সম্পৰ্ক সংগঠিত হয় তাকেই সংস্থা বোলে। মুঠতে সাধাৰণভাৱে সংস্থা হ’ল নিয়ম – নীতিৰ দ্বাৰা সৃষ্টি কৰা এক সংগঠিত পদ্ধতি। এই পদ্ধতিৰ সহায়ত কোনো এক সামাজিক ক্রিয়া সম্পাদন কৰা হয়। এনে পদ্ধতিৰ ভিতৰত আমি আমাৰ পাঠ্যক্ৰমৰ পৰা ১। বিবাহ পদ্ধতি, ২। পৰিয়াল পদ্ধতি ধর্ম পদ্ধতি বা স্বজন পদ্ধতিৰ উদাহৰণ দিব পাৰোঁ। এইবোৰকে সামাজিক সংস্থা বোলা হয়।

চমু প্রশ্নোত্তৰ

1. স্বজনতা কি?
উত্তৰঃ বিবাহ অথবা তেজৰ সম্পৰ্কৰে একে বংশৰ বান্ধোনেৰে গঢ়ি উঠা ব্যক্তিসকলৰ মাজৰ সম্বন্ধ যেনে— মাক – দেউতাক আৰু তেওঁলোকৰ সতি – সন্ততিবোৰ।

2. অসবর্ণ বিবাহ বুলিলে কি বুজা?
উত্তৰঃ একে জাতি বা বৰ্ণ পুৰুষ আৰু নাৰীৰ মাজত নোহোৱা বিবাহক অসবর্ণ বিবাহ বোলে।

3. ‘ প্ৰভাৱশালী জাতি ‘ মানে কি?
উত্তৰঃ এই অৱধাৰণাটো আগবঢ়াইছে বিখ্যাত সমাজতত্ত্ববিদ এম, এন শ্রীনিবাসে। প্রভাবশালী জাতি শব্দটোৱে বৃহৎ জনসংখ্যাৰ জাতিবোৰক বুজাইছে। স্বাধীনোত্তৰ কালত এইবোৰ জাতিক ভূমিস্বত্ব প্ৰদান কৰা হৈছিল। এওঁলোকেই আছিল ভূমিসংস্কাৰৰ প্রাক্তন দাবীদাৰ, অৰ্থাৎ উচ্চ জাতিৰ অনুপস্থিতিত জমিদাৰসকলেই ভূমিৰ অধিকাৰী হৈছিল আৰু কৃষিভিত্তিক অৰ্থনীতিত তেওঁলোকৰ কোনো ভূমিকা নাছিল। তেওঁলোক নিজে কৃষক নাছিল। কৃষকৰ পৰা মাটিৰ ভাড়াহে লৈছিল। তেওঁলোক নগৰ – চহৰতহে বাস কৰিছিল। 

4. জাতিৰ অৰ্থ লিখা।
উত্তৰঃ জাতি হৈছে এক প্রাচীন সামাজিক সংস্থা। জাতি এটা বৰ্গীয় অর্থব্যঞ্জক শব্দ, যিটোৱে প্ৰজাতি বা যি কোনো প্ৰকাৰৰ নিৰ্জীৱ বস্তু, উদ্ভিদ, প্রাণী আৰু মানুহক বুজায়। জাতি শুব্দটো ভাৰতীয় ভাষাবোৰত সাধাৰণতে জাতি – সংস্থাক বুজাবলৈ ব্যৱহৃত হয়। জাতি শব্দটো ইংৰাজীৰ কাষ্ট ‘ শব্দৰ পৰা লোৱা হৈছে। ইংৰাজীৰ কাষ্ট শব্দটো পর্তুগীজ ভাষাৰ কাষ্ট’ৰ পৰা। আহিছে। ইয়াৰ অৰ্থ হ’ল— ‘ বিশুদ্ধ জাতি’।

5. জাতিৰ সংজ্ঞা দিয়া।
উত্তৰঃ জাতি হৈছে অন্তর্বিবাহী সমূহ বা এনে এক সমূহৰ সমষ্টি যাৰ সাধাৰণ এটা নাম থকাৰ উপৰিও এটা পৰম্পৰাগত বৃত্তি থাকে। এই সকল একে বৃত্তিধাৰী আৰু এওঁলোকৰ স্বজাতীয় সমুদায় বুলি দাবী কৰাৰ ক্ষমতা থাকে।

6. জনজাতি কি? অথবা, জনজাতিৰ সংজ্ঞা দিয়া।
উত্তৰঃ জনজাতি হ’ল এক নিৰ্দিষ্ট অর্থ বহনকাৰী আধুনিক শব্দ। এই শব্দটোৱে আদিম অধিবাসীসকলৰ মাজৰে অতি পুৰণি সম্প্রদায়বোৰক বুজায়। জনজাতিৰ কোনো লিখিত ধৰ্ম নাই। ৰাজ্য বা ৰাজনৈতিক ৰূপ নাছিল। তেওঁলোকৰ কোনো জাতি নাই। তেওঁ হিন্দু অথবা খেতিয়ক নহয়। ঔপনিবেশিক কালত এই শব্দটো প্ৰচলন কৰা হৈছে। 

7. পৰিয়াল কি?
উত্তৰঃ স্বজন সম্পৰ্কৰ জৰিয়তে যোগসূত্ৰ ধৰি ৰখা কোনো ব্যক্তি গোট বা সমূহ (group)। যত বয়সস্থ লোকসকলে তেওঁলোকৰ পৰা ল’ৰা – ছোৱালীৰ প্ৰতিপালনৰ দায়িত্ব লয়।

8. সামাজিক স্তৰীকৰণৰ সংজ্ঞা, আৰু সামাজিক স্তৰীকৰণৰ এটা উদাহৰণ দিয়া।
উত্তৰঃ সামাজিক স্তৰীকৰণৰ সংজ্ঞা :- সামাজিক স্তৰীকৰণ এনে এটি সামাজিক প্ৰক্ৰিয়া যাৰ দ্বাৰা সমাজৰ ব্যক্তিসমূহক পদানুক্রমে উচ্চ, নিম্ন আদি কেইটামান সামাজিক স্থানত বিভক্ত কৰা হয় আৰু ফলস্বৰূপে পদানুযায়ী কিছুমান ব্যক্তিয়ে আনসকলৰ তুলনাত অধিক ক্ষমতা, সুবিধা, সন্মান লাভ কৰে আৰু আন কিছুমানে তেনে ক্ষমতা, সুবিধা, সন্মানৰ পৰা বঞ্চিত হয়। উদাহৰণ— জাতি, সামাজিক শ্রেণী, সামন্ত প্রথা আদি হ’ল স্তৰীকৰণৰ স্বৰূপ। 

ৰচনাধৰ্মী প্রশ্নোত্তৰ

1. বৰ্ণৰ উৎপত্তি সম্পৰ্কীয় সিদ্ধান্তসমূহৰ সংক্ষেপে এটা আভাস দিয়া। নাইবা, বৰ্ণ ব্যৱস্থাত কিহৰ ভিত্তিত হিন্দু সমাজখন ভাগ কৰা হৈছিল?
উত্তৰঃ বৰ্ণৰ উৎপত্তি সম্পর্কে প্রাচীন হিন্দুধৰ্ম গ্ৰন্থবোৰত বিভিন্ন সিদ্ধান্তৰ কথা পোৱা যায়। কেইটামান সিদ্ধান্ত তলত উল্লেখ কৰা হ’ল— 

১। ঋকবেদৰ সিদ্ধান্ত :- বৰ্ণৰ উৎপত্তিৰ বিষয়ে ঋকবেদত উল্লেখ আছে। ঋবেদৰ মতে বৰ্ণৰ উৎপত্তি হয় ব্ৰহ্মাৰ শৰীৰৰ বিভিন্ন অংগৰ পৰা। সমাজখনক প্ৰধান চাৰিটা অগত ভাগ কৰা হৈছে। এই চাৰিটা বৰ্ণ ভগৱান ব্ৰহ্মাৰ দেহৰ অংগৰপৰা উৎপত্তি হৈছে। ব্ৰহ্মাৰ মুখৰ পৰা জন্ম পাইছে ব্রাহ্মণ, বাহুৰ পৰা জন্ম পাইছে ক্ষত্ৰিয়, উৰুৰ পৰা জন্ম পাইছে বৈশ্য আৰু ভৰিৰপৰা জন্ম পাইছে শূদ্র বর্ণই। এইটোৱে হ’ল – ঋকবেদীয় সিদ্ধান্ত। 

২। বৃহদাৰণ্যক উপনিষদৰ সিদ্ধান্ত :- উপনিষদ এই সিদ্ধান্ত মতে বৰ্ণৰ উৎপত্তিৰ আভাস সুকীয়। এই গ্রন্থমতে ব্রহ্মাই প্ৰথমে দেৱতাসকলক চাৰিটা ভাগত ভাগ কৰিছিল। পিছত সেইমতে সমাজকো চাৰি বৰ্ণত ভাগ কৰে। ইয়াৰ মতে প্ৰথমে ব্ৰাহ্মণৰ সৃষ্টি হয়। পিছত ব্ৰাহ্মণে সমাজত সকলো কার্য সম্পাদন কৰিব নোৱাৰা হৈ পৰে, ফলত ক্ষত্ৰিয়ৰ সৃষ্টি হয় ; কিন্তু এই দুয়োটা শ্রেণীয়ে সমাজত সকলো কাম স্বয়ংসম্পূর্ণভাৱে কৰিব নোৱাৰাৰ পিছত আৱশ্যক মতে বৈশ্য আৰু শূদ্ৰৰ সৃষ্টি হয় বুলি উক্ত উপনিষদত উল্লেখ কৰা হৈছে। 

৩। ভূগুমুনি সংহিতাৰ সিদ্ধান্ত :- ভৃগুমুনিয়ে লিখা সংহিতামতে ব্ৰহ্মাই প্ৰথমে কেৱল ব্ৰাহ্মণকুহে সৃষ্টি কৰিছিল। ব্ৰাহ্মণ স্বয়ংসম্পূৰ্ণ নহয় কাৰণে ক্ৰমে ক্ষত্রিয়, বৈশ্য আৰু শূদ্ৰ সৃষ্টি কৰে। শৰীৰৰ ৰঙৰ ফালৰ পৰাও বৰ্ণৰ ভাগ কৰিব পাৰি। ব্ৰাহ্মণসকল ক্ষেত বা বগা, ক্ষত্রিয়সকল লোহিত্য বা ৰঙা – বগা, বৈশ্যসকল পীত বা হালধীয়া বৰণৰ আৰু শূদ্ৰসকল শ্যাম বা কলাবৰণৰ। 

এই সিদ্ধান্তমতে গাৰ বৰণৰ ওপৰত বৰ্ণৰ বিভাজন হোৱা নাই। কৰ্মৰ ওপৰত ভিত্তি কৰিহে বৰ্ণ বিভাজন কৰা হৈছে। কিয়নো প্রথমে কেৱল ব্ৰাহ্মণহে সৃষ্টি হৈছিল, কালক্ৰমত গুণ আৰু কৰ্মৰ ভাগ অনুসৰিহে চাৰি বৰ্ণৰ উৎপত্তি হয়। 

৪। পৰাশৰ মুনিৰ সিদ্ধান্ত :- পৰাশৰ মুনিৰ সিদ্ধান্ত মতে মানৱ জীৱনৰ স্ৰষ্টা পৰম ব্ৰহ্মা হ’লেও উৎপত্তিৰ পাৰ্থক্যৰ বাবে মানুহৰ গুণ আৰু প্ৰকৃতি সুকীয়া। ব্ৰহ্মাৰ চাৰিটা বেলেগ বেলেগ অংগৰ পৰা চাৰিটা বৰ্ণৰ উৎপত্তি হৈছে। ব্ৰহ্মৰ মুখৰ পৰা জন্ম হৈছে ব্ৰাহ্মণ, বাহৰ পৰা জন্ম পাইছে ক্ষত্ৰিয়, উৰুৰ পৰা জন্ম হৈছে বৈশ্য আৰু ভৰিৰ পৰা জন্ম পাইছে শূদ্ৰসকল। তেওঁ অৱশ্যে এই চাৰি বৰ্ণৰ সংমিশ্ৰণত পিছলৈ আন বৰ্ণ সৃষ্টি হয় বুলি মত পোষণ কৰিছে।

ওপৰৰ আলোচনাৰ পৰা বৰ্ণৰ উৎপত্তি সম্পর্কে মতভেদ দেখা যায়। কিছুমানৰ মতে বৰ্ণ নিৰ্ভৰ কৰে জন্মৰ ওপৰত আৰু আন কিছুমানৰ মতে বৰ্ণ নিৰ্ভৰ কৰে কৰ্ম বা গুণৰ ওপৰতহে। 

2. বৰ্তমান ভাৰতৰ জাতি প্রথাৰ কি পৰিমাণৰ পৰিৱৰ্তন হৈছে? এনে পৰিৱৰ্তনৰ তাৎপৰ্যপূৰ্ণ দিশবোৰ বাছি উলিওৱা।
নাইবাঃ ভাৰতৰ জাতি ব্যৱস্থাৰ পৰিৱৰ্তনৰ মুখ্য কাৰণসমূহৰ বিষয়ে আলোচনা কৰা।
উত্তৰঃ ভাৰতীয় সমাজ সংৰচনাৰ ভেটিস্বৰূপ ব্যৱস্থাৰ পৰিৱৰ্তন ঘটাতো বৰ্তমান সমাজ ব্যৱস্থাৰ এটা উল্লেখ্যযাগ্য ঘটনা। জাতি প্ৰথাৰ পৰিৱৰ্তনত বহুতো কাৰকে প্ৰত্যক্ষ আৰু পৰোক্ষভাবে। ইন্ধন যোগাইছে। তলত তাৰে কিছুমান কাৰকৰ বিষয়ে চমুকৈ আলোচনা কৰা হৈছে।

১। আধুনিক শিক্ষা :- বৃটিছসকল ভাৰতলৈ অহাৰ আগতে সমগ্ৰ শিক্ষা ব্যৱস্থাটো প্ৰায় ব্ৰাহ্মণসকলৰ লগতে জড়িত হৈ আছিল। জাতিগত বৃত্তিৰ বাবে ঘৰতে পোৱা শিক্ষাহে সেই সময়ৰ প্ৰচলিত শিক্ষানীতি আছিল। কিন্তু বৃটিছসকলে পৰম্পৰাগত শিক্ষাৰ পৰিৱৰ্তে ধৰ্মনিৰপেক্ষ শিক্ষানীতি – প্ৰচলন কৰাৰ লগে লগে শিক্ষাৰ ক্ষেত্ৰত থকা বৈষম্য যথেষ্ট পৰিমাণে হ্ৰাস পালে। আধুনিক শিক্ষা ব্যৱস্থাই অহতাৰ ওপৰত বেছি গুৰুত্ব দিয়াত জাতি প্রথাত থকা অন্ধবিশ্বাস, কু – প্রথা দূৰীকৰণত যথেষ্ট সহায় কৰিছে। যোগ্যতাৰ ওপৰত বেছি প্ৰাধান্য দিয়াত যেই সেই ব্যক্তিয়েই সমাজত নিজৰ স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

২। ধনৰ ওপৰত গুৰুত্ব :- পৰম্পৰাগত সমাজ ব্যৱস্থাত ব্যক্তিৰ নৈতিক আৰু আধ্যাত্মিক উৎকৰ্ষ সাধনৰ ওপৰত বেছি গুৰুত্ব আৰোপ কৰা হৈছিল। ঐশ্বর্য – বিভূতি আহৰণৰ ক্ষেত্ৰত সমাজ আছিল উদাসীন। কিন্তু সমাজত বৰ্তমান ধনৰ ওপৰত গুৰুত্ব যথেষ্ট বেছি। সেয়ে নিম্ন জাতি বুলি বিবেচিত লোকেও ধনৰ বলত সমাজত প্ৰতিপত্তি, প্রভুত্ব খটাব পৰা হৈছে। ই প্ৰত্যক্ষভাৱেই জাতি প্রথাত আঘাত হানিছে। 

৩। শিল্পজাত উন্নতি :- উদ্যোগিক উন্নতিৰ লগে লগে বিভিন্ন শিল্পই সমাজত গা – কৰি উঠিছে। বৰ্তমান সময়ত আগৰ দৰে কৃষিকৰ্ম কৰি জীৱিকা নিৰ্বাহ কৰাটো সম্ভৱ নহয়। বিভিন্ন উদ্যোগ প্ৰতিষ্ঠান গঢ় লৈ উঠাৰ লগে লগে মানুহে অৰ্হতা অনুসৰি বেলেগ বেলেগ বৃত্তি লৈ জীৱিকা উলিয়াইছে। এনে ব্যৱস্থাই জন্মৰ পৰিৱৰ্তে পাৰদৰ্শিতাৰ ওপৰত গুৰুত্ব দিয়াত জাতি প্ৰথাৰ গোড়ামি হ্ৰাস পাইছে। 

৪। সঞ্চাৰণ আৰু পৰিবহণৰ উন্নতি :- শিল্পোন্নতিৰ চাবিকাঠি স্বৰূপ যোগাযোগ আৰু পৰিবহণ ব্যৱস্থাই ভৌগোলিক দূৰত্ব হ্ৰাস কৰাৰ ওপৰিও সামাজিক ব্যৱধান কমাবলৈ সক্ষম হৈছে। এঠাইৰ পৰা আন ঠাইলৈ যাওঁতে একেলগে ভ্ৰমণ কৰোতে জাতি প্রথাত থকা বাধা নিষেধবিলাক মানি চলাটো সম্ভৱ নহয়। এই ব্যৱস্থা অন্ধবিশ্বাস দূৰীকৰণৰ সহায়ক। 

৫। সমাজ সংস্কাৰ আৰু ধৰ্মীয় আন্দোলন :- জাতি প্ৰথাৰ কু – সংস্কাৰ, অন্ধবিশ্বাস দূৰীকৰণৰ কাৰণে বহুতো সামাজিক অনুষ্ঠান ধর্মীয় আন্দোলন সমাজত মূৰ ডাঙি উঠিছে। জাতি প্রথা যে কু – প্ৰথা প্ৰচলনৰ পৰিণাম এই কথা সমাজক অৱগত কৰোৱাত এই আন্দোলনবিলাক সফল কাম হৈছে। প্রার্থনা সমাজ, ব্রাহ্ম সমাজ আর্য সমাজ আদি ধর্মীয় আন্দোলনে জাতি প্ৰথাৰ পৰিৱৰ্তনত যথেষ্ট অৰিহণা আগবঢ়াইছে। 

৬। নতুন সামাজিক শ্ৰেণী :- নতুন শিল্প উদ্যোগৰ আগমনৰ লগে লগে জাতিৰ পৰিৱৰ্তে নতুন নতুন শ্ৰেণীৰ জন্ম হৈছে। বিভিন্ন ধৰণৰ সংগঠন যেনে শ্রমিক সংগঠন, ব্যবসায়ী সংস্থা, ৰাজনৈতিক সংস্থা আদিৰ জন্ম লাভে জাতি প্ৰথাৰ প্ৰতি থকা আনুগত্যতকৈ শ্ৰেণীৰ প্ৰতিহে মানুহ বেছি আকৰ্ষিত হোৱা দেখা গৈছে। 

৭। নাৰী আন্দোলন :- পৰম্পৰাগত হিন্দু সমাজত নাৰীৰ স্থান নিম্ন আছিল। প্ৰায় সকলো ক্ষেত্ৰত তেওঁলোকৰ স্বাধীনতা সীমিত আছিল। কিন্তু আধুনিক শিক্ষা লাভ কৰাৰ পাছত বিবাহ, চাকৰি আদিত নাৰীৰ স্বতন্ত্ৰতা আহি পৰিছে। নাৰী মুক্তিৰ বাবে বিভিন্ন ধৰণৰ নাৰী আন্দোলন গঢ়ি উঠিছে। আধুনিক শিক্ষাৰ কাৰণে পশ্চিমীয়া সংস্কৃতি, ভাব – আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈ নাৰীয়ে পূৰ্বৰ দাসত্ব মানি চলিবলৈ কুণ্ঠাবোধ কৰে আৰু স্বাধীনচেতিয়া জীৱন যাপন কৰিবলৈ বিচাৰে। বিবাহ . চাকৰি আদিত নিজৰ স্বতন্ত্রতা দাবী কৰাৰ লগে লগে জাতি প্রথাত ই কুঠাৰ ঘাট কৰিছে। 

৮। বাজনৈতিক আন্দোলন :- গান্ধীজীৰ নেতৃত্বত ৰাজনৈতিক আন্দোলন গঢ়ি উঠাৰ লগে লগে সামাজিক কু–প্রথা, কু-সংস্কাৰবিলাক দূৰীকৰণৰ বাবেও সংগ্ৰাম আৰম্ভ হ’ল। জাতি – বৰ্ণ নির্বিশেষে মুক্তি আন্দোলনত যোগ দিবলৈ কৰা গান্ধীজীৰ আহবানত সমগ্ৰ দেশবাসীয়ে সঁহাৰি আগবঢ়ায়। উচ্চ – নীচ ভেদ ভাব পৰিহাৰ কৰাত ৰাজনৈতিক আন্দোলন বহু পৰিমাণে জড়িত। 

৯। নগৰৰ প্ৰভাৱ :- জনসংখ্যা বৃদ্ধিৰ লগে লগে নগৰ – চহৰবিলাকো গঢ়ি উঠে। নগৰবিলাকৰ বিভিন্ন ধৰণৰ সা – সুবিধাই মানুহক নগৰলৈ আহিবলৈ বাধ্য কৰে। ব্যৱসায়, চাকৰি, উদ্যোগ, খেলা – ধূলা, চিনেমা, থিয়েটাৰ আদিয়ে জাতিপ্ৰথাৰ ৰক্ষাশীলতাক স্বীকৃতি নিদিয়ে। নগৰৰ দ্রুত গতিশীলতাই মানুহক বেছিকৈ প্ৰভাৱান্বিত কৰে যিয়ে জাতি – প্রথা পৰিৱৰ্তনত সুদূৰপ্ৰসাৰী ক্ৰিয়া কৰে। 

১০। চৰকাৰী প্ৰচেষ্টা :- ভাৰতীয় জাতীয় চৰকাৰে স্বাধীনতা লাভ কৰাৰ পাছত জাতি প্রথাত থকা কু – প্রথাবিলাক দূৰীকৰণৰ কাৰণে প্ৰচেষ্টা চলাইছে। উদাহৰণস্বৰূপে ১৯৫৫ চনত অস্পৃশ্যতা নিবাৰক আইন, ১৯৬১ চনৰ যৌতুক প্রথা বিলুপ্তিকৰণ আইন ইত্যাদি ৰচনা কৰি সামাজিক বৈষম্য দূৰীকৰণৰ কাৰণে চেষ্টা কৰা হৈছে। বহুতো নিম্ন – জাতিক বিভিন্ন ধৰণৰ সা – সুবিধা প্ৰদান কৰি তেওঁলোকৰ উন্নতিৰ কাৰণে যত্ন লৈছে। আইনৰ দৃষ্টিত সকলো সমান ‘ আদৰ্শৰ দ্বাৰা সংবিধান ৰচিত হোৱাত জাতি, বৰ্ণ, ধর্ম নির্বিশেষে ভেদাভেদ নাইকিয়া কৰিবলৈ যত্ন কত জাতি – প্ৰথাৰ বহুতো কু – প্রথা উচ্ছেদ হোৱাত অৰিহণা যোগাইছে।

3. জাতি বুলিলে কি বুজা? জাতিৰ প্ৰধান চৰিত্ৰ বা বৈশিষ্ট্যবিলাক লিখা।
নাইবাঃ জাতিৰ অৰ্থ ব্যাখ্যা কৰা। নাইবা, জাতিৰ লগত সম্পর্কিত বাধানিষেধবোৰ কি?

উত্তৰঃ পর্তুগীজ কাষ্টা ‘ (Casta) শব্দৰ পৰা ইংৰাজী Caste শব্দটিৰ উৎপত্তি। ইয়াৰ অৰ্থ বংশ বা গোষ্ঠী। একে বৃত্তিধাৰী তেজৰ সম্পর্ক থকা লোকৰ সমষ্টিকে সাধাৰণতে একোটা জাতি বুলি ক’ব পাৰি। তলত জাতিৰ কেইটিমান সংজ্ঞা দিয়া হৈছে।

১। হার্বাট ৰিজলি (Herbert Risley) ৰ মতে, জাতি হৈছে কিছুমান পৰিয়ালৰ সমষ্টি, যি সকলৰ এটা সাধাৰণ নাম থাকে, কোনোৱে মানুহ বা কাল্পনিক দেৱতাৰূপী উপৰিপুৰুষৰ বংশধৰ বুলি চিনাকি দিয়ে। এওঁলোক একে বংশগত বৃত্তিধাৰী লোক আৰু স্বজাতীয় সমুদায়ৰ সংগঠন বুলি এওঁলোকৰ দাবী কৰিব পৰা ক্ষমতা থাকে। 

২। ৰৱাৰ্ট বায়ৰষ্টোড (Robert Bierstode) – ৰ মতে, যি শ্ৰেণী সংৰচনাৰ একাধিক ক্ষেত্ৰত বন্ধৰ নিচিনা তেনে শ্রেণী সংৰচনাই হৈছে জাতি। 

৩। ই, এ . গেইট (E. A, Gait) – ৰ মতে ‘ জাতি হৈছে অন্তর্বিবাহী সমূহ বা এনে এক সমূহৰ সমষ্টি যাৰ সাধাৰণ এটা নাম থকাৰ ওপৰিও এটা পৰম্পৰাগত বৃত্তি থাকে। এই সকল একে বৃত্তিধাৰী আৰু এওঁলোকৰ স্বজাতীয় সমুদায় বুলি দাবী কৰাৰ ক্ষমতা থাকে ওপৰোক্ত সংজ্ঞাবিলাক স্বয়ংসম্পূৰ্ণ বুলি ধৰিব নোৱাৰি আৰু বিভিন্ন কাৰণত সমালোচনা কৰিব পাৰি। 

উদাহৰণস্বৰূপে ভাৰতবৰ্ষৰ সমগ্ৰ ব্ৰাহ্মণসমাজ একে বংশধৰ বা বৃত্তিধাৰী নহয়। তদুপৰি কৃষিজীৱী সমাজত বিভিন্ন জাতি – উপজাতি আছে। মুঠতে জাতি ব্যৱস্থা হৈছে। জটিল সামাজিক প্ৰথা। নানা কাৰণত এই ব্যৱস্থাৰ সৃষ্টি হৈছে। 

জাতিৰ বৈশিষ্ট্যসমূহঃ
(ক) N. K. Dutta ৰ মতে ভাৰতীয় জাতি ব্যৱস্থাৰ ছটা মূল বৈশিষ্ট্য দেখা যায়—
১। জাতিৰ সদস্যবিলাকৰ নিজ জাতিৰ বাহিৰত বিবাহ কৰাত নিষিদ্ধ থাকে।
২। খোৱা – বোৱা, আদান – প্ৰদানৰ ক্ষেত্ৰত প্ৰত্যেক জাতিৰে কিছুমান বাধা – নিষেধ থাকে।
৩। প্রত্যেক জাতিৰে একোটাকৈ নিৰ্দিষ্ট বৃত্তি থাকে।
৪। জন্মই ব্যক্তিৰ জাতি নিৰ্ণয় কৰে। জাতি প্ৰথাৰ ৰীতি – নীতি ভংগ কৰিলে জাতিচ্যুৎ কৰাৰ ব্যৱস্থা আছে।
৫। ব্ৰাহ্মণৰ প্ৰস্থিতি সৰ্বমান্য হিচাপে ধৰি বাকীসকলৰ স্থান উচ্চ – নীচ হিচাপে সংস্তৰণ কৰা থাকে।
৬। সমগ্ৰ জাতি ব্যৱস্থাটোৱেই ব্ৰাহ্মণৰ সামাজিক প্ৰতিষ্ঠাৰ ওপৰত লক্ষ্য ৰাখি ৰচনা কৰা।

(খ) ডাঃ ঘোৰীয়ে (Dr. Ghurey) তলত উল্লেখ কৰা ধৰণেৰে জাতিপ্ৰথাৰ বৈশিষ্ট্যবিলাক দেখুৱাইছে।
১। সমাজৰ খণ্ড বিভাজন :- জাতি প্রথাই সমগ্ৰ সমাজখনক কিছুমান খণ্ড – উপখণ্ডত ভাগ কৰিছে। প্ৰত্যেক সামাজিক গোটৰ প্ৰস্থিতি, কৰ্তব্য আৰু অধিকাৰ বেলেগ। ব্যক্তিসকলৰ জাতিৰ প্ৰতি আনুগত্য আৰু নৈতিক দায়বদ্ধতা থকাতো প্রত্যেক জাতিৰে কাম্য।

২। সংস্তৰণ :- ব্ৰাহ্মণ সকলক উৰ্দ্ধত ৰাখি সমাজবিলাক ক্ৰম অনুসৰি সজোৱা থাকে। সংস্তৰণ ব্যৱস্থাত উৰ্ধতম জাতি ব্ৰাহ্মণৰ পিছতে ক্রমে ক্ষত্রিয়, বৈশ্য আৰু শূদ্ৰৰ স্থান। অৱশ্যে ব্ৰাহ্মণ আৰু অস্পৃশ্যসকলৰ স্থান অপৰিৱৰ্তিত থাকিলেও বাকী সকলৰ স্থান সদায় একে নেথাকে। বর্তমান সময়ত নগৰ সমূহত জাতি প্ৰথাৰ এই কঠোৰতা হ্ৰাস পাইছে।

৩। খোৱা – বোৱা সামাজিক চাল – চলনৰ ওপৰত নিষেধ : – প্রত্যেক জাতিতে খোৱা – বোৱা সামাজিক চাল – চলনৰ ওপৰত কিছুমান বাধা নিষেধ আৰোপ কৰা দেখা যায়। কোনে কাৰ পৰা কেনে ধৰণৰ আহাৰ আদি গ্ৰহণ কৰিব পাৰে তাৰো কিছুমান নিয়ম থাকে। উদাহৰণস্বৰূপে ব্ৰাহ্মণসকলে নিম্ন জাতি সমূহৰ পৰা সিদ্ধ অন্ন গ্রহণ কৰাটো নিষেধ।

৪। বিবাহ সম্বন্ধীয় নিষেধ :- বিবাহৰ ক্ষেত্ৰত জাতি সমূহৰ ওপৰত কঠোৰভাবে বাধা নিষেধ আৰোপ কৰা থাকে। নিজৰ জাতি বা উপজাতিৰ মাজত বিবাহ কৰাৰ অনুমোদন থাকিলেও নিজ এলেকাৰ বাহিৰত বিবাহ কৰাত নিষেধ থাকে। অন্তর্বিবাহ প্ৰথা জাতিৰ এটা প্রধান লক্ষণ।

৫। সামাজিক আৰু ধাৰ্মিক নিৰ্যোগ্যতা :- সামাজিকভাৱে প্রত্যেক জাতিৰেই সদস্যবিলাকে পৰম্পৰাগত বৃত্তি বা জীৱিকালৈ জীৱন নিৰ্বাহ কৰাতো আশা কৰে। বৃত্তিৰ পৱিত্ৰতা বা অপৱিত্ৰতাৰ ওপৰত নিৰ্ভৰ কৰি বৃত্তি ধাৰণ কৰাত বাধা – নিষেধ থাকে। যেনে, ব্রাহ্মণসকলে পুৰোহিতৰ কাম কৰা, চমাৰে চমাৰৰ কাম কৰা ইত্যাদি। ধৰ্মৰ দৃষ্টিকোণৰ পৰা সকলো বৃত্তি সমান মৰ্যাদাৰ নহয়। গতিকে বিভিন্ন বৃত্তিধাৰীৰ স্থান সমাজত বিভিন্ন। 

4. জাতিপ্ৰথাৰ উৎপত্তি বা ক্ৰমবিকাশ সম্পর্কে আলোচনা কৰা।
নাইবাঃ জাতিৰ উৎপত্তি সম্বন্ধে থকা তিনিটা সিদ্ধান্ত সম্বন্ধে আলোচনা কৰা।
উত্তৰঃ জাতিৰ উৎপত্তি সম্বন্ধে তিনিটা সিদ্ধান্তৰ বিষয়ে তলত চমুকৈ আলোচনা কৰা হৈছে। 

১। ৰাজনৈতিক সিদ্ধান্ত (Political Theory) :- এই সিদ্ধান্তৰ অগ্ৰণী লোক হৈছে আবে ডুবয় (Abbe Dubois)। তেওঁৰ মতে জাতি ব্যৱস্থা ব্ৰাহ্মণসকলৰ চতুৰালিৰে সংগঠিত ৰাজনৈতিক আঁচনিৰ পৰিণতি। তেওঁৰ মতে সমাজত নিজৰ স্বাৰ্থ প্ৰভুত্ব সুৰক্ষিত কৰিবৰ কাৰণে ব্ৰাহ্মণসকলে জাতি ব্যৱস্থাৰ সৃষ্টি কৰে। ইউৰোপীয় সকলৰ মতে ব্ৰাহ্মণসকলে প্ৰকৃত সত্য ঢাকি ৰাখি ধৰ্মৰ দোহাই দি সামাজিক সংস্তৰণ ব্যৱস্থাত তেওঁলোকৰ স্থান ওপৰত প্রতিষ্ঠিতি কৰে। সেই কাৰণে ধৰ্মৰ সকলো ক্রিয়াকাণ্ডৰ অধিকাৰ তেওঁলোকৰ হাতত ৰাখে, আৰু যিসকলে ব্ৰাহ্মণসকলৰ প্ৰস্থিতি সংৰক্ষণত সহায় কৰিবলৈ আগবাঢ়ি আহে তেওঁলোকৰ স্থান তেওঁলোকৰ অৱদান অনুসৰি ব্ৰাহ্মণসকলৰ পিছতে ক্রম অনুসৰি নিৰ্ণয় কৰা হ’ল। আবে ডুবয়ে পশ্চিমীয়া দেশ গ্ৰীচ, মিচৰ, প্ৰভৃতি দেশৰ সামাজিক ব্যৱস্থাৰ উদাহৰণ দাঙি ধৰি ভাৰততো তেনেদৰে ব্ৰাহ্মণসকলৰ দ্বাৰা যে জাতি ব্যৱস্থাৰ সৃষ্টি হৈছে তাক প্ৰতিপন্ন কৰিবলৈ চেষ্টা কৰিছে। ডুবয়ৰ দৰে ইবেটচন (Ibbetson), ঘুৰি আদিয়েও আংশিকভাবে জাতিব্যৱস্থাৰ উৎপত্তিত ব্ৰাহ্মণৰ ভূমিকাৰ কথা উল্লেখ কৰিছে। ঘুৰিৰ মতে জাতি ব্যৱস্থা হৈছে ইন্দো – আর্য। সংস্কৃতিৰ ব্ৰাহ্মণৰ সন্তান— যাক গংগা – যমুনাৰ সমভূমি অঞ্চলত লালন পালন কৰা হৈছিল। আৰু সেই ঠাইৰ পৰা দেশৰ বিভিন্ন অংশলৈ ইয়াক সম্প্ৰসাৰিত কৰা হয়। 

জাতি ব্যৱস্থাত ব্ৰাহ্মণৰ প্ৰভুত্ব সর্বাধিক যদিও সমগ্ৰ ব্যৱস্থাতো একপক্ষীয়ভাৱে ব্ৰাহ্মণসকলৰ দ্বাৰা সৃষ্টি হ’ল বুলি ধৰি ল’ব নোৱাৰি। আনহাতে, জাতি ব্যৱস্থা ক্ৰমিবিকাশৰ ফলত সৃষ্টি হোৱা এটা জটিল সামাজিক সংস্থা। গতিকে কোনো এটা নির্দিষ্ট গোষ্ঠীক সৃষ্টিকাৰক বুলি ধৰাটো যুক্তিযুক্ত নহব।

২। বৃক্তিগত সিদ্ধান্ত (Occupational Theory) :- এই সিদ্ধান্ত প্রধান পৃষ্ঠপোষক হৈছে নেছফিলড় (Nesf।eld)। তেওঁৰ মতে বৃত্তিৰ বাহিৰে আন একোৱেই জাতি ব্যৱস্থাৰ উৎপত্তিৰ কাৰণ হ’ব নোৱাৰে। কাৰ্যক্ষেত্ৰত বৃত্তিবিলাকৰ মাজত যি উচ্চ – নীচ বা পবিত্র – অপবিত্রতা পার্থক্য থকা দেখা যায় তাৰেই পৰিণামস্বৰূপে জাতি ব্যৱস্থাৰ সৃষ্টি হৈছে। তেওঁৰ মতে পৃথিৱীৰ বিভিন্ন দেশত যেনেদৰে সংস্তৰণ ব্যৱস্থা আছে ভাৰততো বৃত্তিৰ তেনে সংস্তৰণ ব্যৱস্থাৰ দ্বাৰা জাতিৰ উচ্চ – নীচৰ সংস্তৰণ কৰা হৈছে। তেওঁ প্রজাতীয় ভিন্নতা বা ধৰ্মৰ ওপৰত সিমান গুৰুত্ব দিয়া নাই কিন্তু বৃত্তি আৰু জীৱিকাৰ সম্পৰ্ক যে অতি গাঢ় তাক স্বীকাৰ কৰি লৈছে। গতিকে বৃত্তিৰ সামাজিক মূল্যবোধেই জাতি ব্যৱস্থাৰ উৎপত্তিৰ কাৰক। 

নেছফিল সিদ্ধান্তত বৃত্তিৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছে আনহাতে, ধৰ্ম বা প্রজাতীয় ইন্ধনৰ কথা স্বীকাৰ কৰিছে। গতিকে এই সিদ্ধান্তৰ যথেষ্ট ত্রুটি আছে। যেনে— 

(ক) ভাৰতবৰ্ষত প্ৰায় শতকৰা ৭০ % ভাগে কৃষিকাৰ্য কৰিলেও কৃষিক কেন্দ্ৰ কৰি এটা জাতি গঢ়ি উঠা নাই। কৃষিজীৱী সমাজতে বিভিন্ন প্ৰস্থিতিৰ সামাজিক সংস্তৰণ আছে। 

READ MORE  সাংস্কৃতিক বিচিত্ৰতাৰ প্ৰত্যাহ্বান | Chapter 6 | Class 12 Sociology - AHSEC

(খ) তদুপৰি ধৰ্মৰ যদি এই ক্ষেত্ৰত অৱতাৰণা কৰা নাযায় তেন্তে ব্ৰাহ্মণৰ প্ৰস্থিতি সমাজত কিয় ইমান উচ্চ হ’ল তাৰ সম্যক ব্যাখ্যা দিয়াটো সহজ নহয়। 

(গ) আকৌ বৃত্তিৰ মাজত থকা পৱিত্ৰতা বা অপৱিত্ৰতাৰ ধাৰণা কিহে আনিছে এই ক্ষেত্ৰত সিদ্ধান্তটোৰ পৰা একো ইঙ্গিত পোৱা নাযায়। 

৩। ধর্মীয় সিদ্ধান্ত (Religious Theory) :- ধর্মীয় সিদ্ধান্ত যি সকল লোকে আগবঢ়াইছে। সেই সকলৰ ভিতৰত হোকার্ট (Hocart) আৰু চেনাৰ্টৰ নাম উল্লেখযোগ্য। হোকাৰ্টৰ মতে সমাজৰ বিভাজন ধৰ্মীয় বিচাৰ আৰু প্ৰথাৰ ওপৰত আধাৰিত। প্রাচীনকালত ধৰ্মৰ মহত্ব অধিক আছিল আৰু বলিদান, যাগ – যজ্ঞৰ প্ৰথা অত্যধিক আছিল। বলিদান আদি কাৰ্যত সকলোৰে সমানে ৰাপ নাছিল। ই ধৰ্মীয় কাৰণ হ’লেও এনে কাম নিকৃষ্ট বুলি বিবেচিত হৈছিল। যিসকল লোকে সেই কাৰ্য কৰিবলৈ আগবাঢ়ি আহিছিল নাইবা বাধ্য কৰোৱা হৈছিল। তেওঁলোকে সংস্তৰণ ব্যৱস্থাত নিম্নস্থান পালে। আনহাতে পূজা – পাতল কৰা, যাগ – যজ্ঞ কৰা ইত্যাদি কামত যিসকলে বিভিন্ন দায়িত্ব বহন কৰিলে সেইসকলৰ কাম অনুসৰি বিভিন্ন প্ৰস্থিতি দিয়া হ’ল। এইদৰেই পুৰোহিত, মালি, ধোবা, নাপিত, কঁহাৰ, কমাৰ আদি জাতিবোৰৰ জন্ম। এই জাতি ৰচনাত প্ৰধান ভেটি হ’ল ধৰ্মীয় পৱিত্ৰতা আৰু অপৱিত্ৰতা।

হোকাৰ্টৰ সিদ্ধান্তৰ মূল আধাৰ হৈছে ধৰ্ম। কিন্তু তেওঁ বিবাহ, খোৱা – বোৱাত থকা বাধা নিষেধৰ কথা উল্লেখ কৰা নাই। কিন্তু জাতি প্রথা এটা সামাজিক সংস্থাহে, ই ধৰ্মীয় নহয়।

চেনার্টেও জাতি প্রথাত ধৰ্মৰ প্ৰভাৱ স্বীকাৰ কৰিছে। অৱশ্যে তেওঁ খোৱা – বোৱা সম্বন্ধীয় নিষেধ বিলাকত উৎপত্তিৰ প্ৰধান কাৰণ হিচাপে পাৰিবাৰিক পূজা আৰু কুলদেৱতাৰ ভিন্নতাৰ বাবে হোৱা বুলি উল্লেখ কৰিছে। তেওঁৰ মতে প্ৰত্যেক পৰিয়ালৰ নিজৰ বংশগত কুলদেৱতা থাকে যাৰ বাবে পূজা – অর্ঘ্য আদি সমাপন কৰা হয়। গতিকে একোজন দেৱতাক পূজা কৰা লোকসকল আন এজন দেৱতাক পূজা কৰা লোকৰ পৰা পৃথক হবলৈ ধৰে। আৰ্য আৰু অনাৰ্য বিলাকৰ মাজত থকা পাৰ্থক্যবোৰে কালক্ৰমত বিভিন্ন সামাজিক গোটবোৰৰ মাজত শুচি অশুচি, পৱিত্ৰ – অপবিত্ৰৰ ধাৰণা কঢ়িয়াই আনে বুলি তেওঁ মত পোষণ কৰে।

চেনার্টেও অত্যধিক পৰিমাণে ধৰ্মৰ ওপৰত গুৰুত্ব আৰোপ কৰাত সিদ্ধান্তৰ একপক্ষীয় বুলি ধাৰণা হয়। দুয়োজনেই জাতি প্রথাক সামাজিক সংস্থা বুলি আলোচনা নকৰি ধৰ্মীয় সচ, দিবলৈহে যত্ন কৰা দেখা যায়।

5. ভাৰতৰ জাতি প্ৰথাৰ উৎপত্তিৰ বিষয়ে যি কোনো এটি সিদ্ধান্ত আলোচনা কৰা।
উত্তৰঃ ভাৰতৰ জাতিভেদ প্রথাৰ উৎপত্তি সম্পর্কে বিভিন্ন সিদ্ধান্ত পোৱা যায়। পৌৰাণিক সিদ্ধান্ত, বৃত্তিমূলক সিদ্ধান্ত, ধর্মীয় সিদ্ধান্ত আদিয়েই প্রধান। তলত বৃত্তিমূলক সিদ্ধান্তটো, আলোচনা কৰা হ’ল—

বৃত্তিমূলক সিদ্ধান্ত :- বিখ্যাত সমাজ বিজ্ঞানী নেছফিল্ড হ’ল বৃত্তিমূলক সিদ্ধান্ত মূল প্রবক্তা। তেওঁৰ মতে কৰ্মৰ বিভিন্ন ভাগৰ ওপৰত ভিত্তি কৰি সৃষ্টি হোৱা সমাজ ব্যৱস্থাক কেন্দ্ৰ কৰিয়েই এই মতবাদৰ সৃষ্টি হয়। এই মতবাদ অনুসৰি জাতি প্রথা উৎপত্তিৰ ক্ষেত্ৰত ধৰ্মৰ কোনো ভূমিকা নাই ; ই মানুহৰ দ্বাৰা সৃষ্টি হোৱা এক সামাজিক প্রথা। প্রত্যেক সমাজতে বিভিন্ন ধৰণৰ জনসমষ্টি বিভিন্ন ধৰণৰ কামৰ সৈতে জড়িত হোৱা দেখা যায়। এই কৰ্ম গুণৰ ওপৰতেই মানুহৰ বিভাজন কৰা হৈছিল। যিবোৰ কামে সমাজ এখনত উচ্চ স্থান লাভ কৰে সেইবোৰ কামৰ বৃত্তিধাৰী লোকসকলেও সমাজত উচ্চস্থান লাভ কৰিছিল। উদাহৰণস্বৰূপে ব্রাহ্মণসকলে সমাজত জ্ঞানৰ শিক্ষা প্ৰদান কৰি আৰু যাগ – যজ্ঞৰ মাধ্যমেৰে আধ্যাত্মিক শক্তিৰ, উৎকৰ্ষ সাধন কৰি সমাজত উচ্চস্থান লাভ কৰি উচ্চ জাতিৰূপে পৰিগণিত হৈছিল। আনহাতে শূদ্র সম্প্ৰদায়ৰ লোকসকলে সমাজৰ অতি প্রয়োজনীয় অথচ লেতেৰা আৰু সামাজিক মর্যাদা বিহীন বিভিন্ন কামক জীৱিকাৰ বৃত্তি হিচাপে গ্ৰহণ কৰা কাৰণে সামাজিক মূল্যবোধত তেওঁলোকক নিম্ন শ্ৰেণীৰ লোক হিচাপে গণ্য কৰা হয়। গতিকে নেছফিল্ডৰ এই সিদ্ধান্ত অনুসৰি প্ৰত্যেক জাতিৰ নামৰ লগত সেই জাতিটোৰ ব্যৱসায়ৰ সম্পৰ্ক থাকে। উদাহৰণস্বৰূপে টেলী, নাপিত, সোণাৰ লোহাৰ, কঁহাৰ, কুমাৰ আদি জাতিবোৰ কৰ্মৰ ভিত্তিতেই সৃষ্টি হৈছিল আৰু কেৱল কাম আৰু কামৰ দ্বাৰা হোৱা সামাজিক স্থানেই জাতিবোৰৰ সামাজিক স্থান নির্ণয় কৰে।

বর্তমান যুগতো বিভিন্ন জাতি আৰু বিভিন্ন উপজাতি বিশেষ বিশেষ কামৰ লগত জড়িত হৈ আছে আৰু এই কামৰ ভিত্তিতেই তেওঁলোকৰ জাত নিৰ্ণয় হয়। বৃত্তিমূলক সিদ্ধান্ত অতি পুৰণি মতবাদ। মনুৰ লিখনিতো এই সিদ্ধান্তৰ উল্লেখ পোৱা যায়। তেওঁৰ মতে কৰ্মৰ বিভাজন অনুসৰিয়ে জাতিৰ সৃষ্টি হৈছিল। আনহাতে সৰ্বপল্লী বাধাকৃষ্ণণৰ মতেও প্রথমে কর্ম অনুসৰিয়েই বৰ্ণৰ সৃষ্টি হৈছিল।

6. জাতিৰ সংজ্ঞা লিখা। এন. কে, দত্তই দেখুওৱা মতে জাতিৰ প্ৰধান বৈশিষ্ট্যসমূহ উল্লেখ কৰা।
উত্তৰঃ ১। জাতিৰ সদস্যবিলাকৰ নিজ জাতিৰ বাহিৰত বিবাহ কৰাত নিষিদ্ধ থাকে।
২। খোৱা – বোৱা, আদান – প্ৰদানৰ ক্ষেত্ৰত প্ৰত্যেক জাতিৰে কিছুমান বাধা – নিষেধ থাকে।
৩। প্ৰত্যেক জাতিৰে একোটাকৈ নিৰ্দিষ্ট বৃত্তি থাকে।
৪। জন্মই ব্যক্তিৰ জাতি নিৰ্ণয় কৰে। জাতি প্ৰথাৰ ৰীতি – নীতি ভংগ কৰিলে জাতিচ্যুৎ কৰাৰ ব্যৱস্থা আছে।
৫। ব্ৰাহ্মণৰ প্ৰস্থিতি সৰ্বমান্য হিচাপে ধৰি বাকীসকলৰ স্থান উচ্চ নীচ হিচাপে সংস্তৰণ কৰা থাকে।
৬। সমগ্ৰ জাতি ব্যৱস্থাটোৱেই ব্ৰাহ্মণৰ সামাজিক প্ৰতিষ্ঠাৰ ওপৰত লক্ষ্য ৰাখি ৰচনা কৰা।

7. জাতি আৰু শ্ৰেণীৰ মাজত থকা পাৰ্থক্যসমূহ বাছি উলিওৱা।
উত্তৰঃ জাতি আৰু শ্ৰেণীৰ পাৰ্থক্যঃ সমাজতত্ত্বত জাতি আৰু সামাজিক শ্রেণী দুয়োটাই সামাজিক স্তৰীকৰণৰ স্বৰূপ হিচাপে স্বীকৃত হৈছে। জাতিয়ে ৰুদ্ধ স্তৰীকৰণ আৰু শ্ৰেণীয়ে মুক্ত স্তৰীকৰণক প্রতিনিধিত্ব কৰে। দুয়োটা অৱধাৰণা যিহেতু ভিন্ন স্বৰূপমুখী সেয়ে উভয়ৰ মাজত পাৰ্থক্য পৰিলক্ষিত হয়। 

১। জাতি এটি জন্মগত সামাজিক গোট। ব্যক্তিজনৰ জাতি জন্মগতভাৱে নিৰ্ধাৰিত হয়। সাধাৰণতঃ এজন ব্যক্তি গুণ বা কাৰ্যৰ দ্বাৰা অন্য জাতিলৈ ৰূপান্তৰিত হ’ব নোৱাৰে। 

আনহাতে, শ্রেণী বিভাজনৰ ক্ষেত্ৰত জন্মস্বত্ব নৰজে। এই ক্ষেত্ৰত ব্যক্তিজনৰ গুণ, কৰ্ম আৰু প্ৰচেষ্টাৰ ওপৰতহে গুৰুত্ব আৰোপ কৰা হয়। নিম্ন জাতিৰ ব্যক্তিও নিজ প্রচেষ্টাৰ ফলত উচ্চ শ্ৰেণীত অধিষ্ঠিত হ’ব পাৰে। 

২। আকৌ, জাতি অন্তর্বিবাহী সামাজিক গোট কিন্তু শ্রেণী অন্তর্বিবাহী গোট নহয়। সাধাৰণতে নিজৰ শ্ৰেণীৰ মাজতে বৈবাহিক সম্পর্ক স্থাপন কৰাৰ অভিপ্ৰায় থাকিলেও জাতিৰ দৰে জটিল নিষেধ বা নিয়ম দেখা নাযায়। 

৩। প্ৰায়বোৰ জাতিৰে স্বকীয় পৰম্পৰাগত বৃত্তি দেখা যায় কিন্তু বৃত্তিৰ আধাৰত শ্ৰেণীক ভাগ কৰিব পাৰিলেও শ্ৰেণী ব্যৱস্থাত কোনো নির্দিষ্ট বৃত্তি নাই। 

৪। জাতি ব্যৱস্থা একপ্ৰকাৰ স্থায়ী, কিন্তু শ্ৰেণী ব্যৱস্থা পৰিৱৰ্তনশীল। সেয়ে জাতিক স্থিতিশীল আৰু শ্ৰেণীক গতিশীল আখ্যা দিয়া যায়।

8. জাতি আৰু বৰ্ণৰ সংজ্ঞা দিয়া। দুয়োটাৰ পাৰ্থক্য দেখুওৱা।
উত্তৰঃ জাতিৰ সংজ্ঞা বিভিন্ন লিখকে বিভিন্ন ধৰণে আগবঢ়াইছে যদিও এই সম্পৰ্কত অধ্যাপক বাৰ্গেছৰ সংজ্ঞাটোৱে এটা জাতিৰ সকলো দিশ সাঙুৰি লৈছে। তেওঁৰ মতে জাতি হ’ল উমৈহতীয়া ভাষা, সাহিত্য, সংস্কৃতি আৰু ৰীতি – নীতি আদিৰ জৰিয়তে ঐক্যবদ্ধ হোৱা কিছুমান জনসাধাৰণৰ সমষ্টি।’ আনহাতে ‘ বর্ণ ‘ শব্দৰ প্ৰকৃত অৰ্থ হৈছে শৰীৰৰ বৰণ বা ৰং।

যি সকল লোকৰ শৰীৰৰ বৰণ বগা সেই সকলক দেৱ বৰ্ণ (উচ্চবৰ্ণ) বোলা হৈছিল আৰু এনে বৰণৰ মানুহৰ পৰাই শেষলৈ ব্ৰাহ্মণ, ক্ষত্ৰিয় আৰু বৈশ্য জাতিৰ সৃষ্টি হয়। আনহাতে যিসকল লোকৰ গাৰ বৰণ ক’লা সেইসকল লোকক দাস্য বৰ্ণৰ মানুহ বোলা হৈছিল আৰু তেওঁলোকৰ দ্বাৰাই শূদ্ৰ বৰ্ণৰ মানুহৰ সৃষ্টি হৈছিল। 

আনহাতে, বৰ্ণ শব্দৰ আন এটা অৰ্থ হ’ল বাছি লোৱা। কোনো জনসমষ্টিয়ে যেতিয়া নিজৰ সুবিধা অনুসৰি কোনো এটা বিশেষ বৃত্তি বাছি লৈ কিছুমান সামাজিক ৰীতি – নীতিৰ মাধ্যমেৰে সেই বৃত্তিক জীৱিকা হিচাপে গ্ৰহণ কৰি সামাজিক জীৱন যাপন কৰে তেতিয়াই বৰ্ণৰ সৃষ্টি হয়। প্রত্যেক বৰ্ণৰ লোকৰ বাবে থকা নিৰ্ধাৰিত কাম তেওঁলোকে সম্পাদন কৰিব লাগে। 

সাধাৰণ অৰ্থত বৰ্ণ আৰু জাতিৰ মাজত সামঞ্জস্য থকা যেন লাগিলেও প্রকৃত অৰ্থত বৰ্ণ আৰু জাতি একে নহয়। বৰ্ণ আৰু জাতিৰ মাজৰ পাৰ্থক্যসমূহ তলত দাঙি ধৰা হ’ল—

১। বৰ্ণ বুলিলে সাধাৰণতে উচ্চবৰ্ণ আৰু নিম্নবৰ্ণক বুজায়। আনহাতে, জাতি বুলিলে বৰ্ণৰ অন্তৰ্গত ব্রাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্র এই চাৰিজাতিক বুজায়। 

২। জন্মৰ ওপৰত ভিত্তি কৰি জাতিৰ সৃষ্টি হয় কিন্তু কৰ্মৰ ওপৰত ভিত্তি কৰি বৰ্ণৰ সৃষ্টি হয়। 

৩। বর্ণ ব্যবস্থা পৰিৱৰ্তনশীল। উদাহৰণস্বৰূপে গৌতম বুদ্ধ জন্মত ক্ষত্ৰিয় হৈয়ো কৰ্মৰ ফলত তেওঁ ধৰ্ম প্ৰবৰ্তক হৈছিল। কৰ্মৰ ফলত এজন ব্ৰাহ্মণৰো ব্ৰহ্মগুণৰ অবসান ঘটিব পাৰে। সেয়ে বৰ্ণ ব্যবস্থা পৰিৱৰ্তনশীল কিন্তু জাতি ব্যৱস্থা ৰক্ষণশীল। জাতি সলনি সঘনাই পৰিলক্ষিত নহয় আনহাতে কৰ্মৰ সলনি সমাজত অতি সঘনাই পৰিলক্ষিত হয়। 

৪। জাতি প্রথাত কিছুমান ধৰা – বন্ধা নিয়ম থাকে আৰু সেইবোৰ জাতিগতভাৱে মানি চলা দেখা যায়। আনহাতে বৰ্ণ ব্যৱস্থাত তেনে কোনো ধৰা – বন্ধা ব্যৱস্থা নাই।

৫। বৰ্ণ ব্যৱস্থাত মূল চাৰিটা বৰ্ণ— ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য আৰু শূদ্র থকাৰ উপৰিও অস্পৃশ্য নামে এটা বর্ণও দেখা যায়। এই বৰ্ণটোক, অস্পৃশ্য’, ‘তাঞ্চম’ আদি নামেৰে জনাজাত। ভাৰতবৰ্ষত শ শ জাতি উপজাতি থকা দেখিবলৈ পোৱা যায়।

9. বৰ্ণ বুলিলে কি বুজা? প্রত্যেক বৰ্ণৰ বৰ্ণ – ধৰ্মবোৰ কি লিখা।
নাইবাঃ ভাৰতৰ বৰ্ণ প্ৰথাৰ বিষয়ে এটি টোকা লিখা।
উত্তৰঃ ‘বর্ণ’ শব্দৰ সাধাৰণ অৰ্থ হ’ল ‘বৰণ ‘ বা ‘ৰং’ ‘। সংস্কৃত ‘ বৃ’ শব্দৰ পৰা ‘বর্ণ’ শব্দৰ উৎপত্তি হৈছে। ব্যৱহাৰিক ক্ষেত্ৰত বৰ্ণক ব্যক্তিৰ নিজৰ গুণানুসাৰে সমাজত নিজৰ স্থান লাভ কৰা কথাকহে বুজায়। ইয়াৰ আন এটা অৰ্থ হ’ল বৰণ কৰা বা বাচি লোৱা। এই ক্ষেত্ৰত কোনো বিশেষ সামাজিক গোট এটাই বিশেষ ধৰণৰ বৃত্তি বাচি লৈ কিছুমান সামাজিক নীতি নিয়মেৰে সেই জীৱিকাক জাতি বা গোষ্ঠীগত বৃত্তি হিচাপে জীৱন নিৰ্বাহ কৰা কথাকো বুজাব পাৰে। ব্যক্তিসকলে গোটৰ অন্তৰ্ভুক্ত হৈ নিজ গুণানুসৰি বৃত্তি অৱলম্বন কৰে। ব্যক্তিৰ ত্ৰিগুণ— সত্বঃ, ৰজঃ, তমঃ ; এইকেইটা গুণ অনুসৰি সমাজক চাৰিটা ভাগত ভাগ কৰা হয়। সত্বঃ অর্থাৎ সাত্বিক গুণৰ অধিকাৰী হ’ল ব্ৰাহ্মণসকল, সেইদৰে ক্ষত্ৰিয়সকল হ’ল সত্বঃ আৰু ৰজঃ গুণৰ অধিকাৰী, বৈশ্যসকল ৰজঃ আৰু তমঃ, আৰু শূদ্ৰসকল হ’ল কেৱল তমঃ গুণৰ অধিকাৰী। 

সাংখ্য দর্শন মতেও ‘ বৰ্ণ ‘ শব্দৰ অৰ্থ ৰং ‘ বুলিয়ে বুজাইছে। পুৰাণতো শুক্র (বগা) ৰঙে ব্ৰাহ্মণক · ৰক্ত (ৰঙা) ক্ষত্ৰিয়ক, পীত (হালধীয়া) ৰঙে বৈশ্যক আৰু কৃষ্ণ (কলা) ৰঙে শূদ্রক বুজাইছে।বৰ্ণ ব্যৱস্থাৰ মূল হ’ল সামাজিক সংগঠন। এই ব্যৱস্থাৰ যোগেদি ব্যক্তিৰ নিজ গুণানুসৰি বিশেষ বৃত্তিত আত্মনিয়োগ কৰি পৰস্পৰ নিৰ্ভৰশীলতাৰ যোগেদি জীৱিকা নিৰ্বাহ কৰি থক। ইয়াকে বর্ণধর্ম বুলি জনা যায়। 

বৰ্ণৰ ধৰ্ম :- ঝবেদত চাৰি বৰ্ণৰ উল্লেখ আছে – ব্ৰাহ্মণ, ক্ষত্রিয়, বৈশ্য আৰু শূদ্ৰ। প্ৰবাদ মতে সৃষ্টিকর্তা ব্ৰহ্মৰ মুখৰ পৰা ‘ ব্ৰাহ্মণ’ৰ বাহুৰ পৰা ক্ষত্ৰিয়, উৰুৰ পৰা বৈশ্যৰ আৰু ভৰিৰ পৰা শূদ্ৰৰ জন্ম হয় বুলি কোৱা হয়। 

১। ব্ৰাহ্মণসকলৰ ধৰ্ম :- ব্ৰাহ্মণসকল ব্ৰহ্মাৰ মুখৰ পৰা জন্ম, মুখ হ’ল বাক – শক্তি প্রতীক। গতিকে ব্রাহ্মণৰ প্ৰধান কাম হ’ল আনক শিক্ষা প্ৰদান কৰা। ব্ৰাহ্মণে সাত্বিক বৃত্তিৰ দ্বাৰা জীৱিকা নিৰ্বাহ কৰিব লাগে। তেওঁলোকে সদায় গ্লানিৰ প্ৰতি ভয় কৰি চলিব লাগে আৰু আনৰ আদৰক ‘ অমৃত ‘ জ্ঞান কৰিব লাগে। ‘ ব্ৰাহ্মণসকলৰ মূল কাম হৈছে বেদপাঠ, জ্ঞান অর্জন, যাগ – যজ্ঞ সম্পাদন, দান গ্ৰহণ কৰা আদি। 

২। ক্ষত্ৰিয়সকলৰ ধৰ্ম :- ক্ষত্ৰিসকল ব্ৰহ্মৰ বাহুৰ পৰা জন্ম হোৱাৰ বাবে, শক্তিৰ প্ৰতীক। তেওঁলোকৰ প্ৰধান কাম হ’ল সমাজৰ নিৰাপত্তা ৰক্ষা কৰা। তেওঁলোকে অস্ত্ৰধাৰণ কৰি মানুহক ৰক্ষণাবেক্ষণ দিব লাগে। 

৩। বৈশ্যসকলৰ ধৰ্ম :- বৈশ্যসকল ব্ৰহ্মাৰ উৰুৰ পৰা জন্ম, ই আহাৰৰ প্ৰতীক। তেওঁলোকৰ প্ৰধান কাম হৈছে সমাজক খাদ্যসম্ভাৰৰ যোগান ধৰা। ব্যৱসায় – বাণিজ্যৰ দ্বাৰা খাদ্যবস্তু যোগান ধৰা, পশুপালন, দান – দক্ষিণা দিয়া, কৃষিকাৰ্য কৰা আদি বৈশ্যসকলৰ কাম। 

৪। শুদ্ৰসকলৰ ধৰ্ম :- শূদ্ৰসকল ব্ৰহ্মাৰ ভৰিব পৰা জন্ম হৈছে, ই হ’ল সেৱাৰ প্ৰতীক। সেৱা কৰাই হ’ল শূদ্ৰসকলৰ প্ৰধান কৰ্তব্য। তেওঁলোকে আন বৰ্ণৰ মানুহক সেৱা – শুশ্রুষা কৰিব লাগে। শূদ্ৰই নিজাকৈ সা – সম্পত্তি কৰাটো অনুচিত। তেওঁলোকে আন তিনিটা বৰ্ণৰ অধীনত থাকি জীৱন নিৰ্বাহ কৰিব লাগে। 

স্মৃতিবোৰত উল্লেখ থকা মতে চাৰি বৰ্ণই পালন কৰিবলগীয়া কিছুমান উমৈহতীয়া কামো আছে যেনে— ইন্দ্ৰিয়বোৰৰ সংযম কৰা, ক্ষমা কৰা, পৰোপকাৰ কৰা, দান দিয়া, সত্যৰ সন্ধান কৰা যাগ – যজ্ঞ কৰা ইত্যাদি। মুঠতে নিজৰ কৰ্তব্য আৰু দায়িত্ববিলাক যথাযথভাৱে পালন কৰাটোৱেই প্ৰত্যেক বৰ্ণৰ ধৰ্ম ব্যক্তিয়ে নিজৰ কৰ্মৰ মাজেৰেই নিজ ধৰ্ম পালন কৰিব পাৰে। কৰ্মই ধৰ্মৰ অৰ্থও এয়েই। 

ভাৰতৰ জনজাতীয় জীৱন

1. ভাৰতৰ জনজাতিবোৰৰ ধৰ্মৰ এটি চমু আভাস দিয়া।
উত্তৰঃ ভাৰতৰ জনজাতিসকল বিভিন্ন জনগোষ্ঠীৰ লোক। তেওঁলোক প্ৰত্যেকৰে ভাষা, ধৰ্ম, সামাজিক ৰীতি – নীতি, আর্থিক পদ্ধতি আদি বিভিন্ন ধৰণৰ। ভাৰতৰ আন জনজাতিৰ লোকৰ দৰে, জনজাতীয়সকলৰ মাজতো বিভিন্ন ধৰ্মীয় আচৰণৰ লোক দেখা যায়। ভাৰতৰ জনজাতীয় সমাজ পদ্ধতিত ধৰ্মৰ ভূমিকা যথেষ্ট গুরুত্বপূর্ণ। তেওঁলোকৰ সকলো দিশতে ধৰ্মৰ প্ৰভাৱ দেখিবলৈ পোৱা যায়। জনজাতীয় সমাজত যিবোৰ সামাজিক উৎসৱ পালন কৰা হয় সেইবোৰত ধৰ্মীয় বিশ্বাস, ৰীতি – নীতি, আৰু প্ৰথা প্রয়োগ কৰা হয়। মানুহৰ জন্ম, মৃত্যু, ৰোগ – ব্যাধি, ঘটনা, শস্যৰ উৎপাদন, প্রাকৃতিক ঘটনাৰ বিভিন্ন কাৰণসমূহ ধৰ্মীয় বিশ্বাস মতেই ব্যাখ্যা কৰা দেখা যায়। ধৰ্ম অবিহনে তেওঁলোকে সমাজত জীৱন নিৰ্বাহ কৰাৰ কথা ভাবিবই নোৱাৰে। 

ভাৰতৰ প্ৰায় ভাগ জনজাতিৰে নিজৰ পৰম্পৰাগত ধৰ্মীয় বিশ্বাস, পদ্ধতি আছে যদিও সময়ৰ সোঁতত কিছুমান জনজাতীয়লোকে হিন্দু, খ্ৰীষ্টান আৰু বৌদ্ধ ধর্ম মানি চলে। তেওঁলোকে বহুতো দেৱ – দেৱীক পূজা কৰে। এই দেৱ – দেৱীবোৰ অসন্তুষ্ট হ’লে অপায় – অমঙ্গলে দেখা দিয়ে বুলি ভাবে। তেওঁলোকে মানুহৰ কৰ্মফল বিশ্বাস কৰে। তেওঁলোকে বিহু উৎসৱ আদি পালন কৰাৰ উপৰি খেৰাই ‘ নামৰ এটা ধৰ্মীয় উৎসৱও পালন কৰে। 

অসমৰ আন এটা জনজাতি সোণোৱাল কছাৰীসকলে অসমীয়া হিন্দু সমাজৰ ঘাই সুঁতিৰ ধৰ্ম – সংস্কৃতিৰ লগত মিলি গৈছে। যদিও নিজৰ কিছুমান সামাজিক বৈশিষ্ট্য আৰু ধৰ্মীয় বিশ্বাস এতিয়াও ৰক্ষা কৰি চলি আছে। বাথৌ পূজা, গজাই পূজা, পিৰ দিয়া পূজা আদি পৰম্পৰাগত পূজা – পাতল এতিয়াও তেওঁলোকৰ মাজত প্রচলিত। ডিমাছা কছাৰীসকলৰ পৰম দেৱতা হ’ল— ‘ মাদাই। চিত্ৰাই ‘ আন এজন প্ৰধান দেৱতা। তেওঁলোক মুঠতে শিৱ ভক্ত। তেওঁলোকে পূজাত জীৱ – জন্তু বলি দিয়ে। কার্বিসকলে বহুতো দেৱ – দেৱী পূজা কৰে যদিও এক সৰ্বশক্তিমান দেৱতা হ’ল ‘আৰনাম সংসাৰ ৰেক’। 

তেওঁলোকে কোনো মূৰ্তি বা মন্দিৰত পূজা নকৰে। ৰংখেৰ তেওঁলোকৰ জাতীয় উৎসৱ। লালুং বা টিৱাসকলে বৰ্তমান হিন্দুধর্ম গ্ৰহণ কৰিছে। অসমৰ মিছিংসকলে এক নিকাৰ ভগৱানক বিশ্বাস কৰে। তেওঁলোকে অপায় – অমঙ্গলৰ বাবে ভূত – প্ৰেত বিশ্বাস কৰে আৰু পূজা – পাতল কৰে। তেওঁলোকৰ ধৰ্মীয় পূজা হ’ল ‘ দবিৰ ’, ‘ তালেং উই’ধৰ্ম গ্ৰহণ কৰা দেখা যায়। উদাহৰণস্বৰূপে অসমৰ ভৈয়াম আৰু পাহাৰৰ বিভিন্ন জনজাতীয় লোকসকল শিক্ষা – দীক্ষা আৰু আৰ্থিক বিষয়ত যথেষ্ট পিছপৰা। এই অজ্ঞ পিছপৰা শ্ৰেণীৰ মাজত খ্ৰীষ্টান। 

মিছনাৰীসকলে সহজতে খ্ৰীষ্টান ধৰ্ম প্ৰচাৰ কৰি এওঁলোকৰ এক বৃহৎ অংশক খ্ৰীষ্টান ধৰ্মত দীক্ষিত কৰাইছে। অসমৰ দাঁতি কাষৰীয়া ভৈয়াম অঞ্চলত আদিম যুগৰে পৰা বসবাস কৰা ভৈয়ামৰ জনজাতিবোৰ অজনজাতীয় হিন্দুলোকৰ দ্বাৰা প্রভাবিত হৈ বহুতে হিন্দুধৰ্ম গ্ৰহণ কৰিছে। আন কিছুমান জনজাতিয়ে তেওঁলোকৰপৰম্পৰাগত ধৰ্মীয় ৰীতি – নীতিৰ লগত হিন্দুধৰ্মৰ কিছুমান ৰীতি – নীতিও পালন কৰে। 

অসমত বসবাস কৰা বড়ো, কছাৰী, ৰাভা, সোণোৱাল, মেচ, টি দেউৰী, মিচিং, কাছাৰৰ বৰ্মন, পাহাৰী জনজাতি কাৰ্বি, ডিমাছা কছাৰী, গাৰো আদি জনজাতিসকলৰ সুকীয়া নিজা নিজা ধৰ্মীয় ৰীতি – নীতি আছে। অসমৰ বড়ো আৰু ৰাভা ‘ কছাৰীসকলৰ ইষ্ট দেৱতা হ’ল বাথৌ – বাবাই তেওঁলোকৰ মতে বাথৌ বা শিৱ হ’ল সৰ্বশক্তিমান দেৱতা। মাইনাও ‘ হ’ল তেওঁলোকৰ ধনসম্পদৰ দেৱী। এইদৰে অসমৰ বিভিন্ন জনজাতিয়ে হিন্দু, খ্রীষ্টান আদি ধর্ম গ্ৰহণ কৰিছে যদিও তাৰ ভিতৰতে নিজ নিজ ধর্ম – সংস্কৃতিও পালন কৰি আছে।

অৰুণাচল, নগালেণ্ড, মণিপুৰ, মিজোৰাম, মেঘালয় আদি, পাহাৰী ৰাজ্যসমূহৰ জনজাতিসকলৰ বেছিভাগেই খ্ৰীষ্টান ধৰ্ম গ্ৰহণ কৰিছে। খুব কম সংখ্যক জনজাতিয়েহে হিন্দুধৰ্ম আৰু আন কিছুমানে বৌদ্ধধৰ্ম গ্ৰহণ কৰা দেখা যায়। এইবোৰ ধৰ্ম গ্ৰহণ কৰিছে যদিও এই জনজাতিবোৰে নিজৰ কিছুমান পৰম্পৰাগত ৰীতি – নীতি এতিয়াও পালন কৰি আছে। 

2. জনজাতীয় পৰিয়াল বুলিলে কি বুজা? জনজাতীয় পৰিয়ালবোৰৰ ভাগ কি কি?
উত্তৰঃ পৰিয়াল সমাজৰ প্ৰাথমিক গোট। মানৱ সমাজৰ প্ৰাথমিক ভিত্তি হ’ল পৰিয়াল। কিন্তু সমাজত সকলো জাতি বা গোষ্ঠী বা উপজাতিৰ মানুহৰ পৰিয়ালৰ গঠন প্ৰণালী, পদ্ধতি, ৰীতি – নীতি একে নহয়। পৰিয়ালৰ কিছুমান সাৰ্বজনীন বৈশিষ্ট্য আছে যদিও আন কিছুমান সুকীয়া বৈশিষ্ট্যও থাকে। আন জাতি – উপজাতিৰ তুলনাত জনজাতিবোৰৰ তেনে কিছুমান সুকীয়া বৈশিষ্ট্য দেখা যায়। সেইবাবে জনজাতীয় পৰিয়ালবোৰ আন পৰিয়ালৰ পৰা কিছু বেলেগ। 

ভাৰতৰ জনজাতিবোৰৰ মাজত প্ৰচলিত পৰিয়াল পদ্ধতিক তিটিটা বেলেগ বেলেগ ভিত্তিত ভাগ কৰা হয়। তলত ভাগ তিনিটা দেখুওৱা হ’ল—
১। পৰিয়ালৰ জনসংখ্যাৰ ভিত্তিত।
২। বিবাহ — পদ্ধতিৰ ভিত্তিত। আৰু
৩। বংশ বা মুৰব্বী ভিত্তিক পৰিয়াল। 

১। পৰিয়াল জনসংখ্যাৰ ভিত্তিত ভাগ :- পৰিয়াল থকা সদস্য সংখ্যাৰ ওপৰত ভিত্তি কৰি পৰিয়ালক তিনিটা ভাগত ভগোৱা হৈছে-
(ক) প্রাথমিক পৰিয়াল।
(খ) যৌথ পৰিয়াল। আৰু
(গ) দাম্পত্য পৰিয়াল।

(ক) প্রাথমিক পৰিয়াল বা আনবিক পৰিয়াল :- এনে পৰিয়াল সাধাৰণতে স্বামী – স্ত্ৰী আৰু তেওঁলোকৰ অবিবাহিত ল’ৰা – ছোৱালীক লৈ গঠিত হয়। বিবাহৰ পিছত ল’ৰা ছোৱালীবোৰ পৰিয়ালৰ লোক হৈ নাথাকে। এই পৰিয়ালেই আটাইতকৈ সৰু পৰিয়াল। এনে পৰিয়ালকে আনবিক পৰিয়ালও বোলে। 

(খ) যৌথ পৰিয়াল :- ভাৰতৰ প্ৰায়বোৰ জনজাতিতে যৌথ পৰিয়াল দেখা যায়। এই পৰিয়ালত কেবাটাও পৰিয়াল একেলগে থাকে। কেবাজনো ভাই – ককাইয়ে নিজৰ নিজৰ ল’ৰা – ছোৱালী, স্ত্ৰীক লৈ, মাক – দেউতাক সহ একেখন ঘৰতে থাকি, একে বান্ধনীশালত খোৱা বোৱা কৰি, সকলো সা – সম্পত্তি উমৈহতীয়াভাৱে উপভোগ কৰি থাকে। এনেকুৱা পৰিয়ালক যৌথ পৰিয়াল বোলে। 

(গ) দাম্পত্য পৰিয়াল :- দাম্পত্য পৰিয়ালত স্বামী – স্ত্রী তেওঁলোকৰ ল’ৰা – ছোৱালীৰ উপৰি স্বামী বা স্ত্ৰীৰ সম্পৰ্কীয় আন আত্মীয় – স্বজনও এই পৰিয়ালত থকা দেখা যায়। ভাৰতৰ কিছুমান জনজাতিত এই প্ৰকাৰৰ পৰিয়াল পোৱা যায়।

২। বিবাহ পদ্ধতি ভিত্তিক পৰিয়াল ভাগ :- বিবাহ ভিত্তিত জনজাতি পৰিয়ালক দুটা ভাগত ভগাব পাৰি।
(ক) এক – বিবাহ পদ্ধতিৰ পৰিয়াল। আৰু
(খ) বহু – বিবাহ পদ্ধতিৰ পৰিয়াল। 

(ক) এক বিবাহ পদ্ধতিৰ পৰিয়াল :- এজন পুৰুষে এজনী তিৰোতাক বিবাহ কৰাৰ ফলত যি পৰিয়ালৰ সৃষ্টি হয় তাক এক বিবাহ পৰিয়াল বা এক পতি – পত্নীৰ বিবাহ পৰিয়াল বোলে। খাছীয়া, চাওতাল জনজাতিৰ মাজত এনে পৰিয়াল পোৱা যায়। 

(খ) বহু – বিবাহ পদ্ধতিৰ পৰিয়াল :- যেতিয়া এজন পুৰুষে কেৰাজনীও তিৰোতাক বা এজনী নাৰীয়ে কোজন পুৰুষক বিয়া কৰায় একোটা পৰিয়ালৰ সৃষ্টি কৰে তাকে বহু – বিবাহ পদ্ধতিৰ পৰিয়াল বোলে। এই বিবাহক আকৌ দুই প্ৰকাৰে ভাগ কৰিব পাৰি। বহুপতি পৰিয়াল আৰু বহু – পত্নী পৰিয়াল। 

(i) বহুপত্নী পৰিয়াল :- বহুপত্নী বিবাহ অনুসৰি এজন পুৰুষে যেতিয়া এজনীতকৈ বেছি পত্নীক বিবাহ কৰায় তাকে বহু পত্নী পৰিয়াল বোলে। 

৩। বংশ বা পৰিয়ালৰ মুৰব্বী ভিত্তিক পৰিয়াল :- এই ভিত্তিৰ পৰিয়ালক মাতৃপ্রধান আৰু পিতৃ – প্ৰধান এই দুই ভাগত ভাগ কৰিব পাৰি। 

(ক) মাতৃ – প্রধান পৰিয়াল :- মাতৃপ্রধান পৰিয়ালত বিবাহৰ পিছত স্বামী স্ত্ৰী ঘৰলৈ যাব লাগে। এই পৰিয়ালত মাতৃৰ বা নাৰী গৰাকীৰ কৰ্তৃত্ব চলে। এই পদ্ধতিত নাৰী গৰাকীৰ বংশ মর্যাদাহে সতি – সন্ততিয়ে পায়। এই পৰিয়ালৰ ল’ৰা – ছোৱালীয়ে মাতৃৰ উপাধি আদি অনুসৰণ কৰিব লাগে। মাতৃ – প্রধান পৰিয়ালত পুৰুষতকে নাৰীৰ স্থানহে উচ্চ। মেঘালয়ৰ খাছীয়া, গাৰো আদি জনজাতিত এই পদ্ধতিৰ পৰিয়াল পোৱা যায়। 

(খ) পিতৃ – প্ৰধান পৰিয়াল :- পিতৃপ্রধান পৰিয়ালত বিবাহৰ পিছিত স্ত্ৰী – স্বামীৰ ঘৰলৈ যাব লাগে। এই পৰিয়ালত পিতৃ বা পুৰুষজনৰ কৰ্তৃত্ব চলে। এই পৰিয়ালত পুৰুষজনৰ বংশ মর্যাদাহে সতি – সন্ততিয়ে পায় আৰু ল’ৰা – ছোৱালীয়ে পুৰুষজনৰ বা পিতৃৰ উপাধি ল’ব লাগে। এই পৰিয়াল পুৰুষ প্ৰধান পুৰুষজন পৰিয়ালৰ সৰ্বেসর্বা। সকলো সা – সম্পত্তিৰ অধিকাৰী হ’ল পুৰুষজন। এই পৰিয়ালক পিতৃবংশীয় পৰিয়ালো বোলে। 

3. মাতৃবংশীয় আৰু মাতৃপ্রধান পৰিয়ালৰ মাজৰ পাৰ্থকটো কি লিখা।
উত্তৰঃ মাতৃবংশীয় পৰিয়ালত , সমাজত উত্তৰাধিকাৰ সূত্ৰে মাতৃৰ সম্পত্তি জীয়েকে লাভ কৰে, কিন্তু সমাজক নিয়ন্ত্ৰণ নকৰে। ৰাজহুৱা সিদ্ধান্ত লব নোৱাৰে। আনহাতে মাতৃ প্ৰধান সমাজত নাৰীৰ কৰ্তৃত্ব আৰু আধিপত্য থকা দেখা যায়। 

4. ভাৰতৰ তথা অসমৰ জনজাতিবোৰৰ আর্থিক অৱস্থাৰ বিষয়ে এটি চমু আভাস দিয়া।
উত্তৰঃ ভাৰতৰ গ্ৰাম্য সমাজৰ দৰে ভাৰতৰ জনজাতীয় লোকসকলো প্ৰধানকৈ কৃষিজীৱী। খেতিয়েই তেওঁলোকৰ জীৱিকাৰ সম্বল। কিছুমান জনজাতিয়ে বনজ সম্পদৰ ওপৰত নিৰ্ভৰ কৰিও চলে। জনজাতিবোৰৰ আৰ্থিক বিষয়বোৰ তলত দিয়াৰ দৰে আলোচনা কৰিব পাৰি—

১। ঝুম খেতি :- কৃষিয়েই হ’ল জনজাতীয় লোকসকলৰ জীৱিকাৰ প্রধান উপায়। সমভূমি অঞ্চলৰ জনজাতীয় লোকসকলে অন্যান্য গাঁৱৰ মানুহৰ দৰে খেতি – বাতি কৰে যদিও পাহাৰীয়া অঞ্চলৰ জনজাতিবোৰে বেছিকৈ ঝুম খেতিৰ ওপৰতে নিৰ্ভৰ কৰে। ঝুম খেতিৰ উৎপাদন অতি কম হোৱা বাবে আৰু সঘনে কৃষিৰ মাটি সলাই থকা বাবে তেওঁলোকৰ আৰ্থিক অৱস্থা অতি শোচনীয়। ঝুম খেতিৰ বাবে মাটি বিচাৰি তেওঁলোকে সঘনে ঠাই সলাই ফুৰে। মুঠতে নিম্নতম খাদ্য সামগ্ৰীখিনিও উৎপাদন কৰিব নোৱাৰে।

২। বনজ সম্পদৰ ওপৰত নিৰ্ভৰশীলতা :- কিছুমান জনজাতিয়ে বনজ সম্পদৰ ওপৰত নিৰ্ভৰ কৰিয়ে জীৱিকা নিৰ্বাহ কৰে। তেওঁলোকে ঘৰ – দুৱাৰ – সজা সামগ্ৰীৰ পৰা আৰম্ভ কৰি খাদ্য – সামগ্ৰীসংগ্ৰহ কৰালৈকে হাবি – বনৰ সম্পদৰ ওপৰতে নিৰ্ভৰ কৰি চলে। বনৰ জীৱ – জন্তুৰ চিকাৰ কৰিও খাদ্য – সামগ্ৰী যোগাৰ কৰি লয়। বেছিভাগ জনজাতিৰ লোকে নিজাববীয়াকৈ মাটি – বাৰীৰ দখলস্বত্ব লৈ পট্টা কৰিলোৱা কথা নাভাবে। দৰকাৰ হ’লে সেই মাটি এৰি দি আন ঠাইলৈ গুচি যায়।

৩। নতুন ভূমিনীতিৰ প্ৰভাৱ :- বেছিভাগ জনজাতীয় অঞ্চলৰ মাটিয়ে বনাঞ্চলৰ নতুন মাটি। এই প্ৰকাৰৰ মাটিত চৰকাৰে কোনো লোককে স্থায়ী মালিকী স্বত্ব দি পট্টন নিদিয়ে ফলত বেছিভাগ মাটিতে জনজাতীয় লোকৰ স্থায়ী মালিকীস্বত্ব নাই। তেওঁলোকে চৰকাৰী মাটিকে দখল কৰি খেতি কৰি থাকে। আনহাতে যাতায়াত ব্যৱস্থা উন্নত হোৱাৰ লগে লগে আন অজনজাতীয় লোকৰ বসতি ঘন হৈ অহাৰ লগে লগে মাটিৰ দখল – স্বত্ব বিক্ৰী কৰি আন ঠাইলৈ গুচি যায় বা বনাঞ্চলৰ ভিতৰলৈ বা পাহৰী অঞ্চললৈ গতি কৰে। এইদৰে জনজাতীয়সকলে এটা ভূমিহীন জীৱন যাপন কৰে।

READ MORE  সামাজিক আন্দোলন | Chapter 15 | Class 12 Sociology - AHSEC

৪। ঋণগ্রস্ততাৰ সমস্যা :- সহজ – সৰল জনজাতীয় লোকসকলৰ দৰিদ্ৰতাৰ সুযোগ লৈ বহুতো অসৎ ব্যৱসায়ী বা মহাজনে সামান্য টকাৰ বিনিময়ত সিহঁতৰ মাটি – বাৰী . সা – সম্পত্তি হস্তগত কৰে বা বংশানুক্রমে সুত আদি আদায় কৰি থাকে। অৱশেষত জনজাতীয় পৰিয়ালবোৰে সৰ্বস্ব হেৰুৱাই নিঠৰুৱা হৈ পৰে। 

৫। ঔদ্যোগিক বনুৱাৰ জীৱন :- বৰ্তমান যুগত বহুতো জনজাতিয় বিভিন্ন উদ্যোগৰ বনুৱা হিচাপে কাম কৰিও জীৱিকা নিৰ্বাহ কৰে। কল – কাৰখানাৰ, খনি – উদ্যোগৰ, চাহ বাগানৰ বনুৱা হিচাপে কাম কৰি বহু জনজাতিয়ে জীবিকা নিৰ্বাহ কৰে। এই শ্রমিক বনুৱাসকলৰ আৰ্থিক অৱস্থা অতি শোচনীয় কাৰণ তেওঁলোকে শ্ৰমৰ জোখাৰে মজুৰি নাপায়। অতি কম দৰমহা বা মজুৰিতে তেওঁলোকে খাটিব লাগে। অত্যধিক পৰিশ্ৰমৰ বাবে বনুৱাসকলৰ স্বাস্থ্যও অতি সোনকালে ভাগি পৰে, মুঠতে এই জনজাতিবোৰৰ আৰ্থিক অৱস্থা বুলিবলৈ একো নাথাকে। নিম্নমানৰ আহাৰ খাই কোনো ৰকম থকাৰ বাহিৰে আন গত্যন্তৰ নাথাকে। এইয়ে হ’ল জনজাতিসকলৰ আৰ্থিক অৱস্থা।

5. জনজাতি (Tribe) বুলিলে কি বুজা? জাতি আৰু জনজাতিৰ পাৰ্থক্য দেখুওৱা।
নাইবাঃ জনজাতিৰ সংজ্ঞা দিয়া। ইয়াৰ প্ৰধান বৈশিষ্ট্যসমূহ কি কি?
(ক) জনজাতীয় সমাজৰ তিনিটা চৰিত্ৰ উল্লেখ কৰা।
উত্তৰঃ ভাৰত এখন বৈচিত্র্যপূর্ণ দেশ। ইয়াৰ জনসংখ্যাও বিভিন্ন জাতি – উপজাতিৰে গঠিত। এইসকলৰ ভিতৰত জনজাতীয় সম্প্ৰদায়ৰ লোকসকল অন্যতম। সমগ্ৰ ভাৰতৰ জনসংখ্যা প্রায় ৮ শতাংশ লোক জনজাতীয় সম্প্রদায়। এই সম্প্রদায়ত প্ৰায় ৪৫০ টা সুকীয়া জনগোষ্ঠী আছে। 

সমাজশাস্ত্রবিদসকলে জনজাতি সম্পর্কে বিভিন্ন সংজ্ঞা আগবঢ়াইছে, তাৰ ভিতৰত কেইটামান সংজ্ঞা তলত আলোচনা কৰা হ’ল—

(ক) জনজাতিৰ সংজ্ঞা :- বিখ্যাত সমাজ – শাস্ত্রবিদ গিলেন আৰু গিলেন মতে যেতিয়া কোনো এক আদিম জনসমূহে সংঘৱদ্ধ হৈ স্থায়ীভাৱে বাস কৰি, উমৈহতীয়া ভাষা কয় আৰু একে সংস্কৃতি অবলম্বন কৰে, তাকে জনজাতি বোলে। 

আন এজন চিন্তাবিদ ডি, এন, মজুমদাৰৰ মতে জনজাতি হ’ল কিছুমান পৰিয়ালৰ সমষ্টি বা পৰিয়ালৰ সমূহ, যিসকলৰ একোটা উমৈহতীয়া নাম থাকে, এডোখৰ নিৰ্দিষ্ট ভূখণ্ডত বাস কৰে, একে ভাষা কয়, বিয়া – বাৰু, ব্যৱসায়, বৃত্তিৰ ক্ষেত্ৰত কিছুমান নিষেধ মানি চলে আৰু পৰম্পৰে পৰস্পৰৰ লগত আদান – প্ৰদানৰ ব্যৱস্থা ৰাখে। 

ওপৰত উল্লিখিত এই দুটা সংজ্ঞাৰ পৰা আমি এইটো বুজে যে কোনো এক অঞ্চলৰ জনগোষ্ঠীয়ে যেতিয়া একে ভাষা, সামাজিক ৰীতিনীতি আৰু আৰ্থিক কাৰ্যৰ দ্বাৰা একতাবদ্ধ। হৈ বসবাস কৰে তাকে জনজাতি বোলে।

(খ) জাতি আৰু জনজাতিৰ পাৰ্থক্য :- জাতি আৰু জনজাতিৰ মাজত কিছুমান পার্থক্য দেখা যায়। তলত কেইটামান পার্থক্য উল্লেখ কৰা হ’ল—

১। জাতিৰ ভিত্তি হ’ল জন্মৰ ওপৰত। জন্মৰ সম্পৰ্ক থকা বা তেজৰ সম্পৰ্কৰ পৰাহে জাতি এটাৰ বিকাশ সাধন হয়। কিন্তু জনজাতিৰ সম্পর্ক হ’ল কোনো এক বিশেষ অঞ্চলৰ লগত। কোনো এক বিশেষ অঞ্চল বসবাস কৰাৰ বাবেই জনজাতিৰ উৎপত্তি হয়। 

২।বৃত্তিৰ লগত থকা সম্পৰ্কৰ ওপৰত নিৰ্ভৰ কৰিও জাতি আৰু জনজাতিৰ পাৰ্থক্য দেখা যায়। জাতিৰ ক্ষেত্ৰত যিকোনো বৃত্তি অনুসৰণ কৰাত বাধা। নিষেধ থাকে ; কিন্তু জনজাতি লোকৰ ক্ষেত্ৰত তেনে ধৰণৰ বাধা – নিষেধ নাথাকে। জাতিৰ ক্ষেত্ৰত বৃত্তি জন্মগত, ব্যক্তি বা গুণ বা যোগ্যতাৰ লগত কোনো সম্বন্ধ নাথাকে ; কিন্তু জনজাতিৰ ক্ষেত্ৰত জন্মৰ লগত বৃত্তিৰ সম্পৰ্ক নাথাকে যোগ্যতা গুণ আৰু সক্ষমতাৰ লগতহে বৃত্তিৰ সম্পৰ্ক থাকে। 

৩। জাতি উৎপত্তি হোৱাৰ কোনো কাল্পনিক কাহিনী বা উপাখ্যান নাই ; কিন্তু জনজাতি উৎপত্তিৰ ক্ষেত্ৰত নানা কাল্পনিক কাহিনী বা উপাখ্যান পোৱা যায়। 

৪। জনজাতিবোৰৰ একোটা ৰাজনৈতিক দিশ থকা দেখা যায়, সেইফালৰ পৰা প্ৰতিটো জনজাতিকে একোটা ৰাজনৈতিক সংগঠন বুলিও ক’ব পাৰি ; কিন্তু জাতিৰ ক্ষেত্ৰত ৰাজনৈতিক কাৰ্য জড়িত দেখা নাযায়। ই ৰাজনৈতিক সংগঠন নহয়। 

৫। জাতিৰ ক্ষেত্ৰত অন্তর্বিবাহ এটা বিশেষ বৈশিষ্ট্য কিন্তু জনজাতিৰ ক্ষেত্ৰত অন্তর্বিবাহ এটা বৈশিষ্ট্য নহয়। জাতিৰ ক্ষেত্ৰত অন্তর্বিবাহৰ নীতি কঠোৰভাৱে প্ৰযোজ্য কিন্তু জনজাতিৰ ক্ষেত্ৰত তেনে কঠোৰতা নাথাকে। 

ওপৰত উল্লেখ কৰা পার্থক্যসমূহ কিছুমান সাধাৰণ পাৰ্থক্যহে বিশেষ পৰিস্থিতি আৰু পৰিৱৰ্তনৰ যুগত এই পাৰ্থক্য আৰু নীতি – নিয়মৰ বহুতো তাৰতম্যও দেখা যায়।

(গ) জনজাতিৰ উল্লেখযোগ্য চৰিত্ৰ বা বৈশিষ্ট্যসমূহঃ
১ পৰিয়াল :- পৰিয়াল জনজাতিৰ মূল ভেটি। পৰিয়াল অবিহনে জনজাতিৰ কথা চিন্তা কৰিব নোৱাৰি। পৰিয়ালৰ সমষ্টিয়েই হ’ল জনজাতি। 

২। ভাষা :- প্রত্যেক জনজাতিৰ একো একোটা নিজা ভাষা বা দোৱান থাকে। ই প্ৰতিষ্ঠিত ভাষা নহ’লেও প্রত্যেক জনজাতিয়ে সেই দোৱানৰ দ্বাৰা নিজৰ মাজত ভাবৰ আদান – প্ৰদান কৰে। 

৩। জনজাতিৰ সুকীয়া নাম :- প্রত্যেক জনজাতিৰে একো – একোটা সুকীয়া নাম আছে। যেনে— কছাৰী, ৰাভা, মিৰি, মিছিমি, কাৰ্বি আদি প্ৰত্যেক জনজাতিৰে একো – একোটা সুকীয়া বৈশিষ্ট্য আছে যাৰ দ্বাৰা এটাক আনটোৰ পৰা চিনিব উলিয়াব পাৰি। 

৪। ভৌগোলিক পৰিধি :- জনজাতিসকল একোটা নির্দিষ্ট ভৌগোলিক অঞ্চলৰ বাসিন্দা। এই ভৌগোলিক অঞ্চলক নিজৰ অঞ্চল বুলিয়ে ভাবে। 

৫। ধর্মীয় নীতি :- প্রত্যেক জনগোষ্ঠীৰ একোটা ধৰ্ম থাকে। ধৰ্মীয় নীতি – নিয়ম, পূজা পার্বণ আদি প্রত্যেক জনজাতিৰ সুকীয়া সাংস্কৃতিক বৈশিষ্ট্য। ধর্মীয় বিশ্বাসেই তেওঁলোকক একতাবদ্ধ কৰি ৰাখে। জনজাতিৰ সকলো সংগঠনতে ধৰ্মীয় প্ৰভাৱ পৰা দেখা যায়। 

৬। বিয়া-বাৰু :- জনজাতিৰ আন এটা বৈশিষ্ট্য হ’ল অন্তর্বিবাহ ব্যৱস্থা। নিজৰ জনজাতীয় গোষ্ঠীৰ বাহিৰত সাধাৰণতে বিবাহ আদি নিষিদ্ধ ; এনেকি খোৱা – বোৱা কৰাও নিষিদ্ধ। বিয়া বাৰু আদি নিজ জনজাতিৰ লোকৰ মাজতে আৱদ্ধ থকা দেখা যায়। অৱশ্যে আধুনিক যুগৰ প্ৰভাৱে এই নিয়মৰ কিছু পৰিৱৰ্তন আনিছে। 

৭। সুকীয়া ৰীতিনীতি :- জনজাতিবোৰৰ কিছুমান নিজা নিজা সুকীয়া সামাজিক নীতি নিয়ম, বাধা – নিষেধ আছে। এই নীতি – নিয়মবোৰ তেওঁলোকৰ সুকীয়া সাংস্কৃতিক বৈশিষ্ট্য। যাক গোষ্ঠীটোৰ সকলোৱে সমানে সম্মান জনাই পালন কৰে। 

৮। নিজস্ব সংস্কৃতি :- প্রত্যেক জনজাতিৰে একোটা নিজা সংস্কৃতি আছে। তেওঁলোকৰ ধৰ্ম – আচাৰ – ব্যৱহাৰ, চাল – চলন, পিন্ধন – উৰণত একোটা সুকীয়া বৈশিষ্ট্য দেখা যায়। এইবোৰ জনজাতিটোৰ মাজত ঐক্যবদ্ধতা গঢ়ি তোলে। এই স্বকীয় সংস্কৃতিক তেওঁলোকে আপোন বুলি ভাবে। 

৯। ৰাজনৈতিক সংগঠন :- জনজাতিবোৰৰ প্ৰত্যেকৰে একোটা ৰাজনৈতিক সংগঠন থকা দেখা যায়। এই সংগঠনে তেওঁলোকৰ ৰাজনৈতিক সচেতনতা, আৰু প্ৰাপ্য অধিকাৰবোৰৰ প্ৰতি সজাগ – সচেতা কৰি ৰাখে। তেওঁলোকৰ সুকীয়া অস্তিত্ব ৰক্ষাকবচ হিচাপে ৰাজনৈতিক সংগঠনবোৰে কাম কৰে। 

এইদৰে কিছুমান সুকীয়া বৈশিষ্ট্য ধাৰণ কৰি জনজাতিবোৰে আন জাতিবোৰৰ পৰা পৃথক হৈ থাকি সামাজিক, আর্থিক সকলো ক্ষেত্ৰতে একোটা নিজা বৈশিষ্ট্য ৰক্ষা কৰি চলিছে। 

6. ভাৰতীয় জনজাতিৰ বিভিন্ন সমস্যাবলী সম্পর্কে আলোচনা কৰা।
উত্তৰঃ জনজাতিসকলৰ সমস্যা বৰ জটিল। এই সমস্যাবোৰ তেওঁলোকৰ আচাৰ – ব্যৱহাৰ, ৰীতি – নীতি, সভ্যতা – সংস্কৃতি, ধৰ্ম আদিৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। আর্থিক, সামাজিক, সাংস্কৃতিক আদি সকলো ক্ষেত্ৰতে তেওঁলোক অজন জাতিৰ লোকৰ সংস্পৰ্শ লৈ অহাৰ কাৰণে সমস্যাৰ মাত্ৰা বাঢ়িছেহে। মজুমদাৰ আৰু মদনৰ মতে জনজাতিসকলৰ সমস্যাবিলাকক প্ৰধানকৈ দুটা বহুল ভাগত ভাগ কৰিব পাৰি—

১। কিছুমান সমস্যা আছে যিবোৰ জনজাতি আৰু দেশৰ অন্যান্য গ্রাম্য জনসাধাৰণৰ সৈতে একে। আৰু

২। আন কিছুমান সমস্যা সকলো জনজাতি সমাজৰ মাজতে সীমাবদ্ধ। তেওঁলোকৰ সমস্যাবিলাক তলত দিয়া ধৰণে কেইটামান প্রধান ভাগত বিভক্ত কৰিব পাৰি। 

(ক) আর্থিক সমস্যাবলী :
১। ঝুমখেতি সম্বন্ধীয় সমস্যা :- জনজাতিৰ অধিকাংশ লোকেই কৃষিজীৱী। তেওঁলোকে আদিম প্ৰণালীৰে কৃষিকাৰ্য কৰে। এইবিধ কৃষিকাৰ্যত মাটিৰ উৰ্বৰতা শক্তি লোপ পায় আৰু উৎপাদনৰ পৰিমাণে হ্রাস হয়। গতিকে তেওঁলোকে এঠাইৰ পৰা আন ঠাইলৈ যাব লগা হয়। গতিকে ঝুম খেতিৰ সমস্যাই যি প্ৰতিকূল ৰূপ ধাৰণ কৰিছে— সি তেওঁলোকৰ আৰ্থিক, সামাজিক বিকাশত বাধাৰ সৃষ্টি কৰিছে। 

২। নতুন ভূমি ব্যৱস্থা সম্বন্ধীয় সমস্যাৱলী :- নতুন ভূমিনীতি আইন প্ৰৱৰ্তনৰ ফলত পূৰ্বৰে পৰা মাটিৰ ওপৰত থকা তেওঁলোকৰ অধিকাৰ কৰ্তন হ’ল। নতুন ভূমি ব্যবস্থামতে তেওঁলোকক যি মাটি দিয়া হৈছে সেইবোৰ মাটিত তেওঁলোকে অনভ্যতাৰ হেতু খেতি কৰি থাকিবলৈ ইচ্ছুক নহয়। পৰিণামত তেওঁলোকৰ মাটি সহজেই আনৰ কৱলত পৰে আৰু তেওঁলোক ভূমিহীন হৈ মাথো শাৰীৰিক শ্ৰমৰ বিনিময়ত জীৱন নিৰ্বাহ কৰিব লগা হয়। 

৩। বনজ সম্পদ সম্পৰ্কীয় সমস্যা :- জনজাতিসকলৰ দখলত থকা সকলো বনজ সম্পদ পশু – পক্ষী, গছ – গছনি ইত্যাদি জনজাতিসকলে নিজৰ সম্পত্তি হিচাপে ব্যৱহাৰ কৰিছিল। কিন্তু চৰকাৰে সমগ্ৰ বনাঞ্চল সংৰক্ষিত কৰাত তেওঁলোকে তাৰপৰা বঞ্চিত হ’ল। 

৪। অর্থনৈতিক সমস্যাবলী :- জনজাতীয় সমাজত পৰম্পৰাগতভাৱে প্ৰচলিত বিনিময় প্রথাৰ পৰিৱৰ্তে মুদ্ৰা বানগদ ধনৰ প্ৰৱৰ্তনে জনজাতিসকলক বিপাঙত পেলাইছে। তেওঁলোকৰ সৰলত্যৰ সুযোগ লৈ আনে তেওঁলোক শোষণ কৰিবলৈ সুবিধা পাইছে। 

৫। ঋণগ্রস্ততাৰ সমস্যা :- জনজাতিসকলৰ দৰিদ্ৰতাৰ সুযোগ লৈ বহুতেই তেওঁলোকক ঋণ দি চৰা দামত ব্যৱসায় কৰে। 

গতিকে ধাৰ পৰিশোধ কৰিবলৈ অসমর্থ জনজাতিসকলে নিজৰ খেতিৰ মাটিকে বন্ধকত থব বা বেচিব লগা হয়। আনকি ঋণ পৰিশোধ কৰিব নোৱাৰি তেওঁলোক পৌত্র – পৌত্রাদিলৈকে বিনা পাৰিশ্ৰমিকত মহাজনৰ ওচৰত কাম কৰিব লগা হয় ফলত শাৰীৰিক, মানসিক ৰোগত ভুগিব লগা হয়। 

৬। ঔদ্যোগিক শ্রমিকৰ সমস্যা :- কল – কাৰখানা, চাহ বাগিছা খনি আদিত কাম কৰা জনজাতিসকলৰ অৱস্থা আৰু শোচনীয়। তেওঁলোকে শ্ৰমৰ উপযুক্ত পাৰিশ্ৰমিক নাপায় আৰু শাৰীৰিক মানসিক ৰোগত ভুগিব লগা হয়। 

(খ) সামাজিক সমস্যাবলী :- জনজাতিসকলৰ সামাজিক সমস্যাৰাজিৰ ভিতৰত নিম্ন লিখিত্তবোৰেই প্ৰধান—

১। বাল্যবিবাহ :- জনজাতিবলাকৰ ভিতৰত আগতে বাল্যবিবাহ প্রথা প্রচলন নাছিল। হিন্দুসকলৰ সংস্পৰ্শলৈ আহি তেওঁলোকৰ মাজত এই প্রথা প্রচলন হ’বলৈ ধৰিছে। বর্তমান জনজাতিসকলৰ মাজত বাল্যবিবাহ প্রথা এক সামাজিক সমস্যাৰূপে দেখা দিছে। 

২। কন্যামূল্য :- নতুন অর্থনৈতিক ব্যৱস্থাই জনজাতিসকলৰ ধনৰ প্ৰতি মোহ বৃদ্ধি কৰাত সহায় কৰিছে। বিবাহৰ প্ৰতীক চিহ্ন হিচাপে ব্যৱহাৰ কৰা কন্যা মূল্যই সাম্প্রতিক সময়ত উকট ৰূপ ধাৰণ কৰা দেখা গৈছে। 

৩। যুৱগৃহৰ পতন :- জনজাতি সমাজত আদিম কালৰে পৰা প্রচলিত যুৱগৃহৰ পতন এটা উল্লেখযোগ্য ঘটনা। ই জনজাতি সমাজত আদর্শ সাংস্কৃতিক কেন্দ্ৰই নাছিল ; বৰং ইয়াৰ যোগেদি শিক্ষা, আর্থিক সম্পৰ্কীয় সমস্যা সমূহৰ সমাধানৰ ভেটিস্বৰূপ আছিল। 

৪। গনিকা বৃত্তি তথা সেই সম্পৰ্কীয় ঘটনা :- বেশ্যাবৃত্তি সম্পৰ্কীয় সমস্যাৰ মূল আধাৰ হৈছে আৰ্থিক দুৰৱস্থা। জনজাতিৰ বহুতো তিৰোতাই এনে অবাঞ্ছনীয় যৌনসম্বন্ধ চলাই থাকিবলৈ বাধ্য হৈছে। ফলস্বৰূপে জনজাতিৰ বহুতেই নানা ৰোগত আক্ৰান্ত হৈ জাতিটোক পঙ্গু কৰি পেলাইছে। অৱশ্যে তেওঁলোকৰ মাজত পূৰ্বৰে পৰা প্ৰচলিত যি যৌন শুচিতাৰ প্ৰতি উদাসীনতাই তাৰেই পৰোক্ষ ফল। 

(গ) সাংস্কৃতিক সমস্যাৱলী
১। আন্তজনজাতীয় সাংস্কৃতিক প্রভেদ সমস্যা :- জনজাতিৰ বহুতেই হিন্দু, খ্রীষ্টান, বৌদ্ধ আনকি ইচলাম ধৰ্ম গ্ৰহণ কৰিছে, আকৌ একেটা জনজাতিৰ ভিতৰতে বিপৰীত ধৰ্মীয় মতাৱলম্বী লোক দেখা যায়। গতিকে সাংস্কৃতিক মতভেদেও জনজাতীয় সমাজত এটা সমস্যাৰূপে দেখা দিছে। 

২। ভাষা সম্পৰ্কীয় সমস্যা :- বাহিৰা সংস্কৃতিৰ সংস্পৰ্শলৈ অহাৰ ফলত জনজাতিসকল দোভাষী হ’বলৈ বাধ্য হৈছে। নিজৰ ভাষা বা দোৱান উন্নত মানদণ্ডৰ নোহোৱাৰ হেতু তেওঁলোকৰ মাতৃভাষা হেৰুৱাৰ উপক্ৰম হোৱা দেখা গৈছে। তদুপৰি বহির্জগতৰ সংস্কৃতিয়ে জনজাতিসমাজৰ ললিতকলা, নৃত্য – গীত প্রভৃতি পতন ঘটোৱাত পৰোক্ষ ইন্ধন যোগাইছে। জনজাতি সমাজত ডেকা চাঙৰ প্ৰতি ঘটা ক্ৰমবৰ্ধমান অৱহেলাই জনজাতিসকলৰ পৰম্পৰা সংস্কৃতিৰ বিনাশ হৈছে। 

৩। ধৰ্ম সম্পৰ্কীয় সমস্যা :- ওপৰত ইতিমধ্যে উল্লেখ কৰা হৈছে যে জনজাতিৰ বহুতেই হিন্দু, খ্রীষ্টান, বৌদ্ধ আৰু কিছু পৰিমাণে ইচলাম ধৰ্ম গ্ৰহণ কৰিছে। নতুন ধর্মবিশ্বাসে জনজাতি সমাজত যি আলোড়ন সৃষ্টি কৰিছে সি পৰোক্ষভাৱে বিভেদকামী মনোভাবৰ বীজ ৰোপণ কৰিছে। সামাজিক সংগঠন তথা পাৰিবাৰিক শান্তি ইত্যাদিৰ ক্ষেত্ৰত নতুন ধৰ্মই প্ৰতিকূল পৰিৱেশৰ সৃষ্টি কৰিছে। কিছুমান অঞ্চলত বিছিন্নতাকামী মনোভাৱক প্ৰশ্ৰয় দিয়াত ধৰ্মৰ প্ৰতি থকা মতানৈক্যকেই জগৰীয়া কৰিব পাৰি। 

৪। স্বাস্থ্য সম্পৰ্কীয় সমস্যা :- জনজাতিসকলৰ স্বাস্থ্যহানিৰ এটা প্ৰধান কাৰণ হৈছে পুষ্টিকৰ খাদ্যৰ অভাৱ আৰু বিদেশী মদৰ প্ৰভাৱ। জনজাতিসকলে ঘৰতে যি মদ প্রস্তুত কৰে তাত উপযুক্ত পৰিমাণে ভিটামিন পোৱা যায়। চৰকাৰী নিষেধকৰণৰ ফলত তেওঁলোকে কাৰখানাত তৈয়াৰী কৰা মদ ব্যৱহাৰ কৰিবলৈ ল’লে। গতিকে পুষ্টিকৰ আহাৰ আৰু চিকিৎসাৰ অভাৱত তেওঁলোকৰ স্বাস্থ্যৰ অৱনতি ঘটে। আনহাতে শীত তাপৰ পৰা শৰীৰটো ৰক্ষা কৰিবলৈও তেওঁলোকে আৰ্থিকভাৱে সচ্ছল নহয়। ফলস্বৰূপে নানা ৰোগত আক্রান্ত হয়। 

৫। শিক্ষা সম্বন্ধীয় সমস্যা :- ভাৰতবৰ্ষৰ সৰহ সংখ্যক জনজাতিয়েই শিক্ষাৰ ক্ষেত্ৰত পিছপৰা। খ্ৰীষ্টান মিছনেৰী আৰু চৰকাৰী প্ৰচেষ্টাৰ ফলত কিছুদূৰ শিক্ষাৰ সম্প্ৰসাৰণ ঘটিছে যদিও শিক্ষা সম্পৰ্কীয় সমস্যাবোৰ সমাধান হোৱা নাই। আকৌ যি অভিনয় শিক্ষা ব্যৱস্থাৰ প্ৰৱৰ্তন কৰা হৈছে সি নিবনুৱা সমস্যাৰহে সৃষ্টি কৰিছে। 

এইদৰে দেখা যায় জনজাতি সমাজত অনেক প্ৰকাৰৰ সমস্যাই বিৰাজ কৰিছে। 

পৰিয়াল আৰু স্বজন – পদ্ধতি

1. আধুনিক পৰিয়ালৰ প্ৰধান সমস্যাৱলীৰ বিষয়ে চমুকৈ আলোচনা কৰা। নাইবা, আধুনিক পৰিয়ালে সম্মুখীন হোৱা যিকোনো চাৰিটা সমস্যা ব্যাখ্যা কৰা।
উত্তৰঃ সমস্যাৱলী :- আধুনিক পৰিয়ালবোৰৰ প্ৰধান চৰিত্ৰ হৈছে পিতৃয়াত্মক। যিবিলাক মাতৃয়াত্মক পৰিয়াল আছিল সেই বিলাকতো পিতৃবংশীয় পদ্ধতিলৈ পৰিৱৰ্তন হোৱাৰ উপক্ৰম দেখা গৈছে। নতুন অর্থনৈতিক পৰিৱৰ্তন, শিল্পপ্রধান সভ্যতা, গণতান্ত্ৰিক আদৰ্শৰ প্ৰতি মানুহৰ আগ্ৰহ, অভিনয় সাংস্কৃতিক পৰিৱেশ আদিৰ প্ৰভাৱে পিতৃয়াত্মক পৰিয়াল পদ্ধতিতে ঘূণে ধৰাত বৰঙণি যোগাইছে। পৰিয়ালৰ কৰ্তাসকলৰ কৰ্তৃত্ব আৰু দায়িত্ব যথেষ্ট হ্ৰাস পোৱা দেখা গৈছে। সামাজিক, অর্থনৈতিক, ধর্মীয় আদি বহুতো কাৰ্য পৰিয়ালৰ পৰিবৰ্তে অন্যান্য অনুষ্ঠানসমূহ’লৈ হস্তান্তৰিত হৈছে। সাম্প্রতিককালত পৰিয়াল ব্যৱস্থাৰ প্ৰধান পৰিৱৰ্তনসমূহ তলত উল্লেখ কৰা হৈছে। 

(ক) পৰিয়ালৰ অস্থায়িত্ব :- আধুনিক পৰিয়ালসমূহ তুলনামূলকভাৱে কম স্থায়ী। বিশেষকৈ পশ্চিমীয়া দেশসমূহত ই এটা ডাঙৰ সামাজিক ব্যাধি হিচাপে দেখা দিছে। অৱশ্যে ভাৰতবৰ্ষত অন্যান্য দেশৰ তুলনাত কম। ইয়াৰ প্ৰধান কাৰণ হৈছে বিবাহ – বিচ্ছেদ, পৰিয়াল ত্যাগ ইত্যাদি। নতুন মূল্যবোধ আদৰ্শৰ সংঘাত আধুনিক শিক্ষা, ৰাজনৈতিক পৰিৱেশ, অৰ্থনৈতিক অৱস্থা ইত্যাদিক এই ক্ষেত্ৰত জগৰীয়া কৰিব পাৰি। 

(খ) নাৰীৰ স্বাধীনতা :- আধুনিক যুগত নাৰীয়ে শিক্ষাৰ যোগেদি নিজৰ জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰিবলৈ সুবিধা পাইছে। পুৰুষ – প্রধান সমাজত আগতে যেনেদৰে পাৰিবাৰিক জীৱন যাপন কৰিব লাগিছিল আজিকালি নাৰীয়ে তেনেদৰে পুৰুষৰ অধীন হৈ থাকিবলৈ নিবিচাৰে। নিজৰ অভিৰুচি মতে স্বাধীন জীৱন যাপন কৰিবলৈ যাওঁতে পৰিয়াল ব্যৱস্থাত পৰিৱৰ্তনে দেখা দিছে। 

(গ) সীমিত পাৰিবাৰিক কাৰ্য :- আজিকালি পৰিয়ালবিলাকৰ বহুতো আর্থিক কার্য নানা অনুষ্ঠানলৈ হস্তান্তৰিত কৰা হৈছে। যিবিলাক কাম আগৰ সমাজত পৰিয়ালৰ ভিতৰতে সমাধা কৰা হৈছিল সেইবিলাক অন্য অনুষ্ঠানে গ্ৰহণ কৰাত পৰিয়াল পদ্ধতিত পৰিৱৰ্তনে দেখা দিছে। উদাহৰণ হিচাপে কৃষিজীৱী পৰিয়ালত কৃষিকাৰ্য কৰিবলৈ সৰহসংখ্যক মানুহৰ প্ৰয়োজন আছিল। 

আধুনিক যন্ত্রপাতি কলা – কৌশল আৱিষ্কাৰৰ পৰিণাম স্বৰূপে কম ব্যক্তিৰ দ্বাৰাই বৃহৎ কাৰ্য সম্পন্ন কৰিব পৰা হৈছে। তদুপৰি শিক্ষা — দীক্ষা দিয়া আদিৰ কাম আধুনিক স্কুল ইত্যাদিয়ে গ্ৰহণ কৰিছে। নাৰীয়ে অর্থনৈতিক দিশত স্বাৱলম্বী হ’ব পাৰিছে। পৰমুখাপেক্ষী নহৈ নিজে উপাৰ্জন কৰি পুৰুষৰ বহতীয়া হৈ থাকিবলৈ আধুনিক নাৰীয়ে ইচ্ছান কৰে। ই এক ডাঙৰ সমস্যাস্বৰুপ। 

(ঘ) যৌন জীবন যাপন :- আধুনিক কালত নগৰ – চহৰৰ জন্মই ব্যক্তিক পৰিয়াল নোহোৱাকৈও যৌনকার্য চৰিতাৰ্থ কৰিবলৈ সুযোগ – সুবিধা প্রদান কৰিছে। পৰিণামত বহুতো ব্যক্তিয়েই পৰিয়ালৰ বাহিত যৌন সম্পৰ্ক ৰক্ষা কৰাত বিবাহ বিচ্ছেদ ইত্যাদিৰ সংখ্যা বাঢ়িছে। 

(ঙ) বিবাহৰ প্ৰতি ধাৰণা :- আধুনিক কালত মানুহৰ বিবাহৰ প্রতি দৃষ্টিভংগী বেলেগ হোৱা দেখা গৈছে। উদাহৰণস্বৰূপে হিন্দু সমাজত যেনেকৈ বিবাহক ‘ ধৰ্মীয় সংস্কাৰ বুলি গণ্য কৰা হৈছিল এতিয়া তেনে ধ্যান – ধাৰণাৰ পৰিৱৰ্তন ঘটিছে। ইয়াৰ পৰিৱৰ্তে বিবাহক বহুতেই ‘ চুক্তি হিচাপে গণ্য কৰিবলৈ লোৱা দেখা গৈছে। আধুনিক যুগৰ এনে দৃষ্টিভংগী পৰিয়ালৰ সমস্যাৰূপে দেখা দিছে। 

(চ) আধুনিক পৰিয়ালৰ প্ৰতি আকৰ্ষণ :- বর্তমান সমাজত যৌথ পৰিয়ালৰ পৰিৱৰ্তে আধুনিক পৰিয়ালৰ প্ৰতি আকর্ষণ বৃদ্ধি পোৱা দেখা গৈছে। কিয়নো সীমিত আয়ৰ দ্বাৰা এটা বৃহৎ পৰিয়াল পৰিচালনা কৰাটো অতি কঠিন। তাৰোপৰি ব্যক্তিবিলাকৰ ক্ষেত্ৰত আধুনিক পৰিয়াল যৌথ পৰিয়াল ব্যৱস্থাতকৈ অনুকুল। যৌথ পৰিয়ালসমূহৰ কাৰণে ই এটা ডাঙৰ সমস্যা।

(ছ) বৃদ্ধ-বিধৱা লোকৰ অসহায় অবস্থা :- আধুনিক কালত পৰিয়ালৰ ব্যক্তিসকলে বিবাহ কৰাৰ পিছতে মূল পৰিয়ালৰ পৰা আঁতৰি যোৱা দেখা যায়। পৰিণামত বৃদ্ধ লোকসকল, বিধৱালোক , নাবালক বিলাক প্রায় আশ্রয়হীন অৱস্থাত পৰিব লগাত পৰে। এই ব্যক্তিসকলে নিবাশ্ৰয় হৈ অশেষ দুখ – কষ্টত দিন কটাবলগা হয়। 

ওপৰোক্ত আলোচনাৰ পৰা দেখা গ’ল যে আধুনিক পৰিয়ালবিলাক ডাঙৰ সমস্যাৰ সন্মুখীন হ’ব লগা হৈছে। পৰিয়ালত বিঘটনে দেখা দিছে। এই বিঘটনসমূহ পৰিয়াল নিয়ন্ত্রণ, নিৰাপত্তা, পাৰিবাৰিক ঐক্যত স্বামী – স্ত্ৰীৰ সম্পৰ্ক, শিথিল বৈবাহিক সম্বন্ধত পর্যবসিত হৈছে। বিবাহ বিচ্ছেদ, আত্মহত্যাৰ পৰিমাণ বৃদ্ধি পাইছে। বহুতেই ক’ব বিচাৰে সময়ত পৰিয়াল নিশ্চিহ্ন হৈ যাব। কিন্তু ই সত্য নহয়। আধুনিক পৰিয়াল বহুতো সমস্যাৰ সন্মুখীন হ’ব পাৰে তথাপি যিহেতু পৰিয়াল হৈছে মুখ্য সামাজিক গোট, সামাজিক প্রাণী হিচাপে জীয়াই থাকিবলৈ পৰিয়ালৰ আৱশ্যক, গতিকে পৰিয়াল পদ্ধতিৰ বিলুপ্তি সাধন হোৱাৰ শঙ্কা অমূলক।

2. যুটীয়া পৰিয়ালৰ প্ৰধান বৈশিষ্ট্যবোৰ আলোচনা কৰা।
উত্তৰঃ যুটীয়া পৰিয়ালৰ প্ৰধান বৈশিষ্ট্যসমূহ হ’ল–
১। বৃহৎআকাৰ :- যুটীয়া পৰিয়ালৰ আকাৰ জনসংখ্যাৰ ক্ষেত্ৰত একক পৰিয়ালৰ তুলনাত যথেষ্ট ডাঙৰ। ইয়াত কেবা যোৰাও দম্পতীৰ ল’ৰা – ছোৱালী থাকে।

২। সহযোগী সংগঠন :- যুটীয়া পৰিয়াল এটা সহযোগী সংগঠন। ইয়াৰ এটা মাত্ৰ আৰ্থিক গোট থাকে। পৰিয়ালৰ সকলো সদস্যৰ সহযোগত ই পৰিচালিত হয়।

৩। উমৈহতীয়া সম্পত্তি :- যুটীয়া পৰিয়ালত সকলো সা – সম্পত্তি সদস্যসকলৰ উমৈহতীয়া সম্পত্তি। পৰিয়ালৰ সদস্যসকলৰ সমান কতৃত্ব থাকে। 

৪। উমৈহতীয়া বাসস্থান :- যুটীয়া পৰিয়ালৰ সদস্যসকলে একেলগে একেখন ঘৰতে বাস কৰে একেলগে খোৱা – বোৱা কৰে 

৫। উমৈহতীয়া ধৰ্মীয় আৰু সামাজিক কর্তব্য :- যুটীয়া পৰিয়ালৰ লোকসকলে একেখন সমাজৰ নীতি – নিয়ম মানি চলে আৰু একে ধৰ্মৰ নীতি – নিয়ম পালন কৰে। বিয়া, সবাহত সকলোৱে মিলি – জুলি কাম – কাজ চলায়।

৬। এক উপাদনৰ গোট :- পৰিয়ালৰ সদস্যসকলে একেটা উৎপাদনৰ গোট হিচাপে কাম কৰে। আজিকালি পৰিয়ালৰ লোকসকলে বিভিন্ন প্ৰকাৰৰ কাম কাজ কৰে যদিও এটা আর্থিক গোট হিচাপে আয় – ব্যয়ৰ হিচাপ কৰা হয়।

৭। সাংস্কৃতিক পৰম্পৰা :- যুটীয়া পৰিয়ালত সামাজিক ৰীতিনীতি, আচাৰ – ব্যৱহাৰ, জনৰীতি, লোকাচাৰ আদি বংশানুক্রমে পালন কৰি আহে। এই পৰিয়ালত এটা সাংস্কৃতিক অবিচ্ছিন্নতা থাকে।

৮। আর্থিক স্থিৰতা :- আৰ্থিক স্থিৰতা যুটীয়া পৰিয়ালৰ এটা বিশেষ বৈশিষ্ট্য। যুটীয়া পৰিয়ালত কেবাজনো সদস্যই উপার্জন কৰে যদিও তেওঁলোকৰ এটা উমৈহতীয়া পুঁজি থাকে। সেইবাবে পৰিয়ালৰ আৰ্থিক স্থিৰতা ৰক্ষা কৰাটো সম্ভৱ হয়।

৯। পাৰম্পৰিক অধিকাৰ আৰু কৰ্তব্য :- যুটীয়া পৰিয়ালত এজন মুখিয়াল বা মুখ্য পৰিচালক থাকে, তেওঁ আন সদস্যতকৈ কিছুমান বিশেষ অধিকাৰ পায়। তেওঁৱেই ঘৰখন নিয়ন্ত্ৰণ কৰি থাকে। তেওঁৰ কথামতেই ঘৰ চলে। এইবোৰেই যুটীয়া পৰিয়ালৰ এটাৰ বৈশিষ্ট্য।

3. পৰিয়ালৰ প্ৰধান সামাজিক কামসমূহৰ বৰ্ণনা দিয়া। নাইবা, আধুনিক পৰিয়ালৰ প্ৰধান কাৰ্যাৱলী কি কি?
উত্তৰঃ সমাজৰ প্ৰাথমিক গোট হিচাপে পৰিয়াল এটাৰ কিছুমান সাধাৰণ কাম থকা দেখা যায়। পৰিয়াল এটাক কেন্দ্ৰ কৰিয়ে মানুহৰ সমাজত বিভিন্ন কার্যাবলী সম্পাদিত কৰে। মানুহৰ বিভিন্ন কাৰ্যৱলীক পৰিয়ালে নিয়ন্ত্ৰিত কৰি সম্পাদন কৰে। পৰিয়ালৰ কাৰ্যাৱলী তলত দিয়াৰ দৰে আলোচনা কৰিব পাৰি—

১। যৌন সম্বন্ধ নিয়ন্ত্ৰণ :- পৰিয়ালে মানৱ সমাজত মানুহৰ যৌন কামনা – বাসনা নিয়ন্ত্ৰণ কৰাটো প্ৰথম আৰু প্ৰধান কাম বুলি গণ্য কৰা হয়। পৰিয়ালে মানুহৰ এই কামনা নিয়মীয়া আৰু শৃঙ্খলাবদ্ধ কৰে। 

২। সন্তান প্রজনন :- পৰিয়ালে মানুহৰ যৌন কামনা – বাসনা সমাজত নিয়ন্ত্ৰণ কৰাৰ উপৰি সতি – সন্ততিৰ জন্ম দি প্ৰতিপালন কৰাৰ দায়িত্ব বহন কৰে। ই পৰিয়ালৰ মুখ্য কাম। 

৩। সংস্কৃতিৰ বাহক :- সমাজত পৰিয়াল সংস্কৃতিৰ বাহক। সমাজৰ ৰীতি – নীতি, আচাৰ ব্যৱহাৰ, ধৰ্ম, শিক্ষা – দীক্ষা আদি সংস্কৃতিৰ বিভিন্ন কথা মানুহে পৰিয়ালৰ যোগেদিয়ে আয়ত্ব কৰি শিক্ষা গ্ৰহণ কৰে। 

৪। প্ৰস্থিতি প্রদান :- সকলো ব্যক্তিৰে সামাজিক প্রস্থিতি একোটা থাকে। এই প্রস্থিতি পৰিয়ালৰ জৰিয়তে নির্ণায়িত হয়। উচ্চ মর্যাদাসম্পন্ন পৰিয়ালত জন্মগ্ৰহণ কৰা ব্যক্তিসকলে উচ্চ সামাজিক প্রস্থিতি লাভ কৰে। সেইদৰে নিম্ন সামাজিক মর্যাদাসম্পন্ন পৰিয়ালত জন্মগ্ৰহণ কৰা ব্যক্তিসকলে নিম্ন স্থান পায়। গতিকে পৰিয়ালেই হৈছে সামাজিক প্ৰস্থিতিৰ আধাৰ। 

৫। সামাজিক নিয়ন্ত্ৰণ :- সমাজত মানুহৰ কাৰ্যকলাপ নিয়ন্ত্রণ কৰা অনুষ্ঠানবোৰৰ ভিতৰত পৰিয়ালৰ ভূমিকা অন্যতম। পৰিয়ালৰ কোনো ব্যক্তিয়ে যাতে কোনো অপৰাধমূলক বা বেয়া কামত লিপ্ত হ’ব নোৱাৰে তাৰ বাবে পৰিয়ালে বিশেষ যত্ন লয়। পৰিয়ালৰ নিয়ন্ত্ৰণ থকা বাবেই প্রায় সকলো ব্যক্তিয়েই সামাজিক অপৰাধমূলক কামত লিপ্ত হ’ব নোৱাৰে। 

৬। আর্থিক কার্য :- পৰিয়ালৰ আন এটা অতি গুৰুত্বপূৰ্ণ কাম হ’ল পৰিয়ালৰ ব্যক্তিসকলৰ বাবে ভৰণ – পোষণৰ ব্যৱস্থা কৰা। পৰিয়ালৰ ব্যক্তিসকলৰ ভৰণ – পোষণৰ বাবে প্ৰতিটো পৰিয়ালেই আৰ্থিক উৎপাদনৰ একোটা গোট হিচাপে কাম কৰে। পৰিয়ালৰ আর্থিক সহায়ত সকলো ব্যক্তিয়ে সমাজত নিজৰ প্ৰস্থিতি স্থাপন কৰে। 

৭। সামাজিক সম্বন্ধ নিয়ন্ত্ৰণ :- পৰিয়ালে বিবাহ আদিৰ নিচিনা সামাজিক অনুষ্ঠানৰ দ্বাৰা পৰিয়ালৰ ব্যক্তিসকলৰ উপৰি সমাজৰ আন পৰিয়ালৰ ব্যক্তিসকলৰ মাজত পাৰম্পৰিক সম্পৰ্ক গঢ়ি তোলে আৰু তাক নিয়ন্ত্রণে কৰে। 

৮। মানসিক অৱসৰ পৰিয়ালৰ ব্যক্তিসকলৰ মাজত থকা কিছুমান মানৱীয় অনুভূতিৰ দ্বাৰা অৰ্থাৎ প্ৰেম – প্ৰীতি, মৰম – চেনেহৰ দ্বাৰা পৰিয়ালৰ লোকসকলে স্বাভাৱিকতেই সুখ – শান্তি আধুনিক পৰিয়ালৰ কাৰ্যাৱলীক বৰ্তমান সাধাৰণভাৱে দুটা মূল ভাগত ভাগ কৰিব পাৰি—
(ক) মুখ্য কাম আৰু
(খ) গৌণ কাম। 

(ক) মুখ্য কাম :- মানুহৰ দৈহিক কামনা বাসনা কার্যকী কৰা আৰু মানসিক শান্তি নিৰাপত্তাৰ বাবে এক নিৰিবিলি আৰু শান্তিপূর্ণ বাসস্থান নিৰ্মাণ কৰাটো আধুনিক পৰিয়ালৰ মুখ্য কাম। 

(খ) গৌণ কাম :- মানসিক আৰু শাৰীৰিক অৱসৰ বিনোদন, আৰ্থিক নিৰাপত্তা, সামাজিক নিয়ন্ত্রণ আদি পৰিয়ালৰ গৌণ কাম। আধুনিক যুগত পৰিয়ালৰ বহুতো কাম সমাজৰ বিভিন্ন অনুষ্ঠান, প্রতিষ্ঠান আৰু চৰকাৰৰ বিভিন্ন বিভাগলৈ হস্তান্তৰ কৰা দেখা যায়। সেই বাবে বৈজ্ঞানিক যুগত পৰিয়ালৰ কামৰ যথেষ্ট পৰিৱৰ্তনো দেখা যায়। 

4. পৰিয়াল কেই প্ৰকাৰৰ? প্রত্যেক প্ৰকাৰ পৰিয়ালৰ এটা চমু আভাস দিয়া।
উত্তৰঃ পৰিয়ালক দুই প্ৰকাৰে ভাগ কৰিব পাৰি—
১। সাংগঠনিক ফালৰ পৰা। আৰু
২। পৰিয়ালৰ আকাৰৰ ফালৰ পৰা। 

১। সাংগঠনিক ফালৰ পৰা পৰিয়ালক দুটা ভাগত ভাগ কৰা হৈছে। এই ভাগ দুটা সাধাৰণতে পৰিয়ালৰ মূৰব্বীৰ ভিত্তিত কৰা হয়।
(ক) পিতৃ প্ৰধান পৰিয়াল। আৰু
(খ) মাতৃপ্রধান পৰিয়াল।

(ক) পিতৃপ্রধান পৰিয়াল :- পিতৃক কেন্দ্ৰ কৰি যিবোৰ পৰিয়াল পৰিচালিত হয় তাক পিতৃপ্রধান পৰিয়াল বোলে। এই পৰিয়াল পুৰুষ প্ৰধান, পিতৃ বা পুৰুষজন পৰিয়ালৰ মূৰব্বী। পিতৃ বা পুৰুষজনৰ পৰাই বংশ মর্যাদা আৰু সম্পদৰ উত্তৰাধিকাৰ ব্যৱস্থা প্রচলিত হয়। প্রাচীন আধুনিক সমাজ ব্যৱস্থাত এই পুৰুষ প্ৰধান ব্যবস্থা প্রচলিত হোৱা দেখা যায়। পৰিয়ালৰ সকলো কাম পুৰুষৰ অনুক্রমতে চলে।

READ MORE  গ্ৰাম্য সমাজত পৰিৱৰ্তন আৰু বিকাশ | Chapter 11 | Class 12 Sociology - AHSEC

(খ) মাতৃপ্রধান পৰিয়াল :- মাতৃপ্রধান পৰিয়ালত পৰিয়ালৰ মূল মাতৃগৰাকীহে পৰিয়ালৰ মূৰব্বী। এই পৰিয়াল নাৰীপ্ৰধান বা মাতৃপ্রধান। মাতৃপ্রধান পৰিয়ালত মাতৃ বা তেওঁৰ অবিহনে মাতৃস্থানীয় যি কোনো তিৰোতাকে পৰিয়ালৰ মূৰব্বী হিচাপে গণ্য কৰা হয়। এইপৰিয়ালৰ কৰ্তৃত্ব মাতৃগৰাকীৰ ওপৰত ন্যস্ত থাকে। পুৰুষ প্ৰধান পৰিয়ালৰ দৰে এই পৰিয়ালতো মাতৃগৰাকীৰ বংশানুক্ৰমহে পৰিয়ালত গণ্য কৰা হয়। ই পিতৃপ্রধান পৰিয়ালৰ সম্পূৰ্ণ বিপৰীত। মেঘালয়ৰ খাছীয়া, গাৰো জাতিৰ পৰিয়ালত মাতৃপ্রধান পৰিয়াল দেখা যায়।

২। পৰিয়ালৰ আকাৰৰ ফালৰ পৰা ইয়াক তিনিটা ভাগত ভাগ কৰিব পাৰি—
(ক) প্রাথমিক পৰিয়াল।
(খ) সংযুক্ত পৰিয়াল।
(গ) যৌগিক পৰিয়াল। 

(ক) প্রাথমিক পৰিয়াল বা একক পৰিয়াল :- প্ৰাথমিক পৰিয়াল পতি – পত্নী তেওঁলোকৰ ল’ৰা – ছোৱালীনাইবা তুলি লোৱা সন্তান – সন্ততিক লৈ গঠিত হয় ; সতি – সন্তানৰ বিবাহৰ আগলৈ। ই প্রাথমিক বা একক পৰিয়াল হৈ থাকে। 

(খ) সংযুক্ত পৰিয়াল :- একেটা পৰিয়ালতে কেবাটাও প্রাথমিক পৰিয়াল থাকিলে তেনে পৰিয়ালক সংযুক্ত পৰিয়াল বোলে। একে মাক – দেউতাকৰ সতি – সন্ততিয়ে বিয়া – বাৰু কৰাই একেটা পৰিয়ালতে থাকিলে সংযুক্ত পৰিয়াল বা যুটীয়া পৰিয়ালৰ সৃষ্টি হ’ব পাৰে। 

(গ) যৌগিক পৰিয়াল :- বহু পতি বা বহু পত্নী বিবাহৰ জৰিয়তে বহুতো সতি – সন্ততিক লৈ সৃষ্টি হোৱা পৰিয়ালক যৌগিক পৰিয়াল বোলা হয়। এনে পৰিয়াল এজনী নাৰীয়ে বহু পতি আৰু সন্তান সন্ততিক লৈ নাইবা এজন পুৰুষে বহু পত্নী আৰু তেওঁলোকৰ সতি – সন্ততিক লৈ গঠিত কৰিব পাৰে।

5. পৰিয়ালৰ সংজ্ঞা দিয়া। ইয়াৰ প্ৰধান বৈশিষ্ট্যবোৰ আলোচনা কৰা।
উত্তৰঃ পৰিয়াল হ’ল সমাজৰ প্ৰাথমিক গোট। পৰিয়ালক কেন্দ্ৰ কৰিয়েই মানুহৰ সামাজিক জীৱন আৰম্ভ হয়। স্বামী – স্ত্রী তেওঁলোকৰ ল’ৰা – ছোৱালী আৰু আন আত্মীয় – স্বজন, যিসকলে একে ৰান্ধনীশালত স্থায়ীভাৱে খোৱা – বোৱা কৰি, একেলগে একেখন ঘৰতে বসবাস কৰে সেই জনসমষ্টিটোকে আমি সাধাৰণতে পৰিয়াল বুলি কওঁ যদিও সমাজশাস্ত্রবিদসকলে ইয়াৰ সংজ্ঞা বিভিন্ন প্ৰকাৰে দিছে। তলত দুটা উল্লেখযোগ্য সংজ্ঞা দিয়া হ’ল—

সংজ্ঞা :- ১। মে আইভাৰ আৰু পেজৰ মতে, “ পৰিয়াল এনে এক নিৰ্দিষ্ট আৰু স্থায়ী যৌন সম্বন্ধৰ দ্বাৰা নিৰ্ধাৰিত সামাজিক গোট, যি সন্তান জন্ম দিয়া আৰু সিহঁতক লালন পালন কৰা কাৰ্য সম্পাদন কৰে। (“The family is a group defined by a Sex relationship sufficiently precise and enduring to provide for the procreation and up – bringing of children.”)

২। আগবাৰ্ণ আৰু নিৰ্কৰ মতে, “ পৰিয়াল বিবাহিত পতি – পত্নী আৰু তেওঁলোকৰ নিজৰ নাইবা আনৰ পৰা তুলি লোৱা সন্তানক লৈ গঠিত হোৱা ব্যক্তিৰ সমষ্টি বা গৈাট। ” (“Family is more or less durable association of husband and wife without children or of a man or woman alone.”) মুঠতে দেখা যায় পতি – পত্নী আৰু তেওঁলোকৰ সন্তানেই হ’ল পৰিয়াল গঠনৰ মূল আধাৰ।

পৰিয়ালৰ বৈশিষ্ট্যসমূহ (Characteristics of Family) :-
১। সার্বজনীনতা :- পৰিয়াল এটা সাৰ্বজনীন সংস্থা। মানৱ সমাজত প্ৰাচীন যুগৰে পৰা সকলো স্তৰতে পৰিয়ালৰ স্থিতি বিভিন্ন প্ৰকাৰে পোৱা যায়। বিভিন্ন সময়ৰ এই পৰিয়ালবোৰত পতি – পত্নী আৰু তেওঁলোকৰ ল’ৰা – ছোৱালীক লৈ একেলগে সুখে – শান্তিৰে বসবাস কৰাটো এটা সাৰ্বজনীন চিৰন্তন চৰিত্ৰ।

২। অনুভূতিৰ আধাৰ :- পৰিয়াল হ’ল মানুহৰ সকলো প্ৰকাৰৰ মানৱীয় অনুভূতিৰ আধাৰ। মানুহৰ সুখ – দুখ, ভয় – ভক্তি, ভাল – বেয়া, হাঁহি কান্দোন, যশ – অপযশ মৰম – চেনেহ আদি সকলো অনুভূতিৰ আধাৰ। পৰিয়ালৰ ব্যক্তিসকল এই অনুভূতিবোৰৰ এক নিবিড় এনাজৰীৰে বান্ধ খাই থাকে। পৰিয়ালৰ প্রত্যেকজন ব্যক্তিয়ে সুখ – দুখৰ সমভাগী।

৩। সীমিত আকাৰ :- পৰিয়াল সাধাৰণতে সীমিত আকাৰৰ। পুৰুষ – মহিলাৰ বিবাহৰ দ্বাৰা পৰিয়ালৰ গঠন হ’লেও, তেওঁলোকৰ ল’ৰা – ছোৱালীৰ জন্ম হৈ পৰিয়ালত ব্যক্তিৰ সংখ্যা বৃদ্ধি হয় যদিও আনহাতে মৃত্যুৰ দ্বাৰা পৰিয়ালৰ সংখ্যা কমিও যায়। বিবাহৰ দ্বাৰাও পৰিয়ালৰ ব্যক্তিৰ সংখ্যা কম – বেছি হ’ব পাৰে। মুঠতে পৰিয়াল সদায় এটা সীমিত আকাৰত থাকে। পৰিয়ালৰ ব্যক্তিৰ সংখ্যা বঢ়া – টুটা নিত্য – নৈমিত্তিক কথা।

৪। ব্যক্তিত্ব গঠন স্থান :- ব্যক্তিৰ চৰিত্ৰ গঠনত পৰিয়ালৰ প্ৰভাৱ অপৰিসীম। পৰিয়ালতে মানুহে জন্মগ্রহণ কৰি, ডাঙৰ – দীঘল হয়। পৰিয়ালৰ লোকৰ পৰাই ৰুচি – অভিৰুচি, আচাৰ ব্যৱহাৰ, ভয় – ভক্তি · চিন্তা – চৰ্চাৰ আৰম্ভণি হয় আৰু মানুহৰ ব্যক্তিত্বই গঢ় ল’বলৈ আৰম্ভ কৰি শেষত পূৰ্ণ পৰ্যায় পায়। মুঠতে প্রত্যেক ব্যক্তিৰ ব্যক্তিত্ব গঠনত পৰিয়ালৰ অৰিহণা অসীম।

৫। সমাজৰ প্ৰাথমিক গোট :- পৰিয়াল সমাজৰ প্ৰাথমিক গোট। পৰিয়াল অবিহনে সমাজ গঠন সম্ভৱ নহয়। পৰিয়ালক কেন্দ্ৰ কৰিয়ে সামাজিক সম্বন্ধবোৰ গঢ়ি উঠে, আৰু এই সামাজিক সম্বন্ধবোৰে হ’ল সমাজ গঠনৰ মূল গাঁথনি। মুঠতে সমাজ সৃষ্টিৰ মূলতে হ’ল পৰিয়াল। এইবোৰেই হ’ল পৰিয়ালৰ মূল বৈশিষ্ট্য। সময়ৰ সোঁতত পৰিয়ালৰ গঠন, কার্য বা চৰিত্ৰৰ পৰিৱৰ্তন ঘটিলেও এই বৈশিষ্ট্যসমূহৰ পৰিৱৰ্তন নহয়।

6. আধুনিক পৰিয়ালৰ চাৰিত্ৰিক বৈশিষ্ট্য আৰু ইয়াৰ কামৰ পৰিৱৰ্তন সম্পর্কে লিখা।
নাইবাঃ যুটীয়া পৰিয়াল ব্যৱস্থাৰ পৰিবৰ্তনৰ কাৰণসমূহ আলোচনা কৰা।
উত্তৰঃ আধুনিক পৰিয়ালৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ বিষয়ে জানিবলৈ হ’লে ইয়াৰ গঠন, প্ৰকৃতি আৰু ক্ৰিয়াৰ ক্ষেত্ৰত কেনে ধৰণৰ পৰিৱৰ্তন পৰিলক্ষিত হৈছে সেইটোৰ বিষয়ে আলোচনা কৰা প্রয়োজন। পাৰিসাংখ্যিক দৃষ্টিকোণৰ পৰা আধুনিক পৰিয়ালবিলাকৰ সদস্য সংখ্যা যথেষ্ট হ্রাস পাইছে। এনে পৰিয়াল পতি – পত্নী আৰু তেওঁলোকৰ অবিবাহিত সন্তানক লৈ গঠিত। তদুপৰি আধুনিক পৰিয়ালবিলাকত সন্তানৰ সংখ্যা বহুখিনি সীমিত হৈ পৰিছে। সৰু পৰিয়ালেই সুখী পৰিয়াল ” ইয়েই হৈছে আধুনিক পৰিয়ালৰ আদৰ্শ। এতিয়া পৰিয়ালৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ পৰিৱৰ্তন হোৱাত কিহে বিশেষভাৱে সহায় কৰিছে সেই সম্পর্কে থুলমূলকৈ আলোচনা কৰা হ’ল—

(ক) চাৰিত্ৰিক বৈশিষ্ট্যবোৰৰ পৰিৱৰ্তনৰ কাৰণ :
১। প্ৰথমতে, পৰিয়ালবৰ্গত অৰ্থনৈতিক পৰিৱৰ্তন দৈখা দিয়াৰ কাৰণ হৈছে উদ্যোগীকৰণ, নগৰীকৰণৰ প্ৰভাৱ। এই দুই ব্যৱস্থাৰ ফলত আধুনিক সমাজৰ মানুহে ব্যক্তিগত আৰু স্বতন্ত্রভাৱে জীৱিকা অৱলম্বন কৰিব পৰা হৈছে। গতিকে জনসংখ্যা বৃদ্ধি আৰু নগৰমুখী সভ্যতাৰ লগে লগে মানুহ ক্ষুদ্ৰ আকৃতিৰ পৰিয়ালৰ প্ৰতি আকৃষ্ট হোৱা দেখা হৈছে। এইয়েই হ’ল একক পৰিয়াল সৃষ্টিৰ মূল কাৰণ। 

২। দ্বিতীয়তে, আধুনিক শিক্ষাই মানুহৰ দৃষ্টিভংগী, চিন্তাধাৰা ৰুচি – অভিৰুচি, সামাজিক মূল্যবোধ ইত্যাদিৰ পৰিৱৰ্তন আনিছে। মানুহ বেছি ব্যক্তিকেন্দ্ৰিক আৰু আত্মনিৰ্ভৰশীল হ’বলৈ উপক্রম কৰিছে। শিক্ষিত আৰু কৰ্মী ব্যক্তিয়ে শ্ৰম আৰু সামৰ্থ্যৰ ওপৰত নিৰ্ভৰ কৰি ৰুচি অনুযায়ী স্বতন্ত্ৰ পৰিয়াল গঠনৰ প্ৰতি আগ্রহান্বিত হোৱা দেখা গৈছে। 

৩। তৃতীয়তে, ৰাজনৈতিক সচেতনতাই ৰাজনীতিৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ মুনিহ – তিৰোতা উভয়কেই স্বতন্ত্রভাৱে পাৰিবাৰিক জীৱন – যাপন কৰিবলৈ উদ্‌গণি দিয়ে। ডাঙৰ বা যুটীয়া পৰিয়ালৰ অসুবিধাবোৰৰ প্ৰতি এই সচেতনতাই বিশেষকৈ তিৰোতাসকলক সজাগ কৰি তুলিছে। মুনিহ – তিৰোতাৰ সমান ৰাজনৈতিক স্বাধীনতাইও ইয়াত যথেষ্ট অৰিহণা যোগাইছে। 

৪। চতুর্থতে, সামাজিক প্ৰস্থিতিৰ প্ৰতি মানুহৰ সচেতনতা বৃদ্ধি পোৱাত আচাৰ – ব্যৱহাৰ, চলন – ফুৰণ, পিন্ধন – উৰণ, থকা – মেলা ইত্যাদিত পৰিৱৰ্তনে দেখা দিছে। উচ্চ প্ৰস্থিতিৰ ৰক্ষাৰ্থে আৰ্থিক স্বচ্ছলতাৰ পৰিৱৰ্তন হোৱাত ডাঙৰ পৰিয়ালৰ প্ৰতি থকা পৰম্পৰাগত মোহ নাইকিয়া হৈছে। 

(খ) আধুনিক পৰিয়ালৰ কামৰ পৰিৱৰ্তন :- আধুনিক পৰিয়ালৰ গঠন পদ্ধতি আৰু আকৃতিৰ পৰিৱৰ্নৰ লগত ইয়াৰ ক্ৰিয়াৰ পৰিৱৰ্তন ঘটিছে। পৰিয়ালৰ কামৰ পৰিৱৰ্তনৰ বিষয়ে আলোচনা কৰিবলৈ যাওঁতে পৰিয়ালৰ কামবোৰ দুটা ভাগত ভাগ কৰি ল’ব পাৰি। 

(ক) মুখ্য কাম :- জৈৱিক কামনা – বাসনা পূৰণাৰ্থে নাৰী – পুৰুষৰ ভিতৰত স্থায়ী আৰু নিয়মীয়া সম্বন্ধ স্থাপন, সন্তান জন্মধাৰণ, লালন – পালন, আৰু পৰিয়ালৰ বাবে এটা নিৰ্দিষ্ট বাসস্থান নির্মাণেই পৰিয়ালৰ মুখ্য কামৰ ভিতৰত পৰে। 

আধুনিক সমাজত যৌন ক্ষুধা নিবৃত্তিকৰণৰ সুবিধা যথেষ্ট আছে যদিও পৰিয়ালৰ পৰা এই কাৰ্য আঁতৰাই আনিব পৰা নাই। যৌন সম্বন্ধৰ লগত আবেগিক আত্মিয়তাৰ কথাও অন্তৰ্নিহিত হৈ আছে। নিয়মীয়া আৰু সুশৃঙ্খল যৌন মিলনৰ বাবে প্রয়োজনীয় আবেগিক আত্মীয়তা, মানসিক প্রস্তুতি, স্থায়িত্ব আৰু অন্যান্য যাৱতীয়। 

পৰিৱেশৰ প্ৰয়োজন পৰিয়ালৰ বাহিৰে আন ক’তোৱেই সম্ভৱ নহয় তদুপৰি পৰিয়ালৰ বাহিৰত সন্তান জন্ম দিব পৰাৰ ব্যৱস্থা থাকিলেও কোনো সমাজেই তেনে সন্তানক নীতিগতভাৱে গ্ৰহণ কৰিবলৈ বাধ্য নহয়। গতিকে জন্ম দিয়া আৰু লালন পালন কৰাৰ দায়িত্ব পৰিয়ালেই এতিয়াও বহন কৰি আছে। মে আইভাৰ আৰু পেজৰ মতে, আধুনিক পৰিয়ালবোৰে এই দায়িত্ব অধিক দক্ষতাৰে পালন কৰিব পৰা হৈছে। 

সন্তান লাভৰ প্ৰতি মানুহৰ যি মোহ পৰিয়ালৰ কাৰণে স্থায়ী বাসস্থান বা ঘৰ এটা নিৰ্মাণ কৰি লোৱাৰ প্ৰতিও সেই একেই মোহ বুলি ক’ব পাৰি। বিশেষকৈ আধুনিক সমাজত ঘৰ এখন নিৰ্মাণ কৰি লোৱাৰ ওপৰতো মানুহৰ সামাজিক প্রস্থিতি বহুখিনি নিৰ্ভৰ কৰে। গতিকে স্থায়ী বাসস্থান স্থাপন কৰাৰ দায়িত্ব আৰু কৰ্তব্য আধুনিক পৰিয়ালৰ ক্ষেত্ৰটো অটুট হৈ আছে। 

(খ) গৌণ কাম :- পৰিয়ালৰ যিবিলাক গৌণ কাম বুলি ধৰিব পাৰি সেইবিলাক হৈছে সামাজিকৰণ, মানসিক আৰু শাৰীৰিক অৱসৰ বিনোদন, সামাজিক ক্রিয়া নিয়ন্ত্রণ, অর্থনৈতিক নিৰাপত্তা ইত্যাদি। এই ক্রিয়াবিলাকৰ ক্ষেত্ৰত আধুনিক পৰিয়াল বিলাক্ত যথেষ্ট পৰিৱৰ্তন দেখা গৈছে। 

প্রথমতে, দেখা যায় যে এসময়ত পৰিয়ালেই আছিল ব্যক্তিৰ শিক্ষা — দীক্ষাৰ মূল কেন্দ্ৰস্বৰূপ।কিন্তু আধুনিক সমাজত পৰিয়ালৰ পৰা এই দায়িত্ব বিভিন্ন ধৰণৰ অনুষ্ঠানবিলাকে গ্ৰহণ কৰিছে। শিক্ষানুষ্ঠানবিলাকত ব্যক্তি তথা সমাজৰ প্ৰয়োজনীয় শিক্ষা দিয়া হয়। সামাজিকৰণ প্ৰক্ৰিয়াতো আধুনিক সমাজত শিক্ষানুষ্ঠানবিলাকৰ ভূমিকাহে বেছি গুৰুত্বপূৰ্ণ হৈ পৰে। আনকি বহুসংখ্যক দেশতেই আইন প্ৰৱৰ্তনৰ দ্বাৰা ল’ৰা – ছোৱালীৰ বাধ্যতামূলক শিক্ষা ব্যৱস্থা কৰা হৈছে। 

দ্বিতীয়তে, মানসিক আৰু শাৰীৰিক অৱসৰ বিনোদনৰ কেন্দ্ৰৰূপে অতীজৰে পৰা চলি অহা পৰিয়ালৰ যি পৰম্পৰা সেই ক্ষেত্ৰত যথেষ্ট পৰিৱৰ্তন দেখা গৈছে। পৰিয়ালৰ বাহিৰত বোলছবি, ৰেডিঅ’, নাট্যশালা, খেলপথাৰ আদিৰ সহায়ত বহুতো লোকেই অবসৰ সময় কটাবলৈ বিচাৰে। তদুপৰি কিতাপ, আলোচনী, বাতৰিকাকত ইত্যাদি পঢ়ি অৱসৰ সময় কটোৱা আধুনিক সমাজৰ এটা দৈনন্দিন ঘটনা হৈ পৰিছে। 

তৃতীয়তে, পুৰণি ব্যৱস্থাত পৰিয়ালেই আৰ্থিক নিৰাপত্তা ৰক্ষা কৰাৰ দায়িত্ব বহন কৰিছিল। কিন্তু বৰ্তমান এই ক্ষেত্ৰত ৰাষ্ট্ৰ বা অন্যান্য সামাজিক অনুষ্ঠানসমূহেও এই দায়িত্ব গ্ৰহণত আগভাগ লোৱা দেখা গৈছে। অৱশ্যে পৰিয়ালৰ ভৰণ – পোষণৰ দায়িত্ব এতিয়াও পৰিয়ালৰ ওপৰতেই ন্যস্ত। আজিকালি পৰিয়ালৰ নিৰাপত্তাৰ বাৰে জীৱন বীমা, কৰ্মসংস্থান বীমা, সম্পত্তি বীমা আঁচনিক আইনৰ দ্বাৰা বাধ্যতামূলক কৰি পেলাইছে। চাকৰিজীৱী বিলাকৰ পেঞ্চন, গ্ৰেচুইটি ইত্যাদি ব্যৱস্থা থকাৰ ফলত পৰিয়ালৰ ভূমিকা যথেষ্ট হ্ৰাস পাইছে। 

চতুৰ্থতে, মানুহৰ স্বাস্থ্যৰক্ষা আৰু শাৰীৰিক নিৰাপত্তা ইত্যাদিৰ ক্ষেত্ৰতো পৰিয়ালতকৈ ৰাষ্ট্ৰীয় আৰু সামূহিক অনুষ্ঠানবোৰে অধিক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। বৰ্তমান সময়ত মানুহে বিজ্ঞানসন্মতভাৱে কেনেকৈ স্বাস্থ্য ৰক্ষা কৰিব লাগে সেই সম্পর্কে বিভিন্ন সংগঠন আৰু অনুষ্ঠানৰ যোগেদি জানিব পাৰিছে। 

শেষত, আগৰে পৰা চলি অহা জন্মই নিৰ্ধাৰণ কৰা মানুহৰ সামাজিক প্ৰস্থিতিৰ পৰিৱৰ্তে সাম্প্ৰতিক কালত শিক্ষা, অর্থসম্পদ অন্যান্য বিশেষ পাৰদৰ্শিতা অনুযায়ী সামাজিক প্ৰস্থিতি নির্ণয়ৰ মাপকাঠি হৈ পৰিছে। গতিকে স্বলব্ধ গুণসমূহৰ ওপৰত নিৰ্ভৰ কৰি সামাজিক প্ৰস্থিতি লাভ কৰা হেতুকে আগৰ পৰিয়ালৰ ভূমিকাৰ যথেষ্ট হ্ৰাস পাইছে।

স্বজন – পদ্ধতি

1. স্বজন পদ্ধতি বুলিলে কি বুজা সংক্ষেপে বুজাই লিখা।
উত্তৰঃ স্বজন পদ্ধতি :- প্ৰায় সকলো প্ৰকাৰৰ সমাজতে স্বজনীয়তাই’সামাজিক সম্পর্ক সংগঠনকো বুজায়। স্বজনীয়তাৰ বান্ধোনে, তেজৰ বংশগত সম্বন্ধৰ বান্ধোন, বৈবাহিক সূত্ৰে হোৱা সম্বন্ধৰ বান্ধোন আৰু তোলনীয় সূত্ৰে গঢ়ি উঠা বান্ধোনৰ সম্বন্ধক বুজায়। পৰিয়াল, বিবাহ আৰু স্বজনীয়তা অতি নিবিড়ভাৱে পৰস্পৰে পৰস্পৰৰ লগত জড়িত। এই সম্বন্ধবোৰক সাধাৰণতে ককাদেউতা, দেউতা, মা, ভাই – ভনী, খুড়া, মামা ইত্যাদিৰে জনা যায়। এই সম্বন্ধৰ বান্ধোন আৰু স্থায়ীত্বই হ’ল স্বজনীয়তাৰ ভেটি। এই সম্বন্ধৰ বান্ধোনত কিছুমান অধিকাৰ আৰু বাধা নিষেধ জড়িত হৈ আছে ; যিবোৰে ইয়াক স্থায়ী আৰু নিশ্চিত কৰিছে। স্বজনীয়তা সংস্কৃতিৰে এটা অংশ, য’ত জন্ম আৰু বৈবাহিক বান্ধোনৰ দ্বাৰা · সম্পর্ক বা সম্বন্ধৰ ভাবাবেগ জড়িত হৈ থাকে। স্বজনীয়া এনে এক জনসমষ্টিৰ সংগঠন যাক তেজৰ বংশগত সম্বন্ধৰ দ্বাৰা নাইবা বৈবাহিক সম্বন্ধৰ দ্বাৰা স্বীকৃতি দিয়া হয়। 

সংজ্ঞা :- জি ডানকান মিটচেপৰ মতে- ‘ আমি স্বজনীয় শব্দটো তেজৰ সম্বন্ধৰ দ্বাৰা আৰু অতি ওচৰ সম্পৰ্কৰ দ্বাৰা সম্বন্ধীয় লোকৰ সম্বন্ধক বুজা বলৈহে ব্যৱহাৰ কৰোঁ। (Where we use  the term Kinship we are referring to people who are related  by consanguinity and affinity)। তেজৰ সম্বন্ধই একে বংশোদ্ভৱ লোকৰ সমষ্টিক বুজায়। তেজোদ্ভৰ সম্বন্ধই একে পৰিয়ালত জন্ম পোৱা নাইবা পৰিয়ালত তোলনীয়া কৰি ৰখা লোককে বুজায়। আনহাতে ওচৰ সম্বন্ধ অন্তৰংগ সম্বন্ধই বৈবাহিক সূত্রে গঢ়ি উঠা সম্বন্ধক বুজায়। উদাহৰণস্বৰূপে পিতা – পুত্ৰ সম্বন্ধ হ’ল তেজৰ সম্বন্ধ আৰু স্বামী – স্ত্ৰীৰ সম্বন্ধ হ’ল ওচৰ সম্পর্ক বা অন্তৰংগ সম্বন্ধ। এই ক্ষেত্ৰত মাৰ্ডকে (Murdlock) মত পোষণ কৰে যে সকলো সমাজতে প্রত্যেকজন প্রাপ্তবয়স্ক ব্যক্তিৰ সাধাৰণতে দুটা একক পৰিয়ালৰ লগতে সম্বন্ধ গঢ়ি উঠে।

প্ৰথম, পৰিয়ালটো হ’ল যিটোত তেওঁ নিজে জন্মগ্ৰহণ কৰে আৰু য’ত তেওঁৰ পিতৃ – মাতৃ, ভাই – ভনী থাকে।

দ্বিতীয়, পৰিয়ালটো হ’ল যিটো তেওঁ নিজে বিবাহৰ জৰিয়তে গঢ় দিয়ে। আৰু য’ত পতি – পত্নী আৰু তেওঁলোকৰ ল’ৰা – ছোৱালী থাকে। এই দুটা পৰিয়াল আৰু পূৰ্বপুৰুষসকল, সতি – সন্ততি, উত্তৰাধিকাৰীসকলৰ মাজত গঢ়ি উঠা সম্বন্ধকে স্বজন পদ্ধতি বুলি জনা যায়। স্বজনীয়তাই দুটা গুৰুত্বপূৰ্ণ আৰু সম্পৰ্ক থকা উদ্দেশ্য পূৰণৰ কাম কৰে।

(ক) ই এটা বংশৰ পৰা পৰৱৰ্তী বংশলৈ প্ৰস্থিতি আৰু সম্পত্তি হস্তান্তৰিত কৰা উপায় দিয়ে।

(খ) কোনো কোনো সমাজত স্বজনীয়তাই একোটা কাৰ্যকৰী সামাজিক সমূহ প্রতিষ্ঠা আৰু পৰিচালনা কৰাতো সেৱা আগবঢ়ায়। স্বজনীয়তা দুটা অতি ওচৰ সম্পৰ্কীত সংস্থাৰ দ্বাৰা উৎপাদিত এটা সংস্থা, পৰিয়াল আৰু বিবাহ আৰু ইয়ে সমাজত মানুহৰ জন্ম স্ত্ৰী – পুৰুষৰ দৈহিক মিলন, মৃত্যু আদি আচৰণ পৰিচালনা কৰে। স্বজনীয়তাই তেওঁলোকৰ মাজৰ আশা – আকাংক্ষা, অধিকাৰ, কর্তব্য পৰম্পৰৰ মাজত পৰিচালনা কৰে।

2. স্বজন – পদ্ধতি কি? ই কেই প্ৰকাৰৰ এটি চমু আভাস দিয়া। নাইবা, স্বজন – পদ্ধতিৰ এটা চমুটোকা লিখা।
উত্তৰঃ স্বজন – পদ্ধতিঃ বিবাহৰ জৰিয়তে সমাজত মানুহৰ পাৰস্পৰিক সম্পর্ক বা আত্মীয়তা গঢ়ি উঠে। বিবাহ প্রথাৰ জৰিয়তেই কেৱল যে এজন পুৰুষৰ লগত এজনী নাৰীৰ চিৰদিনৰ বাবে সম্পর্ক বা আত্মীয়তা গঢ়ি উঠে তেনে নহয়। বিবাহৰ পিছত দৰা – কন্যাৰ পিতৃ – মাতৃ, ভাই ভনী আৰু আন আত্মীয় – কুটুম্বৰ লগত এক চিৰদিনীয়া আত্মীয়তা গঢ়ি উঠে। আনহাতে এই সম্বন্ধৰ লগতে জন্মৰ জৰিয়তে গঢ়ি উঠা সম্পর্কও জড়িত হৈ থাকে। জন্মৰ সম্বন্ধ, তেজ মঙহৰ সম্বন্ধ। এইদৰে বিবাহ আৰু জন্মৰ জৰিয়তে ব্যক্তিৰ মাজত যি এক আত্মীয়তা গঢ়ি উঠে, আৰু তাৰ দ্বাৰা যি এক সমূহৰ সৃষ্টি হয় তাকে স্বজন – পদ্ধতি বোলে। বিভিন্ন সমাজ ব্যৱস্থাত বিভিন্ন প্ৰকাৰৰ স্বজন – পদ্ধতি দেখা যায়। সাধাৰণতে স্বজন পদ্ধতিক দুই ভাগত ভগাব পাৰি।১। এক – পক্ষীয় স্বজন – পদ্ধতি।
২। দ্বি – পাক্ষিক স্বজন – পদ্ধতি। 

১। এক – পক্ষীয় স্বজন – পদ্ধতি :- এই পদ্ধতিৰ ভিতৰত পিতৃ বা মাতৃ যিকোনো এক পক্ষৰ ব্যক্তিসকলক ধৰা হয়। পিতৃ – পক্ষ হ’লে পিতৃৰ ভাই – ভনী, তেওঁলোকৰ ল’ৰা – ছোৱালীক আৰু মাতৃ — পক্ষ হ’লে পিতৃৰ ভাই – ভনী আৰু তেওঁলোকৰ ল’ৰা – ছোৱালীক স্বজন বুলি ধৰা হয়। ইয়াৰ যি কোনো এটা পক্ষকহে এক – পক্ষীয় স্বজন বুলি ধৰা হয়। এই প্ৰত্যক্ষ সম্পৰ্ক মুর্দকৰ মতে ৮ প্ৰকাৰ থাকে। 

২। দ্বি – পাক্ষিক স্বজন পদ্ধতি :- এই পদ্ধতিৰ ভিতৰত পিতৃপক্ষ আৰু মাতৃ – পক্ষৰ দুয়োটাৰে ভাই – ভনী আৰু তেওঁলোকৰ ল’ৰা ছোৱালীক লৈ ধৰা হয়। স্বজন গোষ্ঠী এটাত বা সমূহ এটাত — কিমান ব্যক্তি থাকিব বা ধৰা হ’ব এই লৈ বিভিন্ন জনৰ বিভিন্ন মত পোৱা যায়। মুঠতে সামাজিক পদ্ধতি মতে স্বজন পদ্ধতি সৰু ডাঙৰ হোৱা দেখা যায়। এই দ্বিপাক্ষিক সম্পর্ক মুকৰ মতে ৩৩ প্ৰকাৰৰ হ’ব পাৰে। 

৩। অন্যান্য বা তৃতীয় পক্ষীয় স্বজন পদ্ধতি :- এই তৃতীয় পক্ষীয় সম্পৰ্ক হ’ল সেইবোৰ সম্পৰ্ক যিবোৰ প্রাথমিক সম্পৰ্ক দ্বিপাক্ষিক সম্পর্ক। যেনে— দেউতাৰ ভাইৰ পুত্ৰ, মাতৃৰ ভাইৰ পত্নী, দেউতাৰ ভাইৰ পত্নী আদি। এই ত্রিপাক্ষিক সম্পর্ক মুর্দকৰ মতে ১৫১ প্ৰকাৰৰ হ’ব পাৰে।

3. ভাৰতৰ স্বজন পদ্ধতি সম্পর্কে এটি আভাস দিয়া।
উত্তৰঃ ভাৰতৰ স্বজন পদ্ধতিয়ে দেশখনৰ বিভিন্ন জাতি, উপজাতিৰ বিভিন্ন বিবাহ পদ্ধতিক আৰু প্ৰথাক প্ৰতিনিধিত্ব কৰে। সমগ্ৰ ভাৰতৰ এক স্বজন পদ্ধতিৰ বিষয়ে বিৱৰণ দিয়াটো সম্ভৱ নহয়। স্বজনীয়তা এটা সংস্থা হিচাপে ইয়াক আঞ্চলিক সংস্কৃতি হিচাপেহে বৰ্ণনা কৰিব পাৰি। প্ৰখ্যাত সমাজশাস্ত্রবিদ ইৰাবতী কাৰ্ভেৰ মতে, ভাৰতৰ স্বজনীয়তাক চাৰিটা আঞ্চলিক, ভিত্তিত বৰ্ণনা কৰিব পাৰি। যেনে— উত্তৰাঞ্চল, দক্ষিণাঞ্চল ; পূর্বাঞ্চল আৰু পশ্চিমাঞ্চলৰ স্বজনীয়তা। আন কিছুমান সমাজশাস্ত্ৰবিদে দুই প্ৰকাৰৰ স্বজনীয়তাৰ কথাহে উল্লেখ কৰে। উত্তৰাঞ্চলৰ স্বজনীয়তা আৰু দাক্ষিণাত্যৰ স্বজনীয়তা। এই দুই পদ্ধতিকে আকৌ আৰ্য আৰু দ্ৰাবিজৰীয়ান স্বজনীয়তা পদ্ধতি বুলিও জনা যায়।

উত্তৰ ভাৰত আৰু দক্ষিণ ভাৰতৰ স্বজনীয়তাঃ

দক্ষিণ ভাৰতৰ স্বজনীয়তা :- সাধাৰণতে ওচৰ সম্পৰ্কীয় স্বজাতীয় বা স্বজনীয়তাৰ মাজত বৈবাহিক সম্পৰ্ক কৰাতহে বেছি পছন্দ কৰে। বিশেষকৈ দুই ধৰণৰ ভতিজা – ভতিজীৰ মাজত পৰস্পৰৰ বিবাহ হয় ; কিন্তু সমান্তৰাল ভতিজা ভতিজী নাইবা ডাঙৰ বাইদেৱেকৰ ছোৱালীৰ লগত হ’ব নোৱাৰে। মুঠতে আন্তঃবৈবাহিক সমূহৰ মাজত তুলনামূলক প্রষ্ঠিতি থাকিব লাগে। যিবোৰ সমূহ সাধাৰণতে ভৌগোলিকভাৱে ওচৰা উচৰি এনেকি একেখন গাঁৱৰে তেনে সমূহকহে বৈবাহিকভাৱে জড়িত হোৱা দেখা যায় আৰু যিবোৰ ক্ষেত্ৰত কইনাই সম্পৰ্কীয় পাত্ৰজনক আগে চিনি পায়। দক্ষিণ ভাৰতত স্বজনীয়সমূহৰ মাজত প্ৰচলিত সম্বন্ধই স্বজনীয়তা শক্তিশালী কৰি তোলে যদিও স্বজনীয়তা বান্ধোন সম্প্ৰসাৰিত নহয়। সংকীৰ্ণ হৈ থাকে।

উত্তৰ ভাৰতৰ স্বজনীয়তা :- ভাৰতৰ উত্তৰাঞ্চলত, দক্ষিণাঞ্চলৰ স্বজনীয়তা পদ্ধতিৰ সম্পৰ্ক বিপৰীত পদ্ধতিৰ প্ৰচলন। উত্তৰ ভাৰতত ভাগিন – ভতিজাৰ মাজত পাৰস্পৰিক বিবাহ হ’ব নোৱাৰে, সম্পূৰ্ণ নিষেধ। এনেকি উত্তৰ ভাৰতত ওচৰ সম্বন্ধীয় ল’ৰা – ছোৱালীৰ মাজত বৈবাহিক সম্পৰ্ক হ’ব নোৱাৰে। কিছুমান গাঁৱত গ্ৰাম্য আত্মঃবিবাহ নিষেধ কৰাও দেখা যায়। গাঁৱৰ বাহিৰৰ ল’ৰা বা ছোৱালীৰ মাজতহে বিবাহ হ’ব পাৰে। ইয়াৰ ফলত দূৰ – দূৰণিৰ গাঁৱৰ পৰাহে বিবাহ কৰাব বা বিয়া দিব পৰা যায়। এনে ব্যৱস্থাৰ দ্বাৰা স্বজনীয়তাৰ বৃত্তৰ পৰিধি সম্প্ৰসাৰণ কৰাত গুৰুত্ব দিয়া হয় সংকীৰ্ণ কৰা নহয়। উত্তৰ ভৰতৰ স্বজনীয় প্রথাকেই নাজনীক স্বামীৰ পৰিয়াললৈ এজনী অচিনাকি ব্যক্তি হিচাপেহে অনা হয়। এনে এক পৰিস্থিতিত কইনা অপৰিচিত পৰিয়ালৰ লোকৰ মাজত নানা নির্দয় ব্যৱহাৰৰ মাজত চলিব লগা হয়। উত্তৰ ভাৰতত বহুতো লোকে দৰা – কইনাৰ ঘৰ দুখনৰ সামাজিক প্ৰস্থিতি অসমান হোৱাটো বিচাৰে। দৰাঘৰে সাধাৰণতে নিম্ন সামাজিক প্ৰস্থিতিৰ লোকৰ পৰাহে কইনা অনাটো পছন্দ কৰে। উত্তৰ ভাৰতত প্ৰায় ভাগ সমাজতে যৌতুক প্রথাৰ ওপৰতে নিৰ্ভৰ কৰি বিবাহ কাৰ্য সম্পন্ন হোৱা দেখা যায়। ই এক মাৰাত্মক কু – প্ৰথা, এই প্ৰথাৰ দ্বাৰা কইনাজনীয়ে দৰাৰ ঘৰত নানা সমস্যাৰ সন্মুখীন হোৱা দেখা যায়। 

4. স্বজনীয়তাৰ মূল ভিত্তিসমূহ কি কি?
উত্তৰঃ স্বজনীয় ব্যৱস্থাৰ কিছুমান মূল ভিত্তি আছে। চিন্তাবিদ হেৰী এম জনৰ (Harry . M. Johnson) মতে স্বজনীয়তাৰ প্ৰধান ভিত্তি ছয়টা। সেইবোৰ হ’ল—

(ক) যৌনতা (sex) :- ভাই আৰু ভনী— এই দুই শব্দই যি তেজৰ সম্বন্ধক বুজায় ই যৌনতা সম্বন্ধৰে সম্পৰ্কীত। গতিকে এই সম্বন্ধৰ মূল ভেটি হ’ল যৌনতা।

(খ) বংশ (Generation) :- পিতা আৰু পুত্ৰ এই দুই শব্দই দুটা বংশক বুজায়। এই সম্বন্ধৰ মূল ভেটি হ’ল তেজৰেই সম্বন্ধ। 

(গ) অতি আত্মীয়তা (Closeness) :- জোঁৱাই (son।n law) আৰু পিতৃৰ ভগ্নীৰ স্বামীৰ লগত থকা সম্বন্ধ তেজৰ সম্বন্ধ নহয়। 

(ঘ) তেজৰ সম্বন্ধ (Blood relation) :- তেজৰ সম্বন্ধৰ ওপৰত নিৰ্ভৰ কৰা স্বজন পদ্ধতিক পুৰুষানুক্রম বা বংশানুক্রমত ভাগ কৰিব পাৰি। যেনে – ককাদেউতা, দেউতা, পুত্ৰ, নাতি ল’ৰা ইত্যাদি। আনহাতে খুড়া আৰু তেওঁৰ ল’ৰা – ছোৱালী আদি। 

(ঙ) বিভাগসমূহ (Division) :- সকলো প্ৰকাৰৰ স্বজনীয়তাকে দুটা ভাগত ভাগ কৰিব পাৰি- 

(i) (ক) দেউতাৰ দেউতা (পিতৃ বংশীয়) ককা।
(খ) মাৰ দেউতা (মাতৃ বংশীয়) ককা। 

(ii) (ক) ভাইৰ ছোৱালী (ভতিজী)।
(খ) ভনীৰ ছোৱালী (ভাগিনী)। 

(iii) (ক) পুত্ৰৰ পুত্ৰ (নাতি ল’ৰা)।
(খ) পূত্ৰীৰ ল’ৰা ছোৱালীৰ নাতি ল’ৰা) আদি। 

(চ) বন্ধন সূত্র (Binding Tread) :- ওপৰৰ উল্লিখিত বিভাগসমূহৰ গুৰুত্ব নিৰ্ভৰ স্বজনীয় লোকৰ আত্মীয়তাৰ ওপৰত। এই আত্মীয়তাৰ যোগসূত্ৰ নিৰ্ভৰ কৰে অতি আত্মীয়তা নাইবা তেজৰ সম্বন্ধৰ ওপৰত। উদাহৰণস্বৰূপে শহুৰৰ লগত থকা সম্বন্ধ নিৰ্ভৰ কৰে। আত্মীয়তাৰ যোগসূত্ৰ ওপৰত স্বামীৰ ক্ষেত্ৰতে হওক বা স্ত্ৰীৰ ক্ষেত্ৰতে হওক। মুঠতে স্বজনীয়তাৰ মূল ভেটি হ’ল পৰিয়াল বৃক্ষ বংশানুক্রমিক বা পুৰুষানুক্রমিক। 

5. সমসাময়িক ভাৰতত স্বজনীয় পদ্ধতিৰ গুৰুত্বৰ বিষয়ে সংক্ষেপে আলোচনা কৰা।
উত্তৰঃ আধুনিক ভাৰতৰ সমসাময়িক লোকৰ মাজতো স্বজনীয় বান্ধোনৰ গুৰুত্ব কোনো প্ৰকাৰে কম নহয়। কোনো পৰিয়ালৰ বিভিন্ন সমস্যা আৰু সংকটৰ সময়ত বেছিভাগ ভাৰতীয় লোকেই নিজৰ স্বজনীয় লোকৰ ওপৰতহে নিৰ্ভৰশীল হোৱা দেখা যায়। কোনো এজন স্বজনীয় লোকৰ মৃত্যু হ’লে সকলো স্বজনীয় পুৰুষ – মহিলাই মৃত লোকজনৰ পৰিয়ালক সমবেদনা জনায় আৰু ব্যথিত হয়। কোনো এজন ব্যক্তি বিদেশলৈ যাব লগা হ’লে তেওঁ নিজৰ বা কৰা আত্মীয় – স্বজনক যোগাযোগ কৰে আৰু মৰম – চেনেহ জনায়। কোনো লোক নতুন এখন ঠাইলৈ গ’লে তেওঁ সেই নতুন ঠাইত প্ৰথমে নিজৰ স্বজনী লোকৰ ঘৰতহে থাকিবলৈ লয় বা তেনে লোকহে সহায় – সহযোগ বিচাৰে। কোনো পৰিয়ালত বিবাহযোগ্য ল’ৰা বা ছোৱালী থাকিলে, বিবাহৰ প্ৰস্তাৱ নিজৰ আত্মীয় বা স্বজনীয় লোকৰ জৰিয়তেহে অহা বা দিয়া দেখা যায়। মুঠতে স্বজনীয় যোগসূত্ৰৰ গুৰুত্ব পৰিয়ালসমূহৰ মাজত অতি প্রয়োজনীয়। কোনো পৰিয়ালত বিবাহ উৎসৱ আদি অনুষ্ঠিত হ’লে সকলো প্ৰকাৰৰ সহায় – সহযোগ স্বজনীয় লোকৰ জৰিয়তে হোৱা দেখা যায়। দৰা – কইনাক উপহাৰ – উৎসৰ্গা আদি দিয়াৰ ক্ষেত্ৰতো নিজৰ আত্মীয় – স্বজনেই সহযোগ কৰে। মুঠতে সৰহ ভাগ ভাৰতীয় লোকৰ জীৱনৰ সামাজিক আৰু সাংস্কৃতিক আন্তঃগাঁথনি স্বজনীয় লোকৰ দ্বাৰাই গঠিত হয়। জাতি, শ্রেণী, গোষ্ঠী, খেল, ওচৰ – চুবুৰীয়াৰ ভূমিকাও অতি গুৰুত্বপূৰ্ণ। কাৰণ তেনে সমূহবোৰো ব্যক্তিৰ সামাজিক আৰু সাংস্কৃতিক জীৱনত অতি প্ৰয়োজন। অৱশ্যে এইবোৰৰ আগতে ভাৰতীয়সকলে সকলোৰে আগতে সংকট মুহূৰ্তত নিজৰ স্বজনীয় আত্মীয়সকলকহে বিচাৰে।

Leave a Comment

error: Content is protected !!
Scroll to Top