মোৰ দেশ | Chapter 5 | Class 9 Assamese (MIL) - SEBA

মোৰ দেশ | Chapter 5 | Class 9 Assamese – SEBA

মোৰ দেশ | Chapter 5 | Class 9 Assamese Chapter 5 মোৰ দেশ | Class 9 Assamese Question and Answer | Assam Class 9 Assamese Solutions | SEBA Class 9 Assamese Chapter 5 Notes | SEBA Class 9 Assamese Chapter 5 Question and Answer | Questions and Answers for Class 9 Assamese Chapter 5 মোৰ দেশ| Assam Class 9 Assamese Questions and Answers Assam | Class 9 মোৰ দেশ Assamese Question and Answer | Assam Board Class 9 Assamese Chapter 5 মোৰ দেশ


মোৰ দেশ

(হীৰেন ভট্টাচাৰ্য)

অতি চমু প্ৰশ্নোত্তৰ

1. কবিয়ে অৰঙেৰেঙে ফুৰা বুলি কোৱাৰ অৰ্থ কি?
উত্তৰঃ কবিয়ে নিজৰ দেশৰ বাদেও অন্যান্য বহুদেশতেই ভ্রমণ কৰিছে। কিন্তু স্বদেশৰদৰে কবিক কোনো এখন দেশেই আকর্ষণ কৰিব পৰা নাই আৰু কবি নিজেও সেই দেশবোৰৰ বাবে কোনো দিন কোনো চিন্তা কৰা নাই, কোনো আশা কৰা নাই।

2. কবিয়ে অনৈক্যৰ মাজত ঐক্য হৈ থকা বুলি কিয় কৈছে?
উত্তৰঃ ভাৰতবৰ্ষৰ ভিতৰত বহুতো ৰাজ্য আছে। সেই ৰাজ্যবোৰৰ প্ৰত্যেকৰে সুকীয়া সুকীয়া ভাষা, সংস্কৃতি আছে। কাৰো ভাষাৰ লগত কাৰো মিল নাই আৰু বুজিও নাপায়। কিন্তু কবিয়ে যিবোৰ কাম কৰিছে সেইবোৰ সকলো ভাৰতীয়ৰ বাবেই কৰিছে। সেইবাবে তেওঁ ঐক্য সাধন কৰিব পাৰিব বুলি নিজকে বিশ্বাস কৰে।

3. মোৰ দেশ কবিতাটিত কবিয়ে ব্যৱহাৰ কৰা প্ৰতীক বোৰ উল্লেখ কৰা।
উত্তৰঃ সোনোৱালী শইচ ( সোণবৰণীয়া শস্য) অৰঙে-দৰঙে, সাগৰ, খেজুৰ, পাহাৰৰ তলি, পুৱা-সন্ধিয়া, ঋতু, ৰণুৱা, বনুৱা, হালোৱা শান্তিৰ চৰাই ইত্যাদি।

4. কবিয়ে মোৰ দেশ কবিতাটিত নিজক কি বুলি পৰিচয় দিছে?
উত্তৰঃ এগৰাকী সৰ্বহাৰা স্বদেশপ্রেমিক কৰ্মী বুলি পৰিচয় দিছে।

5. কবিয়ে শত্রু-মিত্ৰৰ অন্তৰ কেনেকৈ জিনিছে?
উত্তৰঃ বিশ্বাসেৰে জিনিছে।

6. কবিৰ যাত্ৰাৰ শেষ ক’ত হোৱা বুলি কৈছে?
উত্তৰঃ নিজৰ দেশত। অর্থাৎ বিদেশবোৰ ভ্ৰমণ কৰি কবি যেতিয়া স্বদেশলৈ উভতি আহিল, তেতিয়া সেই দেশবোৰলৈ পুনৰাই কবিৰ যোৱাৰ ইচ্ছা নহল।

7. কবিয়ে মোৰ দেশ বুলি কোনখন দেশৰ কথা কৈছে?
উত্তৰঃ কবিয়ে মোৰ দেশ ভাৰতবৰ্ষৰ কথা কৈছে।

8. কবিৰ চিন্তাই কেনে সাপোন ৰচনা কৰে?
উত্তৰঃ ভৱিষ্যতৰ সোনোৱালী সপোন অর্থাৎ শস্য পথাৰ যেনেকৈ সোনালী বঙেৰে ভৰি পৰে সেইদৰে ভবিষ্যত পৰম সুখৰ বুলি কবিয়ে আশা কৰিছে।

9. কবিয়ে ভৱিষ্যতৰ সুখ কেনেকৈ লাভ কৰাৰ আশা কৰিছে?
উত্তৰঃ দেশৰ উন্নয়নমূলক কামৰ যোগেদি।

10. “দেশে দেশে দেশ আছে’বুলি কবিয়ে কি কৈছে?
উত্তৰঃ পৃথিৱীত বহুতো দেশ আছে; মহাদেশবোৰৰ ভিতৰত বহুতো দেশ আছে। বুলি কৈছে। অর্থাৎ আন লোকৰ দেশ আছে আৰু সেইবোৰে কবিক আনন্দ দিব৷ নোৱাৰে।

11. কবিক স্বদেশে কি কি দিছে?
উত্তৰঃ বুকুৰ উম, ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য আৰু জীৱনৰ নতুন অর্থ

12. ঋতুবিলাকে কবিকে কি দিয়ে?
উত্তৰঃ জীৱনৰ আশীৰ্বাদ। অর্থাৎ ঋতু পৰিবৰ্তনে কবিৰ মনৰ আনন্দৰো পৰিবৰ্তন আনে।

13. কবিয়ে কিয় জীয়াই আছে?
উত্তৰঃ স্বদেশৰ উন্নতিৰ বাবে।

14. কবিয়ে নিজক ক’ত থকা বুলি ভাবে?
উত্তৰঃ ৰণুৱা, বনুৱা, হালোৱাৰ মাজত অৰ্থাৎ দেশৰ কৰ্মীসকলৰ মাজত।

15. হীৰেন ভট্টাচাৰ্যৰ ক’ত জন্ম হৈছিল?
উত্তৰঃ হীৰেন ভট্টাচাৰ্য্যৰ যোৰহাটত জন্ম হৈছিল।

16. হীৰেন ভট্টাচাৰ্য সম্পাদনা কৰা দখন কাকতৰ নাম লিখা।
উত্তৰঃ হীৰেন ভট্টাচাৰ্যই সম্পাদনা কৰা দুখন কাকতৰ নাম হ’ল—
১। “চিত্ৰবন”।আৰু
২। “মনন”।

17. দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে কি লুকাই আনিছে?
উত্তৰঃ দেশৰ প্ৰতিটো পুৱাই কবিৰ বাবে বহন কৰি আনে ঐশ্বৰ্য্যৰ বিপুল সভাৰ।

18. প্ৰতিটো ঋতুৱে কবিক কি দি যায় বুলি কবিতাটোত উল্লেখ কৰিছে?
উত্তৰঃ প্রতিটো ঋতুরে কবিক জীৱনৰ বাবে আশীর্বাদ দি যায় বুলি কবিয়ে কৈছে। অর্থাৎ ঋতু পৰিবৰ্তনে কবিৰ মনৰ আনন্দৰো পৰিবৰ্তন আনে।

চমু প্ৰশ্নোত্তৰ

1. শান্তিৰ চৰাই যুৰিক আঁজলি ভৰাই কবিয়ে কি দিছে?
উত্তৰঃ শান্তিৰ চৰাইযুৰিক কবিয়ে আঁজলি ভৰাই এমুঠি ধান আৰু প্ৰাণৰ এটি গান দিছে। অর্থাৎ কবিয়ে বাঞ্ছা কৰিছে যেন নিৰিবিল শান্তিয়ে তেওঁৰ দেশখন ভাই তোলে। কবি হ’ল শান্তি-প্ৰয়াসী। সাধাৰণতে বিৰোধ, বা যুদ্ধ বিগ্ৰহৰ মাজত কবিতা ৰচনা নচলে। সেই কাৰণে কবিয়ে যুদ্ধ-বিগ্ৰহ নিবিচাৰে, বিৰোধ বা আন্দোলন-সংঘর্ষ আদি নিবিচাৰে। তেওঁ যুদ্ধ-বিগ্রহ বর্জিত, সংঘর্ষ বিহীন শান্ত, শীতল সমাজ এখন বিচাৰে। সেই কাৰণে কবিয়ে তেওঁৰ দেশৰপৰা সকলো সংঘৰ্ষ, সকলো দাঙ্গা-হাঙ্গামা আঁতৰি যোৱাটোকে বাঞ্ছা কৰিছে।

2. অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাবনা হৈ মই আছোঁ। —ব্যাখ্যা কৰা।
উত্তৰঃ এই কবিতা দুশাৰী হীৰেন ভট্টাচাৰ্য্যৰ মোৰ দেশ’ নামৰ কবিতাটোৰ পৰা তুলি দিয়া হৈছে। এই কবিতাশাৰীৰ মাজেৰে কবি দৃষ্টিৰ মহানতা ফুটি। উঠিছে। নিজৰ দেশৰ লগত যে মানুহৰ কি গভীৰতম সম্পর্ক, সেই কথা কবিতাটোৰ মাজেৰে সুন্দৰকৈ ৰূপায়িত হৈছে। কবিৰ কাৰণে দেশখন অতি আপোন, নিজৰ প্ৰাণতকৈও আপোন; গানতকৈও মধুৰ। কবিৰ সকলো কর্ম, সকলো চিন্তা নিজ দেশৰ কাৰণেই নিয়োজিত হৈছে। নিজ দেশৰ চিন্তাই কবিৰ মনত শইচ সোণোয়ালী ভবিষ্যত সপোন ৰচনা কৰে। কবিয়ে ইতিমধ্যে বহু দেশ ভ্ৰমণ কৰি তাৰ সিদ্ধি সিঁয়নিবোৰ চালে; অকলে নহয়, অন্তৰঙ্গ বন্ধুৰ হাতত হাত মিলাই কেতিয়াবা সাগৰৰ পাৰত, কেতিয়াবা খেজুৰৰ তলিত আৰু কেতিয়াবা পাহাৰৰ নামনিত জিৰাই মন খুলি কথা-বতৰা পাতিছে। তাৰ পিছত আকৌ নতুন যাত্ৰা আৰম্ভ কৰিছে। সেই সকলোবোৰ যাত্ৰাৰ পৰিসমাপ্তি ঘটিছে নিজৰ দেশত। এই বুকুৰ উমেই কবিক দিছে ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য্য। তাৰ লগতে দিছে জীৱনৰ নতুন অর্থ। নিজ দেশৰ প্ৰতিটো ৰাতিপুৱাই কবিলৈ বহন কৰি আনে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ। নিজ দেশৰ প্ৰতিটো সন্ধিয়াই কবিক যোগান ধৰে অনেক ফুলৰ স্নিগ্ধ সুবাস। সেই দেশৰ প্ৰতিটো ঋতুৱে কবিক দি যায় জীৱনৰ আশীৰ্বাদ। নিজৰ দেশখনৰ বাবেই জীয়াই থাকিবলৈ তেওঁ মৰণ-পণ কৰিছে। এই দেশৰ ৰণুৱা, বনুৱা, হালোৱাৰ মাজত কবি জীয়াই আছে তেওঁৰ দেশৰ বাবে। ভাৰতৰ অনৈক্যৰ মাজত ঐক্যৰ সৃষ্টি কৰি কবি জীয়াই আছে, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা লৈ কবি জীয়াই আছে দেশৰ কাৰণে৷ যাতে অনৈক্যই মূৰ দাঙি উঠি, বিৰোধ ৰুদ্ৰৰূপ ধাৰণ কৰি ভাৰতৰ সংহতি নষ্ট কৰিব নোৱাৰে তাৰ কাৰণে কবিয়ে সজাগ দৃষ্টি ৰাখি আছে। এই নিজ দেশ ভাৰতবৰ্ষত ঐক্যতকৈ, অনৈক্যৰ পৰিমাণ অধিক, সংহতিতকৈ বিৰোধৰ মাত্ৰাহে অধিক। সেই অনৈক্য আৰু বিৰোধৰ অন্ত পেলাই নিজৰ দেশৰ সংহতি ৰক্ষা কৰিবলৈ কবিয়ে মৃত্যু পণ কৰিছে। তেওঁ নিজ দেশৰ সংহতি যি কোনো প্রকাৰে ৰক্ষা কৰিবই। নিজ দেশৰ সংহতি ৰক্ষা কৰিব পৰাটোৱেই যেন কবিৰ জীৱনৰ সাৰ্থকতা।

READ MORE  সন্মান | Chapter 16 | Class 9 Assamese - SEBA

3. মোৰ দেশ’ কবিতাটোৰ মূলভাৱ লিখা।
উত্তৰঃ কবিৰ দেশ ভাৰতবৰ্ষ তেওঁৰ বাবে প্রাণতকৈ আপোন, স্বর্গতকৈও অধিক ৰমণীয়। সেই কাৰণে এই দেশৰ প্ৰতি তেওঁৰ কৰ্তব্যও অধিক আৰু সেই কর্তব্যবোৰেই তেওঁৰ ভবিষ্যত। পৃথিবীৰ বুকুত থকা দেশবোৰলৈ তেওঁ গৈ নানা ৰং ৰহইছ কৰিলেও পুনৰাই স্বদেশলৈ উভতি আহিবই লাগিব। কাৰণ স্বদেশত প্ৰতিজন মানুহৰে ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য আৰু জীৱনৰ নতুন অর্থ থাকে। ঋতুবোৰে, নতুন বছৰবোৰ কঢ়িয়াই আনে জীৱনৰ আশীৰ্বাদ আৰু নতুন আশা। এই দেশত নানা জাতিৰ, নানা ধৰ্মৰ, নানা শ্রেণীৰ লোকে বাস কৰিছে। প্ৰত্যেকৰে ভাষা- সংস্কৃতি, আচাৰ-নীতি আনকি খাদ্য-খানাৰ মাজতো পার্থক্য। আছে। এই পার্থক্য থকা সত্ত্বেও ভাৰতীয় মানুহৰ মাজত একতা আৰু সংহতি ৰক্ষা কৰিবলৈ কবি জীয়াই থাকিব:কাৰণ তেওঁক তেওঁৰ দেশৰ সকলো লোকে আহ্বান-কৰিছে। কিন্তু ভাৰতীয় মানুহৰ মাজত শান্তিক প্ৰতিষ্ঠা কৰিবলৈ কবিৰ আন্তৰিক মৰম আৰু কেইটামান কবিতাৰ বাহিৰে আন একোৱেই নাই। তথাপি সুখৰ আনন্দৰ কল্পনাৰে কবি আদৰ্শৰ গভীৰতৰ প্ৰদেশলৈ উঠি যায়।

4. মোৰ জীৱনৰ আঁহে আঁহে, মোৰ যৌৱনৰ কোঁহে কোঁহে সেই সপোনৰ কলৰোল। —ব্যাখ্যা কৰা।
উত্তৰঃ এই কবিতা দুশাৰী হীৰেন ভট্টাচাৰ্যৰ ৰচিত কবিতা ‘মোৰ দেশৰ পৰা তুলি দিয়া হৈছে। এই কবিতাংশৰে কবিয়ে তেওঁৰ স্বদেশপ্ৰেমক প্ৰকাশ কৰিছে। কবিৰ বাবে তেওঁৰ দেশ ভাৰতবৰ্ষ অতিকৈ আপোন, প্ৰাণতকৈও বেছি, আপোন আৰু গানতকৈও বেছি মধুৰ। সেইবাবে এই দেশৰ উন্নতিৰ বাবে তেওঁ সদায় কাম কৰে। কৰ্মই মানুহৰ ধর্ম, মানুহে যি কাম কৰে সেই কাম অনুসাৰেহে ফল ভোগ কৰে। কবিয়ে দেশৰ উন্নতিৰ বাবে কাম কৰিছে বা কৰে বাবেই ভৱিষ্যত সুখক আশা কৰিছে। তেওঁ প্ৰতিটো কামৰ বাবে চিন্তা কৰে; কিন্তু সেই চিন্তা কোনো সাধাৰণ চিন্তা নহয়, সি হৈছে জীৱনৰ আঁহে আঁহে সোমাই থকা গভীৰ চিন্তা, যি চিন্তাৰ ফলে তেওঁৰ জীৱন আৰু যৌৱনক আনন্দ দান কৰিব। তেওঁৰ চিন্তাই ভৱিষ্যতৰ সপোনবোৰক দাঙি ধৰে। কবিয়ে সেই সপোনবোৰক বাস্তৱত পৰিণত কৰিবৰ বাবেহে কৰ্ম কৰি গৈছে। কবিয়ে জীৱনৰ আনন্দ বিচাৰি নানা দেশ ভ্ৰমণ কৰিছে, নানা দেশৰ নানা বস্তু আহৰণ কৰিছে। কিন্তু নিজৰ দেশতকৈ সুখৰ ঠাই আৰু ক’তো নাই। স্বদেশৰ বায়ু পানী মাটিয়ে কবিক দিয়ে ভাল পোৱাৰ আনন্দ, যৌবনৰ প্ৰাচুৰ্য আৰু জীৱনৰ নতুন অর্থ। সেই কাৰণেই কবিয়ে তেওঁৰ দেশৰ বাবে জীয়াই আছে, দেশৰ আৰু দেশবাসীৰ কাম কৰিবলৈ জীয়াই আছে।

5. মোৰ দেশ’ কবিতাত কবিয়ে কি কাৰণে জীয়াই থকা বুলি কৈছে, অথবা জীয়াই থকাৰ সার্থকতা কি বুলি দেখুৱাইছে আলোচনা কৰা।
উত্তৰঃ মোৰ দেশ’ কবিতাত কবিয়ে কৈছে যে তেওঁ তেওঁৰ দেশৰ কাৰণে জীয়াই আছে আৰু দেশৰ কাৰণে জীয়াই থাকিবলৈ তেওঁ মৰণ-পণ কৰিছে। কাৰণ তেওঁ নিজৰ দেশখনক খুব ভাল পায়, নিজৰ দেশখন তেওঁৰ প্ৰাণতকৈয়ো আপোন আৰু গানতকৈয়ো মধুৰ। এই দেশৰ বুকুতে তেওঁ শইচ-সোনোৱালী ভবিষ্যতৰ আশাভৰা সপোন দেখিব পাৰে। কবিৰ জীৱনৰ আঁহে আঁহে যৌৱনৰ কোহে কোহে সেই সপোনবোৰেই ব্যাপ্ত হৈ আছে। নিজৰ দেশখন যে পৃথিবীৰ কতো তুলনা নোপোৱা’ সেই কথা কবিয়ে প্ৰত্যক্ষভাৱে কোৱা নাই। কিন্তু পৰোক্ষ ইঙ্গিতেৰে বুজাইছে যে তেওঁৰ দেশখনেই পৃথিৱীৰ সমগ্ৰ দেশৰ ভিতৰতেই সৰ্বশ্রেষ্ঠ। তেওঁ তাৰ ব্যক্তিগত অভিজ্ঞতা সংগ্ৰহ কৰিছে৷

তেওঁ বিভিন্ন দেশৰ অৰঙে-দৰঙে’ঘূৰিলে। অকলেও ঘূৰি ফুৰা নাই। অন্তৰঙ্গ বন্ধুৰ লগত হাতত হাত মিলাই বিভিন্ন ঠাইত জিৰাইছে— কেতিয়াবা সাগৰৰ পাৰত, কেতিয়াবা মৰুভূমিত আৰু কেতিয়াবা পাহাৰৰ পাদমূলত৷ তাৰ পিছত আকৌ নতুন যাত্ৰা আৰম্ভ কৰিছে। সেই সকলোবোৰ যাত্ৰাৰ শেষ হৈছে আহি নিজৰ দেশতহে। তাৰ মানে কবিয়ে বিভিন্ন দেশ চাই জিৰাইছে, ফুৰিছে, যাত্ৰাৰ শেষ কৰিব খোজা নাই; আকৌ যাত্ৰা আৰম্ভ কৰিছে, যাত্ৰাৰ পৰিসমাপ্তি ঘটিছে নিজৰ দেশত আহি। গতিকে কবিয়ে ব্যক্তিগত অভিজ্ঞতাৰ পৰা দেখুৱাই দিলে যে পৃথিৱীৰ বিভিন্ন দেশৰ ভিতৰত কবিৰ দেশ শ্রেষ্ঠ।

নিজৰ দেশখনক—ভাৰতবৰ্ষক ভালপোৱাৰ কাৰণ হিচাবে ভট্টাচার্য কবিয়ে কৈছে, যে এই দেশৰ উমে তেওঁক দিছে ভালপোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য্য আৰু জীৱনৰ নতুন অৰ্থ৷ এই দেশৰ প্ৰতিটো পুৱাই কবিৰ কাৰণে বহন কৰি আনে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ। আৰু প্ৰতিটো সন্ধিয়াই বৈ আনে স্নিগ্ধফুলৰ সুৱাস। প্ৰতিটো ঋতুই কবিক দি যায় জীৱনৰ আশীৰ্বাদ।

ৰণুৱা, বনুৱা হালোৱা—সকলোৰে মাজত কবি আছে তেওঁৰ দেশৰ কাৰণে। অর্থাৎ তেওঁৰ দেশৰ কাৰণে কবিয়ে ৰণুৱাৰ লগতে ৰণ কৰিছে, বনুৱাৰ লগতে বন কৰিছে আৰু হালোৱাৰ লগতো হাল বাইছে। দেশৰ মাজত যদি অনৈক্য। আছে, কবিয়ে হৈছে তাত ঐক্যৰ প্ৰতীক, বিৰোধ যদি আছে কবিয়ে হৈছে তাত সংহতিৰ সম্ভাৱনা।

READ MORE  গীত আৰু ছবি | Chapter 3 | Class 9 Assamese - SEBA

কবিয়ে জীৱনে-মৰণে, শয়নে-সপোনে দেশৰ আহ্বান শুনিছে। তেওঁৰ দেশত থকা শত্রু-মিত্র সকলোকে তেওঁ চিনি পাইছে আৰু মিত্ৰ সকলৰ অন্তৰততা জিনিছেই, শত্রু সকলৰ অন্তৰৰ কবিয়ে বিশ্বাসেৰে জিনিছে। অর্থাৎ কবি শত্ৰুৰো প্রীতিভাজন হ’ব পাৰিছে। শান্তিৰ চৰাইযুৰিক কবিয়ে আঁজলি ভৰাই ভঁৰালৰ পৰা এমুঠি ধান দিছে আৰু দিছে পৰাণৰপৰা একোটি গান। তাত বাহিৰে সৰ্বহাৰা কবিততা দিবলৈ আৰু একো নাই।কবিয়ে গোটেই জীৱন ধৰি দেশৰ চিন্তাই কৰি আহিছে, দেশৰ মঙ্গল কামনাই কৰি আহিছে। সেই কাৰণেই কবিয়ে জীয়াই আছে আৰু তাতেই বিচাৰি পাইছে জীৱনৰ সাৰ্থকতা।

6. কবিতাটোত কবিৰ দেশপ্ৰেমৰ স্বৰূপ কেনেদৰে প্ৰকাশ পাইছে, বুজাই লিখা।
উত্তৰঃ স্বদেশপ্রীতিক মূল উপজীৱ হিচাপে লৈ ৰচিত ‘মোৰ দেশ’ কবিতাৰ ছত্রে ছত্রে অনুৰণিত হৈছে স্বদেশ প্ৰেমৰ ধ্বনি আৰু দেশপ্ৰেমৰ একো একোখন প্রস্ফুটিত ছবি। স্বদেশ প্রেমত হিয়া উথলি উঠা কবিয়ে তেওঁ ওপজা দেশখনক প্ৰাণৰো প্ৰাণৰ, গানৰো গানৰ বুলি অভিহিত কৰাৰ মাজেদি তেওঁৰ স্বদেশ যে তেওঁৰ প্ৰাণ বা জীৱনতকৈয়ো অধিক আপোন সেই ভাব স্পষ্ট ৰূপত প্ৰকাশ পাইছে। কাৰণ কবি ওপজা দেশখনতহে তেওঁৰ কাম আৰু চিন্তা বাস্তৱত ৰূপায়িত হয় আৰু এই দেশতে তেওঁ জীৱনৰ ভৱিষ্যতৰ সোণালী সপোন ৰচাৰ সমল আৰু অৱকাশ পায়। তেওঁ পৃথিৱীৰ নানা দেশতে ঘূৰিছে। ভিন ভিন দেশৰ ভিন ভিন মানুহৰ সৈতে ভাব- বিনিময় কৰিছে যদিও কবিৰ মনত তেওঁ ওপজা দেশখনৰ দৰে মৰমৰ দেশ, আপোন দেশ তেওঁ আৰু কতো বিচাৰি পোৱা নাই। তেওঁ ওপজা দেশখনৰ লোকৰ দৰে কোনো মানুহক তেওঁৰ আপোন যেন লগা নাই। এই দেশতে কবিয়ে লাভ কৰে ভালপোৱাৰ আনন্দ আৰু যৌৱনৰ প্ৰাচুৰ্য। এই দেশৰ প্ৰতিটো পুৱাই কবিৰ সন্মুখত তুলি ধৰে ঐশ্বৰ্যৰ বিপুল সম্ভাৰ। সেয়ে এনে এখন দেশৰ বাবে জীয়াই থাকিবলৈ কবিয়ে মৰণ পণ কৰিছে। কবিতাটোত প্ৰকাশিত এনে চিন্তা ভাৱনাসমূহৰ মাজেদিয়ে কবিৰ স্বদেশ প্ৰীতিৰ স্বৰূপ উদ্ভাসি উঠিছে।

7. কবিতাটিত বর্ণিত কথাখিনি তোমাৰ ভাষাৰে লিখা ৷
উত্তৰঃ মোৰ দেশখন কবিৰ কাৰণে অতিকৈ আপোন, কবিৰ প্ৰাণৰো প্ৰাণৰ, গানৰো গানৰ। কবিৰ প্ৰতিটো কামে, প্রতিটো চিন্তাই তেওঁৰ দেশৰ ভৱিষ্যতৰ। শ‍ইচ সোনোৱালী সপোন ৰচনা কৰে। কবিৰ জীৱনৰ আঁহে আঁহে, তেওঁৰ যৌৱনৰ কোঁহে কোঁহে সেই সপোন তলবলাই উঠে।

পৃথিৱীৰ বুকুত বিভিন্ন দেশ আছে। এনে বহু দেশৰ অলিয়ে গলিয়ে কবিৰে ঘূৰি ফুৰিছে। বহুত বন্ধুৰ লগত হাতত ধৰা ধৰিকৈ ঘূৰি ফুৰিছে—কেতিয়াবা সাগৰ পাৰত, কেতিয়াবা খেজুৰৰ তলিত, অথবা পাহাৰ-তলিত ক্ষন্তেক জিৰাইছে। বন্ধুৰ লগত প্ৰাণ খুলি কথা বতৰা পাতিছে। তাৰ পিছতে আকৌ নতুন যাত্ৰা আৰম্ভ কৰিছে।

তেনে যাত্ৰাৰ শেষ কবিৰ দেশ। যি দেশৰ বুকুৰ উমে দিছে কবিক ভাল পোৱাৰ আনন্দ, যৌৱনৰ প্ৰাচুৰ্য্য, জীৱনৰ নতুন অৰ্থ। এই দেশৰ প্ৰতিটো ৰাতিপুৱাই কবিলৈ বহন কৰি আনে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ। প্ৰতিটো সন্ধিয়াই তেওঁলৈ বহন কৰি আনে ফুলৰ অপূৰ্ব সুৰভি। প্ৰতিটো ঋতুই কবিক দি যায় জীৱনৰ আশীৰ্বাদ।

এই দেশখনৰ কাৰণেই কবিয়ে একান্তভাৱে জীয়াই আছে। এই দেশখনৰ কাৰণে জীয়াই থাকিবলৈ তেওঁ মৃত্যু-পণ কৰিছে। কবিয়ে সকলোৰে মাজত আছে—ৰণুৱা, বনুৱা, হালোয়া সকলোৰে মাজত তেওঁৰ দেশৰ কাৰণে তেওঁ আছে। কবিয়ে বিৰাজ কৰিছে অনৈক্যৰ মাজত ঐক্য হৈ, বিৰোধৰ মাজত সংহতিৰ সম্ভাৱনা লৈ। কবিয়ে জীৱনে-মৰণে, শয়নে-সপোনে তেওঁৰ দেশৰ আহ্বান শুনিছে। শত্রু-মিত্র নির্বিশেষে সকলোকে তেওঁ চিনি পাইছে, সিহঁতৰ অন্তৰ কবিয়ে বিশ্বাসেৰে জিকিছে। শান্তিৰ চৰাইযুৰিক কবিয়ে আঁজলি ভৰাই দিছে ভঁৰালৰ এমুঠি ধান আৰু প্ৰাণৰ একোটি গান।

ইয়াৰ বাহিৰততা দিবলৈ কবিৰ আৰু একো নাই। সেই দেশত কবিৰ সপোনৰ উল্লাস তৰঙ্গই তেওঁক লৈ যায় গভীৰৰ পৰা গভীৰতৰলৈ, আদৰ্শৰ কঠিন পর্বত মূললৈ৷

8. তলত দিয়া বাক্যাংশবোৰ কি কি অৰ্থত ব্যৱহৃত হৈছে আলোচনা কৰি দেখুওৱা।
(ক) শইচ-সোনোৱালী
(খ) সপোনৰ কলৰোল
(গ) অৰঙে-দৰঙে
(ঘ) ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ
(ঙ) জীবনৰ আশীৰ্বাদ
(চ) সংহতিৰ সম্ভাৱনা
(ছ) শান্তিৰ চৰাইযুৰি।

উত্তৰঃ (ক) শইচ-সোনোৱালীঃ শই-সোনোৱালী শব্দটোৱে পকা ধাননি পথাৰৰ চিত্ৰ মনৰ মাজত ফুটাই তোলে। কবিৰ নিজৰ দেশখন হ’ল কৃষিজীৱী মানুহৰ দেশ। বিভিন্ন খেতিৰ ভিতৰত ধানৰ খেতিয়ে প্রধান। উজ্জ্বলতা কথাটো বুজাবলৈ গৈ কবিয়ে শ‍ইচ- সোনোৱালীশব্দটো ব্যৱহাৰ কৰাত কবিয়ে তেওঁৰ দেশৰ কষিজীৱী ৰাইজৰ লগত কিমান ঘনিষ্ঠভাবে জড়িত সেই কথাটো ওলাই পৰিছে। শইচ সোনোৱালী’ শব্দটোত আশাবাদৰ পৰশ এটাও নথকা ন হয়। কৃষকসকলৰ আশা ভৰসাৰ থলি হ’ল শস্য- পথাৰ। সেই আশাবাদেই কবিকো প্ৰভাৱান্বিত কৰিছে। তেওঁ ও ভবিষ্যতৰ আশাবাদী সপোন দেখিছে।

(খ) সপোনৰ কলৰোলঃ ইয়াৰ অৰ্থ সপোনৰ উকমুকনি লগা বুলিব পাৰি। স্কুলীয়া অনুষ্ঠানবোৰত ল’ৰাবোৰ আহি উপস্থিত হোৱাৰ লগে লগে কলৰোল লাগি পৰে। সেই কলৰোল লগা অৱস্থাত কাৰো মাত কোনেও বুজি নোপোৱা অৱস্থা হয়। তেনেকৈ কবিৰ মনোজগততো ইমানবোৰ সপোনৰ সমাবেশ হৈছে। যে তাৰ ভিতৰত কোনটো সপোন কি ধৰণৰ, ধৰিব নোৱাৰা অৱস্থা হৈছে। সপোনৰ কলৰোল’ অভিব্যঞ্জনাৰ দ্বাৰা কবিয়ে মনৰ মাজৰ বিশৃঙ্খল অৱস্থা এটা সুন্দৰকৈ ফুটাই তুলিছে।

(গ) অৰঙে-দৰঙেঃ কবিয়ে বিভিন্ন দেশ ভ্রমণ কৰিছে আৰু সেই দেশবোৰৰ অৰঙে-দৰঙে ফুৰিছে। অর্থাৎ সেই দেশৰ কোনো ঠাইকে ব দিয়া নাই। পাহাৰৰ শিখৰে হ’ক বা বিলৰ বুকুৰে হ’ক, কবিয়ে যাবলৈ বাদ দিয়া নাই। অর্থাৎ দেশখন পাট পাটকৈ ঘূৰিছে। সেই দেশৰ কোনো বস্তু কবিৰ দৃষ্টিৰ পৰা বাদ পৰি যোৱা নাই। মস্ত প্ৰকাণ্ড বস্তুৰ পৰা একেবাৰে সূক্ষ্ম বস্তুলৈ সকলোকে তেওঁ নিৰীক্ষণ কৰিছে। অৰঙে দৰঙে শব্দটোৱে আন্তৰিকতাৰে অৱলোকন কৰা কথাটোৰ অৰ্থ সূচীত কৰিছে।

READ MORE  যুঁজ | Chapter 11 | Class 9 Assamese - SEBA

(ঘ) ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰঃ কবিৰ দেশৰ প্ৰতিটো পুৱাই কবিলৈ বহন কৰি আনে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ। জীয়াই থকাৰ সম্বল বুলিব পাৰি৷ প্ৰতিটো পুৱাই যেন তেওঁ নতুন উচাহত, নতুন উদ্যমত জীৱন-পথত আগুৱাই যাব খোঁজে। সেই কাৰণেই কবিয়ে তেওঁৰ নিজৰ দেশক ভাল পায়। কবিয়ে কিমানবোৰ বিভিন্ন দেশত ঘূৰি ফুৰিলে, অন্তৰঙ্গ বন্ধুৰ সৈতে হাতত ধৰা-ধৰিকৈ মনখুলি কথা পাতি কিমান ঠাইত জিৰালে—কেতিয়াবা মৰুভূমিৰ খেজুৰ তলিত আৰু কেতিয়াবা পাহাৰৰ পাদমূলত। কিন্তু আকৌ নতুন যাত্ৰাহে আৰম্ভ কৰিছে আৰু সকলো যাত্ৰাৰ শেষ হৈছে আহি নিজৰ দেশত। নিজ দেশৰ ৰাতিপুৱাই কবিৰ মনত যি আবেশৰ সৃষ্টি কৰে, আন দেশত সেইটো পোৱা নাযায়। সেই কাৰণেই তেওঁ ঘূৰি ঘূৰি নিজ দেশলৈ উভতি আহিছে।

(ঙ) জীৱনৰ আশীৰ্বাদঃ জীয়াই থকাৰ স্নেহাশীষ। জন্মভূমিয়ে হ’ল আমাৰ জননী। জননীৰ স্নেহাশীষ সদায় পুত্ৰৰ মূৰৰ ওপৰত বৰ্ষিত হয়। জন্মভূমিৰৰ স্নেহাশীষ তেনেকৈ দেশত বাস কৰা প্ৰতিজন লোকৰ শিৰতে নিপতিত হয়। জন্মভূমিৰ সেই স্নেহাশীষ লৈয়েই মানুহে জীৱন-পথত আগবাঢ়ি যাবলৈ নতুন শক্তি লাভ কৰে। সেই কথাটোকে কবিয়ে মর্মে মর্মে উপলব্ধি কৰিছে যে তেওঁৰ দেশৰ প্ৰতিটো ঋতুৱে তেওঁক দি যায় জীৱনৰ আশীৰ্বাদ। কেৱল কবি বুলিয়ে নহয়, দেশৰ সকলোবোৰ অধিবাসীৰ ওপৰতে জন্মভূমিৰ সেই স্নেহার্শীবাদ নিপাতিত হয়। সেই কাৰণেইতো প্ৰত্যেকৰে নিজৰ দেশৰ লগত নিবিড় সম্পর্ক থাকা উচিত। সেই আদর্শটোকে কবিয়ে অতি সুন্দৰভাৱে উপস্থাপন কৰিছে।

(চ) সংহতিৰ সম্ভাৱনাঃ মিলনৰ আগজাননী। কবিয়ে প্রত্যক্ষভাৱে উল্লেখ কৰা নাই যদিও তেওঁৰ দেশখন ভাৰত, ঘোৰ অনৈক্য, বিৰাট বিৰোধেৰে পৰিপূৰ্ণ। তাৰ কাৰণে দেশবাসীৰ মাজত নানা সংঘৰ্ষও সংঘটিত হৈ আছে। জাতিৰ নামত, ভাষাৰ নামত, ধৰ্মৰ নামত কিমান মানুহে যে মৃত্যুৰ মুখত পৰিবলগীয়া হৈছে সেই সম্পর্কে কবি অবিদিত নহয়। সেই কাৰণেই তেওঁ অনৈক্যৰ মাজত ঐক্যবদ্ধ হব বিচাৰিছে আৰু বিৰোধৰ মাজত সংহতিৰ সম্ভৱনা দেখিছে। কবিয়ে কবি-মনেৰে বাঞ্ছা কৰে যে সকলো ধৰণৰ বিৰোধ তেওঁৰ দেশৰ পৰা আঁতৰি যাওঁক আৰু সংহতিত দেশ একগোট হওঁক।

(ছ) শান্তিৰ চৰাইযুৰিঃ কবি সকল হ’ল শান্তি-প্ৰয়াসী। সাধাৰণতে বিৰোধ, বা যুদ্ধ- বিগ্ৰহৰ মাজত কবিতা ৰচনা নচলে। সেই কাৰণে কবিসকলে যুদ্ধ-বিগ্রহ নিবিচাৰে, বিৰোধ বা আন্দোলন-সংঘৰ্ষ আদি নিবিচাৰে। তেওঁলোকে যুদ্ধ-বিগ্রহ বর্জিত, সংঘর্ষ- বিহীন শান্ত, শীতল সমাজ এখন বিচাৰে। সেই কাৰণে কবিয়েও তেওঁৰ দেশৰপৰা সকলো সংঘর্ষ, সকলো দাঙ্গা-হাঙ্গামা আঁতৰি যোৱাটোকে বাঞ্ছা কৰিছে আৰু শান্তিৰ চৰাইযুৰিক আঁজলি ভৰাই এমুঠি ধান আৰু প্ৰাণৰ এটি গান দিছে। অর্থাৎ কবিয়ে বাঞ্ছা কৰিছে যেন নিৰিবিল শান্তিয়ে তেওঁৰ দেশখন ভৰাই তোলে।

9. মোৰ দেশ’ কবিতাটোতে কবিয়ে নিজৰ দেশ খনক কি কাৰণে ভাল বুলি কৈছে, আলোচনা কৰি দেখুৱা।
উত্তৰঃ মোৰ দেশ’ কবিতাটোৰ মাজেৰে কবিয়ে নিজৰ দেশৰ উৎকৰ্ষতা নিৰূপণ কৰিছে। অৱশ্যে তেওঁ তেওঁৰ দেশখন ভাল বুলি প্ৰত্যক্ষভাৱে কবলৈ যোৱা নাই৷ তাৰ সলনি পৰোক্ষ পদ্ধতিহে অবলম্বন কৰিছে। তেওঁ বিভিন্ন দেশ ভ্ৰমণ কৰিবলৈ গৈছে, নানা দেশৰ অৰঙে-দৰঙে ঘূৰিছে। অকলেও ঘূৰা নাই, অন্তৰঙ্গ বন্ধুৰ লগত, মনখুলি কথা পাতি বিভিন্ন ঠাইত জিৰাইছে—কেতিয়াবা সাগৰৰ পাৰত, কেতিয়াবা খেজুৰৰ তলিত, কেতিয়াবা পাহাৰৰ পাদমূলত। কিন্তু তাৰ পিছত আকৌ নতুন যাত্ৰা আৰম্ভ কৰিছে। সেই সকলোবোৰ যাত্ৰাৰ শেষ হ’ল তেওঁৰ নিজৰ দেশ পাই। তাৰ মাজেৰে কবিয়ে এইটো কথাকে প্রতিপাদন কৰিছে যে তেওঁ পৃথিৱীৰ বিভিন্ন দেশ ঘূৰি ফুৰিলেও কতো শান্তি নাপালে, শান্তি পালে আহি নিজৰ দেশ ভাৰততহে। তেওঁৰ নিজৰ দেশক ভালোপোৱাৰ কাৰণ হ’ল সেই দেশৰ উমে তেওঁক দিছে। ভালপোৱাৰ আনন্দ, যৌবনৰ প্ৰাচুৰ্য্য, জীৱনৰনতুন অর্থ। কাৰণ, সেই দেশৰ প্ৰতিটো পুৱাই তেওঁলৈ বহন কৰি আনে ঐশ্বৰ্য্যৰ বিপুল সম্ভাৰ। প্ৰতিটো সন্ধিয়াই লৈ আহে ফুলৰ স্নিগ্ধ সুৱাস আৰু প্ৰতিটো ঋতুৱে কবিক দি যায় জীৱনৰ আশীৰ্বাদ। সেই কাৰণেই কবিয়ে তেওঁৰ দেশক ইমান ভাল পায়।

নিজৰ দেশখনক সিমানকৈ ভালপোৱা কাৰণেই কবিয়ে পৃথিৱীৰ বিভিন্ন দেশত ঘূৰিছে, অন্তৰঙ্গ বন্ধুৰ সৈতে মনৰ কথা পাতি বিভিন্ন ঠাইত জিৰাইছে, তথাপি কবিয়ে শান্তি পোৱা নাই। পুনৰ নতুন যাত্ৰা আৰম্ভ কৰি যাত্ৰাৰ শেষ কৰিছে আহি নিজৰ দেশত। নিজৰ দেশৰ সেই মাধুর্য সেই আপোনত্ব ইমান সুন্দৰকৈ কবিয়ে কবিতাটোৰ মাজেৰে ফুটাই তুলিছে যে তাৰ সীমা নাই। হীৰেন ভট্টাচাৰ্যৰ দৰে এনে সুৱদী সুৰীয়াকবি অসমীয়া সাহিত্যত আৰু দ্বিতীয় এজন নাই। তেওঁৰ নিজ দেশৰ প্ৰতি থকা গভীৰ ভালপোৱা কেইজনে ইমান প্ৰাণস্পর্শীভাৱে ফুটাই তুলিব পাৰে? বোধহয় কোনেও নোৱাৰে। কবিয়ে হাড়ে হিমজুৱে, প্ৰতিটোপা বুকুৰ তেজেৰে দেশক ভাল পায় আৰু তেওঁৰ সেই নির্ভেজাল ভালপোৱাটোৱে অন্তৰপৰশা কৰি প্ৰকাশ কৰিছে। তথাপি নিজৰ জৰিয়তে তেওঁ মানুহক এটা আদৰ্শ দেখুৱাইছে যে প্রতিজন দেশবাসী লোকেই তেনে নিস্পৃহ, নিস্বার্থ নির্ভেজালভাৱে নিজৰ দেশখনক ভালপোৱাটো উচিত। কবিয়ে অৱশ্যে আনক ভালপাবলৈ আহ্বান নকৰি বা উপদেশ নিদি নিজৰ কাৰ্য্যৰ মাজেৰে তাৰ প্ৰকাশ কৰিছে। কাৰণ উপদেশতকৈ আদৰ্শৰ মূল্য অধিক। সেই কাৰণে তেওঁ উপদেশ নিদি দেশ-প্ৰেমৰ আদৰ্শ দেখুৱাইছে। সেই আদর্শ দেখুৱাবলৈ যাওঁতেই কবিৰ মহত্ত্ব ফুটি ওলাইছে।

ভাষা বিষয়ক

1. সমার্থক শব্দ লিখা।  —দেশ, কাম, কলৰোল, সাগৰ, সপোন, বন্ধু, শেষ, সম্ভাৰ, শইচ, বুকু, তৰংগ, কল্লোল। 
উত্তৰঃ

শব্দসমার্থক শব্দ
দেশপৃথিৱীৰ ওপৰ ভাগৰ এক খণ্ড, এজন ৰজাৰ শাসনাধীন। পৃথিৱীৰ অংশ, ৰাজ্য, স্থান।
কামকর্ম, বন
কলৰোলকলৰব, শব্দ
সাগৰসমুদ্র, জলধি
সপোনস্বপ্ন
বন্ধুসুহৃদ, বান্ধৱ
শেষঅন্ত
সম্ভাৰউপকৰণ, উপচাৰ
শইচশস্য
বুকুহৃদয়
তৰংগটৌ
কল্লোলশব্দ

2. বিপৰীতার্থক শব্দ লিখা। —সপোন, দেশ, জীৱন, পাহাৰ, ঐক্য, সংহতি, শয়ন, বিশ্বাস, শত্রু।
উত্তৰঃ

শব্দবিপৰীতার্থক শব্দ
সপোনবাস্তৱ
দেশবিদেশ
জীৱনমৃত্যু
পাহাৰভৈয়াম
ঐক্যঅনৈক্য
সংহতিবিচ্ছিন্নতা
শয়নজাগ্রত
বিশ্বাসঅবিশ্বাস

Leave a Comment

error: Content is protected !!
Scroll to Top