যুঁজ | Chapter 11 | Class 9 Assamese (MIL) - SEBA

যুঁজ | Chapter 11 | Class 9 Assamese – SEBA

যুঁজ | Chapter 11 | Class 9 Assamese Chapter 11 যুঁজ | Class 9 Assamese Question and Answer | Assam Class 9 Assamese Solutions | SEBA Class 9 Assamese Chapter 11 Notes | SEBA Class 9 Assamese Chapter 11 Question and Answer | Questions and Answers for Class 9 Assamese Chapter 11 যুঁজ| Assam Class 9 Assamese Questions and Answers Assam | Class 9 যুঁজ Assamese Question and Answer | Assam Board Class 9 Assamese Chapter 11 যুঁজ


যুঁজ

(ড° মৃণাল কলিতা)

অতি চমু প্ৰশ্নোত্তৰ

1. সিদ্ধাৰ্থই পেঞ্চিলবক্সত কি সাঁচি থৈছিলে?
উত্তৰঃ দেউতাকে দিয়া চকলেটৰ কাগজবোৰ সাঁচি থৈছিল।

2. লিখক ড° মৃণাল কলিতাৰ জন্মস্থান কত?
উত্তৰঃ কামৰূপ (গ্ৰাম্য) জিলাৰ বামুন্দীত।

3. নিৰ্মলে কিয় বহুদিনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল?
উত্তৰঃ নিৰ্মলে এক জটিল ৰোগৰ চিকিৎসা কৰিবলৈ বহুদিনৰ বাবে বাহিৰলৈ যাবলগীয়া হৈছিল।

4. ড° মৃণাল কলিতাৰ গল্প-উপন্যাসৰ মূল বিষয়বস্ত কি?
উত্তৰঃ সমাজৰ নানা ঘটনা আৰু ব্যক্তি জীৱনৰ নানা দ্বন্দ্ব হৈছে তেওঁৰ গল্প তেওঁৰ উপন্যাসৰ মূল বিষয়বস্তু।

5. কাৰ বেগৰ পৰা টকা চুৰ হৈছিল?
উত্তৰঃ প্ৰশান্তৰ বেগৰ পৰা টকা চুৰ হৈছিল।

6. কি ভালপোৱা মানুহ কেতিয়াও নিঃস্ব নহয়?
উত্তৰঃ পাহাৰ-পৰ্বত, নৈ-নিজৰা, মূৰৰ ওপৰৰ আকাশ, জোন-বেলি-ত – এইবোৰ ভালপোৱা মানুহ কেতিয়াও নিঃস্ব নহয়।

7. সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষক গৰাকীৰ নাম কি?
উত্তৰঃ সিদ্ধাৰ্থহঁতৰ শ্ৰেণী শিক্ষক গৰাকীৰ নাম মহেন্দ্ৰ মাষ্টৰ।

8. লেখক মানুহৰ জীৱনটোক কিহৰ লগত তুলনা কৰিছে?
উত্তৰঃ লেখকে মানুহৰ জীৱনটোক এখন যুঁজৰ লগত তুলনা কৰিছে। প্ৰত্যেক মানুহৰেই জীৱনটো এখন যুঁজ। সকলোৱেই খুঁজে। মাথো প্ৰত্যেকৰে যুঁজবো বেলেগ বেলেগ হয়।

9. নিৰ্মলে কাক বিচাৰি পাণ দোকানখনলৈ গৈছিল?
উত্তৰঃ নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি পাণ দোকানখনলৈ গৈছিল।

চমু প্ৰশ্নোত্তৰ

1. ড° কলিতাৰ পাঁচখন গ্ৰন্থৰ নাম লিখা।
উত্তৰঃ ১। বকুল ফুলৰ দৰে (উপন্যাস)।
২। অনুশীলন’ (গল্প)।
৩। মৃত্যুৰ সিপাৰে (গল্প)।
৪। গণিতৰ বৰ্ণিল জগত (গণিত বিষয়ক ৰচনাৰ পুথি)।
৫। অযান্ত্ৰিক অনুশীলন (গল্প) আদি গ্ৰন্থ উল্লেখযোগ্য।

2. সিদ্ধাৰ্থই কিয় প্ৰশান্তৰ বেগৰ পৰা পইচা চুৰ কৰিছিল?
উত্তৰঃ পিতৃ-মাতৃৰ অৱহেলাত সিদ্ধাৰ্থ সম্পূৰ্ণ নিঃসঙ্গ হৈ পৰিছিল। একাকীত্বই তাক খুলি খুলি খাইছিল। সেই পৰিস্থিতিৰ পৰা ৰেহাই পাবলৈ সিদ্ধাৰ্থই ড্ৰাগছ খাবলৈ লৈছিল। কিন্তু ড্ৰাগছ কিনিবলৈ টকা ক’ত পাব? সেয়ে সি চুৰ কৰিবলৈ লৈছিল। সমনীয়াৰ বেগৰ পৰা, মাকৰ বেগৰ পৰা লাহে লাহে সি চুৰ কৰিবলৈ লৈছিল। ড্ৰাগছ কিনিবলৈ টকাৰ প্ৰয়োজনত সি প্ৰশান্তৰ বেগৰ পৰা টকা চুৰ কৰিছিল।

3. সিদ্ধাৰ্থই কিয় নিঃসংগতা অনুভব কৰিছিল?
উত্তৰঃ সিদ্ধাৰ্থৰ পিতৃ-মাতৃ তেওঁলোকৰ মাজৰ কাজিয়া-পেচালত লিপ্ত আছিল। তেওঁলোকৰ মাজত সংঘাট ইমানেই বৃদ্ধি হৈছিল সে সিদ্ধাৰ্থক চাবলৈ কাৰো সময় নাছিল। বুজা হোৱা বয়সৰপৰাই সিদ্ধাৰ্থই দেখিছিল মাক-বাপেকৰ প্ৰচণ্ড কাজিয়া, তীণ গালি-গালাজ। মাকৰ পক্ষ লব নে দেউতাকৰ পক্ষ লব? সেই প্ৰশ্নৰ উত্তৰ সি বিচাৰি পোৱা নাছিল। অকলশৰে চিন্তা ভাবনাত তাৰ উজাগৰ ৰাতি পাৰ হৈছিল। সি নিজকে নিঃস্ব, নিঃসংগ অনুভব কৰিছিল।

4. কি কি কাৰণত সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল?
উত্তৰঃ বুজা হোৱা বয়সৰ পৰাই সিদ্ধাৰ্থই দেখিছিল মাক-বাপেকৰ দুবাদল কাজিয়া। প্ৰচণ্ড গালি-গালাজত সিদ্ধাৰ্থই ভাবি পোৱা নাছিল কাৰ পক্ষ লব বুলি। তাৰ কোমল মনটো ভাগি চুচুমে হৈছিল। ৰাতিবোৰ সি কান্দি কান্দি পাৰ কৰি দিছিল। কিন্তু তাৰ চকুপানী মচিবলৈ তাৰ কাষলৈ মাক বা দেউতাক কোনেও যোৱা নাছিল।

এদিন দেউতাকে তেওঁলোকক এৰি থৈ কৰবালৈ গুচি গৈছিল। সি যেন একেবাৰে অকলশৰীয়া হৈ পৰিছিল।

সিদ্ধাৰ্থই স্কুল চুটিৰ পিছত য’ত-ত’ত অনাই বনাই ঘূৰি পলমকৈ ঘৰ সোমাইছিল। লাহে লাহে তাৰ স্কুলতো মন নবহা হৈছিল। তাৰ জীৱনটো বঠা নোহোৱা নাৱৰদৰে হৈছিল। সেইসময়তে তাৰ পাণদোকানীটোৰ লগত চিনাকি হৈছিল। দোকানীজনে তাৰ হাতত এটা চিগাৰেট তুলি দিছিল। লাহে লাহে সেই চিগাৰেট সি এৰিব নোৱাৰা হৈছিল। এনেবোৰ পাৰিবাৰিক কাৰণতে সিদ্ধাৰ্থ নিচাসক্ত হৈ পৰিছিল।

5. সিদ্ধাৰ্থই কিয় নিঃসংগতাত ভুগিছিল বুজাই লিখা।
উত্তৰঃ বুজা হোৱাৰে পৰা সিদ্ধাৰ্থ মাক দেউতাকৰ দুৰ্ব্বাদল কাজিয়াৰ সাক্ষী হৈছিল। পাৰিবাৰিক কন্দলৰ বলি হৈছিল সিদ্ধাৰ্থ। তাৰ প্ৰতি মাক-দেউতাকৰ কোনো ভ্ৰুক্ষেপ নাছিল। গালি-গালাজ, চিঞৰ-বাখৰৰ মাজত সি চাই ৰৈছিল মাক- দেউতাকৰ ফালে। কিন্তু তেওঁলোকৰ কোনো এজনেও তাক বুজিবলৈ চেষ্টা কৰা নাছিল। তাৰ মনৰ মাজত সি অকলে যুঁজিছিল, কাৰ পক্ষ লব সি? মাক-নে দেউতাকৰ? তাৰ কোমল হৃদয়খনে মাথো মনে মনে কান্দিছিল। কান্দি কান্দি। সিদ্ধাৰ্থৰ নিশাবোৰ উজাগৰে পাৰ হৈছিল। কিন্তু চকুপানী মচিবলৈ তাৰ কাষত কোনেও নাছিল। এদিন দেউতাকে তাক মাকৰ লগতে এৰি থৈ ক’ৰবালৈ গুচি। গৈছিল। মাকো তাৰ প্ৰতি নিৰুদ্বেগ আছিল। ফলস্বৰূপে সিদ্ধাৰ্থ নিঃসংগতাত ভুগিবলৈ ললে। সি ইমানেই নিঃসংগতাত ভুগিবলৈ ল’লে যে লাহে লাহে সি। ড্ৰাগছ লবলৈ আৰম্ভ কৰিলে।

6. সিদ্ধাৰ্থই প্ৰথমতে কিয় নিৰ্মলৰ মুখামুখি হ’ব খোজা নাছিল?
উত্তৰঃ নিৰ্মলৰ চিধা প্ৰশ্নৰ উত্তৰ দিবলৈ সিদ্ধাৰ্থ সহজ হব পৰা নাছিল। নিৰ্মলে সিদ্ধাৰ্থৰ চকুলৈ চাই তাৰ কি হৈছে প্ৰশ্ন কৰিছিল। বন্ধুত্বৰ অকৃত্ৰিম মৰম-কৰ্তৃত্বৰ ওচৰত সিদ্ধাৰ্থ দুৰ্বল হৈ পৰিছিল। গুৰু-গোঁসাই নমনা সিদ্ধাৰ্থই একো কব পৰা নাছিল। সিদ্ধাৰ্থ এসপ্তাহ বিদ্যালয়লৈ যাবলৈও সাহস কৰিব পৰা নাছিল। কঠোৰ বাস্তৱৰ সৈতে যুঁজি যুঁজি সিদ্ধাৰ্থ লৰাটো বৰ কৰ্কশ হৈ পৰিছিল। মহেন্দ্ৰ মাষ্টৰৰ কঠোৰ বাক্যবাণৰ মুখামুখি হোৱাটো তাৰ বাবে সহজ আছিল, কিন্তু নিৰ্মলৰ মুখামুখি হবৰ বাবে তাক মানসিক প্ৰস্তুতিৰ প্ৰয়োজন হৈছিল। সেয়ে – সিদ্ধাৰ্থই প্ৰথমে নিৰ্মলৰ মুখামুখি হ’ব খোজা নাছিল।

7. প্ৰথম চিগাৰেটডাল শেষ হোৱাৰ পিছত সিদ্ধাৰ্থই কি অনুভব কৰিছিল? লিখকে কি বুজাব বিচাৰিছে?
উত্তৰঃ প্ৰথম চিগাৰেটডাল শেষ হোৱাৰ পিছতে সিদ্ধাৰ্থই অনুভব কৰিছিল। তাৰ দেহৰ ভিতৰেদি যেন বাগৰি গৈছে এক উল্লাসৰ টৌ। সেই ঢৌৱে যেন তাৰ দুখবোৰ উটুৱাই লৈ-গল। সি সকলো দুখ পাহৰি গৈছিল। এক প্ৰশান্তিৰ ভাবে। তাৰ দেহ-মন আচ্ছন্ন কৰি পেলাইছিল। উজাগৰে ৰাতি কটোৱাত অভ্যস্ত সিদ্ধাৰ্থৰ সেইনিশা গভীৰ টোপনি আহিছিল। কিন্তু পিছদিনা পুৱা সাৰ পাই উঠাৰ পিছত সি ভীষণভাবে অস্থিৰ হৈ উঠিছিল। পুৰণি দুখৰবাৰে উথলি উঠিছিল। আগতকৈও বেছিকৈয়ে যেন দুখবোৰ উথলি উঠিছিল। দ্বিতীয় এটা চিগাৰেটৰ বাবে সি অস্থিৰ হৈ পৰিছিল।

লিখকে সিদ্ধাৰ্থৰ এই কথাখিনিৰ দ্বাৰা ড্ৰাগছৰ ভয়াবহতাক বুজাব বিচাৰিছে। ক্ষন্তেক সময়ৰ বাবে সুখৰ অনুভূতি দিয়া ড্ৰাগছে মানুহক অপৰাধ জগত আৰু অকাল মৃত্যুৰ ফালে যে টানি লৈ যায় লেখকে সেই বাৰ্তা দিব খুজিছে গল্পটিৰ জৰিয়তে। ইয়াৰ পৰিণাম সাংঘাটিক ভয়াবহ

8. নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি কিয় পাণদোকানখনলৈ গৈছিল?
উত্তৰঃ নিৰ্মলে কৌতূহল আৰু সন্দেহৰ বশবৰ্তী হৈ পাণদোকানখনলৈ গৈছিল। সি জানিছিল সিদ্ধাৰ্থ নিশ্চয় পাণদোকানখনতে থাকিব। কাৰণ নিৰ্মলে প্ৰায়েই সিদ্ধাৰ্থক পাণদোকানখনত দেখা পায়। দুই-এদিন দোকানৰ আঁৰত সিদ্ধাৰ্থক চিগাৰেট টানি থকাও নিৰ্মলে দেখা পাইছিল। পাণদোকানখনৰ দোকানীজনক নিৰ্মলৰ মুঠেও ভাল নালাগে। কাৰণ মানুহজনৰ কথা-বতৰাত নিৰ্মলে কিবা ৰহস্যৰ গোন্ধ থকা যেন লাগিছিল। দোকানলৈ যোৱা লৰা-ছোৱালীক দোকানীজনে গভীৰভাবে নিৰীক্ষণ কৰা যেন লাগিছিল। নিৰ্মলৰ ভাল নলগা মানুহজনৰ লগত সিদ্ধাৰ্থৰনো কি ইমান। কথা থাকিব পাৰে ভাবি সি আচৰিত হৈছিল, লগতে সন্দেহ আৰু গভীৰ হৈছিল। তাৰ উৱাদিহ লবলৈকে নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি পাণদোকানখনলৈ গৈছিল।

READ MORE  লোক সংস্কৃতি | Chapter 12 | Class 9 Assamese - SEBA

9. চুটি গল্পৰ সাধাৰণ লক্ষণবোৰ কি কি?
উত্তৰঃ চুটি গল্পৰ কিছুমান সাধাৰণ লক্ষণ আছে। সেইবোৰৰ ভিতৰত তলত দিয়া লক্ষণবোৰ উল্লেখযোগ্য—
(ক) চুটিগল্পৰ বিষয়বস্তুৰ কেন্দ্ৰবিন্দু একেটাই।
(খ) চুটি গল্পৰ আৰম্ভনি আকস্মিক আৰু সমাপ্তি নাটকীয় হোৱা উচিত।
(গ) বিষয়বস্তুৰ কোনো ধৰাবন্ধা নিয়ম নাথাকে।
(ঘ) চুটি গল্প কাল্পনিক যদিও ই বাস্তৱ জগতৰ ওপৰত আধাৰিত।
(ঙ) গল্পৰ কলেবৰ চুটি হোৱাটো এক প্ৰধান লক্ষণ।

10. নিৰ্মূলৰ জটিল ৰোগৰ কথা জানি সিদ্ধাৰ্থই কি কৈছিল?
উত্তৰঃ নিৰ্মলৰ দেহত যে এক জটিল ৰোগে বাহ লৈ আছে সেইকথা গম পাই সিদ্ধাৰ্থহ প্ৰচণ্ড মানসিক আঘাত পাইছিল। কিছুসময়ৰ বাবে সিদ্ধাৰ্থ নিৰ্বাক নিস্পন্দ হৈ পৰিছিল। নিৰ্মলৰ কথাৰ উত্তৰত সিদ্ধাৰ্থই নিৰ্মলৰ হাতখন খামুচি কৈছিল, “মই নিশ্চয় চেষ্টা কৰিম নিৰ্মল। চকুৰ সন্মুখত না থকিলেও মোৰ বুকুৰ ভিতৰৰ – পৰাই তই মোক বাধা দি থাকিবি—মই জানো।” নিৰ্মলে বাহিৰলৈ যোৱাৰ আগতে সিদ্ধাৰ্থক মৰমেৰে আদেশৰ সুৰত কৈছিল যে, সি নাথাকিলেও সিদ্ধাৰ্থ যাতে সেই পাণদোকানখনলৈ কাহানিও নাযায়। নিৰ্মলৰ মৰমৰ আদেশত সিদ্ধাৰ্থই যেন নিজৰ কোনোবা আপোন মানুহকে বিচাৰি পাইছিল।

11. তোৰ কি হৈছে, মোক ক’বই লাগিব সিদ্ধাৰ্থ’-নিৰ্মলৰ এই কথাখিনিয়ে সিদ্ধাৰ্থক কেনেকৈ প্ৰভাৱিত কৰিছিল?
উত্তৰঃ পাণদোকানখনতে নিৰ্মলে সিদ্ধাৰ্থক লগ পাইছিল। সিদ্ধাৰ্থই নিৰ্মলক | চকুলৈ চাব পৰা নাছিল। নিৰ্মলৰ বন্ধুত্বৰ মৰমৰ আঁৰত কৰ্তৃত্বৰ সুৰ বাজি উঠিছিল। সিদ্ধাৰ্থই আত্মবিশ্বাস হেৰুৱাই পেলাইছিল। নিৰ্মলৰ সন্মুখত সি নিষ্প্ৰভ হৈ | পৰিছিল। কিন্তু নিৰ্মলে চিঞৰি উঠিছিল—“তোৰ কি হৈছে মোক ক’বই লাগিব। সিদ্ধাৰ্থ।” নিৰ্মলৰ কথাৰ উত্তৰ দিবলৈ সিদ্ধাৰ্থ দুৰ্বল হৈ পৰিছিল। সি আঁতৰি আহিছিল, বিদ্যালয়লৈ যাবলৈকো এৰি দিছিল। নিৰ্মলৰ কথাষাৰ তাৰ যন্ত্ৰণাদগ্ধ বুকুৰ মাজত শান্তিৰ সংগীত হৈ বিৰাজ কৰিছিল। তেনেকৈ কৰ্তৃত্ব দেখুৱাব পৰা মানুহ সিদ্ধাৰ্থৰ জীৱনৰ পৰা হেৰাই গৈছিল। নোপোৱা মৰম পোৱাৰ আশাই। সিদ্ধাৰ্থক দুৰ্বল কৰি তুলিছিল। অস্বস্তিকৰ মৌনতাৰ মাজত সিদ্ধাৰ্থ চটফটাইছিল। তাৰ অকলশৰীয়া জীৱনটোত একমাত্ৰ নিৰ্মলৰ কথাৰ মাজতে মৰমৰ সুৰ। বিচাৰি পাইছিল। নিৰ্মল কৰ্তৃত্বভৰা এষাৰ কথাত এনেদৰে সিদ্ধাৰ্থই পোহৰৰ ৰেঙনি দেখা পাইছিল।

12. হাঁহিব নোৱাৰি, খেলিব নোৱাৰি, শুব নোৱাৰি ইমানেই তীব্ৰ সেই শূন্যতাৰ ভাৰ-দুখৰ দাহন’-কথাষাৰ কাৰ বিষয়ে আৰু কিয় কোৱা হৈছে বুজাই লিখা।
উত্তৰঃ কথাষাৰ সিদ্ধাৰ্থৰ বিষয়ে কোৱা হৈছে। কাৰণ দেউতাকে এৰি যোৱাৰ পিছত সিদ্ধাৰ্থই অসহনীয় মানসিক চাপত ভুগিছিল। দেউতাকে দিয়া চকলেট কাগজবোৰ সিদ্ধাৰ্থই এটা ডাঙৰ পেঞ্চিল বক্সত সাঁচি ৰাখিছিল। দেউতাকে দিয়া চকলেটত কামোৰ দিয়াৰ লগে লগে সিদ্ধাৰ্থৰ দুচকু পানীৰে উপচি। পৰিছিল। চকলেটৰ কাগজবোৰে তাৰ পেঞ্চিল বক্সটো ভৰি পৰিছিল। লগে লগে তাৰ বুকুখনো অসহনীয় শূন্যতাৰে ভৰি পৰিছিল। সেইয়া আছিল ইমানেই অসহনীয় যে সিদ্ধাৰ্থই হাঁহিব নোৱাৰিছিল, খেলিব নোৱাৰিছিল, আনকি শুবও নোৱাৰিছিল। সেই শূন্যতাৰ ভাৰ আছিল অসহনীয়, সেই দুখে দহিছিল সিদ্ধাৰ্থক।

13. আচলতে মন গ’লেই সুখী হব পাৰি জান।-নিৰ্মলে কি প্ৰসংগত সিদ্ধাৰ্থক এনেদৰে কৈছিল বুজাই লিখা।
উত্তৰঃ বন্ধুত্বসুলভ মৰমেৰে নিৰ্মলে সিদ্ধাৰ্থক বুজাবলৈ সক্ষম হৈছিল যে সি অবাটে গৈছে। নিৰ্মলে সিদ্ধাৰ্থক ভাগি পৰিবলৈ দিয়া নাছিল। তাৰ মনোবল বঢ়াত সহায় কৰিছিল। তাক বুজাইছিল যে সকলো সমস্যাৰে সমাধান আছে। ডাক্তৰৰ পৰামৰ্শ ল’লে সিদ্ধাৰ্থ নিশ্চয় সুস্থ হব। নিৰ্মলৰ বুজনিত সিদ্ধাৰ্থ সন্মত হৈছিল। কাৰোবাৰ আশ্ৰয়ত সিদ্ধাৰ্থৰ অলপমান জিৰাবলৈ মন গৈছিল। নিৰ্মলে আৰু কৈছিল যে জীৱনটোক ভাল পালে জীৱনটোৱে কেতিয়াও প্ৰৱঞ্চনা নকৰে। প্ৰকৃতিৰ সৌন্দৰ্যৰ আকৰ নদী, পাহাৰ, আকাশ, জোন, বেলি, তৰা— এইবোৰক ইচ্ছা কৰিলে আপোন কৰি ল’ব পাৰি। এইবোৰক ভালপোৱা মানুহ কেতিয়াও নিঃস্ব নহয়। আচলতে মন গলেই যে সুখী হব পাৰি তাকে নিৰ্মলে সিদ্ধাৰ্থক বুজাবলৈ চেষ্টা কৰিছিল। সুখী হবলৈ লাগে মাথোঁ এটি সুন্দৰ মন। নিৰ্মলে সিদ্ধাৰ্থক জীৱনটোক ভাল পাবলৈ শিকোৱাৰ প্ৰসঙ্গত উক্ত কথাষাৰ কৈছিল।

14. সকলো মানুহৰেই জীৱনবোৰ একো একোখন যুঁজ। —ব্যাখ্যা কৰা।
উত্তৰঃ উক্ত বাক্যশাৰী সাহিত্যিক ড° মৃণাল কলিতাৰ যুঁজ’ নামৰ গল্পটিৰ পৰা উদ্ধৃত। গল্পটিত লিখকে আমাৰ জীৱন সংগ্ৰামৰ এখন চিত্ৰ আঁকিছে। প্ৰত্যেক মানুহেই এই সংগ্ৰামৰ একো একোজন যোদ্ধা। নিৰ্মলে সিদ্ধাৰ্থক সৎপথলৈ আনিবলৈ প্ৰায় সকলো প্ৰকাৰে চেষ্টা কৰিছিল। সেই চেষ্টাত সি সফলো হৈছিল। কাৰণ নিৰ্মল বুজনিত পতিয়ন গৈ সিন্ধাৰ্থই নিজকে নিচামুক্ত কৰিবলৈ ডাক্তৰৰ ওচবলৈ যাবলৈ মান্তি হৈছিল। কিন্তু সেই কাম ইমান সহজ নহয়। তেতিয়া নিৰ্মলে সিদ্ধাৰ্থক বুজাইছিল যে—“সকলো মানুহৰেই জীৱনবোৰ একো একোখন যুঁজ।” কেবল সিয়েই যোদ্ধা নহয়, সকলো মানুহেই একো একোজন যোদ্ধা। জীৱনটো এখন যুদ্ধক্ষেত্ৰ। সেই যুদ্ধতেই জীৱনৰ আমেজ আছে। পাৰিবাৰিক কাৰণত আজি সিদ্ধাৰ্থই অকলে যুঁজি আছে। সেইদৰে নিৰ্মলেও এক জটিল ৰোগৰ সৈতে যুঁজি আছে। মানুহৰ জীৱনটোৱেই এখন যুঁজ। এনেদৰে জীৱন যুঁজৰ কথা প্ৰসংগতে – নিৰ্মলে উক্ত কথাষাৰ কৈছিল।

15. মানুহে দেখা ঘৃণনীয় সত্যৰ আঁৰতো হয়তো কেতিয়াবা লুকাই থাকে আন কিছুমান কৰুণ সত্য। —ব্যাখ্যা কৰা।
উত্তৰঃ উক্ত বাক্যটি ড° মৃণাল কলিতাৰ “যুঁজ” শীৰ্ষক গল্পটিৰ পৰা তুলি দিয়া হৈছে।

বাক্যটিৰ জৰিয়তে লেখকে কব বিচাৰিছে যে আমি চকুৰে দেখা পোৱা কিছুমান ঘৃণনীয় কথা-কান্ডৰ আঁৰততা আচলতে কিছুমান কৰুণ সত্য লুকাই থাকে। আপাতদৃষ্টিত সিদ্ধাৰ্থ এটা বেয়া লৰা। কিন্তু সি যে বেয়া লৰা হোৱাৰ আঁৰত তাৰ পিতৃ-মাতৃৰে হাত আছে সি এক কৰুণ সত্য।

সিদ্ধাৰ্থহঁতৰ শ্ৰেণীকোঠাত কেবাবাৰো পইচা চুৰ হৈছিল। এদিন প্ৰশান্তৰ বেগৰপৰা পঞ্চাশটকীয়া দুখন নোহোৱা হ’ল। মহেন্দ্ৰ মাষ্টৰে কৰ্কশ মাতেৰে সকলোকে জেৰা কৰিলে। যেতিয়া সিদ্ধাৰ্থ বেগত পইচা ওলাল মহেন্দ্ৰ মাষ্টৰে তাকে চকুপকাই ধৰিলে। কিন্তু বেপৰোৱা সিদ্ধাৰ্থই মহেন্দ্ৰ মাষ্টৰৰ মুখে মুখে ভেকাহি মাৰি উত্তৰ দিছিল।

ইফালে ঘৰৰ ভিতৰৰ অসহনীয় কথা-কান্ডত সিদ্ধাৰ্থ অকলশৰে চটফটাই থাকে, নিৰ্জনতাত ডুব গৈ থাকে। লাহে লাহে সিদ্ধাৰ্থই স্কুল যোৱাও বাদ দিলো।
এদিন শ্ৰেণীকোঠাত সোমায়েই মহেন্দ্ৰ মাষ্টৰে ছাত্ৰ-ছাত্ৰীবোৰৰ মুখবোৰত চকু ফুৰালে। তাৰপিছত এক সন্তোষ্টিৰ হাঁহি মাৰি কৈছিল—“এই বজ্জাতটো আজিও স্কুললৈ অহা নাই। চোৰধৰা পৰি এতিয়া লাজতে আহিব নোৱাৰা হৈছে।”

মহেন্দ্ৰ মাষ্টৰৰ কথাষাৰে নিৰ্মলক বৰ দুখ দিলে। কাৰণ নিৰ্মলে জানে সিদ্ধাৰ্থ ভিতৰৰ কথাবোৰ। তাৰ মনটো সেমেকি উঠিছিল। উপলব্ধি কৰিছিল যে মানুহে দেখা ঘৃণনীয় সত্যৰ আঁৰতো লুকাই থাকে আন কিছুমান কৰুণ সত্য।

16. পাবলগীয়া মৰমবোৰ হেৰুৱাই এখন ভাগি যোৱা সংসাৰৰ সি হৈ পৰিছিল এটা বিদ্ৰোহী’অথচ কৰুণ চৰিত্ৰ। —ব্যাখ্যা কৰা।
উত্তৰঃ উক্ত বাক্যশাৰী ড° মৃণাল কলিতাৰ যুঁজ’ নামৰ গল্পটিৰ পৰা তুলি দিয়া হৈছে।

সিদ্ধাৰ্থ আছিল মাক-বাপেকৰ একমাত্ৰ সন্তান। একমাত্ৰ সন্তান হিচাপে যিমান আদৰ-স্নেহ পাব লাগিছিল তাৰ বিপৰীতে সি পাইছিল অসহ্যকৰ নিঃসংগতা। মাক- দেউতাকৰ দৰ্বাদল কাজিয়া, তীক্ষ্ণ মন্তব্যই তাৰ হৃদয়খন থকা-সৰকা কৰিছিল। সি অনুভব কৰিছিল চৰম একাকীত্ব। ঘৰত তাৰ ভাল নলগা হৈ আহিছিল। স্কুল চুটীৰ পিছত অনাই বনাই ঘূৰি ফুৰিছিল। মাকৰ প্ৰতি আছিল তীব্ৰ আক্ৰোশ। সেয়ে মাকৰ প্ৰতি মনোযোগ কমি আহিছিল। সেয়ে গল্পলেখকে বুজাব খুজিছে যে পাবলগীয়া মৰমবোৰ হেৰুৱাই এখন ভাগি যোৱা সংসাৰৰ সিদ্ধাৰ্থ এক কৰুণ চৰিত্ৰ।

17. নোপোৱা মৰম পোৱাৰ আশাই যেন তাক দুৰ্বল আৰু অভিমানী কৰে। —ব্যাখ্যা কৰা।
উত্তৰঃ উক্ত বাক্যটিড° মৃণাল কলিতাৰ “যুঁজ” নামৰ গল্পটিৰ পৰা উদ্ধৃত।

পাৰিবাৰিক কন্দলৰ বলি হোৱা সিদ্ধাৰ্থই পিতৃ-মাতৃৰ মৰম স্নেহৰপৰা কেতিয়াবাই বঞ্চিত হৈছিল। সি সৰুৰে পৰা লগ-সমনীয়াৰ লগত খেলিছিল, হাঁহিছিল, কিন্তু লাহে লাহে ল’ৰাটোৰ স্বভাৱৰ পৰিবৰ্তন হৈছিল। কাৰণ-বুজা হোৱাৰপৰা সি মাক-দেউতাকৰ দুৰ্বাদল কাজিয়াৰ সাক্ষী হৈছিল। তাৰ মৰম, স্নেহ-স্পৰ্শৰ অভাব হৈছিল। পিতৃ-মাতৃ দুয়ো আছিল তাৰপ্ৰতি নিৰুদ্বেগ। তাৰ সেই অস্বাভাবিক পৰিবৰ্তন কিন্তু নিৰ্মলৰ চকুত ধৰা পৰিছিল। কাৰণ সিদ্ধাৰ্থই স্কুলত মন দিব পৰা নাছিল। আনকি মাজে মাজে সি স্কুললৈ নহাকৈ আছিল। তেনে সময়তে নিৰ্মলে যেতিয়া তাক কৈছিল—“তোৰ কি হৈছে মোক কবই লাগিব সিদ্ধাৰ্থ।”—সিদ্ধাৰ্থ আচৰিত হৈছিল কাৰণ তেনেকৈ কবপৰা মানুহবোৰেই তাৰ জীৱনৰপৰা আঁতৰি গৈছিল। নোপোৱা মৰম পোৱাৰ আশা সিদ্ধাৰ্থক দুৰ্বল আৰু অভিমানী কৰি তলিছিল। নিৰ্মলৰ কথাষাৰত সিদ্ধাৰ্থহ যেন হেপাহৰ পোহৰৰ। ৰেঙণি দেখা পাইছিল।

READ MORE  অন্ধবিশ্বাস আৰু কু-সংস্কাৰ | Chapter 8 | Class 9 Assamese - SEBA

18. “তাৰ দৰে ল’ৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি, অস্বস্তিকৰ মৌনতাৰ মাজত মাথোঁ ছটফটাবহে পাৰি”–কথাষাৰৰ অন্তনিৰ্হিত ভাব বিশ্লেষণ কৰা।
উত্তৰঃ নিৰ্মলৰ চকুত সিদ্ধাৰ্থৰ অস্বাভাবিক পৰিবৰ্তনবোৰ ধৰা পৰিছিল। কাৰণ সিদ্ধাৰ্থ আগতে এনেকুৱা বেপৰুৱা স্বভাৱৰ নাছিল। সি সকলোৰে লগত হাঁহিছিল, খেলিছিল। কিন্তু কেইমাহমানৰ পৰাহে সি শ্ৰেণীত বন্ধুবোৰৰপৰা আঁতৰি গৈছিল, শিক্ষকে দিয়া ঘৰৰ কামবোৰ কৰা নাছিল, আনকি মাজে মাজে স্কুল খটিও কৰিছিল। সেই পৰিবৰ্ত্তনবোৰ দেখি নিৰ্মলে অনুমান কৰিছিল যে নিশ্চয় সিদ্ধাৰ্থৰ মনৰ ভিতৰত কোনো অশান্তিয়ে বাহ লৈছিল। সিদ্ধাৰ্থ মাক-দেউতাকৰ ঘৰুৱা কাজিয়া-পেচালৰ কথাও নিৰ্মলে ইকান-সিকানকৈ শুনিবলৈ পাইছিল। হয়তো ঘৰুৱা অশান্তিৰ বাবেই সিদ্ধাৰ্থৰ সেই পৰিবৰ্তন হৈছে। কিন্তু যিয়েই নহওঁক এক অজান ৰহস্যৰ পকনীয়াত আপোন বন্ধু এজনক নিৰ্মলে হেৰুৱাবলৈ বিচৰা নাছিল। গতিকে সিদ্ধাৰ্থক ভুল পথৰপৰা আতৰাই অনাৰ বাবে চেষ্টা কৰিছিল।

নিজৰ মাক-দেউতাকৰ অনাদৰ অৱহেলাৰ মাজত নোপোৱা মৰম পোৱাৰ আশাত সিদ্ধাৰ্থই চটফটাইছিল। কাৰণ মৰমেৰে শাসন কৰিবপৰা মানুহবোৰ তাৰ কাষৰপৰা কেতিয়াবাই আঁতৰি গৈছিল। মহেন্দ্ৰ মাষ্টৰৰদৰে কঠোৰ মানুহৰ চকুত চকু থৈ প্ৰত্যুত্তৰ দিব পাৰে কিন্তু নিৰ্মলৰ দৰে ল’ৰাৰ মুখামুখি হ’বৰ বাবে সিদ্ধাৰ্থই সাহস কৰিব পৰা নাছিল। কাৰণ সিদ্ধাৰ্থই হেৰুৱাই পেলোৱা সেই মাতৰ অমিয়া সুৰ নিৰ্মলৰ কথাত সি শুনিবলৈ পাইছিল। সেয়ে সিদ্ধাৰ্থই উপলব্ধি কৰিছিল— “তাৰ দৰে ল’ৰাৰ কথাৰ উত্তৰ দিব নোৱাৰি, অস্বস্তিকৰ মৌনতাৰ মাজত মাথা চটফটাবহে পাৰি।”

19. “যুঁজ” গল্পটোৰ শিৰোনামাৰ তাৎপৰ্য বুজাই লিখা।
উত্তৰঃ “যুঁজ” গল্পটোত লিখক ড° মৃণাল কলিতাই মানুহৰ জীৱন যুঁজৰ এখন সঁচা ছবি অংকন কৰিছে। আচলতে মানুহৰ জীৱনটোৱেই এখন যুদ্ধক্ষেত্ৰ। গল্পটিত সিদ্ধাৰ্থই যুঁজিছে ড্ৰাগছৰ বিৰুদ্ধে, নিৰ্মলে যুঁজিছে জটিল ৰোগৰ বিৰুদ্ধে, শিক্ষকে যুঁজিছে ছাত্ৰ-ছাত্ৰীক ভুলপথে যোৱাৰ বিৰুদ্ধে, সিদ্ধাৰ্থৰ পিতৃ-মাতৃয়ে যুঁজিছে। ঘৰুৱা কন্দলৰ বিৰুদ্ধে। প্ৰকৃতাৰ্থত সকলো মানুহৰেই জীৱনবোৰ একো একাখন যুঁজ। সেই প্ৰতিখন যুদ্ধতেই আছে হৰা-জিকা। তাতেই আছে জীৱনৰ আমেজ। হৰা-জিকা পাছৰ কথা, জীৱনত যুঁজ কৰি যাবই লাগিব।

নিচাৰ প্ৰতি আসক্তিও এখন যুঁজ। সিদ্ধাৰ্থই পাৰিবাৰিক কন্দলৰ বলী হৈ নিঃসংগতাত চটফটাইছে। তাৰপৰা উদ্ধাৰ পোৱাৰ আশাতেই হওঁক নাইবা পাহৰি থাকিবৰ বাবেই হওঁক সিদ্ধাৰ্থই লাহে লাহে নিচাতে বুৰ যাবলৈ লয়। কিন্তু বন্ধু নিৰ্মলে যেতিয়া তাক বুজাই দিলে যে—সেই পথ শুদ্ধ নহয়, তেতিয়া শুদ্ধ পথলৈ আহিবলৈ সিদ্ধাৰ্থইও যুঁজিছে নিজৰ বিৰুদ্ধে। প্ৰকৃতাৰ্থত নিজৰ বিৰুদ্ধেও খুঁজি মানুহে ইয়াৰপৰা মুক্ত হ’ব পাৰে। গল্পটোৰ জৰিয়তে লিখকে সামাজিক দায়বদ্ধতাৰ কথাও আঙুলিয়াই দেখুৱাইছে। নিচাসক্তজনৰ প্ৰতি সমাজৰ আন মানুহৰো কিবাকিবি কৰণীয় আছে। সেই যুঁজত ভুক্তভোগীজনক আমিও সহায় কৰা উচিত। এনেদৰে লেখকে গল্পটোৰ কাহিনীৰ লগত শিৰোনামাৰ সুন্দৰ মিল ৰাখিছে।

20. ড° মৃণাল কলিতাৰ যুঁজ’ গল্পটোৰ ড্ৰাগছ আসক্ত মানুহৰ প্ৰতি কেনেধৰণৰ মানৱীয় সঁহাৰি দেখুওৱা হৈছে বুজাই লিখা।
উত্তৰঃ ড° মৃণাল কলিতাৱ যুঁজ’ গল্পটোত এজন নিচাসক্ত কিশোৰৰ মনৰ জগতখনৰ এখন প্ৰতিচ্ছবি দাঙি ধৰিছে। পাৰিবাৰিক কাৰণত সিদ্ধাৰ্থ নামৰ কিশোৰজনে নিঃসংগতাত ভুগি ড্ৰাগছৰ আশ্ৰয় লৈছে। সিদ্ধাৰ্থক সেই অন্ধকূপৰ পৰা আঁতৰাই আনিবলৈ তাৰ বন্ধু নিৰ্মলে প্ৰয়াস কৰিছে। সেই চেষ্টা সফল হোৱাৰ আশা দেখা গৈছে। নিৰ্মলৰ মৰম আৰু দায়িত্ববোধে সিদ্ধাৰ্থক আশাৰ পোহৰৰ বাট দেখুৱাইছে। হতাশাত ভোগা সিদ্ধাৰ্থক মানসিক শক্তি যোগাইছে নিৰ্মলে। নিৰ্মল চৰিত্ৰটিৰ জৰিয়তে লেখকে মানবীয় মূল্যবোধৰ এক উদাহৰণ দাঙি ধৰিছে। নিচাসক্তসকলৰ প্ৰতি যে সমাজৰ আনসকলৰৰ দায়িত্ব থাকে সেইকথাকেই প্ৰকাশ কৰিছে লেখকে। এজন অবাটে যাবলৈ ধৰা কিশোৰক মৰম আন্তৰিকতাৰে পুনৰ সৎ পথলৈ ঘূৰাই অনাৰ এখন ছবি দাঙি ধৰিছে লেখকে। গল্পটিত কেবল সিদ্ধাৰ্থইনহয়, সিদ্ধাৰ্থৰ দৰে আন বহুতে ড্ৰাগছৰ অন্ধকাৰ জগতত ভৰি দি যে এখন অন্ধকাৰ জগতলৈ সোমাই গৈছে তাৰ এক ইংগিত লিখকে দিছে। গতিকে মানবীয় মূল্যবোধৰ লগতে সামাজিক দায়বদ্ধতাৰ কথাও উনুকিয়াইছে লেখকে।

21. সিদ্ধাৰ্থই কিহৰ তাড়নাত মাকৰ খাৰুষোৰ চুৰ কৰিছিল আৰু পাছত তাৰ কিয় অন্তৰ্দ্বন্দ্ব হৈছিল বুজাই লিখা।
উত্তৰঃ পাণদোকানীজনৰ কথাত সিদ্ধাৰ্থই যেন বিচাৰি পাইছিল সামান্য স্নেহস্পৰ্শ। সি তাৰ বুকু উজাৰি সকলো কথা বিৱৰি পাণদোকানীজনক কৈছিল। সেই অজুহাতেই বিচাৰি আছিল পাণদোকানীজনে। এদিন দোকানীজনে সিদ্ধাৰ্থ হাতত তুলি দিছিল এটা চিগাৰেট। সিদ্ধাৰ্থই খাব খোজা নাছিল যদিও দোকানীজনৰ নানান কথাত ভোল গৈ চিগাৰেটডাল সিদ্ধাৰ্থ মুখাত লৈছিল! সেইখিনি সময়ত তাক বাধা দিবপৰা কাৰৰ চেহেৰা তাৰ মনলৈ নাহিল। চিগাৰেটডাল শেষ হোৱাৰ পিছত সি অনুভব কৰিছিল তাৰ দেহৰ ভিতৰত এক উল্লাসৰ টৌ। সেই ঢৌৰোবাৰে তাৰ দুখবোৰ যেন উটুৱাই লৈ গ’ল। এক গভীৰ প্ৰশান্তিৰ ভাৱত সিদ্ধাৰ্থৰ দেহ-মন আছন্ন হৈ পৰিছিল। সেইনিশা তাৰ গভীৰ টোপনি হৈছিল। কিন্তু পিছদিনা সি দ্বিতীয় এটা চিগাৰেটৰ বাবে উদ্বাউল হৈ পৰিছিল। সেইয়ে সি পাণদোকানখনলৈ ঢাপলি মেলিছিল। সেইদৰেই সিদ্ধাৰ্থ ক্ৰমান্বয়ে নিচাসক্ত হৈ পৰিছিল। লাহে লাহে সি মাকে দিয়া হাতখৰচৰ উপৰিও অ’ত- ত’ত ৰখা টকা-পইছাবোৰ দোকানীজনৰ হাতত তুলি দিছিল। এদিন মাকে গা ধুবলৈ বাথৰুমত সোমাওঁতে মাকে খুলি থোৱা সোণৰ খাৰুষোৰ চুৰ কৰি দোকানীজনৰ হাতত দিছিল। যি সময়ত সিদ্ধাৰ্থই সোণৰ খাৰুযোৰ দোকানীজনৰ হাতত তুলি দিছিল, ঠিক সেই সময়তে তাহাঁতৰ ঘৰত কাম কৰা ছোৱালীজনীক পুলিচে খাৰু চুৰ কৰা অপৰাধৰ অনুমানত ধৰি নি লক-আপত ভৰাইছিল।

অস্থিৰ হৈ পৰিছিল সিদ্ধাৰ্থ। অন্তৰ্দ্বন্দ্ব হৈছিল তাৰ। শুদ্ধ-অশুদ্ধ, ভাল বেয়া, কামকৰা ছোৱালীজনীৰ কৰুণ মুখখন আৰু নিজৰ নিচাৰ প্ৰতি তীব্ৰ আসক্তি এই সকলোবোৰৰ টনা-আজোৰাত তাৰ অন্তৰ্ণ হৈছিল।সি অনুভব কৰিছিল যেন তাৰ ভিতৰৰ মানুহটোৰ ইতিমধ্যে মৃত্যু হৈছে।

22. নিচাসক্ত মানুহৰ প্ৰতি থকা মানবীয় সহাঁৰি কেনেধৰণৰ হ’ব লাগে নিজৰ কথাৰে লিখা।
উত্তৰঃ সাধাৰণতে মানসিক অস্থিৰতাই ড্ৰাগছৰ প্ৰতি আসক্তি আনে। পাৰিবাৰিক কলৰ বাবে সিদ্ধাৰ্থ মানসিকভাবে অস্থিৰ হৈ পৰিছিল। নিঃসংগতাত সি চটফটাইছিল। নোপোৱা মৰমবোৰ পোৱাৰ বাবে ব্যাকুল হৈছিল। আনৰ পিতৃ-মাতৃ সন্তানৰ কেনেদৰে আদৰ যত্ন লয় সেইবোৰ দেখি সিদ্ধাৰ্থ মানসিকভাবে ভাগি পৰিছিল। দেউতাকে ঘৰ এৰি গুচি গৈছিল। মাক তাৰ প্ৰতি আছিল নিৰুদ্বেগ। এই সকলোবোৰ কথাই তাক খুলি খুলি খাইছিল। কৈশোৰ অৱস্থাৰ মানসিক স্থিতি বৰ। সংবেদনশীল। সেইবাবেই সিদ্ধাৰ্থই মনৰ কষ্ট সহিব নোৱাৰি ড্ৰাগছৰ আশ্ৰয় লৈছিল। গতিকে কৈশোৰ অৱস্থাৰ ছাত্ৰ-ছাত্ৰীৰ মনোজগত বুজি পাবলৈ পিতৃমাতৃয়েই হওঁক, শিক্ষকেই হওঁক—চেষ্টা কৰিব লাগে।

মৰম আদৰেৰে নিচাসক্ত লোকক বুজনি দি সেই অন্ধকাৰ জগতৰপৰা আঁতৰাই অনাটো সমাজৰ লোকসকলৰ দায়িত্বৰ লগতে কৰ্তব্যও। প্ৰত্যেক মানুহেই নিজৰ লগত যুঁজিব পাৰে। নিচাসক্ত লোককো সেয়ে আত্মবিশ্বাস গভীৰ কৰিবলৈ বুজনি দিব লাগে।

23. যুঁজ গল্পটিত চুটি গল্পৰ লক্ষণ কিমানদূৰ পোৱা যায় চমুকৈ লিখা।
উত্তৰঃ যুঁজ গল্পটিত চুটি গল্পৰ কিছুমান সাধাৰণ লক্ষণ পৰিস্ফুট, হোৱা দেখা গৈছে। গল্পটোৰ কাহিনীভাগ লেখকৰ কল্পনাৰ কাহিনী, যদিও ইয়াত বৰ্তমান সমাজৰ কিশোৰৰ মনোজগতখন অংকন কৰা হৈছে। পাৰিবাৰিক কাৰণতে হওঁক নাইবা সততাৰ অভাবতেই হওঁক একাংশ কিশোৰ যুবকৰ বৰ্ত্তমান নৈতিক স্খলন ঘটা দেখিবলৈ পোৱা যায়। গুৰু-গোঁসাই নমনা কিছুমান উদন্ড যুবকে ড্ৰাগছৰ প্ৰতি আসক্ত হৈ নিজৰ সৰ্বনাশ মাতি আনিছে। যান্ত্ৰিক জগতখনত সকলো ব্যস্ত। পিতৃমাতৃৰো সময় নাই সন্তানক সময় দিয়াৰ। সিদ্ধাৰ্থৰ পিতৃ-মাতৃয়ে নিজৰ মাজতে কাজিয়া-পেচালত ব্যস্ত হৈ সিদ্ধাৰ্থৰ প্ৰতি মনোযোগ নিদিয়া হৈছে। ফলত সিদ্ধাৰ্থই নিঃসংগতাত ভুগিছে। এইয়া আমাৰ সমাজত সচৰাচৰ হৈ থকা ঘটনা।

READ MORE  চোৰধৰা | Chapter 15 | Class 9 Assamese - SEBA

যুঁজ গল্পটিৰ কেন্দ্ৰবিন্দু সিদ্ধাৰ্থ। সিদ্ধাৰ্থক কেন্দ্ৰ কৰিয়েই গোটেই গল্পটি আগবাঢ়ি গৈছে। যুঁজ’ গল্পটিৰ আৰম্ভনিও গল্পলিখকে আকস্মিকভাবে কৰিছে, সেইদৰে আকস্মিকভাবে ইতিবাচক পৰিসমাপ্তি ঘটাইছে। গল্পটিৰ মূল বিষয়বস্তু হৈছে জীৱন সংগ্ৰাম। সকলোৰে জীৱনবোৰ একোখন যুঁজ। প্ৰত্যেকৰে যুঁজবোৰ বেলেগ বেলেগ মাথোন। এই বিষয়বস্তুৰ পৰা ফালৰি কাটি যোৱা নাই।

কাহিনীভাগ অতিমাত্ৰাত দীঘল নহয়। একেলেথাৰিয়ে পঢ়ি শেষ কৰিব পাৰি। গতিকে এনেদৰে চালি জাৰি চালে যুঁজ গল্পটিক এটি সাৰ্থক চুটিগল্প বুলি কব পাৰি। ইয়াত লেখকে সমাজলৈ এক বাৰ্তা এৰি দিছে। সামাজিক দায়িত্ববোধ জগাই তুলিছে।

24. নিৰ্মলে কেনেদৰে সিদ্ধাৰ্থক ভুল বাটৰ পৰা আঁতৰাই আনিছিল বিৱৰি লিখা।
উত্তৰঃ পাণ দোকানখনলৈ সিদ্ধাৰ্থক সঘনাই যোৱা দেখি নিৰ্মলৰ মনত অলপ সন্দেহ হৈছিল। কাৰণ পাণ দোকানীজনক নিৰ্মলৰ মুঠেও ভাল লগা নাছিল। কিবা এক ৰহস্যৰ গোন্ধ পাইছিল নিৰ্মলে। সেয়ে এদিন স্কুল চুটিৰ পিছত নিৰ্মলে সিদ্ধাৰ্থক বিচাৰি পাণদোকানখনলৈ গৈছিল। তেতিয়া দোকানীজনে নিৰ্মলক অলপ কঠোৰ ব্যবহাৰ কৰিছিল। নিৰ্মলৰ সন্দেহ আৰু গভীৰ হৈছিল। সি, সিদ্ধাৰ্থক প্ৰশ্ন কৰিছিল যে তাৰ কি হৈছে। কিন্তু সিদ্ধাৰ্থই সেই প্ৰশ্ন এই চলিছিল। এদিন সিদ্ধাৰ্থক বিচাৰি পাণদোকানখনলৈ যাওঁতে নিৰ্মলক বাইকত থকা দুজন লৰাৰ পিছৰ জন মানুহে এক প্ৰচণ্ড ঘোচা মাৰে। নিৰ্মলৰ নাক ভাগি। তেজৰ সোঁত ববলৈ ধৰে। সেইসময়তে সিদ্ধাৰ্থ আহি সেইঠাইত উপস্থিত হয়। নিৰ্মলৰ কাষলৈ দৌৰি গৈ তাক দাঙি ধৰি প্ৰশ্ন কৰে “ কোনে মাৰিলে তোক?” নিৰ্মলে সকলো বিৱৰি কোৱাতৃ সিদ্ধাৰ্থ যেন অনুশোচনাত দগ্ধ হয়। তাৰ বাবেই নিৰ্মলৰ সেই অৱস্থা হ’ল। তেজেৰে ৰাঙলী হল নিৰ্মল। প্ৰচণ্ড যন্ত্ৰণাত সেই সেই নিৰ্মলে তেতিয়াও সিদ্ধাৰ্থক প্ৰশ্ন কৰিছিল—“তোৰ কি হৈছে মোক কবই লাগিব সিদ্ধাৰ্থ।”

বন্ধুত্বৰ স্নেহৰ ওচৰত সিদ্ধাৰ্থ নিৰুত্তৰ হৈ গৈছিল। তাৰ মৰম নোপোৱা পৃথিবীখনত যেন এচেৰেঙা পোহৰে দেখা দিলে। সকলো অৱলম্বন হেৰুৱাই পেলোৱা সিদ্ধাৰ্থই যেন দেখা পাইছিল অলপ হ’লেও স্নেহৰ ছায়া। গুৰু-গোঁসাই নমনা হোৱা সিদ্ধাৰ্থই কিন্তু নিৰ্মলৰ চকুত চকু থৈ কথা কব পৰা নাছিল। সিদ্ধাৰ্থ মনৰ জগতখনত নানানটা প্ৰশ্ন উঠিছিল—তাক বিচাৰি নিৰ্মল কিয় গৈছিল পাণদোকানখনলৈ, কি দৰ্কাৰ তাৰ কথাবোৰ জনাৰ? কি লাভ হ’ব তাৰ? সিদ্ধাৰ্থ মনৰ মাজত নিৰ্মলৰ ৰক্তাক্ত মুখখনে অগাদেবা কৰিছিল। লাভ-লোকছানৰ বাহিৰৰ পৃথিবী এখন এতিয়াও আছে নে সেইকথা উপলব্ধি কৰিছিল সিদ্ধাৰ্থই। বন্ধুত্বৰ মৰমৰ ওচৰত তাৰ বেপৰোৱা স্বভাব নিষ্প্ৰভ হৈ গৈছিল। সেয়ে সিদ্ধাৰ্থই নিৰ্মলৰ আগত তাৰ সমস্ত দুখৰ কাহিনী অকপটত প্ৰকাশ কৰি আক্ষেপেৰে কৈছিল—“হয়তো জীৱনটোৱে মোক প্ৰবঞ্চনা কৰিলে।” নিৰ্মলেও তাৰ সমস্ত দুখৰ কাহিনী মন দি শুনিলে। নিৰ্মলে বুজি পালে বাহিৰত বেপৰুৱা, কঠোৰ সিদ্ধাৰ্থৰো আছে এটি স্পৰ্শকাতৰ ধুনীয়া মন। নিৰাশ্ৰয়, নিৰাৱলম্বন, আৰ মমতাৰ অভাবত যি মন থানবান। হৈ গৈছিল। সিদ্ধাৰ্থৰ সকলো দুখৰ কাহিনী শুনি নিৰ্মলে কৈছিল যে সিদ্ধাৰ্থক সকলো বদঅভ্যাস এৰিব লাগিব। নিৰ্মলৰ সেই কথাষাৰত অনুৰোধ, মৰম, শাসন যেন। সকলো লুকাই আছিল। অলপ চিন্তা কৰি সিদ্ধাৰ্থই উত্তৰ দিছিল যে সেইকাম ইমান সহজ নহয়। নিৰ্মলে তাক বুজাবলৈ চেষ্টা কৰিলে যে ড্ৰাগছৰ এই ভুলপথে মানুহক অকাল মৃত্যু আৰু অপৰাধ জগতলৈ টানি নিয়ে গতিকে তাক সেইপথ এৰিব লাগিব।

নিৰ্মলে সিদ্ধাৰ্থক আশ্বাস দিছিল যে তাৰ সেই সমস্যাৰ কথা ডাক্তৰৰ লগত আলোচনা কৰিব লাগিব। সকলো সমস্যাৰে সমাধান আছে। সিদ্ধাৰ্থই প্ৰতিবাদ কৰা নাছিল। বহুদিনৰ পিছত তাৰ মনটোৱেও অলপ শান্তিৰ ছাঁত জিৰাবলৈ বিচাৰিছিল।

—এনেদৰেই নিৰ্মলে সিদ্ধাৰ্থক ভুল বাটৰপৰা আঁতৰাই আনিবলৈ সক্ষম হৈছিল।

25. “যুঁজ” গল্পটিৰ মূল কথাখিনি লিখা।
উত্তৰঃ শ্ৰেণীকোঠাত যেতিয়া প্ৰশান্তৰ বেগৰ পৰা টকা চুৰ হ’ল, মহেন্দ্ৰ মাষ্টৰে সন্দেহৰ আঙুলি সিদ্ধাৰ্থৰ ফালে টোৰালে। কিন্তু বেপৰুৱা সিদ্ধাৰ্থই খঙাল মাষ্টৰকো পৰুৱাই নকৰিলে। লাহে লাহে সিদ্ধাহ ঘিংঘিঙীয়া আৰু বেপৰুৱা হৈ পৰিছিল আৰু লগ- সমনীয়াৰপৰা আঁতৰি ফুৰিবলৈ লৈছিল। বিদ্যালয়ৰ প্ৰতিও তাৰ অনীহা হৈছিল। সিদ্ধাৰ্থৰ সেই পৰিবৰ্তন নিৰ্মলৰ চকুত ধৰা পৰিছিল। কাৰণ আগতে সি তেনে স্বভাৱৰ নাছিল। ইয়াৰ অন্তৰালত নিশ্চয় কিবা ৰহস্য আছে সেই কথা নিৰ্মলে বুজি পাইছিল। লগৰ বন্ধু এজনক এনেদৰে শেষ হৈ যাবলৈ দিব নোৱাৰি বুলি নিৰ্মলে উপলব্ধি কৰিছিল। সেয়ে সিদ্ধাৰ্থক তাৰ কি হৈছে বুলি। নিৰ্মলে বাৰে বাৰে প্ৰশ্ন কৰিছিল। নিৰ্মলৰ বন্ধুত্বৰ আন্তৰিকতাৰ ওচৰত সিদ্ধাৰ্থ সহজ হব পৰা নাছিল। সিদ্ধাৰ্থই মহেন্দ্ৰ মাষ্টৰৰ মুখত ভেকাহি মাৰি কথা কব পাৰিছিল কিন্তু নিৰ্মলৰ কথাক সি উপেক্ষা কৰিব পৰা নাছিল। কাৰণ সিদ্ধাৰ্থ আচল অভাৱ আছিল সেই মৰম আৰু আন্তৰিকতাৰ। কাৰোবাৰ পৰা পাবলগা অলপ মৰম চেনেহ-আন্তৰিকতাৰ অভাব আছিল সিদ্ধাৰ্থৰ। কিয়নো মাক-দেউতাকৰ দুৰ্বাদল কাজিয়াৰ মাজত তাৰ ৰাতিবোৰ উজাগৰে পাৰ হৈছিল। তাৰ চকুপানীখিনি মচি দিবলৈ তাৰ প্ৰতি মাক বা দেউতাকৰ কাৰো ভ্ৰুক্ষেপ নাছিল। এদিন দেউতাকে তেওঁ দুয়োকে এৰি একেবাৰে আঁতৰি গৈছিল। ফলত সংবেদনশীল সিদ্ধাৰ্থই নিঃসংগতা আৰু হতাশাত ভুগি ড্ৰাগছৰ আশ্ৰয় লয়। দেউতাক নাই, মাকৰো তাৰ প্ৰতি নাছিল কোনো উদ্বিগ্নতা। ফলস্বৰূপে সিদ্ধাৰ্থই এখন অন্ধকাৰ জগতলৈ সোমাই গৈছিল। কিন্তু সিদ্ধাৰ্থৰ সেই পৰিবৰ্তন নিৰ্মলৰ চকুত ধৰা পৰিছিল। সেয়ে নিৰ্মলে অনুসন্ধান কৰিছিল সিদ্ধাৰ্থৰ ইমান পৰিবৰ্তনৰ উৎস কি? বন্ধুত্বৰ মৰমেৰে আঁকোৱালি অন্ধকাৰ জগতখনৰ পৰা সিদ্ধাৰ্থক উলিয়াই আনিবলৈ নিৰ্মলে প্ৰয়াস কৰিছিল। সেই অন্ধকূপৰ পৰা সিদ্ধাৰ্থৰ উভতি অহাৰ ইংগিত দেখা গৈছে। নিৰ্মলৰ বন্ধুত্বৰ মৰমে আৰু দায়িত্ববোধে সিদ্ধাৰ্থক পোহৰৰ বাট দেখুৱাইছে। মানুহৰ জীৱনটো এখন যুঁজৰ দৰে। নিজৰ বিৰুদ্ধেও যুঁজি মানুহে নিচাৰপৰা মুক্ত হব পাৰে। লাগে মাথোঁ মনোবল আৰু আত্মীয়ৰ মৰম আদৰ। আনহাতে নিৰ্মলেও | এক জটিল ৰোগৰ বিৰুদ্ধে যুঁজি আছে। হৰা-জিকা সকলোতে আছে। কিন্তু আমি যুঁজ কৰি যাবই লাগিব। এইখিনিয়েই গল্পটোৰ মূলকথা।

ভাষা বিষয়ক

1. ব্যাসবাক্যসহ সমাসৰ নাম লিখা। —মৃত্যুশীতল; অসহনীয়; অতল; অমীমাংসিত; বেপৰোয়া; অচিনাকি।
উত্তৰঃ

সমস্ত পদসমাসবাক্যসমাসৰ নাম
মৃত্যুশীতলমৃতুৰ দৰে শীতলৰূপক কৰ্মধাৰয় সমাস
অসহনীয়যাক সহন কৰিব নোৱাৰিবহুব্ৰীহি সমাস
অতলযাৰ তলি স্পৰ্শ কৰিব নোৱাৰিবহুব্ৰীহি সমাস
অমীমাংসিতন মীমাংসিতনঞ তৎপুৰুষ সমাস
বেপৰোৱাকালৈকো কেৰেপ নকৰে যিউপপদ সমাস
অচিনাকিন চিনাকিনঞ তৎপুৰুষ সমাস

2. বাক্য ৰচনা কৰা। —উজাগৰ, অবাধ্য, অৱলম্বন, খেৰকুটা।
উত্তৰঃ উজাগৰ = খং, ক্ষোভ, অভিমানত সিদ্ধাৰ্থৰ নিশাবোৰ উজাগৰে পাৰ হৈছিল।

অবাধ্য = পিতৃ-মাতৃৰ অবাধ্য হব নালাগে।

অৱলম্বন = সকলো অৱলম্বন হেৰুৱাই সিদ্ধাৰ্থই হতাশাত ড্ৰাগছৰ প্ৰতি আসক্ত হৈছিল।

খেৰকুটা = নিচাসক্ত সিদ্ধাৰ্থৰ বাবে মাক-দেউতাকৰ অবিহনে নিৰ্মলৰ কথাবোৰেই আছিল সেন সামান্য আশাৰ খেৰকুটা।

3. সমাৰ্থক শব্দ লিখা। —নীৰৱৰ্ত; বিষাদ; প্ৰস্তৰ; একাকীত্ব; আন্ধাৰ।
উত্তৰঃ

শব্দসমাৰ্থক শব্দ
নীৰৱতনিস্তব্ধতা
প্ৰস্তৰশিল
আন্ধাৰঅন্ধকাৰ
বিষাদদুখ
একাকীত্বঅকলশৰীয়া

Leave a Comment

error: Content is protected !!
Scroll to Top