হনুমন্তৰ লঙ্কাদৰ্শন | Chapter 13 | Class 9 Assamese (MIL) - SEBA

হনুমন্তৰ লঙ্কাদৰ্শন | Chapter 13 | Class 9 Assamese – SEBA

হনুমন্তৰ লঙ্কাদৰ্শন | Chapter 13 | Class 9 Assamese Chapter 13 হনুমন্তৰ লঙ্কাদৰ্শন | Class 9 Assamese Question and Answer | Assam Class 9 Assamese Solutions | SEBA Class 9 Assamese Chapter 13 Notes | SEBA Class 9 Assamese Chapter 13 Question and Answer | Questions and Answers for Class 9 Assamese Chapter 13 হনুমন্তৰ লঙ্কাদৰ্শন| Assam Class 9 Assamese Questions and Answers Assam | Class 9 হনুমন্তৰ লঙ্কাদৰ্শন Assamese Question and Answer | Assam Board Class 9 Assamese Chapter 13 হনুমন্তৰ লঙ্কাদৰ্শন


হনুমন্তৰ লঙ্কাদৰ্শন

(মাধৱী কন্দলী)

অতি চমু প্ৰশ্নোত্তৰ

1. কাশ্যপ নন্দন বুলি কাক বুজোৱা হৈছে?
উত্তৰঃ কাশ্যপ নন্দন বুলি কাশ্যপ আৰু অদিতিৰ পুত্ৰ, সূৰ্য দেৱতাক বুজোৱা।

2. পৱন নন্দন মানে কি?
উত্তৰঃ পৱন নন্দন মানে বায়ু বা পৱন দেৱতাৰ পুত্ৰ হনুমান

3. “যোজন’ শব্দই কি বুজায়?
উত্তৰঃ ‘যোজন’ শব্দই আঠ মাইল দৈর্ঘ্যক বুজায়।

3. হিনুমন্তৰ লঙ্কা দৰ্শন’ কাব্যাংশত থকা দুবিধ ফলৰ নাম কোৱা।
উত্তৰঃ বদৰ (বগৰী), সলংগা (এবিধ অতি টেঙা ফল)।

4. হনুমন্তৰ লঙ্কাদর্শন’ কাব্যাংশ কোনটো কাণ্ড ৰ পৰা লোৱা হৈছে?
উত্তৰঃ হনুমন্তৰ লঙ্কাদৰ্শন কাব্যাংশ ৰামায়ণৰ ‘সুন্দৰকাণ্ডৰ পৰা লোৱা হৈছে।

5. অংগদ কোন আছিল?
উত্তৰঃ কিষ্কিন্ধ্যাৰ বানৰ ৰাজ বালীৰ পুত্ৰ আছিল অঙ্গদ।

6. মাধৱ কন্দলী কোন্ আছিল?
উত্তৰঃ মাধৱ কন্দলী চতুৰ্দশ শতিকাৰ অৰ্থাৎ প্ৰাক্ বৈষ্ণৱ যুগৰ এগৰাকী শ্ৰেষ্ঠ কবি আছিল।

7. মাধৱ কন্দলীয়ে কোনখন মহাকাব্য অনুবাদ কৰিছিল?
উত্তৰঃ মাধৱ কন্দলীয়ে বাল্মীকি ৰচিত সংস্কৃত ভাষাৰু ৰামায়ণ মহাকাব্যখন। অসমীয়া ভাষালৈ অনুবাদ কৰিছিল।

8. মাধৱ কন্দলীক শংকৰদেৱে কি আখ্যা দিছিল?
উত্তৰঃ মাধৱ কন্দলীক শংকৰদেৱে ‘পূৰ্বকবি অপ্রমাদী’ বুলি আখ্যা দিছিল।

9. মাধৱ কন্দলীৰ ৰামায়ণত কেইটা কাণ্ড পোৱা যায়?
উত্তৰঃ মাধৱ কন্দলীয়ে সম্পূৰ্ণ ৰামায়ণখন অনুবাদ কৰিছিল যদিও বৰ্তমান আদি আৰু উত্তৰাকাণ্ডৰ বাহিৰে তেওঁৰ ৰচনা কৰা মাজৰ পাঁচটা কাণ্ডহে পোৱা যায়।

10. মাধৱ কন্দলী কোন শতিকাৰ কবি?
উত্তৰঃ মাধৱ কন্দলী চতুৰ্দশ শতিকাৰ কবি।

11. মাধৱ কন্দলীক শংকৰদেৱে কি কবি বুলি অভিহিত কৰিছিল?
উত্তৰঃ মাধৱ কন্দলীক শংকৰদেৱে ‘পূৰ্বকবি অপ্রমাদী’ বুলি অভিহিত কৰিছিল।

12. হনুমন্তৰ লঙ্কা দর্শন’ কাব্যাংশ কোন কবিৰ ৰচনা?
উত্তৰঃ মাধৱ কন্দলীৰ ৰচনা।

13. মাধৱ কন্দলীয়ে কোন ৰজাৰ অনুৰোধত সপ্তকাণ্ড ৰামায়ণ অসমীয়ালৈ অনুবাদ কৰিছিল।
উত্তৰঃ বৰাহী ৰজা শ্রীমহামাণিক্যৰ অনুৰোধত মাধৱ কন্দলীয়ে সপ্তকাণ্ড ৰামায়ণ অসমীয়ালৈ অনুবাদ ৰচনা কৰিছিল।

14. মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমানে সন্নিৱিষ্ট কোনটো কাণ্ড শংকৰদেৱে ৰচনা কৰে?
উত্তৰঃ মাধৱ কন্দলীৰ ৰামায়ণত বৰ্তমান সন্নিৱিষ্ট উত্তৰকাণ্ডটো মহাপুৰুষ শংকৰদেৱে ৰচনা কৰিছিল।

15. মাধৱ কন্দলীৰ বাহিৰে শংকৰ-পূৰ্ব যুগৰ কবি কেইজনৰ নাম উল্লেখ কৰা।
উত্তৰঃ মাধৱ কন্দলীৰ বাহিৰে শংকৰ-পূৰ্বযুগৰ কবি কেইজন হল- হেম সৰস্বতী, হৰিহৰ বিপ্ৰ, কবিৰত্ন সৰস্বতী, ৰুদ্ৰ কন্দলী আদি।

16. নীল কোন?
উত্তৰঃ নীল বানৰ সকলৰ ৰজা সুগ্ৰীৱৰ এজন সেনাপতি।

17. মাধৱ কন্দলীয়ে কোন ৰজাৰ পৃষ্ঠপোষকতা লাভ কৰিছিল? তেওঁ ক’ৰ ৰজা আছিল?
উত্তৰঃ মাধৱ কন্দলীয়ে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতা লাভ কৰিছিল। তেওঁ পুৰণি অসমৰ পূৰ্ব-মধ্যাঞ্চলৰ (নগাঁও) ৰজা আছিল।

চমু প্ৰশ্নোত্তৰ

1. বিশ্বকর্মা। —চমু টোকা লিখা।
উত্তৰঃ বিশ্বকৰ্মা নিৰ্মাণ শিল্পৰ দেৱতা। স্বৰ্গৰ ৰাজধানী ইন্দ্ৰপুৰীৰ নিৰ্মাণ কার্য এইজনা সম্পন্ন কৰিছিল। এওঁক শ্রেষ্ঠ নির্মাতা বা শিল্পীৰূপে গণ্য কৰি তেওঁৰ পূজা-অৰ্চনা কৰা হয়।

2. সুগ্ৰীৱ। —চমু টোকা লিখা।
উত্তৰঃ সুগ্ৰীৱ আছিল কিষ্কিন্ধ্যাৰ বানৰ সকলৰ ৰজা। ৰামে সীতা উদ্ধাৰৰ বাবে সুগ্ৰীৱৰ সহায় বিচাৰিছিল। ৰামৰ মিত্ৰ সুগ্ৰীৱৰ সহায়ত বানৰসেনা সহিতে ৰামে সাগৰত সেতু বান্ধি লংকাত উপস্থিত হৈ ৰাৱণক যুদ্ধ ত পৰাস্ত কৰি সীতাক উদ্ধাৰ কৰি আনিবলৈ সক্ষম হৈছিল। ৰামে বানৰ ৰজা বালিক বধ কৰি তেওঁৰ ভ্ৰাতৃ সুগ্ৰীৱক বানৰবিলাকৰ ৰজা পাতিছিল।

READ MORE  শিশুলীলা | Chapter 1 | Class 9 Assamese - SEBA

3. অম্রাৱতী —চমু টোকা লিখা।
উত্তৰঃ আরতী হ’ল স্বৰ্গৰ ৰজা ইন্দ্ৰৰ ৰাজধানী। ইয়াক দেৱপুৰীও। বোলা হয়। এই নগৰ ঐশ্বৰ্য-বিভূতিৰে পৰিপূৰ্ণ, ফুল-ফলেৰে জাতিষ্কাৰ। স্বৰ্গৰ নিৰ্মাণ কৰ্মৰ দেৱতা বিশ্বকৰ্মাই অতি বিতোপন তথা অপৰূপ ৰূপত এই নগৰখন নিৰ্মাণ কৰিছিল।

4. নীল। —চমু টোকা লিখা।
উত্তৰঃ নীল এগৰাকী বানৰ বীৰ। তেওঁ অংগদ, সুগ্ৰীৱ আৰু হনুমন্তৰ দৰে সমুদ্ৰ অতিক্ৰম কৰিব পৰা বাৰ। এইজনা পৰাক্ৰমী সেনাপতি বীৰেও সীতা উদ্ধাৰত ৰামক সহায় কৰিছিল।

5. হনুমন্ত। —চমু টোকা লিখা।
উত্তৰঃ হনুমন্ত হ’ল বায়ুৰ বা পরনদেৱৰ পুত্ৰ। তেওঁ সৰ্বশাস্ত্ৰ বিশাৰদ আৰু মহাবলী। প্রবল বামভক্ত। তেওঁৰ মাতৃৰ নাম অঞ্জনা। হনুমন্তই সীতাৰ অন্বেষণত সাগৰ পাৰ হৈ সীতাক লংকাত অভয়বাণী প্ৰদান কৰাৰ লগতে ৰামক সীতাৰ সম্ভেদ দিছিল ৰাম-ৰাৱণৰ যুদ্ধতো মুখ্য ভূমিকা লৈ সীতাক উদ্ধাৰ কৰি অনাত ৰামক সহায় কৰি হনুমন্তই ৰামভক্তিৰ পৰিচয় দিছিল।

6. কাশ্যপ-নন্দন। —চমু টোকা লিখা।
উত্তৰঃ কাশ্যপ নন্দন সূৰ্য দেৱতাৰ নাম। ৰামায়ণ আৰু দুই -এখন পুৰাণ শাস্ত্রমতে সূৰ্যদেৱতা ঋষি কাশ্যপ আৰু অদিতিৰ পুত্ৰ হেতু তেওঁক কাশ্যপ-নন্দন নামেৰেও জনা যায়।

7. হনুমন্তই কি ৰূপ ধৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল? তেওঁ সেই ৰূপ ধৰাৰ কাৰণ কি আছিল?
উত্তৰঃ হনুমন্তই নিজৰ বৃহৎ শৰীৰটো বিৰাল (মেকুৰী) সদৃশ সংকুচিত কৰি লংকা নগৰীত প্ৰৱেশ কৰিছিল। তেওঁ সেই ৰূপ ধৰাৰ কাৰণ এয়ে যে, যদি হনুমন্তিই তেওঁৰ বিৰাটাকায়। দেহটোৰে লংকা নগৰীত প্ৰৱেশ কৰে তেনেহলে তেওঁক ৰাক্ষসগণে দেখা পাব আৰু শত্ৰুৰূপে আগুৰি ধৰি তেওঁৰ প্ৰাণনাশৰ চেষ্টা চলাব বুলি বিবেচনা কৰিয়েই তেওঁ নিজ ৰূপ সই লংকা নগৰীত প্ৰৱেশ কৰিছিল।

8. সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ কেনে ধৰণৰ চিন্তা আহিছিল?
উত্তৰঃ সুৰক্ষিত লংকা নগৰী দেখি হনুমন্তৰ মনলৈ নিৰাশ ভাব আহিছিল। তেওঁৰ মনত খেলোৱা ভাব মতে লংকাৰ দৰে চাৰিওফালে সুদৃঢ় গড়েৰে সুৰক্ষিত নগৰী এখনত বান্দৰৰ কথা বাদেই যাওক, দেৱতা বা অসুৰৰ পক্ষেও তাত প্ৰৱেশ কৰাটো সম্ভৱ নহয়। অংগদ, সুগ্ৰীৱ, নীল, আৰু হনুমন্তই নিজে সমুদ্র লংঘিব পাৰে যদিও, আন বানৰ সকলৰ পক্ষে সেয়া কদাপিও সম্ভৱ নহয়। গতিকে এনে দুর্গম ঠাইলৈ তেওঁ যি উদ্দেশ্যে আহিছে সেই উদ্দেশ্য পূৰণ কৰিব পৰাটো এটা টান কাম হ’ব বুলি হনুমন্ত ভীষণ চিন্তাত পৰিছে।

9. লংকা নগৰীৰ কাষৰ বনবননিত হনুমন্তই কি কি ফল ফুলৰ গছ দেখিবলৈ পাইছিল?
উত্তৰঃ সুবেল বা ত্রিকূটগিৰি শৃংগত অৱতৰণ কৰা হনুমন্তই তাৰ পৰাই লংকা নগৰীলৈ দৃষ্টিপাত কৰোতে দেখা বন-বননিৰ ফPল ফুলৰ গছ-গছনিবোৰ হল- সৰল, পিয়াল, খৰ, নিখৰ, খজুৰ, শাল, তাল, তমাল, গমাৰি, অশ্বত্থ, কূপিথ, বট, নাৰংগ, বদৰ তেন্তেলি, কণ্টকী, আম, জাম, নাগেশ্বৰ, খাজৰি, হাৰিঠা, আমলখি, ডহাফল, গুৱা, ছাতিয়াল, নাৰিকল, শ্রীফল, সলংগা, মহৰি, কমলা টেঙা, কৰ্দৈ, আমৰা, আদি ফল- মূল আৰু গছ গছনিৰ লগতে বিবিধ ফুল, যেনে- কদম্ব, গুলঞ্চি · গুটিমালি, পাৰিজাত, সেউতি, মালতী আদি গছ দেখিবলৈ পাইছিল।

10. তৰিলন্ত সাগৰ নভৈল কিছু শংকা,
সুবেলত বসিয়া বীৰে দেখিলন্ত লংকা।
—বাক্যাংশত প্ৰকাশ পোবা ভাবখিনি বুজাই দিয়া।
উত্তৰঃ পৱনপুত্র হনুমন্ত এজন মহাবীৰ। তেওঁ দুৰ্দান্ত সাহসী আৰু শক্তিমন্ত।। তেওঁ যোজন যোজন বিয়পি থকা বিশাল সাগৰৰ পাৰ হ’বলৈ মুঠেও ভয় নকৰে। বা এই বিষয়লৈ তেওঁৰ মনত কোনো ভয়ৰ উদ্ৰেক নহয়। কিন্তু এনে দুঃসাহসী বীৰ হনুমন্তই সুবেল পর্বতত বহি চৌদিশে সুদৃঢ় প্রাচীৰেৰে আবৃত আৰু সকলো দিশৰপৰা, দেৱতা নাইবা অসুৰৰ পক্ষেও নগৰীত প্ৰৱেশ কৰিব নোৱাৰাকৈ সুৰক্ষিত নগৰীত কিদৰে প্ৰৱেশ কৰিব তাকে লৈ হনুমন্তৰ মনোজগতত ওপজা শংকা তথা দ্বিধাৰ কথা উল্লিখিত কাব্যাংশত প্ৰকাশ পাইছে।

READ MORE  লোক সংস্কৃতি | Chapter 12 | Class 9 Assamese - SEBA

11. সুবেলশৃংগত বহি হনুমন্তই কি ভাবিছিল?
উত্তৰঃ সুবেল-শৃংগত বহি হনুমন্তই লংকা নগৰীলৈ দৃষ্টিপাত কৰি চিন্তাত পৰিছিল। তেওঁক লংকা নগৰীৰ অপৰূপ ৰূপে মোহিত কৰি পেলাইছিল। তেওঁ মনতে ভাবিছিল যে, লংকা নগৰী যেন সমুদ্ৰৰ মাজত থকা স্বৰ্গৰ ইন্দ্ৰপুৰীহে। এনেহেন লংকা নগৰীত কিদৰে তেওঁ প্ৰৱেশ কৰিব তাকে লৈ হনুমন্ত মহা চিন্তাত পৰিল। কোটি যোজন সমুদ্র অতিক্ৰম কৰোঁতে তেওঁৰ মনত কোনো শংকাৰ উদ্ৰেক ঘটা নাছিল যদিও এতিয়া লংকা নগৰী দেখি তাত প্ৰৱেশ কৰিবলৈ তেওঁৰ মনত শংকা জন্মিছে। এনে চিন্তাযুক্ত মনেৰে তেওঁ লংকা নগৰীলৈ চাই শেষত সিদ্ধান্ত কৰিলে যে যিকোনো উপায়েই নহওঁক কিয় তেওঁ ৰামৰ কাৰ্য সাধিবৰ বাবেই ইয়ালৈ আহিছে যেতিয়া এতিয়া তাৰহে চেষ্টা কৰিব। এই বুলি মনতে গুণি দিনৰ ভাগতে লংকা নগৰীখন চাই লোৱাৰ সিদ্ধান্ত কৰিলে।

12. হনুমন্তই কি কাৰণে লংকা দৰ্শন কৰিব লগা হৈছিল চমুকৈ লিখা।
উত্তৰঃ পিতৃ সত্য পালনার্থে অযোধ্যাৰ ৰাজকোঁৱৰ তথা ৰজা দশৰথৰ জ্যেষ্ঠ পুত্ৰ শ্ৰীৰামচন্দ্ৰই বনবাসলৈ যাবলগা হৈছিল। ৰামৰ এই বনবাস যাত্ৰাত তেওঁৰ প্ৰিয় পত্নী সীতা আৰু প্ৰিয় ভ্রাতৃ লক্ষ্মণও সংগী হৈছিল। এই বনবাস যাত্ৰাত তেওঁলোকে পঞ্চবটী বনত বনবাসত থাকোতে এদিনাখন লংকাৰ মহাপৰাক্ৰমী ৰজা ৰাৱণে ৰাম- লক্ষ্মণৰ অনুপস্থিতিত বনৰ পৰ্ণকুটীৰৰ পৰা সীতাক হৰণ কৰি লংকালৈ লৈ যায়। কুটীৰলৈ উভতি আহি ৰাম-লক্ষ্মণে সীতাক কুটীৰত নাপাই বিচাৰ-খোচাৰ কৰোতে জটায়ুৰ পৰা ৰাৱণে সীতাক হৰণ কৰি লৈ যোৱাৰ কথা জানিব পাৰি সীতা উদ্ধাৰৰ অভিযানত অবতীর্ণ হয়। লংকা হ’ল পঞ্চবটী বনৰ পৰা যোজন যোজন দূৰত্বত থকা সমুদ্র বেষ্টিত দুর্গম নগৰী। তালৈ যোৱা সহজসাধ্য নহয়। সেয়ে লংকা নগৰীত সীতা ক’ত, কেনেকৈ আছে তাৰ সবিশেষ তথ্য উদ্ঘাটন কৰিবৰ বাবেই ৰামৰ অনুৰোধত হনুমতই লংকালৈ যাব লগা হৈছিল। ৰামে ভালদৰেই বুজিছিল যে হনুমন্তৰ দৰে সাগৰ-পৰ্বত হেলাৰঙে অতিক্ৰম কৰিব পৰা প্ৰবল পৰাক্ৰমী বীৰ হনুমন্তৰ বাহিৰে এই কাম আন কোনোৱে কৰিব নোৱাৰে। সেয়েহে ৰামে এই কামৰ দায়িত্ব হনুমন্তৰ ওপৰত অৰ্পণ কৰিছিল আৰু ৰামৰ পৰম ভক্ত হনুমন্তই ৰামৰ এই কাৰ্য সাধিবলৈ লংকা দৰ্শন কৰিবলৈ ধাৱমান হৈছিল।

13. হনুমন্তই গধূলি সময়ত দেখা লংকা নগৰীৰ এটি বর্ণনা দিয়া।
উত্তৰঃ হনুমন্তই গধূলি পৰত নিজৰ দেহৰ কলেৱৰ মেকুৰী এটাৰ সমান সংকুচিত কৰি প্ৰাচীৰৰ ওপৰত উঠি লংকাৰ গধূলিৰ ৰূপ দেখা পালে। হনুমন্তই দেখা মতে লংকা নগৰী স্বৰ্গৰ ৰজা ইন্দ্ৰৰ ৰাজধানী অমৰাৱতীৰ দৰে সমুজ্জ্বল। যেন বিশ্বকর্মাইহে এই অপূৰ্ব নগৰীখন নিৰ্মাণ কৰিছে। নগৰীখন আৱৰি থকা চৌদিশৰ গড়ো যেন সোণেৰে নিৰ্মিত, যি গড়ে জলমলাই নগৰীখন সুৰক্ষিত কৰি ৰাখিছে। নগৰীখনৰ ভিতৰতো ঠায়ে ঠায়ে, সুৱৰ্ণ মাণিক জ্বলি নগৰীখনক জকমকাই তুলিছে। গোটেই নগৰখনেই গড়েৰে বিভিন্ন সুৰক্ষিত দেৱালেৰে এনেভাৱে আবৃত যে তাত প্ৰৱেশ কৰা সাধাৰণ লোকৰ বাবেই যে অসাধ্য এনে নহয়, পৰাক্ৰমী দেৱতা বা অসুৰৰ পক্ষেও সেয়া অসম্ভর কাম। এনেদৰেই হনুমন্তই গধূলিৰ লংকা নগৰীৰ ৰূপৰ এটি বর্ণনা দিছে।

14. ইসব শৰীৰে যেবে পেষওঁ নগৰ।
ৰাক্ষস বান্ধিয়া ফুৰাইবে ঘৰে ঘৰ।।
কাব্যাংশত প্রকাশ পোৱা কথাখিনিৰ বক্তা কোন? বক্তাই কিয় তেনেদৰে ভাবিছিল বুজাই দিয়া।
উত্তৰঃ কাব্যাংশত প্ৰকাশ পোৱা কথাখিনিৰ বক্তা হনুমন্ত। হনুমন্তই ৰামৰ অনুৰোধ মতে সীতাৰ অন্বেষণত সমুদ্র অতিক্রমি লংকা নগৰীত অৱস্থিত সুবেল পর্বত শৃংগত উপস্থিত হৈছে। এই শৃংগত বহিয়েই ৰাৱণৰ ৰাজধানী লংকা নগৰীলৈ চাই নগৰীখনৰ সুৰক্ষাৰ ব্যৱস্থাই হনুমন্তক তাত কিদৰে প্ৰৱেশ কৰিব এই বিষয়ত মহা চিন্তাত পেলাইছে। হনুমন্তই চিন্তা কৰি চাইছে যে, তেওঁ যদি স্ব-শৰীৰে নগৰীত প্ৰৱেশ কৰে তেনেহলে তেওঁক লংকাৰ ৰাক্ষসগণে সহজে আন ঠাইৰ পৰা অহা বিদেশী বুলি চিনাক্ত কৰিব পাৰিব আৰু পৰিণতি স্বৰূপে ৰাক্ষসবোৰে ধৰি বান্ধি নানা শাস্তি দি ঘৰে ঘৰে লৈ ফুৰি তেওঁক নানা দুৰ্গতিৰ সম্মুখীন কৰাব আৰু তেতিয়া তেওঁৰ লংকালৈ অহাৰ উদ্দেশ্যও পূৰণ নহ’ব। সেইবাবে হনুমন্তই তেওঁৰ দেহৰ কলেৱৰ হ্ৰাস কৰি বিৰাল বা মেকুৰী সদৃশ ক্ষুদ্ৰ ৰূপ ধাৰণ কৰি লংকা নগৰীত প্ৰৱেশ কৰাৰ কথা চিন্তা কৰিছে। এই ভাবখিনিয়ে। উল্লিখিত কাব্যাংশত বজাৰ বক্তব্যত ফুটি উঠিছে।

READ MORE  অন্যৰ প্ৰতি ব্যৱহাৰ | Chapter 6 | Class 9 Assamese - SEBA

15. হনুমন্তৰ লঙ্কাদর্শন’ কাব্যাংশৰ মূল কথাখিনি তোমাৰ নিজৰ ভাষাৰে লিখা।
উত্তৰঃ মূলকথা- হনুমন্তৰ লঙ্কাদৰ্শন’ কবিতা অংশ মূল ৰামায়ণৰ সুন্দৰকাণ্ডৰ ঘাইকৈ দ্বিতীয় সগৰ আধাৰত অনুবাদ কৰা। এই অংশটোত কবিয়ে মূল বিষয়বস্তুৰ স্থানীয়ভাৱে চমু ৰূপত সংযোজন ঘটাইছে। পাঠত সন্নিৱিষ্ট অংশটোত সীতাৰ অন্বেষণত যোৱা হনুমানে বিশাল সাগৰ পাৰ হৈ সুবেল বা ত্রিকূটগিৰি পৰ্বতত নামিছে। এই ত্ৰিকুটগিৰি শৃংগৰ পৰাই ৰাৱণৰ লংকা নগৰীলৈ দৃষ্টিপাত কৰোঁতে হনুমানৰ দৃষ্টিগোচৰ হোৱা ঘটনাৰ বিৱৰণেই হ’ল ‘হনুমন্তৰ লঙ্কাদৰ্শন’ৰ মূল বিষয়বস্তু।

ত্রিকূট পৰ্বতৰ ওপৰত ৰাৱণৰ ৰমকজমক লংকা নগৰী। এই নগৰীৰ চাৰিওদিশ সুদৃঢ় প্রাচীৰে আবৃত। এই নগৰী এনে বিতোপন আৰু সুসংৰক্ষিত যে ই ইন্দ্ৰৰ অমৰাৱতী নগৰীতকৈ কোনো গুণে কম নহয়। লংকা নগৰীৰ মনোমোহা উদ্যান, গগনচুম্বী অট্টালিকা, গড়-প্ৰাচীৰ আদিৰে সুৰক্ষিত নগৰী দেখি হনুমান মুগ্ধ হৈছে। তেওঁৰ মনত নামভাৱৰ হেন্দোলনিয়ে যৌকি বাথৌ লগাইছে। অপাৰ ঐশ্বৰ্য বিভূতিৰে পূৰ্ণ লংকা নগৰীৰ সকলোতে সোণ-ৰূপ মণি মাণিক্যৰ পয়োভৰ। প্ৰশস্ত সুশোভিত বাট-পথ, নানা ধৰণৰ ফল-ফুলেৰে পৰিপূৰ্ণ উদ্যান, বিভিন্ন চৰাই- চিৰিকতিৰ কলৰৱেৰে মুখৰিত আৰু বিবিধ ফুলেৰে জাতিষ্কাৰ নগৰীখনত অহৰহ বৈ থকা সাগৰীয় মৃদু মধুৰ শীতল বতাহে এই নগৰীক অমৰাৱতী সদৃশ অপৰূপ তথা মনোমগ্ধকৰ কৰি তুলিছে ইয়াক বিশ্বকৰ্মাৰ অপূৰ্ব সৃষ্টি বলি কবিয়ে অভিহিত কৰিছে। দিনৰ সূৰ্যৰ পোহৰে এই নগৰীক যিদৰে অনন্যৰূপৰ জলমলাই তোলে ঠিক তেনেদৰে গধূলি বেলিকাও বিবিধ বন্তিৰ পোহৰে এই নগৰীক মায়াবী ৰূপত জিলিকাই তোলে। এনেদৰেই হনুমানে ত্রিকূট পৰ্বতত বহি লংকাৰ ৰূপৰ বৰ্ণনা কৰিছে।

16. হনুমন্তৰ লংকা দৰ্শনত প্ৰকাশ পোৱা ধৰণে লংকা নগৰীৰ সুৰক্ষা ব্যৱস্থা সম্পর্কে তোমাৰ ধাৰণা ব্যক্ত কৰা।
উত্তৰঃ ৰামৰ অনুৰোধ মৰ্মে সীতা অন্বেষণত লংকাত উপস্থিত হোৱা হনুমন্তই লংকা নগৰীত অৱস্থিত সুবেল পর্বত শৃংগত উপবিষ্ট হৈ তাৰ পৰাই লংকা। নগৰীখন প্ৰথমতে দৰ্শন কৰিছে। এই দৰ্শনত হনুমন্তই লংকা নগৰীত প্ৰৱেশৰ উপায় বিচাৰি ঘাইকৈ নগৰখনৰ সুৰক্ষাৰ দিশটো ভালদৰে নিৰীক্ষণ কৰি লৈছে। এই ক্ষেত্ৰত হনুমন্তই নগৰীখনৰ সুৰক্ষা সম্পৰ্কে কোৱা কথাখিনিৰ পৰা বুজিব পাৰি যে লংকা নগৰীখন চাৰিওফালে লংঘন-অসাধ্য সুদৃঢ় গড়েৰে আবৃত। এই চৌপাশৰ গড়সমূহ এনেভাৱে নিৰ্মাণ কৰা হৈছে যে তাত বাহিৰৰ লোকৰ পক্ষে প্ৰৱেশ কৰা অসম্ভৱ প্রায়। তদুপৰি গড়ৰ ভিতৰত থকা নগৰখনৰ ঠায়ে ঠায়ে থকা বাট-পথো নানাভাৱে সৈন্য-সামন্ত ৰাখি এনেভাৱে সুৰক্ষিত কৰি ৰাখিছে যে মানুহ বা বানৰৰ কথা বাদেই, দেৱতা তথা পৰাক্ৰমী অসুৰৰ বাবেও নগৰীখনত প্ৰৱেশ কৰা অতি দুৰূহ কাম। হনুমন্তই দিয়া এনে ধৰণৰ বৰ্ণনাৰ পৰা সহজে অনুমেয় যে লংকা নগৰী এখনি অতি সুৰক্ষিত নগৰ আৰু তাত বাহিৰৰ লোকে প্ৰৱেশ কৰিব নোৱাৰে।

ভাষা বিষয়ক

1. তলৰ শব্দবোৰৰ আধুনিক ৰূপ লিখা। 
—কণ্টকি, তহিতে, ছাতিয়াল, দেখিলন্ত।
উত্তৰঃ

শব্দআধুনিক ৰূপ
কণ্টকিকাইটীয়া গছ
তহিতেতাত
ছাতিয়ালছাতিয়ন গছ
দেখিলন্তদেখিলে।

2. সমার্থক শব্দ লিখা।
—গগন, গড়, পৱন, বিৰাল, সমুদ্র।
উত্তৰঃ 

শব্দসমার্থক শব্দ
গগনআকাশ
গড়প্ৰাচীৰ
পৱনবায়ু
বিৰালমেকুৰী
সমুদ্রসাগৰ

Leave a Comment

error: Content is protected !!
Scroll to Top