চোৰধৰা | Chapter 15 | Class 9 Assamese (MIL) - SEBA

চোৰধৰা | Chapter 15 | Class 9 Assamese – SEBA

চোৰধৰা | Chapter 15 | Class 9 Assamese Chapter 15 চোৰধৰা | Class 9 Assamese Question and Answer | Assam Class 9 Assamese Solutions | SEBA Class 9 Assamese Chapter 15 Notes | SEBA Class 9 Assamese Chapter 15 Question and Answer | Questions and Answers for Class 9 Assamese Chapter 15 চোৰধৰা| Assam Class 9 Assamese Questions and Answers Assam | Class 9 চোৰধৰা Assamese Question and Answer | Assam Board Class 9 Assamese Chapter 15 চোৰধৰা


চোৰধৰা

(শ্ৰীশ্ৰী মাধৱদেৱ)

অতি চমু প্ৰশ্নোত্তৰ

1. যশোদা কোন?
উত্তৰঃ যশোদা গোকুলৰ ৰজা নন্দৰ পত্নী আৰু শ্ৰীকৃষ্ণৰ পালিকা মাতৃ।

2. কানাই কোন?
উত্তৰঃ কৃষ্ণকেই কানাই বোলে।

3. “চোৰধৰা” কি?
উত্তৰঃ চোৰধৰা এখন ঝুমুৰা।

4. যশোদাই কৃষ্ণক ক’ত বিচাৰিছিল?
উত্তৰঃ যশোদাই শ্ৰীকৃষ্ণক যমুনাৰ পাৰে পাৰে বিচাৰি ফুৰিছিল।

5. চোৰধৰাৰ ৰচয়িতা কোন?
উত্তৰঃ “চোৰধৰাৰ ৰচয়িতা মহাপুৰুষ মাধৱদেৱে।

6. কানাইৰ প্ৰকৃত পিতৃ-মাতৃৰ নাম কি কি?
উত্তৰঃ কানাইৰ প্ৰকৃত পিতৃ-মাতৃৰ নাম বসুদেৱ আৰু দৈৱকী।

7. কৃষ্ণৰ বাতৰি যশোদাক কোনে দিলে?
উত্তৰঃ এজনী গোপীয়ে কৃষ্ণৰ বাতৰি যশোদাক দিছিল।

8. “চোৰধৰা” নাট নে ঝুমুৰা?
উত্তৰঃ চোৰধৰা নাট নহয়, ঝুমুৰাহে।

9. লৱণু-চোৰ কৃষ্ণই গোপীৰ মুখত কি সানি দিছিল?
উত্তৰঃ লৱণু-চোৰ কৃষ্ণই গোপীৰ মুখত লৱণু সানি দিছিল।

10. “ওহি বান্দীসৱক থানে আৱৰ নাহি।”
—“আৱৰ নাহি” বুলি কোনে, কাক কৈছিল?
উত্তৰঃ “আৱৰ নাহি” বুলি যশোদাই শিশু কৃষ্ণক কৈছিল।

11. মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ কি?
উত্তৰঃ “নামঘোষা” মাধৱদেৱৰ সাহিত্যিক জীৱনৰ কীৰ্তিস্তম্ভ।

12. কানাই বুলি কাৰ কথা কোৱা হৈছে?
উত্তৰঃ কানাই বুলি কৃষ্ণৰ কথা কোৱা হৈছে।

13. তেওঁৰ পালিত পিতৃ-মাতৃৰ নাম কি?
উত্তৰঃ কানাইৰ পালিত পিতৃ-মাতৃৰ নাম ক্ৰমে নন্দ আৰু যশোদা।

চমু প্ৰশ্নোত্তৰ

1. “আহে ঢাণ্ডি, হামু কৈছে চোৰ”–কোনে কাক কি প্ৰসঙ্গত কৈছিল?
উত্তৰঃ শ্ৰীকৃষ্ণই গোৱালীৰ ঘৰত লৱনু চোৰ কৰিবলৈ সোমাই। এনে সময়তে গোৱালীয়ে আহি কৃষ্ণক চোৰ ধৰা পেলায়। গোৱালীয়ে পাৰাৰ সকলো গোৱালীক মতাই আনি কৃষক চোৰ বুলি দেখুৱাই দিয়ে। সেই বিপদৰ পৰা হাত সাৰিবৰ বাবে কৃষই নিজহাতে লৱনু আনি গোৱালীৰ মুখত ঘহি দিয়ে আৰু পাৰাৰ গোৱালীসকলক প্ৰমাণ কৰি দেখুৱাই যে গোৱালীয়ে নিজে লৱনু খাই মিছাতে কৃষ্ণক চোৰ ধৰিছে। সেয়েহে কৃষ্ণই গোৱালীক কৈছে যে, “হে লুধুমী—মই কেনেকৈ চোৰ-তেওঁৰ মুখেই সাক্ষী।”

2. কি যুক্তিৰে কৃষ্ণই নিজকে লৱনু চোৰ নহয় বুলি প্ৰমাণ কৰিবলৈ বিচাৰিছিল?
উত্তৰঃ গোপীয়ে কৃষ্ণক লৱনু-চোৰ ধৰাত কৃষ্ণই ক’লে যে, তেওঁ কেতিয়াও চোৰ নহয়। আন আন গৰখীয়া ল’ৰাৰ লগত তেওঁ ৰাজপথত ফুৰি আছে। গোপীয়ে নিজেই নিজৰ দধি খাই কৃষ্ণক-চোৰ অপযশ দিছে।

সাক্ষ্যদানৰ বাবে গোপীজনীয়ে চুবুৰীৰ আন আন গোপীসকলক মাতিলে। তেতিয়া কৃষ্ণই নিজৰ হাতৰ লৱনু গোপীৰ মুখত সানি দি কলে যে, সাক্ষীৰ কোনো প্রয়োজন নাই গোপীৰ মুখেই সাক্ষী। কৃষ্ণৰ যুক্তিত গোপীয়ে পৰাজয় মানিলে।

3. চোৰধৰা নাটত মাধৱদেৱে শ্ৰীকৃষ্ণৰ চৰিত্ৰটো কেনেদৰে প্ৰকাশ কৰিছে আলোচনা কৰা।
উত্তৰঃ মাধৱদেৱে চোৰধৰা নাটত শ্ৰীকৃষ্ণক মানৱশিশু ৰূপে চিত্ৰিত কৰিছে যদিও শ্ৰীকৃষ্ণৰ মাহাত্মক আৰু চল চাতুৰীও প্ৰকাশ কৰিছে। মাধৱদেৱে শ্ৰীকৃষ্ণৰ শিশুকালটোহে বেছি গুৰুত্ব দিছে। শ্ৰীকৃষও সাধাৰণ মানৱ-শিশু, গোৱালীনী যশোদাৰ পুত্ৰ। সাধাৰণ মানৱ-শিশুৰ নিচিনা গোৱালীনীৰ ঘৰত সোমাই মাখন চুৰ কৰি খাইছে, ধৰাও পৰিছে, কিন্তু গোৱালীনী নিজে চোৰ বুলি প্ৰমাণিত হল। নাট্যকাৰে প্ৰকৃততে শ্ৰীকৃষ্ণৰ টেঙুলি আৰু মাহাত্মকহে প্ৰকাশ কৰিছে।

4. গোপীয়ে কৃষ্ণক লৱনু-চোৰ ধৰাত কৃষ্ণই গোপীক কি কি কৈছিল?
উত্তৰঃ গোপায়ে কৃষ্ণক লৱনু-চোৰ ধৰাত কৃষ্ণই, গোপীক এনেদৰে কৈছিল “হৈ লুধুমী গোৱালী, মই চোৰ কেনেকৈ? আন আন লগৰীয়া গৰখীয়াৰ লগত মই ৰাজপথত ঘূৰি ফুৰি আছোঁ। তুমি নিজেই নিজস্ব ঘৰৰ দধি খাই এতিয়া মোক চোৰ বুলিছা।”

5. চোৰধৰা পাঠটিত কাক চোৰ বুলি কোৱা হৈছে? তেওঁ ক’ত চোৰ কৰিছিল? ফলাফল কি হ’ল বৰ্ণনা কৰা।
উত্তৰঃ “চোৰধৰা” পাঠটিত শ্ৰীকৃষ্ণক চোৰ বুলি কোৱা হৈছে। শ্ৰীকৃষ্ণই শিশুকালতে এদিন গোৱালীপাৰাৰ গোপীৰ ঘৰত লৱনু চোৰ কৰি ধৰা পৰে।

কিন্তু বুধিয়ক কৃষ্ণই পাছত নিজকে চোৰ নহয় বুলি প্ৰমাণ কৰিলে। সেয়েহে গোপীয়ে যেতিয়া গোৱালী পাৰাৰ সমস্ত গোপীকে মাতি আনিলে তেতিয়া কৃষ্ণই নিজ হাতৰ লৱনু খনি গোপীৰ মুখত ঘহি দি ওলোটাই গোপীক চোৰ সজালে। সেয়েহে কৃষই কৈছে, “আহে গোপীসৱ দেখু দেখু, আৱৰ সাখীত কমন প্রয়োজন? উনিকৰ মুখহি সাখী।”

6. “ছিঃ তোহাৰি মুখে ছাৰ পৰোক”–এই উক্তিটো কোনে কাক কিয় কৈছিল?
উত্তৰঃ যশোদাই গোৱালী এজনীক এইষাৰ কথাটো কৈছিল। লৱনু চোৰ কৰা বুলি গোৱালীয়ে কৃষক বদনাম দিছিল। শ্ৰীকৃষ্ণই লৱনু চোৰ কৰা বদনামৰ বিৰুদ্ধে যশোদাই গোৱালী জনীক এইদৰে গালি পাৰিছে। শ্ৰীকৃষ্ণই মাক যশোদাৰ আগত কান্দি কান্দি কৈছিল যে গোৱালীয়ে কৃষ্ণক মিছাতে লৱনু চোৰ বদনাম দিছে। পুত্ৰৰ কথা বিশ্বাস কৰি মাক যশোদাই “ছিঃ তোৰ মুখত ছাৰ পৰোক,” বুলি গোৱালীক গালি পাৰিছে।

7. “হে মাই যশোদে, তোহে তাপ তেজহ।
যশোদাৰ মনৰ তাপ গুচাবলৈ গোপীয়ে কিয় কব লগা হৈছিল?
উত্তৰঃ যশোদাই কৃষ্ণক বিচাৰি ফুৰোতে এগৰাকী গোপীয়ে তেওঁক লগ পাই কৈছিল যে যশোদাই শোক তাপ কৰিব নালাগে। কিয়নো গোপীয়ে যশোদাৰ পুত্ৰ কৃষ্ণক দেখিছে। লৱণু চোৰ কৰিবৰ বাবে বালগোপালে এগৰাকী গোপীৰ ঘৰত প্ৰৱেশ কৰিলে। গোপীয়ে কৃষ্ণক লৱণু-চোৰ বুলি ধৰিলে। তেতিয়া শ্ৰীকৃষ্ণই গোপীক কলে যে তেওঁ চোৰ নহয়। অন্য গৰকীয়া সকলৰ লগত তেওঁ ৰাজপথত খেলি আছে। গোপীয়ে নিজেই নিজৰ ঘৰৰ লৱণ খাই কৃষ্ণক চোৰ বুলিছে।। কৃষ্ণৰ কথা শুনি গোপীয়ে চুবুৰীৰ আন আন গোপীসকলক মাতি আনি সাক্ষী। কৰিলে। তেতিয়া কৃষই নিজৰ হাতত থকা লৱণু গোপীৰ মুখত সানি দি কলে “গোপীসকল চোৱা, সাক্ষীৰ কোনো প্রয়োজন নাই। এওঁৰ মুখেই সাক্ষী।”

READ MORE  অন্ধবিশ্বাস আৰু কু-সংস্কাৰ | Chapter 8 | Class 9 Assamese - SEBA

কৃষ্ণৰ কথা শুনি গোপীয়ে বৰ লাজ পালে। কৃষ্ণক কথাৰে পৰাজিত কৰিব নোৱাৰি গোপীসকলে পৰাজয় মানিবলৈ বাধ্য হ’ল। কৃষ্ণই গোপীৰ কাপোৰৰ আঁচলত ধৰি টানি আনিলে। গোপীয়ে কাতৰ ভারে কৃষ্ণক কলে “ হে কানাই, তুমি মোক এৰা। তোমাক মই লৱণু দিম।” গোপীয়ে কৃষ্ণক লৱণু দিলে। কৃষ্ণই লৱণু খাই আনন্দমনে নাচিবলৈ ধৰিলে।

গোপীজনীয়ে যশোদাক ক’লে “হে আই যশোদা! তুমিনো কি পুণ্য কৰি শ্ৰীকৃষ্ণক পুত্ৰৰূপে পালা? শ্ৰীকৃষ্ণই সমগ্র গোকুলবাসীকে আনন্দ দিছে। গতিকে হে আই। তুমি চিন্তা শোক ত্যাগ কৰা।

8. “হে কানাই, তোতহা হামাক ছাড়হ। তোহাক হামু লৱনু দেৱব।” ইয়াত কানাই কোন? কোনে কিয় কানাইক ছাড়িবলৈ অনুৰোধ কৰিছে আৰু লৱনু দিব খুজিছে? বুজাই লিখা।
উত্তৰঃ ইয়াত কৃষ্ণকেই কানাই বুলি সম্বোধন কৰা হৈছে: কানাই শ্ৰীকৃষ্ণৰেই বহুত নামৰ ভিতৰত এটা নাম। গোৱালীপাৰাৰ গোপীয়ে তাইক ছাড়ি দিবলৈ। কৃষ্ণক অনুৰোধ জনাইছে আৰু লৱনু দিবও খুজিছে।

এদিনাখন কৃষ্ণই গোৱালীপাৰাত গোপীৰ ঘৰত সোমাই লৱনু চুৰ কৰি খাইছিল। শেষত গোপীৰ হাতত ধৰা পৰে। কিন্তু চতুৰ কৃষ্ণই নিজক চোৰ নহয় বুলি প্ৰমাণ কৰিবৰ বাবে নিজ হাতে মাখন আনি গোপীৰ মুখত ঘহি দিয়ে। আনকি গোপীৰ চাদৰত ধৰি টানি আনি আনসকল গোপীক দেখুৱাই যে তেওঁ মাখন (লৱনু) চোৰ কৰা নাই। গোপীয়ে নিজেই খাইছে। সেয়েহে ইয়াত কৈছে যে ‘উনিকৰ মুখেহি সাখী।

কৃষ্ণৰ কাৰ্যত গোপীয়ে বৰ লাজ পালে আৰু শেষত কৃষ্ণক অনুৰোধ জনালে, “হে কৃষ্ণ মোক এৰি দিয়া তোমাক আৰু লৱনু দিম। এইদৰে কৃষ্ণই গোপীৰ ঘৰত লৱনু খাই পুনৰ নৃত্য কৰিবলৈ ধৰিলে।

9. শ্ৰীকৃষ্ণই গোপীৰ মুখত কিয় লৱণু সানি দিছিল?
উত্তৰঃ এদিনাখন কৃষ্ণই গোৱালীপাৰাত গোপীৰ ঘৰত সোমাই লৱণু চোৰ কৰি খাইছিল। শেষত গোপীৰ হাতত ধৰা পৰে। গোপীয়ে কৃষ্ণক লৱণু-চোৰ বুলি ধৰাত কৃষ্ণই কলে যে, তেওঁ কেতিয়াও চোৰ নহয়। আন আন গৰখীয়া। ল’ৰাৰ লগত তেওঁ ৰাজপথত ফুৰি আছিল। গোপীয়ে নিজেই নিজৰ লৱণু খাই কৃষ্ণক চোৰ অপযশ দিছে।

সাক্ষ্যদানৰ বাবে গোপীজনীয়ে চুবুৰীৰ আন আন গোপীসকলক মাতিলে। তেতিয়া কৃষ্ণই নিজে বিপদৰ পৰা হাত সাৰিবলৈ নিজৰ হাতৰ লৱণু গোপীৰ মুখত সানি দি কলে যে, সাক্ষীৰ কোনো প্রয়োজন নাই, গোপীৰ মুখেই সাক্ষী। কৃষ্ণৰ যুক্তিত গোপীয়ে পৰাজয় মানিলে।

10. “হে কানাই, তোহে হামাক ছাড়হ। তোমাক হাম লবনু দেব”। –কোনে কিয় কানাইক লৱণু দিব খুজিছে?
উত্তৰঃ এদিনাখন কৃষ্ণই গোৱালীঘৰত সোমাই লৱনু চুৰ কৰি খাইছিল। গোৱালীৰ হাতত কৃষ্ণ ধৰা পৰাত গোৱালীয়ে কৃষ্ণক চোৰ বুলি কয়। তেতিয়া কৃষ্ণই চতুৰালী কৰি গোৱালীৰ মুখত লৱনু ঘহি দি গোৱালীকে চোৰ বুলি কয়। আনকি গোৱালীৰ আঁচল ধৰি টানি আনি আন গোৱালীসকলক দেখুৱাই দিয়ে। কৃষ্ণ নিজে চোৰ নহয়, গোৱালীহে চোৰ এই কথা প্ৰমাণ কৰি দিয়ে। কৃষ্ণৰ কথাত গোৱালীয়ে লাজ পালে আৰু কৃষ্ণক শেষত অনুৰোধ কৰিলে যে তেওঁক এৰি দিব লাগে। লাগিলে কৃষ্ণক আৰু লৱণু দিব।

11. ইহা শুনি চিন্তা-শোক তেজিৱে পৰম হষিত ভেল? —কোনে, কাৰ আৰু কি কথা শুনি হৰষিত হৈছিল?
উত্তৰঃ ৰাতিপুৱাতে খেলিবলৈ ওলাই অহা প্ৰাণপুত্ৰ কৃষ্ণ আবেলিপৰলৈ ঘৰলৈ উভতি নহা দেখি মাক যশোদাই শোকত বিয়াকুল হৈ কৃষক বিচাৰি ফুৰিবলৈ ধৰিলে। এইদৰে বিচাৰি ফুৰোতে এজনী গোপীয়ে কৃষ্ণ গোৱালীপাৰাত নাচি থকা বুলি যশোদাক বাতৰি দিছিল। গোপীয়ে যশোদাক কৈছিল যে, কৃষ্ণই গোৱালীপাৰালৈ গৈ এজনী গোপীৰ ঘৰত সোমাই লৱণু চোৰ কৰি খাইছিল। গোপীজনীয়ে কৃষ্ণক লৱণু চোৰ বুলি ধৰাত কৃষ্ণই ক’লে যে তেওঁ চোৰ নহয়। আন গৰখীয়া ল’ৰাৰ লগত তেওঁ ৰাজপথত ফুৰি আছিল। গোপীজনীয়ে নিজেই লৱণু খাই কৃষ্ণক চোৰ অপৱাদ দিছে। কৃষ্ণই নিজে চোৰ নহয়, গোপীজনীহে যে চোৰ এইকথা প্ৰমাণ কৰাৰ কাৰণে নিজহাতে লৱণু আনি গোপীৰ মুখত সানি দিয়ে। কৃষ্ণৰ চতুৰালিত গোপী সকলে লাজ পালে আৰু কৃষ্ণক লৱণু দিব বুলি ক’লে। লৱণু দিব খোজাত কৃষ্ণ সন্তুষ্ট হয় আৰু লৱণু হাত পাতি পাতি লৈ গোপীসকলৰ মাজত নৃত্য কৰিবলৈ ধৰিলে।
গোপীৰ মুখত যশোদাই কৃষ্ণৰ বাতৰি শুনি হৰষিত হৈছিল।

12. “যশোদাৰ চৰিত্ৰৰ মাজেৰে, এজনী সাধাৰণ গাওঁলীয়া তিৰোতাৰ চৰিত্ৰ ফুটি ওলাইছে” বুজাই লিখা।
উত্তৰঃ যশোদা হ’ল ভগবানৰূপী শিশু কৃষ্ণৰ পালিত মাতৃ। মাতৃ হৈ শিশুৰ ভালাবি কৰাটো অতি প্রয়োজন। সেয়েহে যশোদাৰ ক্ষেত্ৰতো সেইটোৱেই হৈছিল। সাধাৰণ তিৰোতাসকলে যিদৰে নিজৰ ল’ৰাটো অলপ আঁতৰিলেই বিচাৰ লয় আৰু আনে নিজৰ ল’ৰাৰ ওপৰত অত্যাচাৰ চলাব পাৰে বুলি সন্দেহৰ চকুৰে চায়, সেই দৰে কৃষ্ণই গোৱালী সকলৰ ওচৰত নৃত্য কৰি থকা শুনি যশোদাও দৌৰি গৈছিল। কৃষ্ণৰ নৃত্যত গোপীসকলে অতি আনন্দ পাইছিল। যশোদাও নিজৰ পুতেকৰ নৃত্য সুন্দৰ হোৱা জানি গৌৰব বোধ কৰিছিল, যিটো নেকি সাধাৰণ তিৰোতাসকলেও কৰে। নিজ পুতেকৰ ভাল কার্যত গৌৰৱবোধ কৰাটো আৰু দুখত কাটো সকলো তিৰোতাৰ ধৰ্ম। সেইদৰে যশোদাও গৌৰৱবোধ কৰিছিল।

মাতৃসকলে সাধাৰণতে নিজ ল’ৰা-ছোৱালীৰ কথা বিশ্বাস কৰে আৰু সিহঁতৰ কথা মতে মাক-বাপেকে কাজিয়া কৰাও দেখা যায়। যশোদাও কৃষ্ণক চোৰধৰা বাবে গোৱালীসকলক সাধাৰণ গাৱঁলীয়া তিৰোতাৰ দৰে গালি শপনি দিয়ে। গতিকে দেখা যায় যে যশোদাৰ চৰিত্ৰটোও এজনী সাধাৰণ তিৰোতাৰ চৰিত্ৰতকৈ বেলেগ নহয়।

13. মাক যশোদাই কানাইক লগ পাই কি কি কথা কৈছিল আৰু কিদৰে চেনেহ প্রকাশ কৰিছিল?
উত্তৰঃ এদিনাখন কৃষ্ণ আবেলিপৰলৈ ঘৰলৈ উভতি নহা দেখি যশোদাই | বিচাৰিবলৈ ধৰিলে। এজনী গোপীয়ে বাল-গোপালৰ বাতৰি মাতৃ যশোদাক দিলে। গোৱালীপাৰাত যশোদাই গোৱালী সকলৰ মাজত কৃষ্ণই নাচি থকা দেখা পালে। তেওঁৰ গা জুৰ পৰিল। শ্ৰীকৃষ্ণই মাতৃৰ কোলাত উঠি স্তন পান কৰি কান্দি কান্দি গোৱালীহঁতৰ কথা কলে। শ্ৰীকৃষ্ণক লৱণু চোৰ বুলি অপযশ দিয়া বাবে যশোদাই গোৱালীহঁতক ভালকৈ এজাউৰি গালি পাৰি খেদি দিলে। ভবিষ্যতলৈ গোৱালী পাৰালৈ আহিবলৈ যশোদাই কৃষ্ণক নিষেধ কৰিলে। যশোদাই কৃষ্ণক কলে মোৰ ঘৰত দধি, দুগ্ধ, লৱণু কোনোৱে খাই শেষ কৰিব নোৱাৰে। তুমি যিমান খাব পাৰা সিমান দিম। তোমাৰ সকলো কষ্ট মই মূৰ পাতি লম।

READ MORE  লোক সংস্কৃতি | Chapter 12 | Class 9 Assamese - SEBA

তাৰ পিছত যশোদাই কৃষ্ণক ঘৰলৈ আনি শীতল পানীৰে গা ধুৱাই পঞ্চামৃত ভোজন কৰাই, নানাপ্রকাৰৰ অলংকাৰ পিন্ধায় মোক্ষতকৈ অধিক সুখ লাভ কৰিলে।

14. মাধৱদেৱৰ চোৰধৰা নাটক নহয়, এখন ঝুমুৰাহে। ঝুমুৰা মানে কি? চোৰধৰা নাটৰ ওপৰত বিশ্লেষণ কৰা।
উত্তৰঃ সংগীত-প্রধান নাটবোৰকেই ঝুমুৰা বোলা হয়। বৈষ্ণৱ যুগত বহুতো মানুহৰ মন আকৰ্ষণৰ বাবে ভালেমান সংগীত-প্রধান নাটক ৰচিত হৈছিল। সংগীতে মানুহৰ মন সহজে আকৰ্ষণ কৰে। অসমীয়া সমাজত বৰ্তমানতো ঝুমুৰা নৃত্য প্রচলিত আছে। এই নৃত্যসমূহ চাহ বাগিচাৰ বনুৱা সকলৰ মাজত চলে। শঙ্কৰদেৱে নাট ৰচনা কৰাৰ সময়ত মিথিলাৰ পৰা এই ঝুমুৰাৰ প্ৰচলন আনিছিল। সেই কাৰণে শঙ্কৰদেৱ আৰু মাধৱদেৱে সাহিত্যসমূহ ৰচনা কৰিছিল এই মৈথেলি বা ব্রজবুলি ভাষাত হে।

15. “আহে ঢাণ্ডি, হামু কৈছে চো?”—কোনে কাক কি প্রসঙ্গত ঢাণ্ডি কৈছিল, বহলাই লিখা।
উত্তৰঃ শ্ৰীকৃষ্ণই গোৱালীৰ ঘৰত সোমাই মাখন চোৰ কৰি খায় আৰু ধৰাও পৰে। চোৰ ধৰা পৰাত গোৱালীয়ে গোৱালীপাৰাত সমস্ত গোৱালীকে মাতি আনে। পাৰাৰ গোৱালীক মতাত কৃষই নিজহাতে লৱনু আনি গোপীৰ মুখত লরনু ঘহি দিয়ে আৰু পাৰাৰ গোৱালীসকলক প্ৰমাণ কৰি দেখুৱাই যে গোৱালীয়ে নিজে লৱনু খাই মিছাতে কৃষক চোৰ ধৰিছে। সেয়েহে কৃষ্ণই গোৱালীক ‘ঢাণ্ডি’ বুলি তিৰস্কাৰ কৰি কৈছে যে, “আহে গোপীসৱ দেখু দেখু, আৱৰ সাখীত কমন প্রয়োজন? উনিকৰ মুখহি সাখী।”

এই কথা শুনি গোপীজনী লাজ পায়। আৰু কৃষ্ণৰ এনেকথা শুনি আটাইসকল গোপী আঁতৰিবলৈ ধৰিলে। তেতিয়া কৃষ্ণই গোপীৰ চাদৰৰ লোচত ধৰি টানি আনিবলৈ বিচৰাত গোপীয়ে কাতৰ হৈ কৃষ্ণক কয় যে, “তোহাক হামু লৱনু দেৱব”। এই কথা শুনি কৃষ্ণই গোপীক এৰি দিলে, আৰু গোপীয়ে কৃষ্ণক লৱনু খাবলৈ দিলে।

এই সমস্ত কথা পাৰাৰ গোৱালীয়ে আহি কৃষ্ণৰ মাক যশোদাৰ আগত গোচৰ দিয়ে। সেয়েহে কৃষ্ণই গোপীক কৈছিল যে, “আহে ঢাণ্ডি হামু কৈছে চোৰ।

16. “চোৰধৰাত নাট্যকাৰ মাধৱদেৱে যশোদাৰ চৰিত্ৰৰ মাজেৰে অসমীয়া সমাজৰ নাৰী চৰিত্ৰ অঙ্কন কৰিছে” আলোচনা কৰা।
উত্তৰঃ চোৰধৰা নাটৰ যশোদা এগৰাকী মৰমীয়াল মাতু। শ্ৰীকৃষ্ণ তেওঁৰ পুত্ৰ। বহু সময় ধৰি পুত্ৰৰ মুখ নেদেখি সকলো মাতৃ ব্যাকুল হৈ পৰাৰ নিচিনা যশোদাই ব্যাকুল হৈ পৰিছিল। অন্যান্য মাতৃৰ দৰে তেওঁ পুত্ৰক বিচাৰি মনৰ শোক প্রকাশ কৰিছে। শোকবিহবলা হৈ তেওঁ সকলোকে সুধি ফুৰিছে। শেষত গোৱালীৰ মুখত পুত্ৰৰ বাতৰি পাই গোৱালী পাৰালৈ বিচাৰি গৈছে। কৃষক বিচাৰি পোৱাৰ পিছত আকোৱালি কোলাত তুলি লৈ গাৰ ধূলি জোকাৰি মৰম কৰিছে। ঘৰলৈ নি গাধুৱায় কাপোৰ পিন্ধায় মাতৃসুলভ মৰমেৰে গাখীৰ খুৱাইছে। পুত্ৰৰ প্ৰতি এনে কাৰ্য সকলো মাতৃয়ে কৰে। অসমীয়া সমাজৰ আন নাৰীয়েও এনে কাৰ্য কৰে। আন আন মাতৃসকলে পুত্ৰক সমৰ্থন কৰাৰ নিচিনা যশোদাইও শ্রীকৃষ্ণৰে কথা বিশ্বাস কৰি গোৱালী সকলক গালি পাৰিছে। এনেবোৰ বৰ্ণনাৰে মাধৱদেৱে যশোদাক অসমীয়া সমাজৰ এজনী মৰমীয়াল মাতৃৰূপে অঙ্কিত কৰিছে।

17. চোৰধৰাৰ ৰচয়িতা মাধৱদেৱৰ বিষয়ে লিখি তেওঁ ৰচনা কৰা তিনিখন পুথিৰ নাম লিখা।
উত্তৰঃ মহাপুৰুষ মাধৱদেৱৰ জন্ম খ্ৰীঃ ১৪৮৯ চনত লক্ষ্মীমপুৰ জিলাৰ নাৰায়ণপুৰ অঞ্চলত। তেওঁৰ পিতাকৰ নাম লামৰশা বা গোবিন্দ গিৰি ভূঞা আৰু মাতৃৰ নাম মনোৰমা। নানা দুঃখকষ্টৰ মাজেৰে তেওঁৰ শৈশবকাল পাৰ হৈছিল। কিছুদিন হৰিসিংহ বৰা বা ঘাঘৰ মাজীৰ ঘৰত আশ্ৰয় লৈছিল। বাণ্ডকাৰ ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত মাধৱদেৱে সংস্কৃত পঢ়ে। অৱশেষত তেওঁ শঙ্কৰদেৱৰ ওচৰত শৰণ লয়।

মাধৱদেৱ শঙ্কৰদেৱৰ প্ৰিয় শিষ্য আৰু অনুগত ভক্ত আছিল। শঙ্কৰদেৱৰ তিৰোধানৰ পিছত ধর্মাধিকাৰৰ গধূৰ দায়িত্ব মাধৱদেৱৰ ওপৰত পৰে। সুন্দৰী দিয়াত থাকি তেওঁ ধর্মাধিকাৰৰ গুৰু পদবী বহন কৰে আৰু এই সময়তেই মাধৱদেৱে বৰপেটা সত্ৰ নিৰ্মাণ কৰে। ৰাজনিগ্রহ ভোগ কৰি তেওঁ কোচবিহাৰলৈ পলাই যায়। ৰজা লক্ষ্মীনাৰায়ণে মাধৱদেৱক আদৰ-সাদৰ কৰি ভেলামধুপুৰ সত্ৰত থাকিবলৈ দিয়ে। এই সত্ৰতেই খ্ৰীঃ ১৫৯৬ চনত ১০৭ বছৰ বয়সত মাধৱদেৱে ইহলীলা সম্বৰণ কৰে।

মাধৱদেৱ একাধাৰে কবি, নাট্যকাৰ, সংগীতজ্ঞ, গায়ক, ধৰ্মপ্ৰচাৰক আৰু শাস্ত্রবেত্তা আছিল। তেওঁ পদ-পুথি, নাটক, বৰগীত, ভটিমা আদি ৰচনা কৰে। | মাধৱদেৱে ৰচনা কৰা প্ৰধান তিনিখন পুথি—
১। নামঘোষা।
২। অর্জুন ভঞ্জন নাট। আৰু
৩। ভক্তিত্নাবলী।

18. চোৰধৰাৰ কাহিনী ভাগ চমুকৈ তোমাৰ ভাষাত লিখা।
উত্তৰঃ “চোৰধৰা” ঝুমুৰাৰ কাহিনীভাগ চমুকৈ তলত দিয়া হ’ল—
এদিনাখন এগৰাকী গোপীৰ ঘৰত কোন মানুহ দুনুহ নোহোৱা দেখি লৱনু চুৰ কৰিবলৈ বালগোপাল গোপীৰ ঘৰত সোমাল, এনেতে গোপী আহি পালে। গোৱালীয়ে কৃষ্ণক লৱনু চুৰ কৰি খাই থকা দেখা পাই দুয়োখন হাত মেলি দুৱাৰ বন্ধ কৰি কলে যে, লৱনু-চুৰ কৃষ্ণ হাতে হাতে ধৰা পৰিছে। অকলশৰে গোৱালীয়ে চিঞৰি চিঞৰি মাতিলে। চুবুৰীৰ গোৱালীসকল আহিল। চতুৰ-শিৰোমণি কৃষ্ণই গোৱালীহঁতক বুদ্ধি কৰি ৰাজপথলৈ আনিলে আৰু উপস্থিত বিপদৰ পৰা গা সাৰিবৰ বাবে লগৰীয়া গৰখীয়াহঁতক মাতিলে। গৰখীয়াসকল তৎক্ষণাৎ কৃষ্ণৰ ওচৰলৈ আহিল। গোপবালকসকলে গোৱালীহঁতক কলে যে সিহঁতে গোপীহঁতক সুদাই নেৰে যিহেতু সিহঁতে কৃষক মিছাকৈয়ে অপযশ দিছে। কৃষ্ণয়ে সাহ পাই কলে যে, ৰাজপথত খেলিথকা অৱস্থাতেই গোৱালীহঁতে মিছাকৈয়ে তেওঁক কলঙ্ক দিছে। গোৱালীহঁতক কৃষ্ণই ভয় দেখুৱাই কলৈ যে, তেওঁ গোৱালীহঁতৰ কথা মাক যশোদাক কৈ দিব।

READ MORE  প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক | Chapter 4 | Class 9 Assamese - SEBA

যশোদাৰ কথা শুনি গোৱালীসকলে ভয় খাই কৃষ্ণক এৰি দিলে। কিন্তু সুবিধা পাই কৃষ্ণই কলে যে গোপীসকলে এৰিলেও তেওঁ কিন্তু গোপীসকলক নেৰে। যদিহে এৰিব লাগে তেন্তে তেওঁক মাখন দিব লাগিব। লৱনু আশাত কৃষ্ণই গোৱালীহঁতৰ মাজত নাচিবলৈ ধৰিলে।

ইফালে কৃষ্ণ হেৰাল বুলি যমুনাৰ পাৰে পাৰে যশোদাই বিচাৰিবলৈ ধৰিলে। এজনী গোপীয়ে বাল-গোপালৰ বাতৰি মাতৃ যশোদাক দিলে। গোৱালীপাৰাত যশোদাই, গোৱালীসকলৰ মাজত কৃষ্ণই নাচি থকা দেখা পালে। তেওঁৰ গা জুৰ পৰিল। শ্ৰীকৃষ্ণই মাতৃৰ কোলাত উঠি স্তন পান কৰে কান্দি কান্দি গোৱালীহঁতৰ কথা বলে শ্রীকৃষ্ণক লৱনু-চোৰ বুলি অপযশ দিয়া বাবে যশোদাই গোৱালীহতক ভালকৈ এজাউৰি গালি পাৰি খেদি দিলে। ভবিষ্যতলৈ গোৱালীপাৰালৈ আহিবলৈ যশোদাই কৃষ্ণক নিষেধ কৰিলে।

19. মাধৱদেৱৰ চোৰধৰা নাটত কৃষ্ণ চৰিত্ৰ দুমুখীয়া-আলোচনা কৰা।
উত্তৰঃ মাধৱদেৱে তেওঁৰ ৰচনাত এফালে শ্ৰীকৃষ্ণক সাধাৰণ মানৱ আৰু আনফালে পৰম ব্ৰহ্ম এই দুই ৰূপত বৰ্ণনা কৰিছে। পৰম ব্ৰহ্ম বিষ্ণুৰ অৱতাৰ শ্ৰীকৃষ্ণ তথাপি তেওঁ সাধাৰণ মানুহ বা মানৱ শিশু। তেওঁৰ কাৰ্যবোৰো সাধাৰণ শিশুৰ দৰে। উচ্চ- নীচ ভাব নথকা পৱিত্ৰ মনৰ অথচ চতুৰ শ্ৰীকৃষ্ণ, তেওঁ গোৱালীসকলৰ ঘৰত মাখন চুৰ কৰিছে, গোৱালীসকলৰ লগত কাজিয়া কৰিছে কিন্তু ক্ষণেক পিছতে আন শিশুৰ দৰে সন্তুষ্ট হৈ লৱনু হাত পাতি লৈ খাইছে আৰু গোৱালীসকলৰ মাজতেই নাচিছে। নিজৰ ঘৰত অপর্যাপ্ত লৱণু থকা সত্ত্বেও গোৱালীসকলৰ ঘৰত লৱণু চুৰ কৰিছে। এনে কাৰ্য প্ৰায়বোৰ শিশুৰ চৰিত্ৰত প্ৰকাশ পায়। আনফালে মাক যশোদাই পুত্ৰক বিচাৰি পায় ঘৰলৈ অনাত পুত্ৰ স্নেহত পৰম আনন্দ অনুভৱ কৰিছে। অলপতে খং আৰু অলপতে সন্তুষ্ট এই দুই ধৰণৰ চৰিত্ৰ কৃষ্ণ চৰিত্ৰৰ মাজেৰে মাধৱদেৱে প্ৰকাশ কৰিছে।

20. কৃষ্ণই ক’ত কেনেকৈ কি চুৰ কৰিছিল? ইয়াৰ ফলাফল কি হ’ল বুজাই লিখা।
উত্তৰঃ ইয়াত শ্ৰীকৃষ্ণৰ বাল্যকালৰ কাৰ্যাৱলীৰ কথাকে কোৱা হৈছে। কৃষ্ণই এদিন গোৱালীপাৰাত এজনীৰ ঘৰত সোমায় লৱনু চোৰকৈ খাইছিল।

লৱনু চোৰ কৰা দেখি গোপীয়ে কৃষ্ণক ধৰিলে। কিন্তু চতুৰ কষই ওলোটাই গোপীকে ধমক দিয়ে আৰু কয় যে তেওঁ ক’ত চোৰ কৰিছে? গোপীয়ে নিজে মাখন খাইছে। এইবুলি কৃষ্ণই হাহাকাৰ লগাই দি গোৱালীপাৰাৰ গোপীসকলক সাক্ষী দিয়ে। আনহাতে কৃষ্ণই নিজে হাতত লৱনু লৈ গোপীৰ মুখত ঘহি দিয়ে আৰু সকলোকে কয় যে গোপীয়েহে নিজে মাখন খাইছে। কাৰণ তেওঁৰ মুখেই সাক্ষী। মুখত মাখন লাগি আছে।

কৃষ্ণৰ এই চাতুৰীত গোপীয়ে বৰ লাজ পায়। শেষত গোপীয়ে কৃষ্ণক অনুৰোধ জনাই যে, “হে কানাই, তোহো হামাক ছাড়হ। তোহাক হামু লৱনু দেৱব।” গোপীৰ এনে কাতৰ অনুৰোধ আৰু প্ৰতিশ্ৰুতিত কৃষ্ণই গোপীক এৰি দিয়ে। শেষত কৃষ্ণই গোপীৰপৰা পুনৰ লৱনু খাই গোৱালীপাৰাত নৃত্য কৰি কটায়।

কৃষ্ণৰ এই কাৰ্যৰ কথা যশোদাই শুনি গোৱালী পাৰালৈ লৰি আহে আৰু আথে বেথে কৃষক কোলাত তুলি লৈ ঘৰলৈ আনে। আনহাতে যশোদায়ে গোৱালীসকলক নানা ধৰণে তিৰস্কাৰ কৰে।

21. “আহে ঢাণ্ডি গোৱালীসৱ, দাসীক দাসী, তোহোঁসৱ হামাৰ ওহি বালক কৃষ্ণক চোৰ বুলিয়ে কলঙ্ক কৰসি।” –কোনে কাক কি প্ৰসঙ্গত কথাষাৰ কৈছিল বুজাই লিখা।
উত্তৰঃ গোৱালীপাৰত কৃষ্ণই কৰা সমস্ত কাৰ্যৰ কথা শুনি যশোদা নিজেই পুতেকৰ মৰমতে গোৱালীপাৰালৈ গ’ল। গোৱালীপাৰাত গৈ পুতেকৰ নৃত্য দেখি যশোদা আনন্দিত হ’ল আৰু কৃষ্ণক আনি কোলাত তুলি লৈ স্তন্যপান কৰালে। মাকৰ কোলা পাই শিশু কৃষ্ণই গোৱালীসকলৰ গাত দোষ দি সমস্ত কথা কলে। পুতেকক চোৰধৰা বুলি জানিব পাৰি যশোদাই গোৱালীসকলক নানা ধৰণে তিৰস্কাৰ কৰিলে; আৰু তেওঁৰ লৰাক মিছাতে চোৰ বুলি কলঙ্ক দিয়াৰ কথা কলে। সেয়েহে যশোদাই, কৈছিল —“আহি ঢাণ্ডি, গোৱালীসৱ, দাসীক দাসী, তোহোসৱ হামাৰ ওহি বালক কৃষ্ণক চোৰ বুলি কলঙ্ক কৰসি।”

22. যমুনা পাৰে পাৰে যশোদাই কৃষ্ণক বিচাৰি ফুৰা অৱস্থাত গোপীজনীয়ে যশোদাক কি কি কৈছিল?
উত্তৰঃ যমুনাৰ পাৰে পাৰে যশোদাই কৃষ্ণক বিচাৰি ফুৰোতে এগৰাকী গোপীয়ে তেওঁক লগ পাই এইদৰে কৈছিল –। যশোদাই শোক-তাপ কৰিব নালাগে। কিয়নো গোপীয়ে যশোদাৰ পুত্ৰ কৃষ্ণক দেখিছে। লৱনু চুৰ কৰিবৰ বাবে বাল-গোপালে এগৰাকী গোপীৰ ঘৰত প্ৰবেশ কৰিলে। গোৱালীয়ে কৃষক লৱনু-চোৰ ধৰিলে। তেতিয়া শ্ৰীকৃষ্ণই গোপীক কলে যে তেওঁ চোৰ নহয়। অন্য গৰখীয়াসকলৰ লগত তেওঁ ৰাজপথত খেলি আছে। গোৱালীয়ে নিজেই নিজৰ ঘৰৰ গাখীৰ খাই কৃষ্ণক চোৰ বুলিছে। কৃষ্ণৰ কথা শুনি গোপীয়ে চুবুৰীৰ আন আন গোপীসকলক মাতি আনি সাক্ষী কৰিলে। তেতিয়া কৃষ্ণই নিজৰ হাতত থকা লৱনু গোপীৰ মুখত সানি দি কলে, “গোপীসকল চোৱা, সাক্ষীত কোনো প্রয়োজন নেই। এওঁৰ মুখেই সাক্ষী।”

কৃষ্ণৰ কথা শুনি গোপীয়ে বৰ লাজ পালে। কৃষক কথাৰে বলে নোৱাৰি গোপীসকলে পৰাজয় মানিবলৈ বাধ্য হল।

কৃষ্ণই গোপীৰ কাপোৰৰ আঁচলত ধৰি টানি আনিলে। গোপীয়ে কাতৰভাৱে কৃষক কলে “হে কানাই, তুমি মোক এৰা। তোমাক মই লৱনু দিম।”

গোপীসকলৰ কথা শুনি কৃষ্ণই তেওঁৰ আঁচলখন এৰি দিলে। গোপীয়ে কৃষক লৱনু দিলে। কৃষ্ণই লৱনু খাই বাই আনন্দ মনে নাচিবলৈ ধৰিলে। যমুনাৰ পাৰত লগ পোৱা গোপীজনী যশোদাক কলে—

“হে আই যশোদা! তুমিননা কি পুণ্য কৰি শ্ৰীকৃষ্ণক পুত্ৰ ৰূপে পালা? শ্ৰীকৃষ্ণ‍ই সমগ্র গোকুলবাসীকে আনন্দ দিছে। এতিয়া তোমাৰ কৃষ্ণই অনেক চৌচাতুৰী কৰি গোপীসকলক পৰাজয় কৰি নানা কৌতুক নৃত্য কৰি আছে। গতিকে, হে আই। তুমি চিন্তা শোক এৰা।”

ভাষা বিষয়ক

1. তলৰ পুৰণি শব্দবোৰৰ আধুনিক ৰূপ লিখা।
—তেজহ, তোহাৰি, হামু, থিক, মাখিয়ে, উনিকৰ, ফিৰত, গাৰি।
উত্তৰঃ

পুৰণি শব্দআধুনিক ৰূপ
তেজহত্যাগ
তোহাৰিতোমাৰ
হামুমই
থিকঠিক আছে
মাখিয়েসানি
উনিকৰএওঁৰ
ফিৰতউভতি অহা
গাৰিগালি

2. বিপৰীত শব্দ লিখা।
—চোৰ, উত্তৰ, কাতৰ, পুণ্য, শোক, হর্ষ, শীতল।
উত্তৰঃ

শব্দবিপৰীত শব্দ
চোৰগৃহস্থ
উত্তৰপ্ৰশ্ন
কাতৰঅকাতৰ
পুণ্যপাপ
শোকআনন্দ, অশোক
হর্ষবিষাদ
শীতলউষ্ণ

Leave a Comment

error: Content is protected !!
Scroll to Top