অন্য প্ৰতি ব্যৱহাৰ | Chapter 6 | Class 9 Assamese (MIL) - SEBA

অন্যৰ প্ৰতি ব্যৱহাৰ | Chapter 6 | Class 9 Assamese – SEBA

অন্যৰ প্ৰতি ব্যৱহাৰ | Chapter 6 | Class 9 Assamese Chapter 6 অন্যৰ প্ৰতি ব্যৱহাৰ | Class 9 Assamese Question and Answer | Assam Class 9 Assamese Solutions | SEBA Class 9 Assamese Chapter 6 Notes | SEBA Class 9 Assamese Chapter 6 Question and Answer | Questions and Answers for Class 9 Assamese Chapter 6 অন্যৰ প্ৰতি ব্যৱহাৰ| Assam Class 9 Assamese Questions and Answers Assam | Class 9 অন্যৰ প্ৰতি ব্যৱহাৰ Assamese Question and Answer | Assam Board Class 9 Assamese Chapter 6 অন্যৰ প্ৰতি ব্যৱহাৰ


অন্যৰ প্ৰতি ব্যৱহাৰ

(সত্যনাথ বৰা)

অতি চমু প্ৰশ্নোত্তৰ

1. কোনটো শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ?
উত্তৰঃ খিংখিঙীয়া শ্ৰেণীৰ মানুহৰ শত্ৰু সৰহ।

2. সত্যনাথ বৰাদেৱৰ জন্ম ক’ত আৰু কেতিয়া হৈছিল?
উত্তৰঃ গুৱাহাটী মহানগৰৰ ভৰলুমুখত ১৮৬০ চনত সত্যনাথ বৰাৰ জন্ম হৈছিল।

3. কি নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্ৰৱ ভুগিবলে পায়।
উত্তৰঃ সমাজপাতি থকা মানুহবিলাকৰ কাক কেনে ব্যৱহাৰ কৰিব লাগে। নজনাৰ নিমিত্তে বহুত মানুহে জীৱনত নানাবিধ উপদ্রব ভুগিবলৈ পায়।

4. সত্যনাথ বৰাদেৱৰ দুটা গ্ৰন্থৰ নাম লিখা ৷
উত্তৰঃ সাৰথি’ আৰু বহল ব্যাকৰণ।

5. সত্যনাথ বৰাদেৱে কোন কলেজত অধ্যাপনা কৰিছিল?
উত্তৰঃ সত্যনাথ বৰাদেৱে কটন কলেজত অসমীয়া বিভাগত অধ্যাপনা কৰিছিল আৰু আর্ল ল’ কলেজত আইনৰ প্ৰবক্তা আছিল।

6. সজ ব্যৱহাৰৰ অনুপান কি?
উত্তৰঃ নম্রতা সজ ব্যৱহাৰৰ অনুপান।

7. তেওঁ কোনখন মাহেকীয়া কাকতৰ সম্পাদনা কৰিছিল?
উত্তৰঃ “জোনাকী” নামৰ মাহেকীয়া কাকতৰ তেওঁ সম্পাদক আছিল।

8. মনত অহঙ্কাৰ ৰাখি মুখত নম্র হলে মানুহক কি কৰা হয়?
উত্তৰঃ মনত অহঙ্কাৰ ৰাখি মুখত নম্র হলে মানুহক ছল (প্ৰৱঞ্চনা) কৰা হয়।

9. অন্যৰ প্ৰতি ব্যৱহাৰ’ পাঠটি কোনখন পুথিৰ পৰা লোৱা হৈছে?
উত্তৰঃ “সাৰথি” নামৰ পুথিখনৰ পৰা লোৱা হৈছে।

10. সাৰথি পুথিখন কাৰ ৰচনা?
উত্তৰঃ সাৰথি পুথিখন সত্যনাথ বৰাদেৱৰ ৰচনা।

READ MORE  অন্ধবিশ্বাস আৰু কু-সংস্কাৰ | Chapter 8 | Class 9 Assamese - SEBA

11. এই পাঠটোৰ জৰিয়তে লেখকে ছাত্র-ছাত্রী সকলক কি বুজাই দিবলৈ চেষ্টা কৰিছে?
উত্তৰঃ লেখকে ছাত্র-ছাত্রী সকলক জীৱন যুদ্ধৰ আঁতিগুৰি আৰু জীয়াই থকাৰ কৌশলবোৰ বুজাই দিবলৈ চেষ্টা কৰিছে।

12. বহল ব্যাকৰণ’ পুথিখন কাৰ ৰচনা?
উত্তৰঃ বহল ব্যাকৰণ’ পুথিখন সত্যনাথ বৰাদেৱৰ ৰচনা।

13. লেখকে অন্যৰ প্ৰতি ব্যৱহাৰ’ পাঠটিত কিহৰ ওপৰত অধিক গুৰুত্ব দিছে?
উত্তৰঃ মানুহক সজ হোৱাৰ বাহিৰেও আনৰ অন্তৰ জয় কৰিবলৈ কেনে। ব্যৱহাৰ কৰিব লাগিব সেই বিষয়ৰ ওপৰত লেখকে অধিক গুৰুত্ব দিছে।

14. এই শ্ৰেণীৰ মানুহৰ স্বভাৱ নিচেই পাতল।ইয়াত কোনটো শ্ৰেণীৰ মানুহৰ কথা কোৱা হৈছে?
উত্তৰঃ লগৰ-লগৰীয়াক হহুৱাবৰ বাবে আনৰ গুপ্ত কথা সৰি কৰা শ্ৰেণীৰ মানুহৰ কথা উক্ত কথাষাৰত কোৱা হৈছে।

15. অসমীয়া সাহিত্যৰ বেকন বুলি কাক কোৱা হয়?
উত্তৰঃ সত্যনাথ বৰাদেৱক ‘অসমীয়া সাহিত্যৰ বেকন বুলি কোৱা হয় ৷

16. কাৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্রশ্রয় দিয়া হয়?
উত্তৰঃ শঠৰ লগত সম্বন্ধ ৰাখিলে শঠতাক প্রশ্রয় দিয়া হয়।

চমু প্ৰশ্নোত্তৰ

1. নম্রতা সজ ব্যৱহাৰৰ অনুপান। —তাৎপর্য ব্যাখ্যা কৰা।
উত্তৰঃ বেজে মূল দৰৱৰ লগত মিহলাই খাব দিয়া উপকৰণ বা বস্তুবোৰেই হ’ল অনুপান। দৰৱ অকটা হলেও মিঠা অনুপানে অকটা গুণ কমাই সেৱনৰ উপযোগী কৰি তোলে। মানুহৰ ব্যৱহাৰৰ ওপৰত নিজৰ গুণ নিৰ্ভৰ কৰে। আনৰ প্ৰতি ব্যৱহাৰ নীৰস, কঠুৱা বা খিংখিঙীয়া হলে, তেনে মানুহ আনৰ অপ্ৰিয় হয়। নম্ৰ ব্যৱহাৰে মানুহক অইনৰ প্ৰিয় পাত্ৰ কৰিব পাৰে। অনুপানে যেনেকৈ বেজৰ দৰৱৰ গুণ বঢ়ায়, সজ ব্যৱহাৰে তেনেকৈ মানুহৰ জনপ্ৰিয়তা বঢ়ায়, গুণ বঢ়ায়, আনৰ শ্ৰদ্ধা বঢ়ায়। নম্ৰতাৰ এই গুণৰ বাবে নম্ৰতাক সজ ব্যৱহাৰৰ অনুপান বুলি কোৱা হৈছে।

2. ব্যৱহাৰ প্ৰণালীক সামান্য কথা বুলি কিয় উলাই কৰিব নোৱাৰি?
উত্তৰঃ সমাজ জীৱনত বহুতো মানুহক লগ পোৱা যায়। সেই মানুহবিলাকৰ কাক কেনেকৈ ব্যৱহাৰ কৰিলে সকলোৰে সৈতে সুখে সন্তোষে জীৱন যাপন কৰিব পাৰি সেই বিষয়ে জনাৰ প্ৰয়োজন আছে। ব্যৱহাৰ কৰিব নজনা বা নকৰাৰ দোষত বহুতো চৰিত্ৰবান লোকো গৰিহণাৰ পাত্ৰ হোৱা দেখা যায়। দুষ্ট ছলাহী মানুহও মিঠা ব্যৱহাৰৰ ফলত আনৰ মৰম আদৰ লাভ কৰিবলৈ সক্ষম হয়। মিঠা ব্যৱহাৰ সকলোৱে ভাল পায়। সেইবাবে ব্যৱহাৰ প্ৰণালী অৱহেলাৰ বিষয় বা সৰু কথা নহয়৷ মানুহে কয় কথাত কটা যায়, কথাত বঁটা পায়। কথা কব জনাৰ ওপৰত মানুহ আনৰ প্ৰিয় আৰু বিশ্বাসী হব পাৰে। গতিকে ব্যৱহাৰত আমি নম্ৰ হোৱা উচিত।

READ MORE  প্রচণ্ড ধুমুহাই প্রশ্ন কৰিলে মোক | Chapter 4 | Class 9 Assamese - SEBA

3. সোণৰ জেউতি অমান্য কৰিলে নকমে। —তাৎপর্য ব্যাখ্যা কৰা।
উত্তৰঃ সোণ এবিধ মূল্যবান ধাতু। সোণৰ বৰণ উজ্বল। সোণুর এই উজ্বলতা বা জেউতিক কোনোৱে অমান্য কৰিলেও সেই জেউতি নকমে। গোৱৰৰ দমত পেলাই থলেও সোণ জিলিকি থাকিব। সেইদৰে সমাজত যি সকল প্ৰতিভাধৰ গুণশালী মহৎ ব্যক্তি আছে, সেইসকলক অমান্য কৰিলে তেওঁলোকৰ মানসম্ভ্রম কেতিয়াও কমি নাযায়। জ্ঞানীজনক বা গুণীজনক অপমান বা দুৰ্ব্যৱহাৰ কৰি বহুতে ডাঙৰ কাম কৰা বুলি ভাবে। কিন্তু তেনে কুকৰ্মৰ দ্বাৰা নিজৰ অমঙ্গল সাধনৰ বাহিৰে আন একো কার্য সাধন নহয়; তাত জ্ঞানীজনৰ গুণৰ উজ্বলতা নকমি বাঢ়েহে। গতিকে বৰ লোকক, গুণী-জ্ঞানীজনক বেয়া ব্যৱহাৰ কৰি নিজৰ অনিষ্ট সাধন নকৰিবলৈ এই বচন ফাকিৰে উপদেশ দিয়া হৈছে।

4. বিনয় ভাবত দান কৰিব লাগে বুলি জ্ঞানীসকলে কিয় কৈছে?
উত্তৰঃ মানুহৰ লগত কথা বতৰা পাতোতে স্বাবাৱিক বিনয় ভাবেৰে কথা পতা উচিত। অকাৰণতে মানুহক কেটেৰ-জেঙেৰ কৰিলে মানুহ অসন্তুষ্ট হয়। তেনে ব্যৱহাৰে নিজক-অপ্রিয় কৰে আৰু শত্রুতা বঢ়ায়। বিনয়ী বা নম্র ব্যৱহাৰে মানুহৰ মন কোমল কৰে, বিনয়ী ব্যৱহাৰৰ দ্বাৰা মানুহৰ অন্তৰ জয় কৰি নিজৰ উদ্দেশ্য সাধন কৰিব পাৰি। মাটিৰে সজা প্রতিমাখনও ৰং বা ৰহণ সানি ধুনীয়া কৰাৰ দৰে নম্ৰ ব্যৱহাৰৰ দ্বাৰা মুখৰ কথা মনোগ্ৰাহী কৰিব পাৰি। বেজে অকটা. দর ৰোগীক দিওঁতেও মিঠা অনুপানৰ কলপ বা ৰহণ সানিতে দিয়ে। মানুহৰ বহুত সজ গুণ থাকিলেও ব্যৱহাৰ বেয়া হলে সেই গুণৰ আনে প্ৰশংসা নকৰে বৰং গৰিহণাহে দিয়ে। কেটেৰ জেঙেৰ, খিংখিঙীয়া, ছুটা ব্যৱহাৰৰ ফলত হাজাৰ দান-দক্ষিণাৰ ফলো অৰ্থলে যায়। সেই কাৰণে জ্ঞানীপুৰুষ সকোলে দানকৰোঁতা জনক, দানৰ সময়ত বিনয়ী তথা নম্ৰ হোৱাৰ বিধান নিছে।

Leave a Comment

error: Content is protected !!
Scroll to Top