অসমৰ প্রাকৃতিক সৌন্দৰ্য ৰচনা | The Natural Beauty of Assam Essay

অসমৰ প্রাকৃতিক সৌন্দৰ্য ৰচনা | The Natural Beauty of Assam Essay | Asomor Prakritik Soundarya Essay | Axomor Prakritik Soundarya Essay


অসমৰ প্ৰাকৃতিক সৌন্দৰ্য্য

আৰম্ভণিঃ সুন্দৰৰ অলৌকিক মহিমাৰ ছন্দময় পৰশত গছে গছে, লতাই লতাই সৌন্দৰ্য-দীপ্ত কুসুমৰ প্রস্ফুটিত ৰূপচ্ছটাই প্রকৃতিৰ বুকুত সুন্দৰৰ সৌন্দৰ্য্যৰ জ্যোতির্ময় মেলা পাতি যােজন বিয়পা সুৰভিৰে প্রাণী জগতৰ মন বিমােহিত, চঞ্চল-চপল কৰি তােলে; মধুস্মিতা প্রকৃতিৰ লাস্যময়ী ৰূপৰ মাধুৰ্য্যই মানুহৰ মনােৰাজ্যত আলােড়ন সৃষ্টি কৰে; মানুহৰ মন নাচি উঠে। অনুভূতি জাগ্রত হয়; ভাবৰ হিল্লোলে দিগন্তৰ সীমা বিচাৰি উধাও হয় সৌন্দৰ্য ৰাজ্যৰ সন্ধানত; তাতেই প্রাকৃতিক বৈচিত্র্যৰ সার্থকতা।

অসম প্ৰকৃতিৰ লীলাকেন্দ্র। প্রকৃতিৰ ৰূপ-মাধুৰ্য্যই মানুহৰ সৌন্দৰ্য্য-পিপাসু মনক অহােৰাত্রি আহ্বান জনায় সুন্দৰৰ সৌন্দৰ্য ৰাজ্যলৈ। প্রতি ঋতুৰ আগমনে নৱ নৱ সৌন্দৰ্য্যৰ ৰূপ-মাধুৰ্য্যই অসমৰ প্ৰকৃতিৰ বুকুত ফুলাই তুলি; অসমীক নৱ নৱ কাচোনেৰে কাচি বিনন্দীয়া কৰি তােলে। সেই বিনন্দীয়া ৰূপৰ চমকেৰে প্ৰকৃতিয়ে আনে অসমীৰ সেউজী ৰাজ্যলৈ ফুলৰ মেলা, সৌন্দৰ্য্যৰ মনােৰম মেলা।

গ্ৰীষ্মকালৰ সৌন্দৰ্য্যঃ গ্রীষ্মৰ আগমনৰ লগে লগে প্রকৃতিৰ সমগ্ৰ বুকুৱেই সেউজীয়া ৰূপ ধাৰণ কৰে। বৰষাৰ লগে লগে সম্পূর্ণ সেউজীয়া হৈ উঠি গােটেই দেশখনকে মনােৰম সেউজীয়া ৰূপেৰে সজাই বিতােপন কৰি তােলে। বৰষাৰ জাক জাক মৌচুমীয়ে সমগ্র অসম ছাটি ধৰি ভৰু-লতাবােৰক যেন পিয়াহৰ পানী যােগাই গ্রীষ্মৰ প্ৰখৰ তাপত দগ্ধ হৈ থকা প্রাণলৈ নিবিড় প্রশান্তি আনি দিয়ে। বৰ নৈৰ বুকুত, জান জুৰি, নিজৰাৰ বুকুত বাৰিষাৰ ধল উঠে; কল কল ধ্বনিৰে তীব্র বেগেৰে বৈ যায় নৈবােৰ। তীব্র সোঁতেও তােলে কল-ধ্বনি; পাৰৰ কঁহুৱা, খাগৰি বতাহত কঁপে। লুইতৰ বুকুতো বান উঠে; দুই কূল উপচাই অপাৰ সমুদ্রৰ সৃষ্টি কৰি বৈ যায় গুৰু-গম্ভীৰ গতিৰে মহাসাগৰ উদ্দেশ্যি।

ৰিণি ৰিণি দেখা যায় দুই পাৰৰ দূৰৰ গাওঁবােৰ, পৰ্বত পাহাৰবােৰ; দূৰৰপৰা দেখা যায় যেন নীলা নীলা পাৰি যুক্ত বগা এক সুদীর্থ বিস্তীর্ণ চাদৰ মেলি থৈছে। ব্রহ্মপুত্র উপত্যকাৰ সোঁমাজত। এইয়া যেন অসমী আইৰ বুকুৰ মনােৰম এক ৰিহাৰ আঁচল; বতাহৰ লহৰে লহৰে উৰি উৰি নাচি-বাগি আইৰ অপৰূপ সৌন্দর্য্য দুগুণে মনােমােহা কৰি তুলিছে। পাৰৰ খাগৰি, কঁহুৱাই হালি-জালি ৰঙতে বিভােৰ হৈ যেন মলয়াৰ চোঁৱৰেৰে আইৰ দেহৰ ক্লান্তি দূৰ কৰিছে।

পাহাৰৰ ওখ ওখ বিৰিখৰ মাজে মাজে অঁকাই পঁকাই কুলু কুলু সুৰেৰে বৈ থকা জুৰি-জানবােৰে যেন লাজৰ ওৰণি টানি বিভুৰ মহিমাৰ বন্দনা-গীত গাই অসীম উদ্দেশ্যে যাত্রা কৰিছে লুকাই লুকাই; অনাঘ্রাত। পাহাৰীয়া অনামিকা কুসুমৰ-সুৰভিৰ সঁফুৰা লৈ বৰষাৰ জান -জুৰিৰ এই অখ্যাত, অনামী অবাৰিত যাত্রাই কি সুন্দৰ, হিয়া উপচা অনুভূতি, ভাবৰ হিল্লোল নিগৰি পৰা সৌন্দর্য্যৰ সৃষ্টি কৰে তাক উপলব্ধি কৰিব পাৰে কবিসকলেহে, দার্শনিকসকলেহে।

READ MORE  দূৰদৰ্শন ৰচনা | Television Essay in Assamese

শৰৎকালৰ সৌন্দৰ্য্যঃ বর্ষা যায়, শৰত আহে; পৃথিৱীলৈ আহে ৰিব ৰিব মলয়াৰ মৃদুল হিল্লোল। তাৰ পৰশ লাগি পথাৰৰ সেউজীয়া লখিমী হালি-জালি, নাচি-বাগি আনন্দ-বিড়ােল। বিলৰ বুকুত শাৰদীয় পূর্ণিমাৰ স্নিগ্ধ জ্যোৎস্নাৰ ৰূপালী পৰশত ভেঁট ফুলে হাঁহে। দিনমণিৰ আগমনৰ মাহেন্দ্ৰ ক্ষণত শতদলে হাঁহি মাৰে মিচিক্ মাচাক। সুনিৰ্ম্মল বাৰিধিয়ে বুকুত সাৱটি লয় প্রস্ফুটিত ভেট আৰু পঙ্কজৰ কোমল ছায়াক আলফুলকৈ। ৰাজহাঁহ, কাম, কোঁঢ়া, শৰালিয়ে তাৰ মাজে মাজে দাপােণত মুখ চাই নাদুৰি-সাঁতুৰি ৰঙৰ মেলা পাতে সৰসীৰ বুকুত। কেনে হিয়া উতলােৱা, হৃদয় জুৰােৱা, শান্তিৰ অমিয়া ঢলা মনােৰম দৃশ্য এইবােৰ। প্ৰকৃতিৰ বুকুৰ এই মহা লীলা চাই চাই প্রকৃতি যেন নিজেই নিশ্চুপ হৈ ৰয়।

জোনাকৰ জেউতিত নিশা শেৱালিয়ে হাঁহিৰে উপচাই তােলে প্রকৃতিৰ বুকু, সৌৰভৰ লালিমা কঢ়িয়াই মলয়াই শান্তিৰ সুবাস ঢালে মানুহৰ অন্তৰত; নিশাৰ অন্তত নিয়ৰৰ মুকুতা সৰা দূবৰিৰ বুকুত শেৱালিৰ সৌন্দৰ্য্যই ৰচে তৰাৰ দীপালি। “হাচনাহানাৰ তীব্র গন্ধত সপােন বিভােৰ মাধৱ নিশা।” ৰজনীগন্ধাৰ মৃদু সৌৰভত উতলা-‘উন্মনা মানৱ প্রাণ। গুণ গুণ ভােয়ােৰাই বকুলৰ বুকুত তােলে মধুৰ গুঞ্জন। তগৰৰ সৌৰভৰ মাদকতাত মানুহৰ হৃদয় টম; গােলাপৰ মিচিকি হাঁহিত মানৱ প্ৰাণত উঠে সপােন ৰাজ্যৰ ছন্দময় ভাবৰ উন্মেষ। বনানিৰ কুঞ্জে কুঞ্জে সুবাসিত কুসুমৰ সৌন্দৰ্য্যৰ মেলা। ডালে ডালে বিবিধ বিহঙ্গৰ নৃত্যৰ মূৰচ্ছনা। 

গুৰু-গম্ভীৰ, শান্ত, সমাহিত নৈৰ বুকুত সুনিৰ্ম্মল জলধিৰ মৃদুল তৰঙ্গৰ নাচোনৰ খেলা; পাৰে পাৰে সেউজীয়া দূবৰিৰ দলিচাত হৰিণীৰ চঞ্চল গতি; নৈৰ দাপােণত মুখ চাই তথা লাগি পানী পিয়া হৰিণৰ নীৰৱ নিশ্চল, শান্ত চাৱনি; জুৰিৰ বুকুত কুলু কুলু সুৰৰ ঝঙ্কাৰ। ওপৰত কুসুমিত বিৰিখৰ ছন্দময় হেন্দোলনি। কেনে মনােৰম, চিত্তাকর্ষক শৰতৰ এই বিনন্দীয়া ৰূপ। 

হেমন্ত ঋতুতঃ শৰতৰ সৌন্দর্যময় ৰূপৰ ঝলকত হেমন্তৰ বুকুত যেন জ্বলি উঠে হিংসাৰ দাবানল। সৌন্দর্য্যৰ মােহময়, মায়াময় মাধুৰ্য্যৰ বুকুত ধ্বংসৰ নিষ্ঠুৰতা সানি দিবলৈকে হিমৰ কণাৰে। প্রকৃতিৰ বুকুত অন্ধকাৰ আৱৰণ তৰি দিয়ে; প্রকৃতি ধূসৰ হয়, অসমী ধূসৰ হয়,  শাৰী শাৰী নীলাচল; কিন্তু পুৱা অৰুণৰ হেঙুলীয়া আভাই হিম-কণাৰ বুকুত সাতৰঙী ৰামধেনুৰ সৃষ্টি কৰি মুহূৰ্ত্ততে প্রকৃতিক কৰি তােলে বিচিত্রময়ী। বিস্তীর্ণ পথাৰত লখিমীয়ে সােণােৱালী সাজোনেৰে সাজে, কাচোনেৰে কাচে, অপৰূপ নাচোনেৰে নাচে; সােণগুটিবােৰ হিমৰ আৱৰণেৰে, অৰুণৰ হেঙুলীয়া আভাৰে মুকুতা হৈ জিলিকি পৰে। হেমন্তৰ আকাশত ৰাজহাঁহ, শৰালিৰ কলধ্বনিৰ কোলাহল। পৃথিৱীত সােণ গুটি মাণিকী মধুৰী জহাৰ মৌ মতলীয়া গােন্ধ। হেমন্তৰ প্ৰকৃতিৰ কি যে এক অলৌকিক খেলা।

READ MORE  মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ ৰচনা | Srimanta Sankardev Essay

শীতকালতঃ হেমন্তক হেঁচুকি শীত আহে শমনৰ কঠোৰতা লৈ। পথাৰ উৰুঙা হয়, শিমলু লঠঙা হয়। শীতল নিষ্ঠুৰ পৰশত তৰুলতাবােৰ উলঙ্গ হয়; নীলাচল বাকলি বসন পৰিধান কৰি ভস্মাচল হয়; নদ-নদী জান-জুৰি নীৰৱ নিস্তব্ধ হয়; কিন্তু অর্পোলঙ্গ মহাদেৱাে শিৱ ৰূপে দয়া, ক্ষমা, কৰুণাৰ আধাৰ হৈ বৰদাতা আশুতােষ ৰূপে। সুন্দৰ হােৱাৰ দৰেই প্ৰকৃতিৰ এই উলঙ্গ ৰূপৰ মাজতাে আছে। সৌন্দৰ্য্যৰ অপূৰ্ব্ব সম্ভাৰ; শিমলু, পলাশ, মদাৰৰ লঠঙা ৰূপত জিলিকে ৰক্ত পুষ্পদল; শৰতৰ আকাশৰ শুধ বগা চমক চমক ডাৱৰৰ দৰেই, লঠঙা গছৰ ডালত জাক জাক কুঁৱলীৰ লুকা-ভাকু, ভুমুকা-ভুমুক। বৰফৰ বিন্দু বিন্দু কণিকাই হিমালয়ৰ বুকুত হােলী খেলাৰ দৰেই শীতৰ কুঁৱলীয়ে গছৰ ডালত হােলী খেলে।

বসন্ত কালতঃ “শীত হলে অন্ত, আহিব বসন্ত।” শীত শেষ হয়; বসন্ত আহে। মধু বসন্তৰ শুভাগমনৰ অগ্রদূত কুলি, কেতেকী, মইনা, সখিয়তী, দহিকতৰাৰ ডালে ডালে মধুৰ কাকলি, অস্ফুট কুজন, নৃত্যৰ মূৰচ্ছনাৰ লগে লগে শীতৰ হেঁচাত উলঙ্গ হৈ থকা তৰু, লতা, তৃণৰ আগত  জিলিকি উঠে কোমল কুঁহিপাত; পল্লৱিত হয় সমস্ত উদ্ভিদ জগৎ। আমে মলিয়ায়, কঁঠালে মুচি পেলায়; পলাশ, পাৰিল অশােক, নাগেশ্বৰ, চম্পা, শিৰীষ, সেউতী, জাতি-যুতি, কৃষ্ণচূড়া আদি বিভিন্ন কুসুমৰাজি মুঞ্জৰিত হৈ প্ৰকৃতিৰ বুকু ফুলেৰে উপচাই জাতিষ্কাৰ কৰি তােলে।

মধুলিহৰ মধুৰ গুঞ্জনে মন মতলীয়া, প্রাণ মতলীয়া কৰি তােলে; ডালে ডালে কপৌ ফুল জিলিকি উঠে; কেতেকীৰ মৌ-মতলীয়া সুৰভিয়ে, চম্পাৰ সুধা নিঃসবিণী সৌৰভে মানৱৰ মনকুঞ্জত যৌৱনৰ লালিমা সানি দিয়ে। বসন্তৰ মধুৰ পৰশত সমগ্ৰ অসম এখনি মনােৰম কুঞ্জ কাননত পৰিণত হয়, য’ত চিৰ প্রস্ফুটিত চিৰ-কুসুমিত হয় হাজাৰ হাজাৰ ফুল; যি ফালে দৃষ্টি যায়, সেইফালেই ফুল, কেৱল ফুল। সেয়েহে জ্যোতিপ্ৰসাদৰ ভাষাত—

“সুন্দৰে যে ফুলাৰ মন্ত্ৰ অহাৰাত্ৰি মাতে
সেয়েহে আজি ইমান ফুল প্রভাতে প্রভাতে।”

“গছে গছে পাতি দিলে ফুলৰে শৰাই
কি ৰাম ৰাম ফুলৰে শৰাই….।”

READ MORE  মে-ডাম-মে-ফি ৰচনা | Me-Dam-Me-Phi Essay in Assamese

অসমৰ প্ৰকৃতিৰ বুকুৰ এই সৌন্দৰ্য্য ঋতুৰ সমন্বয়ত গঢ়ি উঠা। কিন্তু প্রকৃতিৰ যি স্বাভাৱিক চিৰন্তন, শাশ্বত সৌন্দৰ্য্য—তাৰ পৰিৱৰ্তন নাই; সেই সৌন্দৰ্য্য স্ৰষ্টাৰ মহিমাময়ী ৰূপৰ চিৰন্তন প্রতিফলন। অসমৰ প্ৰকৃতিৰ বুকুত তাৰ দৃষ্টান্ত অলেখ অপাৰ। লুইতৰ পাৰৰ ভুৱনেশ্বৰীৰ বুকুত উঠি লুইতৰ দুয়ােকাষৰ পৰ্বত ভৈয়ামলৈ এবাৰ চকু ফুৰালে প্রাকৃতিক ৰূপৰ চমক দেখি দৃষ্টি স্থিৰ হৈ ৰয়। সু-উচ্চ এই পাহাৰৰ নামনিয়েদি গহীন-গম্ভীৰ গতিৰে বৈ যােৱা মহাবাহু লুইতখনি সর্পিল গতিৰে কাষৰ দীঘলীয়া আলিয়েদি অহা-যােৱা যান-বাহনবােৰ অপৰূপ দেখি।

অগ্নি গড়ৰ সু-উচ্চ বুকুৰপৰা—কাষেদি বৈ যােৱা লুইতখন, বিস্তীর্ণ বালুকাবাজি, য’ত সূৰুযৰ প্ৰখৰ কিৰণ পৰি হাজাৰ হাজাৰ মৰীচিকাৰ সৃষ্টি হয়, য’ত—“লুইতৰে বালি বগী ঢকে ঢকি কাছই কণী পাৰে লেখি” নীলিমা-ৰঞ্জিত দুই পাৰৰ দূৰৰ মনােৰম পাহাৰবােৰ, হালি-জালি ৰঙতে বিভােৰ হােৱা কঁহুৱাৰ ফুলবােৰ, ফাগুনৰ বাউলী পছােৱাৰ ধাৰে ধাৰে অনাই-বনাই ফুৰা কমােৱা তুলাবােৰ, সন্ধিয়াৰ আকাশত দিগন্তৰ সীমা ভেদি উৰি যােৱা বগা বগলীৰ শাৰীবােৰ কেনে মনােৰম; চিত্তাকর্ষক।

বিস্তীর্ণ নল, খাগৰি, ইকৰা,খেৰণিৰ অৰণ্যবােৰ, তাৰ মাজে মাজে সর্পিল গতিৰে কুলু কুলু সুৰে নিৰৱচ্ছিন্নভাৱে অনন্ত উদ্দেশ্যি বৈ থকা জুৰিবােৰ সেই অৰণ্যৰ মাজে মাজে ঘাঁহ খাই ঘূৰি ফুৰা হাতী-গড়-মেঠোনৰপালবােৰ, নির্জন বিলৰ পাৰে পাৰে চৰি ফুৰা গাহৰি, হৰিণৰ জাকবােৰ, শুকান ঘাঁহনিৰ আঁৰ লৈ খাদ্যৰ সন্ধানত ঘূৰি ফুৰা টেকীয়াপতীয়া, নাহৰফুটুকী বাঘবােৰ, মেঘৰ গাজনিৰ চেৱে চেৱে চালি ধৰা ময়ূৰৰ নাচোনৰ চেওবােৰ—অসমৰ প্রাকৃতিক সৌন্দৰ্য্যৰ এটি এটি জ্যোতিপুঞ্জ। হাফলং অঞ্চলৰ শাৰী শাৰী বাঁহৰ জোপাবােৰ, অসমৰ গাওঁ-ভূঁইৰ তামােলৰ শাৰীবােৰ, পাহাৰৰ দাঁতিয়ে দাঁতিয়ে যােজন বিয়পা বাগিছাৰ জোপােহা জোপােহা চাহপাতৰ গছবােৰ, তাৰ মাজে মাজে প্ৰসাৰিত ডালে পাতে সুশােভিত শিৰীষ গছবােৰ সৌন্দৰ্য্যৰ অক্ষয় ভাণ্ডাৰ।

লুইতৰ বুকুৰ মাজত শ্যামল ঘাঁহনিৰে ঢকা চাপৰিবােৰ, লুইতৰ ৰূপালী পানীৰে পৰিৱেষ্টিত ভস্মাচল পাহাৰটি নিখিল নীলিমা ব্যাপী স্ৰষ্টাৰ গৰিমাৰ মহিমাৰ ধ্বজাবাহী নীলা নীলা উত্তুঙ্গ গিৰিশৃঙ্গবােৰ, শাৰী শাৰী গিৰিমালাবােৰ, শাৰী শাৰী পাহাৰৰ মাজৰ ঠেক, দ উপত্যকাবােৰ সৌন্দৰ্য্যৰ একোটি একোটি স্ফুলিঙ্গ।

মন্তব্যঃ মুঠ কথাত প্রকৃতিয়ে অসমীক এনে অপৰূপ, শ্যামলী, বিনন্দীয়া সাজেৰে সজাই দিপ লিপ্ সুন্দৰী কন্যা সজাই জিলিকাই ৰাখিছে যে ইয়াৰ অঙ্গে অঙ্গে মনােৰম শােভা, হিয়াৰ ৰন্ধ্রে ৰন্ধ্রে কমনীয় কান্তি। সৌন্দৰ্য্যৰ স্বর্গপুৰী, নীলিম অসম ভূমি প্রকৃতিৰ বৰ জীয়াৰী।

Leave a Comment

error: Content is protected !!
Scroll to Top