মোৰ প্ৰিয় গ্ৰন্থ ৰচনা – চিৰাজ | Mor Priya Grantha Chiraj Essay

মোৰ প্ৰিয় গ্ৰন্থ ৰচনা – চিৰাজ | তোমাৰ প্ৰিয় গ্ৰন্থ ৰচনা – চিৰাজ | Class 10 and 12 Assamese Essay | Mor Priya Grantha Chiraj Rosona | Essay on Chiraj | Tomar Priya Grantha | অসমীয়া ৰচনা | Essay on My Favourite Book ‘Chiraj’ in Assamese for Class 10 and 12


মোৰ প্ৰিয় গ্ৰন্থ – চিৰাজ

আৰম্ভণিঃ গ্রন্থ অধ্যয়ন এটা ভাল অভ্যাস। ই জ্ঞান লাভৰ পথে প্রশস্ত কৰে। গ্রন্থ। অধ্যয়ন প্রকৃততে এটা অভ্যাসত পৰিণত হ’লে ভৱিষ্যৎ জীৱনত গ্রন্থই প্রকৃত বন্ধু বুলি ধাৰণা হ’ব আৰু ইয়েই সকলাে ক্ষেত্রতে সহায়ক হৈ পৰিব। এই সমূহ উপদেশ শ্ৰদ্ধাৰ শিক্ষক-শিক্ষয়িত্ৰীসকলৰ পৰা সততে শুনি শুনি মােৰ গ্ৰন্থ অধ্যয়নৰ প্ৰতি ৰাপ বাঢ়ি যায়। সেয়ে আজৰি সময়ত পাঠ্য-পুথিৰ বাহিৰেও মই অনেক ন-পুৰণি গ্রন্থ পঢ়িছে। বিষয় অনুযায়ী প্রায় প্রতিখন গ্ৰন্থই মােক আকর্ষণ কৰে আৰু সেয়ে সেইবােৰ মােৰ প্রিয় গ্ৰন্থ

যিকেইখন উপন্যাস, গল্পপথি, জীৱনী, ভ্রমণ কাহিনী আৰু পদপুথিৰ কাহিনীমূলক পঢ়িছাে কম বেছি পৰিমাণে প্রায় কেইখনেই মােৰ মনত আনন্দ দান কৰিছে। ইয়াৰ বাহিৰেও মই নাটকো দুই চাৰিখন পঢ়িছো। এই নাটককেইখনৰ ভিতৰত নটসূর্য ফণী শৰ্মা ৰচিত ‘চিৰাজ’ নামৰ সামাজিক নাটকখনেই সঁচাকৈয়ে মােক বিশেষভাবে আকর্ষণ। কৰিছে। এই প্রিয় গ্রন্থখনৰ সম্পর্কেই ইয়াত লিখিবলৈ লৈছোঁ। 

গ্ৰন্থৰ নাম আৰু গ্ৰন্থকাৰৰ চমু সাহিত্যিক পৰিচয়ঃ নটসূর্য ফণী শৰ্মাৰ ৰচিত ‘চিৰাজ’ এখনি অতি মঞ্চ-সাফল্য নাট। ফণী শৰ্মাই এই নাটখনি বিখ্যাত গল্পকাৰ লক্ষীধৰ শৰ্মাৰ একে নামৰ গল্প এটিৰ পৰা কাহিনী গ্ৰহণ কৰি তাত কিছু মৌলিকত্ব খটুৱাই ৰচনা কৰিছে। এই কাহিনীৰ পৰা ফণী শৰ্মাই প্রথমে চিৰাজ’ কথাছবিখন নির্মাণ কৰে আৰু পিছত তাৰ নাট্যরূপ দিয়ে। ফণী শৰ্মা একেধাৰে কথাছবি পৰিচালক, নাট্যকাৰ, অভিনেতা, নৃত্যবিশাৰদ আৰু সাহিত্যিক। তেওঁ ‘চিৰাজ’ আৰু পিয়লি ফকুন’ কথাছবি পৰিচালনা কৰাৰ উপৰিও ১৬খন ছবিত অভিনয় কৰে। তেওঁৰ ৰচিত নাটসমূহ হ’ল –“চিজ’, ‘ভােগজৰা, ‘কিয়’, ‘এমুঠি চাউল’, ‘নাগপাশ’, ‘ক’লা বজাৰ’, ‘মায়ঙৰ বেজ’। অনূদিত দুখন নাট হ’ল— ‘এন ইন্সপেক্টৰছ কল’, ‘মিচৰ কুমাৰী। নৃত্যৰ পাৰদৰ্শিতাৰ বাবেই তেওঁক ‘নটসূর্য উপাধিৰে সন্মানিত কৰা হয়।

READ MORE  মোৰ জীৱনৰ লক্ষ্য ৰচনা | Mor Jibonor Lokkho Essay

গ্ৰন্থৰ বিৱৰণঃ বিষয়-বস্তু, চৰিত্ৰ আদি : ‘চিৰাজ’ এখনি সামাজিক মিলনান্তক নাট। ইয়াৰ কাহিনী চমুকৈ এনেধৰণৰ —আঢ্যৱন্ত চাহ-খেতিয়ক পৰিয়ালৰ উচ্চ শিক্ষিত একমাত্র ল’ৰা কন্দর্প পৰীক্ষাৰ পিছত কলিকতাৰ পৰা ঘৰলৈ আহি তেওঁলােকৰ ঘৰত আশ্রয় লােৱা আৰু কাম কৰাকৈ থকা গাভৰু ছােৱালী সাবিত্রীৰ লগত প্রণয় পাশত আৱদ্ধ হয়। সাবিত্রী অন্তঃসত্ত্বা হােৱাত এই কথা জানি কন্দর্পৰ মাক-দেউতাকে বুদ্ধি কৰি কন্দর্পক কলিকতালৈ পঠিয়াই দি সাবিত্রীক তেওঁলােকৰ বাগিচাতে কাম কৰা এজন মহৰীৰ ল’ৰালৈ বিয়া দিয়াৰ, সিদ্ধান্ত কৰে। এই কথা জানি কপই সাবিত্রীক লৈ পলাই যাবলৈ ইচ্ছা কৰিছিল যদিও সাবিত্রী এই কথাত ৰাজী নহ’ল আৰু সেই ৰাতিয়ে সাবিত্রী নিজেই পলাই আঁতৰি গ’ল।

সাবিত্রী পলাই গৈ দূৰ গাঁৱৰ এটা মছজিদৰ সমুখত অচেতন হৈ পৰি থাকিল। নিচেই পুৱাতে মছজিদলৈ নামাজ পঢ়িবলৈ অহা চিৰাজ নামৰ এজন বৃদ্ধলােকে সাবিত্রীক তেনে অৱস্থাত পৰি থকা দেখা পাই আন মানুহৰ হতুৱাই দাঙি নি নিজৰ ঘৰত ডাক্তৰ মাতি সুস্থ কৰি তােলে। তাৰ পিছত হিন্দুৰ ছােৱালী বুলি জানি হিন্দু গাঁৱত থ’বলৈ ইচ্ছা কৰিছিল যদিও চিৰাজৰ ঘৰৰ পৰা সাবিত্রী ক’লৈকো নাযাওঁ বুলি দৃঢ়ভাৱে ক’লে। একমাত্র কন্যা বিয়ােগত সন্তাপিত চিৰাজেও নিজৰ হেৰােৱা কন্যাটিকে পােৱা বুলি ভাবি আশ্রয় দিলে। সাবিত্রীয়ে কিন্তু নামটোত বাহিৰে কোনো পৰিচয় নিদিলে। ইতিমধ্যে কিছুদিন পিছতে,অন্তঃসত্ত্বা সাবিত্রীয়ে এটি কন্যা সন্তান জন্ম দিয়েই মৃত্যু মুখত পৰে! নিঠৰুৱা চিৰাজে তেওঁৰ ঘৰতে থকা ভনীয়েকৰ সহায়ত কন্যা সন্তানটি লালন-পালন কৰিলে।

কন্যাটিৰ মুছলমান নাম দিলে নৰ আৰু হিন্দু নাম দিলে সীতা। দৈৱক্রমে দই বছৰমানৰ পিছত সেই বাটেৰেই বাগিছালৈ যাওঁতে চিৰাজৰ ঘৰৰ সমখতে কন্দর্পৰ গাড়ী বেয়া হােৱাত সীতাৰ লগত কন্দর্পৰ লগালগি হয়। কন্দর্পৰ লগত আছিল তেওঁলােকৰ ঘৰৰ তলামহা জনা, কন্দর্পৰ প্ৰায় অভিভাৱক স্বৰূপ কামকৰা আঘােণা। সীতা আৰু চিৰাজৰ কথাৰ পৰা কন্দর্পৰ আৰু আঘােণাই সকলাে কথা জানিব পাৰি সীতাৰ দেউতাক বুলি কপই চিনাকি দিয়ে। কল্পই পিছত ঘৰত ক’ব নােরৰাকৈ গােপনে এক বন্ধুৰ ঘৰত ৰাখি সীতাক পঢ়ুৱায়। তাতেই অনিল নামৰ লৰা এজনৰ লগত সীতাৰ পৰিচয় ঘটে আৰু সীতাকবিয়া কৰাবলৈ। খোজে ! শেষত অনেক সংঘাতৰ মাজত সিহঁতৰ বিয়া হয়। থুলমূলকৈ কাহিনী এইখিনিয়েই।

READ MORE  মোৰ জীৱনৰ লক্ষ্য ৰচনা- চিকিৎসক | My Aim in Life Doctor Essay in Assamese

এই নাটখনিৰ প্ৰতিটো কথা আৰু কাৰ্য, চৰিত্রই অতি চিত্তাকর্ষক। ইয়াত হিন্দু-মুছলমানৰ মাজত ঐক্য-সংহতি, সংকীর্ণতা আৰু গােড়ামিৰ বিপৰীতে উদাৰ মনােভাব, মানৱতাবাদ আদি অংকিত হৈছে। চিৰাজ মুছলমান হৈয়াে হিন্দুৰ মন্দিৰ নিৰ্মাণ কৰিবলৈ মাটি আৰু টকা উদাৰচিতে দান কৰিছে। সাবিত্রীক আশ্রয় দিওঁতেও তেওঁ হিন্দু-মুছলমান বিচাৰ নকৰি মানুহ বুলিহে আশ্রয় দিছে। মুছলমানৰ ঘৰত জন্ম আৰু লালিত-পালিত হােৱা সীতাক হিন্দু ডেকা অনিলে বিয়া কৰাই এক নতুন আদর্শ স্থাপিত কৰিছে। সাবিত্রীৰ চৰিত্ৰয়াে দর্শক পাঠকক মােহিত কৰিব। কন্দর্পই পলুৱাই লৈ যাব বিচাৰােতে সাবিত্রীয়ে এনেদৰে কৈছিল –“আপােনাৰ দেউতাকে আমাক অশ্রয় দিছে। প্রতিদানত মই তেওঁলােকৰ একমাত্র সন্তানক বুকুৰ পৰা আজুৰি লৈ যাম? নহয়, নহয় ইমান অকৃতজ্ঞ মই নহওঁ। এনেদৰে অন্যান্য চৰিত্ৰৰাে কথা আৰু কাৰ্যই সততে আকর্ষণ কৰে।

প্রিয় হােৱাৰ কাৰণঃ নাটখনৰ ঘটনা আৰু চৰিত্ৰসমূহইে সমাজৰ কাৰণে এটা আদর্শ বহন কৰি আনিছে, যিটো আদর্শ আজিৰ সমাজত অতি প্রয়ােজন। ই হৈছে ধর্মীয় তথা সম্প্রদায়িক সম্প্রীতি, ঐক্য-সংহতি। ইয়াৰ উপৰি সংলাপ আৰু চাৰিত্রিক বৈশিষ্ট্যসমূহে গ্রন্থখনিক মােৰ অতি প্রিয় কৰি তুলিছে। 

সামৰণিঃ একোখন গ্রন্থ পঢ়াৰ পাছত এটা সুনির্দিষ্ট নীতি বা আদর্শ লাভ কৰি মনত অপাৰ আনন্দ লাগে, কিতাপখন পঢ়াৰ সার্থকতা লাভ কৰা যেন লাগে। গ্রন্থখন পঢ়ি তেনে এটা বিমল আনন্দ লাভ কৰিছোঁ।

Leave a Comment

error: Content is protected !!
Scroll to Top