বাতৰি কাকত ৰচনা | News Paper Essay in Assamese

বাতৰি কাকত ৰচনা | News Paper Essay in Assamese

বাতৰি কাকত ৰচনা  | বাতৰি কাকতৰ বিষয়ে ৰচনা | News Paper Essay in Assamese | Assamese essay on Newspaper | অসমীয়া ৰচনা বাতৰি কাকত | Assomiya Essay on Newspaper | অসমীয়া ৰচনা নিউজ পেপাৰ | Batori Kakot Essay in Assamese | Batori Kakot Rosona | Axomiya Batori Kakot Rosona | Asomiya Batori Kakot Rosona


বাতৰি কাকত ৰচনা

আৰম্ভণি

বাতৰি কাকত আধুনিক যুগৰ এক শক্তিশালী গণমাধ্যম। সমাজৰ বিভিন্ন স্তৰৰ মানুহৰ মাজত যোগসূত্ৰ ৰক্ষা কৰি ওচৰ সম্বন্ধ গঢ়ি তোলাৰ মাধ্যম হিচাপে বাতৰি কাকতে উল্লেখযোগ্য ভূমিকা পালন কৰি আহিছে। বাতৰি কাকতে জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাৰ লগতে বিভিন্ন দেশৰ বিষয়ে জনাৰো সুযোগ দিয়ে। লগতে সাহিত্য-সংস্কৃতিৰ লগতো মানুহক পৰিচয় কৰাই দিয়ে।

বাতৰি কাকত উৎপত্তিৰ ইতিহাস

বাতৰি কাকতৰ উৎপত্তি হৈছিল প্ৰথমে চীন দেশত। কাকত আৰু ছপাকলৰ আৱিষ্কাৰো হৈছিল চীন দেশতেই। ইউৰোপত ইটালীৰ ভেনিচ নগৰত প্ৰথমে বাতৰি কাকতৰ প্ৰচলন হয়। সেই বাতৰি কাকতখনৰ নাম আছিল “গেজেটা”। ইংলেণ্ডত ৰাণী এলিজাবেথৰ দিনত বাতৰি কাকত প্রথমে প্রকাশিত হয়।

ভাৰত তথা অসমত বাতৰি কাকত

ভাৰতৰ প্ৰথম বাতৰি কাকতখনৰ নাম আছিল “ইণ্ডিয়া গেজেট” (The India Gazette)। এইখন প্ৰকাশ পাইছিল ১৭৪৪ চনত। অসমত প্রথম বাতৰি কাকত প্রচলন কৰে খ্রীষ্টান মিছনেৰীসকলে ১৮৪৬ চনত। শিসাগৰৰ পৰা প্ৰকাশিত কাকত খনৰ নাম আছিল “অৰুণোদই”। ইয়াৰ পিছৰে পৰাই ইংৰাজী আৰু দেশীয় বিভিন্ন ভাষাত বাতৰি কাকত প্ৰকাশ হ’বলৈ আৰম্ভ কৰে। জনসাধাৰণ, দৈনিক অগ্রদূত, সাদিন, অসমবাণী, নিয়মীয়া বার্তা ইত্যাদি উল্লেখযোগ্য। অসমৰ পৰা প্ৰকাশিত ইংৰাজী ভাষাৰ কাকতৰ ভিতৰত The Assam Tribune, The Sentinel, The North East Times ইত্যাদিয়ে প্রধান।

বাতৰি কাকতৰ প্ৰকাৰভেদ

বিষয়বস্তু অনুযায়ী বাতৰি কাকত কেইবা প্ৰকাৰৰো আছে। যেনে— বাতৰি প্ৰধান কাকত, বাৰ্তা আৰু প্ৰবন্ধ মিশ্রিত কাকত, আলোচনী কাকত আদি। আনহাতে প্ৰকাশৰ অনুযায়ী বাতৰি কাকতক দৈনিক, তিনিদিনীয়া, সাদিনীয়া, পষেকীয়া আদি ভাগত সময় ভগাব পাৰি।

READ MORE  পৰিবেশ প্ৰদূষণ আৰু ইয়াৰ প্ৰতিকাৰ ৰচনা | অসমীয়া ৰচনা

বাতৰি কাকতৰ উপকাৰ

এখন বাতৰি কাকত সমাজৰ জাগ্ৰত প্ৰহৰীস্বৰূপ৷ দেশৰ প্ৰশাসন ব্যৱস্থাক ফলপ্রসূ কৰি তোলে এই বাতৰি কাকতে। বাতৰি কাকত হৈছে তথ্য, বিশ্লেষণ, শিক্ষা আৰু জ্ঞানৰ এক গুৰুত্বপূৰ্ণ আৰু জনপ্রিয় মাধ্যম। বাতৰি কাকতে সংবাদদাতাসকলৰো উপকাৰ সাধন কৰে, কাৰণ তেওঁলোকে বাতৰি কাকতত বাতৰি লিখি কর্মসংস্থান লাভ কৰে। আনহাতে, বিভিন্ন প্ৰান্তৰ আমোদ-প্রমোদ, খেলা-ধূলা, কৃষ্টি-সংস্কৃতি আৰু সমাজধাৰাৰ মনোৰঞ্জক বাতৰিবোৰো পৰিবেশন কৰি মানুহৰ মনোৰাজ্যত আনন্দৰ উদ্ৰেক কৰে। দূৰ-সুদূৰৰ বাতৰি থিতাতে দিয়াৰ পৰা সকলো লোক উপকৃত হয়। সেইবাবে পুৱা বাতৰি কাকতখন অহালৈ যেন সকলোৱে বাট চাই থাকে।

বাতৰি কাকতৰ অপকাৰ

কেতিয়াবা বাতৰি কাকতে উৰা বাতৰি, অবান্তৰ ঘটনা, কাল্পনিক কাহিনী আদি পৰিৱেশন কৰি জনগণক বিভ্ৰান্ত আৰু বিপথগামী কৰাও দেখা যায়। বিভিন্ন সময়ত ক্ষমতাশালী লোকে নিজৰ ন্যস্তস্বার্থ পূৰণৰ বাবে বাতৰি কাকতক ব্যৱহাৰ কৰে। বিভিন্ন কোম্পানীয়ে নিজৰ উৎপাদিত পণ্যৰ বিজ্ঞাপন বাতৰি কাকতৰ জৰিয়তে প্ৰচাৰ কৰি ৰাইজক প্রলোভিত কৰাও দেখা যায়।

বাতৰি কাকতৰ ভূমিকা

বাতৰি কাকত গণতান্ত্রিক দেশৰ সদা জাগ্ৰত প্ৰহৰী৷ কল্যাণকামী ৰাষ্ট্ৰত বাতৰি কাকত সমূহে অতি গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে৷ জনমত গঠন আৰু জনমত প্ৰকাশৰ বাবে বাতৰি কাকতৰ দৰে শক্তিশালী মাধ্যম আন একো নাই। প্রতিদিনে বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘটিত ঘটনা প্রবাহ, ৰাজনীতি, সমাজনীতি, অর্থনীতি, বিজ্ঞান, বেপাৰ- বাণিজ্য, শিক্ষা, সংস্কৃতি, আমোদ-প্রমোদ, খেলা-ধূলা আদি সকলো দিশৰ বাতৰি তথ্যভিত্তিক ভাবে পৰিবেশন কৰি জনসাধাৰণক জাগ্ৰত কৰি ৰাখে৷ তাৰোপৰি বাতৰি কাকতৰ লগত জড়িত হৈ বহুলোকে নিজৰ জীৱিকাৰ পথ উলিয়াব পাৰিছে।

উপসংহাৰ

বাতৰি কাকতৰ উপকাৰ অপকাৰ দুয়োটা দিশেই আছে যদিও বাতৰি কাকতক বাদ দি আধুনিক সমাজ চলিব নোৱাৰে। সেইবাবে বাতৰি কাকতে যাতে অন্ধকাৰৰ গহ্বৰত নোসোমাই মুক্ত আৰু নিৰ্ভীকভাৱে জনসাধাৰণৰ সেৱা আগবঢ়াব পাতে তাৰ ওপৰতহে গুৰুত্ব দিব লাগে। বাতৰি কাকত সৰ্বসাধাৰণৰ মাজত শিক্ষা আৰু জ্ঞান বিস্তাৰৰ উত্তম আহিলা। ছাত্ৰ-ছাত্ৰী সকলৰ বাবেও বাতৰি কাকতত সুকীয়া শিতান থাকে।

READ MORE  সৰস্বতী পূজা ৰচনা | Saraswati Puja Essay in Assamese

গতিকে ছাত্র-ছাত্রী সকলেও নিয়মিয়াকৈ বাতৰি কাকত পঢ়াটো নিতান্তই প্রয়োজন। মুঠতে কম সময়তে দেশ বিদেশৰ খা-খবৰ, সাময়িক ঘটনা প্রবাহ, আৰু জ্ঞান- বিজ্ঞানৰ অগ্ৰগতিৰ বুজ লোৱাত বাতৰি কাকতে যথেষ্ট সহায় কৰে। বাতৰি কাকত সমূহে যাতে নিৰ্ভীক আৰু নিৰপেক্ষভাবে বাতৰি পৰিবেশন কৰি জনসাধাৰণৰ সেৱাৰ মনোভাবেৰে পবিত্ৰ দায়িত্ব পালন কৰে, সেয়াই সকলোৰে কাম্য। 

Leave a Comment

error: Content is protected !!
Scroll to Top